৷৷১ ৷৷
আপদীয়া টেলিফোনটো
মাৰ্চ মাহৰ কোনোবা এদিন৷ মোৰ কৰ্মথলী ‘প্ৰিণ্টৱেল’ত একান্তমনে কাম কৰি আছোঁ৷ অকস্মাতে
তাত থকা ২৭৩০৯৪ নম্বৰৰ টেলিফোনটো বাজি উঠিল৷ ধৰিলোঁ৷ ‘...দায়িত্ব এটা দিছোঁ দেই...৷’ চিনি পালোঁ, সিমূৰৰ মানুহজন
নাথদা, ঘনশ্যাম নাথ৷ ‘... ‘বৰ্হমথুৰি’খন কৰি দিব লাগে...৷ ...সম্পাদকৰ
দায়িত্ব দিছোঁ...৷’ মই যিমানেই নোৱাৰিম, নহ’ব, নিদিব আৰু আনকি চিধাচিধিকৈ,
নকৰোঁও বুলিলোঁ, তেৱোঁ সমানেই নাছোৰবান্দা হৈ ৰ’ল৷ সুৰ সলনি কৰি মই এইবাৰ ক’লোঁ যে দাদা সময় নহ’ব, দাদা মই নাথাকিম, ফাটবিহু
চাবলৈ যাম ইত্যাদি৷ তেৱোঁ দেখোন সমান জোৰেৰে ‘পাৰিবাহে, পাৰিবা...’ আদিহে কৈ থাকিল৷ খাৰাংখাচভাৱে
প্ৰকাশিত মোৰ নঞৰ্থক প্ৰতিক্রিয়াত চিন্তান্বিত হৈয়ে নেকি, অৱশেষত, ‘মই গৈ আছোঁ ৰ’বা’ বুলি ফোনটো থৈ দিলে৷ ইফালে ময়ো
অনাহুত প্ৰস্তাৱটোৰ বিপৰীতে সবল যুক্তিৰ সন্ধানত চিন্তন আৰম্ভ কৰিলোঁ৷
সম্পাদনা আৰু মই! হয়, বৃত্তিগত দায়বদ্ধতাৰ অচিলাতেই
হওক বা ভাষাপ্ৰেমৰ দোহাই দিয়ে কওক, বানান আৰু ভাষাৰ বিসংগতি আঁতৰোৱাৰ হৃদয়নিসৃত তাগিদা
এটা অনৱৰতে মনত লাগি নথকা নহয়৷ ভাব-অনুভূতিৰ অত্যধিক প্ৰাচুৰ্যৰে হকে-বিহকে ভমকাফুলীয়া
গদ্য সৃষ্টি কৰাৰো অভ্যাস আছে৷ কিন্তু সেই বুলিয়েই সম্পাদনা! পেছাদাৰী কামৰ ধাৰাবাহিকতা
যতিহীনভাৱে ৰক্ষা কৰা আৰু ৰাজহুৱা দায়-দায়িত্ব পালনৰ তফাৎ নাথদাই বুজেনে? অপাত্ৰত ভাৰ
জাপি তেওঁ কি চৌঠেঙীয়াত পৰিব খুজিছে? গম পোৱা নাই? মোৰ বাবেতো এয়া নিঃসন্দেহে এক আত্মঘাতী
প্ৰৱণতা৷ চুইচাইড৷ সম্পাদনা কৰা আৰু অৰ্ডাৰী ৰচনা লেখা... এই দুটাক মই ডাইৰেক্টলি ৰিফিউজ
কৰোঁ, কোনোবাই ভাল পাওক, বেয়া পাওক, মোৰ তাত একো ক’বলৈ নাই৷
৷৷২ ৷৷
আৰু চিন্তন : হকে-বিহকে
‘যিকোনো মানুহেই লিখিব পাৰে৷ পিছে সম্পাদনা কৰিবলৈ
ঈশ্বৰপ্ৰদত্ত গুণৰ অধিকাৰী হ’ব লাগিব৷’ …কোন কেতিয়াবাই পঢ়া এইছ. ডব্লিউ.
নেভিনচনৰ এই উক্তিটো মোৰ মনত অহৰহ দোলা দি থকা উক্তিবিলাকৰ মাজৰে এটা৷ সেয়ে এই কামটোৰ
বাবে মই নিজকে উপযুক্ত বুলি ভাবিবলৈ সাহস কৰিব নোৱাৰোঁ৷ বছৰেকীয়া পত্ৰিকাই হওক বা অন্য
কিবাই নহওক কিয় সম্পাদনা কাৰ্য দৰাচলতে সহজসাধ্য কাম নহয়৷ বুলিব পাৰি এক প্ৰত্যাহ্বান৷
লেখা সংগ্ৰহ কৰা আৰু সম্পাদনা কৰাৰ মাজত তফাৎ আছে৷ বহুতকে দেখোঁ, সম্পাদকৰ নাম লৈ
গপতে ফুলি থাকে৷ পিছে তেওঁ কালেক্টৰহে৷ দ্বিতীয়তে, অইন এটা অসুবিধা হ’ল : মইযে সম্পাদকীয় এটা লিখিম,
সেই কলমৰ সৈতে মিল থকা জীৱনটো মই যাপন কৰিছোঁনে? …নিজকেই কৰা এই আপদীয়া প্ৰশ্নটো৷
তাতে আকৌ বিহু, যাৰ definitionটোৱেই ইমান বিশাল!
এনেকুৱা বৃহৎ বিষয়ৰ উৎস এটাৰ সৈতে কিমান যোগসূত্ৰ ৰক্ষা কৰিব পাৰিছোঁনো? পৰিস্থিতিয়ে
কৰা দাবী অনুযায়ী অধ্যয়ন, প্ৰজ্ঞা, অভিজ্ঞতা যথেষ্টনে? অতএব, বিদ্যায়তনিক ৰাজ্যত পাণ্ডিত্যাভিমানী
লোকে গিজ্গিজাই থকা অৱস্থাত মোৰ নিৰ্বাচন সঠিক নহ’ল বুলিয়ে মই নিশ্চিত৷ …নিজৰ সীমাবদ্ধতাৰ ভেটিত ইমানপৰে এইবোৰকে মনে মনে পাগুলিয়াই
থাকিলোঁ৷ মুঠতে খোপনি এৰি নিদিলোঁ৷
৷৷৩ ৷৷
ধাৰণাৰ পৰিৱৰ্তন
অলপ পিছত নাথদা আহিল৷ ওঁঠত হাঁহি, যেন বিজয়ৰহে!
