Monday, 23 December 2024

দেওশালত কি দেখিলোঁ, কি ভাবিলোঁ

৮/৯/২০২৪

ডাঙৰ আখৰেৰে 'দেওশাল' বুলি লিখা প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসমৰ নীলা-বগা চাইনব'ৰ্ডখনৰ ওচৰতে আমাৰ ইন'ভাখন ৰ'ল। শিলগুটি দিয়া ঠেক বাট এটা সোঁহাতে ওপৰলৈ উঠি গৈছে। সেইফালে এপলক দৃষ্টিপাত কৰিয়েই অৰুণদাই কৈ উঠিল : আপোনালোক দুজনেই গৈ চাই আহক; মই গাড়ীতে বহি থাকিম।

জানো যে অৰুণদাৰ হাইট-ফ'বিয়া অৰ্থাৎ উচ্চতা-ভীতি আছে; গতিকে আশা নাই যে তেওঁ লগ দিব। এতিয়া এনেকৈ কোৱাত জ্যেষ্ঠ ভ্ৰমণ-সংগীজনক তলতে এৰি আমি দুয়ো অগ্ৰসৰ হ'লোঁ। আমি মানে কৃষ্ণ (গাড়ী চালকজনৰ নাম) আৰু মই। কৃষ্ণ মোৰ আগত। মই তেওঁৰ পাছে পাছে। পাদদেশেৰে ক্ৰমান্বয়ে উঠি আছোঁ পাটকাইৰ বক্ষত। চাৰিওকাষে চকু ৰৈ যোৱাকৈ সেউজীয়া আৰু সেউজীয়া।

ওচৰতে সোঁফালে, আহোম ৰাজতন্ত্ৰৰ ২৯ সংখ্যক ৰজা, স্বৰ্গদেউ চুপাতফা বা গদাধৰ সিংহই ১৬১৩ শকৰ আঘোণ মাহত সজোৱা লাংকুৰি দ'লৰ ডিম্বাকৃতিৰ ভগ্নাৱশেষ মাটিত পোত খাই থকা, আহোম স্বৰ্গদেউসকলে লাংকুৰি (বুঢ়াগোসাঁই বা শিৱ) প্ৰমুখ্যে তেওঁলোকৰ বিভিন্ন পৰম্পৰাগত দেৱতাক য'ত পূজা-সেৱা কৰিছিল, সেই এলেকাটোৰ নাম নমিৰা পৰ্বত হেনো। এইটো কি পৰ্বত? নাম একেটাই  হয় যদিও নাজানো। শিৱসাগৰত পুৱাতে গা-পা ধুই চৰাইদেওলৈ বুলি ওলাই আহিছিলোঁ। নমিৰাৰ গাতে লাগি থকা এই থিয় পাহাৰখনত একেৰাহে ওপৰলৈ বগাওঁতে বগাওঁতে এতিয়া দেহাৰ পৰা কেঁচা ঘাম বাজ হৈ গৈছে। উশাহো হৈ পৰিছে ঘন আৰু চুটি। সন্মুখত লক্ষ্যস্থান। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা কিমান হ'ব ক'ব নোৱাৰিম। ক'তো একো লিখি থোৱাও চকুত নাই পৰা। হাইকিং আৰম্ভ কৰোঁতে ১১ বাজিছিল। এতিয়া ১১-১৫। তাৰ মানে ১৫ মিনিট বগালোঁ আমি, শীৰ্ষ পাবলৈ।

আহোম ৰজাদিনীয়া কীৰ্তিচিহ্নসমূহক ১০টা ভাগত ভগোৱা হৈছে। তাৰে এটা হৈছে দেওশাল।

১২২৮ চনৰ আঘোণমহীয়া পুৱা এটাত সৌমাৰত প্ৰৱেশ কৰি ১২৫২ চনলৈকে বিভিন্ন স্থানত ঘূৰি-পকি আহোম ৰাজবংশৰ আদিৰজা চাওলুঙ্‌ চ্যুকাফাই অৱশেষত ১২৫৩ চনত চৰাইদেও পৰ্বতত ৰাজধানী পাতি দেওঘৰ আৰু দেওশাল নিৰ্মাণ কৰাই পূজা-পাতলৰ দিহা কৰিছিল।

