থাই আপ্চিৰ
আগকথা : যাত্ৰাৰ উক্মুকনি
মোৰ কৰ্ম-কোঠাৰ এচুকত ওলমাই থোৱা KARBI ANGLONG কেলেণ্ডাৰখনলৈ তর্জনী টোঁৱাই অৰুণদাই
হঠাতে উৎসাহেৰে কৈ উঠিল, ‘একেলগে যাম দিয়ক তালৈ৷ ভাল লাগিব৷ অহা মাহত ওলাম৷ কাকো ক’ব নালাগে৷’
JAKHONG (Hen-up Kardong) 2019 অৰ্থাৎ জুলাই
মাহৰ পৃষ্ঠাটোত এটা জলপ্ৰপাতৰ ছবি৷ তিনি খলপীয়া৷ ফটোৰ তলত লেখা আছে… Thai Apsir Water Falls (8 KM
from Mukoiram BOP, West Karbi Anglong)৷
কাৰবি লাংপী নৈখনৰ উচ্চাংশত আছে এই সুদৃশ্য জলপ্ৰপাতটো৷
উদ্ঘাটন হোৱা আৰু নামটো আমাৰ কাণত পৰা বৰ বেছি বছৰ হোৱা নাই৷ দেখাগৈতো নায়েই৷ পানী বাগৰা নৈখনৰ নামটোও অজ্ঞাত৷ দাদাই তেনেকৈ
কোৱাত স্বভাৱজনিতভাৱেই জাঁপ মাৰি উঠিলোঁ৷ আনন্দত মনটো থৌকি-বাথৌ হৈ পৰিল৷
‘ঠিক আছে
দাদা’ বুলি প্ৰসংগ তল পেলাই তেওঁক কাষতে
বহুৱালোঁ৷ তাৰ পাছত মনোনিৱেশ কৰিলোঁ মোলৈ আগ বঢ়াই দিয়া পে’ন ড্ৰাইভটোত৷ বিদ্যাছিং ৰংপিৰ প্ৰকাশিতব্য
গল্প সংকলন ‘প্ৰতীক্ষা’ৰ বেটুপাতৰ বাবে নিৰ্বাচন কৰি অনা, অৰুণদাই তোলা ফটোগ্ৰাফখন মোৰ ডেস্কটপ কম্পিউটাৰত ছেভ কৰি পে’ন ড্ৰাইভটো ঘূৰাই দিয়াত তেওঁ খৰধৰকৈ
গ’লগৈ, অফিচ অভিমুখে৷ এইফালে মই প্ৰতীক্ষা
কৰি থাকিলোঁ, থাই আপ্চিৰ অভিমুখী যাত্ৰাৰ মুহূৰ্তটো কেতিয়া আহে, তালৈ৷ দিন-ৰাতি একাকাৰ কৰি সকলো সময়তে মনে-প্ৰাণে এতিয়া কেৱল দুটা শব্দৰে হেন্দোলনি৷ থাই আপ্চিৰ৷ মাজে মাজে কেলেণ্ডাৰৰ পাতখিলাত আশাধাৰী দৃষ্টি নিগৰাওঁ৷ ভাবনা-কল্পনা-পৰিকল্পনা কিছুমানে আপোনা-আপুনি মগজু দখল কৰি পেলায়৷
ইফালে দিন ঘোষণাহে নহয়হে নহয়৷ উৎকণ্ঠাৰে ৰৈ আছোঁ৷ কাৰবি জনজীৱনত সময়ৰ নিৰিখ বুজোৱা হেন্উপ কাৰ্দং অৰ্থাৎ
বাঁহগাজ ওখ হোৱাৰ মাহ জুলাই গুচি গ’ল৷ কেলেণ্ডাৰে মোট সলালে৷ বেৰত এতিয়া আগষ্ট মাহৰ পৃষ্ঠা ওলমিছে৷
মনটো কিন্তু জুলাইতে বান্ধ খাই ৰ’ল৷ এটা যেন আত্মিক সংযোগ ইতিমধ্যে স্থাপন হৈ গৈছে, থাই আপ্চিৰৰ সৈতে মোৰ!
‘১৫ আগষ্টৰ
পাছত যাম ওলাব৷’ অৰুণদাই
এদিন ৰাতি ফোনতে উৎসাহেৰে সম্ভাৱ্য সময় সম্বন্ধে জনালে৷ অফিছত কামৰ ভৰ বৰ বেছি৷ মনটো দাং খাই থাকিলেও যাত্ৰাটো
সোনকালে সম্ভৱ হৈ নুঠাত তেওঁৰো আফছোছ৷ প্ৰকৃতিৰ মাজত মুকলিমূৰীয়া বিচৰণেৰে লভা প্ৰাণৰ সন্তুষ্টিক সদায় সন্মান আৰু আগস্থান দি অহা মানুহজনে পাৰিলে চাকৰিকে
ইস্তফা দি দিব যেন!
‘হ’ব দাদা৷ ৰ’বচোন৷ সময় আহিব নহয়৷’ মোৰ চমু উত্তৰ আৰু বুজনি৷ ইফালে নিজকো বৰ কষ্টেৰেহে বুজাইছোঁ যে কাম আৰু জীৱনৰ সামঞ্জস্যলৈ প্ৰতীক্ষা কৰিবই লাগিব৷ উপায় নাই৷ অৰুণদাৰ চাকৰি আছে৷ আছে চৰকাৰী মুৰব্বী বিষয়াৰ সৰ্বসময়ৰ দায়বদ্ধতা৷ মইহে কোনো বাধ্যবাধকতা নথকা ফ্ৰী লেন্সাৰ মানুহ৷ গুচি যাব পাৰোঁ যেতিয়াই মন যায় তেতিয়াই৷ পিছে স্বাভিমান থাকিলেও স্বাধীনতাকণ বহুতৰে নাই নহয়৷ অৰুণদাৰো নাই৷ তাৰ মাজতো সুযোগ বুজি নিজান অৰণ্যৰ মাজলৈ তেওঁ ওলাই যায়৷ মোক লগত লয়৷ সেয়া মোৰে সৌভাগ্য বুলি ধৰোঁ৷ লগ দিওঁ বুজাবুজি আৰু আন্তৰিকতাৰে৷ চমজদাৰ সংগী!
‘হ’ব দাদা৷ ৰ’বচোন৷ সময় আহিব নহয়৷’ মোৰ চমু উত্তৰ আৰু বুজনি৷ ইফালে নিজকো বৰ কষ্টেৰেহে বুজাইছোঁ যে কাম আৰু জীৱনৰ সামঞ্জস্যলৈ প্ৰতীক্ষা কৰিবই লাগিব৷ উপায় নাই৷ অৰুণদাৰ চাকৰি আছে৷ আছে চৰকাৰী মুৰব্বী বিষয়াৰ সৰ্বসময়ৰ দায়বদ্ধতা৷ মইহে কোনো বাধ্যবাধকতা নথকা ফ্ৰী লেন্সাৰ মানুহ৷ গুচি যাব পাৰোঁ যেতিয়াই মন যায় তেতিয়াই৷ পিছে স্বাভিমান থাকিলেও স্বাধীনতাকণ বহুতৰে নাই নহয়৷ অৰুণদাৰো নাই৷ তাৰ মাজতো সুযোগ বুজি নিজান অৰণ্যৰ মাজলৈ তেওঁ ওলাই যায়৷ মোক লগত লয়৷ সেয়া মোৰে সৌভাগ্য বুলি ধৰোঁ৷ লগ দিওঁ বুজাবুজি আৰু আন্তৰিকতাৰে৷ চমজদাৰ সংগী!
১৫ আগষ্ট পাৰ হ’ল৷ মনে মনে প্ৰশ্ন, কৌতূহল৷ আমি যাম কেতিয়ালৈ? অৰুণদাই একো নোকোৱা হ’লযে! অৱশেষত এদিন তাৰিখ এটা বিবেচনালৈ আনিলে তেওঁ৷ ‘২৪ আগষ্ট, চতুৰ্থ শনিবাৰ৷ অফিচ বন্ধ৷ সেইদিনাই যাম ওলাব৷’
পিছে দিন আগ বঢ়াৰ লগে লগে আহিল অন্য এক সন্মানীয় প্ৰস্তাৱ৷ উক্ত তাৰিখতে আমাৰ দুয়োৰে উমৈহতীয়া বন্ধু বিদ্যাছিং ৰংপিৰ দুখনকৈ গ্ৰন্থ উন্মোচিত হ’ব৷ দুয়োখনৰে বেটুপাতৰ শিল্পী হ’লগৈ লেখকজনৰ পুৰণা বন্ধু অৰুণ টেৰণ৷ ছপাকাৰ্য মোৰ দ্বাৰা৷ সভাখনত উপস্থিত থাকিবলৈ টানি ধৰাত মূৰকত আমাৰ যাত্ৰা এদিন পিছুৱাই দিয়া হ’ল দেওবাৰ, ২৫ আগষ্টলৈ৷ অৰুণদা উন্মোচনী সভাত উপস্থিত থাকিব৷ মোৰ অৱশ্যে মিটিং আৰু ইটিঙত মুঠেই গুৰুত্ব নাই৷ গতিকে নাযাওঁ৷ শয়নে-সপোনে মাথো দুটা শব্দই জপ কৰি আছোঁ, থাই আপচিৰ৷ প্ৰস্তুতিৰ নামত তলে তলে পঢ়া-শুনা কৰি আছোঁ৷ আৰ ছিগা চুলি তাৰ ছিগা চুলি থূপাই লৈ ঘূৰি আহি নিজৰ অভিজ্ঞতাৰ ডোলেৰে ভালকৈ মেৰিয়াই নেঘেৰী-খোপা এটা বান্ধিবৰ মন৷
পিছে দিন আগ বঢ়াৰ লগে লগে আহিল অন্য এক সন্মানীয় প্ৰস্তাৱ৷ উক্ত তাৰিখতে আমাৰ দুয়োৰে উমৈহতীয়া বন্ধু বিদ্যাছিং ৰংপিৰ দুখনকৈ গ্ৰন্থ উন্মোচিত হ’ব৷ দুয়োখনৰে বেটুপাতৰ শিল্পী হ’লগৈ লেখকজনৰ পুৰণা বন্ধু অৰুণ টেৰণ৷ ছপাকাৰ্য মোৰ দ্বাৰা৷ সভাখনত উপস্থিত থাকিবলৈ টানি ধৰাত মূৰকত আমাৰ যাত্ৰা এদিন পিছুৱাই দিয়া হ’ল দেওবাৰ, ২৫ আগষ্টলৈ৷ অৰুণদা উন্মোচনী সভাত উপস্থিত থাকিব৷ মোৰ অৱশ্যে মিটিং আৰু ইটিঙত মুঠেই গুৰুত্ব নাই৷ গতিকে নাযাওঁ৷ শয়নে-সপোনে মাথো দুটা শব্দই জপ কৰি আছোঁ, থাই আপচিৰ৷ প্ৰস্তুতিৰ নামত তলে তলে পঢ়া-শুনা কৰি আছোঁ৷ আৰ ছিগা চুলি তাৰ ছিগা চুলি থূপাই লৈ ঘূৰি আহি নিজৰ অভিজ্ঞতাৰ ডোলেৰে ভালকৈ মেৰিয়াই নেঘেৰী-খোপা এটা বান্ধিবৰ মন৷
দেওবাৰে যাম আমি৷ মনটোত বেছ স্ফূৰ্তি লাগি আছে৷ ইফালে মূৰামূৰি সময়ত এনে এক দুৰ্ঘটনা(!) ঘটিল যিটো আছিল কল্পনাৰো
অগোচৰ৷ ২৪ আৰু ২৫, শনি আৰু দেও, দুয়োটা দিনেই দাদাৰ সৈতে যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন! ফোনটো বাজি থাকে, ৰিচিভ নকৰে৷ এইফালে মোৰ উৎকণ্ঠাই সীমা চেৰাইছে৷ ভাবিলোঁ, হাৰে! কি হ’ল অৰুণদাৰ? অফিছৰ কামত কেনিবা গুচি গ’ল নেকি? আমাৰ প্ৰস্তাৱিত এড্ভেন্চাৰ ট্ৰিপটো কাইলৈ হ’বগৈনে নাই? পৰি গ’লোঁ বিৰাট চিন্তাত৷ গৈ থৈ দেওবাৰে নিশাহে দাদাই নিজমুখে সবিশেষ ব্যক্ত কৰিলে৷ অধিক গৰমৰ বাবেই নেকি, হঠাতে তেওঁৰ গাটো বেয়া হ’ল৷ সেয়ে গ্ৰন্থ উন্মোচনী সভাখনতো
উপস্থিত নাথাকিল৷ আকৌ ভাবিলোঁ, বন্ধু লেখকৰ দুখনকৈ কিতাপ, অসমীয়া ভাষাত চুটি গল্পৰ সংকলন আৰু কাৰবি ভাষাত প্ৰৱন্ধৰ সংকলন, নিৰ্দিষ্ট সময়মতে ওলাই গ’ল৷ আমাৰ যাত্ৰাটোহে নিৰ্দিষ্ট কৰিও দেখোন সাকাৰ নহ’ল৷ এনেহে ভাগ্যদশা!
কথা প্ৰসংগত অৰুণদাই দুখ প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী দিন ঘোষণা কৰিলে৷ ‘১ তাৰিখে ওলাম দিয়ক৷’ ‘হ’ব দাদা৷’ একেই উত্তৰ মোৰ ফালৰ
পৰা৷ একেই সুৰ৷ মন সেমেকিলেও উদ্যম হেৰুৱাব নোৱাৰি৷ কেলেণ্ডাৰলৈ চালোঁ৷ ১ তাৰিখ মানে অহা দেওবাৰ৷ হ’ব বাৰু৷
আগষ্ট মাহ যাওঁ যাওঁ হ’লহি৷ দেৱালৰ কেলেণ্ডাৰখনে আকৌ এবাৰ ৰূপ
সলাবৰ উপক্ৰম কৰিলে৷ নতুনকৈ আশা বুকুত পুহি জপ
কৰি আছোঁ জলপ্ৰপাতৰ নাম৷ থাই আপ্চিৰ৷ মাজে মাজে জুলাই পৰ্যন্ত পাত লুটিয়াই ছবিখন একান্তমনে চাওঁ৷ বুজাব নোৱাৰা উত্তেজনা এটা জাগি উঠে৷ কম্পিউটাৰৰ স্ক্ৰীণত গুগল মেপত গন্তব্য স্থললৈ ৰাস্তা বিচাৰি চলাথ কৰোঁ৷ বিভ্ৰান্তিত পৰোঁ৷ ইউটিউব খুঁচৰি আনে আপল’ড কৰা ভিডিঅ’ চাওঁ৷ তাতো অপভ্ৰংশহে মাথো৷ পুংখানুপুংখভাৱে জানিব পৰাকৈ, নিজে সন্তুষ্ট হোৱাকৈ ক’তো ভালকৈ তথ্য নাপাওঁ৷ লিখিতভাৱেতো নায়েই৷ খং উঠে৷ ভালো লাগে এই ভাবি যে অজানা-অদেখাৰ অনুসন্ধানত ওলাম আমি৷ সহজ পৰ্যটন নহয়৷
১ ছেপ্টেম্বৰৰ আগনিশা৷ সজোৰে বাজি উঠা ৰিংট’নটো শুনি ফোনৰ ষ্ক্ৰীণখনলৈ চাওঁ যে অৰুণদাৰ কল৷ মনটো ফৰকাল লাগি গ’ল৷ ক’ব চাগৈ, কাইলৈ পুৱা কেইবজাত ওলাব লাগিব৷ লগত কি কি ল’ব লাগিব-নালাগিব৷ ডিফুৰ পৰা কোন বাটেদি আমি অগ্ৰসৰ হ’ম৷ ইত্যাদি ইত্যাদি৷ কিন্তু নহয়৷ আহিল আকৌ নঞৰ্থক
বাৰ্তা এটা! ‘ড্ৰাইভাৰ নাই৷ গতিকে কাইলৈ আমাৰ
যোৱা নহ’ব৷ অহা দেওবাৰে যাম দিয়ক৷’
আকৌ এবাৰ আশাত চেঁচাপানী! কেলেণ্ডাৰে জনালে, অহা দেওবাৰটো হ’বগৈ ৮ ছেপ্টেম্বৰ৷ ‘ঠিক আছে দাদা৷’ মোৰ ফালৰ পৰা পুনৰবাৰ অনুৰূপ
উত্তৰেৰে যোগাত্মক সঁহাৰি৷ মনে বিদ্ৰোহ কৰিলেও উপায় নাই৷
প্ৰকৃতিৰ নিয়মত দিনৰ পাছত দিন বাগৰি গৈ আছে৷ এনেকুৱা সময়বোৰ দীঘলীয়া যেন লাগেই৷ ভিতৰি ভীষণভাৱে ব্যথিত হৈছোঁ যদিও মানসিক শক্তি-সাহস অটুট ৰাখিছোঁ৷ নিতৌ পুৱা শাৰীৰিক অনুশীলন বৰ্তাই ৰাখিছোঁ৷ অভিজ্ঞতাৰ শিক্ষাৰে সুদৃঢ় হৈ আছোঁ যে এই প্ৰতীক্ষাৰ ফল মিঠা হ’বই হ’ব, বন্ধুবৰ বিদ্যাছিং ৰংপিৰ একে নামৰ গল্পটোৰ অন্তৰ দৰেই৷ সময় আমাৰ অনুকূলেই ৰ’ব৷
প্ৰকৃতিৰ নিয়মত দিনৰ পাছত দিন বাগৰি গৈ আছে৷ এনেকুৱা সময়বোৰ দীঘলীয়া যেন লাগেই৷ ভিতৰি ভীষণভাৱে ব্যথিত হৈছোঁ যদিও মানসিক শক্তি-সাহস অটুট ৰাখিছোঁ৷ নিতৌ পুৱা শাৰীৰিক অনুশীলন বৰ্তাই ৰাখিছোঁ৷ অভিজ্ঞতাৰ শিক্ষাৰে সুদৃঢ় হৈ আছোঁ যে এই প্ৰতীক্ষাৰ ফল মিঠা হ’বই হ’ব, বন্ধুবৰ বিদ্যাছিং ৰংপিৰ একে নামৰ গল্পটোৰ অন্তৰ দৰেই৷ সময় আমাৰ অনুকূলেই ৰ’ব৷
আঙুলিৰ পাবত লেখি লেখি সপ্তাহটোৰ দিনকেইটা পাৰ কৰিলোঁ৷ বাকীকেইদিন নিশ্চুপ যদিও প্ৰস্তাৱিত
তাৰিখটোৰ আগদিনা দাদাৰ ফোন অহালৈ, খাটাং খবৰ পোৱালৈ আশা পালি আগৰ দৰেই প্ৰতীক্ষাত আছোঁ৷ নহা নহয়, খবৰ আহিল৷ বহু পলমকৈ৷ নিশা ৯.৩০ত৷ ম’বাইলটো হাতত লৈ ভাবিলোঁ, এইবাৰবা
কি সমস্যাই দেখা দিয়ে!
‘হ’ব দাদা৷’ কম কথাৰেই সামৰি থ’লোঁ৷ শৰীৰ বেয়া, ড্ৰাইভাৰ নথকা কাৰকে দুটাকৈ দেওবাৰ ইতিমধ্যে পণ্ড কৰিলে৷ অফিছৰ জঞ্জালটোৰ কাৰণে কিছু পলম হ’লেও কথা নাই, কাইলৈ পুৱা অপ্ৰত্যাশিত বৰষুণজাক যাতে আহি নোলায় তাৰ বাবে আকাশমণ্ডললৈ চাই মনে মনে ওপৰৱালাক প্ৰাৰ্থনা এফাকি জনাই থ’লোঁ, তৎমুহূৰ্ততে৷
০৮.০৯.২০১৯, দেওবাৰ
কেনিনো ওলাইছোঁ আজি, তাকে জনাওঁ বুলি KARBI
ANGLONG কেলেণ্ডাৰখন বেৰৰ পৰা নমাই জুলাই পৃষ্ঠাত থকা সুদৃশ্য জলপ্ৰপাতটোৰ ফটোখন
মাহঁতৰ আগত দাঙি ধৰিলোঁ৷ কালক্ষয় নকৰি সেইখন যথাস্থানত থৈয়ে সৰু হাইকিং ৰাক্ছেকটো পিঠিত লৈ উঠি আহিলোঁ ৰাস্তালৈ৷ বুকুৰ ভিতৰত অযুত উৎকণ্ঠাৰ উঠা-নমা৷
ঘৰৰ সন্মুখেৰে যোৱা ডিফু-লামডিং পথৰ দাঁতিত অৱস্থান লৈছোঁ৷ গাড়ীবোৰ আহিছে গৈছে৷ আমাৰখন নহা দেখি উচপিচনি আৰম্ভ হ’ল৷ ৰাতিৰ কথাবোৰ একেদৰে আছেতো? বতৰটো বাৰু ঠিকেই আছে৷ ভাবি আছোঁ এইদৰে৷
পায়চাৰি কৰি আছোঁ৷ ৰ’ব নোৱাৰি ৭.৩০ বজাত অৰুণদালৈ মাৰি দিলোঁ ফোন৷ ততালিকে ধৰিলে যেনিবা৷ ক’লে, ‘ড্ৰাইভাৰ আহি পালে৷ ফাইলকেইটা নীলিমাক চমজাই তেওঁ ঘূৰি আহি পালেই আপোনাৰ তালৈ গৈ আছোঁ৷’
ঘৰৰ সন্মুখেৰে যোৱা ডিফু-লামডিং পথৰ দাঁতিত অৱস্থান লৈছোঁ৷ গাড়ীবোৰ আহিছে গৈছে৷ আমাৰখন নহা দেখি উচপিচনি আৰম্ভ হ’ল৷ ৰাতিৰ কথাবোৰ একেদৰে আছেতো? বতৰটো বাৰু ঠিকেই আছে৷ ভাবি আছোঁ এইদৰে৷
পায়চাৰি কৰি আছোঁ৷ ৰ’ব নোৱাৰি ৭.৩০ বজাত অৰুণদালৈ মাৰি দিলোঁ ফোন৷ ততালিকে ধৰিলে যেনিবা৷ ক’লে, ‘ড্ৰাইভাৰ আহি পালে৷ ফাইলকেইটা নীলিমাক চমজাই তেওঁ ঘূৰি আহি পালেই আপোনাৰ তালৈ গৈ আছোঁ৷’
স্বগতোক্তি এটা আপোনা-আপুনি ওলাই আহিল মোৰ মুখৰ পৰা৷ ‘আঃ ৰক্ষা তেনেহ’লে! সমস্যা খতম৷ থাই আপ্চিৰ অভিমুখে যোৱাটো হ’ব আজি৷ থেংক্ গড্৷’
ঠিক ১০ মিনিটৰ ব্যৱধান৷ বগা বলেৰ’খন (এ.এছ.০৯ ৭০৬১) আহি ঘৰৰ আগত
ৰৈ গ’ল৷ গাড়ীৰ ভিতৰত দুজন মানুহ৷ অৰুণদা আৰু তেওঁৰ সোঁহাতে চালকৰ আসনত মুকুতা ডেকাৰজা৷ ডেকাৰজায়ে আমাক নিছিল নগাঁও-কাৰবি আংলং সীমান্তৰ কন্দলী পাহাৰত থকা বাদুলি খোৰোঙলৈ৷ ২১ ফেব্ৰুৱাৰী ২০১৫ত৷ এতিয়া ২০১৯৷ এইবাৰ মেঘালয় সীমান্ত অভিমুখে চলাব৷ ড্ৰাইভিং ভাল৷
২) ফৰেষ্ট গে’ট তিনিআলিত ৰ’লোঁহি
এঁকা-বেঁকা ডিফু-লামডিং পথেৰে মহিন্দ্ৰ বলেৰ’ আগুৱাইছে৷ আসনত তিনিজনীয়া অভিযাত্ৰীৰ
দল৷ দুই মিনিটো হ’ল কি নহ’ল, কেঁকুৰি
এটাত অৰুণদাই চালকক গাড়ীখন ৰখাবলৈ ক’লে৷ মই চিন্তা কৰিলোঁ, হঠাতে হ’ল কি আকৌ! ইমান ভাবিবলগীয়া একো নহয় অৱশ্যে৷ এজনক লগ ধৰিবলগীয়া আছিল৷ নামিয়ে চিধাই একাষে থকা দোকানখনৰ আগত ৰ’লগৈ৷ আগন্তুকক অফিছ সংক্ৰান্তীয় কিবা নিৰ্দেশনা দিলে৷ দুই মিনিট কথা পাতিলে৷ আচলতে অফিছে এতিয়াহে এৰা দিলে পৰ্যটন-অনুৰাগী, কৰ্তব্যনিষ্ঠ প্ৰাথমিক শিক্ষা বিষয়াজনক৷ সুবিধা পাই তাতে থিন এৰৰৌৰুট বিস্কুট দুপেকেট আৰু পানী ছয় বটল কিনি লোৱা হ’ল৷ পুনৰ ছিট বে’ল্ট কচিলে ডেকাৰজাই৷
কথা পাতি হাঁহি-মাতি গৈ আছোঁ৷ জীৱনৰ কথা৷ মাজে
মাজে হাতত লোৱা অফ্ ৰ’ড অভিযানবোৰৰ প্ৰসংগও ওলাইছে৷ এই পৰ্বত, সেই পাহাৰ, এই জলপ্ৰপাত, সেই নৈ-নিজৰা... যেন পৰ্যালোচনা (নে প’ষ্টমৰ্টেম!)হে চলিছে যাত্ৰাবিলাকৰ!
মুহূৰ্তবোৰ, দৃশ্যপটবোৰ পুনৰায় মনৰ পৰ্দাত ভাহিব ধৰিছে৷ নিজকে বৰ সুখী সুখী লাগি
গৈছে৷ প্ৰকৃতিয়ে উদাৰতাৰে যোগান ধৰা বিমল সুখ এয়া৷ এনে লাগে, আমৰণ সুখৰ ৰসত ডুবাই
ৰাখিব এইবোৰে৷ আৰু সময়-সুবিধা-সুযোগ মিলাই শক্তিয়ে কুলাই মানে মাৰিও থাকিব লাগিব এনেকুৱা সুখদায়ী
খেপবোৰ৷ অৰুণদাৰো বক্তব্য একেটাই৷ সিফালে পাল্লা ভাৰী হ’লেই চাকৰি ইস্তফা দিয়াৰ কথা উলিয়ায় তেওঁ৷ মনে ভবামতে ওলাই যাব নোৱাৰিলে বিৰাট উচ্পিচায়৷ আন কাকো নকয়৷ মোক কয়৷ বুজি পাওঁযে মই!
আলোচনাৰ মাজতে অকপট স্বীকাৰোক্তি অৰুণদাৰ৷
পূৰ্বে দুবাৰ চেষ্টা কৰিও থাই আপ্চিৰ পাবলৈ সক্ষম হ’ব পৰা নাই৷ মুকইৰামতে থমকিবলগীয়া হৈছে৷ তাৰ পাছত আৰু কি হ’ব? বিফল মনোৰথে প্ৰত্যাৱৰ্তন ডিফুলৈ৷ অথচ কেলেণ্ডাৰতকৈও বহুত আগতেই গম পাইছিল জলপ্ৰপাতটোৰ নাম আৰু অৱস্থিতি, পৰিচিত বিষয়াবিশেষৰ
জৰিয়তে তেওঁলৈ অহা ৱাটছ্আপ্ মেচেজযোগে৷ মোৰ এতিয়া মনত পৰিছে, এদিন কৈছিল মোক, ‘ওলাব, একেলগে যাম এফালে৷ নামটো আৰু কোনফালে আছে এতিয়াই নকওঁ৷ নতুনকৈ পোহৰলৈ আহিছে জলপ্ৰপাত এটা৷’ খাটাং যে, সেয়া আছিল থাই আপ্চিৰ৷ হয়তো আজিও বহুতৰে অগোচৰে ৰৈছে৷
দুবাৰকৈ কাৰ্যতঃ অসফল যাত্ৰা! কথাটো গম পালোঁহে, পাছৰ ছিটত বহি থকাৰ পৰাই
মই সজোৰে প্ৰশ্ন তুলিলোঁ, ‘আপুনি বাৰু আগতে যাওঁতে কাক কাক লগত লৈ গৈছিল? কওকচোন দাদা৷’ সুৰ শুনিয়ে অৰুণদাই বুজি পালে মোৰ অন্তৰ্নিহিত অভিপ্ৰায় কি৷ হাঁহিলে সশব্দে৷ অৰ্থৱহ হাঁহি৷ ‘গম পালে, কিয় গৈ নাপালে?’ পুনৰ হাঁহি৷ ৰহস্যটো ধৰিব পাৰি
ডেকাৰজায়ো হাঁহিলে৷
থাই আপ্চিৰ আজিও দেখাগৈ নাই৷ তাকে লৈ মনত এক ধৰণৰ অসন্তুষ্টি আৰু দুখবোধ আছে অৰুণদাৰ৷ সেই তেতিয়াৰ পৰাই স্বচক্ষে চোৱাৰ প্ৰৱল ইচ্ছা এটাই অহৰহ ক্ৰিয়া কৰি আহিছে৷ প্ৰকৃততে জুলাই মাহৰ ফটোখনেহে সমস্ত ফাদিল কৰি দিলে৷ আৰু এয়া ছেপ্টেম্বৰত আমি একেলগে যাত্ৰা কৰি আছোঁ দিনতীয়া ভ্ৰমণসূচী লৈ৷
থাই আপ্চিৰ আজিও দেখাগৈ নাই৷ তাকে লৈ মনত এক ধৰণৰ অসন্তুষ্টি আৰু দুখবোধ আছে অৰুণদাৰ৷ সেই তেতিয়াৰ পৰাই স্বচক্ষে চোৱাৰ প্ৰৱল ইচ্ছা এটাই অহৰহ ক্ৰিয়া কৰি আহিছে৷ প্ৰকৃততে জুলাই মাহৰ ফটোখনেহে সমস্ত ফাদিল কৰি দিলে৷ আৰু এয়া ছেপ্টেম্বৰত আমি একেলগে যাত্ৰা কৰি আছোঁ দিনতীয়া ভ্ৰমণসূচী লৈ৷
এইটো স্পষ্ট হ’ল যে থাই আপ্চিৰলৈ অৰুণদাৰ এয়া তৃতীয় প্ৰচেষ্টা৷
তিনি বাৰে নিবাৰ বুলি আমাৰ ভাষাত উপযোগী কথা এষাৰ আছে৷ হেনজানি বৰ আশাৰে, পূৰ্ণ উদ্যমেৰে আজি পুৱাতে সাজু হৈছে৷ পূৰ্বৰ দুবাৰ উপেক্ষিত হোৱাৰ পাছত এইবাৰ বাছনিত মই৷ মোৰ কৰ্মস্থলীত উপস্থিত হৈ জুলাই মাহত কৰা সেই কাকতালীয় উল্লেখটো কিবা ঈশ্বৰীয় সংযোগ
যেনহে বোধ হ’ল! তাকে ভাবি এতিয়া পেটে পেটে নিজৰ গুৰুত্ব আৰু দায়িত্ব দুয়োটাই বঢ়া যেনো লাগিছে৷ অতীতৰ ৰেকৰ্ড যদি চাওঁ, অৰুণাচল প্ৰদেশৰ চীন সীমান্তত ভাৰতৰ অন্তিম পূবত দেশৰ প্ৰথম সূৰ্যোদয় থলী ডঙত সফলতাৰে
আৰোহণ কৰাইছিলোঁ অৰুণদাক, অনিলদাৰ হাজাৰ বাধা নেওচি, এপ্ৰিল ২০১৫ত৷ সেই সুবাদতে চাগৈ পুনৰবাৰ নিৰ্বাচন কৰিলে
মোক, থাই আপ্চিৰলৈ৷ ইয়াকে সৌভাগ্য বুলি কয় কিজানি৷ দাদাৰ আশা আৰু সংগীৰ দায়বদ্ধতা বুজি ময়ো অন্তৰত দৃঢ়তাৰে সাঁচি-সামৰি আনিছোঁ মিছন সফল
কৰাৰ দুৰ্বাৰ বাসনা, চেলেঞ্জ৷ ওপৰৱালাক খাটিছোঁ, যেন লক্ষ্যস্থানত উপস্থিত হ’বগৈ পাৰোঁ আজি৷ বতৰটো ঠিকেই পাই আছোঁ৷ সিফালে কি হয় নাজানো৷
জি.এন.এম. নাৰ্ছিং ট্ৰেইনিং স্কুল, ডিষ্ট্ৰিক্ট মিউজিয়াম, বি.এড. কলেজ, ডিষ্ট্ৰিক্ট জেইল, অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদ পাৰ হ’লোঁ৷ বহল আৰু চলাবলৈ আগতকৈ তুলনামূলকভাৱে আৰাম হৈ
পৰা ৰাস্তাটোৰে গাড়ীখন সুষম গতিৰে ধাৱমান হৈছে৷ চালকেও স্ফূৰ্তিৰে নিয়ন্ত্ৰণ কৰি আছে৷ মাজে মাজে কিবাকিবি কৈও গৈছে৷ পৌৰ নিগমে ডিফু চহৰত নিতৌ ওলোৱা দ’ম দ’ম জাৱৰ-জোঁথৰবোৰ বাটৰ কাষতে পেলাই
পেলাই ডিফু-ধনশিৰি পথটোৰে দুৰ্গন্ধত মানুহ যাব নোৱাৰা কৰি পেলোৱাৰ পাছত ৰাইজ সেইফালে
বিদ্ৰোহী হৈ উঠাত এতিয়া এইটো ৰাস্তাত ১৩ কিল’মিটাৰত নতুনকৈ সেই গেলা-পচাসোপা ঢালিবলৈ আৰম্ভ কৰিছে৷ গৈ থাকোঁতে ডেকাৰজাই আসনৰ
পৰাই আঙুলিয়াই জেগাডোখৰ আমাক দেখুৱালে৷ শীঘ্ৰে বিজ্ঞানসন্মত নিষ্কাষণ ব্যৱস্থা এটা
গ্ৰহণ নকৰিলে এইফালৰ জনসাধাৰণেও যে সাংঘাতিক অশান্তি পাব, বেমাৰ বাঢ়িব, দুশ্চিন্তাত পৰিব,
প্ৰতিবাদ চলিব, সেইটো ধুৰূপ৷ ধনশিৰি ৰ’ডৰে গ’লে পোৱা, মৰি যাম যেন লগা দুৰ্গন্ধটোৱে যেন ভেকেটকৈ নাকত খুন্দিয়ালেহি, এনে লাগিল ক্ষন্তেকৰ বাবে৷
লামডিঙলৈ ডিফুৰ পৰা পথ দূৰত্ব ৩৯ কিল’মিটাৰ৷ চহৰখনলৈ ৪-৫ কিল’মিটাৰ থাকোঁতেই উপকণ্ঠত লামডিং সংযোগী ফৰেষ্ট গে’ট তিনিআলি৷ ওচৰতে দলং এখনৰ নিৰ্মাণ কাৰ্য হাতত লোৱাৰ বাবে সম্প্ৰতি পোনপটীয়া পথটো কেইবা বছৰ ধৰি বন্ধ৷ ফ’ৰ লে’ন হাইৱে’ৰে ঘূৰি যাব লাগে৷ ‘ইয়াতে ৰুটী-চাহ খাই যাওঁ দেই৷’ অৰুণদাই আগ্ৰহ প্ৰকাশ কৰাত তিনিআলিটোত ৰ’লোঁ৷ ওখ ওখ চেগুনবোৰৰ মাজত দেওবৰীয়া পুৱাটোত ঠাইটুকুৰা এতিয়া শান্ত হৈ আছে৷
লামডিঙলৈ ডিফুৰ পৰা পথ দূৰত্ব ৩৯ কিল’মিটাৰ৷ চহৰখনলৈ ৪-৫ কিল’মিটাৰ থাকোঁতেই উপকণ্ঠত লামডিং সংযোগী ফৰেষ্ট গে’ট তিনিআলি৷ ওচৰতে দলং এখনৰ নিৰ্মাণ কাৰ্য হাতত লোৱাৰ বাবে সম্প্ৰতি পোনপটীয়া পথটো কেইবা বছৰ ধৰি বন্ধ৷ ফ’ৰ লে’ন হাইৱে’ৰে ঘূৰি যাব লাগে৷ ‘ইয়াতে ৰুটী-চাহ খাই যাওঁ দেই৷’ অৰুণদাই আগ্ৰহ প্ৰকাশ কৰাত তিনিআলিটোত ৰ’লোঁ৷ ওখ ওখ চেগুনবোৰৰ মাজত দেওবৰীয়া পুৱাটোত ঠাইটুকুৰা এতিয়া শান্ত হৈ আছে৷
প্ৰাতঃকালীন পেট পূজাৰ অন্তত ৮.৫০ত ডেকাৰজা পুনৰবাৰ ষ্টিয়াৰিঙত
বহিল৷ বাহনে গতি ল’লে, নতুন উদ্যমেৰে৷ চেগুনৰ তলে তলে আগুৱান হৈ ক্ষন্তেকতে ফ’ৰ লে’ন হাইৱে’ত উঠিলোঁগৈ৷ আহল-বহল আৰু মুকলি চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ৰাজমাৰ্গ পাই কোঁ-কোঁৱাই দৌৰিছে আমাৰ গাড়ী৷ নিজৰ জিলা এৰি সোমালোঁ চুবুৰীয়া জিলা হোজাইত৷
জৈৱ বৈচিত্ৰ্যৰে মেটমৰা প্ৰাকৃতিক সৌন্দৰ্যৰাজিৰ
লগতে বহুমাত্ৰিক তথা আকৰ্ষণীয় জনগোষ্ঠীয় লোক-সংস্কৃতি, পৰম্পৰা, বাৰেবৰণীয়া নৃত্য-গীতেৰে
বৰ্ণাঢ্য আমাৰ কাৰবি আংলং, পশ্চিম কাৰবি আংলং৷ এই ভূখণ্ডত পৰ্যটকে যাবলগীয়া, চাবলগীয়া
কি কি স্থান বা সম্পদ-সম্ভাৰ আছে? সিবোৰৰ প্ৰচাৰ-প্ৰসাৰৰ অৰ্থে কি কি পদক্ষেপ লোৱা হৈছে-নহৈছে?