গপ্গপাই সোমালহি৷ ‘...মই তোমাৰ নাম কৈ দিছোঁ৷ অমুক,
তমুকে (পূৰ্বৰ সম্পাদককেইগৰাকীমানৰ নাম উচ্চাৰণ কৰিলে) পাৰিলে তুমি কিয় নোৱাৰিবাহে?’ বুজিলোঁ, আত্মপক্ষ সমৰ্থনত বকলা
মেলা আৰম্ভ হ’ল আৰু নাথদাৰ৷ এই ভাষণ সহজে বন্ধ
নহ’বও৷
মানুহ নিজেই নিজৰ প্ৰভু৷ সমৰ্পিত সেৱা আৰু অখণ্ড
গভীৰ মনোনিৱেশৰ জৰিয়তে যিকোনো কামতে নতুন মাত্ৰা সংযোজন কৰাটো সম্ভৱ৷ প্ৰেৰণা বৃদ্ধিৰ
আভ্যন্তৰীণ শক্তি যাক ‘কথাৰ মলম’ আখ্যা দিব পাৰি সিয়েই মোক বিশ্বাসযোগ্য
নিশ্চয়তা দিলে যে আচলতে নিজকে চিনাৰ সুযোগ এয়া৷ চৰম সত্য বুলি নিজৰ অপাৰগতাক অলপ আগলৈকে
যি মৰকামোৰ মাৰি ধৰি আছিলোঁ সময়ৰ এটা মুহূৰ্তত গৈ থৈ সি ক্ষুদ্ৰ প্ৰশ্নৰ ক্ষুদ্ৰ উত্তৰৰ
তুল্য হ’ল৷ হৃদয়ত উমি উমি জ্বলিবলৈ ধৰা
প্ৰতিবাদী আচৰণৰ তুঁহ জুইকুৰা সমুলঞ্চে নিৰ্বাপিত হৈ পৰিল আৰু অন্য কিবা এক দীপ্তিৰে
মনটো উদ্দীপিত হ’ল৷ লাহে লাহে এটা স্বপ্ন দেখাৰ
সাহস গোট খালে৷ বসন্ত কালত অনুষ্ঠিত বছৰেকীয়া স্মৃতি-উৎসৱৰ আলমত নিজৰ দক্ষতা আৰু সৃষ্টিশীলতা
প্ৰতিপন্ন কৰাৰ সুযোগকণ গ্ৰহণৰ মনস্থ কৰিলোঁ৷ তাৰ পিছত যিখিনি হৈছে সেয়া কল্পনা-পৰিকল্পনা-সৃষ্টিৰেই
নামান্তৰ৷
৷৷৪ ৷৷
বিয়োগৰ পৰা যোগলৈ
নতুন ধাৰণা আৰু চিন্তাৰে ৰূপান্তৰৰ সূচনা কৰাৰ
লক্ষ্যৰে সৃষ্টিশীল কৰ্মশক্তিক সাকাৰাত্মক দিশত নিয়োজন কৰাৰ কথাৰে মূৰটো ভৰাবলৈ লাগি
গ’লোঁ৷ ৭, ৮, ৯মে’ত ঢকুৱাখনাত বিখ্যাত ফাটবিহু৷
তালৈ যোৱাৰ আশা ইতিমধ্যে মনতে পুহি ৰাখিছোঁ৷ বিথিলাংছ’ৰ সুৰেন ক্রামছা সহযোগী হিচাপে
ওলাইছে৷ গোগামুখৰ পৱিত্ৰ সন্দিকৈক ফোনেৰে যোগাযোগ কৰা হৈ গৈছে৷ গতিকে যাত্ৰা খাটাং৷
হেনজানি ৩মে’ত উলিয়াবলগীয়া ‘বৰ্হমথুৰি’ৰ কাম দ্ৰুতগতিত আগুৱাব লাগিব৷
ঢিলা হ’লে নহ’ব৷
স্মৰণিকা উপ-সমিতি বুলিবলৈ ঘনশ্যাম নাথদা সভাপতি,
মই সম্পাদক; বচ ইমানেই৷ বিশালকায় উদ্যাপন সমিতিখনৰ সবাতোকৈ সৰু উপ-সমিতিখনৰ হৰ্তা-কৰ্তা-বিধাতা
ময়েই৷ এক কথাত one man army৷ কৰ্ম সম্পাদনৰ অৰ্থে পোৱা গৈছে অপৰিমেয় স্বাধীনতা৷ অৱশ্যে
তেনে অবাধ মুক্ততাই প্ৰকৃততে মোক আত্মিকভাৱে পূৰ্ণ-নিয়ন্ত্ৰণাধীন কৰাৰ লগতে দায়বদ্ধতাও
কমক ছাৰি বৃদ্ধিহে কৰালে৷ স্মৰণিকাকেন্দ্ৰিক বিচাৰ-বুদ্ধিৰে নীৰৱ-নিঃসংগ সাধনা আৰম্ভ
হ’ল৷ মূল সমিতিৰ বিষয়ববীয়ামাত্ৰৰেই
আগ্ৰহী মন আৰু সহযোগিতামূলক যোগাত্মক দৃষ্টিভংগীৰ ইংগিত পাই সাহস আৰু প্ৰত্যয় স্বাভাৱিকতে
এখোপ বাঢ়িল৷
৷৷৫ ৷৷
এটা উদ্যোগৰ আৰম্ভণি
ভাবনাৰ পিছত আহি পৰিল কামৰ সময়৷ সতৰ্ক পৰিকল্পনাকাৰীৰ
দৰে কামত হাত দিয়াৰ আগতে প্ৰতিটো দিশ চাই-চিতি ল’বলৈ বাধ্য হ’লোঁ৷ আনৰ কথা নকওঁ, স্থানীয়ভাৱে প্ৰকাশিত অসমীয়া
পাঠ্যবস্তুত বানান-বিভ্ৰাটে (মুদ্ৰণ-প্ৰমাদ বুলি কৈ পিছত হাত সৰা হয়) সাম্প্ৰতিক সময়ত
‘একো ডাঙৰ কথা নহয়’ বুলিয়ে স্বস্থান সুৰক্ষিত (নে
