Monday, 23 December 2024

আমাৰ ঐতিহ্য, আমাৰ স্বাভিমান

জনা হোৱাৰ দিন ধৰি এই কথাটোক লৈ গৌৰৱ অনুভৱ কৰি আহিছিলোঁ যে মোৰ (প্ৰয়াত) পিতৃ শিৱসাগৰীয়া আছিল।

ঐতিহ্যবিধৌত শিৱসাগৰ জিলা। ইমান বেছি বুৰঞ্জীয়ে পৰশা ভূখণ্ড অসম ৰাজ্যত আৰুনো ক'ত? তাকে লৈ মনে-প্ৰাণে অনৱৰতে উদ্দেলিত হৈ থাকে স্বাভিমান, তাৰোপৰি আনন্দ।

সেইখন শিৱসাগৰ জিলাৰে এছোৱা (সোণাৰি মহকুমা) অন্য অংশৰ  সৈতে লগ লগাই ২০১৫ চনৰ ১৫ আগষ্টত গঠন কৰা হ'ল নতুন জিলা, 'চৰাইদেউ'। ফলস্বৰূপে সলনি হৈ গ'ল 'শিপা'ৰ ঠিকনা। সোমাই পৰিল চৰাইদেউ জিলাৰ পৰিসীমাৰ ভিতৰত। সি যি কি নহওক, এতিয়া অৱশ্যে আগতকৈ দুগুণেহে স্বাভিমানী, লগতে আনন্দিত হোৱাৰ সুযোগ হাতলৈ আহিল। কেনেকৈ? 

পিতৃগৃহৰ পৰা মাত্ৰ ৯ কিলোমিটাৰ নিলগতে অৱস্থিত সুবিখ্যাত 'চুকাফা মৈদাম ক্ষেত্ৰ'। নাগালেণ্ড সীমান্তৱৰ্তী, আহোম ৰাজ-পৰিয়াল আৰু উচ্চপদস্থ ৰাজ-বিষয়াবৰ্গৰ এই সমাধিস্থলেই সৌ-সিদিনা (২৬ জুলাই, ২০২৪ খ্ৰীষ্টাব্দ তাৰিখে) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা, চমুকৈ UNESCOৰ দ্বাৰা World Heritage Site অৰ্থাৎ 'বিশ্ব ঐতিহ্য ক্ষেত্ৰ'ৰ মান্যতা লাভ কৰি পৃথিৱীৰ মানচিত্ৰত অন্যতম বিশিষ্ট লেণ্ডমাৰ্ক হিচাপে পৰিচিতি আৰু সংৰক্ষণযোগ্যতা অৰ্জন কৰিলে। টিলা-মৈদাম গোটৰ লগতে ইয়াৰ আশে-পাশে থকা শৱ ধোৱা পুখুৰী, শৱ নিয়া আলি, চে-ৰাই-ডয় দেওশাল, লাংকুৰি দৌল, আলি, পুখুৰী, গড়, শিলৰ সাঁকো প্ৰভৃতি ৰজাদিনীয়া কীৰ্তিচিহ্ন তথা আপুৰুগীয়া প্ৰত্নতাত্ত্বিক সমলসমূহে প্ৰাচীন অসমৰ স্বৰ্ণিল ইতিহাস সগৌৰৱে আজিও সোঁৱৰাই আছে আৰু একক-অনন্য ৰূপত সঁচা অৰ্থতে জিলিকাই ৰাখিছে পাটকাই পৰ্বতৰ পাদদেশৰ চৰাইদেউ (চৰাইদেউ : চে-ৰাই-ডয় : জিলিকি থকা পৰ্বতীয়া নগৰ) নামৰ জিলাখনক।

সময়ৰ আহ্বানত পূৰ্বৰ ভূগোলৰ সাল-সলনি ঘটিলেও বুৰঞ্জী অদ্যাপি অনুৰূপ আৰু গৰিমামণ্ডিত হৈ ৰোৱাৰ পৰিপ্ৰেক্ষিতত; আৰু শেহতীয়াভাৱে, আন্তঃৰ্জাতিক পৰ্যায়ত বিৰল গুৰুত্ব প্ৰাপ্তিৰ ঘোষণাই স্বাভাৱিকতে আমাৰ স্বাভিমানো দ্বিগুণ হাৰত বৃদ্ধি কৰি দিলে। ঊৰ্ধবাহু হৈ, আনন্দমনে, উচ্চস্বৰে সেয়েহে এতিয়া কওঁ : I love Charaideo.

মহালয়াই মনে মনে কি কৈ যায়?

মহালয়াত ৰাস্তাত ফুৰিবলৈ পুৱতি নিশাৰ পৰাই বহুতো মানুহ ওলাই অহা প্ৰতি বছৰেই দেখা পাই আহিছোঁ, আৰু আজিও দেখিলোঁ। জন-বিশ্বাস আছে যে মহালয়াৰ পুৱাই দেৱী দুৰ্গাই লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশৰ সৈতে সৰগৰ পৰা মৰতলৈ নামি আহে, বাহনত উঠি। শুভ-আগমনৰ এই উপলক্ষ্যত কাউৰীয়ে কা নকৰোঁতেই ভক্তিপ্ৰাণ জনতাই জাকে জাকে বাট-পথলৈ ওলাই আহে আৰু পৰিভ্ৰমণ কৰে, বন্দনা কৰে। এই খোজ কঢ়াৰ সুকীয়া এক আনন্দ আৰু মাদকতা আছে।

"ঐ ব'লা, কালিৰ পৰা আমি ৱাক্‌ কৰোঁ।" উত্তৰত সিগৰাকীয়ে কিনো ক'লে গম পোৱা নগ'ল। 

অচিনাকি দুই গাভৰু। দুয়ো মোৰ আগে আগে কথা পাতি পাতি গৈ আছিল। পূজা মন্দিৰ অভিমুখী, গহীন-গম্ভীৰ খোজ-কাটল। বিপৰীতে, অমুকাৰ (ৰেগুলাৰ মৰ্ণিং ৱাকৰ দ্বাৰা প্ৰভাৱিত) ধুমুহা গতি। মুহূৰ্ততে চেৰাই গুচি গ'লোঁ দুই অষ্টাদশীক। ইয়াৰ পাছত, অৱধাৰিতভাৱেই, ইগৰাকীৰ উত্তৰটো কৰ্ণপটহত নপৰিলহি। সি যি কি নহওক, প্ৰথমগৰাকীৰ প্ৰস্তাৱটো হ'লে পৰিষ্কাৰকৈ শুনা পালোঁ আৰু বৰ ভাল পালোঁ। কাৰ্যকৰী হয়-নহয় নাজানো।

মহালয়াত পুৱা সোনকালে শোৱাপাটী এৰা, মুকলি আকাশৰ তললৈ ওলাই অহা, ৰাস্তাত খোজ কঢ়া, পুৱাৰ নিৰ্মল বতাহৰ সতেজতা উপভোগ কৰা, পৰিৱেশৰ আনন্দ লোৱা, শৰীৰৰ লগতে মন-মগজুক সক্ৰিয় কৰা, ইত্যাদি ইত্যাদি ক্ৰিয়াকলাপবোৰে এটা মন কৰিবলগীয়া ইংগিত বা শিক্ষা দি যায় : সুস্বাস্হ্যৰ কাৰণে পুৱা সোনকালে উঠি খোজ কঢ়াই হৈছে আটাইতকৈ সহজ কাম (ব্যায়াম)।

