পোনে পোনে সম্পাদকৰ কোঠালৈকে খোজ ল’লোঁ৷ দুদিনৰ মূৰত আহিছোঁ৷ আজি একেৰাহে বিছ বছৰ ধৰি মই এই ক্লাবটোৰ লগত জড়িত৷ তাতে বৰ্তমানৰ সম্পাদক কমলাকান্ত ডেকা মোৰ এজন পুৰণি বন্ধু৷
০ ০ ০
ডেকাৰ সৈতে অলপমান জৰুৰী কথা হ’বলগীয়া আছে৷ পৰ্দাৰ ফাঁকেৰে দেখিলোঁ, মুকুন্দ চৌধুৰী আৰু শৈলধৰ কাকতিৰ সৈতে তেওঁ কিবা বিশেষ আলাপত ব্যস্ত৷ বাহিৰৰ পৰা শুনা ক্ষন্তেকীয়া কথোপকথনৰ পৰাই ধৰিব পাৰিলোঁ, বিয়া-বাৰু সংক্ৰান্তীয় আলোচনা৷ হ’ব, অলপ পাছত আহিম বুলি ব্ৰীজ খেলি থকা তিলক বৰুৱা, ভূপেন ৰাজখোৱাহঁতৰ ওচৰ পালোঁহি৷
০ ০ ০
: অ’ শৰ্মাদেউ দেখোন৷ কেনে? খবৰ ভালনে? …বৰুৱাই বহাৰ পৰাই মাত লগালে৷
: আছোঁ আৰু৷
: সৌ চকীখনকে টানি আনকচোন৷ …ডীল কৰি থকা অৱস্থাতেই জগদীশ বৈশ্যৰ অনুৰোধসূচক নিৰ্দেশ৷
: ঐ চেত্ৰী, শৰ্মাদাক চকী এখন আনি দে৷...লগে লগে বৈশ্যৰ পাৰ্টনাৰ নিৰঞ্জনে মূৰটো পিছলৈ সামান্য বেঁকা কৰি আঁতৰত কেৰমব’ৰ্ড খেলি থকা চেত্ৰীলৈ চাই আদেশৰ সুৰত চিঞৰিলে৷ মই চকীখন টানি অনাটো হয়তো তেওঁ উচিত বুলি ভবা নাই৷
: হ’ব, হ’ব, খেলকচোন আপোনালোকে৷
ইতিমধ্যে কাৰ্ড বিলোৱা শেষ হ’লত সকলোৱে হাতে হাতে তাচপাতবোৰ সজাবলৈ আৰম্ভ কৰিছিল৷
: দুদিনমান দেখা পোৱা নাছিলোঁযে আপোনাক, ক’ৰবালৈ গৈছিল নেকি? …বাঁওহাতৰ তৰ্জনী আৰু মধ্যমাৰ মাজত চেপা খাই থকা চিগাৰেটটোত দীঘলীয়া হোপা এটা মাৰি এমুখ ধোঁৱা শূন্যলৈ এৰি দি ৰাজখোৱাই ভৰি জোকাৰি জোকাৰি সুধিলে৷
: অঁ, কাৰ কল? …ইস্কাপনৰ মেমটো তেওঁ গোলাম আৰু চাহাবৰ মাজত সুমুৱাই পাৰ্টনাৰলৈ চাই প্ৰশ্ন কৰিলে৷
ভাল পাত লাগিছে মানুহটোৰ৷আঁৰচকুৰে চায়ে ধৰিব পাৰিলোঁ৷
: নাই, নাই যোৱা৷ এই দুদিন বতৰৰ কাৰণেই ওলোৱা হোৱা নাই৷ তাতে সৰু ছোৱালীজনীৰ অলপ অলপ পানীলগা জ্বৰো৷ ... ৰ’ব দেই, মই অকণমান ডেকাৰ ওচৰৰ পৰা আহোঁ৷
মুকুন্দ চৌধুৰী আৰু শৈলধৰ কাকতিক স্কুটাৰেৰে যোৱাগৈ যেন দেখা পায়ে কৈ উঠিলোঁ৷
