Thursday 12 November 2020

 ৯. প্ৰত্যাৱৰ্তন যাত্ৰা

 


'Travel as much as you can, as far as you can, as long as you can. Life is not meant to be lived in just one place.'

৩ বাজিবৰ হল ৷ ৰন্ধনশালাৰ পৰা খাদ্যবস্তুসহিত ডেকচি-কেৰাহীবোৰ গোলাকাৰ খাদ্যথলীলৈ কঢ়িয়াই অনা হৈছে ৷ ঘৰত ১০ বজাত খাই আহিছিলোঁ হেতুকে ইয়াত ভাত নাখালেও চলে ৷ দ্বিতীয়তে, কাৰবি পৰম্পৰাগত আহাৰৰ দিহা কৰা হৈছে ৷ কি ঠিক, মোৰ বাবে নিৰামিষ খাদ্য নাথাকিবও পাৰে ৷ তাতে আমি হলোঁ আকস্মিক অতিথি ৷ এতেকে অসুবিধা জন্মোৱাটো মুঠেই শোভনীয় নহব ৷ লৰায়ো সেইবাবেই এনেকৈ খোৱাত অংশ গ্ৰহণ কৰাত অনিচ্ছা প্ৰকাশ কৰিছে ৷ গগৈ ছাৰৰ কিন্তু মতলব বেলেগ ৷ আনফালে খৰছিঙে আমাক জোৰ দি ধৰিছে ৷ ভাত খাই যাব লাগিব ৷ নিৰামিষৰ বাবে দাইল আৰু ভাজি আছে ৷ চিন্তা কৰিব নালাগে ৷ অগত্যা তিনিও একেশাৰীতে বহি দিলোঁ, ক্ৰ আৰু ৰংহাঙৰ লগতে ৷ নিৰামিষভোজীৰ কাৰণে এয়া স্পেচিয়েল দেই বুলি গগৈ ছাৰে অথনি লংনিত বজাৰত কিনা পটেট চিপ্‌ছৰ পেকেট এটা দিলে, ভাতৰ লগত খাবলৈ ৷ 

ছেৰদিহুন আৰু লাৰলিনাই গাইপতি একোটাকৈ বাঁহৰ চুঙা আৰু সন্মুখত কলপাত পাৰি দিছে ৷ পুইয়ে নেমুটেঙা, নিমখ-জলকীয়া বিলাইছে ৷ ঘৰুৱা ভাবত আটায়ে কামবোৰ কৰি গৈছে ৷ ডেকা বিলনীয়াহঁতে ভাত-দাইল-ভাজি দিলেহি ৷ মোৰ বাবে এয়াই যথেষ্ট ৷ বিপৰীতে, আমিষাহাৰীৰ বাবে চুঙাত সিজোৱা মাছ, তিল দি ৰন্ধা গাহৰিৰ মাংস ইত্যাদি ইত্যাদিৰ আয়োজন কৰা হৈছে ৷ 

খাদ্য খাই তৃপ্তি লাগিল ৷ দলৈ, চন্দ্ৰ আদি লংনিতৰ পৰা অহা ৰান্ধনিকেইজনে বৰ সোৱাদ লগাকৈ ৰান্ধিছে ৷ নাখাওঁ নাখাওঁ কৈ থকা আদিশেও ট্ৰেডিছনেল আহাৰৰ জুতি বেছকৈ পালে ৷ আগতে কেতিয়াও খাই নোপোৱা, চুঙাত ৰন্ধা মাছকেইটা খাই গুণ গাই থাকিল ৷ 

শৃংখলাবদ্ধভাৱে সকলোৱে একেলগে গোলাকাৰভাৱে বহি খোৱাত মনোনিৱেশ কৰি থকা অৱস্থাতে মই এফালৰ পৰা মূৰবোৰ গন্তি কৰিব ধৰিলোঁ ৷ মুঠতে ২৩টা ৷ তাৰ মানে কভিড-আক্ৰান্ত বিশ্ব পৰ্যটন দিৱসৰ আজিৰ আয়োজনত যোগদানকাৰীৰ সংখ্যা ২৩ জন মাত্ৰ ! 

