আজিৰ আনন্দ...
(২৮.৫.২০১৪)
ভাৰ্গৱৰ চকুলৈ চাই ক’লোঁ... ভাৰ্গৱ, তুমিযে ডিচেম্বৰৰ শেষত গুৱাহাটীলৈ গৈছিলা, ভ্ৰমণ কাহিনীটো লিখি মোক দিবাচোন৷
ভাৰ্গৱে সুধিলে... কিহত লিখিম? ইংৰাজীত নে অসমীয়াত?
সিদ্ধান্তটো তাৰ ফালেই থৈ মই ক’লোঁ... যিহতে লিখা, তোমাৰ ইচ্ছা৷
ভাৰ্গৱ আমাৰ ঘৰত থকা ওমপ্ৰকাশ শ্ৰেষ্ঠ আচাৰ্যৰ ওচৰত পঢ়িবলৈ আহে৷ পিছদিনা পুৱা টিউচন শেষ কৰিয়ে সি মোক বিচাৰি আহিল৷ হাতত ফুলস্কেপ কাগজৰ চাৰিটা পৃষ্ঠা৷ মই তালৈ চালোঁ৷ গম পালোঁ, ভ্ৰমণ কাহিনীটো লিখি আনিছে৷
ভাৰ্গৱ গুচি যোৱাৰ পিছত মই মনোযোগেৰে পঢ়িব ধৰিলোঁ৷ চাৰিটা পইণ্ট নিৰ্ধাৰণ কৰি ৰচনাখন সি ইংৰাজীত লিখি আনিছে৷ হাতৰ আখৰ স্পষ্ট৷ বানান বা ব্যাকৰণৰ ভুল এটাও নাই৷ মই আনন্দিত হ’লোঁ আৰু তেতিয়াই তাৰ আগন্তুক দিনৰ ছবি এখন মনতে কল্পনা কৰি পেলালোঁ৷
ডিফুৰ ক্লিৰদাপ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ভাৰ্গৱ কাকতি৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছে৷ যোৱাবাৰ প্ৰিয়াংশুৱে ষ্টেণ্ড কৰাৰ সময়তে পিছৰটো বছৰৰ বাবে ভাৰ্গৱৰ নামটো ওলাইছিল৷ ভাৰ্গৱে আজি সেয়া কৰি দেখুৱালে৷
তেৰ ঘণ্টীয়া কাৰবি আংলং বন্ধ সত্ত্বেও আজি নিকেতনৰ শিক্ষক, ছাত্ৰ, অভিভাৱকসকল, শুভাকাংক্ষীসকলৰ মাজত আনন্দময় সময় কটোৱাৰ সুযোগ পালোঁ৷ চিনাকি এজনে সুধিলে... কোনোবা আছিল নেকি? মই উত্তৰ দিলোঁ... নাই, পিছে এই সকলোৱেই (ছাত্ৰ-ছাত্ৰী) মোৰ, আমাৰ নহয়জানো? এওঁলোকে কঢ়িয়াই অনা আনন্দৰ ভাগ ল’বলৈকে ময়ো ইয়ালৈ আহিছোঁ৷
ভাৰ্গৱৰ মেধা আৰু মোৰ কল্পনা মিলি যোৱা কথাটো সঁচাকৈ আজি মোৰ দিনটোৰ আনন্দৰ হেতু হৈ ৰ’ল৷ ভ্ৰমণ কাহিনীটো লিখি অনা পৃষ্ঠাকেইটা ইমানদিনে মই সযতনে থৈ দিছিলোঁ৷ আজি দিনৰ দিনটো সেই পাতকেইখিলা পকেটত লৈ ফুৰিছিলোঁ আৰু বিভিন্নজনক দেখুৱাইছিলোঁও৷
No comments:
Post a Comment