০ ০ ০
দুৱাৰমুখত উপস্থিত হৈ গম পালোঁ, নতুনকৈ কোনোবা দুজন বহিছে৷ ডেকা সোমাই পৰিছে অতীত ৰোমন্থনত৷ তাহানিতে স্কুল-কলেজত অভিনয় কৰা দিনৰ কথাবিলাক গলিয়াই আছে৷
: আমাক নাটক পালে একো নালাগে, বুইছা৷ আন কথা নাই আৰু, কেৱল নাটক৷ নগাঁৱত কৰিলোঁ, তেজপুৰত কৰিলোঁ, শিৱসাগৰত কৰিলোঁ৷ আমাৰ সময়ত আকৌ আজিকালিৰ দৰে লাইটিং, ডেকৰেচন, এইবোৰ নাছিল নহয়৷ তথাপিতো দৰ্শকক কন্দুৱাব পাৰিছিলোঁ৷ বিশ্বাস কৰিবা? ‘কিয়’খন আমি আঠাইছবাৰ কৰিছিলোঁ৷ মানিবানে? আজিকালিৰ নাটক দুবাৰ চাবনে কোনোবাই? সৌ সিদিনাযে ইয়াতে হৈ গ’ল, কি নাম আছিল সেইখনৰ... এহ, কি আছিল...?
বুজিলোঁ, ক্লাবত অলপতে মঞ্চস্থ হৈ যোৱা ‘অদ্যাপি’ নাটকখনৰ নামটোকে মনত পেলাবলৈ চেষ্টা কৰি বিফল হৈছে ডেকা৷
: তেতিয়া আপোনালোকে মন-প্ৰাণ ঢালি অভিনয় কৰিছিল, চৰিত্ৰৰ সৈতে নিজকে খাপ খুৱাব জানিছিল, কাহিনীৰ অভ্যন্তৰত সোমাই যাব পাৰিছিল৷ একদম নেচাৰেল এক্টিং৷
মন কৰিলোঁ, সেইটো প্ৰাঞ্জলৰ কণ্ঠস্বৰ৷
: তেতিয়াৰ কথাবোৰ লিপিবদ্ধ কৰি ৰাখিব পাৰিলে ভাল আছিল৷ সেই সময়ৰ মানুহ, সমাজ, সংগঠন, কলা-সংস্কৃতি, পৰিৱেশ ইত্যাদিৰ বিষয়ে বহু কথাই জনা গ’লহেঁতেন৷ আপুনি বাৰু লিখিছে নেকি কিবাকিবি, ডেকাদা?
ধৰিব পাৰিলোঁ, এইটো অনিৰুদ্ধ৷ প্ৰাঞ্জল আৰু অনিৰুদ্ধ দুয়োটা উঠি অহা ডেকা ল’ৰা৷ চিন্তাধাৰা নতুন আৰু মগজুও খৰ ইহঁতৰ৷
০ ০ ০
স্মৃতি ৰোমন্থনেও মানুহক অনাবিল আনন্দ দিব পাৰে৷ ডেকাৰ অতীত স্মৰণৰ সুন্দৰ পৰিৱেশটোত ব্যাঘাত জন্মাবৰ সত নগ’ল৷ ঘূৰি আহিলোঁ৷ কেৰমব’ৰ্ডৰ দাঁতিতে থিয় হ’লোঁহি এইবাৰ৷
বিচিত্ৰ ৰাজবংশী আৰু চন্দ্ৰ ৰংপি এফালে, আনফালে চেত্ৰী আৰু নৃপেন কেওট৷ কেওটে ভাল খেলে বুলি জানো৷
: দাদা খেলিব নেকি? …চন্দ্ৰই বৰ মৰমেৰে সুধিলে৷ মোৰো কিবা এটা মৰম লাগে অমায়িক ল’ৰাটোলৈ৷
: খেলা, খেলা৷ মই যামেই৷ বেছি সময় নৰওঁ৷
