Thursday, 2 April 2015

মণ্টু, বীৰেন্দৰ ইত্যাদি...
(এটা ভ্ৰমণৰ সমাপ্তিত)

সৌৱা বাহিৰত গাড়ী, এইটো চাবি, এইজন ড্ৰাইভাৰ৷ চমজি লোৱা আৰু কোৱা, চাৰিদিনত কিমান হল?

মণ্টুৱে হাঁহিলে মাথো৷ ততালিকে একো উত্তৰ নিদিলে৷ তাৰ বিপৰীতে কলে, বহাচোন বাৰু৷ কোনোবা এজনক আৰু দুখন চকী যোগাৰ কৰি দিবৰ বাবে চিঞৰ মাৰিলে৷

টেবুলখনৰ কেউকাষ আগুৰি আমি চাৰিওটা বহিলোঁ৷ সিফালে মণ্টু৷ ড্ৰাইভাৰ বীৰেন্দৰ কোঠাৰ বাহিৰত ৰ'ল৷

কোৱা আকৌ... আমি সোনকালে ষ্টেচন পাবগৈ লাগিব... ডাউন ইণ্টাৰচিটিখন ইয়াত ৰাইট টাইমেই থাকিব নিশ্চয়৷ সঞ্জুৱেও প্ৰেচাৰ দিলে৷ আনহাতে নতুন চিনাকি যদিও ৰাজু আৰু পংকজেও ধনৰ অংক এটা আশা কৰি মণ্টুৰ ফালে চাই উৎকৰ্ণ হৈ ৰল৷

বহাচোন ভাই বহা, চাহ একাপ অন্ততঃ খাই যোৱা৷ আকৌ কেতিয়া ক'ত লগ পাম তাৰ কি ঠিকনা আছে!

অৰ্ডাৰ গল৷ চাহ-মিঠাই আহিল৷ খৰখেদাকৈ খালোঁ৷ তাৰ মাজতে ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচাও পাচ হৈ লেক অব ন ৰিটাৰ্ণলৈ কৰা আমাৰ সফল এডভেন্সাৰ ট্ৰিপটোৰো ৰোমন্থন চলি থাকিল৷ কথাৰ মাজতে কোঠাত ওলমাই ৰখা ডাঙৰ ৱাল ক্লকটোৰ কাঁটাকেইডাললৈ চকু গ'লত চিৰিয়াচ হৈ উঠিলোঁ৷ সময় ক্ৰমান্বয়ে টুটি আহিছে৷ কাপটো টেবুলত থৈয়ে মণ্টুলৈ লক্ষ্য কৰি কৃতজ্ঞতাৰ সুৰত ক'লোঁ, তোমাৰ সৈতে সংযোগ আৰু সহায় আমাৰ সদায় মনত থাকিব৷ বহুত বছৰৰ মূৰত লগালগি হ'লোঁ৷ খুব ভাল লাগিল৷ আকৌ লগ পাম৷ কুশলে থাকিবা৷ এতিয়া হিচাপ কোৱা ভাই, বিল ক্লিয়েৰ কৰি যাওঁ৷ লেন-দেন পৰিষ্কাৰ কৰি ৰখা উচিত৷ ন' হেজিটেচন প্লিজ...

নালাগে নালাগে৷ সজোৰে শব্দ দুটা ওলাই আহিল বন্ধুৰ মুখৰ পৰা৷ নালাগে দিয়াচোন, মই মেনেজ কৰিম৷’, উপৰ্যুপৰি দুবাৰ ক'লে সি৷

তেনেকৈ কোৱাত মই সঞ্জুৰ চকুলৈ চালোঁ৷ সঞ্জুৱে মোলৈ৷ এইটো কেনেকৈ হব ভাবত৷

নাই নাই তেনেকৈ নহব৷ গাড়ী আমি নিছোঁ৷ ইচ্ছামতে ঘূৰাইছোঁ৷ গতিকে যি হয় ভাড়া আমি দিম৷ তুমি কিয় ভৰিব লাগিছে? সঞ্জুৱে যুক্তি দৰ্শালে৷

মণ্টুৱেও নেৰে৷ শেষ-বিজয় অৱশ্যে তাৰে হলগৈ৷ আজি কিমান বছৰৰ মূৰত তোমালোকক লগ পাইছোঁ৷ তোমালোক মোৰ আলহী৷ গতিকে নালাগে৷ মই মেনেজ কৰিম দিয়া৷ সময়-সুবিধা পালে আকৌ আহিবা৷ প্লেন বনাবা৷ একেলগে আকৌ যাম৷

বাহিৰত ৰৈ থকা ড্ৰাইভাৰ বীৰেন্দৰ মাহাতোক সি ৰুমলৈ মতাই অনালে৷ কলে, নিউ তিনিচুকীয়া ৰেল ষ্টেচনত আমাক ড্ৰপ কৰি দিবলৈ৷ তাৰ পৰা বাহিৰে বাহিৰে বলেৰখন মালিকৰ ঘৰত জমা দিবগৈ লাগিব৷ তাৰ পিছত সি ফ্ৰী৷

সময় হ’লত আটায়ে কোঠাটোৰ পৰা বাহিৰ ওলাই আহিলোঁ৷ পুৰণি বন্ধুৰ সৈতে একোবাৰকৈ হাত মিলাই, আলিংগন কৰি গাড়ীত বহিলোঁ৷ বীৰেন্দৰে ষ্টেচনত নমালে৷ তাক এৰিবলৈও বেয়াই লাগিছিল৷ এইকেইদিন একেলগে থকা-খোৱা কৰাৰ ফলত সি আমাৰ লগত সুন্দৰভাৱে মিলি গৈছিল৷ প্ৰত্যেকেই এশ-দুশকৈ তাৰ হাতত দিলোঁ আৰু ক'লোঁ, ‘ঘৰলৈ যাওঁতে ল’ৰা-ছোৱালীলৈ কিবা খোৱাবস্তু কিনি লৈ যাবা৷ আকৌ কেতিয়াবা লগ পাম তোমাক৷ তেতিয়া আকৌ তুমিয়েই চলাব লাগিব৷ তোমাৰ ড্ৰাইভিং ভাল পালোঁ৷’ তাৰ পিছত কান্ধত বেগ লৈ দৌৰাদৌৰিকৈ প্লেটফৰ্মত উঠিলোঁগৈ৷

অলপ পিছতে ইণ্টাৰচিটি আহিল৷ সুখ-স্মৃতি এসোপামান হৃদয়ত সাঁচি-সামৰি লৈ আমি চাৰি পৰিব্ৰাজক ডিফুমুৱা হ’লোঁ৷ অনেক প্ৰসংগৰ লগতে বীৰেন্দৰৰ নিপুণ গাড়ীচালনা আৰু শেহতীয়াভাৱে, মণ্টুৰ অাঁকোৰগোজালিৰ কথাটোৱে মাজে মাজে ৰিঙিয়াই থাকিল৷ তাকে লৈ বুকুখন ফুলিও থাকিল এই ভাবত যে এনেকুৱা বন্ধু মোৰ আছে৷

No comments:

Post a Comment