৪. যাত্ৰা
‘Save the world’s heritage places and explore about them as they are built in ancient times but have the unique story to read.’
১০.৩০ বজাত আদিশে গেৰেজৰ পৰা গাড়ীখন উলিয়ালে ৷ হাতত এঘণ্টা সময় আছে ৷ কথা দিয়া অনুসাৰেই ডিফু কলা-কেন্দ্ৰৰ নামনিত গগৈ ছাৰক আমাৰ বাবে অপেক্ষাৰত অৱস্থাত পালোঁ ৷ তেওঁক উঠাই লৈ ৰাওনা হ’লোঁ লক্ষ্যস্থান অভিমুখে ৷
বিশ্ব পৰ্যটন দিৱসৰ এই আকস্মিক পৰ্যটনৰ লক্ষ্যস্থান লংছ’কাংথু টুৰিষ্ট স্পট, খনবামন পাহাৰৰ পাদদেশত ৷ তালৈ যাবলৈ হ’লে ডিফুৰ পৰা ১৬ কিল’মিটাৰ গৈ, মাঞ্জা তিনিআলিত নগাঁওমুখী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠি, বাঁওহাতে ঘূৰি, তাৰ পৰা আৰু ৯ কিল’মিটাৰ আগ বাঢ়ি লংনিত পাই, তাৰ পৰা সোঁহাতে ফাটি, লংনিত নৈখনক বাঁওহাতে ৰাখি পাৰে পাৰে ঠেক গড়কাপ্তানী ৰাস্তাৰে ৪ কিল’মিটাৰ যাব লাগিব ৷
প্ৰতি বছৰেই ডিচেম্বৰ-জানুৱাৰী মাহত ব্যস্ত বনভোজথলীলৈ পৰ্যবসিত হয় লংনিতৰ পাৰৰ লংছ’কাংথু ৷ জনপ্ৰিয় নাম শিলনি ৷ অৱস্থানটোৰ কাৰণেই অন্যান্য সময়তো প্ৰকৃতিপ্ৰেমী, এড্ভেন্সাৰপ্ৰেমী মানুহৰ আহ-যাহ অলপীয়া মাত্ৰাত হ’লেও থাকেই ৷ এই চৰিত্ৰ আজিও বৰ্তি থকাৰ কাৰণটো হ’ল জেগাকণ সুলভ, প্ৰাকৃতিকভাৱে সৌন্দৰ্যময়, নিজঞ্জাল আৰু সহজগম্য ৷
ডিফু-মাঞ্জা ৰ’ডেৰে আজি অনেক দিনৰ পাছত যাত্ৰা কৰিছোঁ ৷ ৰাস্তাটোৱে কেইবাঠাইতো লক্ষ্যণীয়ভাৱে ভগ্ন ৰূপ লৈছে ! ফলত মাঞ্জা তিনিআলি পাওঁতে পাওঁতে আগতকৈ অনেক বেছি সময় লাগি গ’ল ৷ ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ পাছতহে যেন স্বস্তি ! ইয়াৰ পৰা লংনিত পাবলৈ সৰহ পৰ নালাগিব ৷
