Wednesday, 9 April 2014


হাগ!
এৰা, চতৰ অন্তত বহাগ মাহ সোমালহি৷ অসমীয়াৰ দেহ-মনত দেওধনি উঠোৱা বহাগ৷ কোনোবা চেনেহী, তৰামাই, সোণপাহিহঁতৰ গাত এই কেইদিন ততেই নাই৷ গা সাতখন-আঠখন৷ ৰংমন, ভোগেশ্বৰ, সৰুধনহঁতো বিহুৰ আখৰাত মচগুল৷ কথাবোৰ গীত হৈ হৈ উৰিছে৷ চৌপাশ ৰজনজনাই গৈছে ঢোল-তালৰ মন উৰুৱাই নিয়া সন্মিলিত শব্দত৷ বাঁহী-টকা-গগনাৰ যাদুকৰী মাতেও গোটেইখন তল-ওপৰ লগাইছে৷ কৃষিকাৰ্যৰ শুভাৰম্ভ কৰিবলৈ পথাৰত জাবৰ-জোঁথৰবোৰ অঁতাই-পিটাই থাকোঁতেই মনবৰ, কণটিলৌহঁতে গম পাইছে বেছি দিন নাই আৰু আদৰৰ বিহুটিলৈ৷ হাতৰ পৰশত, আঙুলিৰ বুলনিত প্ৰাণ পাই উঠা মহৰ শিঙৰ পেঁপাটিৰে অদূৰত কোনোবা গৰখীয়াই মাতিলে
তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলী ঐ লতা...

আৰু প্ৰকৃতি?
মানুহক পাৰ উথলি উঠা আনন্দৰ বতৰা দিবলৈকে যেন ন-সাজেৰে সজ্জিতা হৈ, মনোমোহা ৰূপলৈ প্ৰকৃতিও পূৰঠ আৰু ৰসময়ী হৈ উঠিছে৷ ফুলে-পাতে চতুৰ্দিশ জাতিষ্কাৰ৷ কুলি-সখিয়তীৰ সুমধুৰ কূজনৰ খলকনিত কেওফাল মুখৰিত৷ নিৰংকুশভাৱে জীৱনক প্ৰাণভৰি উপভোগ কৰাৰ, উপলব্ধি কৰাৰ, হাঁহি-মাতি ৰং-ধেমালি কৰাৰ বাবে আকুল আহ্বান জনাইছে প্ৰকৃতি দেৱীয়ে৷ এয়াযে বসন্ত কাল৷ ঋতুৰাজ বসন্তৰ পূৰ্ণ পয়োভৰ৷ নতুন বছৰক আদৰাৰ সময়৷

জেতুকীৰ বৰজনী জীয়েক কপাহীয়ে ভালেমান দিনৰে পৰাই বৰাধানৰ তেঁতেলিপতীয়া চিৰা, সান্দহ, পিঠাগুড়ি খুন্দাত লাগিছে৷ বকুল-বৰা ধানৰ আখৈ ভাজিছে৷ মুড়ি, বৰবৰা ধানৰ হুৰুম, কোমল চাউলৰো যা-যোগাৰ কৰিছে৷ বকনা মহৰ থমা দৈ, এঁৱা গাখীৰ একোৱে বাদ পৰা নাই৷ লগতে তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠাকে ধৰি বিভিন্ন ধৰণৰ পিঠা, বিধে বিধে লাড়ু৷ এই বহাগতে তাইৰ যুৰীয়া জীৱনৰ ভেটি ৰচনাৰ বিষয়েও কথা-বতৰা চলিছে৷ ঢেঁকীশাল আৰু খোলাৰ ব্যস্ততাত মাক-জীয়েকৰ কেইদিনমানৰেপৰা আহৰিয়েই নাই৷ বতাহী আকৌ তাঁতৰ পাতত৷ গামোচাকেইজুঁটি সময়ৰ আগতে বৈ-কাটি শেষ কৰিবই লাগিব৷ চেলেংচাদৰ, তামোল-পাণো যতাই ৰাখিব লাগিব৷ তাৰে বয়োজ্যেষ্ঠ্জনক মান ধৰিব৷ প্ৰিয়জনকো চেনেহৰ দীঘ আৰু মৰমৰ বাণিৰে, আপোনহাতে, হেঁপাহৰ আঁচু আৰু সপোনৰ ফুলবছা ফুলাম গামোচা যাচিব৷ সৰুজনী ৰঙিলীয়ে ইফালে ৰঙিয়াল মনেৰে জেতুকা পাত, পাণ, থেকেৰা, কেহেৰাজ পাত, ডালিম-মধুৰিআমৰ কোঁহ বুটলাত লাগিছে৷ কানু বুঢ়াই আগ চোতালত বহি তুলসী-দূবৰি গুজি তৰাৰ ন-পঘা বটিছে৷ সৰুপোনাৰ মনত স্ফূৰ্তি, গৰু বিহুৰ পুৱা সি গৰু-গাইকেইটাক বাৰীৰ ঢাপতে থকা দীঘলতি, মাখিয়তীৰ নুফুলা ঠাৰিৰে কোবাই কোবাই নৈলৈকে লৈ যাব৷ মাহ-হালধি সানি গা ধুৱাব৷ লাউ, বেঙেনা, কেঁতুৰি, হালধি, থেকেৰা, কেৰেলাৰ চকল গাত ছটিয়াই গাব
দীঘলতিৰ দীঘল পাত
গৰু কোবাওঁ জাত জাত...