ইয়াক কোনে কি ধৰণে লয় বা বুজে সেইটো অৱশ্যে একান্ত নিজৰ কথা। 

কিমানে এই ইংগিতটো আজি পুৱা উপলব্ধি কৰিলে, কৰি নিজৰ স্বাস্হ্য ৰক্ষাৰ হকে এটা যোগাত্মক সিদ্ধান্ত ল'লে, নাজানো। জানিবৰ উপায় মাথো এটাই : কাইলৈ পুৱালৈ বাট চোৱা।

দেওশালত কি দেখিলোঁ, কি ভাবিলোঁ

৮/৯/২০২৪

ডাঙৰ আখৰেৰে 'দেওশাল' বুলি লিখা প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসমৰ নীলা-বগা চাইনব'ৰ্ডখনৰ ওচৰতে আমাৰ ইন'ভাখন ৰ'ল। শিলগুটি দিয়া ঠেক বাট এটা সোঁহাতে ওপৰলৈ উঠি গৈছে। সেইফালে এপলক দৃষ্টিপাত কৰিয়েই অৰুণদাই কৈ উঠিল : আপোনালোক দুজনেই গৈ চাই আহক; মই গাড়ীতে বহি থাকিম।

জানো যে অৰুণদাৰ হাইট-ফ'বিয়া অৰ্থাৎ উচ্চতা-ভীতি আছে; গতিকে আশা নাই যে তেওঁ লগ দিব। এতিয়া এনেকৈ কোৱাত জ্যেষ্ঠ ভ্ৰমণ-সংগীজনক তলতে এৰি আমি দুয়ো অগ্ৰসৰ হ'লোঁ। আমি মানে কৃষ্ণ (গাড়ী চালকজনৰ নাম) আৰু মই। কৃষ্ণ মোৰ আগত। মই তেওঁৰ পাছে পাছে। পাদদেশেৰে ক্ৰমান্বয়ে উঠি আছোঁ পাটকাইৰ বক্ষত। চাৰিওকাষে চকু ৰৈ যোৱাকৈ সেউজীয়া আৰু সেউজীয়া।

ওচৰতে সোঁফালে, আহোম ৰাজতন্ত্ৰৰ ২৯ সংখ্যক ৰজা, স্বৰ্গদেউ চুপাতফা বা গদাধৰ সিংহই ১৬১৩ শকৰ আঘোণ মাহত সজোৱা লাংকুৰি দ'লৰ ডিম্বাকৃতিৰ ভগ্নাৱশেষ মাটিত পোত খাই থকা, আহোম স্বৰ্গদেউসকলে লাংকুৰি (বুঢ়াগোসাঁই বা শিৱ) প্ৰমুখ্যে তেওঁলোকৰ বিভিন্ন পৰম্পৰাগত দেৱতাক য'ত পূজা-সেৱা কৰিছিল, সেই এলেকাটোৰ নাম নমিৰা পৰ্বত হেনো। এইটো কি পৰ্বত? নাম একেটাই  হয় যদিও নাজানো। শিৱসাগৰত পুৱাতে গা-পা ধুই চৰাইদেওলৈ বুলি ওলাই আহিছিলোঁ। নমিৰাৰ গাতে লাগি থকা এই থিয় পাহাৰখনত একেৰাহে ওপৰলৈ বগাওঁতে বগাওঁতে এতিয়া দেহাৰ পৰা কেঁচা ঘাম বাজ হৈ গৈছে। উশাহো হৈ পৰিছে ঘন আৰু চুটি। সন্মুখত লক্ষ্যস্থান। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা কিমান হ'ব ক'ব নোৱাৰিম। ক'তো একো লিখি থোৱাও চকুত নাই পৰা। হাইকিং আৰম্ভ কৰোঁতে ১১ বাজিছিল। এতিয়া ১১-১৫। তাৰ মানে ১৫ মিনিট বগালোঁ আমি, শীৰ্ষ পাবলৈ।

আহোম ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহক ১০টা ভাগত ভগোৱা হৈছে। তাৰে এটা হৈছে দেওশাল।

১২২৮ চনৰ আঘোণমহীয়া পুৱা এটাত সৌমাৰত প্ৰৱেশ কৰি ১২৫২ চনলৈকে বিভিন্ন স্থানত ঘূৰি-পকি আহোম ৰাজবংশৰ আদিৰজা চাওলুঙ্‌ চ্যুকাফাই অৱশেষত ১২৫৩ চনত চৰাইদেও পৰ্বতত ৰাজধানী পাতি দেওঘৰ আৰু দেওশাল নিৰ্মাণ কৰাই পূজা-পাতলৰ দিহা কৰিছিল।

অসম বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেৱে বৰবৰুৱাৰ হতুৱাই চৰাইদেওত চাৰিখন দেওশাল (হুকুম দেওশাল, মলাই দেওশাল, বাণ্টুঙ্‌ দেওশাল, কনাই দেওশাল) স্থাপন কৰাইছিল। কোনো কোনোৰ মতে এই চাৰিখনৰ উপৰি আৰু তিনিখন দেওশাল আছিল। ইয়াৰে বেছিভাগেই বতাহ-বৰষুণ-বজ্ৰপাত আদি প্ৰাকৃতিক কাৰণত ক্ষতিগ্ৰস্ত হয়। এখন দেওশালৰ কিছু ভগ্নাৱশেষ বৰ্তমানেও দেখিবলৈ পোৱা যায়। ১৯৫৮ চনমানলৈকে চৰাইদেওত দেওশালসমূহ জিলিকি আছিল বুলি কিতাপত পঢ়িবলৈ পোৱা যায়।

দেওশাল মূলতঃ হৈছে স্বৰ্গৰাজ লেঙ্‌ডন্‌ অৰ্থাৎ ইন্দ্ৰপ্ৰদত্ত আহোমৰ কুলদেৱতা বা ৰাজবংশৰ ৰক্ষক দেৱতা চুম্‌ফ্ৰা ৰুঙ্‌ছেঙ্‌মুঙ্‌ অৰ্থাৎ চোমদেওক পূজা কৰা থলী।

পৰম্পৰা অনুসৰি চোমদেওৰ মূৰ্তি সোণৰ টেমা এটাৰ ভিতৰত থাকে। ই কোনো দেৱমূৰ্তি নাছিল। ই এডোখৰ কলডিলীয়া ৰত্ন। বহুমূলীয়া চন্দ্ৰকান্ত মণি। চোমদেওক সুকীয়া ঘৰত ৰখা হৈছিল। সশস্ত্ৰ পালি-পহৰীয়াই দায়িত্বশীল বিষয়াৰ তদাৰকত দেওঘৰ পহৰা দিছিল। পূজাৰ শুভদিনত চোমদেওক পখালা হৈছিল, বলি-বিধান আদি নিয়মাৱলীৰে চিৰিং ফুকনে যথাৰীতি পূজা কৰিছিল, চোমদেওক গা ধুউৱা পানী খোৱা হৈছিল। আনহাতে ৰাজাভিষেকৰ সময়ত নিৰ্দিষ্ট দিনত হাতত হেংদাং লৈ মতা হাতীত উঠি স্বৰ্গদেও চৰাইদেও পৰ্বতলৈ যায়। চোমদেওক পূজা কৰে। চোমদেওক ডিঙিত বান্ধি ৰাজাভিষেক আয়োজন কৰা ঠাইলৈ যায়। নিজে ৰাজ-সিংহাসনত বহাৰ আগতে ৰজাই চোমদেওক বহুৱাইছিল। তাৰ পাছতহে ৰজা সিংহাসনত বহিছিল আৰু ৰাজকাৰ্য হাতত লৈছিল। অষ্টম দিনা স্বৰ্গদেৱে ডিঙিত চোমদেউক বান্ধি মতা হাতীত উঠি পুনৰ চৰাইদেওলৈ গৈ থৈ আহে।কিতাপত পঢ়িবলৈ পোৱা তেতিয়াৰ এই কথাবোৰ এতিয়া সাধুকথা হৈ পৰিল। আহোম যুগৰ অনেকবোৰ নিৰ্মাণ আজি জৰাজীৰ্ণ, অনেকবিলাক নিৰ্মাণ কালৰ বুকুত হেৰাই গ'ল।

