‘ব্ৰাজিল ১৪’ৰ পৰা...
‘ঐ ঐ, তহঁতি
অলপ পিছত বহচোন...’
নাজল-নাথল দশা হৈছে ইটালী, স্পেইন, ইংলেণ্ড, পৰ্তুগালৰ সমৰ্থকসকলৰ৷
সমৰ্থিত দলে প্ৰথম ৰাউণ্ডতে ছত্ৰভংগ দিয়াৰ লগে লগে সমৰ্থকৰো দুৰ্দশা হৈছে পুতুলদাৰ
চোতালত৷ বিনা প্ৰত্যুত্তৰে হজম কৰিব লগা হৈছে কতনা কটু বাক্যবাণ৷ প্ৰতিবাদত দাঁত কৰচিলেও
লাভ নাই৷ স্পৰ্টিং স্পিৰিট বৰ্তাই ৰাখি পৰৱৰ্তী খেল উপভোগ কৰি যোৱাটোৱেই উত্তম৷
‘তহঁতৰতো আৰু
কাম নাই... পিছলৈ যা... সৌ তাৰ পৰা চালেও হ’ব দে...’
আকৌ ভাহি আহে নতুন ডাইলগ একোটা৷ Sony SHAKE-6D Black Hi-Fi Systemৰ
প্ৰচণ্ড শব্দ-প্ৰাৱল্যকো যেন সেইবোৰে হেলাৰঙে চেৰ পেলাই যায়৷ তাৰ লগে লগে উৎপত্তি হয়
এলানি হাঁহিৰ গিৰ্জনি, হাত-চাপৰি৷ এইবোৰকে লৈ দুপৰ নিশাও জমি উঠে ‘ব্ৰাজিল ১৪’ প্ৰাংগণ৷ একেটা উদ্যমেৰে সেই ১২তাৰিখটোৰ
পৰাই৷ ফলত মধ্যৰাতিও উত্তাল এই চোতাল৷
বিশ্বকাপ আৰম্ভ হোৱাৰ আগে আগে শিলিগুৰিলৈ গৈ নিজলৈ তিনিটাকৈ জাৰ্চি
কিনিছে প্ৰদীপদাই৷ প্ৰদীপ সিং পুতুলদাৰ তাহানিৰ সেই ঐতিহাসিক যাত্ৰাটোৰ দুই সংগীৰ এজন,
যিসকলে ১৯৮৬চনত একেলগে বিশ্বকাপৰ খেল চাবলৈ ৰাওনা হৈছিল ৷ তিনিটা জাৰ্চি ৰখাটো বিধিবিৰুদ্ধ
কথা যদিও তেওঁৰ ব্যাখ্যা কিছু সুকীয়া৷ নেদাৰলেণ্ডছ, কলম্বিয়া বা আৰ্জেণ্টিনাৰ খেল থকাৰ
সময়ত তেওঁ নিৰ্দিষ্ট জাৰ্চিটোৰে সদম্ভে উপস্থিতি ঘোষণা কৰি আহিছে, স্বাভাৱিক সৰৱ কণ্ঠস্বৰেৰে৷
ইফালে সুপ্ৰিয়দাৰ পৰা গিফট পোৱা ফক্স ফৰ্টি হুইচেলটোৰে কাণ ফালোঁ ফালোঁ কৰে অসম ভলীবলৰ
এসময়ৰ আগশাৰীৰ ৰেফাৰী সুধাংশুদাই৷ পকামূৰীয়া মানুহজন ব্ৰাজিলৰ ঘোৰ সমৰ্থক, এতিয়াৰ নহয়,
তেতিয়াৰ পৰাই৷ আনহাতে জাৰ্মানীয়ে গ’ল স্ক’ৰ কৰিলেই কক্সিৰোলাটো উলিয়াই পঁ-পঁকৈ বজাই বজাই অদ্ভুত
নাচোন-ভংগীৰে শৰতে গোটেই চোতালখন মহতিয়াই ফুৰে৷ আগৰে পৰাই চোপ লৈ থকা পুতুলদাই ঠিক
তেনেকুৱা সময়তে NIKON D3200 কেমেৰাটোৰ ফ্লাচ লাইটৰ পোহৰ চাঁত চাঁতকৈ চাৰিওফালে বিয়পাই
দিয়ে৷ আৰু অলপ পিছতে কম্পিউটাৰটোলৈ দৌৰি গৈ ফটোবোৰ আপল’ড কৰি দিয়ে নিজৰ ফে’চবুক একাউণ্ট Putul Borah Germanত৷ তেওঁৰ
দুহিতা জেইনে দূৰৈৰ পৰাই নিশাটোৰ সমস্ত কাহিনী বন্দী কৰাৰ প্ৰয়াস চলায় Sony
HDR-PJ380E Handycam এটাৰে৷ খেলুৱৈৰ মাজত বল লৈ অৰিয়াঅৰি বা লেং মৰামৰি চলা দেখা পালেই
গ্ৰেচী বৌৱে হাঁহি থমাব নোৱাৰা হয়৷
সময় এতিয়া ফুটবলৰ৷ আন কোনো কথাই এই চোতালত ঠাই নাপায়৷ ৱৰ্ল্ডকাপৰ
উখল-মাখলত ৰাইজৰ টোপনি পলাই ক’ৰবালৈ ফাট মাৰে৷
Tea Hot Drumত মজুত থাকে ৰঙা চাহ, কাষত বিস্কুত, পানী ইত্যাদি৷ কোনে কিমান খায়, হিচাপ
ধৰোঁতা নাই৷ সকলোৱে মাত্ৰ এটা কথাই জানে... খাব লাগে আৰু চাব লাগে৷ আৰু জানে… ডিচপ’জেবল গিলাচটো অৰ্থাৎ গোটা পদাৰ্থ ক’ত পেলাব লাগে বা গিলাচটোত ৰৈ যোৱা চাহখিনি
অৰ্থাৎ জুলীয়া পদাৰ্থ ক’ত পেলাব লাগে৷
লগতে মনত ৰাখে অন্য এক গুৰুত্বপূৰ্ণ বাক্য... ‘ফুটবলৰ আনন্দ
লওক যিমান ইচ্ছা সিমান, কিন্তু অনুগ্ৰহ কৰি অবাইচ মাত নামাতিব৷’ কথাষাৰ লিখি থোৱা হৈছে Sony
KDL-55W950B LED TVটো ওলোমাই থোৱা বেৰখনৰে একাষত, সকলোৰে চকুত পৰাকৈ৷
চলি আছে ফুটবলৰ মহাৰণ, পুতুলদাৰ চোতালত, এনেকৈয়ে ৰাতিৰ পিছত ৰাতি পাৰ
কৰি৷ পৰিৱেশটোৱে মানুহবোৰক কেৱল ব্ৰাজিল বিশ্বকাপৰ সোৱাদ দিয়াতেই সীমাবদ্ধ থকা নাই৷
নিঃসন্দেহে প্ৰত্যেককে লৈ গৈছে নিজৰ নিজৰ ফুটবল অতীতলৈ৷ কৰি তুলিছে ভাববিভোৰ, নষ্টালজিক৷
হাফ টাইমত তাৰেই আলোচনা শুনা যায়৷
কোনোবাই কাৰোবাক এগ’ল দিলেই আকৌ ডাইলগ ভাহি আহে... আমাৰ লগত খেলিব আহে? চিনি
পোৱা নাই... হুঃ