ল৷
সংক্রান্তিৰ দিনা পৰম্পৰাগত নিয়মে সকলোৱে মিলিজুলি গৰু-গা ধুৱালে, লাউ-বেঙেনাৰ চকল খুৱালে, চাট সলালে৷ বৰগৰু হোৱাৰ আশীৰ্বাদ দিলে৷ গধূলি গোহালিঘৰত বিহলঙনী-মৰলীয়াৰে যাগ দিলে, নহৰু-বটা পানী ছটিয়ালে চাৰিওফালে৷ গৰু-গাইক আদৰ-সাদৰ কৰি আনি সেন্দূৰৰ ফোঁট একোটা দি মাখিয়তীৰ পাতেৰে একোবাৰকৈ বিচিলে৷ ন-পঘাৰে বিহুৱান দিলে, পিঠা-পনা আগ বঢ়ালে৷ ঘৰে-ঘৰোৱাহে নাওৰাতলত বহি মচুৰ মাহ, আমৰ মল, কঁঠালৰ মুচি, নিম পাত আৰু নিমখ পিহি তৈয়াৰ কৰা মহৌষধি খালে৷ পঁইতাভাত খাই বিচনীৰ বা লৈ নিশাৰ কাৰণে এশ এবিধ শাক বিচাৰি ওলাল৷ জীয়ৰী-বোৱাৰীহঁতে জেতুকাৰ ৰঙীণ প্ৰলেপেৰে দুহাত বোলালে৷ লৰা-ডেকা-বুঢ়াহঁতে একত্ৰিত হৈ আলচ কৰিলে বিগত বছৰৰ দৰে এইবেলিও ঘৰে ঘৰে হুঁচৰি গোৱা হওক৷

হুঁচৰি এ হাওঁ, গাঁওবুঢ়াৰ ঘৰতে গাওঁ বুলি গাঁওবুঢ়াৰ ঘৰতে হুঁচৰিৰ ঘেতা মৰা হল৷ গোহালিত গৰু হৈছে বুলি হৈধ্বনি দিয়া ৰাইজখনক দেখিয়েই পদূলিৰ পৰা আথে-বেথে আদৰি নিলেহি৷ ঘোষাপদ, লহৰী, যোজনা, নাম-নাচ, ৰং-ধেমালিৰ মাজেৰে এসময়ত বিহুখন পকিল৷ বাৰীৰ তামোল পাণ এযোৰ আৰু ঘৰতে বোৱা বাবৰিফুলীয়া গামোচাৰ লগতে ৰূপ কেইটামানৰ অৰিহণাৰে শৰাই আগ কৰি গাঁওবুঢ়াৰ ঘৰখনে ৰাইজৰ সন্মুখত আঁঠু ললে৷ হৰিধ্বনি দিলে৷ খুৱালে-বোৱালে৷ সমজুৱাই মূৰৰ চুলি ছিঙি আশীৰ্বাদ দি গ
গৃহস্থৰ মনোবাঞ্ছা পূৰ্ণ হওক
কুশলে-মংগলে থাওক...

