Saturday, 7 March 2020

১.৬ চ’ক’ তায়ু



২৫ জানুৱাৰী ২০২০ ৷ নিশা ৮.৩০মান হৈছে ৷ সশব্দে বাজি উঠিল মোৰ ম’বাইল ফোনটোৰ ৰিংট’ন ৷ চাওঁ যে স্ক্ৰীণখনত উজলিছে অচিনাকি নম্বৰ এটা ৷ কোন হ’ব পাৰে বাৰু ? এপলক ভাবিয়ে ৰিচিভ কৰি দিলোঁ ৷
হিন্দী ভাষাৰে অনুচ্চ কণ্ঠস্বৰ এটাই সিফালৰ পৰা কোনো পাতনি নতৰাকৈ কৈ যাব ধৰিলে… ছাৰ আপ্‌নে আনিনি যানে কে লিয়ে মদত মাংগা থা না ?
আকস্মিক প্ৰশ্নটোত মই স্বাভাৱিকতে থত্‌মত্‌ খালোঁ ৷ পাছৰটো বাক্যত যেতিয়া জনালে… মে’ ৰ’য়িংছে বাত কৰ ৰাহা হুঁ বুলি, তেতিয়া আৰু বুজিবলৈ অকণো বাকী নাথাকিল ৷ জাঁপ মাৰি উঠিলোঁ আৰু শেষ জানুৱাৰীৰ জাৰকো নেওচি উত্তেজনাত মুকলি আকাশৰ তল পালোঁগৈ, যাতে কথাখিনি স্পষ্টকৈ শুনাত একোৱে বাধা দিব নোৱাৰে ৷
হাঁ হাঁ বুলি একে উশাহতে নিজৰ নাম-ধাম, উদ্দেশ্য-বিধেয় চব জনাই দিয়া হ’ল ৷ ইদু মিচিমিৰ ৰেহ উৎসৱৰ উপলক্ষ্যত আনিনিলৈ যোৱাৰ কাৰণে মোৰ অন্তৰত দুৰ্বাৰ ৰূপতযে ইচ্ছা এটা জাগিছে, সেইটোত জোৰ বেছিকৈ দিয়া হ’ল ৷
সিমূৰৰ পৰাও আত্মপৰিচয় দাঙি ধৰিলে... মে’ৰা নাম চ’ক’ তায়ু ৷ ইদু মিচিমি ৷ ফেষ্টিভেল কমিটি মে’ পাব্লিচিটি চেক্ৰেটাৰী হুঁ ৷
আচ্ছা ! মোৰ উত্তেজনা আৰু এঢাপ বাঢ়িল ৷ যেন এইমাত্ৰ লটাৰীহে লাগি গৈছে !
তেওঁ কৈ গ’ল... আমাৰ ফেষ্টিভেল সংক্ৰান্তীয় প’ষ্টবোৰ ফে’চবুকত ময়েই আপল’ড কৰি আছোঁ ৷ ফেষ্টিভেলৰ কাম লৈয়ে আজি মই ৰ’য়িঙলৈ আহিছোঁ ৷ সেয়েহে আপোনাৰ এছ.এম.এছ. বাৰ্তাটো পঢ়িব পাইছোঁ আৰু ফোন কৰিবও পাৰিছোঁ ৷ আনিনিত কেৱল বি.এছ.এন.এল.ৰ নেটৱৰ্কহে পোৱা যায় ৷ কিন্তু বৰ্তমান বিকল হৈ আছে৷ ফলত বহিৰ্জগতৰ লগত সংযোগ বিচ্ছিন্ন ৷ ফেষ্টিভেলৰ সময়ত যাতে ঠিক হৈ যায় তাৰ বাবে আৱেদন জনোৱা হৈছে ৷
এইফালে শব্দই শব্দই উৎফুল্লিত হোৱাৰ পাল মোৰ ৷ প’ষ্টাৰখনত থকা নম্বৰ এটাৰে গৰাকী হ’ব নিশ্চয় এইজন ৷ পাছত মিলাই চাব লাগিব৷ সি যি কি নহওক, আচল মানুহ পাই গৈছোঁ মই ৷ হাতত মুঠেই চাৰিটামান দিন বাকী থকা অৱস্থাত হ’লেও নিৰ্ভৰযোগ্য যোগাযোগ এটা সম্ভৱ হৈছে বাৰু ৷ ৰাজহুৱা গোট DIBANG AN INCREDIBLE VALLEYত তেওঁ উপস্থাপন কৰি অহা Reh Festival Anini, 2020 শীৰ্ষক প'ষ্টকেইটা চায়েইতো আনিনি-আচ্‌হিছ’ৰ কাৰণে ব্যাকুল হৈ পৰিছিলোঁ আৰু নিৰৱে সিদ্ধান্ত লৈছিলোঁ সেই ঠাইবোৰ এক্সপ্ল’ৰ কৰাৰ ৷
ইমানখিনি কথা পতাৰ পাছত মনে মনে নিৰ্ণয় ল’লোঁ যে ঈশ্বৰে পঠিওৱা এই অচিনাকি, অদৃশ্য লোকজনক এতিয়াৰে পৰা কোনোপধ্যে এৰা নহ’ব ৷ নহ’লেযে মোৰ আগন্তুক ভ্ৰমণ হ’ব বৃথা ৷ (ক্ৰমশঃ)
১.৫ আশা-নিৰাশাৰ অন্তহীন দোমোজা




