Sunday, 27 December 2015

সোণালী নৈ সোৱশিৰিৰ পাৰে পাৰে
(এটা অসমাপ্ত যাত্ৰা)




প্ৰাক-কথন : আকৌ হেৰাই যোৱাৰ সুযোগ!

‘‘কোনটো উৎসৰ পৰা আপুনি জীৱনৰ সৰ্বাধিক আনন্দ লাভ কৰে?’’ প্ৰশ্নটোৰ উত্তৰ মানুহমাত্ৰেই ভিন ভিন হব৷ মোৰ ওচৰতো তাৰ এটা স্পষ্ট উত্তৰ নথকা নহয়৷ প্ৰকৃতিৰ মাজত হেৰাই থাকিয়ে সবাতোকৈ অধিক আনন্দ লভোঁ মই৷ মনে মনে বাট চাই থাকোঁ তেনে সুবিধা হাতলৈ অহালৈ৷ তেনেকুৱা এক সোণালী সুযোগ নভবাকৈয়ে মোলৈ আহি গল ২০১৫ৰ অক্টোবৰ মাহৰ পহিলা সপ্তাহত৷ বাৰ্তাবাহক ভ্ৰাতৃপ্ৰতিম অগ্ৰজ অৰূপ কলিতা৷ এদিন প্ৰাতঃভ্ৰমণকালত লগ পাই কোনো পাতনি নতৰাকৈ অৰূপদাই মন্ত্ৰ মতাদি মাতি গল, ‘‘দুৰ্গম ঠাই৷ হিল্‌ছ নহয় দেই, মাউণ্টেইন৷ ৰাস্তা নাই৷ পিঠিত ৰাকচেক লৈ নৈৰ পাৰে পাৰে খোজ কাঢ়িব লাগিব৷ জুৰিৰ পানী উতলাই খাব লাগিব৷ তম্বুৰ তলত নিশা খপিব লাগিব৷ শ্লীপিং বেগত শুব লাগিব৷’’ ইত্যাদি ইত্যাদি৷ কাণ থিয় কৰি হেবাঙৰ দৰে মই কেৱল শুনি থাকিলোঁ প্ৰকৃতি-উন্মাদ অৰূপদাৰ গলগলীয়া কণ্ঠৰে ওলাই অহা সেই বাক্যকেইটা৷ উমান লবৰ প্ৰয়াস কৰিলোঁ তাৰ অন্তৰালত নিহিত শক্তিশালী মনটোৰ৷

অৰূপদাই আৰু কিবাকিবি কৈছিল৷ ট্ৰেইল ডিটেইলছ আচলতে তেওঁৰ হাততো নাছিল৷ কাৰণ আয়োজক তেৱোঁ নহয়, তেওঁৰ জনৈক বন্ধুহে৷ দুনাই সোধাত ডাপৰিজো শব্দটো উচ্চাৰণ কৰিলে৷ তাৰ পৰা গাড়ীৰে আগুৱাই তাকচিং নে কি সেইফালে হেনো যোৱা হব৷ ভালকৈ নাজানে তেওঁ৷ আৰু সঁচা কথা কবলৈ গলে সেই নামটো ময়ো শুনাই নাই৷ ৰুকচিনহে শুনিছোঁ৷ জোনাই পাৰ হৈ তালৈ গৈছোঁ, নিশা কটাইছোঁ৷ পিছদিনা পুৱাই গাড়ী দৌৰাইছোঁ পাছিঘাটলৈ৷ কিন্তু তাকচিং! তাকচিং কেনি? মুহূৰ্ততে যিখিনি বুজি পালোঁ, অৰুণাচল-হিমালয়ৰ বুকুৰে ইণ্ডো-চাইনা বৰ্ডাৰ অভিমুখে দুঃসাহসিক পদযাত্ৰা হব সেইটো৷ ৮-১০ দিন বা বেছিও লাগি যাব পাৰে৷ থাউকতে এতিয়াই একো কোৱা নাযায়৷ খোজৰ গতি আৰু মানসিক সামৰ্থৰ ওপৰতহে সকলোখিনি নিৰ্ভৰ কৰিব৷ কিলমিটাৰৰ হিচাপো নাই, মবাইল ফোনৰ নেটৱৰ্কো নাই৷ ফাৰ ফ্ৰম দ্যা মেডিং ক্রাউড৷ প্ৰকৃতি, কেৱল উন্মুক্ত কুমাৰী প্ৰকৃতি৷ পানী, পাহাৰ, সেউজীয়া বনাঞ্চল৷ যিবোৰ মোৰ অতি পছন্দৰ৷ সাতে-সোতৰই অনামী উত্তেজনা এটাই ভিতৰি ভিতৰি খেলা কৰিবলৈ আৰম্ভ কৰিলে৷

৮৩,৫০০ বৰ্গ কিলমিটাৰ আৱৰি অৰুণাচল প্ৰদেশত ১২টা টুৰিষ্ট চাৰ্কিট আছে৷ প্ৰত্যেকটোতে আকৰ্ষণীয় ভূ-প্ৰাকৃতিক গঠন, জনগোষ্ঠীয় জীৱন আৰু সংস্কৃতি ইত্যাদিৰ বিশাল সমাহাৰ৷ প্ৰতিটো পৰিভ্ৰমণ-চক্রই স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ৷ খৰস্ৰোতা নৈ-নিজৰা পাৰ কৰি বন-বননিৰ মাজেৰে কটা পদপথ বা ট্ৰেইলসমূহ বিস্ময়কৰ৷ ইফালে ট্ৰেকিং-কেম্পিঙৰ অভিজ্ঞতা মোৰ জীৱনকালত এতিয়ালৈ শূন্য৷ স্কুল-কলেজত পঢ়োঁতেও এন.চি.চি. নাছিল৷ পিছে Trekking is a mental game বুলি ভালকৈ জনা আছে৷ আনফালে আকৌ লেণ্ড অফ ডাউনলিট মাউণ্টেইনচ বুলিলেই মনটোত অবুজ চেতনা এটা ফটকৰে তৎপৰ হৈ উঠে৷ কিয় নাজানো৷ অৱশ্যে জানো যে অৰুণাচলে যাক এবাৰ লম্ভিছে তাক সতকাই নেৰে৷ কাজেই দেহ-মন-কণ্ঠ চঞ্চল হৈ পৰিল৷ কাৰ্যসূচী নৱেম্বৰৰ প্ৰথম সপ্তাহত বুলি জানিবলৈ পালোঁ৷ কল্পনাৰ পখীৰাজত উঠি যাযাবৰী মনে তেতিয়াই উৰণ আৰম্ভ কৰি দিলে অৰুণাচল অভিমুখে৷

আন এদিন বাটত লগ পাই অৰূপদাই আকৌ আহ্বান জনালে, ‘‘যাকে-তাকে কোৱা নাই৷ তোমাক কলোঁ৷ পাৰিলে ওলাবা৷’’ অৰুণোদয়ৰ বাট বিচাৰি এইটো বৰ্ষৰে বহাগ বিহুৰ দিনকেইটাত ভাৰতবৰ্ষৰ অন্তিম পূবৰ চীন সীমান্তলৈ সফলতাপূৰ্বক এডভেন্সাৰ ট্ৰিপ মাৰি অহাৰ পিছৰ কেইদিনমান সেইটো বাটৰ পূৰ্ণাংগ কাহিনী খণ্ড-বিখণ্ডকৈ শুনাবলগীয়া হৈছিল এইজন ভ্ৰমণ-উন্মাদক৷ ছেপ্টেম্বৰৰ ১৭ত ফটো বাদ দি সেই যাত্ৰাৰ লেখাখিনি এ-ফৰ প্ৰিণ্ট আউট হিচাপে মোৰ কম্পিউটাৰটোৰ পৰা বাহিৰ কৰা বুলি গম পায়ে পাত লুটিয়াবলৈকো ঢপলিয়াই আহিছিল নজনাক জনাৰ বাবে সৰ্বসময় আগ্ৰহী, জ্ঞানান্বেষী তথা কৌতূহলী মনোবৃত্তিৰ উদ্যমী মানুহজন৷ তেতিয়াও কলে, ‘‘তুমি গলে কথাবোৰ লিপিবদ্ধ হব৷ কেমেৰাৰ কামটোও আশানুৰূপ হব৷ ওলাবা৷’’ মোক তেনেকৈ কোৱা মানুহজনৰ ইফালে নিজৰে দেউতাকৰ কেম থেৰাপী চলি আছে! তৃতীয়টোৰো দিন পৰিছে এই যাত্ৰাৰ বাবে ঘোষিত তাৰিখটোৰ ঠিক আগদিনা৷ তত্ৰাচ...

অৰূপদাৰ মানসিক শক্তিক তাজ্জপ মানিলোঁ৷ আনফালে শেহতীয়াকৈ যিখিনি ইনফৰ্মেচন গোটালোঁ, সমস্ত কাৰবাৰটো হব ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ সোৱনশিৰিক লৈ৷ কম দিনৰ ব্যৱধানতে লোহিত, চিয়াং, দিবাং ইতিমধ্যে দেখিলোঁ৷ নভবাকৈয়ে এইবাৰ এয়া সোণালী নৈ সোৱনশিৰিৰ হাতবাউল! আহ্বানৰ আকস্মিকতাত স্বাভাৱিকতে বুজাব নোৱাৰা শিহৰণ এটা শৰীৰৰ ভিতৰত বিৰাজমান হৈছেই৷ ডক্টৰ ভূপেন হাজৰিকাৰ চিয়াঙৰে গালং ওঁঠৰ পৰা নুগুচাই হৈছে৷ যোৱাবাৰ অৰূপদাহঁতে সোৱনশিৰিত ৰাফটিং এক্সপিডিচন চলাইছিল৷ ডাম্পৰিজোৰ উচ্চতাত নিজকে ভহাই দি কেইবাদিনৰ মূৰকত তলৰ গেৰুকামুখত ৰৈছিলহি৷ ৰোমাঞ্চকৰ সেই কাহিনী মুখে মুখেহে শুনিছোঁ৷ হাতে-ভৰিয়ে দামদিমৰ কামোৰৰ ৰঙা ৰঙা চিনবোৰো প্ৰত্যক্ষ কৰিছোঁ৷ দুঃসাহসিক সেই অভিযানটোৰ লিখিত ৰূপ হলে নাই! তাকে কৰিব নোৱাৰাত অৰূপদাৰ মনত দুখ (নে খং) এটা ৰৈ গৈছে৷ আমাৰ ৪২০ পৃষ্ঠাৰ ভলিওমটো দেখুৱাই সেইকুৰা জ্বলা জুইত ঘিঁ ঢালি আছোঁ ময়ো!

জানিলোঁ যে এইবাৰ গতি ঊৰ্ধ্বমুখী৷ হেন জানি অৰূপদাৰ পিছ এৰা নাই৷ হাতত ইফালে পা-পইচাও প্ৰয়োজন অনুপাতে নাই৷ কপৰ্দকহীনতাক কেন্দ্ৰ কৰি দুশ্চিন্তাই বাহ ললেও অৰুণাচলৰ নিৰ্মল-সজল প্ৰকৃতিৰ বুকুত বেক পেকিঙেৰে হেৰাই যোৱাৰ বিৰল আনন্দকণ লবলৈ দুগুণে আগ্ৰহ দেখুৱাইছোঁ৷ তাতে আকৌ ইণ্টাৰনেশ্বনেল বৰ্ডাৰ, ইণ্ডিয়ান আৰ্মীৰ ট্ৰেক! লগত লকেল গাইড আৰু পৰ্টাৰো থাকিব বুলি খবৰ আনিছে অৰূপদাই৷ টকা-পইচাৰ কথা চিন্তা নকৰিবলৈকো মোৰ চকুলৈ চাই অভয়-বাণী শুনাইছে দিলদাৰ লোকজনে৷

আন্তৰ্জাতিক সীমান্ত বুলিলেই অন্য এক অনুসন্ধিৎসা, অন্য এক উন্মাদনা৷ তেনেকুৱাতে এঠাইত পঢ়ি পালোঁ, তাকচিঙৰ ব্যুৎপত্তিগত অৰ্থ হেনো place of tiger৷ জানিয়ে থতমত খাইছোঁ৷ সেই লৈ উৎসুকতাৰ মাত্ৰাটোও দিনে-নিশাই চৰিছে৷ ‘‘Do not go where the path may lead, go instead where there is no path and leave a trail.’’ Ralph Waldo Emersonৰ বহুমূলীয়া বাক্য এষাৰ৷ তাকে সাৰোগত কৰি ভাৰত-চীন সীমান্তৰ সেই বাটে ইতিমধ্যে ট্ৰেকিং কৰি অহা অভিজ্ঞতাপুষ্ট অগ্ৰগামীজনৰ পৰা দু-আষাৰ শুনা পাম বুলি ভাবিছিলোঁ৷ সিয়ে মোৰ প্ৰস্তুতিত কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিব বুলিও আশা কৰিছিলোঁ৷ আনফালে আকৌ পূব অৰুণাচললৈ কৰা ভ্ৰমণটোৰ পুংখানুপুংখ বৃত্তান্ত পঢ়ি কোনো কোনোৱে সহযাত্ৰী হোৱাৰ মানসেৰে পিছৰবাৰত টুকুৰিয়াবলৈ কৈ থোৱাটোও মনত আছিল৷ সেই হেতুকে আয়োজক ব্যক্তি মোৰ বাবে অজান-অচিনাকি কোনোবা হলেও আগন্তুক যাত্ৰাটোৰ বাৰ্তাবাহক ইংগিত এটা এদিন দি দিছিলোঁ অসমীয়াত কথা-বতৰাত৷ পিছে অভিজ্ঞতালব্ধ পৰামৰ্শ বা সহায়, আগ্ৰহ কিম্বা উৎসুকতা উভয়েই শূন্যৰ ঘৰতে ৰল৷ সি যি কি নহওক প্ৰথম যাত্ৰাস্বৰূপে কিতাপ-পত্ৰ আৰু ইণ্টাৰনেট খুঁচৰি খুঁচৰি নিজেই নিজৰ প্ৰস্তুতিত নামি পৰিলোঁ৷ এটা দুঃসাহসিক যাত্ৰাৰ অন্তত তৈয়াৰ কৰিবা আন এটা দুঃসাহসিক যাত্ৰাৰ জুমুঠি৷ জুমুঠি তৈয়াৰ কৰি গলোঁ৷ গুণগুণাই থাকিলোঁ সীমান্ত শেখৰৰ জিলেলে জিলেলে অ জিলেলে জিলেলে, যাবগৈ লাগিব মই অৰুণাচললৈ৷ আৰু যথাসময়ত ওলাই দিলোঁ ঠাইতে ওখ, ঠাইতে চাপৰ অৰুণোদয়ৰ ৰাজ্যখনলৈ৷

বিগত এপ্ৰিল ২০১৫ত আমাৰ পূব অৰুণাচল যাত্ৰাৰ সফলতাপূৰ্বক সামৰণিত আনন্দিত আৰু উৎফুল্লিত হৈ সেইবাৰৰ সহযাত্ৰী, জ্যেষ্ঠ ভ্ৰাতৃপ্ৰতিম অৰুণ টেৰণে 60X Zoom কেমেৰা এটা মোক উপহাৰ দিছিল৷ আনহাতে এইবাৰ মধ্য অৰুণাচলৰ দিশে নিজে সুযোগ লব নোৱাৰিলেও পূৰ্বৰ কেইবাবাৰৰো যাত্ৰা-সংগী এই নেছাৰেলিষ্ট-এডভেন্সাৰিষ্টজনে ৩২ জিবিৰ মেমৰী কাৰ্ড এখন মৰম আৰু শুভেচ্ছাৰ চিনস্বৰূপে আগদিনাখন ঘৰলৈ আহি চমজাই থৈ গল৷ বুজিলোঁ, এই যাত্ৰাত সেই মেমৰী কাৰ্ডত বাটে-ঘাটে বন্দী কৰিব লাগিব ভিউ ফাইণ্ডাৰেৰে যিমানলৈকে দেখোঁ সিমান৷ ভ্ৰমণ-লেখাৰ সৈতে প্ৰয়োজন সাপেক্ষে, প্ৰাসংগিকতা অনুসাৰে তাৰ পৰাই আলোক-চিত্ৰ নিৰ্বাচন কৰি যথাস্থানত উপস্থাপন কৰিব লাগিব৷ মোৰ অৰ্থনৈতিক মন্দাৱস্থাটোৰ কথা গম পাই চলি থকা কাম এটাৰ অজুহাতত হিচাপতকৈ বেছি পৰিমাণৰ আগধন হাতত দি আৰ্থিক দিশত সকাহ দিলে পৰম শুভাকাংক্ষী স্নেহভাজন অৰুণদাৰ লগতে অগ্ৰজপ্ৰতিম সুহৃদ পৱিত্ৰ বৰাই৷

