Thursday, 30 April 2015

হেৰাই যোৱাৰ আনন্দ!
(গল্প নহয়, সত্য)


ঘৰ আহি পোৱাৰ এঘাৰ ঘণ্টাৰ পিছত ‘অকব’ত সোমাই পুনৰাম্ভণি কৰিবলৈ লৈ খেলিমেলিখনেই লাগি গ’ল! ক’ৰ পৰা ধৰোঁ? কি কৰোঁ? উপায় নাপাই য’ত এৰিছিলোঁ তালৈকে মাউচটো অবিৰতভাৱে স্ক্ৰল কৰাত লাগিলোঁ৷ দুটা কথাই দৃষ্টি আকৰ্ষণ কৰিলে৷ কিনো সেয়া, তাকে কওঁ প্ৰথমে৷

গম পালোঁ, ১১এপ্ৰিলত শ্ৰী প্ৰশান্ত কুমাৰ বৰাই মৰমতে মোৰ ব্লগৰ পৰা ভ্ৰমণ প্ৰস্তুতিৰ এবকলা প’ষ্ট কৰি ‘যাযাবৰী মানুহ’ৰ শুং-সূত্ৰ বিচৰাৰ যত্ন এটা মনে-প্ৰাণে কৰিছিল৷ পিছে ‘যাযাবৰী’ক পাইনো ক’ত? তেতিয়ালৈ অমুকা ম’বাইল, ইণ্টাৰনেট, নিউজ পে’পাৰ, টিভি একোটোৱে চুব নোৱাৰা সম্পূৰ্ণ এখন বেলেগ জগতত৷ য’ত বিৰাজমান কুমাৰী প্ৰকৃতি আৰু জীৱন সম্পৰ্কীয় কিছুমান চৰম সত্য৷ য’ত মানুহ নামৰ জীৱবিধ সংখ্যাত তাকৰ৷ বিপৰীতে নৈ-পাহাৰ, উদ্ভিদ-জানোৱাৰ ভৰপূৰ৷ কিন্তু সংঘাত নাই৷ য’ত বতাহ নিৰ্মল, পানী নিৰ্মল৷ প্ৰদূষণ বুলিবৰ অকণোৱেই নাই৷ 

মজা লাগে, ঘৰ-পৰিয়াল, বন্ধু-বান্ধৱ, শুভাকাংক্ষী-আত্মীয় কুটুম সকলোৰে পৰা সংযোগ বিচ্ছিন্ন হৈ, তেনেকৈ কেইদিনমান কোনেও বিচাৰি পাব নোৱাৰাকৈ গৈ৷ ‘বিন্দাচ’ যাক কয়৷ মাজে মাজে এই কামটো মই কৰোঁ৷ ইচ্ছাকৃতভাৱেই৷ কোনে কি কয়, কোনে কি ভাবে, তালৈ সমূলি কেৰেপ নাই৷ দৰাচলতে, তেনেকুৱা মুহূৰ্তবোৰত নিজকে নিজে জুখি চাব পাৰোঁ, এই বয়সলৈ মইনো কিমানৰ মানুহ হৈছোঁগৈ (?) বুলি৷ বিশ্বচৰাচৰৰ তুলনাত আমিযে আচলতে কিমান নগণ্য, কিমান ক্ষুদ্ৰাতিক্ষুদ্ৰ, প্ৰকৃত বোধটো তেতিয়াই হয়৷ 

হেৰাই যোৱাৰ এটা সুকীয়া আনন্দ আছে৷ সঁচা কথাটো হ’ল, সেই আনন্দ উপভোগ কৰাৰ সুযোগ কম মানুহেহে পাইছে বা ল'ব জানিছে৷ উপলব্ধি হয়, আমি কিমান ভয়াতুৰ! আনহাতে, মাজে মাজে নোহোৱা হোৱাৰ চৰিত্ৰটো বৰা ডাঙৰীয়াৰ ভালকৈয়ে জনা আছে৷ সেয়ে কৈছে 'যাযাবৰ'৷ ‘পাগলামি’টো ভৱিষ্যতলৈকো অব্যাহত থাকিব৷ কাৰণ তাত সুকীয়া আনন্দ আছে৷ সত্য-শিৱ-সুন্দৰৰ পম খেদা মানুহে গম পাব৷

দ্বিতীয়তে, শ্ৰী যতীন শইকীয়া ডাঙৰীয়াৰ ১৩এপ্ৰিলৰ প’ষ্টটোৰ পৰা গম পালোঁ… কিবা এটা প্ৰসংগত এগৰাকী বিদেশী বান্ধৱীয়ে তেওঁক সুধিছিল এনেদৰে… ‘আপুনি কিমান উচ্চ শিক্ষিত মোক ক'ব নালাগে, মই জানিব বিচাৰিছোঁ আপুনি কিমান ভ্ৰমণ কৰিছে?’ সঁচাই, ভ্ৰমণে আমাক বহু কথাই প্ৰেক্টিকেলি শিকায়৷ স্থানু অৱস্থিতিয়ে বা উচ্চ্ শিক্ষানুষ্ঠানত অধ্যয়ন কালত কণ্ঠস্থ কৰা কিতাপৰ পৃষ্ঠাবোৰেও সেই জ্ঞান আৰু সাহস একোপধ্যে থুপাই দিব নোৱাৰে৷ এতেকে একে আষাৰে কথাষাৰত হয় হয় বুলিলোঁ ময়ো৷ নহ’লেনো খুদ কিতাপৰ পাততো ‘ভ্ৰমণ শিক্ষাৰ অবিচ্ছেদ্য অংগ’ বুলি বৰ বৰ হৰফেৰে লিখা ৰয়নে?

তিনিচুকীয়া-ডুমডুমা-ৰূপাই-ডিৰাক গেইট-মহাদেৱপুৰ-নামচাই-চৌখাম-গুণানগৰ-মেড’-খেৰেম-কামলাং-ৱাক্ৰ’-পৰশুৰাম কুণ্ড-থাংগাম-হাৱা-উদায়াক পাচ-ৱাই জংচন-চালাংগাম-টিডিং-মমপানী-নাৰা-খোপা-হায়ুলিয়াং-য়াটং-কিবিয়াং-লাইতুল-খেৰেং-চাৰতি-চিংৱিনতি-য়াপাক-চামদাল-ৱালং-হেলমেট টপ-টিলাম-নামতি প্লেইনচ-কিবিথো-মচাই-কাহ’-ভাৰত চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত-ডং-হাৱাই-তেজু-ৰ’য়িং-মায়’ডিয়া পাচ-চূণপোৰা গেইট-শদিয়া-ছৈখোৱা ঘাট-ধলা-ৰূপাই-তিনিচুকীয়া-গুঁইজান-ডিব্ৰুগড়-ককিলামুখ-মুলাই কাঠনি-ডিফু৷ প্ৰায় ১,৮০০কিল’মিটাৰৰ অনেকবোৰ জেলেপী-পাক৷ ১০এপ্ৰিলৰ নিশা ৯টাত এৰাল ছিঙি উজনিমুৱা কামৰূপ এক্সপ্ৰেছেৰে গতি কৰিছিলোঁ৷ আকৌ বিৰাজমান হ’লোঁহি আগৰ ঠিকনাত৷ অট’ৰিক্সা-ৰে’লগাড়ী-মহীন্দ্ৰ স্কৰপিঅ’-হিল ট্ৰেকিং-ফেৰী-মেচিন নাও-ট্ৰেক্টৰৰ টেইলাৰত উঠি এটা সম্পূর্ণ সফল আৰু আনন্দদায়ক দীঘলীয়া চফৰ৷ সুন্দৰ সময়, সুন্দৰ সংগী, সকলো সুন্দৰ৷ অনিশ্চয়তা, দুৰ্গমতাক জয় কৰিব পৰাৰ উৎসাহত মনটো এতিয়া মুহূৰ্তই প্ৰতি ৰঞ্জিত ৰঞ্জিত লাগি আছে, লাগি থাকিব৷ শুভাকাংক্ষী প্ৰত্যেকজনলৈকে এইখিনিতে আন্তৰিক ধন্যবাদ৷

পুৱাই ইনবক্সত শ্ৰীমতী চন্দামিতা দেৱী ডাঙৰীয়ানীৰ বাৰ্তা পাইছোঁ৷ 'সাহিত্য'ৰ বাবে কিবা এটা লেখা বিচাৰি অনুৰোধ৷ সদ্যহতে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ৷ যাত্ৰাকালীন দিনলিপি যুগুতাবৰ চেষ্টা নকৰা নহওঁ৷ পকেট নোটবুকখন ভৰি পৰিছে য’তে-ত’তে যিহকে-তিহকে লিখি পেলোৱা কাউৰীঠেঙীয়া অ-আ-ক-খৰে৷ কিন্তু পদে পদে লাগিছে এক ধৰণৰ খোকোজা৷ ক’ৰ পৰা ধৰোঁ, কিমান লেখোঁ, কাকনো এৰোঁ? গোটেইখন খেলিমেলি(!)৷ চঞ্চল মনটো কম্পিউটাৰ টেবুলত নাই৷ বাৰে বাৰে উৰা মাৰিছে মায়’ডিয়াৰ বৰফাবৃত্ত পৰ্বত শিখৰলৈ, খৰস্ৰোতা লোহিতৰ ওপৰেৰে ওলোমা সাঁকো পাৰ হৈ ট্ৰেকিং কৰি উঠা ডঙৰ ধুনীয়া মালভূমিটোলৈ, দেশৰ অন্তিম পূবৰ পথ আৰু সীমান্তৰ শেষ গাঁওখনলৈ, মেয়ৰ গাভৰুৰ হাতৰ ঘি আৰু নিমখ মিশ্ৰিত সেউজীয়া ‘মেয়ৰ টি’ গিলাচলৈ৷ পহিলা ব’হাগত তপদেন-পেতমাৰ চাঙত নভবাকৈয়ে চাহৰ সৈতে আকস্মিকভাৱে চোবাবলৈ পোৱা শুকান চিৰাকেইটা, বাইশ বছৰৰ বিৰতিৰ অন্তত তেজুত বন্ধুৰ ঘৰত তাৰ মিছিমি মাকজনীয়ে বিহু বুলি সাদৰেৰে আগ বঢ়াই দিয়া তিলপিঠাকেইখন, শদিয়াত চাহনাজে বান্ধি দি পঠোৱা শুদ্ধ গাখীৰৰ পেৰাকেইটা বাৰে বাৰে ভাহি উঠিছে মানসপটত৷ অন্তিম আবেলিটোত ‘ভাৰতবৰ্ষৰ অৰণ্য মানৱ’ৰ ‘মুলাই কাঠনি’ৰ মাজে মাজে ব্ৰহ্মপুত্ৰ পৰ্যন্ত ট্ৰেক্টৰৰ টেইলাৰত উঠি কৰা দুঘণ্টীয়া চফৰটোৱে সমস্ত যাত্ৰাটোত লাভ কৰিছে বিশেষ মৰ্যাদা৷ 

প্ৰাতঃভ্ৰমণ পুনৰ চালু কৰা হৈছে৷ অৰূপদাৰ আগত এই ৰাতিপুৱাতে কাহিনী (ধাৰাবাহিকভাৱে) ক'বলগীয়া হৈছে৷ আনহাতে, এইটো ঠিক যে দৈনন্দিনৰ এই খোজ কঢ়াৰ অভ্যাসটোৱে তিনি ঘণ্টা জুৰি ডঙৰ থিয় পাহাৰ বগাই উঠা-নমাত সহায় কৰিলে৷ অন্যথা কামটো বৰ সহজ নোবোলাই উচিত৷ সি যি কি নহওক, যাত্ৰা-সমাপ্তিত মাৰ্ক’পল’ৰ অত্যুৎসাহী সংগীসৱৰ মাজত ঘোষিত হৈ গৈছে পৰৱৰ্তী ফ্লেগ অফ্ কৰিবলগীয়া টুৰিষ্ট চাৰ্কিটটো… চিলাপথাৰ-লিকাবালি গেইট-আলং-মেচুকা-জিৰ’-কিমিন গেইট-চিলাপথাৰ৷ আকৌ অৰুণাচল, আকৌ চাৰ্কুলাৰ ট্ৰিপ৷ আকৌ হেৰাই যোৱাৰ মতলব!

অগ্ৰগামী যাত্ৰিকৰ পৰা আগতীয়া সুপৰামৰ্শ, সদুপদেশ নিশ্চয়কৈ আশা কৰি ৰ’ম৷ সমানে সমানেই সহায়ৰ বাবে উন্মুখ হৈ ৰ’লোঁ আমি ইতিমধ্যে অতিক্ৰম কৰি অহা লক্ষ্যস্থানসমূহলৈ যাব বিচৰা কৌতূহলী পৰিব্ৰাজকজনলৈ৷ ‘হেৰাই যোৱাৰ আনন্দ’ সকলোৱেই লৈ চাওক৷ আনন্দৰে দৰজা খুলি দিছোঁ৷ চৰৈৱতি৷ গ' এহে'ড৷

Tuesday, 7 April 2015

হেমন্ত আহিছিল...


