অভিযান-সাহিত্য
‘যদি তুমি পঢ়িব খোজা
বিষয়-বস্তুৰ গ্ৰন্থখন এতিয়াও লিখা হোৱা নাই, তেন্তে তুমি সেইখন নিশ্চিত ৰূপত লিখি
উলিওৱা ৷’ -টনী মৰিচন
কেনেকৈ পাৰ কৰিম পুনৰ এই দীঘলীয়া স্বনিৰ্বাসন ? গুৱাহাটীয়ানৰ মনত এতিয়া এইটোৱেই প্ৰশ্ন ৷ কোনো কোনোৱে কৈছে… পাগল হৈ যাম ভাই ৷ এজনেতো আৰু এখোপ আগলৈয়ে গ’ল… ওলাই যাবলৈ নাপালেতো মই মৰিয়ে থাকিম কিজানি ৷
যিয়েই নহওক, আটাইৰে ভালৰ কাৰণে আমি এই গৃহবন্দী
অৱস্থা নতশিৰে মানি ল’বই লাগিব ৷ ঘৰত সোমাই থাকক, নহ’লে হাস্পটালত থাকিব, নতুবা ফটোফ্ৰেমৰ মাজত সোমাবগৈ লাগিব ৷ কথাবোৰ এইদৰেই ওলাইছে
৷ কিন্তু এইটো ঠিক যে সময় ৰৈ নাথাকে, বাগৰি গৈ থাকিব ৷ আৰু এদিন, পৃথিৱী সুস্থ হ’ব ৷ আমিও মুক্ত হ’ম নিশ্চয় ৷
এনে আশাবাদৰ মাজেৰেই আমি বাচি থাকিব লাগিব ৷
সেইটো গুৰুত্বপূৰ্ণ ৷ কিন্তু কি কৰি থাকিম আমি, নাযায়-নুপুৱায় যেন লগা এই দুঃসময়
? আকৌ এক গম্ভীৰ প্ৰশ্নৰ অৱতাৰণা ৷
নিজস্ব চিন্তা-ভাবনাৰে উলিয়াই লোৱা সময়োপযোগী
কৰ্ম আৰু ঘৰুৱা ব্যস্ততাই ইয়াৰ সঠিক উত্তৰ ৷ এই সময়ছোৱা আমি লাভজনকভাৱে, জ্ঞানবৰ্ধকভাৱে
অতিক্ৰম কৰাটো প্ৰত্যেকৰে লক্ষ্য হোৱা উচিত ৷ অবাবত সময়ৰ অপচয় কৰাৰ পৰিৱৰ্তে বিভিন্নজনে
বিভিন্ন যোগাত্মক, উৎপাদনশীল পন্থা ইতিমধ্যে উলিয়াই লৈছেই ৷ তাৰে ভিতৰত উত্তম পন্থা
এটা হৈছে, আমি এই কালছোৱাত যথেষ্টখিনি পঢ়া-শুনা কৰি পেলাব পাৰোঁ ৷ হাতত কিতাপ-পত্ৰ
মজুত থাকিলেতো ভালেই ৷ যদি নাই, অনলাইনযোগেও পোৱাটো সম্ভৱ ৷ কিছু কিছু কিতাপৰ পি.ডি.এফ.
কোনো কোনোৱে উপলব্ধ কৰিছে ৷ আদান-প্ৰদান চলিছে ৷ ভাল কথা হৈছে ৷
তাকে চাই মোৰ মনলৈও ‘আইডিয়া’ (!) এটা আহিল ৷মোৰ ভ্ৰমণ-লেখাসমূহ
‘অসমীয়াত কথা-বতৰা’ (চমুকৈ অকব)ত পঢ়ি যাওঁতে অনেকজন
শুভাকাংক্ষীয়ে সেয়া কিতাপ আকাৰে প্ৰকাশ কৰাৰ বাবে পৰামৰ্শ দি আহিছে, আৱেদন জনাই আহিছে,
তাগিদা দি আহিছে ৷ তৎসত্ত্বেও এই পৰ্যন্ত মোৰ কোনো মুদ্ৰিত পুস্তক নাই ওলোৱা আৰু
কিজানি তেনেকুৱা নহ’বও ৷ লেখাবিলাকৰ কেৱল .ডক ফাইলহে আবদ্ধ কৰা হৈছে ৷
আগ্ৰহী পাঠক বা ভ্ৰমণপিয়াসী লোকলৈ ইতিহাস-ভূগোল-সংস্কৃতিভিত্তিক
এড্ভেন্সাৰধৰ্মী নিজৰ এই পৰ্যটন-ৰচনাসমূহ (অভিযান-সাহিত্য !) মই স্বেচ্ছাই প্ৰেৰণ
কৰিব খোজোঁ ৷ সচিত্ৰ ৰূপত পাবলৈ মোৰ ব্লগতো (abdussazid.blogspot.com) নিৰ্দ্বিধাই
সোমাব পাৰে ৷ নিৰ্বাসনৰ দিনকেইটাত ইচ্ছা কৰিলে একেমুঠে এইবোৰ পঢ়ি থাকিব পৰা যাব
৷ দিন ভাল হ’লে এপাক
মাৰি অহাত তেতিয়া বেচ সুবিধা হ’ব নিশ্চয় ৷ তাতে, প্ৰকৃতিৰ সৈতে সকলোৱে একাত্ম হৈ ৰোৱাটোৱেই সময়ৰ আহ্বান নহয়জানো
?
