সমন্বয়-সহনশীলতা-সহাৱস্থান
ক’ৰবাত পঢ়িছিলোঁ… নিৰ্মলতাৰ পদুমত
বহি, হালধীয়া বস্ত্ৰ পৰিধান কৰি; বোধশক্তি আৰু কৰুণা, জ্ঞান আৰু ভালপোৱা, প্ৰেম আৰু
কৰ্মৰ বিকাশ সাধন কৰিব নোৱাৰাৰ বাবে বুদ্ধদেৱে মানৱ জাতিক তিৰস্কাৰ কৰিছিল৷ তেওঁৰে
মহান অনুগামী অশোকে যেতিয়া আৱিষ্কাৰ কৰিলে যে তেওঁৰ সাম্ৰাজ্যত বিভিন্ন জাতি আৰু ধৰ্মৰ
লোকে বসবাস কৰিছে, তেতিয়া তেওঁ কৈছিল… সমন্বয় অপৰিহাৰ্য৷
সহনশীলতাৰ মূলতে হ’ল সকলোৰে প্ৰতি সন্মান প্ৰদৰ্শন
কৰা৷ যেতিয়াই এই বৌদ্ধিক উপলব্ধি লাভ কৰিব পৰা যাব, তেতিয়াই শান্তি আৰু প্ৰশান্তি বিৰাজ
কৰিব৷ এই বৌদ্ধিক স্বীকৃতিৰ অভাৱেই সকলো সমস্যাৰ মূল কাৰণ৷
কিন্তু কাৰ্যতঃ আজি ঘটিছে কি? হৃদয় আৰু মগজুক
সেই বৌদ্ধিক-আধ্যাত্মিক উদ্দীপনাই কিমান আলোড়িত কৰি তুলিব পাৰিছে? ‘আমি এসময়ত এটা পৰিয়ালৰ মানুহৰ
দৰে মৰমৰ বান্ধোনেৰে বান্ধ খাই আছিলোঁ৷’ বুলি সহোদৰ ভাতৃত্ববোধ, নাইবা ‘একেখন কাঁহীতে ভাত খাইছিলোঁ’ বুলি ঐতিহাসিক বাস্তৱতাক স্বীকাৰ
কৰাৰ পিছতো এতিয়া ভায়ে ভায়ে অথবা ইঘৰে সিঘৰৰ ভাগ কাঢ়ি খোৱাৰ আশংকাতে সমস্ত মনোমালিন্যৰ
সূত্ৰপাত নহৈছেজানো?
এই কথা বুজিবলৈ কোনো উচ্চস্তৰীয় ধীশক্তিৰ দৰকাৰ
নাই যে ঐক্যতকৈ অনৈক্যৰ বীজ সন্ধানী লোকৰ সংখ্যাই এতিয়া বেছি৷ সেয়ে ইমান খেলিমেলি৷
একতাৰ বিনাশ কল্পেই আজি এখন সুস্থ সমাজৰ পৰিকল্পনা কৰাটো জটিল পদক্ষেপত পৰিণত হৈছে৷
আনহাতে সমাজ সুস্থ নহ’লে সমুন্নতি অসম্ভৱ৷ প্ৰগতিৰ
আৱাহন একীভূত মন্ত্ৰোচ্চাৰণেৰেহে সিদ্ধ হয়৷ সমাজৰ মৌলিক সমস্যাসমূহৰ অধ্যয়ন আৰু তাৰ
যথাৰ্থ নিৰ্মূলকৰণে জৰুৰী বিষয় হিচাপে আগৰে পৰাই গুৰুত্ব লাভ কৰি আহিছে৷ সমস্যা সমাধানৰ
বেলিকা সকলোৰে স্বচিন্তিত পথ উদ্ভাৱন-অনুসৰণৰো স্বাধীনতা আছে৷ তেনে অচিলাৰে সংকট মোচনৰ