অসম বুৰঞ্জীৰ তথ্য অনুসৰি আহোম স্বৰ্গদেৱে বৰবৰুৱাৰ হতুৱাই চৰাইদেওত চাৰিখন দেওশাল (হুকুম দেওশাল, মলাই দেওশাল, বাণ্টুঙ্‌ দেওশাল, কনাই দেওশাল) স্থাপন কৰাইছিল। কোনো কোনোৰ মতে এই চাৰিখনৰ উপৰি আৰু তিনিখন দেওশাল আছিল। ইয়াৰে বেছিভাগেই বতাহ-বৰষুণ-বজ্ৰপাত আদি প্ৰাকৃতিক কাৰণত ক্ষতিগ্ৰস্ত হয়। এখন দেওশালৰ কিছু ভগ্নাৱশেষ বৰ্তমানেও দেখিবলৈ পোৱা যায়। ১৯৫৮ চনমানলৈকে চৰাইদেওত দেওশালসমূহ জিলিকি আছিল বুলি কিতাপত পঢ়িবলৈ পোৱা যায়।

দেওশাল মূলতঃ হৈছে স্বৰ্গৰাজ লেঙ্‌ডন্‌ অৰ্থাৎ ইন্দ্ৰপ্ৰদত্ত আহোমৰ কুলদেৱতা বা ৰাজবংশৰ ৰক্ষক দেৱতা চুম্‌ফ্ৰা ৰুঙ্‌ছেঙ্‌মুঙ্‌ অৰ্থাৎ চোমদেওক পূজা কৰা থলী।

পৰম্পৰা অনুসৰি চোমদেওৰ মূৰ্তি সোণৰ টেমা এটাৰ ভিতৰত থাকে। ই কোনো দেৱমূৰ্তি নাছিল। ই এডোখৰ কলডিলীয়া ৰত্ন। বহুমূলীয়া চন্দ্ৰকান্ত মণি। চোমদেওক সুকীয়া ঘৰত ৰখা হৈছিল। সশস্ত্ৰ পালি-পহৰীয়াই দায়িত্বশীল বিষয়াৰ তদাৰকত দেওঘৰ পহৰা দিছিল। পূজাৰ শুভদিনত চোমদেওক পখালা হৈছিল, বলি-বিধান আদি নিয়মাৱলীৰে চিৰিং ফুকনে যথাৰীতি পূজা কৰিছিল, চোমদেওক গা ধুউৱা পানী খোৱা হৈছিল। আনহাতে ৰাজাভিষেকৰ সময়ত নিৰ্দিষ্ট দিনত হাতত হেংদাং লৈ মতা হাতীত উঠি স্বৰ্গদেও চৰাইদেও পৰ্বতলৈ যায়। চোমদেওক পূজা কৰে। চোমদেওক ডিঙিত বান্ধি ৰাজাভিষেক আয়োজন কৰা ঠাইলৈ যায়। নিজে ৰাজ-সিংহাসনত বহাৰ আগতে ৰজাই চোমদেওক বহুৱাইছিল। তাৰ পাছতহে ৰজা সিংহাসনত বহিছিল আৰু ৰাজকাৰ্য হাতত লৈছিল। অষ্টম দিনা স্বৰ্গদেৱে ডিঙিত চোমদেউক বান্ধি মতা হাতীত উঠি পুনৰ চৰাইদেওলৈ গৈ থৈ আহে।কিতাপত পঢ়িবলৈ পোৱা তেতিয়াৰ এই কথাবোৰ এতিয়া সাধুকথা হৈ পৰিল। আহোম যুগৰ অনেকবোৰ নিৰ্মাণ আজি জৰাজীৰ্ণ, অনেকবিলাক নিৰ্মাণ কালৰ বুকুত হেৰাই গ'ল।

তাহানিৰ এই দেওশাল এতিয়া নিশ্চয়কৈ জাগ্ৰত হৈ থকা নাই। গদাধৰ সিংহৰ পৰৱৰ্তী স্বৰ্গদেউসকলৰ ৰাজত্ব কালত চৰাইদেউ দেওশালৰ পূজা আহোম ৰীতিমতে চলিলেও পূৰ্বৰ আড়ম্বৰ টুটি আহিছিল। ৰজাঘৰীয়া পৃষ্ঠপোষকতাও কালক্ৰমে লোপ পাই আহিছিল। 

