শান্তিৰ সন্ধানত
মানৱ সমাজত সততে উত্থাপন হৈ অহা এটা লক্ষ্যণীয়
আৰু সৰ্বজনআলোচ্য প্ৰসংগ হৈছে শান্তি৷ অশান্তি বা হিংসা-সন্ত্ৰাসৰ পৰিস্থিতিৰ অন্ত
পেলাই পুনৰ শান্তি প্ৰতিষ্ঠাৰ ওপৰত মনুষ্য সমাজে সদায়ে গুৰুত্ব আৰোপ কৰি আহিছে৷ শান্তিবিঘ্নিত
আমাৰ জিলা, ৰাজ্য অথবা দেশ কিয়, সমগ্ৰ বিশ্বৰ কৌটি কৌটি জনগণে স্থায়ী-শান্তি প্ৰতিষ্ঠাৰ
হকে অবিৰামভাৱে চিন্তা আৰু চেষ্টা দুয়োটাকে আজিও অব্যাহত ৰাখিছে৷ ইয়াৰ দ্বাৰা এইটোৱে
প্ৰমাণ হয় যে ৰক্তপাতশূন্য শান্তিময় সমাজ এখন জাতি-ধৰ্ম-ভাষা-বৰ্ণ, ভূগোল-বুৰঞ্জী নিৰ্বিশেষে
সকলোৰে কাম্য৷
‘মই মোৰ সম্পত্তিৰ এটা অংশৰে এটা ন্যাস গঠন কৰিম৷
প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে শান্তিৰ উদ্দেশ্যে বিশেষ অৰিহণা আগ বঢ়োৱাসকললৈ ইয়াৰ পৰা
পুৰস্কাৰ প্ৰদান কৰা হ’ব৷’ Lay Down Arms গ্ৰন্থৰ লেখিকা, অষ্ট্ৰিয়াৰ বাৰ্থা ভন্ চাটনাৰে
চুইডেনৰ ন’বেল এণ্ড ক’ম্পেনীৰ কোটিপতি ‘মৃত্যুৰ ব্যৱসায়ী’ আলফ্ৰেড বাৰ্নহাৰ্ড ন’বেলক বিশ্ব-শান্তিৰ হকে মহৎ কিবা
এটা কৰি যাবলৈ জনোৱা অনুৰোধত এইদৰেই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল বিশ্ববিশ্ৰুত ৰসায়ন
বিজ্ঞানীজনে৷ ডিনামাইটৰ উদ্ভাৱক ন’বেলে ১৮৯৩চনৰ ৭জানুৱাৰীত অক্লান্ত শান্তিকৰ্মী বাৰ্থালৈ
লিখা সেই অসাধাৰণ চিঠিখনেই কঢ়িয়াই আনিছিল স্বোপাৰ্জিত অগাধ সা-সম্পত্তিৰ অংশবিশেষ শান্তিৰ
উদ্দেশ্যে নিয়োগ কৰাৰ এক বিৰল সিদ্ধান্তৰ কথা৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সন্মানীয় বঁটা ন’বেল পুৰস্কাৰৰ উৎপত্তিৰ কাহিনী
এনেকুৱাই আছিল, য’ত নেকি বিস্ফোৰক পদাৰ্থৰ আলোড়নৰ
বিপৰীতে মানৱ জাতিৰ কল্যাণহে অধিক আদৰণীয় বুলি স্বয়ং উদ্ভাৱনকৰ্তাৰ দ্বাৰাই বিবেচিত
হৈছিল৷ ১৮৯৫চনৰ নৱেম্বৰ মাহত স্ব-স্বাক্ষৰিত শেষ ইচ্ছা-পত্ৰ আৰু শান্তিৰ চনদ (Last
Will and Testament of Peace)ত চিৰকুমাৰ অভিযন্তাজনে লিখিছিল এনেকৈ… বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত ভ্ৰাতৃত্বৰ