: আগতে গুটিবোৰ কমাচোন, ৰে’ডটো পিছতো খাবি৷ ...ৰঙা গুটিটোক লক্ষ্য কৰি ষ্ট্ৰাইকাৰ বহুৱাবলৈ ধৰফৰোৱা চেত্ৰীৰ প্ৰতি কেওটৰ কাঢ়া নিৰ্দেশনা৷ ভাল খেলুৱৈ এজনৰ গাত থাকিবলগীয়া ধৈৰ্যশীল গুণটোযে তেওঁৰ আছে ইয়ে তাৰ পৰিচায়ক৷
প্ৰথম গুটিটো কোনো ৰকম পকেট কৰি তাৰ পিছৰটো মাৰোঁতেই মিচ্ কৰিলে চেত্ৰীয়ে৷ চিনিয়ৰ পাৰ্টনাৰৰ কামাণ্ড শুনিয়ে চাগৈ হাত কঁপিল তাৰ৷
: ধেইত ছাল্লা৷ ...ব্যৰ্থতা আৰু খং মিহলি সুৰেৰে চেত্ৰীৰ স্বগতোক্তি৷ বাওঁহাতৰ তৰ্জনী আঙুলিটো যেন মুচৰিহে পেলাব সি৷ সি লেবেৰাহতীয়া৷
: হ’ব দে হ’ব৷ …কেওটে পৰিস্থিতি চম্ভালি ল’লে৷ নহ’লেযে চেত্ৰীয়ে নাৰ্ভাচ কৰিব আৰু বেছিকৈহে মিচ্ কৰিব, সেয়া তেওঁ ভালকৈয়ে জানে৷
০০০
কাষৰ টেবুলখনত ৰাজৰ্ষি ভট্ট আৰু উৎপল মজুমদাৰে ডবা খেলিছে৷ আন দিনৰ দৰেই কাষতে বহি চাধা মোহাৰি মোহাৰি বিতচকুৰ ওপৰেৰে ৰফিক আহমেদে একান্তমনে লক্ষ্য কৰিছে কাৰ অৱস্থান কেনে, কাৰ দুৰ্গ কিমান সুৰক্ষিত৷ এক গহীন পৰিৱেশ৷ মাতবোল নাই৷
ইমান খেলিব পাৰে এই দুটাই, মনতে ভাবিলোঁ৷ অসম্ভৱ ধৈৰ্য!
: শৰ্মাদা যায়গৈ নেকি? ...মই অলপ ইফাল-সিফাল কৰা যেন দেখি ৰাজবংশীয়ে ঘপৰাই সুধিলে৷
: ডেকাক অলপমান লগ কৰিবলগীয়া আছিলহে৷ বাৰু মই আহোঁচোন দেই৷
০ ০ ০
: সমালোচনাৰ ওপৰত মই জনাত তেনে কোনো কিতাপ আমাৰ লাইব্ৰেৰীত নাই৷
এইটো দেখোন প্ৰজিৎ গোস্বামী! দূৰৈৰ পৰাই সঠিকভাৱেই ধৰিব পাৰিলোঁ৷ গোস্বামী আমাৰ ক্লাবৰ অৰ্ধশতাব্দী পুৰণি লাইব্ৰেৰীটোৰ বৰ্তমানৰ ইনচাৰ্জ৷
: আপুনি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পাব পাৰে, চাবচোন৷ ...অনিৰুদ্ধৰ সহযোগ৷
কাক কৈছে বাৰু? কিতাপ বিচাৰি আহিছে চাগৈ নতুন কোনোবা৷ ছেঃ, তাৰ মানে আজি লগ ধৰিব নোৱাৰিমেই নেকি? অকলশৰীয়াকৈ লাগিছিল মানুহটোক৷ পিছে কথাৰ অন্তই নপৰা হ'ল দেখোন! বাৰাণ্ডাতে ৰৈ চশমাযোৰ খুলি আইনা দুখন চোলাৰ ওপৰত ঘঁহিবলৈ ধৰিলোঁ৷ কি কৰা যায়?