চৰাইদেওত থকা দেওশালসমূহত পূজা-পাতল নিয়াৰিকৈ চলাবৰ বাবে ৰাজবিষয়া চিৰিং ফুকনৰ তত্ত্বাৱধানত মহন, দেওধাই আৰু বাইলুং পুৰোহিতসকলে দুখন বিধি ৰচনা কৰি লৈছিল। চৰাইদেও দেওশালৰ লগতে স্থানীয় সকলোবোৰ দেওশালক সাঙুৰি লৈ ৰচনা কৰা নীতি-নিয়ম আৰু বিধি-বিধান সম্বলিত এনে পুথি অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষণ কৰা হৈছে। দেওশালৰ লগতে দৌল-দেৱালয়ৰ কাম-কাজবোৰ নিয়াৰিকৈ চলাবৰ কাৰণে আহোম ৰজাই দেওধাই ফুকন, দেওধাই বৰুৱা, বাইলুং ফুকন, বাইলুং বৰুৱা, চেংধৰা ফুকন, দৌলচোৱা ফুকন, মচাই ফুকন, ৰামখা বৰুৱা, মলাই দেওঘৰীয়া বৰুৱা, মটঘৰীয়া বৰুৱা, মেহেঙা সজীয়া বৰুৱা, আয়ুবৰীয়া বৰুৱা ইত্যাদি বিভিন্ন বিষয়া নিযুক্তি দিছিল। বলি মৰা কাৰ্য সম্পাদন কৰাৰ বাবে বলিমৰা নামে এটা খেলো আছিল। দ্ৰব্য যোগানৰ বাবে গাহৰি পুহিয়া, হাঁহ পুহিয়া, কুকুৰা পুহিয়া, জেঠী যোগনীয়া আদি খেলৰ সৃষ্টি কৰিছিল।

এখন চাইনব'ৰ্ড। লিখা আছে : চে-ৰাই-দয় দেওশাল। স্থাপিত : ১২৫৩ চন। প্ৰতিষ্ঠাতা : চাওলুং ছৌকাফা। 'চৰাইদেউ আমাৰ গৌৰৱ' স্বেচ্ছাসেৱী সংস্থা। 

আহোম ৰাজত্বৰ স্নায়ুতন্ত্ৰ বুলি অভিহিত চে-ৰাই-দয় (চৰাইদেও)ক অসমীয়া মানুহৰ জেৰুজালেম বুলিও কোনো কোনোৱে কয়। ধৰ্মসংস্কৃতি, কৰ্মসংস্কৃতিৰ উপৰি মৈদামস্থলী এয়া। ইয়াতে চ্যুকাফাই ইষ্ট দেৱতা চোমদেওৰ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল, তাৰ কাষৰে টিলাত ৬০ হাত ওখ চাও-চেংৰেন স্থাপন কৰিছিল য'ত লাংকুৰি (বুঢ়া গোসাঁই, শিৱ) দেৱতাৰ পূজা পতা হৈছিল। পাছত ১৬১৩ শকত গদাধৰ সিংহই শিল-ইটাৰে এটা গোটা দ'ল আৰু এটা পুখুৰী খন্দাইছিল।

এই দেওশাল প্ৰত্নতাত্বিক স্থান অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম ১৯৫৯ৰ দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে।

এসময়ৰ জাকত-জিলিকা ৰাজধানী, চোমদেৱে পৱিত্ৰ কৰি ৰখা তীৰ্থক্ষেত্ৰ আজি চাহ বাগিচাৰে পৰিপূৰ্ণ। দেওশাল আৰু লাংকুৰিৰ ভগ্নাৱশেষেহে মাথো এই তীৰ্থক্ষেত্ৰৰ চিনাকি দিয়ে। স্বৰ্গদেও, ডা-ডাঙৰীয়া, পালি-পহৰীয়া, লগুৱা-লিক্‌চৌ সকলো অদৃশ্য। চৰাইদেও এৰি চোমদেও ক'লৈ গ'ল তাকো কোনেও গম নাপালে। এঠাইত পোৱা মতে স্বৰ্গদেও পুৰন্দৰ সিংহৰ ভতিজাক এজনে হেনো চোমদেওক কলিকতাত বিক্ৰী কৰিলে!

No comments:

Post a Comment