Tuesday, 1 April 2014


‘বৈহাগৰ মাহতে কুলি পাৰে ৰাৱ৷
কুলিৰ ক্রন্দন শুনি নুজুৰায় গাৱ৷৷’

ঋতুচক্রৰ পৰ্যাবৃত্ত বিৱৰ্তনক্রমে ধৰাত বিৰাজ কৰা নৱ-বসন্তৰ ফুৰ্ফুৰীয়া বা পাই যেতিয়া শীতৰ শুষ্কতাই লঠঙা কৰি থৈ যোৱা গছ-লতিকাই সেউজ-কোমল কুঁহিপাতেৰে গা-জুৰায়, তেনে সন্ধিক্ষণতে প্ৰকৃতিৰ অন্যতম অৱদান চৰাই-চিৰিকটিৰো উদ্দাম-উচ্ছাসপূৰ্ণ কলৰৱৰ মাত্ৰা বৃদ্ধি পায়৷ নিজস্ব ভাষাৰে ভাব-অনুভূতি প্ৰকাশি বন-উপবনত প্ৰাণোচ্ছল অনুৰণন তোলে সৌন্দৰ্যপিয়াসী বিহংগই৷ সুদূৰৰ পৰা ডেউকা কোবাই আহি নিৰ্বাচিত প্ৰকৃতিৰ শ্যামলীমা বক্ষত আপোনমনে আনন্দ-বিহাৰ কৰে, আকুলভাৱে বিননি তোলে, মধুৰ মূৰ্চ্ছনা ৰচে, সিহঁতৰ স্বকীয় শৈলীৰে৷


বসন্তত শতৰূপা অংগসজ্জাৰে নয়নানন্দ বসুন্ধৰাই মানৱচিত্তলৈ অনিৰ্বচনীয় প্ৰশান্তিৰ ভাবাৱেশ সঞ্চাৰিত কৰাৰ লগতে সমাগত বসন্ত উৎসৱৰ আগলি বতৰা কঢ়িয়াই আনে৷ কূ-উ, কূ-উ মুৰ্হুমুহুঃ কুহৰণেৰে কুলিটিয়েও আপোন অস্তিত্ব ঘোষণা কৰাৰ লগতে অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুটিৰ আগমন সূচায়৷ চ’তৰ শেষত ন-ব’হাগৰ পুনৰাগমনৰ ইংগিত বহনকাৰী কুলিৰ অবিস্মৃত কূজন শুনিবৰ বাবে উৎকৰ্ণ হৈ পৰা অসমীয়া মানুহৰ কুলিটিৰ যাদুকৰী ঐক্যতান কৰ্ণপটহত গুঞ্জৰিত হোৱা মাত্ৰকে দেহ-মন সাতখন-আঠখন হয়৷ বিহু, কুলি, অসমীয়া... তিনিওৰে সম্পৰ্ক সেয়েহে ইমান নিবিড়, ইমান এৰাব নোৱাৰা৷


অমৃতবৰষা কল-কণ্ঠেৰে মৰ্তলৈ সুন্দৰৰ উদ্বেলিত বন্যা বোৱাই অনা কুলি ঋতুৰাজৰ আগমন কালত অসমত দৃষ্টিগোচৰ হোৱা পক্ষীবিশেষ৷ বৈজ্ঞানিক নাম Eudynamys scolopaceus, বৰ্গ Cuculiformes, গোত্ৰ Cuculidae৷ এচিয়া মহাদেশৰ ভাৰতবৰ্ষ, পাকিস্তান, নেপাল, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ইণ্ডোনেচিয়া, ফিলিপাইনচ, চীন দেশকে ধৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তত ১২০টাতকৈ অধিক প্ৰজাতিৰ কুলি বিক্ষিপ্তভাৱে আছে৷ তাৰে কিছুমান নিগাজী বা স্থায়ী (Resident), কিছুমান সাধাৰণ বা সহজলভ্য (Common), কিছুমান বৰ্ণসংকৰ (Hybrid), কিছুমান প্ৰব্ৰজনকাৰী (Migratory)৷ বৈজ্ঞানিক নামকৰণ অনুযায়ী ভাৰতীয় কুলি চৰাইক Cuculus micropeterus micropeterus, হিমালয়ৰ পাদদেশৰ কুলি চৰাইক Cuculus saturatus saturatus, খাচিয়া পাহাৰৰ কুলি চৰাইক Cuculus canorus bakeri বুলি জনা যায়৷ দীঘলীনেজীয়া কুলি দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ স্থানীয় পখী৷ গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহেই কুলিৰ প্ৰধান বিচৰণস্থল৷ 


