হেৰাই যোৱাৰ আনন্দ!
(গল্প নহয়, সত্য)
ঘৰ আহি পোৱাৰ এঘাৰ ঘণ্টাৰ পিছত ‘অকব’ত সোমাই পুনৰাম্ভণি কৰিবলৈ লৈ খেলিমেলিখনেই লাগি গ’ল! ক’ৰ পৰা ধৰোঁ? কি কৰোঁ? উপায় নাপাই য’ত এৰিছিলোঁ তালৈকে মাউচটো অবিৰতভাৱে স্ক্ৰল কৰাত লাগিলোঁ৷ দুটা কথাই দৃষ্টি আকৰ্ষণ কৰিলে৷ কিনো সেয়া, তাকে কওঁ প্ৰথমে৷
গম পালোঁ, ১১এপ্ৰিলত শ্ৰী প্ৰশান্ত কুমাৰ বৰাই মৰমতে মোৰ ব্লগৰ পৰা ভ্ৰমণ প্ৰস্তুতিৰ এবকলা প’ষ্ট কৰি ‘যাযাবৰী মানুহ’ৰ শুং-সূত্ৰ বিচৰাৰ যত্ন এটা মনে-প্ৰাণে কৰিছিল৷ পিছে ‘যাযাবৰী’ক পাইনো ক’ত? তেতিয়ালৈ অমুকা ম’বাইল, ইণ্টাৰনেট, নিউজ পে’পাৰ, টিভি একোটোৱে চুব নোৱাৰা সম্পূৰ্ণ এখন বেলেগ জগতত৷ য’ত বিৰাজমান কুমাৰী প্ৰকৃতি আৰু জীৱন সম্পৰ্কীয় কিছুমান চৰম সত্য৷ য’ত মানুহ নামৰ জীৱবিধ সংখ্যাত তাকৰ৷ বিপৰীতে নৈ-পাহাৰ, উদ্ভিদ-জানোৱাৰ ভৰপূৰ৷ কিন্তু সংঘাত নাই৷ য’ত বতাহ নিৰ্মল, পানী নিৰ্মল৷ প্ৰদূষণ বুলিবৰ অকণোৱেই নাই৷
মজা লাগে, ঘৰ-পৰিয়াল, বন্ধু-বান্ধৱ, শুভাকাংক্ষী-আত্মীয় কুটুম সকলোৰে পৰা সংযোগ বিচ্ছিন্ন হৈ, তেনেকৈ কেইদিনমান কোনেও বিচাৰি পাব নোৱাৰাকৈ গৈ৷ ‘বিন্দাচ’ যাক কয়৷ মাজে মাজে এই কামটো মই কৰোঁ৷ ইচ্ছাকৃতভাৱেই৷ কোনে কি কয়, কোনে কি ভাবে, তালৈ সমূলি কেৰেপ নাই৷ দৰাচলতে, তেনেকুৱা মুহূৰ্তবোৰত নিজকে নিজে জুখি চাব পাৰোঁ, এই বয়সলৈ মইনো কিমানৰ মানুহ হৈছোঁগৈ (?) বুলি৷ বিশ্বচৰাচৰৰ তুলনাত আমিযে আচলতে কিমান নগণ্য, কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ, প্ৰকৃত বোধটো তেতিয়াই হয়৷
হেৰাই যোৱাৰ এটা সুকীয়া আনন্দ আছে৷ সঁচা কথাটো হ’ল, সেই আনন্দ উপভোগ কৰাৰ সুযোগ কম মানুহেহে পাইছে বা ল'ব জানিছে৷ উপলব্ধি হয়, আমি কিমান ভয়াতুৰ! আনহাতে, মাজে মাজে নোহোৱা হোৱাৰ চৰিত্ৰটো বৰা ডাঙৰীয়াৰ ভালকৈয়ে জনা আছে৷ সেয়ে কৈছে 'যাযাবৰ'৷ ‘পাগলামি’টো ভৱিষ্যতলৈকো অব্যাহত থাকিব৷ কাৰণ তাত সুকীয়া আনন্দ আছে৷ সত্য-শিৱ-সুন্দৰৰ পম খেদা মানুহে গম পাব৷
দ্বিতীয়তে, শ্ৰী যতীন শইকীয়া ডাঙৰীয়াৰ ১৩এপ্ৰিলৰ প’ষ্টটোৰ পৰা গম পালোঁ… কিবা এটা প্ৰসংগত এগৰাকী বিদেশী বান্ধৱীয়ে তেওঁক সুধিছিল এনেদৰে… ‘আপুনি কিমান উচ্চ শিক্ষিত মোক ক'ব নালাগে, মই জানিব বিচাৰিছোঁ আপুনি কিমান ভ্ৰমণ কৰিছে?’ সঁচাই, ভ্ৰমণে আমাক বহু কথাই প্ৰেক্টিকেলি শিকায়৷ স্থানু অৱস্থিতিয়ে বা উচ্চ্ শিক্ষানুষ্ঠানত অধ্যয়ন কালত কণ্ঠস্থ কৰা কিতাপৰ পৃষ্ঠাবোৰেও সেই জ্ঞান আৰু সাহস একোপধ্যে থুপাই দিব নোৱাৰে৷ এতেকে একে আষাৰে কথাষাৰত হয় হয় বুলিলোঁ ময়ো৷ নহ’লেনো খুদ কিতাপৰ পাততো ‘ভ্ৰমণ শিক্ষাৰ অবিচ্ছেদ্য অংগ’ বুলি বৰ বৰ হৰফেৰে লিখা ৰয়নে?
