Thursday 12 November 2020

 ৫. লংনিতৰ বুকুত ৰলোঁহি 

The most beautiful things are not associated with money; they are memories and moments. 

লংছকাংথু ইক-টুৰিজিম পাৰ্কৰ মূল প্ৰৱেশদ্বাৰৰ বাহিৰত, অকণমান আগুৱাই, আগলৈ গুচি যোৱা ৰাস্তাটোৰ একাষে চাৰিখন গাড়ী আছিল, ৰখাই থোৱা অৱস্থাত ৷ আমাৰ গাড়ীখনো তাৰ মাজতে ৰাখি থোৱা হল ৷ ভিতৰত কাকো সোমাবলৈ দিয়া নাই ৷ কৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাৰ্কখনত দৰ্শনাৰ্থী আৰু যান-বাহনৰ প্ৰৱেশ অফিছিয়েলি নিষিদ্ধ ৷ সেয়ে গেট বন্ধ ৷ 

পৰিস্থিতি লক্ষ্য কৰি আৰম্ভণিতে চিন্তা অকণমান নলগাকৈ নাথাকিল যদিও গেটখনৰ এফালে ওলমি থকা ৱৰ্ল্ড টুৰিজিম ডেৰ বেনাৰখনে নিশ্চিত দিলে যে আয়োজনটো ভিতৰতেই কৰা হৈছে ৷ পৰ্যটন দিৱসত ভাগ লবলৈ অহা বুলি গম পাই ডক্টৰ গগৈ ছাৰৰ পৰিচিত কৰ্মকৰ্তা এজনে তোৰণৰ কাষেদি ভিতৰ সোমাই যাবলৈ আমাক নিৰ্দেশ দিলে ৷ মুখত হাঁহি লৈ তিনিও প্ৰৱেশ কৰিলোঁ ৷ 

সোঁহাতে বিশাল পাৰ্কিং এৰিয়া ৷ হলেও কিন্তু আজি এখনো গাড়ী নাই ৷ বাঁওহাতে বন বিভাগৰ ৰেঞ্জ অফিছ ৷ আইনাৰে আবৃত কাফেটেৰীয়া ৷ সমস্ত নিমাওমাও ৷ মানুহ বুলিবলৈ কেৱল আমি তিনিটাই ৷ উৎকণ্ঠা, অনুসন্ধিৎসা বুকুত লৈ খোজবোৰ আগ বঢ়াই আছোঁ ৷

পাৰ্কৰ ভিতৰভাগৰ ৰাস্তাত Interlocking Road Paver Block পাৰি ধুনীয়া কৰি পেলাইছে ৷ পৰিষ্কাৰ হৈ আছে উপৰিভাগ ৷ আগৰবাৰ আহোঁতে এনেকুৱা নাছিল ৷ পোনে পোনে গুচি গৈ অদৃশ্য হোৱা পথটোতেই সামান্য কেইমিটাৰমান আগলৈ শিলনি, লংছকাংথু পিক্‌নিক্‌ স্পট ৷ আজি আয়োজিত বিশ্ব পৰ্যটন দিৱসৰ থলী ৷ জীৱনত এতিয়ালৈ কতবাৰযে আহিছোঁ ইয়ালৈ ! সীমা-সংখ্যা নাই ৷ আজি পিছে এক বিশেষ উপলক্ষ্যত ৷ সেয়ে কৌতূহলৰ ধৰণ আৰু মাত্ৰা সুকীয়া ৷

দূৰৰ পৰাই শুনা পালোঁ, শিলত খুন্দা খোৱা নৈখনৰ লহৰে নিৰৱচ্ছিন্নভাৱে খলকনি তুলি আছে ৷ এইকেইদিন একে লেথাৰিয়ে বৰষুণ পৰি আছে ৷ ফলত লংনিতৰ জলস্তৰ বৃদ্ধি পাইছে ৷ আজি বন্ধবাৰ হলেও কভিড-১৯ৰ বিভীষিকাতে ইয়াত মানুহৰ দলদোপ-হেন্দোলদোপ আগৰ দৰে চকুত পৰা নাই ৷ অন্যথা ইমানপৰে যথেষ্ট ভিৰ লাগিলেহেঁতেন ৷ কিন্তু এতিয়া নিজান-নিস্তব্ধ চৌপাশ ৷ এক কথাত কৰনাক্ৰান্ত ! 