নকিয়াৰ ৰিংটোনেৰে মবাইল ফোনটো বাজি উঠিল৷ স্ক্ৰীণত উজলি উঠিল সন্দিকৈ ছাৰৰ নাম৷ এন্‌চাৰ বুলি দেখুওৱা বুতামটো টিপি দিলোঁ৷ নিয়মমাফিক কলোঁ, হেল্ল

ত আছে?
ঘৰতে আছোঁ৷
এয়া আপোনাৰ পুৰণি বন্ধু এজনৰ লগত কথা পাতক... (ফোনটো দি দিলে)

কোনো পাতনি নোহোৱাকৈ সিফালৰ পৰা কলে... বহুত বছৰৰ মূৰত ডিফুলৈ আহিছোঁ৷ আমাৰ স্কুলতে আছোঁ এতিয়া৷ তুমি ভালে আছা?
ময়ো সঁহাৰি দিলোঁ... আছোঁ৷ পিছে ধৰিব পৰা নাই দেই৷ কোননো বাৰু তুমি?
মই হেমন্ত...
হাৰে! হেমন্ত! কেতিয়া আহিলা? কি সকামত আহিলা? স্কুলত কি কাম? থাকিবানে যাবা? আহি যোৱা৷ মই ঘৰতে আছোঁ৷
দহ মিনিটৰ ভিতৰত গৈ আছোঁ৷

৩৬টা বছৰ৷ চিনেমাৰ ৰিলৰ দৰে চকুৰ আগেৰে মুহূৰ্ত কিছুমান খৰগতিৰে ৰিপ্লেব ধৰিলে৷ পুৰণি এলবামটো ৰেক্‌ডালৰ পৰা একে টানে উলিয়াই আনিলোঁ৷ সযতনে ৰখা এখন কলা-বগা ফটো৷ বাওঁফালৰ পৰা মই, হেমন্ত, ৰাজেন৷ পিছফালে চনটো লিখা আছে৷ ১৯৭৯৷ সেই তেতিয়াই এৰাএৰি৷

হেমন্তক দেখুৱাম বুলি টেবুলৰ ওপৰত মেলি থৈছোঁ এলবামটো৷ ভাবিছোঁ, সি আহি পালে পোনেই এইখন দেখুৱাম৷ ভাবি আছোঁ, আৰু কি কি পাতিম, কৰ পৰা আৰম্ভ কৰিম, আৰু কি কি দেখুৱাম, ইত্যাদি ইত্যাদি৷ বাটলৈ ঘনে ঘনে চাই আছোঁ৷

দহ মিনিট পাৰ হলত ধৈৰ্যচ্যুতি ঘটিল মোৰ৷ সন্দিকৈ ছাৰলৈ ফোন লগালোঁ... বন্ধু কত?
প্ৰিন্সিপাল ছাৰৰ অফিচত বহি কথা পাতি আছে৷ কৈ দিছোঁ ৰব৷

ময়ো অতীতলৈ উৰা মাৰিলোঁ৷ মনত পৰে, ভাতকেইটা খাই স্কুলবেগটো লৈ পোনেই হেমন্তহঁতৰ ঘৰলৈ যাওঁ৷ বাটৰ পৰাই ডাঙৰকৈ চিঞৰ এটা মাৰোঁ... ঐ হেমন্ত... হেমন্তৰ মাকে কয়... সেয়া ছাজিদ আহিলেই৷ তাৰ পিছত গেইট খুলি এটা এটাকৈ ওলাই আহে হেমন্ত, প্ৰণৱদা, শিৱ৷ পিছে পিছে জবা৷ তাই গাৰ্লছত পঢ়ে৷ সেউজীয়া স্কাৰ্ট, বগা চাৰ্ট৷ আমিকেইটা বয়জত৷ খাকী পেণ্ট, বগা চাৰ্ট৷ বুকুত শ্বিল্ড আকৃতিৰ স্কুলবেজটো৷ চেণ্ডেল চোঁচোৰাই নামঘৰৰ ষ্টেপেৰে নামি চৰ্টকাট মাৰি হাইস্কুল পাওঁগৈ৷ আহোঁতে আকৌ একেলগে৷ নামঘৰৰ আপটোৰে৷ আবেলি চবেই মিলি বেডমিণ্টন, ক্রিকেট, বতৰৰ খেল৷ পুলিচ ৰিজাৰ্ভত দুৰ্গা পূজাত নাটকত অভিনয় কৰোঁ৷ সিহঁতৰ ৰেডিঅটো ঘেৰি লৈ গোটেইকেইটাই ফুটবলৰ ৰাণিং কমেণ্টেৰী শুনো৷ স্বাধীনতা দিৱস কাপ, বৰদলৈ ট্ৰফী৷ অসম পুলিচ, অইল ইণ্ডিয়া, মহমেদান স্পৰ্টিং, বাৰ্ণপুৰ ইউনাইটেড৷ সিহঁতৰ পিছফালৰ আমজোপাৰ পৰা আম পাৰোঁ৷ আগফালে ডিমৰু আৰু বগৰীলৈ দলিয়াওঁ৷ আৰুযে কত কি! মাকে নিজৰ লৰাৰ দৰে মোকো মৰম কৰে৷ আগফাল-পাছফাল সকলোতে অবাধ ৰাজত্ব চলে৷

দৃশ্যবোৰে ভাবনাত খেলা কৰি থাকোঁতেই অটৰিক্সা এখন ৰলহি৷ হেমন্ত নামিল৷ দেখিয়ে চিনি পালোঁ৷ লগত আৰু এজন৷ তাৰ শালপতি৷ দুই শালপতিয়ে অটৰ ভাড়া দিবলৈ হেতাওপৰা লগাইছে৷ আগুৱাই গলোঁ৷ চান্স পাই কৈ দিলোঁ, এনেকৈ কাজিয়া কৰিলে এজনেও দিব নোৱাৰিবা কিন্তু, মইহে দি দিম৷ হাঁহিভৰা মুখমণ্ডলেৰে ৰাস্তাতেই আলিংগনত আবদ্ধ হলোঁ আমি দুটা৷

হাঁহিৰেই আগ বঢ়াই আনিলোঁ দুয়োকে৷ বহুৱালোঁ৷ সুদীৰ্ঘ ৩৬বছৰৰ পিছত এয়া মুখামুখি, দেখাদেখি৷ ভাবি আচৰিত পাওঁ যে অনেক বছৰৰ বিৰতিত পুৰণি বন্ধু-বান্ধৱ কিছুমানৰ সৈতে দেখা-সাক্ষাৎ হোৱাটো আজি কিছু বছৰৰ পৰা নভবাকৈয়ে মোৰ ক্ষেত্ৰত ঘটিবলৈ লৈছে৷ ইয়াক পৰম সৌভাগ্য বুলিয়ে ধৰিছোঁ৷ পুনৰ্মিলনৰ আনন্দখিনি পূৰামাত্ৰাই উপভোগ কৰি গৈছোঁ৷ ২১মাৰ্চত অহা হেমন্তও তাৰ ভিতৰৰে এটা৷ পুৰণি সম্পৰ্কটো নতুন কৰি সিও যেন মোক অনিৰ্বচনীয় সুখ অকণমান দি গল!

Monday, 6 April 2015

ডায়েবেটিছ লাউ
(গল্প নহয়, সত্য)

পাকঘৰত কালি৷

‘এই বস্তুটো নিকিনিবা আৰু দেই৷ আগতেও কৈছিলোঁ এদিন৷ নুশুনিলা? আকৌ আনিলা৷ এয়াই যি আনিলা৷ আৰু নানিবা কিন্তু৷’

‘কি বস্তুনো?’

পাচলি কুটা টেবুলখনৰ ওপৰত সৰু জাতৰ পাচলিবিধ থৈ দিয়া আছিল৷ আগৰ সাঁজত তাৰে এছিটা ৰন্ধা হৈছিল৷ সেইটোলৈ আঙুলিয়াই শ্ৰীমতীক দেখুৱালোঁ, ‘এইটো৷ আগতে ভাল আছিল৷ আজিকালি কিবা জুতি নলগা হ’ল৷ সেৰসেৰীয়া৷’

‘অ’ ৰঙালাউটোৰ কথা কৈছে?’

‘ৰঙালাউযে বুলিছা, হয়জানো এইটো ৰঙালাউ? ৰঙাৰচোন ৰটোও নাই শৰীৰত৷ চোৱা, হয়নে নহয়? কিছুমানে মিঠালাউ বোলে৷ মিঠালাউ বুলি ক’বলৈও মিঠাৰ মটোকে নাই দেখোন৷ খাওঁতে নিজেও গম পালাই৷ বাইদেউ লৈ যাওক, খুব মিঠা আছে বুলি বেপাৰীয়ে মিঠা লগাকৈ ক’লতে ফটককৈ কিনি পেলালা ন? এইটোৱে লাষ্ট দেই৷ আৰু নানিবা হ’লে৷’

এওঁৰ মুখত হাঁহিৰ প্ৰকাশ দেখা গ’ল যদিও সঁচা কথাটোক লৈ চিৰিয়াচো হ’ল৷ ৰঙালাউৰ নামত এইটোযে এটা মস্ত ভুৱা, কথাটো তেওঁ বুজি পোৱাই নাই আজিলৈ৷

‘সঁচাই কৈছোঁ৷ এইটো ৰঙালাউ নহয়৷ দেখাত ৰঙালাউৰ দৰে হ’ব পাৰে৷ হ'লেও দৰাচলতে ই ৰঙালাউৰ নামত কলংক৷ যেনেকৈ বিলাহী, বেঙেনা, জাতিলাউ আদি আজিকালি বজাৰত দ’মে দ’মে ওলোৱা পাচলিবোৰৰো বেছিভাগেই৷ যতচব নকল৷ স্বাদ-সোৱাদ মুঠেই নাই৷ বিলাহী বুলিলে যেনে এক ধৰণৰ চোক জিভাত লাগিব লাগে, জাতিলাউ বুলিলে যেনে এক নিজস্ব সোৱাদভৰা হ’ব লাগে, একোটোৱেই নাই৷ গতিকে, মই কওঁ, সেইটোহঁত জাতিলাউ নহয়, জাতিলাউৰ দৰেহে৷ সেইবোৰ দৰাচলতে বিলাহীও নহয়, দেখাত বিলাহীৰ নিচিনাহে৷ কাৰণ গুণাগুণৰ ক্ষেত্ৰত আকাশ-পাতাল তফাৎ৷ দিনক-দিনে এনেকুৱাই হৈ পৰিছে পাচলি নামৰ নিত্যব্যৱহাৰ্য খাদ্যবিধ৷ স্বকীয়তা হেৰাই গৈছে৷ হয়নে নহয় কোৱা?’

‘কিন্তু এইটোকতো ৰঙালাউ বুলিয়ে জানি আহিছোঁ আৰু সেইবুলিয়ে কওঁ৷ জাতটো বাৰু সৰু৷ হাতৰ মুঠিটোৰ পৰা আৰম্ভ কৰি...’

‘জাত বেলেগ হ’লেও পূৰঠ ৰঙালাউ ৰঙা, তাৰ সোৱাদ মিঠা৷ নিজৰ টেষ্ট এটা আছে৷’

‘ৰঙালাউ নহয় যদি ইয়াৰ নতুন নাম এটা দি দিয়ক নহ'লে৷তেতিয়া লেঠা শেষ৷' 

মোৰ কথাত এওঁ মনে মনে ক্ষুণ্ণ হৈ পৰা যেন উমান পালোঁ৷ আৰু সেইটোকে হওক বুলিয়ে ইমানপৰে কথাৰ অৱতাৰণাও চলি আছিল৷

‘অঁ৷ আজিৰ পৰা এই জাতিৰ নাম হ’ব ‘ডায়েবেটিছ লাউ’৷ ই ৰঙাও নহয়, মিঠাও নহয়৷ আচল ৰঙালাউ মিঠা৷ এইটোৰ সোৱাদ তেনে নহয়৷ ডায়েবেটিছ বেমাৰীয়ে মিঠা বস্তু নাখায় বুলি জানা নহয়৷ এইটো পিছে আৰামচে খাব পাৰিব৷ গতিকে ইয়াৰ নাম দিলোঁ ‘ডায়েবেটিছ লাউ’৷ সেইবুলি আকৌ বজাৰলৈ গ'লেই তুমি কিনি নানিবা দেই৷ জানাইতো, মোৰ ডায়েবেটিছ-চায়েবেটিছ নাই৷’
এন.আৰ.চি.
(গল্প নহয়, সত্য)

একান্তমনে কিবা এটা ভাবি আছিলোঁ, তেনেতে ফোনটো সশব্দে বাজি উঠিল৷ চালোঁ, সম্পৰ্কীয় ভনী-জোঁৱাইৰ কল৷ ইয়াৰ আকৌ হ'ল কি(!) ভাবত এনচাৰ বুটামটো টিপি দিলোঁ৷

ছাজিদকা আপুনি ফ্ৰি আছে নেকি?

কোৱাচোন৷

এন.আৰ.চি.ৰ কাৰণে আপোনালোকক কাগজ-পত্ৰ জমা দিবলৈ নে চাবলৈ কিবা কৈছে নেকি?

কোনে? নাই নাই৷ কি কাগজৰ কথা কৈছা তুমি? মই একো বুজা নাই৷

আপোনালোকৰ প'লিং চেণ্টাৰ কোনটো পৰে?

পুলিচ ৰিজাৰ্ভ এল.পি. স্কুল৷

আমাৰ পি.ডব্লিউ.ডি. এল.পি.৷ মই একেটাই বুলি ভাবিছিলোঁ৷ আপোনালোকৰ খবৰ অহা নাই তেনেহলে?

কিয়, ভোট নিদিলেও-দিলেও ভোটাৰ আই.ডি.খন আগতে পালোঁৱেই দেখোন! ইণ্ডিয়ান পাচপৰ্টো কেতিয়াবাৰ পৰাই লগত আছে৷ তেনেস্থলত কি কাগজৰ কথা কৈছা?


'আপুনি জানেই চাগে', উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুতকৰণৰ কাম আৰম্ভ হৈছে। ১৯৫১চনৰ পৰা ১৯৭১চনৰ ২৫মার্চৰ আগৰ ভোটাৰ তালিকা বা যিকোনো চৰকাৰী নথি-পত্ৰকে নাগৰিকপঞ্জীত নাম অন্তর্ভুক্তিৰ বাবে গ্রহণযোগ্য হ'ব৷ সেইবিলাক সহজে পাবৰ বাবে এন.আৰ.চি. সেৱাকেন্দ্র স্থাপন হৈছে। তেনেকুৱা চাৰ্ভিচ চেণ্টাৰৰ পৰা নিজৰ পূর্বজসকলৰ নাম থকা তথ্য সংগ্রহ কৰিবলৈ কৈছে। পূৰ্বপুৰুষৰ নাম থকা ভোটাৰ তালিকা, ফটো আদি জমা দিব লাগে হেনো, তাকেহে...