ডিফু, যমুনা, লংনিত হৈছে কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ অন্তৰ্গত কেইখনমান উল্লেখযোগ্য উপনৈ ৷ মাঞ্জা পাৰ হৈয়ে এৰি অহা যমুনাখন সেইডোখৰতে পথটোৰ বাঁওহাতে ডিফুৰ ফালৰ পৰা বৈ অহা ডিফু নদীৰ লগ লাগিছে ৷ তাৰ পৰা যমুনা হিচাপেই আগ বাঢ়িছে ৷ লংনিতৰ কাষত লংনিত নৈখন যমুনাত বিলীন হৈছে ৷ নৈখনে আকৌ যমুনা নামেৰেই আগুৱাইছে ৷ বকলীয়া, ডবকা আদি স্পৰ্শ কৰি যমুনামুখত কপিলীত পৰিছেগৈ ৷ এই যমুনা নৈতে লংনিতৰ পৰা কেইকিল’মিটাৰমান আগত আছে শিলভেটা, জিলাখনৰ ভিতৰত অন্য এক আকৰ্ষণীয় আৰু সহজে যাব পৰা টুৰিষ্ট স্পট ৷ অৱস্থানটো ৰাষ্ট্ৰীয় ঘাইপথৰ তেনেই দাঁতিতে ৷ আহোঁতে-যাওঁতে গাড়ীৰ পৰাই জলস্ৰোত চাই নয়ন সাৰ্থক কৰিব পাৰি ৷ শিলনি বা লংছ’কাংথু পিছে হাইৱে’ৰ পৰা কিছু ভিতৰলৈ সোমাই আছে ৷
সুনিয়ন্ত্ৰিত গতিত আমাৰ গাড়ী চলিব ধৰিছে ৷ মূলতঃ পৰ্যটন প্ৰসংগ লৈয়ে কথা-বতৰাবোৰ অনৰ্গল চলি আছে ৷ লংনিত তিনিআলিৰ পৰা লংছ’কাংথু টুৰিষ্ট স্পটলৈ যোৱা ৰাস্তাডোখৰত ব্লক পাৰি দিয়া হৈছে ৷ ভাবি আহিছিলোঁ, এইছোৱা চাগৈ অতিকৈ জঘন্য হ’ব বুলি ৷ পিছে নহয় ৷ এতিয়া উন্নত হ’ল ৷ দেখি মনটো আহ্লাদিত হৈ উঠিল ৷
হাইৱে’ এৰি আদিশে গাড়ীখন সোঁহাতে সুমুৱাই নিলে, আমাৰ লক্ষ্যস্থললৈ বুলি ৷ কেঁকুৰি এটা ঘূৰিলেই লংনিত বজাৰখন ৷ বজাৰ পাই গগৈ ছাৰৰ নিৰ্দেশত গাড়ী ৰ’ল ৷ আমি আটায়ে ঘৰত ভাত খাই আহিছোঁ ৷ সেয়ে লগত খোৱা-বস্তু একো অনা নাই ৷ আগে-ভাগে নামি গগৈ ছাৰে দোকান এখনলৈ পোনালে ৷ অনুসৰণ কৰি পাছে পাছে মই ৷ বিস্কুট আৰু পটেত’ চিপ্ছৰ পেকেট কেইটামানকে লৈ থোৱা হ’ল ৷ এনেতে লগ পালোঁ মোৰ পুৰণা চিনাকি যুৱক ৰাজু ছেত্ৰীক ৷ লংনিতত ঘৰ ৷ কেইবা বছৰৰো আগতে ডিফুত আছিল ৷ মোৰ পূৰ্বৰ কৰ্মস্থলীৰ গাতে গা লগা দোকান এখনত কাম কৰিছিল ৷ পাছত ঘৰলৈ ঘূৰি আহি লংনিত বজাৰতে নিজাকৈ দোকান এখন খুলি স্বাৱলম্বিতাৰে পেট প্ৰৱৰ্তাই আছে ৷ ভাল লাগিল তাক লগ পাই ৷ অঞ্চলটোৰ খবৰ ল’লোঁ ৷ আজিকালি চিন্তা কৰিবলগীয়া একো নাই বুলি ক’লে ৷ ৰাস্তাটোও ভাল হৈ গ’ল বুলিলে ৷
