Wednesday, 28 May 2014

আজিৰ আনন্দ...
(২৮.৫.২০১৪)

ভাৰ্গৱৰ চকুলৈ চাই ক’লোঁ... ভাৰ্গৱ, তুমিযে ডিচেম্বৰৰ শেষত গুৱাহাটীলৈ গৈছিলা, ভ্ৰমণ কাহিনীটো লিখি মোক দিবাচোন৷

ভাৰ্গৱে সুধিলে... কিহত লিখিম? ইংৰাজীত নে অসমীয়াত?

সিদ্ধান্তটো তাৰ ফালেই থৈ মই ক’লোঁ... যিহতে লিখা, তোমাৰ ইচ্ছা৷

ভাৰ্গৱ আমাৰ ঘৰত থকা ওমপ্ৰকাশ শ্ৰেষ্ঠ আচাৰ্যৰ ওচৰত পঢ়িবলৈ আহে৷ পিছদিনা পুৱা টিউচন শেষ কৰিয়ে সি মোক বিচাৰি আহিল৷ হাতত ফুলস্কেপ কাগজৰ চাৰিটা পৃষ্ঠা৷ মই তালৈ চালোঁ৷ গম পালোঁ, ভ্ৰমণ কাহিনীটো লিখি আনিছে৷

ভাৰ্গৱ গুচি যোৱাৰ পিছত মই মনোযোগেৰে পঢ়িব ধৰিলোঁ৷ চাৰিটা পইণ্ট নিৰ্ধাৰণ কৰি ৰচনাখন সি ইংৰাজীত লিখি আনিছে৷ হাতৰ আখৰ স্পষ্ট৷ বানান বা ব্যাকৰণৰ ভুল এটাও নাই৷ মই আনন্দিত হ’লোঁ আৰু তেতিয়াই তাৰ আগন্তুক দিনৰ ছবি এখন মনতে কল্পনা কৰি পেলালোঁ৷

ডিফুৰ ক্লিৰদাপ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ভাৰ্গৱ কাকতি৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছে৷ যোৱাবাৰ প্ৰিয়াংশুৱে ষ্টেণ্ড কৰাৰ সময়তে পিছৰটো বছৰৰ বাবে ভাৰ্গৱৰ নামটো ওলাইছিল৷ ভাৰ্গৱে আজি সেয়া কৰি দেখুৱালে৷

তেৰ ঘণ্টীয়া কাৰবি আংলং বন্ধ সত্ত্বেও আজি নিকেতনৰ শিক্ষক, ছাত্ৰ, অভিভাৱকসকল, শুভাকাংক্ষীসকলৰ মাজত আনন্দময় সময় কটোৱাৰ সুযোগ পালোঁ৷ চিনাকি এজনে সুধিলে... কোনোবা আছিল নেকি? মই উত্তৰ দিলোঁ... নাই,  পিছে এই সকলোৱেই (ছাত্ৰ-ছাত্ৰী) মোৰ, আমাৰ নহয়জানো? এওঁলোকে কঢ়িয়াই অনা আনন্দৰ ভাগ ল’বলৈকে ময়ো ইয়ালৈ আহিছোঁ৷

ভাৰ্গৱৰ মেধা আৰু মোৰ কল্পনা মিলি যোৱা কথাটো সঁচাকৈ আজি মোৰ দিনটোৰ আনন্দৰ হেতু হৈ ৰ’ল৷ ভ্ৰমণ কাহিনীটো লিখি অনা পৃষ্ঠাকেইটা ইমানদিনে মই সযতনে থৈ দিছিলোঁ৷ আজি দিনৰ দিনটো সেই পাতকেইখিলা পকেটত লৈ ফুৰিছিলোঁ আৰু বিভিন্নজনক দেখুৱাইছিলোঁও৷

Tuesday, 27 May 2014

আজিৰ আনন্দ...
(২৭.৫.২০১৪)

বিশেষ দৰকাৰ এটাত আজি পুৱাই ৰে’লেৰে ডিমাপুৰ পালোঁগৈ৷ কাম হ’লত আবেলি উভতিলোঁ৷

আজিৰ দিনটোত মোৰ বাবে উল্লেখযোগ্য কথাটো হ’ল, আজি মই এগৰাকী সুন্দৰ পুৰুষ আৰু এগৰাকী সুন্দৰী মহিলা চকুৰ আগত দেখা পালোঁ৷ মনত ৰেখাপাত কৰি যোৱা তেওঁলোকৰ শাৰীৰিক সৌন্দৰ্যই মোলৈ আনন্দ কঢ়িয়াই আনিলে৷

মই য’লৈ গৈছিলোঁ সেই স্থানত কামত লাগি থাকোঁতেই ওপৰত কৈ অহা ‘হেণ্ডচাম’ যুৱকজনক নিচেই কাষতে থিয় হৈ থকা অৱস্থাত পালোঁ৷ নাজানো তেওঁৰ কি নাম, কি ধাম৷ ভালে সময় চাই থাকিলোঁ তেওঁলৈ৷ পিছত তেওঁক এঠাইত বহি থকাও দেখিলোঁ৷ সুযোগ পাই ময়ো আকৌ চালোঁ৷ আৰু ঈশ্বৰৰ সৃষ্টিক মনে মনে শলাগিলোঁ৷

ঘূৰি অহাৰ বাটত ডিমাপুৰ ৰে’লৱে ষ্টেচনৰ প্লেটফৰ্মত চকুৰ আগলৈ আহিল ওপৰত কোৱা সেই ‘বিউটিফুল’ যুৱতীজনী৷ পানী এবটল কিনো বুলি যাওঁতেই তেওঁক নিচেই কাষৰ পৰাই পালোঁ৷ সেইকণ সময়তে তেওঁক চালোঁ৷ তাৰ পিছত নিজৰ অৱস্থানলৈ ঘূৰি আহিলোঁ৷ আৰু আচৰিতভাৱে, এঘণ্টা পলমকৈ অহা ৰে’লখনত উঠি লৈ দেখোঁ, তেওঁ মোৰ সন্মুখত, একেটা ডবাত! দুনাই চোৱাৰ সুযোগ পাই গ’লোঁ৷ আৰু ঈশ্বৰৰ নিপুণতাক মনৰ ভিতৰতে প্ৰশংসা কৰিলোঁ৷ নাজানিলোঁ তেওঁৰো কি নাম, কি ধাম৷

সঁচাই, ঈশ্বৰে কিছুমান লোকক ইমানযে চালে চকুৰোৱাকৈ নিৰ্মাণ কৰে! নিতান্তই বাহ্যিকভাৱে, কম সময়তে দৃষ্টিত যিখিনি পৰিল, যি দেখি অভিভূত হ’লোঁ, তাৰ বাবে সৃষ্টিকৰ্তাৰ গুণানুকীৰ্তন নকৰি নোৱাৰিলোঁ৷ নিজৰ দুনয়ন সাৰ্থক হোৱা যেনো অনুভৱ হ’ল৷

সুন্দৰ প্ৰাকৃতিক দৃশ্য একোটা আমাৰ মনত যেনেদৰে সৰল, শান্ত, উপভোগ্য আৰু আনন্দপ্ৰদায়ক, অনুৰূপ ধুনীয়া পুৰুষ-মহিলাও৷ মান-সন্মান অম্লান ৰাখি সকলো ধুনীয়া বস্তুকেই আমি চাব লাগে বুলি ভাবোঁ আৰু সেয়ে মই চাওঁ৷ সেয়া মানুহেই হওক, বা আন যিয়েই নহওক৷ কথাটো কোনে কি ভাবে লয়-নলয় নাজানো৷ মোৰ ক্ষেত্ৰত কিন্তু এইটো সঁচা যে সুন্দৰক মই চাওঁ, হৃদয়েৰে উপভোগ কৰোঁ আৰু ঈশ্বৰক ধন্যবাদ জনাওঁ আনন্দৰে মনটো পৰিপূৰ্ণ কৰি পেলোৱা বাবে৷

কাৰ্যতঃ আজিও সেইটোৱেই হ’ল৷

Monday, 12 May 2014

আবেলিৰ ৰং

তিনি বজাৰ অলপ পিছতেই ঘৰৰ পৰা ওলালোঁ৷ লগত চতুৰ্থ শ্ৰেণীত পঢ়া মোৰ ছোৱালীজনী৷ পকেটত সৰু ডিজিটেল কেমেৰাটো৷ মবাইলৰ চুইচ অফ্‌৷ কাৰণ কোনেও মোক এতিয়া সামান্যতমো ডিষ্টাৰ্ব কৰাটো নিবিচাৰোঁ৷ কাৰণ মই এতিয়া মনে ভাল পোৱা কামত ওলাইছোঁ৷

আমাৰ উদ্দেশ্য, পদব্ৰজে ঘৰৰ পৰা পশ্চিমমুৱাকৈ অলপদূৰ গৈ, বাওঁহাতে দক্ষিণ দিশে ইৰিগেচন কলনীলৈ সোমাই যোৱা পথটোৰে আগুৱাই সমীপৱৰ্তী ৰংকিমি, ৰংচিংবাৰ আদি অঞ্চলৰ বৰ্তমানৰ ৰূপ দৰ্শন কৰা৷ গৈ গৈ নিৰ্মীয়মান আছাম হিলছ মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটখনৰ অন্তিম সীমাত উপস্থিত হোৱা আৰু অগ্ৰগতিৰ বুজ লোৱা৷ বাটৰ কাষতে এগ্ৰিকালচাৰ কলনীত ছোৱালীৰ সহপাঠী ৰংগীনা বৰগয়াৰীৰ ঘৰত ক্ষন্তেক জিৰণি লোৱা৷ উভতনি যাত্ৰাত থিয় পাহাৰ বগাই থাড ভেং হৈ খটখটিৰে নামি অহা৷ গোটেই চফৰটোকে এটা চাৰ্কুলাৰ ট্ৰেকিং বুলিব পাৰি৷

মাজে-সময়ে মই এনেকুৱা কাৰ্যসূচী লওঁ৷ চহৰৰ উপকণ্ঠৰ, আমাৰ চৌপাশৰ গাঁওকেইখন আৰু পৰিৱেশ ঘূৰি-পকি চাওঁ৷ খোজ কঢ়াত হেলা কৰা, চাৰিচকীয়া বা দুচকীয়া নহলে যাবলৈ ইচ্ছা নকৰাজনক পিছে লগত নলওঁ৷ তদুপৰি ভিতৰুৱা অঞ্চলৰ ওখ-চাপৰ পাহাৰত খলা-বমা পথেৰে ভ্ৰমি গ্ৰাম্য প্ৰকৃতি আৰু সমাজ-জীৱনক ওচৰৰ পৰা চোৱাৰ মোৰ হেঁপাহকণৰ বিৰুদ্ধাচৰণ কৰা কাকোৱেই গ্ৰহণ নকৰোঁ, তেহেলৈ অন্য প্ৰসংগত তেওঁ যিমান ঘনিষ্ঠই নহওক কিয়৷ এই ক্ষেত্ৰত মোক কোনোবাই নিৰ্দয় বা আন কিবা বুলিলেও কথা নাই৷ এইটো শুনিবলৈ বেয়া যদিও একেবাৰে সঁচা কথা৷

আজি মোৰ নিৰ্বাচনত উঠিল কেন্দ্ৰীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত পঢ়া মোৰে জী আনিচা৷ দুপৰীয়া প্ৰগ্ৰামটো বেকত কৰা মাত্ৰকে তাই প্ৰবল উৎসাহ দেখুৱালে৷ আগতীয়াকৈ সাজি-কাচি তপ্‌তিয়াৰ হৈ ৰল৷ মাজে মাজে মোকহে যাত্ৰা সম্বন্ধে সোঁৱৰাই থাকিল৷ তাইৰ কৌতূহলী স্বভাৱটো মোৰ কিবা এটা ভাল লাগিল৷

বেলিটোলৈ মুখ কৰি আমি দুয়ো লাহে লাহে খোজ আগুৱালোঁ৷ চিন-অচিন অনেক চৰাইৰ কাকলিয়ে আমাক আদৰিলে৷ বসন্তৰ আগমনত গছ-বিৰিখে পৰিগ্ৰহ কৰিবলৈ আৰম্ভ কৰা নতুন ৰূপটোৱে সঁচাকৈয়ে মনটোত পুলক জগাই তুলিলে৷ অকাই-পকাই গৈ মনে ভবামতেই ঘূৰি-ফুৰি আন্ধাৰ হোৱাৰ আগে আগে ঘৰ সোমালোঁহি৷ ৰংগীনাৰ মাকে আথে-বেথে চাহে-মালপোৱাই আপ্যায়ন কৰোৱাৰ লগতে পূৰঠ কুঁহিয়াৰ এবোজাও নিজ হাতে কাটি দি পঠিয়ালে৷ সেইবোজা থৈ গাটো ধুই এইখিনি লিখি পেলালোঁ৷

ৰুবলৈ দিয়া কুঁহিয়াৰৰ আগটো পিছদিনা মাটিত ভালকৈ গুজি দিলোঁ৷ ন-পাতেৰে সেউজীয়া হৈ সেইটো আজি একঁকালেই হল৷

জীৱনৰ আনন্দ এনেকৈয়ে লৈ থাকোঁ, অহৰহ৷

(ৰচনা : মাৰ্চ ২০১৪)


Sunday, 11 May 2014

শান্তিৰ সন্ধানত

মানৱ সমাজত সততে উত্থাপন হৈ অহা এটা লক্ষ্যণীয় আৰু সৰ্বজনআলোচ্য প্ৰসংগ হৈছে শান্তি৷ অশান্তি বা হিংসা-সন্ত্ৰাসৰ পৰিস্থিতিৰ অন্ত পেলাই পুনৰ শান্তি প্ৰতিষ্ঠাৰ ওপৰত মনুষ্য সমাজে সদায়ে গুৰুত্ব আৰোপ কৰি আহিছে৷ শান্তিবিঘ্নিত আমাৰ জিলা, ৰাজ্য অথবা দেশ কিয়, সমগ্ৰ বিশ্বৰ কৌটি কৌটি জনগণে স্থায়ী-শান্তি প্ৰতিষ্ঠাৰ হকে অবিৰামভাৱে চিন্তা আৰু চেষ্টা দুয়োটাকে আজিও অব্যাহত ৰাখিছে৷ ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয় যে ৰক্তপাতশূন্য শান্তিময় সমাজ এখন জাতি-ধৰ্ম-ভাষা-বৰ্ণ, ভূগোল-বুৰঞ্জী নিৰ্বিশেষে সকলোৰে কাম্য৷