তেনেহলে আই.ডি., পাচপ'ৰ্ট, ডি.এল. সেইবোৰ এনেয়ে দিলে নেকি? কি হব যদি এতিয়া নিদিওঁ?

গোৱালপাৰাত জেল পাতিছে৷ জেলত সুমুৱাই থ'ব৷ তাৰ পিছত...

তাৰ পিছত? বৰ্ডাৰৰ সিপাৰ, নে কি?

'হাঃ হাঃ...'

যি হয় হব বুইছা? বিনা কষ্টত পাৰ কৰি দিলেতো ভালেই৷ সিপাৰৰ পৰানো অসমলৈ কিয়নো ইমানকৈ আহে, তাৰে উমান লবগৈ পাৰিম৷ সিপাৰে ধৰা পৰিলে আকৌ এই পাৰ৷ নহ'লে আন ক'ৰবাত থিতাপি৷ বিনা খৰছত আহ-যাহ, বিনা কষ্টত প্ৰব্ৰজন৷ বঢ়িয়া লাগিব৷ জানাইতো, ঘূৰি-ফুৰি ভাল পোৱা মানুহ মই৷ গতিকে এই ছেগতে...৷ আৰু কোৱা...

আপুনি ব্যস্ত আছে, এতিয়া থৈছোঁ দেই বুলি জোঁৱায়ে ততাতৈয়াকৈ ফোনটো ডিচ্‌কানেক্ট কৰি দিলে৷

Saturday, 4 April 2015

হস্তাক্ষৰ যেতিয়া চিৰস্মৰণী হৈ ৰয়...



অট’গ্ৰাফ সংগ্ৰহ যিকোনো বয়সৰ লোকৰ বাবেই এটা জনপ্ৰিয় হ’বি বা চখ বা ৰাপ৷ সমগ্ৰ বিশ্বতে এই কালেক্টিং হ’বি বা সংগ্ৰহ চখৰ জনপ্ৰিয়তা আৰু প্ৰভাৱ আছে৷ গ্ৰীক শব্দ অট’গ্ৰাফচৰ পৰাই অট’গ্ৰাফৰ উৎপত্তি৷ সৰল অৰ্থত অট’গ্ৰাফ মানে কোনো লোকৰ নিজৰ হাতৰ চহী৷ বিখ্যাত ব্যক্তিৰ সান্নিধ্য লাভ কৰি তেখেতসকলৰ স্বহস্তাক্ষৰ স্মৰণীয় কৰি ৰখাৰ হেঁপাহতে জন্ম অট’গ্ৰাফ সংগ্ৰহৰ৷

অট’গ্ৰাফ চাৰি প্ৰকাৰৰ৷ নিজৰ হাতে লিখা চহী, চিঠি বা কাগজৰ পৰা ফালি ৰখা চহী, মুদ্ৰাংকিত চিঠিৰ তলৰ চহী আৰু দলিল পত্ৰ আদিত কৰা চহী৷ প্ৰথমবিধেই সকলোতকৈ মূল্যৱান৷

সৰহভাগ লোকেই কেৱল চহী এটা কৰিয়েই নিজৰ অট’গ্ৰাফ দিয়ে যদিও কোনো কোনোৱে প্ৰেৰণাদায়ক বা আশীৰ্বাদসূচক বাক্য এশাৰী নাইবা দুশাৰী লিখি, নহ’লে ছবি এখন আঁকি অথবা গান নতুবা কবিতা এফাকি লিখি তাৰ সৈতে নিজৰ চহী কৰি দিয়াও দেখা যায়৷ 

হস্তাক্ষৰ বিশেষজ্ঞসকলৰ মতে এজন মানুহৰ হস্তাক্ষৰ বিশ্লেষণৰ জৰিয়তে মানুহজনৰ ব্যক্তিত্ব তথা মনৰ অৱস্থাৰ পৰিচয় পাব পাৰি৷ এনে হ’বিৰ পৰা নানা ধৰণৰ কথা শিকিবও পাৰি৷ কোনো লোকে সযত্নেৰে সংৰক্ষণ কৰা অট’গ্ৰাফসমূহ অদূৰ ভৱিষ্যতে অধ্যয়ন আৰু গৱেষণাৰ অমূল্য সম্পদৰূপে পৰিগণিত হ’বগৈ পাৰে৷

বিশিষ্ট ব্যক্তিৰ লগতে আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, শুভাকাংক্ষী আৰু প্ৰিয়জনৰ হস্তাক্ষৰ সংগ্ৰহক নিজৰ ভাল লগা হ’বি হিচাপে গঢ়ি তুলিব পাৰি৷ লগতে আজৰি সময়ক আমোদ, আনন্দ আৰু আমেজেৰে ভৰাই তুলিব পাৰি৷
কিবিথো : যত শেষ হৈছে পূবৰ পথটো

কিবিথোলৈ মই যোৱা নাই, যামহে৷ প্ৰস্তুতি পৰ্বতে চলোৱা অধ্যয়নৰ ভিত্তিতে এটা ধাৰাবাহিক বৰ্ণনা লিখাৰ মৰসাহ কৰিছোঁ, খৰতকীয়াভাৱে৷ বহু বছৰৰে পৰা হাতত সাঁচি থৈ মলঙি যোৱা পৰ্যটন সম্পকীয় পুৰণি কিছুমান কাগজ-পত্ৰ, কিতাপ আৰু ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভেটিত যুগুতোৱা এই বাস্তৱতুল্য পৰ্যটন প্ৰতিবেদনত ভুল-ভ্ৰান্তি নিশ্চয় থাকিব৷ তল-ওপৰ, অকোৱা-পকোৱা যাত্ৰাটোৰ অভিজ্ঞতা থকাজনে ষ্টিয়েৰিং পোনাই দিলে ঠিকে ঠিকে পামগৈ চাগে কিবিথো৷

পথৰ পৰা পথ-সমাপ্তিলৈ ... ফ্ৰম ৰড টু ন 

ভাৰত ৰাষ্ট্ৰৰ উত্তৰ-পূবৰ শেষৰ প্ৰদেশখনৰ নাম অৰুণাচল৷ ভৌগোলিকভাৱে তিব্বত, চীন আৰু ম্যানমাৰ সীমান্ত স্পৰ্শ কৰি থকা অৰুণাচল প্ৰদেশৰ ভূভাগ এতিয়া ১৭খন জিলাত বিভক্ত৷ তাৰে সবাতোকৈ পূবৰ জিলাখনৰ নাম হৈছে আনজাৱ৷ আনজাৱ জিলাৰ অন্তিম পূবৰ থকা অন্তিম জনপদৰ নামেই কিবিথো৷ ভাৰতৰ পূৰ্ব প্ৰান্তলৈ যোৱা ৰাস্তাটোৰ শেষমূৰো তাতেই, ইষ্ট অব দ্যা নৰ্থ-ইষ্ট অৰ্থাৎ উত্তৰ-পূবৰ পূব বুলি যাক অভিহিত কৰা হয়৷ উক্ত পথতে আগলৈ থকা হালধীয়া চাইনবৰ্ড এখনে পথিকক কৈ দিয়ে যে আগলৈ আৰু পথ নাই৷ পূবৰ পথটো তাতেই শেষ হৈছে৷ এণ্ড অব দ্যা ৰড হেড৷ যেনেকৈ ১৯৯৭চনৰ ১৭ফেব্ৰুৱাৰীত অন্তিমখন ৰেল পাৰ হোৱাৰ পিছতে বন্ধ হৈ যোৱা, ঐতিহাসিক দ্বিতীয় মহাযুদ্ধৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানী ষ্টেচনৰ ফলকখনে সগৌৰৱে আজিও জনাই থাকে, ইষ্টাৰ্ণ-মষ্ট ৰেলৱে ষ্টেচন অব ইণ্ডিয়া, ৰেলৱেজ লাষ্ট ফ্ৰণ্টিয়াৰ, এণ্ড অব দ্যা নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰেল হেড৷

পাতনিতে এৰিলোঁ আজি৷ কাইলৈ আনজাৱ জিলালৈ৷ ক্রমে আগলৈ গৈ থাকিম৷

এক.
আনজাৱ : সংক্ষিপ্ত পৰিচয়

আনজাৱ হৈছে অৰুণাচল প্ৰদেশৰ একেবাৰে পূব প্ৰান্তত থকা এখন পাহাৰীয়া জিলা৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১,২৯৬মিটাৰ৷ উপক্রান্তীয় তথা পাৰ্বত্য অঞ্চলটোৰ জলবায়ু তুলনামূলকভাৱে চেঁচা৷ এই জিলাখনৰ চীন দেশ চুই থকা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত লাইন অব একচুৱেল কণ্ট্ৰলৰ অংশ এটাৰে লোহিত নদীখন সোমাই আহিছে৷ পূব তিব্বতৰ জায়াল শ্বু পৰ্বতমালাৰ পৰা ওলাই সীমান্তৱৰ্তী সৰু চহৰ কিবিথোৱেদি বৈ নৈখন ভাৰতত প্ৰৱেশ কৰিছে৷ তাৰ পিছত মিচিমি হিল্‌ছেৰে ধাৱমান হৈ অৰুণাচল প্ৰদেশৰ ক্রমে আনজাৱ আৰু লোহিত জিলা পাৰ হৈছে৷ ২০০কিলমিটাৰ ধৰি ক্ৰমান্বয়ে নামনিলৈ বৈ গৈ ছিয়াঙৰ সৈতে লগ লাগি মিলিত হৈছে ব্ৰহ্মপুত্ৰ নদত৷ লোহিত ব্ৰহ্মপুত্ৰৰ আৰম্ভণিৰ এখন মুখ্য উপনৈ৷

আনজাৱৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় বুৰঞ্জী জানিবৰ বাবে উভতি যাব লাগিব ১৯১৪চনলৈ৷ ব্ৰিটিছ প্ৰশাসকে তিনিটা এলেকা ক্রমে কেন্দ্ৰীয় আৰু পূব খণ্ড, লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক লৈ নিজৰ শাসন কালত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট গঠন কৰিছিল৷ এই খণ্ডসমূহ চোৱা-চিতাৰ অৰ্থে প্ৰতিটো খণ্ডতে একোজনকৈ ৰাজনৈতিক বিষয়া নিয়োগ কৰা হৈছিল৷ ১৯১৯চনত কেন্দ্ৰীয় আৰু পূব খণ্ডক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্ট নাম দি নতুনকৈ গঠন কৰিলে৷ পূৰ্বৰ লোহিত জিলা আৰু বৰ্তমানৰ আনজাৱ জিলাৰ ভূখণ্ড শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অধীনত আছিল৷ মুখ্য কাৰ্যালয় আছিল শদিয়া৷ ২৪বছৰৰ পিছত ১৯৪৩চনত লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ পৰা কাটি টিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট সৃষ্টি কৰা হল৷ আকৌ ১৯৪৮চনত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টক দুভাগ কৰি ক্রমে আদি জনগোষ্ঠী অধ্যুষিত অঞ্চলক লৈ আবৰ হিল্‌ছ ডিষ্ট্ৰিক্ট আৰু মিচিমি বসতিপ্ৰধান অঞ্চলক সামৰি মিচিমি হিল্‌ছ ডিষ্ট্ৰিক্ট নামে দুখন নতুন জিলা গঠন কৰা হয়৷ উক্ত বছৰতে অঞ্চলটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনৰ অধীনলৈ আহে৷ ১৯৬২চনলৈকে এই বৃহৎ অঞ্চলটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি অৰ্থাৎ নেফা নামেৰে জনাজাত আছিল৷ অৱস্থানগত গুৰুত্বৰ কাৰণে ১৯৬৫চন পৰ্যন্ত ই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ অধীনত আৰু তাৰ পৰৱৰ্তী সময়ত গৃহ দপ্তৰৰ প্ৰশাসনিক এলেকাধীন আছিল৷ ১৯৭২চনৰ ২০জানুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি অৰুণাচল প্ৰদেশ নাম দিয়া হয়৷ ১৯৮৭চনৰ ২০ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে এই ৰাজ্যখনে৷

১৯৫২চনৰ ১৩আগষ্টত মিচিমি পাৰ্বত্য জিলাৰ সদৰ স্থান ঘোষিত হৈছিল তেজু৷ ১৯৫৩চনত আৰম্ভ হোৱা সহকাৰী ৰাজনৈতিক বিষয়াৰ অধীনত হায়ুলিয়াঙক উন্নীত কৰা হৈছিল হেড কোৱাৰ্টাৰলৈ৷ ১৯৫৪চনত মিচিমি হিল্‌ছ ডিষ্ট্ৰিক্টৰ নাম সলনি হল লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন হিচাপে৷ ১৯৫৬চনত ৰয়িঙক মহকুমা সদৰ হিচাপে লৈ গঠন কৰা হল ডিবাং ভেলী৷ ১৯৬৫চনত লোহিত ফ্ৰণ্টিয়াৰ ডিভিজনক নাম দিয়া হল লোহিত জিলা৷ প্ৰশাসনীয় সুবিধাৰ কাৰণে ১৯৮০চনৰ ১জুনত নতুন জিলা ডিবাং ভেলী গঠিত হল আনিনিক সদৰ হিচাপে লৈ৷ শেহতীয়াভাৱে ৪ডিচেম্বৰ ২০০৩ত গৃহীত অৰুণাচল প্ৰদেশ জিলা পুনৰ্গঠন বিধেয়ক অনুসৰি হাৱাইক প্ৰশাসনীয় মুখ্যালয় হিচাপে লৈ ১৬ফেব্ৰুৱাৰী ২০০৪ তাৰিখে সাতোটা প্ৰশাসনিক খণ্ড ক্রমে হায়ুলিয়াং, হাৱাই, মানচাল, গৈলিয়াং, ৱালং, কিবিথো আৰু চাগলোগামক সামৰি আনজাৱ জিলা গঠন কৰা হৈছে৷ স্মৰ্তব্য যে এই অঞ্চলসমূহ এসময়ত লোহিত জিলাৰ অন্তৱৰ্তী আছিল৷

