‘Add more meaning to your life by travelling as
much as you can as it is the best way to learn.’
২৭ ছেপ্টেম্বৰ, দেওবাৰ ৷ আজি World Tourism Day 2020 ৷ এই দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ৷ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত পৰ্যটনে আনিব পৰা অপৰিসীম পৰিৱৰ্তন আৰু প্ৰভাৱেই এই দিৱসৰ মূল তাৎপৰ্য ৷ ১৯৭০ চনৰ আজিৰ দিনটোতে বিশ্ব পৰ্যটন সংস্থাই পৰ্যটন পৰিনিয়ম গ্ৰহণ কৰিছিল ৷ ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে ৷ ১৯৯৭ চনৰ পৰা প্ৰতি বছৰে একোটা নতুন Theme লৈ বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰি অহা হৈছে ৷ বিশ্বৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়টো যুগুত কৰা হয় ৷ দিৱসৰ এইবাৰৰ Themeটো হ’ল পৰ্যটন আৰু গ্ৰাম্য উন্নয়ন, Tourism and Rural Development ৷
ব্যক্তিগতভাৱে, পুৱাৰে পৰাই আজি কথা এটা ভাবি বৰ আনন্দ লাগি আছে ৷ সেয়া হৈছে, ২০১০ চনৰ বিশ্ব পৰ্যটন দিৱস অৰ্থাৎ ১০ বছৰৰ আগতে আজিৰ দিনটোতে জীৱনৰ প্ৰথম বিদেশ যাত্ৰা কৰিছিলোঁ ৷ দশক পুৰণা সুখ-স্মৃতি সুঁৱৰিবৰ বাবে এয়া দুনাই সুযোগ পাইছোঁ ৷ গতিকে কিবা এটা কৰিবই লাগিব ৷
মনৰ ভিতৰত উচ্পিচনি ৷ ভাবি আছোঁ, কাৰ সৈতে যোগাযোগ কৰোঁ ? কোনে মোৰ ইচ্ছাক প্ৰশমিত কৰিব পাৰে ? ৭ বাজি ৩০ মিনিট হ’বৰ হ’ল ৷
স্বতঃস্ফূৰ্তভাৱেই এটা নাম মনলৈ আহিল ৷ মংগলছিং ক্ৰ’ ৷ টুৰিজিম বিভাগৰ কৰ্মচাৰী, যি মোক কাৰবি আংলঙৰ ডিষ্ট্ৰিক্ট ৱে’বচাইটত জিলাখনৰ পৰ্যটন সম্বন্ধে টোকা লিখাত সহায়ৰ হাত আগ বঢ়াইছিল ৷ বিভাগীয় লোক হিচাপে এওঁ নিশ্চয় জানিব আজি ক’ত কি কাৰ্যসূচী আছে ৷ লগে লগেই ৱাট্ছএপ খুলি ল’লোঁ ৷ দিৱসৰ শুভেচ্ছা-জনোৱাৰ লগতে প্ৰশ্ন এটা পঠালোঁ… Good morning. Greetings for the World Tourism Day 2020. May I know about today’s programme on the occasion ?
অলপ পাছতে তেওঁৰ পৰা সঁহাৰি আহিল ৷ লগতে দুটা ইমেজ ৷ You can join with us বুলিও ক’লে ৷
‘The beauty of nature will leave you speechless once you start
travelling, but it will make you a story teller once you finish travelling.’ প্ৰথমটো ইমেজৰ দীঘলীয়া বাক্যশাৰী পঢ়ি উত্তেজনা বাঢ়ি আহিল ৷ দ্বিতীয়টো
ইমেজত এখন বেনাৰ ৷ কাৰবি আংলং জিলাৰ পৰ্যটন বিভাগে কাৰবি আংলং মাউণ্টেনিয়াৰিং এছ’চিয়েচনৰ সহযোগত লংনিতৰ লংছ’কাংথু টুৰিষ্ট স্পটত
বিশ্ব পৰ্যটন দিৱস উদ্যাপন কৰিব ৷ এড্ভেন্সাৰ কাৰ্যকলাপ প্ৰদৰ্শন কৰা হ’ব ৷ লগতে থাকিব কাৰবি পৰম্পৰাগত আহাৰৰ ব্যৱস্থা ৷ উত্তেজনা আৰু
এখোপ বাঢ়িল ৷ Time ? ক্ৰ’ক সুধিলোঁ ৷ উত্তৰ আহিল, ১১.৩০ বজা ৷ Shall try বুলি ধন্যবাদ
দিয়াৰ উপৰি প্ৰাসংগিক হ’ব বুলি ভাবি উৎসাহতে মোৰ লেখা এটা তেওঁলৈ পঠাই
দিলোঁ ৷ শিৰোনাম… ‘বিশ্ব পৰ্যটন দিৱস,
পৰ্যটনৰ স্বাদ আৰু অনুভৱ’ ৷
এতিয়া কি কৰা যায় ? ৮ বাজি ১০ মিনিট গৈছে ৷ চিধাই বেনাৰখন ফ’ৰৱাৰ্ড কৰি দিলোঁ অৰুণদালৈ ৷ তলত লিখিছোঁ, ‘যাবনে ?’