সুললিত কণ্ঠৰ গৰাকী কুলি নামটোৰ উৎপত্তি ইয়াৰ সুৱদিসুৰীয়া মাতষাৰ বুলিব পাৰি৷ কুলি চৰাইৰ কণ্ঠস্বৰ ইমান বিশেষ ধৰণে মিঠা, স্পষ্ট আৰু আকৰ্ষণীয় যে পৃথিৱীৰ বিভিন্ন ভাষাত থকা ইয়াৰ নামসমূহ (থলুৱা Kuli, Koel, Kookil; ইংৰাজীত Cuckoo, ফৰাচীত Coucou, জাপানীত Kak-ko, জাৰ্মানত Kuckuck, ৰাছিয়ানত Kukushk আদি) লক্ষ্য কৰিলে এক ধৰণৰ মিল কিম্বা বিশ্বজনীনতাহে অনুভূত হয়৷


কুলি চৰাইৰ মতাটোৰ ৰং মেচমেচীয়া ক’লা, মাজে মাজে ঘন নীলা৷ দেহ লাহী৷ চকুৰ মণি ডাঠ ৰঙা৷ ঠোঁট পাতল সেউজ মুগা সদৃশ৷ ঠেং ছাইৰঙী৷ বৰণ আৰু গঠনত কাউৰীৰ সৈতে সাদৃশ্য দেখা যায়৷ মাইকীজনী মতাটোতকৈ বেলেগ৷ মূৰৰ ওপৰভাগ মটীয়া৷ তলৰ অংশ মুগা বৰণীয়া৷ গাত বগা ফুটফুটীয়া ঘন ঘন দাগ, তললৈ অাঁচ পৰা ধৰণে থাকে৷ প্ৰজাতি অনুসৰি তাৰতম্যও নথকাও নহয়৷ আনহাতে ইহঁতে বৰ বেছি উচ্চতাৰ গছ-গছনিতকৈ সৰহ ডাল-পাত থকা গছহে বাছি লয়৷ পাতৰ মাজে মাজে যোৰাপাতি বা অকলশৰীয়াকৈ ফুৰে৷ বেসুৰীয়া কুক্-কুক্, কিক্-কিক্ শব্দেৰে চিঞৰ-বাখৰ কৰি থাকে৷ জাৰকালি কিন্তু নিমাত৷


গছৰ গুটি, ফল-মূল, পোক-পৰুৱা ইহঁতৰ মুখ্য আহাৰ৷ জেঠী, বিছা, কেৰেলুৱা আদিও ইহঁতে খায়৷ খাদ্যাভ্যাসলৈ চাই ইহঁতক সৰ্বভক্ষীও বুলিব পাৰি৷


সচৰাচৰ বিহংগমে সজাৰ দৰে কুলিয়ে নিজস্বভাৱে নীড় তৈয়াৰী নকৰে৷ এয়া ইহঁতৰ এক বৈশিষ্ট্য৷ অন্য বিহগ, বিশেষকৈ কাউৰীৰ বাহত মনে মনে কণী পাৰি থৈ যায়৷ কাউৰীৰ কণীবোৰ বাহৰ পৰা তললৈ পেলাই দিয়ে৷ এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰত মাইকী কুলিয়ে কণী পাৰে৷ কণীৰ আকাৰ কাউৰীতকৈ সামান্য ডাঙৰ যদিও বৰণ আৰু ধৰণ প্ৰায় একেই৷ সেয়েহে কাউৰীয়ে চিনিব নোৱাৰে৷ আপোন ডিম্ব জ্ঞান কৰি বুকুৰ উত্তাপেৰে উমনি দিয়ে৷ দুসপ্তাহমানৰ ভিতৰতে পোৱালি জগায়, টোপ খুৱাই ডাঙৰ কৰে, শত্ৰুৰ পৰা ৰক্ষা কৰে৷ অলপমান ডাঙৰ হৈ লৰচৰ কৰিব পৰা হ’লেই সেই কুলি পোৱালিয়ে বাহত থকা অন্য কণী বা পোৱালিক তললৈ নিক্ষেপ কৰে৷ নোদোকা আৰু উৰিব পৰা হ’লেই ধাইমাক কাউৰীক এৰি স্বজাতিৰ সংগ লয়গৈ৷


