‘মনোকামনা’ পূৰ্ণ হ’ল মোৰ...
(নেপাল ভ্ৰমণৰ এছোৱা)
ডিব্ৰুগড়-কামাখ্যা এক্সপ্ৰেছৰ আমাৰ ৰিজাৰ্ভেছন
ডবাটোত উঠিব খোজোঁতেই দৰজামুখতে মন্দিৰাৰ সৈতে ভেটাভেটি হ’ল৷ স্বভাৱজাত হাঁহিটো ওঁঠত বিৰিঙাই
তাই সুধিলে... ‘ক’লৈ যায় দাদা?’ ময়ো হাঁহি মাৰি ডাঙৰকৈ ক’লোঁ... ‘নেপাল জানচুঁ৷’
তাই আকৌ হাঁহিলে৷ ‘সঁচা? তেনেহ’লে ‘মনোকামনা’লৈ নোযোৱাকৈ নাথাকিব দেই দাদা৷
কেবল কাৰত উঠি যাব লাগিব৷ যাবই যাব কিন্তু৷ কোনো কাৰণতে মিছ নকৰিব৷’
সেইটো ডবাতে পুত্ৰসহিত মন্দিৰা আহি আছে ডিমাপুৰৰ
পৰা৷ ডিফু ষ্টেচনত নামোঁতেই এয়া মুখামুখি৷ মন্দিৰা মানে মন্দিৰা ছেত্ৰী৷ ওমৰ মাক৷ ওম
মানে সেইযে জি টিভিৰ ডান্স ইণ্ডিয়া ডান্স লিটিল মাষ্টাৰচ চিজন টুৰ চেকেণ্ড ৰাণাৰ্ছ
আপ, ডিফুৰ ওম ছেত্ৰী৷ পুতেকক নৃত্যপাৰংগদ বনাবলৈ এইগৰাকী মাতৃয়ে কিমানযে দেহেকেহে খাটিছিল!
ডিমাপুৰতো অলপদিন কোনোবা গুৰুৰ তত্ত্বাৱধানত নাচৰ প্ৰশিক্ষণ দিয়াইছিলগৈ৷ সেয়া স্বীকৃতি
লাভৰ আগছোৱাৰ কথা৷ পিছৰখিনি টেলিভিচনৰ পৰ্দাত দেখিছেই৷ গতিকে আমাৰ মূল প্ৰসংগটোলৈ
ঘূৰি আহিছোঁ৷
মই মন্দিৰালৈ চাই আকৌ এবাৰ হাঁহিলোঁ৷ ‘হ’ব বাৰু, যাম তেনেহ’লে৷’ প্লেটফৰ্মতে কমিটমেণ্ট এটাহে
যেন দিয়া হ’ল মন্দিৰাক সিদিনা৷ মনোকামনা
পূৰ্ণ কৰিবৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা জনালোঁ কোনেও নুশুনাকৈ, তাইৰো, মোৰো৷ লাহে লাহে
আমাৰ ট্ৰেইনখনেও প্লেটফৰ্ম এৰিলে৷
এই বছৰ (২০১১)ৰ জানুৱাৰীৰ ১৪ তাৰিখৰ পৰা ঘোষিত
হৈছে নেপাল টুৰিজম ইয়েৰ৷ গতিকে ফেডাৰেল ডেমক্রেটিক ৰিপাব্লিক অৱ নেপাল এইবাৰ মোৰ ভ্ৰমণৰ
লক্ষ্য৷ এইবাৰৰ থিম বাছি লৈছোঁ ‘লেটচ গ’ টু নেপাল’৷ Climb high, climb far /
Your goal, the sky / Your aim, the stars... বাৰে বাৰে আওঁৰাইছোঁ৷ বৰঝাৰৰ পৰা স্পাইচজেটত