সংৰক্ষিত!) কৰিছে৷ আমাৰ ক্ষেত্ৰত তেনে নহওক আৰু ভাষাটোৰ মান্যতা ৰক্ষা পৰক …এই ভাবি প্ৰথমেই সম্পাদনাত ব্যৱহাৰ
কৰিবলগীয়া অভিধানখন ঠিৰাং কৰি লোৱাৰ উপৰি মাতৃভাষাৰ সন্মানাৰ্থে মৰসাহ কৰিয়ে বুলিব
পাৰি, Title page-ৰ পিছতে অভিধানৰ উল্লেখ ৰাখিবলৈ মনস্থ কৰিলোঁ, যিটো কাম কোনেও আজিলৈ
কৰা দেখা নাই৷ গতিকে কোনোবাই ‘বেছি কৰিছে’ বুলিলেও গতানুগতিকতাৰ পৰা ফালৰি কাটি দায়বদ্ধতাৰ দোহাই দি মই কিবা
অলপ বেলেগ কৰাৰ সিদ্ধান্ত ল’লোঁ৷
সঁচা-মিছা নাজানো, পঢ়িবলৈ পোৱা মতে হলিৰাম ঢেকিয়াল
ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, আনন্দৰাম ঢেকিয়াল ফুকন, ৰত্নেশ্বৰ মহন্ত,
বুদ্ধিন্দ্ৰ নাথ দিলিহিয়াল ভট্টাচাৰ্য, হেমচন্দ্ৰ বৰুৱা আদি পূৰ্বজ অসমীয়া এচামে বিহু
সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিল হেনো৷ বিপৰীতে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা,
ৰজনীকান্ত বৰদলৈ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডিম্বেশ্বৰ নেওগ, নকুল
চন্দ্ৰ ভূঞা, হেমাংগ বিশ্বাস আদিয়ে আকৌ বিহুক প্ৰতিষ্ঠা লভাতহে ইন্ধন যোগালে৷ যোগাত্মক
বক্তব্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অনুকূলে এই মহানসকলৰ চিন্তাৰ জগতত খলকনি তোলা আলোড়নৰ অংশবিশেষ
ৰূপে পুৰণি গীত আৰু কবিতাত বিহুৰ উল্লেখ, ব’হাগ মাহৰ মহিমা বৰ্ণনা, বাঁহীৰ পাতত বিহুৰ ৰেঙণি, বিহুগীতৰ
স্বৰলিপি সম্পৰ্কে, নিৰ্বাচিত প্ৰাসংগিক উক্তি ইত্যাদি বিভিন্ন পুথি-পাঁজিৰ পৰা সংগ্ৰহ
কৰাৰ প্ৰয়াস কৰিলোঁ৷ গৰু বিহুৰ দিনা সন্ধিয়া এশ-এবিধ বনৌষধি শাক-পাচলি ৰান্ধি খালে
শৰীৰ আৰু মানসিক কৰ্মপ্ৰেৰণা অটুট থাকে বুলি আমাৰ যি উৰ্বৰা সামাজিক বিশ্বাস আছে তালৈ
চাই বনৌষধিকেইবিধৰ নামো সন্নিৱিষ্ট কৰিম বুলি নিৰ্দিষ্ট কৰি থ’লোঁ৷ শিৰোনামৰ সৈতে খাপ খুৱাকৈ
পুৰণি বিহুনাম বিচাৰিলোঁ, অলংকৰণ সমল হিচাপে আৰু সাহিত্যিক মূল্য উন্নীত হোৱাকৈ৷
১৯৯০চনতে মোৰ এজন বাল্যবন্ধু ৰূপ কুমাৰ গোস্বামীয়ে
সমিতিৰ দ্বাৰা আয়োজিত ব’হাগী উৎসৱৰ মুকলি অধিৱেশনৰ আৰম্ভণিতে
পৰিৱেশন কৰা সমৱেত কণ্ঠৰ গীত এটি ৰচিছিল, সুৰো দিছিল৷ তাক গীতটো লিখি দিবলৈ ক’লোঁ৷ সমিতিৰ শুভংকৰ চিহ্ন এটি
২০০০চনতে হৃদয়ানন্দ শৰ্মা ছাৰে প্ৰস্তুত কৰিছিল৷ ‘ডিফু গড়াকাপ্তানি ক’লনি বহাগী উৎসৱ উদ্যাপন সমিতিৰ
নিয়মাৱলী’ৰ পাতৰ পৰা তাৰ বিৱৰণ আৰু তাৎপৰ্য
উদ্ধৃত কৰাৰ বিষয়ে ভাবিলোঁ৷ শিল্পীগৰাকীৰ এলবামত ১৯৬৪চনতে অঁকা প্ৰাসংগিক ছবি এখন পাই
Fly leaf-ৰ বাবে উপযুক্ত হ’ব বুলি লৈ আনিলোঁ৷ এখন পূৰ্ণাংগ
তালিকাৰ জৰিয়তে গড়কাপ্তানি ক’লনিৰ বিহুৰ শেহতীয়া লেখ দাঙি ধৰাৰো ইচ্ছা ৰ’ল৷ Second cover-ত বিহু সন্মিলনৰ
উদ্বোধনী গীত ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে’ক স্থান দিব লাগিব৷ স্মৰণিকাখনৰ