০ ০ ০
অকণমান মৌনতা৷ অলপ পিছতে নিস্তব্ধতা ভংগ কৰিলে ডেকাই৷
: বিহু কমিটিৰ মিটিং হ’ল বোলে? মোক নামাতিলেহে৷
: কালি হৈ গ’ল নহয়৷ মোক মাতিছিল, গৈছিলোঁ৷ …গোস্বামীয়ে উত্তৰ দিলে৷
: ক’ত পাতিব এইবাৰ?
বোধ হয় গোস্বামীক উদ্দেশ্যিয়ে সুধিছে৷ মাতষাৰ মুকুলৰ যেন লাগিছে৷
: এইবাৰ ষ্টেডিয়াম ফিল্ডত পাতিব, ক্লাবত নাপাতে৷ …গোস্বামীৰ চমু প্ৰত্যুত্তৰ৷
: এহ, ক্লাবটোহে চেণ্টাৰ প্লেচ৷ ইয়াতে পাতিব লাগিছিল৷ আগে-পাছে ইয়াতেই হয়৷ তালৈনো কোন যাব চাবলৈ? …প্ৰাঞ্জলৰ বিষোদগাৰ৷
: কেইদিনীয়া প্ৰগ্ৰেম লৈছে? …অনিৰুদ্ধৰ উৎসুকতাভৰা প্ৰশ্ন৷
: তুমি গৈছিলা, আৰু কোন কোন আছিলনো মিটিঙত?
অনিৰুদ্ধৰ প্ৰশ্নৰ ওপৰতে ডেকায়ো প্ৰশ্ন কৰি দিলে৷ নিমন্ত্ৰণ নোপোৱাত তেওঁৰ কথনত দুখৰ ৰেশ ৷
: আছিল ভালেকেইজন৷ ৰসেশ্বৰ হাজৰিকা, ধৰ্মেন্দ্ৰ গগৈ, আমিনুল হুছেইন, ডিম্বেশ্বৰ খনিকৰ, চম্পক পাঠক, দুলাল দাস, ৰতন চক্রৱৰ্তী, বীৰেন মহন্ত... এনেকৈ মই চিনি পোৱা ভালেকেইজনেই আছিল৷
: মই যোৱা আঠ বছৰে বিহু কমিটিৰ সৈতে জড়িত মানুহটোক বাদ দিব পায়নে বাৰু? …ডেকাৰ কণ্ঠত এইবাৰ আক্ষেপৰ সুৰ৷
: কেইদিনীয়া প্ৰগ্ৰাম ? …সুৰুঙা পাই অনিৰুদ্ধই দ্বিতীয়বাৰ সুধিলে৷
: দুদিন৷ অহা ছাব্বিশ আৰু সাতাইছ এপ্ৰিল তাৰিখে৷ ফ’ৰ্থ চেটাৰডে’ আৰু চানডে’ পৰিছে৷
: কালি মই কনফাৰেন্স হলত কিবা এখন হৈ থকা বুলি অনুমান তেনেহ’লে ঠিকেই কৰিছিলোঁ৷ পিছে অফিচিয়েল মিটিং, এম.পি. ইলেকচনৰ কনফিডেন্সিয়েল কিবা হ’ব পাৰে বুলি ভাবি নোসোমালোঁ৷
অলপ পৰ তভক মাৰি থাকি গোস্বামীক ডেকাই আকৌ সুধিলে : বাৰু, টকা-পইচাৰ যা-যোগাৰ কেনে?