পথ বিচাৰি ইতিহাসৰ জেৰ টানি বহুতে তাতেই সঞ্জীৱনীৰ সন্ধান কৰা দেখা গৈছে৷ মনস্তাত্ত্বিক
পাৰ্থক্যবোধৰ পৰিপ্ৰেক্ষিতত জাতি পৰিচয়ৰ সংজ্ঞাৰ পৰিৱৰ্তন ঘটাবলৈকো কুণ্ঠাবোধ কৰা নাই৷
বিশেষকৈ গোষ্ঠীগত পুনৰুত্থানবাদী ধ্যান-ধাৰণা প্ৰসাৰৰ ক্ষেত্ৰত বুৰঞ্জীক সামৰি ন-কৈ
বিতৰ্কৰ সূচনা হৈছে৷ প্ৰাচীন ঐতিহ্যৰ ভিত্তিত কাৰ স্থান কিমান বিশিষ্ট, একে আষাৰে তাক
নিৰ্দোষ প্ৰচেষ্টা বুলিলেও তেনে অতীত ৰোমন্থনত অমৃতৰ লগতে গৰলোযে নোলাব, তাৰ মানে নাই৷
সেই দ্ৰব্যকে পান কৰি চুটি বুদ্ধিৰ একাংশযে বিষাক্ত হৈ নুঠিব তাকো নুই কৰা কঠিন৷ আনহাতে
বিশ্বজোৰা জাতিগত স্বাধীনতা আৰু গণতান্ত্ৰিক স্বাধিকাৰৰ এই যুগত কোনেও নিজৰ অধিকাৰ
জলাঞ্জলি দিয়াৰ স্বাভাৱিকতে পক্ষপাতী নহয়৷ স্বকীয় অস্তিত্ব আৰু সাংস্কৃতিক চিনাকিৰে
সমৃদ্ধ কোনো জাতি-জনগোষ্ঠীয়ে কাৰোবাৰ ইপ্সিত স্বাৰ্থ সিদ্ধিৰ অৰ্থে নিজত্ব বিসৰ্জন
দিবলৈ সমূলি অনিচ্ছুক৷ কাৰো শ্ৰেষ্ঠতা বা শ্ৰুতলিপিও নিৰ্বিবাদে মানি নলয়৷ আত্মপ্ৰতিষ্ঠাৰ
স্বপ্নৰ লগতে মৰ্ম-বেদনা সকলোৰে আছে৷ আনহাতেদি প্ৰব্ৰজন প্ৰক্রিয়াই মানৱ সমাজক আজি
এনেকৈ একাকাৰ কৰি পেলাইছে যে এক একগোষ্ঠীয় লোকৰ আবাসথলীৰ পোষকতা কৰা ভূখণ্ডৰ ধাৰণা
ক’তো বাস্তবায়িত হৈ থকা নাই৷ গতিকে
যি ঘটি আছে সেয়া সহনশীলতাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ বোলাই শ্ৰেয়, যিহেতু সহনশীলতা কেতিয়াও
একপাক্ষিক বিষয় নহয়৷
ব্যাপক মাত্ৰাত সংঘটিত লানি নিছিগা হিংসাশ্ৰয়ী
ক্রিয়া-প্ৰতিক্রিয়া তাৰেই প্ৰকৃষ্ট উদাহৰণ নহয়জানো? মানসিক সংযম দলিয়াই পেলাই নৰখাদকৰ
হিংস্ৰতাক আঁকোৱালি লোৱাৰ পৰিণতি কি? বিভেদ-বিসম্বাদ, হাজাৰজনৰ স্থানচ্যুতি, গৃহদাহ,
ৰক্তপাতৰ দৰে ধ্বংসযজ্ঞ; সৰ্বোপৰি মানসিক অশান্তি, যিবোৰৰ চৰ্বিত-চৰ্বন কৰাটো আমাৰ