জিবি প’ল’ৱে মৌন ব্ৰত অব্যাহত ৰখাত তাৰ কাৰণ বিচৰাৰ পৰিৱৰ্তে চিন্তিবলৈ ল’লোঁ বিকল্প ৷ বুজি পালোঁ যে ৰৈ থাকিলে কাম নিসিজিব ৷ যোৱা মানুহটো মইহে ৷ গতিকে নিজে নিজৰ অহা-যোৱাৰ ব্যৱস্থা আৰু থকা-খোৱাৰ জেগা বিচাৰিব লাগিল ৷
প’ল’ৱে কৈছিল ৰ’য়িঙৰ পৰা আনিনিলৈ টাটা ছুম’ চলে বুলি৷ কিন্তু এৰা আৰু পোৱাৰ সময় সোধা নহ’ল ৷ ভাড়া কিমান ? তাকো নাজানিলোঁ ৷ সেয়ে এতিয়া ইণ্টাৰনে’টত চলাথ কৰিব ধৰিছোঁ, সেইফালৰ যাত্ৰী পৰিৱহণকাৰী সংস্থাৰ শুংসূত্ৰ কিবা পাওঁ নেকি বুলি ৷

ভাগ্য ভাল ৷ দুটা ঠিকনাৰ লগতে ম’বাইল ফোনৰ নম্বৰো পাই গ’লোঁ ৷ গ’ অৰুণাচল আৰু এ.আই. ট্ৰেভেল মেনেজমেণ্ট ৷ যাতায়াত সেৱা সম্পৰ্কে সবিশেষ তথ্যৰ লগতে অগ্ৰিম চিট বুকিঙৰ বাবে ততালিকে (২৪.২.২০২০) এছ.এম.এছ.যোগে প্ৰশ্নবোধক বাৰ্তা প্ৰেৰণ কৰা হ’ল এই দুই ল’কেল টুৰ অ’পাৰেটৰলৈ ৷


আকৌ ভাগ্য বেয়া ৷ আশানুৰূপ সঁহাৰি কোনোফালৰ পৰাই নাহিল ৷ কি হ’ল ? সকলোৰেচোন কেৱল মৌনতা ! কেউপিনে যেন বিফলতাই আগুৰি ধৰিছে মোক ৷ ময়ো অৱশ্যে কামোৰ এৰি দিয়া নাই ৷ পোৱা-নোপোৱাৰ খেল এখনহে যেন চলি আছে !


অৰুণাচল প্ৰদেশ চৰকাৰৰ দ্বাৰা অনুমোদিত ভ্ৰমণ আৱৰ্তৰ সংখ্যা ১১ ৷ ৰ’য়িং-মায়’ডিয়া-আনিনি সেইবিলাকৰ ভিতৰত অন্যতম ৷ ল’ৱাৰ ডিবাং ভেলী জিলাৰ ৰ’য়িঙত আৰম্ভ হোৱা এই চাৰ্কিটৰ অন্তৰ্গত ভীষ্মক নগৰ, চালি লে’ক, মেহাও লে’ক, মায়’ডিয়া, হুনলি আৰু ডিবাং ভেলী জিলাৰ আনিনিক সামৰি লোৱা হৈছে ৷আনিনিত আৱৰ্ত ভৱন, পৰিদৰ্শন বঙলা আছে ৷ ইটালিন, আৰজু, এলিনিতো আই.বি. আছে ৷ ৰানলিৰ উপৰি মই যাব খোজা অন্তিম ভাৰতীয় গাঁও আচ্‌হিছ’ত আছে পৰ্যটক নিবাস ৷ নে’টত অধ্যয়ন কৰোঁতে এইখিনি তথ্য পাইছোঁ ৷ বৰ্তমান অৱস্থা-দুৰৱস্থা আৰু ব্যৱস্থাপনা সম্বন্ধেহে জনাৰ একো উপায় পোৱা নাই ৷



সি যি কি নহওক, এইবাৰ বেলেগ এটা আইডিয়া মনলৈ আহিল ৷ ৰূম খালী থাকিলে অৰুণাচলত চাৰ্কিট হাউচ, টুৰিষ্ট লজ্‌ আদিত আমাৰ নিচিনা নিচেই সাধাৰণজনকো থাকিবলৈ অনুমতি দিয়া হয় ৷ এতিয়াৰ পৰা বহু বছৰৰ আগতে, ১৯৯২ চনত টাৱাং ভ্ৰমিবলৈ যাওঁতে টাৱাঙৰ আৱৰ্ত ভৱনত আছিলোঁ ৷ ব’মডিলাত পৰ্যটক নিবাসত ঠাই পাইছিলোঁ ৷ অৱশ্যে তেতিয়া আগতীয়াকৈ চিঠি লিখি ডাকযোগে পঠিয়াই দিয়া হৈছিল ৷ সেয়া আজিও সজীৱ হৈ থকা পুৰণা সুখ-স্মৃতি ৷ আনহাতে ২০১৬ত মেচুকালৈ যাওঁতে যাত্ৰাপথত আল’ত চাৰ্কিট হাউচত কোঠালি পোৱা গৈছিল, আগতীয়া কোনো খা-খবৰ নিদিয়াকৈয়ে, যদিওবা নিজেহে নাথাকিলোঁ, দলীয় সিদ্ধান্ত মানি ৷ তাৰ আগৰ বছৰ কিবিথু যাত্ৰাত হাৱাইত সহজেই পাইছিলোঁ যাত্ৰী নিবাস, ৱালঙত পৰিদৰ্শন বাংলো ৷ এনেবোৰ চৰকাৰী স্থানত থিতাপি লোৱাতকৈ স্থানীয় লোকৰ বেচৰকাৰী চাংঘৰত আপোনমনে কটোৱাটোহে মোৰ প্ৰথম পচন্দ যদিও অতীত-অভিজ্ঞতাৰ আলোকত পৰিস্থিতি চালি-জাৰি এই মুহূৰ্তত ভাবি পালোঁ, আনিনিৰ চাৰ্কিট হাউচ, আই.বি.ৰ দায়িত্ববাহী বিষয়ালৈ মনৰ কথাখিনি লিখি পঠাই দিলে কেনে হয় ? ভবামতেই কাম ৷ ইনাৰ লাইন পাৰ্মিট সংলগ্ন কৰি আৱেদন-পত্ৰ তুৰন্তে মেইল কৰি দিলোঁ চাৰ্কোল অফিচাৰ ৰজালিণ্ড পেৰ্টিন মহোদয়ালৈ ৷ নে’টত এড্ৰেছটো পাইছিলোঁ ৷