: কাগজে-কলমেতো কালিয়ে প্ৰায় ডেৰ লাখমানেই টকা উঠিছে৷
অনুমান কৰিলোঁ, গোস্বামী যেন যথেষ্ট উৎসাহী হৈ পৰিছে৷
: আমাৰ বৰগোহাঁই ছাৰে হাজৰিকা মেজিষ্ট্ৰেটক সুধিছে… আপুনি কিমান দিব কওক৷ হাজৰিকা ছাৰে কৈছে… মই ডেৰহাজাৰ দিম৷ বৰগোহাঁই ছাৰে আকৌ কৈছে… আপোনাক আমি দাবী নকৰোঁ, কিন্তু পৰিমাণটো নিজেই অলপ বঢ়াওক৷ হাজৰিকা মেজিষ্ট্ৰেটে কৈছে দুহাজাৰ৷ বৰগোহাঁই ছাৰে কৈছে আৰু অলপ৷ এনেকৈ বঢ়াই গৈ গৈ তিনিহাজাৰ হোৱাত ছাৰে কাষতে বহা মহন্তদাক কৈছে... লিখক, তিনি হাজাৰ, এচিওৰেন্স দিছে৷
ভিতৰত হাঁহিৰ ৰোল শুনা গ’ল৷ গোস্বামীয়ে কৈ গ’ল : তাৰ পিছত তাত থকা কেইজনৰতো বাদেই, ম’বাইলেৰেও কেইবাজনকো সুধিলে কিমান কিমান দিব৷
: কোনে কেনেকৈ দিম বুলিছে খুড়া?
অনিৰুদ্ধৰ যেন দুৰ্বাৰ উৎসুকতা৷গোস্বামীয়েও হিচাপ দি যাব ধৰিলে৷ লগে লগে বোধহয় ডেকাৰ হাতৰ বুঢ়া আঙুলিয়েও কেঞাক স্পৰ্শ কৰিলে৷
: বৰগোহাঁই ছাৰে সাত হাজাৰ, হাজৰিকা চাৰে তিনি, শংকৰ বৰুৱাই তিনি হাজাৰ, সুৰামল আগৰৱালাই দহ, কানাইলালে দহ হাজাৰ, শেৰ সিঙে আঠ, ৰূপকমল ৰায়ে পাঁচ... এনেকৈ দেখোন কালি মিটিঙত হিচাপ কৰোঁতে মুঠতে ডেৰ লাখৰ ওপৰত ওলাইছে৷ আৰুতো আছেই৷ গোস্বামীৰ কথা-বতৰাত এটা সন্তুষ্টিৰ ভাব ধৰা পৰিল৷ যেন সাফল্যৰহে হাঁহি৷ ইলেকচনৰ ধামখুমীয়া সত্ত্বেও বিহুখন হ'ব তাৰমানে!
: পিছে খৰছোতো আছে, সেই অনুপাতে৷ দুদিনীয়াকৈ বিহু পতাটো নট্ এ মেটাৰ অৱ জ’ক৷ মই শিকি থৈছোঁ নহয়৷ ...ডেকাৰ উক্তিত অভিজ্ঞতাৰ প্ৰভাৱ স্পষ্ট৷ সঁচাকৈ, মানুহটোৱে বহুখিনি কৰিছেও অৱশ্যে, সেইটো ক'ব লাগিব৷
: আৰে, খৰছৰ প্ৰসংগলৈতো মোৰ লগত বেছ তৰ্কাতৰ্কিয়েই হ’ল৷ গোস্বামীৰ কথাত এইবাৰ উত্তেজনাৰ প্ৰকাশ৷ বিষয়ৰ গভীৰতাত সোমাই পৰিল তেওঁ : ৰসেশ্বৰ হাজৰিকা, দুলাল দাসহঁতে যিহে হিচাপ দেখুৱাইছে মোৰ সমূলি পছন্দ হোৱা নাই৷ সিহঁতৰ মতে কালচাৰেল ফাংচনৰ মেইন আৰ্টিষ্ট মনময়ূৰী দত্তবৰুৱাৰ কাৰণে আশী হাজাৰ, বিৰিঞ্চি বৰদলৈ আৰু প্ৰভা শইকীয়াক গাইপতি পঁয়ত্ৰিছ-চল্লিশ হাজাৰমানকৈ দিব, স্থানীয় শিল্পী আৰু এইবিলাক কি কয়, এহ কি কয়...