প্ৰস্তুতিৰ পিছত যাত্ৰা৷ ক’লৈ গ’লোঁ, কাৰ লগত গ’লোঁ, কেনেকৈ গ’লোঁ? পৰৱৰ্তী কথাংশ হ'ব তাৰে বৰ্ণনাত্মক সবিশেষ৷ সুকলমে ঘূৰি আহি ঘৰ পোৱাৰ পিছত অৰূপদাৰ আগৰবাৰৰ উচপিচনিটো মাৰিবলৈকে কথাবোৰ তপতে তপতে লিপিবদ্ধ কৰাৰ প্ৰচেষ্টাত নিজকে সজোৰে আবদ্ধ ৰাখিছোঁ৷ সম্পূৰ্ণ নিজস্ব চাক্ষুস অভিজ্ঞতাৰ ভেটিত যুগুতোৱা এইলানি লেখা পঢ়ি কোনোবা উপকৃত হ’বনে নহ’ব বা ইয়াত সন্নিৱিষ্ট তথ্যই কেতিয়াবা ক'ৰবাত কাৰোবাক কিবা প্ৰকাৰে সহায় কৰিবনে নকৰে, সেইটো আমাৰ অজ্ঞাত আৰু বিচাৰ্যও নহয়৷ মাথো বুজোঁ যে সংৰক্ষিত এই লিপিয়ে জীৱনৰ বাটত প্ৰতিটো মুহূৰ্ততে নিজকেই অহৰহভাৱে অনুপ্ৰাণিত তথা প্ৰেৰিত কৰি থাকিব, সহায় কৰি যাব ভৱিষ্যতৰ যাত্ৰা-প্ৰস্তুতিত৷ আৰু এইটোও বাৰুকৈয়ে জানো যে এই লেখাৰ সমাপ্তিত পুনৰ গঢ় লৈ উঠিব অন্য এক কঠিনসাধ্য যাত্ৰাৰ জুমুঠি৷ (মনৰ মাজত তাৰ প্ৰাথমিক কুৰুং-কাৰাংখিনি ইতিমধ্যে চলিব লাগিছেই!)

আজিৰ এই সুদীৰ্ঘ পাতনিৰ পিছত আহিব ‘সোণালী নৈ’ সোৱনশিৰিৰ পাৰে পাৰে কৰা অসমাপ্ত যাত্ৰাটোৰ সচিত্ৰ আৰু দীঘলীয়া মূল কাহিনীভাগ৷ ‘অকব’ৰ মাননীয় সদস্য-সদস্যাসকলৰ হাতত মৰমেৰে ছোৱা ছোৱাকৈ তুলি দিয়াৰ আগ্ৰহ থাকিল, আটাইলৈকে ইংৰাজী নতুন বছৰৰ আন্তৰিক শুভেচ্ছাসহ৷ আগন্তুক বৰ্ষটো আপোনাৰ বাবেও এডভেন্সাৰময় হৈ উঠক৷ আপোনালৈও আহক, হেৰাই যোৱাৰ সুৱৰ্ণ সুযোগ! ধন্যবাদ৷

Sunday, 18 October 2015

আজি পুৱা
(গল্প নহয়, সত্য)

পুৱা ল’ৰা থ’বলৈ যাওঁতে স্কুলৰ সন্মুখত চলা আড্ডাতে ডাক্তৰ শৰ্মাই কালি সুধিছিল, ‘আপুনি এলাৰ্ম দি থয় নে নেছাৰেল এলাৰ্ম?’ মই বোলো নেছাৰেল এলাৰ্ম৷ নেছাৰেল এলাৰ্ম অনুসৰিয়েই নিতৌ সাৰ পাই আহিছোঁ৷

আজিও একে কথা৷ পুৱা নিৰ্দিষ্ট সময়তে সাৰ পাই গ’লোঁ৷ দাঁত ব্ৰাছ কৰা আৰু ভৰি-হাত ধোৱা, এই দুটা একেলগে চলে৷ তাৰ পিছতে হাত-মুখ ধুই পানী এগালমান খোৱা আৰু সাজ পিন্ধা কামটো৷ বৰ বেছি পোন্ধৰ মিনিট৷ তাৰ পিছত খটখটি বগাই ৰাস্তা৷

সচৰাচৰৰ দৰেই আজিও ৰাস্তাটোত তেতিয়া নৰমনিচ নাছিল৷ মুকলি পথ৷ কুঁৱলীঘন পৰিৱেশ৷ খোজ আৰম্ভ হৈ গ’ল৷ অলপ পিছত সিফালৰ পৰা আহি থকা দুই-এক চকুৰ আগত বিৰিঙিবলৈ ধৰিলে, ছায়াচিত্ৰৰ দৰেই৷ বহুদিনৰ বিৰতিৰ পিছত ৰেখাহঁতো ওলাইছে৷ মহালয়াৰ অন্তত সিহঁতৰ এই পুনৰাম্ভণিটো দেখি কিবা এটা ভাল লাগিল৷ তাই মোক সম্ভাষণ জনালে৷ ময়ো জনালোঁ৷ কোনো ৰৈ নাথাকিল৷ নিজৰ নিজৰ গতিত, নিজৰ নিজৰ কক্ষপথত গৈ থাকিলোঁ৷

আপানা, আংকায়া, আপাড়া, পুস্তম, চিৰঞ্জী আদি আমি সৰুৰে পৰা দেখি অহা পি.ডব্লিউ.ডি. ৰ’ডছৰ মাষ্টাৰ ৰ’লৰ লে’বাৰ৷ নেপালী লে’বাৰ ৰামবাহাদুৰ, কৃষ্ণবাহাদুৰ, ডিলবাহাদুৰ বা উড়িয়া লে’বাৰ দুখী, প্ৰধানহঁতৰ দৰেই এই মাদ্ৰাজী (?)বোৰেও কুঁৱাৰ পৰা পানী তুলি ভাৰেৰে নি ক’লনীৰ মানুহৰ ঘৰে ঘৰে, ড্ৰামে ড্ৰামে ভৰাই দিয়ে৷ সিহঁতবোৰ এতিয়া নাই৷ দেচ(?)লৈ গুচি গ’ল৷ কোনোবা কোনোবা মৰিলো৷ সিহঁতবোৰৰ দৰেই পি.ডব্লিউ.ডি. ৰ’ডছৰে বৰ্তমান কৰ্মৰত এজন শ্ৰমিক ডি. আদিনাৰায়ণ৷ ঠিকনা মেট্টিপল্লী, অন্ধ্ৰ প্ৰদেশ৷

আজি কিছুদিন ধৰি আদিনাৰায়ণক ষ্টেট বেংকটোৰ ওচৰৰ থকা পথ ডিভাইদাৰত গজি উঠা অদৰকাৰী বন-জংঘলবোৰ একেৰাহে গুচাই থকা দেখি আহিছোঁ৷ তলমূৰকৈ, অকলেই, একান্তমনে লাগি থাকে৷ পাৰ হৈ যাওঁতে সদায় মাত দিওঁ, ‘গুড মৰ্নিং’ বুলি৷ প্ৰত্যুত্তৰত মূৰটো ঘূৰাই হাঁহি মাৰি দক্ষিণৰ সুৰত তেৱোঁ মোক কয়, ‘গুডডা মাননিং ছাৰ’৷

মানুহটোৱে জংঘলবোৰ এফালৰ পৰা উভালিলে৷ তাৰ পিছত পিৰালি-সুন্দৰী ফুলৰ পুলি কিছুমান আনি শাৰী শাৰীকৈ ৰুলে৷ আদিনাৰায়ণৰ নিৰ্বাচনটো একদম ঠিক যেন লাগিছে৷ ধলপুৱাতে পিয়াপি দি ফুৰা ফুল-চোৰমখাই এপাহো নিছিঙে, ছাগলী-গৰুৱেও নাখায়৷ আজি আকৌ দেখিলোঁ, বাল্টি-মগ লৈ গছবোৰত তেওঁ পানী ঢালি আছে৷ অলপমান আঁতৰত থকা নিজৰ কোৱাৰ্টাৰটোৰ পৰাই কঢ়িয়াই আনিছে৷ শেষ হৈছে, আকৌ আনিছে৷ এশ মিটাৰমান দৈৰ্ঘ্যৰ ডিভাইদাৰটোত জংঘলেই গজে নে ফুলেই গজে সেই লৈ ইমানদিনে কোনেও মূৰ ঘমোৱা নাই৷ জনমযুগীয়া আনন্দৰ বাবে ফুলনি পাতিবলৈ জ্ঞানীলোকে কৈ যোৱা কথাষাৰৰ মূল আদিনাৰায়ণেহে দেখিছোঁ বুজি পাইছে৷ আদিনাৰায়ণৰ দৰে মানুহৰ বাবেই তাত এতিয়া অদৰকাৰী বন-জংঘলৰ পৰিৱৰ্তে গুলপীয়া-বগা ফুল কিছুমান অনৱৰতে ফুলি থাকিব, ঠাইখিনি সৌন্দৰ্যময় হৈ উঠিব৷ ঘূৰি আহোঁতে তেওঁক মই নাম-ধাম সুধিলোঁ৷ ইমানদিনে আমাৰ চকুৰ চিনাকিহে আছিল৷

মোৰ দৰেই টেৰণপীয়েও নিতৌ এপাক মাৰে৷ মোৰ দৰেই তেওঁৰ লগতো আন কোনো নাথাকে৷ নিজৰ স্বাস্থ্য, নিজৰ কথা৷ সেয়াই যেন মূলমন্ত্ৰ৷ বাৰোৱাৰীৰ গোল চক্কৰত পাক লৈ ঘূৰি আহোঁতে আই. এছ. অফিচৰ সন্মুখত তেওঁৰ সৈতে মুখামুখি হ’লোঁ৷ কৰি থকা কিতাপ এখনৰ সংক্রান্তত দুটামান তথ্যৰ সন্ধান বিচাৰি কালিয়ে তেওঁক দুআষাৰ অনুৰোধ জনাইছিলোঁ৷ ওচৰ পালত পোনেই সেই বিষয়ে তেওঁ কিবা এটা ক’ব খুজিলে৷ পিছে মুখতে বাধা দি নতুন চিন্তাৰ পাতনি এটাহে তৰি দিলোঁ৷ ‘স্বাস্থ্য বস্তুটো কোনেও কাকো দিব নোৱাৰা বস্তু৷ গতিকে ব্ৰহ্মপুৱাতেই আমি ‘চেলফিচ’ হৈ পৰোঁ৷ পুৱাই পুৱাই এটা আপোনপেটীয়া বেপাৰ৷ কথাটো হয়নে নহয়? চিন্তা কৰি কৰি গৈ থাকক এতিয়া৷ উত্তৰটো পিছত ল’ম৷’ স্পীডটো সামান্য কমাই ফটাফট বাক্যকেইটা কৈ দিলোঁ৷ তাৰ পিছত নিজৰ নিজৰ ডিৰেকচনত, নিজৰ নিজৰ ভাবনাৰে, নিজৰ নিজৰ গতিত আমি গৈ থাকিলোঁ৷

এল. পি. স্কুলখনৰ ওচৰত, চাৰিআলিটো মোৰ ফিনিচিং পইণ্ট৷ অৰূপদা, সুধাংশুদাৰ অপেক্ষাত তহলদি আছোঁ৷ তাৰ লগে লগে পৰি-ধৰি থকা পেন্সিলৰ টুকুৰা এটা কেনিবা পাওঁ নেকি চকু দুটাই বিচাৰি আছে৷ নাই পোৱা৷ স্কুলৰ আগতো চালোঁগৈ৷ নাই৷ কি কৰা যায়? চাৰিআলিটোৰ সোঁমাজত বালিমাটি এখিনি৷ তাতে কাঠী এডালেৰে লিখিব ধৰিলোঁ৷ ডি. আদিনাৰায়ণ৷ মেট্টিপল্লী৷

থানাৰ আগেৰে পাকটো মাৰি ঘৰমুখী হৈ টেৰণপী আহি আছে৷ ওচৰ পালত সুধিলে, ‘কি কৰি আছে?’ ‘শব্দ দুটামান লিখি থৈছোঁ ৰ’ব৷ নহ’লে কথা পাতিলেই পাহৰি থাকিম৷’ তেওঁ হাঁহিলে৷ মই সুধিলোঁ, ‘কথাটো ভাবি চালেনে?’ এইবাৰো তেওঁ চিধাই কিতাপৰ কথালৈহে গুচি গ’ল৷ ‘নহয় নহয়৷ অথনিযে কৈছিলোঁ চিন্তা কৰিব চাবলৈ৷’ স্পীডটো সামান্য কমালে তেওঁ৷ উত্তৰটো উৰি আহিল, ‘হয় হয়, ঠিকেই কৈছে আপুনি৷ জীৱ মাত্ৰেই ‘চেলফিচ’৷ মনুষ্য জাতি এখোপ চৰা৷’ থাউকতে হাঁহিৰ লহৰ এটা খেলি গ’ল অলপপৰলৈ৷

তেনেতে দেখা গ’ল, সিফালৰ পৰা ৰূপা আহি আছে৷ তায়ো সদায় ওলায়৷ অকলে৷ তাৰ মানে তায়ো ‘চেলফিচ’! কিতাপখনৰ বাবে প্ৰয়োজনীয় তথ্যাদিৰ আশাৰে টেৰণপীৰ দৰে তাইকো জনোৱা হৈছিল৷ পূজাৰ বন্ধ বাবে তাই আজি ঘৰলৈ যাবগৈ হেনো৷ গতিকে বেছি দূৰলৈ নগৈ ঘূৰি আহিব৷ অৰূপদাহঁতলৈ বাট চাই চাই চ’কটোত ওপৰ-তল কৰি থাকোঁতেই তাই ঘূৰি আহিল৷ কাগজৰ টুকুৰা এটা মোলৈ আগ বঢ়ালে৷ নাম নাইকিয়া স্মৃতিগ্ৰন্থ এখনৰ ভিজি থকা কোনোবা পৃষ্ঠাৰ এফাল৷ ‘চাওকচোন দাদা, কিবা কামত আহিব পাৰে নেকি এইখন? ৰাস্তাৰ দাঁতিত পৰি আছিল৷’ আচৰিত লাগিল৷ মই বিচাৰি থকা লেখা এটাৰে একাংশ! দৰকাৰী বস্তু এটা এনেকৈ কেনেকৈযে হাত পালেহি! সঁচাকৈয়ে আচৰিত৷ পৰি থকা অৱস্থাত পাই বেচেৰীয়ে বুটলি আনিছে৷ নিয়ৰত আধা তিতা৷ সযতনে লৈ থ’লোঁ মই৷ এৰাএৰিৰ আগতে ৰূপাই গতি স্তব্ধ কৰি আৰু দুটামান দৰকাৰী তথ্যৰ সম্ভেদ দিলে৷ এতিয়া কিতাপখনৰ স্বাৰ্থত সেই সূত্ৰৰ পিছে পিছে দৌৰিব লাগিব৷ উত্তেজনাটো বাঢ়ি আহিল৷

