সংঘৰ্ষ আৰু সংহতি
সমস্যা নিবাৰণৰ বাবে মানুহে পাৰস্পৰিকভাৱে সম্পাদন
কৰা ক্রিয়াসমূহ, যাক সমাজশাস্ত্ৰীয় পৰিভাষাত আন্তঃক্রিয়া আখ্যা দিয়া হয়, সিয়েই মানুহৰ
সামাজিক সম্বন্ধৰো ভেটি৷ সামাজিক সম্বন্ধৰ মাধ্যমেৰেই সমাজ এখন বৰ্তি থাকে৷ সমাজত অনৱৰতে
প্ৰচলন হৈ থকা আন্তঃক্রিয়া পদ্ধতিক সামাজিক প্ৰক্রিয়া বোলা হয় আৰু সামাজিক প্ৰক্রিয়াৰে
এটা বিভাজিত শ্ৰেণী হৈছে সংঘৰ্ষ৷
মানুহৰ ইতিহাস অন্তহীন সংঘৰ্ষৰ ইতিহাস৷ সকলো ধৰণৰ
সমাজতেই স্থিতি পৰিলক্ষিত হোৱা সংঘৰ্ষৰ মাত্ৰা সাম্প্ৰতিক বিজ্ঞাননিৰ্ভৰ যুগতো অলপো
কমা নাই, বৰং বাঢ়িছেহে৷ পাঠ্যপুথিৰ ভাষাত, আত্মস্বাৰ্থ পূৰণৰ অৰ্থে প্ৰতিদ্বন্দ্বী পক্ষক
প্ৰত্যক্ষভাৱে দমন কৰাৰ আকাংক্ষাই সংঘৰ্ষ৷ সংঘৰ্ষ ইচ্ছাকৃত আৰু হিংসাযুক্ত৷ প্ৰতিহিংসাৰ
সৈতে সংঘৰ্ষৰ সম্পৰ্ক পোনপটীয়া৷ সদৃশ উদ্দেশ্য সাধনত অগ্ৰসৰ হ'ব খোজা দুটা পক্ষৰ
মাজত চলা প্ৰতিযোগিতাই অসুস্থ ৰূপ ধাৰণ কৰিলেই সংঘৰ্ষৰ সূত্ৰপাত ঘটে৷ পৰস্পৰক প্ৰতিহত
কৰিবৰ কাৰণে প্ৰতিক্রিয়াশীল মনোবৃত্তিৰে চলোৱা কাৰ্যসূচীৰে সংঘৰ্ষ পৰিচালিত হয়৷ হিংসা,
বিদ্বেষ, দমন, ৰক্তপাত, ধ্বংসযজ্ঞ, ভীতি প্ৰদৰ্শন আদিবোৰ এনে কাৰ্যক্রমণিকা৷
সংঘৰ্ষ সদায় সচেতনাত্মক৷ লক্ষ্যত উপনীত হ’ব পাৰিবনে নোৱাৰে তাৰ প্ৰতি উভয়
পক্ষই সজাগ আৰু সেয়েহে প্ৰতিদ্বন্দ্বীক অহৰহ বাধা প্ৰদান কৰা হয়৷ সংঘৰ্ষই বিচ্ছিন্নতা
আনে, নিৰংকুশ অৱস্থাৰ সৃষ্টি কৰে৷ এটা বিশেষ সমস্যাৰ পৰিপ্ৰেক্ষিতত সংঘৰ্ষৰ সূচনা হ'লেও
ধ্বংসাত্মক কাৰ্য সংঘটিত হৈ যোৱাৰ পিচত উত্তেজনা সাময়িকভাৱে শাম কাটিবলৈ লয়৷
সংঘৰ্ষত জড়িত উভয় পক্ষই পৰস্পৰবিৰোধী ভাব বৰ্তাই
ৰখা আভ্যন্তৰীণ পৰিস্থিতিক সুপ্ত সংঘৰ্ষ আৰু সেয়া বাহ্যিক ৰূপত প্ৰকাশ পালে তাকে জাগ্ৰত
সংঘৰ্ষ বুলি সংজ্ঞাবদ্ধ কৰা হয়৷ আনহাতে দুটা পৃথক গোষ্ঠীৰ মাজত সংঘটিত সংঘৰ্ষক কিতাপৰ ভাষাত কোৱা
হয় সমবায় সংঘৰ্ষ৷
সংঘৰ্ষই সংহতিৰ বাটত বিশৃংখলা জন্মায়, বিৰূপ পৰিস্থিতিৰ
সূচনা কৰে, ঐক্য-শান্তি-প্ৰগতিৰ পথ ৰুদ্ধ কৰে৷ সেয়েহে সংঘৰ্ষ দমন কৰাটো প্ৰয়োজনীয় কথা
হৈ পৰে৷ পৰিণতি ব্যতিৰেকে সংঘৰ্ষ নিয়ন্ত্ৰণ কৰা বা ওৰ পেলোৱাটো অসম্ভৱ৷ স্বাভাৱিক অৱস্থা
সম্পূৰ্ণৰূপে ঘূৰাই অনা সম্ভৱ নহয় যদিও সামাজিক সুস্থিৰতা ৰক্ষা কৰাৰ স্বাৰ্থত এই ক্ষেত্ৰত
ভিন ভিন কৌশল অৱলম্বন কৰা হয়৷ সংঘৰ্ষাত্মক পৰিৱেশতেই হওক বা সংঘৰ্ষ হৈ যোৱাৰ পিছতেই
হওক মানুহে সুদিনৰে আশা কৰে৷
