Saturday, 12 April 2014

বিহু আলোচনী প্ৰতিযোগিতা
শাৰদা দেৱী ন্যাস
শাৰদা দেৱী

হাগ মাহত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনেক বিহু সন্মিলন অনুষ্ঠিত হয়৷ কোনো কোনো বিহু উদ্‌যাপন সমিতিয়ে সমাৰোহ উপলক্ষে স্মৃতিগ্ৰন্থ, স্মৰণিকাও প্ৰকাশ কৰে৷ এই স্মৃতিগ্ৰন্থ, স্মৰণিকাবোৰক সাংস্কৃতিক আলোচনা-বিলোচনা হোৱাৰ একো একোখন মঞ্চ বুলিব পাৰি৷ ভাষা-সাহিত্যলৈকো এইবোৰে বৰঙণি যোগাই আহিছে৷ সেয়ে ইয়াৰ গুৰুত্ব আছে আৰু সংৰক্ষণ কৰাৰো যুক্তি আছে৷

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিৰ এটা ন্যাসে ১৯৯৩চনৰ পৰা প্ৰত্যেক বছৰে (১৯৯৬চনক বাদ দি) অসমৰ বিহুতলীসমূহৰ পৰা ওলোৱা স্মৰণিকা বা আলোচনীৰ মাজত প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব পাৰিছিলোঁ৷ উল্লেখযোগ্য যে ডিফুৰ পৰা ১৯৯৭চনত উক্ত প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে যোগদান কৰি ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ স্মৰণিকা জেতুকা (সম্পাদনা : বিদুল বৰুৱা)ই প্ৰথম স্থান লাভ কৰিছিল৷ ১৯৯৮চনত ডিফু গড়কাপ্তানি কলনি বহাগী উৎসৱ উদ্‌যাপন সমিতিৰ দ্বাৰা প্ৰকাশিত স্মৰণিকা বৰ্হমথুৰি (সম্পাদনা : ৰাজুমণি বৰা আৰু দীপালি দত্ত)য়ে তৃতীয় স্থান পায়৷ ইয়াৰ পাছত ডিফু গড়কাপ্তানি কলনি বহাগী উৎসৱ উদ্‌যাপন সমিতিৰ স্মৰণিকা বৰ্হমথুৰিৰ ক্রমে ২০০০চন (সম্পাদনা : বিদুল বৰুৱা), ২০০২চন (সম্পাদনা : ৰত্না ৰংচেহনপী) আৰু ২০০৩চন (সম্পাদনা : বিমান বুঢ়াগোহাঁই)ত প্ৰথম স্থান লভিবলৈ সক্ষম হৈছে৷ অগতানুগতিক, গঠনমূলক এই কাৰ্যসূচী হাতত লোৱা ন্যাসটো হৈছে শাৰদা দেৱী ন্যাস৷ বিহু স্মৰণিকাসমূহৰ সৈতে জড়িতসকলৰ বাবে এয়া দোহাৰিবৰ প্ৰয়োজন নাই যে এই ন্যাসৰ কেন্দ্ৰবিন্দু শাৰদা দেৱী নামৰ উদ্যমী মহিলা এগৰাকী৷

অবিভক্ত কামৰূপ জিলাৰ ঐতিহাসিকভাৱে প্ৰসিদ্ধ অঞ্চল বজালীৰ ধৰমতলা গাঁৱত ১৯৪৭চনত শাৰদা দেৱীৰ জন্ম হৈছিল৷ পিতৃৰ নাম আছিল নগেন্দ্ৰ কুমাৰ শৰ্মা আৰু মাতৃৰ নাম আছিল ভানু দেৱী৷ ককাদেউতাক সিদ্ধেশ্বৰ শৰ্মাৰ তত্ত্বাৱধানত ঘৰতে পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰী শাৰদাৰ শিক্ষাৰম্ভ হৈছিল৷ পাছত বামুণকুছি প্ৰাথমিক বিদ্যালয়ত খ-শ্ৰেণীত নাম লগাই দিয়া হয়৷ প্ৰাথমিক শিক্ষা সাং কৰি ১৯৬২চনত তেওঁ ধৰমতলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়৷ ১৯৬৫চনত পাটাছাৰকুছি বিদ্যাপীঠত নাম ভৰ্তি কৰে৷ সেই শিক্ষানুষ্ঠানৰ পৰাই ১৯৭০চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷

বাল্যকালৰ পৰাই শাৰদা দেৱী আছিল এগৰাকী মেধাৱী ছাত্ৰী৷ দুখীয়া যদিও শিক্ষা-দীক্ষাত আগ বঢ়া পৰিয়ালত জন্ম লভি আৰ্থিক অনাটনৰ বাবে অষ্টম শ্ৰেণীতে গৃহ-শিক্ষকতা কৰি পঢ়াৰ খৰচ উলিওৱাৰ লগতে পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্বও মূৰ পাতি লব লগা হৈছিল তেওঁ৷ আনহাতে ঘৰুৱা প্ৰতিকূল পৰিৱেশকো জয় কৰি নিজৰ দৃঢ় মনোবলৰ গুণতে তেওঁ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত পৰিচয়, প্ৰৱেশিকা আৰু বিশাৰদ পৰীক্ষাতো কৃতকাৰ্যতা লভিছিল৷

জীৱন গঢ়াৰ দৃঢ় সংকল্পেৰে ১৯৭০চনত তেওঁ গুৱাহাটীৰ ছোৱালী পলিটেকনিকত নাম ভৰ্তি কৰে৷ কিন্তু অৰ্থনৈতিক অৱস্থা টনকিয়াল নোহোৱাৰ পৰিপ্ৰেক্ষিতত কাৰিকৰী শিক্ষা আধৰুৱাকৈ এৰি অসম চৰকাৰৰ গুৱাহাটীস্থ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত অনুলেখকৰ চাকৰি গ্ৰহণ কৰিব লগা হয়৷ সেয়ে হলেও শিক্ষাৰ প্ৰতি থকা দুৰ্বাৰ আকাংক্ষাক ত্যাগ কৰিব নোৱাৰি মহাবিদ্যালয়ৰ নৈশ শাখাত নাম লগায়৷

উচ্চ শিক্ষা লভি গৱেষণা কৰাৰ হাবিয়াস মনতে পুহি ৰখা শাৰদা দেৱীয়ে নৱম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে ধৰণীধৰ দাসৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰা কৰণি আলোচনীয়ে বিদ্যালয়ৰ ১৭খন আলোচনীৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি পুৰস্কৃত হৈছিল৷ দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাত বজালী ছাত্ৰ সন্থাই সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা লোক-উৎসৱ আৰু বজালী শীৰ্ষক ৰচনা প্ৰতিযোগিতাত তেওঁ পাইছিল প্ৰথম পুৰস্কাৰ৷ ১৯৭৭চনত তেওঁ নিজৰ জীৱনৰ প্ৰথম কিতাপ স্কুলৰ প্ৰতীক প্ৰকাশ কৰে৷ ১৯৭৮চনত দ্বিতীয়খন কিতাপ প্ৰদীপ প্ৰকাশ হয়৷ গৱেষক শিক্ষাৰ্থীৰ বাবে ক্ষেত্ৰ অধ্যয়ন কৰি বাস্তৱ অভিজ্ঞতাৰে পুষ্ট কেইবাখনো তথ্যসমৃদ্ধ কিতাপেৰে শাৰদা দেৱীয়ে অসমীয়া ভাষা-সাহিত্যলৈ অৱদান যোগাইছে৷

