Wednesday, 2 April 2014



অৰ্কিড : চমু তথ্যভিত্তিক অৱলোকন...
উজ্জ্বল ৰং আৰু বিচিত্ৰ আকৃতিৰ ফুল ধৰা আৰু বায়ুৰ পৰা আহাৰ গ্ৰহণ কৰা একশ্ৰেণীৰ অলংকৃত উদ্ভিদকে অৰ্কিড বোলা হয়৷ গ্ৰীক শব্দ ORCHISৰ পৰাই অৰ্কিড নামৰ উৎপত্তি৷ উদ্ভিদ বিজ্ঞানৰ জনক থিওফ্ৰেষ্টাছে (খ্ৰীষ্টপূৰ্ব ৩৭২-২৮৭) এই নামকৰণ কৰে৷ পৃথিৱীত যিমানবোৰ পুষ্পধাৰী উদ্ভিদ আছে সেইবিলাকৰ আটাইতকৈ সুন্দৰ ফুলবোৰৰ ভিতৰত অৰ্কিড অন্যতম৷ সপুষ্পক উদ্ভিদৰ সাত শতাংশই ইয়াৰ দ্বাৰা অধিকৃত৷ অৰ্কিডজাতীয় উদ্ভিদত ফুলা ফুলৰ দৰে অসাধাৰণ দেহ গঠন, বৈচিত্ৰ্যময় সৌন্দৰ্য আৰু সুগন্ধ আনকি বহুতো নামী-দামী ফুলৰ ক্ষেত্ৰতো বিৰল৷ অৰ্কিড উচ্চাংগ পৰ্যায়ৰ, একবীজপত্ৰী, তৃণজাতীয়, পৰাশ্ৰয়ী নাইবা স্থলজ উদ্ভিদ৷ পচা গছ বা পুৰণি গছৰ অংশ, মাটি, পাথৰ আদিয়ে অৰ্কিডৰ উৎপত্তি আৰু বসতি স্থল৷ গা-গছ, ঠাৰি, পাতৰ গঠনৰ ক্ষেত্ৰত থকা নিজস্ব বৈশিষ্ট্যৰে উদ্ভিদ জগতত ই এক সুকীয়া আসন অধিকাৰ কৰিছে৷ আনহাতে নানা আকাৰ, আকৃতি আৰু বৰণীয়া পুষ্প ধাৰণেৰে উদ্ভিদ বিজ্ঞানী আৰু প্ৰকৃতিপ্ৰেমী উভয়ৰে মনত কৌতূহলৰো সৃষ্টি কৰিছে৷ এণ্টাৰ্কটিকাক বাদ দি সমগ্ৰ বিশ্বতে অৰ্কিডৰ অস্তিত্ব বিৰাজমান৷ সংকৰ প্ৰজাতিকে ধৰি বৰ্তমান পৃথিৱীত পোৱা অৰ্কিডৰ প্ৰজাতিৰ সংখ্যা ২৫,০০০ৰ পৰা ৩৫,০০০টা৷ প্ৰাপ্ত তথ্য অনুযায়ী সম্প্ৰতি ভাৰতবৰ্ষত ১,২০০টা প্ৰজাতিৰ অৰ্কিড আছে৷ বনাঞ্চলৰ ধ্বংসযজ্ঞ আৰু চোৰাং ব্যৱসায়ৰ বাবে ইয়াৰ ১৫০টা প্ৰজাতি লুপ্ত হোৱাৰ উপক্রম হৈছে৷ উত্তৰ পূৰ্বাঞ্চলত অৰ্কিডৰ ৮০০টা প্ৰজাতি পোৱা গৈছে৷ তাৰে অৰুণাচল প্ৰদেশত সৰ্বাধিক ৪৫০-৫০০টা, মেঘালয়ত ২৬৫টা, নাগালেণ্ডত ২৩৮টা, মিজোৰামত ১৫০-১৮০টা, ত্ৰিপুৰাত ৫০টা প্ৰজাতি আছে৷ অসমত পোৱা হৈছে প্ৰায় ১৮৫বিধ৷ উত্তৰ পূৰ্বাঞ্চলত অধুনালুপ্ত প্ৰজাতিৰ সংখ্যা হ’ল ১৮টা, ৩৪টা বিলুপ্তিৰ পথত৷

