এতিয়া বোমাত ৰে’লগাড়ী উৰে, ৰে’লপথ উৰে, বাছ উৰে, দলং উৰে, ৰাষ্ট্ৰীয় ঘাইপথ উৰে, কাৰ্যালয় উৰে, থানা উৰে, আৰু কত কি উৰে! লগে লগে ছিন্নভিন্নদেহী মানুহ উৰে৷ ভৱিষ্যতৰ স্বৰ্ণস্বপ্ন ধোঁৱাৰ কুণ্ডলী হৈ উৰে৷ মৃত্যুৰ বিজয়ধ্বজা উৰে৷
সন্ত্ৰাসবাদী-উগ্ৰপন্থীৰ গুলীত, সেনা-পুলিছৰ গুলীত
মৃত্যুশয্যাত ঢলি পৰে নিৰপৰাধী, নিৰীহ সাধাৰণ মানুহ৷ সোণোৱালী ভৱিষ্যতৰ সৌন্দৰ্যভৰা
আৱেদন উৰন্তৰূপী জ্বলন্ত স্ফূলিংগই নিমিষতে ছাৰখাৰ কৰে৷ মৃত্যুৰ জয়গান বাজে৷
প্ৰাতঃভ্ৰমণ, সান্ধ্যভ্ৰমণ হৈ পৰে মৃত্যুমুখী অগস্ত্য-যাত্ৰা৷
বতাহত মৃত্যুৰ কিৰীলি… মৃত্যু লাগে, মৃত্যু৷
শুভবিবাহ, আঠমঙলাৰ নিৰ্দোষ-নিৰ্ভেজাল আনন্দক্ষণত
মৃত্যুৰ দামামা বাজে৷ প্ৰতিধ্বনিত, অনুৰণিত হয় মৃত্যুৰ পদধ্বনি৷ শ্ৰাদ্ধথলীতো শুনা
যায় মৃত্যুৰ অট্টহাস্য৷
এতিয়া জীৱনৰ পদে পদে আতংক৷ প্ৰতি মুহূৰ্ততে প্ৰাণৰ
সংশয়৷ জীৱন্ত হৈ থকাৰ আকাংক্ষা, সাধাৰণ প্ৰাত্যহিক সৰল আশা-আকাংক্ষা, সাৰ্থক জীৱনচৰ্যা
মৃত্যুৰ পদানত৷ স্বাধীন চিন্তা-চেতনা, উদ্যম, সৃষ্টি, কৰ্ম, ঘূৰণ-ফুৰণ সকলোতে মৃত্যুৰ
অবাধ হস্তক্ষেপ৷
ব্যক্তিত্ব বিকাশৰ গতিপথ মৃত্যুৰ আগভেটাত স্তব্ধ৷
মানুহৰ পৃথিৱীত দানৱীয় বাদ্যৰ ঝংকাৰ, মৃত্যুৰ বিভীষিকাময় তাণ্ডৱ নৃত্য৷ নাগৰিকৰ মূল্য
ক’ত? জীৱনৰ মূল্য ক’ত?
সেয়ে জীয়াই থাকিবলৈ ইচ্ছুক আৰু ক্ষণস্থায়ী সময়ৰ
ভিতৰতে মানুহলৈ অৱদান দি যোৱাৰ লক্ষ্য ৰখা নিমাখিত মানুহে ভৱিষ্যতৰ কাৰ্যসূচী পৰিকল্পনা,
পৰিৱেশ নিৰ্মাণ, কৰ্মপন্থা নিৰ্বাচন আৰু কৰ্মক্ষেত্ৰ ৰচনাৰ আগেয়ে সময়ৰ সৈতে খোজ মিলাই
মৃত্যুৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈ লোৱাটো অপৰিহাৰ্য হ’ব নেকি!
(প্ৰকাশ : ‘প্ৰান্তিক’ৰ পত্ৰালাপ, ১৬এপ্ৰিল ১৯৯৭)
অভিভূত হ'লো...
ReplyDelete