জীৱনক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা শাৰদা দেৱীয়ে সঞ্চিত ধনেৰে উদয়াচলত চৰকাৰী মাটিৰ স্বত্ব কিনি সাধাৰণভাৱে ঘৰ এটা সাজি বাস কৰিবলৈ লয়৷ সেই সময়তে শ্ৰীশ্ৰী স্বামী নন্দগিৰি নামেৰে হিমালয়ত থকা সাধু এজনৰ ওচৰত দীক্ষা লয়৷ এই গুৰুজনে তেওঁৰ জীৱনত সকলোতকৈ বেছি প্ৰভাৱ পেলায়৷ ভৱিষ্যতে ধৰমশালা এখন পতাৰ মানসেৰে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে ১৯৭৮চনত বশিষ্ঠ চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণে থকা ১৩নং উপপথত ৩কঠা ম্যাদী পট্টাৰ মাটি কিনি নিজা বাসভৱনৰ লগতে একুৰিমান কোঠাৰ ভাৰাঘৰ সাজি থাকিবলৈ লয়৷

শাৰদা দেৱীৰ ব্যতিক্রমী চিন্তাৰ ফলশ্ৰুতিতে ১৯৯২চনত শাৰদা দেৱী ন্যাস গঠন কৰা হয়৷ ন্যাসৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী আৰু মহিলাৰ মাজত বিভিন্ন বিষয়ক প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ প্ৰদান কৰাৰ উপৰি ১৯৯৩চনৰ পৰা সদৌ অসম ভিত্তিত বিহুতলীসমূহৰ পৰা প্ৰকাশিত স্মৰণিকা-স্মৃতিগ্ৰন্থৰ প্ৰতিযোগিতা পাতি যোগ্যতাৰ ভিত্তিত সাহিত্য সম্ভাৰৰ বাবে তিনিটা আৰু বেটুপাতৰ বাবে তিনিটাকৈ শাৰদা দেৱী বঁটা দিয়াৰ ব্যৱস্থা কৰা হয়৷

১৯৯৫চনৰ ১৪আগষ্টত সংঘটিত এক পথ দুৰ্ঘটনাত শাৰদা দেৱীৰ সোঁ ভৰিৰ হাড় ভাগে৷ ফলত গুৱাহাটী মেডিকেল কলেজ হস্পিতালত ৮মাহ ধৰি চিকিৎসাধীন হৈ থাকে৷ বিপদক সম্পদলৈ উত্তৰণ ঘটাব জনা শাৰদা দেৱীয়ে চিকিৎসালয়ৰ বিছনাত পৰি থকাৰ সময়তে ৰচনা কৰে প্ৰভাতীৰ পৰিচৰ্যা৷ পাছলৈ সংগ্ৰামী মনোভাব অক্ষুণ্ণ ৰাখি লেকেচিয়াই লেকেচিয়াই হলেও সামাজিক কাম-কাজত উৎসাহেৰে জড়িত হৈ পৰাৰ লগতে সাহিত্যৰ পৃথিৱীখনো ভ্ৰমি ফুৰিছিল তেওঁ৷

ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ বিভিন্ন স্থান, তীৰ্থস্থান, ঐতিহাসিক স্থান ১২বাৰ ভ্ৰমণ কৰি শাৰদা দেৱীয়ে নিজৰ সৃষ্টিশীল মনৰ স্বাক্ষৰ ৰাখিছে পুণ্যভূমি ভাৰতবৰ্ষ, পুণ্যাশ্ৰম পৱনাৰলৈ গৈছিলোঁ, প্ৰয়াগৰ কুম্ভমেলা, তীৰ্থ পথিক ইত্যাদি ভ্ৰমণ কাহিনীৰে৷

গুৱাহাটী সাহিত্য সভাৰ কামত নিষ্ঠাৰে আত্মনিয়োগ কৰা, অসম সাহিত্য সভাৰ আজীৱন সদস্য শাৰদা দেৱীলৈ ১৯৯৭চনত স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী বৰ্ষত অসম চৰকাৰৰ পৰা দহ হাজাৰ টকাৰ এককালীন সাহিত্যিক পেঞ্চন প্ৰদান কৰা হয়৷