গাড়ীৰ ভিতৰত এতিয়া তাৰে গৰম আলোচনা-সমালোচনা চলিছে৷ পৰ্যটন সম্পৰ্কীয় কথা-বতৰা,
পৰ্যটনৰ দিশত যোগাত্মক চিন্তা-চৰ্চাৰ আমদানি, সমাজত পৰ্যটনৰ বাতাৱৰণ সৃষ্টি, ভূগোল-ইতিহাস-সংস্কৃতি বিষয় অধ্যয়নৰ গুৰুত্ব, থলুৱাৰ অৰ্থনৈতিক বিকাশ, মানৱ উন্নয়ন, আঞ্চলিক উন্নতি ইত্যাদিৰ সম্বন্ধে কথা
পাতি গৈছোঁ৷
পৰ্যটন আৰু উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ
প্ৰাসংগিকতা আজি বৃত্তিমুখী পাঠ্যক্ৰমত সংযোগ হৈছে৷ ট্ৰেভেল এণ্ড টুৰিজম ইণ্ডাষ্ট্ৰি,
এড্ভেন্চাৰ টুৰিজম্, ট্ৰেভেল ফটোগ্ৰাফী, পৰিপাৰ্শ্ব সংৰক্ষণ, পৰিৱেশ অধ্যয়ন
আদি হৈ পৰিছে পাঠ্যক্ৰমত সন্নিৱিষ্ট একো একোটা মনোগ্ৰাহী আৰু সময়োপযোগী বিষয়৷ বিজ্ঞজনৰ
ভৱিষ্যদ্বাণী... উত্তৰ-পূৰ্বাঞ্চল অহা শতিকাত বিশ্বৰ মানচিত্ৰত মানবিশিষ্ট এক পৰ্যটন
কেন্দ্ৰ হিচাপে চিহ্নিত হ’ব৷ তাৰ
বাবে আমাৰ নতুন প্ৰজন্মক পৰ্যটনৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশসমূহৰ বিষয়ে শিক্ষিত
কৰি তোলাৰ প্ৰয়োজন আছে৷ তলে তলে ভাবি থৈছোঁ, ‘এক্সপ্ল’ৰ কাৰবি আংলঙ’ৰ পাছত ‘এক্সপ্ল’ৰ নৰ্থ-ইষ্ট’ থিম লৈ ওলাম৷ যদিওবা কেইখনমান ৰাজ্যত ভ্ৰমি থৈছোঁ আনকেইখন এতিয়াও দেখাগৈয়ে নাই৷ বছৰ বাগৰি গৈ আছে৷ আয়ুস টুটি আহিছে৷
৯.২০ বাজিছে৷ কেলকম্ চিমেণ্ট, পিপল পুখুৰী পাৰ
হৈ লংকা সংযোগী পথটো বাওঁহাতে এৰি গ’লোঁ৷ সেইফালে ৰাস্তা বেয়া বুলি আমাৰ চালকে ক’লে৷ সুৰতে সুৰ মিলাই অৰুণদায়ো কৈ উঠিল, ‘লংকা-খেৰণি হৈ নাযাওঁ৷ হোজাই হৈ যাম৷’
শেহতীয়াভাৱে, পশ্চিম কাৰবি আংলঙৰ খেৰণিৰ বীৰেন ইংহি
নামৰ সাংবাদিক, সমাজসেৱক এজনে খেৰণিৰ পৰা প্ৰায় ১৫ কি.মি. নিলগৰ লাংথাৎ নামৰ ভিতৰুৱা
গাঁও এখনত আগতে নেদেখা এক জীৱ প্ৰজাতি আৱিষ্কাৰ কৰা বুলি খবৰ এটা পাইছিলোঁ৷
কেঁচুজাতীয় সেই অচিনাকি জীৱবিধ দেখিবলৈ লতাজাতীয় উদ্ভিদৰ লেজুসদৃশ আকৰ্ষবোৰৰ দৰে ক্ষীণ আৰু
টান ৷দীঘলে ৬-৭ ইঞ্চিমান৷ প্ৰতিকূল পৰিৱেশতো জীয়াই থাকিবলৈ সক্ষম হোৱা অচিনাকি
জীৱবিধ নিজ চকুৰে চাই যোৱাৰ সুযোগ এটা আহিছিল যদিও উক্ত বাট পৰিহাৰ কৰাত মনে মনে ভাবি
পেলাইছিলোঁ যদিও এইটো যাত্ৰাত সম্ভৱযে নহ’ব, তাক বুজি পালোঁ৷ আনহাতে গৈ থাকোঁতে মন
কৰিলোঁ, এই পথটোৰ দাঁতিয়ে দাঁতিয়ে ব্যৱসায়ভিত্তিক উদ্ভিদ
নাৰ্চাৰী অনেকবোৰ গঢ় লৈ উঠিছে৷ আনহাতে দেওবাৰ বাবেই নেকি জানো, গাড়ী-মটৰ আৰু মানুহৰ হেমগেম বৰ বিশেষ পোৱা নাই৷ আৰামত গৈ আছোঁ আগলৈ৷
১০ মিনিটৰ পাছতে ফ’ৰ লে’ন হাইৱে’ ত্যাগ কৰি যোৰাপুখুৰী-হোজাই সংযোগী
পথেৰে ডেকাৰজাই আমাক সুমুৱাই নিলে৷ তেলী বস্তি, পূব ধৰম পথাৰ, কৃষ্ণ নগৰৰ মাজেৰে হোজাই চহৰৰ মাজমজিয়া পালোঁহি
৯.৪৫ত৷ ডিফুৰ পৰা হোজাইলৈ প্ৰায় দুঘণ্টা লাগিল৷ ইয়াত ৰোৱাৰ সকাম নাই৷ এইবাৰ ডেকাৰজা আগুৱাইছে হোজাই-টুমপ্ৰেং
ৰ’ডেৰে৷ ৰে’লৱে লেভেল ক্ৰছিঙৰ গে’টখন খোলা অৱস্থাত পাই মনটো
নাচি উঠিল৷ ৰ’বলগীয়াত নপৰিলোঁ যেনিবা৷ অন্যথা এনে অপেক্ষা বৰ বিৰক্তিকৰ৷
আমি অনুসৰণ কৰা এই পথটো ডংকামোকামত লংকা-খেৰণি-বৈঠালাংছ’ পথত সংলগ্ন হৈছে৷ হোজাইৰ মাজেৰে অগ্ৰসৰ হৈ পোনে পোনে কোমোৰাকাটা পালোঁহি৷ একমাত্ৰ তেল ডিপ’টোত গাড়ীখন স্থিৰ হ’ল ইন্ধন ভৰোৱাৰ উদ্দেশ্যে৷ ঘড়ীত ১০ বাজি ৫ মিনিট৷
৪) কপিলী পাৰ হ’লোঁ
টুম্প্ৰেং এতিয়া পশ্চিম কাৰবি
আংলং জিলাৰ প্ৰৱেশদ্বাৰ৷ হোজাইৰ পৰা ইয়ালৈ দূৰত্ব ২০-২২ কিল’মিটাৰ হ’ব৷ এইখিনি পাওঁতে আমাৰ ঘড়ীত বাজিল ১০.১৫৷ পঢ়িবলৈ পোৱামতে ঠাইডোখৰৰ পুৰণা নাম আছিল কুম পথাৰ৷ আভিধানিক অৰ্থ অনুযায়ী কাৰবি ভাষাত ‘টুম’ মানে টোপোলা, ‘প্ৰেং’ মানে বাকী বা ধাৰ৷ কিম্বদন্তী অনুসৰি তাহানি কালত জনৈক
কাৰবি লোকৰ মহাজনৰ ওচৰত ধাৰ আছিল৷ বৰ্তমান টুম্প্ৰেং হাইস্কুলখনৰ কাষতে থকা জানটোত
ভেটা দি লোকজনে মাছ মাৰি শুকুৱাইছিল আৰু সেই শুকান মাছবোৰ কৌপাতেৰে টোপোলা বান্ধি
বিক্ৰী কৰি পোৱা টকাৰে মহাজনৰ ঋণ পৰিশোধ কৰিছিল৷ সেই সময়ৰে পৰাই ঠাইখনৰ নামটো টুম্প্ৰেং হৈছে বুলি জনা যায়৷
গ্ৰাম্য পৰ্যটনৰ দিশত এক আদৰ্শ হিচাপে আকৰ্ষণ আৰু জনপ্ৰিয়তা লভা টুম্প্ৰেং এখন উন্নত কৃষিপ্ৰধান ঠাই৷ শুকুৰবাৰে ডাঙৰকৈ সাপ্তাহিক বজাৰ বহে৷ বিদ্যালয়, চিকিৎসালয়, বেংক, ডাকঘৰ, উপ-আৰক্ষী চকী আৰু কেতবোৰ বিভাগীয় কাৰ্যালয় ইয়াত আছে৷ ঠাইখন এৰি আগলৈ গৈ থাকোঁতেই ঘপহকৈ মোৰ মনত পৰিল বৃহত্তৰ টুম্প্ৰেং অঞ্চলৰ অন্তৰ্ভুক্ত বালিগাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক তেজাল টেৰণ ডাঙৰীয়ালৈ৷ অসমীয়া ভাষাত তেখেতে ৰচনা কৰা তিনিখনকৈ কিতাপ ক্ৰমে ‘বিহু : ডুমুৰালি কাৰবি কৃষ্টি-সংস্কৃতিৰ আধাৰ’ (সংস্কৃতি বিষয়ক, ২০০৫ চন), ‘গন্ধহীন ফুলৰ কলি’ (স্বৰচিত কবিতা সংকলন, ২০১২ চন) আৰু শেহতীয়াভাৱে ‘কাৰবি জাতিৰ সৃষ্টিতত্ত্ব কথা’ (পৌৰাণিক তথ্যৰ সংগ্ৰহ, ২০১৮ চন) ছপা কৰাৰ মোৰ সৌভাগ্য হৈছিল৷ শেষৰখনৰ বেটুপাতৰ শিল্পী আছিল অৰুণ টেৰণ৷ টুম্প্ৰেঙে উমৈহতীয়াভাৱে অৰুণদা আৰু মোক কিছু স্মৃতি ৰোমন্থন কৰাৰ সুযোগ দি গ’ল৷
৫) ডংকামোকামত পালোঁ বৰছিঙক
এতিয়াৰ পৰা বহু বছৰৰ পূৰ্বে, ১৯৯৯ চনত এবাৰ বৈঠালাংছ’হৈ হামৰেণলৈ গৈছিলোঁ, চৰকাৰী হাইস্কুলত কাম কৰা শিক্ষয়িত্ৰী ভনীজনীৰ তালৈ৷ হামৰেণ, জোৱাই ঘূৰি-পকি ঘৰমুখী
হওঁতে ডংকামোকাম নিবাসী একেধাৰে অভিজ্ঞ কলেজ-শিক্ষক, চিন্তাবিদ, শিক্ষাবিদ, সুবক্তা, সুলেখক, ভাষা-জননীৰ নিষ্ঠাৱান
সেৱক, নিৰৱ সাহিত্যিক, চিত্ৰশিল্পী, প্ৰচণ্ড জ্ঞানান্বেষী ভদ্ৰলোক ডক্টৰ ফুকন চন্দ্ৰ ফাংচ’ ছাৰৰ ঘৰত সোমাইছিলোঁ৷ গৱেষণাৰ
প্ৰতি সদা অনুসন্ধিৎসু আৰু আত্মোৎসৰ্গী মনোবৃত্তিৰ ভূগোল-বিশাৰদজনে পুৰণা স্কুটাৰখনৰ
পাছৰ ছিটত বহুৱাই লৈ মোক ডংকা ছাৰ্প’, তেখেতৰ কৰ্মস্থলী ৰাংছিনা কলেজ আদি দেখুৱাইছিলগৈ৷ ডংকাৰ মাজেৰে গাড়ীখন আগুৱাওঁতে
এতিয়া সেই মুহূৰ্তবোৰ মনলৈ অহিছে৷ ভাববোৰে অহৰহ হৃদয়ত খুন্দিয়াব ধৰিছে৷ ফাংচ’ ছাৰ কাৰবি সমাজৰ প্ৰথমগৰাকী B.Sc. (Hons.), প্ৰথম M.Sc., প্ৰথম M.Phil., প্ৰথম Doctorate (Ph.D.) আৰু প্ৰথমগৰাকী কলেজ-অধ্যক্ষ আছিল৷ নিজৰ M.Phil. dissertationৰ ভিত্তিত ২০০১ চনত তেখেতে প্ৰণয়ন আৰু প্ৰকাশ কৰা বহুমূলীয়া গ্ৰন্থ ‘Karbi Anglong and North Cachar Hills –a study on geography and culture’ ছপা কৰাৰ সুযোগ লভিছিলোঁ৷ ছাৰৰ অবৰ্তমানত আজিও মই কিবা এক বিৰাট শূন্যতা অনুভৱ কৰোঁ৷
৬) লিন্চিকা হৈ হামৰেণলৈ…
আমি অনুসৰণ কৰা এই পথটো ডংকামোকামত লংকা-খেৰণি-বৈঠালাংছ’ পথত সংলগ্ন হৈছে৷ হোজাইৰ মাজেৰে অগ্ৰসৰ হৈ পোনে পোনে কোমোৰাকাটা পালোঁহি৷ একমাত্ৰ তেল ডিপ’টোত গাড়ীখন স্থিৰ হ’ল ইন্ধন ভৰোৱাৰ উদ্দেশ্যে৷ ঘড়ীত ১০ বাজি ৫ মিনিট৷
৪) কপিলী পাৰ হ’লোঁ
কোমোৰা ঠিক কোনখিনিত কোনে কেতিয়া কি সকামতনো
কাটিছিল গম নাপাওঁ৷ কিন্তু অতি বেয়া, অত্যন্ত জঘন্য ৰাস্তা হিচাপে হোজাই-কোমোৰাকাটা-টুম্প্ৰেং পথছোৱাৰ দুৰ্নাম হ’লে মানুহৰ মুখে মুখে সৌ সিদিনালৈকে শুনিছিলোঁ৷ বহু বছৰৰ আগতে হামৰেণলৈ যাওঁতে
নিজেও সোৱাদটো পাই থৈছোঁ৷ সুখৰ কথা যে ৰাস্তাটো এতিয়া উন্নত হ’ল৷ ৰাইজে বৰ সকাহ পালে৷ মোৰো মনটো
ভাল লাগি গৈছে৷ যান-বাহনবোৰৰ গতি খৰতকীয়া হৈ পৰিল৷
খেৰণিৰ দিশৰ পৰা বৈ অহা কপিলী নদীৰ পাৰ পালোঁহি৷
পকী দলংখন পাৰ হ’লেই পশ্চিম কাৰবি আংলং জিলা৷ পূৰ্বৰ কাৰবি আংলং জিলাখন দ্বিখণ্ডিত কৰি হামৰেণ,
ডংকামোকাম, বৈঠালাংছ’ আদিকে ধৰি পশ্চিমাঞ্চলক লৈ এইফালৰ ৰাইজৰ উন্নয়নৰ লক্ষ্যৰে পশ্চিম কাৰবি আংলং নামে
নতুন জিলা গঠনৰ ঘোষণা হৈছিল বিগত ২০১৫ চনতে৷ ২০১৬ৰ ১১ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ পাৰ্বত্য
এলেকা উন্নয়ন দপ্তৰৰ তদানীন্তন মন্ত্ৰী খৰছিং ইংতিয়ে হামৰেণৰ ৰংবং ৰংহাং খেলপথাৰত অনুষ্ঠিত
ৰাজহুৱা সভাৰ জৰিয়তে নৱগঠিত জিলাৰ লগতে উপায়ুক্তৰ কাৰ্যালয় চৰকাৰীভাৱে উদ্বোধন কৰিছিল৷
প্ৰশাসনীয় কাম-কাজ কাৰ্যকৰী হৈছিল পৰৱৰ্তী ১৫ আগষ্টৰ পৰা৷ এই জিলাৰ মাটিকালি ৩,০৩৫ বৰ্গ কিল’মিটাৰ৷ সদৰ ঠাই হামৰেণ৷ একমাত্ৰ
মহকুমা হামৰেণেই৷ ৰাজহ-চক্ৰও এটাই, ডংকামোকাম৷ উন্নয়ন খণ্ড ৪টা৷ ৰংখাং, ছ’চেং, আমৰি আৰু চিন্থং৷ ৩১৭খন ৰাজহ
গাঁও আৰু ৮৫৫খন জৰীপ গাঁও সংলগ্ন হৈছে৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা ৩,০০,৩২০৷ বিধান
সভা সমষ্টি ২০ নং বৈঠালাংছ’৷ লোক সভা সমষ্টি ৩ নং ডিফু৷ কাৰবি, তিৱা, গাৰো, নেপালী, বিহাৰী, বেংগলী, অসমীয়াভাষী
এই জিলাৰ আবাসী৷
ভূপেনদাই গাবৰ দৰে মহিমা বুজিব নোৱাৰা ‘ৰাংঢালী ছোৱালী’ৰ লাস্যময়ী বেশ নহয়, এইডোখৰত গুৰু-গম্ভীৰ ৰূপ কপিলীৰ৷ ভাঁজ এটা লৈ আগুৱাই অহা প্ৰশস্ত জলৰাশি অতিক্ৰম
কৰিয়েই শান্ত-শীতল নৈপৰীয়া পৰিৱেশত কাৰবি আংলঙৰ বন, মীন আৰু পৰ্যটন বিভাগৰ একত্ৰিত সহযোগিতাৰে নৱনিৰ্মিত ছিং ৰংহাং মেম’ৰিয়েল পাৰ্কখন দেখিলোঁ৷ জিলা পৰিষদৰ
বিথুং ৰেংথামা সমষ্টিক এটা দশক ধৰি প্ৰতিনিধিত্ব কৰা প্ৰয়াত নেতাজনৰ সোঁৱৰণত সজা এই
প্ৰমোদ-বিহাৰ থলী ২০১৭ চনৰ ৫ ফেব্ৰুৱাৰীত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী
সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল, ৰাইজলৈ কাৰবি নৱবৰ্ষৰ উপহাৰ হিচাপে৷
নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত পাৰ্কখনৰ আঁৰৰ দুগৰাকী মোৰ পৰিচিত ব্যক্তি ৰঞ্জন বৰুৱাদা
আৰু দেবেন পাটগিৰিয়ে চাবলৈ বৰকৈ মাতি আছিল যদিও দেখাৰ সৌভাগ্য আজিহে হ’ল, এইমুৱা যাত্ৰাটোৰ আপাহত৷ পদাৰ্পণ
কাহানি হ’ব নাজানো৷ ৮ বিঘা মাটিত মানুহে
সজা ১.৩৭ কোটিটকীয়া পাৰ্কতকৈ প্ৰকৃতিয়ে নিৰন্তৰ হাত-বাউল দি থকা পাহাৰ-পৰ্বত মোৰ বেছি ভাল লাগে৷ মীন বিভাগে
খন্দোৱা ১২০ মিটাৰ দীঘল, ৪০ মিটাৰ বহল, ১.৭ মিটাৰ গভীৰতাৰ কৃত্ৰিম হ্ৰদত জলক্ৰীড়া কৰাতকৈ থাই আপ্চিৰ জলপ্ৰপাত, তলত সৃষ্টি হোৱা গভীৰতা গণিব নোৱাৰা কুণ্ডৰ প্ৰতিহে আকৰ্ষণ বেছি৷ ব’টিং লে’ক, স্কাই
ট্ৰেইন, কাফেটেৰীয়া, পুষ্প উদ্যান, শিশু উদ্যান, ঔষধি গছ-গছনিৰ উদ্যান, প্ৰেক্ষাগৃহ, কনফাৰেন্স হল, পৰিদৰ্শন ভৱন, নেতাৰ প্ৰতিকৃতি আদিয়েও মনটোক
থমাব নোৱাৰিলে৷ টানি লৈ গৈ থাকিল আগলৈ৷ অলপ আগত আকৌ এটা পাক ঘূৰি সাতগাঁওমুখী হ’ল আমাৰ বলেৰ’খন৷
গ্ৰাম্য পৰ্যটনৰ দিশত এক আদৰ্শ হিচাপে আকৰ্ষণ আৰু জনপ্ৰিয়তা লভা টুম্প্ৰেং এখন উন্নত কৃষিপ্ৰধান ঠাই৷ শুকুৰবাৰে ডাঙৰকৈ সাপ্তাহিক বজাৰ বহে৷ বিদ্যালয়, চিকিৎসালয়, বেংক, ডাকঘৰ, উপ-আৰক্ষী চকী আৰু কেতবোৰ বিভাগীয় কাৰ্যালয় ইয়াত আছে৷ ঠাইখন এৰি আগলৈ গৈ থাকোঁতেই ঘপহকৈ মোৰ মনত পৰিল বৃহত্তৰ টুম্প্ৰেং অঞ্চলৰ অন্তৰ্ভুক্ত বালিগাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক তেজাল টেৰণ ডাঙৰীয়ালৈ৷ অসমীয়া ভাষাত তেখেতে ৰচনা কৰা তিনিখনকৈ কিতাপ ক্ৰমে ‘বিহু : ডুমুৰালি কাৰবি কৃষ্টি-সংস্কৃতিৰ আধাৰ’ (সংস্কৃতি বিষয়ক, ২০০৫ চন), ‘গন্ধহীন ফুলৰ কলি’ (স্বৰচিত কবিতা সংকলন, ২০১২ চন) আৰু শেহতীয়াভাৱে ‘কাৰবি জাতিৰ সৃষ্টিতত্ত্ব কথা’ (পৌৰাণিক তথ্যৰ সংগ্ৰহ, ২০১৮ চন) ছপা কৰাৰ মোৰ সৌভাগ্য হৈছিল৷ শেষৰখনৰ বেটুপাতৰ শিল্পী আছিল অৰুণ টেৰণ৷ টুম্প্ৰেঙে উমৈহতীয়াভাৱে অৰুণদা আৰু মোক কিছু স্মৃতি ৰোমন্থন কৰাৰ সুযোগ দি গ’ল৷
৫) ডংকামোকামত পালোঁ বৰছিঙক
দূৰত্ববোৰ বৰ বেছি নহয়, ৫-৭ মিনিটৰ ব্যৱধানহে
মাথো৷ ভেলাপাৰা, সাতগাঁও, ছজং, ঘিলানী আদি ইটোৰ পাছত সিটো জনপদ পাছফালে এৰি থৈ গাড়ীখনে ঢাপলি মেলিছে
পাহাৰত উঠিবলৈ৷ দীঘলকৈ এলানি কৰ্দৈসিৰীয়া পাহাৰ ইতিমধ্যে মুখামুখিকৈ অদূৰত উজলি উঠিছেই৷ পথৰ দুয়ো কাষে
থকা পথাৰৰ সেউজীয়া, ক্ৰমান্বয়ে ওচৰ চাপিব ধৰা পাহাৰৰ নীলা আৰু শীৰ্ষৰ আকাশমণ্ডল ঢাকি
ধৰা ডাৱৰৰ আধিক্যই এইফালে বেলেগ এটা পৰিৱেশ ৰচনা কৰিছে৷ আগছিটত নিৱিষ্টচিত্তে বহি অহা
অৰুণদাৰ চাগৈ গুপুতে গুপুতে চিন্তাই হৈছে, মেঘবোৰ ইমানকৈ গোট খাইছে, বৰষুণ পৰে যদি! কবি মানুহ৷ কবিত্ব ভাবনাত ডুব গৈ আছে যদিও নাজানো অৱশ্যে৷ মোৰ হ’লে ভাবনাটো অন্য ধৰণৰ৷ ইমানদূৰ আহিলোঁ যেতিয়া বৰষুণ দিলেও দিব, বাকীখিনি
গৈহে এৰিম৷ তিতি-বুৰি হ’লেও মুঠতে থাই আপ্চিৰ চামেই চাম৷ ৰাক্ছেকত হাফপেণ্ট, টি-চাৰ্ট, হাৱাই চেণ্ডেল
সুমুৱাই আনিছোঁ যেতিয়া চিন্তা কিহৰ? ড্ৰাইভিং হুইলত থকা মুকুতা ডেকাৰজাই কি ভাবিছে নাজানো৷ ফোঁ-ফোঁৱাই
চলাই আছে, এক ধ্যানে৷ নি আছে, পাদদেশলৈ৷ ভোক-ভাগৰ এজনৰো নাই৷
টুম্প্ৰেঙৰ পৰা ১১ কিল’মিটাৰ দক্ষিণে ডংকামোকাম৷ ১০.৩০ হওঁ হওঁ৷ আমি ডংকামোকাম পালোঁহি৷ কোনে জানো কৈছিল, ডংকামোকাম মানে হেনো ডাঙৰ মানুহ থকা ঠাই৷ কাৰবি ভাষাৰ ‘মােকাম’ শব্দই শিৱিৰ, জিৰণি ঘৰ, জিৰণি লোৱা ঠাই আদি অৰ্থ কৰে৷ ‘ডংকা’ মানে ডাঙৰ মানুহ৷ ভৌগোলিক অৱস্থানলৈ চাই ইয়াত অতীতত কোনোবা ফৈদৰ প্ৰশাসনিক কেন্দ্ৰ আছিল বুলিও কোনো কোনোৱে অনুমান নকৰা নহয়৷
চাৰিআলিৰ চকটো
পোৱাৰ আগৰে পৰাই অনুসন্ধানী দৃষ্টিৰে অৰুণদাৰ চকুহালে বৰছিঙক বিচৰাত লাগিল৷ বাহনৰ
গতি নিজৰ নিয়ন্ত্ৰণত ৰাখি ডেকাৰজায়ো সহযোগিতা আগ বঢ়ালে৷ বৰছিং টেৰণ অৰুণদাৰ অফিছৰ
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী৷ ঘৰ হংক্ৰামত৷ শান্ত প্ৰকৃতিৰ বৰছিঙক যাত্ৰাটোত গাইড-সহযোগী
হিচাপে নিৰ্বাচন কৰা বুলি অৰুণদাই সিদিনা মোক কথা প্ৰসংগত জনাইছিল৷ এতিয়া তাৰে উপস্থিতিৰ
সন্ধান চলিছে৷
চন-তাৰিখ পাহৰিলোঁ, বহুত বছৰৰ আগতে এবাৰ ডিফুৰ
পৰা লংকা-খেৰণি-ডংকামোকাম পথেৰে ৱিলিজ জীপেৰে আহিছিলোঁ অগ্ৰজ ভ্ৰাতৃপ্ৰতিম তপনদাৰ লগত৷ লক্ষ্যস্থান আছিল হামৰেণ৷
পিছে দুৰ্কপাল! এই চাৰিআলিটোতে অনাকাংক্ষিতভাৱে আকস্মিক দুৰ্ঘটনা এটা ঘটি গ’ল৷ ফলাফল, হামৰেণত নহয়, যাত্ৰাৰ আধ্যা পৰিলগৈ বৈঠালাংছ’ আৰক্ষী থানাত৷ টিকা পাহাৰত উঠিম, ওপৰৰ পৰা নামনিৰ
মনোৰম দৃশ্যৰাজি হেঁপাহ পলুৱাই চাম বুলি বৰকৈ আশা পালি আহিছিলোঁ৷ সেয়া গৈ থৈ নেছেল হ’ল৷ সাজ লাগি ভগাৰ পাছত পুলিছৰ মাম্লা
কিবাকৈ সামৰি বহুপ্ৰত্যাশিত হামৰেণ চফৰ বাদ দি গধুৰ মন লৈ প্ৰত্যাৱৰ্তন কৰিছিলোঁ
ডিফুলৈ৷ সেয়া অন্য এক ৰোমাঞ্চকৰ অথচ গোপন কাহিনী৷
এয়াই উক্ত ডংকামোকাম চাৰিআলি৷ পুৰণিক সুঁৱৰি অকুস্থল
পাৰ হ’লোঁ৷ অলপ আগতে সোঁহাতে দেখা পাই
আহিছোঁ নৱনিৰ্মিত অত্যাধুনিক ৱাইছং ষ্টেডিয়াম, যি ডংকাৰ ৰূপ সলাই পেলোৱাৰ লগতে নিঃসন্দেহে স্থানীয় জনগণৰ বাবে এটা সম্পদ ৰূপে গণ্য হৈছে৷ কাৰবি আংলং স্বায়ত্তশাসিত
পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি যোৱা ২৩ জুন তাৰিখে ক্ৰীড়া প্ৰকল্পটো
আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰা হৈ গৈছে৷ ক্ৰীড়া সংগঠকসকলে এতিয়া খেল আৰু খেলুৱৈত গুৰুত্ব
দিয়াহে কথা৷ আমি হাইস্কুলীয়া ছাত্ৰ হৈ থাকোঁতে ডিফু ষ্টেডিয়ামত অনুষ্ঠিত খৰছিং তেৰাং সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত যোগদান কৰা ডংকামোকামৰ ৱাইছং ক্লাবৰ নাম আজিও মনত পৰে৷
ডংকাত হামৰেণ মহকুমাৰ ভিতৰতে পুৰণা বুলি পৰিগণিত ৰংখাং উন্নয়ন
খণ্ডৰ কাৰ্যালয় আছে৷ অৱধাৰিতভাৱেই, ইয়াত মানুহ-দুনুহ, দোকান-পোহাৰ, গাড়ী-মটৰৰ সংখ্যাৰ লগতে ব্যস্ততা পূৰ্বতকৈ বৃদ্ধি পাইছে৷ এঠাইত অৰুণদাই গাড়ীৰ পৰাই সোঁফালে আঙুলিয়াই মোৰ পুৰণা বন্ধু ‘জাতিংগা আৰু অন্যান্য’ৰ লেখক মঙ্গলছিং ৰংফাৰৰ ঘৰটো দেখুৱালে৷
‘দাদা সৌটো
বৰছিং৷’ বৰছিঙক দেখা মাত্ৰক মই চিঞৰি উঠিলোঁ৷
দোকান এখনৰ বাৰাণ্ডাতে বহি বৰছিং টেৰণে আমাৰ কাৰণে
অপেক্ষা কৰি আছিল৷ কম আয়াসতে পৰস্পৰে দেখা-দেখি হ’লোঁ৷ সন্মুখ পালত ডেকাৰজাই
ব্ৰে’ক মাৰিলে৷ বৰছিং আহি তাৰ ছাৰৰ লগতে মোকো কাৰদম জনাই মোৰ সৈতে আসন ল’লে৷ অভিযাত্ৰীৰ দলটো এতিয়া চাৰিজনীয়া
হৈ পৰিল৷
হামৰেণলৈ কোনফালেদি যোৱা হ’ব? বাকী তিনিওৰে মাজত গন্তব্য পথ সম্পৰ্কে বিচাৰ-বিবেচনা আৰম্ভ হৈছে৷ একো নকৈ মই চুপ্-চাপ্ শুনি আছোঁ৷ লিন্চিকা হৈ যোৱাৰ সিদ্ধান্ত হ’ল, থাউকতে৷ পেটে পেটে ভালেই পালোঁ, কাৰণ সেইটো বাটে আগতে মই গৈ পোৱা নাই৷ থং নক্বে’ৰ প্ৰতিকৃতিৰ কাষেদি গাড়ী আগ বাঢ়িল৷
হামৰেণলৈ কোনফালেদি যোৱা হ’ব? বাকী তিনিওৰে মাজত গন্তব্য পথ সম্পৰ্কে বিচাৰ-বিবেচনা আৰম্ভ হৈছে৷ একো নকৈ মই চুপ্-চাপ্ শুনি আছোঁ৷ লিন্চিকা হৈ যোৱাৰ সিদ্ধান্ত হ’ল, থাউকতে৷ পেটে পেটে ভালেই পালোঁ, কাৰণ সেইটো বাটে আগতে মই গৈ পোৱা নাই৷ থং নক্বে’ৰ প্ৰতিকৃতিৰ কাষেদি গাড়ী আগ বাঢ়িল৷
৬) লিন্চিকা হৈ হামৰেণলৈ…
পশ্চিম কাৰবি আংলং জিলা অৰ্থাৎ আগৰ হামৰেণ মহকুমাটো
সৰু-বৰ অসংখ্য জান-জুৰি, ওখ পাহাৰ আৰু টিলা, গছ-লতাৰে ভৰা অটব্য হাবিৰ সমষ্টি৷ আনহাতে
সমগ্ৰ কাৰবি আংলঙৰ ভিতৰত পশ্চিম কাৰবি আংলঙৰ হামৰেণ মহকুমাতেই সৰহসংখ্যক পৰ্যটন থলী
বিৰাজমান৷ উল্লেখযোগ্য যে কাৰবি সমাজ-সংস্কৃতি আৰু সভ্যতায়ো এই অঞ্চলৰ পৰাই বিস্তাৰ লাভ কৰিছিল৷ যাতায়াত
ব্যৱস্থা প্ৰয়োজন অনুসাৰে সুবিধাজনক হৈ উঠা নাই হেতুকে ঠাইসমূহ পূৰ্ণাংগ ৰূপত পোহৰলৈ
আহিবলৈ, গৱেষক-পৰ্যটকৰ মুক্ত তথা নিয়মিত আহ-যাহ ঘটিবলৈ আজিও বাকী৷ এনে কিছুমান কাৰকৰ বাবেই চাগৈ
নতুন জিলাখনৰ সদৰ স্থান পাহাৰৰ অভ্যন্তৰত সোমাই থকা হামৰেণত নহৈ পাদদেশৰ মুকলি ভৈয়াম অঞ্চল
ডংকাত পাতিবলৈ এচামে প্ৰচেষ্টা চলাইছিল৷ কাৰ্যতঃ সফল নহ’লগৈ অৱশ্যে৷ সেয়ে হ’লেও হামৰেণলৈ অহা-যোৱা
কৰাটোৱে যিকোনোজনকে দুৰ্ভোগযে ভোগাইছিল সেইটো কিন্তু সঁচা৷ এতিয়া আগতকৈ
কিছু পৰিমাণে সুচল হোৱাটো আশা কৰি আমি আগ
বাঢ়িছোঁ লিন্চিকা পথেৰে৷
‘সৌফালেই
ৰাংছিনা কলেজ৷’ তিনিআলি
এটা পাই অৰুণদাই উৎসাহেৰে কৈ উঠিল৷ আমি বাওঁহাতে যাব ধৰিলোঁ আৰু অলপ পাছতে অৰণ্যৰ
মাজত সোমাই পৰিলোঁ৷
ডক্টৰ ফুকন চন্দ্ৰ ফাংচ’ ছাৰে তাহানি মোক ডংকা ছাৰ্প’লৈ নিওঁতে প্ৰকাণ্ড প্ৰকাণ্ড গ্ৰেণাইট
আৰু পুৰণি নিছ শিলবোৰ দেখি আচৰিত হৈছিলোঁ৷ ডংকাৰ পৰা ২ কিল’মিটাৰ নিলগৰ ৰংকিমি গাঁৱত আছে থং
নক্বে’ৰ দ্বাৰা স্থাপিত মেথান লংএ অৰ্থাৎ
কুকুৰৰ স্মৃতিশিলা৷ আৰু আছে কাহিনী বিজড়িত কেংৱাৰ আংলং অৰ্থাৎ ভৰি দলিওৱা পাহাৰ৷ ডংকালাংছ’ নামে জলপ্ৰপাত এটাও ইয়াত আছে৷ আনহাতে
ডংকাৰ পৰা ২০ কিল’মিটাৰ আঁতৰত তেলেহৰ নামৰ ঠাইৰ সমীপতে
লুঞ্চে ছাৰ্প’ আংলং৷
কাৰবি লোক-কাহিনী অনুসৰি সৰগীয় সংগীতজ্ঞ, সংগীতৰ আদিগুৰু ৰাংছিনা ছাৰ্প’ই ছংছাৰ ৰেচ’ অৰ্থাৎ স্বৰ্গৰ ৰজাৰ নিৰ্দেশক্ৰমে উক্ত পাহাৰতে তেলেহৰ জুৰিৰ পাৰৰ লংৰি আবিত আশ্ৰম পাতি
কাৰবিসকলক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল৷ এইজনা মহান গুৰু আৰু সমাজ সংস্কাৰকৰ নামেৰে
নামকৰণ কৰা হৈছে ডংকামোকামৰ মহাবিদ্যালয়খন৷ ৰাংছিনা মহাবিদ্যালয় পোৱাৰ আগত ৰাস্তাৰ বাঁওফাললৈ অলপ দূৰ গৈয়ে শিলেৰে
নিজে নিজে হোৱা এটা শিৱ মন্দিৰ আছে। তাতে এটা সুৰংগও আছে৷ পাহাৰটোক আৰনাম আংলং অৰ্থাৎ ভগৱানৰ পাহাৰ আৰু
গুহাটোক আৰনাম লংকু অৰ্থাৎ ভগৱানৰ গুহা বোলা হয়৷
ডংকামোকামৰ বসতি সন্দৰ্ভত ডক্টৰ ফাংচ’ ছাৰে এইবুলি লিখি থৈ গৈছে যে ভৈয়ামৰ
জিলাসমূহত থকা কাৰবিসকলে অনুসূচীত পাহাৰী জনজাতিৰ সাংবিধানিক সা-সুবিধা নোপোৱাৰ কাৰণে
লাহে লাহে সেই সেই স্থান ত্যাগ কৰি কাৰবি আংলঙলৈ আহিবলৈ প্ৰয়াস কৰিছে৷ মাত্ৰ কেইদশকমান
আগতে বাংলাদেশ (আগৰ পূব পাকিস্তান)ৰ ভালেসংখ্যক কাৰবি লোক ভাৰতত প্ৰৱেশ কৰি কাৰবি
আংলঙৰ কেতবোৰ ঠাইত বসতি কৰিছেহি৷ তেনে এখন ঠাইৰে উদাহৰণ হৈছে ডংকামোকাম৷
১৯৭৪ চনত ডিফুৰ ৰংনিহাংস্থিত কাৰবি ক্লাবত জন্ম
লভি একেৰাহে তিনিটা বছৰ ডিফুত উদ্যাপন কৰাৰ পাছত ১৯৭৮ চনত ডংকামোকামৰ পৰাই নতুন পৰিক্ৰমা
আৰম্ভ কৰিছিল কাৰবি যুৱ মহোৎসৱে৷ এই ডংকামোকামতে ১৯৮৬ চনৰ ১ আগষ্ট তাৰিখে জন্ম লভিছিল কাৰবি প্ৰগতিশীল মহিলা সংগঠন কাৰবি নিম্ছ’ চিংথুৰ আছং, চমুকৈ কে.এন.চি.এ.৷
ডংকামোকামৰ পৰা হামৰেণ সংযোগী পোনপটীয়া ৰাস্তাটো
আছে লিন্চিকা পাহাৰৰ মাজেদি৷ গড়কাপ্তানি বিভাগে একালত সজা একা-বেঁকা ঠেক বাট৷ ডেকাৰজাই
