চন ১৯৯২৷
আলোচনা মৰ্মে এইটো ঠিৰাং কৰা হ’ল যে এইবাৰ বিহুখন ষ্টেজত নহয়,
আমাৰ খেলপথাৰৰ ঘাঁহনিত মুকলিকৈ পতা হ’ব৷ সিদ্ধান্তটো শুনি খুবেই ভাল পালোঁ৷ কিয়নো, মঞ্চবিহুতকৈ
বেলেগ ধৰণৰ কিবা এটা পাম৷ কামো কমিব, খৰছো কমিব৷ আগৰটো বছৰত বিহুৰ নামত খোৱা পেনিচিলিনৰ
মৌ-মিঠা খোঁচকেইটা বাৰুকৈয়ে মনত আছে৷
একঁকালমান ওখকৈ গোটা বাঁহৰ খুঁটি কেইটামান সমান
জোখত কাটি লোৱা হ’ল৷ তাৰ পিছত নিৰ্দিষ্ট দূৰত্বৰ
অন্তৰে অন্তৰে প্ৰায় ছয় ইঞ্চিকৈ দ গাঁত খন্দাৰ কাম৷ খুঁটিবোৰ মাটিত পুতি ইটোৰ সৈতে
সিটোলৈ সংযোগী ৰছী দুশৰীয়াকৈ বান্ধি দিয়া হ’ল৷ পলকতে তৈয়াৰ হৈ গ’ল সুন্দৰ ঘাঁহনিৰে বৃত্তাকাৰ ক্ষেত্ৰ এখন৷ কেলৈ
লাগিছে সুউচ্চ মঞ্চ... ধৰণৰ ভাব এটায়ো ততালিকে ক্রিয়া কৰিলেহি মগজুৰ ভিতৰত৷ মানে এইবাৰ
সাধাৰণতে য’তে-ত’তে দেখিবলৈ পোৱা মঞ্চটো ওপৰত,
দৰ্শকবৃন্দ তলত ধাৰণাটো ওলোটাকৈ প্ৰয়োগ কৰা হ’ল৷ ত্ৰিভুজাকৃতিৰ ৰঙা-নীলা কাগজ কিছুমান এমূৰে ময়দাৰ আঠা লেপি ৰছীকেইডালত সমদূৰত্বত ওলোমাই দিয়াত উৎসৱ উৎসৱ লাগি গ’ল৷ পৰিৱেশটোলৈ আহিল বেলেগ এটা
আকৰ্ষণ৷ এই নিৰ্ধাৰিত পৰিসীমাৰ ভিতৰতে শিল্পীসকলে নিজৰ নিজৰ সাংস্কৃতিক কলা-কৌশল প্ৰদৰ্শন
কৰিব৷ ভিতৰভাগলৈ সোমাবৰ বাবে দুফালে দুটা বাট ৰাখি দিয়া হ’ল৷ এফালেদি সোমাব, মাজৰ অংশত
নাচিব-গাব, আনফালেদি ওলাই যাব৷ এলেকাটোৰ পোনে পোনে খেলপথাৰৰ দাঁতিৰে যোৱা ৰাস্তাটোৰ
ওপৰত পৰস্পৰৰ মাজত কিছু ব্যৱধান ৰাখি তৰি দিয়া হ’ল দুখন ডাঙৰ ডাঙৰ চামিয়ানা৷ এখন অভ্যাগত ৰাইজ বহিবৰ
বাবে৷ আনখন অনুষ্ঠানত অংশ গ্ৰহণ কৰা শিল্পীসকলৰ বাবে৷ আসনৰ সুব্যৱস্থা কৰা হ’ল, ফিল্ডতকৈ অধিক উচ্চতাত থকা
পকী পথটোৰ ওপৰতে৷ চাউণ্ড চিষ্টেমো ফিটিং হৈ গ’ল যথাস্থানত৷
যথাসময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, শিল্পী-কলাকুশলী,
স্থানীয় দৰ্শকেৰে চন্দ্ৰতাপ দুখন নধৰা হৈ পৰিল৷ আচ্ছাদনৰ বাহিৰত থিয় দি, ৰাস্তাত ৰৈ,
ফিল্ডত বহি বহিও ঋতুকালীন উৎসৱৰ আনন্দময় ৰস চুহিলে সংস্কৃতিপ্ৰেমী শত-সহস্ৰজনে৷ দেখিয়ে
ভাল লাগিল৷
নেৰিষ্ট বুলিলেই উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ
