৬. লগ পালোঁ এভাৰেষ্টাৰ খৰছিং তেৰাঙক
‘You never conquer the mountain, you only conquer yourself.’
আমি গৈ পাওঁতে ৰান্ধনীঘৰৰ ভিতৰত কাম-কাজ তদাৰক আছিল খৰছিং তেৰাঙে ৷
আমাক দেখা পাই বাহিৰলৈ ওলাই আহিল ৷ ভাবিব নোৱাৰা ধৰণে হোৱা আমাৰ সোঁশৰীৰ উপস্থিতিত
অতিশয় সন্তোষিত হ’ল তেওঁ ৷ ‘চাৰপ্ৰাইজ ভিজিট’ বুলি কৈ আমিও
ধেমালি কৰিব ধৰিলোঁ ৷ নিৰিবিলি পৰিৱেশটোত তেওঁক লগ পাই আনন্দিত হ’লোঁ ৷
ক’ভিড প্ৰ’ট’কল অনুযায়ী
সকলোৰে ফে’চ মাস্ক পৰিধান কৰিছোঁ ৷ তেনেকৈয়ে কথা-বতৰা আৰম্ভ
হ’ল ৷ একে সময়তে
আমাক ব্ৰেকফাষ্ট খাই ল’বলৈ অনুৰোধ জনালে ৷ ঘৰত ভাত খাই আহিছোঁ
বোলাতো নেৰিলে ৷ সহকাৰীসকলে কলপাতত আহাৰ আৰু বাঁহৰ চুঙাত লালচাহৰ যোগান ধৰি গ’ল ৷
সাগৰ-পিঠিৰ পৰা ৮,৮৪৮ মিটাৰ ওখত থকা মাউণ্ট এভাৰেষ্টত ১৯৬৫ চনৰ পৰা
২০১৮ চন পৰ্যন্ত আৰোহণ কৰিবলৈ সক্ষম হোৱা ৪২২ গৰাকী ভাৰতীয় পৰ্বতাৰোহীৰ ভিতৰত খৰছিং
তেৰাং অন্যতম ৷ ডিফুৰ স্থানীয় লোক, পৃথিৱীৰ ভিতৰেত এজন বিশেষ শক্তিশালী মানুহ বুলি
তেওঁক লৈ আমাৰ গৌৰৱৰ অন্ত নাই, প্ৰশংসাৰো ভাষা নাই ৷ বাটে-পথে য’তেই নহওক লাগে,
লগ পালেই হ’ল, ৰৈ লৈ ট্ৰেকিং-কেম্পিং-এডভেঞ্চাৰ সম্পৰ্কীয় কথা
চলে ৷ সুন্দৰ ব্যৱহাৰ তেওঁৰ ৷ ভাল লাগে ৷
হিমালয়ৰ মোহত এবাৰ আচ্ছন্ন হৈ পৰিলে সেই মোহ ক্ৰমান্বয়ে বাঢ়ি গৈ
থাকে বুলি এষাৰ প্ৰেক্টিকেল কথা আছে ৷ খৰছিঙৰ এভাৰেষ্ট অভিযান আনন্দদায়ক মুঠেই নাছিল
৷ ২০১৫ চনত প্ৰথমবাৰৰ প্ৰয়াস নেপালত ২৫ এপ্ৰিলত হোৱা বিধ্বংসী ভূমিকম্পত ছাৰখাৰ হৈ
গৈছিল ৷ ৭.৮ ৰিখটাৰ প্ৰাবল্যৰ সেই ভূঁইকঁপত প্ৰায় ৯,০০০ মানুহৰ প্ৰাণহানি হৈছিল ৷ প্ৰায়
২২,০০০ মানুহ আঘাতপ্ৰাপ্ত হৈছিল ৷ কমেও ১৯গৰাকী পৰ্বতাৰোহীৰ মৃত্যু ঘটিছিল ৷ ১০০জনৰো
ওপৰ অভিযানকাৰী আবদ্ধ হৈ পৰিছিল হিমালয়ৰ বুকুত প্ৰতিষ্ঠা কৰা বে’ছ কেম্পসমূহত
৷ প্ৰাকৃতিক কাৰণতে দুৰ্ভাগ্যক্ৰমে কাৰ্যসূচী আধাতে সামৰিবলগীয়া হৈছিল ৷ পৰ্বতক জয়
কৰিব নোৱাৰি তাৰ পৰা বাচি উভতি অহাটোৱেই ডাঙৰ কথা বুলি বিখ্যাত পৰ্বতাৰোহীয়ে কৈ
গৈছে ৷ সৌভাগ্যক্ৰমে খৰছিংহঁতে সুকলমে প্ৰত্যাৱৰ্তন কৰিব পাৰিছিল ৷
ইমানৰ পাছতো কিন্তু পাছ হুঁহকি যোৱা নাছিল তেওঁ ৷ পৰৱৰ্তী বৰ্ষত
পুনৰ ৰাওনা হয় স্বপ্নৰ লক্ষ্যত ৷ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰ্যালয়ৰ অৰ্থ-সাহায্যত
Assam Mountaineering Association (AMA)ই আয়োজন কৰা ২০১৬ৰ অভিযানটোত আছিল মানস বৰুৱা
(দলনেতা), উপেন চক্ৰৱৰ্তী (উপ-দলনেতা), নন্দ দুলাল দাস, হেনৰী ডেভিদ টেৰণ আৰু খৰছিং
তেৰাং ৷ ডাক্তৰ জগদীশ বসুমতাৰী দলটোৰ চিকিৎসক ৷ নেপাল-হিমালয়ৰ অভিযানৰ বাবে কাঠমাণ্ডু-লুকলাৰ
পথটো ব্যৱহাৰ কৰা হয় ৷ খৰছিংহঁতৰ দলটোৱেও কাঠমাণ্ডুৰ পৰা চলোৱা ৪৫ দিনীয়া অভিযানৰ