এটা মহকুমা, তিনিটা ব্লক আৰু সাতটা মণ্ডলেৰে আনজাৱ জিলাৰ ক্ষেত্ৰকালি ৬,১৯০বৰ্গ কিলমিটাৰ৷ ২০১১চনৰ লোকপিয়লৰ পৰিসংখ্যা অনুসৰি জিলাখনৰ জনসংখ্যা ২১,০৮৯, সাক্ষৰতাৰ হাৰ ৫৯.৪০ শতাংশ, মুনিহ-তিৰোতাৰ অনুপাত ১০০০ : ৮০৫৷ জনবসতি পাতল৷ প্ৰতি বৰ্গ কিলমিটাৰত ৩জন৷ ২০০১চনৰ পৰা ২০১১চনলৈ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৩.৭৭ শতাংশ৷ মূল অধিবাসী জনজাতি মিচিমি আৰু জাখ্ৰিং (মেয়ৰ)৷ বিধান সভা সমষ্টি ১টা, মুঠ ভোটাৰ ৯,৫৩৭৷ প্ৰাথমিক বিদ্যালয় ১১খন, গ্ৰাম্য বিদ্যালয় ২২খন, মধ্য ইংৰাজী বিদ্যালয় ৫খন, হাইস্কুল ১খন, হায়াৰ চেকেণ্ডাৰী স্কুল ১খন, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ১খন আছে৷ এই জিলাৰ আৱাসীসকলে জুম খেতি কৰি পেট প্ৰৱৰ্তায়৷ মূল কৃষিজাত উৎপাদন গোমধান, কণীধান, মাহজাতীয় শস্য আদি৷ উদ্যান শস্যৰ ভিতৰত সুমথিৰা, আপেল, নাচপতি, বগৰী, ইলাচি প্ৰধান৷ উদ্ভিদকুল আৰু জীৱকুলৰ বিচিত্ৰতা পৰিলক্ষিত হয় এই অঞ্চলৰ চিৰসেউজ অৰণ্যত৷ বাঁহ, বেত, লা, ধুনা, শিঙৰি, পাইন, হলখ, ফাকডিমা, বিভিন্ন জাতৰ অৰ্কিড আদি বনজ সম্পদ ইয়াৰ বনাঞ্চলসমূহত সুলভ৷ ইয়াৰ হাবিত পহু, সুগৰী পহু, কেৰ্কেটুৱা, ভালুক, বনগাহৰি, বান্দৰ, শিয়াল, সাপ আদি বন্যপ্ৰাণীও পোৱা যায়৷ মিচিমি দোৱানত তেলু বুলি জনাজাত লোহিত প্ৰমুখ্যে লাম, তিডিং, দালাই, ক্রউতি, দিচু, লাতি, ক্লুং, দাউ, তেলুৱা, আমপানী, চাৰতি আদি এই জিলাৰ মাজেৰে বৈ যোৱা প্ৰধান নৈ৷ ফেব্ৰুৱাৰী মাহৰ ১৫তাৰিখে উদ্‌যাপন কৰা তামলাদু এই জিলাৰ অধিৱাসীসকলৰ প্ৰধান উৎসৱ৷

পূব হিমালয়ৰ প্ৰদূষণমুক্ত আকাশৰ তলত আনজাৱ জিলা৷ জিলাখনৰ অপূৰ্ব পৰ্বতমালা, সুন্দৰ আৰু মনোৰম নৈ-নিজৰা-জান-জুৰি, সেউজীয়া বনাঞ্চল, সমৃদ্ধ সম্পদৰাজি, বন্যপ্ৰাণী, আন্তৰ্জাতিক সীমান্ত ইত্যাদিৰ সমাহাৰ পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ৷ জিলাখনৰ উত্তৰ সীমাই স্পৰ্শ কৰি আছে তিব্বতীয় ব্যৱসায়িক চহৰ ৰিমাক৷ এই অঞ্চলৰ লোকে আন্তৰ্জাতিক সীমান্ত পাৰ হৈ আত্মীয়-স্বজনৰ ওচৰলৈ অবৈধভাৱে আহ-যাহ কৰাটো সঘনাই দেখা পোৱা দৃশ্য৷ প্ৰসংগক্ৰমে, ম্যানমাৰ সীমান্তত লাগি থকা চাংলাং জিলাৰ নংকি বস্তিৰ নিবাসী টাংচাসকলেও একেধৰণে ম্যানমাৰত থকা নিজৰ আত্মীয়সকলৰ ঘৰলৈ আহ-যাহ কৰাৰ কথা শুনিছিলোঁ৷

অৰুণাচলত প্ৰৱেশৰ বাবে এক বিশেষ প্ৰৱেশ-পত্ৰ 'ইনাৰ লাইন পাৰমিট'ৰ প্ৰয়োজন৷ আনজাৱ জিলালৈ যাবৰ বাবে চূণপোৰা গেটেৰে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিব পাৰি৷ নতুবা, লোহিত জিলাৰ প্ৰৱেশ দ্বাৰ ডিৰাক গেটেৰে সোমায়ো সেই জিলাৰ মাজেৰে আনজাৱ জিলালৈ যাব পাৰি৷ জিলাখনৰ ঠাইবিলাকলৈ পথ যোগাযোগ আছে৷ আনহাতে ইয়াৰ নিকটৱৰ্তী ৰেল ষ্টেচন হৈছে অসমৰ তিনিচুকীয়া আৰু বিমানঘাটি ডিব্ৰুগড়ৰ মোহনবাৰী৷

বছৰৰ গোটেই সময়ছোৱাতে এই জিলালৈ আহ-যাহ কৰিব পাৰি৷ এপ্ৰিল, মে আৰু জুন মাহ উৎকৃষ্ট সময়৷ তিনিচুকীয়াৰ পৰা আনজাৱ জিলাৰ সদৰ হাৱাইলৈ অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ চলে৷ পৰশুৰাম কুণ্ড হৈ হাৱাইলৈ দূৰত্ব ৩৫০কিলমিটাৰ৷

(আজিলৈ হল্ট৷ কাইলৈ পুনৰ যাত্ৰা)

দুই.
পুৰণি বন্ধুক বিচাৰি হায়ুলিয়াঙত

তিনিচুকীয়াৰ পৰা গাড়ীৰে যাত্ৰা কৰি ডুমডুমা, ৰূপাই চাইডিং, মহাদেৱপুৰ, কাকপথাৰ, ডিৰাক গেট, নামচাই, চৌখাম, ৱাকৰু, পৰশুৰাম কুণ্ড, হাৱা কেম্প, তেজু, হায়ুলিয়াং৷ ইয়াতে লগ পাম মোৰ পুৰণি বন্ধুক৷

নামচাই : 'লেণ্ড অব গ'ল্ডেন পেগোডা' বুলি জনাজাত এই ঠাই৷ নোৱাদিহিঙৰ পাৰত খামতি জনবসতিপ্ৰধান এই ঠাই ইতিহাস আৰু প্ৰকৃতি উভয়ৰে ফালৰ পৰাই সুখ্যাত৷ হীনযান বৌদ্ধ বিহাৰ অৰ্থাৎ চং সুদৃশ্য আকাৰ আৰু ৰূপত দেখা যায় ইয়াত৷ তিনিচুকীয়াৰ পৰা ইয়ালৈ ৭৫কিল'মিটাৰ৷

ৱাকৰু : কামলাং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া ঠাই৷ উদ্ভিদ আৰু প্ৰাণীকুলত চহকী৷ সুমথিৰাৰ বাবে বিখ্যাত এই স্থানৰ গ্ল' লে'ক দুঃসাহসিক ক্ৰীড়াৰ লগতে উচ্চতাত অৱস্থিত এক মনোৰম থলী৷ ট্ৰেকিং, ৰাফটিং, এংগলিং আদিৰ কাৰণে এক উপযুক্ত স্থান৷

পৰশুৰাম কুণ্ড : কামলাং সংৰক্ষিত বনাঞ্চল এলেকাৰ ভিতৰত অৱস্থিত হিন্দুসকলৰ এক প্ৰসিদ্ধ তীৰ্থস্থান৷ চৌপাশে ৰুদ্ৰাক্ষ গছেৰে ভৰা ঘন অৰণ্য, যাৰ গুটি পৱিত্ৰ বুলি বিশ্বাস কৰা হয়৷ কিংবদন্তিৰ মতে, পিতৃবাক্য পালন কৰি পৰশুৰামে নিজৰ মাকক কুঠাৰেৰে হত্যা কৰিছিল৷ পিছত সেইখন দলিয়াই দিয়াত পাহাৰৰ ওপৰত পৰিলহি৷ কুঠাৰখনে পাহাৰক দুভাগ কৰিলে৷ তাৰ পৰাই ওলাই আহিল লোহিত নদী৷ পৰশুৰামৰ কুঠাৰখন য
ত পৰিছিল সেই ঠাইৰ নামেই পৰশুৰাম কুণ্ড৷ বিশ্বাস আছে যে মকৰ সংক্রান্তিৰ সময়ত এই ব্ৰহ্মকুণ্ডত ডুব মাৰি স্নান কৰিলে সকলো পাপ খণ্ডন হয়৷ কালিকা পুৰাণৰ মতে মাতৃহন্তা পৰশুৰামে ইয়াতে পাপমুক্ত হৈছিল৷ প্ৰতি বছৰে জানুৱাৰী মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ এই স্থানত বৃহৎ মেলা অনুষ্ঠিত হয়৷ অগণন ভক্তৰ তাত সমাগম হয়৷ লোহিত জিলাৰ অন্তৱৰ্তী এই ঠাইৰ পৰা জিলা সদৰ তেজুলৈ ২১কিলমিটাৰ দূৰ৷ থকা-মেলাৰ বাবে পৰশুৰাম কুণ্ডত গেষ্ট হাউচ আছে৷ তিনিচুকীয়াৰ পৰা ইয়ালৈ পথ-দূৰত্ব ১২০কিলমিটাৰ৷

তেজু : লোহিত জিলাৰ সদৰ ঠাই৷ তাম্ৰেশ্বৰী মন্দিৰ আৰু নিকটৱৰ্তী ধৰ্মক্ষেত্ৰ পৰশুৰাম কুণ্ডৰ বাবে ই উত্তৰ-পূৰ্বাঞ্চলেই নহয়, ভাৰতবৰ্ষতে জনাজাত৷ ভীষ্মক ৰজাৰ নগৰ কুণ্ডিল নগৰী ইয়াৰ আশে-পাশে আছিল বুলি বিশ্বাস এটা আছে৷ ডিগাৰু, খামতি, মিজি (মিচিমি) আদি সাংস্কৃতিক দিশত চহকী অৰুণাচলী জনগোষ্ঠীৰ বসতিস্থল তেজু৷ ইয়াৰ ভিতৰত মিচিমি জনগোষ্ঠীটোৱেই প্ৰাচীন৷ মহাভাৰতৰ যুগৰে পৰা তেওঁলোকে তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি আহিছে৷ ভগৱান ৰিংয়াজাবমালুক তেওঁলোকে তেওঁলোকৰ প্ৰধান দেৱতা বুলি গণ্য কৰি আৰাধনা কৰে৷

তেজুৰ পৰা আগলৈ ডিমৱে, তাফৰাগাম গাঁও ইত্যাদি৷ পৰশুৰাম কুণ্ড হৈ চৌখামৰ ফালৰ পৰা আহিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ হাৱা আৰ্মী কেম্পৰ ওপৰলৈ এটা ভিউ পইণ্ট আছে৷ ইয়াৰ পৰা লোহিত উপত্যকা অঞ্চল সম্পূৰ্ণকৈ প্ৰত্যক্ষ কৰিব পাৰি৷ এই দৰ্শনস্থলীৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃশ্যও উপভোগ কৰিব পাৰি৷ পৰশুৰাম কুণ্ড, লোহিত নৈৰ ওপৰৰ দলং, ৱাকৰুলৈ যোৱা পথ আদিও দেখা যায়৷ তেজুৰ পৰা ৱালং, তিনিচুকীয়া আদিলৈ বাছ চলাচল কৰে৷ তেজুত চাৰ্কিট হাউচ, ইন্সপেকচন বাংল
, টুৰিষ্ট লজ, বন বিভাগৰ গেষ্ট হাউচ (অৰণ্যধাম), হোটেল আদি আছে৷

তিনিচুকীয়াৰ পৰা তেজুলৈ আলুবাৰী ঘাট হৈ পোনাই যাব পাৰি৷ ১৯৯৩চনত প্ৰথমবাৰ তেজুলৈ যাওঁতে তেনেদৰে গৈছিলোঁ৷ তেতিয়া পৰশুৰাম কুণ্ডত দলং নাছিল৷ দূৰত্ব অধিক হ
লেও এতিয়া নামচাই, পৰশুৰাম কুণ্ড হৈ পকী পথেৰে যাব পাৰি৷ আনহাতে শদিয়া-চূণপোৰা পথেৰেও আহিব পাৰি৷

উদায়াক পাছ : তেজুৰ পৰা আগুৱালে এই স্থান পোৱা যায়৷ স্থানীয় লোকৰ দ্বাৰা পথৰ দাঁতিত নিৰ্মিত মন্দিৰ এটা ইয়াত দেখা যায়৷

চাগলোগাম : উদায়াক পাছৰ পৰা আগলৈ, দালাই নৈৰ বাঁওপাৰে অৱস্থিত ধুনীয়া ঠাই৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ১,২৫৮মিটাৰ৷ চাগলোগাম চাৰ্কোলৰ ই হেডকোৱাৰ্টাৰ৷ ট্ৰেকিং, এংগলিং, ৰাফটিং, মাউণ্টেইনিয়াৰিঙৰ দৰে দুঃসাহসিক ক্রীড়াৰ অৰ্থে সুচল ঠাই৷ স্থানীয় মিচিমি আবাসীসকল শান্তিপ্ৰিয় আৰু আজিও তেওঁলোকৰ সাংস্কৃতিক স্বকীয়তা বৰ্তাই ৰাখিছে৷ জিলা সদৰ হাৱাইলৈ ইয়াৰ পৰা দূৰত্ব ১০৭কিল
মিটাৰ৷ আনহাতে তেজুৰ পৰা ইয়ালৈ ১৭০কিলমিটাৰ৷ ইয়াৰ পৰা ৪৬কিলমিটাৰ আগলৈ হায়ুলিয়াং৷