সেই বাটে এক্সেলাৰেটৰ ডবাবলৈ আৰম্ভ কৰিলে৷ কৌতূহল অন্তৰত লৈ অকাই-পকাই ক্ৰমান্বয়ে
উঠি যাব ধৰিলোঁ৷ যান-বাহন বৰ বিশেষ নাই৷ নিৰ্জনতাৰ মাজত জিলীৰ কাণ ফলা চিঞৰহে একেৰাহে
শুনা পাই আছোঁ৷ তাকে লৈ চৰ্চা হৈছে আমাৰ মাজত৷ অৰণ্যৰ সংগীত এয়া৷ মুকলিত বিৰল৷
একালত এইবোৰ ৰাস্তাতে চলন্ত গাড়ীৰ আগে আগে
হেনো শহাপহু দৌৰিছিল৷ গাড়ীৰ শব্দত ভয় খাই বনকুকুৰা লুকাইছিলগৈ জংঘলৰ মাজত৷ আৰু কি, সতি-সন্ততিৰ
সৈতে ৰাজকীয় ভংগীমাত অৱস্থানৰত বাঘ-বাঘিনীও দেখা গৈছিল বোলে৷ আন নালাগে কলেজৰ ওচৰতো দিনতে বাঘ ওলাইছিল৷ অভিজ্ঞ মানুহে কোৱা কথা৷ আমি কি পাওঁ নাজানো৷ গৈ আছোঁ৷
৭) হামৰেণ পালোঁহি
চহৰখনৰ নিউ মাৰ্কেট এলেকাত বিগত ২০১৭ চনৰ মাৰ্চ মাহত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা ছেমছনছিং ইংতি আৰু কলা-সংস্কৃতি বিভাগৰ উদ্যোগত নিৰ্মিত ধনীৰাম ৰংপিৰ প্ৰতিকৃতি দুটা অতিক্ৰম কৰি আহিলোঁ৷ ছেমছনছিং ইংতি কাৰবি আংলঙৰ স্বপ্নদ্ৰষ্টা, নৱচেতনাৰ অগ্ৰদূত৷ ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰীত হামৰেণৰ সমীপৰ টিকা পাহাৰত জন্ম হৈছিল৷ ঘূৰি যাওঁতে টিকা পাহাৰেদি যাম বুলি মনে মনে ভাবি আছোঁ৷ হংক্ৰামৰ ধনীৰাম ৰংপি জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যপালিকা, বৈঠালাংছ' সমষ্টিৰ প্ৰাক্তন বিধায়ক৷ অসম মন্ত্ৰীসভাত আনোৱাৰা টাইমূৰ, কেশৱ গগৈ আৰু হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত মন্ত্ৰী আছিল৷
আৰু অকণমান আহি হামৰেণ চাৰিআলিত পালোঁ ২০১৫ৰ ২৬ নৱেম্বৰত পৰ্যটন বিভাগে সাজি উলিওৱা ৰেংবংহমৰ প্ৰতিকৃতি৷ ৰেংবংহমক কাৰবি ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়৷
অকাই-পকাই আমাক আগুৱাই অনাৰ পাছত তিনি মহলীয়া বিল্ডিং এটা পাৰ হৈয়ে অৰুণদাৰ নিৰ্দেশক্ৰমে ডেকাৰজাই ব্ৰে’ক মাৰিলে৷ সময় এতিয়া দিনৰ ১১.১৫৷ ৭.৪৫ৰ পৰা ১১.১৫৷ চাৰে তিনি ঘণ্টা লাগিল ডিফুৰ পৰা হামৰেণ পাওঁতে৷
৮) হামৰেণ-১
৭) হামৰেণ পালোঁহি
মাজে মাজে ৰ’দ পাওঁ, মাজে মাজে
ৰ’দ নাই৷ অৰুণদাৰ চিন্তা, বৰষুণ দিব নেকি? অলপ আগতে মই অনুমানহে কৰিছিলোঁ, এতিয়া
প্ৰকাশ্যে ওলাই পৰিল যে হয়, তেওঁ সেইটো কথাকে ভাবি আছিল৷ গাড়ীখন আগুৱাই গৈ থাকোঁতে
এইটো বুজা গ’ল যে আমাৰ আগে আগে বৰষুণ এজাক হৈ গৈছে৷ সিফালৰ পৰা অহা অট’ৰিক্সা এখনৰ হুডটো তিতি আহিছে৷
অৰুণদাৰ দুশ্চিন্তা আৰু এখোপ বাঢ়ি গ’ল৷
বাটে বাটে বাঁহগছ, কলগছ, পাচলি, আনাৰসৰ খেতি৷
কোনোবা কেঁকুৰিত অস্থায়ী চাং সাজি ঘৰুৱাভাৱে উৎপাদিত কল, শাক-পাচলি আদি বিক্ৰী কৰিছে৷
কল একাষি কিনাৰ ইচ্ছা আছিল৷ পিছে ডেকাৰজাই ব্ৰে’ক ধৰাৰ নামেই নোলোৱাত আশা বাদ দিলোঁ৷
মুলক্বং, লংএহ্পী পাৰ হৈ লিন্চিকা পাওঁতে
১১ বাজোঁ বাজোঁ হ’ল৷ কাগজে-কলমে নিষিদ্ধ যদিও কাৰবি কৃষকে পাহাৰবোৰত অৱস্থানবিশেষে জুম খেতি কৰা
দেখা পালোঁ৷ কাৰবি গ্ৰাম্য জনজীৱনৰ সৈতে জুমতলী বিশেষভাৱে সম্পৃক্ত৷ কৃষ্টি-সংস্কৃতিৰ
কৰ্ষণথলী এই জুমতলীয়েই৷ সেয়ে বাদ দিয়াটো টান৷ আনহাতে পাৰ্বত্য প্ৰকৃতিৰ সৈতে কাৰবিসকলে
আৱহমান কালৰে পৰাই সম্বন্ধ ৰাখি আহিছে আৰু ই অটুট হৈয়ে আছে৷
১১ বাজি ১০ মিনিট যোৱাত আমি বৈঠালাংছ’ সংযোগী পথটো পালোঁহি৷ সেই বাটে
হামৰেণৰ পৰা বৈঠালাংছ’লৈ দূৰত্ব ২৪ কিল’মিটাৰ৷ হামৰেণ মহকুমা গঠন কৰাৰ পূৰ্বেই হামৰেণ-বৈঠালাংছ’ সংযোগ কৰি টিকা পাহাৰৰ মাজেদি জিলা
পৰিষদে আলিবাটটো সাজি উলিয়াইছিল৷
তিনিআলিটো অতিক্ৰম কৰিয়ে বাওঁহাতে চিন্থং উন্নয়ন
খণ্ডৰ মুখ্য কাৰ্যালয়৷ আমৰেং মৌজাৰ কিছু অংশ, লাং পাম্পি আৰু পশ্চিম ৰংখাং মৌজাৰ
একোটা অংশ সামৰি এই উন্নয়ন খণ্ডটো গঠন কৰা হৈছিল৷ এইছোৱাত ৰাস্তাটো বহল পাইছোঁ
যদিও শিলগুটিয়ে যেনি-তেনি দাঁত নিকটাই আছে৷ ৰাস্তা সজাৰ কাম হাতত লোৱা হৈছিল যদিও সম্প্ৰতি বন্ধ
হৈ থকা যেন লাগিছে৷ পথ যাতায়াত ব্যৱস্থা সঠিক নোহােৱাটোৱে উন্নয়নৰ দিশত হামৰেণক এতিয়া নহয়, তাহানি জিলা গঠনৰ দিনৰ পৰাই অৱহেলিত পৰ্যায়ত ৰাখিছে৷ এইটো সূৰ্যৰ পোহৰৰ দৰেই সত্য৷
আমি এতিয়া হামৰেণ মালভূমিত৷ ভূগোলৰ দৃষ্টিত এয়া আচলতে শ্বিলং মালভূমিৰেই
এটা অংশ৷ পথ ভিন্নতাৰ বাবে কাৰবি আংলঙৰ পশ্চিম দিশত অৱস্থিত হামৰেণলৈ ডিফুৰ পৰা পথ
দূৰত্বৰ উল্লেখো ভিন্ন ভিন্ন পোৱা যায়৷ কাৰোবাৰ অংকমতে ১৫৭ কিল’মিটাৰ৷ কাৰোবাৰ হিচাপত ১৬৬৷ লংকা-লামডিং হৈ ১৪৩, হোজাই-হাওৰাঘাট হৈ ১৮০৷ আনহাতে
এই নতুন জিলা সদৰখনৰ নিকটৱৰ্তী ৰে’ল ষ্টেছনটো আছেগৈ ৪৭ কিল’মিটাৰ দূৰত্বৰ হোজাইত৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৮ নং হামৰেণ
সমষ্টি, অসম বিধান সভাৰ ২০ নং বৈঠালাংছ’ (অ.জ.) সমষ্টি তথা ৩ নং স্বায়ত্তশাসিত জিলা (অ.জ.) সংসদীয় সমষ্টিৰ অন্তৰ্গত
হামৰেণ চহৰ৷
আৰু অকণমান আহি হামৰেণ চাৰিআলিত পালোঁ ২০১৫ৰ ২৬ নৱেম্বৰত পৰ্যটন বিভাগে সাজি উলিওৱা ৰেংবংহমৰ প্ৰতিকৃতি৷ ৰেংবংহমক কাৰবি ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়৷
অকাই-পকাই আমাক আগুৱাই অনাৰ পাছত তিনি মহলীয়া বিল্ডিং এটা পাৰ হৈয়ে অৰুণদাৰ নিৰ্দেশক্ৰমে ডেকাৰজাই ব্ৰে’ক মাৰিলে৷ সময় এতিয়া দিনৰ ১১.১৫৷ ৭.৪৫ৰ পৰা ১১.১৫৷ চাৰে তিনি ঘণ্টা লাগিল ডিফুৰ পৰা হামৰেণ পাওঁতে৷
৮) হামৰেণ-১
প্ৰায় ২০ বছৰ৷ সুদীৰ্ঘ কালৰ মূৰত হামৰেণত দ্বিতীয়বাৰৰ বাবে
পদাৰ্পণ হৈছে মোৰ৷ মগজুৱে পুৰণা ছবিবোৰ মনৰ পৰ্দাত পুনৰবাৰ উজলাই তোলাৰ প্ৰয়াস চলাইছে৷
কেনেযে আছিল তেতিয়াৰ হামৰেণখন! তুলনামূলকভাৱে জেগাবোৰ এতিয়া যথেষ্ট আহল-বহল দেখিছোঁ৷
মনটো ভাল লাগি গৈছে৷ তাহানিতে লক্ষ্য কৰা, ভাবনাক বিষণ্ণ কৰি পেলোৱা হামৰেণৰ
সেই বিধ্বস্ত ৰূপটো আজি যেন অন্তৰ্ধান৷ সেয়েহে এক ধৰণৰ সন্তুষ্টি লভিছোঁ৷ পাহাৰ আৰু
অৰণ্যৰে দুৰ্ভেদ্য হামৰেণখন বহু পলমকৈ হ’লেও ন-ৰূপত উদ্ভাসি উঠাটো নিশ্চয় শুভ-লক্ষণ৷
এতিয়া দোকান-পোহাৰৰ সংখ্যা বাঢ়িছে৷ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে সাজি উলিওৱা মস্ত মাল্টি-ইউটিলিটি বিল্ডিংটো হামৰেণ টাউন কমিটিৰ ছুপাৰ মাৰ্কেট বুলি গম পালোঁ৷ ‘আজিকালি ইয়াত সকলো বস্তুৱেই পায় ছাৰ৷’ জনালে চালক ডেকাৰজাই৷ আগৰে পৰাই, ভৈয়ামৰ হোজাইৰ পৰা নিয়ন্ত্ৰিত হয় এই দিশৰ ব্যৱসায়-বাণিজ্য, দোকান-বজাৰবোৰ৷ অনেক ঠাইত সাপ্তাহিক হাটো বহে৷ ভৈয়ামৰ বেপাৰী আহে বিভিন্ন সামগ্ৰী লৈ৷ সংগ্ৰাহক বৃত্তিধাৰী মহিলা-পুৰুষে পোহাৰ মেলে পাহাৰীয়া, থলুৱা শাক-পাচলিৰ৷
এতিয়া দোকান-পোহাৰৰ সংখ্যা বাঢ়িছে৷ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙে সাজি উলিওৱা মস্ত মাল্টি-ইউটিলিটি বিল্ডিংটো হামৰেণ টাউন কমিটিৰ ছুপাৰ মাৰ্কেট বুলি গম পালোঁ৷ ‘আজিকালি ইয়াত সকলো বস্তুৱেই পায় ছাৰ৷’ জনালে চালক ডেকাৰজাই৷ আগৰে পৰাই, ভৈয়ামৰ হোজাইৰ পৰা নিয়ন্ত্ৰিত হয় এই দিশৰ ব্যৱসায়-বাণিজ্য, দোকান-বজাৰবোৰ৷ অনেক ঠাইত সাপ্তাহিক হাটো বহে৷ ভৈয়ামৰ বেপাৰী আহে বিভিন্ন সামগ্ৰী লৈ৷ সংগ্ৰাহক বৃত্তিধাৰী মহিলা-পুৰুষে পোহাৰ মেলে পাহাৰীয়া, থলুৱা শাক-পাচলিৰ৷
প্ৰশাসনীয় সুবিধাৰ লগতে পশ্চিমাঞ্চলৰ কেতবোৰ
এলেকা, যিবোৰ একালত মিকিৰ পাহাৰ জিলাৰ বৈঠালাংছ’ থানাৰ অধিকাৰ
ক্ষেত্ৰৰ ৰূপত আছিল, তাকেই ১৯৭২ চনৰ ১ জানুৱাৰীত উন্নীত কৰা হৈছিল তদানীন্তন জিলাখনৰ
পূৰ্ণ পৰ্যায়ৰ দ্বিতীয়টো মহকুমা, হামৰেণ নামেৰে৷ মাটিকালি ৩,০৩৫.৫০
বৰ্গ কিল’মিটাৰ৷ কাৰ্যতঃ সিয়ে এতিয়া পশ্চিম কাৰবি আংলং জিলা হ’ল৷ হামৰেণ সদৰ ঠাই হৈ পৰিল৷ সেয়ে কপিলী সীমান্ত পাৰ হৈ
অহাৰে পৰাই এইফালে ৰূপান্তৰ আৰু ব্যস্ততা অকণমান হোৱা যেন লাগিছে৷
দুৰ্গম পাহাৰৰ গোপন বক্ষত বসতি কৰা কাৰবিসকলৰ
ইতিহাসবহিৰ্ভূত অপ্ৰকাশিত অনেক কথা, ঐতিহাসিক ঘটনা জনগোষ্ঠীটোৰ মৌখিক সাহিত্য যেনে
গীত-মাত, সাধুকথা, কিম্বদন্তী, পুৰা কাহিনীত নানাৰঙী মাণিক-মুকুতাহৈ সোমাই আছে৷ হামৰেণ নামৰ ঠাইখনৰ সন্দৰ্ভতো এটা কিম্বদন্তী আছে৷
তদনুসৰি, পুৰণি কালত হাৰ ৰংহাং (হাৰ পক্কাং) নামে কাৰবি ৰজা এজনে ছ’চেং নামৰ ঠাই এখনত ৰাজধানী পাতিছিল৷ তেওঁৰ মৃত্যুৰ পাছত পুতেক বংহম ৰংহাং (ৰেংবংহম) ৰাজপাটত উঠে৷ ৰেংবংহমৰ আমোলত ৰংচেচ’ৰ টকবি ফৈদৰ মন্ত্ৰীগৰাকীয়ে খিন্ৰিমৰ খাচিয়া যুৱক এজনৰ সৈতে বন্ধু পাতিছিল৷ এই বন্ধুদ্বয়ে ৰেংবংহম ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰিবলৈ পাং পাতিলে৷ ৰেংবংহমে আগতীয়াকৈ খবৰ পাই ৰাজধানী এৰি পলাই গ’ল৷ মুখিম নামৰ ঠাইত এটা গুহাত আশ্ৰয় ল’লে৷ ৰাজধানী ছ’চেঙৰ পতন হোৱাত ৰাজকুঁৱৰীসকলক তাৰ পৰা লৈ আহিবলৈ ছাৰ্প’ ফাংচ’ নামে লোক এজনক ছ’চেঙলৈ পঠোৱা হ’ল৷ কুঁৱৰীসকল ৰজাৰ ওচৰ পালেহি৷ কিছুদিনৰ পাছতে ৰেংবংহমৰ মৃত্যু ঘটিল৷ পুতেক বহই ৰংহাং ৰজা হ’ল৷ ৰজা হৈয়ে তেওঁ ছ’চেং উদ্ধাৰৰ বাবে যাত্ৰা কৰিলে৷ ছ’মুপে পাহাৰৰ কাষেৰে বৈ যোৱা আম্ছেলাম জুৰিৰ পাৰ পালেহি৷ সেই জুৰিৰ পাৰতে আম্ টেৰণ নামৰ লোক এজনৰ কৃষিভূমি আছিল৷ তাতে তেওঁলোকে জিৰণি ল’বলৈ মনস্থ কৰিলে৷ সাংগোপাংগবোৰে শাৰী শাৰীকৈ খেৰী ঘৰ, হামৰেণ সাজি উলিয়ালে৷ ৰাজবিষয়া আৰু সৈন্য-সামন্ত সমন্বিতে ৰজাই তাতে আশ্ৰয় ল’লে৷ তাৰ পৰাই ঠাইখিনিৰ নাম হ’লগৈ হামৰেণ৷
তদনুসৰি, পুৰণি কালত হাৰ ৰংহাং (হাৰ পক্কাং) নামে কাৰবি ৰজা এজনে ছ’চেং নামৰ ঠাই এখনত ৰাজধানী পাতিছিল৷ তেওঁৰ মৃত্যুৰ পাছত পুতেক বংহম ৰংহাং (ৰেংবংহম) ৰাজপাটত উঠে৷ ৰেংবংহমৰ আমোলত ৰংচেচ’ৰ টকবি ফৈদৰ মন্ত্ৰীগৰাকীয়ে খিন্ৰিমৰ খাচিয়া যুৱক এজনৰ সৈতে বন্ধু পাতিছিল৷ এই বন্ধুদ্বয়ে ৰেংবংহম ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰিবলৈ পাং পাতিলে৷ ৰেংবংহমে আগতীয়াকৈ খবৰ পাই ৰাজধানী এৰি পলাই গ’ল৷ মুখিম নামৰ ঠাইত এটা গুহাত আশ্ৰয় ল’লে৷ ৰাজধানী ছ’চেঙৰ পতন হোৱাত ৰাজকুঁৱৰীসকলক তাৰ পৰা লৈ আহিবলৈ ছাৰ্প’ ফাংচ’ নামে লোক এজনক ছ’চেঙলৈ পঠোৱা হ’ল৷ কুঁৱৰীসকল ৰজাৰ ওচৰ পালেহি৷ কিছুদিনৰ পাছতে ৰেংবংহমৰ মৃত্যু ঘটিল৷ পুতেক বহই ৰংহাং ৰজা হ’ল৷ ৰজা হৈয়ে তেওঁ ছ’চেং উদ্ধাৰৰ বাবে যাত্ৰা কৰিলে৷ ছ’মুপে পাহাৰৰ কাষেৰে বৈ যোৱা আম্ছেলাম জুৰিৰ পাৰ পালেহি৷ সেই জুৰিৰ পাৰতে আম্ টেৰণ নামৰ লোক এজনৰ কৃষিভূমি আছিল৷ তাতে তেওঁলোকে জিৰণি ল’বলৈ মনস্থ কৰিলে৷ সাংগোপাংগবোৰে শাৰী শাৰীকৈ খেৰী ঘৰ, হামৰেণ সাজি উলিয়ালে৷ ৰাজবিষয়া আৰু সৈন্য-সামন্ত সমন্বিতে ৰজাই তাতে আশ্ৰয় ল’লে৷ তাৰ পৰাই ঠাইখিনিৰ নাম হ’লগৈ হামৰেণ৷
আভিধানিক অৰ্থ অনুযায়ী হামৰেণ হ’ল বেৰ নথকা দীঘল ঘৰ৷ আনহাতে এচাম
লোকে এনেকৈও ভাবে যে কাৰবি শব্দ ‘ৰেন’ মানে শাৰী৷ ‘হাম’ শব্দটো ‘হেম’ৰ অপভ্ৰংশ, যাৰ অৰ্থ ঘৰ৷ গতিকে হামৰেণ
মানে ঘৰৰ শাৰী বা শাৰী শাৰী ঘৰ৷
উপাস্য মূৰ্তি বা পৌত্তলিকাবিহীন পূজা, কাৰবিসকলৰ
চ’জুন অৰ্থাৎ স্বৰগ পূজাত পূজাথলীৰ উত্তৰে আক্ৰাপ্ অৰ্থাৎ গাহৰি আৰু মুৰ্গীৰ মাংস
ৰখা ঠাইখিনিক সোঁমাজতে ৰাখি এফালে কুৰুছাৰ (পূজাৰী), হাবে’ (প্ৰশাসক), পিন্প’ (আঞ্চলিক মুৰব্বী), ছাৰ্থে (গাঁওবুঢ়া)
আদি সমাজৰ দায়িত্বশীল লোকসকলে জিৰণি ল’বৰ বাবে ছাৰ-হাবে’ ফাৰ্লা আৰু আনফালে গৃহস্থৰ ভিনিহি, মোমাই, ভাগিন, জোঁৱাই আৰু অন্যান্য পুৰুষ
বন্ধুবৰ্গই জিৰণি ল’বৰ বাবে অং-নিহু ফাৰ্লা সজা হয়৷
এচলীয়াকৈ অস্থায়ী ৰূপত দীঘলীয়াভাৱে এই দুই ফাৰ্লা বা হামৰেণ নিৰ্মাণ কৰা হয় বাঁহ,
খেৰ, বনৰীয়া গছ-পাত আদিৰে৷
৯) হামৰেণ-২
৯) হামৰেণ-২
হামৰেণ মালভূমিৰ ওপৰত এইখন হামৰেণ টাউন৷ আহিম আহিম বুলি আজি উপস্থিত হ’লোঁহি থাই আপ্চিৰৰ যাত্ৰাপথত৷ এনে লাগিছে, নতুন বতাহ, নতুন উশাহেৰে যেন লাহে লাহে বাঢ়িব ধৰিছে হামৰেণ৷ বিখ্যাত টিকা
পাহাৰৰ নাতিদূৰত থকা এই ঠাইৰ উত্তৰ ফালটোৰ নাম উম্তেলি আছিল বুলি পঢ়িবলৈ পাওঁ৷ উম্তেলি জুৰি
ইয়াৰ মাজেদি বৈছে৷ দক্ষিণ ফালটো আমবিনং নামে জনা যায়৷
হামৰেণত প্ৰাথমিক, মজলীয়া, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, অসামৰিক চিকিৎসালয়, অসম ৰাজ্যিক পথ পৰিৱহণ নিগমৰ বাছ আস্থান, আৰক্ষী চকী, জিলা কাৰাগাৰ, ভাৰতীয় ষ্টেট বেংকৰ শাখা, অসম গ্ৰামীণ বিকাশ বেংক (পূৰ্বৰ লাংপী দিহাংগী গাঁৱলীয়া বেংক)ৰ শাখা, ডাকঘৰ, যাদুঘৰ, পুথিভঁৰাল, তেল ডিপ’, শিশু উদ্যান, উন্নয়ন খণ্ডৰ কাৰ্যালয়, ৰেছম পাম, এৰী পাম, তথ্য আৰু জনসংযোগৰ কাৰ্যালয়, বন বিভাগ, গড়কাপ্তানি বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ভূমি সংৰক্ষণ বিভাগ, কৃষি আৰু উদ্যান শস্য বিভাগ, সাংস্কৃতিক বিভাগ, নগৰ সমিতি আদিৰ কাৰ্যালয়, গৃহ, আবাসিক আদি আছে৷ দৈনিক আৰু সাপ্তাহিক বজাৰ আছে৷ দৰাচলতে বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়বোৰেই সৰু পাহাৰীয়া চহৰখনৰ জীৱন-যাত্ৰাৰ সঞ্জীৱনী৷
হামৰেণত প্ৰাথমিক, মজলীয়া, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, অসামৰিক চিকিৎসালয়, অসম ৰাজ্যিক পথ পৰিৱহণ নিগমৰ বাছ আস্থান, আৰক্ষী চকী, জিলা কাৰাগাৰ, ভাৰতীয় ষ্টেট বেংকৰ শাখা, অসম গ্ৰামীণ বিকাশ বেংক (পূৰ্বৰ লাংপী দিহাংগী গাঁৱলীয়া বেংক)ৰ শাখা, ডাকঘৰ, যাদুঘৰ, পুথিভঁৰাল, তেল ডিপ’, শিশু উদ্যান, উন্নয়ন খণ্ডৰ কাৰ্যালয়, ৰেছম পাম, এৰী পাম, তথ্য আৰু জনসংযোগৰ কাৰ্যালয়, বন বিভাগ, গড়কাপ্তানি বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ভূমি সংৰক্ষণ বিভাগ, কৃষি আৰু উদ্যান শস্য বিভাগ, সাংস্কৃতিক বিভাগ, নগৰ সমিতি আদিৰ কাৰ্যালয়, গৃহ, আবাসিক আদি আছে৷ দৈনিক আৰু সাপ্তাহিক বজাৰ আছে৷ দৰাচলতে বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়বোৰেই সৰু পাহাৰীয়া চহৰখনৰ জীৱন-যাত্ৰাৰ সঞ্জীৱনী৷
শান্ত, প্ৰদূষণমুক্ত, স্বাস্থ্যকৰ ঠাই হামৰেণ৷ মনোমুগ্ধকৰ নৈসৰ্গিক দৃশ্যৰ মাজত তিছ’ আংলঙৰ শিখৰত আছে ছবিৰ দৰে লগা সুবিশাল চাৰ্কিট হাউচটো৷ কালি হামৰেণত ন্যায়িক
আদালত আৰু কাৰ্যালয়ো উদ্বোধন কৰা হৈছে৷ স্বাভাৱিকতে এতিয়া কৰ্মব্যস্ততা আৰু অধিক বাঢ়িব৷ পৰিৱেশ সলনি হ’ব৷ প্ৰথম দৃষ্টিতে ঠাইখনৰ পূৰ্বৰ বিপৰ্যস্ত ৰূপটোৰ
বিলুপ্তি ঘটা যেন লাগিছে মোৰ৷ নতুনকৈ জিলা হৈ পৰাত গুৰুত্ব বৃদ্ধি পাইছে৷ অনেক সম্ভাৱনা বুকুত লৈও স্বাধীনতাৰ ইমান বছৰৰ পাছলৈকে হামৰেণখন অৱহেলিত হৈ পৰি ৰ’ল, চৰকাৰী শুভদৃষ্টিৰ অভাৱত৷ আৰু অৱশেষত, মৰ্যাদা লভিলে পশ্চিম কাৰবি আংলং জিলাৰ সদৰ বুলি৷
এই জিলাৰ উত্তৰে নগাঁও জিলা৷ দক্ষিণে মেঘালয়
ৰাজ্য আৰু ডিমা হাচাও জিলা৷ পূবে ডিমা হাচাও জিলা৷ পশ্চিম সীমাতো মেঘালয় ৰাজ্য৷ জিলাখনৰ দক্ষিণ-পশ্চিম
অঞ্চলটো ওখ৷ অৰণ্যবোৰ বিভিন্ন জাতৰ বনৰীয়া জীৱ-জন্তুৰ বিচৰণভূমি৷ বনজ সম্পদত চহকী৷ পাৰ্বত্য অঞ্চলবোৰত জনবসতি সেৰেঙা৷ আলু, কচু, এৰী, কপাহ,
তিল, মাকৈ, লাও, কোমোৰা, জলকীয়া, বেঙেনা, আদা, হালধি, কল, মাটিকঁঠাল, ডালচেনি, বাঁহ,
বেত, ঝাৰু আদিৰ উপৰি পাহাৰত আৰা কাটি আহুধানৰ খেতি কৰি মানুহে জীৱিকাৰ পথ মোকলায়৷
ভূমি সংৰক্ষণৰ বাবে জুম প্ৰথা বন্ধ কৰা হৈছে যদিও ঠায়ে ঠায়ে আজিও আছে৷ আনহাতে ভৈয়াম অৰ্থাৎ সমতলৰ পলসুৱা অঞ্চলবোৰত ধান
খেতি ভাল হয়৷ ঘৰুৱা জীৱনত কুটিৰ শিল্পৰ প্ৰয়োগ দেখা যায়৷
মূল কাৰবিৰ লগতে তিৱা,
খাচিয়া-জয়ন্তীয়া, অসমীয়াভাষী, বাঙালী, বিহাৰী আদিয়ে এই জিলাৰ পৰিসীমাৰ ভিতৰত বসতি কৰি আছে৷ কৃষি-কৰ্মই সৰ্বসাধাৰণ ৰাইজৰ জীৱিকা অৰ্জনৰ ঘাই উৎস৷ তদুপৰি চাকৰি, ব্যৱসায়-বাণিজ্য,
ঠিকা-ঠুকলি, শিলৰ কোৱাৰি, খনি, পৰিৱহণ, ঘৰুৱা উদ্যোগ আদিকে ধৰি অন্যান্য বৃত্তিটো আবাসীসকল জড়িত৷
মেঘালয়ৰ বৃষ্টিছায়া অঞ্চলৰ সমীপত থকা বাবে হামৰেণ আৰু দাঁতি-কাষৰীয়া অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ৷ প্ৰদূষণ কম৷ এই ঠাইৰ স্থানীয় মানুহবোৰৰ সৰলতা আৰু হৃদয়ৰ প্ৰাচুৰ্য উল্লেখনীয়৷
কাৰোবাৰ ঘৰলৈ আলহী আহিলে চহৰখনৰ সকলোৰে আলহী হৈ পৰে৷ এনেকুৱা ভ্ৰাতৃত্বৰ বন্ধন
আছিল হামৰেণত৷ ‘অনুৰাধাৰ
দেশ’ৰ ৰচয়িতা ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰীয়ে
ইয়ালৈ এবাৰ আহিয়ে সেয়া হৃদয়ংগম কৰিছিল আৰু উৎসাহেৰে লিখিছিল৷
প্ৰাকৃতিক গঠন অনুসৰি হামৰেণ মহকুমাটোক (এতিয়া জিলা) পাহাৰীয়া আৰু ভৈয়াম এই দুই ভাগত ভগাব পাৰি৷ মহকুমাটোৰ এক তৃতীয়াংশ অঞ্চল পাহাৰেৰে ভৰা৷ মাজে মাজে সৰু সৰু সমভূমি৷ টিকা, ছ’চেং, মিন্দাৰ, হাৰ লংজন, আর্হাং লংজন, বৰপো, লেংচেং, লিন্চিকা, তিৰ্কিম, ছ’মুপং, ছ’মুপে, ৰংহাং ৰংবং, হামৰেণ, তিছ’ আংলং, ক্লেংছাৰ্প’ আংলং, নক্ তেৰাং, ক’কা, লবংকেংতং, চেক্ছ’, মুলংফাক, লংপাই, মুজং, লামা, হিং ৱ’কেক, দেংদিত, চেলেং, মাজং, বৰগাঁও, লাৰু, পুঞ্জা, আম্চেং আদি এই মহকুমাৰ সৰু-বৰ পাহাৰ আৰু টিলা৷ কপিলী, কাৰবি লাংপী (বৰপানী), কলঙা, চিনা নদী, আম্ৰেং, আম্-ই, কিলিং, উম্ৰু, ডংকা, আম্তেৰেং, উম্তেলি আদি প্ৰধান নৈ-উপনৈ, জান-জুৰি যিয়ে মহকুমাটোৰ মাটিভাগ সাৰুৱা কৰি ৰাখিছে৷ বিথুং ৰেংথামা, বিচিক্ৰি, মেইমাৰু, তৰাডুবি, চাম পৰা, চেংচেং ইত্যাদি লেখত ল’বলগীয়া বিল৷
১০) হামৰেণ-৩
প্ৰাকৃতিক গঠন অনুসৰি হামৰেণ মহকুমাটোক (এতিয়া জিলা) পাহাৰীয়া আৰু ভৈয়াম এই দুই ভাগত ভগাব পাৰি৷ মহকুমাটোৰ এক তৃতীয়াংশ অঞ্চল পাহাৰেৰে ভৰা৷ মাজে মাজে সৰু সৰু সমভূমি৷ টিকা, ছ’চেং, মিন্দাৰ, হাৰ লংজন, আর্হাং লংজন, বৰপো, লেংচেং, লিন্চিকা, তিৰ্কিম, ছ’মুপং, ছ’মুপে, ৰংহাং ৰংবং, হামৰেণ, তিছ’ আংলং, ক্লেংছাৰ্প’ আংলং, নক্ তেৰাং, ক’কা, লবংকেংতং, চেক্ছ’, মুলংফাক, লংপাই, মুজং, লামা, হিং ৱ’কেক, দেংদিত, চেলেং, মাজং, বৰগাঁও, লাৰু, পুঞ্জা, আম্চেং আদি এই মহকুমাৰ সৰু-বৰ পাহাৰ আৰু টিলা৷ কপিলী, কাৰবি লাংপী (বৰপানী), কলঙা, চিনা নদী, আম্ৰেং, আম্-ই, কিলিং, উম্ৰু, ডংকা, আম্তেৰেং, উম্তেলি আদি প্ৰধান নৈ-উপনৈ, জান-জুৰি যিয়ে মহকুমাটোৰ মাটিভাগ সাৰুৱা কৰি ৰাখিছে৷ বিথুং ৰেংথামা, বিচিক্ৰি, মেইমাৰু, তৰাডুবি, চাম পৰা, চেংচেং ইত্যাদি লেখত ল’বলগীয়া বিল৷
১০) হামৰেণ-৩
অতীত অধ্যয়ন আৰু বিশ্লেষণ কৰিলে সহজে ওলাই পৰে যে কাৰবিসকলৰ প্ৰথম গাঁও প্ৰতিষ্ঠাৰ পৰা আদি কৰি পূজা-পাতল, সামাজিক ৰীতি-নীতি, আদৰ্শ-পৰম্পৰা, আইন-কানুন, থেকাৰ (পৱিত্ৰকৰণ), তন্ত্ৰ-মন্ত্ৰ, কৃষি-কৰ্ম, নৃত্য-গীত, বিবাহ প্ৰথা, প্ৰশাসনিক বিধি-ব্যৱস্থাৰ লগতে বীৰ-বীৰাংগনা
আৰু অনেক পৌৰাণিক তথা হৃদয়স্পৰ্শী অমৰ কাহিনী-কিম্বদন্তীৰ পটভূমি কিম্বা উৎপত্তিস্থল হ’ল হামৰেণ ভূখণ্ড৷ লংমুক্ৰাং-ৰাংমুক্ৰাং-হাংমুক্ৰাং,
কাৰেং-কাদিং, ৰংছ’প’ টেৰণ, ৰাংছিনা, ছিংমিৰ্জেং-লংমিৰ্জেং, লংবি-চেদু, লংদুৱে, ৱেলংবি-হাৰলংবি,
ৰূকাছেন, হাৰবামন, দিদি-দিচুমাই, ছত্, ৰেংবংহম, ৱাইছং, থং, লৰচুতি, ছিৰ্ টকবি, বিখা কাংবুৰৱা, থিৰেং-ৱাংৰেং, হাঈ-লং, ৰংফাৰপী, চিন্তু, ডিহুন, লাৰ্টা, ৰোমীৰ, লাৰবিন-লিৰবন আদি ঐতিহাসিক কিম্বা ইতিহাসবহিৰ্ভূত প্ৰাচীন চৰিত্ৰসমূহৰ আবিৰ্ভাৱ নাইবা বিচৰণথলী এই পৱিত্ৰ ভূমি৷ কপ্লি (কপিলী), কুলেং (কিলিং), বৰপানী (কাৰবি লাংপী), দিয়ুং, উম্ৰাছি,
আম্-ই, আম্লং, আম্ৰেঙৰ পাৰে পাৰে তেওঁলোকৰ গতি আৰু বসতি৷ কুলেং নৈৰ তীৰৰ ৰং ৰেংছাং, নংকুলা;
কপ্লি নৈৰ পাৰৰ মিৰিং (বা মুৰিং) ৰংছ’পী, পুত্চাৰি পাহাৰৰ বুকুৰ টেৰণ ৰংছ’প’, কুমফাং নৈপৰীয়া আক্লি
ৰংছ’পী, বৰলিএ, আম্তাৰপেং পাহাৰৰ ছ’চেং ৰংছ’পী; পেংজা ৰংনিহাং, তেলেহৰ জুৰিৰ
কাষৰ লৰিং আবি আদি ঐতিহ্যপূৰ্ণ গাঁও-নগৰ৷ ‘বাঘ মানৱ’ কিলিং চংক্ৰেতৰ কাহিনী হামৰেণ মহকুমাৰে আম্ৰেং অঞ্চলেদি বৈ থকা আম্ৰেং নৈৰ দক্ষিণ অংশৰ (কিলিং লংৰি)৷ ইয়াতে অৱস্থিত তেলেহৰ, চেলেং আথেপাই, বিচিক্ৰি আবি, হেমেপী আলাংবি, ছুমুপং, তিৰ্কিম, আৰ্লছ’ আৰং, জয়ন্তীয়া ৰাজ্যৰ সীমান্তত বৃছ’কইদাই স্থাপন কৰা বৰপো ৰাজ্য আৰু কত কি!