উদ্দেশ্য নহয়৷ বিজ্ঞানসন্মত সত্যটো হৈছে অতীতৰ যিকোনো একপক্ষীয় অপব্যাখ্যা বা বিকৃতি
সমুলঞ্চে বিদূৰ কৰিব নোৱাৰিলে ভৱিষ্যতেও বিদ্যাভিমানী অজ্ঞতাৰে প্ৰতিফলন ঘটাটো খাটাং;
অন্যথা দুৰ্ভাগ্যজনক বুলিয়ে মুখনি মাৰিব লাগিব৷ মন কৰিব লগীয়া যে ধৰ্মই যেনেকৈ ঐক্য-সংহতি-প্ৰগতিৰ
একমাত্ৰ বাহক বুলি প্ৰতিষ্ঠা লভিব পৰা নাই, ঠিক একেদৰে ইতিহাসৰ পুৰণি পৃষ্ঠাৰ উল্লেখেৰেও
কোনো কাৰো প্ৰভু হৈ বৰ্তি থকাৰো নজিৰ নাই৷ তেনে প্ৰচেষ্টাৰে নৱজাগৰণ অনাত কস্মিন কালেও
কোনো সফল হোৱাৰ দৃষ্টান্ত বিৰল৷ উন্নত-অৱনত নিৰ্ধাৰণৰ সূচক ৰূপে চিহ্নিত হৈছে মানুহৰ
সুস্থ চিন্তা আৰু কৰ্ম চেতনাহে৷
সকলোৱেই জানে যে শান্তিপূৰ্ণ সহাৱস্থানেই হ’ল সমগ্ৰ ভূখণ্ডকে ইয়াৰ অসংখ্য
চমকপ্ৰদ বৈচিত্ৰ্যৰাজিৰ সৈতে একত্ৰ কৰি ৰখাৰ জীৱন্ত যোগসূত্ৰ৷ সেই শান্তি, সহনশীলতা
আৰু সহ-অৱস্থানৰ প্ৰমূল্যসমূহতে এতিয়া সাংঘাতিক কেৰোণ৷ গণতন্ত্ৰ, সংবিধান বুলি গগন
ফলাৰ পিছত সংবিধানপ্ৰদত্ত কোনবোৰ বিধি-ব্যৱস্থাক লৈ আমি ওখ-ডাঙৰ হ’ব পাৰোঁ তাতকৈ কোনবোৰ ব্যৱস্থাক
লৈ আমি সৰু-সংকীৰ্ণ হ’ব পাৰোঁ তাৰেহে কৰ্ষণৰ মাত্ৰা
চৰিছে৷ সীমাহীন দ্বন্দ্বৰ কবলত পৰি অৱক্ষয়ত ধৰাশায়ী হৈছে সমাজ আৰু জাতি৷ গণতান্ত্ৰিকভাৱে
গঠিত ৰাষ্ট্ৰ ব্যৱস্থাটোৰ প্ৰতি আনুগত্যহীনতাই দেশৰ অখণ্ডতাৰ প্ৰতি প্ৰতিনিয়ত ভাবুকিৰ
সৃষ্টি কৰা নাইজানো? কূটিল ৰাজনীতিৰ প্ৰাদুৰ্ভাৱত ঐতিহ্যবাহী ভালপোৱা, মিলাপ্ৰীতিৰ
ক্ষতিসাধন হৈছে এনেকৈয়ে৷ জন্ম হৈছে বিচ্ছিন্নতাবাদ আৰু নিঃসংগতা৷ তেনেহ’লে পৰিত্ৰাণমুখী উচিত বিকল্প
কি, আৰু দিব কোনে? এইটো নিসন্দেহে সমৰ্থনযোগ্য যে সমস্যাৰে ভাৰাক্রান্ত এই শ্বাসৰুদ্ধকৰ
অৱস্থাৰ অৱসান ঘটাবলৈ প্ৰদৰ্শনকামী ভণ্ড ৰাজনীতিক নহয়, শুভচিন্তক সমাজতাত্ত্বিকেহে