বাগডোগৰা, বাগডোগৰাৰ পৰা টেক্সিৰে কাকৰভিট্টা, কাকৰভিট্টাৰ পৰা আকৌ টেক্সিৰে ভদ্ৰপুৰ,
ভদ্ৰপুৰৰ পৰা বুদ্ধ এয়াৰত উঠি ডাইৰেক্ট কাঠমাণ্ডুৰ ত্ৰিভূবন এয়াৰপ’ৰ্ট৷ ৰাজধানী কাঠমাণ্ডু মহানগৰত
কেইদিনমান থাকি-খাই, ফুৰি-চাকি আজি (৫.১০.২০১১) পুৱাতে ওলাইছোঁ টুৰিষ্ট কেপিটেল পোখৰালৈ
বুলি৷ বাটত মনোকামনাত সোমাম৷ হয়, মন্দিৰাই দঢ়াই দঢ়াই কৈ পঠিওৱা মনোকামনাত৷ এনেদৰেই সজাইছোঁ
মোৰ ট্ৰেভেল এজেণ্ডা৷
মন্দিৰাক দিয়া কথা ৰাখিবলৈকে কাঠমাণ্ডুৰ পৰা পোখৰালৈ
এই ২০০কিল’মিটাৰৰ যাত্ৰা ফ্লাইটত নকৰি গাড়ীৰ
বন্দবস্ত কৰিলোঁ৷ কাৰণ তেতিয়া হ’লে ৰাজমাৰ্গেৰে ১০৫কিল’মিটাৰ আগুৱালেই মুগলিঙৰ সমীপত মনোকামনা পাই
যাম৷ ক’লা বৰণৰ বী৭এছ ২৬৯৭ নম্বৰৰ টয়’টাখনেৰে এয়া যাত্ৰা কৰি আছোঁ৷
ড্ৰাইভিং চিটত চিট বেল্ট মাৰি সেয়া কবিৰাজ গিৰি৷ সুন্দৰ-সুঠাম নেপালী ডেকা৷ চলোৱাৰ সমানেই
বৰ্ণনাও দি গৈছে নেপাল সম্বন্ধে৷ চকু- কাণ, মন-মগজু আৰু কেমেৰাৰ লেন্স খোলা ৰাখি তেওঁৰ
বাঁওহাতে আগচিটত মই৷
কাঠমাণ্ডু-পোখৰা পৃথ্বি হাইৱেৰে আগ বাঢ়িছোঁ আমি
পাহাৰ আৰু পাহাৰীয়া নৈৰ যুগলবন্দীক কাষে কাষে লৈ৷ চীনদেশৰ সাহায্যত নিৰ্মিত অকোৱা-পকোৱা
উঠা-নমা ৰাস্তা৷ এছোৱা খলাবমা পাই আহিছোঁ৷ এতিয়া মসৃণ৷ গতিকে গিৰিৰ হাতত প্ৰাণ পাই
উঠিছে গাড়ীয়ে৷ নৈসৰ্গিক শোভা পান কৰি ময়ো বিভোৰ হৈ পৰিছোঁ৷
কাঠমাণ্ডু আৰু পোখৰাৰ প্ৰায় মধ্যস্থলত পৰ্বতৰ চূড়াত
অৱস্থিত পৱিত্ৰ তীৰ্থস্থান মনোকামনা৷ হিন্দুসকলৰ দেৱী পাৰ্বতীৰ অৱতাৰ আই ভগৱতীৰ এয়া
পূজনথলী৷ ইয়াৰ পৰা পোখৰালৈ আৰু ৯৫কিল’মিটাৰ বাট৷ মনোকামনা নেপালৰ গোৰ্খা জিলাৰ অন্তৰ্গত৷ সমুদ্ৰপৃষ্ঠৰ
পৰা ইয়াৰ উচ্চতা ১,৩০২মিটাৰ৷ দক্ষিণত ত্ৰিশূলী আৰু পশ্চিমত মাৰ্চয়াংদি ...প্ৰৱাহমান
এই দু্ই স্ৰোতস্বিনী৷