মই মোৰ সম্পত্তিৰ এটা অংশৰে এটা ন্যাস গঠন কৰিম৷ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে শান্তিৰ উদ্দেশ্যে বিশেষ অৰিহণা আগ বঢ়োৱাসকললৈ ইয়াৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হব৷  Lay Down Arms গ্ৰন্থৰ লেখিকা, অষ্ট্ৰিয়াৰ বাৰ্থা ভন্‌ চাটনাৰে চুইডেনৰ নবেল এণ্ড কম্পেনীৰ কোটিপতি মৃত্যুৰ ব্যৱসায়ী আলফ্ৰেড বাৰ্নহাৰ্ড নবেলক বিশ্ব-শান্তিৰ হকে মহৎ কিবা এটা কৰি যাবলৈ জনোৱা অনুৰোধত এইদৰেই নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল বিশ্ববিশ্ৰুত ৰসায়ন বিজ্ঞানীজনে৷ ডিনামাইটৰ উদ্ভাৱক নবেলে ১৮৯৩চনৰ ৭জানুৱাৰীত অক্লান্ত শান্তিকৰ্মী বাৰ্থালৈ লিখা সেই অসাধাৰণ চিঠিখনেই কঢ়িয়াই আনিছিল স্বোপাৰ্জিত অগাধ সা-সম্পত্তিৰ অংশবিশেষ শান্তিৰ উদ্দেশ্যে নিয়োগ কৰাৰ এক বিৰল সিদ্ধান্তৰ কথা৷ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সন্মানীয় বঁটা নবেল পুৰস্কাৰৰ উৎপত্তিৰ কাহিনী এনেকুৱাই আছিল, যত নেকি বিস্ফোৰক পদাৰ্থৰ আলোড়নৰ বিপৰীতে মানৱ জাতিৰ কল্যাণহে অধিক আদৰণীয় বুলি স্বয়ং উদ্ভাৱনকৰ্তাৰ দ্বাৰাই বিবেচিত হৈছিল৷ ১৮৯৫চনৰ নৱেম্বৰ মাহত স্ব-স্বাক্ষৰিত শেষ ইচ্ছা-পত্ৰ আৰু শান্তিৰ চনদ (Last Will and Testament of Peace)ত চিৰকুমাৰ অভিযন্তাজনে লিখিছিল এনেকৈ বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত ভ্ৰাতৃত্বৰ বান্ধোন সুদৃঢ় কৰিবলৈ সবাতোকৈ অধিক অৱদান যোগোৱা, কোনো ৰাষ্ট্ৰৰ সেনাবল হ্ৰাস কৰা বা নোহোৱা কৰাত ব্ৰতী আৰু শান্তি-কংগ্ৰেছ সংগঠিত আৰু জনপ্ৰিয় কৰি তোলাত বিশেষ অৰিহণা যোগোৱা ব্যক্তিবিশেষকেই এই বঁটা প্ৰদান কৰা হব৷ সেই ১৯০১চনৰ পৰা আজিৰ তাৰিখলৈকে, ফৰাচী শান্তিদূত ফ্ৰেডৰিক পেচীৰ পৰা আৰম্ভ কৰি The Organisation for the Prohibition of Chemical Weapons লৈকে, নবেল সমিতিৰ দ্বাৰা প্ৰশংসিত অনেকজন বিশ্ববন্দিত শান্তিস্তাৱকে মাৰণাস্ত্ৰৰ ধ্বংসমুখিতাৰ পৰিৱৰ্তে শান্তি আৰু মানৱিক মহত্ত্বৰ জয়গানকে পৃথিৱীৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰ কৰি আহিছে৷ ৰাষ্ট্ৰসংঘ প্ৰমুখ্যে অন্যান্য সংগঠন আৰু ৰাষ্ট্ৰসমূহেও শান্তি-সচেতনতাৰ প্ৰতি জগতবাসীক নিৰন্তৰ উৎসাহিত কৰি আহিছে৷

মানৱ প্ৰগতিৰ উপৰিসৌধ নিৰ্মাণ কৰাৰ প্ৰাথমিক চৰ্তই হৈছে শান্তি৷ ক্ষন্তেকীয়া মানসিক প্ৰশান্তি লাভৰ উদ্দেশ্যে মানুহে কোলাহলপূৰ্ণ পৰিপাৰ্শ্বৰ পৰা বাহিৰ ওলাই প্ৰকৃতিৰ নিৰ্জনতালৈ ধাৱমান হয়৷ বাস্তৱগ্ৰাহ্য হলেও সেইটোৱে কিন্তু ব্যাপক অৰ্থত শান্তি নুবুজায়৷ দৰাচলতে উন্নয়নকামী মানুহ মাত্ৰেই চিৰস্থায়ী শান্তি লাভৰহে পক্ষপাতী৷ হিংসা-প্ৰতিহিংসাৰ ঘনঘোৰ অমানিশাৰ পিছত সুখ-সমৃদ্ধিৰ আশাবাহী শান্তিৰ পৰিৱেশলৈ অধীৰভাৱে অপেক্ষা কৰাটো বিবেকী মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য৷ সৰ্বোপৰি, ধৰ্মীয় নীতি-আদৰ্শয়ো শান্তি-সম্প্ৰীতিৰে পোষকতা কৰে৷

এটা প্ৰামাণিক সত্য এয়ে যে মানুহে নিজৰ মনোভাব সলনি কৰিলে আনুষংগিক সকলো কথাই সলনি হৈ যায়৷ অন্য কথাত, প্ৰকৃত শান্তি বিৰাজ কৰে আত্মোপলব্ধিত৷ ৰুছ সাহিত্যৰ বিশ্বখ্যাত উপন্যাস, লিঅ টলষ্টয়ৰ সাহিত্য-কৰ্মৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি War and Peaceত এই কথাটোকে প্ৰতিপন্ন কৰা হৈছে৷ আনহাতে, অহিংস-মন্ত্ৰত দীক্ষিত বুদ্ধদেবেও অহিংসা পৰম ধৰ্ম, বসুধৈব কুটুম্বকম অমৃত-বাণীৰে চিৰশান্তি কঢ়িওৱাৰে প্ৰয়াস কৰা নাছিলজানো ? অৱশ্যে এইটো মন কৰিবলগীয়া যে শান্তিৰ আৱাহনী মন্ত্ৰোচ্চাৰণ কৰাৰ আগতে মনুষ্যত্বৰ বিশুদ্ধিকৰণ বাধ্যতামূলক৷ সেই ভাবিয়ে হয়তো জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল  মানৱজাতিৰ সকলো কলা-সাধনাই পৃথিৱীত আনন্দ আৰু শান্তিৰ প্ৰতিষ্ঠাৰ কাৰণে৷ ... পৃথিৱীৰ শক্তিৰ বাঘজৰী থাকিব লাগে কবি-দাৰ্শনিকৰ হাতত৷ যিদিনাই এই artist philosopher ৰূপকোঁৱৰৰ হাতত পৃথিৱীৰ শাসন ক্ষমতাৰ বাঘজৰী উঠিবগৈ তেতিয়াৰ পৰাহে পৃথিৱীয়ে আচল শান্তিৰ মুখ দেখিবগৈ  তাৰ আগতে কেতিয়াও নহয়৷ ... স্বাৰ্থান্বেষী, ক্ষমতাসেৱী ৰাজনৈতিকে পৃথিৱীলৈ শান্তি আনিব নোৱাৰে৷

প্ৰসংগক্রমে উল্লেখযোগ্য, স্থায়ী-শান্তিৰ পম খেদা সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষই আধুনিক বিশ্বৰ ইতিহাসত ইতিমধ্যে এক নতুন অধ্যায়ৰ সূচনা কৰিছে৷ শান্তিকামী প্ৰজাতন্ত্ৰখনৰ প্ৰস্তাৱৰ প্ৰতি স্বাগতম জনাইছে বিশ্ববাসীয়ে৷ সাম্য-মৈত্ৰীৰ সাধক ভাৰত ৰাষ্ট্ৰই বিশ্ব-দৰবাৰত দৃঢ় কণ্ঠে এই কথা ঘোষণা কৰি থৈছে যে পূৰ্ণ নিৰস্ত্ৰীকৰণ অবিহনে আৰু বৃহৎ শক্তিয়ে নিৰপেক্ষ ভূমিকাৰে জগতৰ কল্যাণত ৰত নহলে বিশ্বত স্থায়ী-শান্তি স্থাপন মুঠেই সম্ভৱ নহয়৷ গান্ধী দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত পঞ্চশীল নীতিয়েই এই শান্তি অভিযানৰো চালিকা শক্তি৷ শান্তিপূৰ্ণ সহাৱস্থান, ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্ব স্বীকাৰ আৰু মৰ্যাদা প্ৰদৰ্শন, অনাক্রমণ, পৰস্পৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা আৰু সমমৰ্যাদা স্থাপন আৰু পৰস্পৰ উপকাৰ সাধন  এয়ে সেই পঞ্চশীল, যালৈ আন্তৰ্জাতিক মহলে ইতিপূৰ্বে সমৰ্থন আগ বঢ়াইছে৷

পঞ্চশীলৰ এটা গুৰুত্বপূৰ্ণ তথা মনোযোগ আকৰ্ষণকাৰী ধাৰণা হৈছে শান্তিপূৰ্ণ সহ-অৱস্থান৷ ৰাষ্ট্ৰ, ৰাজ্য, জিলা, সমাজত ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক ক্ষেত্ৰাদিত আদৰ্শগত কাৰণত ব্যক্তি নাইবা গোটৰ মাজত দৃষ্টিভংগীৰ হেৰফেৰ হোৱাটো নিচেই স্বাভাৱিক কথা৷ তত্ৰাচ, দুৰভিসন্ধি পৰিহৰি মিত্ৰতাৰ ডোলেৰে আৱদ্ধ হৈ ওচৰা-ওচৰিকৈ বাস কৰাটোৱেই শ্ৰেয়৷ শান্তিৰ নবেল বঁটাপ্ৰাপক দলৈ লামাৰ অভিযোজনা অহিংসা মণ্ডলৰ শান্তি-স্বস্ত্যয়নৰ প্ৰাকৃতিক নীতিও সেয়াই৷ একবিংশ শতিকাৰ বিশ্বজনীন দৃষ্টিনিৰপেক্ষ বিশ্লেষণত গোষ্ঠী বিতাড়ন, গোষ্ঠী বিনিময়ৰ ধাৰণা অৰ্থশূন্য, অলীক কল্পনা মাথোন৷ বিপৰীতে, আনৰ অধিকাৰ খৰ্ব নোহোৱাকৈ, আনক ব্যাঘাত নজন্মোৱাকৈ নিজক চম্ভালি চলিব পাৰিলে সন্দেহ, ভয় কিম্বা অবিশ্বাসৰ কলীয়া ডাৱৰ নিজে নিজেই আঁতৰিবলৈ বাধ্য৷ শান্তিভংগৰো অৱকাশ নাই৷ বৰ্তমানৰ প্ৰেক্ষাপটত বিচাৰ কৰিলেও জৱাহৰলাল নেহৰুৰ এই নীতি নিঃসন্দেহে প্ৰযোজ্য, বাস্তৱসন্মত৷

ভ্ৰান্ত ধাৰণা, ভ্ৰান্ত চেতনাৰ আঁকোৰ-গোজালিত অস্ত্ৰ-শস্ত্ৰই উন্মাদনা লাভ কৰিলেই শান্তি বিঘ্নিত হয়৷ এই কথা এতিয়া কাকো খুলি কোৱাৰ দৰকাৰ নাই৷ আনহাতে শাসকে যুদ্ধংদেহী মনোভাব পোষণ কৰিলেও শান্তি প্ৰশস্ত নহয়৷ শান্তি-সিদ্ধ পন্থাহে সৰ্বোত্তম৷ শান্তি-আলোচনাত যুদ্ধৰ বীজ মনত লৈ ফুৰিলে কাৰো মংগল নহয়৷ একেদৰে, ষড়যন্ত্ৰ বা গোপন কূটনৈতিক কৌশল ৰচিলেও হিতে বিপৰীত হোৱাৰে বেছি আশংকা থাকে৷ সেই বাটেৰে শান্তিৰ আগমন বা সমস্যাৰ সমাধান উভয়ে অসম্ভৱ৷ শান্তি স্থাপন মানৱতাৰ ফালৰ পৰা বিচৰা বস্তুহে৷ অমানৱীয় হৈ কোনোবাই শান্তিৰ দাবী উত্থাপন কৰাটো অমূলক৷

বৰ্তমান পৰিস্থিতিক শান্তিপূৰ্ণ, আন্তৰিকতাপূৰ্ণ স্থিতিলৈ আনিবলৈ এতিয়া আমাৰ প্ৰয়োজন হৈছে নিস্বাৰ্থনিবেদিতপ্ৰাণ মানুহৰ, যিয়ে প্ৰকৃততে উদ্যোগ লব স্থায়ী-শান্তি শিৱিৰ প্ৰতিষ্ঠাৰ আৰু ক্রমান্বয়ে তাৰ পৰিধি বিস্তাৰিত কৰাৰ৷ শান্তি-সংগ্ৰামত মনুষ্যত্বৰ জয়লাভেৰে শান্তি-অভিলাষী মানুহৰ মুখত বিজয়ৰ হাঁহি বিৰিঙাবই লাগিব৷ কিয়নো শোষণ বা দ্বন্দ্ব নহয়, শান্তি আৰু সমৃদ্ধিহে মনুষ্য জীৱনৰ মূল প্ৰতিপাদ্য বিষয়৷


(১৭.১২.২০০৫ তাৰিখৰ আমাৰ অসমকাকতত প্ৰকাশিত লেখাটোত সামান্য হাত ফুৰোৱা হৈছে৷)
Langpi Dehangi Rural Bank
Through my eyes

