মই থকা বৃহৎ দুমহলীয়া হোষ্টেল ব্লক-এফৰ মূল দৰজাখনৰ
পোনে পোনে, সন্মুখৰ ৰাস্তাটো পাৰ হৈয়ে আমাৰ ফিল্ডখন৷ খেলপথাৰৰ একেবাৰে সিটো মূৰত পকী
ষ্টেজটো৷ সেইটোক কেন্দ্ৰ কৰিয়ে সজা হৈছে এটা প্ৰকাণ্ড পেণ্ডেল৷ উদ্দেশ্য, ফাইনেল ইয়েৰ
নাইট৷
সেয়া বোধ কৰোঁ ১৯৯১ৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ কথা৷
সময়টো খাটাংকৈ ক’ব নোৱাৰিছোঁ যদিও এইটো হ’লে এতিয়াও ভালদৰে মনত আছে যে
নিশা ন বজাতে মঞ্চত উঠিছিল ফাইনেল ইয়েৰ নাইটৰ বিশেষ আকৰ্ষণ, মণিপুৰৰ পৰা আমন্ত্ৰণ জনাই
অনা হাৰ্ড ৰক বেণ্ড৷ কাণ তাল মৰা সেইজাতীয় সংগীতত জাহ যাব নোৱাৰা হেতুকে অলপ সময় থাকিয়ে
বিছনাত আশ্ৰয় ল’লোঁগৈ৷ পিছে মোৰ ৰুমটো আছিল হোষ্টেলৰ
মূল দৰজাখনৰ চিধাচিধি৷ গতিকে দীঘলচুলীয়া, চাৰিজনীয়া গায়কবৃন্দৰ সৈতে ব্যৱধান এশ মিটাৰৰ
কম নহ’লেও সৰলৰৈখিকভাৱে ধাৱিত শব্দৰ
সমদল যাত্ৰা চলি থাকিল মোৰ কোঠাৰ দিশে৷ দৰজা মাৰিও তত নাপালোঁ৷ উচ্চ প্ৰাৱল্যৰ সংগীতৰ
আক্রমণত ইতিমধ্যে কাণ দুখনে কিবা গুমগুমাব ধৰিছিল৷ সেই নিশা বহুত পৰলৈকে মোৰ টোপনি
অহা নাছিল৷
সি যি কি নহওক, ফাইনেল ইয়েৰ নাইট পাৰ হৈ গ’ল৷ অনুষ্ঠানৰ আয়োজক ছাত্ৰসকলক
আছাম এচোচিয়েচনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ’ল যে পেণ্ডেলৰ বাঁহৰ ফ্ৰেমটো যেন ভাঙি নেপেলায়৷ যেনে আছে
তেনেই থাকিবলৈ দিয়ে যাতে৷ কাৰণ সন্মুখত ৰঙালী বিহু আহি আছে৷ সেই স্থানতে ব’হাগ মাহত আমি অসমৰ ছাত্ৰবোৰে
বিহু পাতিম৷ অন্ততঃ এটা কাম সহজ হ’ব৷
গতিকে পেণ্ডেলৰ ফ্ৰেমটো অক্ষত ৰূপতে ৰখা হ’ল৷ বিহুলৈ বাকী থকা দিনকেইটা
তাৰ তলেৰেই চৰ্টকাট মাৰি আমি ক্লাছলৈ আহ-যাহ কৰিলোঁ৷ অসুবিধা নোহোৱাকৈ নাথাকিল যদিও
তেনেকৈয়ে নিতৌ আবেলি ফিল্ডত খেলা-ধূলাও চলাই গ’লোঁ৷
কেলেণ্ডাৰ আগুৱাই গ’ল৷ এপ্ৰিল সোমাল৷ নিৰ্দিষ্ট
দিন উপস্থিত হ’লহি৷ খোলা জীপ গাড়ীত উঠি পাহাৰীয়া
ৰাস্তাৰে, কাৰ্চিংচাৰ ফালেই নেকি, পাহৰিছোঁ, অকাই-পকাই গৈ ব্লক অফিচৰ পৰা তিৰ্পাল উঠাই
আনিলোঁগৈ৷ তাৰ পিছত এফালৰ পৰা তৰি দিলোঁ উকা ফ্ৰেমৰ ওপৰত৷ সেইকেইখনে নুজুৰিলে৷ আকৌ