হায়ুলিয়াং : আনজাৱ জিলাৰ মহকুমা সদৰ৷ সীমান্তৰ বাটত এইখনেই অকণমান ডাঙৰ ঠাই৷ মিচিমি দোৱানত হায়ুলিয়াঙৰ অৰ্থ the place of my liquor৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ৭৫০মিটাৰ৷ ইয়াৰ জলবায়ু শীতল, সুখদায়ক আৰু স্বাস্থ্যকৰ৷ ইয়াৰ পৰা লোহিত আৰু দালাই নৈৰ সংগমস্থলৰ দৃশ্যাৱলী প্ৰত্যক্ষ কৰিব পাৰি৷ ইয়াৰ পৰা নামদফা, ৰ
য়িং, ডিব্ৰু-চৈখোৱা আদিলৈ যাব পাৰি৷ হায়ুলিয়াঙত এটা চৰকাৰী পৰিদৰ্শন বঙলা, উচ্চতৰ মাধ্যমিক স্কুল, ভাৰতীয় ষ্টেট বেংকৰ শাখা কাৰ্যালয়, টেলিফোন একচেঞ্জ, টিভি ট্ৰেন্সমিটাৰ, কমিউনিটি হেলথ চেণ্টাৰ, বি.আৰ.টি.এফ.ৰ কেম্প, দোকান ইত্যাদি আছে৷ তেজুৰ পৰা ইয়াৰ দূৰত্ব ১০২কিলমিটাৰ৷ হায়ুলিয়াঙলৈ ৫কিলমিটাৰমান থকা অৱস্থাত লোহিত নৈৰ ওপৰত পোৱা যায় পকী দলং৷ লোহিতৰ পাৰতে পৰিদৰ্শন বঙলাটো অৱস্থিত৷ তেজুৰ পৰা হায়ুলিয়াঙলৈ হেলিকাপ্তাৰ সেৱা আছে৷ এই অঞ্চলৰ উদ্ভিদসমূহৰ আকাৰ মন কৰিবলগীয়া৷ অৰুণাচলৰ জাতীয় প্ৰাণী মেথোনকে ধৰি জীৱ-জন্তু ইয়াৰ মানুহে প্ৰতিপালন কৰে৷ স্থানীয় লোকৰ সংখ্যা কম৷ শতকৰা আশী ভাগেই চৰকাৰী কৰ্মচাৰী৷ প্ৰয়োজনীয় সকলো বস্তুৱেই ইয়ালৈ তেজু বা তিনিচুকীয়াৰ পৰা আনিব লাগে৷

১৯৬২ৰ চীন-ভাৰতৰ 'ৱালঙৰ যুদ্ধ'ত চাইনীজ ৰে
ড আৰ্মীক ১১নং ইনফেনট্ৰি ব্ৰিগেডে ৰোধ কৰিবলৈ অক্ষম হলত ভাৰতীয় সেনা হায়ুলিয়াঙলৈ পিছ হুহকিবলৈ বাধ্য হৈছিল৷ আনহাতে চাইনীজ সেনা চাংৱিনটিৰ পৰা আৰু আগ বাঢ়ি নাহিল৷ এয়াই সেই ঐতিহাসিক হায়ুলিয়াং৷

ইয়াতে আছে আজিৰ পৰা ৩০বছৰ আগতে একেলগে পঢ়া মোৰ অৰুণাচলী সহপাঠী ধৰ্মেন, যি মোক তেজুত থকা সিহঁতৰ ঘৰলৈ লৈ গৈছিল৷ তাৰ মিচিমি মাকজনী, বায়েক-ভায়েক-ভনীয়েকহঁতে মৰমৰ নাগপাশেৰে পাহৰিব নোৱাৰাকৈ বান্ধি পেলাইছিল মোক৷ মাজে মাজে হেৰাই গ'লেও আচম্বিতে কেতিয়াবা নাহৰলগুনত, কেতিয়াবা ইটানগৰত লগ পোৱাৰ বছৰদিয়েক পিছত এইবাৰ দেখাদেখি হ'ম এই হায়ুলিয়াঙত!  তেহেলৈ মোৰ বাবেও হায়ুলিয়াং ইতিহাসেই হ'বলৈকে ৰৈ আছে!!

(পুৰণি বন্ধুৰ আতিথ্য গ্ৰহণৰ পৰিপ্ৰেক্ষিতত আজিলৈ হল্ট৷ কাইলৈ পুনৰ যাত্ৰা ৬২ৰ যুদ্ধথলীলৈ৷)

তিনি. 
হায়ুলিয়াঙৰ পৰা ৱালঙলৈ...

খুপা : হায়ুলিয়াঙৰ পৰা ৪২কিলমিটাৰ আগলৈ অৱস্থিত এই ঠাই৷ ইয়াত এটা সৰু তেল ডিপ, আমপানী নামে লজ আছে৷ খুপাৰ পৰা ১০০কিলমিটাৰ আগলৈ ৱালং৷

হাৱাই : আনজাৱ জিলাৰ সদৰ ঠাই৷ কামান মিচিমি দোৱানত হাৱাইৰ অৰ্থ হৈছে পুখুৰী৷ লোহিত নদীৰ বাঁওহাতে, হায়ুলিয়াঙৰ পৰা ৫৮কিলমিটাৰ দূৰত্বত দক্ষিণ-পূবে এই ঠাই অৱস্থিত৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ১,২৯৬মিটাৰ৷ ইয়াত লোহিত নৈৰ ওপৰত আনজাৱ নামৰ কেবোল চাচপেনচন ব্ৰিজ এখন আছে৷ নৈ পাৰ হৈ পাহাৰৰ বক্ষত থকা এই স্থানৰ জলবায়ু সুখকৰ৷ প্ৰাকৃতিক দৃশ্যাৱলীও মনোমোহা৷ জনজাতীয় সংস্কৃতিৰে একক আৰু অনন্য স্থান৷ হাৱাইৰ পৰা ৱালঙলৈ দূৰত্ব ৫০কিলমিটাৰ৷ হাৱাইত চাৰ্কিট হাউচ আছে৷

ৱালং : আনজাৱ জিলাৰ এখন প্ৰশাসনীয় ঠাই৷ ৱালং চাৰ্কোলৰ হেড-কোৱাৰ্টাৰ৷ মিচিমি দোৱানত ৱালং শব্দৰ অৰ্থ a place full of bamboos৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ১,০৯৪মিটাৰ৷ এই ঠাই লোহিতৰ পশ্চিম পাৰে অৱস্থিত৷ তেজুৰ পৰা ইয়ালৈ দূৰত্ব ২০০কিলমিটাৰ৷ ইয়াৰ পৰা চীন সীমান্ত ২০কিলমিটাৰ আঁতৰত৷ ১৯৬২চনৰ চীন-ভাৰত সমৰৰ থলী হিচাপে এই ঠাইৰ ঐতিহাসিক আৰু সামৰিক গুৰুত্ব আছে৷ তেজুলৈ ইয়াৰ পৰা বাছ চলে৷

ৱালঙৰ পৰিৱেশ শান্ত-সমাহিত৷ বিশাল পৰ্বতৰ থিয় ঢাল এটাত এই সৰু ঠাইখন৷ মাজেদি ৰাস্তাটো, তলত লোহিত নদী৷ জনবসতি সেৰেঙা৷ ৰাস্তাৰ একাষে পিচিঅ, চাহ দোকান, চেলুনকে ধৰি এশাৰী দোকান৷ ৱালং জেনেৰেল ষ্টৰ ৱালঙৰ একমাত্ৰ অসামৰিক দোকান৷ আনকাষে সৰু সৰু ঘৰ৷ দৰাচলতে ৱালং এখন আৰ্মী কেণ্টনমেণ্ট৷ সৈন্য বাহিনীৰ কেম্পটোৱেই ডাঙৰ ইয়াত৷ লোহিতৰ পাৰত সিঁচৰতি হৈ আছে সেনাৰ কোৱাৰ্টাৰ বা বেৰেকবোৰ৷ ইয়াত এটা হেলিপেড আৰু ইন্সপেকচন বাংল আছে৷ পাহাৰৰ ওপৰলৈ আছে এটা চৰকাৰী চাৰ্কিট হাউচ৷ শিলৰ খটখটীৰে বজাৰৰ পৰা চাৰ্কিট হাউচলৈ চৰ্টকাট মাৰি যাব পাৰি৷ চাৰ্কিট হাউচৰ পৰা পৰ্বতৰ চূড়া আৰু উপত্যকাৰ দৃশ্য উপভোগ কৰিব পাৰি৷ উপত্যকাটোত সঘনাই ফেৰফেৰীয়া বতাহ বলি থাকে আৰু বেলি সোনকালেই নেদেখা হোৱাৰ ফলত আন্ধাৰো সোনকালেই হয়৷

ৱালঙত চীন-ভাৰত যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈন্যৰ প্ৰতি উচৰ্গা কৰা হৈছিল টাইম মেগাজিনৰ ৩০নবেম্বৰ ১৯৬২ তাৰিখৰ সংখ্যাটি৷ তাত এইবুলি উল্লেখ কৰা হৈছিল At Walong, Indian troops lacked everything. The only thing they did not lack was guts. ১৯৬২ৰ ছেপ্টেম্বৰত যেতিয়া চীনে ভাৰতৰ উত্তৰ-পূব খণ্ড Tiger's mouthএদি আক্রমণ চলোৱাৰ পৰিকল্পনা ৰচনা কৰিলে তেওঁলোকে ভাৰতীয় সৈন্য সষ্টম নোহোৱাটোকে প্ৰতিপন্ন কৰিছিল৷ তেনেকুৱা এক অভাৱনীয় পৰিস্থিতিত যিটোৱে চীনা সৈন্যক ভেটিবলৈ সমৰ্থ হল সেয়া আছিল ভাৰতীয় সৈন্যৰ সাহসিক প্ৰতিৰোধ৷ এই সংক্ৰান্তত দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১২নবেম্বৰত অল ইণ্ডিয়া ৰেডিঅযোগে দিয়া ভাষণে (My heart goes out for the people of Assam) চিন্তিত কৰি তুলিছিল সেই সময়ৰ অসমবাসী জনগণক৷ বহুতে বহুত ধৰণেৰে আজিও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ পিছত ২০নবেম্বৰৰ মাজনিশা ৰেডিঅ অষ্ট্ৰেলিয়াত শুনিবলৈ পোৱা গৈছিল এক ঘোষণা China has declared unilateral ceasefire৷ একপক্ষীয় যুদ্ধ বিৰতি৷ কোৱা হয়, ফৰৱাৰ্ড পলিচীৰ জৰিয়তে বাৰে বাৰে সীমা ঠেলাৰ বাবেই এনেকৈ ভয়ানক ধৰণে শাস্তি দি ভাৰতীয় সেনাৰ কামিহাড় ভাঙি দিছিল চুবুৰীয়া চীনে৷ চীনা কিয় আহিছিল তাৰ ব্যাখ্যাও অৱশ্যে বেলেগ বেলেগৰ মুখত বেলেগ ধৰণে শুনা যায়৷ আনহাতে, ইমান ওচৰলৈ আহিও, সেই ভাৰতীয় অঞ্চলসমূহ অধিগ্ৰহণ নকৰি চীনা কিয় ঘূৰি গল সেয়া আজিও ডাঙৰ প্ৰশ্ন৷

১৯৬২ৰ ২২অক্টোবৰৰ পৰা ১৬নবেম্বৰ পৰ্যন্ত শিখ, কুমাওঁন, গোৰ্খা আৰু ডোগ্ৰা ৰেজিমেণ্টৰ জোৱানসকলে উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে অজানা এলেকাটোত তয়াময়া যুদ্ধত লিপ্ত হল৷ যুদ্ধৰ বাবে কোনো ধৰণৰ প্ৰস্তুতি নথকা ভাৰতীয় সৈন্যই পৰ্যাপ্ত পৰিমাণৰ যুদ্ধাস্ত্ৰৰ অভাৱত আগ্ৰাসী চীনা সৈন্যৰ অতৰ্কিত আক্রমণত তিষ্ঠিব নোৱাৰিলে৷ সন্মুখ সমৰত বহুতৰে মৃত্যু হল৷ কোনো কোনোৱে ছত্ৰভংগ দিলে৷ প্ৰাণ লৈ বগুৱা বাই পলাওঁতে তিনিওফালে ওখ পৰ্বতে ঘেৰা দুৰ্গম ৱালং ভেলীত নিখোজ হল বহুজন৷ যিখিনি ৰল সেইখিনিৰ বাবে নিৰ্দেশ বুলিবলৈ একো কথাই নাথাকিল৷ শেষৰটো বুলেট হাতত থকালৈকে, শেষৰজন সৈন্য জীৱিত থকালৈকে তেওঁলোকে যুদ্ধ কৰি গল৷অৱশেষত গুলীয়াগুলী শেষ হল, যুদ্ধ বিৰতি হল৷ ভাৰতীয় বাংকাৰসমূহত দেখা গল সেনাৰ মৃতদেহবোৰ৷ চীনা সৈন্যই মৰাশবোৰ ঢাকিলে৷ দুৰ্গম পাহাৰৰ শিলৰ ফাঁকত, পাইন গছৰ তলত, ঘাঁহৰ মাজত যুদ্ধবিধ্বস্ত জোৱানৰ ইউনিফৰ্মৰ টুকুৰা, বন্দুক-বাৰুদকে ধৰি হাথিয়াৰ, ব্যক্তিগত বস্তু-বাহানি এতিয়াও সিঁচৰতি হৈ থকাৰ সম্ভাৱনা নুই কৰা নাযায়৷ ৱালঙৰ ভূমিস্খলনৰ থলী পৰিষ্কাৰ কৰোঁতে তেনে সামগ্ৰী এতিয়াও উদ্ধাৰ হৈছে৷