In the mid seventies, the Regional Rural Bank introduced a series of schemes with a view to bring sweeping changes in the economy of the nation. In the aftermath, active deliberations took place in order to initiate a financial and commercial organisation encompassing the widely known economically backward Karbi Anglong and North Cachar Hills districts (area : 15,322 sq. Km., population : 4,55,357; according to 1971 census). That endeavour bore fruit and a new bank Karbi North Cachar Rural Bank by name was established under RRB Act, 1976; Clause 3(A). That newly established bank which came into existence on 27th January 1982 with its headquarter at Diphu, had its operation limited within the two hill districts. Sponsored by State Bank of India, a premier financial organisation of the country and assisted jointly by the Govt. of Assam and Govt. of India, the RRB's prime objective was to strengthen socio-economic status of the people of the hill areas. Later, Karbi North Cachar Rural Bank was renamed as Langpi Dehangi Rural Bank (LDRB in short) vide Govt. of India's ordinance No. FI 30/80-RRB dtd. 1. 12. 1983. It is pertinent to mention that Langpi and Dehangi are two torrential rivers flowing across Karbi Anglong and North Cachar Hills district respectively.
Of late, the Langpi Dehangi Rural Bank, which has successfully attained its Silver Jubilee Year, has 39 branches in rural areas and 4 in semi-urban areas and summing up, 43 branches in its operational areas. I forged a relationship with the bank for the first time in 1994. On 24th January in the same year, I had to open a Savings Bank Account there out of compulsion by depositing rupees 200.00 only. At this juncture, I want to relate some of my personal experiences.
Despite having a Diploma in Mechanical Engineering as well as a Bachelor Degree in Technology (B.Tech.), I resolved to register to become a contractor instead of going for a government job. Tapanda (Sri Tapan Deka), my senior and one of the well-wishers, inspired me a lot to joint that line and I still remember him with the utmost admiration. When I approached the officials in the Chief Engineer's office (PWD) located at Diphu with a view to register to become a Class-I Contractor, it came to my knowledge that an applicant needed to submit proof of having a pass-book in any of the local banks along with other documents. In fact, it was that Certificate of Account which moved me to go to LDRB's Diphu branch. Prior to that, I was not fortunate enough to set foot there. Sri Chiranjeeb Borpatra Gohain (later, I used to call him Gohainda), the then Branch Manager, promptly completed the formalities for opening an account. In this way, I collected the certificate too. My dream of becoming a contractor, however, never materialised. To speak the truth, I could not complete the very first step of registration. I want to keep this episode for another occasion.
The headquarters of LDRB and its Diphu branch are located in the first and second floor respectively of Diphu Wholesale Consumers' and Marketing Co-operative Society Limited's building. There lies a small room on the right of the alley leading to the bank and a signboard outside that bears a name 'Printwell'. My sole objective of narrating these things is to mention that LDRB played a significant role in bringing my dream of becoming a printing entrepreneur into reality. Fortunate smiled on me after almost a decade from the opening of the Savings Bank Account in the bank.
My long experiences with 'Printwell' since 1997 did not go in vain. I dealt in DTP, Photocopy, Lamination, Spiral Binding etc. In fact, that was sound investment in knowledge regarding business. I learnt to see beyond the horizon. The idea of starting a printing business cropped up in me. I approached Sri Bhaba Prashad Deori, a banker by profession as well as a writer, with a view to garner suggestion. His suggestions worked. I submitted an application seeking a loan to the LDRB's Diphu branch on 17th September 2003. At that time Rupali baidew (Smt. Rupali Kalita) was the Branch Manager. On 13th December 2003 my application was granted. On 1st January 2004 I got the SSIMTL of Rs. 2.50 lakhs @ 16% interest. That was a great opportunity for me from the bank. There are numerous such examples in the list. In this way, the bank has brought smiles to many of faces. At present, I owe no money to the bank. I could return the loan amount in due course of time. However, I shall be indebted to them throughout the life for giving a new twist to my career.
Today, 'Printwell' can boast of a variety of printing equipments such as computers, offset printing machine, paper cutting machine, book stitching machine, digital photocopiers, laminators and the like in its possession. It has become possible solely due to the bank's financial assistance. I have created a good work culture for me in conjunction with modern printing technology, printing equipments, my professional knowledge and own innovating ideas. Today work culture is a far cry in many government jobs.
In 1999, fourth biennial conference of LDRB Employees' was held. I got an opportunity to contribute an article captioned 'Banker Janma Aru Kromobikash' to the souvenir published on that occasion (Editor Sri Bhaba Prashad Deori). I worked for the bank's annual report for the last couple of years besides other tasks assigned to me from time to time.
In the true sense, of the term, today I possess deep mental peace and satisfaction through my present job wherein good amalgamation of professionalism and zeal for work has taken place; indeed it has generated a feeling of success in my mind. On the other hand, if we go through last five years performance records of the bank, it can easily be noticed that the bank has grown considerably in its commercial operation which is really a good sign. Nobody can deny the fact that banks are essential for development of the society and human race. May the organisation go ahead in its endeavour towards upliftment of the people of the two hill districts. May this financial organisation's relentless efforts for economic growth go undeterred as Langpi and Dehangi flow on and on.
I take privilege of this historic moment at completion of long 25 years of glorious service to the people to express my gratitude to the LDRB for its positive role towards realisation of our dreams, wishes and aspirations as well as giving a new direction and dimension to our lives. (indebted to my friend Sri Jayanta Thakur)
সংঘৰ্ষ আৰু সংহতি

সমস্যা নিবাৰণৰ বাবে মানুহে পাৰস্পৰিকভাৱে সম্পাদন কৰা ক্রিয়াসমূহ, যাক সমাজশাস্ত্ৰীয় পৰিভাষাত আন্তঃক্রিয়া আখ্যা দিয়া হয়, সিয়েই মানুহৰ সামাজিক সম্বন্ধৰো ভেটি৷ সামাজিক সম্বন্ধৰ মাধ্যমেৰেই সমাজ এখন বৰ্তি থাকে৷ সমাজত অনৱৰতে প্ৰচলন হৈ থকা আন্তঃক্রিয়া পদ্ধতিক সামাজিক প্ৰক্রিয়া বোলা হয় আৰু সামাজিক প্ৰক্রিয়াৰে এটা বিভাজিত শ্ৰেণী হৈছে সংঘৰ্ষ৷

মানুহৰ ইতিহাস অন্তহীন সংঘৰ্ষৰ ইতিহাস৷ সকলো ধৰণৰ সমাজতেই স্থিতি পৰিলক্ষিত হোৱা সংঘৰ্ষৰ মাত্ৰা সাম্প্ৰতিক বিজ্ঞাননিৰ্ভৰ যুগতো অলপো কমা নাই, বৰং বাঢ়িছেহে৷ পাঠ্যপুথিৰ ভাষাত, আত্মস্বাৰ্থ পূৰণৰ অৰ্থে প্ৰতিদ্বন্দ্বী পক্ষক প্ৰত্যক্ষভাৱে দমন কৰাৰ আকাংক্ষাই সংঘৰ্ষ৷ সংঘৰ্ষ ইচ্ছাকৃত আৰু হিংসাযুক্ত৷ প্ৰতিহিংসাৰ সৈতে সংঘৰ্ষৰ সম্পৰ্ক পোনপটীয়া৷ সদৃশ উদ্দেশ্য সাধনত অগ্ৰসৰ হ'ব খোজা দুটা পক্ষৰ মাজত চলা প্ৰতিযোগিতাই অসুস্থ ৰূপ ধাৰণ কৰিলেই সংঘৰ্ষৰ সূত্ৰপাত ঘটে৷ পৰস্পৰক প্ৰতিহত কৰিবৰ কাৰণে প্ৰতিক্রিয়াশীল মনোবৃত্তিৰে চলোৱা কাৰ্যসূচীৰে সংঘৰ্ষ পৰিচালিত হয়৷ হিংসা, বিদ্বেষ, দমন, ৰক্তপাত, ধ্বংসযজ্ঞ, ভীতি প্ৰদৰ্শন আদিবোৰ এনে কাৰ্যক্রমণিকা৷

সংঘৰ্ষ সদায় সচেতনাত্মক৷ লক্ষ্যত উপনীত হব পাৰিবনে নোৱাৰে তাৰ প্ৰতি উভয় পক্ষই সজাগ আৰু সেয়েহে প্ৰতিদ্বন্দ্বীক অহৰহ বাধা প্ৰদান কৰা হয়৷ সংঘৰ্ষই বিচ্ছিন্নতা আনে, নিৰংকুশ অৱস্থাৰ সৃষ্টি কৰে৷ এটা বিশেষ সমস্যাৰ পৰিপ্ৰেক্ষিতত সংঘৰ্ষৰ সূচনা হ'লেও ধ্বংসাত্মক কাৰ্য সংঘটিত হৈ যোৱাৰ পিচত উত্তেজনা সাময়িকভাৱে শাম কাটিবলৈ লয়৷

সংঘৰ্ষত জড়িত উভয় পক্ষই পৰস্পৰবিৰোধী ভাব বৰ্তাই ৰখা আভ্যন্তৰীণ পৰিস্থিতিক সুপ্ত সংঘৰ্ষ আৰু সেয়া বাহ্যিক ৰূপত প্ৰকাশ পালে তাকে জাগ্ৰত সংঘৰ্ষ বুলি সংজ্ঞাবদ্ধ কৰা হয়৷ আনহাতে দুটা পৃথক গোষ্ঠীৰ মাজত সংঘটিত সংঘৰ্ষক কিতাপৰ ভাষাত কোৱা হয় সমবায় সংঘৰ্ষ৷

সংঘৰ্ষই সংহতিৰ বাটত বিশৃংখলা জন্মায়, বিৰূপ পৰিস্থিতিৰ সূচনা কৰে, ঐক্য-শান্তি-প্ৰগতিৰ পথ ৰুদ্ধ কৰে৷ সেয়েহে সংঘৰ্ষ দমন কৰাটো প্ৰয়োজনীয় কথা হৈ পৰে৷ পৰিণতি ব্যতিৰেকে সংঘৰ্ষ নিয়ন্ত্ৰণ কৰা বা ওৰ পেলোৱাটো অসম্ভৱ৷ স্বাভাৱিক অৱস্থা সম্পূৰ্ণৰূপে ঘূৰাই অনা সম্ভৱ নহয় যদিও সামাজিক সুস্থিৰতা ৰক্ষা কৰাৰ স্বাৰ্থত এই ক্ষেত্ৰত ভিন ভিন কৌশল অৱলম্বন কৰা হয়৷ সংঘৰ্ষাত্মক পৰিৱেশতেই হওক বা সংঘৰ্ষ হৈ যোৱাৰ পিছতেই হওক মানুহে সুদিনৰে আশা কৰে৷

স্থানচ্যুতকৰণ প্ৰণালী অনুযায়ী এটা সংঘৰ্ষৰ অৱসানৰ বাবে অইন এটা সংঘৰ্ষৰ পাতনি মেলি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হয়৷ ইয়াৰোপৰি সংঘৰ্ষলিপ্ত দলৰ এটাই আনটোক বলপূৰ্বকভাৱে দমন কৰা, জাগ্ৰত সংঘৰ্ষক সুপ্ত কৰি ৰখা, নৈতিক বিচাৰৰ তুলাচনীৰে মাননীয়কৰণ-অধীনকৰণ আৰু আপোচ এনে ধৰণৰ সাধন-পদ্ধতি৷ মন কৰিবলগীয়া যে, সমশক্তিসম্পন্ন সংঘৰ্ষকাৰীৰ মাজত সদায়েই আপোচৰ ধাৰণাটোৱেই অগ্ৰাধিকাৰ লাভ কৰে আৰু কাৰ্যকৰীও হয়৷ আপোচৰ জৰিয়তে প্ৰচলিত দীৰ্ঘকালীন সংঘৰ্ষৰ অৱসান ঘটাই সুস্থিৰ বাতাৱৰণ ৰচনা কৰিব পাৰি৷ আপোচ মানে আলাপ-আলোচনাৰ মাজেদি সমাধান-সূত্ৰ বিচৰা, এৰা-ধৰাৰ মাজেৰে সমস্যা নিষ্পত্তি হোৱাটোক স্বীকাৰ কৰি লোৱা৷

সমাজত শান্তি-শৃংখলা-নিৰাপত্তা বিচাৰিলে সংঘৰ্ষৰ অৱসান ঘটাবই লাগিব৷ সংহতি প্ৰতিষ্ঠাৰ দ্বাৰাহে এনে হোৱাটো সম্ভৱ৷ সংহতি ব্যতিৰেকে সমাজত শান্তি আৰু প্ৰগতি আশা কৰিব নোৱাৰি৷ উদাৰ দৃষ্টিভংগী, একতাৰ ভাবনা, ত্যাগ আৰু সহনশীল মনোবলেই সংহতিৰ বুনিয়াদ৷ সংহতিয়ে সমাজক সংঘবদ্ধ কৰি সামূহিক কল্যাণৰ অভিমুখে পৰিচালিত হোৱাৰ পথ প্ৰশস্ত কৰে৷ সংহতি শান্তি আৰু প্ৰগতিৰ পূৰ্বচৰ্ত৷

সময়ে সময়ে দৃষ্টিগোচৰ হৈ অহা অনাকাংক্ষিত ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যখনত সংঘৰ্ষ দূৰীকৰণৰ উদ্দেশ্যে সংহতি সুদৃঢ়কৰণৰ হকে প্ৰত্যেক নাগৰিকে নিৰন্তৰ চেষ্টা চলাব লাগিব৷ স্বেচ্ছাসেৱী তথা সামাজিক সংগঠনসমূহেও সংহতি বিপন্ন হোৱাৰ কাৰণবোৰ ফঁহিয়াই উলিয়াই তাৰ প্ৰতিবিধান-কল্পে কৰ্মসূচী প্ৰস্তুত কৰিব লাগিব৷ অখণ্ডতা ৰক্ষাৰ বিপৰীতে বিচ্ছিন্নতা ৰোধ কৰিব পাৰিলেহে সমাজ সুন্দৰ হব৷

সমবিকাশ সাধনৰ জৰিয়তে জনসাধাৰণৰ মাজত থকা সকলো প্ৰকাৰৰ বৈষম্য দূৰ কৰাই হৈছে সংহতি ৰক্ষাৰ প্ৰশস্ত উপায়৷ মানুহৰ মনৰ বিদ্বেষ, দ্বন্দ্ব, অবিশ্বাসৰ প্ৰৱণতা নাইকিয়া কৰিবলৈ হলে এই গুৰুত্বপূৰ্ণ আৱেগিক দিশটো সক্রিয় কৰাত আমাৰ চৰকাৰ, ৰাজনৈতিক দলসমূহে ঐকান্তিকতাৰে কাম কৰিবই লাগিব৷ বিষয়টো জটিল, কিন্তু আজি সময়ৰ আহ্বান বুলি পৰিগণিত হোৱা এই প্ৰত্যাহ্বান হৃদয়ংগম কৰি সুস্থিৰ চিন্তা আৰু কৰ্মৰ দ্বাৰা পৰিচালিত হব লাগিব৷কিয়নো, সংহতিয়ে সকলো হিতৰ মূল৷

সংহতি হিতসাধিকা৷ হৃদয়নিহিত এই নিৰাকাৰ চেতনাতেই আমাৰ উজ্জ্বল ভৱিষ্যতৰ স্বপ্ন সাঙোৰ খাই আছে৷ এক জাতি-এক প্ৰাণ-একতা মিলনৰ ভাবানুভূতিও তাতেই সম্পৃক্ত৷

(ৰচনা : ৬.১১.২০০৫)

