সুখৰ আবেলি...
আজিৰ এই সুন্দৰ আবেলিটো কি কৰোঁ? তাকে মনে মনে
ভাবি আছোঁ৷
তেনেকুৱাতে প্ৰতিৱেশী হাজোৱাৰী খুৰাক দেখিলোঁ,
সাজি-কাচি একেবাৰে ফিট-ফাট৷ এখোজ-দুখোজকৈ ঘৰৰ পৰা ওলাই আহিছে৷ নিকট প্ৰতিৱেশী শৰ্মানী
খুৰী আৰু বিকিৰ সৈতে আদবাটতে হাঁহি-মাতি কিবা জমাইছে৷
পিছফালৰ দৰজাখনেৰে দুমহলীয়াৰ ওপৰৰ পৰা খুৰালৈ লক্ষ্য
কৰি থাকোঁতেই মোৰ সৈতে এংগোলটো মিলি গ’ল৷ মাত দিলোঁ, ‘খুৰা ওলালে নেকি?’ খুৰাই মোৰ চিগনেল বুজি পালে৷
‘ওলাইছোঁ আৰু৷’ ময়ো চিগনেল বুজি পালোঁ৷
কালি আবেলিও আমি দুয়ো লামডিং ৰ’ডত বহুপৰ একেলগে একেৰাহে ঘূৰি-ফুৰি
বন্ধৰ মজা উপভোগ কৰিছিলোঁ৷
সাউতকৈ তললৈ নামি গৈ ক’লা লংপেণ্টটোৰে সৈতে নীল বৰণীয়া
টি-চাৰ্টটো দেহাত সুমুৱাই ল’লোঁ৷ চুলি-তুলি ফণিয়াই সময় খেদাবলৈ কামেই নাই৷ কাৰণ চুলি মোৰ চুটি৷
ফলত সময় ৰাহি৷ ম’বাইলটো বিচাৰি হাবাথুৰি খোৱাৰো
প্ৰশ্ন নাই৷ য’ত যেনেকৈ পৰি আছে পৰি থাওক৷ সেইডাল
কঢ়িয়াই লৈ ফুৰাটো ভাল নোপোৱা হৈ আহিছোঁ দিনকদিনে৷ লগত নাথাকিলেই সুখ৷ মানিবেগ বিচাৰিবলৈও
নাই৷ দোকান-পোহাৰ গোটেইখন বন্ধ৷ গতিকে একো কিনিবলৈ নাই৷ অন্য এক সুখ৷ কাজেই ৰুমালখন
ফটাফট পকেটত ভৰাই ঘপাঘপ চিৰি বগাই ৰাস্তাত হাজিৰ হ’লোঁহি৷
ওপৰলৈ আহি দেখোঁ, খুৰাৰো অৱস্থান সলনি হ’ল৷ দেউতাৰ সৈতে বেলেগ এটা চেপ্তাৰ
আৰম্ভ হৈ গৈছে৷ স্মৃতি ৰোমন্থনত ধৰিছে দুয়োজনে৷ মধুৰ স্মৃতি যাৰ আছে, তাৰ সুখ থাকিবই৷
যাৰ তেনে স্মৃতিয়েই নাই, কথাই নাই, তাৰ আৰু কিহৰ স্মৃতিচাৰণ? আৰু এনে ৰোমন্থনত কিমানযে
সুখ লুকাই থাকে! সেয়া মই গভীৰভাৱে উপলব্ধি কৰিব পাৰোঁ৷ তেনে নিৰ্ভেজাল আনন্দৰসৰ উত্তেজক
বৰ্ণনাক সদায় সমৰ্থন কৰোঁ৷ এতেকে চিনিয়ৰ চিটিজেন দুজনৰ কথোপকথনত ব্যাঘাত জন্মোৱাটো
উচিত নহ’ব বুলিয়ে ভাবিলোঁ৷ কিছু আগুৱাই
আহি চাৰিআলিৰ দাঁতিত দণ্ডায়মান হৈ ৰ’লোঁ৷ তেনেদৰে অপেক্ষা কৰি থাকি মাজে মাজে খুৰাৰ ফালে চায়ো
থাকিলোঁ৷ ভাবি ৰ’লোঁ, সন্ধিয়াই হ’ব দেখোন অলপ পাছত৷
কথা সামৰি হাজোৱাৰী খুৰা মোৰ ওচৰ পালেহি৷ পুত্ৰসম
হ’লেও কিয় জানো, চিনাকিৰ দিন ধৰি
মোৰ সৈতে তেখেতৰ আপোনা-আপুনিহে চলে৷ মাজে-মধ্যে তই-তুমিও কয়৷ মোৰ বাবে সেয়া ধৰ্তব্য
নহয়৷
অকণো সময় নষ্ট নকৰি খুৰাই ক’লে, ‘ব’লক৷’ মোৰ মুখৰ পৰাও একে সময়তে একেটা
শব্দকে ওলাল, ‘ব’লক৷’ দুয়ো হাঁহিলোঁ৷ সুখৰ হাঁহি৷
তাৰ পিছত ৰাস্তাটো পাৰ হৈ বাঁওহাতে লাহে লাহে খোজ পেলাবলৈ আৰম্ভ কৰিলোঁ৷ উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা আঠচল্লিশ ঘণ্টীয়া বন্ধৰ বাবে ৰাস্তাত স্বাভাৱিকতে গাড়ী-মটৰ তেনেকৈ নাই৷ মানুহ কিছুমানে বাটত বতাহ
খাবলৈ ওলাইছে৷ সুখৰ বতাহ৷ চেঙেলীয়া কেইটামানে ৰাস্তাৰ ওপৰতে বেট-বল লৈ খেলিছে৷ আনন্দমধুৰ
এখন চিৰ-পৰিচিত ছবি৷
হাজোৱাৰী খুৰায়ে প্ৰথমে আৰম্ভ কৰিলে, ‘আজি পুৱা কি হ’ল জানে? চাহ খাই উঠি আকৌ শুই
থাকিলোঁ নহয়!’