: কালচাৰেল ট্ৰুপ৷ …প্ৰাঞ্জলে পূৰা কৰিলে৷
: অঁ, কালচাৰেল ট্ৰুপ৷ তেওঁবিলাকৰ বাবে ইমান কমকৈ ধৰিছে, কেনেকৈ হ’ব? মই কৈছিলোঁ যে চাওক, আপোনালোকে লাংহিন, ডকমকা, সাতগাঁও, ধনশিৰি য’ৰে পৰাই নানক কিয়, এটা ট্ৰুপত কমছে কম বিশ-বাইছজন মেম্বাৰ থাকিব৷ ইমানখিনি মানুহ বাছেৰে অহাটো অসম্ভৱ৷ গতিকে তেওঁলোকক আনিবলৈ হ’লে আমি স্পেচিয়েলি ভেহিকল পঠাব লাগিব৷ বাটত এবাৰ চাহো খুৱাব লাগিব৷ ইয়াত এসাজ ভাতৰ ব্যৱস্থাও ৰাখিব লাগিব৷ সেইদৰে প্ৰগ্ৰামৰ শেষত আকৌ জেগাই জেগাই থৈ অহাৰ দায়িত্বও আছে৷ হয়তো তেওঁলোকৰ ক্লাবৰ বাবে ড'নেছন জাতীয় কিবা এটা দিব লগাও হ’ব পাৰে৷ গতিকে এটা এটা ট্ৰুপত কমেও চাৰি কি চাৰে চাৰি হাজাৰ টকা খৰচ হ’ব৷ নহ’বজানো? তাতে ৰসেশ্বৰ হাজৰিকাই কয় বোলে মানুহখিনিক কেৱল ইয়াত এবাৰ ভাত খুৱাব৷ বাকী অহা-যোৱাৰ বাবদ হেনো একো নিদিয়ে৷ আৰে, এইটো কেনেকুৱা কথা?
গোস্বামী অধিক পৰিমাণে ক্ষোভিত হৈ পৰা যেন লাগিল৷
: গছৰ তলৰ বিহুৱেই ভাল আছিল৷ …অনিৰুদ্ধৰ মন্তব্য৷
: হয় অ’৷ ...মুকুলে শলাগিলে৷
গোস্বামীয়ে আগতকৈ আৰু অকণমান উচ্চস্বৰত ক’ব ধৰিলে : আৰু স্থানীয় শিল্পীবোৰ? দুলাল দাসে কয়, স্থানীয় শিল্পীক একো নিদিলেও হ’ব৷ ল'কেল ছিংগাৰ বিপুল নাথৰ কথাকেই ধৰকচোন৷ তেওঁতো তেওঁৰ লগত বজোৱা হেণ্ডছখিনিক অন্ততঃ কিবা অলপমান দিব লাগিব৷ কমিটিয়ে নিদিলে ক’ৰ পৰা দিব? কৈছোঁ নহয়, এই দুলাল দাস, ৰসেশ্বৰ হাজৰিকাহঁতৰ কথাবোৰ মোৰ একদম পছন্দ নহয়৷ মিটিঙত মই কোৱা কথাততো একো গুৰুত্বই নিদিলে৷ ক’ম বুলি ভাবিছিলোঁ কিছুমান কথা৷ পিছে বৰগোহাঁই ছাৰ থকাৰ বাবেই ক’ব নোৱাৰিলোঁ৷ কি বা ভাবি লয় আকৌ! মিছামিছি মোৰ প্ৰতি ইম্প্ৰেছনটোহে বেয়া হ’ব৷
: নহয় খুড়া, আপোনাৰ বক্তব্য চিধাচিধিকৈ কৈ দিয়াই ভাল আছিল৷ …অনিৰুদ্ধই নিজৰ দৃষ্টিভংগী বেকত কৰিলে৷