পুৰণি কপিবোৰ প্ৰায় নোহোৱাই হৈছে৷ সেয়েহে ১৯৮৯চনত উলিওৱা প্ৰথম সংখ্যাটিৰ পৰা ২০০৩চনৰ
পঞ্চম সংখ্যাটিলৈ কেউটা কলেবৰকে বেটুপাতৰ ছবিৰ উপস্থাপনৰ জৰিয়তে সংৰক্ষণ কৰাৰ সিদ্ধান্ত
ল’লোঁ৷ দেৱকান্ত বৰুৱাৰ ‘বিহুৰ পেঁপা’ আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নতুন বছৰ’ কবিতাৰ পংক্তি বিচাৰি কিতাপ
খুঁচৰিলোঁ৷ গৱেষণাগাৰৰ কামহে যেনিবা, একক প্ৰচেষ্টাৰেই এইবোৰ কোনো ৰৌজাল-বৌজাল
নকৰাকৈ চুপে-চাপে চলি থাকিল৷
‘প্ৰাত্যহিকতাৰ যান্ত্ৰিকতা আৰু বৈষয়িক তুচ্ছতাৰে
ভাৰাক্রান্ত আমাৰ নিৰুত্তাপ জীৱন-প্ৰৱাহত বিহুৰ অধ্যয়নে আনি দিব পাৰে এক মহাজীৱনৰ মধু
আস্বাদ৷’ …কোনোবাই আগতে কৈ যোৱা এই কথা
সাৰোগত কৰি বিহু বিষয়ক গ্ৰন্থৰ তালিকা এখন সংলগ্ন কৰাৰ কথা মনে মনে চিন্তিলোঁ৷ মোৰ
গ্ৰন্থাগাৰত সেই সময়ত মজুত থকা ১০খন এনে গ্ৰন্থৰ নাম, লেখক-প্ৰকাশকৰ নাম আৰু মূল্যৰ
সৈতে তুলি দিলোঁ৷ কামটোৰ অন্তৰালত অন্য এটা উদ্দেশ্যও নিহিত আছিল৷ সেয়া হ’ল, ‘প্ৰশ্নোত্তৰ অংশ’ নাম দি বৰ-বিহুৱতী প্ৰতিযোগিতাৰ
নাচনীৰ প্ৰতি আজিকালি মঞ্চতে বিচাৰকসকলে এলানি প্ৰশ্নৰ অৱতাৰণা কৰাটো নিয়ম৷ ইফালে নামে-নাচে,
গঠনে-অলংকাৰে শুৱনি নাচনীৰো বহুতে উচিত সমিধান দিব নোৱাৰি দৰ্শক ৰাইজৰ সন্মুখতে আঙুলি
কামোৰে, লজ্জানত হ’ব লগা হয়৷ তেনে দৃশ্য প্ৰত্যক্ষ
কৰাৰ পিছত সেইসকলৰ কাৰণেও সহায়ক হ’ব বুলি ভাবি পদক্ষেপটি ল’বৰ মন গ’ল৷ স্বাধীনতাকণ আছিলেই৷ গতিকে
যেনে ভাবনা তেনে কাম৷
দশম বাৰ্ষিক ব’হাগী উৎসৱ উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক শৈলেন
খাখলাৰীৰ সম্পাদকৰ প্ৰতিবেদনৰ বাবে এটা পৃষ্ঠা ৰিজাৰ্ভ কৰি ৰাখিলোঁ৷ তাৰ পিছতে থাকিব
সমিতিৰ বিষয়ববীয়া আৰু উপ-সমিতিসমূহৰ কৰ্মকৰ্তাসকলৰ তালিকাখন৷ কাৰবি আংলং স্বায়ত্তশাসিত
পৰিষদৰ মুখ্য কাৰ্যপালিকাৰ পৰা এটা শুভেচ্ছা-বাণী পোৱা গ’ল৷ এটাতে ক্ষান্ত থাকিলোঁ৷ দৃঢ়
হ’লোঁ যে তেনেকুৱা শুভ-বাৰ্তাৰ
নামত পৃষ্ঠা খৰচ কৰাতকৈ মই লেখক-লেখিকাকহে অগ্ৰাধিকাৰ দিম৷ নেতা-পালিনেতাৰ মেচেজ বিচাৰি
ঘূৰ্মুটিয়াই ফুৰাতকৈ লেখাৰ বাবেহে মানুহক তাগিদা দিম৷
আনুষ্ঠানিক পত্ৰ বা মুখেৰে অনুৰোধ কৰা মাত্ৰকে
‘বৰ্হমথুৰি’ৰ গুৰুত্ব উপলব্ধি কৰি নিজৰ নিজৰ
লেখা প্ৰস্তুত কৰি দি কৃতজ্ঞতাৰ নাগপাশত বন্ধাৰ উপৰি জন-সমাজত চিন্তাপুষ্ট জ্ঞানৰ অমিয়া
বিলাই ন-পুৰণি কেউজন লেখকেই মোক চিৰধন্য কৰিলে৷ তিনিটা লেখা ভাষান্তৰ কৰিলোঁ, ইংৰাজীৰ
পৰা অসমীয়ালৈ৷ ‘বৰ্হমথুৰি’ত বিহুখনৰ সফল উপস্থাপনৰ স্বাৰ্থত
নিজৰ পুৰণি ঘৰুৱা এলবাম খুলি আপুৰুগীয়া সত্ত্বেও সংকোচহীনতাৰে ৰঙীন আলোক-চিত্ৰৰ যোগান
ধৰিলে উৎপলজ্যোতি গগৈ, দিলীপ দত্ত, বিদুল বৰুৱা, ৰাজুমণি বৰা আৰু কণিকা দেৱীয়ে৷ তেখেতসকলৰ