বান্ধোন সুদৃঢ় কৰিবলৈ সবাতোকৈ অধিক অৱদান যোগোৱা, কোনো ৰাষ্ট্ৰৰ সেনাবল হ্ৰাস কৰা বা
নোহোৱা কৰাত ব্ৰতী আৰু শান্তি-কংগ্ৰেছ সংগঠিত আৰু জনপ্ৰিয় কৰি তোলাত বিশেষ অৰিহণা যোগোৱা
ব্যক্তিবিশেষকেই এই বঁটা প্ৰদান কৰা হ’ব৷’ সেই ১৯০১চনৰ পৰা আজিৰ তাৰিখলৈকে, ফৰাচী শান্তিদূত ফ্ৰেডৰিক পেচীৰ
পৰা আৰম্ভ কৰি The Organisation for
the Prohibition of Chemical Weapons লৈকে, ন’বেল সমিতিৰ দ্বাৰা প্ৰশংসিত অনেকজন
বিশ্ববন্দিত শান্তিস্তাৱকে মাৰণাস্ত্ৰৰ ধ্বংসমুখিতাৰ পৰিৱৰ্তে শান্তি আৰু মানৱিক মহত্ত্বৰ
জয়গানকে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰ কৰি আহিছে৷ ৰাষ্ট্ৰসংঘ প্ৰমুখ্যে অন্যান্য
সংগঠন আৰু ৰাষ্ট্ৰসমূহেও শান্তি-সচেতনতাৰ প্ৰতি জগতবাসীক নিৰন্তৰ উৎসাহিত কৰি আহিছে৷
মানৱ প্ৰগতিৰ উপৰিসৌধ নিৰ্মাণ কৰাৰ প্ৰাথমিক চৰ্তই
হৈছে শান্তি৷ ক্ষন্তেকীয়া মানসিক প্ৰশান্তি লাভৰ উদ্দেশ্যে মানুহে কোলাহলপূৰ্ণ পৰিপাৰ্শ্বৰ
পৰা বাহিৰ ওলাই প্ৰকৃতিৰ নিৰ্জনতালৈ ধাৱমান হয়৷ বাস্তৱগ্ৰাহ্য হ’লেও সেইটোৱে কিন্তু ব্যাপক অৰ্থত
শান্তি নুবুজায়৷ দৰাচলতে উন্নয়নকামী মানুহ মাত্ৰেই চিৰস্থায়ী শান্তি লাভৰহে পক্ষপাতী৷
হিংসা-প্ৰতিহিংসাৰ ঘনঘোৰ অমানিশাৰ পিছত সুখ-সমৃদ্ধিৰ আশাবাহী শান্তিৰ পৰিৱেশলৈ অধীৰভাৱে
অপেক্ষা কৰাটো বিবেকী মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য৷ সৰ্বোপৰি, ধৰ্মীয় নীতি-আদৰ্শয়ো শান্তি-সম্প্ৰীতিৰে
পোষকতা কৰে৷
এটা প্ৰামাণিক সত্য এয়ে যে মানুহে নিজৰ মনোভাব
সলনি কৰিলে আনুষংগিক সকলো কথাই সলনি হৈ যায়৷ অন্য কথাত, প্ৰকৃত শান্তি বিৰাজ কৰে আত্মোপলব্ধিত৷
ৰুছ সাহিত্যৰ বিশ্বখ্যাত উপন্যাস, লিঅ’ টলষ্টয়ৰ সাহিত্য-কৰ্মৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি War and
Peaceত এই কথাটোকে প্ৰতিপন্ন কৰা হৈছে৷ আনহাতে, অহিংস-মন্ত্ৰত দীক্ষিত বুদ্ধদেবেও ‘অহিংসা পৰম ধৰ্ম’, ‘বসুধৈব কুটুম্বকম’ অমৃত-বাণীৰে চিৰশান্তি কঢ়িওৱাৰে
