বন্ধকালীন দিনলিপি
(বন্ধক লৈ উদ্বিগ্ন হোৱা, ‘বন্ধবোৰ বন্ধ হ’ব লাগে’ বুলি কোৱাসকলৰ হাতত, একাত্ম
অনুভৱেৰে)
যান-বাহনৰ পৰা মাটিত ভৰি দিব নোখোজা মানুহবোৰে
এতিয়া খোজ কাঢ়িবলৈ বাধ্য হৈছে৷ চাইকেলে পূৰ্বৰ আধিপত্য ঘূৰাই পাইছে৷ প্ৰাধান্য বাঢ়িছে
ৰেডিঅ’ৰো৷ কিয়নো বিজুলী সৰৱৰাহ প্ৰায়ে
ব্যাহত হোৱাত টেলিভিছন এৰি জনসাধাৰণে ৰেডিঅ’কে পকাবলৈ লৈছে৷ বিশেষকৈ, বাতৰিটো অন্ততঃ, নুশুনিলেইযে
নহয়৷ বজাৰৰ মোনা হাতত লবলৈ লাজ পোৱাসকলৰ মাজৰে উপায়হীন দুই-একে এহাতত মোনা, সিহাতে
ছাতি লৈ কিবা পাওঁ নেকি বুলি ইফালে-সিফালে খাদ্যদ্ৰব্যৰ সন্ধানত পিয়াপি দি ফুৰিছে৷
সংগ্ৰাহক বৃত্তিলৈ ঘূৰি গৈছে জনসাধাৰণ৷ সেনা-অৰ্ধসেনাৰ গাড়ী, পুলিচ পুলিচ লগা কিছুমান
লোকৰ স্কুটাৰ-মটৰ চাইকেলৰ সঘন আহ-যাহ৷ ৰঙা যোগ চিন আঁকি লৈ অট’ৰিক্সা দুই-এখনে বেমাৰী কঢ়িয়াই
নিছে৷ ‘প্ৰেছ’ বুলি লিখা সৰু-বৰ বাহন কেইখনমানো সণ্ঢালনিকৈ ঘূৰা-পকা
কৰি থকা পৰিলক্ষিত হৈছে৷ তাকে লৈ এচাম পৰ্যবেক্ষকৰ বক্রোক্তি : এটা বাক্য শুদ্ধকৈ লিখিব
নোৱৰা মানুহেও প্ৰেছ শব্দটোৰ আঁৰ লৈ নিৰ্বিঘ্নে কেনেকৈ ভ্ৰমি আছে দেখিছা!
পাৰ্বত্য জিলাবাসীযে সম্প্ৰতি অনিৰ্দিষ্টকালীন
বন্ধ পালনৰত, সৰু সৰু ল’ৰা-ছোৱালীয়েও তাক বুজিব আৰু ক’ব পৰা হৈছে৷ বাস্তৱৰ নিৰ্মম সত্য
অনুধাৱন আৰু মীমাংসা-সূত্ৰ উদ্ভাৱন কৰিব পৰা নাই ক্ষমতাত আসীন মুৰব্বী, হৰ্তা-কৰ্তা-বিধাতা
তথা বন্ধৰ আহ্বায়ক-সমৰ্থকসকলেহে৷ ফলত স্কুল-কলেজ, হাট-বজাৰ সকলো বন্ধ৷ পথৰ ওপৰত কণমানিহঁতৰ
অবাধ বিচৰণ, দৌৰা-দৌৰি৷ বাটে-ঘাটে মইনা-চেমনীয়াৰ ফুটবল-ক্রিকেটৰ অনুশীলন৷ মাজে মাজে
চাইকেলৰ টিলিং-টালাং, শান্তিৰক্ষকৰ কনভয়ৰ বিকট চাইৰেণ আৰু তহলদাৰীৰ বাইকৰ হৰ্ণৰ শব্দ৷
চুকে-কোণে বয়স অনুপাতে বেলেগে বেলেগে আড্ডা-আলোচনা; তাচপাত-কেৰমব’ৰ্ড খেলা৷ একো নপঢ়া মানুহেও অন্ততঃ
‘প্ৰতিবেদন’খনকে আনৰ পৰা ধাৰ কৰি হ’লেও পঢ়িবলৈ লৈছে, জানোচা বন্ধ
প্ৰত্যাহাৰৰ ইংগিত কিবা পায়েই, এই ভাবত৷ কৰ্মী লোকক অকৰ্মণ্যলৈ ৰূপান্তৰিত কৰিছে এই
বন্ধটোৱে৷ আনহাতে এলেহুৱা চামটোকযে দুগুণে গ্ৰাস কৰিছে, সেয়া নক’লেও চলে৷ শ্ৰমৰ অপচয়েই মানুহে
কৰা সবাতোকৈ ডাঙৰ অপচয়৷ কিন্তু কথা হ’ল সুদীৰ্ঘ কৰ্ম-বিৰতিয়ে কৰ্ম-সংস্কৃতিত শোধোৱা মাধমাৰটোৰ
কথা বুজে কোনে?
কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পৰিৱেশ এতিয়া আতংকময়,
গোমা৷ স্বাভাৱিক জীৱন-যাত্ৰা সম্পূৰ্ণ অচল৷ সৰ্বসাধাৰণ উদ্বিগ্ন৷ ‘আন্ধাৰ হোৱাৰ পিছত ঘৰৰ বাহিৰলৈ
ওলাব নালাগে’ বাক্যশাৰী প্ৰায় নিষেধাজ্ঞাতেই
পৰিণত হৈছে৷ স্বাধীনতা আছে, মুক্ত জীৱন নাই৷ আৰক্ষী-প্ৰশাসন আছে, গাড়ীৰ ভিতৰত৷ ক’লৈনো যায়, কিনো কৰে; বুজিব নোৱাৰি৷
জনপ্ৰতিনিধি আছে, মাত নাই৷ ৰাজনৈতিক বিচক্ষণতাৰযে অভাৱ সেয়া উলংগ ৰূপত ওলাই পৰিছে৷
সংগঠন, অনুষ্ঠান আছে; সংঘবদ্ধতা নাই৷ কাৰ্যালয় আছে, গেটত প্ৰকাণ্ড তলা; বৰমূৰীয়া মহানগৰীত৷
আজিকালি অৱশ্যে বেছিভাগ চৰকাৰী কাৰ্যালয়ৰে মুৰব্বীহে নালাগে অধস্তন কৰ্মচাৰীও কৰ্মস্থলী
বা বিভাগীয় আৱাসত নাথাকে৷ অহা-যোৱাহে কৰে৷ তাকো গণি গণি মাহটোৰ নিৰ্ধাৰিত কেইদিনমান৷
অইন নালাগে বন্ধ আৰু উগ্ৰপন্থীৰ ধন দাবীৰ প্ৰসংগটোকো বুধিয়কসকলে নিজৰ সুবিধাৰ অনুকূলে
ব্যৱহাৰ কৰিবলৈ শিকি পেলাইছে৷ অফিচলৈ যোৱা, অফিচৰ পৰা ঘূৰি অহাৰ সময়ো স্বনিৰ্ধাৰিত
এতিয়া৷ কেনেও কাকো কৈফিয়ৎ খুজিবলৈ নাই, কৈফিয়ৎ দিবলৈ নাই৷ ইয়াকে বোলে অৰাজকতা৷
আৰক্ষীৰ প্ৰভাৱ থকা এলেকাত দোকান-পোহাৰ খোলা আছে৷
যেনে, থানাৰ ওচৰৰ গুমটি, গেলামাল আৰু চাহৰ দোকান; পুলিচ ৰিজাৰ্ভৰ কেণ্টিনখন খোলা৷ ভু
ৰাখোঁতাই তাৰ পৰাই চেনী, বিস্কুত ইত্যাদি নিত্যপ্ৰয়োজনীয় সামগ্ৰীকেইপদ নিছেহি৷ বিচৰা
বস্তুটো নাপাব বুলি মানুহৰ হেতাওপৰা লাগিছে৷ মুকলি বজাৰৰ ফুটপাথত মফচলীয় চানাৱালা,
পাণ-চিগাৰেটৰ অস্থায়ী দোকানী কিছুমানক সময়সাপেক্ষে অৱস্থান কৰা দেখা গৈছে৷ গ্ৰাহকৰ
সংখ্যা নগণ্য৷ সদ্যহতে এইটো সিদ্ধান্তত উপনীত হ’ব পাৰি যে ইয়াত ফাৰ্মাচী আৰু বাতৰি কাকতৰ বিক্ৰী
কেন্দ্ৰজাতীয় দোকানহে সম্ভৱ৷ কিনোতা থাকিবই,
নাথাকিলেও সেইবোৰ খুলি থ’ব পাৰি, বাকীবিলাকৰ দৰজা বন্ধ;
টেকেলি কাতি৷
পথ যোগাযোগ ব্যৱস্থা অৰ্থাৎ পৰিৱহণ সেৱা সম্পূৰ্ণ
ৰূপে ব্যাহত হৈছে৷ বাহিৰৰ গাড়ী-মটৰৰ চলাচল নাই৷ বন্ধ নথকা অৱস্থাতো অৱশ্যে অন্য ঠাইৰ
পৰা বাছ-মটৰ নাহিলে ঠাইখন প্ৰাণহীন হৈ থাকে৷ দীৰ্ঘদিনীয়া বন্ধৰ বাবে এতিয়া ডাকঘৰ, বেংক,