পিছদিনা মানুহ বিহু৷ নাহৰৰ পাতত দৈৱজ্ঞই লিখি দিয়া দেৱ দেৱ মহাদেৱ শ্লোকটি দুৱাৰমুখত গুজি দিলে বছৰটিলৈ অপায়-অমংগল নাশ হওক বুলি৷ মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা-সৎকাৰ কৰিলে৷ চেনেহৰ বিহুৱান যাচিলে৷ নতুন বছৰৰ ওলগ জনালে ন-সাজ পিন্ধি৷ আশীৰ্বাদ ললে৷ বোৱাৰী-জীয়ৰীহঁতৰ জা-জলপানেৰে অতিথি শুশ্ৰূষাতে সময় পাৰ হল৷ বেলি লহিয়ালত কলাফুল ঢকাকৈ চুৰিয়া, গাত বিহুচোলা, কঁকালত ৰঙা টঙালি, দুহাতত গোলাপজিলিকা পানীহাঁচতি আৰু মূৰত ভমকাফুলীয়া গামোচাৰ পাগ একোটাকৈ মাৰি ৰংমন, ভোগেশ্বৰহঁত সাজু হল৷ ধিনিকি-ধিন্‌দাও বাজিল ঢোলৰ ছেও৷ পেঁপা-টকা-বাঁহী-সুতুলিৰ ছন্দময় ধ্বনিৰ আহ্বানত ৰব নোৱাৰা হৈ বৰ্হমথুৰি বোলোৱা ওঁঠ দুখনিত মিচিকি হাঁহি বিৰিঙাই চেনেহী, তৰামাইহঁতেও জেতুকাবুলীয়া হাতত গামখাৰু, ডিঙিত জোনবিৰি, কাণত কেৰু আৰু গগনা এচাটিকৈ নাহৰ-কপৌ মেৰিওৱা নেঘেৰিখোপাত গুজি খমখমীয়া মুগাৰ সাজেৰে ৰূপহী নাচনী সাজি ওলাই আহিল বৰগছৰ তলৰ বাকৰিলৈ৷ বিহুৱা-বিহুৱতীৰ সমন্বয়ত বিহুৱে পূৰ্ণতা পালে৷ ডেকা-গাভৰুৱে একেলগে অন্তৰ উজাৰি যোৰানাম গালে৷ যৌৱনৰ গীত গাই পখিলা উৰাদি উৰি, চেৰেকী ঘূৰাদি ঘূৰি হেঁপাহ পলুৱাই নাচিলে, বিহু মাৰিলে৷ মনৰ উলাহ-আনন্দ, দুখ-বেদনা, প্ৰেম-ভালপোৱাৰ অনুভূতি প্ৰকাশ কৰিলে জাত লগাই গোৱা বিহুনাম আৰু বিহুনাচৰ সমাহাৰেৰেই৷ ৰং-ৰহইচৰ মাজেৰে কড়িখেল, কণীযুঁজ আদি পৰম্পৰাগত নানানটা খেল-ধেমালিও কৰা হল৷ আনন্দৰ প্ৰাচুৰ্যত আপোন পাহৰা হৈ পৰিল প্ৰত্যেকেই৷ নিশালৈ আকৌ পুৰুষসকলৰ একচেটিয়া অনুষ্ঠান হুঁচৰি৷

ত বিহু, ৰাতি বিহু, গৰু বিহু, মানুহ বিহু, কুটুম বিহু, মেলা বিহু গৈ চেৰা বিহু পালেহি৷ সাদিনৰ মূৰত চেৰাবিহুৰ দিনাখন বৰগছৰ গুৰিত হাঁচতি আগ বঢ়াই ৰাইজে বিহু উৰুৱালে, সাত-শাকী খালে৷ গছুৱৈ বিহুৱাই বিহুৱান এখন নি ডাল এটাতে মেৰিয়াই দিলেগৈ৷ বুঢ়া বৰজোপাৰ গুৰিত সেৱা কৰি আক্ষেপেৰে গালে
হুৰাই ল ধান-খেৰৰ ছাই
অতি চেনেহৰ ৰঙালী বিহুটি
হাততে মলঙি যায়৷

বিহুটি এইবাৰলৈ গলগৈ৷ মনৰ দুখতে গাভৰুৱে গগনা ভাঙিলে, ডেকাই ঢোল ফুটুৱালে৷ বিহুবৰৰ গুৰিতে টকা এটা ভাঙি থৈ পিছলৈ উলটি নোচোৱাকৈ সকলোটি উভতিল৷ লক্ষ্য এইবাৰ খেতি-পথাৰ৷ আনন্দময় নিৰ্যাসেৰে বহাগে আনি দিয়া সঞ্জীৱনী শক্তিৰে জীপাল হৈ পূৰ্ণোদ্যমে কৃষি-কৰ্মত ধৰিবৰ হল৷ কৃষিনিৰ্ভৰ জীৱনৰ মূল কামযে সেইটোৱেই৷

অসমীয়াৰ ৰঙৰ উৎসৱ ৰঙালী বিহু এইদৰেই আহে, যায়৷ প্ৰতিটো বছৰতে চত আৰু বহাগৰ সংক্রান্তিত, সময়ৰ সোঁতে বৈ অনা ঋতু পৰিৱৰ্তনৰ লগে লগে৷

(ৰচনাকাল : ১৯৯৫চন)




No comments:

Post a Comment