মনোকামনাত উপাসনাৰ উদ্দেশ্যে যোৱা সকলো তীৰ্থযাত্ৰী
দৰ্শনাৰ্থীৰে মনোবাঞ্ছা আই ভগৱতীয়ে পূৰ্ণ কৰে৷ গোৰ্খা ৰজা ৰাম শ্বাহ (১৬১৪-১৬৩৬)ৰ
দিনৰ পৰাই পূজা-অৰ্চনা চলি অহা এই মন্দিৰৰ বিষয়ে এনেকুৱা এক জনবিশ্বাস প্ৰচলিত আছে৷
সেয়েহে বছৰি বহুসংখ্যক ভক্তৰ ইয়ালৈ আগমন ঘটে৷
কথিত আছে যে ৰজা ৰাম শ্বাহৰ ৰাণী ঐশ্বৰিক গুণসম্পন্না
আছিল৷ ৰাণীৰ আজ্ঞাবাহী ভক্ত লখন থাপাইহে কেৱল এই কথাটো জানিছিল৷ এদিন ৰজাই ৰাণীৰ গাত
দেৱীয়ে লম্ভা দেখিবলৈ পালে৷ ৰাণী দেৱীলৈ আৰু লখন সিংহলৈ ৰূপান্তৰিত হৈ পৰিছে৷ এই গোপন
কথাটো প্ৰকাশ কৰি দিয়াৰ লগে লগে আশ্চৰ্যজনকভাৱে ৰজাৰ মৃত্যু ঘটিল৷ সেই সময়ৰ সামাজিক
নিয়ম অনুসৰি ৰাণীয়ে নিজৰ স্বামীৰ সৈতে সতী গমন কৰিব লগা হ’ল৷ চিতাৰ জুইত জাঁপ দিয়াৰ পূৰ্বে
ৰাণীয়ে লখনক এইবুলি সান্ত্বনা দি গ’ল যে ভৱিষ্যতে ঘৰৰ কাষতে তেওঁৰ পুনৰ আবিৰ্ভাৱ ঘটিব৷ তাকেই
কামনা কৰি অপেক্ষমান হৈ ৰ’ল লখন থাপা৷
এই ঘটনাৰ ছমাহৰ পিছৰ কথা৷ এদিন এজন কৃষকে পথাৰত
হাল বাই থাকোঁতে শিল এটা দুফাল কৰি পেলালে৷ শিলটোৰ মাজত তেজ আৰু গাখীৰ অহৰহ বৈ থকা
প্ৰত্যক্ষ কৰিলে৷ কথাটো আচৰিত৷ সেয়ে চৌদিশে ততালিকে ৰাষ্ট্ৰ হৈ পৰিল৷ লখনৰ কাণতো পৰিলগৈ৷
লখনে গম পালে যে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হ’বলৈ আগ বাঢ়িছে৷ ততালিকে তেওঁ আহি উপস্থিত হ’ল আৰু হিন্দুধৰ্মীয় তন্ত্ৰ-মন্ত্ৰৰ
জ্ঞানেৰে পূজা-পাতল আৰম্ভ ধৰিলে৷ লখনৰ প্ৰাৰ্থনাত শিলটোৰ পৰা তেজ আৰু গাখীৰ ওলোৱা বন্ধ
হ’ল৷ সেই সময়ত শাসনত থকা গোৰ্খা
ৰজাই কথাটো গম পাই উক্ত ভূমিভাগ দান দিয়াৰ লগতে উপাসনা কৰাত গুৰুত্ব আৰোপ কৰিলে৷ শিলটো
উদ্ধাৰ হোৱা স্থানতে এটা মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হ’ল৷ এয়াই মনোকামনা মন্দিৰ৷ আনহাতে