উদ্ভিদ বিজ্ঞানৰ দৃষ্টিৰে কপৌফুল...
কপৌফুল উত্তৰ পূৰ্বাঞ্চলত সহজেই পোৱা এবিধ মনোমোহা অৰ্কিড৷ ইহঁত পৰাশ্ৰয়ী আৰু বায়ুমণ্ডলৰ পৰা প্ৰয়োজনীয় আহাৰ সংগ্ৰহ কৰা এপিফাইটছ প্ৰজাতিৰ সপুষ্পক উদ্ভিদ৷ ইয়াৰ পাতৰ বৰণ সেউজীয়া, আকাৰ দীঘলীয়া, মিহি, ডাঠ আৰু ৰসাল৷ উত্তৰ পূৰ্বাঞ্চলত ৬৫০বিধৰো বেছি কপৌফুল পোৱা যায়৷ তাৰ ভিতৰত ৭৬বিধ সম্পূৰ্ণ থলুৱা বুলি ঠাৱৰ কৰা হৈছে৷ অসমৰ পৰ্বত-ভৈয়াম সকলোতে ইয়াক পোৱা যায়৷

দ্বৈৰাশিক নামকৰণ অনুযায়ী অসমত পোৱা উদ্ভিদজোপাৰ বৈজ্ঞানিক নাম Rynchostylis Retysa৷ ই এৰিডিছ গোষ্ঠীৰ অন্তৰ্ভুক্ত বান্দা বা ভিণ্ডাজাতীয় গছ৷ আন গছৰ গাত বা মৃত বাকলিত ইহঁতে এবিধ অস্থানিক মূল (খামোচা মূল)ৰ সহায়ত বতাহ-বৰষুণত পৰি নোযোৱাকৈ খামোচ মাৰি ধৰি থাকে৷ পৰাশ্ৰয়ী উদ্ভিদ যদিও পোষক অৰ্থাৎ আশ্ৰয়দাতা বৃক্ষৰ পৰা ই আহাৰ শোষণ নকৰে৷ ইহঁত স্বপুষ্ট বা স্বভোজী৷ শূন্যত দীঘলীয়াকৈ ওলমি থকা অন্য এবিধ অস্থানিক শিপা (বায়ব মূল)ৰ কলাকোষ বা টিচু (ভেলামেন)ৰ সহায়ত বায়ুমণ্ডলৰ পৰা জলীয় বাষ্প আৰু কাৰ্বন ডাই-অক্সাইড গেছ শোষণ কৰি পাতত থকা পত্ৰহৰিতে সালোক-সংশ্লেষণ পদ্ধতিৰে খাদ্য তৈয়াৰ কৰে৷ মাটিৰ সৈতে সংযোগ নথকা হেতুকে পানীৰ কাৰণে ইহঁতে প্ৰধানকৈ বৰষুণ নাইবা নিয়ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ বেছিভাগ ক্ষেত্ৰতে অংগজ প্ৰজননৰ দ্বাৰা ইহঁতৰ বংশবৃদ্ধি হয়৷ মাৰ্চ-এপ্ৰিল মাহত ই ফুলে৷ ইয়াৰ অজস্ৰ পাহিৰে ভৰা, লাহী দেহৰ, বগা-বেঙুনীয়া-গুলপীয়া আটকধুনীয়া ফুলপাহেই কপৌফুল৷ পাতৰ গুৰি অংশইদি ই তললৈ দীঘলীয়াকৈ বায়ুত দুলি থাকে৷ এজোপা উদ্ভিদতে কেইবাপাহো ফুলে আৰু ভালেকেইদিনলৈকে সজীৱ হৈ থাকে৷

ষোড়শ শতিকাৰ আগভাগতে ইউৰোপত কপৌফুল পোনপ্ৰথমে আৱিষ্কৃত হৈছিল৷ ১৯৫৬চনত প্ৰথম বৰ্ণসংকৰ প্ৰজাতিৰ কপৌফুল সৃষ্টি কৰা হয়৷ কৃত্ৰিম প্ৰজননৰ দ্বাৰা সৃষ্ট কপৌফুলৰ বৰ্তমান প্ৰজাতিৰ সংখ্যা ৮,০০০৷ কলাকৰণ প্ৰক্রিয়াৰ জৰিয়তে আধুনিক যুগৰ বিজ্ঞানীসকলে টেষ্ট টিউবতো কপৌফুল ফুলাবলৈ সক্ষম হৈছে৷