ক’ৰবাৰ পৰা সংগ্ৰহ কৰি অনা হ’ল৷ সন্ধিয়াৰ আগে আগে পেণ্ডেলৰ
ওপৰৰ ছাউনি মোটামুটি ৰেডী হৈ গ’ল, কম আয়াসতে৷
এতিয়া মাজত এটা মাত্ৰ দিন বাকী৷ নাহৰলাগুন, ইটানগৰ,
বান্দৰদেৱা, হাৰমতী, নাৰায়ণপুৰ, বিহপুৰীয়া, লখিমপুৰ পৰ্যন্ত খবৰ পৌচি গৈছে যে নেৰিষ্ট
(নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ চায়েন্স এণ্ড
টেকন’লজী, নিৰজুলি, অৰুণাচল প্ৰদেশ)ত
বিহুৰ আয়োজন কৰা হৈছে৷ দৈ-চিৰা, পিঠা-পনা, হুঁচৰি, মুকলি বিহু দল সকলোৰে পূৰ্ণযোগাৰ
কৰি পেলাইছে দায়িত্ববাহী ছাত্ৰ-ছাত্ৰীসকলে, অতি আন্তৰিকতাৰে৷ সহযোগ কৰিছে স্থানীয় অসমীয়া
পৰিয়ালসমূহেও৷
কিন্তু... বিধিৰ কি বিপাক! সেই নিশাৰ শেষভাগলৈ
হিল-দল ভাঙি আহক এজাক বৰষুণ৷ লগতে প্ৰবল বতাহো৷
পুৱা মোৰ সোনকালে শুই উঠাৰ অভ্যাস৷ নিয়মিত জগিং
আৰু এক্সাৰচাইজ কৰোঁ৷ টুথ ব্ৰাছডাল হাতত লৈ পেণ্ডেলটো চাওঁগৈচোন বুলি হোষ্টেলৰ মুখলৈ
ওলাই আহিলোঁ৷ অ’... হৰি! পেণ্ডেল দেখোন মাটিত
ফ্লেট! কি হ’ব এতিয়া? কান্দিবলগীয়া অৱস্থা
হ’ল৷
বৰদৈচিলাৰ প্ৰকোপত বিহুৰ পেণ্ডেল বাগৰি পৰাৰ বাতৰিটো
ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে ক্ষন্তেকৰ ভিতৰতে মৌ-মাখিৰ দৰে সাতখন হোষ্টেলৰ নিৱাসী অসম-সেনাসকল
গোট খালেহি৷ সকলোৰে মনত একেটাই উৎকণ্ঠা৷ কাইলৈ বিহুখন কি হ’ব? এই পেণ্ডেল আকৌ আগৰদৰে থিয়
কৰাটো কি সম্ভৱপৰ কথা? তিৰ্পালৰ ওপৰতো দেখোন য’তে-ত’তে দ’ম দ’ম পানীৰ ডোঙা৷ ইফালে হাততচোন সময়েই নাই৷ কি কৰা যায় এতিয়া? ইয়াত কোনোপধ্যে
নহ’ব৷ বেলেগ ঠাই চাব লাগিল৷ সোনকালে৷
পিছফালৰ গেইটেদি ইনষ্টিটিউটৰ ভিতৰ ভাগলৈ সদলবলে
সোমাই গ’লোঁ৷ ইংৰাজী বৰ্ণমালাৰ ইউ পেটাৰ্ণৰ
দুমহলীয়া বিল্ডিঙৰ মাজৰ ঠাইডোখৰ ঠিক হ’ব বুলি সকলোৱে হয়ভৰ দিলে৷ ক’ৰবাত ক’ৰবাত বৰষুণৰ পানী জমি আছে যদিও
এইটো ঠিক যে ইয়াত বতাহে সতকাই নাপাব৷ সময় পিছে তাকৰ৷ এতিয়াই কাম আৰম্ভ কৰিব লাগিব৷
যুদ্ধকালীন তৎপৰতাৰে ছাত্ৰ-শক্তি কামত লাগি গ’ল৷ প্ৰথমে ঠাইখিনিত পৰি থকা অদৰকাৰী
