Thursday, 12 November 2020

 ৮. Zip Lining কৰিলোঁ


'Adventure is not hanging on a rope off the side of a mountain. Adventure is an attitude that we must apply to the day-to-day obstacles in life.'

জীৱনলৈ মনত ৰৈ যোৱা চমু
থিয়সভাখন অন্ত পৰাৰ পাছতে সংগঠনৰ সদস্যসকলে তিৰ্পালত সজাই ৰখা সা-সামগ্ৰীবোৰ ভাগ-বতোৱাৰা কৰি হাতে-কান্ধে তুলি ললে ৷ এতিয়া আছে প্ৰদৰ্শন কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ কাৰণেই আচলতে উদ্বাউল হৈ ডিফুৰ পৰা লৱৰি আহিছোঁ লংনিতৰ পাৰলৈ ৷ এভাৰেষ্টাৰ খৰছিঙে ৰংহাং আৰু ক্ৰৰ সৈতে আমি তিনিওকে তাতে কিছু সময় বহিবলৈ, কথা পাতিবলৈ অনুৰোধ জনালে ৷ কলে যে তেওঁলোক উপযুক্ত স্থানৰ সন্ধানত ওলাইছে ৷ প্ৰথমে ব্যৱস্থাসমূহ কৰিবগৈ ৷ আমি লাহেকৈ আহিলেই হল ৷

ইতিমধ্যে ৰংহাঙৰ সৈতে আলাপ কিছু হৈছিল মোৰ ৷ নিজস্ব Theme Explore Karbi Anglongৰ অন্তৰ্গত জিলাখনত নিজে কৰা যৎপৰোনাস্তি ভ্ৰমণ-পৰ্যটনৰ প্ৰসংগ উলিয়াইছিলোঁ ৷ লগত অনা পাণ্ডুলিপিকেইটাও দেখুৱাইছিলোঁ ৷ কাষতে বহি লৈ মন দি কিছু পঢ়ি চাইছিল তেওঁ ৷ এতিয়া পুনৰ একেবোৰ কথাৰেই আলোচনা ৷ পৰ্যটন দিৱসৰ দিনা অৱশ্যে এনে চৰ্বিতচৰ্বন অৱধাৰিত আৰু উচিতো ৷

এনেকৈ কথা পাতি থাকোঁতে ১.৩৫ বাজিল ৷ খেয়াল হল যে অনেক বেলি হলচোন ৷ খৰছিংহঁতে কি কৰিছে ইমানপৰে ? ৰংহাং আৰু ক্ৰক তাতে এৰি আমি তিনিও সিহঁতবোৰক বিচাৰি ওলালোঁ ৷ মনত অপাৰ কৌতূহল ৷ কত কেনে ব্যৱস্থা কৰিছে চাবলৈ ইচ্ছাবোৰে খূদুৱাই আছে ৷

খলখলাই থকা লংনিতৰ জলস্ৰোত চাই চাই কাঠৰ দীঘল দলংখনৰ ওপৰেৰে এখোজ-দুখোজকৈ পাৰ হৈ থাকোঁতেই দৃষ্টিত ধৰা পৰিল, সিপাৰে KAMAৰ সদস্যসকলে গছ এডালত ৰছী বান্ধি আছে ৷ আনটো মূৰেও কেইজনমানৰ উপস্থিতি, পাহাৰৰ ওপৰত ৷ ওচৰ চাপি গলোঁ ৷ কি হব সোধাত কলে, Zip Lining ৷ আও-ভাও একো বুজি নাপালোঁ হলে ৷

দুঃসাহসিক ক্ৰীড়াকলাপবোৰ সচৰাচৰ দেখিবলৈ পোৱা নাযায় ৷ সেয়ে ইমান বুজিও নাপাওঁ ৷ এনেস্থলত কৌতূহলপূৰ্বক এতিয়া কোনে কত কি কৰি আছে তালৈকে শেনদৃষ্টি নিক্ষেপ কৰি ভেবা লাগি আছোঁ ৷ অনুসন্ধিৎসা দমন কৰিব নোৱাৰি গগৈ ছাৰে ৰছীবোৰ পিটিকি পিটিকি খৰছিঙক ৰছীৰ বিষয়ে প্ৰশ্ন কৰাত লাগি গল ৷ ফ্ৰান্সৰ পৰা কিনি অনা বিশেষ ৰছী এইবোৰ ৷ পৰ্বতাৰোহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷ এভাৰেষ্ট জয় কৰাৰ পাছত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ পৰা ২ লাখ টকা উপহাৰ পাইছিলোঁ ৷ তাৰে ১ লাখ টকাৰ ৰছীকে কিনিলোঁ ৷ খৰছিঙে কৈ গল ৷ হুক, ক্লেম্প, পুলি আদিবোৰ খুলি-লগাই দেখুৱালে, বুজালে ৷ নিৰ্মাণ উচ্চ পৰ্যায়ৰ আৰু মন কৰিবলগীয়া ৷ অভিজ্ঞতাপুষ্ট এভাৰেষ্টাৰজনে ধুনীয়াকৈ সকলোখিনি আমাক জানিবলৈ দিলে ৷ 