সঁহাৰি নাই ৷
৯ বজাত বেনাৰখন প্ৰেৰণ কৰাৰ লগতে সঞ্জু বৰালৈ প্ৰশ্ন, ‘এই কাৰ্যসূচীলৈ যোৱাৰ কথা আছে নেকি ?’
প্ৰায় আধা ঘণ্টাৰ মূৰত তেওঁ লিখিলে, ‘নাই ৷’
প্ৰায় একে সময়তে ডক্টৰ ৰাজু গগৈলৈকো পঠাই দিয়া হ’ল বেনাৰখন ৷ তলত এটা মাত্ৰ শব্দ… ‘ব’লক ৷’
প্ৰত্যুত্তৰত তেওঁ মোলৈ বাতৰি কাকতত প্ৰকাশিত এটা লেখা পঠালে ৷ ‘Rebuilding Tourism in a safe, equitable, climate-friendly way’ ৷ লেখক Ranjan K. Baruah ৷ ক’ভিড-১৯ৰ প্ৰভাৱত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ
লগতে স্থৱিৰ হৈ পৰা অসমৰ টুৰিজিম উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ অৰ্থে অসম চৰকাৰে
নতুন আঁচনি আৰু সমৰ্থন আগ বঢ়াইছে ৷ সেই অনুসৰি আগ্ৰহী উদ্যোগীয়ে ১ লাখ টকাৰ পৰা
২০ লাখ টকা পৰ্যন্ত ঋণ পাব পৰাকৈ ‘পৰ্যটন সঞ্জীৱনী আঁচনি’ হাতত লোৱা হৈছে ৷ লেখাটোত
চকু ফুৰাই আছোঁ ৷ ফোনটো বাজি উঠিল ৷ গগৈ
ছাৰেই কৰিছে ৷ ‘ব’লক’ কথাটিৰ জেৰ টানিবলৈ সুযোগ এটা পাই গ’লোঁ মই ৷ বিপৰীতে, যাওঁ-নাযাওঁ মনোভাব তেওঁৰ ৷ কোনো নগ’লে মই অকলেই স্কুটী লৈ যাম বুলি কৈ দিলোঁ ৷ ৰ’দ দিয়ক, বৰষুণ দিয়ক, মই মুঠতে যামেই ৷ ‘অলপ পাছত জনাই আছোঁ’ বুলি তেওঁ ফোন কাটিলে
৷ ধৰি ল’লোঁ, বৰফ গ’লিব ৷
৯.৩০ বাজিছে ৷ অৰুণদাৰযে যোৱা নহ’ব সেইটো গম পাইছোঁ ৷ মোৰ লেখাটো তেওঁলৈকো পঠাই দিলোঁ ৷ ১০ মিনিটৰ পাছতে মন্তব্য দিলে… ‘সুন্দৰ লেখা ৷’ পাছে পাছে আৰু কেইটামান বাক্য ৷ ‘একো লক্ষ্য নোহোৱাকৈয়ে আজি ওলাই যোৱাৰ কথা আছিল ৷ কিন্তু ঘৰত থাকিব লাগিব ৷ পুৱা ৪ বজাতেই পৰিবাৰ গুৱাহাটীলৈ গ’ল ৷’
‘ভালহে হৈছে ৷ আপুনিও পলাওক মোৰ লগত ৷’ জেক্ দি চালোঁ ৷ দাদা পিছে নিমাত হৈ ৰ’ল ৷ মই ইটোৰ পাছত সিটো বাক্য লিখি গৈছোঁ ৷