ঠিকে আছেনে আইডিয়াটো ? বাৰু এতিয়া কওক, তলৰ
কোনখন পঢ়িব বিচাৰিব আপুনি ?
১. অগস্তি-যাত্ৰা (পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল,
লে’ক অফ্ ন’ ৰিটাৰ্ণ ৷ জানুৱাৰী ২০১৩)
২. অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ
(ৱালং-ডং-কিবিথু চাৰ্কিটৰ লগতে তেজু-ৰ’য়িং-মায়’ডিয়া ৷
এপ্ৰিল ২০১৫)
৩. সোণালী নৈ সোৱণশিৰিৰ পাৰে পাৰে (জিৰ’-ডাপৰিজ’-তাকচিং চাৰ্কিট ৷ নৱেম্বৰ ২০১৫)
৪. আংগামী নগাৰ বৰভেটি খনমা আৰু আত্মা-আলোড়নকাৰী
ঝুক’ ভেলী (খনমা-ঝুক’ ভেলী ৷ জুলাই ২০১৬)
৫. মেন্-চু-খা (পাচিঘাট-আল’-মেন্-চু-খা চাৰ্কিট ৷ নৱেম্বৰ
২০১৬)
৬. শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (তিনিচুকীয়া-শদিয়া-ৰ’য়িং চাৰ্কিট ৷ মে’ ২০১৭)
৭. বগামাটিৰ সন্ধানত (নৰ্থ ইষ্ট এড্ভেন্সাৰ
টুৰিজিম ফেষ্টিভেল ৷ ছেপ্টেম্বৰ ২০১৮)
৮. লাংৱ’কু (ডিলাই-লাংৱ’কু ৷ নৱেম্বৰ ২০১৮)
৯. জংফাত এৰাতি (চকীহোলা-জংফা-কেইহাং ৰেনচ’ ৷ মাৰ্চ ২০১৯)
১০. থাই আপচিৰ (হামৰেণ-থাই আপচিৰ-খান্দুলি ৷
ছেপ্টেম্বৰ ২০১৯)
১১. যাত্ৰা বিচিত্ৰা ৫০ (বিদেশ ৰাষ্ট্ৰকে ধৰি
৫০টা ভ্ৰমণ কাহিনীৰ সমাহাৰ)
১২. যাত্ৰা সমাহাৰ (মহামায়া, ছেপ্টেম্বৰ ২০১২
৷ আকাশী গংগা, জানুৱাৰী ২০১৫ ৷ কাংথিলাংছ’, অক্টোবৰ ২০১৫ ৷ চাপানলা, ফেব্ৰুৱাৰী ২০১৬ ৷ ডিলাই পৰ্বত, অক্টোবৰ ২০১৬ ৷ শ্বিকদামাখা,
ডিচেম্বৰ ২০১৬ ৷ লাংচিথিং, অক্টোবৰ ২০১৮ ৷ চাইজাং, ফেব্ৰুৱাৰী ২০১৯)
১৩. কৰকাণ্ঠিছ’ : লংতাং পাহাৰৰ অচিন
দুৰ্গমতাত এদিন (ডিচেম্বৰ ২০১৯)
১৪. আনিনি… য’ত ডাৱৰে মাটিক চুমা যাচে (জানুৱাৰী-ফেব্ৰুৱাৰী
২০২০)
১৫. ৰেংমা হিল্ছৰ গভীৰ অৰণ্যত আতংকময় এনিশা
(ফেব্ৰুৱাৰী ২০২০)
পৰৱৰ্তী সংযোজন…
১৬. পৰ্যটন দিৱসৰ পৰ্যটন (ছেপ্টেম্বৰ ২০২০)
১৭. পৰিভ্ৰমী আমূৰ ফেলকনৰ সন্ধানত উমৰুখুটিত এৰাতি (নৱেম্বৰ ২০২০)
Check here for more songs lyrics
ReplyDeleteDr. Bhupen Hazarika song Lyrics
Ujjwal Aarong
Zubeen Garg song Lyrics
Neel Akash song Lyrics