তিনিচুকীয়া-ডুমডুমা-ৰূপাই-ডিৰাক গেইট-মহাদেৱপুৰ-নামচাই-চৌখাম-গুণানগৰ-মেড’-খেৰেম-কামলাং-ৱাক্ৰ’-পৰশুৰাম কুণ্ড-থাংগাম-হাৱা-উদায়াক পাচ-ৱাই জংচন-চালাংগাম-টিডিং-মমপানী-নাৰা-খোপা-হায়ুলিয়াং-য়াটং-কিবিয়াং-লাইতুল-খেৰেং-চাৰতি-চিংৱিনতি-য়াপাক-চামদাল-ৱালং-হেলমেট টপ-টিলাম-নামতি প্লেইনচ-কিবিথো-মচাই-কাহ’-ভাৰত চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত-ডং-হাৱাই-তেজু-ৰ’য়িং-মায়’ডিয়া পাচ-চূণপোৰা গেইট-শদিয়া-ছৈখোৱা ঘাট-ধলা-ৰূপাই-তিনিচুকীয়া-গুঁইজান-ডিব্ৰুগড়-ককিলামুখ-মুলাই কাঠনি-ডিফু৷ প্ৰায় ১,৮০০কিল’মিটাৰৰ অনেকবোৰ জেলেপী-পাক৷ ১০এপ্ৰিলৰ নিশা ৯টাত এৰাল ছিঙি উজনিমুৱা কামৰূপ এক্সপ্ৰেছেৰে গতি কৰিছিলোঁ৷ আকৌ বিৰাজমান হ’লোঁহি আগৰ ঠিকনাত৷ অট’ৰিক্সা-ৰে’লগাড়ী-মহীন্দ্ৰ স্কৰপিঅ’-হিল ট্ৰেকিং-ফেৰী-মেচিন নাও-ট্ৰেক্টৰৰ টেইলাৰত উঠি এটা সম্পূর্ণ সফল আৰু আনন্দদায়ক দীঘলীয়া চফৰ৷ সুন্দৰ সময়, সুন্দৰ সংগী, সকলো সুন্দৰ৷ অনিশ্চয়তা, দুৰ্গমতাক জয় কৰিব পৰাৰ উৎসাহত মনটো এতিয়া মুহূৰ্তই প্ৰতি ৰঞ্জিত ৰঞ্জিত লাগি আছে, লাগি থাকিব৷ শুভাকাংক্ষী প্ৰত্যেকজনলৈকে এইখিনিতে আন্তৰিক ধন্যবাদ৷
পুৱাই ইনবক্সত শ্ৰীমতী চন্দামিতা দেৱী ডাঙৰীয়ানীৰ বাৰ্তা পাইছোঁ৷ 'সাহিত্য'ৰ বাবে কিবা এটা লেখা বিচাৰি অনুৰোধ৷ সদ্যহতে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ৷ যাত্ৰাকালীন দিনলিপি যুগুতাবৰ চেষ্টা নকৰা নহওঁ৷ পকেট নোটবুকখন ভৰি পৰিছে য’তে-ত’তে যিহকে-তিহকে লিখি পেলোৱা কাউৰীঠেঙীয়া অ-আ-ক-খৰে৷ কিন্তু পদে পদে লাগিছে এক ধৰণৰ খোকোজা৷ ক’ৰ পৰা ধৰোঁ, কিমান লেখোঁ, কাকনো এৰোঁ? গোটেইখন খেলিমেলি(!)