বস্তুবোৰ আঁতৰ কৰা হ’ল৷ তাৰ পিছত ক্লাছৰুমৰ পৰা প্লে’টফৰ্মবোৰ এখন এখনকৈ ধৰাধৰিকৈ
বাহিৰলৈ অনা কাম৷ প্লেটফৰ্ম জোৰা দিয়েই অস্থায়ীভাৱে মঞ্চ সাজিব লাগিব৷ ইখনৰ ওপৰত সিখন
জাপি লেবেল মিলাই দিলত ষ্টেজটো হৈ উঠিল যেনিবা৷ পিছে তেনেকৈ ৰাখি দিলেইতো নহ’ব৷ কিয়নো, এলাপেচা কথা নহয়, ইয়াত
বিহু মৰা হ’ব৷ গতিকে খুৰাবিলাক মিলাই ভালকৈ
বান্ধিব লাগিব৷ নহ’লে নাচোনৰ গিৰিপনিত অৱস্থা কি
হয়গৈ ঠিক নাই৷
মুকলিতে পোৱা খুৰাকেইটা যোৰপাতি বান্ধিবলৈ হাতত
ৰছী লৈ বিভিন্নজন ডেকা একে সময়তে লাগি গ’ল৷ ভিতৰৰফালে হ’লে কোনো নোসোমায়৷ কাৰণ তলত আছে বোকা-পানী৷
হ’ল বুলিনো আৰু চাই থাকিব পাৰিনেকি? শেষত অমুকায়ে হাণ্ড্ৰেড
পাৰচেণ্ট ৰেচপনচিবিলিটি লৈ ল’লোঁ৷ এনেয়ে বোকা-পানী ফেনেকি ভাল পোৱা মানুহ৷ দেহাৰ জোখো প্লেটফৰ্মৰ
তলত সোমাবৰ অনুকূল৷ কাজেই নাৰিকলৰ ৰছীকেইডালমান জোখত কাটি লৈ মেকুৰীৰ বিচক্ষণতাৰে প্ৰৱেশ
কৰি দিলোঁ প্লেটফৰ্মৰ অন্তৰ্ভাগত৷ মটৰগাড়ীৰ তলফালে সোমাই মেকানিকে ওপৰমুৱাকৈ শুই কাম
কৰাৰ দৰে বোকায়ে-মাটিয়ে ইলুটি-সিলুটিকৈ ইখনৰ লগত সিখন জপটিয়াই এফালৰ পৰা আটি আটি বান্ধি
গ’লোঁ৷ লক্ষ্য ৰাখিলোঁ যাতে যিমান
নাচিলেও প্লেটফৰ্ম লৰচৰ কৰিব নোৱাৰে৷ নহ’লে বদনাম হ’ব৷
বিহুৰ উলাহত সেইখন কৰি থাকোঁতেই কোন পাকত জানো
ক’ৰবাত ওলাই থকা গজাল এটাই সোঁহাতৰ
অনামিকা আঙুলিৰ প্ৰথম জোৰাটোতে চেৰেককৈ অকণমান ফালি পেলালে৷ গজালটো দেখাই নাপালোঁ৷
বিৰিঙি অহা তেজকণ তক্তাতে ঘঁহি-পিহি মোহাৰিলোঁ৷ বিহুৰ নামত তেজ অকণমানকে দান দিছোঁ
বুলি কিবা এটা ভালো লাগিল৷ তাৰ পিছত ঠাইডোখৰ বুঢ়া আঙুলিৰে কিছু পৰ টেপা মাৰি ধৰি থাকিলোঁ৷
ৰক্তপ্ৰৱাহ ক্ষন্তেকৰ বাবে বন্ধ হ’ল যদিও অলপ পাছতে ৰঙাকৈ আকৌ জিলিকি উঠিল৷ পুনৰবাৰ একে
কায়দাৰে মচিলোঁ, টেপা মাৰিলোঁ৷ তেনেকৈয়ে কাম চলাই গ’লোঁ৷ কাম ৰখাব নোৱাৰি৷
এটা সময়ত পেটে কলমলাবলৈ ধৰিলে৷ চেৰপেটা লাগি ইপিনে
কাপোৰ-কানিৰ অৱস্থাও কাহিল৷ তলৰ পৰা ওলাই, ব্ৰেক এটা লৈ চিধাই হোষ্টেল পালোঁহি৷ হাত-ভৰি