তাহানিৰ এই দেওশাল এতিয়া নিশ্চয়কৈ জাগ্ৰত হৈ থকা নাই। গদাধৰ সিংহৰ পৰৱৰ্তী স্বৰ্গদেউসকলৰ ৰাজত্ব কালত চৰাইদেউ দেওশালৰ পূজা আহোম ৰীতিমতে চলিলেও পূৰ্বৰ আড়ম্বৰ টুটি আহিছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাও কালক্ৰমে লোপ পাই আহিছিল। 

চৰাইদেওত থকা দেওশালসমূহত পূজা-পাতল নিয়াৰিকৈ চলাবৰ বাবে ৰাজবিষয়া চিৰিং ফুকনৰ তত্ত্বাৱধানত মহন, দেওধাই আৰু বাইলুং পুৰোহিতসকলে দুখন বিধি ৰচনা কৰি লৈছিল। চৰাইদেও দেওশালৰ লগতে স্থানীয় সকলোবোৰ দেওশালক সাঙুৰি লৈ ৰচনা কৰা নীতি-নিয়ম আৰু বিধি-বিধান সম্বলিত এনে পুথি অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষণ কৰা হৈছে। দেওশালৰ লগতে দৌল-দেৱালয়ৰ কাম-কাজবোৰ নিয়াৰিকৈ চলাবৰ কাৰণে আহোম ৰজাই দেওধাই ফুকন, দেওধাই বৰুৱা, বাইলুং ফুকন, বাইলুং বৰুৱা, চেংধৰা ফুকন, দৌলচোৱা ফুকন, মচাই ফুকন, ৰামখা বৰুৱা, মলাই দেওঘৰীয়া বৰুৱা, মটঘৰীয়া বৰুৱা, মেহেঙা সজীয়া বৰুৱা, আয়ুবৰীয়া বৰুৱা ইত্যাদি বিভিন্ন বিষয়া নিযুক্তি দিছিল। বলি মৰা কাৰ্য সম্পাদন কৰাৰ বাবে বলিমৰা নামে এটা খেলো আছিল। দ্ৰব্য যোগানৰ বাবে গাহৰি পুহিয়া, হাঁহ পুহিয়া, কুকুৰা পুহিয়া, জেঠী যোগনীয়া আদি খেলৰ সৃষ্টি কৰিছিল।

এখন চাইনব'ৰ্ড। লিখা আছে : চে-ৰাই-দয় দেওশাল। স্থাপিত : ১২৫৩ চন। প্ৰতিষ্ঠাতা : চাওলুং ছৌকাফা। 'চৰাইদেউ আমাৰ গৌৰৱ' স্বেচ্ছাসেৱী সংস্থা। 

আহোম ৰাজত্বৰ স্নায়ুতন্ত্ৰ বুলি অভিহিত চে-ৰাই-দয় (চৰাইদেও)ক অসমীয়া মানুহৰ জেৰুজালেম বুলিও কোনো কোনোৱে কয়। ধৰ্মসংস্কৃতি, কৰ্মসংস্কৃতিৰ উপৰি মৈদামস্থলী এয়া। ইয়াতে চ্যুকাফাই ইষ্ট দেৱতা চোমদেওৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল, তাৰ কাষৰে টিলাত ৬০ হাত ওখ চাও-চেংৰেন স্থাপন কৰিছিল য'ত লাংকুৰি (বুঢ়া গোসাঁই, শিৱ) দেৱতাৰ পূজা পতা হৈছিল। পাছত ১৬১৩ শকত গদাধৰ সিংহই শিল-ইটাৰে এটা গোটা দ'ল আৰু এটা পুখুৰী খন্দাইছিল।

এই দেওশাল প্ৰত্নতাত্বিক স্থান অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম ১৯৫৯ৰ দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে।

এসময়ৰ জাকত-জিলিকা ৰাজধানী, চোমদেৱে পৱিত্ৰ কৰি ৰখা তীৰ্থক্ষেত্ৰ আজি চাহ বাগিচাৰে পৰিপূৰ্ণ। দেওশাল আৰু লাংকুৰিৰ ভগ্নাৱশেষেহে মাথো এই তীৰ্থক্ষেত্ৰৰ চিনাকি দিয়ে। স্বৰ্গদেও, ডা-ডাঙৰীয়া, পালি-পহৰীয়া, লগুৱা-লিক্‌চৌ সকলো অদৃশ্য। চৰাইদেও এৰি চোমদেও ক'লৈ গ'ল তাকো কোনেও গম নাপালে। এঠাইত পোৱা মতে স্বৰ্গদেও পুৰন্দৰ সিংহৰ ভতিজাক এজনে হেনো চোমদেওক কলিকতাত বিক্ৰী কৰিলে!

Sunday, 22 December 2024

সপোনৰ পম খেদি ...


(১) টুটিং ALGৰ ফালৰ পৰা চালে এনেকুৱা দেখি। 

(২) জিদ' ভিলেজৰ ফালৰ পৰা চালে এনেকুৱা দেখি।

এইখনেই সেই ওলমা সেতু, hanging bridge; যাক লৈ বহুত আগৰে পৰাই হৃদয়ত পুঞ্জীভূত হৈছিল অনন্ত উৎসুকতা। যাক এবাৰ নিজ চকুৰে চোৱাৰ, এবাৰ নিজ হাতে স্পৰ্শ কৰাৰ, অন্ততঃ এবাৰ ওপৰেৰে ইপাৰ-সিপাৰ হোৱাৰ হাবিয়াহ জন্মিছিল অতিপাত।

স্থানীয় অধিবাসীসকলে এইখনক বোলে Ladum bridge। তলেৰে প্ৰৱাহিত নৈখনৰ নাম চিয়াং, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ আগলি জলধাৰা। সেউজবুলীয়া আস্তৰণেৰে গহীন-গম্ভীৰ আৰু সুগভীৰ। চালে-চকুৰোৱা আশ-পাশৰ নৈসৰ্গিক শোভা। দৃষ্টিনন্দন দৃশ্যাৱলীৰে ঘন আৰণ্যক শ্যামলীমা। যেনিয়েই চকু যায়, তেনিয়ে থমকি ৰয়। হ'লেও, সৰহ মানুহেই আজিও নেদেখা, আজিও আহি নোপোৱা জেগা। এনে অৱস্থানবোৰকেই কোনোবাই কয় : God's own country.

তাৰিখ ১৩ নৱেম্বৰ, ২০২৪। সময় পুৱা ৬ বাজি ৩২ মিনিট। ঠাই অচিনাকি, বাট অচিনাকি হ'লেও আক সুধি, তাক সুধি পাই গ'লোঁহি বহুপ্ৰত্যাশিত মোৰ লক্ষ্যস্থল, চিয়াঙৰ ওলমা দলং। অকলে অকলেই, খোজ কাঢ়ি কাঢ়ি। এক কথাত, আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ ফলশ্ৰুতিত, এইহে মনটোৱে শান্তি লাভ কৰিলে। বুজাব নোৱাৰা প্ৰশান্তি বুকুত লৈ একেৰাহে চাই ৰ'লোঁ ধেনুভিৰীয়া সাঁকোখনলৈ। কি অনুপম দৃশ্য!