আনুষ্ঠানিক পত্ৰ দিলোঁ হয়, সেইখনৰো উত্তৰ দেখোন নাহেহে নাহে ! আকৌ চেঁচাপানী ! ইফালে ক্ষণ গৈ আছে বাগৰি ৷ হঠাতে অতিকৈ আশাব্যঞ্জক খবৰ এটা কাণত পৰিলহি যে ডিবাং ভেলী জিলাৰ সন্মানীয় উপায়ুক্ত ৱায়ং খিমহুন আৰু মোৰ ভাই শ্বিলংস্থিত উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ একালৰ সহপাঠী ৷ দুয়োৰে মাজত ফোনত বাৰ্তালাপ চলি থাকে বুলিও কথা প্ৰসংগত গম পালোঁ ৷ ভিতৰি উত্তেজনা মোৰ স্বাভাৱিকতে বাঢ়ি গ’ল৷ আনিনি যাত্ৰাৰ প্ৰস্তুতিৰ বিষয়ে শুনি ভাইটিয়ে সতীৰ্থক যোগাযোগ কৰিলেই ৷ দূৰণিৰ অচিনাকি পৰ্যটকক আনিনিলৈ ৱেলকাম জনালে যদিও জিলাধিপতিয়ে এইটো লগে লগে স্পষ্ট কৰি দিলে যে ইদু ৰাইজৰ আগন্তুক ৰেহ ফেষ্টিভেলত অৰুণাচলৰ মাননীয় মুখ্য মন্ত্ৰী পেমা খাণ্ডুসহিত ভালেমান ভি.আই.পি. আনিনিত গিজগিজাই থাকিব ৷ গতিকে উক্ত সময়ত আৱৰ্ত ভৱন কিম্বা পৰিদৰ্শন বাংলো, ক’তোৱে কোঠা খালী পোৱাটো সম্ভৱপৰ নহ’ব ৷ তেনেহ’লে বিকল্প ? হ’মষ্টে বিচাৰিবলৈয়ে ডি.চি. চাহাবে পৰামৰ্শ দিলে ৷

আশাৰ ৰেঙণি এটা দেখা গৈছিল ৷ সিও ঘপহকৈ মাৰ গ’ল ৷ ইয়াৰ পাছত নে’টত আনিনিস্থিত হ’মষ্টে বিচাৰি ঘূৰ্মুটিয়াই ফুৰিলোঁ যদিও সুফল একো নোলাল ৷ সমস্যাটো জীয়াই থাকিল আগৰ ধৰণেই ৷ আশা-নিৰাশাৰ অন্তহীন দোমোজাত পৰি চিন্তা দুগুণে চৰিলহে ৷ (ক্ৰমশঃ)