বিদ্যাৰ্থীৰ স্বাভাৱিক সমাৱেশ৷ সাতভনীৰ প্ৰতিনিধিত্বকাৰী ছাত্ৰ-ছাত্ৰীসকলে মুকলি আকাশৰ
তলত নিজ নিজ ৰাজ্যৰ, নিজ নিজ জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতি, পৰম্পৰাগত নৃত্য-গীত
ইত্যাদি প্ৰদৰ্শন কৰি গ’ল, এটাৰ পিছত এটা কৰি, শৃংখলাবদ্ধতাৰে,
উলাহেৰে৷ নাগালেণ্ডৰ য়াংগাৰহঁতে নগাযাঠী লৈ ৱাৰ ডেন্স দেখুৱালে৷ মেঘালয়ৰ দলে গীটাৰ
বজাই বজাই নিজৰ গীত-মাত গালে৷ মিজোৰামৰ লালদিনপুইহঁতে বেম্ব’ ডেন্সেৰে দৰ্শকৰ হাতচাপৰি বুটলিলে৷
মণিপুৰী, ত্ৰিপুৰী, অৰুণাচলীয়ে স্বকীয় নৃত্য আগ বঢ়ালে৷ অসমৰ ছাত্ৰৰ লগতে বাহিৰৰ পৰা
বিহু বুলি আমন্ত্ৰণ জনাই অনা হুঁচৰি, মুকলি বিহুদলেও মুক্ত প্ৰাংগণত নাচি-বাগি সকলোকে
আনন্দ প্ৰদান কৰিলে৷ মিনি ইণ্ডিয়া বুলি খ্যাত শিক্ষানুষ্ঠানখনত অধ্যয়নৰত ভাৰতবৰ্ষৰ
আন আন প্ৰদেশৰ শিক্ষাৰ্থীসকলেও নিজস্ব কিবা নহয় কিবা অনুষ্ঠান একোটা উদ্যমেৰে দেখুৱাই
প্ৰশংসাধন্য হ’ল৷ কোনো খাম-খেয়ালি নোহোৱাকৈ
কাৰ্যক্রমণিকাৰ অন্ত পৰিল, দিনে-পোহৰেই৷
ষ্টেজতকৈ দেখোন এনেকৈহে কিবা এটা মজা লাগিল৷ নয়নভৰি
উপভোগ কৰিলোঁ বন্ধু-বান্ধৱৰ সৈতে৷ অগতানুগতিক কাৰ্যসূচীটোৱে কৈ বা লিখি বুজাব নোৱাৰা
ধৰণৰ বিমল এক মানসিক, আত্মিক পৰিতৃপ্তি দি গ’ল, জীৱনৰ বাকী দিনবিলাকৰ বাবে৷
প্ৰাকৃতিকভাৱে কৰা বিহুৰ উক্ত আয়োজনটো আজিও মনগহনত
থাকি গ’ল, একক আৰু অদ্বিতীয় ৰূপত৷ লগতে
বৰগছ এজোপা থকা হ’লেতো কথাই নাছিল৷ সোণত সুৱগা
চৰিল হয়৷ এইবুলিও মাজে মাজে ভাবোঁ৷ আৰু তাৰ পিছৰ পৰাই মঞ্চবিহুৰ আয়োজনৰ ব্যস্ততাত দৌৰি-ঢাপৰি
ভাগৰি পৰা বহুতকে আজিও কওঁ... ষ্টেজ বাদ দেচোন, এনেকৈ পাত৷ বসন্ত উৎসৱলৈ সকলো জনগোষ্ঠীকে
মাত৷ স্বতঃস্ফূৰ্তভাৱে সকলোৰে অংশ গ্ৰহণ আৰু প্ৰদৰ্শন হওক৷ সকলোৱে নিজক বিচাৰি পাওক৷
সংস্কৃতিৰ আদান-প্ৰদান চলক৷ মনৰ মিল হওক৷
অঁ বুলি মুখেৰে শলাগিলেও পিছে মঞ্চবিহুৰ গতানুগতিক
ধাৰাটোৰ পৰা ফালৰি কাটি প্ৰকৃতিৰ বুকুত সোমাই পৰাৰ ইচ্ছা কাৰ্যক্ষেত্ৰত হ’লে কাৰোৱেই দেখা নাপাওঁ৷ কিয়
নাজানো৷
ৰচনা : ১৩.৪.২০১৪
No comments:
Post a Comment