ধুই ফটাফট ভাতকেইটা সুমুৱাই ল’লোঁ৷ আঙুলিৰ প্ৰতি কেৰেপ নাই৷ ধুৰ, মাৰ গুলী৷ মামূলি কথা এইবোৰ৷ ঠিক
হৈ যাব৷ নিজকে নিজে ক’লোঁ৷
খাই উঠিয়েই বাকী থকা কামখিনিৰ বাবে আকৌ দৌৰ মাৰি
আহি গ’লোঁ অস্থায়ী বিহুতলীলৈ৷ সময়যে
তাকৰ৷ অসম সমাজৰ প্ৰেষ্টিজৰো কথা আছে৷
পিছদিনা বিহু জমি উঠিল৷ ঢোল-পেঁপাৰ শব্দত কেম্পাচ
ৰজনজনাই গ’ল৷ ক’ৰ ক’ৰ পৰাযে বিহুৱা-বিহুৱতী আহি নাচিলে,
নচুৱালে৷ জাক জাক দৰ্শক আহিল৷ মনত ৰৈ যোৱা এটা অভিজ্ঞতা, অভিভূত হ’বলগীয়া এটা পৰিৱেশ৷ ৰাইজৰ সোঁত
দেখি আচৰিতেই মানিলোঁ৷ লগে-ভাগে বেছ স্ফূৰ্তি কৰা হ’ল৷ কটা আঙুলিৰেই দৈ-চিৰা-হুৰুম সানি ঠাহি ঠাহি
গিলিলোঁ৷ বিধে বিধে পিঠা-লাড়ু খালোঁ৷ আনকো খুৱালোঁ৷ সজাগ দৃষ্টি ৰখা হ’ল, কোনো লোক যাতে অসমীয়া জলপান
খোৱাৰ পৰা বাদ নপৰে৷ খুব মজা লাগিল সেইদিনা৷ আন্ধাৰ হোৱাৰ আগে আগে কাৰ্যসূচী সমাপ্ত
হ’ল৷ সকলোৱে প্ৰাণভৰি বিহুৰ আনন্দ
উপভোগ কৰিলে৷ ব্যস্ততাৰ মাজেৰেই কাম-কাজ সামৰি আমিও হোষ্টেল সোমালোঁগৈ৷
পাহাৰৰ বুকুলৈ লাহে লাহে নিশাৰ আন্ধাৰ নামি আহিল৷
আৰু নিশালৈ দেখোন মোৰ আঙুলিটোৱেও কিবা টনটনাবলৈ ল’লে৷ গৰম-গৰম ভাব এটাও অনুভৱ কৰিব ধৰিলোঁ৷ কটা ঠাইখিনি
মাজে মাজে চিৰিং চিৰিং কৰা হ’ল৷ অলপ অলপ ফুলিছেও৷ মই বোলোঁ, অ’, এইটো আকৌ কি লাগিল? যেনে-তেনে চলি গ’লোঁ সিদিনা৷ পিছদিনা আৰু এখোপ
চ’ৰা হ’লগৈ৷ মস্ত এডাল হৈ পৰিল আঙুলিটো৷
কোনো কামতে সহযোগ নকৰা হ’ল ই৷ ৰুমাল এখনেৰে মেৰিয়াই থ’লোঁ৷ ভাত খাওঁতে চামুচৰ সহায়
ল’ব লগা হ’ল৷ লিখিব পৰা নাযাব বুলি ক্লাছো
মিছ কৰিলোঁ৷ ইফালে, শ্ৰেণীত সদায় ৰেগুলাৰ ছাজিদ আজি কিয় অনুপস্থিত বুলি বন্ধুবৰ্গৰ
মনত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হ’ল৷ খবৰা-খবৰিও চলিল৷ আঙুলিৰ সমস্যাটো গম পোৱাত মোক চাবৰ বাবে শুভাকাংক্ষীয়ে ৰুমত ভিৰ কৰিলেহি৷ বিহুত ইমান কাম কৰা ল’ৰাটোৰ কি হ’ল বুলি অন্যান্য হোষ্টেলৰ আবাসীও
আহি হাজিৰ৷ ছাত্ৰ-বন্ধুসকলৰ দলবদ্ধ আগমন আৰু আন্তৰিকতা দেখি হাঁহিমেইনে কান্দিমেই যেন
লাগিল মোৰ৷ ইমান মৰম, মোৰ প্ৰতি!