লংনিত বজাৰ এৰি আহিলোঁ ৷ পি.ডব্লিউ.ডি.ৰ পথেৰে সন্তুলিত বেগত গাড়ী গৈ আছে ৷ অলপ পাছতে বাঁওহাতে লংনিত নৈখন ওলাল ৷ পাৰে পাৰে ৰাস্তাটো ৷ এই পাহাৰীয়া নদীখনৰ উজনি অংশটো অতিপাত শিলেৰে ভৰপূৰ আছিল ৷ সৰু কালত আমি বনভোজ খাবলৈ আহোঁতে দেখা মনত আছে ৷ ওপৰৰ পৰা নামিলে এতিয়াৰ লংনিত নামৰ ঠাইডোখৰ নাপাওঁতেই শিলাময় অঞ্চলটো অন্ত পৰে ৷
শুনিবলৈ পোৱা মতে, পাহাৰৰ পৰা নামি অহা কাৰবিসকলে ঠাইডোখৰক ‘হাৰলং লিতচিত’ বুলিছিল ৷ অৰ্থাৎ, শিলেৰে ভৰপূৰ এলেকাৰ অন্ত ৷ আনহাতে এই বাটে আহ-যাহ কৰি থকাৰ প্ৰসংগত তেওঁলোকে কৈছিল, ‘হাৰলং লিতচিত লতে কেলে ল’ ৷ অর্থাৎ, শিলাময় অঞ্চলটো পাৰ হ’লেই গন্তব্যস্থল পাব ৷ ‘হাৰলং লিতচিত’ শব্দযুগলেই পাছলৈ সংক্ষিপ্ত ৰূপত ‘হাৰলং কিলিত’ আৰু ক্ৰমান্বয়ে মানুহৰ মুখ বাগৰি ‘লংলিত’ হ’ল ৷ ‘লংলিত’ৰ পৰাই পাছলৈ ‘লংনিত’, ‘লুংনিত’, ‘লুঙি’ আদি বিভিন্ন উচ্চাৰণযুক্ত চলতি শব্দ কিছুমানৰ সৃষ্টি হ’ল ৷
ইফালে, কালৰ কবলত পৰি লংনিত নৈখনে ৰং-ৰূপ নসলোৱাকৈ থকা নাই ৷ পাৰত বসতি কৰা মানুহৰ সংখ্যাটো দিনক-দিনে বৃদ্ধি পাই গৈ আছে ৷ নৈৰ বুকুৰ শিলবোৰ পূৰ্বতকৈ কমি আহি আছে ৷ ট্ৰাকে ট্ৰাকে বালিও নিতৌ চালান দি থকা হৈছে নাগালেণ্ড, মণিপুৰলৈ ৷ লংনিতৰ বালি উত্তম গুণেৰে সমৃদ্ধ ৷ নৈখনলৈ চাই ভাবিলে এতিয়া আচৰিত লাগে যে শিলে শিলে ঠেকা খোৱাৰ ফলত বোঁৱতী পানীয়ে আগতে উলিওৱা সেই ভয়ংকৰ তৰ্জন-গৰ্জনবোৰ নাইকিয়া হৈ আজিকালি কিবা যেন শান্ত-সমাহিত হৈ পৰিল ! সৌন্দৰ্যৰ অৱনতি দেখিলেই দুখে বেৰি ধৰেহি ৷ এতিয়াও হ’ল ৷ ক’তযে গ’ল সেই সোণালী সুদিন !
অন্যহাতে, অঞ্চলটোৰ নামটোৰ
বিষয়ে দকৈ ভাবিলে ভাব হয়, চাগৈ নদীৰ বুকুখন প্ৰচুৰ শিলেৰে উপচি আছিল বাবেই জনপ্ৰিয়
নামটো ‘শিলনি’ হ’ল ৷ সম্প্ৰতি কাৰবি ভাষাৰে ‘লংছ’কাংথু’ বুলি ন-পৰিচিতি লভিছে ৷ চাইনব’ৰ্ডতো নতুন শব্দই স্থান লভিছে ৷ প্ৰশ্ন হয়, অতীত গৰিমাৰে মণ্ডিত ‘শিলনি’ শব্দটো সময়ৰ ধামখুমীয়াত মানুহৰ মুখৰ পৰা হেৰাই নাযায়তো
?