Tuesday, 3 March 2020

১.৪ সংকল্প, সমস্যা, অনিশ্চয়তা, প্ৰত্যাহ্বান ইত্যাদি



এই মুহূৰ্তত বৰকৈ মনত পৰিছে, মেন্‌-চু-খা (জনপ্ৰিয় নাম মেচুকা)স্থিত গেবু চোনা আৰু নানা নাক্‌চাঙৰ জি.টি.এল. হ’মষ্টেত বিগত ২৭.১১.২০১৬ তাৰিখে লগ পোৱা ৬০ ঊৰ্ধ্বৰ ক্ৰোৱেচিয়ান নাগৰিক, লণ্ডন নিবাসী অৱসৰপ্ৰাপ্ত সাংবাদিক Zarko Vodinelioলৈ ৷ তেওঁ দেখোন অকলেই আহিছিল ইমান দূৰ বাট ৷ আল’ৰ পৰা টাটা ছুম’ত বহি মেন্‌-চু-খা ওলাইছিলহি, সাধাৰণভাৱে ৷ ৬১ বছৰ বয়সতো নিৰ্ভয়ে-নিৰ্বিঘ্নে ঘূৰি ফুৰিছে, অকলশৰীয়াকৈ ! বিদেশৰাষ্ট্ৰ ভাৰতবৰ্ষ আহি পালেহি ৷ তাৰো আকৌ তেনেই এমূৰীয়া অৰুণাচল প্ৰদেশ ৷ তাকো আকৌ ঘোঁকটৰ মেন্‌-চু-খাত উপস্থিত ৷ অকলে অকলে ! কিহৰ তাড়নাত ? কেনেকৈ পাৰে এই বিদেশীবোৰে ? কিহে লৈ ফুৰায়, কিহে সাহস (প্ৰকৃততে মৰসাহস) যোগায় এইসকলক ? ঘৰুৱা মানুহ হৈও আমি কিয় নোৱাৰোঁ ? স্বদেশৰ ভিতৰত ঘূৰা-পকাত আশংকা বা আপত্তি কিহৰ ? আপোন ভালেই জগত ভাল ৷ বাকী সকলোবোৰ অদৰকাৰী আৰু অমূলক ধাৰণা, ভয়াতুৰ মানসিকতা৷ এনেকৈ ভাবিব ধৰিলোঁ আৰু পূব ইউৰোপৰ সমুদ্ৰ তীৰৰ বৰ্ষীয়ান ক্ৰ'ৱেটছজনক মোৰ এইবাৰৰ একক আনিনি যাত্ৰাৰ প্ৰেৰণা হিচাপে ল’লোঁ ৷
এইফালে, আনিনি সম্পৰ্কে ফোনত সিদিনা নিৰুত্তৰ হৈ পৰা জিবি প’ল’কে সাহস হিচাপে লৈছিলোঁ, ৰ’য়িং পৰ্যন্ত ৷ কিন্তু হঠাতে কি হ’লজানো, তেওঁচোন তাপ মাৰিলে ! আশা কৰি আছিলোঁ যদিও উভতি কোনো বাৰ্তাই নাহিল হোৱাট্‌ছএপত ৷
সিফালে আকৌ হ’ল কি ? তিনিয়ে দুয়ে পাঁচটাকৈ ফোন নম্বৰত ডায়েল কৰি কৰি আমনি লাগি গ’ল, আনিনিয়ান (আনিনিৰ বাসিন্দা) এজনৰো সৈতে এবাৰো সংযোগ পাবৰ সাধ্য নহ’ল ৷ ডিবাং ভেলী যেন আজিও পাণ্ডৱবৰ্জিত, আজিও ক’লীয়াপানীৰ নামান্তৰ !
এইবোৰকে গুণা-গঁথা কৰি মনে মনে খুব চিন্তিত, অতিকৈ ব্যথিত হৈ আছোঁ ৷ ইফালে, যাম বুলি এবাৰ যিহেতু ভাবি ল’লোঁ, নিজমুখে আনকো কৈ দিছোঁ যেতিয়া পিছ হোঁহকাৰ প্ৰশ্নই নুঠে ৷ যিকোনো উপায়ে হ’লেও এই যাত্ৰা সাকাৰ কৰিবই লাগিব মই ৷ ই যেন এক প্ৰত্যাহ্বানৰ ৰূপ লৈ লৈছে !
২২ তাৰিখে হোৱাট্‌ছএপত দীঘলীয়াকৈ এবকলা লিখি জিবি প’ল’ক কথাবোৰ খোলাখুলিকৈ জনালোঁ, কিজানি বৰফ গলেই, সেই ভাবি ৷ তদুপৰি দুটা কথাত সহায় আশা কৰি অনুৰোধো জনালোঁ ৷ এক. আনিনিত স্থানীয় কোনো ইদু মিচিমি পৰিয়ালত মোৰ থকা-খোৱা, অৰ্থাৎ হ’মষ্টে ৷ আৰু দুই. ৰ’য়িঙৰ পৰা আনিনিলৈ যোৱাৰ ব্যৱস্থা ৷ দ্বিতীয় কামটো ৰ’য়িঙত উপস্থিত হৈ নিজে কৰিব পাৰিম বুলি দৃঢ়তা থাকিলেও প্ৰথমটোৰ সাধ্য সদ্যহতে মোৰ নাই ৷ সেয়ে শৰণাপন্ন নহৈ নোৱাৰিলোঁ ৷ পিছে সিমূৰৰ পৰাহে সঁহাৰি হ’লগৈ শূন্য ৷ কি কৰা যায় ? মনটো বাৰে বাৰে অস্থিৰ হৈ উঠিছে ৷ টিক্‌ টিক্‌ টিককৈ সময় বাগৰি গৈ আছে ৷ প্ৰস্তুতি-পৰ্বলৈ আহিছে স্থবিৰতা আৰু দুশ্চিন্তা ৷ সেইবোৰক কোনোপধ্যে কাবু কৰিবলৈ দিব নোৱাৰি ৷ এনেকুৱাতে প্ৰয়োজন অকণমান ধৈৰ্য, অকণমান শুভবুদ্ধিৰ ৷
পাছদিনা (২৩.১.২০) ৷ হচপিটেলিটি উদ্যোগখণ্ডৰ ব্যক্তিগত মালিকানাধীন কোম্পানী OYOৰ মাধ্যমেৰে ৰ’য়িঙৰ ল’ৱাৰ মাৰ্কেটত অৱস্থিত হোটেল মিম’ত এজনীয়া কোঠা এটা বুক্‌ কৰি পেলালোঁ, অন্ততঃ ৰ’য়িঙলৈকে যাত্ৰাটো সুনিশ্চিত হৈ থাকক বুলিয়ে ৷ তাৰ পৰা আগলৈ সম্পূৰ্ণ অনিশ্চয়তা ৷ যি হয় দেখা যাব, পেটে পেটে এই ভাব ৷
২৪.১.২০ ৷ Kindly let me know about the communication, accommodation etc. during the forthcoming Reh Festival. I wish to visit Anini, Acheso during the festival time. ফোন যোগাযোগ সম্ভৱ নোহোৱাত ইতিমধ্যে সংগৃহীত নম্বৰসমূহলৈ একাদিক্ৰমে এছ.এম.এছ. লিখিব ধৰিলোঁ ৷ লগে লগে একো প্ৰত্যুত্তৰ নাহিল ৷ সঁহাৰি নাপালেও নিৰাশো কিন্তু নহ’লোঁ ৷ মনটো ঘূৰি ফুৰিছে মায়’ডিয়াৰ সিপাৰৰ কাল্পনিক কোনোবাখন হুনলি, আনিনি, আচ্‌হিছ’ত ৷ মানসপটত বাৰে বাৰে উজলি উঠিছে Zarko Vodinelioৰ মুখখন ৷ এতিয়া তেৱেঁই মোৰ ৰ’ল মডেল, একমাত্ৰ পথিকৃৎ ৷ (ক্ৰমশঃ)

