‘টকাৰ সৰু সৰু মাতে সমনীয়া
টকাৰ সৰু সৰু মাত;
টকাৰ মাতে শুনি ৰ’বকে নোৱাৰোঁ
এৰি যাওঁ পেটৰে ভাত৷’
নৃত্য, গীত আৰু বাদ্যৰ ত্ৰিৱেণী-সংগ্ৰম, অসমৰ
জাতীয় উৎসৱ বিহুৰ অন্যতম আনুষংগিক বাদ্য টকা৷ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী, ঘৰতে সাজিব
পৰা এই বাদ্য অসমৰ নিজস্ব সম্পদ৷ অসমীয়া সংগীত-অলংকাৰৰ ইও এক উজ্জ্বল বাখৰ৷
প্ৰকৃতিৰ বুকুতে এদিন সংগীতৰ সন্ধান পোৱা পূৰ্বপুৰুষে
হয়তো বাঁহে বাঁহে ঘঁহনি খাই নিৰ্গত হোৱা শব্দতে বাদ্যৰো আভাস পাইছিল৷ তাৰে চানেকী লৈ
থলুৱা সমলেৰে তেওঁলোকে ন ন বাদ্যৰ সৃষ্টি কৰিলে৷ টকা তেনে এবিধ বাদ্যই৷ আনহাতে, দূৰ
অতীজত পশু-পক্ষীৰ পৰা ধাননি-পথাৰৰ পকা ধান, চোমনিৰ মুগা ইত্যাদি ৰক্ষা কৰিবৰ নিমিত্তে
গোটা বাঁহ ফালি সাজি লোৱা এবিধ যতন ব্যৱহাৰ কৰা হৈছিল৷ খেতিৰ পৰা বনৰীয়া জন্তু খেদি
পঠিয়াবলৈ বা বাৰীত থকা গছত পূৰঠ হোৱাৰ ফল-মূল চৰাই-চিৰিকটিয়ে খোৱাৰ ৰক্ষা কৰিবলৈকো তেনে
যতন প্ৰয়োগ কৰিছিল৷ বাঁহেৰে নিৰ্মিত সঁজুলিটোৰ সৈতে এডাল দীঘল ৰছী সংযোগ কৰি সময়ে সময়ে
বা প্ৰয়োজনবশতঃ হাতেৰে টানি আকস্মিকভাৱে শব্দৰ সৃষ্টি কৰি বিহংগ অথবা অন্য প্ৰাণীক
হুৰাই কষ্টোপাৰ্জিত শস্যাদিৰ ক্ষয়-ক্ষতি ৰোধ কৰা হৈছিল৷ কৃষি-ক্ষেত্ৰত ব্যৱহৃত সেই
সঁজুলিয়েই কালক্রমত এদিন আহি থলুৱা লোক-সংগীতত প্ৰৱেশ কৰিলে৷ সময়ৰ অগ্ৰগতিৰ লগে লগে
পাৰম্পৰিক সাংস্কৃতিক আদান-প্ৰদানৰ মাধ্যমৰে বিকশিত হৈ পুৰণি অসমীয়া কৃষিজীৱী সমাজৰ
এই সুন্দৰতম সৃষ্টি বৃহৎ অসমীয়া বাদ্য-ভাণ্ডাৰৰ অমূল্য সম্পদৰূপে চিহ্নিত হৈ ৰ’ল৷ গতিকে চহা জীৱনৰ জীৱিকা নিৰ্বাহৰ
একমাত্ৰ স্থল কৃষিভূমিকেই টকাৰ উৎপত্তিৰ থলী বুলিব পাৰি৷ কৃষিনিৰ্ভৰ গঞাৰ গ্ৰাম্য সাংস্কৃতিক
জীৱনৰ সৈতে ই বিশেষভাৱে সম্পৃক্ত৷
বিহু-নাম গোৱাৰ প্ৰসংগত সংগত কৰা বাদ্য হিচাপে
প্ৰাচীন কাল অৱধি অসমীয়া জন-সমাজত টকাৰ ব্যৱহাৰ হৈ আহিছে৷ তদুপৰি এই কথা সৰ্বজনবিদিত
যে বিহু-নাম, বিহু-নাচৰ তাল ৰাখিবৰ বাবেই এই বাদ্য নিয়োগ কৰা হয়৷ বিহু উৎসৱৰ সৈতে সম্পৰ্কযুক্ত