ৱালং যুদ্ধত নিহত যোদ্ধাসকলৰ সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে স্মাৰক হিচাপে ৱালঙত সজা হৈছে Hut of Remembrance৷ বগা ৰঙৰ সুদৃশ্য ৱাৰ মেমৰিয়েল বিল্ডিঙৰ কলা মাৰ্বলৰ ফলকত লোহিত ভেলীৰ উক্ত যুদ্ধত নিহত ছহিদ জোৱানসকলৰ নাম খোদিত কৰি ৰখা হৈছে৷ বহুসংখ্যক ভাৰতীয়ই চীন-ভাৰত যুদ্ধত ভাৰতীয় সেনাৰ এই আত্মত্যাগ আৰু বেদনাদায়ক ঘটনা-প্ৰৱাহৰ বিষয়ে আজিও হয়তো নাজানে৷ অৰুণাচল হিমালয়ৰ দুৰ্গম পৰ্বত শিখৰত প্ৰচণ্ড শীতৰ লগতে ভোক-পিয়াহত জৰ্জৰিত দেহাৰে মাতৃভূমিক বিদেশী শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যত প্ৰাণ আহুতি দিয়া বীৰ জোৱান ছহিদৰ নাম সময়ৰ এপিটাফত সোণালী আখৰেৰে কাললৈ খোদিত হৈ ৰল৷ সেই কষ্ট আৰু ত্যাগৰ আজিও নীৰৱ সাক্ষী হৈ ৰল সুউচ্চ পৰ্বতমালা আৰু পৰ্বতৰ ফাঁকেৰে বৈ থকা লোহিত নৈখন৷

ৱালঙৰ পৰা কিবিথোলৈকে সৰ্পিল পথছোৱা লোহিতৰ পাৰে পাৰেই নিৰ্মাণ কৰা হৈছে৷ ভাৰতীয় সেনা আৰু সীমান্ত পথ সংগঠনে এই অঞ্চলৰ বাট-পথবোৰ নিৰ্মাণ কৰিছে৷ পথছোৱাত পকী দলঙৰ উপৰি বাঁহ আৰু কাঠৰ তক্তাৰে নিৰ্মিত, তাঁৰেৰে খোপনি ধৰি ৰখা অনেক ওলোমা দলং দেখিবলৈ পোৱা যায়৷ অপৰ্যাপ্ত পৰিমাণে পোৱা পাইন কাঠেৰে নিৰ্মিত ইয়াৰ ঘৰবোৰ৷ সমগ্ৰ অঞ্চলটোৰেই দৃশ্যাৱলী চালে চকুৰোৱা৷ ৰাজ্যখনৰ ভিতৰতে ই অতিশয় সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলী৷ পাহাৰৰ বক্ষত ৰোমাঞ্চকৰ আৰু শিহৰণকাৰী ট্ৰেকিঙৰ বাবেও এখন জনপ্ৰিয় ঠাই৷

(আজিলৈ ৱালঙতে হল্ট৷ কাইলৈ পামগৈ ডং, যত সূৰুযে ভুমুকি মাৰে, দেশখনৰ ভিতৰতে সকলোতকৈ আগেয়ে৷)

চাৰি. 
ডং : ৰাঙলী সূৰুযে যত পোনতে ভুমুকিয়াই

টিলাম : ৱালঙৰ পৰা ৪কিলমিটাৰ আঁতৰত এই ঠাইখন৷ এই ঠাই গৰম পানীৰ উহৰ বাবে জনাজাত৷ লোহিত আৰু দিচু নৈৰ মিলনস্থলত আছে তেনে এটি উষ্ম প্ৰৱাহ৷ ঔষধি গুণসম্পন্ন এনে উষ্ণ প্ৰৱাহৰ ধাৰ এটাৰ দাঁতিতে চাৰ্কিট হাউচ এটা সজা হৈছে৷

নামটি ভেলী : সাধাৰণতে নামটি ময়দান নামে জনাজাত এই ঠাই ৱালঙৰ পৰা ৭কিলমিটাৰ দূৰত্বত, ৱাৰ মেমৰিয়েলৰ পৰা আগলৈ, কিবিথোলৈ যোৱাৰ পথত অৱস্থিত৷ প্ৰাচীনকায় পাইন গছেৰে ভৰা ই এটা উপত্যকা৷ ১৯৬২ত চীনা যুদ্ধৰ ফলত ৰক্তাক্ত হৈছিল নামটিৰ পাৰ্বত্য অঞ্চল৷ যুদ্ধত অৱতীৰ্ণ হোৱা ভাৰতীয় সৈনিকৰ সাহসৰ আজিও নীৰৱ সাক্ষী হৈ ৰৈছে এই উপত্যকা৷ এখন বিশেষ স্থান হিচাপে খোদিত হৈ ৰৈছে ভাৰতীয় সেনাৰ যুদ্ধ-বিগ্ৰহৰ ইতিহাসত৷ সেয়ে এই উপত্যকা বিশেষ পৰ্যটন থলী হিচাপে পৰিগণিত৷ ইয়াৰ জলবায়ু শীতল আৰু স্বাস্থ্যকৰ৷

কাহ : নামটি ভেলীৰ পৰা আগলৈ৷ কাহ হৈছে সুউচ্চ পৰ্বত শৃংগৰ মাজৰ উপত্যকাত চীন সীমান্তত অৱস্থিত এখন সৰু গাঁও৷ এয়াই ভাৰতৰ পূব সীমান্তৰ শেষ বসতি৷ Line of Actual Control ইয়াৰ পৰা তেনেই ওচৰত৷ এখন গ্ৰাম্য বিদ্যালয় লোহিত গুডউইল স্কুল, বৌদ্ধধৰ্মীসকলৰ এটা মনেচটাৰী, সৰু চাহ দোকান, পি.চি.অ. আদিৰে ই এখন নীৰৱ ঠাই যত কুমাৰী প্ৰকৃতিয়ে অনুপম দৃশ্যৰাজিৰে মোক চা মোক চা কৰি ৰয়৷ অনৱৰতে সেনাৰ তহলদাৰী চলি থাকে সীমান্তৱৰ্তী এই অঞ্চলত৷ সেনাবাহিনীৰ জোৱানৰ অনুগ্ৰহত দূৰবীণ যন্ত্ৰৰে ইয়াৰ পৰা চীনৰ দিশে চাব পাৰি৷

ডং : ভাৰতৰে পূৰ্বদিশৰ সূৰ্য উঠা দেশ অৰুণাচল৷ এই অৰুণাচলৰে সবাতোকৈ পূবত ভাৰতৰ ভিতৰত সবাতোকৈ আগেয়ে সূৰ্য উঠা ঠাই ডং৷ সেয়াই ইয়াৰ প্ৰাকৃতিক, ভৌগোলিক গুৰুত্ব আৰু বিশেষত্ব৷ তিনিখন ৰাষ্ট্ৰ ক্রমে ভাৰত, চীন আৰু ম্যানমাৰৰ সীমাই পৰস্পৰে পৰস্পৰক চুই থকা ভূখণ্ডৰ তেনেই ওচৰত, লোহিত আৰু চাই-টি নৈৰ মিলনস্থলৰ সমীপত, সমুদ্ৰপৃষ্ঠৰ পৰা ১,২৪০মিটাৰ উচ্চতাত অৱস্থিত এই ঠাই৷ ভৌগোলিক অৱস্থান ২৮ডিগ্ৰী ১৬'৬৪'' উত্তৰ অক্ষাংশ আৰু ৯৭ডিগ্ৰী ৩'৮১'' পূব দ্ৰাঘিমাংশ৷ চৌপাশৰ অমলিন সৌন্দৰ্যৰে ডং আজিও সমুজ্জ্বল যত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বপ্ৰথমে পুৱাৰ সূৰুযে কোমল কিৰণেৰে দেশবাসীক সুপ্ৰভাত জনায়৷দুফালে বৃহৎ পৰ্বত, কাষেৰে লোহিত নৈ৷ প্ৰায় ৪,০০০ফুট ওখ শৃংগ৷ ইয়াৰ পৰা চীনলৈ পোনে পোনে ১০কিলমিটাৰো কম৷

১৩০ফুট বহল এখন ওলোমা সেতুৰে ৩০ফুট তলত হৰহৰাই বৈ থকা লোহিত নৈ পাৰ হৈ ডঙলৈ ৱালঙৰ পৰা দূৰত্ব ৭কিল
মিটাৰ৷ লোহিতৰ বাঁওপাৰে অৱস্থিত এইখন এখন সৰু অথচ ধুনীয়া গাঁও৷ চহকী সাংস্কৃতিক সম্পদেৰে সমৃদ্ধ মেয়ৰ জনগোষ্ঠীৰ লোকৰ আবাসস্থল৷ পাইন বনাঞ্চল আৰু বৰফাবৃত্ত পাহাৰে ইয়াক আগুৰি আছে৷ খোজ কাঢ়ি পাহাৰ বগাই ইয়ালৈ ১ঘণ্টা ৩০মিনিটৰ বাট৷ প্ৰথম ভাৰতীয় সূৰ্যোদয়ৰ অপূৰ্ব দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে আগদিনাই আহি ৱালঙত থাকি লৈ মাজনিশা ২বজাতে দৰ্শনকাৰী সাজু হব লগা হয় কষ্টসাধ্য ট্ৰেকিঙৰ বাবে৷ মিলেনিয়াম পইণ্টলৈ যাবৰ বাবে ভাৰতীয় সেনাৰ অনুমতিৰ প্ৰয়োজন৷ ডং উপত্যকাটো পাৰ হৈ এখন মালভূমিৰ পৰা এই মহাজাগতিক দৃশ্য দেখা যায়, যাৰ দূৰত্ব ৱালঙৰ পৰা ১২কিলমিটাৰ৷

বাতৰি কাকতত প্ৰথমবাৰৰ বাবে ডঙৰ নাম প্ৰকাশ হৈছিল ২০০০চনত৷ কেইগৰাকীমান অনুসন্ধিৎসু পৰ্যটকৰ সহস্ৰাব্দৰ সূৰ্যোদয় দৰ্শনে ব্যাপক প্ৰচাৰ লাভ কৰাৰ পিছৰ পৰাহে দৰাচলতে অৰুণাচল চৰকাৰে ডঙৰ প্ৰতি গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে৷ সৃষ্টিৰ সৌন্দৰ্যৰ এই নিভাঁজ থলীত সামৰিক বাহিনীৰ জোৱানৰ বাহিৰে বহিৰ্বিশ্বৰ মানুহে তেতিয়াৰ পৰাহে ভৰি দিবলৈ আৰম্ভ কৰিলে৷ সেইসকল অগ্ৰজৰ পদাংক অনুসৰণ কৰি, অভিজ্ঞতাক সাৰথি কৰি, নিজস্ব সত্যানুসন্ধানৰ দিশে অন্তহীন উত্তেজনাত এতিয়া নিদ্ৰাহীন ৰজনী কটাইছে আমাৰ দৰে কৌতূহলী কতজনে!

তেতিয়াই জানিছিলোঁ, এই ঠাইখনত মানুহ নগণ্য৷ সংখ্যাত কেৱল তিনিঘৰ৷ গাঁওবাসীয়ে ৱালং পাবলৈ ডেৰ ঘণ্টা খোজ কাঢ়িবলগীয়া হয়৷ যান-বাহন চলাচলৰ ৰাস্তা নাই৷ তাকে নকৰি সাহসক সাৰথি কৰি ৰপৱেত নিজকে জুঁটি পুলিৰ সহায়ত স্লাইড কৰি এক মিনিটতে পাৰ হৈ যাব পাৰি খৰস্ৰোতা লোহিতৰ ওপৰেদি৷ তেনেকৈয়ে আনকি কোলাত কেঁচুৱা লৈ মহিলাও পাৰ হয়৷ তেনেকৈয়ে লৰা-ছোৱালীয়ে ৱালঙত স্কুলত পঢ়িবলৈ যায়৷ বিপদক সন্মুখত লৈ প্ৰতিবাৰতে চলে যেন এক ধৰণৰ এডভেন্সাৰ! আৰ্মীৰ লোকসকলৰ সৈতে কথা-বতৰা পতা আৰু স্কুলত শিকাৰ ফলতে ইয়াৰ লোকসকলে হিন্দী ভালকৈ কব পাৰে৷

ডঙত থকা সকলো লোকেই খেতিয়ক৷ পাহাৰৰ বক্ষত যি সামান্য সমতল ঠাই পোৱা যায়, তাতে জুম পদ্ধতিৰে ধান, মাকৈ আদিৰ খেতি কৰে লামা সম্প্ৰদায়ৰ এই মানুহকেইঘৰে৷ কুকুৰা, গাহৰি আদিও পোহে৷

ডঙত বাস কৰা লাদু, পুতচাং, জাজি, দৰমা, দৰজি, তিংকাহঁতৰ মাজৰ কোনো কোনোৱে তেজুলৈ গৈছে, ৰাজধানী ইটানগৰ হ
লে দেখাগৈ নাই৷ তাত চৰকাৰে থাকে বুলি শুনিছে৷ আৰু দিল্লী? সেয়াটো বহু দূৰ৷ কল্পনা কৰাও টান৷

তেজুৰ পৰা ডঙলৈ দূৰত্ব ২১৫কিল
মিটাৰ৷ হায়ুলিয়াঙৰ পৰা ১১২কিলমিটাৰ৷ তিনিচুকীয়াৰ পৰা পূবে ৩৫০কিলমিটাৰ৷ ৱালঙৰ পৰা ডঙলৈ যাওঁতে সেনাৰ অনুমতি লৈ কিছুদূৰ গাড়ীৰে আগুৱাই যাব লাগে৷ সৈন্য বাহিনীৰ মৰ্জিৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰে৷

(সূৰ্যোদয় দৰ্শন নহলে ভাৰত দৰ্শন মিছা৷ গতিকে ডঙতে আজিলৈ হল্ট৷ কাইলৈ যাত্ৰা উত্তৰ-পূবৰ একেবাৰে পূবলৈ, পথটো যত শেষ হৈছে৷)

পাঁচ. 
'মিছন একমপ্লিছড'