প্ৰয়াস কৰা নাছিলজানো ? অৱশ্যে এইটো মন কৰিবলগীয়া যে শান্তিৰ আৱাহনী মন্ত্ৰোচ্চাৰণ
কৰাৰ আগতে মনুষ্যত্বৰ বিশুদ্ধিকৰণ বাধ্যতামূলক৷ সেই ভাবিয়ে হয়তো জ্যোতিপ্ৰসাদ আগৰৱালাই
লিখিছিল… ‘মানৱজাতিৰ সকলো কলা-সাধনাই পৃথিৱীত আনন্দ আৰু শান্তিৰ
প্ৰতিষ্ঠাৰ কাৰণে৷ ... পৃথিৱীৰ শক্তিৰ বাঘজৰী থাকিব লাগে কবি-দাৰ্শনিকৰ হাতত৷ যিদিনাই
এই artist philosopher ৰূপকোঁৱৰৰ হাতত পৃথিৱীৰ শাসন ক্ষমতাৰ বাঘজৰী উঠিবগৈ তেতিয়াৰ
পৰাহে পৃথিৱীয়ে আচল শান্তিৰ মুখ দেখিবগৈ তাৰ
আগতে কেতিয়াও নহয়৷ ... স্বাৰ্থান্বেষী, ক্ষমতাসেৱী ৰাজনৈতিকে পৃথিৱীলৈ শান্তি আনিব নোৱাৰে৷’
প্ৰসংগক্রমে উল্লেখযোগ্য, স্থায়ী-শান্তিৰ পম খেদা
সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষই আধুনিক বিশ্বৰ ইতিহাসত ইতিমধ্যে এক নতুন অধ্যায়ৰ
সূচনা কৰিছে৷ শান্তিকামী প্ৰজাতন্ত্ৰখনৰ প্ৰস্তাৱৰ প্ৰতি স্বাগতম জনাইছে বিশ্ববাসীয়ে৷
সাম্য-মৈত্ৰীৰ সাধক ভাৰত ৰাষ্ট্ৰই বিশ্ব-দৰবাৰত দৃঢ় কণ্ঠে এই কথা ঘোষণা কৰি থৈছে যে
পূৰ্ণ নিৰস্ত্ৰীকৰণ অবিহনে আৰু বৃহৎ শক্তিয়ে নিৰপেক্ষ ভূমিকাৰে জগতৰ কল্যাণত ৰত নহ’লে বিশ্বত স্থায়ী-শান্তি স্থাপন
মুঠেই সম্ভৱ নহয়৷ গান্ধী দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত পঞ্চশীল নীতিয়েই এই শান্তি অভিযানৰো
চালিকা শক্তি৷ শান্তিপূৰ্ণ সহাৱস্থান, ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্ব স্বীকাৰ আৰু
মৰ্যাদা প্ৰদৰ্শন, অনাক্রমণ, পৰস্পৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা আৰু সমমৰ্যাদা
স্থাপন আৰু পৰস্পৰ উপকাৰ সাধন …এয়ে সেই পঞ্চশীল, যালৈ আন্তৰ্জাতিক
মহলে ইতিপূৰ্বে সমৰ্থন আগ বঢ়াইছে৷
পঞ্চশীলৰ এটা গুৰুত্বপূৰ্ণ তথা মনোযোগ আকৰ্ষণকাৰী
ধাৰণা হৈছে শান্তিপূৰ্ণ সহ-অৱস্থান৷ ৰাষ্ট্ৰ, ৰাজ্য, জিলা, সমাজত ৰাজনৈতিক, অৰ্থনৈতিক,
ধৰ্মীয়, সাংস্কৃতিক ক্ষেত্ৰাদিত আদৰ্শগত কাৰণত ব্যক্তি নাইবা গোটৰ মাজত দৃষ্টিভংগীৰ