ত্যাগী মনোভাব আৰু উৎসাহৰ প্ৰতি সন্মান জনাই কাম হৈ যোৱাৰ পিছত যেয়ে যেনেকৈ দিছিল সেইমতে
যথাশীঘ্ৰে আৰু অক্ষত ৰূপত ফটো ঘূৰাই দিলোঁগৈ৷
সেই ব’হাগৰ ‘বৰ্হমথুৰি’লৈ কবিতা আগ বঢ়ালে অৰুণ টেৰণ, ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য,
ইছমাইল হোছেইন, চন্দ্ৰমা জ্যোতি নাথ, নিশুতি মজুমদাৰ, মঞ্জু টেৰণপী, জিতু ৰয়, ৰেজীনা
আহমেদ, ভগগিৰী ৰায়চৌধুৰী, ফুলমতী টেৰণপী আৰু যোগেশ বৰ্মনে৷ সত্তৰ আৰু আশীৰ দশকৰ বিহু
সম্পৰ্কীয় স্মৃতিকথা লিখি দিলে বিদুল বৰুৱাই (ডিফুৰ বিহু উৎসৱ : কিছু স্মৃতি, কিছু
অভিজ্ঞতা)৷ গুৱাহাটীৰ শাৰদা দেৱী ন্যাসৰ দ্বাৰা আয়োজিত বিহু-আলোচনী প্ৰতিযোগিতাত ৩০.৪.১৯৯৮
তাৰিখে ডিফু গড়কাপ্তানি ক’লনি বহাগী উৎসৱ উদ্যাপন সমিতিৰ
স্মৰণিকা ‘বৰ্হমথুৰি’ (১৯৯৮চন, সম্পাদনা : ৰাজুমণি
বৰা আৰু দীপালি দত্ত) জমা দিবলৈ গৈ লাভ কৰা সাক্ষাৎ, অভিজ্ঞতা আৰু উপহাৰ গ্ৰন্থ ‘প্ৰেৰণাময়ী শাৰদা দেৱী’ (প্ৰকাশক : বশিষ্ঠ শাখা সাহিত্য
সভা, ১৯৯৭)ৰ আলমত ‘বিহু আলোচনী প্ৰতিযোগিতা : শাৰদা
দেৱী ন্যাস : শাৰদা দেৱী’ শীৰ্ষক এটা লেখা নিজেই যুগুতাই
উলিয়ালোঁ৷ সম্পাদকীয় নিবন্ধত স্মৃতিচাৰণ কৰিলোঁ ৰ’দালিৰে ভৰা আমাৰ শৈশৱৰ সোণালী সুদিনৰ যিবোৰ ঘটনা
অমৰ চিত্ৰৰ দৰে এতিয়াও অহৰহ মনলৈ অহা-যোৱা কৰে৷ কৰ্মব্যস্ততাময় দৈনন্দিন কাৰ্যক্রমণিকাত
বুৰ গৈ থাকিও সাংস্কৃতিক চিন্তাজনিত মনস্তাত্ত্বিক সংযোগ আৰু ঐক্যৰ ভাবধাৰাই ১৯৮৮চনৰ
৮এপ্ৰিলতে জন্ম দিয়া গড়কাপ্তানি ক’লনি বিহু সমিতিৰ সুদীৰ্ঘ পৰিক্রমাৰ সংক্ষিপ্ত আলেখ্য দাঙি
ধৰিলোঁ৷ ১৯৮৮চনৰ পৰা এৰা-ধৰাকৈ প্ৰকাশ পাই অহা ‘বৰ্হমথুৰি’য়ে জনগোষ্ঠীয় সাংস্কৃতিক বিভিন্নতাৰ সুকীয়া ৰং-ৰূপ-ৰসেৰে
সমৃদ্ধি লভি স্মৰণিকাৰ পৰা যে হৈছেগৈ সংকলনধৰ্মী বিহু-আলোচনী আৰু বিনিময়ৰ সুস্থ মাধ্যম,
সেই কথা স্পষ্টতাৰে ব্যক্ত কৰিলোঁ৷ শুভেচ্ছাভৰা কামনাৰে সমিতিৰ তৰফৰ পৰা ৰাইজলৈ বসন্ত-ব’হাগ বিহু-নৱবৰ্ষৰ পৰিপ্ৰেক্ষিতত
হাৰ্দিক অভিবাদন জনালোঁ, ঊৰ্ধ্ববাহু হৈ৷
৷৷৬ ৷৷
দায়িত্বৰ পৰিসমাপ্তি
ভিতৰৰ পৃষ্ঠাসমূহৰ DTPৰ কাম, Tracing paper-ত
Mirror image-লৈকে, নিজ হাতেই সম্পাদন কৰিলোঁ, খুব মনোযোগ আৰু আন্তৰিকতাৰে৷ বেটুপাতৰ
Theme ৰেডী কৰিলোঁ৷ তাৰ ভিত্তিত ‘প্ৰান্তিক’ আলোচনীৰ কুশলী Cover
designer ভাস্কৰ গগৈয়ে অনন্য ৰূপত বহুৰঙী প্ৰচ্ছদ Compose কৰি দিলে৷ গুৱাহাটীৰ ‘জেনেচিচ’এ সম্পন্ন কৰিলে প্ৰিণ্টিং-বাইণ্ডিং৷
ডিফু গড়কাপ্তানি ক’লনি আৰু ইয়াৰ সমাজখনলৈ থকা চেনেহৰ
বান্ধোন আৰু দীৰ্ঘদিনীয়া সম্পৰ্কৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ক’লনিৰ পূৰ্বৰ বাসিন্দা মৰহুম আটাউৰ
ৰহমান চাহাবৰ একমাত্ৰ পুত্ৰ, গুৱাহাটীস্থিত অসমৰ অগ্ৰণী ছপাশাল ‘জেনেচিচ প্ৰিণ্টাৰ্চ’ৰ কাৰ্যবাহী সঞ্চালক পদবীত অধিষ্ঠিত