নিজৰ শৰীৰটোক সন্মুখত উপস্থিত কৰাব নোৱাৰা পৰ্যন্ত, Ladum bridge আছিল মোৰ dream destination। আছিল এটা hidden challenge। সেই স্বপ্ন, সেই তাড়না, সেই প্ৰত্যাহ্বান পূৰ কৰিব পাৰিলোঁ, এইমাত্ৰ। অনন্য এক প্ৰাপ্তি বুলিয়ে ক'ব বিচাৰিম, পৰ্যটক-জীৱনৰ।

যথাস্থানত থিয় হৈ সদ্যহতে কি দেখিছোঁ, কি মন কৰিছোঁ? 

চীনৰ পৰা আহি গেলিঙত ভাৰতভূমিত প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় নদীখনে নামনিৰ দিশে ইংকিয়ং অভিমুখে গতি কৰি আছে। সূৰ্যটো উঠি আহিছে সিফালৰ পৰ্বতমালাৰ ওপৰেৰে। সুকোমল ৰশ্মিবোৰে যেন স্বাগতমহে জনাইছে! টুপীটো খুলি ময়ো জনাই দিলোঁ অভিবাদন। সোঁৱে-বাঁৱে ভিন্নৰূপী landscapeবোৰ। সৌন্দৰ্যৰ পোহাৰ মেলি থৈছে কুমাৰী প্ৰকৃতিয়ে। বিপৰীতে, তেনেই জনপ্ৰাণীহীন, আৰু জয়াল পৰিৱেশ। ধাৰণা কৰিলোঁ, মিচা তেদ'ৰ homestayৰ পৰা ইয়ালৈ পথ-দূৰত্ব ৪ কিলোমিটাৰৰ কম নহ'ব। ওলাইছিলোঁ পুৱা প্ৰায় ৫.৩০ত। এইখিনি পাওঁতে হ'লহি ৬.৩২।

ধেনুভিৰীয়া সাঁকোখনলৈ দিয়া প্ৰথম দৃষ্টিত কি দেখা পাইছোঁ? 

মামৰ-ৰঙী, পুৰণা iron wireবোৰ আৰু কিছু দূৰে দূৰে বেতৰ মেৰ। খোজ পেলাবৰ নিমিত্তে তক্তাৰ পাছত তক্তা। ঠেক ঠেক আৰু ঠায়ে ঠায়ে পচা। ক'ৰবাত কেতিয়াবাই সৰি পৰিছে। গতিকে মাজে মাজে বহল ফাঁক একোটা।

ইমূৰ-সিমূৰৰ দৈৰ্ঘ কিমান হ'ব? 

অনুমান কৰিবৰ সাধ্য নাই। বহলে ৪ ফুটৰ অধিক নহ'ব পিছে।

এইবোৰ হিচাপ-কিতাপ কৰি থাকি কিবা লাভ? প্ৰাণৰ আহ্বানৰ প্ৰতি সঁহাৰিহে প্ৰধান কথা। তৎমুহূৰ্ততে ঘূৰাই আনিলোঁ মনোযোগ, আৰু নিজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখি দুভৰি দিলোঁ আগুৱাই। 

গৈ আছোঁ, গৈ আছোঁ। মাজে মাজে ৰৈ ৰৈ দৃশ্য উপভোগ কৰিছোঁ। চিয়াং বৈ আছে, লাদুম ব্ৰিজ নাচি উঠিছে, তল-ওপৰকৈ, নিজস্ব ছন্দত, স্বকীয় ভংগীমাত। হেন্দোলনিৰ সৈতে নিজৰ ভাৰসাম্য বজাই ৰাখি ব্যস্ত হ'লোঁ ফটো তোলা আৰু ভিডিঅ' ৰেকৰ্ডিঙত। এনেকৈয়ে পাৰ হৈ গ'লোঁ। আনটো পাৰৰো ৰেহ-ৰূপ চালোঁ। পুনৰ ঘূৰিও আহিলোঁ, সুকলমে; হৃদয়ৰ তাড়নাক সমৰ্থন আৰু জয়যুক্ত কৰি।

আজি ১৩ ডিচেম্বৰ, ২০২৪। এমাহৰ পাছত এই পদযাত্ৰাটো সোঁৱৰণ কৰিছোঁ। আশা ৰাখিছোঁ, অনাগত দিনত মোৰ পৰিচিত কোনোবা দুঃসাহসী সত্যসন্ধানীয়ে হয়তো পম খেদিব, টুটিঙৰ এই সঁচা ছবি দুখন চাই, যিদৰে বিগত দিনত মই উত্তেজিত হৈ পৰিছিলোঁ, আন কাৰোবাৰ ফটো আৰু ভিডিঅ' চাই চাই।

Life is an adventure. 

শুভ-যাত্ৰা।

লুংজুবেলত এখন্তেক

ইয়াত উল্লিখিত বিষয়-বস্তুৰ অধ্যয়নকাৰী মই নহওঁ; ইৰাজ কুমাৰ শইকীয়াহে। আৰম্ভণিতেই সঁচা কথাটো কৈ দিয়া ভাল। ইতিহাসে ঢুকি নোপোৱা সময় আৰু প্ৰত্নতাত্ত্বিক সমলৰ প্ৰতি তেওঁৰ আন্তৰিক প্ৰীতি আছে, প্ৰাচীনতাৰ প্ৰতি তেওঁৰ গভীৰ অনুৰাগ আছে, আৰু সময়-সুবিধা পালে সেইবোৰক লৈ নীৰৱচিত্তে তেওঁ চিন্তন-মননৰ অনুশীলন কৰে নিজস্বভাৱে; অকপট প্ৰয়াসেৰে অৱধাৰণাসমূহৰ অধ্যয়ন-বিশ্লেষণ কৰাৰ উপৰি সত্যানুসন্ধানত আত্মনিয়োগ কৰে, গৱেষকৰ মনোবৃত্তি আৰু নিৰ্মোহ-নিৰপেক্ষ দৃষ্টিভংগীৰে। দ্বিতীয়তে, এইটোও এই মুহূৰ্ততে স্বীকাৰ কৰা হওক যে 'প্ৰাক্‌-ঐতিহাসিক কালৰ তিব্বত-বৰ্মী আৰু কাৰবিসকলৰ প্ৰব্ৰজনৰ যৎকিঞ্চিৎ' শীৰ্ষক ইৰাজ শইকীয়াৰ নৱতম গ্ৰন্থখন ছপোৱাৰ কামটো সদ্যহতে অমুকাৰ দ্বাৰা সম্পাদন কৰি থকা হৈছে বুলিহে বৰাইল পাহাৰলৈ ওলোৱা অনুসন্ধানমূলক অভিযানটোৰ সহযোগী হ'বলৈ সুযোগকণ মোৰ মিলিল। দলটোৰ তৃতীয়জন উৎসাহী সদস্য আছিল লেখক-সাংবাদিক তথা সমাজ-সেৱক সঞ্জু বৰা।

পৰিকল্পনা আৰু পূৰ্ব-সিদ্ধান্ত অনুসাৰেই মঙলবাৰ, ১৭ ডিচেম্বৰ ২০২৪ৰ পুৱা আমাৰ ঘৰৰ আগত ইৰাজে মাৰুতি বালেন'ৰ হৰ্ণ বজালেহি, আৰু ৭ বজাৰ লগে লগেই 'Study Tour'টোৰ শুভাৰম্ভ হৈ গ'ল। 