স্ফূৰ্তি মনেৰে ঘৰৰ আগ পালোঁহি৷ জামুজোপাৰ সৰাপাতবোৰ বুটলি চাফা কৰাটো নৈমিত্তিক কাম৷ সেয়া কৰি থাকোঁতেই চিন্ময়, তৃষ্ণামণি আৰু জ্যোতিমণি আহিল৷ সিহঁত শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী৷ আমাৰ পিছফালে থকা শ্ৰেষ্ঠ আচাৰ্যৰ ওচৰত পঢ়িবলৈ আহিছে৷ ইহঁতৰ লগত ধেমালি কৰি ভাল লাগে৷ ওচৰতে এনেয়ে কথা পাতি ৰৈ থকাত চাপি গ'লোঁ৷ বুদ্ধি কৰি প্ৰশ্ন এটা সিহঁতৰ মাজত এৰি দিলোঁ৷ ‘অৰুণাচল শব্দটো থকা গীত এটা মোক লাগে৷ কোনে ক'ব পাৰিবা?' কুইজৰ উত্তৰটো গোটেইকেইটাই ভাবিবলৈ ধৰিলে৷ তেনেকুৱাতে সিহঁতৰ লগৰে পল্লৱ আহিল৷ প্ৰশ্নটো তালৈকো ঠেলি দিলোঁ৷ টিউচনৰ সময় হোৱাত খটখটি নামি সিহঁত আগ বাঢ়িব খুজিছিল৷ কেইটামান ষ্টেপ নমাৰ পিছতে পল্লৱ দেখোন ঘূৰি আহিল! মোৰ গাতে গা লগাই ৰ’ল৷ 'এটা গান পালোঁ৷' লগতে গাবও ধৰিলে৷ ‘জিলেলে জিলেলে অ’ জিলেলে জিলেলে, যাবগৈ লাগিব মই অৰুণাচললৈ… ঠাইতে ওখ, ঠাইতে চাপৰ, বগাব মই নোৱাৰোঁ… বান্দৰ বিড়ি এটি জ্বলাই যাবগৈযে লাগিব…’ বাকীকেইটাই তালৈ উভতি চালে৷ মনত পেলাই পেলাই সি পিছৰখিনিও গাই গ'ল৷ গীতৰ কথাংশ আকৌ এবাৰ সুধি মনত ৰাখি ল’লোঁ৷ ‘কোনে গায়’ বুলি সোধাত ক’লে ‘সীমান্ত শেখৰে গায়’ বুলি৷

ভুল-শুদ্ধ নাজানো, মুঠতে মোৰ কাম হৈ গ’ল৷ মোক লগা লেখা এটাৰ উপৰি গীত এটাও আজি পুৱাতে পাই গ’লোঁ৷ কিতাপৰ কাম সামৰি অলপতে আমিও যামগৈ অৰুণাচললৈ৷ পিঠিত ৰাকচেক৷ কান্ধত শ্লিপিং বেগ৷ ভৰিত ট্ৰেকিং বুট৷ মূৰত বান্দৰ টুপী৷ হেৰাই যোৱাৰ বিৰল সুযোগ৷ এতিয়া কেৱল গাই আছোঁ, জিলেলে জিলেলে অ’ জিলেলে জিলেলে...

Sunday, 11 October 2015

আজি পুৱা
(গল্প নহয়, সত্য)

ইমান ডাঙৰ! অলপদিন ধৰি টেলিভিচনৰ পৰ্দাত দেখি অহা সেই বিজ্ঞাপনটোৰ সুৰতে সুৰ মিলাই ময়ো কৈ উঠিলোঁ, 'বাঃ ইমান মানুহ!' মাইকীয়ে-মতাই, ছোৱালীয়ে-ল'ৰাই নেদেখা নেদেখা মানুহ কিছুমানেৰে ৰাস্তাটো আজি ভৰি পৰিছে৷ বিৰ দি বাট পোৱাই মস্কিল৷ প্ৰাতঃভ্ৰমণৰ ৰেগুলাৰ প্ৰাণীকেইটাই আগ বাঢ়িবলৈ বাটকে বিচাৰি নোপোৱা হৈছোঁ৷ পেণ্ডুকনাৰ পৰা বুঢ়ীলৈকে, টেঁটেৰাৰ পৰা পেটুৱালৈকে চেণ্ডেল চোঁচৰাই চোঁচৰাই লাহে-ধীৰে হেপোৰ-তেপোৰকৈ গৈ আছে, আহি আছে৷ মই তাৰ মাজে মাজে বাট কাটিবলগীয়া হৈছে৷ ট্ৰেক চুটৰ সাজত খৰ খোজেৰে আগ বাঢ়ি যাওঁতে সিহঁতবোৰে মোলৈ ঘূৰি ঘূৰি চাইছে৷ ময়ো ভাবিছোঁ, আজি কি হ'ল এইমখাৰ? ইমান মানুহ মৰ্নিং ৱাকত ওলাইছেযে! কথাটো কি? চীনক পিছ পেলোৱাৰ অগ্ৰিম ছবি এখন অৱলীলাক্ৰমে যেন আজি পাই গৈছোঁ মই!

বাৰোৱাৰী পূজা মন্দিৰৰ সন্মুখত দেধাৰ মানুহ৷ মাইকী মানুহ আৰু ছোৱালীৰ সংখ্যাটো বেছি৷ মাইকত কিবা গাই আছে৷ সেইখিনিতে সদায় ১নং পুলিচ পইণ্টত ঘূৰণীয়া পাকটো লৈ ঘূৰি আহোঁ৷ চিনাকি এজনক দেখি চাপি গ'লোঁ৷ সুধিলোঁ, 'কথাটো কিহে মহাশয়? ৰাইজক কিহে পালে আজি?'
'হেই আপুনি নাজানে নেকি? আজি মহালয়া৷'
'কওকচোন কওক অলপ…'
'কৈলাশৰ পৰা দুৰ্গাই আজি ধৰাত লেণ্ড কৰিব৷ ধৰ্মবুদ্ধি মোৰো সিমান নাই৷ গতিকে ডিটেইলচ নাজানো দিয়ক৷ পিছে তাকে লৈ উৎসাহিত ভক্তগণৰ এয়া আৰু..., দেখিছেই নহয় কোব৷'

মন্দিৰটোৰ সন্মুখত ভক্তপ্ৰাণ ৰাইজৰ হঠাতে লগা অস্বাভাৱিক ভিৰটো দেখি বিচূৰ্তি খোৱাৰে কথা৷ ইটো ৰাস্তাৰে আহিছে মানুহ, সিটো ৰাস্তাৰেও আহিছে মানুহ, জাক জাক মানুহ৷ তাৰে কিছুমানৰ গাত আকৌ নতুন নতুন লগা কাপোৰ৷ পূজা লাগিলেই তাৰ মানে! গৃহস্থ বাটলৈ ওলাই অহাত কুকুৰবোৰেও পিছ শুঙি শুঙি যেনি-তেনি তহলদি ফুৰিছে৷ ভাদমহীয়া ক'ৰ্চটোৰ ৰৈ যোৱা অংশ পূৰণৰো প্ৰচেষ্টা কেনিবাদি নচলা নহয়৷ য'তে-ত'তে অপদস্থ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰি পেলায় ইহঁতে৷ গৃহস্থৰ ইফালে খবৰ নাই৷ তেওঁ এতিয়া দুৰ্গাক লৈ ব্যস্ত৷ বাকী বাদ৷

মা দুৰ্গাৰ উৎসাহিত ৱেলকামাৰ কিছুমানক গাড়ীতো উঠি অহা দেখিলোঁ৷ ভক্তিত গদগদ গুৰু-গম্ভীৰ মুখমণ্ডল৷ ডেকা-চেঙেলীয়াক পিছে আজি পাই কোনে? পালচাৰ, গ্লেমাৰ, স্পেলণ্ডাৰ, এপাচি লৈ দলে দলে ওলাইছে৷ বাইক ৰে'লীহে যেন! দুৰ্গাৰ সাইলাখ নাতিনীয়েকহঁতো কম নহয়৷ মেষ্ট্ৰ', এক্টিভা, প্লিজাৰ৷ চাঞ্চ পাই ব্ৰহ্মপুৱাতে ৰঙা সাজত চুলি উৰুৱাই দিছে৷ আহিছে, গৈছে৷ আকৌ আহিছে৷ উভয়ে পাক মাৰিয়ে আছে, মাৰিয়ে আছে৷

সকলো মিলি উপদ্ৰৱটো এনেকুৱা হৈ পৰিছে যে ৰাস্তাত চলা-ফিৰাটো আজি আমাৰ দৰে সাধাৰণ নৰ-মনিচৰ কাৰণে টানেই হৈ পৰিছে৷ বাটতে পোৱা মৰ্নিং ৱাকাৰ এজনেতো খাৰাংখাচ সুৰত কৈয়েই দিলে, 'এই বাইক-স্কুটীবোৰে আজি ইমান ডিষ্টাৰ্ব কৰিছে, ওচৰত পালে চৰ সোধালোঁহেঁতেন৷' মই লগে লগে বাধা দি উঠিলোঁ, 'হেই হেই তেনে নকৰিব৷ শান্ত হওক৷ নিজৰ ৰাস্তা নিজে কাটক৷ এইবোৰ বয়সৰ কথা৷ আমাৰ দিনত নাছিল, এতিয়া আছে৷'

কিছুমানক দেখিলোঁ কাউৰী পুৱাতেই ম'বাইল টিপাটিপি কৰি আছে৷ গান্ধী পাৰ্কৰ ষ্টেপত এগাল ছোৱালী৷ হাতে হাতে 'ছেকেণ্ড চউল'৷ মুঠতে গলগ্ৰহই নেৰিছে৷ টোপনিৰ সময়কণহে বাদ৷ সাৰ পালেই হাত বন্দী৷ মহিষমৰ্দিনীক এইবাৰ অইন নালাগে, একষ্ট্ৰা হাত এখন-দুখনৰ বাবে আৱেদন জনোৱাহে কথা৷ নহ’লে বৰ দিগদাৰ হৈছে৷

বাটতে শইকীয়া বৰদেউতা মোৰ লগ লাগিল৷ সোধাত ক'লে, 'হিমালয়ৰ পৰা দেৱী মৰ্ত্যলৈ নামি অহাৰ দিন আজি৷ সাদিনীয়া টুৰ৷ সাত দিনৰ পিছত পাবহি৷' জনালে, দুৰ্গা পূজাৰ চান্দা বিচাৰি পৰহি হেনো দুৰ্গা বন্দনাত মন-প্ৰাণ সঁপি দিয়া এপাল মাইকী মানুহ আহিছিল তেওঁৰ ওচৰলৈ৷ পূজাখনৰ বাবে এহাজাৰ টকা লাগেই৷ ডিমাণ্ড৷ তেওঁ ক'লে, 'কোনো কথা নাই, দিম বাৰু৷ কিন্তু সদ্যহতে কওকচোন, মা দুৰ্গাই তেৰাৰ দহোখনি হাতেৰে কি কি বস্তুনো ধাৰণ কৰি আছে? সেইবোৰৰ গূঢ়াৰ্থনো কি? উত্তৰ দিব নোৱাৰি ভেচভেচীয়া হৈ শক্তিপূজাৰ দুৰ্বল সেৱিকাসকল অহা বাটেই প্ৰস্থান কৰিলে! তাকে লৈ আমাৰো ৰগৰ অলপ চৰিল৷

দেখিছোঁ, ৰাস্তাকেইটাত বাঙালী লোকেই বেছি৷ বাঙালীৰ ‘বাৰ মাহত তেৰটা পূজা’ বুলি কথা এষাৰ কেতিয়াৰে পৰাই শুনি আহিছোঁ৷ সি যি কি নহওক, মাক-পুতেক-জীয়েক আদি কৰি বাঙালী পৰিয়াল এটা বিপৰীত ফালৰ পৰা আহি আছিল৷ কণমানি পুত্ৰই বাহাদুৰী মাৰি লগৰটোক শুনাই গৈছে, 'আজি মই চাৰিটা বজাতে ৰাস্তাত ওলাইছোঁ৷ ন মা?' মাকৰ সঁহাৰিত ধমকিৰ সুৰ, 'পঢ়া-শুনা কৰিবলৈ যদি এনেকৈ উঠিলিহেঁতেন!' বেচেৰা! মাকজনীয়ে আজিৰ এইকণ আনন্দদায়ক সময়ত এনেকৈনো তাক ক'ব লাগেনে? স্ফূৰ্তিকণ তেনেই পণ্ড কৰি দিলে তাৰ৷ সি নিশ্চুপ হৈ পৰিল৷ তাক দেখি মোৰ হাঁহি উঠি গ'ল৷ দুখো লাগিল বেচেৰালৈ৷ সিনো কিডাল জানে? মাক-বায়েকহঁত ওলাইছে কাৰণেহে...

ঘৰৰ ওচৰ চাপিলোঁহি৷ সিফালৰ পৰা অতুল আহি আছে৷ মাইকী মানুহৰ লানি চাই সিও বৰ ৰস পাইছে৷ মোক চিন্তিত যেন দেখি ক'লে, 'চিন্তা নকৰিবা৷ বুন্দীয়া, জেলেপি খাবলৈ যোৱা মানুহবোৰ আজিহে যি দেখিছা, কাইলৈৰ পৰা এটাও নেদেখা ৰাস্তাত৷ আমিয়েই থাকিম৷ চাবা, হয়নে নহয়৷ আজি অলপ কষ্ট কৰা আৰু৷' দুৰ্গাৰ এইবাৰৰ কনভয়টোৰ বিষয়েও সিয়েই জানিবলৈ দিলে যে মা বোলে হাতীত আহিব, লাহে লাহে আহিব, বেলগছৰ তলত থাকিব৷ নাৱত যাবগৈ৷ মহিলাসকলৰ হাতে হাতে দেখা পাই থকা প্লাষ্টিকৰ ঠোঙাটোহঁতৰ বিষয়েও সিয়েই ব্যাখ্যা দাঙি ধৰিলে, তাত কি কি আছে৷ মই নাজানিছিলোঁ৷ তেতিয়াহে জানিলোঁ৷

কান্ধত কেঁচুৱা আৰু শিশু এটা লগত লৈ এগৰাকী গৈ আছে৷ বিপৰীত দিশৰ পৰা হাত ঠোঙা লৈ এপাল মহিলা৷ এ মহালয়া বুলি কবই নোৱাৰ নেকি? আমি আহিলোঁগৈয়ে৷ তই এতিয়াহে ওলাইছ! শেষেই হল নহয়! মহালয়াৰ খোজ নহয়, তেওঁ লৰা-ছোৱালীহালক ফুৰাইছে৷ সিগৰাকীয়ে কেঁচুৱাটো চালে অলপ পৰ৷ কিবাকিবি পাতিলে৷ তাৰ পিছত দিহাদিহি গলগৈ৷ মন কৰিলোঁ, ঠোঙাৰ পৰা বুন্দীয়া, জেলেপি কেইটামান উলিয়াই হোঁ খাবিগৈ, ল বুলি অকণো নিদিলে হলে৷

স্কুলৰ আগৰ গছ এজোপাৰ তলত বেঞ্চ এখন পতা আছে৷ খোজ সামৰি তাতে বহি ল'লোঁ, আলেখ-লেখ চাওঁ বুলি৷ পিছত কোনোবা ডেকা এটাক বহুৱাই পুৱাতে ৰাস্তাত স্কুটী শিকি থকা ছোৱালীবোৰ গ'ল কলৈ? এনেয়ে হ'লে সিহঁতবোৰৰ দপদপনিও কম নহয়৷ খোজ কঢ়াত বাধা জন্মায়৷ লাহে লাহে মানুহবোৰ কমি আহিল৷ মহালয়াৰ বাবে আজি ৰাস্তাত ইহঁতকেইজনীও দেৰিকৈ ওলাবলগীয়া হৈছে৷ মানুহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ সিহঁতে অলপ সময় ৰৈ দিছে৷ আমি পিছে নিয়মিত সময়তে ঘৰৰ পৰা ওলাই আহিছোঁ৷ উপভোগ কৰিছোঁ বছৰৰ বাকী দিনকেইটাত বিৰল কিছু দৃশ্য৷

মৰ্নিং ৱাক শেষ কৰি সিফালৰ পৰা হালৈ আহিল৷ মোৰ কাষতে বহিল৷ তেওঁৰ মুখৰ পৰা প্ৰথম বাক্যটো ওলাল, 'মাইকীবোৰক দুৰ্গাই লম্ভিলে আজি৷' দুয়ো কথা পাতিব ধৰিলোঁ৷ বজাৰৰ মাজৰ হিমালয় হোটেলত হেনো বিৰাট ভীৰ৷ সোমাবকে নোৱাৰি৷ তেওঁ দেখি আহিছে৷ বেছিভাগেই পুৰী-চবজি খাই আছে৷ পেণ্ডুকনাবোৰৰ বোলে ধাণ্ডা সেইটোহে৷ ক'ৰ দেৱী ক'ত আহে ক'ত যায় কথা নাই৷ তিনিবজাৰে পৰাই হেনো দলদোপ-হেন্দোলদোপ৷ ৰাস্তাত খোজ পেলোৱাত তেৱোঁ বৰ কষ্ট পালে আজি৷ মহিলাৰ গাত খুন্দা-খুন্দলিও লাগিল হেনো৷