মই খুৰাৰ চকুলৈ চালোঁ৷ তেওঁ কৈ গ’ল, ‘আমাৰ এওঁৰ মানে খুৰীয়েৰাৰ আকৌ
অবজেকচন, কিয়নো শুব লাগে বুলি৷ মই বোলোঁ, বন্ধত আৰু কিটো কৰিবলৈ আছে? একো কামেই নাই
দেখোন৷ তোমাৰ মন গৈছে যদি যোৱা, বাছি থোৱা চাউলখিনিত শিলগুটি মিহলাই লৈ আকৌ বাছি থকাগৈ৷’
খুৰীক কোৱা কথাখিনি শুনি, লগতে খুৰাৰ উপস্থাপনত
বৰ ৰস পালোঁ৷ জোৰত হাঁহি দিলোঁ৷ ইখন হাতে সিখনৰ তলুৱাত কোবাই হাততালি সদৃশ ডাঙৰকৈ শব্দ
এটাও সৃষ্টি কৰিলে, নিজৰ অজানিতে৷ খুৰাৰ ফালে চাই উৎসাহেৰে ক’লোঁ, ‘কিযে সুখ, নহয় খুৰা? পাইছোঁ কিন্তু
আমি ন? নিবিচৰাকৈয়ে ইমান সুখ! মই ভাবোঁ, পূৰ্বজন্মত কৰা কিবা ডাঙৰ পুণ্যৰে ফল এয়া৷
কি কয়?’
খুৰাই উত্তৰ দিলে, ‘ঠিকেই৷ ঠিক কৈছে আপুনি৷’
‘চাওকচোন, কিছুমান মানুহে মানৱ জাতিৰ উন্নয়নৰ বাবে,
আন কিছুমানে সুখৰ সন্ধানত এতিয়া ৰাতিক দিন কৰি, হাড়ক মাটি কৰি কাম কৰি আছে৷ আৰু আমি?
বিন্দাচ ৰাস্তাত ঘূৰি আছোঁ৷ কোনো চিন্তা নাই, ভাবনা নাই৷ কৰিবলৈও একো নাই৷ চব বন্ধ৷
কি সুখ!’
খুৰাই জোৰা দিলে, ‘তেওঁবিলাকে দিনৰ পিছত দিন ধৰি
ৰিচাৰ্চ কৰি আছে৷ খাৱন নাই৷ শোৱন নাই৷ কিমান টেনচন! চিন্তাত মানুহ শুকাই
শেষ৷ সঁচা কথা দেই৷ ঈশ্বৰে কিন্তু আমাক কিছু সুখ দিছে৷ সেইটো মানিব লাগিব৷’
‘ডাঙৰকৈ নোকোৱাই ভাল নেকি খুৰা, কোনোবাই জানিলে
হিংসাই কৰিব চাগৈ৷ আজিকালি মানুহবোৰ বৰ হিংসুক স্বভাৱৰ থাকে৷ আনৰ ভাল দেখিব নোৱাৰে৷’
খুৰাই ইফালে-সিফালে চালে যদিও মুখ বন্ধ নকৰিলে৷
‘বিজ্ঞানী কালামলৈ চাওক৷ বিয়াই
কৰাব নোৱাৰিলে বেচেৰাই৷ বয়স গ’লগৈ৷ বেচেৰা বাজপেয়ীৰো দেশ উদ্ধাৰ কৰাৰ নামত ৰাজনীতিত লাগি নিজৰ বিয়াখন
পাতিবলৈকে টাইম নহ’ল৷ আৰু ...’