Friday, 28 February 2020

১.৩ আই.এল.পি. আৰু ৰে’লৰ টিকট কৰি পেলালোঁ



১৮ জানুৱাৰী, ২০২০ ৷ ফে’চবুক খুঁচৰোঁতে ওলাল এখন প’ষ্টাৰ ৷
Upcoming Reh Festival Anini 2020. February 1st to February 3rd. Simplicity at it's best.
চেণ্ট্ৰেল ৰেহ চেলিব্ৰেচন কমিটি আৰু ইদু মিচিমি কালচাৰেল এণ্ড লিটাৰেৰী ছ’চাইটিৰ প্ৰতীক-চিহ্নসম্বলিত সুন্দৰ প’ষ্টাৰখন ডাউনল’ড কৰি মনোযোগেৰে লক্ষ্য কৰোঁতে নিম্নাংশত দুটা ফোন নম্বৰ দৃষ্টিগোচৰ হ’ল ৷ মেগনিফায়িং গ্লাছখন কম্পিউটাৰৰ স্ক্ৰীণৰ সন্মুখত লৈ সংখ্যাকেইটা উদ্ধাৰ কৰি নোটবুকখনত লিখি ল’লোঁ ৷ পলম নকৰি ততাতৈয়াকৈ কী-পেডত টিপা মাৰিলোঁ, একেই ভাব-অনুভূতিৰে ৷ ই-কি ? এইবাৰো দেখোন কোনো যোগাযোগ সম্ভৱ নহ’ল ! আহত হৃদয়ৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া… উত্তৰ দিবলৈ যদি ব্যৱস্থাই ঠিক নাই, তেনেহ’লে এনেকৈ ফোন নম্বৰবোৰ উল্লেখ কৰাৰ দৰকাৰ কি ? সমান্তৰালভাৱে, খৰকৈ চিন্তা কৰিছোঁ, বিকল্প কি হ’ব পাৰে ? দিন চমু চাপি আহি আছে ৷

পাছদিনাখন (১৯.১.২০)…
Some pre-moments of upcoming Reh Festival Celebration in Anini, Dibang Valley District. Febraury 1st - Febraury 3rd.
ফটোগ্ৰাফ দুখনে আকৰ্ষণ তথা উত্তেজনা আৰু এখোপ বৃদ্ধি পোৱালে ৷ আশাবাদী মনটোৱে কৈ উঠিল... যি হয় হ’ব, ইনাৰ লাইন পাৰ্মিটখন কৰি থোৱা যাওক৷ ৰে’লৰ টিকট এটাও আগতীয়াকৈ কাটি পেলোৱাৰ দুৰ্বাৰ ইচ্ছা জাগিল ৷ তাড়না কিম্বা ভ্ৰমণ-উন্মাদনাৰ বশৱৰ্তী হৈয়ে আধাৰ কাৰ্ড আৰু ফটো সংযোজন কৰি অনলাইনযোগে আই.এল.পি.ৰ কাৰণে সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আৱেদন জনাই দিলোঁ ৷ ৰেফাৰেন্সত থাকিল ৰ’য়িঙৰ জিবি প’ল’ৰ নাম-ঠিকনা, ফোন নম্বৰ ৷
ৰ’য়িঙলৈ ইতিপূৰ্বে দুবাৰকৈ যোৱাৰ পূৰ্ব-অভিজ্ঞতা মোৰ আছে ৷ মায়’ডিয়ালৈকো গৈছিলোঁ এবাৰ, বিগত ২০১৫ চনতে, ব’হাগ বিহুৰ পৰত ৷ চকুৱে সামৰি ল’ব পৰাখিনিৰ বাদে গিৰিপথটোৰ সিপাৰৰ পৃথিৱীখনৰ সৈতেহে কাৰ্যতঃ চা-চিনাকি নাই ৷ বৰফ দেখিছোঁ যদিও অতিক্ৰম কৰাৰ অভিজ্ঞতাও শূন্য ৷ এনেস্থলত নোপোৱাখিনিক এতিয়া এইটো সুযোগতে পাবলৈ চিত্ত ভীষণ উত্ৰাৱল, অবুজন হৈ উঠিছে ৷ লগ-ভাগ হ’লে নাই ৷ পুৰণা সংগীসকলক টুকুৰিয়াই চোৱা হৈছে ৷ ইউটিউবত বিচাৰি বিচাৰি আনিনিৰ ভিডিঅ’ কেইটামান উলিয়াই হোৱাট্‌ছএপযোগে চাব পৰাকৈ দিলোঁ যদিও বিভিন্নজনৰ বিভিন্ন সমস্যা ৷ কাৰোবাৰ মৌনতা অথবা দুৰ্বল মন্তব্য ৷ সকলো বাদ দি হিচাপ মিলাই দেখিলোঁ, ২৯ তাৰিখে মই ঘৰৰ পৰা ওলাব লাগিব ৷ তেহে ১ তাৰিখে উৎসৱথলী পোৱাটো সম্ভৱ হ’ব ৷ সংগীবিহীন অৱস্থাৰেই এসময়ত সংকল্পবদ্ধ হ’লোঁ যে এইবাৰ মোৰ যাত্ৰাটো হ’ব সম্পূৰ্ণ অকলশৰীয়াভাৱে ৷ চাগৈ ঈশ্বৰৰ ইচ্ছাটোও তেনেকুৱাই ৷