Zip Line আচলতে এডভেঞ্চাৰ স্পৰ্টছ, আমোদ-প্ৰমোদ কিম্বা টুৰিজিমৰ সৈতেই সীমাবদ্ধ হৈ থকা নাই ৷ তথ্য অনুসৰি, মনোৰঞ্জনৰ দিশত ১৭৩৯ চনত ৰবাৰ্ট কেডমেনে সৰ্বপ্ৰথম Zip Line ব্যৱহাৰ কৰিছিল ৷ দুৰ্ভাগ্যক্ৰমে ৰছী ছিঙি যোৱাৰ ফলত তেওঁ মৃত্যুমুখত পৰিবলগীয়া হয় ৷ প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সা-সৰঞ্জামসমূহ ক্ৰমে মজবুত হৈ আহিল ৷ মানুহ, খাদ্য আৰু অন্যান্য সা-সামগ্ৰী, ডাক, অস্ত্ৰ-শস্ত্ৰ আদিৰ পৰিৱহণত Zip Line ব্যৱহৃত হ্ব ধৰিলে ৷ 

KAMAসাধাৰণ সম্পাদক এড্‌ৱাৰ্ডছন ৰংচেইছ, কোষাধ্যক্ষ অৰুণ তেৰাঙেও কথাত ভাগ ললেহি ৷ শুভম ঘোষ, অনিল বাগলাৰী, হাৰলংকি তিমুং, সুনীল তিছহঁত সিটো মূৰে লাগি আছে ৷ পুই চন্‌গাতে, সন্দীপা ঘোষ, লাৰলিনা ৰংপিপী, ছেৰদিহুন ৰংহাংপীও নিজ নিজ ধৰণে ব্যস্ত ৷ মাত-কথা বৰ বেছি নাই ৷ আচহুৱা যদিও পৰিৱেশটো কিবা এটা ভাল লাগি গল ৷ কভিডে বেমেজালি নকৰা হলে হয়তো আমাৰ দৰে অনেকজন উৎসুকে ইয়াত জুম বান্ধিলেহেঁতেন ৷ দুৰ্ভাগ্য, আজিৰ তাৰিখত সেইটো হৈ নুঠিল ৷ 

আৰম্ভ কৰিবলৈ আৰু অকণমান সময় লাগিব ৷ এডৱাৰ্ডে এনেকৈ কোৱাত সুযোগটো পাই নৈৰ পাৰে পাৰে আগলৈ গুচি গলোঁ, সেইফালৰ দৃশ্যৰাজি চাই অহা যাওক বুলি ৷ ২০১৬-১৭ বিত্তীয় বৰ্ষত ৫ লাখ টকা ব্যয়সাপেক্ষ শিলনি পিকনিকথলীৰ ফুটপাথ নিৰ্মাণ কৰা হৈছিল ৷ সিংহাসন সমষ্টিৰ অন্তৰ্গত লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্ৱৰ্তী এই স্থান ৷ নৈৰ জলস্তৰ এতিয়া আমি দেখি থকাতকৈও বহুত বেছি হৈছিল বুলি বাঢ়নী পানীৰ দাগবোৰে স্পষ্ট কৰিলে ৷ গৈ আছিলোঁ যদিও হঠাতে বাধাপ্ৰাপ্ত হৈ আৰু আগ বাঢ়িব নোৱাৰা হলোঁ ৷ পাহাৰৰ ওপৰৰ পৰা নামি অহা ঢলে ঢাহি-মুহি লৈ অহা বাঁহ কিছুমানে দম বান্ধি বাটটো ভেটি থৈছে ৷ বিফল মনোৰথেৰে ঘূৰি আহিবলগীয়া হল ৷ নৈখনৰ পানীবোৰো অতি ঘোলা হৈ পৰিছে ৷ ফলত চিৰাচৰিত সৌন্দৰ্যটো অন্তৰ্ধান ৷ 

ঘূৰি আহি খৰছিং, অৰুণহঁতক ৰছীবোৰ টানি থকা দেখি আমিও শক্তিদান কৰিলোঁ ৷ Zip Lining প্ৰদৰ্শন কৰিব পৰাকৈ এসময়ত ৰছী, ক্লেম্প, হুক, পুলি ইত্যাদি ফিটিং হৈ গল ৷