ই এক বিশেষ বাদ্য যাক বাদ দিলে বিহুৰ সামগ্ৰিক চিত্ৰখনেই অসম্পূৰ্ণ হৈ ৰোৱা যেন অনুভৱ
হয়৷ ৰঙালী বিহুৰ মোহনীয়া অৱদান বিহু-নামৰ আপোন-ভোলোৱা সুৰৰ উপৰি বিহু-নাচ, হুঁচৰি,
মুকলি বিহু সকলোতে ঢোল, পেঁপা, তাল, বাঁহী, গগনা, সুতুলি আদি বিহু-বাদ্যৰ সৈতে ৰৈখিক
সংগতি বৰ্তাই ৰাখি টকায়ো টক্ টক্, টক্ টক্ স্বকীয় ধ্বনি-প্ৰতিধ্বনিৰে বিহুৱা-বিহুৱতীৰ
নৃত্য-গীতৰ তাল-মান নিয়ন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা লয়৷
টকা সাজিবৰ বাবে পূৰঠ জাতি বাঁহ নাইবা ভলুকা বাঁহৰ
দুই মূৰ গাঁঠিযুক্ত আগলি অংশৰ প্ৰয়োজন৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় এক মিটাৰ যদিও এই ক্ষেত্ৰত
ভিন্নতা নোহোৱা নহয়৷ বাদ্যটো সাজিবলৈ হ’লে প্ৰথমে গোটা বাঁহডালৰ এমূৰে গাঁঠি অক্ষতভাৱে ৰাখি আনটো
মূৰ ঠিক সোঁমাজেৰে দ্বিতীয়টো গাঁঠি পৰ্যন্ত দীঘলীয়াকৈ সাৱধানে ফালিব লাগে৷ তাৰ পাছত
নফলা মূৰটো কিছু ওপৰলৈ দুয়োফালে কৌণিকভাৱে কাটি এৰুৱাই পেলোৱা হয়৷ এনে কৰিলে ফলা পাত
দুচটা হাতেৰে ধৰাত সুচল হয়৷ চাঁচি-চিকুণাই মিহি কৰি লোৱা এই অংশ দুটা দুখন হাতেৰে দুফালৰ
পৰা ধৰি লৈ এফাল বাঁহেৰে আনফাল বাঁহত কোবাই কোবাই বাদ্যটো বজায়৷ এচটা পাতে আনচটাক আঘাত
কৰোঁতে হাত-চাপৰিৰ দৰে টক্ টক্ স্পষ্ট শব্দৰ সৃষ্টি কৰে৷ দৰাচলতে টক্ টক্ ধ্বনি
উৎপন্ন হয় বাবেই বাদ্যটোৰ নাম টকা৷ টকা নামটোযে অনুকাৰ শব্দৰ পৰাই উদ্ভূত তাক সহজে
বুজিব পাৰি৷ বিহুৰ আগমনৰ সময়তে সময়-সুবিধা উলিয়াই টকাকে ধৰি যাৱতীয় বাদ্যসমূহৰ প্ৰস্তুতি
তথা মেৰামতিত ব্যস্ত হৈ পৰে অসমীয়া যন্ত্ৰকুশলী৷
টকা মংগোলীয় সংস্কৃতিৰ অৱদান৷ বিহু উৎসৱত ব্যৱহৃত
এই বাদ্যবিধ অসমৰ অন্যতম প্ৰাচীন অধিবাসী সোণোৱাল কছাৰীসকলৰ বৰঙণি বুলি গৱেষকসকলে মন্তব্য
কৰে৷ উজনি অসমৰ বাসিন্দা এই জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণসমূহত বজোৱা লোক-বাদ্যবোৰৰ
ভিতৰত টকা বিশেষভাৱে উল্লেখযোগ্য৷ ব’হাগ বিহু সোণোৱাল কছাৰীসকলৰ ঘাই উৎসৱ৷ বিহু উপলক্ষে তেওঁলোকে