‘আজি আপোনাক মই উঠাম বুলি
ভাবিছোঁ ৷ … তলা মাৰি দিয়ক ঘৰত ৷’ পুনৰ নিমাত ৷
‘নিয়ম ভঙা নহ'ব যেন পাইছোঁ ৷’ মনে মনে থকা দেখি এনেকৈ লিখি দিলোঁ যদিও ঘৰ এৰাটোযে তেওঁৰ পক্ষে
সম্ভৱ নহয় সেইটো ভালকৈয়ে বুজি উঠিলোঁ ৷
মনে মনে ভাবনা, কাকো লগ নধৰোঁ ৷ স্কুটীখন লৈ অকলেই যাম ৷ পাছপাকতে সিদ্ধান্ত সলনি কৰি ল’ৰাক জগালোঁগৈ ৷ টুৰিজিমৰ ছাত্ৰ ৷ গতিকে এনেকুৱা বিশেষ দিনত অন্ততঃ ইয়াক লগত নিয়াটোহে উপযুক্ত হ’ব ৷ কাৰ্যসূচী, পথৰ দুৰৱস্থা আৰু মোৰ যাত্ৰা পদ্ধতি শুনাৰ পাছত সি মন্তব্য কৰিলে, ‘গাড়ী নিম বুইছা ৷ পিছল ৰাস্তাত স্কুটী লৈ যোৱাটো একদম ঠিক নহ’ব ৷’
চিন্তা কৰিলোঁ, গাড়ী নিলে সংগীও দুই-একক নিব পৰা যায় ৷ ৰ’দ-বৰষুণৰ কথা নাই ৷ গগৈ ছাৰক কৈ দিওঁ কথাটো ৷ কিজানি সন্মত হয়েই !
নিবলগীয়া বস্তুকেইপদ ঠিক-ঠাক কৰাই হোৱা নাই ৷ ততাতৈয়াকৈ গাটো ধুই ভাত খাই লোৱাটোৱে উচিত হ'ব বুলি ভাবিলোঁ ৷ ভাত খোৱাৰ পূৰ্বে গগৈ ছাৰলৈ লগালোঁ ফোন ৷ তেওঁ ৰাজী হ’ল ৷ কলা-কেন্দ্ৰৰ সমীপত ৰৈ থাকিব ৷ তাৰ পৰাই উঠি ল’ব বুলি্ ক’লে ৷
যি কি নহওক, পুৰণা সংগী এজন ওলাইছে লগত ৷ আৰু কাক ল’ম ? অৰূপদাক ক’লোঁ, ‘দাদা ওলাওক ৷ আজি গাড়ী আছে ৷ চিন্তা নাই ৷’
‘মন্দিৰত ৰং কৰাৰ কথা লৈ মিস্ত্ৰীৰ লগত আলোচনা আছে ৷ আবেলি মাক লৈ যাব লাগিব গ্ৰন্থ উন্মোচনী সভা এখনলৈ ৷ গতিকে নোৱাৰিম ৷ তুমি যোৱা ৷’ অৰূপদা বাৰোৱাৰী দুৰ্গা মন্দিৰৰ পূজা কমিটিৰ সাধাৰণ সম্পাদক ৷ দায়িত্ব পূৰ্বনিৰ্ধাৰিত ৷ গতিকে যোৱাটো নহ’ব বুলি খাটাং হ’লোঁ ৷
হ'ব ৷ নতুন সম্ভাৱনা বুকুত লৈ আমি তিনিজনেই ওলাই যাম অলপ পাছতে প্ৰায় ৩০ কিল’মিটাৰ নিলগৰ লংছ’কাংথুলৈ, বিশ্ব পৰ্যটন দিৱসৰ পৰ্যটন বুলি ৷ (আগলৈ)
No comments:
Post a Comment