পাছদিনা ২০ তাৰিখ ৷ পুৱাতে ৰিজাৰ্ভেচন কাউণ্টাৰলৈ গৈ ডিফুৰ পৰা নিউ তিনিচুকীয়ালৈ ৰে’লৰ টিকট এটা কাটিলোঁ ৷ ৰিজাৰ্ভেচন ১৫৯৫৯ নং উজনিমুৱা হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছত ৷ S6 38, আপাৰ বাৰ্থ পালোঁ ৷ অহাৰ টিকট নাই কৰা ৷ কাৰণ কেতিয়াকৈ ঘূৰিব পাৰিম নাজানো ৷ দিন-তাৰিখ একো নিৰ্দিষ্ট নাই ৷
এইফালে ঘৰ আহি পাই পি.চি.টো খুলিয়ে উৎফুল্লিত হোৱাৰ পাল ৷ আই.এল.পি.ৰ মাচুল জমা দিয়াৰ বাৰ্তা আহিছে ৷ ১০০ টকা পৰিশোধ কৰাত সন্ধিয়ালৈ আহি গ’ল মোৰ ইনাৰ লাইন পাৰ্মিট ৷ বিধিসন্মত অনুমতি অনুযায়ী ৩০ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী ২০২০ পৰ্যন্ত অৰুণাচলৰ ডিবাং ভেলীত নিৰ্বিঘ্নে বিচৰণ কৰিব পাৰিম ৷ প্ৰৱেশদ্বাৰ হ’ব শদিয়াৰ সমীপৰ শান্তিপুৰ চে’ক গে’ট ৷
ভাবনাত এতিয়া হিল্লোল তুলি থকা প্ৰসংগটো হ’ল... ৰ’য়িঙত থকাটো কি কৰা যায় ? হোৱাট্‌ছএপৰ জৰিয়তে জিবি প’ল’ক জনাই দিলোঁ যে মোৰ ৰে’লৰ টিকট আৰু আই.এল.পি. পাই গ’লোঁ ৷ ৩০ জানুৱাৰীৰ বিয়লি ৰ’য়িঙত উপস্থিত হ’ম ৷ আই.এল.পি.ৰ প্ৰিণ্ট আউট আৰু ট্ৰেইনৰ টিকটটো সযতনে থৈ ব্যস্ত হ’লোঁ সম্ভাব্য ভ্ৰমণ-সূচী তৈয়াৰ কৰাত ৷ (ক্ৰমশঃ)
১.২ পৰৱৰ্তী আহ্বানবোৰ…



পাছদিনাখন (১৪.১.২০) ফে’চবুকত আকৌ এটা নতুন প’ষ্ট ৷ লিখা আছিল…
Below is a glimpse of picnic spot located in Acheso village near Anini for upcoming Reh Festival event on Feb 1st to Feb 3rd. Suspension bridge made of bamboo.
পৰ্বতৰ নামনিৰে বৈছে এখন বহল নৈ ৷ নৈখনৰ বুকুত শিল-বালিময় এটা দ্বীপ ৷ পানীৰ ওপৰত বাঁহেৰে সজা এক সুদৃশ্য ওলমা সাঁকো, চৌপাশৰ প্ৰাকৃতিক দৃশ্য, পাইন অৰণ্য, তুষাৰাবৃত পৰ্বতমালা ইত্যাদি ইত্যাদি ৷ অগ্নি মিহুৰ ফটোগ্ৰাফ ১০খনে মন-প্ৰাণ মোৰ অতিমাত্ৰাই চঞ্চল কৰি পেলালে ৷ যাওঁ যাওঁ লাগিলেই, ছবি দেখিয়ে৷ সংগোপনে সিদ্ধান্ত এটাও লৈ পেলালোঁ তৎমুহূৰ্ততে ৷ পিছে সংগী-সহযোগী হ’ব কোন ? একে সময়তে এই লৈ ভাবনা (নে দুৰ্ভাবনা?) এটায়ো মগজুত তোলপাৰ নলগোৱাকৈ নাথাকিল অৱশ্যে ৷ অজান্তি-মুলুকলৈ ওলাবজানো কোনোবা, মোৰ লগত ?

তাৰ পাছদিনা (১৫.১.২০) পুৱাতে…
Early morning feast for your eyes! Preparations are in full swing for the Reh Festival at Anini in Dibang Valley District, Arunachal Pradesh.
এখন এখনকৈ চাবলৈ পালোঁ প্ৰস্তুতি পৰ্যায়ৰ ১১খন স্থিৰ চিত্ৰ, যিবোৰে অৰুণাচলপ্ৰিয় অন্তৰাত্মাক আৰু অধিক আলোড়িত, আৰু অধিক উত্তেজিত কৰি তুলিবলৈ সক্ষম হ’ল ৷ আচৰিত লাগিল যে গোটটোত এইখিনি ফটোৰ আপল’ডকৰ্তাজন হৈছে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী, অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত জন্ম গ্ৰহণ কৰা কীৰেন ৰিজিজু ৷ মোৰ মনত আছে, Adventure at Menchukhaৰ ক্ষেত্ৰতো যুৱ সাংসদগৰাকীয়ে অগ্ৰণী ভূমিকা লৈছিল৷ ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনাময় পৰ্যটন উদ্যোগটোৰ বিকাশৰ দিশত কি ব্যক্তি-সংগঠন, কি মন্ত্ৰী-বিধায়ক, আটায়ে উঠি-পৰি লাগি গৈছে ৷ এইটো শুভ-লক্ষণ ৷ ভাল লাগিল প’ষ্টটো দেখি ৷

