হেমন্ত আহিছিল...
নকিয়াৰ ৰিংটোনেৰে ম’বাইল ফোনটো বাজি উঠিল৷ স্ক্ৰীণত
উজলি উঠিল সন্দিকৈ ছাৰৰ নাম৷ এন্চাৰ বুলি দেখুওৱা বুতামটো টিপি দিলোঁ৷ নিয়মমাফিক ক’লোঁ, ‘হেল্ল’৷
‘ক’ত আছে?’
‘ঘৰতে আছোঁ৷’
‘এয়া আপোনাৰ পুৰণি বন্ধু এজনৰ লগত কথা পাতক...’ (ফোনটো দি দিলে)
কোনো পাতনি নোহোৱাকৈ সিফালৰ পৰা ক’লে... ‘বহুত বছৰৰ মূৰত ডিফুলৈ আহিছোঁ৷
আমাৰ স্কুলতে আছোঁ এতিয়া৷ তুমি ভালে আছা?’
ময়ো সঁহাৰি দিলোঁ... ‘আছোঁ৷ পিছে ধৰিব পৰা নাই দেই৷
কোননো বাৰু তুমি?’
‘মই হেমন্ত...’
‘হাৰে! হেমন্ত! কেতিয়া আহিলা? কি সকামত আহিলা? স্কুলত
কি কাম? থাকিবানে যাবা? আহি যোৱা৷ মই ঘৰতে আছোঁ৷’
‘দহ মিনিটৰ ভিতৰত গৈ আছোঁ৷’
৩৬টা বছৰ৷ চিনেমাৰ ৰিলৰ দৰে চকুৰ আগেৰে মুহূৰ্ত
কিছুমান খৰগতিৰে ৰিপ্লে’ হ’ব ধৰিলে৷ পুৰণি এলবামটো ৰেক্ডালৰ
পৰা একে টানে উলিয়াই আনিলোঁ৷ সযতনে ৰখা এখন ক’লা-বগা ফটো৷ বাওঁফালৰ পৰা মই, হেমন্ত, ৰাজেন৷ পিছফালে
চনটো লিখা আছে৷ ১৯৭৯৷ সেই তেতিয়াই এৰাএৰি৷
হেমন্তক দেখুৱাম বুলি টেবুলৰ ওপৰত মেলি থৈছোঁ এলবামটো৷
ভাবিছোঁ, সি আহি পালে পোনেই এইখন দেখুৱাম৷ ভাবি আছোঁ, আৰু কি কি পাতিম, ক’ৰ পৰা আৰম্ভ কৰিম, আৰু কি কি
দেখুৱাম, ইত্যাদি ইত্যাদি৷ বাটলৈ ঘনে ঘনে চাই আছোঁ৷
দহ মিনিট পাৰ হ’লত ধৈৰ্যচ্যুতি ঘটিল মোৰ৷ সন্দিকৈ ছাৰলৈ ফোন লগালোঁ...
‘বন্ধু ক’ত?’
‘প্ৰিন্সিপাল ছাৰৰ অফিচত বহি কথা পাতি আছে৷ কৈ দিছোঁ
ৰ’ব৷’
ময়ো অতীতলৈ উৰা মাৰিলোঁ৷ মনত পৰে, ভাতকেইটা খাই
স্কুলবেগটো লৈ পোনেই হেমন্তহঁতৰ ঘৰলৈ যাওঁ৷ বাটৰ পৰাই ডাঙৰকৈ চিঞৰ এটা মাৰোঁ... ঐ হেমন্ত...
হেমন্তৰ মাকে কয়... সেয়া ছাজিদ আহিলেই৷ তাৰ পিছত গেইট খুলি এটা এটাকৈ ওলাই আহে হেমন্ত,
প্ৰণৱদা, শিৱ৷ পিছে পিছে জবা৷ তাই গাৰ্লছত পঢ়ে৷ সেউজীয়া স্কাৰ্ট, বগা চাৰ্ট৷ আমিকেইটা
বয়জত৷ খাকী পেণ্ট, বগা চাৰ্ট৷ বুকুত শ্বিল্ড আকৃতিৰ স্কুলবেজটো৷ চেণ্ডেল চোঁচোৰাই নামঘৰৰ
ষ্টেপেৰে নামি চৰ্টকাট মাৰি হাইস্কুল পাওঁগৈ৷ আহোঁতে আকৌ একেলগে৷ নামঘৰৰ আপটোৰে৷ আবেলি
চবেই মিলি বেডমিণ্টন, ক্রিকেট, বতৰৰ খেল৷ পুলিচ ৰিজাৰ্ভত দুৰ্গা পূজাত নাটকত অভিনয়
কৰোঁ৷ সিহঁতৰ ৰেডিঅ’টো ঘেৰি লৈ গোটেইকেইটাই ফুটবলৰ
ৰাণিং কমেণ্টেৰী শুনো৷ স্বাধীনতা দিৱস কাপ, বৰদলৈ ট্ৰফী৷ অসম পুলিচ, অইল ইণ্ডিয়া, মহমেদান
স্পৰ্টিং, বাৰ্ণপুৰ ইউনাইটেড৷ সিহঁতৰ পিছফালৰ আমজোপাৰ পৰা আম পাৰোঁ৷ আগফালে ডিমৰু আৰু
বগৰীলৈ দলিয়াওঁ৷ আৰুযে কত কি! মাকে নিজৰ ল’ৰাৰ দৰে মোকো মৰম কৰে৷ আগফাল-পাছফাল সকলোতে অবাধ ৰাজত্ব
চলে৷
দৃশ্যবোৰে ভাবনাত খেলা কৰি থাকোঁতেই অট’ৰিক্সা এখন ৰ’লহি৷ হেমন্ত নামিল৷ দেখিয়ে চিনি
পালোঁ৷ লগত আৰু এজন৷ তাৰ শালপতি৷ দুই শালপতিয়ে অট’ৰ ভাড়া দিবলৈ হেতাওপৰা লগাইছে৷ আগুৱাই গ’লোঁ৷ চান্স পাই কৈ দিলোঁ, ‘এনেকৈ কাজিয়া কৰিলে এজনেও দিব
নোৱাৰিবা কিন্তু, মইহে দি দিম৷’ হাঁহিভৰা মুখমণ্ডলেৰে ৰাস্তাতেই আলিংগনত আবদ্ধ হ’লোঁ আমি দুটা৷
হাঁহিৰেই আগ বঢ়াই আনিলোঁ দুয়োকে৷ বহুৱালোঁ৷ সুদীৰ্ঘ
৩৬বছৰৰ পিছত এয়া মুখামুখি, দেখাদেখি৷ ভাবি আচৰিত পাওঁ যে অনেক বছৰৰ বিৰতিত পুৰণি বন্ধু-বান্ধৱ
কিছুমানৰ সৈতে দেখা-সাক্ষাৎ হোৱাটো আজি কিছু বছৰৰ পৰা নভবাকৈয়ে মোৰ ক্ষেত্ৰত ঘটিবলৈ
লৈছে৷ ইয়াক পৰম সৌভাগ্য বুলিয়ে ধৰিছোঁ৷ পুনৰ্মিলনৰ আনন্দখিনি পূৰামাত্ৰাই উপভোগ কৰি
গৈছোঁ৷ ২১মাৰ্চত অহা হেমন্তও তাৰ ভিতৰৰে এটা৷ পুৰণি সম্পৰ্কটো নতুন কৰি সিও যেন মোক
অনিৰ্বচনীয় সুখ অকণমান দি গ’ল!
No comments:
Post a Comment