লামডিং ৰোডেৰে ডিফুৰ পৰা এঘণ্টা যাত্ৰা কৰি আমি ফ'ৰ লে'ন হাইৱে'ত উঠিলোঁহি। তাৰ পাছৰ ঘণ্টাটোত লংকা পাৰ হৈ খেৰণিৰ 'লাল হোটেল' পাই গ'লোঁ। পৰৱৰ্তী এঘণ্টাত উম্‌ৰাংছ'। উম্‌ৰাংছ'ৰ পৰা হাফলং ৰ'ডেৰে আগুৱাই চাংবাৰ পাবলৈ এঘণ্টাও নালাগিল অৱশ্যে। বাটত View Pointত থমকি বিহংগম দৃষ্টিৰে উম্‌ৰাংছ' লে'কৰ সৌন্দৰ্য চালোঁ, সদ্যসমাপ্ত Falcon Festivalৰ থলী প্ৰত্যক্ষ কৰিলোঁ। পুনৰ যাত্ৰা কৰি চাংবাৰৰ পৰা থুৰুক অভিমুখী বাটেৰে সোমাই ২৪ কিলোমিটাৰ আগত অৱস্থিত লক্ষ্যস্থান (Lungzubel Archaeological Site, Khobak, Dima Hasao) পাবলৈহে লাগি গ'ল দুঘণ্টা। তিনিআলিটোৰ আৰম্ভণিৰ পৰাই Off-road, মাজতে নাম নজনা এটা ক্ষুদ্ৰ জনপদ আৰু পাইন অৰণ্যৰ অন্তহীন শোভা।

দীঘলীয়া চফৰৰ অন্তত প্ৰৱেশ-তোৰণত উপস্থিত হৈয়ে আটাইৰে মনবোৰ প্ৰফুল্লিত হৈ উঠিল। ঘড়ীলৈ চাই দেখিলোঁ যে দিনৰ ১.৩০ বাজি গৈছে। তাৰ মানে, প্ৰায় ১৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে আমাক সমুদায় সময় লাগিল চাৰে ছয় ঘণ্টা! সি যি কি নহওক বাৰু, সুকলমে পাই গ'লোঁ আমি বিচাৰি অহা জেগা।

প্ৰজাতিগতভাৱে মংগোলীয় ঠালৰ আৰু নৃগোষ্ঠীগতভাৱে কুকি-চিন বুলি স্বীকৃত বৃহৎ কুকি মূলৰ পুৰণি কুকি জনগোষ্ঠী হিচাপে জনাজাত বেইটে মানুহৰ বসতিপ্ৰধান এতিয়া আমি উপস্থিত হোৱা খ'বাক এলেকাটো। জিলা ডিমা হাচাও, মহকুমা ডিয়ুংব্ৰা, উন্নয়ন খণ্ড নিউ চাংবাৰ। 

প্ৰবাদ অনুসৰি, অতীতত মধ্য এচিয়াৰ দক্ষিণ চীনৰ মেকং নদী উপত্যকাৰ চিনলুং অঞ্চলৰ পৰা প্ৰব্ৰজন কৰি ক্ৰমে শ্বান প্ৰদেশ, ম্যানমাৰৰ চিন পাহাৰ, ইৰাৱতী আৰু চিন্দুইন উপত্যকা, লুচাই (মিজো) পাহাৰত থিতাপি লোৱাৰ পাছত ওঠৰ শতিকাত বৰাক উপত্যকা অতিক্ৰম কৰি এই জনজাতীয় মানুহখিনিয়ে উত্তৰ কাছাৰ পাৰ্বত্য জিলা (এতিয়া ডিমা হাচাও)ত বসতি কৰিলেহি। জনসংখ্যা সীমিত যদিও অদ্যাপি প্ৰচলিত নিজা দোৱান, সাজপাৰ, আ-অলংকাৰ, গীত-নৃত্য, ৰীতি-নীতি, পৰম্পৰাৰে সমুজ্জ্বল তেওঁলোকৰ সমাজ-জীৱন। কুকিৰ আনবোৰ শাখাৰ পৰা পৃথক আৰু স্বকীয় বৈশিষ্ট্যপূৰ্ণ জীৱন-শৈলীৰে পুষ্ট বেইটেসকলে সুকীয়া জনগোষ্ঠী হিচাপে প্ৰসিদ্ধি লাভ কৰিছে।

থুৰুকৰ ৰাস্তাটো এৰি বাওঁহাতে থিয় হৈ থকা পকী তোৰণখনৰ গুৰিলৈ উঠি গৈ দেখোঁ যে, ইণ্টাৰলকিং ইটাৰে নিৰ্মিত ঠেক বাট এটা আগলৈ গৈছে। অসম দৰ্শন আঁচনিৰ অন্তৰ্গত ২০২৩ চনৰ মে' মাহত সজা হৈছে লুংজুবেল প্ৰত্নতাত্ত্বিক ক্ষেত্ৰখনৰ ভিতৰৰ সৰ্পিল এই পথছোৱা। অগ্ৰসৰ হওঁতেই সামান্য আগত কাঠৰ গে'ট এখন পালোঁ। পাৰ হৈ অকাই-পকাই ৰাস্তাটোৰ শেষ পৰ্যন্ত গ'লোঁগৈ আমি। সহজেই বুজিলোঁ যে আমি সৰ্বোচ্চ উচ্চতাত অৱস্থান কৰিছোঁহি। দূৰ দিগন্ত পৰ্যন্ত পৰিষ্কাৰ ৰূপত দৃশ্যমান হৈছে। প্ৰাকৃতিক দৃশ্যাৱলী মনোমোহা। শাৰী শাৰী পাহাৰে চতুৰ্দিশ ঘেৰি আছে।

গাড়ীৰ পৰা নমাৰ পাছতে আৰম্ভ হ'ল Stone-jarৰ সন্ধান। আচৰিত হ'লোঁ, কেনিও এখন বিৱৰণী-ফলক দেখিবলৈ নাই। ইফালে-সিফালে ঘাঁহনি মহতিয়াই, বিচাৰি চলাথ কৰিছোঁ তিনিওজনে। আৰু এসময়ত, আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'লোঁ আমি উপলক্ষ্য কৰি অহা বিশেষ প্ৰত্নতাত্ত্বিক সম্পদবিলাক। প্ৰাপ্তিৰ আনন্দত তেতিয়াহে তিনিও অভিযাত্ৰীৰ মুখকেইখনত বিৰিঙি উঠিল সুখৰ হাঁহি।

প্ৰাক্‌-ঐতিহাসিক যুগৰ পৰম বিস্ময়স্বৰূপ, Stone-jar বুলি নামাংকিত এই শৈল-পাত্ৰসমূহ প্ৰকৃততে কোন যুগৰ? কোন সভ্যতা, কোন সংস্কৃতি, কোন ৰাজবংশৰ সৈতে জড়িত? কোন ইয়াৰ নিৰ্মাতা? কোনে কেনেকৈ আনিলে ইয়ালৈ? চকুৰ সন্মুখত দেখা পাই থকা পৰিৱেশ-পৰিস্থিতিত স্বাভাৱিকতেই মনৰ নিভৃত কোণত উপৰ্যুপৰি উদয় হৈছে অনেকটা প্ৰশ্ন। পদ্ধতিগত অধ্যয়ন হৈছে যদিও গম নাপাওঁ। পৰিত্যক্ত আৰু মুকলি আকাশৰ তলত দিনে-নিশাই, ৰ'দে-বৰষুণে পৰি ৰোৱাৰ ফলত ক্ষয় কিন্তু গৈছে, নষ্ট হৈছে শৈল-স্থাপত্যসমূহ; যিবোৰৰ অন্তৰালত নিশ্চয়কৈ লুকাই আছে সুদীৰ্ঘ সময়ৰ হিচাপ-কিতাপ, এচাম মানুহৰ ইতিহাস, তেওঁলোকৰ ইতিবাচক চিন্তা, বুদ্ধি আৰু কৰ্মশক্তি।