৷ চঞ্চল মনটো কম্পিউটাৰ টেবুলত নাই৷ বাৰে বাৰে উৰা মাৰিছে মায়’ডিয়াৰ বৰফাবৃত্ত পৰ্বত শিখৰলৈ, খৰস্ৰোতা লোহিতৰ ওপৰেৰে ওলোমা সাঁকো পাৰ হৈ ট্ৰেকিং কৰি উঠা ডঙৰ ধুনীয়া মালভূমিটোলৈ, দেশৰ অন্তিম পূবৰ পথ আৰু সীমান্তৰ শেষ গাঁওখনলৈ, মেয়ৰ গাভৰুৰ হাতৰ ঘি আৰু নিমখ মিশ্ৰিত সেউজীয়া ‘মেয়ৰ টি’ গিলাচলৈ৷ পহিলা ব’হাগত তপদেন-পেতমাৰ চাঙত নভবাকৈয়ে চাহৰ সৈতে আকস্মিকভাৱে চোবাবলৈ পোৱা শুকান চিৰাকেইটা, বাইশ বছৰৰ বিৰতিৰ অন্তত তেজুত বন্ধুৰ ঘৰত তাৰ মিছিমি মাকজনীয়ে বিহু বুলি সাদৰেৰে আগ বঢ়াই দিয়া তিলপিঠাকেইখন, শদিয়াত চাহনাজে বান্ধি দি পঠোৱা শুদ্ধ গাখীৰৰ পেৰাকেইটা বাৰে বাৰে ভাহি উঠিছে মানসপটত৷ অন্তিম আবেলিটোত ‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’ৰ ‘মুলাই কাঠনি’ৰ মাজে মাজে ব্ৰহ্মপুত্ৰ পৰ্যন্ত ট্ৰেক্টৰৰ টেইলাৰত উঠি কৰা দুঘণ্টীয়া চফৰটোৱে সমস্ত যাত্ৰাটোত লাভ কৰিছে বিশেষ মৰ্যাদা৷
প্ৰাতঃভ্ৰমণ পুনৰ চালু কৰা হৈছে৷ অৰূপদাৰ আগত এই ৰাতিপুৱাতে কাহিনী (ধাৰাবাহিকভাৱে) ক'বলগীয়া হৈছে৷ আনহাতে, এইটো ঠিক যে দৈনন্দিনৰ এই খোজ কঢ়াৰ অভ্যাসটোৱে তিনি ঘণ্টা জুৰি ডঙৰ থিয় পাহাৰ বগাই উঠা-নমাত সহায় কৰিলে৷ অন্যথা কামটো বৰ সহজ নোবোলাই উচিত৷ সি যি কি নহওক, যাত্ৰা-সমাপ্তিত মাৰ্ক’পল’ৰ অত্যুৎসাহী সংগীসৱৰ মাজত ঘোষিত হৈ গৈছে পৰৱৰ্তী ফ্লেগ অফ্ কৰিবলগীয়া টুৰিষ্ট চাৰ্কিটটো… চিলাপথাৰ-লিকাবালি গেইট-আলং-মেচুকা-জিৰ’-কিমিন গেইট-চিলাপথাৰ৷ আকৌ অৰুণাচল, আকৌ চাৰ্কুলাৰ ট্ৰিপ৷ আকৌ হেৰাই যোৱাৰ মতলব!
অগ্ৰগামী যাত্ৰিকৰ পৰা আগতীয়া সুপৰামৰ্শ, সদুপদেশ নিশ্চয়কৈ আশা কৰি ৰ’ম৷ সমানে সমানেই সহায়ৰ বাবে উন্মুখ হৈ ৰ’লোঁ আমি ইতিমধ্যে অতিক্ৰম কৰি অহা লক্ষ্যস্থানসমূহলৈ যাব বিচৰা কৌতূহলী পৰিব্ৰাজকজনলৈ৷ ‘হেৰাই যোৱাৰ আনন্দ’ সকলোৱেই লৈ চাওক৷ আনন্দৰে দৰজা খুলি দিছোঁ৷ চৰৈৱতি৷ গ' এহে'ড৷

No comments:
Post a Comment