পৰ্যটন দিৱসৰ পৰ্যটন
১. যাত্ৰা-ভাবনা
‘The thrill of life always stays alive when you are travelling.’
এই কথাত নিশ্চয় কাৰো দ্বিমত নাথাকিব যে ভূগোলৰ মানচিত্ৰৰ জ্ঞানে আমাৰ কল্পনা জগতত ঠাইবিশেষৰ সম্বন্ধে স্থিতিগত ধাৰণাৰ জন্ম দিয়ে ৷ বিপৰীতে, অৱস্থানত উপনীত হৈ, স্বচক্ষে চৌপাশ পৰ্যবেক্ষণ কৰি, মানুহৰ সাহচৰ্যৰ লগতে জীৱন-ধাৰণৰ বিৱৰণী শুনি প্ৰকৃত তথ্য তথা প্ৰত্যক্ষ অভিজ্ঞতা আহৰণ কৰা যায় ৷ এনে বাস্তৱ জ্ঞানৰ মাধ্যমেৰে পুথিপ্ৰদত্ত জ্ঞানকণক সুগভীৰ আৰু সুদৃঢ় ৰূপ দিব পাৰি, য’ত ভ্ৰমণৰ ভূমিকা, গুৰুত্ব আৰু প্ৰভাৱ অনন্য-সাধাৰণ ৷
এই কথাতো নিশ্চয় কাৰো দ্বিমত নাথাকিব যে পৰ্যটনে পাঠ্যপুথিলব্ধ বিষয়বস্তুলৈ পৰিপূৰ্ণতা আনি সন্মুখৰ পৃথিৱীখনৰ সৈতে আমাক মুখামুখিকৈ পৰিচয় কৰোৱাই দিয়ে ৷ নজনাক জনাৰ অনন্ত জিজ্ঞাসাৰে এক কথাত ই হৈছে থিয়’ৰিৰ লগৰ প্ৰেক্টিকেল ৷ বিৱৰণ পঢ়ি জ্ঞানপিপাসাক পৰিতৃপ্ত কৰিব নোৱাৰি, ফটোগ্ৰাফ-ভিডিঅ’ চায়ো নোৱাৰি ৷ এতেকে ভ্ৰমণৰ মাজতেই আছে সঁচাৰ সন্ধান, কৌতূহল নিবৃতিৰ সংগ্ৰাম ৷ ক্ষুদ্ৰতা আৰু সংকীৰ্ণতাৰ মাজত প্ৰকৃত পথ-প্ৰদৰ্শকৰ অভাৱত আবদ্ধ হৈ থকা মানুহযে সৰ্বদা মুক্তিপ্ৰয়াসী, যাত্ৰাৰ মাজেৰে তাক পলে পলে অনুভৱ কৰিব পাৰি ৷ গতিকে, একমাত্ৰ মনত উৎপন্ন হোৱা বুজাব নোৱাৰা তাগিদা কিম্বা অনুসন্ধিৎসা নিবাৰণৰ বাবেই নহয়; সত্যৰ অনুসন্ধান, সুন্দৰৰ স্থিতি অনুভৱ, নিজকে নতুনকৈ আৱিষ্কাৰ কৰাৰ প্ৰয়াসেই হৈছে ভ্ৰমণৰ অদৃশ্য কাৰণ ৷
পৰ্যটন মোৰ প্ৰিয় বিষয় ৷ ভ্ৰমণ মোৰ অন্যতম প্ৰিয় হ’বী ৷ ফাঁক পালেই প্ৰাত্যহিক জীৱনৰ পৰা সাময়িক অব্যাহতি লৈ ইয়াৰ পাছত লাগি যাওঁ ৷ প্ৰতিটো যাত্ৰাতে নিজকে নিজে ভাবি লওঁ এক নিৰপেক্ষ অন্বেষণকাৰী বুলি ৷ প্ৰতিটো যাত্ৰাতে বুটলিবলৈ পাওঁ এনে কিছুমান সুখানুভূতি, যি আত্মাক প্ৰভাৱিত কৰে আন কাকোৱেই কৈ বা লিখি বুজাব নোৱাৰা ধৰণে ৷