স্থানচ্যুতকৰণ প্ৰণালী অনুযায়ী এটা সংঘৰ্ষৰ অৱসানৰ
বাবে অইন এটা সংঘৰ্ষৰ পাতনি মেলি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হয়৷ ইয়াৰোপৰি
সংঘৰ্ষলিপ্ত দলৰ এটাই আনটোক বলপূৰ্বকভাৱে দমন কৰা, জাগ্ৰত সংঘৰ্ষক সুপ্ত কৰি ৰখা, নৈতিক
বিচাৰৰ তুলাচনীৰে মাননীয়কৰণ-অধীনকৰণ আৰু আপোচ এনে ধৰণৰ সাধন-পদ্ধতি৷ মন কৰিবলগীয়া যে,
সমশক্তিসম্পন্ন সংঘৰ্ষকাৰীৰ মাজত সদায়েই আপোচৰ ধাৰণাটোৱেই অগ্ৰাধিকাৰ লাভ কৰে আৰু কাৰ্যকৰীও
হয়৷ আপোচৰ জৰিয়তে প্ৰচলিত দীৰ্ঘকালীন সংঘৰ্ষৰ অৱসান ঘটাই সুস্থিৰ বাতাৱৰণ ৰচনা কৰিব
পাৰি৷ আপোচ মানে আলাপ-আলোচনাৰ মাজেদি সমাধান-সূত্ৰ বিচৰা, এৰা-ধৰাৰ মাজেৰে সমস্যা নিষ্পত্তি
হোৱাটোক স্বীকাৰ কৰি লোৱা৷
সমাজত শান্তি-শৃংখলা-নিৰাপত্তা বিচাৰিলে সংঘৰ্ষৰ
অৱসান ঘটাবই লাগিব৷ সংহতি প্ৰতিষ্ঠাৰ দ্বাৰাহে এনে হোৱাটো সম্ভৱ৷ সংহতি ব্যতিৰেকে সমাজত
শান্তি আৰু প্ৰগতি আশা কৰিব নোৱাৰি৷ উদাৰ দৃষ্টিভংগী, একতাৰ ভাবনা, ত্যাগ আৰু সহনশীল
মনোবলেই সংহতিৰ বুনিয়াদ৷ সংহতিয়ে সমাজক সংঘবদ্ধ কৰি সামূহিক কল্যাণৰ অভিমুখে পৰিচালিত
হোৱাৰ পথ প্ৰশস্ত কৰে৷ সংহতি শান্তি আৰু প্ৰগতিৰ পূৰ্বচৰ্ত৷
সময়ে সময়ে দৃষ্টিগোচৰ হৈ অহা অনাকাংক্ষিত ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যখনত সংঘৰ্ষ দূৰীকৰণৰ উদ্দেশ্যে সংহতি সুদৃঢ়কৰণৰ হকে প্ৰত্যেক নাগৰিকে নিৰন্তৰ চেষ্টা চলাব
লাগিব৷ স্বেচ্ছাসেৱী তথা সামাজিক সংগঠনসমূহেও সংহতি বিপন্ন হোৱাৰ কাৰণবোৰ ফঁহিয়াই উলিয়াই
তাৰ প্ৰতিবিধান-কল্পে কৰ্মসূচী প্ৰস্তুত কৰিব লাগিব৷ অখণ্ডতা ৰক্ষাৰ বিপৰীতে বিচ্ছিন্নতা
ৰোধ কৰিব পাৰিলেহে সমাজ সুন্দৰ হ’ব৷
সমবিকাশ সাধনৰ জৰিয়তে জনসাধাৰণৰ মাজত থকা সকলো
প্ৰকাৰৰ বৈষম্য দূৰ কৰাই হৈছে সংহতি ৰক্ষাৰ প্ৰশস্ত উপায়৷ মানুহৰ মনৰ বিদ্বেষ, দ্বন্দ্ব,
অবিশ্বাসৰ প্ৰৱণতা নাইকিয়া কৰিবলৈ হ’লে এই গুৰুত্বপূৰ্ণ আৱেগিক দিশটো সক্রিয় কৰাত আমাৰ চৰকাৰ,
ৰাজনৈতিক দলসমূহে ঐকান্তিকতাৰে কাম কৰিবই লাগিব৷ বিষয়টো জটিল, কিন্তু আজি সময়ৰ আহ্বান
বুলি পৰিগণিত হোৱা এই প্ৰত্যাহ্বান হৃদয়ংগম কৰি সুস্থিৰ চিন্তা আৰু কৰ্মৰ দ্বাৰা পৰিচালিত
হ’ব লাগিব৷কিয়নো, সংহতিয়ে সকলো হিতৰ মূল৷
‘সংহতি হিতসাধিকা’৷ হৃদয়নিহিত এই নিৰাকাৰ চেতনাতেই
আমাৰ উজ্জ্বল ভৱিষ্যতৰ স্বপ্ন সাঙোৰ খাই আছে৷ ‘এক জাতি-এক প্ৰাণ-একতা’ মিলনৰ ভাবানুভূতিও তাতেই সম্পৃক্ত৷
(ৰচনা : ৬.১১.২০০৫)
No comments:
Post a Comment