খুৰাই বোধ হয় খাপ খোৱা উদাহৰণ কেইটামান মনৰ ভিতৰতে
জুকিয়াই থাকিল৷ তেনেকুৱাতে পিছফালৰ পৰা আহি থকা হাজৰিকাদা আমাৰ ওচৰ চাপিলহি৷ চকু দুটা
ফুলি আছে মানুহটোৰ৷ দেখিয়ে গম পাইছোঁ৷ দিনৰ ভাগত এইজনেও তামাম দিছে আজি৷
‘শুই শুই এইমাত্ৰ উঠি আহিছে ন দাদা?’
প্ৰশ্নৰ আকস্মিকতাত হাজৰিকাদাই প্ৰথমে থতমত খালে৷
তাৰ পিছত বেঁকা হাঁহি এটা মাৰিলে৷ ‘আৰু কৰিবা কি?’
‘আপোনাকো সুখ দিছে কিন্তু দেই ওপৰৱালাই৷ ল’ব লাগে, ল’ব লাগে৷’
খুৰাই লাহেকৈ মাত দিলে, ‘ময়ো ঠিকছে শুলোঁ৷ কিনো কৰিব আৰু?
কাম নাই, বন নাই, চব বন্ধ৷ চাহ একাপ খাই এয়া ওলাই আহিছোঁ৷ ঘূৰি গৈ সেই একেটাই কৰিব
লাগিব৷’
তেনেকুৱাতে মিহিকৈ এটোপ দুটোপ বৰষুণ গাত পৰাৰ উমান
পালোঁ৷ বতৰটো আগৰে পৰাই সন্দেহজনক হৈয়ে আছিল৷ সোনকালেই আহিব চাগৈ৷ হাজোৱাৰী খুৰাৰ সিদ্ধান্তমৰ্মে
সন্মুখৰ চাৰিআলিটোৰ পৰাই আমি বেক কৰিলোঁ৷
‘ঈশ্বৰেও দিছে আৰু খুৰা৷ এয়া চাওক, অলপ পিছতে বৰষুণ
দিব৷ সুখেই সুখ৷ নিশালৈও মহাসুখে বাট চাই আছে৷ বৰষুণৰ আমেজ লৈ আৰামছে টোপনি মাৰিব পাৰিব৷
বহুতে আকৌ বৰষুণ এজাকৰ কাৰণে হামৰাও কাঢ়ি আছে৷ গৰমে দহিছে৷ আমাৰ ইফালে প্লিজেণ্ট ৱেডাৰ৷
প্ৰকৃতিয়ে আমাক সেয়াও অকপটে দান দি দিছে৷ গতিকে এই সুখ স্বীকাৰ কৰাটোহে কথা৷ এনে অপৰ্যাপ্ত
সুখ পাবলৈ সঁচাকৈ ভাগ্য লাগিব৷ সুখ আচলতে ধনেৰে কিনিব নোৱাৰি৷ হয়নে নহয়, কওক?’
খুৰাই ‘হয় হয়’ বুলি শলাগিলে৷ লগতে হাঃ হাঃকৈ হাঁহি৷ সুখৰ হাঁহি৷ ‘সুখ সুখ বুলি মানুহ বলিয়া নেদেখে
সুখৰ মুখ...’ তাহানিতে স্কুলত পঢ়া কবিতাৰ
পংক্তিটো অকণো খোকোজা নলগাকৈ মাতি যাব ধৰিলে তেওঁ৷ মই আচৰিত হ’লোঁ৷
ধীৰে ধীৰে আহি ঘৰৰ সন্মুখ পালোঁ৷ তেতিয়ালৈ আন্ধাৰ
নামিছে৷ হাজোৱাৰী খুৰাক বিদায় দিলোঁ, ‘এনেকুৱা সাংঘাতিক সৌভাগ্য কেইজনৰনো ঘটে খুৰা? এতিয়া যাওক,
ৰে’ষ্ট কৰককৈ৷ বৰষুণজাক আহিছেই৷
কাৰেণ্ট গ’লেই কিজানি৷ গতিকে টিভিৰ চিঞৰ-বাখৰ,
খকা-খুন্দা চাই মগজ বেয়া কৰিবলৈ নাই৷ সিও এক সুখ৷ সোনকালে খাই-বৈ বিছনাত পৰকগৈ৷ সুখক নেওচা দিব নাপায়৷
ঈশ্বৰে দিয়া বস্তু৷ ময়ো যাওঁ৷’
(ৰচনা : ৪.৫.২০১৪)
No comments:
Post a Comment