উচ্চতাত থকা সিটো মূৰত বিশেষ পোছাক, হেলমেট, হেণ্ড গ্লভছ্‌ ইত্যাদি পিন্ধি লাৰলিনা সাজু ৷ পাছে পাছে পুই ৷ অনিল আৰু শুভমে প্ৰথমে লাৰলিনাক ৰছীৰ সৈতে নিজকে সংযুক্ত কৰাত সহায় কৰি দিলে ৷ তাৰ পাছতে তাই বাদুলি ওলমাদি ওলমি তললৈ চলি আহিবলৈ উদ্যত হল ৷ ব্যৱস্থাটোত কিবা এক গণ্ডগোল ৰৈ গৈছিল ৷ এড্‌ৱাৰ্ড লৰালৰিকৈ ওপৰলৈ উঠি গল ৷ ঠিক-ঠাক কৰি দিলে ৷ মধ্যাকৰ্ষণ শক্তিৰ বলত এইবাৰ তাই নামি আহি থাকিল ৷ খৰছিং, এডৱাৰ্ডহঁত পিছে সন্তুষ্ট নহল ৷ এসময়ত তল পালেহি ৷ এইমূৰত খৰছিং, অৰুণহঁতে হুক্‌ৰ পৰা অসংলগ্ন কৰি মাটিত নমাই দিলে ৷ আসোঁৱাহ মাৰি দিয়াত তাই আকৌ উঠি গল ৷ আৰু এবাৰ আহিল ৷ এইবাৰ ঠিক হল ৷ তাইৰ পাছত এইবাৰ পুই ৷ তাইৰ পাছত ছেৰদিহুন ৷ তাইৰ পাছত সন্দীপা ৷ ৰাইডাৰ যুৱতীকেইজনী এজনী এজনীকৈ চলি আহি এইটো মূৰে হাঁহি হাঁহি নামিলহি ৷ খৰছিং, অৰুণহঁতে হুক্‌ খুলি খুলি মাটিত নমাই থাকিল ৷ হাঁহি মাৰি সিহঁত পুনৰ উভতি গল ওখ ফাললৈ ৷ 

ছাৰ আপুনিও যাওক, কৰি চাওক ৷ দাদায়ো কৰি চাব দেই এবাৰ ৷ খৰছিংহঁতে সকীয়াই আছে আমাক ৷ জীৱনত কৰি নোপোৱা কাম ৷ মনটো লিক্‌লিকায়ো আছে অৱশ্যে ৷ ২০১৮ চনৰ ৬ এপ্ৰিল তাৰিখে উত্তৰ-পশ্চিম ইংলেণ্ডৰ জেক ৰেনল্ডছ নামৰ আজোককা এজনে নিজৰ ১০৬ বছৰীয়া জন্মদিনত Zip Lining কৰি পৃথিৱীৰ ভিতৰত সবাতোকৈ বয়সস্থ ৰাইডাৰৰ খিতাপ লভি থৈছে ৷ মোৰ বয়স সেইজনৰ আধা ৷ নোৱাৰিম কিয়  ? মনৰ মাজত প্ৰশ্ন চলিছে ৷ 

প্ৰথমে গগৈ ছাৰ ষ্টাৰ্টিং পইণ্টলৈ উঠি গল ৷ লাৰলিনাহঁতে সাজ, হেলমেট, গ্লভছ পিন্ধাত সহায় কৰি দিলে ৷ এডৱাৰ্ড আৰু শুভমে ছাৰক দাঙি ৰছীত ওলমাই দিলে ৷ ক্লেম্পত ওলমা-বাদুলি হৈ থাকি প্ৰথমে হয়তো ভয় খাইছিল ৷ এডৱাৰ্ডে পাছফালৰ পৰা কিবা-কিবি বুজাই আছে ৷ আহক, আহক ছাৰ ৷ তলৰ পৰা আমিও স্ফূৰ্তিতে কিৰীলি পৰাত ধৰিলোঁ ৷ লগে লগে ফটোও তুলি গলোঁ ৷ প্ৰত্যুত্তৰত হাঁহি হাঁহি তেওঁ নামি আহি থাকিব ধৰিলে ৷ এসময়ত এণ্ড পইণ্ট পালেহি ৷ খৰছিং, অৰুণহঁতে নমাত সাহায্য কৰি দিলে ৷ মুখত হাঁহি আৰু সন্তুষ্টিৰ ভাব লৈ মোৰ কাষ পালেহি গগৈ ছাৰ ৷ সৰঞ্জামবোৰ মোক চমজালে ৷ বুজিলোঁ, তাৰ মানে এইবাৰ মোৰ পাল ৷ 