অন্তত পৃথিৱীৰ চূড়াত উঠিবলৈ সক্ষম হয় ৷
খৰছিং তেৰাং কাৰবি আংলং জিলাৰ প্ৰথম এভাৰেষ্টাৰ ৷ তেওঁৰ জন্ম ১৯৮১
চনৰ ১৪ ফেব্ৰুৱাৰীত, ডিফুত ৷ পিতৃ প্ৰয়াত খয়া তেৰাং, মাতৃ প্ৰয়াত সূৰ্য ৰংপিপী ৷ টেনজিং
নৰ্গে আৰু এডমাণ্ড হিলাৰী তেওঁৰ আদৰ্শ পৰ্বতাৰোহী ৷
ডিফুৰ ডনবস্ক’ হাইস্কুলত শিক্ষা জীৱন আৰম্ভ কৰা খৰছিং তেৰাঙে ১৯৯৭ চনত উক্ত শিক্ষানুষ্ঠানৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ছাত্ৰাৱস্থাৰ পৰাই ফুটবল, চাইক্লিং, ভ্ৰমণ আৰু দুঃসাহসিক ক্ৰিয়াকলাপৰ প্ৰতি অনুৰাগী আছিল ৷ ২০০১ত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ৷ পৰ্বতাৰোহণৰ দুৰ্বাৰ আকাংক্ষা পূৰণৰ তাড়নাত তাৰ পাছতে, ২০০২ চনত তেওঁ দাৰ্জিলিংস্থিত Himalayan Mountaineering Institute (HMI)ত যোগদান কৰেগৈ ৷ একে বৰ্ষতে Basic Mountaineering Courseও গ্ৰহণ কৰে ৷ ২০০৩ত Advance Mountaineering Course লয় ৷ ২০০৪ চনত Special Advance Mountaineering Course সমাপ্ত কৰে ৷
খৰছিঙে ২০১১ চনত Mt. Kolahoi (৫,৪২৫ মিটাৰ) আৰু Lama Wangden Peak (৬,২০০ মিটাৰ), ২০১৫ চনত Island Peak (৬,২৫০ মিটাৰ)ত অভিযান চলাই সফলতা লভিছিল ৷ ২০১৬ত এভাৰেষ্ট বিজয়ী হোৱাৰ পাছত ২০১৮ চনত ৬,৬৭২ মিটাৰ উচ্চতাৰ Gorichen-1 শৃংগত আৰোহণ কৰে ৷
তুষাৰাবৃত পৰ্বতমালা একে সময়তে সুন্দৰো, ভয়ংকৰো ৷ এভাৰেষ্টত বগাওঁতে পৰ্বতাৰোহীয়ে অনেক বাধা, অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয় ৷ এই সম্পৰ্কত খৰছিঙৰ নিজৰ ভাষাৰে, ‘the major challenges come from icefall areas, which are slippery and have a great chance of fall-accident, but we succeeded in overcoming those icefall areas. On the main summit day, we walk for 24 hours without water.’
এভাৰেষ্টত ঘনে ঘনে আৰু নিমিষতে বতৰৰ পৰিৱৰ্তন ঘটে ৷ পৰিৱেশ-পৰিস্থিতি একেবাৰেই অনিশ্চিত ৷ এনেস্থলত খৰছিঙে কয়, ‘বিশেষভাৱে, মাউণ্ট এভাৰেষ্টত উঠিবলৈ হ’লে তিনিটা L - Legs, Lungs আৰু Luckৰ খুব প্ৰয়োজন ৷ আনহাতে শৰীৰটোক সক্ষম কৰিবলৈ প্ৰটিনযুক্ত আহাৰ আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা দৰকাৰ ৷’
বিপদসংকুল আৰু ৰোমাঞ্চকৰ এভাৰেষ্ট অভিযানৰ সপোন সাকাৰ কৰিবৰ বাবে তেওঁ এমাহ ধৰি কঠোৰতম অনুশীলন কৰিছিল ৷ চাইকেল চলাইছিল ৷ পিঠিত ১০-২০ কিল’গ্ৰাম ওজন লৈ নিতৌ কমেও ৫ কিল’মিটাৰকৈ খোজ কাঢ়িছিল ৷ এইটো ঠিক যে অকল দৈহিক সক্ষমতাৰ বলেৰে এভাৰেষ্ট আৰোহণ সম্ভৱ নহয় ৷ মানসিক শক্তিও সমানেই প্ৰয়োজনীয় ৷ সুস্থিৰ পৰিকল্পনা, যথোচিত প্ৰস্তুতি তথা সাধনালব্ধ শক্তিয়ে তেওঁক উপনীত কৰাইছিল পৃথিৱীৰ সৰ্বোচ্চ উচ্চতাত ৷
No comments:
Post a Comment