Friday, 9 May 2014










এতিয়া বোমাত ৰেলগাড়ী উৰে, ৰেলপথ উৰে, বাছ উৰে, দলং উৰে, ৰাষ্ট্ৰীয় ঘাইপথ উৰে, কাৰ্যালয় উৰে, থানা উৰে, আৰু কত কি উৰে! লগে লগে ছিন্নভিন্নদেহী মানুহ উৰে৷ ভৱিষ্যতৰ স্বৰ্ণস্বপ্ন ধোঁৱাৰ কুণ্ডলী হৈ উৰে৷ মৃত্যুৰ বিজয়ধ্বজা উৰে৷

সন্ত্ৰাসবাদী-উগ্ৰপন্থীৰ গুলীত, সেনা-পুলিছৰ গুলীত মৃত্যুশয্যাত ঢলি পৰে নিৰপৰাধী, নিৰীহ সাধাৰণ মানুহ৷ সোণোৱালী ভৱিষ্যতৰ সৌন্দৰ্যভৰা আৱেদন উৰন্তৰূপী জ্বলন্ত স্ফূলিংগই নিমিষতে ছাৰখাৰ কৰে৷ মৃত্যুৰ জয়গান বাজে৷

প্ৰাতঃভ্ৰমণ, সান্ধ্যভ্ৰমণ হৈ পৰে মৃত্যুমুখী অগস্ত্য-যাত্ৰা৷ বতাহত মৃত্যুৰ কিৰীলি মৃত্যু লাগে, মৃত্যু৷

শুভবিবাহ, আঠমঙলাৰ নিৰ্দোষ-নিৰ্ভেজাল আনন্দক্ষণত মৃত্যুৰ দামামা বাজে৷ প্ৰতিধ্বনিত, অনুৰণিত হয় মৃত্যুৰ পদধ্বনি৷ শ্ৰাদ্ধথলীতো শুনা যায় মৃত্যুৰ অট্টহাস্য৷

এতিয়া জীৱনৰ পদে পদে আতংক৷ প্ৰতি মুহূৰ্ততে প্ৰাণৰ সংশয়৷ জীৱন্ত হৈ থকাৰ আকাংক্ষা, সাধাৰণ প্ৰাত্যহিক সৰল আশা-আকাংক্ষা, সাৰ্থক জীৱনচৰ্যা মৃত্যুৰ পদানত৷ স্বাধীন চিন্তা-চেতনা, উদ্যম, সৃষ্টি, কৰ্ম, ঘূৰণ-ফুৰণ সকলোতে মৃত্যুৰ অবাধ হস্তক্ষেপ৷

ব্যক্তিত্ব বিকাশৰ গতিপথ মৃত্যুৰ আগভেটাত স্তব্ধ৷ মানুহৰ পৃথিৱীত দানৱীয় বাদ্যৰ ঝংকাৰ, মৃত্যুৰ বিভীষিকাময় তাণ্ডৱ নৃত্য৷ নাগৰিকৰ মূল্য কত? জীৱনৰ মূল্য কত?

সেয়ে জীয়াই থাকিবলৈ ইচ্ছুক আৰু ক্ষণস্থায়ী সময়ৰ ভিতৰতে মানুহলৈ অৱদান দি যোৱাৰ লক্ষ্য ৰখা নিমাখিত মানুহে ভৱিষ্যতৰ কাৰ্যসূচী পৰিকল্পনা, পৰিৱেশ নিৰ্মাণ, কৰ্মপন্থা নিৰ্বাচন আৰু কৰ্মক্ষেত্ৰ ৰচনাৰ আগেয়ে সময়ৰ সৈতে খোজ মিলাই মৃত্যুৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈ লোৱাটো অপৰিহাৰ্য হব নেকি!

(প্ৰকাশ : প্ৰান্তিকৰ পত্ৰালাপ, ১৬এপ্ৰিল ১৯৯৭)

Wednesday, 7 May 2014

বন্ধকালীন দিনলিপি

(বন্ধক লৈ উদ্বিগ্ন হোৱা, বন্ধবোৰ বন্ধ হব লাগে বুলি কোৱাসকলৰ হাতত, একাত্ম অনুভৱেৰে)


যান-বাহনৰ পৰা মাটিত ভৰি দিব নোখোজা মানুহবোৰে এতিয়া খোজ কাঢ়িবলৈ বাধ্য হৈছে৷ চাইকেলে পূৰ্বৰ আধিপত্য ঘূৰাই পাইছে৷ প্ৰাধান্য বাঢ়িছে ৰেডিঅৰো৷ কিয়নো বিজুলী সৰৱৰাহ প্ৰায়ে ব্যাহত হোৱাত টেলিভিছন এৰি জনসাধাৰণে ৰেডিঅকে পকাবলৈ লৈছে৷ বিশেষকৈ, বাতৰিটো অন্ততঃ, নুশুনিলেইযে নহয়৷ বজাৰৰ মোনা হাতত লবলৈ লাজ পোৱাসকলৰ মাজৰে উপায়হীন দুই-একে এহাতত মোনা, সিহাতে ছাতি লৈ কিবা পাওঁ নেকি বুলি ইফালে-সিফালে খাদ্যদ্ৰব্যৰ সন্ধানত পিয়াপি দি ফুৰিছে৷ সংগ্ৰাহক বৃত্তিলৈ ঘূৰি গৈছে জনসাধাৰণ৷ সেনা-অৰ্ধসেনাৰ গাড়ী, পুলিচ পুলিচ লগা কিছুমান লোকৰ স্কুটাৰ-মটৰ চাইকেলৰ সঘন আহ-যাহ৷ ৰঙা যোগ চিন আঁকি লৈ অটৰিক্সা দুই-এখনে বেমাৰী কঢ়িয়াই নিছে৷ প্ৰেছ বুলি লিখা সৰু-বৰ বাহন কেইখনমানো সণ্ঢালনিকৈ ঘূৰা-পকা কৰি থকা পৰিলক্ষিত হৈছে৷ তাকে লৈ এচাম পৰ্যবেক্ষকৰ বক্রোক্তি : এটা বাক্য শুদ্ধকৈ লিখিব নোৱৰা মানুহেও প্ৰেছ শব্দটোৰ আঁৰ লৈ নিৰ্বিঘ্নে কেনেকৈ ভ্ৰমি আছে দেখিছা!

পাৰ্বত্য জিলাবাসীযে সম্প্ৰতি অনিৰ্দিষ্টকালীন বন্ধ পালনৰত, সৰু সৰু লৰা-ছোৱালীয়েও তাক বুজিব আৰু কব পৰা হৈছে৷ বাস্তৱৰ নিৰ্মম সত্য অনুধাৱন আৰু মীমাংসা-সূত্ৰ উদ্ভাৱন কৰিব পৰা নাই ক্ষমতাত আসীন মুৰব্বী, হৰ্তা-কৰ্তা-বিধাতা তথা বন্ধৰ আহ্বায়ক-সমৰ্থকসকলেহে৷ ফলত স্কুল-কলেজ, হাট-বজাৰ সকলো বন্ধ৷ পথৰ ওপৰত কণমানিহঁতৰ অবাধ বিচৰণ, দৌৰা-দৌৰি৷ বাটে-ঘাটে মইনা-চেমনীয়াৰ ফুটবল-ক্রিকেটৰ অনুশীলন৷ মাজে মাজে চাইকেলৰ টিলিং-টালাং, শান্তিৰক্ষকৰ কনভয়ৰ বিকট চাইৰেণ আৰু তহলদাৰীৰ বাইকৰ হৰ্ণৰ শব্দ৷ চুকে-কোণে বয়স অনুপাতে বেলেগে বেলেগে আড্ডা-আলোচনা; তাচপাত-কেৰমবৰ্ড খেলা৷ একো নপঢ়া মানুহেও অন্ততঃ প্ৰতিবেদনখনকে আনৰ পৰা ধাৰ কৰি হলেও পঢ়িবলৈ লৈছে, জানোচা বন্ধ প্ৰত্যাহাৰৰ ইংগিত কিবা পায়েই, এই ভাবত৷ কৰ্মী লোকক অকৰ্মণ্যলৈ ৰূপান্তৰিত কৰিছে এই বন্ধটোৱে৷ আনহাতে এলেহুৱা চামটোকযে দুগুণে গ্ৰাস কৰিছে, সেয়া নকলেও চলে৷ শ্ৰমৰ অপচয়েই মানুহে কৰা সবাতোকৈ ডাঙৰ অপচয়৷ কিন্তু কথা হল সুদীৰ্ঘ কৰ্ম-বিৰতিয়ে কৰ্ম-সংস্কৃতিত শোধোৱা মাধমাৰটোৰ কথা বুজে কোনে?

কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পৰিৱেশ এতিয়া আতংকময়, গোমা৷ স্বাভাৱিক জীৱন-যাত্ৰা সম্পূৰ্ণ অচল৷ সৰ্বসাধাৰণ উদ্বিগ্ন৷ আন্ধাৰ হোৱাৰ পিছত ঘৰৰ বাহিৰলৈ ওলাব নালাগে বাক্যশাৰী প্ৰায় নিষেধাজ্ঞাতেই পৰিণত হৈছে৷ স্বাধীনতা আছে, মুক্ত জীৱন নাই৷ আৰক্ষী-প্ৰশাসন আছে, গাড়ীৰ ভিতৰত৷ কলৈনো যায়, কিনো কৰে; বুজিব নোৱাৰি৷ জনপ্ৰতিনিধি আছে, মাত নাই৷ ৰাজনৈতিক বিচক্ষণতাৰযে অভাৱ সেয়া উলংগ ৰূপত ওলাই পৰিছে৷ সংগঠন, অনুষ্ঠান আছে; সংঘবদ্ধতা নাই৷ কাৰ্যালয় আছে, গেটত প্ৰকাণ্ড তলা; বৰমূৰীয়া মহানগৰীত৷ আজিকালি অৱশ্যে বেছিভাগ চৰকাৰী কাৰ্যালয়ৰে মুৰব্বীহে নালাগে অধস্তন কৰ্মচাৰীও কৰ্মস্থলী বা বিভাগীয় আৱাসত নাথাকে৷ অহা-যোৱাহে কৰে৷ তাকো গণি গণি মাহটোৰ নিৰ্ধাৰিত কেইদিনমান৷ অইন নালাগে বন্ধ আৰু উগ্ৰপন্থীৰ ধন দাবীৰ প্ৰসংগটোকো বুধিয়কসকলে নিজৰ সুবিধাৰ অনুকূলে ব্যৱহাৰ কৰিবলৈ শিকি পেলাইছে৷ অফিচলৈ যোৱা, অফিচৰ পৰা ঘূৰি অহাৰ সময়ো স্বনিৰ্ধাৰিত এতিয়া৷ কেনেও কাকো কৈফিয়ৎ খুজিবলৈ নাই, কৈফিয়ৎ দিবলৈ নাই৷ ইয়াকে বোলে অৰাজকতা৷

আৰক্ষীৰ প্ৰভাৱ থকা এলেকাত দোকান-পোহাৰ খোলা আছে৷ যেনে, থানাৰ ওচৰৰ গুমটি, গেলামাল আৰু চাহৰ দোকান; পুলিচ ৰিজাৰ্ভৰ কেণ্টিনখন খোলা৷ ভু ৰাখোঁতাই তাৰ পৰাই চেনী, বিস্কুত ইত্যাদি নিত্যপ্ৰয়োজনীয় সামগ্ৰীকেইপদ নিছেহি৷ বিচৰা বস্তুটো নাপাব বুলি মানুহৰ হেতাওপৰা লাগিছে৷ মুকলি বজাৰৰ ফুটপাথত মফচলীয় চানাৱালা, পাণ-চিগাৰেটৰ অস্থায়ী দোকানী কিছুমানক সময়সাপেক্ষে অৱস্থান কৰা দেখা গৈছে৷ গ্ৰাহকৰ সংখ্যা নগণ্য৷ সদ্যহতে এইটো সিদ্ধান্তত উপনীত হব পাৰি যে ইয়াত ফাৰ্মাচী আৰু বাতৰি কাকতৰ বিক্ৰী কেন্দ্ৰজাতীয়  দোকানহে সম্ভৱ৷ কিনোতা থাকিবই, নাথাকিলেও সেইবোৰ খুলি থব পাৰি, বাকীবিলাকৰ দৰজা বন্ধ; টেকেলি কাতি৷

পথ যোগাযোগ ব্যৱস্থা অৰ্থাৎ পৰিৱহণ সেৱা সম্পূৰ্ণ ৰূপে ব্যাহত হৈছে৷ বাহিৰৰ গাড়ী-মটৰৰ চলাচল নাই৷ বন্ধ নথকা অৱস্থাতো অৱশ্যে অন্য ঠাইৰ পৰা বাছ-মটৰ নাহিলে ঠাইখন প্ৰাণহীন হৈ থাকে৷ দীৰ্ঘদিনীয়া বন্ধৰ বাবে এতিয়া ডাকঘৰ, বেংক, এ.টি.এম., পি.চি.অ. চব বন্ধ৷ উন্নয়নৰ কাৰ্যকলাপ, সামাজিকীকৰণ প্ৰক্রিয়া স্তব্ধ৷ যাতায়াত, বেহা-বেপাৰ, কৃষি-কৰ্ম, শিল্প-উদ্যোগ সকলোতে অচলাৱস্থা৷ প্ৰকৃতিৰ পৰা খাদ্যবস্তু সংগ্ৰহ কৰি মানুহে পেট প্ৰৱৰ্তাবলগীয়া হৈছে৷ ঘাইকৈ তৃতীয় পৰ্যায়ৰ বৃত্তিৰ সৈতে জড়িত স্থানীয় লোক-সমষ্টি বাৰুকৈ দিশহাৰা হৈ পৰিছে৷ এনেয়ে জীৱন-মৰণ সমস্যা৷ বন্ধৰ কাৰ্যসূচী দীঘলীয়া হব লাগিলে তেওঁলোকৰযে গতি কেনেকুৱা বিষম হব সেয়া হৃদয়ংগম কৰিবলৈ মগজু বৰ পৈণত নহলেও হয়৷