পৰম্পৰাগত নিয়ম অনুসৰি মন্দিৰটোৰ পূজাৰীজন লখনৰ বংশজ হোৱাটো বাঞ্ছনীয়৷ তেনেদৰেই আজিকোপতি
চলি আছে৷
হাইৱে’ এৰি সোঁহাতে পকী গে’ট এখনৰ তলেৰে সুমুৱাই গাড়ীচালক গিৰিয়ে আমাক অকাই-পকাই
তললৈ নমাই নিব ধৰিলে৷ চকুৰ আগত পৰিষ্কাৰ-পৰিচ্ছন্ন সুন্দৰ শান্ত-সমাহিত পৰিৱেশ এটা
হঠাতে বিৰাজমান হোৱা দেখি অবাক নহৈ নোৱাৰিলোঁ৷ গম পালোঁ, মনোকামনাৰ দুৱাৰমুখ পালোঁহি,
য’ৰ পৰা কেবল কাৰত উঠি যাব লাগিব৷
গাড়ীখন পাৰ্ক কৰিলত নামি আহি প্ৰথমেই চৌপাশ অধ্যয়ন কৰি মনৰ খুদুৱনি মৰাত লাগিলোঁ৷ তাৰ
পিছত এখোজ দুখোজকৈ টিকট কাউণ্টৰলৈ গ’লোঁ৷ মনোকামনালৈ বুলি কেবল কাৰৰ টিকট সংগ্ৰহৰ বাবে পতা
শাৰীত থিয় দিলোঁ৷ ৪২৫টকা দি অহা-যোৱাৰ টিকট কিনিলোঁ৷ সেয়া লৈয়েই ব’ৰ্ডিঙৰ দিশে ঘপাঘপ চিৰি বগাই
ওপৰলৈ ৰাওনা হ’লোঁ৷ জীৱনত প্ৰথমবাৰৰ কৰিব লগা
কেবল কাৰৰ আসন্ন যাত্ৰাটোক লৈ যথেষ্ট ৰোমাঞ্চিত হৈ পৰিলোঁ৷
অতীতত দৰ্শনাৰ্থীসকলে বৰ কষ্টেৰে ৫ঘণ্টা সময় ধৰি
পাহাৰ বগাই মন্দিৰত উপস্থিত হৈছিলগৈ৷ অষ্ট্ৰিয়াৰ ডপপ্লিমেয়ৰ নামে এক সংস্থাৰ কাৰিকৰী
পৃষ্ঠপোষকতাত ১৯৯৮চনৰ ২৪নবেম্বৰৰ পৰা কেবল কাৰৰ সুন্দৰ অত্যাধুনিক ব্যৱস্থা হৈ উঠিল৷
স্বয়ংক্রিয় জেনেৰেটৰ, হাইড্ৰলিক জৰুৰীকালীন ড্ৰাইভ, শিক্ষিত আৰু প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী
তথা কাৰিকৰী জ্ঞানপুষ্ট ব্যক্তিৰ দ্বাৰা পৰিচালিত আন্তৰ্জাতিক পৰ্যায়ৰ এই ব্যৱস্থা৷
চিৰিচৰ পৰা মনোকামনালৈ এতিয়া এই ২.৮কিল’মিটাৰ দূৰত্ব অতিক্রম কৰিবলৈ মাথো ১০মিনিট সময়ৰহে আৱশ্যক
হয়৷ পুৱা ৯বজাৰ পৰা দুপৰীয়া ১২বজালৈ আৰু বিয়লি ১.৩০বজাৰ পৰা সন্ধিয়া ৫বজালৈ কেবল কাৰ
সেৱা অনৰ্গল চলি থাকে৷ অহা আৰু যোৱাৰ বাবে ওচৰা ওচৰিকৈ দুটা পৃথক পৃথক লাইন দেখিলোঁ৷
তলৰ ষ্টেচনটো কুৰিণ্টাৰ (২৫৮মিটাৰ), ওপৰত মনোকামনা৷ প্ৰতি ঘণ্টাত ৬০০জন যাত্ৰীক এই