আৰিফুৰ ৰহমানে ‘বৰ্হমথুৰি’ৰ ছপা-বন্ধাৰ কাম স্বেচ্ছাই সম্পাদন
কৰি দিলে৷ ডিটিপি, যোগাযোগ আৰু পৰিৱহণৰ ক্ষেত্ৰত হোৱা সমুদায় ব্যয়ৰ সাগ্ৰহে পোষকতা
কৰিলে ডিফুৰ ‘প্ৰিণ্টৱেল’ প্ৰতিষ্ঠানে৷ সমিতিৰ এপইচাও
খৰছ নহ’ল৷ গতিকে সংকলনটিৰ বাবদ জমা-খৰচৰ
হিচাপ-নিকাচ বুলিবলৈ ৰ’ল শূন্য৷ এইখিনি কথা পৰিষ্কাৰকৈ
জনাই বিহু সমিতিৰ সভাপতি-সম্পাদকলৈ বুলি এখন পত্ৰ লিখি বিহু-আলোচনীৰ পেকেটকেইটাৰ সৈতে
স্মৰণিকা উপ-সমিতিৰ সভাপতি ঘনশ্যাম নাথদাৰ হাতত চমজাই দায়িত্বৰ ওৰ পেলালোঁ৷ সেয়া এতিয়া
ৰাইজৰ বস্তু৷
৷৷৭ ৷৷
ৰাইজৰ কৰ-কমলত ‘বৰ্হমথুৰি’
বসন্তৰ অৱসৰ বিনোদনৰ বতৰত বিহু লোক-সংস্কৃতিৰ সাধক,
গৱেষক, কৰ্মী, শিল্পী, ধাৰক আৰু বাহকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়৷ ঐতিহ্য আৰু পৰম্পৰাক
জীয়াই ৰাখিবলৈ যিসকলে অহোপুৰুষাৰ্থ কৰিছিল আৰু যিসকলে এতিয়াও কৰি আছে সকলোকে শ্ৰদ্ধালুভাৱে
মনত পেলোৱাৰ সময় এয়া৷ ১৯৮৯চনৰ পৰাই প্ৰকাশমান অৱস্থাত থকা ‘বৰ্হমথুৰি’ৰ মাধ্যমেৰে মৌলিক চিন্তা আৰু
কৰ্মৰ স্বাক্ষৰ ৰাখি যোৱা স্মৰণিকাখনিৰ প্ৰাক্তন সম্পাদক-সম্পাদিকাসকললৈ ষষ্ঠ সংখ্যাটি
সসন্মানে উচৰ্গা কৰা হ’ল৷ ৩মে’ ২০০৪ তাৰিখে গড়কাপ্তানি ক’লনি বিহুতলীত কাৰবি সাহিত্য-সংস্কৃতিৰ
অন্যতম পুৰোধা লুন্ছে তিমুঙৰ দ্বাৰা আনুষ্ঠানিকভাৱে বিহু-আলোচনীখন উন্মোচন কৰোৱা হ’ল৷ বিহু-পৰম্পৰা ৰক্ষা কৰাত সহায়ক
হোৱাৰ আহ্বান আৰু আশা বুকুত বান্ধি ৰঙালী বিহুৰ ওলগ আৰু নৱবৰ্ষৰ শুভেচ্ছাৰে ডিফু গড়কাপ্তানি
ক’লনি দশম বাৰ্ষিক ব’হাগী উৎসৱ উদ্যাপন সমিতিৰ হৈ
বিভিন্নজনে বিভিন্নজনক হৃদয়ৰ উমেৰে বিলাই গ’ল ‘বৰ্হমথুৰি’ৰ ষষ্ঠ সংখ্যা৷ পিছদিনাখন মূল
সমিতিৰ অনুমোদনক্ৰমে ক’পী কিছুমান হাতত লৈ ক’লনিৰ ঘৰে ঘৰে সুধি সুধি নিজেও
বিলালোঁগৈ, যাতে পিছলৈ কোনেও নাই পোৱা, নাপালোঁ বুলিব নোৱাৰে৷ ৰাইজৰ বস্তু, ৰাইজে
পোৱা উচিত৷
স্বীকাৰ নকৰি নোৱাৰি যে অন্য এক নতুনত্বৰ স্বাক্ষৰ
স্বৰূপে উন্মোচনৰ স্থান, কাল আৰু উন্মোচকৰ নাম ‘বৰ্হমথুৰি’ৰ পৃষ্ঠাৰ আৰম্ভণিতে আগতীয়াকৈ উল্লেখ কৰি ৰখাৰ সময়ৰে পৰা
উক্ত পৰ্বটি সুকলমে পাৰ হৈ নোযোৱালৈকে বুকুখন কিবা আশংকাত দুৰু দুৰুকৈ কঁপি আছিল৷
সঁচাকৈয়ে ই আছিল এটা ৰিস্কৰ কথা৷ উন্মোচনী সভাত ইচ্ছাকৃতভাৱে অনুপস্থিত থাকি ঘৰৰ আগত
থিয় দি উৎকৰ্ণ হৈ ৰ’লোঁ, উমান লৈ থাকিলোঁ, সকলো
ঠিকে-ঠাকে চলিছেনে বুলি৷ পিছে কাগজত যেনে লেখা আছিল তেনে ধৰণেই হৈ গ’ল, অকণো হীন-ডেঢ়ি নোহোৱাকৈ৷
ভাল কামত ঈশ্বৰেওযে সঁহাৰি জনায় তাৰ প্ৰমাণ পালোঁ৷
৷৷৮ ৷৷
আলোচনা, আত্মসমালোচনা ইত্যাদি
৯মে’ ২০০৪ তাৰিখৰ ‘ফেৰাংকে’ কাকতত বৰ্ষীয়ান সাংবাদিক তথা স্থানীয় সাপ্তাহিক কাকতখনৰ
সম্পাদক নগেন বৰাই দশম বাৰ্ষিক উৎসৱ উপলক্ষে প্ৰণয়ন কৰা ‘বৰ্হমথুৰি’ নামৰ বিহু-আলোচনীখনৰ বিষয়ে লিখিলে… ঘনশ্যাম নাথক সভাপতি আৰু মঃ