তেনেতে পূজা কমিটিৰ বৰ্মন বোলাজন আহি ওলাল৷ বাঁওকাষে বহোঁতেই মহালয়াৰ প্ৰসংগ টানিলোঁ৷ তেওঁ যি জানে অলপমান ক'লে৷ পঞ্জিকাৰ উদ্ধৃতি দি এইটো ক্লিয়েৰ কৰি দিলে যে দেৱী ঘোঁৰাত আহিব, দোলাত যাব৷ অতুলে কোৱাৰ দৰে নহয়৷ আৰু ক'লে যে ঘোঁৰাত অহাৰ বাবে কাজিয়া-পেছাল হ'ব৷ দোলাত যোৱাৰ বাবে মাৰি-মৰক হ'ব৷ মই তেওঁৰ মুখৰ ফালে ৰ-লাগি চাই থাকিলোঁ৷

সঁচা-মিছা নাজানো, আলোচনাৰ অন্তত এই সিদ্ধান্তত উপনীত হ'লোঁ যে এইকেইদিন খুব সচেতন হৈ থকাই বুদ্ধিমানৰ কাম হ'ব৷ দুৰ্গাই যাতে নিজৰ প্ৰভাৱ খটুৱাই কাৰো লগত কাজিয়া লগাব নোৱাৰে, অসুখতো যাতে পেলাব নোৱাৰে তাৰ বাবে নিজৰ জিভাখন চম্ভালি থাকিম৷ এইকণ শিকনিকে লৈ প্ৰাতঃভ্ৰমণ শেষ কৰি ঘৰ সোমালোঁহি৷

Friday, 9 October 2015

আকৌ হেৰাই যোৱাৰ সুযোগ!
(গল্প নহয়, সত্য)

স্বৰ্ণদী অৰ্থাৎ সোৱণশিৰিকেই প্ৰথমে ভবা হৈছিল তিব্বত হিমালয়ৰ উত্তৰ ঢালেৰে ভাৰতলৈ সোমাই অহা চাংপো অৰ্থাৎ অসমৰ ব্ৰহ্মপুত্ৰখনৰ আগলি বুলি৷ সোৱণশিৰি নে দিহাং, এই লৈ অনেক বাদ-বিবাদো আছিল৷ ১৮৭৭ত কেপ্টেইন উদথ্ৰপেহে নিশ্চিত কৰিলে যে সেইখন লকং চুহে৷ চাংপো, চিয়াং, দিহাং বা ব্ৰহ্মপুত্ৰ এখনো নহয়৷ তিব্বতৰ ৫,০৫৯ মিটাৰ উচ্চতাৰ পেৰেম শৃংগৰ বিস্তীৰ্ণ চিৰতুষাৰ ক্ষেত্ৰৰ পৰা লকং চু নাম লৈ ওলাই পিছত অৰুণাচলেৰে বৈছে সোৱণশিৰি নৈ৷ সোৱণশিৰিৰ পাৰতে অৱস্থিত দাপৰিজো চহৰ৷ আপাৰ সোৱণশিৰি জিলাৰ সদৰ৷ দাপৰিজোৰ পৰা সোৱণশিৰিৰ পাৰে পাৰে ওপৰলৈ গৈ থাকিলে ১১২ কিলমিটাৰত আছে ভাৰত-চীন আন্তৰাষ্ট্ৰীয় সীমান্ত, লাইন অফ একচুৱেল কণ্ট্ৰল৷ সোণ কমোৱা সোৱণশিৰিখন গোগামুখৰ সমীপৱৰ্তী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত অনেকবাৰ দেখিছোঁ, গেৰুকামুখতো দেখিছোঁ৷ দাপৰিজো হলে এই পৰ্যন্ত দেখাগৈ নাই৷

কোনটো উৎসৰ পৰা আপুনি জীৱনৰ সৰ্বাধিক আনন্দ লাভ কৰে? প্ৰশ্নটোৰ উত্তৰ মানুহ মাত্ৰেই ভিন ভিনভাৱে দিব৷ স্বাভাৱিক কথা৷ মোৰ ওচৰতো স্পষ্ট উত্তৰ এটা নথকা নহয়৷ হেৰাই থাকিয়ে মই সবাতোকৈ অধিক আনন্দ লভোঁ৷ হেৰাই যোৱাৰ উৎস সন্ধান কৰি থাকোঁতেই নভবাকৈয়ে সিদিনা আহি গল এটা আনন্দদায়ক বাৰ্তা৷ বাৰ্তাবাহক অৰূপদা৷ তিনিদিনৰ আগেয়ে মৰ্ণিং ৱাকত ভেটাভেটি হওঁতে মন্ত্ৰ মতাদি কৈ গ দুৰ্গম পৰ্বত, খাদ্যসামগ্ৰীসহিত নদীৰ পাৰে পাৰে পদযাত্ৰা, মুকলি আকাশৰ তৰা লেখি তম্বুৰ তলত শ্লিপিং বেগত নিশা কটোৱা, জুৰিৰ পানী উতলাই খোৱা ইত্যাদি ইত্যাদি৷

অৰূপদা খাৰাংখাচ, স্ফূৰ্তিবাজ, এথলেট টাইপৰ মানুহ৷ ট্ৰেইল ডিটেইলছ তেওঁৰ হাততো নাছিল৷ যি বুজিলোঁ, হিমালয়ৰ পাদদেশেৰে ইণ্ডো-চাইনা বৰ্ডাৰলৈ দুঃসাহসিক ট্ৰেকিং হব এইটো৷ আঠ-দহদিন বা বেছিও লাগিব পাৰে৷ মবাইল ফোনৰ নেটৱৰ্ক নাই বুলি কলে৷ ফাৰ ফ্ৰম দ্যা মেডিং ক্রাউড৷ আ গোটেইকেইটাইচোন মোৰ পছন্দৰ বস্তু৷ কাজেই মনটোৱে দুলিবলৈ আৰম্ভ কৰি দিলে৷ কল্পনাৰ পাখি কোবাই মুহূৰ্ততে উৰিবলৈ আৰম্ভ কৰিয়ে দিলোঁ, অৰুণাচলৰ অজান শিখৰলৈ৷

অৰূপদাই আকৌ কলে, যাকে-তাকে কোৱা নাই৷ তোমাক কলোঁ৷ ওলাবা৷ অৰুণোদয়ৰ বাট বিচাৰি বহাগ বিহুৰ সময়ত ভাৰতবৰ্ষৰ অন্তিম পূবলৈ সফলতাপূৰ্বক যাত্ৰা কৰি অহাৰ পিছত বাটৰ কাহিনী খণ্ড খণ্ডকৈ কেইবাদিনো শুনাবলগীয়া হৈছিল এই মানুহজনক৷ ইতিমধ্যে অকবত সবিস্তাৰে উপস্থাপন কৰা ভ্ৰমণ-লেখাটোৰ ৪২০ পৃষ্ঠাৰ ফটোবিহীন এ-ফৰ প্ৰিণ্ট আউট এটা কালি উলিওৱা হল বুলি গম পায়ে পাত লুটিয়াবলৈ দৌৰি আহিল তেওঁ৷ তেতিয়াও কলে, তুমি গলে কথাবোৰ লিপিবদ্ধ হব৷ কেমেৰাৰ কামটোও ভাল হব৷ ওলাবা৷

শেহতীয়াকৈ যিটো ইংগিত পাইছোঁ, সমস্ত কাৰবাৰটো হব ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ সোৱণশিৰিক লৈ৷ লোহিত, চিয়াং, দিবাঙৰ পিছত এইবাৰ সোৱণশিৰিয়ে হাতবাউল দিছে৷ তাকে লক্ষ্য কৰিয়ে প্ৰথম পেৰেগ্ৰাফটোৰ কথাখিনি৷ স্বাভাৱিকতে দেহে-মনে অবুজ উত্তেজনাই বিৰাজ কৰিছে৷ চিয়াঙৰে গালং ... ওঁঠৰ পৰা নুগুচাই হৈছে৷ যোৱাবাৰ অৰূপদাহঁতে সোৱণশিৰিত ৰাফটিং এক্সপিডিচন চলাইছিল৷ দাপৰিজোৰ উচ্চতাত নিজকে ভহাই দি তলৰ গেৰুকামুখত ৰৈছিলহি৷ ৰোমাঞ্চকৰ সেই কাহিনী মুখে মুখে শুনিছোঁ৷ লিপিবদ্ধ ৰূপ নাই৷ তাৰ বাবে অৰূপদাৰ মনত দুখ৷ আমাৰ ভ্ৰমণ-কথাৰ ভলিউম আৰু কনটেণ্ট দেখি বিচূৰ্তি৷

এইবাৰ পিছে গতি ঊৰ্ধ্বমুখী৷ হেন জানি ময়ো অৰূপদাৰ পিছ এৰা নাই৷ অৰুণাচলৰ নিৰ্মল শ্যামল প্ৰকৃতিৰ বুকুত বেকপেকিঙেৰে খুপি খুপি হেৰাই যোৱাৰ আনন্দ ল’বলৈ ৰাজী হৈছোঁ৷ তাতে আকৌ সন্মুখত ইণ্টাৰনেছনেল ব’ৰ্ডাৰ৷ ইণ্ডিয়ান আৰ্মীৰ ট্ৰেক৷ লগত প’ৰ্টাৰ আৰু গাইড৷ সীমান্ত বুলিলেই বুজাব নোৱাৰা মাদকতা, উৎসুকতা এটা সদায়ে থাকেই৷ এতেকে প্ৰস্তাৱটোও লোভনীয়৷

সেই বাটে ইতিমধ্যে ট্ৰেকিং কৰি অহা অগ্ৰগামীজনৰ পৰা অভিজ্ঞতাপুষ্ট দু-আষাৰ জানিবলৈ আগ্ৰহী হৈ ৰলোঁ৷ তেনে বৰ্ণনাই হেৰাই যোৱাৰ প্ৰস্তুতিত মোকো নিশ্চয় সহায় কৰিব৷ আনহাতে, আগৰ ভ্ৰমণ-লেখাবোৰ পঢ়ি কোনো কোনোৱে পিছৰবাৰত মোকো টুকুৰিয়াবচোন বুলি কৈ থৈছিল৷ সেয়া মোৰ মনত আছে৷ প্ৰধানকৈ এই দুটা কথাৰ বাবেই পষ্টটো লিখিলোঁ৷ এতিয়ালৈ ইমানেই৷ ইফালে, দুজনীয়া তম্বু কিনিবলৈ অৰূপদা আজি পুৱাতে কেনিবা গলেই! জুইকুৰা তেওঁৰো ভালকৈয়ে জ্বলিছে৷

Sunday, 27 September 2015

বই নোৱাৰোঁ যে
সেইদিনা বিশ্ব পৰ্যটন দিৱস আছিল

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত চেক্‌-ইন৷ লগত ধনছিংদা৷ হাতত টিকট আৰু আইডেন্‌টিটি কাৰ্ড৷ ব’ডিং পাছ ল'লোঁ৷ হেণ্ডবেগ হিচাপে নিয়া লাগেজত লগাবৰ বাবে কিংফিচাৰ এয়াৰলাইনছৰ টেগ ল’লোঁ৷ কাউণ্টাৰত বহা ছোৱালীজনীয়ে ৰাষ্ট্ৰীয় কাকত Eastern Chronicle একোখনকৈ পঢ়িবৰ বাবে দিলে৷ ১২.২০বজাৰ ফ্লাইট৷ আৰামী চকীত বহি পৃষ্ঠাবোৰ মেলি গৈ আছোঁ৷ ১২ অৰ্থাৎ শেষ পৃষ্ঠাটোৱে হঠাতে চকু দুটা মস্ত কৰি পেলালে৷ বিশ্ব পৰ্যটন দিৱস উপলক্ষে Assam Tourismৰ আধা পৃষ্ঠাজোৰা বিজ্ঞাপন এটা৷ সেইটো দেখিহে গম পালোঁ যে কাইলৈ (২৭ছেপ্টেম্বৰ ২০১০) World Tourism Day! আৰু সেই বিশেষ দিনটোতে আমি উৰা মাৰিম কলকাতাৰ পৰা বেংককলৈ৷ এতিয়া প্ৰথম খেপ, গুৱাহাটীৰ পৰা কলকাতালৈ৷ পৰিকল্পনাবিহীনভাৱেই কেনেকৈনো কথাটো ইমান মিলি গ’লজানো, ক’ব নোৱাৰোঁ৷ টিকট কাটোতে খেয়ালেই নাছিল ধনছিংদাৰ৷ কাকতালীয় সংঘটনটোৰ কথা জানি নিজেই আচৰিত হ’লোঁ৷ লগতে অদ্ভুত ধৰণে পুলকিতও৷

বিশ্ব পৰ্যটন দিৱসৰ দিনাই মোৰ জীৱনৰ প্ৰথম বিদেশ ভ্ৰমণ! পুৱা হোটেল এৰাৰ আগতেই বিভিন্নজনলৈ SMS কৰিলোঁ : Distance should not matter. Celebrate World Tourism Day. Choice your destination, pack your essentials and move. Let us explore the world.

দমদমৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰৰ হ'ল্ড ৰুমৰ লবীত বহি ব’ৰ্ডিঙৰ অপেক্ষাৰে স্ফূৰ্তিতে বন্ধু-বান্ধৱ কিছুমানক আকৌ SMS কৰি জনালোঁ : Jet Airways 9W 066, Boarding pass received, Immigration done, Security checked at NSCB International Airport, Kolkata. World Tourism Day special.

দিনৰ ১১.৫৫ত বিমানখনে গাটো লৰালে৷ এসময়ত ভাৰতৰ মাটি এৰি ওপৰলৈ উঠিল৷ তেনেকুৱাতে ভ্ৰমণ-সংগী ধনছিংদাই উৎসাহেৰে সৈতে হেণ্ডচেক্‌ কৰিলে, এটা ড্ৰিম ফুলফিল্‌ হোৱাৰ আনন্দত৷ জীৱনলৈ সহজেই মনত ৰৈ গ’ল, সেই দিনটো৷

আজিও বিশ্ব পৰ্যটন দিৱস৷ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা, চমুকৈ UNWTOৰ মূল লক্ষ্য হৈছে বিশ্বৰ বিভিন্ন জাতি-সম্প্ৰদায়ৰ মাজত পৰ্যটন উদ্যোগৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক মূল্য সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা৷ দিৱসৰ এইবাৰৰ মূল বাণী হৈছে 'এক বিলিয়ন পৰ্যটক, এক বিলিয়ন সুযোগ' (1 billion tourists, billion opportunities)৷ UNWTOৰ সাধাৰণ পৰিষদৰ সিদ্ধান্ত মৰ্মে এইবাৰৰ বিশ্ব পৰ্যটন দিৱস কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা হৈছে আফ্ৰিকা মহাদেশৰ পশ্চিম অংশৰ এখন দুখীয়া তথা অনগ্ৰসৰ দেশত৷ দেশখনৰ নাম বুৰকিনা ফাছ’৷ আকৰ্ষণীয় আৰু মনোমোহা ইয়াৰ প্ৰাকৃতিক দৃশ্যাৱলী৷ বিচিত্ৰ ইয়াৰ লোক-সাংস্কৃতিক উপাদান৷ চহকী ইয়াৰ শিল্প-কলা৷ বিশ্বৰ পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ উপৰি পৰ্যটনপ্ৰেমী আৰু পৰ্যটকসকলৰ মাজত এতিয়া এই দেশ বহুলভাৱে চৰ্চিত হৈ পৰিছে, আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে৷

আজি পুৱাতে ‘আমাৰ অসম’ কাকতখন মেলিলত Assam Tourismৰ বিজ্ঞাপন এটা দেখা পালোঁ৷ লিখিছে : Every time we travel, for whatever reason, we are part of a global movement; a movement that has the power to drive inclusive development, create jobs and build the sustainable societies we want for our future, a movement that builds mutual understanding and can help us safeguard our shared natural and cultural heritage.