মাছ-মঙহ নহলে ভাত পেটলৈ নোযোৱা কোনোবা কোনোবাই এতিয়া নিৰামিষ, সাত্ত্বিক আহাৰ, বনৰীয়া শাক-পাতৰ গুণানুকীৰ্তন কৰিব লাগিছে৷ দিন-প্ৰতিদিন ভূৰি-ভোজনত অভ্যস্ত, অৱস্থাপন্ন আৰু সম্ভ্ৰান্তসকলে কোনোবাফালৰ পৰা গৰু, ছাগলী বা গাহৰি কটাৰ বাতৰি আহে নেকি আগ্ৰহেৰে তালৈ চকু-কাণ থিয় কৰি থৈছে৷ পালে সৰহীয়াকৈয়ে লাগে৷ দায়বদ্ধতাহীন সুৰক্ষিত আয়ৰ উৎসৰ গৰাকী, ওজন আৰু ভোজন বিষয়ত সচেতন এইসকলৰ দৰ্শনেই হৈছে খাবলৈহে জীয়াই আছোঁ৷ গতিকে বন্ধ উঠাই লয়, নলয়, তেওঁলোকৰ একো আহে নাযায়৷ দৰজা খুলিলেই দেখা যাব, ৰিফ্ৰিজাৰেটৰ সদায়ে ভৰ্তি; কেনেকৈ নাজানো৷ কোনো কোনোৱে আকৌ বন্ধৰ আগজাননী পায়ে প্ৰমোদ ভ্ৰমণত দূৰলৈ গৈছেগৈ৷ মবাইলতে পৰিস্থিতি সম্পৰ্কীয় গম-গতি লৈ আছে৷ সময়ত আহিব ঘূৰি৷ টকা আন, খাওঁ জাতীয়সকলেও সুবিধা বুজি ৰাজধানীত বহি গুৰিত পানী ঢালি আছেগৈ যাতে খুলিলেই যুটী বান্ধি ক্ষতিপূৰণ পূৰাকৈ উঠাব পাৰে৷

নমনীয় একাংশই জীৱনৰ গতিপথত আহি পৰা এই গতিৰোধকবোৰক স্বীকাৰ কৰি সহাৱস্থানকে বিনাবাক্যব্যয়ে আদৰি লৈছে৷ বন্ধ নামৰ ভ্ৰমাত্মক আৱৰ্তৰ পৰা নিস্তাৰ পোৱা বা তাক প্ৰতিৰোধ কৰাটোযে বৃথা সেইটো তেওঁলোকে দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে ভালকৈ জানিছে৷ বাস্তৱৰ দুৰ্ভাৱনাবোৰক হজম কৰি অৱশ্যম্ভাৱিতাক সহজভাৱেই গ্ৰহণ কৰিছে তেওঁলোকে৷ আনহাতে ঘৰটো এৰি যাব পৰাসকল গৈছেগৈ নিজ নিজ গৃহ-নগৰী বা গাঁও অভিমুখে৷ তেওঁলোকৰ বাবে স্বস্তিৰ নিশ্বাস পেলাবলগীয়া কথা এয়ে যে ব্ৰহ্মপুত্ৰ মেইল বা জনশতাব্দী এক্সপ্ৰেছখন ঠিকেই চলি আছে, অন্ততঃ দিনে-পোহৰে এই বন্ধ প্ৰদেশৰ পৰা ওলাই যাবলৈকে৷

জ্ঞান সাধনাত ব্ৰতী হবলৈ প্ৰচুৰ সময় আৰু অপৰ্যাপ্ত আহৰি পোৱা সত্ত্বেও পৰিৱেশ-পৰিস্থিতি স্বাভাৱিক হৈ নথকাৰ অজুহাততে জাগ্ৰত মন-প্ৰাণ-বিবেকৰ অধিকাৰীসকলেও সৃষ্টিশীল প্ৰক্রিয়াত পূৰাদমে নিমগ্ন হব পৰা নাই৷ দুই-একৰ বাতৰি কাকতত দীঘলকৈ লিখি উগ্ৰ-নম্ৰ সকলো পন্থীকে বন্ধৰ নঞৰ্থক প্ৰভাৱৰ কথা আন্তৰিকতাৰে বুজাবৰ খুব মন গৈছে৷ কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় শাসক মণ্ডলীকো এজাউৰি দিবৰ ইচ্ছা হৈছে বন্ধ নামৰ অপ্ৰাসংগিক আৰু পুৰণি প্ৰতিবাদী কাৰ্যসূচীটোৰেযে দৰাচলতে সাধাৰণ খাটি খোৱা শ্ৰেণীটোকহে জুৰুলা কৰা হয়, চৰকাৰ বাহাদুৰৰ দগধা গা নলৰেই; উন্নয়নমূলক চিন্তা-প্ৰচেষ্টাই মুখ থেকেচা খায়, দেশ পিছুৱাই যায়; ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাত যতি পৰে, বস্তু-বাহানিৰ মূল্যই নিয়ন্ত্ৰণ হেৰুৱায়, সুবিধাবাদীয়ে নানানটা অচিলাৰে স্বাৰ্থ পূৰণৰ সুযোগহে পায়, অৰ্থনৈতিক-সামাজিক-সাংস্কৃতিক দিশত সকলোৱে দুৰ্ভোগ ভোগে, সমস্যাৰ প্ৰতি যথাৰ্থ মনোযোগ আকৰ্ষণ নহয়, সমস্যাৰ আচলতে কোনো গ্ৰহণযোগ্য সমাধানো নোলায় আৰু অস্তিত্ব প্ৰদৰ্শন বা আত্ম-গুৰুত্ব বৃদ্ধিকৰণৰ নামত শেষত গৈ থৈ আত্মশোষণ, আত্মপ্ৰবঞ্চনাৰহে সমতুল্য হয়গৈ এই সকলোবিলাক কথা সামৰি৷ লিখি উলিয়ালেই যেনিবা, পিছে পঠিয়াইনো কেনেকৈ? পষ্ট অফিচ, কুৰিয়াৰ চাৰ্ভিছ চালু অৱস্থাত থাকিলেহে৷ আৰু প্ৰকাশ হোৱাৰ পিছতো পঢ়িবনো কিমানে, পঢ়ি বুজিবনো কিমানে? ঘূৰি ঘূৰি দেখোন বন্ধকেই দি থাকে, মাৰাথন বন্ধ৷ গতিকে সব্বে সত্তা সুখিতা ভৱন্তু বুলি মনে মনে কামনা কৰাৰ বাহিৰে বিকল্প একোৱেই ভাবি উলিয়াব পৰা নাই, অন্ততঃ এই মুহূৰ্তত৷ আপাততঃ চব বন্ধ, শয়নৰত৷ তাকো আকৌ অনিৰ্দিষ্ট কাললৈ!

মাজত আধা ইঞ্চিমান ফাঁক ৰাখি তাৰ দুইফালে প্ৰায় ডেৰ ইঞ্চি দীঘলকৈ দুডাল আঁচ টানি সোঁমাজতে প্ৰকাণ্ড শূন্য এটা দি ডায়েৰী-কলম সামৰি থলোঁ, ইতিমধ্যে পষেক অতিক্রম কৰা এই বন্ধ নোখোলা পৰ্যন্ত৷

(ৰচনা : ২০০৪চন)
কৰ্মচাৰী

তেওঁলোক সময়মতে অফিছলৈ যায়৷ সময়তকৈ আগতে তেওঁলোকে অফিছ নেৰে৷ অফিছৰ বেৰত ওলোমাই থোৱা প্ৰকাণ্ড দেৱাল ঘড়ীটোকেই তেওঁলোকে প্ৰৱেশ-প্ৰস্থানৰ একমাত্ৰ সঠিক নিৰূপক জ্ঞান কৰে৷

তেওঁলোকে নিষ্ঠাসহকাৰে কাম কৰে৷ তেওঁলোকৰ কামবোৰ পৰিপাটি, শৃংখলাযুক্ত৷ তেওঁলোক নিজৰ ভুল-ভ্ৰান্তিৰ প্ৰতি সজাগ৷ তেওঁলোকে তেওঁলোকৰ ক্ষমতা বা সাধ্যৰ ভিতৰত পৰা কাম ততালিকে বা একেদিনাই কৰে৷ কাকো বিমুখ নকৰে, জীয়াতু নোভোগায়৷ তেওঁলোক সহৃদয় আৰু অকুণ্ঠ আন্তৰিকতাৰ গৰাকী৷

অফিছৰ সময়খিনিত তেওঁলোকে বজাৰ-সমাৰ বা গেছৰ খবৰ কৰিবলৈ নাযায়, লটাৰীৰ পিছত নদৌৰে৷ তেওঁলোকে কৰ্মস্থলীত আড্ডা মাৰি, কেৰম খেলি, ঊল গুঁঠি বা শুই নকটায়৷ খালী টেবুলখন মুখৰ আগত লৈ আগন্তুকক অন্যমনস্কভাৱে বৰ ব্যস্ত আছোঁ বুইছে বুলি কৈ দাঁত খুঁচৰি বাহিৰলৈ চাই নাথাকে৷ নিজৰ আসন এৰি কেণ্টিনত বহি থকাটো তেওঁলোকৰ ধৰ্ম নহয়৷ কৰ্মৰ প্ৰতি তেওঁলোক নিৰ্ভয়৷ আনকি কেতিয়াবা প্ৰয়োজনসাপেক্ষে সহকৰ্মীৰ টেবুলৰ দায়িত্বও হাঁহিমুখে চম্ভালি লয়৷ কৰ্তব্য পালনত তেওঁলোক যেন সিদ্ধহস্ত৷ তেওঁলোক নিৰহংকাৰী৷

একেটা অফিছলৈকে তাহানিৰ পৰাই অহা-যোৱা কৰি থকা সত্ত্বেও তেওঁলোকৰ মুখমণ্ডলত ক্লান্তিৰ চাপ অকণো দেখা নাযায়, বৰং নিতে প্ৰতিভাত হৈ উঠে নতুন উদ্যম৷ আনহাতে বন্ধ বাৰতহে তেওঁলোকৰ মনে উচপিচায়৷ একাণপতীয়াকৈ ফাইলৰ মাজত ডুবি থকাতেই যেন তেওঁলোকে এক বিমল আনন্দ লাভ কৰে৷ অফিছৰ যিকোনো অনুষ্ঠান যেনে বিদায় সভা, পতাকা উত্তোলন, পূজা ইত্যাদিৰ তেওঁলোক অপৰিহাৰ্য অংগ৷ তেওঁলোক উদ্যমী আৰু বিশ্বাসভাজন৷

তেওঁলোক খোলা মনৰ, নিকা চৰিত্ৰৰ, দুৰ্নীতিমুক্ত৷ তেওঁলোক নগণ্য৷ তেওঁলোক অফিছটোৰ প্ৰাণকেন্দ্ৰ৷ কৰ্মবীৰ, কৰ্মশ্ৰী নাইবা সেইজাতীয় কোনো উপাধি তেওঁলোকৰ লক্ষ্য নহয়৷ লক্ষ্য নহয় কোনো পুৰস্কাৰ৷ তেওঁলোকে কাম কৰি ভাল পায়৷ কৰ্মই তেওঁলোকৰ ধৰ্ম৷

তেওঁলোকক চাই-চায়েই আমি ভালেমান কথা শিকিব পাৰোঁ৷ নোৱাৰোঁ জানো?

(১জুন ১৯৯৪ তাৰিখৰ প্ৰান্তিকৰ পত্ৰালাপ শিতানত এই চিঠিখন লিখিছিলোঁ, ছদ্মনামেৰে৷ তেতিয়াৰ আৰু এতিয়াৰ সময়বোৰ তুলনা কৰিলে কিয় লিখিছিলোঁ, কিয় লিখিছিলোঁ লাগে৷)

Monday, 5 May 2014

মই এবাৰ ফেইল কৰিছিলোঁ... 
(গল্প নহয়, সত্য)

(অকবত অসমীয়াত নিলিখিলে মচি দিব বুলি জানিও মনক দমাব নোৱাৰি ৰোমানত লিখি পেলোৱাসকলৰ হাতত, আন্তৰিকতাৰে)
............................................

'টাইপিং, ড্ৰাইভিং আৰু ড্ৰিংকিং ... এই তিনিটা জীৱনৰ বাবে লাগতিয়াল' বুলি মোতকৈ বয়সত সৰু যদিও বাল্যবন্ধু এজনে এবাৰ কথা প্ৰসংগত উল্লেখ কৰাটো মোৰ মনত আজিও জলজল-পটপট হৈ আছে৷ বাকী দুটা নাজানো, কিন্তু টাইপিংযে জীৱনৰ বাবে কিমান দৰকাৰী, সেয়া মই ইতিমধ্যে খুব ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ৷ তাকে কওঁ বুলিয়ে এইকণ পাতনি৷


কথাই কথাই মিলি যোৱাত প্ৰবীণ (মোৰ ভাইটিৰ লগৰ) আৰু মই খাটাং কৰি পেলালোঁ যে আমি টাইপ মাৰিবলৈ শিকিম৷ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটেনো টাইপিং ইনষ্টিটিউটলৈ যায়নে বুলি কোনোবাই টিটকাৰী মাৰিলেও মাৰক, তালৈ ভ্ৰূক্ষেপ নকৰোঁ৷

পিছদিনা পুৱা নমান বজাতে ওলালোঁ৷ খোজ কাঢ়ি দহ-বাৰ মিনিটমানৰ বাট৷ কমাৰ্চিয়েল ইনষ্টিটিউটখনত উপস্থিত হৈ অলপ পৰ অপেক্ষা কৰিব লগা হল৷ তত্ত্বাৱধায়কজন নাই, কিবা আনিবলৈ ওলাই গৈছে৷ তেতিয়ালৈকে আহি পোৱা নাই৷

খেৰী ঘৰ, বাঁহৰ বেৰ, কেঁচা মজিয়া৷ লাইট-ফেন নাই৷ অফিচ ৰুম বুলি সৰুকৈ এটা কোঠা৷ তাৰ সৈতে সংলগ্ন দীঘলীয়া ঘৰটোত কেইবাযোৰো ডেস্ক-বেঞ্চ৷ প্ৰতিখন ডেস্কতে দুই মূৰে দুটাকৈ ন-পুৰণি টাইপ ৰাইটাৰ, সৰু-ডাঙৰ জোখৰ৷ কেইবাজনো শিকাৰুৱে আঙুলিৰ বুলনিৰে সেইকেইটাত খটখটাই আছে৷ মাজে মাজে কেৰেচ কেৰেচ শব্দ৷ শব্দৰ সন্মিলনটোৱে পুৱাতেই পৰিৱেশটোলৈ কৰ্মচঞ্চলতা এটা বৈ আনিছে৷ উপস্থিত হৈয়ে মনটো কিবা এটা ভাল লাগি গল৷ অলপ পৰ সেইবোৰকে লক্ষ্য কৰি থাকিলোঁ৷

পুৰণি বাজাৰ চুপাৰ এখন চলাই আদবয়সীয়া লোক এজন আহি ওলাল৷ পিন্ধনত আকাশী ৰঙৰ হাফ চাৰ্ট৷ চকুত চশমা৷ বুজিলোঁ, তেৱেঁই শিক্ষানুষ্ঠানখনৰ হৰ্তা-কৰ্তা-বিধাতা৷ মানুহজনক অনুসৰণ কৰি আমি দুটা অফিচ ৰুমটোলৈ সোমাই গলোঁ৷ উদ্দেশ্য বেকত কৰাত তেওঁ টাইপিঙৰ কৰ্চ, এডমিচন ফিজ, মান্থলী ফিজ, এগজামিনেচন ফিজ ইত্যাদি সম্পৰ্কে বুজাই দিলে৷ 'আমি এডমিচন লব বিচাৰিছোঁ' বোলাত বহী এখন উলিয়াই নাম-ধাম সুধি খচাখচ কিবাকিবি নোট কৰিলে৷ টাইম চিডিউলো ঠিক কৰিলে৷

পিছদিনাৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ হল৷ অতীতলৈ ঘূৰি চাই কথাবোৰ এতিয়া ভাবিলে আচৰিতেই লাগে যে সেই যাত্ৰা আজিও চলি আছে, অবিৰতভাৱে৷ প্ৰবীণৰ কি হল নাজানো, মোৰ জীৱন-যাত্ৰাত কিন্তু টাইপিঙে সঁচাই এক গুৰুত্বপূৰ্ণ ভূমিকা পৰিগ্ৰহ কৰিলে৷ এই সম্বন্ধে কেতিয়াবা মই মনে মনে অকলে অকলে চিন্তা কৰোঁ আৰু সুখ অনুভৱ কৰোঁ৷

পুৱা আঠ বজাৰ প্ৰথম গ্ৰুপটোতে আমাক দিছে৷ গৈ পোৱাৰ পিছত তত্ত্বাৱধায়কে আমাক নিজৰ ইচ্ছামতে দুয়োকে দুটা খালী হৈ থকা মেচিনত বহিবলৈ নিৰ্দেশ দিলে৷ মোৰ বাবে আনন্দৰ কথা আছিল যে টাইপ ৰাইটাৰৰ সৈতে মোৰ পৰিচয় কণমানিতেই হৈছিল৷ কিয়নো তেতিয়া আমাৰ মা নতুবা দেউতাহঁতৰ অফিচলৈ কেতিয়াবা কিবা কাৰণত গলে টাইপৰ চুইচবোৰ হেঁচুকি ইংৰাজী এলফাবেটকেইটা কাগজত উঠোৱাৰ প্ৰৱণতা এটা প্ৰায়ে জাগিছিল৷ কেতিয়াবা মায়ে অফিচৰ কামত ঘৰলৈ টাইপ ৰাইটাৰ এটা লৈও আহিছিল৷ সেইদিনাযে ভীষণ স্ফূৰ্তি পাইছিলোঁ৷ গডৰেজ নে ৰেমিংটন নে কি আছিল জানো, মেচিনটোত মায়ে খুৱাই দিয়া পাতল আৰু মিহি টাইপ পেপাৰখনত অকণমানি হাতৰ এটা বা দুটা আঙুলিৰে বিচাৰি বিচাৰি ইংৰাজী বৰ্ণবোৰ তুলিবলৈ কিমানযে হেতাওপৰা লাগিছিল, ভাই-ভনীকেইটাৰ মাজত! দীঘলীয়া স্পেচবাৰডাল হেঁচি ধৰি ঘেটঘেটকৈ কেতিয়াবা এনেয়ে ইফাল-সিফাল কৰিছিলোঁ৷ হেণ্ডেলত ধৰি আকৌ চোঁচোৰাই আনো আগৰ পজিচনলৈ৷ মনত পৰে, সদায় প্ৰথমে নিজৰ নামটো লিখিছিলোঁ৷ তাৰ পিছত ক্লাছ, ৰোল নম্বৰ আদি লিখিছিলোঁ৷ স্কুলৰ নামটো লিখিছিলোঁ৷ আৰু ঢেৰ কিবাকিবি লিখিছিলোঁ, মনত নাই৷

টাইপ ৰাইটাৰৰ অংগ-প্ৰত্যংগৰ থুলমূল বৰ্ণনা সমাপ্ত কৰি মানুহজনে আমাক প্ৰথমে কাগজখন কেনেকৈ ফিট কৰিব লাগে, ৰিবন কেনেকৈ লগাব লাগে, কাৰ্বন কেনেকৈ লগায়, হাত দুখন কেনেকুৱা পজিচনত ৰাখিব লাগে আদি দৰকাৰী কথা কিছুমান শিকালে৷ সেইখিনি হৈ যোৱাৰ পিছত অফিচ ৰুমৰ পৰা পৃষ্ঠাৰ এমূৰে ষ্টেপল পিন মৰা কাগজকেইখিলামান আনিলেগৈ৷ দেখিলোঁ, তিনিখিলা ফুলস্কেপ কাগজ৷ প্ৰত্যেকৰে এপিঠিত কিছুমান আখৰ টাইপ মৰা আছে৷ অলপ পিছতে চকু ফুৰাই বুজি পালোঁ যে টাইপিঙৰ ফৰ্মূলা সেইবোৰ৷ ফিংগাৰিং আৰু এক্সাৰচাইজ৷ সোঁহাত আৰু বাওঁহাতৰ কী-ষ্ট্ৰক দিয়াৰ লগতে একোটা অনুশীলন একেৰাহে তিনিদিনলৈ কৰি মনত ৰাখিবলৈ নিৰ্দেশ দিয়া আছে৷ মানে সেইমতেহে চলাব লাগে, এটা বা দুটা আঙুলিৰে আগতে কৰা ধৰণে বিচাৰি বিচাৰি টুক-টাককৈ নহয়৷ মনত পৰিল, মা-দেউতা উভয়ৰে হাতৰ দহোটা আঙুলি নাচি থকাৰ দৃশ্য৷ বাঁওহাতে থৈ লোৱা কাগজখনত দৃষ্টি নিবদ্ধ থাকে৷ মাজে মাজে মেচিনটোলৈ লক্ষ্য কৰে৷

প্ৰশিক্ষকে তেতিয়াই আমাক দিয়া সেই পাতকেইখিলা এতিয়াও পুৰণি ফাইলত আদৰেৰে সাঁচি-সামৰি ৰাখিছোঁ৷ মোৰ জীৱন-বাটত সেইকেইখিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু মৰ্যাদা আছে৷ সেয়ে অন্য বহুত কাগজ লাড়ু কৰি বা টুকুৰা-টুকুৰকৈ ফালি হেলাৰঙে ডাষ্টবিনলৈ দলিয়াই দিব পাৰিলেও সেইকেইপাত নোৱাৰি৷

সেইদিনাৰে পৰা আমাৰ এঘণ্টীয়া অনুশীলন নিয়মিতভাৱে চলি থাকিল, তিনি মাহলৈ৷ 'প্ৰেকটিচ মেক্‌চ এ মেন পাৰফেক্ট৷' নিতৌ টাইপ ৰাইটাৰত খটখটাই খটখটাই ৰোমানত টাইপিং আয়ত্ত কৰি গলোঁ৷ নিৰ্দিষ্ট দিনত পৰীক্ষা পাতিলে৷ আমি দুটায়ো পৰীক্ষাত বহিলোঁ৷ কাগজ লগোৱাৰ পৰা আদি কৰি সকলোবোৰতে পাৰ্গতালিৰ উমান ললে৷ তাৰ পিছত আছাম ত্ৰিবিউন খবৰ কাগজৰ দফা এটা দিলে টাইপ মাৰিবলৈ৷ ঘড়ীত সময় নিৰ্দিষ্ট কৰি তত্ত্বাৱধাকে শেন চকুৰে আমাক লক্ষ্য কৰি থাকিল৷ অলপ পিছতে ৰিজাল্টো ঘোষণা কৰিলে৷ মোৰ স্পীড হিচাপতকৈ কম হোৱাত পুনৰ অনুশীলন কৰিব লাগিব বুলি নিৰ্দেশ দিলে৷ পৰীক্ষাও আকৌ দিব লাগিব বুলি জনালে৷ আনহাতে টাইপিং স্পীড সন্তোষজনক হোৱাৰ সুবাদত প্ৰবীণ উত্তীৰ্ণ হল৷ সি চাৰ্টিফিকেটো পাই গল মোতকৈ আগতে৷ মই ফেইল মাৰিলোঁ৷

আন দিনাৰ দৰে সেইদিনাও দুইটাই একেলগেই ঘৰলৈ উভতিলোঁ৷ মোৰ মনটো স্বাভাৱিকতে গধুৰ হৈ থাকিল৷ আৰু সিদিনা সেইযে ঘৰ সোমালোঁহি, তাৰ পিছত আৰু কমাৰ্চিয়েল ইনষ্টিটিউটখনত কোনোদিনে ভৰি দিয়া নহল৷ অনুশীলনো নকৰিলোঁগৈ, পৰীক্ষা দিয়াটো দূৰৈৰে কথা৷ সেয়ে চাৰ্টিফিকেটো গোটাব নোৱাৰিলোঁ৷

অৱশ্যে সিদিনাৰ নিৰানন্দ মোৰ বাবে যেন সাময়িকহে আছিল৷ পিছলৈ তেনেকুৱা যেনেই উপলব্ধি হল৷ কাৰণ জীৱনৰ পৰৱৰ্তী দিনবোৰত টাইপিঙৰ জৰিয়তে শত-সহস্ৰজনক সেৱাৰ লগতে আনন্দ (বহুতে উদ্ধাৰ কৰা বুলি কয়) যোগাই যাব পাৰিছোঁ৷ স্তূপীকৃত কিতাপ-আলোচনী, অন্যান্য কাম-কাজবোৰলৈ এপলক চাই কথাটো ভাবিলে আজি নিজৰেই কিবা আচৰিত আচৰিত যেন লাগে৷ মইযে ফেইল কৰিছিলোঁ সেয়া পাহৰিয়েই থাকিলোঁ৷
............................................

টেইল-পিচ (পুচ্ছাংশ) :
টাইপিং ইনষ্টিটিউটৰ পৰীক্ষাত ফেইল মৰাৰ পিছত এদিন যেতিয়া কম্পিউটাৰ কিনিলোঁ, তাৰ লগে লগে ইংৰাজী বাদেই, অসমীয়া, বাংলা আৰু হিন্দী টাইপিঙো নিজা প্ৰচেষ্টাৰেই আয়ত্ত কৰি পেলালোঁ৷ চাৰ্টিফিকেট হলে নাই৷ আনহাতে এনেকুৱা মুহূৰ্তৰো সন্মুখীন হলোঁ যে অসমীয়াত যেতিয়া ধাৰাসাৰ গতিৰে খটখটাই কাৰ্চৰডালক হুঁচ নিদিয়াকৈ দৌৰাই আছোঁ, কাষত বহাজনে চকীৰ পৰা উঠি আহি কী-বৰ্ডখন ভালেসময়লৈ চায় ৰয়৷ ইয়াতচোন অ-আ-ক-খ একো লিখা নাই, কেনেকৈ টাইপ কৰিব পাৰিছে বুলি প্ৰশ্ন কৰে৷ তেওঁৰ মনৰ ভাবটো এনেকুৱা, যেন মই পৃথিৱীত নোহোৱা-নোপজা কাম এটাহে কৰি আছোঁ! দৰাচলতে আচল কথাটো তেনেই সৰল আৰু সকলোৰে বাবেই সম্ভৱ৷ হাতৰ আঙুলিয়ে টাইপৰ কী-ষ্ট্ৰক এবাৰ চিনিলে আৰু কেতিয়াও নাপাহৰে৷ নিজৰ অভিজ্ঞতাৰে কথাষাৰ কোনোবাই মোৰ আগত এদিন কৈছিল৷ ঠিকেই৷ টাইপিঙৰ গূঢ় ৰহস্যটোও সেইটোৱেই৷

মই আশা কৰোঁ, সকলোৱে নিজস্ব সাধনাৰে কষ্ট কৰি, সময় দি টাইপিং শিকিব৷ ড্ৰাইভিং আৰু ড্ৰিংকিঙত যেনেকৈ আঙুলিৰ সহায় লোৱা হয়, ঠিক একেদৰে টাইপিঙৰ ক্ষেত্ৰতো নিজৰ হাতৰ আঙুলি দহোটাক কী-ষ্ট্ৰককেইটা চিনাত আন্তৰিকতাৰে সহায় কৰিব৷ তাৰ পাছত যত ৰোমানত দৰকাৰ তাত ৰোমানত আৰু যত অসমীয়াত দৰকাৰ (যেনে অকবত) তাত অসমীয়াত লিখিব৷ আৰু আপুনি লাভ কৰিব মই এতিয়াই আপোনাক কৈ বা লিখি বুজাব নোৱাৰা এক ধৰণৰ আনন্দ৷ সেয়া সময়ে অৱশ্যেই ক

(ৰচনা : ৫.৫.২০১৪)

Sunday, 4 May 2014

সুখৰ আবেলি...

আজিৰ এই সুন্দৰ আবেলিটো কি কৰোঁ? তাকে মনে মনে ভাবি আছোঁ৷

তেনেকুৱাতে প্ৰতিৱেশী হাজোৱাৰী খুৰাক দেখিলোঁ, সাজি-কাচি একেবাৰে ফিট-ফাট৷ এখোজ-দুখোজকৈ ঘৰৰ পৰা ওলাই আহিছে৷ নিকট প্ৰতিৱেশী শৰ্মানী খুৰী আৰু বিকিৰ সৈতে আদবাটতে হাঁহি-মাতি কিবা জমাইছে৷

পিছফালৰ দৰজাখনেৰে দুমহলীয়াৰ ওপৰৰ পৰা খুৰালৈ লক্ষ্য কৰি থাকোঁতেই মোৰ সৈতে এংগোলটো মিলি গল৷ মাত দিলোঁ, খুৰা ওলালে নেকি? খুৰাই মোৰ চিগনেল বুজি পালে৷

ওলাইছোঁ আৰু৷ ময়ো চিগনেল বুজি পালোঁ৷

কালি আবেলিও আমি দুয়ো লামডিং ৰডত বহুপৰ একেলগে একেৰাহে ঘূৰি-ফুৰি বন্ধৰ মজা উপভোগ কৰিছিলোঁ৷

সাউতকৈ তললৈ নামি গৈ কলা লংপেণ্টটোৰে সৈতে নীল বৰণীয়া টি-চাৰ্টটো দেহাত সুমুৱাই ললোঁ৷ চুলি-তুলি ফণিয়াই সময় খেদাবলৈ কামেই নাই৷ কাৰণ চুলি মোৰ চুটি৷ ফলত সময় ৰাহি৷ মবাইলটো বিচাৰি হাবাথুৰি খোৱাৰো প্ৰশ্ন নাই৷ যত যেনেকৈ পৰি আছে পৰি থাওক৷ সেইডাল কঢ়িয়াই লৈ ফুৰাটো ভাল নোপোৱা হৈ আহিছোঁ দিনকদিনে৷ লগত নাথাকিলেই সুখ৷ মানিবেগ বিচাৰিবলৈও নাই৷ দোকান-পোহাৰ গোটেইখন বন্ধ৷ গতিকে একো কিনিবলৈ নাই৷ অন্য এক সুখ৷ কাজেই ৰুমালখন ফটাফট পকেটত ভৰাই ঘপাঘপ চিৰি বগাই ৰাস্তাত হাজিৰ হলোঁহি৷