লক্‌-ডাউনৰ নেতিবাচক প্ৰভাৱ ! এই প্ৰভাৱ কেৱল ইয়াতে নহয়, সমগ্ৰ পৃথিৱীতে আজি স্পষ্ট ৷ অতিমাৰী কৰনা ভাইৰাছৰ সন্ত্ৰাসত বিশ্বজুৰি মানুহৰ স্বাভাৱিক জীৱন-যাত্ৰা অচল হৈ পৰিছে ৷ দেশে দেশে মানুহ শংকিত ৷ আহ-যাহ, ভ্ৰমণ-পৰ্যটন স্তব্ধ ৷ ব্যৱসায়-বাণিজ্যতো সকলোফালে মন্দাৱস্থা ৷ বাতৰি কাকতৰ জৰিয়তে পোহৰলৈ অহা এক তথ্য অনুসৰি বিশ্ব পৰ্যটন ক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণে এতিয়ালৈ প্ৰায় ৩২ হাজাৰ কোটি ডলাৰ চুইছেগৈ ৷ বিশ্ব-অৰ্থনীতিৰ বাবে ই এক বৃহৎ মাধমাৰ ৷ খোদ ৰাষ্ট্ৰসংঘই এই কথা সদৰি কৰিছে ৷ 

৪ বাজিল ৷ পোহৰ কমি আহিছে ৷ অলপ সময় আলাপ-আলোচনা চলাৰ পাছতে আমি বিদায় লোৱাৰ কথা চিন্তা কৰিলোঁ ৷ সোনকালেই অঞ্চলটোলৈ অন্ধকাৰ নামি আহিব ৷ যাওঁ বুলি ওলাইছোঁ যদিও পানী খাবলৈ দিয়া বাঁহৰ চুঙাকেইটা হাতৰ পৰা হলে এৰা নাই ৷ ঘৰলৈ লৈ যোৱাৰ মতলব ৷ বাকীসকলক মাত দি আমি তিনিও লাহে লাহে লংছকাংথু পিকনিক্‌ স্পটৰ পৰা ওলাই আহি গাড়ীত বহিলোঁহি ৷ আদিশে ইঞ্জিন ষ্টাৰ্ট দিলে ৷ 

লংনিত, মাঞ্জা তিনিআলি পাৰ হলোঁ ৷ চিংৰি আহিথি ৷ চিংৰি বজাৰ ৷ মাঞ্জা-ডিফু পথৰ দাঁতিত স্থানীয় কাৰবি, বড়ো গঞা ৰাইজৰ উদ্যোগত নতুনকৈ বজাৰ এখন বহিছে ৷ গাড়ী ৰখোৱাচোন বুলি কোৱাৰ লগে লগে আদিশে ব্ৰেক মাৰিলে ৷ পোহাৰী এগৰাকীৰ কাষ চাপি, কথা পাতি গম পালোঁ যে আজি আৰম্ভণি হৈছে বজাৰখনৰ ৷ কব নোৱাৰাকৈয়ে, আচম্বিতে শুভদিন এটাৰ সাক্ষী হবলৈ পাই আনন্দ লাগি গল ৷ ঘূৰি-পকা অমিতা, লাইশাক, পানীলাউ, কলডিল আদি শাক-পাচলি কিছুমান কিনিলোঁ আৰু গাড়ীৰ ডিকিত ভৰাই ললোঁ ৷ গগৈ ছাৰেও ললে ৷ ডিফু বজাৰৰ তুলনাত সস্তাতে পালোঁ বস্তুবোৰ ৷

বিশ্ব পৰ্যটন দিৱসৰ পৰ্যটন সামৰি সন্ধিয়া ৬ বজাৰ আগে আগে ভালে-কুশলে, পৰিপূৰ্ণ মনেৰে ঘৰ সোমালোঁ ৷ গৃহ-প্ৰৱেশৰ পাছত ৱাট্‌ছএপত ঘনিষ্ঠ কেইজনমানলৈ মেছেজ বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী সামৰি এয়া ঘৰ সোমাইছোঁ ৷ জীপ লাইনিঙৰ ফটো একপিও লগতে গাঁঠি দি সকলোকে আচৰিত কৰি দিলোঁ ! (সমাপ্ত)

No comments:

Post a Comment