কোনফালেনো দিৱসৰ আয়োজন চলিছে ? কত আছে আয়োজকসকল ? অনুসন্ধিৎসু মনেৰেই তিনিও আগুৱাই গৈ থাকিলোঁ ৷ একে সময়তে চৌদিশৰ প্ৰাকৃতিক দৃশ্যাৱলীও উপভোগ কৰি গলোঁ ৷ মনে মনে এই কথাত মোৰ আনন্দ লাগিছে যে পোনে পোনে দেখা গৈ থকা খনবামন পাহাৰখনৰ ভিতৰভাগত কিমান পানী আছে সেয়া মই অলপ হলেও কব পাৰোঁ ৷ ধূনা গছ বিচাৰি গগৈ ছাৰো সোমাইছিলগৈ এদিন ৷ অনুৰাগ-অভিৰুচিবোৰ মিলি যোৱাত আমাৰ স্ফূৰ্তি দুগুণে চৰিল ৷ আদিশে এফালৰ পৰা ফটো তুলি গল ৷ 

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সিংহাসন সমষ্টিৰ অন্তৰ্গত এই এলেকা ৷ ১০ হেক্টৰ ভূমি আৱৰি এইখন লংছকাংথু ইক-টুৰিজিম পাৰ্ক ৷ পাহাৰীয়া নৈখনৰ বুকুত থকা দ্বীপসদৃশ অংশটোলৈ যাবৰ বাবে দুখন দলং নিৰ্মাণ কৰি দিয়া হৈছে ৷ তাৰ পৰা সিপাৰলৈ যাব পৰাকৈও দলং সজা আছে ৷ দ্বীপটোত থকা উদ্যান, খাদ্য ৰন্ধা চালি, খোৱা ঠাই, জিৰণী চৰা, দৰ্শন স্তম্ভ, কাৰবি পৰম্পৰাগত আবাস, প্ৰসাধন গৃহ, মুকলি মঞ্চ ইত্যাদিবোৰ সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে গঢ়ি দিয়া হৈছে ৷ 

আদিশ আৰু মই দীঘল দলংখনত উঠিলোঁগৈ ৷ গগৈ ছাৰ লগত নাহি নৈখনৰ পাৰে পাৰে পোনাই আগলৈ গলগৈ ৷ কোনেও কতো কাকো দেখা নাই ৷ দিৱসৰ আয়োজন কোনফালে কৰা হৈছে ? একো ধৰিবই পৰা নাই ৷ চিন্তা লাগিল ৷ কি হল, কোনো নাইযে এতিয়ালৈ ? ক্ৰই কোৱামতে ১১.৩০ত আৰম্ভ হোৱাৰ কথা আছিল ৷ কতা ? বাহিৰত দেখি অহা গাড়ীৰ সংখ্যাটোৱেও নকয় যে মানুহবোৰ গোট খাইছে ৷ তেনেহলে কি, নহব নেকি আজি ? দুশ্চিন্তাই আকৌ লগ ললে ৷ 

খল্‌-খল্‌ প্ৰতিধ্বনি তুলি বৈ আছে লংনিত ৷ বৰষুণৰ বাবে পানীবোৰ ঘোলা হৈ পৰিছে ৷ শিলবোৰ লুকাই গৈছে ৷ পাৰ হৈ লংনিতৰ বুকুত থকা দ্বীপটোত নামিলোঁ ৷ তাৰ পাছত সিপাৰলৈ যোৱা দলংখনত উঠিলোঁহি ৷ ফটো চেছন চলি আছে ৷ ইফালে-সিফালে কাৰোবাক দেখোঁ নেকি তালৈকো শেনচকু মাৰি আছোঁ ৷ গগৈ ছাৰ আহি লগ লাগিল ৷

নদীদ্বীপটোৰ শেষ প্ৰান্তলৈ যোৱা হওক ৷ এইবুলি গৈ থাকোঁতে সমজুৱা খাদ্যথলীৰ একাষে দিৱসৰ বেনাৰ এখন ওলমি থকা অৱস্থাত পোৱা গল ৷ বিছলেৰীৰ পানীভৰ্তি ডাঙৰ কনটেইনাৰ এটাৰ বাদে নৰ-মনিচ বুলিবলৈ নাই ৷ তথাপিতো নিশ্চিত হলোঁ যে ঠিকেই আছে, ইয়াতেই আজিৰ অনুষ্ঠান অনুষ্ঠিত হব ৷ সময় চালোঁ ৷ ক্ৰৱে কোৱাতকৈ আধা ঘণ্টা পলম হৈ গৈছে ৷

লংছকাংথু পিক্‌নিক্‌ স্পটত চৰকাৰী পৃষ্ঠপোষকতাত সাজি দিয়া ব্যৱস্থাবিলাক দৰ্শন কৰাৰ উপৰি প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি প্ৰলুব্ধ হৈ, দিক্‌বিদিক্‌ হেৰুৱাই কেৱল আগলৈ গৈ আছোঁ ৷ অভিজ্ঞতাই সংযত কৰা খোজ ৷ 

শিশু উদ্যান ৷ দোলনা দুখন পাই আদিশ আৰু গগৈ ছাৰে স্ফূৰ্তিমনে দুলিবলৈ লাগি গল ৷ গছ-গছনিৰ ফাঁকে ফাঁকে আগত দীঘলীয়া ঘৰ এটা ৷ মানুহকেইজনমান দেখা গৈছে ৷ সেইটো ৰান্ধনীশালা ৷ ধোঁৱা উৰি আছে ৷ আমি কাষ চাপি গলোঁ ৷

চিনাকি মুখ এখন ৷ আমাক দেখি হাঁহি মাৰি ওলাই আহিল আৰু সম্ভাষণ জনালে ৷

No comments:

Post a Comment