তাৰ পাছদিনাখন (১৬.১.২০) পঢ়িবলৈ পালোঁ এখন বিজ্ঞপ্তি…
Circular regarding Reh Festival sports events and tournaments...
১৮ জানুৱাৰীৰ পৰা আনিনিৰ ডিবাং ভেলী ৰেহ কমিটিয়ে বেডমিণ্টন, ভলীবল আৰু ক্ৰছ কাণ্ট্ৰিৰ আয়োজন কৰিছে ৷ বিজ্ঞপ্তিখনত তিনিটাকৈ ফোন নম্বৰ পাই গ’লোঁ ৷ খুব আনন্দ লাগিল৷ পকেট নোটবুকত সযতনে টুকি ল’লোঁ উক্ত নম্বৰকেইটা, যোগাযোগ স্থাপনৰ মতলবেৰে ৷ মনত আছে, Pangsu Pass Winter Festivalৰ বেলিকা ফটোগ্ৰাফাৰ আৰিফ ছিদ্দিকীৰ সৈতে এনেকুৱা ধৰণৰ এক আকস্মিক সংযোগেই যাত্ৰাটো সম্ভৱপৰ কৰি তুলিছিল৷ তদনুৰূপভাৱে, এতিয়াও, নিজৰ আগ্ৰহৰ বিষয়ে জনাই দুআষাৰ পাতোঁ বুলি উৎসাহেৰে ডায়েলিং আৰম্ভ কৰি দিলোঁ৷ একাদিক্ৰমে কেউটা নম্বৰলৈকে চেষ্টা চলিল যদিও আচৰিত যে সিটো মূৰে এজনৰো ফোন নাবাজিল৷ মাত নাপালেও কিন্তু নিৰাশো নহ’লোঁ ৷ ভ্ৰমণ-জুইৰ দহন ইতিপূৰ্বে আৰম্ভ হৈয়ে গৈছিলযে !
ৰ’য়িঙৰ Mishmi Hill Campৰ জিবি প’ল’ ৷ ২০১৫ চনত তেওঁৰ ৰিজৰ্টখনত এৰাতি ৰৈছিলোঁ ৷ পুৰণা চিনাকি এই লোকজনকে সোধাৰ ইচ্ছা হ’ল আনিনিৰ কথা৷ ফোনত লগে লগেই পাই গ’লোঁ তেওঁক ৷ ১-৩ ফেব্ৰুৱাৰীত ৰ’য়িঙতো ইদু ৰাইজৰ ৰেহ উৎসৱ চলিব বুলি জনালে ৷ সুধিলোঁ, আনিনিলৈ যাতায়াতৰ মাধ্যম কি হ’ব ? ৰ’য়িঙৰ পৰা টাটা ছুম’ চলে৷ ৰাস্তাৰ কাম চলি থকা হেতুকে সময় বহুত লাগে বুলি ক’লে ৷ সি যি কি নহওক, প্ৰয়োজন হ’লে মোৰ বাবে আসন সংৰক্ষণ কৰি ৰাখিবলৈকো আগ্ৰহী হ’ল তেওঁ ৷ পিছে আনিনিত থকা-খোৱাৰ বিষয়েহে একো তথ্যই জনাব নোৱাৰিলে ৷ সেই লৈ দুশ্চিন্তা এটা দুৰু-দুৰুকৈ আৰম্ভ হ’ব ধৰিলে মোৰ অন্তৰৰ একোণত৷ (ক্ৰমশঃ)

Saturday, 22 February 2020

১.১ আকস্মিক আমন্ত্ৰণটো...



দিনটো আছিল সোমবাৰ ৷ ১৩ জানুৱাৰী, চন ২০২০ ৷ ফে’চবুকত লগ-ইন কৰিছোঁহে, ৰাজহুৱা গোট DIBANG AN INCREDIBLE VALLEYত কোনোবা অজ্ঞাতজনে আপল’ড কৰা Reh Festival Anini, 2020 শীৰ্ষক প’ষ্ট এটাই চকুহালক টানি লৈ গ’ল ৷ কথাংশত পঢ়িলোঁ…
‘Reh is a local festival of a tribal community known as Idu Mishmi in the state of Arunachal Pradesh. Every year from February 1st to February 3rd Idu Mishmi people of Arunachal Pradesh celebrate their community festival known as Reh together. People from across the land celebrate together to bring happiness and prosperity in the family and society. Like every year this year too the people of Dibang Valley District welcomes you all to celebrate Reh festival in Anini. Anini is the Headquarter of Dibang Valley District.
Once again welcome you all.
Thank you.
Central Reh Festival Committee, Anini, 2020.
Below are few pictures showing preparations going on for upcoming Reh Festival.'
সংলগ্নকৃত আলোক-চিত্ৰ তিনিখনেও মোক বৰকৈ আকৰ্ষণ কৰিলে ৷ আনিনিৰ প্ৰতি টান এটা আগৰে পৰাই আছিলেই ৷ এতিয়া যেন অভাবনীয়ভাৱে এক সুবৰ্ণ সুযোগ, যেন অজান্তি-মুলুকৰ পৰা পৰম আকাংক্ষিত এটা আমন্ত্ৰণ আহি গ’ল ! উৎফুল্লিত হৃদয়ে তৎমুহূৰ্ততে স্বগতোক্তি কৰি উঠিল… এই আহ্বানৰ প্ৰতি সঁহাৰি যোগাত্মক হ’ব লাগিব ৷ এই সুযোগৰ সদ্ব্যৱহাৰ কৰাটোৱেই বুদ্ধিমানৰ কাম হ’ব ৷ বাকী চব কথা বাদ ৷ আনিনিয়ে মাতিছে মোক ৷ (ক্ৰমশঃ)

Thursday, 20 February 2020

আনিনি… য’ত ডাৱৰে মাটিক চুমা যাচে
(বিস্তাৰিত তথা সচিত্ৰ ভ্ৰমণ-লেখা)