হেৰফেৰ হোৱাটো নিচেই স্বাভাৱিক কথা৷ তত্ৰাচ, দুৰভিসন্ধি পৰিহৰি মিত্ৰতাৰ ডোলেৰে আৱদ্ধ
হৈ ওচৰা-ওচৰিকৈ বাস কৰাটোৱেই শ্ৰেয়৷ শান্তিৰ ন’বেল বঁটাপ্ৰাপক দ’লৈ লামাৰ অভিযোজনা ‘অহিংসা মণ্ডল’ৰ শান্তি-স্বস্ত্যয়নৰ প্ৰাকৃতিক নীতিও সেয়াই৷ একবিংশ
শতিকাৰ বিশ্বজনীন দৃষ্টিনিৰপেক্ষ বিশ্লেষণত গোষ্ঠী বিতাড়ন, গোষ্ঠী বিনিময়ৰ ধাৰণা অৰ্থশূন্য,
অলীক কল্পনা মাথোন৷ বিপৰীতে, আনৰ অধিকাৰ খৰ্ব নোহোৱাকৈ, আনক ব্যাঘাত নজন্মোৱাকৈ নিজক
চম্ভালি চলিব পাৰিলে সন্দেহ, ভয় কিম্বা অবিশ্বাসৰ কলীয়া ডাৱৰ নিজে নিজেই আঁতৰিবলৈ বাধ্য৷
শান্তিভংগৰো অৱকাশ নাই৷ বৰ্তমানৰ প্ৰেক্ষাপটত বিচাৰ কৰিলেও জৱাহৰলাল নেহৰুৰ এই নীতি
নিঃসন্দেহে প্ৰযোজ্য, বাস্তৱসন্মত৷
ভ্ৰান্ত ধাৰণা, ভ্ৰান্ত চেতনাৰ আঁকোৰ-গোজালিত অস্ত্ৰ-শস্ত্ৰই
উন্মাদনা লাভ কৰিলেই শান্তি বিঘ্নিত হয়৷ এই কথা এতিয়া কাকো খুলি কোৱাৰ দৰকাৰ নাই৷ আনহাতে
শাসকে যুদ্ধংদেহী মনোভাব পোষণ কৰিলেও শান্তি প্ৰশস্ত নহয়৷ শান্তি-সিদ্ধ পন্থাহে সৰ্বোত্তম৷
শান্তি-আলোচনাত যুদ্ধৰ বীজ মনত লৈ ফুৰিলে কাৰো মংগল নহয়৷ একেদৰে, ষড়যন্ত্ৰ বা গোপন
কূটনৈতিক কৌশল ৰচিলেও হিতে বিপৰীত হোৱাৰে বেছি আশংকা থাকে৷ সেই বাটেৰে শান্তিৰ আগমন
বা সমস্যাৰ সমাধান উভয়ে অসম্ভৱ৷ শান্তি স্থাপন মানৱতাৰ ফালৰ পৰা বিচৰা বস্তুহে৷ অমানৱীয়
হৈ কোনোবাই শান্তিৰ দাবী উত্থাপন কৰাটো অমূলক৷
বৰ্তমান পৰিস্থিতিক শান্তিপূৰ্ণ, আন্তৰিকতাপূৰ্ণ
স্থিতিলৈ আনিবলৈ এতিয়া আমাৰ প্ৰয়োজন হৈছে নিস্বাৰ্থনিবেদিতপ্ৰাণ মানুহৰ, যিয়ে প্ৰকৃততে
উদ্যোগ ল’ব স্থায়ী-শান্তি শিৱিৰ প্ৰতিষ্ঠাৰ
আৰু ক্রমান্বয়ে তাৰ পৰিধি বিস্তাৰিত কৰাৰ৷ শান্তি-সংগ্ৰামত মনুষ্যত্বৰ জয়লাভেৰে শান্তি-অভিলাষী
মানুহৰ মুখত বিজয়ৰ হাঁহি বিৰিঙাবই লাগিব৷ কিয়নো শোষণ বা দ্বন্দ্ব নহয়, শান্তি আৰু সমৃদ্ধিহে
মনুষ্য জীৱনৰ মূল প্ৰতিপাদ্য বিষয়৷
(১৭.১২.২০০৫ তাৰিখৰ ‘আমাৰ অসম’ কাকতত প্ৰকাশিত লেখাটোত সামান্য
হাত ফুৰোৱা হৈছে৷)
No comments:
Post a Comment