Life is a festival only to the wise. ~Emerson
সাধাৰণ অৰ্থত সমাজ-জীৱনক আনন্দময় ৰসেৰে জীপাল কৰি
তোলাই উৎসৱ উদ্যাপনৰ লক্ষ্য৷ সেয়েহে অতি আদিম কালৰ পৰাই উৎসৱ মানুহৰ জীৱনৰ অংগাংগী
হৈ ৰৈছে৷ বিনোদনৰ প্ৰতি উৎপন্ন হোৱা সহজাত ভালপোৱা আৰু আকৰ্ষণৰ কল্পেই ব্যস্ততাপূৰ্ণ
দৈনন্দিনৰ পৰা ক্ষণিকৰ বাবে সুঁতি সলাই হ’লেও উৎসৱক আঁকোৱালি লয় মানৱ মনে৷ আনন্দ কৰাটো নিশ্চিতভাৱেই
যিকোনো সমাৰোহৰে এক পৰিচিত দৃশ্য৷
পূৰ্ণ পৰ্যায়ৰ ৰং-ৰহইচেই উৎসৱৰ বাহ্যিক মূল৷ অথচ
সামাজিক সুস্থিৰতা, একত্ৰিকৰণ, একাত্মবোধ ইয়াৰ কেতবোৰ মন কৰিবলগীয়া দিশ যাৰ পৃষ্ঠপটত
উৎসৱ হৈ উঠে স্বকীয় মহিমাৰে মণ্ডিত৷ নৃত্য-গীত-বাদ্যৰ সমাহাৰৰ বাদেও মেলা-ভোজন-প্ৰদৰ্শনী,
খেল-ধেমালি, প্ৰতিযোগিতা-অভিনয়-বিচিত্ৰানুষ্ঠান, সভা-আলোচনা, শোভাযাত্ৰা-সম্বৰ্ধনা,
আৰম্ভণী-সামৰণী অনুষ্ঠান ইত্যাদি নানানটা বহুমাত্ৰিক কাৰ্যক্রমণিকা আধুনিক যুগৰ উৎসৱৰ অংশবিশেষ,
যিবোৰে উছৱৰ ৰং-চ’ৰা কৰি তোলে মহৎ, বৃহৎ আৰু ঐতিহ্যপূৰ্ণ৷
উৎসৱৰ উৎপত্তি আৰু ক্রমবিকাশৰ ইতিহাস সুপ্ৰাচীন৷
মানুহৰ অৱস্থিতি, প্ৰব্ৰজন, সংমিশ্ৰণ, আদান-প্ৰদান, গ্ৰহণ-বৰ্জন প্ৰক্রিয়াৰ মাজত উৎসৱেও
ৰূপ সলাই সীমাৰ পৰিধি ভাঙি বৰ্ণাঢ্য চৰিত্ৰ পৰিগ্ৰহ কৰিছে৷ সেয়েহে কোৱা হয় উৎসৱৰ ইতিহাস
লোক-প্ৰব্ৰজন আৰু সংহতি-সমন্বয়ৰ অনন্ত ইতিহাস৷ আকাংক্ষিত আবেগ সৃষ্টি আৰু প্ৰকাশ, সম্ভাৱনাৰ
প্ৰদৰ্শন, গুণগত দিশৰ বহিঃপ্ৰকাশ সেই ইতিহাসৰ সৈতে সম্পৃক্ত৷
উৎসৱৰ সংজ্ঞা সম্পৰ্কত এগৰাকী পণ্ডিতে কৈ গৈছে
যে বিশেষ ধৰণৰ তাৎপৰ্যপূৰ্ণ সময়ত অনুষ্ঠিত অনুষ্ঠানৰ পৌনঃপুনিকতাই উৎসৱ৷ বিভিন্নজনে
এইবুলিও স্পষ্ট কৰি দিছে যে আধুনিক উৎসৱ-অনুষ্ঠানসমূহ মানৱৰ দ্বাৰা অনুষ্ঠিত ঐন্দ্ৰজালিক
ক্রিয়া-কাণ্ডৰ উত্তৰজীৱিতা৷ ৰবীন্দ্ৰনাথে ক’বৰ দৰে, ‘উৎসৱ হৈছে জীৱনৰ কবিত্ব, য’ত ৰস তাতেই তাৰ প্ৰকাশ; সমস্ত
বিষয়টোৱেই হৈছে নবীনতাৰ উপলব্ধি৷’ জীৱনৰ যিবোৰ ঘটনাক আমি উৎসৱত পৰিণত কৰোঁ, তাৰ প্ৰতিটোতে আমি বিশ্ব-মানৱৰ
গৌৰৱ অৰ্পণ কৰাৰ চেষ্টাই কৰোঁ৷
উৎসৱৰ আটাইবোৰ কাৰ্যসূচীৰে উদ্দেশ্য হ’ল তাত অংশ গ্ৰহণ কৰা সকলোৱে বিচৰা
অনুকূল পৰিস্থিতিক প্ৰতীকাত্মক ৰূপত প্ৰতিভাত কৰা৷ তেনে উচ্ছ্বসিত উপভোগৰ অভ্যন্তৰতে
নিহিত হৈ থাকে শান্তি কামনা৷ মানুহ মাত্ৰেইযে শান্তিপ্ৰিয়৷ সেয়ে উৎসৱ-অনুষ্ঠান ব্যৱস্থাৰ