ঠিক কথা৷ কিন্তু তাৰ লগে লগে 'এক বিলিয়ন পৰ্যটক, এক বিলিয়ন সুযোগ’ কথাষাৰ আমাৰ মুলুকত কেনেভাৱে প্ৰযোজ্য হয় সেইটোও নিশ্চয়কৈ লক্ষ্যণীয় আৰু গুৰুত্বপূৰ্ণ হ'ব৷ মোক চা মোক চা কৰা প্ৰকৃতি, মানৱ বৈচিত্ৰ্য আৰু চিত্ৰ-বিচিত্ৰ সংস্কৃতিৰ আমাৰ ফালে দেখোন অকণোৱেই অভাৱ নাই৷ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যত সকলোৱে সদিচ্ছা আৰু আন্তৰিকতাৰে কাম কৰি গ'লে সুযোগ আপোনা-আপুনি ওলাব৷ অসম, উত্তৰ-পূৰ্বাঞ্চল নিজেই হৈ উঠিব এচিয়াৰ বুৰকিনা ফাছ'৷

Saturday, 26 September 2015

কোৰবানি ঈদ : স্মৃতি আৰু অনুভৱ

আমি তেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ো৷ বক্রীদত দেউতাহঁতৰ ঘৰলৈ যোৱাটো এটা বছৰেকীয়া দস্তুৰ৷ চকীহোলাত চাকৰি কৰা দুই নম্বৰ দদাইদেউজন ডিফুলৈ আহে৷ তেৱোঁ আমাৰ সৈতে একেলগে ঘৰলৈ যায়৷ মিটাৰগজ ট্ৰেইনেৰে আমাৰ যাত্ৰা৷ কয়লা ইঞ্জিনে টনা যাত্ৰীবাহী ৰেলগাড়ী৷ চানা-বাদাম চোবাই চোবাই গৈ শিমলুগুৰি ষ্টেচনত নামো৷ দেউতাই টেক্সী এখন ভাড়া কৰে৷ ধোদৰ আলিৰে ঘটংমটংকৈ গৈ থাকোঁ৷ আহোম ৰজাদিনীয়া শিলৰ সাঁকো এখন পাৰ হওঁ৷ আৰু অলপ আগুৱাই শিলাসাঁকো, চোমনি গাঁও৷ ককা, আইতা, দদাই, পেহীহঁতৰ ওচৰ পাওঁগৈ৷ ঘৰ সোমাওঁতে আন্ধাৰ নামি আহে৷ হাত-লেম, টেবুল লেম্প, টিপ চাকিবোৰ জ্বলি উঠে৷ সত্তৰ দশকৰ কথা এয়া৷ তেতিয়া সেইফালে ইলেকট্ৰিছিটি সংযোগ হোৱাই নাই৷

কৃষক ককাদেউতাহঁতৰ খেৰ-বাঁহৰ মাটি লেপা বেৰত চূণ দিয়া ঘৰ৷ গাড়ী ৰোৱাৰ শব্দটো শুনা পায়ে ভিতৰত খদমদম লাগি যায়৷ ঘৰখনৰ প্ৰতিজনেই ওলাই আহে আমাক আদৰিবলৈ৷ কোনোবা এজনে লেম এটা লৈ খৰধৰকৈ নঙলামুখলৈ আগুৱাই আহে৷ টালি-টোপোলাবোৰ ধৰি ধৰি নিয়ে৷ আমাকো গায়ে-মূৰে হাত ফুৰায়৷ স্নেহবন্ধনত আবদ্ধ হৈ আমি ভিতৰ সোমাওঁ৷

হাত-মুখ ধোৱা নহয়েই, চাকি বা হাত-লেমৰ পোহৰ দেখুৱায়ে ডাঙৰ দদাইদেউজনে আমাক চিধাই পিছফাললৈ নিয়ে৷ ভঁৰালৰ তলত গোহালিত বান্ধি থোৱা, কোৰবানিৰ বাবে চণ্টক, সোণাৰী নহলে দক্ষিণ হেঙেৰা বা ৰাজমাইৰ গৰু বজাৰৰ পৰা আগৰ দেওবাৰে কিনি অনা নোদোকা গৰুটো দেখুৱায়৷ কথা-বতৰা, হাঁহি-ধেমালিৰে উৎসৱমুখৰ পৰিৱেশ এটা ঘৰখনলৈ আহি পৰে, আমাৰ উপস্থিতিৰ পিছৰে পৰাই৷

পিছদিনাখন টোপনিৰ পৰা সাৰ পাওঁতেই এটা বেলেগ ধৰণৰ অনুভূতি৷ নতুন ঠাইৰ আচহুৱা পৰিৱেশটোৰ বাবেই তেনেকুৱা হয়৷ পুৱাৰে পৰাই ভিতৰে-বাহিৰে উখল-মাখল৷ চাহটোপা খায়ে যেনিতেনি আমাৰো অবাধ বিচৰণ৷ যেন এৰাল ছিগা গৰু! পিছফালৰ পুখুৰীটো, আগফালৰ নৈখন, নৈৰ সিপাৰৰ বাৰীখন, বাৰীৰ শেষলৈ কঠীয়াতলী, কঠীয়াতলীৰ পৰা আৰম্ভ হোৱা পথাৰ, ইফালে সিফালে থকা খাৱৈ, মেটেকানি, বৰশী, মাৰ্বল, ৰবাব টেঙাৰ বল, ছাগলী-হাঁহ-কুকুৰাৰ গঁৰাল, ঢেঁকীশাল, ভঁৰাল, কাষৰ ইঘৰ-সিঘৰ, গছবোৰত কত কি ফলমূল লাগি আছে পিতপিতাই ফুৰাটো চুৰু হৈ যায়৷ বহুদিনৰ মূৰত দেখা পাই সকলোৱে আমাক বৰকৈ আলৌ-উঠৌ কৰে৷ পঢ়া-শুনাৰ পৰা আদি কৰি ঢেৰ কিবাকিবি সোধে৷ খাবলৈকো দিয়ে৷ সৰু দদায়ে তেওঁৰ বেঞ্জুখন উলিয়াই বজাই শুনায়৷ আমিও চেষ্টা কৰোঁ তেনেকৈ বজাবলৈ, কিন্তু সফল নহওঁ৷ সোণাৰী বা নামৰূপৰ বাছখনত শিৱসাগৰ কলেজত পঢ়ি থকা তিনি নম্বৰ দদাইদেউজন আহি নামে৷ তেওঁৰ লগত আমাৰ দোস্তি বাঢ়ে৷ ইফালে বজাৰ-সমাৰৰ লগতে বাকী যা-যোগাৰবোৰো সম্পূৰ্ণ হৈ উঠে৷ মা, পেহীহঁতে চোতালতে বেঞ্চ এখনত মেছিন লগাই ছেৱৈ পেৰে৷ আইতাই তেলপিঠা, কৰাইগুড়িৰ লাড়ু আদি সাজে৷ ককাদেউতাই মস্ত শিল এটাত ছুৰী-ছুৰিকা, মিট, বলিকটীয়া ডেগাৰ আদি ধৰায়৷ গধূলি ইস্ত্ৰিটোত আঙঠা ভৰাই লৈ সৰু দদাইজনে পায়জামা-পঞ্জাবীবোৰ ইস্ত্ৰি কৰে৷ পিছদিনা ঈদ৷ ঈদ-উজ-জোহা৷ ত্যাগৰ উৎসৱ৷

পুৱা সোনকালে উঠা হয়৷ ঘৰৰ পিছফালে কোৰবানি দিবলগীয়া ঠাইখিনিত গাঁত এটা খন্দাৰ পৰা আৰম্ভ কৰি ছাল ছেলোৱা, মাংস কটা, ভাগ পতা, মানুহ বহা, ৰন্ধা-বঢ়া কৰা ঠাইবোৰ পৰিষ্কাৰ কৰি থোৱা হয়৷ কলপাত-তমাল, ঢাৰি-পাটী-কঠ, পানী-খৰি, ডেগচি-কেৰাহী-বাল্টি-হেতা, বাচন-বৰ্তন-গিলাচ, তামোল-পাণ-চূণ-ধঁপাত-চুৰটৰ যোগাৰৰ উপৰি চালনী, ধোঁৱা চাং আদি যতনাই ৰখা হয়৷ তাকে কেন্দ্ৰ কৰি পুৱাৰে পৰাই ঘৰখনে প্ৰাণ পাই উঠে৷ গা ধুবলৈ ডাঙৰ কোনোবাই আমাক পুখুৰীৰ পৰা বাল্টিৰে পানী তুলি দিয়ে৷ গা-পা ধোৱাৰ পিছত মাহঁতে ছেৱৈ আৰু মিঠা বস্তু খাবলৈ দিয়ে৷ বগা পোছাকযোৰ পিন্ধিবৰ বেলি হৈ আহে৷ মছজিদলৈ ওলাই যোৱাৰ আগতে দেউতাৰ নিৰ্দেশত ডাঙৰবোৰক এফালৰ পৰা সেৱা কৰাটো ধৰাবন্ধা নিয়ম৷ মনে মনে বৰ টান পাওঁ এই কাৰবাৰটো৷ ইফালে কথা অমান্য কৰিবও নোৱাৰি৷ ঈদ বুলি স্নেহাশিস লভাৰ লগতে ইজনে-সিজনে দিয়া পইচাকেইটামানো অৱশ্যে হাতলৈ নহাকৈ নাথাকে৷ আলিংগনমুক্ত হোৱাৰ পিছত কোনে কিমান পালে তাকে গন্তি কৰি স্ফূৰ্তিত আত্মহাৰা হওঁ৷

ককাদেউতা, দেউতা, দদাইহঁতৰ লগত খোজ কাঢ়িয়েই আমি টেঙাপুখুৰী মছজিদলৈ যাওঁ৷ উজনিৰ দিশৰ পৰা অহা দিজৈখানা নৈখন সোঁহাতে নীৰৱে বৈ থাকে৷ ডাঙৰবোৰৰ কোনো কোনোৱে চাইকেল মাৰিও যায়৷ গাড়ী, স্কুটাৰ, মটৰ চাইকেল কাৰো নাই৷ খোজেৰে যাওঁতে বাটে বাটে গাঁওখনৰ ইজন-সিজনকৈ আহি লগ লাগি দলটো ডাঙৰেই হয়গৈ৷ বাঁহৰ মুকলি দলং এখনেৰে খাৱৈ এটা পাৰ হৈ বাঁওহাতে অৱস্থিত নাতিবৃহৎ উপাসনা গৃহটিত আমি সোমাই পৰোঁ৷ বিভিন্ন শিতানৰ ধন সংগ্ৰহৰ বাবে মজিয়াত বহি ৰোৱা লোককেইজনৰ কাষ চাপি গৈ দেউতাই ভাগে ভাগে অৰিহণা দিয়ে৷ মাত-কথাত মানুহবোৰক একেটি পৰিয়ালৰ যেন লাগে৷ প্ৰাৰ্থনাৰ সময় হৈ আহে৷ সমনীয়াবোৰৰ সৈতে আমাক পিছৰফালে পোনকৈ শাৰী পাতিবলৈ নিৰ্দেশ দিয়া হয়৷ ঈদ-মোবাৰক জনাই ইমাম চাহাবে পৰ্বটিৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ নামাজৰ নিয়তটোৰ উপৰি নিয়মখিনি এবাৰ সোঁৱৰাই দিয়ে৷ ডাঙৰে যিদৰে কৰে চাই চাই আমিও সেইদৰেই উঠা-বহা কৰোঁ৷ ভুল হয় বুলি পেটে পেটে চিন্তা এটাও লাগি থাকে৷ তাৰ মাজতে বাঘৰ আগতেল খোৱাকেইটামানে হহুঁৱাবৰো যত্ন কৰে৷ সেই দহ-পোন্ধৰ মিনিটলৈ সিহঁতৰ পৰা খুব সাৱধানে থাকোঁ৷ কথা নকওঁ, নাচাওঁ, নাহাঁহো৷ সমূহীয়া নামাজ অঁতাই আগৰ দৰেই একেলগে সকলোটি ঘৰলৈ ঘূৰি আহোঁ৷ তাৰ পিছতে কোৰবানিৰ কাৰবাৰটো আৰম্ভ হৈ যায়৷

ককাহঁতৰ ঘৰত যেন সিদিনা ঈদৰ কেন্দ্ৰীয় অনুষ্ঠানৰহে আয়োজন! তেনেকুৱা লাগে৷ ইষ্ট-মিত্ৰকে ধৰি গাঁৱৰ গোটেইবোৰ মানুহেই আহে৷ কোৰবানিৰ জন্তু হালাল কৰিবলৈ কটোৱাল মৌলবীজন উপস্থিত হয়৷ তেওঁক যথাস্থানলৈ আগ বঢ়াই নিয়া হয়৷ তেওঁৰ শুধবগা ধুনীয়া সাজযোৰৰ ওপৰত লুঙী এখন মেৰিয়াই দিয়া হয় যাতে তেজৰ ছিটিকনি নপৰে৷ ধুৱাই-পখলাই চিকুণ কৰি ৰখা, বলিদান দিব লগা নিপোটল গৰুটো নিৰ্দিষ্ট জেগালৈ আনে৷ জন্তুটোক বগৰাই লৈ ঠেংকেইখন বান্ধে৷ লৰচৰ কৰিব বা ধৰফৰাব যাতে নোৱাৰে সেইবাবে কেইবাজনেও ভালকৈ ধৰি থাকে৷ প্ৰচণ্ড ধাৰাল ডেগাৰখন হাতত লৈ কটোৱালজনে অৱস্থান কৰে৷ আৰবী ভাষাত কিবাকিবি শ্লোক বিৰবিৰাই প্ৰাৰ্থনা কৰে৷ সেয়া আমাৰ বোধগম্য নহয়৷ কাগজ এটুকুৰাত লিখি দিয়া ককাদেউতা, দেউতা, দদাইহঁতৰ নামবোৰ একাদিক্ৰমে মাতি যায়৷ বিছমিল্লা বুলি আল্লাৰ দোহাই দি জন্তুটোৰ ডিঙিত ৰেপ দিয়ে৷ লগে লগেই শ্বাসনলী বিচ্ছিন্ন৷ জন্তুটোৱে ছটফটাব বিচাৰে, কিন্তু নোৱাৰে৷ দিজৈখানাৰ স্ৰোতধাৰাৰ দৰেই ৰঙা ৰঙা তেজবোৰ হোৰা হোৰে ওলাই গৈ গাঁতটো চপচপীয়া হৈ পৰে৷ সেইটো পিছত পুতি পেলোৱা হয়৷ মাটিত পৰি থকা তেজবোৰো চাঁচি-চুৰুকি চিন-মোকাম নোহোৱা কৰা হয়৷ প্ৰাণবায়ু বাজ হোৱা জন্তুটো ইমান পৰে নিথৰ হৈ পৰে৷