আব্দুছ ছাজিদৰ বলিষ্ঠ সম্পাদনাৰে সম্পাদিত স্মৰণিকাখনে একে আষাৰে ক’বলৈ গ’লে ‘সমন্বয়ৰ প্ৰতীক’ হিচাপে প্ৰতিনিধিত্ব কৰিবলৈ
সক্ষম হৈছে৷ অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীক সামৰি অংকন কৰা প্ৰথম আৰু শেষ পৃষ্ঠাৰ
বেটুপাতে আলোচনীখন হাতত ল’লেই সকলোকে হয়তো এইটোকে সোঁৱৰাই
দিব যে আমি সঁচাকৈয়ে শংকৰ-আজানক পাহৰা নাই৷ একবিংশ শতিকাৰ ঠগ, প্ৰবঞ্চনা, হত্যা আদিৰ
পাশবিক যুগতো আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰেম-প্ৰীতিৰ বান্ধোন অটুট আছে৷ হত্যা-
হিংসাই আমাৰ চেনেহৰ এনাজৰীডালযে ছিঙিব নোৱাৰে ‘বৰ্হমথুৰি’য়ে পুনৰ প্ৰমাণ কৰি দেখুৱালে৷ প্ৰথিতযশা সাহিত্যিক ৰংবং
তেৰাঙৰ বিশেষ নিবন্ধ ‘অসমীয়া আৰু কাৰবি সংস্কৃতিৰ সমন্বয়’ৰ যোগেদি কৃষিভিত্তিক উৎসৱৰ তুলনামূলক
উদাহৰণেৰে অসমীয়া আৰু কাৰবি জনসমাজত থকা ভাতৃত্ববোধ দাঙি ধৰিছে৷ লব্ধপ্ৰতিষ্ঠ লেখক
তথা কাৰবি ভাষা-সংস্কৃতিৰ গৱেষক বসন্ত দাসে ‘তোৰে মোৰে প্ৰাণৰ গীত’ প্ৰবন্ধৰ যোগেদি অসমীয়া আৰু কাৰবি প্ৰণয় গীতক
প্ৰতীক হিচাপে লৈ মানৱ প্ৰেমযে বিশ্বজনীন সেয়া সফলতাৰে দাঙি ধৰিছে৷ কুমুদ চন্দ্ৰ ডেকাৰ
‘জনজাতীয় বসন্ত উৎসৱৰ পৰিৱৰ্ধনৰ
ৰূপত আজিৰ বিহু’ শীৰ্ষক আলচটিয়ে আজিৰ বাস্তৱক
সামৰি লৈছে৷ দেবেন গগৈৰ ‘বিহু আৰু ঢোলৰ উৎপত্তি’ প্ৰবন্ধই নবীন-প্ৰবীণক অনেক
সমল যোগাব৷ ডক্টৰ নৰেন্দ্ৰনাথ বৰদলৈৰ ‘অসমৰ পঞ্চ সুষ্ক ঢুলীয়া অনুষ্ঠান’ শীৰ্ষক নিবন্ধই বহু নজনা কথা
পোহৰলৈ আনিবলৈ সক্ষম হৈছে৷ ভৱ প্ৰসাদ দেউৰীৰ ‘অসমৰ লোক-সংস্কৃতিৰ এখিলা পাত : ৰাতি বিহু’ এটি আলোকসন্ধানী প্ৰবন্ধ হিচাপে
সফল হৈছে৷ পুতুল চেতিয়াৰ ‘তাই সংস্কৃতিৰ ৰূপৰেখা আৰু বিহুৰ
সৈতে সামঞ্জস্য’ শীৰ্ষক প্ৰবন্ধৰ দ্বাৰা থূলমূল
আভাস এটা দাঙি ধৰা হৈছে৷ ‘বতৰ কেকুৰ : বৰ্ষাৰ আৱাহনী গীত’ শীৰ্ষক বিদ্যাছিং ৰংপিৰ প্ৰবন্ধটোৰ
দ্বাৰা কৃষিজীৱী কাৰবি ৰাইজে খেতি আৰম্ভ কৰাৰ আগতে নদন-বদন খেতি হোৱাৰ আশাৰে বিভিন্ন
দেৱ-দেৱীকযে পূজা-অৰ্চনা কৰে, সেই বিষয়ে আলোকপাত কৰিছে৷ জৰ্নেল ৰংহাঙে ‘কাৰবি দ’মাহী ৰংআজে’ প্ৰবন্ধৰ দ্বাৰা অসমৰ প্ৰধান
উৎসৱ বিহুৰ লগত কাৰবি দ’মাহীৰ তুলনামূলক আলচ আগ বঢ়াইছে৷
ৰমেশ থাওচেনে ‘ডিমাচা সমাজ-সংস্কৃতিত এভুমুকি’ প্ৰবন্ধৰ যোগেদি থূলমূল আভাস
দিয়াৰ প্ৰয়াস কৰিছে৷ পৰেশ চন্দ্ৰ হাজঙৰ ‘হাজং জনজীৱনৰ বসন্ত উৎসৱ বিছুৱা আৰু তাৰ তাৎপৰ্য’, বিষ্ণু আৰ্জেল চেত্ৰীৰ ‘নেপালী সমাজৰ উৎসৱ-পাৰ্বণ আৰু
বিশ্বাস’, দীপালি আম্ফি চেতিয়াৰ ‘বৰ্ণিল তিৱা সংস্কৃতিৰ এচেৰেঙা’, ইছেনথাং জিছিং ৰেংমাৰ ‘ৰেংমা নগাসকলৰ হৃদয়ৰ মহোৎসৱ ঙাঁদা’, ডাৰ্থংলই ফাইহৰিয়েমৰ ‘মাৰ জনগোষ্ঠীৰ আনন্দ উৎসৱ চিক্পুই