এই ভূখণ্ডতে হৈছিল থাপ্ (বাখৰ), হৰ (সুৰা), বংক্ৰক
(তিতালাও), লখী (ধান), বিৰিক (জলকীয়া) ইত্যাদিৰ উৎপত্তি৷ পাতনি মেলিছিল জিৰছং, জিৰকেদাম, আদামাছাৰ,
ছক্কেৰই, হাচাকেকান, অক্কেপ্ৰু, ৰংকেৰ, চ’জুন, চ’মাংকান,
জাম্বিলি আথন আদিয়ে৷ এনে সাংস্কৃতিক বুনিয়াদৰ ভেটিত কাৰবি জনজীৱনে প্ৰাণ পাই উঠিছিল হামৰেণৰ বায়ু-পানী-মাটিৰ পৰশত৷
এইটো দিশৰ পৰা মিকিৰ পাহাৰ (পাছলৈ কাৰবি আংলং)
জিলাৰ মহকুমা তিনিটাৰ ভিতৰত হামৰেণৰ বিশেষত্ব মন কৰিবলগীয়া৷ এই মাটিৰ প্ৰধান খিলঞ্জীয়া জনগোষ্ঠী কাৰবিসকলৰ কলা-সংস্কৃতি, শিক্ষা-সভ্যতাৰ বিকাশ ইয়াতেই হৈছিল, কাৰবি সংস্কৃতিৰ উপাসক বসন্ত দাসদাৰ ভাষাত যিটো অত্যন্ত তাৎপৰ্যপূৰ্ণ, অসাধাৰণ, ব্যাপক আৰু গভীৰ৷ বিভিন্ন কাৰণত পিছলৈ জনসমষ্টি সিঁচৰতি হৈ পৰিল৷ ৰংখাং, ছ’চেং, আম্ৰি, চিন্থঙৰ পাহাৰৰ পৰাই পালেগৈ লুম্বাজং৷ লুম্বাজঙৰে ডিফু চহৰত স্থাপন হ’ল সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ জিলাৰ সদৰ৷ পৰ্বতৰ আঁৰত উন্নয়নহীন হামৰেণ পিছ পৰি ৰ’ল বছৰৰ পাছত বছৰ৷
ডক্টৰ ফুকন চন্দ্ৰ ফাংচ’ ছাৰে লিখি থৈ গৈছে যে প্ৰাক্-ঐতিহাসিক
কালতে কাৰবিসকলৰ প্ৰথমটো দল আম্ৰি কাৰবিসকল ম্যানমাৰৰ কুকি-চীন অঞ্চলৰ পৰা বৰ্তমান
নাগালেণ্ডৰ দক্ষিণ আৰু মণিপুৰৰ উত্তৰ অঞ্চলেদি উত্তৰ কাছাৰৰ পাৰ্বত্য অঞ্চলত
প্ৰৱেশ কৰিছিল৷ তাত বহু শতিকা বাস কৰাৰ পাছত কপিলী উপত্যকাইদি উত্তৰলৈ প্ৰব্ৰজিত
হৈ পিছলৈ পশ্চিম দিশে গতি কৰি প্ৰৱেশ কৰিছিল হামৰেণ মহকুমাৰ ভূভাগত৷ হামৰেণৰ
পশ্চিমাঞ্চলত নিগাজিকৈ বসতি স্থাপন কৰিছিল৷ সেই অঞ্চলৰ পৰা পূব খাচিয়া পাহাৰৰ
উত্তৰাংশ অৰ্থাৎ ৰি-ভয় জিলা পৰ্যন্ত তেওঁলোক বহু শতিকা ধৰি বসবাস কৰি আছিল৷ হামৰেণ
মহকুমাৰ পশ্চিম প্ৰান্তত থকা আম্ৰি উন্নয়ন খণ্ডৰ কাৰবিসকল মূলতঃ এই প্ৰথম কাৰবি
দলটোৰ সতি-সন্তান বুলি ঠাৱৰ কৰা হৈছে৷
আম্ৰি কাৰবিসকল অহা পথেৰেই আন
এটা কাৰবি দল (ৰংহাং কাৰবি) উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলত প্ৰৱেশ কৰিছিল৷ তেওঁলোকে
তাত বহু শতিকা ধৰি বসতি কৰাৰ পাছত কপিলী উপত্যকাইদি হামৰেণ অঞ্চলত প্ৰৱেশ কৰি
বিভিন্ন ঠাইত সিঁচৰতিভাৱে বসতি কৰিবলৈ লোৱাত প্ৰতিষ্ঠা হৈছিল ৰংখাং ৰাজ্য৷
হামৰেণৰ পাৰ্বত্য অঞ্চল, পাদদেশ আৰু উত্তৰ-পূবে কপিলী উপত্যকা পৰ্যন্ত বিয়পি পৰা, এক কাৰবি ৰাজ প্ৰতিষ্ঠা কৰা, সেয়াই তাহানিৰ সুবিখ্যাত ৰংখাং ৰাজ্য য’ত আছিল ১২খন লংৰি (প্ৰদেশ)৷ হাবেপি, চংখিলি, উমাহা, ৰাপাতি, উম্লাৰং, ৰংহান, নক্বেৰে, দেৰা, ৰংচেইচ’, ৰংপি, কিলিং আৰু ভইতিৰি৷ বেলেগ বেলেগ সময়ত লংৰিসমূহত স্থাপন হৈছিল ১২খন ৰাজধানী গাঁও৷ চফলাৰুং, মেন্চিৰু, টামু, কৰেংখাং, ছ’চেং, মুখিম, আম্ছেলাম, পিদং, থাইহং, থংকেদান, ফংৰংমান আৰু ৰংহাংৰংবং (নিজ ৰংখাং)৷
এই সত্য আৰু সম্পদসমূহৰ ভিত্তিতে হামৰেণ মহকুমাটোক কাৰবি সংস্কৃতিৰ পীঠস্থান বুলিব খোজোঁ৷ সাংস্কৃতিকভাৱে বিৰাট চহকী আৰু উচ্চ এই হামৰেণত সাংস্কৃতিক প্ৰকল্প (কাৰবি পিপুল্চ হল) স্থাপন নহৈ ডিফুৰ তাৰালাংছ’ত কিয় হ’ল আজিও বুজি নাপালোঁ৷ একমাত্ৰ সমস্যা হয়তো পথ যোগাযোগ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ, পৰিষদৰ অন্তৰ্গত গড়কাপ্তানি বিভাগ এটা থাকোঁতে এইফালৰ পথ যোগাযোগ ব্যৱস্থা ইমানদিনে কিয় উন্নত নহ’ল সিও এক বৃহৎ সাঁথৰ৷ নিৰৱে-নিমাতে বছৰ বছৰ ধৰি অৱহেলিত হৈ থাকিল হামৰেণ, পশ্চিম কাৰবি আংলং৷ এতিয়া জিলাৰ মৰ্যাদা পাই প্ৰশাসনীয় কেন্দ্ৰস্থল হৈ পৰাত পলমকৈ হ’লেও প্ৰগতিৰ পথত আগুৱাই যাব বুলি আমি আশাবাদী৷ পিছে দুৰাশা বা শংকাও নথকা নহয়৷ দীৰ্ঘদিন ধৰি সংৰক্ষণহীন সোণসেৰীয়া ঐতিহ্যসমূহৰ কি হ’ব? উদ্ধাৰ সম্ভৱ হ’বজানো? নে সাধু হৈ ৰৈ যাব? থাই আপ্চিৰৰ যাত্ৰাপথত কথাবোৰ চিন্তা কৰিছোঁ হামৰেণৰ বুকুত থিয় দি৷
১১) হামৰেণ-জোৱাই পথেৰে...
হামৰেণৰ পাৰ্বত্য অঞ্চল, পাদদেশ আৰু উত্তৰ-পূবে কপিলী উপত্যকা পৰ্যন্ত বিয়পি পৰা, এক কাৰবি ৰাজ প্ৰতিষ্ঠা কৰা, সেয়াই তাহানিৰ সুবিখ্যাত ৰংখাং ৰাজ্য য’ত আছিল ১২খন লংৰি (প্ৰদেশ)৷ হাবেপি, চংখিলি, উমাহা, ৰাপাতি, উম্লাৰং, ৰংহান, নক্বেৰে, দেৰা, ৰংচেইচ’, ৰংপি, কিলিং আৰু ভইতিৰি৷ বেলেগ বেলেগ সময়ত লংৰিসমূহত স্থাপন হৈছিল ১২খন ৰাজধানী গাঁও৷ চফলাৰুং, মেন্চিৰু, টামু, কৰেংখাং, ছ’চেং, মুখিম, আম্ছেলাম, পিদং, থাইহং, থংকেদান, ফংৰংমান আৰু ৰংহাংৰংবং (নিজ ৰংখাং)৷
এই সত্য আৰু সম্পদসমূহৰ ভিত্তিতে হামৰেণ মহকুমাটোক কাৰবি সংস্কৃতিৰ পীঠস্থান বুলিব খোজোঁ৷ সাংস্কৃতিকভাৱে বিৰাট চহকী আৰু উচ্চ এই হামৰেণত সাংস্কৃতিক প্ৰকল্প (কাৰবি পিপুল্চ হল) স্থাপন নহৈ ডিফুৰ তাৰালাংছ’ত কিয় হ’ল আজিও বুজি নাপালোঁ৷ একমাত্ৰ সমস্যা হয়তো পথ যোগাযোগ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ, পৰিষদৰ অন্তৰ্গত গড়কাপ্তানি বিভাগ এটা থাকোঁতে এইফালৰ পথ যোগাযোগ ব্যৱস্থা ইমানদিনে কিয় উন্নত নহ’ল সিও এক বৃহৎ সাঁথৰ৷ নিৰৱে-নিমাতে বছৰ বছৰ ধৰি অৱহেলিত হৈ থাকিল হামৰেণ, পশ্চিম কাৰবি আংলং৷ এতিয়া জিলাৰ মৰ্যাদা পাই প্ৰশাসনীয় কেন্দ্ৰস্থল হৈ পৰাত পলমকৈ হ’লেও প্ৰগতিৰ পথত আগুৱাই যাব বুলি আমি আশাবাদী৷ পিছে দুৰাশা বা শংকাও নথকা নহয়৷ দীৰ্ঘদিন ধৰি সংৰক্ষণহীন সোণসেৰীয়া ঐতিহ্যসমূহৰ কি হ’ব? উদ্ধাৰ সম্ভৱ হ’বজানো? নে সাধু হৈ ৰৈ যাব? থাই আপ্চিৰৰ যাত্ৰাপথত কথাবোৰ চিন্তা কৰিছোঁ হামৰেণৰ বুকুত থিয় দি৷
১১) হামৰেণ-জোৱাই পথেৰে...
অৰুণদাই আগতেই কথা পাতি থোৱামতে পথৰ দাঁতিত অৱস্থান কৰি আন দুজন লোকৰ সৈতে বাৰ্তালাপত নিমগ্ন হৈ আছিল তেওঁৰ অফিছৰে হাৰছিং৷ ষ্টেট বেংক অফ্ ইণ্ডিয়াৰ এ.টি.এম.টোৰ
সন্মুখ পাওঁতে হাৰছিং আৰু অৰুণদাৰ দৃষ্টি বিনিময় ঘটিল৷ চালক ডেকাৰজায়ো চিনি পালে একেটা কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনক৷ গাড়ীখন ৰৈ গ’ল৷ ছাৰক কাৰদম জনাই লৰালৰিকৈ আমাৰ একাষে বহিলহি হামৰেণ নিবাসী হাৰছিং টক্বি৷ কিছু সময়ৰ পূৰ্বে ডংকাত বৰছিং আৰু এতিয়া হামৰেণত হাৰছিং যোগ হোৱাত তিনিৰ পৰা গৈ দলটো পাঁচজনীয়া হ’লোঁ৷ অৰুণদাই সজোৰে ঘোষণা কৰিলে, ‘থাই আপ্চিৰলৈ দল সম্পূৰ্ণ৷ এতিয়া যাব লাগে৷ ১১.৩০ হৈছেহে৷ ঘূৰি আহি হামৰেণত ভাত খাম৷’
থাই আপ্চিৰে ভোক-পিয়াহ কাঢ়ি লৈ গ’ল৷ সিদ্ধান্তটোত সকলো সন্মত হোৱাৰ ইংগিত পাই ডেকাৰজাই ইঞ্জিন চালু কৰিলে৷ নতুন কৌতূহল এটাই মোৰ মনটোকো আৱৰি ধৰিলেহি৷
থাই আপ্চিৰে ভোক-পিয়াহ কাঢ়ি লৈ গ’ল৷ সিদ্ধান্তটোত সকলো সন্মত হোৱাৰ ইংগিত পাই ডেকাৰজাই ইঞ্জিন চালু কৰিলে৷ নতুন কৌতূহল এটাই মোৰ মনটোকো আৱৰি ধৰিলেহি৷
চাব-ৱে’ এটাৰে ঢলং-পলংকৈ গাড়ী আগ বাঢ়িছে৷ সোঁহাতে সাজি থকা হৈছে আৰ.চি.চি. ব্ৰীজ্ এখন৷ পথটো আগতকৈ
বেয়া হৈ পৰিল৷ বহলভাৱে নিৰ্মাণ কৰাৰ উদ্দেশ্যে মাটি কাটিছিল৷ কিন্তু কাম সম্পূৰ্ণ নকৰাকৈয়ে এৰিলে৷ ঠায়ে ঠায়ে ৰাস্তাৰ বুকু তেনেই শিলাময়৷ এনে স্থৱিৰতা, অসম্পূৰ্ণতাৰ ভিতৰুৱা হেতু কি হ’ব পাৰে নাজানো৷ হামৰেণ-জোৱাই পথেৰে গৈ থকা হৈছে বুলি হাৰছিঙৰ মুখেদি গম পালোঁ৷
ঠেক আছিল যদিও একা-বেঁকা আৰু মসৃণ এই পথেৰে বিস্তৃত সেউজীয়াৰ
মাজে মাজে ১৯৯৯ চনত হামৰেণৰ পৰা জোৱাইলৈ যোৱাৰ মোৰ মধুৰ অভিজ্ঞতা আছে৷ আমি
জোৱাই অভিমুখে গৈ আছোঁ বুলি শুনা মাত্ৰকে মনটো উৰা মাৰিলে অতীতলৈ৷ স্মৃতিয়ে আমনি কৰিব ধৰিলে৷
ৰোমাঞ্চকৰ যাত্ৰা আছিল সেইটো৷ বলেৰ’ৰ সহযাত্ৰীসকলক এতিয়াই তাৰ ভাগ দিবৰ বাবে উত্তেজনা এটা আপোনা-আপুনি হৃদয়ত ক্ৰিয়াশীল হৈ উঠিল৷
বিয়লি৷ নতুন বজাৰৰ ফালে ফুৰিবলৈ ওলাই আহোঁতে দেখা পালোঁ যে মেঘালয়
ৰাজ্যিক পৰিৱহণ সংস্থাৰ দীঘলীয়া বাছ এখন হামৰেণৰ মাজ-মজিয়াত থকা, ক্ষন্তেক আগতে আমি পাৰ হৈ অহা অসম ৰাজ্যিক পৰিৱহণ নিগমৰ আস্থানটোত
সোমাইছেহি৷ পাহাৰত ইমান দীঘল যাত্ৰীবাহী বাছ! স্বাভাৱিকতে মোৰ মনত প্ৰশ্ন উদয় হ’ল, ‘সেইখন ক’ৰ পৰা আহিল’ বুলি৷ লগত থকা ভনী-জোঁৱায়ে ক’লে, ‘জোৱাইৰ পৰা৷’ হামৰেণৰ পৰা মেঘালয়ৰ জোৱাইলৈ ৯৬ কিল’মিটাৰ৷ এই দুই জেগাৰ মাজত বাছ চলে বুলি মোৰ ধাৰণাই নাছিল৷ তেতিয়াহে প্ৰথমবাৰলৈ গম পালোঁ৷ ‘কোনফালেদি যায়?’ সুধিলোঁ এইবুলি৷ ‘খান্দুলি হৈ৷ পুৱা গৈ এতিয়া ঘূৰি আহিছে৷’ খান্দুলি শব্দটো শুনাৰ পাছত যাযাবৰী মনটোৱে লক্লকাবলৈ অাৰম্ভ কৰিলে৷ খান্দুলিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা মানুহৰ মুখে মুখে৷ গতিকে হামৰেণলৈ অহাৰ সুযোগতে চাই থৈ আহিব পাৰি দেখোন৷
কোৱাৰ্টাৰলৈ উভতি যোৱাৰ পাছত ইচ্ছাটোৰ বিষয়ে উলিয়াবলৈহে পালোঁ, অত্যুৎসাহী জোঁৱায়ে ‘হয় নেকি, তেতিয়াহ’লে এতিয়াই যাব লাগিব’ বুলি মোক লগত লৈ ততাতৈয়াকৈ ওলাই আহিল৷ খোজ কাঢ়িয়ে দুয়ো বাছ ষ্টেণ্ড পালোঁহি৷ পুৱাৰ যাত্ৰাৰ উদ্দেশ্যৰে বাছখন যথাস্থানত অপেক্ষাৰত৷ পৰিৱেশ নিমাওমাও৷
য’ত যি নিয়ম৷ মেঘালয় চৰকাৰৰ হামৰেণ-জোৱাই বাছখনত উঠি দুজনীয়া ছিট এটা দাঙি লৈ আহিলোঁ হামৰেণত মই বাহৰ পাতি থকা হাউচিং ব’ৰ্ডৰ কোৱাৰ্টাৰলৈ৷ মানে ছিট ৰিজাৰ্ভড্! সন্মুখৰ আসনবোৰ ইতিমধ্যে অন্তৰ্ধান হৈ গৈছে৷ ভাগ্যে পাছ চকাৰ ওপৰৰ ছিটটো মিলিল৷ আৰু অকণমান পলম হোৱা হ’লেই ঠোঁট-মুখ চেলেকি উভতিব লাগিলহেঁতেন৷ তেনেতে অপৰিচিত কোনোবা আগন্তুক বাছখনত উঠিলহি, একেটা উদ্দেশ্যৰে৷
পিছদিনা ধলপুৱাতে কাষলতিৰ তলত ছিটটো লৈ ওলালোঁ দুয়ো৷ অলপদূৰ মই লওঁ, অলপদূৰ ভনী-জোঁৱায়ে৷ মুখত হাঁহি আৰু আশ্চৰ্যৰ ভাব৷ বিভিন্ন দিশৰ পৰা যাত্ৰীসকল আহিছে৷ হাতে হাতে আমাৰ দৰে বাছৰ ছিট একোটা৷ গাড়ীখনত উঠি যথাস্থানত পাৰি দিলোঁ, বহি ল’লোঁ৷ অলপ পাছত জয়ন্তীয়া ড্ৰাইভাৰ উঠিল৷ ষ্টাৰ্ট দিলে৷ যাত্ৰীয়ে বিয়পাই দিয়া ছিগাৰেটৰ ধোঁৱা, তামোল-ধঁপাতৰ গোন্ধৰ সৈতে সহাৱস্থান কৰি এসময়ত পালোঁগৈ খান্দুলি৷ তাৰ পাছত জোৱাই৷ বিয়লি ঘূৰিও আহিলোঁ একেটা বাটেৰেই৷ জীৱনৰ স্মৰণীয় যাত্ৰাটোৰ কথা কৈ কৈ বলেৰ’ৰ ভিতৰত আটাইৰে সৈতে খুবমতে হাঁহিলোঁ৷
১২) ৰংহাংৰংবং
কোৱাৰ্টাৰলৈ উভতি যোৱাৰ পাছত ইচ্ছাটোৰ বিষয়ে উলিয়াবলৈহে পালোঁ, অত্যুৎসাহী জোঁৱায়ে ‘হয় নেকি, তেতিয়াহ’লে এতিয়াই যাব লাগিব’ বুলি মোক লগত লৈ ততাতৈয়াকৈ ওলাই আহিল৷ খোজ কাঢ়িয়ে দুয়ো বাছ ষ্টেণ্ড পালোঁহি৷ পুৱাৰ যাত্ৰাৰ উদ্দেশ্যৰে বাছখন যথাস্থানত অপেক্ষাৰত৷ পৰিৱেশ নিমাওমাও৷
য’ত যি নিয়ম৷ মেঘালয় চৰকাৰৰ হামৰেণ-জোৱাই বাছখনত উঠি দুজনীয়া ছিট এটা দাঙি লৈ আহিলোঁ হামৰেণত মই বাহৰ পাতি থকা হাউচিং ব’ৰ্ডৰ কোৱাৰ্টাৰলৈ৷ মানে ছিট ৰিজাৰ্ভড্! সন্মুখৰ আসনবোৰ ইতিমধ্যে অন্তৰ্ধান হৈ গৈছে৷ ভাগ্যে পাছ চকাৰ ওপৰৰ ছিটটো মিলিল৷ আৰু অকণমান পলম হোৱা হ’লেই ঠোঁট-মুখ চেলেকি উভতিব লাগিলহেঁতেন৷ তেনেতে অপৰিচিত কোনোবা আগন্তুক বাছখনত উঠিলহি, একেটা উদ্দেশ্যৰে৷
পিছদিনা ধলপুৱাতে কাষলতিৰ তলত ছিটটো লৈ ওলালোঁ দুয়ো৷ অলপদূৰ মই লওঁ, অলপদূৰ ভনী-জোঁৱায়ে৷ মুখত হাঁহি আৰু আশ্চৰ্যৰ ভাব৷ বিভিন্ন দিশৰ পৰা যাত্ৰীসকল আহিছে৷ হাতে হাতে আমাৰ দৰে বাছৰ ছিট একোটা৷ গাড়ীখনত উঠি যথাস্থানত পাৰি দিলোঁ, বহি ল’লোঁ৷ অলপ পাছত জয়ন্তীয়া ড্ৰাইভাৰ উঠিল৷ ষ্টাৰ্ট দিলে৷ যাত্ৰীয়ে বিয়পাই দিয়া ছিগাৰেটৰ ধোঁৱা, তামোল-ধঁপাতৰ গোন্ধৰ সৈতে সহাৱস্থান কৰি এসময়ত পালোঁগৈ খান্দুলি৷ তাৰ পাছত জোৱাই৷ বিয়লি ঘূৰিও আহিলোঁ একেটা বাটেৰেই৷ জীৱনৰ স্মৰণীয় যাত্ৰাটোৰ কথা কৈ কৈ বলেৰ’ৰ ভিতৰত আটাইৰে সৈতে খুবমতে হাঁহিলোঁ৷
১২) ৰংহাংৰংবং
হামৰেণ বজাৰৰ পৰিমণ্ডল এৰি আগুৱাই যাওঁতে উপকণ্ঠত গড়কাপ্তানি
কল’নি,
অন্তিম প্ৰান্তত জিলা কাৰাগাৰ৷ তাৰ পৰা ধীৰে
ধীৰে আমি বনাঞ্চলত প্ৰৱেশ কৰিলোঁ৷ পথটো নিৰ্জন হৈ পৰিল৷ গহীন গতিৰে গাড়ী আগ
বাঢ়িছে থাই আপ্চিৰ অভিমুখে৷ বতৰটো বৰ এটা মুকলি নহয় যদিও বৰষুণৰ সম্ভাৱনা
সদ্যহতে নাই৷ টিলাবোৰত সময়ৰ ফাঁকে ফাঁকে উদ্ভাসিত হৈছে সূৰুযে সানি দিয়া হালধীয়া
ৰহণ৷ পাহাৰৰ
আঁৰে আঁৰে ছাঁ-পোহৰৰ লুকা-ভাকু৷
লিন্চিকা ৰ’ডৰ দৰে এইফালেও বিৰতি নোহোৱাকৈ পুনৰবাৰ কাণত বাজিলহি জিলীৰ চিঁ-চিঁ চিঁ-চিঁ মাত৷ অৰণ্যৰ সংগীত, আকৌ এবাৰ৷ জয়াল জয়াল লাগে কোনোবা মুহূৰ্তত৷ বলেৰ’খনেই সাহস সঞ্চাৰি নিৰ্বিবাদে উঠি আছে, নামি আছে, পাকবোৰ পাৰ হৈ গৈ আছে এটা এটাকৈ, ডেকাৰজাৰ নিপুণ চালনাত৷
আম্বিনং, উম্নাম পাৰ হৈ, অন্তহীন সেউজীয়াৰ ঘ্ৰাণ লৈ আমি গৈ আছোঁ৷ অৰণ্যৰ নিৰৱচ্ছিন্ন সংগীতে কাৰো মাত কোনেও নুশুনা যেন কৰি পেলাইছে৷ বুকুত সীমাহীন কৌতূহল, উৎকণ্ঠা৷ মনে বিচাৰিছে অনামী পাহাৰী নিজৰাৰ নুপূৰ ধ্বনি, অচিনাকি বিহংগৰ সুৰীয়া কলৰৱ৷ কেনিবাদি জলপ্ৰপাত এটা আছিল৷ বিগত, ২০ বছৰৰ আগৰ যাত্ৰাপথত পোৱা ৰিণিকি ৰিণিকি মোৰ মনত পৰিছে৷ এতিয়া আছেনে বাৰু? থিয় হৈ থকা শিলো পাইছিলোঁ ৰাস্তাৰ দাঁতিতে৷ আজি পামনে নাই? আজন্ম বাস কৰি অহা আমাৰ পাহাৰীয়া জিলাখনৰ বিনন্দীয়া প্ৰকৃতি, সামাজিক-অৰ্থনৈতিক জীৱনৰ সঁচাৰূপ দৰ্শনৰ লগতে অসম-মেঘালয় ৰাজ্যিক সীমান্তৰ প্ৰতি আগ্ৰহটো যেন ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিল৷
লিন্চিকা ৰ’ডৰ দৰে এইফালেও বিৰতি নোহোৱাকৈ পুনৰবাৰ কাণত বাজিলহি জিলীৰ চিঁ-চিঁ চিঁ-চিঁ মাত৷ অৰণ্যৰ সংগীত, আকৌ এবাৰ৷ জয়াল জয়াল লাগে কোনোবা মুহূৰ্তত৷ বলেৰ’খনেই সাহস সঞ্চাৰি নিৰ্বিবাদে উঠি আছে, নামি আছে, পাকবোৰ পাৰ হৈ গৈ আছে এটা এটাকৈ, ডেকাৰজাৰ নিপুণ চালনাত৷
আম্বিনং, উম্নাম পাৰ হৈ, অন্তহীন সেউজীয়াৰ ঘ্ৰাণ লৈ আমি গৈ আছোঁ৷ অৰণ্যৰ নিৰৱচ্ছিন্ন সংগীতে কাৰো মাত কোনেও নুশুনা যেন কৰি পেলাইছে৷ বুকুত সীমাহীন কৌতূহল, উৎকণ্ঠা৷ মনে বিচাৰিছে অনামী পাহাৰী নিজৰাৰ নুপূৰ ধ্বনি, অচিনাকি বিহংগৰ সুৰীয়া কলৰৱ৷ কেনিবাদি জলপ্ৰপাত এটা আছিল৷ বিগত, ২০ বছৰৰ আগৰ যাত্ৰাপথত পোৱা ৰিণিকি ৰিণিকি মোৰ মনত পৰিছে৷ এতিয়া আছেনে বাৰু? থিয় হৈ থকা শিলো পাইছিলোঁ ৰাস্তাৰ দাঁতিতে৷ আজি পামনে নাই? আজন্ম বাস কৰি অহা আমাৰ পাহাৰীয়া জিলাখনৰ বিনন্দীয়া প্ৰকৃতি, সামাজিক-অৰ্থনৈতিক জীৱনৰ সঁচাৰূপ দৰ্শনৰ লগতে অসম-মেঘালয় ৰাজ্যিক সীমান্তৰ প্ৰতি আগ্ৰহটো যেন ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিল৷
ৰংহাংৰংবঙলৈ সোমাই যোৱা ৰাস্তা এটা পালোঁ,
মূল পথটোৰ বাঁওহাতে৷ হাৰছিঙে আঙুলিয়াই বুজালে৷ চাইনব’ৰ্ড এখন, তোৰণ এখন থকা হ’লে ভাল আছিল৷ তেনেকুৱা একো দেখা নাপালোঁ৷
হামৰেণ চহৰৰ পৰা ১০ কিল’মিটাৰ দক্ষিণে, আম্লঙৰ পাৰৰ ওখ টিলাত অৱস্থিত ঐতিহাসিক স্থান ৰংহাংৰংবং৷ অন্য নাম নিজ ৰংখাং৷ কাৰবি ৰজাৰ প্ৰশাসনিক কেন্দ্ৰ৷ একালত ৰংহাংৰংবং ৰংখাং ৰাজ্যৰ ৰাজধানী
আছিল৷ কাৰবিসকলে বিশ্বাস কৰামতে ছ’চেঙত ৰাজধানী স্থাপন
কৰি ৰাজপাট চলোৱা পঞ্চমগৰাকী ৰজা বৱা ৰংহাঙে ৰংহাংৰংবঙত পোনপ্ৰথম গাঁও পাতিছিল৷
কাৰবি ৰজা আৰু ৰাজ-পাৰিষদৰ প্ৰতিটো পদমৰ্যাদা
গোত্ৰভিত্তিক আৰু বংশানুক্ৰমিক৷ ৰাজন্যবৰ্গৰ ভিতৰত ৰংহাং লিন্দকপ’ক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়৷ পৰম্পৰা অনুসৰি আজিও ৰংহাংৰংবঙত আছে ৰংহাং
কুলৰ ৰজা ৰংহাং লিন্দকপ’, ৰাজপুৰোহিত কাথাৰপ’, ৰাজবিষয়া পিনপ’, বিচাৰ-বিধানৰ দায়িত্ববাহী বিষয়া হাবে’সকল৷ তাত তেওঁলোকৰ বাসস্থানো আছে৷ প্ৰসংগক্ৰমে, কাৰবিসকলৰ পাঁচোটা মূল গোত্ৰ বা ফৈদ হৈছে টেৰণ, তেৰাং, তিমুং, ইংহি আৰু ইংতি৷ ৰংহাং হৈছে ইংহিৰ এটা উপ-গোত্ৰ৷
ৰাজধানী ৰংহাংৰংবঙৰ ভূখণ্ড পৰম্পৰাগত জাতীয় ভূখণ্ডৰ
মৰ্যাদাপ্ৰাপ্ত৷ তাত কোনো বিষয়া, প্ৰাক্তন বিষয়া কিম্বা প্ৰজাই ব্যক্তিগত স্থাৱৰ সম্পত্তি
আহৰণ, মাটি-বাৰী বা গৃহ নিৰ্মাণৰ অধিকাৰ নাপায়৷
শুদ্ধ মনে যাব লাগে তালৈ৷ মানুহৰ মুখত নিজ ৰংখাঙৰ
বহুতো আচৰিত আচৰিত কাহিনী শুনা যায়৷ তন্ত্ৰ-মন্ত্ৰৰ ঘাই কেন্দ্ৰ বুলিও কোৱা হৈছিল৷
দেংজা হৈছে তান্ত্ৰিক পুৰোহিতৰ পদত এগৰাকী নমস্য ব্যক্তি৷
এইটো সকলোৱে জানে যে জিলাখনৰ উন্নয়নমুখী কাম-কাজৰ দায়িত্ব কাৰবি আংলং
স্বায়ত্তশাসিত পৰিষদৰ হাতত, আইন-শৃংখলা তথা প্ৰজা শাসনৰ দায়িত্ব জিলা প্ৰশাসনৰ মুঠিত৷
সেইফালৰ পৰা চাবলৈ গ’লে ৰাজতন্ত্ৰ ব্যৱস্থা কিম্বা ৰজাৰ ক্ষমতা কাৰ্যতঃ আজি আৰু নাই৷তৎসত্ত্বেও কাৰবিসকলৰ
পৰম্পৰাগত ৰজা অদ্যাপি বিৰাজমান৷ সমাজখনত তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ মন কৰিবলগীয়া কথা৷
আনুমানিক ষোড়শ শতাব্দীত ৰংখাং ৰাজ্যৰ দক্ষিণে
বসতি কৰা ছিন্টেং অৰ্থাৎ জয়ন্তীয়াসকলৰ প্ৰতিপত্তি বাঢ়ি গৈছিল৷ সমগ্ৰ কাৰবি ৰাজ্য
তেতিয়া জয়ন্তীয়া ৰজাৰ তলতীয়া হৈ পৰিছিল৷ নিজ ৰংখাং অৰ্থাৎ ৰংহাংৰংবঙৰ ৰজা অৰ্থাৎ লিন্দকপ’ক ক্ষমতাচ্যুত কৰি কাৰবি সমাজত জয়ন্তীয়া সমাজ-ব্যৱস্থা আৰু সংস্কৃতি জাপি দিবলৈ
চেষ্টা কৰা হৈছিল৷ নানা প্ৰকাৰে ছলনা কৰি আনকি কাৰবিসকলৰ পিতৃপ্ৰধান সমাজ-নীতি দলিয়াই
পেলাই জয়ন্তীয়াসকলে নিজৰ মাতৃপ্ৰধান নীতি চলাবলৈকো প্ৰয়াস কৰিছিল৷ জয়ন্তীয়াৰ দ্বাৰা
নানা প্ৰকাৰে নিপীড়িত আৰু শোষিত হৈছিল কাৰবি প্ৰজাসকল ৷ তেনে সময়তে ৰংখাঙত আবিৰ্ভাৱ
হৈছিল বীৰ-যোদ্ধা থং টেৰণ, থংনক্বে’৷ জয়ন্তীয়াৰ কবলৰ
পৰা নিস্তাৰ পাবলৈ অহোৰাত্ৰ চিন্তা চলিছিল কাৰবিসকলৰ মাজত৷
ইতিহাসে কয়, সোতৰ শতাব্দীৰ
মধ্যভাগত ৰহাৰ শাসনকৰ্তা ৰহিয়াল বৰুৱাই আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ অনুমতিসাপেক্ষে
জয়ন্তীয়াৰ কবলৰ পৰা ৰংখাং উদ্ধাৰ কৰি ক্ষমতাচ্যুত লিন্দকপ’ৰ পুত্ৰক পুনৰ ৰংখাঙৰ কৰতলীয়া
ৰজা পাতিছিল৷ ৰংখাঙৰ পৰা নামি আহোমৰ প্ৰজা হৈ নগাঁৱৰ আশে-পাশে ভৈয়ামবাসী হৈছিলগৈ অনেক
কাৰবি মানুহ৷ এই অঞ্চলৰ পৰাই জনগোষ্ঠীটোৰ কিছুমান লোক পূব দিশৰ কপিলী নদী পাৰ হৈ
লুম্বাজং অৰ্থাৎ ডিফুৰ ফালে অগ্ৰসৰ হৈছিল, জয়ন্তীয়া-পৰাধীনতাৰ পৰা মুক্তি পাবৰ কাৰণে৷
১৩) আম্লং, আম্-ই পাৰ হ’লোঁ আমি
১৩) আম্লং, আম্-ই পাৰ হ’লোঁ আমি
১১ বাজি ৪০ মিনিট গৈছে৷ আমি আম্লঙৰ দলঙত উঠিলোঁ৷
হামৰেণৰ পৰা ইয়ালৈ প্ৰায় ১২ কিল’মিটাৰ৷ নিজ ৰংখাং বা ৰংহাংৰংবঙৰ অৱস্থান এই দলংখনৰ পূব দিশত, ওখ পাহাৰৰ ওপৰত, শ
শ বছৰ পুৰণি গছ-গছনিৰ আৱেষ্টনীত, সেউজ মনোৰম অথচ অলৌকিক পৰিৱেশত৷ হামৰেণৰ পৰা দূৰত্ব
১৬ কিল’মিটাৰমান৷ তালৈ যোৱা দ্বিতীয় বাট এটা
বাঁওহাতে দেখা পাই আহিলোঁ৷ সেইটোহে আচল ৰাস্তা বুলি হাৰছিঙে জনালে৷ ৰংহাংৰংবং সংযোগী
সিটো পথৰ দৰে এই প্ৰৱেশ পথটোতো কোনো চাইনব’ৰ্ড, তোৰণ নাই পোৱা৷ ৰাজমাৰ্গ(!)ৰ ৰূপটোও চকুত লগা নহয়৷ অথচ,
সামাজিক মৰ্যাদাপ্ৰাপ্ত কাৰবি ৰজাৰ নিবাসথলী সেইফালেই আছে সামান্য আঁতৰত৷ দলংখনৰ দক্ষিণ-পূব
দিশে বাদং নামে সৰু জনপদ৷
নিজ ৰংখাঙৰ বিষয়ে Gazettier of India :
Assam State : UM & NC Hills Districtত তাহানিতে এনেকৈ উল্লেখ কৰা হৈছিল… Niz Rongkhang otherwise known
as Ronghangrongbong is a typical Karbi village situated on a hillock about 48
KM from Baithalangso. It is the seat of Karbi culture and traditions where the
Karbi Pinpos are supposed to reside round their Chief Lindokpo. The village is
divided into various Artus (Suburi in Assamese). In Ronghang Artu, there are
thirty Pinpos and Ronghang Lindok is the head of that Artu. In Rongchecho Artu,
there are fifteen Pinpos and Rongchecho is the head. The Killing Artu consists
of three Pinpos and Rongpi Lindok is the head. Ronghang Lindok is the head of
all and is called Karbi Recho (King of Karbis). Traditionally the village
maintains all para phernelia of the Karbi customs and the inhabitants of the
village still at here strictly to traditional codes of life. The place is connected
only with bridle paths.