আগেয়ে দেখিছিলোঁ যদিও পিছলৈ এই দৃশ্যটো মই নোচোৱা হলোঁ৷ অকলে অকলে কোঠালি এটাত সোমাই বিছনাতে বাগৰি থাকোঁ৷ কিবিকিবি ভাবি থাকোঁ৷ নিজে যিহেতু সৰুৰে পৰাই নিৰামিষভোজী গতিকে কোৰবানিৰ গোছ খোৱাৰ প্ৰতিও কোনো আকৰ্ষণ নাই৷ কামফেৰা হৈ যোৱা যেন অনুমান কৰি কোঠাৰ পৰা আস্তেকৈ বাহিৰ ওলাই আহোঁ, কি চলিছেনো চাওঁ বুলি৷ সিফালে হাতে হাতে কটাৰী লৈ ছাল ছেলোৱা কাৰ্য আৰম্ভ হৈ যায়৷ ছালখন গুচোৱাৰ পিছত মাংস উলিওৱাৰ কাম৷ ভঁৰালৰ সন্মুখত তাৰ বাবে ব্যৱস্থা কৰি থোৱা থাকে৷ জবাই কৰা স্থানৰ পৰা মাংসবোৰ সেইটুকুৰালৈ অনা হয়৷ সুবিধা হবৰ বাবে কছাইখানাত ওলোমাই লোৱাৰ দৰে ঠেংকেইখন ৰছীৰে বান্ধি ওলোমাই লোৱা হয়৷ দপনা-দপন মাংস আৰু হাড়বোৰ কাটিবলৈ গড় ব্যৱহাৰ কৰে৷ স্থানীয় ডেকাসকলক এইবোৰ কামত বৰ এক্সপাৰ্ট দেখিছিলোঁ৷ তেওঁলোকে কেনেকৈ ছালখন সুন্দৰভাৱে ছেলাব লাগে, কোনখিনিৰ পৰা অপাৰেচনটো আৰম্ভ কৰি কত সমাপ্ত কৰিব লাগে, মাংসবোৰ কেনেকৈ সহজতে এৰুৱাই আনিব লাগে, সমস্ত জানে৷ গৰুৰ ছালখন পিছত বিক্রীও হয়৷ বেপাৰী আহি দৰ-দাম মিলাই ঘৰৰ পৰাই লৈ যায়৷ তেজ নিগৰিবৰ বাবে মূৰটো একাষৰীয়াকৈ এঠাইত থৈ দিয়ে৷ চকুহালে ট ট কৰে চাই থাকে৷ মূৰৰ অপাৰেচনটো ককাদেউতাই পিছদিনা অকলেই চলোৱা দেখোঁ৷

মাংস কাটি থকাৰ সময়ত চাহ-তামোলৰো পয়োভৰ চলে৷ সমভিব্যাহাৰে কৰিবলগীয়া সিদিনাৰ সমূহীয়া ভোজনটোৰ বাবে ভাল চাই কিছু মাংস কেৰাহীত উঠেগৈ৷ মহিলাসকলৰ তত্ত্বাৱধানত ৰন্ধা-বঢ়া পূৰ্ণোদ্যমে আগ বাঢ়ি থাকে৷ মোলৈ আমাৰ মায়ে পাকঘৰৰ ভিতৰতে দাইল আৰু ভাজি ৰান্ধে৷ মূল কামটো চলি থকাৰ মাজতে কোৰবানিৰ ভাগ বিলাবলৈ কোন কেনি যাব, মোনা আৰু চাইকেলৰ যোগাৰ ইত্যাদিক লৈ আলোচনা হয়৷ ঘৰৰ পৰা ওলাই সোঁহাতে শিমলুগুৰি, নাজিৰাত দিখৌৰ পাৰত সম্পৰ্কীয় বৰদেউতাহঁতৰ ঘৰলৈকে, চূণপোৰাৰ সম্বন্ধীয় জেঠাইহঁতৰ তালৈকে একেটা লাইন৷ বাঁওহাতে টেঙাপুখুৰী, চৰাইদেউ, বামুণবাৰী, দলবাগান পৰ্যন্ত অন্য এটা লাইন৷ ৰহদৈ আলিৰে চণ্টকলৈকে বেলেগ এটা৷ গাঁৱৰ ওচৰ চুবুৰীয়া ঘৰকেইটাত বিলোৱা, দূৰলৈ যোৱাৰ দায়িত্ব আকৌ বেলেগে৷ সেই আলোচনাতে বিভিন্ন দিশে বাস কৰা, পৰিয়ালৰ ভিতৰুৱা আৰু চিনাকি মানুহৰ সুদীৰ্ঘ নামতালিকা প্ৰস্তুত কৰি উলিওৱা হয়৷ ডাঙৰজন দদাইদেৱে এঘৰো বাদ নপৰাকৈ নামবোৰ এফালৰ পৰা কৈ যায়৷ সকলো যেন তেওঁৰ নখ দৰ্পণত৷ দীঘল কাগজত ক্রমিক নম্বৰ দি দেউতাই সেইমতে লিখি যায়৷ আবুতালি, সোণজান, ববাজান, ধনটি, দেবিৰত, নবাব, মফজল, আজিজ, গোলাপ, হামিদ...৷ কাৰ ঘৰত কেইটা ভাগ দিব লাগিব তাকো বটাই দিয়ে৷ ব্ৰেকেটৰ ভিতৰত সেইটো উল্লেখ থাকে৷ আবুতালি (২) মানে বুজিব লাগিব যে আবুত আলিৰ ঘৰত দুটা ভাগ দিব লাগিব৷ লিখি থকাৰ লগে লগে ঘৰ চিনাকিৰ ট্ৰেইনিং এটাও দি থকা হয়৷ গাঁওখনৰ আৱাসীসকলৰ ছবি এখন তেনেকৈয়ে মনৰ মাজত অংকন হৈ যায়৷

উছৰ্গিত প্ৰাণীটোৰ তপিনা, কলিজা, মাংস, হাড় আদি ভক্ষণীয় অংশবোৰ জোখমতে বেলেগে বেলেগে জুকিয়াই পেলোৱা হয়৷ সেইবোৰেৰে চৰিয়াজাতীয় পাত্ৰবোৰ উপচি পৰে৷ তাৰ পিছতে ঠাইডোখৰ পৰিষ্কাৰ কৰা কাম৷ তাৰ পিছত শাৰী শাৰীকৈ ভাগ পতা হয়৷ প্ৰতিটো ভাগ সমান সমান৷ প্ৰতিটো ভাগতে প্ৰতিবিধৰে মাংস অকণমান হলেও পৰিবই লাগিব৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উপৰি এইবোৰ কথাত ককাদেউতাই যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পাইছিলোঁ৷ এভাগ এভাগকৈ কলপাতত উঠাই তমালেৰে ভাগটোহঁত ভালকৈ বন্ধা হয়৷ তাৰ পিছত গন্তব্য দিশ আৰু হিতাধিকাৰীৰ তালিকামতে হিচাপ মিলাই মোনাত সুমুৱাই পেলোৱা হয়৷ ডেৰ ঘণ্টা, দুঘণ্টাৰ ভিতৰত গোটেইখিনি কাম সমাপ্ত হয়গৈ৷ চাৰিভাগৰ এভাগ মাংস ঘৰৰ বাবে ৰাখি দিয়ে৷ তাৰে কিছু অংশ ধোঁৱা চাঙত শুকুৱাই ভৱিষ্যতলৈ সংৰক্ষণ কৰে, সময়-সুবিধা বুজি দূৰৰ আত্মীয়লৈকো প্ৰেৰণ কৰে৷

ডেকা-বুঢ়া, লৰা-ছোৱালী, পুৰুষ-মহিলা আটায়ে মিলি ককাহঁতৰ ঘৰতে আনন্দেৰে দুপৰীয়াৰ সাঁজ খায়৷ অলপপৰ জিৰণি৷ তাৰ পিছতে পকেটত লিষ্ট আৰু চাইকেলত মোনা ওলোমাই কোৰবানিৰ গোছ বিতৰকৰ দলকেইটা দিহা-দিহি ওলাই পৰে৷ মাছ-মাংসৰ লগত কাৰবাৰ নাই যদিও এই কামটোত কোনোবা এজন দদাইৰ লগত কোনোবা এটা ডিৰেকচনত ময়ো যাবলৈ পাওঁ৷ তাৰ বাবে আগদিনাৰ পৰাই কুটুৰি থাকোঁ৷ বেক কেৰিয়াৰত পাৰি লোৱা গাৰু নহলে কুচন এটাত বহি লওঁ৷ কেতিয়াও নেদেখা আত্মীয় কিছুমানক তেনেকৈয়ে লগ পাওঁ, চা-চিনাকি হওঁ৷ অলপ ডাঙৰ হৈ ভালকৈ চাইকেল চলাব পৰা হলত নিজেও স্বাধীনভাৱে আন এজনৰ সৈতে যাবলৈ অনুমতি পালোঁ৷ কোনটো দিশে গলে বেছি ভাল লাগিব সেইটো আগতে নিৰ্বাচন কৰি থওঁ৷ ভাল চাই চাইকেল এখনো আগে ভাগে অধিগ্ৰহণ কৰি চাবিটো লুকুৱাই পেলাওঁ৷ তেনেকৈয়ে ঈদৰ নামত চাইকেলেৰে আনন্দদায়ক ভ্ৰমণ এটা হৈ যায়৷

ডাঙৰ হওক সৰু হওক দদাইদেউহঁতৰ চিনাকি সেই অঞ্চলৰ হিন্দুধৰ্মীসকলেও জানে আমি মোনাত কিহৰ টোপোলা লৈ ওলাইছোঁ৷ বাটত দেখা পালেই বিহু লাগিছেনে ঐ বুলি উলাহতে চিঞৰ একোটা মাৰে৷ এইফালৰ পৰাও উত্তৰ যায়, অঁ ককাইদেউ, লাগিছে আৰু…’ সিফালৰ পৰা আকৌ কয়, বিহু খাবলৈ মাতিবি আকৌ…’ দূৰ হৈ যোৱাত মাতষাৰ সৰু হৈ আহে৷ মিলা-প্ৰীতিটোৱে মনটো পুলকিত কৰি পেলায়৷

চূণপোৰা পাওঁগৈ মানে নিশা নামি আহে৷ জেঠাইহঁতৰ ঘৰতে টোপোলাও শেষ হয়৷ দদাইদেৱে সুস্থিৰে বহি লৈ লিষ্টখন মিলাই চায়, বিতৰণ ঠিক-ঠাক আছেনে নাই৷ কেনেবাকৈ পাহৰণিত বা ভুলতে দুটাৰ ঠাইত এটা যদি দি থৈ আহিল, ঘূৰি গৈ লাগিব ঘমঘণ্ট৷ ৰিপৰ্টিঙৰ সময়ত তাৰ বাবে অকথ্যও শুনিব লাগিব৷ কোনোবাই আকৌ ককাদেউতালৈ দিবলগীয়া তেওঁলোকৰ ঘৰৰ কোৰবানিৰ ভাগটো সুবিধা বুজি আমাৰ হাততে দি পঠায়৷ সেইকেইটা টোপোলা মোনাৰ তলত পৰি থাকে৷ ইফালে সোমোৱা মাত্ৰক জেঠাই-জেঠু, বাইদেউ-ভনীহঁতে হেঁপাহেৰে জুমুৰি দি ধৰে৷ ভাত-পানী নোখোৱাকৈ নেৰে৷ তাতে ৰাতিৰ সাঁজ মোকলাই ঘৰলৈ উভতো৷ জোনাক নিশা চাইকেল মাৰি আনন্দেৰে আহি থাকোঁ৷ ঘৰ পাই ককাদেউতা বা দেউতাক ৰিপৰ্ট কৰাৰ পিছতহে গা-চা পখালি বিছনাত পৰোঁগৈ৷ বক্রীদৰ দিনটোও তেনেকৈয়ে অন্ত পৰে৷

পুচ্ছাংশ : চল্লিশ-পঞ্চলিশ বছৰৰ আগৰ সেই সামাজিক পৰিৱেশ আৰু মানসিকতালৈ সময়ৰ লগে লগে অনেক পৰিৱৰ্তন আহিছে৷ এতিয়া আমাৰ ককাদেউতাও নাই, কোৰবানিও নাই৷ দেউতা, দদাইহঁত জীৱিত থাকিলেও কোৰবানিৰ নামত গো হত্যা কৰাৰ পক্ষপাতী নহয়৷ সৰুতে আমি গৰুৰ ৰচনাখন পৰীক্ষাত লিখিবৰ বাবে মুখস্থ কৰিছিলোঁ৷ পিছত বোধ হৈছে যে কিমান উপকাৰী চতুষ্পদী প্ৰাণী এটাক বলিৰ নামত হত্যা কৰা হৈছিল! ঈশ্বৰৰ কৰুণা প্ৰাপ্তিৰ বাবে তেনেকৈ জীৱহত্যা কৰাটো মনে নিবিচাৰে৷ গো পালনহে হব লাগে৷ পশুধনৰ পালনেৰে ঈশ্বৰৰ কৃপাত আজিৰ দিনত একোটা পৰিয়াল নিশ্চিতভাৱে স্বাৱলম্বী হব পাৰে৷ আমাৰ ঘৰত দীৰ্ঘদিনে গাখীৰ যোগান ধৰি অহা ইনচান আলি তাৰে এটা সৰু উদাহৰণ৷

সঁচা-মিছা নাজানো, কালি নিশা শুনা পাইছিলোঁ বোলে কোৰবানিৰ নামত এইবাৰ বক্রীদত ভাৰতবৰ্ষত একেদিনাই দুই লাখ বকৰী অৰ্থাৎ ছাগলী উছৰ্গা কৰা হল৷ ভাৰতৰ সমুদায় মুছলমান ৰাইজে মিলি হেনো এইবাৰ বিশ হাজাৰ কোটি টকা কোৰবানিৰ নামত ব্যয় কৰিলে৷ ধৰ্মনিৰপেক্ষ দেশ এখনৰ কোনোজন নাগৰিকৰে ব্যক্তিগত ধৰ্মীয় বিশ্বাস, আনুগত্য আৰু অনুভূতিত আঘাত দিয়াৰ মতলব আমাৰ নাই৷ পিছে, গৰু চোৰৰ পৰা গাড়ী চোৰলৈ, বজাৰৰ মুৰ্গী কটা কছাইজনৰ পৰা অপৰাধী ঘাতকলৈ নামবোৰ লক্ষ্য কৰিলে সৰহভাগেই মুছলমানহে ওলায়! আল্লাৰ কৰুণা লাভৰ অচিলাৰে কৰা জীৱহত্যাই নিৰ্দয় মানসিকতা এটা গঢ়ি তোলাত আওপকীয়াকৈ ইন্ধন যোগাই আহিছে বুলি আজিৰ সময়টোলৈ চাই মোৰ মনে মনে ভাব হয়৷ জীৱহত্যাৰ এই বাৰ্ষিক প্ৰেকটিচটো নিজজ্ঞানে বুজি কিবা এটা নকৰিলে অন্য বাট নাই৷

Tuesday, 22 September 2015

স্কুটী চলোৱা ছোৱালী এজনী
(গল্প নহয়, সত্য)

মুগা বৰণীয়া কৰি লোৱা চুলিকোছা উৰুৱাই কাণত ইয়েৰ ফোন গুজি ভুৰুংকৈ কোন গলঅ সেইজনী?

সেইজনী দেখোন ৰূপলীন! বাঃ, স্পীড দেখা!

কিনকিনকৈ আৰম্ভ হৈ যোৱা বৰষুণজাকত তিতি তিতি সিদিনা এইজনীয়েইতো সোমাইছিলহি আমাৰ ঘৰত৷ আংকল আংকল বুলি মৰা কাৰোবাৰ চিঞৰকেইটামান শুনিয়ে বিতত হৈ দৰজাখন খুলি প্ৰথমে ওলাই আহিছিল মা৷ পিছে পিছে মই৷ ৰাতিখন কাৰ কি বিপদ হল আকৌ? বাহিৰত ইফালে বৰষুণজাকে ধাৰাসাৰ ৰূপ লৈছে৷

বাৰাণ্ডাৰ চকীখনত বহি লৈ তায়েইতো কৈছিল, আংকল, মোৰ স্কুটীখন ষ্টাৰ্ট নহয়৷ আপোনালোকৰ ঘৰতে নিশাটোৰ বাবে থৈ যাব পাৰিমনে? কাইলৈ পুৱাই মেকানিক লৈ আহিম৷

উপায় নোহোৱাত ষ্টেপকেইটা নামি ইয়াতে সোমাইছেহি বেচেৰী! সদায় দেখি থকা চকুৰ চিনাকি, সৰু ছোৱালী৷

চাওঁচোন মই বুলি ছাতি এখন মেলি ওপৰলৈ উঠি গলোঁ৷ ৰাস্তাৰ প্ৰায় মাজ-মজিয়াতে স্কুটী খাড়া! কিংকৰ্তব্যবিমূঢ়তাত ঠিকমতে চাইড কৰিবলৈও পাহৰিলে! নম্বৰ প্লেক্সটলৈ চালোঁ৷ উকা৷
ৰেজিষ্ট্ৰেচন নোহোৱাকৈয়ে পুৰণি হব ধৰিছে বেঙেনাবুলীয়া মহেন্দ্ৰ ৰডিঅ

চাবিটো খুজিলোঁ৷ চালোঁ৷ তেল আছেনে? আছে৷ চেল্‌ফ? নাই৷ বেয়া৷ তাৰ মানে কিক্‌ মাৰিব লাগিল৷

কিক্‌ মাৰোঁতে মাৰোঁতে গাৰ ঘাম বাজ হল৷ বৰষুণজাক কমি গল৷ একোবত ষ্টাৰ্ট হলগৈ যেনিবা৷ কি কৰোঁ কি নকৰোঁকৈ ইমানপৰে দাঁতিতে ৰৈ মস্ত মবাইলটোকে পিটিকি পিটিকি চাই আছিল তাই৷ কিবা নটিফিকেচন আহিছিল যদি নাজানো৷ কাৰোবাক ফোন কৰিব খুজিছিল যদিও কব নোৱাৰোঁ৷ ইঞ্জিনৰ শব্দতহে যেন সম্বিৎ ফিৰিল!