ৰাজহুৱা নামঘৰত আনুষ্ঠানিকভাৱে আৰম্ভণি কৰি প্ৰত্যেকৰে ঘৰতে হুঁচৰি গায়৷ এইদৰে হুঁচৰি
পৰিৱেশনৰ সময়ত তিনি বা চাৰিযোৰ বাঁহৰ খুঁটিৰ ওপৰত প্ৰতিষ্ঠিত ন-পাব দীঘল এডাল জাতি
বা ভলুকা বাঁহৰ এক বাহন ঘৰে ঘৰে লৈ ফুৰা হয়৷ ইয়াক টকা বোলে৷
দেউৰীসকলৰ সমাজতো পুৰণি কালৰে পৰা হুঁচৰি গোৱাৰ
প্ৰথা প্ৰচলিত হৈ আহিছে৷ বিহু উপলক্ষে হুঁচৰি গাওঁতাসকলে গৃহস্থৰ পদূলিত এডাল দীঘল
বাঁহ দুটা খুঁটিৰ ওপৰত অৱস্থান কৰোৱাই প্ৰত্যেকেই একোডালকৈ বেতৰ সৌকা লৈ ঢোলৰ ছেৱে
ছেৱে বাঁহডালত কোবাই কোবাই নাম গায়৷ ঠাইবিশেষে দুই বা তিনিডাল বাঁহো ব্যৱহাৰ কৰা হয়৷
পৱিত্ৰ স্থানৰ পৰা সংগ্ৰহ কৰা এনে বাঁহ গৃহস্থৰ পদূলিমুখত বৰ্গাক্ষেত্ৰাকাৰে খুঁটি
পুতি তাৰ ওপৰত প্ৰতিষ্ঠা কৰা হয়৷ নাম লগাওঁতাই বাঁহৰ বেষ্টনীৰ মাজত সোমাই ঘূৰি ঘূৰি
নাম লগাই যায় আৰু সহযোগীসকলে হাতত এছাৰি লৈ বাঁহকেইডালৰ চৌপাশে পৰিভ্ৰমণ কৰি বাঁহত
কোব মাৰি শব্দ তুলি হুঁচৰি গায়৷ দেউৰীসকলে টকা বুলি গণ্য কৰা এই বাদ্য ব্যৱহাৰৰ মুখ্য
উদ্দেশ্য হৈছে হুঁচৰিত তাল ৰখা৷
মিচিংসকলে আকৌ উভয় প্ৰান্ততে গাঁঠি সম্বলিত এপাব
বাঁহৰ এটা প্ৰান্ত ফালি আনটো প্ৰান্তত গাঁঠিৰ ফালে লেহুকাকৈ কাটি দুয়োফাল বাঁহক পৰস্পৰ
প্ৰহাৰ কৰোৱাই এবিধ বাদ্য বজায়৷ এই বাদ্যক কক্তেৰ বোলা হয়৷ হাত চাপৰিৰ দৰে এই বাদ্য
বজাই ঐনিতম গাই তেওঁলোকে বিহু মাৰে৷
বড়ো-কছাৰীসকলে নৃত্য-গীতৰ আনুষংগিক বাদ্য হিচাপে
থৰকা বা ওৱাখোৱাং নামৰ এবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে৷ এই বাদ্য সাধাৰণ টকাৰ দৰে ভলুকা
বাঁহ ফালি সজা৷ ভৰবিহুৰ দিনা গাঁৱৰ প্ৰতি ঘৰে ঘৰে বিহু মাৰোঁতে এই বাদ্য ব্যৱহাৰ কৰা
হয়৷
অসমীয়া সমাজ-জীৱনৰ সৈতে অংগাংগীভাৱে জড়িত বিহু
উৎসৱৰ অপৰিহাৰ্য অংগ, তৃণজাতীয় উদ্ভিদৰ অংশৰে তৈয়াৰী টকা ভাৰতবৰ্ষৰ আন কোনো প্ৰদেশতে
পৰিলক্ষিত নহয়৷ ত্ৰিপুৰা আৰু মহীশূৰত ইয়াৰ দৰে এবিধ বাদ্যৰ ব্যৱহাৰ আছে যদিও একে বুলিব
নোৱাৰি৷ আনহাতে ম্যানমাৰ, লাওচ আদি দেশত টাইসকলে বসন্তোৎসৱ পঈ-চেং-নাঙত এনে বাদ্য বজায়৷