পুৰণি হাবাই পদ্ধতিৰে শাসিত এইখন ৰংখাং পাহাৰ৷ ৰংখাং
পাহাৰৰ শাসন পদ্ধতি আৰু নিয়মাৱলী আন আন অঞ্চল যেনে নিলিপ-লুম্বাজং অথবা ডিমৰীয়াৰ কাৰবি
শাসন পদ্ধতিতকৈ তুলনামূলকভাৱে অধিক স্পষ্ট আৰু কট্কটীয়া৷ ইয়াৰ বিষয়ববীয়াৰ সংখ্যাও
সৰহ বুলি ডক্টৰ ফুকন চন্দ্ৰ ফাংচ’ ছাৰে উনুকিয়াই গৈছে৷
ৰংখাং বা হামৰেণৰ পশ্চিম অংশ অৰ্থাৎ পশ্চিম ৰংখাঙৰ
ভিতৰুৱা, বৰ্তমানেও বিদ্যমান নিজ ৰংখাং৷ নিজ ৰংখাং বা ৰংহাংৰংবঙক বৰ্ৱা গাঁও বুলিও
কোৱা হৈছিল৷ অঞ্চলটোৰ মানুহবোৰ শকত-আৱত, স্বাস্থ্যৱান, বলৱান, গাম্ভীৰ্যপূৰ্ণ আছিল৷
তেওঁলোকৰ গাত আনক পৰিচালনা কৰিব পৰা শাৰীৰিক-মানসিক বল-বীজ, মানসিক বুদ্ধি-বৃত্তি
আছিল৷ আজিৰ পৰা অৰ্ধশতক পূৰ্বে, ১৯৬৭ চনত নিৰ্বাচনী দায়িত্বত অঞ্চলটোলৈ যোৱা মোৰ
শিক্ষাগুৰু দেবেন গগৈ ছাৰৰ অভিজ্ঞতাসমৃদ্ধ উপলব্ধিৰ পৰা কথাখিনি জানিব পাৰিছিলোঁ৷
আনহাতে কিছু বছৰৰ পূৰ্বে নিজৰ ভ্ৰমণকালত আমাৰ
ভগ্নীপ্ৰতিম পৰিৱেশ-সচেতক হেমাঞ্জলিয়ে এইটো দিশত অনন্য ভৌগোলিক পৰ্যাৱৰণ প্ৰত্যক্ষ
কৰাৰ উপৰি ডাঠ অৰণ্যৰ মাজত অন্যান্য বন্যপ্ৰাণীৰ লগতে দুষ্প্ৰাপ্য হলৌ বান্দৰৰ অৱস্থিতি
ধৰা পেলোৱা বুলি কৈছিল৷ তাকে ভাবি এতিয়া ময়ো সজাগ-প্ৰহৰী হৈ যেনি-তেনি সন্ধানী-সাৱধানী
দৃষ্টি নিক্ষেপ কৰি যাব ধৰিছোঁ, অকণমানি হেণ্ডিকেমটো হাতৰ মুঠিত সাজু ৰাখি৷ বিগত কোনোবা দিনত সিংহাসন পাহাৰৰ পৰ্বত নামৰ অংশটোত জানুৱাৰী-ফেব্ৰুৱাৰী মাহত প্ৰত্যক্ষদৰ্শীয়ে দেখা
পোৱা, ডিলাইৰ সমীপৱৰ্তী মুখিম অঞ্চলত খোজৰ চিন পোৱা, হামৰেণৰ উম্চুৱাইৰ লা আঁখন
পাহাৰত জীৱাশ্ম আৱিষ্কৃত হোৱা, চিন্থিঙত জীৱন্ত ৰূপত জনৈক ব্যক্তিয়ে দেখা পোৱা কাৰবি
পাহাৰৰ অদ্ভুত তথা বিচিত্ৰ, লুপ্তপ্ৰায় তথা ৰহস্যময় প্ৰাণী কেংলংপও থাকিব পাৰে বুলি গাড়ীৰ ভিতৰতে ভ্ৰমণকাৰী
সদস্যকেইজনৰ মাজত উৎসাহী গুণা-গঁথা চলিব ধৰিলে৷ অতীতৰ ঐতিহ্য সাবটি থকা ৰংহাংৰংবংযে আজিৰ
তাৰিখতো সাংস্কৃতিক ঐতিহ্যথলী হৈ নুঠিল তাক লৈও যথেষ্ট চিন্তা আৰু উদ্বেগমিহলি বিচাৰ-বিশ্লেষণ চলিল৷
এনেকৈয়ে হিৰিআল’, উম্চেৰা পাৰ হৈ উম্ৰু হাবাই পালোঁ৷ প্ৰসংগক্ৰমে, অতীজত কাৰবি বসতিপ্ৰধান ভূভাগ অৰ্থাৎ ৰংখাং
ৰাজ্য ১২খন লংৰি অৰ্থাৎ প্ৰদেশ বা অঞ্চলত বিভক্ত আছিল৷ সেইবোৰৰ ভিতৰত উম্চেৰা লংৰিয়েই
ডাঙৰ আছিল৷
১২ বাজিবৰ হ’লহি৷ আমাৰ সন্মুখত এতিয়া আম্-ই নৈৰ দলং৷ নিজ ৰংখাং অঞ্চলৰ এই আম্-ই
নদীখনৰ পাৰৰ ৰং ছাৱাই নামৰ গাঁৱতে ১৬৭২ চনত বীৰ ৱাইছঙৰ জন্ম হৈছিল বুলি বাৰেলং তেৰাঙে নিজৰ গ্ৰন্থত উল্লেখ কৰিছে৷
দলংখনৰ কাষ পাওঁতে প্ৰকৃতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ যাত্ৰীসকলৰ অনুৰোধত ডেকাৰজাই
গাড়ীখন ৰাখিলে৷
কিছু সময়ৰ বিৰতি৷ আৰু ১০ মিনিট যাত্ৰা কৰাৰ অন্তত
ৰংপাংবং, তপাত সংযোগী পথটো পালোঁ৷ ৰংপাংবঙত আৰণ্যক দৃশ্যৰাজিৰ মাজত সুন্দৰ পিক্নিক্
স্পট আছে বুলি শুনিছিলোঁ৷ অৰুণদাই কোন কাহানিবাতে ডিফুৰ পৰা বাজাজ ছুপাৰ স্কুটাৰ লৈ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শনাৰ্থে যাত্ৰা সূচনা কৰি সেইফালেও সোমাইছিল হেনো৷ এড্ভেন্চাৰিষ্ট ডেকা-মন, দায়িত্ববোধ আৰু অদ্ভুত ভ্ৰমণ-স্পৃহা৷ সেই দিনবোৰৰ অভিজ্ঞতাৰ ৰোমাঞ্চকৰ
কাহিনী শুনাই যাব ধৰিলে সম্প্ৰতি জিলা প্ৰাথমিক শিক্ষা বিষয়া পদধাৰী একালৰ উৎসাহী তথা সাহসী এছ.আই.জনে৷
১৪) উম্থাচ্নেং
শুনামতে, এইটো ৰাস্তাৰ দাঁতিতে কোনোবাখিনিত উম্পু
নামৰো জলপ্ৰপাত এটা আছিল৷ এতিয়া অস্তিত্বই নাই৷ পাহাৰৰ ওপৰৰ গছ-গছনি কাটি পেলোৱাৰ কাৰণে প্ৰকৃতি নাৰাজ হ’ল হেনো৷ বনাঞ্চল ধ্বংসকাৰী এচাম অপৰিণামদৰ্শী মানুহৰ ভুলৰ পৰিণতিত অদৃশ্য হৈ গ’ল মনোমোহা অৱস্থান এটা৷ পাৰিপাৰ্শ্বিকতাত নেতিবাচক প্ৰভাৱ পেলোৱা তেনে প্ৰাকৃতিক পৰিঘটনাও সম্ভৱ তাৰ মানে! কথাটোৱে বৃহৎ চিন্তাৰ উদ্ৰেক কৰিলে আমাৰ মনবোৰত৷
১৪) উম্থাচ্নেং
১২ বাজি ১৫ মিনিট পাৰ হ’ল৷ খান্দুলিলৈ ৭ কিল’মিটাৰ বাকী৷ নিৰ্জন পথটোৰ দাঁতিত পোতা মাইল প’ষ্ট এটাত স্পষ্টকৈ উল্লেখ কৰি থোৱা সংখ্যাটোৱে দূৰত্ব সম্পৰ্কে অৱগত কৰালে ৷ তাৰ মানে তেতিয়াৰ পৰা এতিয়ালৈকে আমি হামৰেণ এৰি ২১ কিল’মিটাৰ আহিলোঁ৷
আৰণ্যক নিৰ্জনতাৰ মাজত ৰাস্তাৰ বাঁও কাষে দেখা
পাইছোঁ সৰুকৈ এটা মন্দিৰ৷ সেউজীয়া-হালধীয়া ৰং দিয়া আছে৷ মন্দিৰটোৰ পৰা ২০-২৫ ফুট আঁতৰেদি নামিছে এটা জলপ্ৰপাত৷ আমাৰ হেঁপাহৰ প্ৰতি সঁহাৰি জনাই ডেকাৰজাই গাড়ীখন ৰখাই দিলে৷ এজন
এজনকৈ সকলোটি নামিলোঁ৷
মাটিত ভৰি দিয়াৰ পাছত প্ৰথমেই কৰা কামটো হ’ল ডিঙি বেঁকা কৰি ওপৰলৈ চোৱা৷ যথেষ্ট
ওখ জলধাৰা৷ ‘ডাঙৰকৈ
বৰষুণ দিলে পানী ৰাস্তাত পৰেহি৷ অহা-যোৱা বন্ধ হৈ যায়৷’ পূৰ্ব অভিজ্ঞতাৰ ভেটিত অৰুণদাই কথাষাৰ জনালে৷ অৱস্থাটো কল্পনা কৰি আকৌ এবাৰ মন কৰিলোঁ ওপৰলৈ৷ জয়াল পাহাৰৰ শিলাময় বুকু৷ শিলৰ তৰপবোৰৰ
ওপৰেদি চৰ্চৰ্ শব্দ কৰি নামি অাহিছে স্ফটিকস্বচ্ছ সৰগীয় ধাৰা৷ এই
মুহূৰ্তত আমি দেখা ৰূপটোলৈ চাই জলপ্ৰপাতটো আকাৰত অতি বিশাল বুলিব নোৱাৰি৷ কিন্তু ওখ হয়৷ উচ্চতা কিমান হ’ব পাৰে? অনুমান কৰিব পৰা
নাই৷ কাৰণ, চকুৱে মনিব নোৱাৰা উচ্চতাতো পানীভাগ থিয়ভাৱে নমা যেনেই লাগিছে৷ পাহাৰ
বগাই ওপৰলৈ উঠি নগ’লে সঠিকভাৱে কোৱাটো মস্কিল৷ স্বভাৱজনিত তাগিদা এটাই তৎমুহূৰ্ততে আমনি নকৰাকৈ
নাথাকিল যদিও কাৰ্যতঃ সেয়া সাকাৰ কৰিবলৈ আমাৰ হাতত এতিয়া সময় কিম্বা প্ৰস্তুতি
কোনোটোৱেইযে নাই! সেয়েহে নিজকে বুজালোঁ আৰু সুৰতে সুৰ মিলাই আগলৈ গৈ থকাৰে পক্ষপাতী হ’লোঁ৷
জলপ্ৰপাতটোৰ পৰা নামি অহা পানীভাগ ৰাস্তাটোৰ
তলেদি পাৰ হৈ বিপৰীতফালে গুচি গৈছে৷ ক’লৈ বৈছে, ক’ত মিলিছেগৈ নাজানো৷
‘এই জলপ্ৰপাতটোৰ নাম কি?’
প্ৰশ্নটো বতাহত এৰি দিলোঁ৷ উত্তৰৰ সুৰত অৰুণদাই কৈ উঠিল, ‘উম্থাচ্নেং৷’ শব্দটো উচ্চাৰণ কৰিয়ে তেওঁ আৰু এষাৰ সংযোগ কৰিলে৷ ‘মন্দিৰৰ কাষতে আমি এবাৰ পিক্নিক্
খাইছিলোঁ৷’
হিংসা লাগে, এনেকুৱা কথাবোৰ শুনিলে৷ সেইকণ ভাগ্য
মোৰ নহ’ল৷ তথাপি দ্বিতীয়বাৰ আহিবলৈযে পালোঁ,
সমীপত এপলক ৰ’বলৈযে সুযোগ পালোঁ,
তাতেই সন্তুষ্ট ৰাখিলোঁ নিজকে৷ খট্খটিৰে নামি গৈ হাৰছিং, বৰছিং আৰু ডেকাৰজা ইতিমধ্যে ফটো তোলাত ব্যস্ত হৈ পৰিছিল৷
সিবাৰ আহোঁতে হামৰেণ-জোৱাই বাছখন এইডোখৰত
ৰোৱা নাছিল৷ পাহাৰীয়া ঠেক ৰাস্তাটোৰে ধীৰে ধীৰে গুচি গৈছিল, মোৰ দৰে প্ৰথমবাৰ অহা যাত্ৰীৰ মনত আলোড়ন একোটাৰ
জন্ম দি৷ ঘূৰি চাওঁতেই কেঁকুৰিত হেৰাই গৈছিল উম্থাচ্নেং৷ হৃদয়ত ৰৈ গৈছিল সীমাহীন উৎসুকতা৷
সৌভাগ্যক্ৰমে আজি পুনৰবাৰ আগমন হ’ল, দৰ্শন হ’ল৷ উম্থাচ্নেঙৰ সন্মুখ
পাওঁতেই পূৰ্বৰ সেই যাত্ৰাকালত মই দেখা জলপ্ৰপাত এইটোৱেই হয় বুলি নিজকে সম্পূৰ্ণভাৱে পতিয়নো নিয়াব পাৰিলোঁ৷
মন্দিৰৰ পৰা আৰম্ভ কৰি পানী-যুঁৱলি পৰ্যন্ত পকী খট্খটিবোৰ তেতিয়া দেখা মনত নপৰে৷ কাষতে, ৰাস্তাৰ সিপাৰে এতিয়া আৰ.চি.চি. ৱেইটিং শ্বে’ড এখনো সজা আছে৷ ফটো তোলাৰ অভিপ্ৰায়েৰে সেইফালে আগুৱাই যাওঁতে দুজন অচিনাকি ডেকাৰ মুখামুখি হ’লোঁ৷ অলপমান আগত ধুই থকা টাটাম’বাইল গাড়ী দুখনৰ চালক৷ জলপ্ৰপাত চাবলৈকে এইখিনি পালেহি৷ প্ৰকৃতিৰ যাদুকৰী আকৰ্ষণবোৰ এনেকুৱাই৷ কিছু সময় কথা-বতৰা পাতি পৰস্পৰ এৰাএৰি হ’লোঁ আৰু মই বলেৰ’ত উঠিলোঁহি৷
মন্দিৰৰ পৰা আৰম্ভ কৰি পানী-যুঁৱলি পৰ্যন্ত পকী খট্খটিবোৰ তেতিয়া দেখা মনত নপৰে৷ কাষতে, ৰাস্তাৰ সিপাৰে এতিয়া আৰ.চি.চি. ৱেইটিং শ্বে’ড এখনো সজা আছে৷ ফটো তোলাৰ অভিপ্ৰায়েৰে সেইফালে আগুৱাই যাওঁতে দুজন অচিনাকি ডেকাৰ মুখামুখি হ’লোঁ৷ অলপমান আগত ধুই থকা টাটাম’বাইল গাড়ী দুখনৰ চালক৷ জলপ্ৰপাত চাবলৈকে এইখিনি পালেহি৷ প্ৰকৃতিৰ যাদুকৰী আকৰ্ষণবোৰ এনেকুৱাই৷ কিছু সময় কথা-বতৰা পাতি পৰস্পৰ এৰাএৰি হ’লোঁ আৰু মই বলেৰ’ত উঠিলোঁহি৷
১৫) মুকইৰাম পাই গ’লোঁ
১০-১২ মিনিটৰ বিৰতি৷ উম্থাচ্নেং জলপ্ৰপাত এৰি আকৌ গাড়ী
চলিল৷ আগুৱাই যাওঁতে প্ৰথমবাৰৰ বাবে দৃশ্যমান হ’ল পাইন গছ কেইজোপামান৷ পৰিৱেশ সলনি হৈ আহিছে৷ তাৰ সমানে সমানে
দেহে-মনে সূচনা হৈছে নতুন উত্তেজনা এটাও৷ সেউজীয়াৰ মাজেৰে অকোৱা-পকোৱা
ৰাস্তা৷ মনোমুগ্ধকৰ নৈসৰ্গিক দৃশ্য৷ শ্বিলং মালভূমিৰে
অংশ এয়া৷ সেয়ে ৰং-ৰূপ বেলেগ হ’ব ধৰিছে৷ শ্বিলং মালভূমিৰ অপূৰ্ব প্ৰাকৃতিক শোভাই পৰ্যটকৰ মন সহজতে মুহি পেলায়৷
সোঁমাজত বগা দাগ দিয়া পথটোৰ উপৰিভাগ মিহি৷ সীমান্তৰ যিমানেই কাষ চাপি যাব ধৰিছোঁ, মেঘালয়
মেঘালয় গোন্ধ এটাই চেতনাত ক্ৰিয়া কৰিব ধৰিছে৷ ঠাণ্ডা ঠাণ্ডা ভাব এটায়ো শৰীৰত থিতাপি
ল’লেহি৷
উম্পাবেং, লাংহেম্ফী বজাৰ অতিক্ৰম কৰিলোঁ
আমি৷ ঘড়ীত ১২ বাজি ৩০ মিনিট৷
‘এতিয়া আমি
সোঁফালে যাব লাগিব৷’ মেঘালয় আৰু অসমৰ সীমনাত অৱস্থিত ‘সুপ্ত চহৰ’ খান্দুলিলৈ
৩-৪ কিল’মিটাৰমান থাকোঁতে ইমানপৰে অনুসৰণ কৰি থকা পথটো এৰি সোঁহাতে সোমাবলৈ নিৰ্দেশ
দিলে হাৰছিঙে৷ হাৰছিঙে থাই আপ্চিৰৰ ৰাস্তা চিনি পায়৷ এই সুবাদতে অৰুণদাই তেওঁক দললৈ
আনিছে৷ আনহাতে, পোনে পোনে গৈ থাকিলে খান্দুলি, জোৱাই পায়গৈ বুলি পূৰ্বৰ অভিজ্ঞতা কল্পে ময়ো ন দি ক’ব পাৰোঁ৷
পকা ৰাস্তাটো এৰি দিয়াৰ সময়তে স্মৃতিয়ে পুনৰবাৰ
খুন্দিয়ালে৷ তেতিয়া জোৱাইলৈ যাওঁতে নিজেও নাজানিছিলোঁ, সোঁহাতে ফাটি যোৱা এইবাটে
কি ৰহস্য মূৰ্তমান হৈ আছে, যাৰ পম খেদি আজি আমি আহিছোঁ৷ ভালকৈ মোৰ মনত নাই৷ তেতিয়া
হয়তো এই ৰাস্তাটোও নাছিল৷ মুকইৰাম কিন্তু আছিল৷ থাকিব লাগিব৷ কাৰণ জয়ন্তীয়া ৰাজ্য
আৰু জয়ন্তীয়া ৰাজ্যৰ সীমান্তত বৃছ’কইদাৰ দ্বাৰা স্থাপিত কাৰবি ৰাজ্য বৰপোৰ সীমা নিৰ্ধাৰণৰ বিষয়ে পঢ়োঁতে অক্হি-ফেৰুই (হৰিণা আৰু সাপৰ শিলামূৰ্তি),
আৰ্তিং, ছান্ফেউ, মুলংটেট, মুছ্লৈৰ উপৰি মুকইৰামৰ নামটো পাইছিলোঁ৷ উম্চেৰ, উম্জান,
কুলেং নদীৰো উল্লেখ পাইছোঁ৷ পিছে এটা কথা আজিও নজনাতে আছে যে নতুনকৈ শুনা পোৱা থাই
আপ্চিৰ কোনখন নদীৰনো জলপ্ৰপাত? কাউন্সিলৰ কেলেণ্ডাৰত ছপোৱা ছবি থকা পৃষ্ঠাটোতো এই তথ্যটো নাই৷ কেৱল কাৰবিসকলৰ ইতিহাসবিজড়িত নৈ কাৰবি লাংপীৰ নামোল্লেখ আছে৷ ইউটিউবাৰকেইজনো এই সংক্ৰান্তত নিমাত!
হাৰছিঙৰ নিৰ্দেশ মানি কেঁচামাটিৰ ৰাস্তাটোৰে ডেকাৰজাই গাড়ীখন সুমুৱাই নিলে৷ কেঁকুৰিটো এৰিয়ে ঘোঁৰা
তিনিটা পালোঁ৷ ঘৰচীয়া ঘোঁৰা৷ ডিঙিত ৰছী লগোৱা আছে৷ ভাবিলোঁ, পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে
উদ্যমী কোনোবা লোকে ইয়াত ভ্ৰমণকাৰীৰ কাৰণে হৰ্ছ ৰাইডিঙৰ ব্যৱস্থা ৰাখিব পাৰে দেখোন৷ কাৰবি পৰম্পৰাগত চাংঘৰ হেম্তুনৰ আৰ্হিত হ’মষ্টে সাজি দিলেই হ’ল৷ ঘোঁৰাত উঠি খান্দুলি, থাই আপ্চিৰ৷ মজা লাগিব৷
ভাবনাত বুৰ গৈ থাকি ১২.৪৫ বজাত আমি মুকইৰাম পালোঁ৷ ঠাইডোখৰৰ অৱস্থান
খান্দুলিৰ পশ্চিমত, মেঘালয়ৰ সীমাত৷ ঘৰত এইকেইদিন গুগল মেপত এই মুকইৰামখন কম বিচাৰিলোঁনে! এতিয়া সোঁশৰীৰে উপস্থিত হ’বলৈ পাইহে শান্তি লাগিছে৷
মুকইৰামত থকা বি.অ’.পি. অৰ্থাৎ ব’ৰ্ডাৰ আউট প’ষ্টটোৰ আগেদি যাব ধৰিছোঁ৷ ইয়াত ৰাজ্যিক সীমান্তৰ তদাৰকীত নিয়োজিত অসম পুলিছ
বেটেলিয়নৰ ছাউনী আছে৷ অকণমান আগত ফৰেষ্ট বিট্ অফিছ৷ কাটি থোৱা পাইন গছ দ’মে দ’মে দেখা পাইছোঁ বিট্ অফিছটোৰ আশে-পাশে৷ আৰু
অকণমান আগলৈ গৈয়ে স্কুল এখন৷ চাইনব’ৰ্ডখনত লিখা আছে মুকইৰাম এল. পি. স্কুল, চিন্থং, কাৰবি আংলং৷ গুণোৎসৱৰ সময়ত অৰুণদা
ইয়ালৈ আহিছিল বুলি ক’লে৷ মুকইৰামলৈ দুবাৰকৈ আহিছে তেওঁ৷ পিছে দুৰ্ভাগ্য, থাই আপ্চিৰলৈহে এবাৰো যোৱা নহ’ল৷ মানে যাব নোৱাৰিলে৷ সেয়েহে হেঁপাহটো থাকি গ’ল৷ আজি কি হয়
দেখা যাওক৷ ইমানখিনি সুকলমে আহি পাইছোঁ৷ আৰু মাত্ৰ ৮ কিল’মিটাৰ৷ তিনি বাৰে নিবাৰ বুলি কথা এষাৰো আছে আমাৰ৷
অৰুণদাৰ চকুৱে-মুখে নতুন উৎসুকতাৰ ভাবে ছানি ধৰা মই মন কৰিলোঁ বিদ্যালয়খন অতিক্ৰম কৰাৰ লগে লগে৷ আৰু ৮-৯ মিনিট যাত্ৰা কৰি আমি আৰ্তিং
পালোঁহি৷ আৰম্ভণিৰ পৰাই ৰাস্তাটো কেঁচা৷ কাষে কাষে শিলৰ স্তূপ৷ অচিৰেই পকীকৰণ হ’ব চাগৈ৷ ইয়াৰ পৰা খান্দুলিলৈ শ্বৰ্টকাট্ ৰাস্তা আছে বুলি ক’লে হাৰছিঙে৷ মনে মনে চিন্তা কৰিলোঁ, তেনেহ’লে ঘূৰি যাওঁতে আমিচোন সেই বাটেৰে
সোমাই হেলাৰঙে খান্দুলি ওলাবগৈ পাৰোঁ৷ তাৰ পৰা ডাইৰেক্ট হামৰেণ৷ থাই আপ্চিৰ আগমনৰ সুযোগতে খান্দুলিখনো
এপাক চোৱাৰ আকাংক্ষা এটা ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠিল৷ সিফালে হামৰেণৰ সিপাৰে টিকা পাহাৰেতো আগৰে পৰাই টানি আছেই৷ এক গুলীত কেইবা চিকাৰ!