চেনেহৰ অৰ্কিড : কপৌফুল...
কপৌফুল অসমীয়াৰ চিৰপৰিচিত আৰু সবাতোকৈ চেনেহৰ অৰ্কিড৷ অসমৰ লোক-সংস্কৃতিৰ সৈতে ই ঘনিষ্ঠভাৱে জড়িত৷ ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে কপৌপাহিয়ে অপূৰ্ব সৌন্দৰ্যৰে প্ৰকৃতিৰ বুকুত আত্মপ্ৰকাশ কৰে৷ কুসুমাকৰৰ কোমল পৰশ পাই ফুলি উঠা ৰঙীণ কপৌপাহি বসন্ত ঋতুৰ এক জীৱন্ত প্ৰতিনিধি, অপৰূপ ৰূপেৰে প্ৰকৃতি দেৱীয়ে পৰিধান কৰা ন-সাজৰ কাৰুকাৰ্যখচিত মূল্যবান ভূষণ৷

অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুটিৰ সৈতে কপৌফুলৰ ওতপ্ৰোত সম্পৰ্ক সৰ্বজনবিদিত৷ চ’ত-ব’হাগ অৰ্থাৎ বিহুৰ সময়ৰ সৈতে সামঞ্জস্য ৰাখি কপৌৱে পাহ মেলে৷ যেন ৰঙালী বিহুৰ আগজাননীহে দিয়ে৷ অসমীয়া জাতীয় জীৱনৰ সৈতে সাঙোৰ খাই থকা এই আনন্দোৎসৱত কপৌৰ আদৰ কিমান তাৰ প্ৰকাশ বিহুনামসমূহত বিদ্যমান৷ বিহু নাচনীয়ে অতি হেঁপাহেৰে আলফুলীয়া বন্ধনেৰে ইয়াক কলডিলীয়া খোপাত মেৰিয়ায়৷ দীৰ্ঘদিন ধৰি সতেজ হৈ থকা কপৌপাহিৰ অতুলনীয় সৌন্দৰ্যই নাচনীৰ লাহতী খোপাৰ ৰূপত ৰহণ চৰায়৷ নাৰীৰ খোপাত নাহৰ, তগৰ বা অন্য যিকোনো ফুলতকৈ কপৌফুলেহে অধিক শুৱায়৷ আনহাতে কপৌফুল কেৱল সাধাৰণ ৰূপসজ্জাৰ বছৰেকীয়া সম্বলেই নহয়, ইয়াৰ অন্তৰালত ঐতিহ্য আৰু বিশেষ অৰ্থও বিদ্যমান৷

প্ৰেমৰ প্ৰতীকৰূপে কপৌফুল অসমীয়া সমাজত স্বীকৃত৷ কপৌফুল গোপন মৰমৰ দূত, যাৰ প্ৰতিটো পাহিতে আছে প্ৰণয় আৰু কৰুণাৰ সংবাদ৷ সেয়ে ইয়াৰ স্থান অসমীয়াৰ হৃদয়ত৷ প্ৰেমিক-প্ৰেমিকাই বিহুৰ সময়ত ইজনে-সিজনক কপৌফুল যাচি শুভেচ্ছা বিনিময় কৰে৷ হিয়াৰ বতৰা জনায়৷ হৃদয়ত নিভৃতে সাঁচি ৰখা অকৃত্ৰিম, নিভাঁজ মৰমখিনি যেন কপৌধাৰিতেই সযতনে সুমুৱাই থোৱা থাকে৷ যৌৱনৰ ঋতু ব’হাগত মনৰ মানুহে যাচি দিয়া কপৌপাহিৰ মূল্য সতকাই উপলব্ধি কৰাটো যাচোঁতা আৰু লওঁতাৰ বাদে আনৰ বাবে সহজসাধ্য নহয়৷ সেয়ে বিহুৱা ডেকাই পাহাৰ বগাই কষ্টেৰে বিচাৰি অনা কপৌফুল আলফুলে গুজি দিয়ে মনে বিচৰা বিহুৱতীৰ নেঘেৰি খোপাত৷ বিহুৰ দিনা স্বামীয়ে স্ত্ৰীক বিহুৰ বিশেষ উপহাৰ হিচাপে সাগ্ৰহে কপৌফুল পিন্ধায়৷ গাভৰুৰ মন-প্ৰাণত প্ৰেমৰ জোৱাৰ তোলা এই ফুল মিলন-ঋতু বসন্তত দিয়া মৰমৰ চিন৷ প্ৰজননৰ প্ৰতীক স্বৰূপেও ই সমাজত সমাদৃত৷ আঁহতৰ ডাল বগাই সংগ্ৰহ কৰি অনা কপৌফুল বিহু-নাচনীৰ খোপাত পিন্ধোৱাত গৰ্ব আৰু সাহসৰ লগতে আত্মসন্মানবোধ  নিহিত হৈ থাকে৷ তদুপৰি এয়া যেন নিভাঁজ প্ৰেমৰ পৱিত্ৰ অনুভূতি৷ সেয়েহে কপৌফুল যৌৱনৰো প্ৰতীক৷