আৰম্ভণিতে…

আনিনি- শব্দটোৰ সৈতে দৰাচলতে মোৰ পৰিচয় ঘটিছিল স্কুলীয়া ছাত্ৰাৱস্থাতেই৷ ভূচিত্ৰাৱলীৰ পৃষ্ঠা মেলি ঠাই বিচৰা খেল এটা আমি খেলিছিলোঁ৷ লগ-সমনীয়াক উলিয়াবলৈ দিছিলোঁ- আনিনি৷ ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত চীন সীমান্তৱৰ্তী অৱস্থানত অকলশৰীয়াভাৱে চিত্ৰিত আনিনি শব্দটো কিয় জানো তেতিয়াৰে পৰাই মোৰ হৃদয়ৰ গভীৰতাত, কল্পনাৰ মায়াজালত বান্ধ খাই ৰ’ল! আজিৰ পৰা প্ৰায় ৪৩-৪৪ বছৰৰ আগৰ কথা এয়া৷ ডাঙৰ হোৱাৰ পাছত শুনিছিলোঁ, আনিনিলৈ বাট-পথ নাই৷ খাদ্য-বস্তু এয়াৰ ড্ৰপিংহে হয়৷

অৰুণাচল প্ৰদেশ মোৰ অতিকৈ প্ৰিয় আৰু মৰমৰ ভ্ৰমণথলী৷ অৰুণাচলৰ সৰ্বদিশ দৰ্শনক এটা ‘জীৱনজোৰা পৰ্যটন’ বুলিব পাৰি৷ এই ৰাজ্যৰ টাৱাং, ব’মডিলা, ৰূপা, ইটানগৰ, নাহৰলগুন, পতিন, য়াজালি, জিৰো, ডাপ’ৰিজো, তালিহা, দয়ম, চিয়ুম, নাচ্ছ’, লিমেকিং, কেতেনালা, গেলেন চিনিয়াক, বাচাৰ, বামে’, আল’, তাত’, মেন-চু-খা, য়াৰলুং, পাচিঘাট, ৰাণাঘাট, নামচাই, চৌখাম, ৱাক্ৰ’, পৰশুৰাম কুণ্ড, খুপা, হায়ুলিয়াং, ৱালং, ডং, কিবিথু, কাহ’, হাৱাই, তেজু, ৰ’য়িং, মায়’ডিয়া, নামপং, পাংচু পাছ আদি বিভিন্ন ঠাই ইতিমধ্যে ভ্ৰমিছোঁ, ভ্ৰমণ-বৃত্তান্ত লিখিছোঁ যদিও থাকি গৈছে আনিনি৷ কল্পনাৰ সেই ঠাইখন৷ বিষয়টোৱে মন-মগজুত সততে আমনি দি থাকে৷ কিবা যেন অসম্পূৰ্ণ হৈ আছে এতিয়াও, এনে লাগে ভাবিলে৷ ৰৈ থাকোঁ সময়-সুযোগ অহালৈ৷

আনিনি, আনিনি, আনিনি… সাংগীতিক শব্দটোৰ পম খেদি এড্‌ভেন্সাৰপ্ৰিয় মনটোক অৱশেষত শান্তি দিবলৈ সমৰ্থ হ’লোঁ, সৌ-সিদিনাখন মাত্ৰ৷ ১-৩ ফেব্ৰুৱাৰী, ২০২০ত আনিনিত অনুষ্ঠিতব্য ইদু মিছিমিসকলৰ প্ৰাণৰ উৎসৱ ‘ৰেহ ফেষ্টিভেল’ৰ অচিলাৰে, সৰগীয় মাতৃ নান্নী ইনয়িটায়াৰ আশিস বিচাৰি এইবাৰ উপস্থিত হ’লোঁগৈ আনিনিত৷ তাৰ পৰা আগলৈ লাষ্ট বি.অ’.পি. ডেমবিউন অতিক্ৰমি ভাৰতৰ শেষ গাঁও আচ্‌হিছ’ পালোঁগৈ৷ ৰ’য়িঙত স্থিতি লৈ আৰম্ভ কৰা চ’ল’ এড্‌ভেন্সাৰ ট্ৰিপটোৰ দুৱাৰডলিতে তুষাৰাবৃত মায়’ডিয়াত প্ৰত্যক্ষ কৰিলোঁ জীৱনত কোনোদিনে নেদেখা অদ্ভুত প্ৰাকৃতিক দৃশ্যৰাজি৷

কোনবাটে কিদৰে গ’লোঁ, কি দেখিলোঁ, ক’ত থাকিলোঁ, কি খালোঁ, কি পালোঁ… যাত্ৰাকালীন দৰ্শন আৰু অভিজ্ঞতাৰ বিস্তাৰিত তথা সচিত্ৰ প্ৰকাশেৰে আগন্তুক দিনত ‘অকব’ত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ মোৰ নৱতম ভ্ৰমণ-লেখা ‘আনিনি… য’ত ডাৱৰে মাটিক চুমা যাচে’৷

এই লেখাৰ জৰিয়তে পৰৱৰ্তী দিনৰ নেছাৰেলিষ্ট-এড্‌ভেন্সাৰিষ্টসকলক নিজৰ নিজৰ যাত্ৰা-প্ৰস্তুতিৰ দিশত আগতীয়াকৈ কিছু লাগতিয়াল আভাস দিব পাৰিম বুলি বিশ্বাস জাগিছে৷ আনফালে, উক্ত টুৰিষ্ট চাৰ্কিটৰ অগ্ৰগামী যাত্ৰিকে বৰ্ণনাত কিবা ভুল-ভ্ৰান্তি-বিসংগতি প্ৰত্যক্ষ কৰিলে নিৰ্দ্বিধাই অনুগ্ৰহ কৰি উনুকিয়াব বুলি প্ৰাৰ্থনা জনাই থ’লোঁ৷