আন্তৰ্জাতিক সীমা লাইন অফ একচুৱেল কণ্ট্ৰ৷ সিপাৰে ৰিমা৷ এইপাৰে কিবিথো৷ ভাৰতবৰ্ষৰ একেবাৰে পূব দিশত স্থায়ীভাৱে বসতি কৰা মানুহৰ অন্তিম বাসস্থলী কিবিথো৷ এখন সৰু, গ্ৰাম্য ঠাই, সুউচ্চ পাহাৰে যাক ঘেৰি ৰাখিছে৷ আৰু সেই ওখ পৰ্বতলানিৰ সিপাৰেই অদূৰত প্ৰতিৱেশী পিপুল্চ ৰিপাব্লিক অফ চাইনা, মানে চীন দেশ৷ অনেক প্ৰতিবন্ধকতাৰ মাজত থাকি এক প্ৰকাৰৰ প্ৰত্যাহ্বানমূলক জীৱন-যাত্ৰাৰে কিবিথো আৰু ইয়াৰ কাষৰ-পাজৰত বাস কৰা সংখ্যানগণ্য অধিৱাসীসকলে দৈনন্দিন অতিবাহিত কৰি আহিছে৷ প্ৰতিকূল পৰিস্থিতিৰ মাজত নিজৰ উপস্থিতিৰে কিবিথোক কৰি তুলিছে উত্তৰ-পূবৰ অন্তিম পূব প্ৰান্তত ভাৰতীয়ৰ শেষ বসতি৷ কবলৈ গলে, দেশৰ মানচিত্ৰত চালে একেবাৰে পূবত দেখা-নেদেখাকৈ অঁকা এইটো অকণমানি এটা বিন্দু মাত্ৰ৷ ইষ্ট অফ দ্যা নৰ্থ-ইষ্ট৷ আনহাতে চন ২০০০ সূচনা হোৱাৰে পৰাই কেইবাটাও কাৰণত লাহে লাহে এই বিন্দুটোৱে কৌতূহলী মানুহৰ দৃষ্টিক টানি নিব ধৰিছে৷ ভাৰতীয় সৈন্য বাহিনীৰ সীমান্ত নিৰাপত্তাৰ এয়া শেষ ফৰৱাৰ্ড বেছ যৰ পৰা খালী চকুৰে দেখা যায় ৰঙাচীনৰ বগা পৰ্বতমালা৷ আচলতে এখন নহয়, দুখন বিদেশী ৰাষ্ট্ৰৰ সৈতে এইডোখৰত সংযুক্ত হৈ ৰৈছে আমাৰ দেশৰ সীমা৷ উত্তৰত চীন, পূবফালে ম্যানমাৰ৷ গতিকে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এই ঠাই সদায়েই গুৰুত্বপূৰ্ণ৷

১৯৬২ৰ চীন-ভাৰত যুদ্ধৰ নীৰৱ সাক্ষী কিবিথো৷ ইয়াৰ ভৌগোলিক অৱস্থান ২৮ডিগ্ৰী১৬'৪৯.৩'' উত্তৰ অক্ষাংশ আৰু ৯৭ডিগ্ৰী০'৫৯.৪'' পূব দ্ৰাঘিমাংশ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ১,৩০৫মিটাৰ৷ লোহিতৰ সোঁপাৰে অৱস্থিত এই ঠাই অৰুণাচল প্ৰদেশৰ আনজাৱ জিলাৰ কিবিথো চাৰ্কোলৰ হেডকোৱাৰ্টাৰ৷ হাৱাই-ৱালং তহচিলৰ অন্তৰ্গত৷ পশ্চিমে মানচাল তহচিল আৰু হায়ুলিয়াং তহচিল, দক্ষিণে চংলংগাম তহচিল আৰু পশ্চিমে আনজাৱ তহচিলে ইয়াক বেৰি ৰাখিছে৷ তেজুৰ পৰা কিবিথোলৈ দূৰত্ব ২৩০কিল
মিটাৰ৷ জিলা সদৰ হাৱাইৰ পৰা দক্ষিণে ২৭কিলমিটাৰ, হায়ুলিয়াঙৰ পৰা উত্তৰে ১৪০কিলমিটাৰ, ৱালঙৰ উত্তৰে প্ৰায় ৩০কিলমিটাৰ দূৰত্বত এই মনোমোহা স্থান৷

থিয় পাহাৰ আৰু খৰস্ৰোতা নৈয়ে মন-প্ৰাণ আলোড়িত কৰা কুমাৰী প্ৰকৃতিৰ বিনন্দীয়া লেণ্ডস্কেপেৰে অপূৰ্ব কিবিথো অঞ্চল৷ হিম-শীতল আৰু স্বাস্থ্যকৰ ইয়াৰ জলবায়ু৷ চীন সীমান্তৰ দুশাৰী পৰ্বতৰ মাজেৰে সোমাই আহি সোঁ দাঁতিয়েদি বৈ গৈছে নীলা নৈ লোহিত৷ ব্ৰহ্মপুত্ৰৰ এই মূল উপনৈখনে সিপাৰৰ পৰা খৰ গতিৰে এইমুৱাকৈ আহি ভাৰত ভূখণ্ডৰে নামনি অভিমুখে গতি কৰিছে বৰনৈক লক্ষ্য কৰি৷ চমৎকাৰ জলপ্ৰপাত, গৰম পানীৰ বোঁৱতী ধাৰ, পাইন গছৰ সোঁ-সোঁৱনিভৰা ঘন অৰণ্য, পৰাশ্ৰয়ী উদ্ভিদ, বনৰীয়া ফল-ফুল, বন্যপ্ৰাণী, সুউচ্চ সেউজ পাহাৰ, চকু জুৰ পেলোৱা চিত্ৰবৎ সৌন্দৰ্যময় প্ৰাকৃতিক দৃশ্যৰে মেটমৰা এই এলেকা৷ ইয়াৰ কাষেৰেই বৈ যোৱা দিচু নৈকে ধৰি জান-জুৰি, নৈ-নিজৰা অঞ্চলটোত অনেক আছে৷ অনিশ্চয়তা আৰু বাধা-বিপত্তিৰ মাজেৰে ট্ৰেকিং, ৱাটাৰ ৰাফটিং, ১০,০০০ফুটৰ পৰা ১৬,০০০ফুট ওখ শৃংগৰে থিয় পৰ্বতাৰোহণ, ওলোমা দলঙেৰে বতাহৰ সৈতে মিতিৰালি পাতি দ্ৰুতবেগী নৈ অতিক্ৰমন ইত্যাদিবোৰ কিবিথোৰ প্ৰধান আকৰ্ষণ৷ এডভেন্সাৰপ্ৰেমীসকলৰ বাবে অনেক ধৰণৰ ক্রীড়াৰ প্ৰত্যক্ষ আমোদ লোৱাৰ সুযোগ আছে দাঁতি-কাষৰীয়া স্থানসমূহত৷ উত্তৰ-পূৰ্বাঞ্চলৰ পথৰ অন্তিমত অৱস্থিত এই ঠাই সম্প্ৰতি অৰুণাচল প্ৰদেশৰ ভিতৰতে সবাতোকৈ আকৰ্ষণীয়, প্ৰদূষণমুক্ত পৰ্যটন থলী হিচাপে উন্নীত হৈছে৷

জাখ্ৰিং আৰু মিচিমি এই ঠাইত বাস কৰা প্ৰধান জনজাতি৷ মিচিমিসকল নিপুণ কাৰুশিল্পী৷ নিজৰ বুকুত ওলোমাই লোৱা, অজগৰৰ ছালেৰে তৈয়াৰী খাপ এটাৰ ভিতৰত সোমাই থকা মিচিমি-দাখনেই প্ৰতিজন মিচিমি পুৰুষৰ বিপদ-আপদৰ চিৰসংগী৷ সঘনাই চলাচল কৰা সামৰিক বাহিনীৰ ট্ৰাকবোৰেই সাধাৰণ জনজাতীয় লোকৰ যাতায়াতৰ একমাত্ৰ আশা-ভৰসা৷ সৈন্য বাহিনীৰ ওপৰত পূৰামাত্ৰাই নিৰ্ভৰশীল তেওঁলোকৰ জীৱন৷

১৯৬২ৰ চীন-ভাৰতৰ যুদ্ধ সংঘটিত হোৱা অঞ্চল এইটো৷ দেখা নাই, কিন্তু পঢ়িবলৈ পাইছোঁ যে উক্ত যুদ্ধৰ কিবিথো আছিল হৃৎপিণ্ড স্বৰূপ৷ আক্রমণকাৰী চীনা সৈন্যৰ ইয়ে আছিল প্ৰৱেশদ্বাৰ৷
ৱালঙৰ যুদ্ধ বুলি জনাজাত চীনো-ইণ্ডিয়া ৱাৰত চীনা বাহিনীক প্ৰতিৰোধ কৰিবলৈ গৈ ৪,০০০ চীনা সৈন্যৰ সন্মুখত আত্মবলিদান দিছিল অনেকজন ভাৰতীয় সেনাই৷ সেই কিবিথোৱেই এতিয়া চিকিমৰ নাথু-লা আৰু অৰুণাচল প্ৰদেশৰ বুম-লাৰ পিছতে পৰিগণিত হৈছে ভাৰত-চীন মৈত্ৰী সম্পৰ্কৰ নতুন মেলটিং পইণ্ট হিচাপে৷ বৰ্ডাৰ পাৰচনেল মিটিঙক উদ্দেশ্য কৰি উভয় দেশৰে প্ৰতিনিধি ইয়াত মিলিত হৈছে পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ মানসেৰে৷ চীন-ভাৰত সীমান্তৰ এইখন তৃতীয় স্থান যত উভয় পক্ষৰ মাজত সৌহাৰ্দপূৰ্ণ বাৰ্তা আৰু ভাবৰ বিনিময়, দৃষ্টিভংগীৰ আদান-প্ৰদান চলিব লাগিছে৷ ভাৰত-চীন কূটনৈতিক সম্পৰ্কৰ দিশত ইয়ে এক নতুন আৰম্ভণিৰ ইংগিত বহন কৰিছে৷

ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ শেষ বসতি স্থল এই কিবিথো৷ এই ঠাইৰ পৰা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত অভিমুখে খোজ কাঢ়ি যাব পাৰি৷ এইপাৰে যেনেকৈ ভাৰতীয় সেনাৰ কোঠ, ঠিক তেনেকৈ সিপাৰে ৰাউ ট্ৰেনজিত পইণ্টেৰে টাটু, টিথাং, ৰিমা, ৰংথু চু ভেলী আদি চীন অধ্যুষিত এলেকাত আছে চাইনিজ আৰ্মীৰ বাহৰ৷ ফ
ৰ লেন হাইৱেৰে সীমান্তৰ সিপাৰ তুলনামূলকভাৱে ভাৰতীয় অঞ্চলতকৈ ভাবিব নোৱাৰা ধৰণে উন্নত৷ আনহাতে ১৯৬২চনৰ আগৰ সময়ছোৱাত কিবিথোৰ পৰাই ৰিমাত থকা তিব্বতীয় গাঁওবাসীলৈ বুলি চাউলকে ধৰি ৰচদ-পাতিৰ যোগান ধৰা হৈছিল৷ যুদ্ধৰ সময়ছোৱাত চাইনিজ পি.এল.এ.ৰ সদস্যসকলে সেইবোৰ হজম কৰিছিল বুলিও পঢ়িবলৈ পোৱা যায়৷

২০০৮চনৰ ৩১জানুৱাৰী তাৰিখে ভাৰতৰ তদানীন্তত প্ৰধান মন্ত্ৰী ডক্টৰ মনমোহন সিঙে ঘোষণা কৰা, মেকমোহন লাইনৰ সমান্তৰালভাৱে, অৰুণাচলৰ উত্তৰ-পশ্চিমৰ টাৱাঙৰ পৰা দক্ষিণ-পূবৰ কানুবাৰীলৈ ২,৪০৭কিল
মিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত টু লেন ট্ৰেন্স অৰুণাচল হাইৱে আৰু ইষ্ট-ৱেষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ হাইৱেৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ বিজয় নগৰৰ পৰা তিব্বত সীমান্তৱৰ্তী টাৱাং জিলাৰ মাগো-থিংবোলৈ প্ৰস্তাৱিত ২,০০০কিলমিটাৰ দৈৰ্ঘ্যৰ অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱেই এই অঞ্চলতে পৰস্পৰে পৰস্পৰক ছেদ কৰাৰ কথা৷ প্ৰসংগক্রমে উল্লেখ্য যে নিৰাপত্তা আৰু সংস্থাপনৰ বাট মোকলোৱাৰ লগতে কিবিথো প্ৰমুখ্যে সীমান্তৱৰ্তী বিনন্দীয়া অঞ্চলসমূহক কেন্দ্ৰ কৰি পৰ্যটনৰ বিকাশ সধাটো এই পথ নিৰ্মাণৰ অন্যতম উদ্দেশ্য৷ কেন্দ্ৰীয় চৰকাৰৰ লুক ইষ্ট পলিচীয়ে এই দুৰ্গম ঠাইসমূহৰ কষ্টকৰ জীৱন-যাত্ৰাত অভ্যস্ত মানুহখিনিৰ আশা-আকাংক্ষা কেনেভাৱে পূৰণ কৰেগৈ তাক জানিবলৈ হ'লে সময়লৈ ৰ'ব লাগিব৷

অতীত খুঁচৰিলে আমি পাওঁ, আজিৰ পৰা ৫৩বছৰৰ পূৰ্বে দেশে এই স্থানতে বিদেশী মিলিটাৰী আক্রমণৰ সন্মুখীন হৈছিল, পৰাজিত হৈছিল আৰু তেনেকৈয়ে প্ৰমাণিত হৈছিল ভাৰতীয় সৈন্য আৰু ৰাজনীতিক সষ্টম হৈ নথকাৰ ছবিখন৷ চীনৰ আক্রমণৰ অৰ্ধশতিকা পূৰ্তিৰ ক্ষণত ইণ্ডো-চাইনা যুদ্ধত ভাগ লোৱা, মৃত্যুবৰণ কৰা, হেৰাই যোৱা সেই সাহসী ভাৰতীয় জোৱানসকলৰ স্মৃতিত সেই সীমান্ত চকী উচৰ্গা কৰা হৈছে৷