১৬) সুকলমে পাৰ হ’লোঁ লাংমিনি
১৬) সুকলমে পাৰ হ’লোঁ
এইফালৰ জনপদবোৰত বসতি সেৰেঙা৷ মামৰে ধৰা টিনপাতৰ
কেইটামান ঘৰ, বাঁহৰ ডবল বেৰাৰ এটা গিৰ্জা৷ ১ বাজিবৰ হ’ল অথচ নিমাওমাও পৰিৱেশ৷ এয়াই আৰ্তিং৷ আৰ্তিঙৰ পৰা অকণমান গৈয়ে হাৰছিঙে চালকক পুনৰবাৰ
নিৰ্দেশ দিলে, ‘এতিয়া বাঁওহাতে যাব৷ সেইফালেই থাই আপ্চিৰ৷’ ডেকাৰজাই বলেৰ’ সুমুৱাই দিলে৷
ৰাস্তাটোৰ অৱস্থাই নাই৷ ঠেক আৰু কেঁচা৷ পানীয়ে ধুই নিয়াত শিলগুটিয়ে দাঁত নিকটাই আছে৷ দুকাষৰ জংঘলবোৰ আগ বাঢ়ি আহিছে৷ অফ্ ৰ’ড যাত্ৰা এটা যেন এইখিনিৰ পৰা এইমাত্ৰ আৰম্ভ হ’ল! আকৌ এক নতুন উৎকণ্ঠাই বাহ ল’লে৷ ভালো লাগিল৷
মনত পৰিল লাংৱ’কু যাত্ৰাৰ মুহূৰ্ত কেইটামান৷ পানীয়ে
খান্দি পেলোৱা পাহাৰীয়া ৰাস্তাটোৰে মাৰুতি জীপচি বুলিহে আমাৰ সেই ভ্ৰমণ সম্ভৱ হৈছিল৷
অৰূপদাৰ গাড়ীখনত ফ’ৰ হুইল ড্ৰাইভ নথকাত উভতোঁতে উঠিব নোৱাৰাৰ আশংকাত যমুনাৰ পাৰলৈকে নমাই নিনি পাহাৰৰ ওপৰতে
জংঘলৰ আঁৰত গাড়ী এৰি দিয়া হৈছিল, অদৃষ্টৰ হাতত৷ তাৰ পাছত নিম্নমুখী ট্ৰেকিং, ৰিভাৰ
ক্ৰচিং৷ পাইছিলোঁগৈ লাংৱ’কু৷ সফল অভিযান আছিল সেইটো৷
এইফালে ইয়াত আমাৰ চালক মুকুতা ডেকাৰজাৰ অজ্ঞতাই হওক কিম্বা সাহস
আৰু পটুতাৰ কাৰণেই হওক, মহেন্দ্ৰ বলেৰ’ আগ বাঢ়িল ওখোৰা-মোখোৰা বাটটোৰে৷ বৰষুণৰ পানীয়ে উপৰিভাগ তেনেই
নষ্ট কৰি পেলাইছে৷ তাকে চাই চালকজনক সুধিবলৈও বাধ্য হ’লোঁ, ‘বোলোঁ যাবনে ডেকাৰজা?’ ডেকাৰজা চিন্তাক্লিষ্ট যদিও মুখত সাহসী উত্তৰ৷ ‘চাওঁচোন ৰ’ব ছাৰ৷ আহিছোঁ যেতিয়া যাবতো লাগিবই৷’
স্বাভাৱিকতে মোৰ মনত দুশ্চিন্তা এটাৰ উদ্ৰেক
হ’ল যে নিব নোৱাৰিলে গাড়ীখন ঘূৰাব
ক’ত? ঠায়ে নাইচোন৷ তাতোকৈ এইখন ওপৰতে ৰাখি থৈ বাকীখিনি খোজ কঢ়াই ভাল আছিল নেকি! ইফালে ডেকাৰজাও নাছোড়বান্দা৷ আত্মবিশ্বাস
আৰু বাহনৰ ওপৰত ভৰসা ৰাখি গৈ আছে নামি, টিপা ধৰি ধৰি৷ বাট বিচাৰি কাষৰ হাবি-জংঘলো
মহতিয়াইছে৷ বলেৰ’ত মোৰ বিশ্বাস
নথকা নহয় যদিও এনে ধৰণৰ ৰাস্তাত ফ’ৰ হুইলযুক্ত জীপচিহে উত্তম৷
কেঁকুৰি এটা ঘূৰোঁতেই তলত পাহাৰীয়া খৰস্ৰোতা নৈ এখনে জল্মল্কৈ দেখা দিলে৷ পৰিস্থিতি অধ্যয়ন
কৰিয়ে বুজি পালোঁ যে আমি সেইখন পাৰ হ’ব লাগিব৷ পানী কিমান আছে গম নাপাওঁ৷ সিটো
পাৰে আকৌ ওখ৷ ৰাস্তাৰ অৱস্থাও তথৈবচ৷ আগ-পাছ নুগুণি বলেৰ’খন নমাই অনাৰ বাবে চালকৰ ফালে পোন্দোৱাকৈ
চালোঁ যদিও তেওঁৰ ধ্যান এতিয়া বাটটোৰ উপৰিভাগত৷ কোনফালেদি
নামি যাব পাৰি অলপ সময় তাকে চায়৷ শেনদৃষ্টিৰে চাৰ্ভে এটা কৰে৷ গম্ভীৰতাৰে কিবা গুণা-গঁথা কৰে৷ তাৰ পাছতে লাহে লাহে
নিয়ে আগুৱাই৷ পৰম ধৈৰ্যৰে এখোপ এখোপকৈ সুকলমে নামি আছে৷
এই কথাই কথা নহয়৷ ৰাস্তাটো চাব লাগিব৷ পানীয়ে
সৃষ্টি কৰা খলা-বমাবোৰ শিল দি পূৰাব লাগিব৷ এঢলীয়া বাটটোৰে আৰু নামি যোৱাৰ আগতে
এঠাইত বাধ্য হৈ সকলোটি গাড়ীৰ পৰা নামি দিলোঁ৷ চাওঁ যে ৰাস্তাটোত অন্য বাহনৰ চকাৰ কোনো
চিন-মোকামেই নাই৷ ইয়াৰ অৰ্থ এয়ে হ’ব যে গাড়ী ওপৰতে থৈ বাকী দূৰত্বখিনি পদযাত্ৰা কৰাহে উচিত আছিল৷ পিছে আমাৰ চালকে
আগে-ভাগে নমাই দিলেই নহয়৷ কি হ’ব এতিয়া? বৰষুণ আহিব লাগিলেতো শেষেই৷ নিৰ্ঘাত ফচিব লাগিব৷ গভীৰ উৎকণ্ঠাৰে আকাশখনলৈ
চালোঁ৷ ডাৱৰৰ মাজে মাজে নীলা ৰং কিছুমানে খেলা কৰি আছে৷ সেয়াই ভৰসা এতিয়া৷ ঈশ্বৰলৈ
মনে মনে প্ৰাৰ্থনা এটা কৰি থ’লোঁ৷ নহ’লে ঘৰ নাপামগৈ৷
লংপেণ্ট কোঁচাই ছেণ্ডেল
হাতত লৈ হাৰছিং আগ বাঢ়িল নৈখনত পানী কিমান আছে তাৰ জোখ ল’বলৈ৷ ‘কি নৈ এইখন?’ পাছে পাছে গৈছিলোঁ যদিও লগ ধৰিব নোৱাৰি ওপৰৰ পৰাই ৰিং মাৰিলোঁ মই৷ ‘লাংমিনি ছাৰ৷’ ‘আচ্ছা, সময় কিমান হ’ল বাৰু?’ ‘১ বাজি ৫ মিনিট গৈছে৷’ উত্তৰটো আহিল মোৰ পাছফালে থকা বৰছিঙৰ পৰা৷ অৰুণদা আমাৰ লগত নাহি গাড়ীৰ কাষতে ৰ’ল৷
হাৰছিং সাৱধানে নামি গৈছে৷ চালকক চাবলৈ ক’লে পানীৰ জোখটো৷ আঁঠু চুবলৈ অকণমান বাকী৷ তেওঁ সিপাৰ হ’ল আৰু খোজ ল’লে ওপৰলৈ৷
ঘূৰি আহি বাকীকেইজনে গাড়ীত বহি ল’লোঁ৷ এইবাৰহে আচল পৰীক্ষা হ’ব ডেকাৰজাৰ৷
গভীৰতা জানিব পাৰিলেও তলিৰ অৱস্থাটো জানো গম পায়? ওচৰৰ পৰা নিজে এবাৰ চাই আহিছে অৱশ্যে৷
সেয়ে হ’লেও এইছোৱাৰে গাড়ী পাৰ কৰাই নিবলৈ
সাহস আৰু বিশ্বাস দুয়োটাই লাগিব৷ নিজৰ ওপৰত বিশ্বাস, গাড়ীৰ ওপৰত বিশ্বাস৷ তাৰ ওপৰঞ্চি, অভিজ্ঞতা
আছেনে নাই সমূলি ক’ব নোৱাৰোঁ৷
খলা-বমাৰে বৰ কায়দাৰে নমাই আনি বলেৰ’খন লাংমিনিৰ পাৰত উপস্থিত কৰোৱাৰ পাছত চালকজন স্থিৰভাৱে
এখন্তেক ৰ’ল৷
খুব মনোযোগেৰে চিন্তা কৰিলে, কোনফালেদি নমাই কোনখিনিয়েদি উঠাব৷ বোকাও আছে কিন্তু সিটো
পাৰে৷
মোৰ মনলৈ আহিল লাংৱ’কুলৈ যাওঁতে কয়লাজান অতিক্ৰম কৰাৰ দৃশ্যৰাজি৷ আমাৰ আগে আগে যোৱা লীলাধৰ টেৰণহঁতৰ জীপচিখন এবাৰ নহয়, দুবাৰ নহয়, চাৰিবাৰতহে
সফল হৈছিল একে কোবতে পানী ফালি নৈ পাৰ হৈ সিফালৰ গড়াটোৰ ওপৰত ৰ’বলৈ৷ এতিয়া ইয়াত বলেৰ’ৰ কি দশা হয় নাজানো৷
এক, দুই, তিনি৷ গীয়েৰ সলাই লৈ ডেকাৰজাই গভীৰ আত্মপ্ৰত্যয়েৰে
দিলে নমায়৷ পানী ভাঙি আগ বাঢ়ি গ’ল৷ সিপাৰৰ লিকত চকা ৰাখিলে৷ এতিয়া জোৰ দি ওপৰলৈ উঠাৰ চেষ্টা৷ পিছলিছে
যদিও এক্সেলাৰেটৰ এৰা নাই৷ একোবত খোপনি ল’লে আৰু ধীৰে ধীৰে উঠি গ’ল৷ পুনৰ খলা-বমা৷ বলেৰ’খন হালি-জালি গৈ থাকিল ওপৰলৈ৷ সুৰক্ষিত অৱস্থান এটা পালেহি৷ ‘উঃ ৰক্ষা৷’ স্বগতোক্তি এটা আপোনা-আপুনি ওলাই আহিল৷
ঘূৰি যাওঁতে কি হ’ব-নহ’ব ক’ব নোৱাৰোঁ, এতিয়া কিন্তু আচল লক্ষ্যস্থান পোৱাৰ নিশ্চিতি আৰু আনন্দত মুখেদি উকি বাহিৰ হ’ল৷ ‘য়া... হু৷’ অৰুণদালৈ চালোঁ, তেওঁৰ মুখমণ্ডলতো সফলতাৰ হাঁহি৷ লক্ষ্য প্ৰাপ্তিৰ নিশ্চয়তাত হাঁহি বিৰিঙিছে প্ৰত্যেকৰে মুখে মুখে৷
ঘূৰি যাওঁতে কি হ’ব-নহ’ব ক’ব নোৱাৰোঁ, এতিয়া কিন্তু আচল লক্ষ্যস্থান পোৱাৰ নিশ্চিতি আৰু আনন্দত মুখেদি উকি বাহিৰ হ’ল৷ ‘য়া... হু৷’ অৰুণদালৈ চালোঁ, তেওঁৰ মুখমণ্ডলতো সফলতাৰ হাঁহি৷ লক্ষ্য প্ৰাপ্তিৰ নিশ্চয়তাত হাঁহি বিৰিঙিছে প্ৰত্যেকৰে মুখে মুখে৷
হাৰছিং গাড়ীত নুঠিল৷ কোবত খোজ দি আমাৰ আগে আগে যাব ধৰিলে আৰু সেউজীয়াৰ মাজত অদৃশ্য হৈ পৰিল৷ বলেৰ’খনতকৈও আগে-ভাগে জেগা পালেগৈ য’ত যাত্ৰাটোৰ অন্ত পৰিব৷
১৬) থাই আপ্চিৰ দেখিলোঁ
১৬) থাই আপ্চিৰ দেখিলোঁ
আপদীয়া জংঘলী ৰাস্তাটো শেষ৷ ডেকাৰজাই ষ্টাৰ্ট
বন্ধ কৰিলে৷ সুদূৰ ডিফুৰ পৰা আমাক কঢ়িয়াই অনা বলেৰ’ স্থিৰ হ’ল অনামী পাহাৰৰ ঘোঁকটত৷ প্ৰৱল হৰ্ষোল্লাসৰ মাজেৰে উদ্যম আৰু অনুসন্ধিৎসা বুকুত বান্ধি আমি নামিবলৈ
উদ্যত হ’লোঁ৷ হাৰছিং ৰৈ আছিল৷
‘লাংচুন কনাল’?’ অৰ্থাৎ জলপ্ৰপাতটো ক’ত? অৰুণদাই হাৰছিঙলৈ চাই প্ৰশ্ন
কৰিলে৷
‘অকণমান আগত৷ সৌৱা পালোঁহিয়েই ছাৰ৷ এইকণ খোজ কাঢ়িব লাগিব৷ আহক৷’ উত্তৰৰ লগে লগে হাৰছিঙে আঙুলিও
টোঁৱালে৷ আঙুলিটোৱে নিৰ্দেশ কৰা দিশটোলৈ ময়ো দৃষ্টি পোনালোঁ যদিও দুফালৰ পৰা
নামি যোৱা দুটা পাহাৰ, ওচৰে-পাজৰে লক্ষ্য কৰা পাইন আৰু অচিনাকি গছ-গছনিসমূহৰ লগতে
পানীৰ হাও হাও ধ্বনি এটাহে চকু আৰু কাণে তৎমূহূৰ্ততে ধৰা পেলাবলৈ সমৰ্থ হ’ল৷ সকলো মিলি মনটোক চঞ্চল কৰি তুলিলে৷
১ বাজি ১৫ মিনিট গৈছে৷ মাটিত ভৰি দিয়াৰ পাছতে
প্ৰথমে ৰাক্ছেকৰ পৰা হাফ্পেণ্টটো উলিয়ালোঁ৷ লংপেণ্ট খুলি হাফ্পেণ্ট পিন্ধি লৈছোঁ৷
জোতা-মোজা এৰি হাৱাই ছেণ্ডেল৷ পাহাৰত উঠা-নমা কৰোঁতে, নদীত নামোঁতে যাতে অসুবিধা নাপাওঁ৷
পানীৰ বটল আৰু বিস্কুটৰ পেকেটকেইটা ৰাক্ছেকত ভৰাই লোৱা হ’ল৷ হেণ্ডিকেমটো হাতত লৈছোঁ৷ মোক
সাজু হোৱা দেখি ততাতৈয়াকৈ বৰছিঙেও সলালে৷ আমাৰ উৎসাহ দেখি অৰুণদায়ো বে’গৰ পৰা হাফ্পেণ্ট এটা উলিওৱা দেখা পালোঁ যদিও
হেহোঁ-নেহো কৰি থাকিল৷ বোধ হয় গৰা উঠা-নমা কৰাৰ, পানী খেলাৰ আগ্ৰহ নাই৷ বিপজ্জনক
অৱস্থানটোৰ কথা তেওঁ আগতীয়াকৈ জানেই৷ সেয়ে নেকি, কাপোৰ নসলোৱাকৈয়ে ৰৈ গ’ল৷ কেমেৰাটো কান্ধত ল’লে পিছে৷
গাড়ীখন তাতে এৰি থৈ আটায়ে আগুৱাই যাব ধৰিলোঁ৷ কেইখোজমান মাত্ৰ৷ তলত, দুশাৰী পাহাৰৰ মাজত এখন শিলাময় নৈ আমাৰ সন্মুখলৈ আহিল৷ দুয়োকাষে
সেউজ বনাঞ্চল৷ খৰস্ৰোতা নদীখনৰ বাঁওপাৰে জলপ্ৰপাত এটাও দেখা গৈছে৷ বগা-সেউজীয়াৰ সমাহাৰত
এক অপূৰ্ব-সুন্দৰ দৃশ্য৷ মন মুহি পেলালে৷
গৰা এটাৰে নামিব লাগিব৷ ইফালে-সিফালে পাইন গছ৷
আচৰিত লাগিল যে কোনোবাই তাৰে গছ কিছুমান কাটি পেলাইছে৷ ‘এইবোৰ কোনে তহিলং কৰিলে?’
‘জয়ন্তীয়াবোৰে ইয়াত মাজে মাজে উপদ্ৰৱ
কৰে ছাৰ৷ সিহঁতেই হ’ব নেকি!’ হাৰছিঙে ক্ষোভেৰে ক’লে৷
‘ইমান সুন্দৰ অৱস্থান এটাত এনেকৈ
যধে-মধে গছ কাটে নেকি? ৰাখিবহে লাগে৷ বুৰ্বক৷’ অৰুণদাৰ খং উঠি গ’ল৷
মেঘালয়ৰ দিশৰ পৰা পোনভাৱে আহি থকা নৈখনে এইডোখৰতে
নামনি অংশত ৰাজ্যিক সীমান্তৱৰ্তী অসমৰ ভূখণ্ডত বৃহৎ পাক এটা লৈছে৷ ডাঠ অৰণ্যৰ বাবে
নিম্নভাগ স্পষ্টকৈ দেখা নগৈছে যদিও ধাৰণা কৰিছোঁ, প্ৰায় সমকোণৰ সমানেই হ’ব কিজানি পাকটো৷ আমাৰ বাঁওহাতেও
এটা জলপ্ৰপাত৷ হো-হোৱনিৰে চৌপাশে খলক লগাই পানীবোৰ অহৰহ নামি গৈছে তললৈ৷ উচ্চাংশত
আৰু এটা জলপ্ৰপাত৷ অলপ আগেয়ে গাড়ীৰ পৰা নমাৰ সময়তো জলপ্ৰপাতৰ শব্দ শুনা পাইছিলোঁ৷
সেয়া এইকেইটাৰ শব্দ নাছিল৷ তাৰ মানে এইখিনিত কেইবাটাও জলপ্ৰপাত সৃষ্টি হৈছে৷ আমি
চাবলৈ অহা থাই আপ্চিৰ কোনটো? উত্তৰটো জানিবলৈ মনটো ব্যগ্ৰ হৈ উঠিল৷
তৰ্জনী টোঁৱাই হাৰছিঙে পৰিচয় কৰোৱালে৷ তলত
সেইখন কাৰবি লাংপী৷ বাঁওহাতে এইখন লাংমিনি, অলপ আগেয়ে আমি যিখন পাৰ হৈ আহিছোঁ৷ তিনি খলপীয়া
থাই আপ্চিৰ জলপ্ৰপাতৰ ৰূপত লাংমিনি কাৰবি লাংপীত পৰিছে৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এই বছৰৰ কেলেণ্ডাৰত তলৰ পৰা তোলা আলোক-চিত্ৰ দেখিছোঁ যদিও হাৰছিঙে কওঁতেহে স্পষ্ট হ’ল৷ আমাৰ অৱস্থান জলপ্ৰপাতটোৰ ওপৰত৷
গৰাটোৰ শেষ প্ৰান্তত থিয় দি মনোৰম
দৃশ্যপট মুখৰ আগত ৰাখি প্ৰথমেই হৃৎপিণ্ড পূৰ কৰি ভৰাই ল’লোঁ নিৰ্মল অম্লজান৷ নিৰ্মল
বায়ু আৰু বিশুদ্ধ পানীয়েই প্ৰকৃতিয়ে মানুহক দিয়া সৰ্বশ্ৰেষ্ঠ দৰৱ বুলি মই গভীৰভাৱে
বিশ্বাস কৰোঁ৷ সেয়ে অনৱৰতে এই দুটা বস্তু বিচাৰি ঢপলিয়াই ফুৰোঁ, পাহাৰে-কন্দৰে, য’ত উভৈনদী হৈ থাকে ইহঁতৰ যুগলবন্দী৷ ইয়াতো
সঁচাকৈ, কিবা এক অদ্ভুত শক্তি পোৱা যেন লাগি গ’ল, উশাহ টানি লওঁতেই! প্ৰথম
দৃশ্যটোৱেই মন ভৰাই পেলালে৷ পাহৰি গ’লোঁ বাটৰ কষ্ট, পাহৰি গ’লোঁ আন আন সকলো কথা৷ জোঙা শিলটোৰ ওপৰত থিয় দি দুহাত প্ৰসাৰিত কৰি দিলোঁ, ধন্যবাদ
জনালোঁ নেদেখাজনক৷
উগ্ৰপন্থীৰ কাৰ্যকলাপৰ বাবে পাহাৰ আৰু অৰণ্যৰে পৰিৱেষ্টিত পশ্চিম কাৰবি আংলঙলৈ
ফুৰিবলৈ অহাটো কেৱল মূৰ্খামিয়েই নহয়, আত্মজাহৰে নামান্তৰ বুলি হয়তো এতিয়াও
কোনোবাই ভাবিব পাৰে৷ নিৰাপত্তাৰ বাবে উদ্বিগ্ন হৈ বহুতেই নহাকৈ থকাটোও
অস্বাভাৱিক নহয়৷ কিন্তু আমি সাহস কৰিলোঁ, সদিচ্ছা ৰাখিলোঁ আৰু আহিলোঁ৷ আচলতে থাই আপ্চিৰে, পাহাৰী প্ৰকৃতিয়ে টানি লৈ
আহিল৷ আৰু এয়া, পাই গ’লোঁ থাই আপ্চিৰ, কাৰবি লাংপী, লাংমিনি৷ ইমান বেছি পাম বুলি ভবা নাছিলোঁ৷
১৭) খৰস্ৰোতা নৈ অতিক্ৰমি জংঘল অভিমুখে
১৭) খৰস্ৰোতা নৈ অতিক্ৰমি জংঘল অভিমুখে
‘থাই আপচিৰ৷ জয়ন্তীয়া ভাষাত, হৰিণ মাৰা ঠাই৷’
ওপৰত ৰৈ ৰূপ দৰ্শন কৰি থাকোঁতেই কথাষাৰ জনালে হাৰছিঙে৷ আনহাতে, ‘কাৰবি ভাষাত অৰ্থটো হ’ব, কাঁড়ৰ দৰে পোন৷’ অৰুণদাই ক’লে৷ কোনে দিলে এই নাম? অতীতৰ কি কাহিনী আছে? জয়ন্তীয়াই ইয়াত হৰিণ মাৰিছিলনে নাই ক’ব নোৱাৰোঁ৷ নাম শুনাও বৰ বেছি বছৰ হোৱা নাই৷ তাৰ বিপৰীতে শিলনি, শিলভেটা, ভেলোঘাট কিন্তু সৰুৰে পৰাই কাণত বাজিছিল৷ সেইবোৰ যিয়েই নহওক, আহি গ’লোঁ আজি আমি৷ এয়া কিন্তু পূৰাপূৰি সত্য৷ হাণ্ড্ৰেড পাৰ্চেণ্ট৷
ওপৰত ৰৈ ৰূপ দৰ্শন কৰি থাকোঁতেই কথাষাৰ জনালে হাৰছিঙে৷ আনহাতে, ‘কাৰবি ভাষাত অৰ্থটো হ’ব, কাঁড়ৰ দৰে পোন৷’ অৰুণদাই ক’লে৷ কোনে দিলে এই নাম? অতীতৰ কি কাহিনী আছে? জয়ন্তীয়াই ইয়াত হৰিণ মাৰিছিলনে নাই ক’ব নোৱাৰোঁ৷ নাম শুনাও বৰ বেছি বছৰ হোৱা নাই৷ তাৰ বিপৰীতে শিলনি, শিলভেটা, ভেলোঘাট কিন্তু সৰুৰে পৰাই কাণত বাজিছিল৷ সেইবোৰ যিয়েই নহওক, আহি গ’লোঁ আজি আমি৷ এয়া কিন্তু পূৰাপূৰি সত্য৷ হাণ্ড্ৰেড পাৰ্চেণ্ট৷
তিনি খলপীয়া জলপ্ৰপাতটো, যাক থাই আপ্চিৰ বোলা
হৈছে, এইটো পোন নে এঁকা-বেঁকা? তলৰ পৰা চালেহে গম পাম চাগৈ৷ কাৰবি লাংপীখন অৱশ্যে
এইখিনিৰ পৰা চাওঁতে পোন যেনেই লাগিছে৷ ‘পাহাৰীয়া নৈ অথচ চাওক, কিমান চিধা৷’ ময়ো মুখখন খুলিলোঁ৷ নাম আৰু নামৰ উৎপত্তিক কেন্দ্ৰ কৰি হোৱাই-নোহোৱাই
কিছু সময় ধৰি চৰ্চা চলি থাকিল আমাৰ মাজত৷ গৱেষক, নদী-বিজ্ঞানী এজনো নহওঁ৷ সাধাৰণ ভ্ৰমণপিয়াসীহে৷
‘নামিবনে
দাদা তললৈ?’ মোৰ কাষতে ৰৈ অভিভূত নয়নেৰে জলপ্ৰপাতটোলৈ একেথৰে দৃষ্টিনিক্ষেপ কৰি থকা অৰুণদালৈ চাই প্ৰশ্নটো
এৰি দিলোঁ৷
‘নাই নাই,
মই নানামো ভাই৷’
নিম্নগামী জলস্ৰোতৰ উত্তাল খলকনিয়ে অৰুণদাৰ মনলৈ ভীতি সঞ্চাৰ কৰিছে৷ তেনেকুৱা যেন লাগিল মোৰ৷ সঁচাই ভয়ংকৰ
পৰিৱেশ এটা৷ জয়াল ঠাইডোখৰত নামনি অভিমুখীকৈ প্ৰৱাহিত জলধাৰাৰ প্ৰচণ্ড গৰ্জনে তাল-ফাল লগাই
আছে৷ এতিয়া আমি ৰৈ থকা অৱস্থানৰ পৰা বেছি আগলৈ যোৱাও অনুচিত৷ কেনেবাকৈ ভৰি পিছলিব
লাগিলে কি হ’বগৈ ঈশ্বৰেহে
জানে৷ অৰুণদাৰ চাগৈ ষষ্ঠ ইন্দ্ৰিয় জাগ্ৰত হ’ল৷ কেইখোজমান পিছুৱাই গ’ল৷
‘মই হ’লে নামিম দেই৷ আহিছোঁ যেতিয়া তলৰ
পৰাও ষ্টেপকেইটা চাই যাওঁ৷’
‘চাব কিন্তু
দেই, সাৱধান৷’
অৰুণদাৰ সদিচ্ছাকণক মূৰ দুপিয়াই সন্মতি জনোৱাৰ
লগে লগে হাইকিং ৰাক্ছেকটো নমাই মাটিৰ ওপৰতে থৈ দিলোঁ৷ ছেণ্ডেলযোৰো খুলি পেলালোঁ৷ এতিয়া শুদা ভৰিৰ কাম৷ দুভৰিৰ
ওপৰত বিশ্বাস পূৰামাত্ৰাই ৰাখিব লাগিব৷
মনত পৰোঁতেই সৰু জোখৰ শিল এটা বুটলি ৰাক্ছেকৰ
নে’টত ভৰাই লৈছোঁ৷ থাই আপ্চিৰলৈযে
আহিছিলোঁ এয়াই স্মৃতিচিহ্ন হ’ব মোৰ৷ ঘৰত এনেকুৱা কেইবাটাও শিল ইতিমধ্যে গোট খাইছে৷ গৈ অহা জেগাবোৰৰ নাম আৰু
চন-তাৰিখ লিখি থোৱা আছে প্ৰত্যেকটোৰ গাতে৷ সামান্য নহয়, ইহঁত এতিয়া একো-একোটা কথা
কোৱা শিল! নিজৰ জীৱন-যাদুঘৰৰ এইবোৰেই একান্ত অমূল্য সম্পদ বুলি পৰিগণিত৷ গোটাই গৈছোঁ
ইটোৰ পাছত সিটোকৈ৷ পাছত কি হয় ক’ব নোৱাৰোঁ৷
বাঁওহাতে ঘূৰি চাই দেখিলোঁ, হাৰছিং, বৰছিং দুয়ো লাংমিনিৰ
পানী-যুঁৱলিত৷ লংপেণ্ট কোঁচাই হাৰছিং আগ বাঢ়িছে, জলপ্ৰপাতটো যিখিনিয়েদি হৰহৰাই তললৈ
নামি আছে, তাৰ মাত্ৰ ১০-১২ ফুট নিলগেৰে৷ বিপজ্জনক কাৰবাৰ৷ ক্ষুদ্ৰ জলপ্ৰপাত বা ৰেপিড্ছৰ
সোঁতে কেনেবাকৈ টানি নিব লাগিলে হ’লেই আৰু৷ হাৰছিঙক তেনেকুৱা অৱস্থানত দেখা পায়ে ডেকাৰজাই চিঞৰি উঠিল, ‘ঐ হাৰছিং, সেইফালে কিয় গৈছ?’ হাৰছিং ইতিমধ্যে পাৰ হৈ গ’লেই৷ হিল্লোলিত পানীৰ আৱাজত
একো শুনাও নাপালে কিজানি৷
আনফালে বৰছিঙেও প্ৰয়াস কৰিছে কিছু আগত থকা অন্য
এটা সম্ভাব্য বাটেৰে জলৰাশি অতিক্ৰম কৰিবলৈ৷ উদ্দেশ্য তললৈ নামিব৷ বাঁওহাতে কিছু আগলৈ দেখা দি থকা অনুচ্ছ জলপ্ৰপাতটোৰ তলিত সৃষ্টি হৈছে এটা বৃহৎ কুণ্ড৷ কিমান গভীৰ জনা নাযায়৷ তাৰ পৰা
বৈ অহা জলধাৰাৰ মাজেৰেই বৰছিঙে সিপাৰলৈ খোজ দিব ধৰিছে, খুপি খুপি, সুচলতা চাই চাই৷
প্ৰথমে হাৰছিঙৰ বাটটোকে লৈছিলোঁ যদিও ডেকাৰজাই
সেইফালে যোৱাৰ পৰা মোক বাৰণ কৰিলে৷ তাতোকৈ বৰছিঙৰ ফালেদিয়ে পাৰ হ’বলৈ ক’লে৷ পাৰতে পৰি থকা পাইনৰ ডাল এটাও নিজেই হাতত তুলি দিলেহি সহায়ক লাখুটি হিচাপে৷ ক’লে, ‘এইডাল লওক৷’
পানীত নামিবলৈ উদ্যত হোৱা অৱস্থাত মোক দেখি বৰছিং ঘূৰি আহিল৷ পাইনৰ বৰ দীঘল
গা-গছ এডাল এফালে পৰি আছিল৷ কষ্টে-মষ্টে সেইডাল দাঙি আনিলে৷ গভীৰ অংশটো পাৰ হোৱাৰ পথ প্ৰশস্ত হোৱাকৈ
শিল আৰু পানীৰ ওপৰত পাৰি দিলে৷ তাৰ পাছত চুটি এডাল থ’লে৷ এতিয়া আমাৰ আগুৱাবৰ পাল৷
ডেকাৰজা মোৰ পিছে পিছে নামি আহিছিল যদিও পানীত
ভৰি দিয়ে ৰৈ গ’ল৷ কিবা
এটা চিন্তা কৰিলে৷ আকৌ ওপৰলৈ উঠি গ’ল৷ হয়তো ভাবিলে, গোটেইকেইজন তললৈ গুচি গ’লে এইফালে ছাৰ অকলশৰীয়া হ’ব৷ ঠিকেই কথাটো৷
ডেকাৰজা থাকি গ’ল৷ ঈশ্বৰক সুঁৱৰি মই পানীত খোজ
দি দিলোঁ৷ পৰ্বতীয়া খৰস্ৰোতা নৈ৷ পানীবোৰ শীতল হ’ব বুলি জানো৷ তলিখন কিমান পিছল হ’ব পাৰে, তাৰহে পূৰ্ব ধাৰণা শূন্য৷
বৰছিঙে চিঞৰ মাৰি ক’লে, ‘চাব দেই ছাৰ, পিছল আছে৷’ হয়ো হয়৷ খোপনি ধৰাইচোন মস্কিল৷
আৰম্ভণিতে থৰক্-বৰক্ লাগিল৷ গেদবোৰে পিছল কৰি তুলিছে শিলাময় উপৰিভাগ৷ আত্মবিশ্বাস
নাথাকিলে আগুৱাই যোৱাটো বাদেই, ৰৈ থকাই অসম্ভৱ৷ ডেকাৰজাই দিয়া লাখুটিৰূপী ডালটোৰ
সহায়তহে কোনো ৰকম সন্তুলন বৰ্তাই ৰাখিছোঁ৷
অৰুণদাই ওপৰৰ পৰা চাই আছে৷ কাষত ডেকাৰজা৷ সাৱধানে
গৈ বৰছিঙে পাতি থোৱা গা-গছডালত ধৰিলোঁগৈ৷ গভীৰতা বাঢ়িল৷ হাফপেণ্টো তিতিল৷ হ’লেও সাৰথি এডাল পাইছোঁ৷ বিপদসংকুলতাক লগে-ভাগে নেওচিবলৈ বৰছিঙো
কাষ চাপি আহিছে৷ হেণ্ডিকেমটো হস্তান্তৰ কৰি দিলোঁ তালৈ৷ দুহাত মুক্ত হোৱাত সাহস অকণমান বাঢ়ি গ’ল৷ সোঁতৰ মাজেদিয়ে বাকী অংশ পাৰ হৈ গ’লোঁ সুকলমে৷
সিপাৰত ৰৈ থকা সদস্য দুজনলৈ হাত জোকাৰি আমি তিনিও অচিন জংঘলৰ মাজলৈ সোমাই গ’লোঁ৷
১৮) অৰণ্যৰ মাজে মাজে নিম্নমুখী ট্ৰেকিং
১৮) অৰণ্যৰ মাজে মাজে নিম্নমুখী ট্ৰেকিং
পৰ্বতীয়া লুংলুঙীয়া বাট এটাৰে অগ্ৰসৰ হৈছোঁ আমি৷ অতি
সন্তৰ্পণে৷ লিক্টো ঘূৰি-পকি ক্ৰমাৎ নিম্নগামী হৈছে৷ শুদা ভৰিৰে খোজ পেলাবলগীয়া হোৱাত
ঠায়ে ঠায়ে শিলগুটিৰ জোংবোৰে তলুৱাত খোঁচা-বিন্ধা কৰি গৈছে৷
যিমানেই আগুৱাইছোঁ, এনে লাগিছে যেন আমি এখন
বৰ্ষাৰণ্যত সোমাই পৰিছোঁ৷ বৰ্ষাৰণ্য মানে বৰষুণ
দি থকা অৰণ্য বুলি সততে ভাবি লোৱা হয় যদিও এই ধাৰণা প্ৰকৃততে অশুদ্ধ৷ বৰ্ষাৰণ্য প্ৰকৃতিৰ
এনে এক অৱদান, এনে এক অদ্ভুত সৃষ্টি, যাৰ অৱস্থিতিয়ে মানুহক প্ৰকৃতিৰ প্ৰতি প্ৰতি-নিয়ত
ইতিবাচক হ’বলৈ উদ্বুদ্ধ কৰে৷ বৈশিষ্ট্যপূৰ্ণ কথা এয়ে যে এনে অৰণ্য বছৰৰ আটাইকেইটা
ঋতুতে চিৰ-সেউজীয়া হৈ থাকে৷ বৃহৎ গছৰ উপৰি গুল্মজাতীয় উদ্ভিদৰ মাত্ৰাধিক্যৰ ফলতে বৰ্ষাৰণ্যৰ
অধিকাংশ ঠাই অসূৰ্যস্পশ্যা হৈ ৰয়৷ এই ধৰণৰ প্ৰাকৃতিক অৰণ্যই জলবায়ুৰ স্থায়িত্বত অৰিহণা
যোগায়৷ ভূভাগৰ জলধাৰণ ক্ষমতাও বৰ্তাই ৰাখে৷ পঢ়ি-শুনি গম পোৱা কথা৷
আমি এতিয়া সোমাই পৰা এই এলেকাটোতো
বেলিৰ কিৰণ নপৰা সেমেকা উপৰিভাগেৰেই আমাৰ পদচালনা চলি আছে৷ জলপ্ৰপাতৰ আৱাজে পৰিৱেশটো
কিবা ভৌতিক ভৌতিক যেন লগাইছে৷ আমাৰ গাইডস্বৰূপ হাৰছিং আৰু বৰছিঙৰ সাহসতে ময়ো
বাট বুলি আছোঁ, দুয়োৰে পাছে পাছে৷ মাজে-মধ্যে ভয়াৰ্ত হৈ পৰোঁ যদিও উত্ৰাৱল হৈ আছোঁ