এ.টি.এম., পি.চি.অ’. চব বন্ধ৷ উন্নয়নৰ কাৰ্যকলাপ,
সামাজিকীকৰণ প্ৰক্রিয়া স্তব্ধ৷ যাতায়াত, বেহা-বেপাৰ, কৃষি-কৰ্ম, শিল্প-উদ্যোগ সকলোতে
অচলাৱস্থা৷ প্ৰকৃতিৰ পৰা খাদ্যবস্তু সংগ্ৰহ কৰি মানুহে পেট প্ৰৱৰ্তাবলগীয়া হৈছে৷ ঘাইকৈ
তৃতীয় পৰ্যায়ৰ বৃত্তিৰ সৈতে জড়িত স্থানীয় লোক-সমষ্টি বাৰুকৈ দিশহাৰা হৈ পৰিছে৷ এনেয়ে
জীৱন-মৰণ সমস্যা৷ বন্ধৰ কাৰ্যসূচী দীঘলীয়া হ’ব লাগিলে তেওঁলোকৰযে গতি কেনেকুৱা বিষম হ’ব সেয়া হৃদয়ংগম কৰিবলৈ মগজু বৰ
পৈণত নহ’লেও হয়৷
মাছ-মঙহ নহ’লে ভাত পেটলৈ নোযোৱা কোনোবা কোনোবাই এতিয়া নিৰামিষ,
সাত্ত্বিক আহাৰ, বনৰীয়া শাক-পাতৰ গুণানুকীৰ্তন কৰিব লাগিছে৷ দিন-প্ৰতিদিন ভূৰি-ভোজনত
অভ্যস্ত, অৱস্থাপন্ন আৰু সম্ভ্ৰান্তসকলে কোনোবাফালৰ পৰা গৰু, ছাগলী বা গাহৰি কটাৰ বাতৰি
আহে নেকি আগ্ৰহেৰে তালৈ চকু-কাণ থিয় কৰি থৈছে৷ পালে সৰহীয়াকৈয়ে লাগে৷ দায়বদ্ধতাহীন
সুৰক্ষিত আয়ৰ উৎসৰ গৰাকী, ওজন আৰু ভোজন বিষয়ত সচেতন এইসকলৰ দৰ্শনেই হৈছে ‘খাবলৈহে জীয়াই আছোঁ’৷ গতিকে বন্ধ উঠাই লয়, নলয়, তেওঁলোকৰ
একো আহে নাযায়৷ দৰজা খুলিলেই দেখা যাব, ৰিফ্ৰিজাৰেটৰ সদায়ে ভৰ্তি; কেনেকৈ নাজানো৷ কোনো
কোনোৱে আকৌ বন্ধৰ আগজাননী পায়ে প্ৰমোদ ভ্ৰমণত দূৰলৈ গৈছেগৈ৷ ম’বাইলতে পৰিস্থিতি সম্পৰ্কীয় গম-গতি
লৈ আছে৷ সময়ত আহিব ঘূৰি৷ টকা আন, খাওঁ জাতীয়সকলেও সুবিধা বুজি ৰাজধানীত বহি গুৰিত পানী
ঢালি আছেগৈ যাতে খুলিলেই যুটী বান্ধি ক্ষতিপূৰণ পূৰাকৈ উঠাব পাৰে৷
নমনীয় একাংশই জীৱনৰ গতিপথত আহি পৰা এই গতিৰোধকবোৰক
স্বীকাৰ কৰি সহাৱস্থানকে বিনাবাক্যব্যয়ে আদৰি লৈছে৷ বন্ধ নামৰ ভ্ৰমাত্মক আৱৰ্তৰ পৰা
নিস্তাৰ পোৱা বা তাক প্ৰতিৰোধ কৰাটোযে বৃথা সেইটো তেওঁলোকে দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে
ভালকৈ জানিছে৷ বাস্তৱৰ দুৰ্ভাৱনাবোৰক হজম কৰি অৱশ্যম্ভাৱিতাক সহজভাৱেই গ্ৰহণ কৰিছে
তেওঁলোকে৷ আনহাতে ঘৰটো এৰি যাব পৰাসকল গৈছেগৈ নিজ নিজ গৃহ-নগৰী বা গাঁও অভিমুখে৷ তেওঁলোকৰ
বাবে স্বস্তিৰ নিশ্বাস পেলাবলগীয়া কথা এয়ে যে ব্ৰহ্মপুত্ৰ মেইল বা জনশতাব্দী এক্সপ্ৰেছখন