অন্তৰালতো আছে শান্তি-সম্প্ৰীতি-প্ৰগতিৰ প্ৰতি মানুহৰ মুক্ত সমৰ্থন৷ শান্তি-সম্প্ৰীতি-প্ৰগতিৰ
পটভূমিতেই উৎসৱৰ আয়োজন চলে৷ যুগৰ জপনা পাৰ হৈ অগ্ৰগামী হোৱা মানুহৰ বাবে এয়াই সত্য,
এয়াই সুন্দৰ৷
মহামিলনৰ সেতু নিৰ্মাণত সহায়ক উপাদান হিচাপে উৎসৱে
ক্রিয়া কৰে৷ জাতি-বৰ্ণ, ধৰ্ম-সম্প্ৰদায়, ভাষা-জীৱনচৰ্যা ব্যতিৰেকে নিৰপেক্ষ মিলন-ক্ষেত্ৰলৈ
ৰূপান্তৰ সাধক হৈছে উৎসৱসমূহ৷ সামাজিক স্তৰত সমূহীয়াভাৱে আনন্দ কৰিবলৈ সুযোগ প্ৰদান
কৰাটো উৎসৱৰ উদ্দেশ্য৷ যৌথ, পুনঃপুনঃ, যোগাত্মক, একনিষ্ঠ আৰু দায়বদ্ধতাপূৰ্ণ কাৰ্যকলাপৰ
দ্বাৰা সামাজিক একত্ৰিকৰণৰ এনে প্ৰচেষ্টাৰ জৰিয়তে ব্যক্তিয়ে নিজৰ স্থিতিৰ লগে লগে ভৱিষ্যতৰ
পথ নিৰ্দেশনাও বিচাৰি পায়৷
উৎসৱসমূহ একোটা জাতিৰ সংস্কৃতিৰ দাপোণ৷ জনগণৰ মাজত
প্ৰচলিত পৰিয়ালকেন্দ্ৰিক, গাঁওকেন্দ্ৰিক, সমাজকেন্দ্ৰিক, জাতীয় বা ৰাষ্ট্ৰীয়, ক্ষেত্ৰভিত্তিক,
কালকেন্দ্ৰিক যিয়েই নহওক কিয়; যোগদান অল্পসংখ্যকৰেই হওক বা বৃহদাংশৰেই হওক, সকলোতেই
প্ৰকৃততে সাৰ্বজনীনতা বিৰাজমান; অৰ্থাৎ, ক্ষুদ্ৰতাৰ মাজত উৎসৱ আবদ্ধ হৈ নাথাকে৷ জনগণৰ
প্ৰাণৰ পৰা উজাৰি ওলোৱা আৱেগ-অনুৰাগৰ খলকনিৰে প্ৰোজ্জ্বল, মানুহৰ সভ্যতা আৰু সাংস্কৃতিক
উৎকৰ্ষতাৰ চানেকী এই নিৰ্মল আনন্দৰ সঁফুৰা ক্রমবিকশিত সমাজৰে পৰিচায়ক যি প্ৰাণত নতুন
জাগৃতি সঞ্চিত কৰোৱায়, উজ্জ্বল সম্ভাৱনাৰে জীৱনক ন-ৰূপত চাবলৈ শিকায়৷
জাতি-জনগোষ্ঠীৰ মাজত সুসমন্বয় প্ৰতিষ্ঠা, সম্পদ-সম্ভাৱনাৰ
প্ৰচাৰ-প্ৰসাৰ, সমৃদ্ধিৰ সোপান ৰচনাত উৎসৱৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ৷ অসূয়া-অপ্ৰীতি,
হিংসা-সংঘৰ্ষৰ ধামখুমীয়াৰ অন্তত প্ৰহেলিকাৰ পতন আৰু বিশ্বাস-আন্তৰিকতাৰ কষ্টসাধ্য স্থাপনৰ
পিছত আনন্দৰ আগমন সুন্দৰৰে অনন্যসাধাৰণ ৰূপ৷ ইয়াৰ পৰা শিক্ষা, শক্তি আৰু একাগ্ৰতা আহৰণেৰে
সুশৃংখলিত হৈ, যোগাত্মক আদান-প্ৰদান-সহাৱস্থানৰ
যোগেদি পাৰস্পৰিক বান্ধোন কটকটীয়া কৰি উন্নতিৰ স্বপ্ন দেখিব পৰাতেই লুকাই আছে কৃতকৰ্মৰ
সফলতা৷ উৎসৱক কেন্দ্ৰ কৰিয়ে জনগণমনৰ আৱেগ নিৰ্ধাৰক অনুভূতিক পুনৰুজ্জীৱিতকৰণেৰে প্ৰেম
আৰু ভাতৃত্ববোধৰ অন্তঃসলিলা ফল্গুধাৰা নতুন গতিৰে প্ৰৱাহিত হোৱাৰ পক্ষত এক সুস্থিৰ
গণ-সচেতনতা সৃষ্টি হ’ব পাৰে বুলি আমাৰ বিশ্বাস৷
(ৰচনা : ২০০৭চন)
No comments:
Post a Comment