১৯৫১ চনৰ ১৭
নৱেম্বৰত অসমৰ ভূতপূৰ্ব মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত গঠিত সংযুক্ত
উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ নামৰ নতুন পাহাৰীয়া জিলাখনৰ স্থায়ী সদৰ স্থান
নিৰ্বাচনৰ অৰ্থে তালিকাভুক্ত ডিফু, সিংহাসন, ডেনগাঁও, লাংলকছ’ আদি নামবোৰৰ মাজৰে অন্যতম আছিল লংনিতৰ
পাৰৰ শিলনি ৷ উৎসাহী ৰাইজে তেতিয়া নিজেই লগ লাগি এক বৃহৎ ঠাই হাবি কাটি পৰিষ্কাৰ
কৰি পেলাইছিল ৷ মিকিৰ পাহাৰ জিলা পৰিষদৰ প্ৰথমজন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত
খৰছিং তেৰাঙে ছং বে’ৰ সৈতে আলচ কৰি ঠাইখিনি
জিলা-সদৰ হিচাপে উপযুক্ত হ’ব বুলি কেইটামান
কাৰণ দৰ্শাই প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ অসমৰ তদানীন্তন শিক্ষা মন্ত্ৰী লোকনায়ক
অমিয় কুমাৰ দাসে ডিফুৰ পৰা খোজ কাঢ়ি আহি শিলনি পৰিদৰ্শন কৰি সদৰ হিচাপে ঠিক নহ’ব বুলি মতামত দিলে ৷ খৰছিং তেৰাঙৰ
পৰামৰ্শ আৰু সৰ্বসাধাৰণৰ মতামতক অগ্ৰাহ্য কৰি ১৯৫৪ চনৰ জানুৱাৰী মাহত ডিফুত
অস্থায়ী সদৰ পতা হ’ল ৷ কিছুসংখ্যকৰ
বিৰোধিতা সত্ত্বেও উপযুক্ত ঠাইৰ সন্ধান দিব নোৱাৰাত আৰু ৰে’ল যোগাযোগৰ ব্যৱস্থা থকা হেতুকেই
ডিফুতেই সদৰ পতাটো খাটাং হ’ল ৷ নহ’লেবা শিলনিৰ ৰূপ-লাৱণ্য আজি অন্য ধৰণৰ হ’লহেঁতেন ৷ সেয়া শিলনিৰ দুৰ্ভগীয়া অতীত ৷
ডিফু চহৰলৈ পাইপেৰে পানী কঢ়িয়াই নিয়াৰ সিদ্ধান্ত হৈছিল, প্ৰথমে শিলনিৰ পৰাই ৷ তাৰ পাছত, দুবছৰৰ পূৰ্বে আমি পৰিদৰ্শন কৰি অহা ছিং তেৰাং বস্তিৰ পৰা ৷ প্ৰাথমিক বিদ্যালয়ত থাকোঁতে ভূগোলৰ কিতাপত আমি পঢ়িবলৈ পাইছিলোঁ, ‘লংনিত নদীৰ ওপৰ ভাগত বান্ধ দি ডিফুলৈ পানী যোগান ধৰা হয়’ বুলি ৷ সৰুতে শিলনিলৈ আহিলে তলৰ পৰাই দেখা পাইছিলোঁ দূৰৈত, ওখত, পাহাৰৰ বক্ষত, দিয়াচলাইৰ বাকচহেন লগা ঘৰ এটা ৷ সেইটো জনস্বাস্থ্য কাৰিকৰী বিভাগ, চমুকৈ পি.এইচ.ই.