সৌন্দৰ্যৰ দিশৰ পৰা প্ৰাধান্য অপৰিসীম যদিও কপৌৰ শিপা আৰু ফুল উভয়ৰে ঔষধি গুণাগুণো যথেষ্ট গুৰুত্বপূৰ্ণ৷ উত্তৰ পূৰ্বাঞ্চলত প্ৰাপ্ত ২৫বিধ কপৌফুল ভেষজ গুণসম্পন্ন৷ ইয়াৰ গুণ তিক্ত, গুৰু, উষ্ণবীৰ্য, আমপাচক৷ ইয়াৰ শিপা হাড়ৰ বেমাৰৰ ভাল ঔষধ বুলি ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ৰ নিদানসমূহত উল্লেখ আছে৷ মঙলবাৰ বা শনিবাৰে বিহু অনুষ্ঠিত হ’লে কপৌৰ শিপা ছিঙি আনি খুন্দি ৰস চেলেকিলে বছৰটোৰ কাৰণে হেনো হাড়ৰ বেমাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ আনহাতে বিষাক্ত সাপ, বিছা বা এন্দুৰে কামুৰিলে গন্ধযুক্ত কপৌফুলৰ ৰস ব্যৱহাৰ কৰিলে বিষ-কোপ নাশ হয়৷ ইয়াৰ ৰসে জণ্ডিজ ৰোগকে ধৰি কফ, বায়ুবিকাৰ, শ্বাস, বাতৰক্ত, বাতশূল, পেটৰ অসুখ, কাহ, জ্বৰ, বিষ, বাতৰোগ ভাল কৰিব পাৰে বুলিও জনা যায়৷ কাণৰ বিষ, কাণৰ পৰা পূঁজ ওলোৱা আদি ই নাইকিয়া কৰিব পাৰে৷ সৌন্দৰ্যবৰ্ধক আৰু ঔষধি এই দুই প্ৰধান গুণৰ পিছতে সুগন্ধি আৰু ৰং প্ৰস্ততকৰণতো কপৌফুলজাতীয় অৰ্কিড ব্যৱহাৰ কৰা হয়৷চ’তৰ বিহুৰ লোকচাৰ অনুসৰি কপৌফুল পুৰুষে ছিঙি আনি নাৰীক খোপাত গুজিবলৈ দিয়া নিয়ম৷ নাৰীয়ে নিজে ছিঙি খোপাত পিন্ধিলে স্বকুল বিনাশ হয় বুলি আদিম কালৰে পৰা প্ৰচলিত লোক-বিশ্বাস আছে৷ আনহাতে নাৰীৰ খোপাৰ পৰা সৰি পৰা গেজেংফুল পলকতে বুটলি লৈ সেই ফুলেৰে ঔষধ প্ৰয়োগ কৰি বিহুৱা ডেকাই নাচনীৰ মন মোহাৰ কথা কোনেনো নাজানে বাৰু?

ব্যক্তিগত জীৱনত কপৌফুল...
কপৌফুল ব্যক্তিগত জীৱনৰ সৈতেও বিজড়িত৷ বহুতৰ ই প্ৰিয় ফুল৷ বহুতো গৱেষকৰ ই গৱেষিত বিষয়, প্ৰকৃতিপ্ৰেমীৰ কৌতূহলৰ প্ৰশ্ন, ফুলপ্ৰেমীৰ স্বপ্ন, কবিৰ কবিতাৰ উৎস, গীতিকাৰৰ গীতৰ ভাষ্য, আলোকচিত্ৰীৰ কেমেৰাৰ লক্ষ্য, শিল্পীৰ দৃশ্যপটৰ অংগ৷ এনেকৈয়ে নানাজনৰ বাবে ই হৈ পৰিছে সৃষ্টিশীল কৰ্মৰ সমল৷

