সেই পথৰ পথিক হ’ম ...
যি পথেৰে যোৱা নাই সৰহ মানুহ
‘অৰুণাচলৰ মিঠা ৰ’দ কাঁচলিত
নিৰল আদিম সৰু গাঁও এখনি
নাম দিলে ডং যাৰ আকাশে আজি
উঠিছে শতিকাৰ প্ৰথম বেলি’
অগ্ৰজ ভ্ৰাতৃপ্ৰতিম গীতিকাৰ ডাক্তৰ লোকেন্দ্ৰ ভট্টাচাৰ্যই
চন ২০০০ত ৰচনা কৰা আৰু সুকণ্ঠী গায়িকা সন্ধ্য মেননে প্ৰাণ ঢালি কণ্ঠ নিগৰুৱা এই গীতটিয়ে বাৰে বাৰে
মনটো উৰুৱাই নিছে সেই ডঙলৈ৷ ক’বলৈ লাজ পাওঁ, পোন্ধৰ বছৰ পিছত সাৰ পাইছোঁ মই, আমি৷ খোলাকৈ ক’বলৈ হ’লে পোন্ধৰ বছৰ পিছ পৰি ৰ’লোঁ সেইসকলতকৈ, যিসকলে সহস্ৰাব্দৰ
সূৰ্যোদয় দৰ্শন কৰিলেগৈ অৰুণাচল প্ৰদেশৰ কঠিনগম্য ডং মালভূমিত৷ সেই বিৰল মহাজাগতিক পৰিঘটনাৰ
সাক্ষী হ’বলৈ এইটো জীৱনত মই, আমি নোৱাৰিলোঁ৷ সময়োপযোগী চিন্তা-চেতনা, শক্তি-সামৰ্থৰ অভাৱে সেয়া কাৰ্যকৰী কৰিব নোৱাৰিলে৷
নিজকে নিজে সহস্ৰবাৰ ধিক্কাৰ দিয়াৰ পিছত এইবাৰ
ওলাইছোঁ তালৈকে৷ তিনিচুকীয়াৰ পৰা ডুমডুমা, ৰূপাই চাইডিং, কাকপথাৰ, মহাদেৱপুৰ, ডিৰাক গে’টেৰে অৰুণাচলত প্ৰৱেশ৷ নামচাই,
চৌখাম, ৱাক্ৰু, পৰশুৰাম কুণ্ড, হাৱা পাচ, হায়ুলিয়াং, চাংৱিনটি, য়াচং, ৱালং৷ তাৰ আগলৈ কিবিথো৷ আন এফালে
ডং৷ কোনোবাই কৈছিল, লোহিতৰ পাৰে পাৰে এই বাটেৰে হেনো অধিক অসমীয়া মানুহ যোৱা নাই৷ সহজসাধ্য নহয় বাবেই
চাগৈ৷ একোটো চাবলৈ, খাবলৈ, পাবলৈ নাই বুলিয়ে চাগৈ৷ বৰষুণ, লেণ্ড শ্লাইডৰ বাবেও হ'ব পাৰে৷ চব জানি-শুনিও
ওলাইছোঁ আমি৷ আমি মানে অৰুণদা, সঞ্জু, অনিলদা আৰু মই৷ চাৰিজনীয়া ‘মাৰ্ক’পল’’৷ কৌতূহলী মনটোত ইচ্ছাৰ প্ৰৱলতা আৰু বুকুৰ ভিতৰত আশা এটা৷ পোন্ধৰ বছৰ পিছত থাকিও পাবগৈ
লাগিব সেই ঠাই৷ আজিও য'লৈ সৰহ মানুহ যোৱা নাই৷ মুহূৰ্তে মুহূৰ্তে এতিয়া কেৱল তাৰে প্ৰতীক্ষা আৰু প্ৰাৰ্থনা৷ অৰুণাচল বুলিলে হৃদয়ৰ একোণত নিগাজীকৈ ঠাই অকণমান সৌ কেতিয়াবাৰে পৰাই৷ অৰুণাচলে আকৌ হাত বাউলি দিছে৷ তাৰে সঁহাৰিত ওলাইছোঁ আজি তেজু অভিমুখে, সুদীৰ্ঘ বাইশটো বসন্তৰ মূৰত! নিজকে নিজে কৈছোঁ...
সেই পথৰ পথিক হ’ম
যি পথেৰে যোৱা নাই সৰহ মানুহ,
সেই পথেৰে যাব বিচাৰিছোঁ
যি পথত আছে উত্তৰ-পূবৰ অন্তিম পূব৷
ফ্ৰম ৰ’ড টু ন’ ৰ’ড৷
যি পথৰ দাঁতিত থাকিব শেষ ফলকখন
যি ফলকত লিখা থাকিব শেষ বাক্যটো
ন’ ৰ’ড এহে’ড,
দ্যা ৰ’ড এণ্ডছ্ হিয়েৰ৷
সেই পথৰে পথিক হ'ম
যি পথেৰে যোৱা নাই সৰহ মানুহ৷
No comments:
Post a Comment