মাইকটাপ নামে পূব এচিয়াৰ দেশসমূহত বাঁহৰ টকাৰ সদৃশ বাদ্যই জনপ্ৰিয়তা লভি থকা বুলি জনা
যায়৷
টকাক কেন্দ্ৰ কৰি টকা-বিহু বুলি এবিধ বিহুৰো কোনো
কোনো ঠাইত প্ৰচলন আছে৷ পুৰণি গাভৰু-বিহুৰ ই ঘৰুৱা ৰূপ৷ বোৱাৰীসকলে ইয়াত অংশ গ্ৰহণ কৰে৷
পণ্ডিত-গৱেষকসকলৰ ধাৰণা মতে এই বিহুত বেছিকৈ টকা ব্যৱহাৰ কৰাৰ কাৰণেই আঞ্চলিকভাৱে ই
টকা-বিহু নাম পাইছে৷ এই বিহুৰ মূল বাদ্য হৈছে টকা৷
প্ৰাচীন অসমীয়া সাহিত্যত উল্লেখ থকা বাদ্যসমূহৰ
ভিতৰতো টকা অন্যতম৷ লোক-সাহিত্যৰ অপূৰ্ব চানেকী বিহু-নামৰ স্তৱকবোৰৰ কোঁহে কোঁহে ঢোল,
পেঁপা, গগনাৰ দৰে টকাৰ কথাও সাঙোৰ খাই আছে৷ বিহুত বিহুৱাই নামৰ জৰিয়তে ব্যৱহৃত বাদ্যসমূহৰ
উৎপত্তিৰ কাহিনী দাঙি ধৰে৷ তিব্বত-বৰ্মী কিৰাতৰ দান, টকাৰ সৃষ্টিকথাও বিহুৱাসকলে বিহু-নামেৰে
বিৱৰে৷ সমূহ বিহু-বাদ্যৰ মিলন ধ্বনিয়ে পূৰ্ণাংগ ৰূপ দান কৰে বিহুক৷ অসমীয়া লোক-সংস্কৃতিৰ
মনোৰম সম্পদ বিহু-নাম আৰু হুঁচৰিৰ সুৰে সুৰে ঢোল-তালৰ সৈতে টকাৰ খিত্-খাত্ যাদুকৰী
অনুৰণনে শ্ৰোতাৰ হিয়া চুই যায়৷ সাহিত্যৰখী লক্ষ্মীনাথ বেজবৰুৱাই লিখি গৈছে…
‘টকা, পেঁপা, ঢোল
গীতত উঠে ৰোল
নাচে ঐ বিহুৱা কাই৷’
বিহু উৰুওৱা বা বিহু সামৰা বা বিহু যোৱাৰ দিনাখন
বিহুতলীৰ অৰ্থে নিৰ্বাচিত বট, আঁহত বা জৰি গছৰ গুৰিত কোনো এবিধ বিহু-বাদ্য এৰি বা ভাঙি
থৈ হৰিধ্বনি দি পিছফালে উভতি নোচোৱাকৈ ঘৰমূৱা হোৱাটো বিহু সংস্কৃতিৰ এক পৰম্পৰাগত নিয়মৰূপে
চলি আহিছে৷ এই প্ৰথা পালনত বিহুৱাই সাধাৰণতে টকা ব্যৱহাৰ কৰে৷ গতিকে বিহুৰ আৰম্ভণিৰ
পৰা শেষলৈকে টকাৰ সম্বন্ধ ওতপ্ৰোত বুলি ক’ব পাৰি৷
অসমৰ নানাবিধ খিলঞ্জীয়া বাদ্যৰ ভিতৰত টকাও তেনে
এবিধ য’ত নীৰৱে অন্তৰ্নিহিত হৈ আছে লুইতপৰীয়া
সংস্কৃতিৰ মিলনমুখী ধাৰৰ অন্তহীন কাহিনী৷ অসমীয়া সংগীত ভাণ্ডাৰলৈ জনজাতীয়সকলে আগ বঢ়োৱা
এয়া এক অনুপম উপহাৰ, যাক নুই কৰাৰ সাহস কাৰোৰে নাই৷ এইবোৰৰ মাজেদিয়েই অসমৰ জনজীৱনে
প্ৰকাশ লাভ কৰিছে আৰু কৰি থাকিব৷
(ৰচনাকাল : ১৯৯৮চন
তথ্য : বিভিন্ন উৎসৰ পৰা সংগৃহীত)
No comments:
Post a Comment