দৃষ্টিনন্দন এই ফুল অতীজত ভাৰতীয় নাৰীয়ে পৱিত্ৰতা আৰু নাৰীত্বৰ প্ৰতীক হিচাপে ধাৰণ কৰিছিল বুলিও জনা যায়৷ কেৰালাৰ কৃষিভিক্তিক উৎসৱ ওনামত মহিলাসকলে খোপাত কপৌজাতীয় ফুল পিন্ধে৷ চীন, জাপান, থাইলেণ্ড আদি দেশতো কপৌফুলক অতি মৰ্যাদাসম্পন্ন ফুল বুলি গণ্য কৰা হয়৷ সন্তানহীনা মহিলাক স্বামীয়ে এপাহ কপৌফুল দিলে সন্তানসম্ভৱা হয় বুলি চীনদেশীয় লোক-বিশ্বাস আছে৷ বৰ্ণিঅ’ দ্বীপৰ অধিবাসীসকলে বিশ্বাস কৰে যে কপৌফুল হাতত থাকিলে ভূত-প্ৰেত লম্ভিব নোৱাৰে৷ থাইলেণ্ডত কপৌফুল উপহাৰ হিচাপে দিয়াটো এক পৰম্পৰা৷ গ্ৰীকসকলে কপৌফুলক কামোদ্দীপক বুলি বিশ্বাস কৰে৷ যৌনাকাংক্ষা বৃদ্ধি আৰু যৌনৰোগ নিৰাময়ৰ বাবে অতীতত গ্ৰীচত কপৌফুল ব্যৱহাৰ কৰা হৈছিল৷ কীৰ্তন পুথিৰ দিব্য উপবনৰ বৰ্ণনাৰ উপৰি বেদতো এই ফুলৰ উল্লেখ নথকা নহয়৷ সমগ্ৰ বিশ্বৰে লোক-সংস্কৃতিত কপৌফুলৰ প্ৰাধান্য বিৰাজমান৷ কপৌফুলজাতীয় অৰ্কিড প্ৰজনন শক্তিদায়ক আৰু মংগলময় বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে৷ সেয়েহে ইউৰোপৰ দ্ৰুইডসকলে ইয়াক বিশেষ সন্মানৰ চকুৰে চাইছিল৷ দিন-বাৰ চাই সংগ্ৰহ কৰিছিল৷ এই উদ্ভিদৰ তলত গাভৰুক আলিংগন কৰাত বাধা-নিষেধ নথকা বুলি ইউৰোপত জনবিশ্বাস প্ৰচলিত আছিল৷ কম্বোডিয়াত তেঁতেলী গছত গজা কপৌফুল বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ থিয় দুপৰীয়া মাটিৰ পাত্ৰত সেই কপৌফুল সংগ্ৰহ কৰি তাৰ পৰা সুৰাজাতীয় ৰস উৎপাদন কৰা হৈছিল, যাক পিছত অমৃত বিবেচনাৰে সমাজত ব্যৱহাৰ কৰিছিল৷

ভিন্ন স্থান ভিন্ন নাম...
প্ৰতিজন অসমীয়াৰ মনত পুলক সৃষ্টি কৰি অবুজ শিহৰণ জগোৱা এটি নাম কপৌ৷ ভাৰতবৰ্ষৰ স্থানবিশেষে কপৌফুলক ভিন্ন ভিন্ন নামেৰে জনা যায়৷ হিন্দী ভাষাত ই ৰাসন, ৰহসনী, ৰাস্না আদি নামেৰে জনাজাত৷ মহাৰাষ্ট্ৰত নাবলিচ্যা, মুল্যা নামে পৰিচিত৷ মাৰাঠী ভাষাত বন্দে বুলিও কয়৷ গুজৰাটত ইয়াক ৰাসনা বোলা হয়৷ বাঙালী আৰু পাঞ্জাৱীসকলে ৰাস্না বোলে৷ কৰ্ণাটকতো ৰাস্না বুলি কয়৷ মালায়ালমত মাৰাভাজা, উড়িয়াত মাদাংগা বোলে৷ টাই ভাষাত ইয়াৰ নাম ব্লক-খাম৷ মিচিং ভাষাত বামে কেদাং আপপুন্ বোলে৷ কাৰবিসকলে কয় মিৰদান৷ ফৰাচী ভাষাত কপৌফুলক ৰাতুন বোলে৷ আৰবীত জং জবীল শামী৷ আমোল-কচু বুলি সচৰাচৰ জনাজাত কপৌফুলৰ ঔষধি প্ৰয়োগৰ ক্ষেত্ৰত ব্যৱহাৰোপযোগী নামসমূহৰ ভিতৰত ৰাস্না নাকুলি, সুৰসা, সৰ্পগন্ধা, পলংকৰা, যুক্তৰসা, ৰস্যা, সুবহা, ৰসনা ৰস, এলাপৰ্ণী, সুগন্ধা আৰু শ্ৰেয়সী আদিয়েই প্ৰধান৷ আনহাতে ঘৰত এজোপা কপৌফুলৰ গছ থকাটো আভিজাত্যৰ পৰিচয় বুলি ভবা হয় বাবে কপৌফুল ‘অভিজাত শ্ৰেণীৰ ফুল’ বুলিও অভিহিত৷