উত্তেজিতভাৱে গোস্বামীয়ে মাথো দোহাৰিলে : ক’লেনো কিডাল হ’বহে’? মোকতো কোনো এজনেও সমৰ্থন কৰা নাছিল৷ দুলাল দাস, ৰসেশ্বৰ হাজৰিকাই যি কয় সেইটোহে ৰজে৷ আমাক পাত্তাই নিদিয়ে কোনেও৷
: আপুনি এটা বস্তু তেওঁলোকে ভবাতকৈ ভাল দেখিছে৷ তাকেহে আপুনি উনুকিয়াবলৈ গৈছে৷ সিদ্ধান্ত সকলোৱে মিলিজুলিয়েই লওক বাৰু৷ আৰু, ভাল চিন্তা হ’লে কিয় নামানিব? নিশ্চয় মানিব৷ …বয়সত কনিষ্ঠ হ’লেও অনিৰুদ্ধই বুজনি দিলে গোস্বামীক৷
: অন্যায়ৰ প্ৰতিবাদ কৰিবই লাগিব৷ প্ৰতিবাদ কৰা উচিত আৰু প্ৰয়োজনত অকলেই কৰিব লাগিব৷
: এই দুলাল দাসটো সিদিনাৰহে মানুহ৷ সি ইমান কথা ক’ব পৰা হ’লনে? কেইদিন হৈছে অহা? সি ইউনিভাৰ্ছিটিত মোতকৈ এটা বেটচহে ওপৰত আছিল৷ একেলগে কেণ্টিনত চাহ-চিগাৰেট খাইছিলোঁ৷ ... আৰু এই ৰসেশ্বৰ হাজৰিকা, এক নম্বৰ ফাল্টু মানুহ৷ যেন সিয়েই অল ইন অল৷ সিহে বিহু পাতিছে, বিহুতো যেনিবা তাৰহে! ক্লাবত বিহু পাতিবলৈ হ’লেতো ঠিক হাংগামা লগাম৷ আমি প্লেন কৰিয়ে থৈছোঁ৷
মুকুল বেছ অস্থিৰ হৈ পৰিছে যেন লাগিল৷
: হ’ব দিয়া, আমি বিহু নাপাতোঁ৷ আমি কিন্তু হুঁচৰি গাম, কিয় নাগাম? ইয়াতে গাম৷ ক্লাবৰ চোতালত৷ …ডেকাই মৃদু সুৰত কথাকেইটা কৈ বাকীসকলৰ সমৰ্থনৰ আশাত ৰ'ল৷ গোস্বামীয়ে ক্ষোভেৰে ক’বলৈ ধৰিলে : আচলতে এইবিলাকত নিজকে জড়িত কৰি ভাল পাওঁ৷ সঁচাকৈয়ে খুব ভাল পাওঁ৷ কিবা কাৰণত জড়িত হ’ব নোৱাৰিলেহে বেয়া লাগে, মনত দুখ পাওঁ৷
: অঁ, আমিও জড়িত হ’ব বিচাৰোঁ৷ আমাকো সুমুৱাব লাগে৷ কিন্তু কি হ’ব? এট্টিটিউডবিলাক দেখিলে একেবাৰে ইচ্ছা নাযায়৷ … মুকুলে সমৰ্থন কৰাৰ লগতে উষ্মাৰে ক'লে৷
: বিহু কমিটি মানে যেন কেৱল ৰসেশ্বৰ হাজৰিকা, দুলাল দাস, ডিম্বেশ্বৰ খনিকৰ, চম্পক পাঠক এইকেইটাই৷ সাহিত্য চ’ৰা বুলিলেও সেই একেকেইটাই৷ যেন সিহঁতৰ এদনীয়া সম্পত্তিহে৷ আৰু মানুহ নাইকিয়া? বাকীবিলাকৰ বিহু নাই? দুলাল দাস কেইদিনৰ মানুহ, সিও মুখ খুলি কথা ক’ব পৰা হ’ল! চম্পক পাঠকেনো কিডাল সাহিত্য কৰে? কি