নেদেখাক দেখাৰ মায়াত৷ মায়া বা আশাইতো জীৱন৷
লোক-কাহিনী তিছ’ জন্দিঙৰ আধাৰত কাৰবিসকলৰ মাজত এনে এক লোক-বিশ্বাস প্ৰচলিত আছে যে জনশূন্য গভীৰ
বনাঞ্চলত য’তে-ত’তে চিঞৰি ফুৰিব নাপায়৷ তাৰে বশৱৰ্তী
হৈয়ে নেকি হাৰছিং-বৰছিংহঁতে চিঞৰ-বাখৰ কৰা নাই, কিৰীলিওৱা নাই বা উকি এটাও মৰা নাই৷ ময়ো নিজকে সম্পূৰ্ণভাৱে
নিয়ন্ত্ৰণত ৰাখিছোঁ৷ মন দিছোঁ খোজত, দৃষ্টি ৰাখিছোঁ চৌপাশত৷ মনে মনে ভাবি গৈছোঁ, অনিষ্টকাৰী একো নোলালেই
হয়৷ অনেক জংঘলত সোমাইছোঁ, আজিলৈ ক’তো একো পোৱা নাই অৱশ্যে৷
ভৌতিকতাৰ লগে লগে আধ্যাত্মিকতায়োচোন ভুমুকি মাৰিলে! শিলাময় মুকলি ঠাই অকণমান পালোঁহি৷ পৰিত্যক্ত
অৱস্থাত মাটিৰ চাকি তিনিটা আৰু ধূনাবান এটা৷ কোনোবাই এৰি থৈ গৈছে৷ কোনোবা সময়ত
প্ৰকৃতি-পূজন চলিছিল নিশ্চয়৷ জলপ্ৰপাতত এনেকৈ পূজা-সেৱা আগ বঢ়োৱা কাৰ্য মই লাংৱ’কু, ডিলাই নৈৰ জলপ্ৰপাত আদিতো আগতে
দেখা পাইছোঁ৷ কি মানসেৰে কৰা হয়, কেনে উপকাৰ পোৱা যায়, সেইবোৰ নাজানো অৱশ্যে৷ এনে
স্থানত ভগৱানে বসতি কৰে বুলি সৰলমনা প্ৰায় মানুহেই ভাবে৷
হাৰছিঙে দেখুৱাই নিয়া পথ অনুসৰণ কৰি থাই আপ্চিৰৰ
প্ৰথম খলপটো গছৰ ফাঁকৰ মুকলি একাংশত ৰৈ দৰ্শন কৰিবলৈ সক্ষম হ’লোঁ৷ জল প্ৰৱাহৰ ঈশ্বৰীয় প্ৰকাশত অভিভূত হৈ
চালোঁ কিছু সময় ৰৈ৷ পানীবোৰ কেনেকৈযে নামিছে! অৰুণদা, ডেকাৰজা আমাৰ লগত নাহিল৷ জলপ্ৰপাতৰ
এই বাস্তৱ ৰূপ দৰ্শনৰ পৰা তেওঁলোকে নিজকে নিজে বঞ্চিত কৰিলে৷ আমাৰ তিনিওৰে মাজত চলা
সামান্য কথোপকথনৰ পৰা এইটোৱেই স্পষ্ট হ’ল৷
কেইচলুমান পি ল’ব পৰা হ’লে! প্ৰাকৃতিক পানীহে দেহৰ বাবে
উপকাৰী বুলি মই বিশ্বাস কৰি আহিছোঁ৷ সেয়ে সুবিধা পালেই পি লওঁ৷ এনে পানীত প্ৰাকৃতিকভাৱে
প্ৰদত্ত সকলো মৌল উপলব্ধ৷ কৃত্ৰিম মিশ্ৰণ শূন্য৷ আমাৰ আধুনিক জীৱন-যাত্ৰাৰ অভিন্ন অংগ হৈ পৰা নামী-দামী
কোম্পানীৰ অত্যাধুনিক ফিল্টাৰে পানীত থকা মানৱ দেহৰ প্ৰয়োজনীয় মৌলবোৰ শোধনহে কৰি পেলায়
বুলি অধ্যয়ন তথা গৱেষণাত প্ৰকাশ পাইছে৷ তেনেস্থলত প্ৰাকৃতিকভাৱে অহৰহ এৰিয়েচন চলি থকা
থাই আপ্চিৰৰ পানী অনৱৰত গৈয়ে আছে, গৈয়ে আছে৷ সীমান্ত অঞ্চলটোত বাস কৰা মানুহৰ মাজলৈ বোৱাই নি ইয়াৰ জৰিয়তে পানীৰ অভাৱ দূৰ
কৰাৰ উপৰি জনস্বাস্থ্য উন্নত কৰিব পৰাৰ কথা ভাবিব পৰা নাযায়নে? পাহাৰীয়া জিলাকেইখনত এই
সুবিধা প্ৰকৃতিয়ে কৰিয়ে থৈছে৷ প্ৰয়োজন সংৰক্ষণ আৰু সদিচ্ছাৰ৷
নিজে বাস কৰা পৃথিৱীখন মানুহে হেনো সদায় ওপৰৰ
পৰা চৰাইৰ দৰে চাবলৈ ব্যগ্ৰ হৈ থাকে৷ কথাষাৰ সমৰ্থন কৰোঁ৷ আনহাতে, আনৰ কথা নাজানো,
জলপ্ৰপাত দেখিলেই মোৰ আক’ তলৰ পৰা নহয়, ওপৰৰ পৰা চোৱাৰ প্ৰৱণতা এটাহে তীব্ৰৰূপত জাগি উঠে৷ লো আৰু চুম্বকৰ
দৰেই যেন এক সহজাত আকৰ্ষণ! থাই আপ্চিৰত এইটো আকাংক্ষা অৱশ্যে বিনা-আয়াসতে বাস্তৱায়িত
হ’ল৷ গাড়ী এৰি ৰ’লোঁহি ওপৰত৷ তলৰ পৰা চাবলৈহে এতিয়া
কষ্ট কৰিবলগীয়া হৈছে৷ গতিকে এখলপ এখলপকৈ নামি আছোঁ৷
বাঁওহাতে একেবাৰে থিয় শিলাময় অঞ্চল এটা৷ হাৰছিংহঁত
সেইফালেদি নামিব ধৰিলে দ্বিতীয় ষ্টেপটো সন্মুখত পোৱাৰ উদ্দেশ্যৰে৷ আশ্ৰয় বুলিবলৈ গছৰ
শিপা আৰু শিলৰ ফাঁক৷ হাতৰ খামোচ আৰু ভৰিৰ খোপনিত সম্পূৰ্ণ ধ্যান দি অৱৰোহণ চলিছে,
অতি সাৱধানে৷ আত্মবিশ্বাস হেৰুৱালে সৰি পৰিবগৈ লাগিব সৌ তলত৷
১৯) সাক্ষী হৈ ৰ’লোঁ দুৰ্দান্ত দৃশ্যপটৰ
১৯) সাক্ষী হৈ ৰ’লোঁ দুৰ্দান্ত দৃশ্যপটৰ
একেৰাহে, খুব সাৱধানে নামি নামি এজন এজনকৈ আমি
তলৰ শিলাময় ভূখণ্ডত ভৰি থ’লোঁ৷ কিমান নামিলোঁ? ওপৰলৈ চাইছোঁ৷ কিমান হ’ব বাৰু? হিচাপ
নাজানো৷ হাৰছিং আৰু বৰছিঙৰ সমানে সমানে ময়ো সফলতাৰে অৱৰোহণ কৰিব পৰাত দুয়োৰে মুখমণ্ডলত উজলি উঠিছে সন্তুষ্টিৰ ভাব৷ লগতে আখৈ ফুটাদি ফুটিব ধৰিছে প্ৰশংসা-বাক্য৷ সিহঁতৰ মুখ
বন্ধ কৰিবলৈকে মই প্ৰসংগটো সলাবৰ চেষ্টা চলালোঁ, আগফালে আঙুলিয়াই৷
লুংলুঙীয়া পথ এটা অগ্ৰসৰ গৈছে৷ সন্মুখত, পৰ্বতৰ
দেহত, একাংশ আগ বাঢ়ি থকা শিলৰ প্ৰকাণ্ড ছাদ এখন৷ জেগাডোখৰ গুহাসদৃশ৷ শিলবিলাকৰ গাত এঙাৰেৰে
আগমনকাৰী ব্যক্তিবিশেষৰ নাম-ধাম অ’ত-ত’ত লিখি থোৱা দেখা পালোঁ৷ জুই ধৰাৰো
চিন আছে৷ ইয়াতো কোনোবাই বনভোজ খায়হিনে! আচৰিতেই লাগিল অৱস্থান দেখি৷ আহ-যাহৰ
ক্ষেত্ৰত এনেকুৱা অসুচল ঠাই পিক্নিকৰ বাবে নিৰ্বাচন কৰাটো কেনেকুৱা কষ্টসহিষ্ণুতা,
সাহসিকতা আৰু দৃঢ়তাৰ পৰিচায়ক হ’ব বাৰু! শুনা পালোঁ, আণ্ডাৰগ্ৰাউণ্ড সংগঠনৰ সদস্যৰ
আত্মগোপনৰ থলী আছিল হেনো৷ এতিয়া অৱশ্যে সময় সলনি হ’ল৷ তাৰে সুযোগ লৈ আমিও আহিলোঁ আৰু দেখিলোঁ৷
২০১৫ৰ নৱেম্বৰ মাহত সোণালী নৈ সোৱণশিৰিৰ পাৰে
পাৰে চলা অৰুণাচল প্ৰদেশৰ চীন সীমান্তৱৰ্তী তাক্চিং অভিমুখী আমাৰ ট্ৰেকিং-কেম্পিং-এড্ভেন্চাৰ
ট্ৰিপত তামা চুং চুং (চমুকৈ টি.চি.চি.)ৰ নামনিস্থিত গেলেন চিনিয়াকত ইয়াতকৈও বৃহৎ, শিলৰ ছাদৰ দৰে অৱস্থান এটা পাইছিলোঁ৷ তাৰ তলতে তম্বু তৰি তাগিন সংগী নিকেল নাল’ৰ সৈতে দুনিশা কটাইছিলোঁ৷ ৪০ ফুটমান তলতে আছিল অতিপাত খৰস্ৰোতা সোৱণশিৰিখন৷
শিলৰ বুকুত খুন্দিয়াই পানীবোৰ হো-হোৱাই বৈ আছিল৷ পিছদিনা তাৰ পৰা আৰু অনেক আগুৱাই য়াং নামৰ
এক স্থানত একে ধৰণৰ শৈল ছাদ এখনৰ তলত পিক্নিক্ৰ আয়োজন চলিছিল৷ সাংঘাতিক পৰিৱেশ উভয় অৱস্থানতে৷ মায়াময় অৰুণাচললৈ মনত পৰি গ’ল মোৰ, ইয়াত শিলৰ এই ছাদখন দেখাৰ লগে লগে৷
সাংঘাতিক পৰিৱেশ ইয়াতো৷ বিম্বাশৱদে নামি আহিছে
থাই আপ্চিৰৰ জলসম্ভাৰ৷ এনে লাগিছে যেন আকাশৰ পৰাহে একেৰাহে সৰি পৰি আছে, য’ত লুকাই আছে জলপ্ৰপাতটোৰ সুকীয়া বৈভৱ তথা পৰিচয়৷ তলৰ পৰা
চাওঁতে পানীভাগ ওপৰত দেখা গৈ থকা মুকলি আকাশৰ পৰা নামি অহা যেন অনুভৱ হয়৷ দেখি অভিভূত
হৈছোঁ৷ ভোক-ভাগৰ পাহৰি গৈছোঁ৷ মাজে মাজে ভয়ো হৈছে, নামনিৰ ফেনিল জলৰাশিৰ উন্মত্ত নাচোন দেখি৷
সুৰক্ষিত স্থানত বহি হেণ্ডিকেমটো সাজু কৰাত
লাগিলোঁ৷ সমস্ত দৃশ্যৰাজি ভিডিঅ’ ৰেকৰ্ডিং কৰি লৈ যাব খোজোঁ৷ ঘৰলৈ ঘূৰি গৈ আনক দেখুৱাব খোজোঁ৷ এইটো মোৰ বিশ্বাস হৈছে
যে বিশেষ একো নেদেখা, ঘৰগোণা মানুহৰ বাবে নিঃসন্দেহে সেয়া হৈ পৰিব এক আশ্চৰ্যৰ বস্তু৷
তদুপৰি প্ৰকৃতিয়েইযে মানুহৰ জীৱনৰ সৰ্বোত্তম আৰু সৰ্ববৃহৎ পঢ়াশালি, ছবি চাই সেয়াও
উপলব্ধি কৰিব নিশ্চয়৷
হাৰছিং আৰু বৰছিঙে ম’বাইল ফোনৰ কেমেৰাৰে পৰস্পৰে পৰস্পৰৰ ফটো তোলাত লাগিছে৷ ছেল্ফীও উঠিছে ধুম-ধাম৷ পূৰ্বানুমান কৰিব নোৱাৰি
ছেল্ফী তুলিবলৈ গৈ অঘটন ঘটাৰ বাতৰি আমি টেলিভিচন আৰু খবৰ কাগজত চাবলৈ-পঢ়িবলৈ পায়ে
থাকোঁ৷ মই তেনেকুৱা খবৰ হ’ব নোখোজোঁ৷ ছেল্ফী তোলাৰ চখো
মোৰ নাই৷ প্ৰকৃতিক চাই চায়ে আনন্দিত হওঁ, আপ্লুত হওঁ৷ অন্তৰ ভৰাওঁ, প্ৰাণত সঞ্চয় কৰি লওঁ অন্তৰ্শক্তি
আৰু প্ৰেৰণা৷ জলপ্ৰপাতৰ সন্মুখত প’জ দি নিজৰ ফটো তুলি নহয়৷ প্ৰকৃতিৰ বিনন্দীয়া ৰূপমাধুৰী আনক দেখুৱাবলৈহে দৃশ্যবোৰ
বন্দী কৰি যাওঁ৷ এইবাৰ অৱশ্যে কেমেৰাটো লগত নাই৷ বেয়া হ’ল৷ হেণ্ডিকেমহে
আছে হাতত৷ অ’পাৰেট কৰাৰ অভ্যাসো সিমান নাই৷ সেয়ে যিমান পাৰি সাৱধানে আগুৱাই সুদৃঢ়ভাৱে খোপনি লৈ এঠাইত
বহিবৰ প্ৰয়াস কৰিছোঁ৷ শিলাময় উপৰিভাগ অতি পিছল৷ খেয়াল ৰাখিছোঁ, যাতে পিছলি নপৰোঁ, যাতে কোনো অনাকাংক্ষিত অঘটন নঘটে মোৰ ক্ষেত্ৰত৷
কেঁকুৰি এটা ঘূৰি তলেৰে বৈ আছে বৰপানী নৈখন৷ থাই আপ্চিৰ আৰু বৰপানীৰ ঐক্যমুখী সংগমস্থল মোৰ পৰা মাথো কেইমিটাৰমান তলত৷ কিমান তলত তাৰ সঠিক হিচাপ নাজানো৷ পানীবোৰে নিৰন্তৰ খেলি থকা শুভ্ৰৰঙী খেলখন হ’লে স্পষ্ট ৰূপত দেখা পাই আছোঁ৷ সচৰাচৰ আৰু সহজে চাবলৈ নোপোৱা দৃশ্য৷ চকুৰ টিপ মাৰিবলৈও
যেন পাহৰি গ’লোঁ! একেৰাহে চাই থাকিলোঁ৷ দুৰ্দান্ত এক দৃশ্যপট৷ মাজে
মাজে কেৱল নিজকে নিজে সুধিছোঁ, মোৰ খোপনিটো ঠিকে আছেতো?
২০) এই পৰ্যটন ক্ষেত্ৰৰ যথোচিত উন্নয়ন কামনাৰে...
২০) এই পৰ্যটন ক্ষেত্ৰৰ যথোচিত উন্নয়ন কামনাৰে...
পৰিৱেশৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ, পৰিৱেশৰ
লগতে স্থানীয় বাসিন্দাৰ জীৱন-পৰিক্ৰমাৰ উন্নতি সাধন হোৱাকৈ, প্ৰাকৃতিক বৈভৱেৰে চহকী
এনে সৌন্দৰ্যময় স্থানলৈ পৰ্যটকৰ আগমনৰ যোগেদি অঞ্চলটোৰ অনিষ্ট নহয়, বৰঞ্চ সম্পদসমূহৰ
সুৰক্ষা আৰু সংৰক্ষণৰ মাধ্যমেৰে প্ৰকৃতিৰ ৰূপ-ৰস, সৌন্দৰ্য-সুষমা তথা নৈসৰ্গিকতা মানুহক প্ৰাণভৰি
উপভোগ কৰোৱাই ইক’-টুৰিজম্৷ বিগত ১৯৮০ চনমানৰ পৰা
সমগ্ৰ পৃথিৱীতে ক্ৰমাৎ প্ৰৱলভাৱে জনপ্ৰিয় হৈ পৰা, সাম্প্ৰতিক বিশ্বত সৰ্বাধিক গুৰুত্বপূৰ্ণ
আৰু লাভজনক বিবেচিত হোৱা ইক’-টুৰিজম্ অৰ্থাৎ পৰিৱেশ পৰ্যটনৰ
এক বিশিষ্ট থলী হ’ব পাৰে এই ঠাইখিনি৷ চৌপাশে বিৰাজমান প্ৰকৃতিপ্ৰদত্ত বিপুল অৱদান তথা পাৰিপাৰ্শ্বিকতাক ভিত্তি কৰি থলুৱা লোকৰ জড়িতকৰণ, সমৰ্থনসূচক সহযোগিতা আৰু যথোপযুক্ত প্ৰশিক্ষণত কম আয়াসতে ইয়াতো গঢ় লৈ
উঠিব পাৰে পৰ্যটন ক্ষেত্ৰৰ নৱ-সংযোজনস্বৰূপ ইক’-টুৰিজম্৷ বিশ্বৰ
বিভিন্ন দেশে নিজৰ আয়তনাধীন ইক’-জ’নসমূহৰ চকুত লগা ধৰণে বিকাশ তথা পৰিৱৰ্তন সাধি সেইসমূহক পৰ্যটনৰ সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে
গঢ়ি তোলাৰ প্ৰয়াস অক্ষুণ্ণ ৰাখিছে৷ তাৰ বিপৰীতে আমাৰ এই মুলুকত চলিছে কি? কোনো পদক্ষেপেই
নাইচোন এতিয়ালৈ! ইয়ালৈ আহি তেনেকুৱা একো কামেই পৰিলক্ষিত হোৱা নাই৷ ৰাস্তা এটাৰো অৱস্থা যিহে! ইয়াকে কেন্দ্ৰ কৰি মনটো উচ্পিচাই উঠিল৷
পৃথিৱীৰ কথা বাদ৷ নিজৰ দেশখনলৈকে চাওঁ৷ ভাৰতবৰ্ষত সিঁচৰতি
হৈ থকা ইক’-জ’নসমূহক ছটা ভাগত বিভক্ত কৰা হৈছে৷
তাৰে ভিতৰত ‘প্ৰকৃতিৰ যাদুঘৰ’ আখ্যায়িত উত্তৰ-পূৰ্বাঞ্চলো
অন্যতম৷ তালিকাত অন্তৰ্ভুক্ত প্ৰধান উত্তৰ-পূৰ্বাঞ্চলীয় ঠাইকেইখনৰ নামকেইটা হ’লগৈ গুৱাহাটী, কাজিৰঙা, মাজুলী, তেজপুৰ,
শিৱসাগৰ, ভালুকপুং, শ্বিলং, চেৰাপুঞ্জী (ছোহৰা), ক’হিমা আৰু টাৱাং৷ বচ ইমানেই৷ এইসমূহৰ সমান্তৰালকৈ পৰিৱেশ পৰ্যটনক প্ৰতিনিধিত্ব কৰিব পৰা আন ভালেমান গুৰুত্বপূৰ্ণ স্থান অসমৰ পাহাৰীয়া
জিলাৰ অভ্যন্তৰতো আছে৷ বিভাগীয় কৰ্তৃপক্ষই সিবোৰত গুৰুত্বসহকাৰে মনোনিৱেশ কৰাটো আমি আশা কৰোঁ৷
অজস্ৰ সমৃদ্ধ সেউজ-সম্পদ, জল-সম্পদ লুকাই থকা কাৰবি আংলং, পশ্চিম কাৰবি আংলঙত ইক’-টুৰিজম্ৰ সম্ভাৱনীয়তা কিমান প্ৰকট, সেয়া নিজে নেদেখিলে বুজা নাযাব৷ এইবোৰ কেতিয়া কাৰ যাদু-পৰশতনো পোহৰলৈ আহিব, কেতিয়ানো যথোচিত পৰ্যটন প্ৰকল্প হাতত লোৱা হ’ব, কেতিয়ানো দেশবাসীৰ-বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব, সেয়া একমাত্ৰ ঈশ্বৰেহে জানে৷ এনেকুৱা অবৰ্ণনীয় সৌন্দৰ্যই প্ৰকৃতিপ্ৰেমী, পৰিৱেশবিদ, পৰ্যটকক হাত-বাউল দিয়েনে নিদিয়ে নাজানো, আমি কিন্তু আমাৰ প্ৰাণৰ একান্ত ইচ্ছা, দুৰন্ত আশা-প্ৰত্যাশাক সৰ্বোচ্চ প্ৰাধান্য দি চাবলৈ আহিলোঁ আৰু আহি এইখিনি উপলব্ধি হ’ল৷ তালিকা-উপেক্ষিত, চুবুৰীয়া ডিমা হাচাওৰ কথা নক’লোঁৱেইবা৷
অজস্ৰ সমৃদ্ধ সেউজ-সম্পদ, জল-সম্পদ লুকাই থকা কাৰবি আংলং, পশ্চিম কাৰবি আংলঙত ইক’-টুৰিজম্ৰ সম্ভাৱনীয়তা কিমান প্ৰকট, সেয়া নিজে নেদেখিলে বুজা নাযাব৷ এইবোৰ কেতিয়া কাৰ যাদু-পৰশতনো পোহৰলৈ আহিব, কেতিয়ানো যথোচিত পৰ্যটন প্ৰকল্প হাতত লোৱা হ’ব, কেতিয়ানো দেশবাসীৰ-বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব, সেয়া একমাত্ৰ ঈশ্বৰেহে জানে৷ এনেকুৱা অবৰ্ণনীয় সৌন্দৰ্যই প্ৰকৃতিপ্ৰেমী, পৰিৱেশবিদ, পৰ্যটকক হাত-বাউল দিয়েনে নিদিয়ে নাজানো, আমি কিন্তু আমাৰ প্ৰাণৰ একান্ত ইচ্ছা, দুৰন্ত আশা-প্ৰত্যাশাক সৰ্বোচ্চ প্ৰাধান্য দি চাবলৈ আহিলোঁ আৰু আহি এইখিনি উপলব্ধি হ’ল৷ তালিকা-উপেক্ষিত, চুবুৰীয়া ডিমা হাচাওৰ কথা নক’লোঁৱেইবা৷
নিঃসন্দেহে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব পাৰে অসম-মেঘালয় সীমান্তৱৰ্তী এই থাই আপ্চিৰ৷ তাৰ বাবে পৰ্যটন
উন্নয়নৰ দিশৰ পৰা উন্নতি সাধিব লাগিব৷ এই অঞ্চল, এই ঠাইবোৰ বিকশাই তুলি মানুহক ভ্ৰমণলৈ আহিবৰ বাবে আগ্ৰহী কৰি তুলিব লাগিব৷ দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে ব্যতিক্ৰমী কিছু কাম, কিছু নিৰ্মাণ, অৱশ্যেই কৰিব লাগিব৷ অন্যথা পৰি ৰ’ব আজি আমি আহি দেখাৰ দৰেই৷ উৎসাহী-অত্যুৎসাহী, উৎসুক-অনুসন্ধিৎসু কিছু লোক হয়তো আহিব, একান্ত নিজস্ব কৌতূহল আৰু তাড়নাত৷ বিপৰীতে, দেশত আজি পৰ্যটন ক্ষেত্ৰখনত সৰ্বাধিক গুৰুত্ব দিয়া বুলি কৈ থকা হৈছে যদিও অধিকাংশ জনতাই গমেই নাপাব আমাৰ ভূখণ্ডত কি আছে, ইয়াৰ মোহনীয়তা কিমান শক্তিশালী৷
পৰ্যটনৰ এই বিপুল সম্ভাৱনীয়তাক পৰ্যটকৰ অনুকূলে
নিবৰ বাবে,বহনক্ষম পৰ্যটন উদ্যোগ গঢ়িবৰ বাবে চৰকাৰী-বেচৰকাৰী বিভাগ-সংস্থাসমূহে হাতে-কামে জোৰদাৰভাৱে লাগিব লাগিব৷ বিকাশ আৰু বহুল প্ৰচাৰৰ বাবে পৰ্যটন সম্পৰ্কীয় মেলা-উৎসৱ, সভা-সমিতি, অনুষ্ঠান পতাটো বৰ্তমান কালৰ প্ৰাসংগিক কাম৷ ন ন ধাৰণাৰে বিকশাই তুলিব লাগিব আমাৰ সুন্দৰতাক৷
আজি ৮ ছেপ্টেম্বৰ৷ অহা ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস আহি আছে৷ দিৱসৰ এইবাৰৰ থিম হৈছে ‘পৰ্যটন আৰু চাকৰি’৷ এতেকে আমাৰ লক্ষ্য হ’ব লাগিব ছাত্ৰ-ছাত্ৰীসকল৷ বিদ্যাৰ্থীসকলৰ মাজলৈ গৈ মনোমোহা পৰ্যটনস্থলসমূহৰ ফটো, ভিডিঅ’ আদি দেখুৱাই ভ্ৰমণ-পৰ্যটনৰ প্ৰতি আকৰ্ষণ বঢ়াব লাগিব৷ বিতং তথ্য অৱগত কৰিব লাগিব৷ প্ৰাকৃতিক, পাৰিৱেশিক, ভৌগোলিক, ভূতাত্ত্বিক দিশ সম্বন্ধে উপযুক্ত জ্ঞানৰ যোগান ধৰিব লাগিব৷
সময়-সুবিধা মিলাই তেওঁলোকক লৈ আহিব পাৰিব লাগিব এনেবোৰ স্থানলৈ৷ আমাৰ নৱ-প্ৰজন্মই সম্ভাৱনাপূৰ্ণ পৰ্যটন থলীসমূহৰ
গুৰুত্ব তেতিয়াহে উপলব্ধি কৰিব পাৰিব৷ তেওঁলোকে কেনে ধৰণে ভৱিষ্যতে এই ঘৰুৱা ক্ষেত্ৰখনৰ সৈতে
জড়িত হৈ নিজৰ সংস্থাপনৰ বাট মোকলাব পাৰে সেইটো বুজি উঠিবলৈ হ’লে থলুৱা পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰ অপৰিহাৰ্য৷
এই অঞ্চলৰ সামাজিক, সাংস্কৃতিক, ঐতিহাসিক, ৰাজনৈতিক, আৰ্থিক দিশবোৰৰ
বিষয়ে গভীৰ জ্ঞান আৰু দখল থকা ব্যক্তিবিশেষ আগ বাঢ়ি আহিব লাগে৷ এলেকাটোৰ পুংখানুপুংখ অধ্যয়ন, ইয়াত বাস কৰা মানুহৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, খাদ্যাভ্যাস, চিন্তা-চৰ্চা, জীৱন-গাথাৰ সূক্ষ্ম বিশ্লেষণাত্মক, বিজ্ঞানসন্মত আৰু সময়সাপেক্ষ গৱেষণামূলক কাম-কাজ আজিও বাকী!
হেণ্ডিকেম সামৰি জলপ্ৰপাতৰ একাষে বহি আছোঁ৷ বিক্ষিপ্ত চিন্তা আৰু প্ৰশ্নৰ পাছত প্ৰশ্নই এই মুহূৰ্তত মোৰ
মনটোক জুমুৰি দি ধৰিছে৷ নদী বন্দনা, প্ৰকৃতি পূজনৰ খবৰ বাতৰি কাকতৰ পাতে পাতে৷ পিছে এই জলপ্ৰপাতসমূহৰ, ৰেপিড্ছসমূহৰ অধ্যয়ন বাৰু হৈছেনে? দূৰত্ব, উচ্চতা, জল-আয়তন, কৌণিক প্ৰৱাহ, কুণ্ডৰ গভীৰতা, উদ্ভিদকুল, প্ৰাণীকুল, শিলৰ গঠন ইত্যাদিৰ শুদ্ধ-সত্য তথ্য-বিৱৰণ জানো পাইছোঁ ক’ৰবাত?
এই জলসম্পদৰ বিকাশ কেতিয়াকৈ হ’ব? অন্য এক ভাবনা মনলৈ আহিল৷ ইয়াৰ পানীৰ নমুনা সংগ্ৰহ কৰি, খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন (২০১১)ৰ অন্তৰ্গত খাদ্য বিশ্লেষকৰ দ্বাৰা গুণগত মানৰ পৰীক্ষা-নিৰীক্ষা চলাই পেকেজ্ড ড্ৰিংকিং ৱাটাৰ ব্ৰেণ্ড এটাওচোন মুকলি কৰিব পৰা যায়, কেউদিশে পানীৰ বটলে ছানি পেলোৱা আজিৰ আধুনিক যুগত৷
এই জলসম্পদৰ বিকাশ কেতিয়াকৈ হ’ব? অন্য এক ভাবনা মনলৈ আহিল৷ ইয়াৰ পানীৰ নমুনা সংগ্ৰহ কৰি, খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন (২০১১)ৰ অন্তৰ্গত খাদ্য বিশ্লেষকৰ দ্বাৰা গুণগত মানৰ পৰীক্ষা-নিৰীক্ষা চলাই পেকেজ্ড ড্ৰিংকিং ৱাটাৰ ব্ৰেণ্ড এটাওচোন মুকলি কৰিব পৰা যায়, কেউদিশে পানীৰ বটলে ছানি পেলোৱা আজিৰ আধুনিক যুগত৷
বহি আছোঁ এইবোৰকে ভাবি ভাবি, থাই আপ্চিৰৰ কাষত৷ ইমান ধুনীয়া মুকুতাৰ মালা... ইফালে-সিফালে অনৰ্গল ছিটিকি পৰা মুকুতাসদৃশ পানীৰ টোপালবোৰে গীতৰ শাৰীটো আপোনা-আপুনি ওঁঠলৈ আনিলে৷ মনটো ভৰি পৰিল৷
২১) উম্খেন, কাৰবি লাংপী, বৰপানী
এইখন কাৰবি লাংপীৰ ওপৰতে আমতেৰেঙৰ
সমীপৰ লাংইকছ’ গাঁৱত ২০০৭ চনৰ পৰা উৎপাদন
আৰম্ভ হোৱা ৫৪৬.৭৮ কোটি টকা ব্যয়সাপেক্ষ ১০০ মেগাৱাট শক্তিসম্পন্ন কাৰবি লাংপী জলবিদ্যুৎ
প্ৰকল্পৰ ২২১ মিটাৰ দীঘল আৰু ৫৪.৫০ মিটাৰ উচ্চতাৰ বান্ধটো অৱস্থিত৷
২১) উম্খেন, কাৰবি লাংপী, বৰপানী
‘The
river taught us how to listen with a silent heart, with a waiting open soul…’
নদ-নদীৰ নামকৰণ সম্পৰ্কে প্ৰণিধানযোগ্য কথা
এষাৰ এনেকুৱা যে পাৰ্বত্য অঞ্চলত উৎপত্তি হোৱা নদীবোৰ পৰ্বত অংশ আৰু পাছত সমতল অংশত বেলেগ
বেলেগ নামেৰে সততে পৰিচিত হৈ পৰে৷ ধ্যানমগ্ন ৰূপত মই এতিয়া বহি থকা স্থানৰ পৰা কেইমিটাৰমান তলেৰে বৈ থকা কাৰবি
লাংপীয়ে সেই সত্যকে দোহাৰিলে৷ মেঘালয়ত উদ্ভৱ হৈ পশ্চিম কাৰবি আংলং জিলাৰ মাজেদি বৈ নগাঁও
জিলাত কপিলীত বিলীন হোৱা এই জল-প্ৰৱাহৰ গতিপথ অধ্যয়ন কৰিলে স্থানবিশেষে ইয়াৰ আমি তিনিটা
নাম পাওঁ৷ উম্খেন, কাৰবি লাংপী আৰু বৰপানী৷ ইয়াৰোপৰি বৃদ্ধা বুলি প্ৰাচীন নাম
এটাও আছিল হেনো নৈখনৰ৷
মেঘালয়ৰ জোৱাই জিলাৰ তিৰছাং হৈছে উম্খেনৰ উৎপত্তি
স্থল৷ তাৰ পৰা উত্তৰ-পূবমুৱাকৈ ১০ কিল’মিটাৰ বৈ আহি জৰাইদত ৱাহ্ছেলাক বাঁওপাৰে লৈছে৷ তাৰ পৰা ৫ কিল’মিটাৰ আহি ছংগালাক সোঁপাৰে লৈ উম্খেন
অসম-মেঘালয় সীমান্তৰ কাষ চাপিছে৷ সেইখিনিতে উম্নিলিউক বাঁওপাৰে সামৰি জংগুছিউ নামৰ
ঠাইৰ উত্তৰত আন্তঃৰাজ্যিক সীমাৰে অসমৰ পশ্চিম কাৰবি আংলং জিলা আৰু মেঘালয়ৰ
জোৱাই জিলাৰ সীমাৰূপে উত্তৰ-পূব দিশত বৈ আহিছে৷ উম্ছিং, নামদং আৰু উম্ছুনমক সোঁপাৰে
সাবটি মুঠ ২১ কিল’মিটাৰ দূৰত্ব ৰাজ্যিক সীমাৰূপে আহি থাকি উত্তৰ-পশ্চিমমুৱা হৈ অসমত সোমাইছে৷
হামৰেণ মহকুমাৰ মাজেদি ৪ কিল’মিটাৰ আহি মাউৰাপৰ পূবত নৈখনে বাঁওপাৰে
উম্লেৰক আৰু সোঁপাৰে মিন্ছ্ৰেহক লগত লৈছে৷ তাৰ পৰা ৬ কিল’মিটাৰ ভটিয়াই অহাৰ পাছত বাঁওপাৰে
পৰিছে উম্মেত আৰু উম্লিডিয়ং৷ আৰু ৫ কিল’মিটাৰ আহি উত্তৰৰ পৰা অহা উম্ছেৰ আৰু দক্ষিণৰ পৰা অহা উম্পাৰাক একে ঠাইতে লগত
লৈছে৷ আৰু ৬ কিল’মিটাৰ ভটিয়াই দক্ষিণৰ লৰামি নলাক সোঁপাৰে লোৱাৰ পাছতে কাঁড় যেন পোন গতিপথেৰে
উত্তৰ-পূবমুৱাকৈ বৈ আহিছে৷ ৮ কিল’মিটাৰ আগ বাঢ়ি লাংতেঙৰ কাষত জান এখনক সোঁপাৰে লোৱাৰ পৰা নৈখনক বৰপানী নামে জনা
যায়৷
কাৰবিসকলে এই নৈখনক কাৰবি লাংপী, চমুকৈ লাংপী বোলে৷ ‘কাঁড় যেন পোন’, সেয়ে নেকি থাই আপ্চিৰ? ইয়াকে লৈ মোৰ মনত স্বাভাৱিকতে প্ৰশ্ন আৰু কৌতূহল জাগিছে৷ লাংপীৰ এই ৰূপটোৰ পৰাহে জলপ্ৰপাতৰ নামটো সৃষ্টি হ’ল নেকি?