কুলি চৰাইৰ আন এটা বিশেষত্ব হ’ল, কেৱল মতা কুলিয়েহে কূ-উ, কূ-উ প্ৰাণস্পৰ্শী তথা হৃদয়গ্ৰাহী ধ্বনি সৃষ্টি কৰিব পাৰে৷ এনে আকৰ্ষণীয় আৰু প্ৰাণ-চাঞ্চল্যকাৰী ধ্ৰুপদী স্পন্দনেৰে দৰাচলতে মতা কুলিয়ে মাইকী কুলিক সহবাসৰ বাবে আমন্ত্ৰণ জনায়৷ সুৰীয়া মাতেই বিহংগৰ সংগম-কালৰ শ্ৰেষ্ঠ আহিলা৷ প্ৰিয় ঋতু কুসুমাকাৰ আহি পোৱাৰ লগে লগে মতা কুলিৰ স্বৰৰ স্বতঃস্ফূৰ্ত পৰিৱৰ্তন ঘটি ক্রমান্বয়ে শুৱলা হ’বলৈ ধৰে৷ দীঘলীয়া, সুশ্ৰাব্য, সংবেদনশীল গায়কী আৰাও টানিব পৰা হয়৷ কেতিয়াবা হঠাতে মধুৰাতিৰ গমগমীয়া নিস্তব্ধতাকো তল পেলাই বাৰীৰ ঢাপৰ আমগছৰ পাতৰ আঁৰত লুকাই সৰৱ আৰু হৃদয়স্পৰ্শী মাতেৰে অমিয়া ঢালে৷


দুৰ্লভ স্বৰযন্ত্ৰৰ অধিকৰ্তা কুলি ব’হাগৰ সৈতে বিশেষভাৱে সম্পৃক্ত৷ কুলিৰ মাতত ব’হাগ আহে প্ৰাণ-প্ৰাচুৰ্যৰে সমুজ্জ্বল হৈ৷ কুলি ব’হাগৰ প্ৰতিনিধি, যাৰ অভিনৱ সুৰৰ মাধুৰ্যই অসমীয়া জনজীৱনলৈ বসন্তৰ জোৱাৰ আনে, ডেকা-গাভৰুৰ অন্তৰত যৌৱনৰ ঢল নমায়৷


পুৰণি অসমীয়া গীত-মাতত কুলি চৰাইৰ উল্লেখ বিশেষভাৱে পোৱা যায়৷ চৰাই-চিৰিকটিকলৈ সৃষ্টি হোৱা বিহুনামসমূহৰ এটা প্ৰধান উৎস কুলি৷ কবি-গীতিকাৰৰ হৃদয়ত বসন্ত-দূত কুলিৰ সুকীয়া স্থান আছে৷ কুলিৰ সুমধুৰ স্বৰবিন্যাসে মনত পেলাই নিদিয়ে জানো শৈশৱকালত পঢ়া সেই কবিতাফাকিলৈ…

‘অ’ কুলি অ’ কুলি
কূ-উ, কূ-উ বুলি 
আকৌ এবাৰ মাত...’

প্ৰাকৃতিক নিয়মত বন্দী পখীৰ জীৱনৰ এক অংগাংগী অভিযোজনা প্ৰব্ৰজন৷ নিৰ্দিষ্ট ঋতুত সিহঁতৰ কিছুমানে এঠাইৰ পৰা আন এঠাইলৈ পৰিভ্ৰমণ কৰে প্ৰজননৰ উপযোগী জলবায়ু তথা অনুকূল পৰিৱেশৰ সন্ধানত৷ দ্ৰুত বৃক্ষ ধ্বংসযজ্ঞৰ ফলত ক্রমাৎ সংকুচিত হৈ অহা প্ৰাকৃতিক অৰণ্য আৰু কংক্রিটৰ জংঘললৈ পৰ্যবসিত হোৱা পাৰিপাৰ্শ্বিক অৱস্থাই পক্ষীৰ স্বভাৱসিদ্ধ স্বতন্তৰীয়া আচৰণত ব্যাঘাত জন্মোৱাৰ লগতে জলবায়ুৰ ব্যাপক হীন-ডেঢ়ি ঘটাই বিহংগৰ বিলুপ্তিত পৰোক্ষ ইন্ধন যোগাইছে৷ স্বাভাৱিক প্ৰবৃত্তিৰ বশৱৰ্তী হৈ সেয়ে কূ-উ, কূ-উ পঞ্চম সুৰৰ অধিকাৰী কুলি চৰায়ো দৈৱাৎ এদিন কোনোবা অজান্তি মুলুকলৈ গুচি যায়গৈ৷ বিষাদৰ ৰাগিনীৰে মাথো কৈ যায়…

‘জাৰ হ’লে অন্ত আহিব বসন্ত
পছোৱা বলিব জোৰ,
তেতিয়া আহিম আকৌ নাচিম
ধৰিম গানৰ সুৰ৷’

(ৰচনাকাল : ১৯৯৭চন
তথ্য : বিভিন্ন উৎসৰ পৰা সংগৃহীত)

No comments:

Post a Comment