যেই ষ্টাৰ্ট হল, মবাইল গৈ জিনছৰ পকেটত সোমাল৷ হেণ্ডেলডাল চমজি ললে৷ বহিল৷ লাইট অন কৰিলে৷ এক্সেলাৰেটৰ পকাই ঢাপলি মেলিলে৷

হেলমেট আছেনে? নাই৷ লাইচেন্স আছেনে? নাজানো৷ বয়সটো চাই নথকাযেনেই লাগে৷

সেইজনী ৰূপলীনেই এতিয়া গৈ আছে, মুগা বৰণীয়া কৰি লোৱা চুলিকোছা পিছলৈ উৰুৱাই৷ কাণৰ পৰা ওলমিছে বগা ইয়েৰ ফোনৰ ৱায়াৰ৷ হেলমেট? নাই৷ নম্বৰ? নাই৷ লাইচেন্সো নাই চাগৈ৷ চকুত ৰঙীন চানগ্লাছ৷ তাৰ মাজেৰে মোক এতিয়া নেদেখাটোৱেই স্বাভাৱিক৷



আপুনিও মবাইল এডিক্টেড 
হৈ পৰিছে নেকি?



এই ধৰক আপুনি আৰু মই৷ আৰু কোনো নাই মাজত৷ মুখামুখিকৈ বহিছোঁ৷ প্ৰত্যক্ষ সাহচৰ্য বা উষ্ম সান্নিধ্য যাক একে আষাৰে বুলিব পাৰি৷ আপুনি মোতকৈ বয়সত ডাঙৰ বা সৰু বা সমান৷ মই আপোনাৰ অভিজ্ঞতাৰ পৰা জীৱনৰ বাবে কিবা এটা শিকাৰ তালত আছোঁ৷ মই আপোনাৰ উদ্যমতাৰ পৰা শক্তি আহৰণ কৰাৰ প্ৰয়াস কৰিছোঁ৷ বহুদিনৰ মূৰত লগ পাই মই আপোনাৰ সৈতে নতুন কিবা আদান-প্ৰদানৰ চেষ্টা চলাইছোঁ৷ সাৰুৱা কথা-বতৰা বৰ্তি আছে আমাৰ মাজত৷ বিষয়ৰ পৰা বিষয়ান্তৰলৈ গতি কৰিছে আমাৰ আলোচনাই৷ মনটো ভাল লাগি গৈছে৷ 

তেনেকুৱাতে টিং-টাং-টুং-টুং... বাজিল আপোনাৰ ম’বাইল ফোন৷

মই ম’বাইলৰ ভক্ত বা বহতীয়া নহওঁ৷ মোৰ সিবিধ নাই৷ থাকিলেও চুইচ অফ৷ বা বাজিলেও যাৰেই নহওক কিয়, এতিয়া নধৰাৰ সিদ্ধান্তত অটল৷ কাৰণ মই যন্ত্ৰক নহয়, আপোনাক, অৰ্থাৎ মুখৰ আগত পোৱা আপুনি মানুহজনক সন্মান জনাইছোঁ, আপোনাৰ উপস্থিতি আৰু বহুমূলীয়া কথাখিনিক গুৰুত্ব দিছোঁ৷

আপুনি ম’বাইলৰ ভক্ত৷ আপুনি এই যন্ত্ৰবিধৰ প্ৰতি যথেষ্ট শ্ৰদ্ধাশীল দেখিছোঁ৷ নৱজাতকৰ দৰেই হাতৰ মুঠিত মৰমেৰে লৈ ঘূৰাই-পকাই আছে সেইটো বা টেবুলখনৰ ওপৰতে আলফুলে থৈ দিছে৷ মোক গুৰুত্ব দি কথা পাতি আছে ঠিকেই, কিন্তু মাজে মাজে সেইপিনলৈ চাৱনি নিক্ষেপ কৰিও নথকা নহয়৷ মই গম পাইছোঁ, ঘনে পতি ম’বাইলটোলৈ চাই থকা আপোনাৰ সেই 'ম’বাইল মেনীয়া' নামৰ মহামাৰীবিধ ইতিমধ্যে লাগি গৈছে৷

আপোনাৰ মনোযোগ ফালৰি কাটি যোৱা দেখি পেটে পেটে মোৰ অসন্তুষ্টি নজন্মাকৈ থকা নাই৷ তথাপি, গভীৰতাত অৱগাহন কৰি আপোনাৰ কথাবোৰ একান্তমনে শুনি আছোঁ৷ প্ৰবল অনুসন্ধিৎসাৰে প্ৰশ্ন কিছুমান সুধি আছোঁ৷ জানিবৰ চেষ্টা কৰি আছোঁ আপোনাৰ পৰা৷ নিজেও যিখিনি পাৰোঁ কৈ আছোঁ৷ জ্ঞানগৰ্ভ এটা পৰিৱেশ আহি গৈছে আমাৰ মাজত৷

টিং-টাং-টুং-টুং...৷ আকৌ ডিষ্টাৰ্ব৷ আপুনি কথা ৰখালে৷ সুন্দৰ পৰিৱেশটোত হঠাতে তেনেকৈ ব্যাঘাত জন্মাত আপোনাৰ ম’বাইলটোলৈ মনে মনে মোৰ খং এটা নুঠা নহয়৷ পৰা হ’লে থেকেচিয়ে দিলোঁহেঁতেন যেন! কিন্তু তেনেকৈ নোৱাৰি নহয়৷ গতিকে একো নকৈ ভদ্ৰভাৱেই সহ্য কৰি আছোঁ৷ সেয়া আপোনাৰ ব্যক্তিগত যন্ত্ৰ, ব্যক্তিগত বাৰ্তা বুলি মানি লৈছোঁ৷

সিমানখিনিলৈকে ঠিকেই আছিল৷ এইবাৰ আপুনি মোলৈ চাই কিবা এক ইংগিত দিলে৷ চকীৰ পৰা উঠিল৷ ৰিচিভ বুটামটো টিপি কলটো ল’লে৷ সিফালৰ পৰা শুনা কথাখিনিয়ে আপোনাৰ চিন্তাটোক আধাতে কবৰ দি দিলে! আপোনাৰ মনটো মোৰ মনৰ পৰা আঁতৰাই ক'ৰবালৈ লৈ গ’ল৷ নেদেখা জেগাৰ পৰা হঠাতে কাৰনো মাত এটা আহি ওলাল, সেইটোহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰিল! আমি ইমানপৰে কৰি থকা আলোচনাখিনিৰো তেতিয়াই আঁত হেৰাল৷ পৰিৱেশটোতো আউল লাগিল৷ মুহূৰ্ততে স্তব্ধ হৈ গ'ল উৎকৰ্ষমূলক সকলো ভাবনা, কল্পনা, পৰিকল্পনা৷

ম’বাইলক সঁহাৰি জনাই সিমানতে আপুনি ওলাই যাবলগীয়া হ’ল৷ মই আপোনাৰ সাহচৰ্য হেৰুৱালোঁ৷ মোখনিৰ অভাৱত আমাৰ অন্তৰংগ আলাপখিনি তেনেকৈয়ে ওলমি থাকিল৷ ইমানপৰে ব্যয় কৰা সময়খিনি অবাবত আৰু অযথা খৰচ কৰাৰ লেখীয়া হৈ পৰিল৷ মুঠতে আল্টিমেট জিৰ’৷ দুয়ো মিলি মস্ত শূন্য এটা পালোঁ৷

এই ফোনকলটো আহিয়ে সব পণ্ড কৰি দিলে৷ আপোনাৰ কেনেকুৱা নাজানো, মোৰ এনে লাগিল যেন আমি কথাবোৰ ইমান গভীৰভাৱে নপতাই ভাল আছিল নেকি! অদৰকাৰী বাৰে-বিংকৰা অগ্ৰং-বগ্ৰং মুখৰোচক কথাৰে এনেয়ে টাইম পাছ কৰি থকাই ভাল আছিল! গলগ্ৰহৰূপী ম'বাইলটোলৈ বীতশ্ৰদ্ধ হৈ গুজৰি-গুমৰি ৰ'লোঁ মই৷

তাৰ পিছৰে পৰা মই আগতীয়াকৈ চাই লোৱা হ'লোঁ, আপুনি হাতৰ মুঠিত জিনিচটো লৈ আহিছে নেকি, ঘূৰাই-পকাই আছে নেকি, ক্ষণে ক্ষণে তালৈ চাই আছে নেকি, মাজে মাজে চাৰ্টটোত বা পেণ্টটোত স্ক্ৰীণখন মোহাৰি আছে নেকি৷ আপুনি আপোনাৰ সেই স্বাভিমানী সম্পদ(!)বিধৰ বহতীয়া হৈ পৰিছে নেকি, আগতেই হিচাপ কৰি উলিয়াই লওঁ৷ যদিহে সি আপোনাক নিয়ন্ত্ৰণ কৰিছে, যদিহে আপুনি তাক নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেনেহ’লে মন থাকিলেও মিছাতে একো প্ৰসংগই তৰি নলওঁ৷ যন্ত্ৰটোতে ব্যস্ত হৈ থাকিবলৈ আৰামছে এৰি দিওঁ আপোনাক৷ কাৰণ আপুনি, আপোনাৰ হাত, কাণ, চকু, মুখ, জিভা, মন, মগজু আদি ইতিমধ্যে ম’বাইল এডিক্টেডযে!

Saturday, 19 September 2015

বাইল ফোন নথকাৰ আনন্দ



এতিয়া হাতে হাতে মবাইল৷ এতিয়া কাণে কাণে মবাইল৷ চাপ্ৰাচীৰ পৰা উচ্চপদস্থ বিষয়ালৈ, মাটিত থৈলা পাৰি বহা পোহাৰীৰ পৰা উদ্যোগপতিলৈ, বেজী চোৰৰ পৰা মিনিষ্টাৰলৈ কাৰ নাই চেলফোন, স্মাৰ্টফোন? টিউচনৰ পৰা আহি থকা ছোৱালীজনীক সদায় দেখো, কান্ধত বেগ আৰু এহাতত যদি ছাতি, আনখন হাতত মস্ত মবাইলটো৷ খোজ কেনি পৰিছে টলকিবই পৰা নাই বেচেৰীয়ে৷ ফোনত ব্যস্ত৷ বাইকৰ পিছফালে টিংটোত বহি যোৱা ডেকাটিৰো হাতৰ বুঢ়া আঙুলিয়ে কাণৰ লতি চুয়েই থাকে৷ কথা ওলাই গৈ আছে অনৰ্গল৷ আই-টেনখন চলাই যোৱাজনৰো অৱস্থা একেটাই৷ সোঁহাতৰ মুঠিটো গালত, বাওঁহাত ষ্টিয়েৰিঙত৷ আইনাৰ ভিতৰত শব্দৰ পাকঘূৰণি৷ জাবৰ কঢ়িয়াবলৈ অহা টাউন কমিটিৰ চুইপাৰকেইটায়ো বেলচা মাৰিবলৈ এৰি মাজে মাজে এখন হাত কাণলৈ তোলে৷ মুঠতে এতিয়া হাতে হাতে মবাইল, কাণে কাণে মবাইল৷ চেলফোন, স্মাৰ্টফোন৷ অগ্ৰাহ্য কৰিবলৈ টান হৈ পৰা, সময়-অসময়ৰ প্ৰশ্ন নোহোৱাকৈ কথা পাতিবলৈ বাধ্য কৰোৱা এটা যন্ত্ৰ৷

১৮৭৬চনৰ মাৰ্চ মাহৰ ১০ তাৰিখ৷ আলেকজেণ্ডাৰ গ্ৰাহাম বেল বোলা টেলিফোন আৱিষ্কৰ্তাজনেই প্ৰথমে মুখ খুলিছিল Mr. Watson, come here, I want to see you. বাক্যটিৰে৷ সহায়ক টমাচ আগষ্টাচ ৱাটচনে গোটেইকেইটা শব্দ পৰিষ্কাৰকৈ শুনা পালত জন্ম লভিলে কথা কোৱা যন্ত্ৰ৷ পিটচবাৰ্গৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট এণ্ড প্ৰিণ্টিং টেলিগ্ৰাফ কম্পেনীৰ প্ৰেচিডেণ্ট টি. বি. এ. ডেভিদলৈ টমাচ এডিচনে লিখিছিল Friend David, I do not think we shall need a call bell as Hello! can be heard 10 to 20 feet away. বুলি৷ তেনেকৈয়ে ১৮৭৭চনত আগমন ঘটিল Hello বোলা টেলিফোনিক সম্ভাষণৰ বিশ্বজনীন শব্দটোৰ৷ জাতি, ধৰ্ম, ভাষা, বৰ্ণ, সম্প্ৰদায়, সম্পৰ্ক, অৱস্থিতি, পৰিস্থিতি নিৰ্বিশেষে পূব-পশ্চিম-উত্তৰ-দক্ষিণ যেনিয়ে তেনিয়ে কাণে কাণে ইংৰাজী ভাষাৰ সেই শব্দটোৰ আজি সৰ্বব্যাপী পয়োভৰ৷ পৰিহাৰ কৰিব নোৱাৰা এটা শব্দ৷

সৃষ্টিকৰ্তাৰ ডিজাইনমতে মানুহ নামৰ জন্তুবিধৰ কাণ দুখন, মুখ এখন৷ গূঢ়াৰ্থটো বোলে, শুনিব লাগে বেছি, কব লাগে কম৷ পিছে বেলৰ সেই কথা কোৱা যন্ত্ৰটি টেবুলৰ ওপৰৰ পৰা গৈ সংস্কাৰিত ৰূপ ধৰি কালক্রমত পকেটে পকেটে সোমাই অপৰিহাৰ্য হৈ পৰাৰ পিছত এতিয়া মানুহে তাক এৰে কেনেকৈ? এটা হেল্লৰেই প্ৰতিজন উপভোক্তাই সূচনা কৰি পেলায় কথন প্ৰক্রিয়া৷ মুখৰ কামেই সৰহ৷ গতিকে যেতিয়াই তেতিয়াই মুখ মেলিবলৈও উন্মুখ৷ ইচ্ছা থাকক নাথাকক, বাধ্যত পৰি নিতৌ আগতকৈ বহু বেছি বলকিবলগীয়া হৈছে এতিয়া৷ ফলত কথাৰ পৰিমাণ বেছি হৈছে, কামতো ব্যাঘাত নঘটাকৈ থকা নাই৷

১৯৭৫চনৰ ২৫জুন৷ ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিলে৷ ১৯৭৭চনৰ ২১মাৰ্চ পৰ্যন্ত বাহাল থাকিল সেই ঘোষণা৷ আমি তেতিয়া স্কুলীয়া সৰু লৰা৷ আন কথা নুবুজিলেও সঞ্জয় গান্ধীয়ে জনপ্ৰিয় কৰা Kaam zyada, baatein kum শ্লগানটো শুনিবলৈ পাইছিলোঁ৷ ইংৰাজীত তাকে কৈছিল work more, talk less৷ তাকে লৈ খুচৱন্ত সিঙেও এঠাইত লিখিছিল, ভাৰতীয়ই সপ্তাহটোৰ ৩ দিন কাম কৰে৷ আনহাতে চীনাসকলে কাম কৰে সপ্তাহত ৮ দিন৷’ কথাচহকী মানুহৰ পাল্লাত পৰি শ্ল'গানেও ৰূপ সলালে৷ হলগৈ talk more, work less৷ ক্ষণে ক্ষণে উপৰ্যুপৰি ফোন বাজে, নধৰি উপায় নাই৷ চুইচ অফ কৰিলেও বোলে শিষ্টাচাৰ নাজানে!