২৪ ছেপ্টেম্বৰ ২০২০, বৃহস্পতিবাৰ ৷ সন্মুখত আহি আছে বিশ্ব পৰ্যটন দিৱস ২০২০ ৷ মনৰ মাজতো কি কৰোঁ ক’লৈ যাওঁ, পৰ্যটন-ভাবনাৰ থৌকি-বাথৌ ৷
‘27th September is
World Tourism Day. দিনটো দেওবাৰ ৷ সিদিনা কিবা এটা কৰিব পৰা যায় নেকি ভাবি চাবচোন
৷’ পুৱাতে এইবুলি নিয়মীয়া আৰু প্ৰাক্তন ভ্ৰমণ-সংগী
কেইবাজনলৈকো, আগতীয়াকৈ WhatsApp message এৰি দিলোঁ ৷ অৰুণদা (অৰুণ টেৰণ)ই লগে
লগে সঁহাৰি জনালে ৷ ‘ভাবি চাম ৷’ বুলি লিখি ৷
মনটো ভাল লাগি গ’ল ৷ মোক আচৰিত কৰি অলপ পাছতে ফটো এখনো আহিল ৷
সুধিছে, ‘ইয়ালৈ যাব নেকি ? West Karbi Anglong. ওখ নহয় ৷ সুন্দৰ
docu film কৰা যায় ৷’ প্ৰস্তাৱটো দেখা পায়ে বুজি উঠিছোঁ যে উচ্চতা-ভীতিৰ
কাৰণে তেওঁ মনেজানি অনুচ্চ জেগা বাছি লৈছে আৰু কৈছে ৷
‘Umthasneng নেকি ?’ মই সুধিলোঁ ৷ আচলতে ধৰিবকে পৰা নাই ছবিত দেখুৱা জলপ্ৰপাতটো ক’ৰ হয় ৷
হঠাতে কি হ’ল জানো ! অৰুণদা নিৰুত্তৰ হৈ পৰিল ৷ ধৰি ল’লোঁ, অফিছলৈ ওলাবৰ হ’ল চাগৈ ৷
আবেলিহে উত্তৰটো আহিল ৷ ‘নহয় ৷ Li-Honjar. মূল ৰাস্তাৰ
পৰা খোজ কাঢ়ি অলপমান যাব লাগে ৷’
‘ঠিক আছে ৷ World
Tourism Day ২০২০ উপলক্ষে যাত্ৰা খাটাং হওক তেন্তে ৷’ মই উৎসাহত ফাটি পৰিলোঁ ৷
‘বলেৰ’ আৰু মোৰ স্বাস্থ্য ঠিকে থাকিলে কাইলৈ জনাম ৷’ এইবুলি ক’লে তেওঁ ৷ জলপ্ৰপাতটো বৈঠালাংছ’ৰ পৰা অকণমান আগত ৷ বৰছিঙে তেওঁক এবাৰ তালৈ লৈ গৈছিল হেনো ৷
‘বাৰু দাদা’ বুলি মই কথা সমাপ্ত কৰিব খুজিছিলোঁ ৷ অৰুণদাই জেৰ টানিলে ৷
‘লগত অনিল আৰু বাবুক লৈ
যাম ৷ সিহঁতক জনোৱা নাই এতিয়াও ৷’ অনিলদা (অনিল সূত্ৰধাৰ)
আমাৰ পুৰণা ভ্ৰমণ সংগী ৷ বৰছিং টেৰণ আৰু বাবু তিমুং অৰুণদাৰ অফিছৰ চতুৰ্থ বৰ্গৰ
কৰ্মচাৰী ৷
‘হ’ব দাদা ৷’
সন্ধিয়া ৬ নাবাজোঁতেই আকৌ মেছেজ আহিল ৷ ‘99% final. আপোনাৰ কাৰণে pure veg.’