পঢ়িবলৈ পোৱামতে, প্ৰত্নতত্ত্ববিদ জন হেন্‌ৰী হাটন আৰু জেম্‌চ ফিলিপ মিল্‌চে বিগত ১৯২৯ চনত আমি আজি ইয়াত দেখা পাত্ৰসমূহ পোনপ্ৰথমে লোকচক্ষুৰ আগলৈ আনিছিল। ২০১৪ চনৰ পৰা অসম চৰকাৰৰ পুৰাতাত্ত্বিক বিভাগে গুৰুত্বপূৰ্ণ সমলবোৰ সিঁচৰতি হৈ পৰি থকা এই স্থানটি সংৰক্ষণৰ পদক্ষেপ লয়। গৱেষকৰ সিদ্ধান্তমতে Stone-jarবোৰৰ নিৰ্মাণৰ সময় খ্ৰীষ্টপূৰ্ব ২০০। আমি উপস্থিত হোৱা লুংজুবেলৰ উপৰি অনুৰূপ শৈল-পাত্ৰৰ অৱস্থিতি ধৰা পৰা ডিমা হাচাও জিলাৰ ঠাইবিলাক হ'ল : নুচবাংল', ডিবংলিং, কাৰটং, মলংপে, নুদাংল' আৰু বলাচান। জানিব পৰামতে, সৰু আকাৰৰ পাত্ৰবোৰৰ উচ্চতা আৰু প্ৰস্থ প্ৰায় ৫০ ছেণ্টিমিটাৰ। আনহাতে বৃহৎ আকাৰৰবোৰৰ উচ্চতা প্ৰায় ২৭৩ ছেণ্টিমিটাৰ আৰু প্ৰস্থ প্ৰায় ১০০ ছেণ্টিমিটাৰ। শৈল-জাৰসমূহে এই কথাৰ স্পষ্ট প্ৰমাণ দিয়ে যে উক্ত অঞ্চলবোৰ একালত শৈল-সংস্কৃতিৰে সমৃদ্ধ আছিল। জানিবলৈ পোৱামতে, দক্ষিণ-পূব এচিয়াৰ লাওচৰ Xiangkhouang province আৰু ইণ্ডোনেচিয়াত উদ্ধাৰ হোৱা শৈল-পাত্ৰৰ সৈতে গৱেষকসকলে এইবোৰৰ সাদৃশ্য পাইছে, যি বহন কৰিছে তিনিওটা স্থানৰ মানুহৰ মাজত শক্তিশালী আত্মিক-সাংস্কৃতিক সম্পৰ্ক থকাৰ ইংগিত। আনফালে এনেকুৱা শৈল-স্থাপত্য ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য মৃতকৰ সৎকাৰ ব্যৱস্থা অথবা মৃতকৰ উৎসৱৰ লগত জড়িত বুলি ঠাৱৰ কৰা হৈছে। প্ৰসংগক্ৰমে মন কৰিবলগীয়া যে লাওচৰ শৈল-পাত্ৰৰ স্থাপত্যসংলগ্ন অঞ্চলক ইউনেস্কোৱে ২০১৯ চনত World Heritage Site হিচাপে ঘোষণা কৰিছে। তাৰ পৰাই বুজিব পাৰি এইবোৰৰ গুৰুত্ব কেনে পৰ্যায়ৰ।

Loma Lalsin ৬০ ঊৰ্ধৰ এজন বেইটে লোক। পিঠিত হোৰা লৈ তেওঁ খেতিৰ পৰা আহি আছিল। সঞ্জু বৰাৰ আহ্বানক্ৰমে তেওঁ আমাক সংগ দিলেহি। স্থানীয় মানুহজনে কথা প্ৰসংগত জনালে যে ইয়াত থকা শৈল-পাত্ৰবোৰ তেওঁলোকৰ পূৰ্বপুৰুষৰ কালৰ, হাজাৰোধিক বছৰৰ আগৰ। আৰু ক'লে যে অতীজত এই অঞ্চলবিলাক ঘন অৰণ্যৰে পৰিৱেষ্টিত আছিল। প্ৰকাণ্ড শিলবিলাক ৰছী লগাই জংঘলৰ পৰা কঢ়িয়াই অনা হৈছিল। Lamlirৰ দ্বাৰা আকৃতি অনুযায়ী কটা হৈছিল। পাত্ৰৰ ভিতৰভাগত ৰখা হৈছিল Zu, অৰ্থাৎ বেইটে সমাজৰ পৰম্পৰাগত পানীয়। Lungzubelৰ অৰ্থ হৈছে মদ জমা কৰা আধাৰ।

৬০ ঘৰ বেইটে মানুহেৰে খ'বাক গাঁওখন। ধৰ্ম-বিশ্বাসত প্ৰেচবিটেৰিয়ান খ্ৰীষ্টান। প্ৰত্নতাত্ত্বিক স্থলৰ দৰ্শনৰ সফল সামৰণিত লালচিমে আমাক তেওঁৰ গৃহলৈ মাতি নিলে। পাকঘৰৰ জুহালত বহুৱালে। পৰিয়ালটোৰ সম্বন্ধে জানিবলৈ দিলে। উপস্থিত সদস্যসকলৰ সৈতে চিনাকি কৰালে। লালচাহ আৰু বিস্কুটেৰে আপ্যায়ন কৰোৱাৰ লগতে নিজৰ কৃষিক্ষেত্ৰত উৎপাদিত কচু, ৰঙালাউ, জলকীয়া আৰু শিমলু আলু দি পঠালে। সৌহাৰ্দপূৰ্ণ আলোচনাৰ মুখনি মাৰি, আগন্তুক বৰদিন উপলক্ষে কৰমৰ্দনেৰে প্ৰতিজনকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমি বিদায় মাগিলোঁ।

বিয়লি ৩ বজাত খ'বাক এৰি, উম্‌ৰাংছ' পাৰ হৈ ২৯ কিলোত ভাত-চাহ খাই, নিশা ১০ বজাত সুকলমে ঘৰ সোমালোঁহি।



Thursday, 12 November 2020

অভিযান-সাহিত্য

যদি তুমি পঢ়িব খোজা বিষয়-বস্তুৰ গ্ৰন্থখন এতিয়াও লিখা হোৱা নাই, তেন্তে তুমি সেইখন নিশ্চিত ৰূপত লিখি উলিওৱা ৷ -টনী মৰিচন


কেনেকৈ পাৰ কৰিম পুনৰ এই দীঘলীয়া স্বনিৰ্বাসন ? গুৱাহাটীয়ানৰ মনত এতিয়া এইটোৱেই প্ৰশ্ন ৷ কোনো কোনোৱে কৈছে পাগল হৈ যাম ভাই ৷ এজনেতো আৰু এখোপ আগলৈয়ে গ ওলাই যাবলৈ নাপালেতো মই মৰিয়ে থাকিম কিজানি ৷

যিয়েই নহওক, আটাইৰে ভালৰ কাৰণে আমি এই গৃহবন্দী অৱস্থা নতশিৰে মানি লবই লাগিব ৷ ঘৰত সোমাই থাকক, নহলে হাস্পটালত থাকিব, নতুবা ফটোফ্ৰেমৰ মাজত সোমাবগৈ লাগিব ৷ কথাবোৰ এইদৰেই ওলাইছে ৷ কিন্তু এইটো ঠিক যে সময় ৰৈ নাথাকে, বাগৰি গৈ থাকিব ৷ আৰু এদিন, পৃথিৱী সুস্থ হব ৷ আমিও মুক্ত হম নিশ্চয় ৷

এনে আশাবাদৰ মাজেৰেই আমি বাচি থাকিব লাগিব ৷ সেইটো গুৰুত্বপূৰ্ণ ৷ কিন্তু কি কৰি থাকিম আমি, নাযায়-নুপুৱায় যেন লগা এই দুঃসময় ? আকৌ এক গম্ভীৰ প্ৰশ্নৰ অৱতাৰণা ৷