ৰ’ই’, এল. এপাঅ’ থাড’ৰ ‘থাড’ জনগোষ্ঠীৰ লোক-উৎসৱৰ চিনাকি’, গোপনালতা চৌধুৰীৰ ‘ৰঙালী বিহুত ব্যৱহৃত কেতবোৰ বাদ্যযন্ত্ৰৰ
পৰিচয়’ ইত্যাদি তথ্যগধুৰ প্ৰবন্ধসমূহে
সমন্বয়ৰ সাঁকো সৃষ্টি কৰাৰ লগতে গৱেষকসকলৰ বাবে সহায়ক হ’ব৷ ইয়াৰোপৰি আলোচনীখনত দহোটাৰো
অধিক কবিতা সন্নিৱিষ্ট কৰি সৌষ্ঠৱ বৃদ্ধি কৰিছে৷
বিশিষ্ট প্ৰবন্ধকাৰ আৰু কবি ইছমাইল হোছেইনে ‘ৰঙালী বিহুৰ ঐতিহ্য বিচাৰ’ গ্ৰন্থত উনুকিয়ালে… ‘কাৰবি আংলঙৰ ডিফু গড়কাপ্তানি
ক’লনি ব’হাগী উৎসৱৰ হৈ আব্দুছ ছাজিদে
২০০৪চনৰ স্মৰণিকা সম্পাদনা কৰাৰ উপৰি কাৰবি আংলঙত বিহুৰ প্ৰসাৰ ঘটোৱাত বিশেষ ভূমিকা
পালন কৰি আহিছে৷’ প্ৰসংগক্রমে উল্লেখযোগ্য যে
‘বিহু আৰু অসমৰ মুছলমান’ শীৰ্ষক তেখেতৰ এই সুদীৰ্ঘ নিবন্ধটি
‘প্ৰান্তিক’ আলোচনী (১-১৫এপ্ৰিল ২০০৬)ত প্ৰচ্ছদ
নিবন্ধৰূপে ইতিপূৰ্বে প্ৰকাশ হৈছিল৷
সম্পাদনাত ব্যৱহৃত অভিধানৰ নামোল্লেখেৰে এটা ভয়ংকৰ
দায়বদ্ধতাক মূৰ পাতি লৈ মুদ্ৰণ কাৰ্য সমাপ্ত হোৱাৰ পিছত দৃষ্টিগোচৰ হোৱা সম্পাদনাৰ
কেইটামান মাৰাত্মক ভুলে নিজৰে জিভা কামুৰি মূৰত থপৰিয়াবলগীয়া অৱস্থা কৰি পেলালে৷ ১৪
পৃষ্ঠাৰ সমৱেত কণ্ঠৰ গীতৰ ১৩নং শাৰীত ‘নহ’লে এই সময় নিয়ন্ত্ৰিত’ (হ’ব লাগিছিল ‘নহ’লে এই সময় নিমন্ত্ৰিত’), ৪১ পৃষ্ঠাৰ লেখাটিৰ ২৯নং শাৰীত
‘ছয় দঁতীয়া উঠন মতা গৰুৰ শিং পেঁপা
সাজিবলৈ ভাল’ (হ’ব লাগিছিল ‘ছয় দঁতীয়া উঠন মতা ম’হৰ শিং পেঁপা সাজিবলৈ ভাল’), ৪৮ পৃষ্ঠাৰ প্ৰথম কবিতাটিৰ
১০নং শাৰীত ‘সীমান্তত ৰঙীণ চিলাবোৰ উৰিছে’ (হ’ব লাগিছিল ‘হিমান্তত ৰঙীণ চিলাবোৰ উৰিছে’) সম্পাদনাত পিছল খোৱাৰ কেইটামান
উদাহৰণ৷ নিজৰ চকুৱেই নিজক ফাঁকি দি গ’ল দেখোন৷ এইছ. ডব্লিউ. নেভিনচনৰ উক্তিটো মনলৈ অনাৰ প্ৰসংগ
এটা আকৌ বিচাৰি পালোঁ৷ নাথদালৈও মনত পৰিল৷ মই নকৰোঁ বুলি কৈছিলোঁ নহয়, পালে বাপ্পেকে
গমটো৷ ‘মই সকলোৰে ভুল ক্ষমা কৰিব পাৰোঁ,
কিন্তু কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ কেৱল নিজৰ ভুল৷’ …মাৰ্কাছ পৰ্ছিয়াছ কেটুৰ বজ্ৰকঠিন বাক্যয়ো একেটা সময়তে
মগজুত খুন্দিয়ালেহি৷ আনে একো নক’লেও নিজে নিজক নেদেখাকৈ কোনেও নাথাকে৷ আৰু সূৰ্যৰ পোহৰৰ দৰে সেইটোৱেই
হৈছে পৰম সত্য৷ কাণত ধৰিলোঁ, জীৱনত আৰু সম্পাদক হোৱাৰ নামত ঘাম নুলিয়াওঁ বুলি৷ এয়াই
ফাৰ্ষ্ট, এয়াই লাষ্ট৷ কাৰণ আত্মসাধনাৰ পৰীক্ষাত মই ফেইল মাৰিলোঁ৷
৷৷৯ ৷৷
এতিয়া বিহুৰ বতৰত
সি যি কি নহওক, ব’হাগৰ মেঘ আৰু জোনাকৰ পৱিত্ৰ সমন্বয়ে
এটা মহৎ আকাংক্ষা সাধনত যি জ্ঞানামৃতৰ সম্ভেদ দি থৈ গ’ল, তাক লৈ নিশ্চয় গৌৰৱ কৰিব পাৰিম,
আজীৱন, আমৃত্যু৷ আত্মবিচাৰৰ মাজেদি এয়া বিহুৰ বতৰত স্বসম্পাদিত ‘বৰ্হমথুৰি’ৰ ষষ্ঠ সংখ্যাটোৰ বেটুপাতখনৰ
ওপৰত আলফুলে দুহাত বুলাইছোঁ আৰু খিলা খিলাকৈ পাতবোৰ লুটিয়াই স্মৃতিচাৰণ কৰিব ধৰিছোঁ৷
(ৰচনা : ২০০৭চন)
No comments:
Post a Comment