অৰণ্যানিৰে আৱৰা ঠাইখণ্ড আগতে সামৰিকভাৱে নিয়ন্ত্ৰণ কৰি থকা হৈছিল লোহিত জিলাৰ তেজুত থকা ব্ৰিগ্ৰেড হেডকোৱাৰ্টাৰৰ পৰা৷ কিবিথোত এতিয়া ব্ৰিগেড হেডকোৱাৰ্টাৰ স্থাপন কৰা হৈছে৷ স্বাভাৱিকভাৱেই নিৰাপত্তাজনিত কাৰণত অঞ্চলটোত সাধাৰণ লোকৰ প্ৰৱেশ আৰু গতি-বিধিত অহৰহ কাঢ়া নজৰ ৰখা হয়৷ পৰীক্ষা চকীত সবিশেষ দাখিল কৰিব লাগে৷

ইয়াত এটা হেলিপেড আৰু সৰু-সুৰা দোকান আছে৷ কিবিথোৰ বজাৰ পাৰ হৈ আগলৈ আছে ভিউ পইণ্ট৷ তাৰ পৰা বাউণ্ডেৰী লাইন, ন
মেন্চ লেণ্ড, চাইনিজ বাংকাৰ আদি চাব পৰা যায়৷ উত্তৰৰ আৰু দক্ষিণলৈ কিবিথো এটা উপত্যকা আৰু পূব আৰু পশ্চিম প্ৰান্তত পৰ্বতৰ শিখৰ৷ ৩০কিলৱাট শক্তিসম্পন্ন মাইক্র'-হাইডেল ইলেকট্ৰিক প্ৰজেক্ট এটাও নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ আগলৈ থকা কাহ গাঁৱৰ বাবেও ৩০কিলৱাট শক্তিসম্পন্ন মাইক্র'-হাইডেল ইলেকট্ৰিচিটি জেনেৰেচন প্ৰজেক্ট আছে৷ প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশ দেশখনৰ ভিতৰতে সৰ্বাধিক সমল আৰু সম্ভাৱনাৰে চহকী৷ হিমালয়ৰ পাদদেশেৰে বৈ অহা খৰস্ৰোতা নৈবোৰেই তাৰ মূল আধাৰ৷ ৬৪কিলমিটাৰ আঁতৰত লোহিত আৰু দিচু নৈৰ সংযোগস্থলতো গৰম পানীৰ প্ৰবাহ আছে৷

দেশপ্ৰেমত উদ্বুদ্ধ প্ৰত্যেকজন ভাৰতীয়ই চাবলগীয়া ইয়াৰ এটা স্থান হ
ল হেলমেট টপ৷ ৱালঙৰ পৰা ইয়াৰ দূৰত্ব ১৮কিলমিটাৰ৷ একালত এই পৰ্বতশিখৰ দেশৰ প্ৰতিৰক্ষাৰ অৰ্থে ভাৰতীয় সেনাৰ বাবে সুচল ঠাই আছিল৷ চীন-ভাৰতৰ যুদ্ধৰ সময়ত একাংশ জোৱান ইয়াতে আবদ্ধ হৈ পৰিছিল৷ হেডকোৱাৰ্টাৰৰ কোনেও তেওঁলোকৰ বিপদৰ বিষয়ে ভু-কে পোৱা নাছিল৷ ভোকে-পিয়াহে জৰ্জৰিত, প্ৰচণ্ড শীতত ঠেৰেঙা লাগি বৰফাক্রান্ত হৈ মৃত্যুমুখত পৰিছিল সেইসকল দুৰ্ভগীয়া সৈনিক৷ যুদ্ধখন অন্ত পৰালৈ কেৱল ৰৈ গৈছিল তেওঁলোকে পৰিধান কৰা হেলমেটকেইটা৷ তেওঁলোকৰ সাহস আৰু সমৰ্পিত প্ৰাণৰ স্মৰণাৰ্থে সেই স্থানত সজা হৈছে এটা স্মাৰক৷

সেউজীয়া অৰণ্য, শিলাময় পৰ্বত, জান-জুৰি, জলপ্ৰপাতেৰে ভৰপূৰ এই বৃহত্তৰ অঞ্চলটো৷ জনসমাগমৰ পৰা সুদূৰত প্ৰকৃতিৰাণীয়ে যেন ইয়াতেই সকলো ৰূপ-সৌন্দৰ্য অকৃপণভাৱে ঢালি-বাকি দিছে৷ এইখন এনে এখন পাৰ্বত্য নিবাস যিয়ে আগমনকাৰীৰ মন-প্ৰাণ হৰি নিব পাৰে৷ এইখনেই সেই ঠাই, আগুৱাই গৈ থকা বাটৰ প্ৰতিটো কেঁকুৰিত যি এটা কথা বাৰে বাৰে কৈ যায় যে প্ৰকৃতিৰ সৌন্দৰ্য কোনোপধ্যে জোখা নাযায়৷ লোহিতৰ ওপৰেদি ৰছীত ওলমি থকা দলংবোৰ পাৰ হোৱাটো ইয়ালৈ অহা প্ৰতিজনৰে বাবে নিঃসন্দেহে এক শ্বাসৰুদ্ধকৰ অভিজ্ঞতা৷ তেনেকুৱা ওলোমা দলঙৰ মধ্যভাগত সন্মুখীন হোৱা শক্তিশালী বতাহৰ কবলত পৰি দুলি থকা দলঙেৰে তলেদি বৈ থকা খৰস্ৰোতা নৈখন ইপাৰ-সিপাৰ হোৱাটো দৰাচলতে এটা ৰোমাঞ্চকৰ কামেই৷ অন্যান্য প্ৰাকৃতিক বাধাক জয় কৰা আন এটা কাম হৈছে কিবিথোৰ পৰা তালুক পাছলৈ পদচালনা৷ দেশৰ ভিতৰতে এইটো সবাতোকৈ চেলেঞ্জিং ট্ৰেকিং বুলি নিৰ্ণিত হৈছে৷ এই পথছোৱাত পোৱা যায় অনেক অৰ্কিড, বন্যপ্ৰাণী, গৰম পানীৰ প্ৰৱাহ, ভিনটেজ এয়াৰক্রেফটৰ ওলমি থকা অংশ আদি৷ সকলোবোৰৰ সমাহাৰে যেন সঁচা অৰ্থত অঞ্চলটোক কৰি তুলিছে
লেণ্ড অফ ফেণ্টাচী৷ ইয়াত কোনো কৃত্ৰিমতা নাই, সকলোৱেই প্ৰাকৃতিক৷

কিবিথোলৈ যোৱাৰ বাটত সুমথিৰাৰ বাগান পোৱা যায়৷ কথিত আছে, এই সুমথিৰাৰ ৰসবোৰত মিঠা হ
বৰ বাবে চেনী মিহলোৱাৰ প্ৰয়োজন নাই৷ মৌচুম্বীৰ দৰে পাতল ইয়াৰ বাকলি৷ ৰসো বেছি৷ কিন্তু এইবোৰত গুটি নাথাকে৷ অঞ্চলটোত পাইন গছৰ আধিক্যও মন কৰিবলগীয়া৷

এয়াই উত্তৰ-পূবৰ অন্তিম পূবৰ জনপদ৷ বৃহৎ ভাৰত ৰাষ্ট্ৰৰ এয়াই পূব প্ৰান্তৰ ৰাস্তাৰ শেষমূৰ৷ থাকিবৰ বাবে ইয়াত তেনেকুৱা কোনো আৰামী ঠাই, হোম ষ্টে
নাই৷ আই.বি. এটা আছে যদিও অনুমতি সহজ নহয়৷ অসুবিধাত পৰিলে আৰ্মীৰ অনুগ্ৰহতেই হয়তো তেওঁলোকৰ মেছত এটা ৰুম, এসাজ দাইল-ভাত কিবাকৈ পোৱা যায়৷ বিপৰীতে, থকা-খোৱাৰ কষ্ট যিমান যিয়েই নহওক কিয়, চৌপাশৰ দৃশ্যপটৰ সৌন্দৰ্যই ভ্ৰমণকাৰীক মোহিত কৰে৷ পাহৰাই দিয়ে তিনিচুকীয়াৰ পৰা কিবিথোলৈ কৰা ৩২০কিলমিটাৰ দৈৰ্ঘ্যৰ ভাগৰুৱা, বিপদসংকুল যাত্ৰাত পাৰ কৰি অহা প্ৰায় ২৮টা পাহাৰ, অনেক ইউ টাৰ্ণ, অনেক এছ টাৰ্ণ, ঠেক দলং, পথৰ খলা-বমা ইত্যাদি ইত্যাদি৷

উক্ত পথতে আগলৈ পোৱা হালধীয়া চাইনব
ৰ্ড এখনে দুৰন্ত পথিকক কৈ দিয়ে যে সেইখিনিয়েই ভাৰতবৰ্ষৰ একেবাৰে পূব প্ৰান্তৰ অন্তিম পথ৷ তাৰ আগলৈ আৰু পথ নাই৷

সেইখিনি পালেই যেন সকলোৱে সজোৰে চিঞৰি উঠে দুটা শব্দ... মিছন একমপ্লিছড৷

(যাত্ৰা সমাপ্ত)

Friday, 3 April 2015

সেই পথৰ পথিক হম ... 
যি পথেৰে যোৱা নাই সৰহ মানুহ

অৰুণাচলৰ মিঠা ৰদ কাঁচলিত
নিৰল আদিম সৰু গাঁও এখনি
নাম দিলে ডং যাৰ আকাশে আজি
উঠিছে শতিকাৰ প্ৰথম বেলি

অগ্ৰজ ভ্ৰাতৃপ্ৰতিম গীতিকাৰ ডাক্তৰ লোকেন্দ্ৰ ভট্টাচাৰ্যই চন ২০০০ত ৰচনা কৰা আৰু সুকণ্ঠী গায়িকা সন্ধ্য মেননে প্ৰাণ ঢালি কণ্ঠ নিগৰুৱা এই গীতটিয়ে বাৰে বাৰে মনটো উৰুৱাই নিছে সেই ডঙলৈ৷ কবলৈ লাজ পাওঁ, পোন্ধৰ বছৰ পিছত সাৰ পাইছোঁ মই, আমি৷ খোলাকৈ কবলৈ হলে পোন্ধৰ বছৰ পিছ পৰি ৰলোঁ সেইসকলতকৈ, যিসকলে সহস্ৰাব্দৰ সূৰ্যোদয় দৰ্শন কৰিলেগৈ অৰুণাচল প্ৰদেশৰ কঠিনগম্য ডং মালভূমিত৷ সেই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হবলৈ এইটো জীৱনত মই, আমি নোৱাৰিলোঁ৷ সময়োপযোগী চিন্তা-চেতনা, শক্তি-সামৰ্থৰ অভাৱে সেয়া কাৰ্যকৰী কৰিব নোৱাৰিলে৷

নিজকে নিজে সহস্ৰবাৰ ধিক্কাৰ দিয়াৰ পিছত এইবাৰ ওলাইছোঁ তালৈকে৷ তিনিচুকীয়াৰ পৰা ডুমডুমা, ৰূপাই চাইডিং, কাকপথাৰ, মহাদেৱপুৰ, ডিৰাক গেটেৰে অৰুণাচলত প্ৰৱেশ৷ নামচাই, চৌখাম, ৱাক্ৰু, পৰশুৰাম কুণ্ড, হাৱা পাচ, হায়ুলিয়াং, চাংৱিনটি, য়াচং, ৱালং৷ তাৰ আগলৈ কিবিথো৷ আন এফালে ডং৷ কোনোবাই কৈছিল, লোহিতৰ পাৰে পাৰে এই বাটেৰে হেনো অধিক অসমীয়া মানুহ যোৱা নাই৷ সহজসাধ্য নহয় বাবেই চাগৈ৷ একোটো চাবলৈ, খাবলৈ, পাবলৈ নাই বুলিয়ে চাগৈ৷ বৰষুণ, লেণ্ড শ্লাইডৰ বাবেও হ'ব পাৰে৷ চব জানি-শুনিও ওলাইছোঁ আমি৷ আমি মানে অৰুণদা, সঞ্জু, অনিলদা আৰু মই৷ চাৰিজনীয়া মাৰ্কপল’’ কৌতূহলী মনটোত ইচ্ছাৰ প্ৰৱলতা আৰু বুকুৰ ভিতৰত আশা এটা৷ পোন্ধৰ বছৰ পিছত থাকিও পাবগৈ লাগিব সেই ঠাই৷ আজিও য'লৈ সৰহ মানুহ যোৱা নাই৷ মুহূৰ্তে মুহূৰ্তে এতিয়া কেৱল তাৰে প্ৰতীক্ষা আৰু প্ৰাৰ্থনা৷ অৰুণাচল বুলিলে হৃদয়ৰ একোণত নিগাজীকৈ ঠাই অকণমান সৌ কেতিয়াবাৰে পৰাই৷ অৰুণাচলে আকৌ হাত বাউলি দিছে৷ তাৰে সঁহাৰিত ওলাইছোঁ আজি তেজু অভিমুখে, সুদীৰ্ঘ বাইশটো বসন্তৰ মূৰত! নিজকে নিজে কৈছোঁ...

সেই পথৰ পথিক হ
যি পথেৰে যোৱা নাই সৰহ মানুহ,
সেই পথেৰে যাব বিচাৰিছোঁ
যি পথত আছে উত্তৰ-পূবৰ অন্তিম পূব৷

ফ্ৰম ৰড টু নড৷

যি পথৰ দাঁতিত থাকিব শেষ ফলকখন
যি ফলকত লিখা থাকিব শেষ বাক্যটো
ড এহেড,

দ্যা ৰড এণ্ডছ্‌ হিয়েৰ৷

সেই পথৰে পথিক হ'ম
যি পথেৰে যোৱা নাই সৰহ মানুহ৷