সেই নিশাও বেছ ভুগিলোঁ৷ আৰু নোৱাৰি৷ বিভিন্নজনৰ
পৰামৰ্শ সাৰোগত কৰি পিছদিনা পুৱাতে আমাৰ ইনষ্টিটিউটৰ ডিচপেন্সেৰী পালোঁগৈ৷ ঢেলা-বগা,
ভিণ্ডাকাৰ আঙুলিটো ৰুমালখন গুচাই ডাক্তৰ ছাৰৰ সন্মুখত প্ৰদৰ্শন কৰিলোঁ৷ লগতে হিষ্টৰীও
গালোঁ৷ তেখেতে লুটিয়াই-পুটিয়াই নিৰীক্ষণ কৰিলে৷ তাৰ পিছত ক’লে... চেপটিক হৈ গ’ল৷ এতিয়াই ফালিব লাগিব৷ ডাক্তৰ,
দৰৱ, কটা-ছিঙা এইবোৰৰ পৰা শত-যোজন আঁতৰত থকা মানুহ মই৷ বাচিব পাৰোঁ নেকি বুলি চেষ্টা
কৰি চাওঁ বুলি জনালোঁ যে তিনিদিনৰ পিছতে আমাৰ পৰীক্ষা আৰম্ভ হ’ব৷ নাই, ডাক্তৰে নুশুনিলে৷ লগে
লগে নাৰ্চক মাতিলেহে৷
মই বোলোঁ হৰি! মৰিলোঁ আজি৷ নাৰ্চ দুজনীক মোৰ জীয়া-যম
যেনেই লাগিল৷ চিধাই কিবা ইনজেকচন এটা পুচ কৰিলে৷ তাৰ পিছতে দুয়োজনীয়ে ধৰি লৈ চোকা অস্ত্ৰৰে
আঙুলিটোৰ এছোৱা ফালিলে৷ ওপৰৰ পৰা তললৈ নিৰ্দয়ভাৱে কেইবাবাৰো একেৰাহে চেপি-টিপি তেজ-পূঁজ
এসোপামান বাহিৰ কৰিলে৷ জীৱটো ওলাই যোৱা যেন লাগি গ’ল সেই মুহূৰ্তত৷ সেইখিনি কৰি ঘাটুকুৰাত মলম লগাই
বেণ্ডেজ বান্ধি দিলে৷ আঙুলিয়ে ভিতৰি ভিতৰি জিন-জিন কৰিবলৈ ধৰিলে৷ যিহওক, কামটো হ’ল যেনিবা৷ এতিয়া ৰুমলৈ যাব লাগে৷
পিছে… জীয়াই জীয়াই কৰা এই অ’পাৰেছনৰ পাছত পৰৱৰ্তী পাঁচদিনলৈ যিটো অধ্যায় আৰম্ভ
হ’ল, সেইটোহে জীৱনলৈ মনত থাকি গ’ল৷
পেনিচিলিন... ডাক্তৰ চাহাবে খচাখচ লিখি দিয়া শ্লিপখন
পঢ়ি নাৰ্চে পুনৰবাৰ চিৰিঞ্জ ৰেডী কৰিলে৷ টেষ্ট কৰি চাবলৈ উদ্যত হ’ল৷ মোৰ ইফালে অণ্ঠ-কণ্ঠ শুকাই
শেষ৷ সৰুতে বান্দৰে কামোৰাত নাভিৰ কিনাৰে কিনাৰে লোৱা ষোল্লটা, তাৰ পিছত ডাঙৰত কুকুৰে
কামোৰাত একে ল’কেচনতে লোৱা আঠটা... সেইকেইটাৰ
মধুৰ স্মৃতি চিৰসেউজ হৈ আছেই৷ এতিয়া আৰম্ভ হ’ল এইজাতি৷ বাপৰে বাপ, প্ৰথমটোতে শিক্ষা পাই গ’লোঁ দেই৷ এদিন যদি সোঁ বাহুত,
পিছদিনা বাঁও বাহুত৷ তাৰ পিছদিনা আকৌ সোঁ৷ লৈ নোপোৱাসকলে মুঠেই নাজানিব এইফেৰা কেনে
মৌ-মিঠা জিনিছ৷
ট্ৰিটমেণ্ট পাই নিশালৈ আঙুলিটো জামৰি আহিল৷ আনহাতে
পৰীক্ষাও আৰম্ভ হৈ গ’ল৷ এদিন প্ৰশ্নোত্তৰ লিখি থকা
অৱস্থাতে শ্ৰেণীকোঠাতে বেণ্ডেজটো আপোনা-আপুনি সুলকি পৰিল৷ আঙুলি প্ৰায় আগৰ পৰ্যায়
পালেগৈ৷ কোনেও তৎ ধৰিব নোৱাৰাকৈ খোলা খিৰিকীৰে সেইটোক সজোৰে দলি মাৰি দিলোঁ দূৰৰ
ডাষ্টবিনটোলৈ৷
এনেকৈয়ে বিহুৰ নামত তেজ, পূঁজ, বেণ্ডেজ চব দি দিলোঁ৷
তাৰ পিছৰ পৰাই সোঁহাতৰ অনামিকা আঙুলিৰ পাবটো সামান্য চিঞা পৰিল৷ অকণমান বেঁকা ৰূপো
ধাৰণ কৰি ৰ’ল৷ আমি পতা নেৰিষ্টৰ সেই বিহুখনৰ
স্মৃতি সোঁৱৰাই থাকিল, আজিও বাৰে বাৰে৷
ৰচনা : ১১.৪.২০১৪
No comments:
Post a Comment