পুৱাৰ স্নেপশ্বট...
মই যেতিয়া সেইখিনি পাইছিলোঁগৈ তাৰ আগতেই অ’পাৰেছনটো
হৈ গৈছিল৷ তথাপিও, চাওঁচোন বুলি কৌতূহলী মনেৰে ওচৰ চাপি গ’লোঁ৷
দেখিলোঁ, ওলোটাকৈ মাটিত পেলাই থোৱা মস্ত গাহৰিটোৰ পেটটো দীঘলে দীঘলে ফলা৷ সুঠামদেহী
ডেকা এজনে প্লাষ্টিকৰ মগ এটাৰে পেটৰ ভিতৰৰ পৰা তেজবোৰ উলিয়াই আছে৷ তাৰ পিছত প্লাষ্টিকৰ
কেৰীবেগ একোটাত ভৰাই গাঁঠি মাৰি কাষতে থৈ গৈছে৷ এক্টিভাখন ষ্টেণ্ড কৰি মই একেবাৰে কাষ
পালোঁগৈ৷ দেখিলোঁ, তেনেকুৱা ঠোঙা তেতিয়ালৈকে দহ-বাৰটামান হৈছেগৈ৷
ওচৰতে দেখা পালোঁ, ভাৰত গেছৰ এটা চিলিণ্ডাৰ আৰু
বাৰ্ণাৰ৷ আগতেই মাৰি অনা গাহৰিটোক পোনপ্ৰথমে জুইৰে পুৰি পেলোৱা হৈছিল, যাতে নোমবোৰ
নাইকিয়া হয়৷ কাৰণ ছাল চেলোৱা নহয়৷ ছাল খাব পাৰি৷
মই প্ৰশ্ন কৰাত তেজ চুঁচি-বাকি থকা সুঠামদেহী জনজাতীয়
ডেকাজনে উত্তৰ দিলে, ‘নখ আৰু দাঁতৰ বাহিৰে একো পেলনি নাযায়৷ তেজ, পেটু সব খোৱা
যায়৷’
অলপ পাছতে তেওঁ পেটৰ ভিতৰত থকা দীঘল নলী এডাল হাতত
তুলি ল’লে৷ বাল্টিৰ পৰা মগেৰে পানী লৈ নলীডালৰ এমূৰেদি লাহে লাহে
ঢালিলে৷ তাৰ পিছত ওপৰৰ পৰা তললৈ চেপা মাৰি নি দাঙি দিলে৷ মলভাণ্ডত জমা হৈ থকা ছাইবৰণীয়া মলবোৰ
গুহ্যদ্বাৰেদি থলথলকৈ সৰি পৰিল৷ একে ধৰণে আকৌ দুবাৰ কৰিলে৷ পৰিষ্কৰণৰ কায়দাটো ভাল লাগিল৷
সঁচাই একোৱেই পেলনি নাযায়৷ তেৱেঁই জনালে যে সেই নলীডালো মানুহৰ খাদ্য৷
অলপ পাছতে দেখিলোঁ, কাষত জুৰিটোৰ পৰা তিনিজন ডেকা
ওপৰলৈ উঠি আহিছে৷ ইমানপৰে সিঁহতক মই মনেই কৰা নাছিলোঁ৷ তিনিওজনে গাহৰিটোৰ পেটৰ ভিতৰৰ
সৰু-ডাঙৰ নলীবোৰ জুৰিৰ বোঁৱতী পানীত পখালি আছিল৷ দুহাতেৰে দাঙি অনা গুলপীয়া ৰঙৰ নাড়ী-ভুঁৰুখিনি
ফলা পেটটোৰ ভিতৰতে পুনৰ ভৰাই দিলে৷ পিছত উলিয়াই বেলেগে বিকিব৷ অৰ্থাৎ দাম বেলেগ৷ পেটুৰ
দামো বেলেগ, তেজৰ দামো বেলেগ, মাংসৰ দামো বেলেগ৷
অ’পাৰেচন চাকচেচফুল্লি হৈ গ’ল৷
বাকীখিনি বজাৰত বহা ঠাইত চকল-চকলকৈ হ’ব৷ দা, বাল্টি আৰু অন্যান্য সামগ্ৰীবোৰ
ডেকাসকলে সামৰাত লাগিল৷ তাৰ পিছত হাত-ভৰি ধুই চোলা পিন্ধিলে৷ কোঁচাই লোৱা পেণ্টৰ কোঁচ
মেলি দিলে৷ ঘড়ী পিন্ধিলে৷ ইমানপৰে পকেটত সুমুৱাই ৰখা ম’বাইল
উলিয়াই লৈ কিবা চালে৷ চুলি-তুলি ফণিয়াই গোটেইকেইজন গপচ হৈ পৰিল৷
অদূৰত ৰাখি থোৱা অট’ৰিক্সাখন
তেওঁলোকৰে এজনে চপাই আনি গাহৰিটোৰ নিচেই কাষ পোৱালেহি৷ চাৰিওজনে মিলি দাঙি তাক অট’খনত
তুলিলে৷ ‘যাওঁ দেই’ বুলি মাত লগাই গাহৰিৰ ওপৰেদিয়ে
বাকী তিনিও চিটত বহিল৷
অট’খন চলি গ’ল
ডেইলী বজাৰ অভিমুখে৷ মুকলিত ওলাই থকা মৃত গাহৰিটোৰ নেগুৰডাল বতাহত নাচি নাচি গৈ থাকিল৷
(ৰচনা... ফেব্ৰুৱাৰী ২০১৪)
No comments:
Post a Comment