কেবল কাৰে সৰৱৰাহ কৰিব পাৰে৷ একোটা কেবিনৰ বহন ক্ষমতা ৪৫০কিল’গ্ৰাম৷ সেই অনুপাতে ৬জন লোক বহিব
পাৰে৷ যাত্ৰীৰ উপৰি বয়-বস্তু কঢ়িওৱা কেবো দেখা পালোঁ৷
তত্ত্বাৱধায়কৰ অনুমতি সাপেক্ষে এসময়ত এটা কেবিনৰ
ভিতৰত আসন গ্ৰহণ কৰিলোঁ৷ তাৰ পিছত দৰজা মাৰি যাত্ৰাৰ বাবে উদ্যত হ’লোঁ৷ মনত অযুত উৎকণ্ঠা আৰু উত্তেজনা৷
লাহে লাহে কেব চলিল৷ ষ্টেচনৰ পৰা বাহিৰ হৈয়ে আমাৰ কেব ত্ৰিশূলী নদীৰ ওপৰেৰে ধীৰে ধীৰে
পাৰ হ’ল৷ তাৰ পিছত ক্রমাৎ ওপৰলৈ উঠিব
ধৰিলে৷ কেবটোত আমি চাৰিজন যাত্ৰী৷ শূন্যত ওলমি ওলমি গৈ আছোঁ৷ তল, ওপৰ, সোঁ, বাওঁ সকলোফালেই নয়নজুৰোৱা
দৃশ্যৰাজি৷ আইনাৰ মাজেৰেই সেইবোৰ উপভোগ কৰি গৈ থাকিলোঁ৷ কেমেৰাও ৰৈ নাথাকিল৷ জলপ্ৰপাত,
গাঁও, ষ্টেপ কাল্টিভেচন আদিৰ ওপৰেৰে চলি চলি এসময়ত মনোকামনা ষ্টপেজত সোমাই পৰিলোঁগৈ৷
তাত দৰজা খোল খালে৷ নামি বাহিৰ ওলাই পদব্ৰজে যাত্ৰা কৰি অলপ পাছত মন্দিৰ প্ৰাংগণ পালোঁগৈ৷
অগণন ভক্তপ্ৰাণ লোকৰ সমাৱেশ চকুত পৰিল সেই মুহূৰ্তত৷
মনোকামনা মন্দিৰটো পেগোডা ষ্টাইলৰ, চাৰিখলপীয়া
আচ্ছাদনেৰে বৰ্গক্ষেত্ৰ আকৃতিৰ৷ নেপালৰ ভিতৰতে ই এক বিখ্যাত মন্দিৰ৷ দেৱীৰ উদ্দেশ্যে
ইয়াত ফুল-পাত, ধূপ-দীপ, তামোল-নাৰিকল, কণী, সুমথিৰা, ধান, সেন্দূৰ, সূতা, ৰঙা কাপোৰ,
ঘণ্টা আদি আগ কৰি আৰাধনা কৰা হয়৷ পূজাৰীয়ে পূজা সম্পাদন কৰাৰ পিছত ৰাইজে নৈবেদ্য দান
কৰিব পাৰে৷
হিন্দুধৰ্মীয় পৌৰাণিক ধাৰণা অনুযায়ী বিশ্বব্ৰহ্মাণ্ডখন
পৃথিৱী, অগ্নি, জল, বায়ু আৰু ইথাৰ ...এই পাঁচবিধ জাগতিক উপাদানেৰে সৃষ্টি হৈছে৷ গতিকে
দেৱীৰ নৈবেদ্যসমূহো এইসমূহক ভিত্তি কৰিয়ে আগ বঢ়োৱা হয়৷ আনহাতে ছাগলী, পাৰ চৰাই আদি
জীৱ-জন্তুৰ বলি-বিধানৰ ব্যৱস্থাও ইয়াত আছিল৷ সম্প্ৰতি এই বিষয়ত বাধা আৰোপ কৰা হৈছে