সামগ্ৰীবোৰ হাত পাতি লৈ খটখটি বগাই সিটো মূৰে ওপৰ পালোঁগৈ ৷ ডাঙৰ গছডালৰ গুৰিত শুভম আৰু এডৱাৰ্ড ৰৈয়ে আছে ৷ কোনফালে ভৰি দুখন ভৰাই কেনেকৈ পিন্ধিব লাগে, বেল্ট মাৰিব লাগে, লাৰলিনা আৰু পুইয়ে শিকাই দিলে ৷ সেইদৰে বিশেষ সাজটো পিন্ধিলোঁ ৷ গছৰ গুৰিত ৰওঁতে এডৱাৰ্ডে মোক পৰীক্ষা কৰিলে ৷ চাৰ্টটো ওলাই আছিল ৷ পেণ্টৰ ভিতৰত ভৰাই লবলৈ নিৰ্দেশ আহিল ৷ দুহাতত ভৰাই লোৱা চামৰাৰ হেণ্ড গ্লভছযোৰো চালে ভালকৈ ৷ তাৰ পাছত ওপৰৰ ৰছীডালত ধৰি নিজকে নিজে ভৰি দুখনৰ সহায়ত ওলমাই ৰাখিবলৈ নিৰ্দেশ দিলে ৷ তেনে কৰিব পৰাত শৰীৰটো তলৰ ৰছীডালৰ সৈতে, বিশেষ পোছাকত থকা হুকৰ জৰিয়তে জব্দ কৰি দিলে ৷ তাৰ পাছত কলে, বাঁওহাতখনেৰে ওপৰৰ ৰছীডালত লাগি থকা পুলিটোৰ তলৰ অংশত ধৰক ৷ সোঁহাতখন হেণ্ড ব্ৰেক ৷ সোঁহাতেৰে তলৰ ৰছীডালত খামুচি থাকিব ৷ গতি বেছি হোৱা যেন পালে চেপা মাৰি দিব ৷ স্পীড কমি যাব ৷ লেণ্ডিঙৰ সময়তো এইটো উপায়েৰে আগতীয়াকৈ গতি নিয়ন্ত্ৰণ কৰিব ৷ 

জয় হনুমান বুলি আৰম্ভ কৰি দিলোঁ ৷ ষ্টেচন এৰাৰ পাছতে নামনি অভিমুখে শৰীৰে গতি লৈ লৈছিল ৷ আস্তেকৈ চেপা মাৰি নিয়ন্ত্ৰণ কৰি পেলালোঁ ৷ এৰোঁ, ধৰোঁ, এৰোঁ, ধৰোঁ ৷ এনেকৈ বতাহতে অলপমান মজাও ললোঁ ৷ একো অসুবিধা নোহোৱাকৈ আৰামছে আহি তল পালোঁহি ৷ খৰছিংহঁতে হুক খোলাত সহায় কৰি দিলে ৷ 

মোৰ পাছত অনিল বাগলাৰী আহিল ৷ তাৰ পাছত আদিশেও কৰি চালেগৈ ৷ হেঁপাহটো মোৰহে পলোৱা নাই ৷ আৰু এবাৰমান কৰি চাবলৈ মন আছিল ৷ পিছে সময়ৰ সীমাবদ্ধতালৈ লক্ষ্য ৰাখি কথাষাৰ নকলোঁ ৷ ৰছীবোৰ খুলি খৰখেদাকৈ সামৰি পেলোৱা হল ৷ আমিও সহায় কৰিলোঁ ৷

কেইদিনমান আগৰে পৰা ইয়াত খুব বৰষুণ দি আছে ৷ শিলবিলাক বিপজ্জনকভাৱে পিছল হৈ পৰিছে ৷ সেয়ে ৰক্‌ ক্লাইম্বিং কৰিব পৰা নাযাব ৷ নদীত পানী বাঢ়ি থকাৰ কাৰণে ৰিভাৰ ক্ৰছিঙো সম্ভৱ নহব ৷ পৰিস্থিতিয়ে সমৰ্থন নকৰা হেতুকে আজিলৈ ডেমনষ্ট্ৰেচন ইমানেই ৷ খৰছিঙে দুখ প্ৰকাশ কৰিলে ৷ হব, যিখিনি পালোঁ তাকে মানসিক আৰু আত্মিক তৃপ্তি বুলি ধৰি লৈ সদলবলে সকলোটি উভতিলোঁ খাদ্যথলীলৈ ৷ যি কি নহওক, জীৱনৰ বাবে ময়ো আজি নতুন অভিজ্ঞতা এটা লভিলোঁ ৷

No comments:

Post a Comment