সন্তুলিত বিচাৰেৰে আগতীয়াকৈ শুদ্ধ বাট দেখুৱাব লাগিব৷ তুচ্ছ-পাৰ্থিব কথা এৰাই চলি সমাজেও
বৃহত্তৰ স্বাৰ্থত কায়-মনো-বাক্যে তাকে সাৰোগত কৰিব লাগিব৷
সংহতিৰ হকে কৰ্মৰত শক্তিসমূহৰ শ্ৰীবৃদ্ধিকৰণৰ লক্ষ্যত
সহমত হ’লেহে প্ৰগতিৰ সুফল দাবীও সৰ্বজনগ্ৰাহ্য
হ’ব৷ সামাজিক ঐক্য আৰু বুজাবুজিৰ সৃষ্টিৰে সামাজিকীকৰণ আৰু আত্মীকৰণ সম্ভৱ কৰিবলৈ হ’লে দূৰদৰ্শী আৰু নিষ্ঠাৱান পুৰুষ-মহিলাৰ সংখ্যা
বৃদ্ধি কৰাৰ বাদে গত্যন্তৰ নাই৷ তেনে সমাজ গঢ়াৰ নেতৃত্বত প্ৰকৃত ঐতিহাসিক-ৰাজনৈতিক
জ্ঞানশূন্য ক্ষমতা-খঁকুৱা নহয়, নিয়ন্ত্ৰণশূন্য বন্দুক-বেয়নেটো নহয়, সাংস্কৃতিক সংগীনৰহে
প্ৰয়োজন আছে৷ কাজেই সংহতিস্থাপক কাৰ্যপন্থাৰ উত্থান আৰু প্ৰসাৰতা বৃদ্ধিৰ অভিযানক উদ্গণি
যোগোৱাতহে ৰাইজ উত্তেজিত হোৱা উচিত৷ এয়া অনস্বীকাৰ্য যে বিভাজনতকৈ সন্মিলনৰ আয়োজনে
জটিল সাম্প্ৰতিক পৰিস্থিতিত আগ্ৰাসন দাবী কৰে৷ গতিকে মিলন সমাৰোহৰ প্ৰতি সদিচ্ছা আৰু
অনুশীলনৰ হাৰ সৰ্বাধিক হ’ব লাগিব, প্ৰচ্ছন্ন সমৰ্থন আৰ্জিব
লাগিব জনসমাজত৷ সংগঠিত, সমাৱেশিত হোৱাৰ স্বাধীনতাক প্ৰকৃতাৰ্থত কাৰ্যক্ষম কৰি তুলিব
লাগিব, যিকোনো ত্যাগৰ বিনিময়ত৷
অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে নিজৰ স্থিতি বা প্ৰভুত্ব
স্থায়ী কৰাৰ দুৰ্বাৰ আকাংক্ষাৰ তাড়নাতে নৃগোষ্ঠীয় নেতা-পালিনেতাসকলে আজি আন নালাগে
নিজৰ মাজতো ক্ষয়ংকৰী প্ৰতিযোগিতা চলাইছে, কুক্ষিগত ক্ষমতা সংৰক্ষণৰ নিমিত্তে খড়্গহস্ত
হৈ উঠিছে৷ সমস্যা নিৰ্মূলৰ কৌশল গ্ৰহণযোগ্য কৰি তোলাটো বাদেই, নিজেহে সমস্যাৰ কাৰক
আৰু বাহক হৈ পৰিছে৷ ইফালে এচামৰ স্বাৰ্থত বা আত্মনিয়ন্ত্ৰণৰ চেতনাত আঘাত পৰাৰ আশংকাতে,
