কৰ্মচাৰী
তেওঁলোক সময়মতে অফিছলৈ যায়৷ সময়তকৈ আগতে তেওঁলোকে
অফিছ নেৰে৷ অফিছৰ বেৰত ওলোমাই থোৱা প্ৰকাণ্ড দেৱাল ঘড়ীটোকেই তেওঁলোকে প্ৰৱেশ-প্ৰস্থানৰ
একমাত্ৰ সঠিক নিৰূপক জ্ঞান কৰে৷
তেওঁলোকে নিষ্ঠাসহকাৰে কাম কৰে৷ তেওঁলোকৰ কামবোৰ
পৰিপাটি, শৃংখলাযুক্ত৷ তেওঁলোক নিজৰ ভুল-ভ্ৰান্তিৰ প্ৰতি সজাগ৷ তেওঁলোকে তেওঁলোকৰ ক্ষমতা
বা সাধ্যৰ ভিতৰত পৰা কাম ততালিকে বা একেদিনাই কৰে৷ কাকো বিমুখ নকৰে, জীয়াতু নোভোগায়৷
তেওঁলোক সহৃদয় আৰু অকুণ্ঠ আন্তৰিকতাৰ গৰাকী৷
অফিছৰ সময়খিনিত তেওঁলোকে বজাৰ-সমাৰ বা গেছৰ খবৰ
কৰিবলৈ নাযায়, লটাৰীৰ পিছত নদৌৰে৷ তেওঁলোকে কৰ্মস্থলীত আড্ডা মাৰি, কেৰম খেলি, ঊল গুঁঠি
বা শুই নকটায়৷ খালী টেবুলখন মুখৰ আগত লৈ আগন্তুকক অন্যমনস্কভাৱে ‘বৰ
ব্যস্ত আছোঁ বুইছে’ বুলি কৈ দাঁত খুঁচৰি বাহিৰলৈ চাই নাথাকে৷ নিজৰ আসন এৰি
কেণ্টিনত বহি থকাটো তেওঁলোকৰ ধৰ্ম নহয়৷ কৰ্মৰ প্ৰতি তেওঁলোক নিৰ্ভয়৷ আনকি কেতিয়াবা
প্ৰয়োজনসাপেক্ষে সহকৰ্মীৰ টেবুলৰ দায়িত্বও হাঁহিমুখে চম্ভালি লয়৷ কৰ্তব্য পালনত তেওঁলোক
যেন সিদ্ধহস্ত৷ তেওঁলোক নিৰহংকাৰী৷
একেটা অফিছলৈকে তাহানিৰ পৰাই অহা-যোৱা কৰি থকা
সত্ত্বেও তেওঁলোকৰ মুখমণ্ডলত ক্লান্তিৰ চাপ অকণো দেখা নাযায়, বৰং নিতে প্ৰতিভাত হৈ
উঠে নতুন উদ্যম৷ আনহাতে বন্ধ বাৰতহে তেওঁলোকৰ মনে উচপিচায়৷ একাণপতীয়াকৈ ফাইলৰ মাজত
ডুবি থকাতেই যেন তেওঁলোকে এক বিমল আনন্দ লাভ কৰে৷ অফিছৰ যিকোনো অনুষ্ঠান যেনে বিদায়
সভা, পতাকা উত্তোলন, পূজা ইত্যাদিৰ তেওঁলোক অপৰিহাৰ্য অংগ৷ তেওঁলোক উদ্যমী আৰু বিশ্বাসভাজন৷
তেওঁলোক খোলা মনৰ, নিকা চৰিত্ৰৰ, দুৰ্নীতিমুক্ত৷
তেওঁলোক নগণ্য৷ তেওঁলোক অফিছটোৰ প্ৰাণকেন্দ্ৰ৷ কৰ্মবীৰ, কৰ্মশ্ৰী নাইবা সেইজাতীয় কোনো
উপাধি তেওঁলোকৰ লক্ষ্য নহয়৷ লক্ষ্য নহয় কোনো পুৰস্কাৰ৷ তেওঁলোকে কাম কৰি ভাল পায়৷ কৰ্মই
তেওঁলোকৰ ধৰ্ম৷
তেওঁলোকক চাই-চায়েই আমি ভালেমান কথা শিকিব পাৰোঁ৷
নোৱাৰোঁ জানো?
(১জুন ১৯৯৪ তাৰিখৰ ‘প্ৰান্তিক’ৰ
পত্ৰালাপ শিতানত এই চিঠিখন লিখিছিলোঁ, ছদ্মনামেৰে৷ তেতিয়াৰ আৰু এতিয়াৰ সময়বোৰ তুলনা
কৰিলে কিয় লিখিছিলোঁ, কিয় লিখিছিলোঁ লাগে৷)
No comments:
Post a Comment