আমাৰ মুলুকত আজিকালি এনেয়েও আচল কামতকৈ কথা কৈ, ফাকি মাৰি ভাল পোৱা কামচোৰ মানুহৰ সংখ্যাটো বাঢ়িছে৷ মবাইল নামৰ এই যন্ত্ৰৰে আকৌ ফাকি মাৰিবলৈও ভালহে৷ আছে যদি পূবত, কব পশ্চিমত৷ কোনেনো চাই আছে? বেলেন্স নাই বুলি হাত সাৰিবও পাৰি৷ মাতিবৰ মন নাথাকিলে আস্তেকৈ মবাইলটো উলিয়াই ললেই হয়৷ সেইটোকে টিপি-পিটিকি, কথা পতা দেখুৱাই বা স্ক্ৰীণত কিবা চোৱাৰ নাটক কৰি পাৰ হৈ যাব পাৰি৷ সচৰাচৰ দেখি থকা কথা৷ এটা বিৰাট সুবিধা৷

ভগা হওক, ছিগা হওক, সাতোটা দাঁত সৰি পৰা কাণ ফুচফুচ এভাগি হওঁতে মোৰো আছিল৷ শিষ্টাচাৰ ভংগ হয়, যি হয় হওক যাঃ বুলি এদিন স্বইচ্ছাই চুইচ অফ কৰি দিলোঁ৷ পৃষ্ঠপটত অৱশ্যে কাহিনী অকণমানো নথকা নহয়৷ অৰুণাচলৰ দুৰ্গম পাহাৰৰ ভিতৰত মবাইলৰ নেটৱৰ্ক দৰবত দিবলৈও নাই৷ হেণ্ডছেট যিমান বাহাদুৰী মৰাকৈ দামী বা দেখনিয়াৰ নহওক কিয়, থকা-নথকা একে কথা৷ নতুন কথা এটা আৱিষ্কাৰ হৈ গ'ল সেই তেতিয়াই৷ এই যন্ত্ৰ নাথাকিলে কিমান সুখ তাক বুজিলোঁ৷ দৰাচলতে তেনেকুৱা স্থানলৈ গলেহে কথাটো গভীৰভাৱে অনুভৱ কৰা যায়৷ সেই অনিত্য সুখ উপভোগ কৰি ধন্য হলোঁ৷ ভ্ৰমণ সামৰি ঘূৰি অহাৰ পিছতো সুখকণে লোভ লগাই ৰ'ল৷ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব বিচাৰি জুন মাহৰ ১ তাৰিখে ইচ্ছাকৃতভাৱে দিলোঁ চুইচ অফ কৰি৷ আজি পৰ্যন্ত চুইচ অফ৷ সগৌৰৱে ১১১ দিনত ভৰি দিছেহি৷ উঃ! কিমানযে শান্তি এই মবাইল ফোনৰ অবিহনে! আপোনমনে কি কিযে কৰি থাকিব পৰা যায় ইয়াৰ অবিহনে! বিৰাট মস্তি৷

এজনে ইনবক্সতে সুধিলে বোলে আঢ়ৈ মাহ হৈ গল, ৰিং মাৰোঁ, সদায় চুইচ অফ, চুইচ অফ৷ কি কথা? একেদৰে, ফোন বন্ধ পাই চিন্তিত হৈ ১০০ কিল'মিটাৰ দূৰৰ পৰা গাড়ী দৌৰাই ঘৰ ওলালহি অভিন্নহৃদয় দুই-এক৷ মবাইল চুইচ অফ মানে কি হব পাৰে? হয় বেমাৰ, নহলে সিপুৰী৷ পিছে এটাও নহয়৷ ফোন-চোন কৰবাতে বিসৰ্জন দি সম্পূৰ্ণ সুস্বাস্থ্য আৰু আনন্দ মনেৰে অমুকা সোঁশৰীৰে বিৰাজমান নিজৰ কৰ্মস্থলীৰ টেবুলত৷ একান্তমনে আৰু হেঁপাহ পলুৱাই লিখি আছোঁ অৰুণোদয়ৰ বাট বিচাৰি উত্তৰ-পূবৰ অন্তিম পূবলৈ যোৱা ভ্ৰমণ কাহিনী৷ তৃতীয়বাৰৰ বাবে যাত্ৰাটোৰ আনন্দ লৈ আছোঁ৷ কোনেও ডিষ্টাৰ্ব কৰাটো তিলমানো বিচৰা নাই৷ স্বাধীনচিতীয়া মনে মবাইলৰ বহতীয়া কেতিয়াও হব নোখোজে৷

পিছে কি হব? শান্তিত থাকিবলৈ দিলেহে! ৰাইজৰ দাবী৷ দাবীত পৰি বিশ্বকৰ্মা পূজাৰ দিনটোতে চুইচ অন কৰা হব বুলি ঘোষণা এটা দি দিলোঁ৷ কাৰ্যতঃ কিন্তু নুখুলিলোঁ৷ সুখকণ এৰিবৰ মনেই যোৱা নাই দেখোন! কিমান টানিব পাৰিম নাজানো৷ কাণে কাণে কওঁ, মবাইল ফোন নথকাৰ আনন্দই বেলেগ বুইছে? বিশ্বাস নকৰে যদি প্ৰেক্টিকেল কৰি চাওক, নিজেই গম পাই যাব৷ পিছে অনুকৰণ কৰিবলৈ গৈ কিবা বিঘিনি ঘটিলে আমাৰ দায় নাই আকৌ দেই৷ সেইটোও আগতীয়াকৈ কৈ থলোঁ৷

Thursday, 17 September 2015

উদ্যোগ
(গল্প নহয়, সত্য)


সদ্যহতে কিহত লাগি আছা?

কামটো হৈ যোৱাৰ পিছত মিৰজেঙৰ চকুলৈ চাই মই সুধিলোঁ৷ সি দেউতাকৰ নতুন কিতাপখনৰ আগধন দিবলৈ মাকৰ নিৰ্দেশক্রমে মোৰ ওচৰলৈ আহিছিল৷

মমবাতি উৎপাদন কৰা গোট এটা প্ৰতিষ্ঠাৰ কামত লাগি আছোঁ দাদা৷

সজ সজ৷ খুব ভাল আৰু সময়োপযোগী চিন্তা কৰিছা৷

চেষ্টা এটা কৰিছোঁ আৰু দাদা, কি হয় জানো!

‘নাই, নাই; একদম ঠিক আছে৷ আজিকালি নগৰ-মহানগৰৰ কথাই নাই, গাঁৱে-ভূঁয়েও বিজুলী সৰৱৰাহৰ খুঁটা আছে৷ দেখিছাই নহয়৷ তথাপি কিন্তু মমৰ দৰকাৰ নোহোৱা হোৱা নাই৷ কাৰণ ইলেকট্ৰিচিটিৰ পঁয়া লগা অৱস্থা৷ আমাৰ ডিফুততো আৰু ক’বই নালাগে৷ তিতা-কেঁহা-জ্বলা চব একেলগতে লাগি গৈছে৷ বিৰাট খং উঠেহে’৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাৰেণ্টৰ টিকনিয়েই নাই হৈ যায়৷ কটোৱালকেইটাও কম নহয়৷ দুঘণ্টা একেৰাহে কাটে! তৃতীয় ঘণ্টাটোত আকৌ পাঁচ-দহ-পোন্ধৰ মিনিটহে থাকে, পঞ্চলিশ-পঞ্চাশ-পঁচপন্ন মিনিটলৈ খবৰ নাই! কৰিম বুলি ভাবিলেও একো এটা কৰিব নোৱাৰি৷ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাতো কম অসুবিধা নহৈছেনে! মিছা ক’লোঁ নেকি?’

ঠিক কৈছে আপুনি৷ বিতৃষ্ণা লাগি গৈছে আৰু...

গতিকে চিন্তা নকৰিবা৷ মমৰ চাহিদা আছেই আছে৷ প্ৰয়োজন দিনক দিনে বাঢ়িছেহে৷ একাগ্ৰতাৰে তুমি কামত লাগি যোৱা৷ সময়ত ফল পাবা৷’

কি কৰিব আৰু... পঢ়ি-শুনি...

পঢ়ি-শুনি কি? চাকৰি এটা নাপালা? সিমানেইতো কথা?

মিৰজেঙে সেমেনা-সেমেনি কৰিলে৷ মই তাৰ মানসিক অৱস্থাটো অনুধাৱন কৰিব পাৰিলোঁ৷ সি হয়তো চাকৰি এটাৰ দৰকাৰ অনুভৱ কৰিছিল৷ মাক-দেউতাক বা ঘৰখন চলাবৰ বাবে নহয়, ভাল পাই থকাজনীক ঘৰ সুমুৱাবৰ বাবেইতো নিৰাপদ সংস্থাপন এটা লাগে৷ গতিকেই চাকৰি এটা জৰুৰী৷ কাম নকৰিলেও মাহেকৰ দৰমহা নিজে নিজেই বেংক একাউণ্টত সোমাই পৰে! কি মস্তিৰ জীৱন! সি সেইবোৰ মন নকৰা নহয়৷ মই পিছে এতিয়া মিৰজেঙক কওঁ কি?

বাৰু, দূৰলৈ নাযাওঁ৷ আমাৰ নিজৰ জেগাখনলৈকে চোৱা৷ দেখিছা নহয়, কিমানবোৰ চাকৰিয়াল! চাৰে এঘাৰ-বাৰটাত অফিচলৈ ওলায়, তিনি-চাৰেতিনিত ঘৰ! ঘৰে ঘৰে চাকৰিয়াল আছেই আছে৷ একেই অফিচ-ঘৰ-বজাৰ৷ তাৰ মাজতেই সীমাবদ্ধ গতানুগতিক জীৱন৷ অন্ন-বস্ত্ৰ-বাসস্থান৷ আহাৰ-নিদ্ৰা-মৈথুন৷ কিনো বেলেগডাল হৈছে? তুমি অলপ অন্য ধৰণৰ কিবা এটা কৰাচোন৷ পাৰিবা দিয়া৷’

চাওঁ কি হয়গৈ৷ মমবাতিকে লৈছোঁ আৰু...

ঠিকেই আছে৷ দিনদিয়েকতে আয়ত্ত কৰি ল’ব পৰা কাম৷ এনে বিদ্যাৰেই নিজৰ ইউনিট খুলি শিক্ষিত নিবনুৱাই আনলৈ হাত নাপাতি স্বাধীনচিতীয়াভাৱে চলি যাব পাৰে৷ মূৰ দাঙি জীয়াই থাকিব পাৰে৷ কাৰেণ্টৰ অৱস্থাটো দিনক-দিনে আৰু বেয়া হ’বই৷ মাটি খান্দিলে পানী ওলায়, বিদ্যুৎ কেতিয়াও নোলায়৷ জনা কথা৷ গতিকে চিন্তা নকৰিবা৷ তোমাৰ প্ৰজেক্টটোৰ ভৱিষ্যৎ আছে৷ আমি নমৰা পৰ্যন্ত এই ঠাইত তোমাৰ প্ৰডাক্ট চলিব৷ গেৰাণ্টি দিলোঁ৷ ভাল দাম পাবা তুমি৷ মাৰ্কেটিঙতো বৰ বেছি মাথা মাৰিব নালাগিব যেন পাইছোঁ৷’

কি হয় জানো! লাগি আছোঁ দাদা৷ মাৰ্কেটতো কথা পাতি চাইছোঁ৷ চলাৰ আশা এটা আছে৷

কৰা কৰা, নিজে কিবা এটা কৰাৰ লক্ষ্যৰে তোমাৰ দৰে ময়ো এদিন মমৰ কথাই ভাবিছিলোঁ৷ তেতিয়াই ধৰা হ’লে এতিয়ালৈ বহুত কিবাকিবি কৰিব পাৰিলোঁহেঁতেন চাগৈ৷ ভুল হৈ গ’ল বুইছা৷ আমি ডেইলী সন্মুখীন হোৱা ল’ড শ্বেডিং, ট্ৰেন্সফৰ্মাৰ বিকল, লাইনৰ বিজুতি, লাইনমেনৰ হামবৰা ভাব, এ.এছ.ই.বি.ৰ হ্ৰাসমান কৰ্মসংস্কৃতি, চৰকাৰৰ পদক্ষেপশূন্যতা, জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি আদিবোৰ এনে উদ্যোগৰ কাৰণে একোটাহঁত প্লাছ পইণ্ট৷ চোৱা, বিজুলীৰ পোহৰ নাইকিয়া হোৱাৰ লগে লগে মানুহে মম-চাকি নজ্বলাই কি জ্বলাব? সিফালে ইনভাৰ্টাৰেও মাতে টি-ট টি-ট৷ জেনেৰেটৰত তেল পুৰি ফেনৰ বতাহ খোৱাটো কি মুখৰ কথা? বাই দি বাই, ৰাইজৰ সহায় হোৱাকৈ টিপচাকি আৰু বিচনিৰ ইউনিট এটাৰ কথাও কোনোবাই পজিটিভলি চিন্তা কৰিব পাৰে দেই৷ লাভ হ’ব৷ চুঙাচাকিও আজিকালি বৰ জৰুৰী হৈ পৰিছে৷ ৰাস্তাৰ অৱস্থা যিহে, টৰ্চ নহ'লেই নহয়৷ টৰ্চ থকা মস্ত ম’বাইল হেণ্ডছেট হাতে হাতে থাকিলেওনো কি ডাল হ’ব? চাৰ্জ দিবলৈ কাৰেণ্ট হ’লেহে! ইতিহাসৰ পুনৰাবৃত্তি বুজিছা? আমি সেই চাকি, বিচনিৰ যুগৰ পৰাই আহিছিলোঁ৷ এতিয়া আকৌ সেইবোৰলৈকে ঘূৰি গৈ আছোঁ৷ It is always better to light a candle than curse the darkness. গ্ৰাম্য বৈদ্যুতিকীকৰণৰ ভেঁকো-ভাওনাখনো দেখিছাই নহয়৷ মানুহ অতিষ্ঠ নহ’ব? বাৰু কোৱাচোন, তোমাৰ মেইন কেঁচামাল পেৰাফিন ৱাক্স এভেইলেবলনে? মই জনাত আগতে সিমান নাছিল কিন্তু৷’

হয় আজিকালি এভেইলেবল দাদা৷ সেই বিষয়ে মই কেইবাটাও পাৰ্টীৰ লগত কথা পাতিছোঁ৷ নিশ্চিতিও পাইছোঁ৷ পাই যাম৷

তেনেহলে ভাটা-কেৰাহী, সাঁচ, কেঁচি-কটাৰী, পেকিং মেটেৰিয়েল, ৰং-সূতা, শ্ৰমিক-যোগালি আদিৰহে কথা৷ ঘৰ-মাটিটো আছেই তোমাৰ৷

বেছি জেগা নালাগে৷ হৈ যাব৷

তেনেকুৱা ইউনিট নিজে চাইছাগৈনে নাই?

চাইছোঁ দাদা৷

গুড৷ যোৱা এতিয়া৷ একধ্যানে লাগি থকা৷ অল দ্যা বেষ্ট৷

ৰঙা নেন’খন ঠাইতে ঘূৰাই লৈ উৎসাহেৰে মিৰজেং গ’লগৈ৷ মই তাৰফালে একধ্যানে চাই থাকিলোঁ৷ কাৰেণ্টটো আহিছিল৷ পাঁচ মিনিটমান থাকি আকৌ গ’ল৷ ৰাতি ৰাতি সদায় লুকাভাকু৷ বৰষুণৰ টোপালকেইটামান পেলাবহে লাগে, লগে লগেই অন্তৰ্ধান৷ বতাহত গছৰ পাত লৰিবহে লাগে, পোহৰকণ ততালিকে গায়েব৷ গোটেইখন মৰিশালি! তাৰ মাজত আমি আৰু আমাৰ অনিশ্চিত জীৱনবোৰ৷

মিৰজেঙৰ ইউনিটটো চলিব৷ বেছ চলিব৷ ভৱিষ্যতে এই লৰাটোৰ উত্তৰণ ঘটিবই৷ স্পষ্ট ইংগিত এইবোৰেই৷