দুখীজনৰ প্ৰতি কিবা এটা কৰাৰ মনোবৃত্তি লৈ বৃন্দাবনত সন্ন্যাসীসকল থাকিবৰ বাবে নিজ খৰচত এটি পকী কোঠা নিৰ্মাণ কৰোৱাই ধৰ্মৰ প্ৰতি নিজৰ আনুগত্যৰ পৰিচয় দিয়া শাৰদা দেৱীয়ে মৃত্যুৰ পাছত নিজৰ চকু দুটা আৰু শৰীৰটো মানৱ কল্যাণৰ অৰ্থে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষলৈ দান দিয়াৰ চুক্তি কৰিছিল৷ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক, স্নাতক প্ৰথম আৰু দ্বিতীয় খণ্ডৰ চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক প্ৰতি বছৰে পুৰস্কাৰ প্ৰদানৰ বাবে এহেজাৰ টকা দান দিছিল৷ তদুপৰি একক প্ৰচেষ্টাৰে গুৱাহাটী মহানগৰীৰ বক্ষত গঢ়ি তুলিছিল শাৰদা দেৱী ধৰমশালা৷

শ্ৰমমুখিতা আৰু স্বাৱলম্বনৰ জ্বলন্ত প্ৰতীক শাৰদা দেৱীয়ে নিজৰ কৰ্মময় জীৱনত স্বভাৱগত প্ৰবৃত্তিৰে নাৰীৰ মৰ্যাদাৰ প্ৰতি মাত মাতি গৈছিল৷ অন্যায়ৰ বিৰুদ্ধে সদায় উচ্চকণ্ঠে, স্পষ্টভাৱে প্ৰতিবাদ কৰি গৈছিল৷ প্ৰৱল ইচ্ছাৰ সন্মুখত কোনো কথাইযে বাধা হৈ নাথাকে সেয়া এইগৰাকী নাৰীৰ জীৱনৰ পৰা শিকিব পাৰি৷

শাৰদা দেৱী ন্যাসে ১৯৯৮চনত আয়োজন কৰা স্মৰণিকা প্ৰতিযোগিতাৰ বাবে ডিফু গড়কাপ্তানি কলনি বহাগী উৎসৱ উদ্‌যাপন সমিতিয়ে সেইবাৰ প্ৰকাশ কৰা স্মৰণিকা বৰ্হমথুৰি (দ্বিতীয় খণ্ড)ৰ কপীকেইটা নিজহাতে জমা দিবলৈ গৈ ৩০এপ্ৰিল ১৯৯৮ তাৰিখে গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ ১৩নং গলিৰে সোমাই বিচাৰি বিচাৰি উলিয়াইছিলোঁগৈ শাৰদা দেৱীৰ বাসস্থান৷ তাতে তেওঁক লগ পাইছিলোঁ৷ কথা-বতৰাৰ অন্তত তেওঁ মোক বশিষ্ঠ শাখা সাহিত্য সভাই ১৯৯৭চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰা প্ৰেৰণাময়ী শাৰদা দেৱী কিতাপখন উপহাৰ স্বৰূপে দিছিল৷ উক্ত বৰ্ষত ৰঙালী বিহু পালন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থসমূহৰ মাজত ন্যাসৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আয়োজিত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত কনক চন্দ্ৰ শৰ্মাই প্ৰদান কৰা আলোচনামূলক বক্তৃতাৰ সাৰাংশ এটা প্ৰবন্ধ হিচাপে গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছিল যজেতুকাৰ বিষয়েও উল্লেখ আছিল ৷

মনোবলেই যাৰ সংগী, উৎসাহ আৰু অধ্যৱসায়ৰ যি জীৱন্ত চানেকী, সত্য অষেণেই যাৰ জীৱনৰ ব্ৰত, সেইগৰাকী প্ৰতিভাশালী নাৰীক কোনো অজ্ঞাত আততায়ীয়ে ১২এপ্ৰিল ২০০৩ তাৰিখে হত্যা কৰে৷

(ৰচনা : ২০০৪চন)

No comments:

Post a Comment