ৰ পাম্প হাউচ বুলি কৈছিল ৷ ডাঙৰ হৈ সিমান উচ্চতালৈ বগায়ো পালোঁ ৷ কাষতে ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট ৷ নৈখনৰ বক্ষৰ পৰা পৰ্বতলৈ তোলা লংনিতৰ জলভাগ পিক্নিক্ স্পটৰ পৰা কিছু আগলৈ শোধন কৰা হৈছিল ৷ তাৰ পাছত মহাকৰ্ষণ বলৰ সহায়ত পাইপযোগে এৰি দিয়া হৈছিল ৩৩ কিল’মিটাৰ আঁতৰৰ ডিফু সদৰলৈ বুলি ৷ কালক্ৰমত এই ব্যৱস্থাটো বিকল হৈ পৰিল ৷ জল পৰিশোধন যোজনাটোও পৰিত্যক্ত হ’ল ৷
২০০৭ চনত, শিলনিৰ পৰা প্ৰায় ১৪ কিল’মিটাৰ আগলৈ ছিং তেৰাং গাঁৱৰ সমীপত পৰ্বতীয়া ঝৰ্ণা লাং চিথিঙত ভি ন’ট্ছ ৱেৰ অৰ্থাৎ ইংৰাজী বৰ্ণমালাৰ ভি আখৰটোৰ আকৃতিৰ বান্ধ সাজি বিকল্প ব্যৱস্থা গঢ়ি তোলা হৈছিল ৷ ফৰেষ্ট অফিছৰ মুখতে অৰূপদাৰ জীপচিখন এৰি থৈ অৰূপদা, প্ৰদীপদা, প্ৰণৱ আৰু মই পদযাত্ৰা কৰি চাইছিলোঁগৈ সেই থলী ৷ তাৰিখটো মনত আছে ৷ ২ অক্টোবৰ ২০১৮ ৷ তাৰ পাছত আৰু এইপিনে অহা হোৱা নাই ৷ দীৰ্ঘ বিৰতিৰ পাছত আজি ২৭ ছেপ্টেম্বৰ ২০২০ত এয়া পুনৰাগমন ৷ অযুত কৌতূহলে মনটোক আৱৰি ধৰিছে ৷ পৰ্যটন দিৱসৰ অচিলাৰে আহিছোঁ ৷ কাৰবি আংলং মাউণ্টেনিয়াৰিং এছ’চিয়েচনৰ দুঃসাহসিক কাৰ্যকলাপৰ প্ৰদৰ্শন চোৱাৰ অযুত আশা লৈ আহিছোঁ ৷
আঁৰৰ কাহিনীলানি নীৰৱে বুকুত সামৰি লংনিত আজিও বৈ আছে নিজস্ব গতিৰে ৷ পাৰে পাৰে আমি ৷ এই নৈৰ অগ্ৰভাগতে জনপ্ৰিয় বনভোজথলী শিলনি ৷ পিক্নিক্ স্পটটো লংছ’কাংথু ইক’-টুৰিজিম পাৰ্কৰ ভিতৰত আছে ৷ পিক্নিকৰ বতৰত দেধাৰ মানুহ আহে ইয়ালৈ ৷ অফ্ চিজনতো মানুহ আহে ৷
লংছ’কাংথু ইক’-টুৰিজিম পাৰ্ক পালোঁহি ৷ গে’টখনতে বেনাৰ এখন ওলমাই থোৱা আছে ৷ প্ৰৱেশ-দ্বাৰ বন্ধ ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পৰ্যটন বিভাগৰ দ্বাৰা এই সুদৃশ্য ‘দন্ৰি’ নিৰ্মাণ কৰা হৈছিল ৷ কাৰবি শব্দ ‘দন্ৰি’ৰ অৰ্থ তোৰণ, দ্বাৰ ৷ সেই সময়ত বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা মাননীয় কাৰ্যবাহী সদস্য প্ৰদীপ ছিংনাৰৰ উপস্থিতিত পৰ্যটন বিভাগৰ দায়িত্ববাহী মাননীয় ই.এম. প্ৰদীপ ৰংপিয়ে ২০১৬ চনৰ ৩১ ডিচেম্বৰত তোৰণখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল ৷ মোৰ বন্ধু, শিল্পী, দেবেন তিমুঙে সাজিছিল ৷