বাৰ্তাটো পঢ়ি যাওঁতে মনতে ভাবিছোঁ… বঢ়িয়া ৷ খাদ্যৰ চিন্তা নায়েইচোন তেনেহ’লে ৷
তেৱেঁই আকৌ লিখিব ধৰিলে… ‘বৰছিঙৰ ঘৰত ৷ সন্মুখত সেউজীয়া পথাৰ ৷ আমি য’ত যাম সি তাৰ উপ-সভাপতি ৷ গাঁওবুঢ়াক আপোনাক লগ ধৰাবলৈ কৈছোঁ
যাতে তাৰ কিম্বদন্তীবিলাক আপুনি জানিব পাৰে আৰু পাছত লিখি উলিয়াব পাৰে ৷ ৰেকৰ্ড
থাকক আৰু বেলেগও জানক ৷’
‘অতি সুন্দৰ হ'ব দাদা ৷’ কথাখিনি ভাল লগাত এইদৰে উত্তৰ দি দিলোঁ ৷ বৰছিং কিহৰ সভাপতি
সেইটোহে বোধগম্য নহ’ল ৷
‘সি তাতে ৰৈ থাকিব ৷’ সি মানে বৰছিং ৷ বুজিলোঁ ৷
‘বাৰু ৷’
৮ বাজিবৰ হ’লহি ৷ উপৰ্যুপৰি মেছেজ আহি আছে ৷
‘ড্ৰাইভাৰ ধনছিং ৷ লগত
বাবু ৷ Chief Guest অনিল ৷’
‘Chief Guest অনিলদা !’ পেটে পেটে হাঁহি উঠি গ’ল মোৰ ৷ অৰুণদায়ো
জানে কথাৰ আঁৰৰ কথা কি ৷
‘সি লামডিঙত আছে ৷’ অৱস্থান জনালে অনিলদাৰ ৷
‘মাছ কিনিবলৈ গৈছে চাগৈ
৷’ মই ৰসিকতা কৰিলোঁ ৷
‘হয় হয় ৷’
অনুমানটো সঠিক হৈ পৰাত অনিলদাক লৈ এলানি হাঁহি উঠা emojiৰ আদান-প্ৰদান চলিল ৷ তাৰ পাছত দাদাৰ
প্ৰকাশ্য ৰসিকতা ৷ ‘তাক ক’লোঁ, জেগা নাই ৷
বৰছিংহঁত ৰৈ থাকিব ৷ সি দিয়া কুকুৰটোৰ আজি জন্মদিন ৷ তাৰ নাম বহুতো ৷’
কুকুৰৰ প্ৰসংগ কিয় ওলাইছে পৰিষ্কাৰ নহ’ল মোৰ ৷ ইফালে নিশা ১০ বাজিবৰ হ’লহি ৷ কম্পিউটাৰ সামৰিব
লাগে ৷ তাৰ আগে আগে জানিব বিচাৰিলোঁ কাইলৈৰ কাৰ্যসূচী ৷ ‘আচ্ছা, কাইলৈৰ কথা কওক ৷’
‘আমি য’ত ভাত খাম তাৰ ঘৰ এইটো ৷’
তলত এইবুলি লিখা এটা ভিডিঅ’ পঠাইছে ৷ মনোযোগেৰে চালোঁ
৷ পানীয়েই পানীচোন ! তৎমুহূৰ্ততে গাটো চেবাই গ’ল ৷ এই জল-প্ৰলয়ত
যোৱাটো কি সম্ভৱ হ’ব ?
উত্তৰ লিখোঁতে পলম হওঁতেই দাদাই সিফালে গম পাই গৈছে চাগৈ যে ছবি
চাই মই চিন্তিত হৈ পৰিছোঁ ৷ ‘প্ৰগ্ৰামটো এতিয়ালৈকে কেন্সেল কৰিব দিয়া নাই ৷
পানী কমিব হেনো ৷’ এনেকৈ ক’লে ৷
‘কোন নৈৰ বাঢ়নী পানী
এয়া ? কপিলীৰ নে কাৰবি লাংপীৰ ?’ … ‘গাঁওখনৰ নামটো ?’ উপৰ্যুপৰি সুধিলোঁ ময়ো ৷
‘হংক্ৰামৰ কাষত ৷ বান্ধৰ পানী ৷ মাজে মাজে এৰি দিয়ে হেনো ৷ এইকেইদিন বৰষুণ দি আছে বুলি জনাইছে ৷ … বাবু, অনিলক জনালোঁ ৷ যাব ৷’