আৰু একালৰ তিক্ততাৰ পুনৰাবৃত্তি ঘটাৰ ভয়তে সংখ্যাগৰিষ্ঠ এচামে জ্বলন্ত বিষয়সমূহৰ অন্তৰ্ভেদী
বিশ্লেষণৰ পৰা নিৰাপদ দূৰত্বত অৱস্থানৰত হৈ মৌন দৰ্শকৰ অভিনয়ত ৰত হৈছে৷ সামাজিক অৱনতিৰ
গুৰুত্ব অনুধাৱন কৰিও বহুগোষ্ঠীয় ঐক্য-সংহতিৰ বাবে ক্ষতিকাৰক কথাত মাত মতাৰ ক্ষেত্ৰত
এতিয়া আদৰ্শস্থানীয় লোকেও যথাসম্ভৱ সাৱধানতা অৱলম্বন কৰা দেখা গৈছে৷ বৌদ্ধিক উপলব্ধি
সত্ত্বেও সংবেদনশীলতাৰ প্ৰতি সচেতন হৈ অনধিকাৰ চৰ্চা বিবেচনাৰে অতিৰিক্ত সতৰ্কতা মানি
চলিছে৷ উন্মাদৰ কবলত আদৰ্শৰ অপমৃত্যুবৰণৰ ফলত ভাষিক, ধৰ্মীয়, সাম্প্ৰদায়িক বা গোষ্ঠীগত
বিৰোধ-বিদ্বেষে প্ৰলয় সূচনা কৰিবলৈ এনেদৰেই সুযোগ আৰু সাহস দুয়োটাই সঞ্চয় কৰিছে৷
এচাম একদেশদৰ্শী, সংকীৰ্ণমতি ৰাজনীতিকে বিভিন্ন
সময়ত কৰা উচ্চ-বাচ্য, তুচ্ছ-তাচ্ছিল্যই স্তব্ধ কৰি পেলোৱা প্ৰেম আৰু ভাতৃত্ববোধৰ অন্তঃসলিলা
ফল্গুধাৰা নতুন গতিৰে প্ৰৱাহিত হোৱাৰ পক্ষত এটা গণ-উন্মাদনা সৃষ্টি হ’ব নোৱাৰেজানো? পাৰে৷ তাৎপৰ্যপূৰ্ণ
তেনে উন্মাদনাৰ বাবে ব্যাকুলতাৰে প্ৰতীক্ষাৰত যিকোনো মানুহ, যি মূল্যৰ বিপৰীতেই নহওক
কিয়, সহনশীলতা-সহাৱস্থান-সমন্বয়ৰ মূলোচ্ছেদকাৰী নিকৃষ্ট অভিসন্ধি প্ৰতিহত কৰিবলৈ আন্তৰিকতাৰে
সদা-প্ৰস্তুত থাকিব লাগিব৷ বিভাজনসৰ্বস্ব অনন্ত সংঘাতময় জীৱনৰ অভিজ্ঞতাৰ পৰাই এদিন
সমাজে আকৌ নতুনকৈ সংহতিৰ আৱশ্যকতা অনুভৱ কৰিব বুলি আমি আশাবাদী হ’বই লাগিব৷ অতীতৰ গৌৰৱোজ্জ্বল
দিশবোৰৰ পৰাই শক্তি আৰু সমল সংগ্ৰহ কৰি নব্য চিন্তা আৰু সত্য কৰ্মত প্ৰবৃত্ত হ’ব লাগিব৷ ‘আনো ভদ্ৰাঃ ক্রতবো যন্তু বিশ্বতঃ’ (বিশ্বৰ সকলো সৎ আৰু মহৎ কথাই
মোৰ চিত্তত ঠাই লওকহি) মানবিক ঐশ্বৰ্যৰে এই বীজমন্ত্ৰক হৃদয়ত কৰি ৰাখিব লাগিব সদাউদ্বেলিত৷
(১.৭.২০০৬ত ‘আমাৰ অসম’ত প্ৰকাশিত)
No comments:
Post a Comment