ওপৰলৈ আহি দেখোঁ, খুৰাৰো অৱস্থান সলনি হল৷ দেউতাৰ সৈতে বেলেগ এটা চেপ্তাৰ আৰম্ভ হৈ গৈছে৷ স্মৃতি ৰোমন্থনত ধৰিছে দুয়োজনে৷ মধুৰ স্মৃতি যাৰ আছে, তাৰ সুখ থাকিবই৷ যাৰ তেনে স্মৃতিয়েই নাই, কথাই নাই, তাৰ আৰু কিহৰ স্মৃতিচাৰণ? আৰু এনে ৰোমন্থনত কিমানযে সুখ লুকাই থাকে! সেয়া মই গভীৰভাৱে উপলব্ধি কৰিব পাৰোঁ৷ তেনে নিৰ্ভেজাল আনন্দৰসৰ উত্তেজক বৰ্ণনাক সদায় সমৰ্থন কৰোঁ৷ এতেকে চিনিয়ৰ চিটিজেন দুজনৰ কথোপকথনত ব্যাঘাত জন্মোৱাটো উচিত নহব বুলিয়ে ভাবিলোঁ৷ কিছু আগুৱাই আহি চাৰিআলিৰ দাঁতিত দণ্ডায়মান হৈ ৰলোঁ৷ তেনেদৰে অপেক্ষা কৰি থাকি মাজে মাজে খুৰাৰ ফালে চায়ো থাকিলোঁ৷ ভাবি ৰলোঁ, সন্ধিয়াই হব দেখোন অলপ পাছত৷

কথা সামৰি হাজোৱাৰী খুৰা মোৰ ওচৰ পালেহি৷ পুত্ৰসম হলেও কিয় জানো, চিনাকিৰ দিন ধৰি মোৰ সৈতে তেখেতৰ আপোনা-আপুনিহে চলে৷ মাজে-মধ্যে তই-তুমিও কয়৷ মোৰ বাবে সেয়া ধৰ্তব্য নহয়৷

অকণো সময় নষ্ট নকৰি খুৰাই কলে, লক৷ মোৰ মুখৰ পৰাও একে সময়তে একেটা শব্দকে ওলাল, লক৷ দুয়ো হাঁহিলোঁ৷ সুখৰ হাঁহি৷ তাৰ পিছত ৰাস্তাটো পাৰ হৈ বাঁওহাতে লাহে লাহে খোজ পেলাবলৈ আৰম্ভ কৰিলোঁ৷ উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা আঠচল্লিশ ঘণ্টীয়া বন্ধৰ বাবে ৰাস্তাত স্বাভাৱিকতে গাড়ী-মটৰ তেনেকৈ নাই৷ মানুহ কিছুমানে বাটত বতাহ খাবলৈ ওলাইছে৷ সুখৰ বতাহ৷ চেঙেলীয়া কেইটামানে ৰাস্তাৰ ওপৰতে বেট-বল লৈ খেলিছে৷ আনন্দমধুৰ এখন চিৰ-পৰিচিত ছবি৷

হাজোৱাৰী খুৰায়ে প্ৰথমে আৰম্ভ কৰিলে, আজি পুৱা কি হল জানে? চাহ খাই উঠি আকৌ শুই থাকিলোঁ নহয়!

মই খুৰাৰ চকুলৈ চালোঁ৷ তেওঁ কৈ গল, আমাৰ এওঁৰ মানে খুৰীয়েৰাৰ আকৌ অবজেকচন, কিয়নো শুব লাগে বুলি৷ মই বোলোঁ, বন্ধত আৰু কিটো কৰিবলৈ আছে? একো কামেই নাই দেখোন৷ তোমাৰ মন গৈছে যদি যোৱা, বাছি থোৱা চাউলখিনিত শিলগুটি মিহলাই লৈ আকৌ বাছি থকাগৈ৷

খুৰীক কোৱা কথাখিনি শুনি, লগতে খুৰাৰ উপস্থাপনত বৰ ৰস পালোঁ৷ জোৰত হাঁহি দিলোঁ৷ ইখন হাতে সিখনৰ তলুৱাত কোবাই হাততালি সদৃশ ডাঙৰকৈ শব্দ এটাও সৃষ্টি কৰিলে, নিজৰ অজানিতে৷ খুৰাৰ ফালে চাই উৎসাহেৰে কলোঁ, কিযে সুখ, নহয় খুৰা? পাইছোঁ কিন্তু আমি ন? নিবিচৰাকৈয়ে ইমান সুখ! মই ভাবোঁ, পূৰ্বজন্মত কৰা কিবা ডাঙৰ পুণ্যৰে ফল এয়া৷ কি কয়?

খুৰাই উত্তৰ দিলে, ঠিকেই৷ ঠিক কৈছে আপুনি৷

চাওকচোন, কিছুমান মানুহে মানৱ জাতিৰ উন্নয়নৰ বাবে, আন কিছুমানে সুখৰ সন্ধানত এতিয়া ৰাতিক দিন কৰি, হাড়ক মাটি কৰি কাম কৰি আছে৷ আৰু আমি? বিন্দাচ ৰাস্তাত ঘূৰি আছোঁ৷ কোনো চিন্তা নাই, ভাবনা নাই৷ কৰিবলৈও একো নাই৷ চব বন্ধ৷ কি সুখ!

খুৰাই জোৰা দিলে, তেওঁবিলাকে দিনৰ পিছত দিন ধৰি ৰিচাৰ্চ কৰি আছে৷ খাৱন নাই৷ শোৱন নাই৷ কিমান টেনচন! চিন্তাত মানুহ শুকাই শেষ৷ সঁচা কথা দেই৷ ঈশ্বৰে কিন্তু আমাক কিছু সুখ দিছে৷ সেইটো মানিব লাগিব৷

ডাঙৰকৈ নোকোৱাই ভাল নেকি খুৰা, কোনোবাই জানিলে হিংসাই কৰিব চাগৈ৷ আজিকালি মানুহবোৰ বৰ হিংসুক স্বভাৱৰ থাকে৷ আনৰ ভাল দেখিব নোৱাৰে৷

খুৰাই ইফালে-সিফালে চালে যদিও মুখ বন্ধ নকৰিলে৷ বিজ্ঞানী কালামলৈ চাওক৷ বিয়াই কৰাব নোৱাৰিলে বেচেৰাই৷ বয়স গলগৈ৷ বেচেৰা বাজপেয়ীৰো দেশ উদ্ধাৰ কৰাৰ নামত ৰাজনীতিত লাগি নিজৰ বিয়াখন পাতিবলৈকে টাইম নহল৷ আৰু ...

খুৰাই বোধ হয় খাপ খোৱা উদাহৰণ কেইটামান মনৰ ভিতৰতে জুকিয়াই থাকিল৷ তেনেকুৱাতে পিছফালৰ পৰা আহি থকা হাজৰিকাদা আমাৰ ওচৰ চাপিলহি৷ চকু দুটা ফুলি আছে মানুহটোৰ৷ দেখিয়ে গম পাইছোঁ৷ দিনৰ ভাগত এইজনেও তামাম দিছে আজি৷

শুই শুই এইমাত্ৰ উঠি আহিছে ন দাদা?

প্ৰশ্নৰ আকস্মিকতাত হাজৰিকাদাই প্ৰথমে থতমত খালে৷ তাৰ পিছত বেঁকা হাঁহি এটা মাৰিলে৷ আৰু কৰিবা কি?

আপোনাকো সুখ দিছে কিন্তু দেই ওপৰৱালাই৷ লব লাগে, লব লাগে৷

খুৰাই লাহেকৈ মাত দিলে, ময়ো ঠিকছে শুলোঁ৷ কিনো কৰিব আৰু? কাম নাই, বন নাই, চব বন্ধ৷ চাহ একাপ খাই এয়া ওলাই আহিছোঁ৷ ঘূৰি গৈ সেই একেটাই কৰিব লাগিব৷

তেনেকুৱাতে মিহিকৈ এটোপ দুটোপ বৰষুণ গাত পৰাৰ উমান পালোঁ৷ বতৰটো আগৰে পৰাই সন্দেহজনক হৈয়ে আছিল৷ সোনকালেই আহিব চাগৈ৷ হাজোৱাৰী খুৰাৰ সিদ্ধান্তমৰ্মে সন্মুখৰ চাৰিআলিটোৰ পৰাই আমি বেক কৰিলোঁ৷

ঈশ্বৰেও দিছে আৰু খুৰা৷ এয়া চাওক, অলপ পিছতে বৰষুণ দিব৷ সুখেই সুখ৷ নিশালৈও মহাসুখে বাট চাই আছে৷ বৰষুণৰ আমেজ লৈ আৰামছে টোপনি মাৰিব পাৰিব৷ বহুতে আকৌ বৰষুণ এজাকৰ কাৰণে হামৰাও কাঢ়ি আছে৷ গৰমে দহিছে৷ আমাৰ ইফালে প্লিজেণ্ট ৱেডাৰ৷ প্ৰকৃতিয়ে আমাক সেয়াও অকপটে দান দি দিছে৷ গতিকে এই সুখ স্বীকাৰ কৰাটোহে কথা৷ এনে অপৰ্যাপ্ত সুখ পাবলৈ সঁচাকৈ ভাগ্য লাগিব৷ সুখ আচলতে ধনেৰে কিনিব নোৱাৰি৷ হয়নে নহয়, কওক?

খুৰাই হয় হয় বুলি শলাগিলে৷ লগতে হাঃ হাঃকৈ হাঁহি৷ সুখৰ হাঁহি৷ সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ... তাহানিতে স্কুলত পঢ়া কবিতাৰ পংক্তিটো অকণো খোকোজা নলগাকৈ মাতি যাব ধৰিলে তেওঁ৷ মই আচৰিত হলোঁ৷

ধীৰে ধীৰে আহি ঘৰৰ সন্মুখ পালোঁ৷ তেতিয়ালৈ আন্ধাৰ নামিছে৷ হাজোৱাৰী খুৰাক বিদায় দিলোঁ, এনেকুৱা সাংঘাতিক সৌভাগ্য কেইজনৰনো ঘটে খুৰা? এতিয়া যাওক, ৰেষ্ট কৰককৈ৷ বৰষুণজাক আহিছেই৷ কাৰেণ্ট গলেই কিজানি৷ গতিকে টিভিৰ চিঞৰ-বাখৰ, খকা-খুন্দা চাই মগজ বেয়া কৰিবলৈ নাই৷ সিও এক সুখ৷ সোনকালে খাই-বৈ বিছনাত পৰকগৈ৷ সুখক নেওচা দিব নাপায়৷ ঈশ্বৰে দিয়া বস্তু৷ ময়ো যাওঁ৷

(ৰচনা : ৪.৫.২০১৪)

Saturday, 3 May 2014

সমন্বয়-সহনশীলতা-সহাৱস্থান

ৰবাত পঢ়িছিলোঁ  নিৰ্মলতাৰ পদুমত বহি, হালধীয়া বস্ত্ৰ পৰিধান কৰি; বোধশক্তি আৰু কৰুণা, জ্ঞান আৰু ভালপোৱা, প্ৰেম আৰু কৰ্মৰ বিকাশ সাধন কৰিব নোৱাৰাৰ বাবে বুদ্ধদেৱে মানৱ জাতিক তিৰস্কাৰ কৰিছিল৷ তেওঁৰে মহান অনুগামী অশোকে যেতিয়া আৱিষ্কাৰ কৰিলে যে তেওঁৰ সাম্ৰাজ্যত বিভিন্ন জাতি আৰু ধৰ্মৰ লোকে বসবাস কৰিছে, তেতিয়া তেওঁ কৈছিল সমন্বয় অপৰিহাৰ্য৷

সহনশীলতাৰ মূলতে হল সকলোৰে প্ৰতি সন্মান প্ৰদৰ্শন কৰা৷ যেতিয়াই এই বৌদ্ধিক উপলব্ধি লাভ কৰিব পৰা যাব, তেতিয়াই শান্তি আৰু প্ৰশান্তি বিৰাজ কৰিব৷ এই বৌদ্ধিক স্বীকৃতিৰ অভাৱেই সকলো সমস্যাৰ মূল কাৰণ৷

কিন্তু কাৰ্যতঃ আজি ঘটিছে কি? হৃদয় আৰু মগজুক সেই বৌদ্ধিক-আধ্যাত্মিক উদ্দীপনাই কিমান আলোড়িত কৰি তুলিব পাৰিছে? আমি এসময়ত এটা পৰিয়ালৰ মানুহৰ দৰে মৰমৰ বান্ধোনেৰে বান্ধ খাই আছিলোঁ৷ বুলি সহোদৰ ভাতৃত্ববোধ, নাইবা একেখন কাঁহীতে ভাত খাইছিলোঁ বুলি ঐতিহাসিক বাস্তৱতাক স্বীকাৰ কৰাৰ পিছতো এতিয়া ভায়ে ভায়ে অথবা ইঘৰে সিঘৰৰ ভাগ কাঢ়ি খোৱাৰ আশংকাতে সমস্ত মনোমালিন্যৰ সূত্ৰপাত নহৈছেজানো?