ঠিকেই চলি আছে, অন্ততঃ দিনে-পোহৰে এই বন্ধ প্ৰদেশৰ পৰা ওলাই যাবলৈকে৷
জ্ঞান সাধনাত ব্ৰতী হ’বলৈ প্ৰচুৰ সময় আৰু অপৰ্যাপ্ত
আহৰি পোৱা সত্ত্বেও পৰিৱেশ-পৰিস্থিতি স্বাভাৱিক হৈ নথকাৰ অজুহাততে জাগ্ৰত মন-প্ৰাণ-বিবেকৰ
অধিকাৰীসকলেও সৃষ্টিশীল প্ৰক্রিয়াত পূৰাদমে নিমগ্ন হ’ব পৰা নাই৷ দুই-একৰ বাতৰি কাকতত
দীঘলকৈ লিখি উগ্ৰ-নম্ৰ সকলো পন্থীকে বন্ধৰ নঞৰ্থক প্ৰভাৱৰ কথা আন্তৰিকতাৰে বুজাবৰ খুব
মন গৈছে৷ কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় শাসক মণ্ডলীকো এজাউৰি দিবৰ ইচ্ছা হৈছে… বন্ধ নামৰ অপ্ৰাসংগিক আৰু পুৰণি
প্ৰতিবাদী কাৰ্যসূচীটোৰেযে দৰাচলতে সাধাৰণ খাটি খোৱা শ্ৰেণীটোকহে জুৰুলা কৰা হয়, চৰকাৰ
বাহাদুৰৰ দগধা গা নলৰেই; উন্নয়নমূলক চিন্তা-প্ৰচেষ্টাই মুখ থেকেচা খায়, দেশ পিছুৱাই
যায়; ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত যতি পৰে, বস্তু-বাহানিৰ মূল্যই নিয়ন্ত্ৰণ হেৰুৱায়, সুবিধাবাদীয়ে
নানানটা অচিলাৰে স্বাৰ্থ পূৰণৰ সুযোগহে পায়, অৰ্থনৈতিক-সামাজিক-সাংস্কৃতিক দিশত সকলোৱে
দুৰ্ভোগ ভোগে, সমস্যাৰ প্ৰতি যথাৰ্থ মনোযোগ আকৰ্ষণ নহয়, সমস্যাৰ আচলতে কোনো গ্ৰহণযোগ্য
সমাধানো নোলায় আৰু অস্তিত্ব প্ৰদৰ্শন বা আত্ম-গুৰুত্ব বৃদ্ধিকৰণৰ নামত শেষত গৈ থৈ আত্মশোষণ,
আত্মপ্ৰবঞ্চনাৰহে সমতুল্য হয়গৈ …এই সকলোবিলাক কথা সামৰি৷ লিখি উলিয়ালেই যেনিবা, পিছে পঠিয়াইনো কেনেকৈ?
প’ষ্ট অফিচ, কুৰিয়াৰ চাৰ্ভিছ চালু
অৱস্থাত থাকিলেহে৷ আৰু প্ৰকাশ হোৱাৰ পিছতো পঢ়িবনো কিমানে, পঢ়ি বুজিবনো কিমানে? ঘূৰি
ঘূৰি দেখোন বন্ধকেই দি থাকে, মাৰাথন বন্ধ৷ গতিকে ‘সব্বে সত্তা সুখিতা ভৱন্তু’ বুলি মনে মনে কামনা কৰাৰ বাহিৰে
বিকল্প একোৱেই ভাবি উলিয়াব পৰা নাই, অন্ততঃ এই মুহূৰ্তত৷ আপাততঃ চব বন্ধ, শয়নৰত৷ তাকো
আকৌ অনিৰ্দিষ্ট কাললৈ!
মাজত আধা ইঞ্চিমান ফাঁক ৰাখি তাৰ দুইফালে প্ৰায়
ডেৰ ইঞ্চি দীঘলকৈ দুডাল আঁচ টানি সোঁমাজতে প্ৰকাণ্ড শূন্য এটা দি ডায়েৰী-কলম সামৰি
থলোঁ, ইতিমধ্যে পষেক অতিক্রম কৰা এই বন্ধ নোখোলা পৰ্যন্ত৷
(ৰচনা : ২০০৪চন)
No comments:
Post a Comment