পুৰণি গীত আৰু কবিতাত বিহুৰ উল্লেখ
(বিভিন্ন উৎসৰ পৰা সংগৃহীত)
বিহু
আজি জাৰৰ অকাল মৃত্যু
বসন্তৰ
ফুলৰ মাজত
আনন্দৰ ৰাসলীলা
জীৱনৰ
যমুনা পাৰত৷
আজি বাহিৰত জিলিকিছে
প্ৰকৃতিৰ
সোণালী পোহৰ,
অন্তৰত হেন্দোলিছে
প্ৰণয়ৰ
প্ৰশান্ত সাগৰ৷
আজি জগতত বিয়পিছে
দেৱতাৰ
আশিস-বচন,
গছ-নৈ লতিকাত
সুন্দৰৰ
সাম্ৰাজ্য স্থাপন৷
আজি বিয়াকুল নৰ-নাৰী
বিয়াকুল
প্ৰকৃতি সুন্দৰী,
বিয়াকুল অসমীয়া
দেৱবাণী
শিৰোধাৰ্য কৰি৷
সূৰ্য কুমাৰ ভূঞা
যোৰহাট, ৬এপ্ৰিল ১৯১৭চন
গীত
বিহু গামোচাতেআঁচুৰে নাবাছি
গুণাৰে
বাছিলি ফুল
জীৱনত লগালি কিনো সেন্দূৰীয়া
কিনো
আপদীয়া ভুল৷
ফুলতে বাছিলি
তোৰে
পদুম চকু
দেখি মোৰ হেন্দোলে বুকু
হাঁহিৰে বোলোৱা সূতাৰে বোলোৱা
চলালি মৰমৰ মাকো৷
ফুলাম গামোচা ব’লি অ’ লখিমী
যাউতিযুগীয়া
প্ৰাণৰে সাঁকো৷
জ্যোতিপ্ৰসাদ আগৰৱালা
তামোলবাৰী, ১৭অক্টোবৰ ১৯৪৮চন
ৰঙালী বিহুৰ ডাক
কোন ক’ত আছা বাটত ঘাটত
হাট বজাৰত, খেতি পথাৰত
ঘৰ চোতালত, ভাতৰ পাতত
শেতেলিত শুই যৌন ৰাগত
উঠা তুৰন্তে সকলো থেকেচি থই
আয়ে ডাক দিছে ঘৰ ৰক্ষাৰ
অলস জড়তা কৰি পৰিহাৰ
ৰণ ধৰা চৰা হই দুৰ্বাৰ
শতৰুক কৰা দেশ সীমাপাৰ
জয়মালা লই আশা নিচিন্ত হই৷
অম্বিকাগিৰি ৰায়চৌধুৰী
১৯৬২চন
No comments:
Post a Comment