এই কথা বুজিবলৈ কোনো উচ্চস্তৰীয় ধীশক্তিৰ দৰকাৰ নাই যে ঐক্যতকৈ অনৈক্যৰ বীজ সন্ধানী লোকৰ সংখ্যাই এতিয়া বেছি৷ সেয়ে ইমান খেলিমেলি৷ একতাৰ বিনাশ কল্পেই আজি এখন সুস্থ সমাজৰ পৰিকল্পনা কৰাটো জটিল পদক্ষেপত পৰিণত হৈছে৷ আনহাতে সমাজ সুস্থ নহলে সমুন্নতি অসম্ভৱ৷ প্ৰগতিৰ আৱাহন একীভূত মন্ত্ৰোচ্চাৰণেৰেহে সিদ্ধ হয়৷ সমাজৰ মৌলিক সমস্যাসমূহৰ অধ্যয়ন আৰু তাৰ যথাৰ্থ নিৰ্মূলকৰণে জৰুৰী বিষয় হিচাপে আগৰে পৰাই গুৰুত্ব লাভ কৰি আহিছে৷ সমস্যা সমাধানৰ বেলিকা সকলোৰে স্বচিন্তিত পথ উদ্ভাৱন-অনুসৰণৰো স্বাধীনতা আছে৷ তেনে অচিলাৰে সংকট মোচনৰ পথ বিচাৰি ইতিহাসৰ জেৰ টানি বহুতে তাতেই সঞ্জীৱনীৰ সন্ধান কৰা দেখা গৈছে৷ মনস্তাত্ত্বিক পাৰ্থক্যবোধৰ পৰিপ্ৰেক্ষিতত জাতি পৰিচয়ৰ সংজ্ঞাৰ পৰিৱৰ্তন ঘটাবলৈকো কুণ্ঠাবোধ কৰা নাই৷ বিশেষকৈ গোষ্ঠীগত পুনৰুত্থানবাদী ধ্যান-ধাৰণা প্ৰসাৰৰ ক্ষেত্ৰত বুৰঞ্জীক সামৰি ন-কৈ বিতৰ্কৰ সূচনা হৈছে৷ প্ৰাচীন ঐতিহ্যৰ ভিত্তিত কাৰ স্থান কিমান বিশিষ্ট, একে আষাৰে তাক নিৰ্দোষ প্ৰচেষ্টা বুলিলেও তেনে অতীত ৰোমন্থনত অমৃতৰ লগতে গৰলোযে নোলাব, তাৰ মানে নাই৷ সেই দ্ৰব্যকে পান কৰি চুটি বুদ্ধিৰ একাংশযে বিষাক্ত হৈ নুঠিব তাকো নুই কৰা কঠিন৷ আনহাতে বিশ্বজোৰা জাতিগত স্বাধীনতা আৰু গণতান্ত্ৰিক স্বাধিকাৰৰ এই যুগত কোনেও নিজৰ অধিকাৰ জলাঞ্জলি দিয়াৰ স্বাভাৱিকতে পক্ষপাতী নহয়৷ স্বকীয় অস্তিত্ব আৰু সাংস্কৃতিক চিনাকিৰে সমৃদ্ধ কোনো জাতি-জনগোষ্ঠীয়ে কাৰোবাৰ ইপ্সিত স্বাৰ্থ সিদ্ধিৰ অৰ্থে নিজত্ব বিসৰ্জন দিবলৈ সমূলি অনিচ্ছুক৷ কাৰো শ্ৰেষ্ঠতা বা শ্ৰুতলিপিও নিৰ্বিবাদে মানি নলয়৷ আত্মপ্ৰতিষ্ঠাৰ স্বপ্নৰ লগতে মৰ্ম-বেদনা সকলোৰে আছে৷ আনহাতেদি প্ৰব্ৰজন প্ৰক্রিয়াই মানৱ সমাজক আজি এনেকৈ একাকাৰ কৰি পেলাইছে যে এক একগোষ্ঠীয় লোকৰ আবাসথলীৰ পোষকতা কৰা ভূখণ্ডৰ ধাৰণা কতো বাস্তবায়িত হৈ থকা নাই৷ গতিকে যি ঘটি আছে সেয়া সহনশীলতাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ বোলাই শ্ৰেয়, যিহেতু সহনশীলতা কেতিয়াও একপাক্ষিক বিষয় নহয়৷

ব্যাপক মাত্ৰাত সংঘটিত লানি নিছিগা হিংসাশ্ৰয়ী ক্রিয়া-প্ৰতিক্রিয়া তাৰেই প্ৰকৃষ্ট উদাহৰণ নহয়জানো? মানসিক সংযম দলিয়াই পেলাই নৰখাদকৰ হিংস্ৰতাক আঁকোৱালি লোৱাৰ পৰিণতি কি? বিভেদ-বিসম্বাদ, হাজাৰজনৰ স্থানচ্যুতি, গৃহদাহ, ৰক্তপাতৰ দৰে ধ্বংসযজ্ঞ; সৰ্বোপৰি মানসিক অশান্তি, যিবোৰৰ চৰ্বিত-চৰ্বন কৰাটো আমাৰ উদ্দেশ্য নহয়৷ বিজ্ঞানসন্মত সত্যটো হৈছে অতীতৰ যিকোনো একপক্ষীয় অপব্যাখ্যা বা বিকৃতি সমুলঞ্চে বিদূৰ কৰিব নোৱাৰিলে ভৱিষ্যতেও বিদ্যাভিমানী অজ্ঞতাৰে প্ৰতিফলন ঘটাটো খাটাং; অন্যথা দুৰ্ভাগ্যজনক বুলিয়ে মুখনি মাৰিব লাগিব৷ মন কৰিব লগীয়া যে ধৰ্মই যেনেকৈ ঐক্য-সংহতি-প্ৰগতিৰ একমাত্ৰ বাহক বুলি প্ৰতিষ্ঠা লভিব পৰা নাই, ঠিক একেদৰে ইতিহাসৰ পুৰণি পৃষ্ঠাৰ উল্লেখেৰেও কোনো কাৰো প্ৰভু হৈ বৰ্তি থকাৰো নজিৰ নাই৷ তেনে প্ৰচেষ্টাৰে নৱজাগৰণ অনাত কস্মিন কালেও কোনো সফল হোৱাৰ দৃষ্টান্ত বিৰল৷ উন্নত-অৱনত নিৰ্ধাৰণৰ সূচক ৰূপে চিহ্নিত হৈছে মানুহৰ সুস্থ চিন্তা আৰু কৰ্ম চেতনাহে৷

সকলোৱেই জানে যে শান্তিপূৰ্ণ সহাৱস্থানেই হল সমগ্ৰ ভূখণ্ডকে ইয়াৰ অসংখ্য চমকপ্ৰদ বৈচিত্ৰ্যৰাজিৰ সৈতে একত্ৰ কৰি ৰখাৰ জীৱন্ত যোগসূত্ৰ৷ সেই শান্তি, সহনশীলতা আৰু সহ-অৱস্থানৰ প্ৰমূল্যসমূহতে এতিয়া সাংঘাতিক কেৰোণ৷ গণতন্ত্ৰ, সংবিধান বুলি গগন ফলাৰ পিছত সংবিধানপ্ৰদত্ত কোনবোৰ বিধি-ব্যৱস্থাক লৈ আমি ওখ-ডাঙৰ হব পাৰোঁ তাতকৈ কোনবোৰ ব্যৱস্থাক লৈ আমি সৰু-সংকীৰ্ণ হব পাৰোঁ তাৰেহে কৰ্ষণৰ মাত্ৰা চৰিছে৷ সীমাহীন দ্বন্দ্বৰ কবলত পৰি অৱক্ষয়ত ধৰাশায়ী হৈছে সমাজ আৰু জাতি৷ গণতান্ত্ৰিকভাৱে গঠিত ৰাষ্ট্ৰ ব্যৱস্থাটোৰ প্ৰতি আনুগত্যহীনতাই দেশৰ অখণ্ডতাৰ প্ৰতি প্ৰতিনিয়ত ভাবুকিৰ সৃষ্টি কৰা নাইজানো? কূটিল ৰাজনীতিৰ প্ৰাদুৰ্ভাৱত ঐতিহ্যবাহী ভালপোৱা, মিলাপ্ৰীতিৰ ক্ষতিসাধন হৈছে এনেকৈয়ে৷ জন্ম হৈছে বিচ্ছিন্নতাবাদ আৰু নিঃসংগতা৷ তেনেহলে পৰিত্ৰাণমুখী উচিত বিকল্প কি, আৰু দিব কোনে? এইটো নিসন্দেহে সমৰ্থনযোগ্য যে সমস্যাৰে ভাৰাক্রান্ত এই শ্বাসৰুদ্ধকৰ অৱস্থাৰ অৱসান ঘটাবলৈ প্ৰদৰ্শনকামী ভণ্ড ৰাজনীতিক নহয়, শুভচিন্তক সমাজতাত্ত্বিকেহে সন্তুলিত বিচাৰেৰে আগতীয়াকৈ শুদ্ধ বাট দেখুৱাব লাগিব৷ তুচ্ছ-পাৰ্থিব কথা এৰাই চলি সমাজেও বৃহত্তৰ স্বাৰ্থত কায়-মনো-বাক্যে তাকে সাৰোগত কৰিব লাগিব৷

সংহতিৰ হকে কৰ্মৰত শক্তিসমূহৰ শ্ৰীবৃদ্ধিকৰণৰ লক্ষ্যত সহমত হলেহে প্ৰগতিৰ সুফল দাবীও সৰ্বজনগ্ৰাহ্য হব৷ সামাজিক ঐক্য আৰু বুজাবুজিৰ সৃষ্টিৰে সামাজিকীকৰণ আৰু আত্মীকৰণ সম্ভৱ কৰিবলৈ হলে দূৰদৰ্শী আৰু নিষ্ঠাৱান পুৰুষ-মহিলাৰ সংখ্যা বৃদ্ধি কৰাৰ বাদে গত্যন্তৰ নাই৷ তেনে সমাজ গঢ়াৰ নেতৃত্বত প্ৰকৃত ঐতিহাসিক-ৰাজনৈতিক জ্ঞানশূন্য ক্ষমতা-খঁকুৱা নহয়, নিয়ন্ত্ৰণশূন্য বন্দুক-বেয়নেটো নহয়, সাংস্কৃতিক সংগীনৰহে প্ৰয়োজন আছে৷ কাজেই সংহতিস্থাপক কাৰ্যপন্থাৰ উত্থান আৰু প্ৰসাৰতা বৃদ্ধিৰ অভিযানক উদ্‌গণি যোগোৱাতহে ৰাইজ উত্তেজিত হোৱা উচিত৷ এয়া অনস্বীকাৰ্য যে বিভাজনতকৈ সন্মিলনৰ আয়োজনে জটিল সাম্প্ৰতিক পৰিস্থিতিত আগ্ৰাসন দাবী কৰে৷ গতিকে মিলন সমাৰোহৰ প্ৰতি সদিচ্ছা আৰু অনুশীলনৰ হাৰ সৰ্বাধিক হব লাগিব, প্ৰচ্ছন্ন সমৰ্থন আৰ্জিব লাগিব জনসমাজত৷ সংগঠিত, সমাৱেশিত হোৱাৰ স্বাধীনতাক প্ৰকৃতাৰ্থত কাৰ্যক্ষম কৰি তুলিব লাগিব, যিকোনো ত্যাগৰ বিনিময়ত৷

অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে নিজৰ স্থিতি বা প্ৰভুত্ব স্থায়ী কৰাৰ দুৰ্বাৰ আকাংক্ষাৰ তাড়নাতে নৃগোষ্ঠীয় নেতা-পালিনেতাসকলে আজি আন নালাগে নিজৰ মাজতো ক্ষয়ংকৰী প্ৰতিযোগিতা চলাইছে, কুক্ষিগত ক্ষমতা সংৰক্ষণৰ নিমিত্তে খড়্‌গহস্ত হৈ উঠিছে৷ সমস্যা নিৰ্মূলৰ কৌশল গ্ৰহণযোগ্য কৰি তোলাটো বাদেই, নিজেহে সমস্যাৰ কাৰক আৰু বাহক হৈ পৰিছে৷ ইফালে এচামৰ স্বাৰ্থত বা আত্মনিয়ন্ত্ৰণৰ চেতনাত আঘাত পৰাৰ আশংকাতে, আৰু একালৰ তিক্ততাৰ পুনৰাবৃত্তি ঘটাৰ ভয়তে সংখ্যাগৰিষ্ঠ এচামে জ্বলন্ত বিষয়সমূহৰ অন্তৰ্ভেদী বিশ্লেষণৰ পৰা নিৰাপদ দূৰত্বত অৱস্থানৰত হৈ মৌন দৰ্শকৰ অভিনয়ত ৰত হৈছে৷ সামাজিক অৱনতিৰ গুৰুত্ব অনুধাৱন কৰিও বহুগোষ্ঠীয় ঐক্য-সংহতিৰ বাবে ক্ষতিকাৰক কথাত মাত মতাৰ ক্ষেত্ৰত এতিয়া আদৰ্শস্থানীয় লোকেও যথাসম্ভৱ সাৱধানতা অৱলম্বন কৰা দেখা গৈছে৷ বৌদ্ধিক উপলব্ধি সত্ত্বেও সংবেদনশীলতাৰ প্ৰতি সচেতন হৈ অনধিকাৰ চৰ্চা বিবেচনাৰে অতিৰিক্ত সতৰ্কতা মানি চলিছে৷ উন্মাদৰ কবলত আদৰ্শৰ অপমৃত্যুবৰণৰ ফলত ভাষিক, ধৰ্মীয়, সাম্প্ৰদায়িক বা গোষ্ঠীগত বিৰোধ-বিদ্বেষে প্ৰলয় সূচনা কৰিবলৈ এনেদৰেই সুযোগ আৰু সাহস দুয়োটাই সঞ্চয় কৰিছে৷

এচাম একদেশদৰ্শী, সংকীৰ্ণমতি ৰাজনীতিকে বিভিন্ন সময়ত কৰা উচ্চ-বাচ্য, তুচ্ছ-তাচ্ছিল্যই স্তব্ধ কৰি পেলোৱা প্ৰেম আৰু ভাতৃত্ববোধৰ অন্তঃসলিলা ফল্গুধাৰা নতুন গতিৰে প্ৰৱাহিত হোৱাৰ পক্ষত এটা গণ-উন্মাদনা সৃষ্টি হব নোৱাৰেজানো? পাৰে৷ তাৎপৰ্যপূৰ্ণ তেনে উন্মাদনাৰ বাবে ব্যাকুলতাৰে প্ৰতীক্ষাৰত যিকোনো মানুহ, যি মূল্যৰ বিপৰীতেই নহওক কিয়, সহনশীলতা-সহাৱস্থান-সমন্বয়ৰ মূলোচ্ছেদকাৰী নিকৃষ্ট অভিসন্ধি প্ৰতিহত কৰিবলৈ আন্তৰিকতাৰে সদা-প্ৰস্তুত থাকিব লাগিব৷ বিভাজনসৰ্বস্ব অনন্ত সংঘাতময় জীৱনৰ অভিজ্ঞতাৰ পৰাই এদিন সমাজে আকৌ নতুনকৈ সংহতিৰ আৱশ্যকতা অনুভৱ কৰিব বুলি আমি আশাবাদী হবই লাগিব৷ অতীতৰ গৌৰৱোজ্জ্বল দিশবোৰৰ পৰাই শক্তি আৰু সমল সংগ্ৰহ কৰি নব্য চিন্তা আৰু সত্য কৰ্মত প্ৰবৃত্ত হব লাগিব৷ আনো ভদ্ৰাঃ ক্রতবো যন্তু বিশ্বতঃ (বিশ্বৰ সকলো সৎ আৰু মহৎ কথাই মোৰ চিত্তত ঠাই লওকহি) মানবিক ঐশ্বৰ্যৰে এই বীজমন্ত্ৰক হৃদয়ত কৰি ৰাখিব লাগিব সদাউদ্বেলিত৷

(১.৭.২০০৬ত ‘আমাৰ অসম’ত প্ৰকাশিত)