হংক্ৰামলৈ মই আগতে গৈছোঁ ৷ বৈঠালাংছ’-ডংকামোকাম পথৰ দাঁতিত অৱস্থিত ই এখন প্ৰাচীন উন্নত গাঁও ৷ ১৯৬০ চনতে, গাঁও সংগঠন আঁচনি অনুসৰি ১০০ ঘৰ বসতিৰে এই সৰু গাঁওখনে স্থায়ী আৰু আদৰ্শ গাঁৱৰ স্বীকৃতি পাইছিল ৷ ৪,০০০ৰো অধিক জনসংখ্যাৰে হংক্ৰাম আজি এখন বিশাল আদৰ্শ গাঁও ৷ টিকা পাহাৰৰ পাদদেশত, ঠাইডোখৰ প্ৰায় সমান ৷ মাটিবোৰ সাৰুৱা ৷ ধান, তামোল, নাৰিকল আদিৰ উৎপাদন ভাল হয় ৷ হংক্ৰামৰ নিজস্ব এক ঐতিহ্যও নথকা নহয় ৷ অতীজৰে পৰাই সাহিত্য, সংস্কৃতি, ৰাজনীতি আদি ক্ষেত্ৰলৈ গাঁওখনে অপৰিসীম অৱদান যোগাই আহিছে ৷ কাৰবি আদৰবাৰৰ প্ৰতিষ্ঠাপক সভাপতি ছাৰছিং টেৰণ হাবে, মিকিৰ পাহাৰ জিলা পৰিষদৰ চতুৰ্থগৰাকী মুখ্য কাৰ্যবাহী সদস্য চন্দ্ৰছিং টেৰণ, কাৰবি লাম্মেত আমেই (কাৰবি সাহিত্য সভা)ৰ প্ৰতিষ্ঠাপক সদস্য, জিলা পৰিষদৰ ভূতপূৰ্ব মুখ্য কাৰ্যবাহী সদস্য তথা অসম মন্ত্ৰীসভাৰ একালৰ মন্ত্ৰী ধনীৰাম ৰংপি, জিলা পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মোহনছিং টেৰণ, অসম গণ পৰিষদ চৰকাৰৰ বান নিয়ন্ত্ৰণ বিভাগৰ মন্ত্ৰী ছামছিং হাঞ্চে, বিশিষ্ট কবি ছাৰএৎ হাঞ্চে, মোৰ অগ্ৰজপ্ৰতিম লেখক-বন্ধু হাংমিজি হাঞ্চে আৰু ওলাইছে কতজন ৷ কাৰবি আংলং জিলাৰ পূব প্ৰান্তৰ বকলীয়াঘাটৰ লাংবুংদিংপিৰ এৰাগাঁৱত জন্ম গ্ৰহণ কৰা আমাৰ শ্ৰদ্ধাৰ ৰংবং তেৰাং ছাৰো এদিন এই হংক্ৰামৰে জোঁৱাই হৈছিল ৷ বহুজন পঠিত তেখেতৰ জনপ্ৰিয় উপন্যাস ‘ৰংমিলিৰ হাঁহি’ৰ পটভূমি ৰংমিলি গাঁওখনৰ চিত্ৰ অংকন কৰোঁতে স্পষ্টভাৱে নাম উল্লেখ নকৰিলেও হংক্ৰাম গাঁওখনৰে প্ৰভাৱ পৰা যেন অনুভৱ হয় ৷
দাদাৰ বাক্যবোৰ পঢ়ি থাকি মোৰ উত্তেজনা বাঢ়ি আহিল ৷ এটা শব্দৰেই
সুধিলোঁ, ‘সময় ?’
‘8 a.m.’
‘ঘৰৰ আগত ৰৈ থাকিম ৷হ'বনে
?’
‘O.K.’
‘কি কি নিব লাগিব ?’
‘ছাতি, …’
‘হাফপেণ্ট, গামোচা, কেমেৰা,
… ৷’ অৰুণদাই ভাবি থাকোঁতেই
মই জোৰা দি গ’লোঁ এটা এটাকৈ ৷
‘চব ল’ব ৷ গা ধুম তাতে ৷’
‘সাঁতুৰিব নাজানো ৷’
‘দ নহয় পানী ৷’
‘পানীলৈ ভয় আছে দেই দাদা ৷ পৰ্বতলৈ নাই ৷’
১০.৩০ বাজিল ৷ কম্পিউটাৰ সামৰি দিলোঁ এইবুলি লিখি ৷
No comments:
Post a Comment