‘বাঁহী’ৰ পাতত বিহুৰ ৰেঙণি
(সংগ্ৰহ)
বিহু
(গীত)
(সুৰ : দেউতাৰ পদূলিত,
গোন্ধাইছে মধুৰী, কেতেকী মলেমলাই, ঐ গোবিন্দাই ৰাম)
টকা পেঁপা ৰোল, গীতত উঠে ৰোল,
নাচে ডাঙৰীয়া বিহু
(ঐ বিহুৱা কাই!)৷
নতুনে বছৰটিক, নতুনে কন্যাটীক,
আদৰে যেনেকৈ শাহু
(ঐ বিহুৱা কাই!)৷৷
কুঁহি পাত মেলি, গছে আদৰিলে,
আমৰ মল কুলিয়ে মিলি
(ঐ বিহুৱা কাই!)৷
সৰগৰ বসন্ত, আহাঁ হে আহাঁ হে!
আমাৰ পৃথিৱীলৈ বুলি
(ঐ বিহুৱা কাই!)৷৷
শৰতকে জোনে, হেমন্তকে ধানে,
বাৰিখাক মৰাইয়ে যেনে
(ঐ বিহুৱা কাই!)৷
আদৰি তেনেকৈ নতুন বছৰটিকে
বিহু ডাঙৰীয়াই আনে
(ঐ বিহুৱা কাই!)৷৷
লৰাই জুনুকা, লুৰীয়ে ভুৰুকা,
বোৱাৰীয়ে খুন্দিছে
চিৰা (ঐ বিহুৱা কাই!)৷
গামোছা, কাপোৰ, পিঠাৰ নাই ওৰ,
ঘৈণীয়ে পাৰিছে পিৰা
(ঐ বিহুৱা কাই!)৷৷
মাহ-হালধিৰে গৰু গাই ধুৱাইছে,
তৰাৰ ন পঘাৰে বান্ধে
(ঐ বিহুৱা কাই!)৷
আম কঠালত ন ফল আশাৰে
ধান-খেৰৰ জৰীৰে ছান্দে
(ঐ বিহুৱা কাই!)৷৷
মছে সাৰে ঘৰ, পদূলি চোতাল,
বেথায়ে কণী যুজায়
(ঐ বিহুৱা কাই!)৷
মহৰ যুজ এখন, গঞায়ে পাতিলে,
খুন্দাত ভূঁই এ লৰি
যায় (ঐ বিহুৱা কাই!)৷৷
চাৰি ডেকা বহি পঁচি খেলে কৰে,
চাৰিয়ে চাৰিয়ে চৰে
(ঐ বিহুৱা কাই!)৷
দহ পঁচি মাৰি, গুথি লই কড়ি
ঢালতে চাপৰি মাৰে
(ঐ বিহুৱা কাই!)৷৷
ককাইৰ ভনীয়েকে ন কাপোৰ পিন্ধালে
সেৱাত পাই ‘’কুশলে হোক’’ (ঐ বিহুৱা কাই!)৷
দূৰণিত থকা পুতেকক সুঁৱৰি
মাকে কৰিলে শোক
(ঐ বিহুৱা কাই!)৷৷
গধূলি গৰু গাই ঘৰ চাপি আহিলে,
কোবে খাই মাখিয়তীৰে
(ঐ বিহুৱা কাই!)৷
বোৱাৰী জীয়ৰী, ল’ৰাৰ হাঁহিৰে
ভৰিল ঘৰ খিকিন্দালিৰে
(ঐ বিহুৱা কাই!)৷৷
টক্ টক্ টক্ টকাই, পেঁ পেঁ পেঁ পেপাই,
ধুম্ ধুম্ ধুম্
ঢোলেৰে মিলে (ঐ বিহুৱা কাই!)৷
খম্ খম্ খম্ তালেৰে, চট্ চট্ চট্ হাতেৰে,
বিহু খা, বিহু খা,
বোলে (ঐ বিহুৱা কাই!)৷৷
লক্ষ্মীনাথ বেজবৰুৱা
বহাগ, ১৮৮৩চন
হাওড়া
No comments:
Post a Comment