Wednesday, 1 April 2015

পুনৰ দহোকুৰি মিনতি...

মনত ভুমুকি মৰা আংবাং কিবা এটা দকৈ অকণো চিন্তা নকৰাকৈ ভুলে-ভালে ফটকৈ প'ষ্ট কৰি দিওঁ ইয়াত৷ অলপ পিছতেই দেখোঁ, ক’ৰবাৰ পৰা আহি যায় ফ্ৰেইণ্ড ৰিকুৱেষ্ট! ঘনাই ঘটি থকা এই কথাটো গভীৰভাৱেই লক্ষ্য কৰোঁ মই৷ গ্ৰহণহে নকৰোঁ৷ বহুত দিনৰ আগতে তাৰ কাৰণ ব্যাখ্যা কৰি থোৱা হৈছেই অৱশ্যে৷ ব্লগ (abdussazid.blogspot.in)তো সংৰক্ষণ কৰা আছে কথাটো৷ সেয়া আপুনি জনোৱা বন্ধুত্বৰ প্ৰস্তাৱৰ প্ৰতি অসন্মান বুলি সমূলি নধৰিব৷ কাকো অসন্মান কৰাৰ ধৃষ্টতা বা কু-মতলবো মোৰ নাই৷ বুজিব যে সেয়া আচলতে আপোনালৈ সন্মানহে৷

চাওক, আপোনাৰ কেনেকুৱা নাজানো, মই পিছে মাহে একোবাৰ গাঁঠিৰ ধন ভাঙি ইণ্টাৰনেট কিনো৷ চিধা কথা এয়ে যে ৰিচাৰ্জ কৰাৰ সামৰ্থকণ থকালৈকেহে বৰ্তি আছোঁ৷ যিদিনা সেই সামৰ্থ নোহোৱা হ’ব সেইদিনাই বহুতৰ দৰে কোনো জাননী নিদিয়াকৈ হ’ব লাগিব অন্তৰ্ধান৷ তেতিয়া হৃদয় ভাগিব কাৰ? আপোনাৰ৷ এতিয়া আপোনাৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট সাদৰেৰে গ্ৰহণ কৰি তেতিয়া আপোনাক দুখৰ সাগৰত ডুবুৱাৰ অবাঞ্চিত কাৰবাৰটো অন্ততঃ মোৰ দ্বাৰা হ’বলৈ দিব নোৱাৰিম দেই৷ গতিকে এনেকৈয়ে ঠিক আছে৷ একেখন ঘৰতেই নাই জানো আমি? বন্ধুত্বপূৰ্ণ পৰিমণ্ডলতেইতো আছোঁ৷ অসমীয়াত যি মন যায় অনৰ্গল কথা-বতৰা নিতৌ পাতিব পৰা পৰিৱেশ এটাতেই থকা নাই জানো আমি? আনে নজনাকৈ গোপন আলাপ কৰাৰ বাবে ইনবক্স নামৰ আছুতীয়া কোঠা এটাৰ ব্যৱস্থাও আছেই দেখোন৷

তেহেলৈ পুনৰ দহোকুৰি মিনতি... ফ্ৰেইণ্ড ৰিকুৱেষ্ট নিদিব৷ গ্ৰহণ নকৰাত বেয়াও নাপাব৷ বেয়া পাই লাভ নাই৷ সঁচা কথাবোৰ তেনেকুৱাই৷

No comments:

Post a Comment