নিজস্ব চিন্তা-ভাবনাৰে উলিয়াই লোৱা সময়োপযোগী কৰ্ম আৰু ঘৰুৱা ব্যস্ততাই ইয়াৰ সঠিক উত্তৰ ৷ এই সময়ছোৱা আমি লাভজনকভাৱে, জ্ঞানবৰ্ধকভাৱে অতিক্ৰম কৰাটো প্ৰত্যেকৰে লক্ষ্য হোৱা উচিত ৷ অবাবত সময়ৰ অপচয় কৰাৰ পৰিৱৰ্তে বিভিন্নজনে বিভিন্ন যোগাত্মক, উৎপাদনশীল পন্থা ইতিমধ্যে উলিয়াই লৈছেই ৷ তাৰে ভিতৰত উত্তম পন্থা এটা হৈছে, আমি এই কালছোৱাত যথেষ্টখিনি পঢ়া-শুনা কৰি পেলাব পাৰোঁ ৷ হাতত কিতাপ-পত্ৰ মজুত থাকিলেতো ভালেই ৷ যদি নাই, অনলাইনযোগেও পোৱাটো সম্ভৱ ৷ কিছু কিছু কিতাপৰ পি.ডি.এফ. কোনো কোনোৱে উপলব্ধ কৰিছে ৷ আদান-প্ৰদান চলিছে ৷ ভাল কথা হৈছে ৷

তাকে চাই মোৰ মনলৈও আইডিয়া (!) এটা আহিল ৷মোৰ ভ্ৰমণ-লেখাসমূহ অসমীয়াত কথা-বতৰা (চমুকৈ অকব)ত পঢ়ি যাওঁতে অনেকজন শুভাকাংক্ষীয়ে সেয়া কিতাপ আকাৰে প্ৰকাশ কৰাৰ বাবে পৰামৰ্শ দি আহিছে, আৱেদন জনাই আহিছে, তাগিদা দি আহিছে ৷ তৎসত্ত্বেও এই পৰ্যন্ত মোৰ কোনো মুদ্ৰিত পুস্তক নাই ওলোৱা আৰু কিজানি তেনেকুৱা নহবও ৷ লেখাবিলাকৰ কেৱল .ডক ফাইলহে আবদ্ধ কৰা হৈছে ৷

আগ্ৰহী পাঠক বা ভ্ৰমণপিয়াসী লোকলৈ ইতিহাস-ভূগোল-সংস্কৃতিভিত্তিক এড্‌ভেন্সাৰধৰ্মী নিজৰ এই পৰ্যটন-ৰচনাসমূহ (অভিযান-সাহিত্য !) মই স্বেচ্ছাই প্ৰেৰণ কৰিব খোজোঁ ৷ সচিত্ৰ ৰূপত পাবলৈ মোৰ ব্লগতো (abdussazid.blogspot.com) নিৰ্দ্বিধাই সোমাব পাৰে ৷ নিৰ্বাসনৰ দিনকেইটাত ইচ্ছা কৰিলে একেমুঠে এইবোৰ পঢ়ি থাকিব পৰা যাব ৷ দিন ভাল হলে এপাক মাৰি অহাত তেতিয়া বেচ সুবিধা হব নিশ্চয় ৷ তাতে, প্ৰকৃতিৰ সৈতে সকলোৱে একাত্ম হৈ ৰোৱাটোৱেই সময়ৰ আহ্বান নহয়জানো ?

ঠিকে আছেনে আইডিয়াটো ? বাৰু এতিয়া কওক, তলৰ কোনখন পঢ়িব বিচাৰিব আপুনি ?

১. অগস্তি-যাত্ৰা (পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেল, লেক অফ্‌ ন ৰিটাৰ্ণ ৷ জানুৱাৰী ২০১৩)

২. অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ (ৱালং-ডং-কিবিথু চাৰ্কিটৰ লগতে তেজু-ৰয়িং-মায়ডিয়া ৷ এপ্ৰিল ২০১৫)

৩. সোণালী নৈ সোৱণশিৰিৰ পাৰে পাৰে (জিৰ-ডাপৰিজ-তাকচিং চাৰ্কিট ৷ নৱেম্বৰ ২০১৫)

৪. আংগামী নগাৰ বৰভেটি খনমা আৰু আত্মা-আলোড়নকাৰী ঝুক ভেলী (খনমা-ঝুক ভেলী ৷ জুলাই ২০১৬)

৫. মেন্‌-চু-খা (পাচিঘাট-আল-মেন্‌-চু-খা চাৰ্কিট ৷ নৱেম্বৰ ২০১৬)

৬. শদিয়ালৈ গলোঁ, দীঘল দলং চালোঁ (তিনিচুকীয়া-শদিয়া-ৰয়িং চাৰ্কিট ৷ মে ২০১৭)

৭. বগামাটিৰ সন্ধানত (নৰ্থ ইষ্ট এড্‌ভেন্সাৰ টুৰিজিম ফেষ্টিভেল ৷ ছেপ্টেম্বৰ ২০১৮)

৮. লাংৱকু (ডিলাই-লাংৱকু ৷ নৱেম্বৰ ২০১৮)

৯. জংফাত এৰাতি (চকীহোলা-জংফা-কেইহাং ৰেনচ ৷ মাৰ্চ ২০১৯)

১০. থাই আপচিৰ (হামৰেণ-থাই আপচিৰ-খান্দুলি ৷ ছেপ্টেম্বৰ ২০১৯)

১১. যাত্ৰা বিচিত্ৰা ৫০ (বিদেশ ৰাষ্ট্ৰকে ধৰি ৫০টা ভ্ৰমণ কাহিনীৰ সমাহাৰ)

১২. যাত্ৰা সমাহাৰ (মহামায়া, ছেপ্টেম্বৰ ২০১২ ৷ আকাশী গংগা, জানুৱাৰী ২০১৫ ৷ কাংথিলাংছ, অক্টোবৰ ২০১৫ ৷ চাপানলা, ফেব্ৰুৱাৰী ২০১৬ ৷ ডিলাই পৰ্বত, অক্টোবৰ ২০১৬ ৷ শ্বিকদামাখা, ডিচেম্বৰ ২০১৬ ৷ লাংচিথিং, অক্টোবৰ ২০১৮ ৷ চাইজাং, ফেব্ৰুৱাৰী ২০১৯)

১৩. কৰকাণ্ঠিছ : লংতাং পাহাৰৰ অচিন দুৰ্গমতাত এদিন (ডিচেম্বৰ ২০১৯)

১৪. আনিনিত ডাৱৰে মাটিক চুমা যাচে (জানুৱাৰী-ফেব্ৰুৱাৰী ২০২০)

১৫. ৰেংমা হিল্‌ছৰ গভীৰ অৰণ্যত আতংকময় এনিশা (ফেব্ৰুৱাৰী ২০২০)

 ……………………..

পৰৱৰ্তী সংযোজন

১৬. পৰ্যটন দিৱসৰ পৰ্যটন (ছেপ্টেম্বৰ ২০২০) 

১৭. পৰিভ্ৰমী আমূৰ ফেলকনৰ সন্ধানত উমৰুখুটিত এৰাতি (নৱেম্বৰ ২০২০)

 

 

 ৯. প্ৰত্যাৱৰ্তন যাত্ৰা

 


'Travel as much as you can, as far as you can, as long as you can. Life is not meant to be lived in just one place.'