লিখে? তেওঁ আকৌ সাহিত্য চ’ৰাৰ সম্পাদক৷ সিদিনা সাহিত্য চ’ৰাৰ মিটিঙত আচলতে মই সিহঁতৰ ৰেহ-ৰূপ চাওঁ বুলিয়েই গৈছিলোঁ৷ নগ’লোঁহেঁতেন৷ লাষ্ট বেঞ্চত চুপচাপ বহি আছিলোঁ৷ এই নন্দেশ্বৰ কটকীয়েহে একজিকিউটিভ মেম্বাৰত মোৰ নামটো ভৰাই দিলে৷ কটোৱাব লাগিব৷ মই থাকিলে চব ঘমঘণ্ট লগাই দিম বাপ্পেকে৷
টেবুলত ঢকিওৱাৰ শব্দ এটা শুনা গ’ল৷ ক্ষন্তেক নীৰৱতা৷
: দাদা যাওঁ ব’লক৷ তহঁত যাবিনে? …মুকুলে যোৱাৰ প্ৰস্তাৱ দিলে৷
: ব’ল৷ …অনিৰুদ্ধৰ সঁহাৰি৷
০ ০ ০
সভাখন ভংগ হোৱাৰ উমান পাই ময়ো নিৰাপদ অৱস্থান বিচাৰি ল’লোঁ৷ এতিয়া মুখামুখি নোহোৱাই ভাল৷ পাঁচোজন ওলাই আহিল৷ যোৱাৰ বাটতো কথা পাতি পাতিয়ে গৈছে৷
: এই সাহিত্য মঞ্চ, বিহু কমিটি এইবোৰ সুৰজমল, ৰামবিলাস, কানাইলাল, এইবোৰৰ টকাৰেহে চলি আছে, জানেনে নাই?
মুকুলেই এইবাৰ আগভাগ লৈছে৷ তাৰ যেন কথা শেষ নহ’বই৷ ঢেৰ কিবাকিবি ক’বলগীয়া আছে৷ মনটো অথনিৰে পৰা আক্রোহী হৈ আছে যেন লাগিল তাৰ৷
: ৰসেশ্বৰ হাজৰিকা আৰু কেইটামানকতো কানাইলালৰ গাদীতে বহি থকা দেখোঁ অনৱৰতে৷ আজিকালি অৱশ্যে ভিতৰত বহে, আনে দেখিব নহয় নহ’লে৷
গোস্বামীয়ে সমৰ্থনৰ সুৰত যোগ দিলে : অঁ, কালি মিটিঙতো হাজৰিকাই খনিকৰক কৈছে, কানাইলালৰ নামটো ভৰাই থওকচোন৷
: মোটা অংকৰ চান্দা এটা পাবযে৷ …ততালিকে অনিৰুদ্ধৰ সংযোগ৷
: আৰু সিহঁতেও ডবল চান্স মাৰিবলৈ সুযোগ পাই গৈছে৷ সোমাবলৈ সুবিধা দিছে কোনে? …দৃঢ়কণ্ঠে সকলোৱে শুনাকৈ মুকুলৰ ঘোষণা আৰু লগতে প্ৰশ্ন৷
০ ০ ০
লাহে লাহে কাৰো মাত নুশুনা হৈ আহিল৷ পুনৰ বাৰাণ্ডালৈ উঠি আহিলোঁ মই৷ সম্পাদক ডেকাক লগ ধৰা নহ’ল আৰু আজি৷ উভতি ঘৰলৈ খোজ লোৱাৰে সিদ্ধান্ত কৰিলোঁ৷ মেলি থোৱা দৰজা এখনেৰে ক্লাবৰ ভিতৰলৈ এনেয়ে এবাৰ চাই পঠিয়ালোঁ৷ তিলক বৰুৱাহঁতে তেতিয়াও তাচ খেলিয়েই আছে, আৰু ৰংপিহঁতে কেৰমব’ৰ্ড৷ ডবাৰ চাল দিয়েই আছে মজুমদাৰহঁতে৷
(ৰচনা : ২০০৫চন)
No comments:
Post a Comment