বুলি গম পালোঁ৷ বিজয়া দশমী আৰু নাগ পঞ্চমীৰ উপলক্ষ্যত এই মন্দিৰত বহল পৰিসৰত দীৰ্ঘদিনীয়াকৈ
পূজা-অৰ্চনাৰ ব্যৱস্থা কৰা হয় বুলিও শুনিলোঁ৷ মনোকামনা দৰ্শনৰ বাবে উক্ত সময়ত হেনো বৃহৎ হাৰত ভক্তৰ সমাগম ঘটে৷
মন্দিৰৰ কাষৰে-পাজৰে অনেক দোকান-পোহাৰ, হোটেল আদি
চকুত পৰিল৷ মনোকামনাত লগৰকেইজনক মই ভাত এসাজ খুৱাম বুলি মনে মনে আগৰে পৰাই ভবি থৈছিলোঁ৷
চৌপাশ পৰিভ্ৰমণ কৰি নাতিদূৰৈৰ হোটেল এখনত নেপালী দাল-ভাতেৰে দুপৰীয়াৰ আহাৰ কৰিলোঁ৷
মনৰ গুপুত ইচ্ছাকণ পূৰণ কৰিব পাৰি ধন্য হ’লোঁ৷ ‘হ’ব বাৰু, যাম তেনেহ’লে’ বুলি সিদিনা ডিফু ৰে’ল ষ্টেচনৰ প্লেটফৰ্মতে মন্দিৰাক দি অহা কমিটমেণ্ট ৰক্ষা
কৰিব পৰাত বৰ্ণনা কৰিব নোৱাৰা ধৰণে মনটো কিবা এটা ভাল লাগি থাকিল৷ প্ৰাকৃতিক পৰিৱেশটোৱেও
মন ৰঙাই তুলিলে৷ মুঠতে মনোকামনা পূৰ্ণ হৈ গ’ল মোৰ৷
লান্স ব্ৰেকৰ পিছত কেবল কাৰ পুনৰ চলিব ধৰিলে৷ আমাৰো
যাবৰ সময় হৈ আহিল৷ শত-সহস্ৰজনৰ মনোবাঞ্ছা পূৰণৰ থলী নেপালৰ এই বিখ্যাত মনোকামনা মন্দিৰটিলৈ
পুনৰ এবাৰ শ্ৰদ্ধাৰে দৃষ্টি নিক্ষেপ কৰিলোঁ৷ তাৰ পিছতে উভতনি যাত্ৰাৰ উদ্দেশ্যে খোজ
পেলালোঁ৷ কেবিনত সোমাই পৰাৰ পিছত লাহে লাহে নমাই নি তল পোৱালেগৈ৷ চিত্ৰৰ দৰে অনুপম
দৃশ্যৰাজিৰ পৰা অনিচ্ছাসত্ত্বেও চকু আঁতৰাই আনি গাড়ীত বহিলোঁ৷ হাইৱেৰে কবিৰাজ গিৰিয়ে
ষ্টিয়েৰিং পকাবলৈ আৰম্ভ কৰিলে পোখৰালৈ বুলি৷
নিৰাপদ, আৰামদায়ক, পৰিষ্কাৰ কেবল কাৰত প্ৰকৃতিৰ
বিনন্দীয়া ৰূপ-মাধুৰ্য মুখৰ আগত লৈ মনোকামনালৈ অহা-যোৱাৰ সোৱাদেই বেলেগ যেন অনুভৱ হ’ল৷ ২০মিনিটীয়া এটা স্মৰণীয় যাত্ৰা
মনত ৰৈ গ’ল জীৱনলৈ৷ এই যাত্ৰাটোৱে মোৰ
দৰে আন শত-সহস্ৰজনকো নিশ্চয় আনন্দ দিয়ে, যিসকলে মনোকামনালৈ এবাৰলৈ হ’লেও গৈছে৷
(ৰচনা : ২.৫.২০১৪)
No comments:
Post a Comment