৩ বাজিবৰ হল ৷ ৰন্ধনশালাৰ পৰা খাদ্যবস্তুসহিত ডেকচি-কেৰাহীবোৰ গোলাকাৰ খাদ্যথলীলৈ কঢ়িয়াই অনা হৈছে ৷ ঘৰত ১০ বজাত খাই আহিছিলোঁ হেতুকে ইয়াত ভাত নাখালেও চলে ৷ দ্বিতীয়তে, কাৰবি পৰম্পৰাগত আহাৰৰ দিহা কৰা হৈছে ৷ কি ঠিক, মোৰ বাবে নিৰামিষ খাদ্য নাথাকিবও পাৰে ৷ তাতে আমি হলোঁ আকস্মিক অতিথি ৷ এতেকে অসুবিধা জন্মোৱাটো মুঠেই শোভনীয় নহব ৷ লৰায়ো সেইবাবেই এনেকৈ খোৱাত অংশ গ্ৰহণ কৰাত অনিচ্ছা প্ৰকাশ কৰিছে ৷ গগৈ ছাৰৰ কিন্তু মতলব বেলেগ ৷ আনফালে খৰছিঙে আমাক জোৰ দি ধৰিছে ৷ ভাত খাই যাব লাগিব ৷ নিৰামিষৰ বাবে দাইল আৰু ভাজি আছে ৷ চিন্তা কৰিব নালাগে ৷ অগত্যা তিনিও একেশাৰীতে বহি দিলোঁ, ক্ৰ আৰু ৰংহাঙৰ লগতে ৷ নিৰামিষভোজীৰ কাৰণে এয়া স্পেচিয়েল দেই বুলি গগৈ ছাৰে অথনি লংনিত বজাৰত কিনা পটেট চিপ্‌ছৰ পেকেট এটা দিলে, ভাতৰ লগত খাবলৈ ৷ 

ছেৰদিহুন আৰু লাৰলিনাই গাইপতি একোটাকৈ বাঁহৰ চুঙা আৰু সন্মুখত কলপাত পাৰি দিছে ৷ পুইয়ে নেমুটেঙা, নিমখ-জলকীয়া বিলাইছে ৷ ঘৰুৱা ভাবত আটায়ে কামবোৰ কৰি গৈছে ৷ ডেকা বিলনীয়াহঁতে ভাত-দাইল-ভাজি দিলেহি ৷ মোৰ বাবে এয়াই যথেষ্ট ৷ বিপৰীতে, আমিষাহাৰীৰ বাবে চুঙাত সিজোৱা মাছ, তিল দি ৰন্ধা গাহৰিৰ মাংস ইত্যাদি ইত্যাদিৰ আয়োজন কৰা হৈছে ৷ 

খাদ্য খাই তৃপ্তি লাগিল ৷ দলৈ, চন্দ্ৰ আদি লংনিতৰ পৰা অহা ৰান্ধনিকেইজনে বৰ সোৱাদ লগাকৈ ৰান্ধিছে ৷ নাখাওঁ নাখাওঁ কৈ থকা আদিশেও ট্ৰেডিছনেল আহাৰৰ জুতি বেছকৈ পালে ৷ আগতে কেতিয়াও খাই নোপোৱা, চুঙাত ৰন্ধা মাছকেইটা খাই গুণ গাই থাকিল ৷ 

শৃংখলাবদ্ধভাৱে সকলোৱে একেলগে গোলাকাৰভাৱে বহি খোৱাত মনোনিৱেশ কৰি থকা অৱস্থাতে মই এফালৰ পৰা মূৰবোৰ গন্তি কৰিব ধৰিলোঁ ৷ মুঠতে ২৩টা ৷ তাৰ মানে কভিড-আক্ৰান্ত বিশ্ব পৰ্যটন দিৱসৰ আজিৰ আয়োজনত যোগদানকাৰীৰ সংখ্যা ২৩ জন মাত্ৰ ! 

লক্‌-ডাউনৰ নেতিবাচক প্ৰভাৱ ! এই প্ৰভাৱ কেৱল ইয়াতে নহয়, সমগ্ৰ পৃথিৱীতে আজি স্পষ্ট ৷ অতিমাৰী কৰনা ভাইৰাছৰ সন্ত্ৰাসত বিশ্বজুৰি মানুহৰ স্বাভাৱিক জীৱন-যাত্ৰা অচল হৈ পৰিছে ৷ দেশে দেশে মানুহ শংকিত ৷ আহ-যাহ, ভ্ৰমণ-পৰ্যটন স্তব্ধ ৷ ব্যৱসায়-বাণিজ্যতো সকলোফালে মন্দাৱস্থা ৷ বাতৰি কাকতৰ জৰিয়তে পোহৰলৈ অহা এক তথ্য অনুসৰি বিশ্ব পৰ্যটন ক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণে এতিয়ালৈ প্ৰায় ৩২ হাজাৰ কোটি ডলাৰ চুইছেগৈ ৷ বিশ্ব-অৰ্থনীতিৰ বাবে ই এক বৃহৎ মাধমাৰ ৷ খোদ ৰাষ্ট্ৰসংঘই এই কথা সদৰি কৰিছে ৷ 

৪ বাজিল ৷ পোহৰ কমি আহিছে ৷ অলপ সময় আলাপ-আলোচনা চলাৰ পাছতে আমি বিদায় লোৱাৰ কথা চিন্তা কৰিলোঁ ৷ সোনকালেই অঞ্চলটোলৈ অন্ধকাৰ নামি আহিব ৷ যাওঁ বুলি ওলাইছোঁ যদিও পানী খাবলৈ দিয়া বাঁহৰ চুঙাকেইটা হাতৰ পৰা হলে এৰা নাই ৷ ঘৰলৈ লৈ যোৱাৰ মতলব ৷ বাকীসকলক মাত দি আমি তিনিও লাহে লাহে লংছকাংথু পিকনিক্‌ স্পটৰ পৰা ওলাই আহি গাড়ীত বহিলোঁহি ৷ আদিশে ইঞ্জিন ষ্টাৰ্ট দিলে ৷ 

লংনিত, মাঞ্জা তিনিআলি পাৰ হলোঁ ৷ চিংৰি আহিথি ৷ চিংৰি বজাৰ ৷ মাঞ্জা-ডিফু পথৰ দাঁতিত স্থানীয় কাৰবি, বড়ো গঞা ৰাইজৰ উদ্যোগত নতুনকৈ বজাৰ এখন বহিছে ৷ গাড়ী ৰখোৱাচোন বুলি কোৱাৰ লগে লগে আদিশে ব্ৰেক মাৰিলে ৷ পোহাৰী এগৰাকীৰ কাষ চাপি, কথা পাতি গম পালোঁ যে আজি আৰম্ভণি হৈছে বজাৰখনৰ ৷ কব নোৱাৰাকৈয়ে, আচম্বিতে শুভদিন এটাৰ সাক্ষী হবলৈ পাই আনন্দ লাগি গল ৷ ঘূৰি-পকা অমিতা, লাইশাক, পানীলাউ, কলডিল আদি শাক-পাচলি কিছুমান কিনিলোঁ আৰু গাড়ীৰ ডিকিত ভৰাই ললোঁ ৷ গগৈ ছাৰেও ললে ৷ ডিফু বজাৰৰ তুলনাত সস্তাতে পালোঁ বস্তুবোৰ ৷

বিশ্ব পৰ্যটন দিৱসৰ পৰ্যটন সামৰি সন্ধিয়া ৬ বজাৰ আগে আগে ভালে-কুশলে, পৰিপূৰ্ণ মনেৰে ঘৰ সোমালোঁ ৷ গৃহ-প্ৰৱেশৰ পাছত ৱাট্‌ছএপত ঘনিষ্ঠ কেইজনমানলৈ মেছেজ বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী সামৰি এয়া ঘৰ সোমাইছোঁ ৷ জীপ লাইনিঙৰ ফটো একপিও লগতে গাঁঠি দি সকলোকে আচৰিত কৰি দিলোঁ ! (সমাপ্ত)