পুচ্ছাংশ...
ভাৰতবৰ্ষ, বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চল কপৌফুলকে ধৰি বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ বাবে জগত বিখ্যাত৷ প্ৰাকৃতিক বৃদ্ধিৰ বাবে ইয়াৰ জলবায়ু অনুকূল হোৱাৰ কাৰণে এই অঞ্চলটো অৰ্কিডৰ ভূস্বৰ্গত পৰিণত হৈছে৷ তদুপৰি গৌৰৱৰ কথা যে ইয়াৰ পৰা নিয়া কপৌফুলজাতীয় ফুলে পৃথিৱীৰ নানান ঠাইত শোভাবৰ্ধন কৰিছে৷ বিশ্বৰ ভিতৰতে বিশেষ কপৌফুল উৎপাদক আৰু ৰপ্তানিকাৰক দেশ হিচাপে গঢ়ি উঠিবলৈ ভাৰত চৰকাৰে কপৌফুল খেতি কৰাৰ বাবে এক বিশেষ আঁচনি ১৯৯৫চনতে গ্ৰহণ কৰা হয়৷ এই আঁচনিৰে অন্তৰ্গত কপৌফুল সন্দৰ্ভত গৱেষণা কৰাৰ বাবে ‘উদ্ভিদ বিজ্ঞানীৰ স্বৰ্গভূমি’ উত্তৰ পূৰ্বাঞ্চলত এটা ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল৷ কৃষিৰ অনুকূল জলবায়ু, সস্তীয়া শ্ৰমিকৰ প্ৰাচুৰ্য আৰু কাৰিকৰী বিশেষজ্ঞৰ সুলভতাৰ বাবে ভাৰতে অৰ্কিড ৰপ্তানিত অদূৰ ভৱিষ্যতে শীৰ্ষস্থান দখল কৰা সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ব্যৱসায়িক ভিত্তিত কৰা ইয়াৰ খেতি স্বনিয়োজনৰ এটা পন্থাও হ’বগৈ পাৰে৷ তদুপৰি দেশৰ সামাজিক-অৰ্থনৈতিক দিশতো অৰিহণা যোগাব পৰাৰ থল আছে৷ উত্তৰ পূৰ্বাঞ্চলত জুম খেতিৰ বিকল্প হিচাপে অৰ্কিড খেতিৰ কথা চিন্তা নোহোৱাকৈ থকা নাই৷ আনহাতে বিশ্বজুৰি ত্ৰাসৰ কাৰণ হৈ পৰা AIDS ৰোগৰ চিকিৎসাত অৰ্কিড মহৌষধ হিচাপে পৰিগণিত হ’ব পাৰে বুলি প্ৰাথমিক গৱেষণাত প্ৰকাশ৷ গৱেষণা আৰু সন্ধান কাৰ্য আগ বঢ়াৰ লগে লগে অৰ্কিডৰ সংখ্যা বৃদ্ধি পায় যদিও দিনক দিনে বাঢ়িব ধৰা গছ-গছনিৰ অবাধ ধ্বংস কাৰ্যৰ ফলত বহুমূলীয়া অৰ্কিডৰ অস্তিত্ব বিপন্ন হৈ পৰিছে৷ সেইফালৰ পৰা চাবলৈ গ’লে অসমীয়া সংস্কৃতিৰ লগত স্মৰণাতীত কালৰে পৰা জড়িত কপৌফুলৰ উৎপাদন আৰু সংৰক্ষণ অতীব প্ৰয়োজনীয়৷

(ৰচনাকাল : ১৯৯৭চন
তথ্য : বিভিন্ন উৎসৰ পৰা সংগৃহীত)

No comments:

Post a Comment