খৰস্ৰোতা নৈখনে আৰু ৩ কিল’মিটাৰ ভটিয়াই এলানি ক্ষুদ্ৰ জলপ্ৰপাত অতিক্ৰম কৰাৰ পাছত লাংলংদাঙক সোঁপাৰে লৈ উত্তৰমুৱা হৈছে৷ সেই দিশেৰে ২.৫০ কিল’মিটাৰ বৈ গৈ লাংকামনক বাঁওপাৰে লগত লৈছে৷ তাৰ পাছত লংজুৰ কাষেদি আগুৱাই আমতেৰেঙৰ ওচৰত আমতেৰেং নৈক বাঁওপাৰে লৈছে৷ সেই ঠাইতে নৈখন সূক্ষ্মকোণত ঘূৰি দক্ষিণ-পূবমুৱা হৈ ৩ কিল’মিটাৰ গৈ ভৈয়ামত সোমাই নগাঁও আৰু কাৰবি আংলং জিলাৰ মাজৰ সীমাৰূপে বৈছে৷ সামান্যভাৱে সৰ্পিল পথেৰে ৪ কিল’মিটাৰ আগুৱাই বৈঠালাংছ’ৰ ওচৰত ৱ’দিলাংছ’ জানক সোঁপাৰে সামৰি লৈছে৷
কাৰবিসকলে এই নৈখনক কাৰবি লাংপী, চমুকৈ লাংপী বোলে৷ ‘কাঁড় যেন পোন’, সেয়ে নেকি থাই আপ্চিৰ? ইয়াকে লৈ মোৰ মনত স্বাভাৱিকতে প্ৰশ্ন আৰু কৌতূহল জাগিছে৷ লাংপীৰ এই ৰূপটোৰ পৰাহে জলপ্ৰপাতৰ নামটো সৃষ্টি হ’ল নেকি?
খৰস্ৰোতা নৈখনে আৰু ৩ কিল’মিটাৰ ভটিয়াই এলানি ক্ষুদ্ৰ জলপ্ৰপাত অতিক্ৰম কৰাৰ পাছত লাংলংদাঙক সোঁপাৰে লৈ উত্তৰমুৱা হৈছে৷ সেই দিশেৰে ২.৫০ কিল’মিটাৰ বৈ গৈ লাংকামনক বাঁওপাৰে লগত লৈছে৷ তাৰ পাছত লংজুৰ কাষেদি আগুৱাই আমতেৰেঙৰ ওচৰত আমতেৰেং নৈক বাঁওপাৰে লৈছে৷ সেই ঠাইতে নৈখন সূক্ষ্মকোণত ঘূৰি দক্ষিণ-পূবমুৱা হৈ ৩ কিল’মিটাৰ গৈ ভৈয়ামত সোমাই নগাঁও আৰু কাৰবি আংলং জিলাৰ মাজৰ সীমাৰূপে বৈছে৷ সামান্যভাৱে সৰ্পিল পথেৰে ৪ কিল’মিটাৰ আগুৱাই বৈঠালাংছ’ৰ ওচৰত ৱ’দিলাংছ’ জানক সোঁপাৰে সামৰি লৈছে৷
বৈঠালাংছ’ৰ পৰা নৈখন উত্তৰ-পূবমুৱা হৈ ৫ কিল’মিটাৰ গৈ পুৰণি হাটখোলাৰ ওচৰৰ পৰা
উত্তৰ-পশ্চিমমুৱা হৈছে৷ বাটত ছিদুবিল নামৰ ঠাইত বৰপানী সংৰক্ষিত বনাঞ্চলৰ মাজত বিলৰ মাজেদি
অহা দবা নলা বৰপানীৰ বাঁওপাৰে পৰিছে৷ ছিদুবিলতে নৈখন নগাঁও জিলাত সোমাইছে৷ তাৰ পাছত
ঘোঁৰাটপ বিলৰ কাষেদি ৪ কিল’মিটাৰ ভটিয়াই মাধৱপাৰাত নৈখনে মৰচান জুৰিক সোঁপাৰে সাবটি উত্তৰমুৱা হৈছে৷ মাধৱপাৰাৰ
পৰা ১২ কিল’মিটাৰ নিলগত
ফাকলি বিলৰ ওচৰত নিজৰ প্ৰধান উপনৈ সোণাই বা লুটুমাৰীক সোঁপাৰে লৈ পশ্চিমমুৱা হৈছে৷
আৰু ১০ কিল’মিটাৰ বৈ
গৈ দাবলঙৰ কাষত বালিজুৰি নলাক বাঁওপাৰে লৈ উত্তৰ-পূবমুৱা হৈ ১.৫০ কিল’মিটাৰ আগুৱাই দাবলং বিলৰ উত্তৰত
শুনানি বা চীনা নৈক বাঁওপাৰে লৈ উত্তৰমুৱা হৈছে৷ তাৰ পৰা দলিমাৰী বিলৰ কাষেদি ধাৱমান
হৈ কচুৱা গাঁৱৰ বিপৰীত পাৰে কপিলীত পৰিছে৷ উৎপত্তিৰ পৰা মোহনালৈকে এই নৈখন দীঘলে ১১০
কিল’মিটাৰ৷ এই নদীয়েদি প্ৰৱাহিত পানীৰ
সৰ্বোচ্চ আৰু সৰ্বনিম্ন পৰিমাণ প্ৰতি ছেকেণ্ডত যথাক্ৰমে ১৭২ ঘনমিটাৰ আৰু ২.৮৯ ঘনমিটাৰ৷
কিতাপে-পত্ৰই আমি পঢ়ি আহিছোঁ যে পৃথিৱীৰ পৌৰাণিক বিভিন্ন সভ্যতাৰ পট্টন ঘটিছিল নদীৰ পাৰত৷ প্ৰাচীন কালত বসতি, ঔপনিৱেশ, নগৰভিত্তিক সভ্যতা আদি গঢ় লৈ উঠিছিল নদীবিশেষৰ পাৰতে৷ নদীমাতৃক কেন্দ্ৰ কৰিয়েই আজিও গতিশীল হয় একাংশ মানুহৰ জীৱনৰ প্ৰতিটো প্ৰাত্যহিক৷ পিছে নদী-পানী আৰু মাটি-মানুহৰ আন্তঃসম্পৰ্কত সংঘাত, নদীৰ অস্বাভাৱিক
পৰিৱৰ্তন, মানুহৰ জীৱন-জীৱিকালৈ সংকট, অপৰূপ জৈৱ-বৈচিত্ৰ্য চিৰকালৰ বাবে নিশ্চিহ্ন
হৈ পৰাৰ উপক্ৰম আদিও আজি আৰু নতুন প্ৰসংগ হৈ থকা নাই৷ বৰং চিন্তাজনক হৈ পৰিছে পৃথিৱীখনৰ বাবেই৷
ছেপ্টেম্বৰ মাহৰ আজি দ্বিতীয় ৰবিবাৰ৷ শেহৰটো
দেওবাৰে সমগ্ৰ বিশ্বতে পালিত হ’ব বিশ্ব নদী দিৱস৷ কানাডাৰ নদী সংৰক্ষক
মাৰ্ক এনজেলোৰ প্ৰস্তাৱ আৰু ৰাষ্ট্ৰসংঘৰ সঁহাৰিত ২০০৫ চনৰ পৰা এই দিৱস পালিত হৈ আহিছে৷
নদীসমূহ জীয়াই ৰখা আৰু নদীৰ যি গুণাৱলী আছে সেইবোৰৰ সম্পৰ্কে জনসাধাৰণক সজাগ কৰাটোৱে
দিৱসটোৰ গুৰি-কথা৷ বৰ্ধিত হাৰত হৈ থকা পৰিৱেশ প্ৰদূষণ, বনাঞ্চল ধ্বংসৰ ফলত নদীয়ে যেন
অস্তিত্ব হেৰুৱাবলগীয়া নহয়, সৰ্বব্যাপী তাৰে চিন্তা-চৰ্চা আৰু প্ৰচাৰ চলিছে৷ আমাৰ নদী তেনে সংকটৰ সন্মুখীন নহওক৷ আৰু আমিও যেন প্ৰকৃতিৰ
সৈতে একাত্ম হোৱাৰ এনেকুৱা সুযোগ কাহানিও হেৰুৱাবলগীয়া নহয়, তাকে কামনা কৰিছোঁ৷ উম্খেন, কাৰবি লাংপী, বৰপানী৷ সুন্দৰতা বিলাই নিজস্ব ছন্দেৰে বৈ থাকক নিৰবধি৷
২২) অপূৰ্ব অথচ মাৰাত্মক
সি যি কি নহওক, জলপ্ৰপাত
চাবৰ বাবে বাহিৰলৈ যাব খোজাসকলক এই কথা বুকুত হাত থৈ ক’ব পাৰোঁ যে থাই আপ্চিৰলৈ আহিলে আপোনালোক নিৰাশ নিশ্চয় নহ’ব৷
২৩) বিদায় থাই আপ্চিৰ... আকৌ আহিম
২২) অপূৰ্ব অথচ মাৰাত্মক
ভাবুক হৈ একেটা স্থানতে কিমান সময় ধৰি বহি আছিলোঁ
নাজানো৷ সময়-জ্ঞান হেৰাই থাকিল৷ হঠাতে এবাৰ মূৰ তুলি চাওঁতে ওপৰত, গছ-গছনি কিছুমানৰ সিফালে, অকণমানি ৰূপত কোনোবা এটাক এইফালে চাই থকা দেখিলোঁ৷ চিনি পালোঁ৷ সেয়া আমাৰেই
মানুহ৷ ডেকাৰজা৷ দেৰি হোৱাত নিশ্চয় আমাক বিচাৰি আহিছে৷ মই নিশ্চিত যে অৰুণদাই পঠাই দিছে৷
ইমানপৰে উভতি নোযোৱাত দাদাযে চিন্তিত হৈ পৰিছে সেয়া বুজি পাইছোঁ৷
দৃষ্টিৰ মিলন ঘটা বুলি গম পায়ে ডেকাৰজাই শিখৰৰ পৰা একেৰাহে হাত-বাউল দিব ধৰিলে৷ কিবা কৈছে যদিও কোনো শব্দই এইখিনি পোৱাহি নাই৷ পানীৰ
আৱাজে তালফাল লগাই থকাত সেয়া তল পৰাটো স্বাভাৱিক৷ প্ৰত্যুত্তৰত ময়ো হাত এখন দাঙি দিলোঁ৷ হাঁহি
মাৰি ইংগিতেৰেই মাতিলোঁ৷ বোলোঁ চাওকহি, ইয়াত কি আছে৷ ডেকাৰজাই হাত জোকাৰিলে৷ নঞৰ্থক
ভংগিমা৷ অৰ্থটো হ’ল, তেওঁ তললৈ নাহে৷ ওলোটাই মোকহে ওপৰলৈ মাতি থাকিল বাৰে বাৰে৷ মানে, বহুত হ’ল আৰু৷ এতিয়া যাবগৈ লাগে৷ মই নোচোৱাৰ
ভাও জুৰিলোঁ৷ মইনো কাৰ লগত ইংগিত বিনিময় কৰি আছোঁ, জানিবলৈ বৰছিং কাষত
উপস্থিত হ’লহি৷ ওপৰলৈ চাই সিও হাত
জোকাৰিলে, হাঁহিলে৷ হাৰছিঙো আহিল৷ দুয়ো প্ৰায় একেলগেই কৈ উঠিল, ‘যাওঁ ব’লক৷ আমাৰ ছাৰে মাতিব পায়৷ ইয়াত বেছি সময় থকাটোও ঠিক নহয়৷’
ঠাই এৰিবৰ ইচ্ছা অকণো নাছিল৷ মনৰ আহাৰে হৃদয় পূৰ্ণ
কৰি পেলোৱাত ভাত-পানীযে খোৱাই নাই সেয়া পাহৰিয়ে থাকিলোঁ৷ হাৰছিংহঁতক অনুসৰণ কৰি এখোজ-দুখোজকৈ
ওলাই আহিলোঁ জলপ্ৰপাতৰ পৰিধিৰ পৰা৷ ছাদখনৰ ওচৰ পালত বৰছিঙে মাত দিলে, ‘ছাৰ আপোনাৰ নামটো পাথৰত লিখি
থৈ যাওক৷’ এঙাৰ এটুকুৰাও বিচাৰি আনি দিলে সি৷ খালী ঠাইচোন নায়েই! তথাপি এঠাইত যেনে-তেনে মই লিখিব ধৰিলোঁ৷ শিলৰ বুকুত
এঙাৰেৰে লিখি পেলোৱা দৰ্শনকাৰীৰ নাম-ঠিকনা কিমান দিনলৈকে মোলান নপৰাকৈ থাকিব নাজানো৷ মোৰ বুকুত
অদৃশ্য আখৰেৰে আজি খোদিত হোৱা এই ঠাইডোখৰৰ নাম আৰু স্মৃতি কিন্তু নমৰালৈকে ৰৈ যাব৷
আৰোহণথলী পাওঁতেহে খেয়াল হ’ল যে এলেকাটোৰ ভিডিঅ’ ৰেকৰ্ডিং এটা কৰি লোৱা উচিত আছিল৷ ঘৰত দেখুৱাবলৈকে হ’ব৷ নামনিতে দুয়োকে ক্ষন্তেক ৰ’বলৈ কৈ ধীৰে ধীৰে পুনৰবাৰ খোজ দিব ধৰিলোঁ জলপ্ৰপাতলৈ, অকলে৷ উদ্যত হেণ্ডিকেমেৰে দৃশ্যৰাজি সংগ্ৰহ কৰি ঘূৰি অহাৰ পাছতে ঊৰ্ধ্বমুখীকৈ শিলৰ পাহাৰ বগোৱা আৰম্ভ
হ’ল৷
এইবাৰ মোক আগত দিয়া হৈছে৷ মোৰ পাছত বৰছিং৷
শেষত হাৰছিং৷ কেমেৰাটো পকেটত ভৰাই এবাৰ ওপৰলৈ চাই ল’লোঁ৷ তাৰ পাছতে মন-মগজু সুদৃঢ়
কৰি শিলৰ ফাঁক এটাত হাত ৰাখিলোঁ৷ শৈলাৰোহণ, শিপাৰোহণৰ সহায়ত এখেপ-দুখেপকৈ ধীৰে ধীৰে উঠি উঠি এসময়ত ওপৰত
ৰ’লোঁহি৷
এতিয়া লাংমিনি পাৰ হোৱাৰ পাল৷ অথনি পেলাই থোৱা পাইনৰ গা-গছডাল তেনেকৈয়ে আছে৷ সেইডালৰ সহায় ল’ব লাগিব৷ মাজপানী পাওঁতে ভালকৈ পানী কেইচলুমান পি পেটটো ভৰাই সুকলমে এইপাৰত উপস্থিত হ’লোঁ৷
এতিয়া লাংমিনি পাৰ হোৱাৰ পাল৷ অথনি পেলাই থোৱা পাইনৰ গা-গছডাল তেনেকৈয়ে আছে৷ সেইডালৰ সহায় ল’ব লাগিব৷ মাজপানী পাওঁতে ভালকৈ পানী কেইচলুমান পি পেটটো ভৰাই সুকলমে এইপাৰত উপস্থিত হ’লোঁ৷
থাই আপ্চিৰ জলপ্ৰপাত, লাংমিনি আৰু কাৰবি লাংপীৰ
সান্নিধ্যত এঢলীয়া পাহাৰৰ বুকুত থকা শিলচটাত বহি হৃৎপিণ্ড পূৰ কৰি পুনৰবাৰ নাকেৰে নিৰ্মল
অম্লজান টানিব ধৰিলোঁ, বুকুভৰি, অকলে অকলে৷ সঁচাকৈ এই দৃশ্য, এই পৰিৱেশ
অপূৰ্ব৷ লগতে কিছু পৰিমাণে ডেড্লী অৰ্থাৎ, মাৰাত্মক কিম্বা ভয়ানকো৷ মৰসাহসী আৰু আত্মবিশ্বাসী নহ’লে ওচৰ চাপি নোযোৱাই ভাল৷ কাৰণ সুৰক্ষাৰ বাবে ৰে’লিং বুলিবলৈ নাই ইয়াত৷ ভৰি পিছলিলেই সৰ্বনাশ৷
অপূৰ্ব আৰু মাৰাত্মকৰ অদ্ভুত মিশ্ৰণ৷ হৰ্হৰাই নামি
থকা ফল্গুধাৰাই অৰুণদাৰ অন্তৰত অথনিয়েই ভীতি সঞ্চাৰ কৰিলে৷ কেইখোজমান নামি আহিছিল
যদিও কিবা ভাবি তেওঁ পুনৰ ওপৰলৈ উঠি গ’ল যি গ’লেই৷ ওচৰ আৰু নাচাপিলে৷
সাৱধানী স্থিতি লৈ তাৰ পৰাই পৰ্যবেক্ষণ কৰি ৰ’ল চৌদিশৰ মনোমুগ্ধকৰ দৃশ্য৷ তেওঁ তাতেই সন্তুষ্ট৷ দাদাৰ আগ্ৰহটো আজি পূৰ হ’ল যেনিবা৷ ময়ো এক প্ৰকাৰৰ আত্মসন্তুষ্টি লভিছোঁ যে তিনিবাৰে নিবাৰ হ’ল তেওঁৰ৷ ‘মই লগত অহাৰ কাৰণেহে আপোনাৰ থাই
আপ্চিৰ চোৱাটো সম্ভৱ হ’ল’ বুলি এতিয়াৰে পৰা সুযোগ পালেই অৰুণদাৰ আগত ফুটনি মাৰি থাকিব পাৰিম৷
এটা কথা মোৰহে জানিবলৈ থাকি গ’ল৷ কাৰবি লাংপীৰ অগ্ৰভাগত ইয়াৰ পৰা দেখা গৈ থকা
জলপ্ৰপাতটোৰ নাম কি? ক’ৰ পৰা আহিছে? কোন নৈৰ জলপ্ৰপাত
নাজানিলোঁ৷ ওচৰলৈ গৈ চোৱাৰ ইচ্ছাটো বাকী থাকিল৷ তাৰ বাবে হাতত
সময় লৈ আকৌ আহিব লাগিব৷
২৩) বিদায় থাই আপ্চিৰ... আকৌ আহিম
২.১৫ বাজিছে৷ গৰাটো উঠি গাড়ীখনৰ ওচৰলৈ সকলোটি আগতেই ৰাওনা হ’ল৷ মইহে অন্তিমত পৰিলোঁ৷ ঠাইৰ মোহ এৰিবকে পৰা নাই৷ ৰৈ ৰৈ চায়ে থাকিম যেন! হঠাতে খেয়াল হ’ল, মোৰ হাইকিং
ৰাক্ছেক্টো অথনি এৰি থৈ যোৱা জেগাত নাইচোন! ছেণ্ডেলযোৰহে পালোঁ৷ কোনোবাই, সম্ভৱ ডেকাৰজায়ে
হ’ব, সদিচ্ছাৰে গাড়ীত উঠাবগৈ পায়৷ এনেকৈ ভাবি, শেষবাৰলৈ চৌদিশে এবাৰ বিহংগম দৃষ্টি
নিক্ষেপ কৰি, ময়ো ঊৰ্ধ্বমুখী হ’লোঁ৷ মাজে মাজে একোবাৰ ৰৈ পিছফালে ঘূৰি চাওঁ৷
ভাবিছোঁ, আমাৰ চুবুৰীয়া পৰ্বতময় দেশ ভূটানৰ ৰাজহ সংগ্ৰহৰ মূল আহিলা হৈছে পৰ্যটন আৰু জলবিদ্যুৎ উৎপাদন৷ কাৰবি লাংপীত বান্ধ দি জলবিদ্যুৎ ইতিমধ্যে উৎপন্ন কৰা হৈছে বাৰু৷ চৰকাৰে পৰ্যটন উন্নয়নৰ দিশতো অতদিনে মনোনিৱেশ কৰিলে ভাল আছিল৷ চিনেমা বিষয়টোত মোৰ ৰাপ একেবাৰে নাই যদিও এনেয়ে এবাৰ ভাবিলোঁ, এই পটভূমি চিনেমা-চিৰিয়েলৰ দৃশ্যগ্ৰহণৰ বাবেও বিবেচনাযোগ্য হ’ব পাৰে চাগৈ৷ নাজানো কোনে কি ধৰণে লয়৷ থাই আপ্চিৰ, কাৰবি লাংপী ক্ৰমান্বয়ে দৃষ্টিৰ আঁতৰ হৈ আহিল৷
বৰছিং দেখোন গাড়ীখনৰ কাষতে থকা আমলখি গছ এজোপাৰ ওপৰত! মোৰ ইফালে লাগিছে ভোক৷ নহ’লে গছ বগাই আমলখি ছিঙাৰ মতলবটো অমুকাৰো জাগ্ৰত নোহোৱা নহয়৷ মায়’ডিয়ালৈ যাওঁতে ৰ’য়িঙৰ পৰা প্ৰায় ৩ কিল’মিটাৰ নিলগৰ চাল্লি লে’কৰ পাৰত থকা বৰ্ষীয়ান আমলখি এজোপাত উঠি গৈ ভ্ৰমণ-সহযোগী অৰুণদা, অনিলদা, সঞ্জু আৰু পেটেলৰ উপৰি অন্যান্য অচিনাকি দৰ্শনকাৰীকো হেঁপাহ পলুৱাই আমলখি খুৱাইছিলোঁ৷ ঠোঙাত ভৰাই লৈও আনিছিলোঁ এগালমান৷ পিছদিনা শদিয়াত ছাহনাজক গতাই দিছিলোঁ গোটেইসোপা৷ এতিয়া বৰছিঙে মোক আমলখি কেইটামান দিলেহি যদিও ভোক নিবাৰণেহে আগস্থান পালে৷
ৰাক্ছেক্টো নিজৰ ছিটতে পাই গ’লোঁ৷ হয়, ডেকাৰজায়ে লৈ আহিছিল৷ দৰজামুখত ৰৈ বে’গৰ পৰা উলিয়াই পোনেই বিস্কুট কেইটামান চোবালোঁ৷ সংগীসকলৰ ফালেও আগ বঢ়াই দিয়া হ’ল৷ ইমানপৰে ভোক নালাগিবনো কাৰ?
পানী কেইঢোকমান গিলি সিদ্ধান্ত ল’লো যে কাপোৰ আৰু নসলাওঁ৷ জোতা-মোজাও পিন্ধাত নাই৷ যেনে আছোঁ তেনে ৰূপতে উঠি দিলোঁ গাড়ীত৷ ডেকাৰজাই ছিটবে’ল্ট কচি ল’লে৷ ইঞ্জিনটোৱে গৰজি উঠিল৷
বৰছিং দেখোন গাড়ীখনৰ কাষতে থকা আমলখি গছ এজোপাৰ ওপৰত! মোৰ ইফালে লাগিছে ভোক৷ নহ’লে গছ বগাই আমলখি ছিঙাৰ মতলবটো অমুকাৰো জাগ্ৰত নোহোৱা নহয়৷ মায়’ডিয়ালৈ যাওঁতে ৰ’য়িঙৰ পৰা প্ৰায় ৩ কিল’মিটাৰ নিলগৰ চাল্লি লে’কৰ পাৰত থকা বৰ্ষীয়ান আমলখি এজোপাত উঠি গৈ ভ্ৰমণ-সহযোগী অৰুণদা, অনিলদা, সঞ্জু আৰু পেটেলৰ উপৰি অন্যান্য অচিনাকি দৰ্শনকাৰীকো হেঁপাহ পলুৱাই আমলখি খুৱাইছিলোঁ৷ ঠোঙাত ভৰাই লৈও আনিছিলোঁ এগালমান৷ পিছদিনা শদিয়াত ছাহনাজক গতাই দিছিলোঁ গোটেইসোপা৷ এতিয়া বৰছিঙে মোক আমলখি কেইটামান দিলেহি যদিও ভোক নিবাৰণেহে আগস্থান পালে৷
ৰাক্ছেক্টো নিজৰ ছিটতে পাই গ’লোঁ৷ হয়, ডেকাৰজায়ে লৈ আহিছিল৷ দৰজামুখত ৰৈ বে’গৰ পৰা উলিয়াই পোনেই বিস্কুট কেইটামান চোবালোঁ৷ সংগীসকলৰ ফালেও আগ বঢ়াই দিয়া হ’ল৷ ইমানপৰে ভোক নালাগিবনো কাৰ?
পানী কেইঢোকমান গিলি সিদ্ধান্ত ল’লো যে কাপোৰ আৰু নসলাওঁ৷ জোতা-মোজাও পিন্ধাত নাই৷ যেনে আছোঁ তেনে ৰূপতে উঠি দিলোঁ গাড়ীত৷ ডেকাৰজাই ছিটবে’ল্ট কচি ল’লে৷ ইঞ্জিনটোৱে গৰজি উঠিল৷
তললৈ নামি কি কি দেখিলোঁ আমি? উভতনি যাত্ৰাত উৎসাহেৰে পোনতে তাৰে বিৱৰণী শুনাই
গ’লোঁ অৰুণদা আৰু ডেকাৰজাক উদ্দেশ্য কৰি৷ ভাবি থোৱামতেই
গৰমে গৰমে বাহাদুৰি অকণমানো মাৰিবলৈ নেৰিলোঁ৷ ‘দেখিলে দাদা, মই অহাৰ বাবেহে আপোনাৰ থাই আপ্চিৰ দৰ্শন সম্ভৱ
হ’ল, গতিকে লগ নেৰিব কেতিয়াও, বুইছে’ বুলি৷ দাদাই খুব হাঁহিলে৷ হাঁহিৰ লগে
লগে তেৱোঁ খোলাখুলিকৈ ব্যক্ত কৰিলে বিগত এঘণ্টা সময় আমাক লৈ তেওঁ কেনে উৎকণ্ঠা, কেনে
টেনছনত আছিল সেই অনুভূতি৷ ডেকাৰজাই সমৰ্থন দি গ’ল৷
সন্মুখত লাংমিনি৷ এতিয়া এই জলধাৰা অতিক্ৰম কৰাৰ পাল৷ খুব সাৱধানে আৰু বিচক্ষণতাৰে ডেকাৰজাই বলেৰ’খন তললৈ নমাই নিছে৷ গাড়ী আৰু চালকৰ ওপৰত আস্থা ৰাখি এইবাৰ আটায়ে ছিটত বহি আছোঁ৷ কোনো নমা নাই৷ প্ৰথমে কিছু বোকা-মাটি৷ সেয়া ফেনেকি চকাই পানী চুলে৷ পাহাৰীয়া নৈৰ প্ৰত্যাহ্বান নেওচি সোঁত
ফালি আগুৱাই গ’ল৷ সুকলমে বিপৰীত পাৰ পালে৷ শিল-মাটিৰ খলা-বমাৰে ওপৰমুৱাকৈ হালি-জালি উঠি আহি আহি মূল ৰাস্তাটো ওলালোঁহি৷ ‘এতিয়া যিমান বৰষুণ দিলেও আৰু কোনো চিন্তা নাই৷’ শ্বাসৰুদ্ধ সময়ছোৱাৰ অন্ত পৰাত স্বস্তিৰ নিশ্বাস এৰি অৰুণদাই সশব্দে কৈ উঠিল৷ ইয়াকে লৈ আমি আটায়ে এজাউৰি হাঁহিলোঁ৷ সফলতাৰ হাঁহি৷ থাই আপ্চিৰ দেখা পোৱাৰ হাঁহি৷
বিদায় থাই আপ্চিৰ... আকৌ আহিম৷ গাড়ীখনে প্ৰথম কেঁকুৰিটো
ঘূৰি দিয়াৰ লগে লগে স্বগতোক্তি ওলাই আহিল মোৰ আপোনা-আপুনি৷ নেদেখা জেগা দেখিলোঁ আজি,
অৰুণদাৰ মৰমতে৷ ৰাক্ছেকত সোমাই থকা শিলগুটিটোৱে ভয়ংকৰ অথচ দৃষ্টিনন্দন মুহূৰ্তবোৰ আগন্তুক দিনত সোঁৱৰাই থাকিব৷ ঈশ্বৰক ধন্যবাদ জনালোঁ সংগোপনে৷
হাঁহি-মাতি, কথা
পাতি পাতি ২ বাজি ৫০ মিনিট যাওঁতে হামৰেণ-জোৱাই পথটো পালোঁহি৷ জলপ্ৰপাতটোলৈ মুকইৰামৰ
পৰা ৮ কিল’মিটাৰ বুলি কাউন্সিলৰ কেলেণ্ডাৰত লিখা মনত আছে৷ মনে মনে অংক এটা কৰি
চালোঁ৷ তাৰ মানে এইখিনিৰ পৰা থাই আপ্চিৰলৈ গাড়ীৰে প্ৰায় ৪০ মিনিট লাগে৷
কিল’মিটাৰৰ হিচাপ সঠিকভাৱে ক’ব নোৱাৰোঁ৷ পাহাৰীয়া মানুহে দূৰত্ব সময়ত জোখে,
কিল’মিটাৰত কমেইহে৷
২৪) ‘পূৱৰ নিউজিলেণ্ড’ খান্দুলিত এভুমুকি
২৪) ‘পূৱৰ নিউজিলেণ্ড’ খান্দুলিত এভুমুকি
ইয়াৰ পৰা কেইকিল’মিটাৰহে মাত্ৰ৷ এই সুযোগতে খান্দুলিত
এপাক মাৰি নগ’লে কেনেকৈ?
‘হামৰেণ
পাওঁতে সময় অধিক লাগি যাব৷ তাতোকৈ খান্দুলিলৈকে যোৱা হওক৷ ভাতৰ হোটেল তাত পাম নিশ্চয়৷’ তিনিআলিটো পোৱাৰ কিছু আগতেই প্ৰস্তাৱটো
যাত্ৰীবৃন্দৰ আগত উত্থাপন কৰি মনে মনে ৰ’লোঁ, প্ৰত্যুত্তৰ অহালৈ৷ একেৰাহে অৱলম্বন কৰা মৌনতালৈ চাই আগছিটত থকা অৰুণদাক বৰ এটা উৎসাহিত
যেন নালাগিল৷ হাৰছিং আৰু বৰছিঙে কিন্তু হয়ভৰ দিলে৷ বুজি পালোঁ, ভাতৰ উল্লেখে দুয়োৰে ভোক বঢ়াই
তুলিছে৷ ডেকাৰজাই ড্ৰাইভিং হুইলৰ পৰাই ‘ছাৰ’ৰ প্ৰতিক্ৰিয়ালৈ মন কৰি ৰ’ল৷ বেঁকাকৈ চালেও এবাৰ-দুবাৰ৷ ‘ছাৰ’ ইফালে বিস্ময়কৰভাৱে মৌন৷ বিপৰীতে, পাছৰ ছিটৰ
তিনিজন একে সুৰেৰে সবল হৈ উঠাত না কৰেনো কেনেকৈ? অন্তিম মুহূৰ্তত ‘ছাৰ’ৰ ইংগিত পাই ডেকাৰজাই বাঁওহাতে নুঘূৰাই সোঁফালে কাটি নিলে, খান্দুলিলৈ৷ মসৃণ, এঁকা-বেঁকা পথেৰে ধাৱমান হ’ল গাড়ীখন৷
উপস্থিত বুদ্ধিটোৱে ভাল কাম দিলে৷ অৰ্থপূৰ্ণভাৱে
মই বৰছিঙলৈ চালোঁ৷ সি হাঁহিলে৷ কথাটো বুজি হাৰছিঙেও মিচিকিয়ালে, ‘ছাৰ’ৰ অজ্ঞাতে৷
আমি ‘পূৱৰ নিউজিলেণ্ড’ বুলি অভিহিত খান্দুলি অভিমুখে যাব ধৰিলোঁ৷ বহুত বছৰৰ মূৰত, প্ৰায় ২০ বছৰৰ পাছত
খান্দুলিখন পুনৰবাৰ দেখা পাম৷ নতুন পুলক এটাই পলকতে হিয়া-মন উতনুৱা কৰি তুলিলে৷ খিৰিকীৰ
আইনাখন সম্পূৰ্ণকৈ নমাই দিলোঁ৷ হাতত উদ্যত হেণ্ডিকেম৷ পাইন গছবোৰ চকুৰ আগলৈ আহিব ধৰিছে৷
উত্তৰ-পূব পৰিষদ (এন.ই.চি.)ৰ এই ৰাস্তাটো চাৰি লে’নযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ
আমচৈৰ পৰা সোমাই বৰগাঁও, বৈঠালাংছ’, হামৰেণ হৈ খান্দুলি পাইছে৷ তাৰ পৰা অসম এৰি মেঘালয়ত
শ্বিলং-জোৱাই পথত মিলিছে৷ প্ৰান্তীয় জেগা যদিও এইফালে
ৰাস্তা ভাল৷ মেঘালয় চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত বাট-পথ৷ কাগজে-পত্ৰই এলেকা অসমৰ,
ৰাস্তা মেঘালয়ৰ৷ ইয়াকে লৈ খকা-খুন্দা লাগিয়ে থাকে মাজে মাজে৷ দৃশ্যপট সলনি হোৱাৰ লগে লগে জয়ন্তীয়া জনজীৱনৰ আধিপত্য বাঢ়ি আহিল৷
জয়ন্তীয়া অধ্যুষিত এলেকা এয়া৷ পথৰ দাঁতিয়ে দাঁতিয়ে
জয়ন্তীয়া মানুহৰ ঘৰ, গাঁও৷ জয়ন্তীয়া ঘৰবোৰৰ ক্ষেত্ৰত মই এটা বৈশিষ্ট্য লক্ষ্য কৰোঁ৷
সেয়া হৈছে পাকঘৰটো সন্মুখত ৰাখে৷ আমাৰ দৰে পাছফালে নহয়৷ তেলৰ টিনৰ সহায়তো এই মানুহবোৰে
ঘৰ সাজিব জানে৷ পাইন কাঠৰ ফ্ৰেম৷ এই ধৰণৰ ঘৰবোৰ তেনেই সৰু, থুপুৰা, মৰম লগা৷ আন যি নহওক, আগফালে
ওখ তাঁৰত কাপোৰ এগাল মেলি থোৱা দেখা যায়৷ খুব কাপোৰ ধোৱে মানুহবোৰে৷ বাচন-বৰ্তনবোৰো চিক্চিকীয়াকৈ
ৰাখে৷ থলুৱা লোকৰ সান্নিধ্যত এনেকুৱা ঘৰ এটাত এৰাতিমান কটাবলৈ পোৱা হ’লে! ভাবি থাকিলোঁ মনে মনে৷
সৰু সৰু ল’ৰা-ছোৱালী কিছুমানে
মুকলি মনে ৰাস্তাৰ ওপৰত খেলিছে৷ ডেকাৰজাই হৰ্ণ বজাই বজাই সাৱধানে চলাই গৈছে৷ গাড়ী-মটৰ
সিমান নাই৷ আজি তাতে দেওবাৰ৷ ৰাস্তাৰ দাঁতিত পাই অহা গিৰ্জাঘৰবোৰত প্ৰাৰ্থনা চলিছে৷
মানুহৰ জুম দেখিছোঁ৷ দোকান-পোহাৰ বন্ধ৷
‘ভাত পাম নেকি?’ হোটেল হোটেল যেন লগা এঠাইত গাড়ী ৰখাই সোধা হ’ল৷ ‘নাই’ বুলি উত্তৰ আহিল৷ য’তে সুধিছোঁ ত’তে একেই উত্তৰ৷ নঞৰ্থক উত্তৰে ভোকৰ
মাত্ৰাটো স্বাভাৱিকতে বঢ়াই তুলিছে৷ বিস্কুতো শেষ৷ পানীকে গিলিছোঁ ঢোকে ঢোকে৷
খান্দুলিৰ পৰা উম্ৱাঙলৈ প্ৰায় ১২ কিল’মিটাৰ৷ তাৰ ওচৰতে তাৎপৰ্যপূৰ্ণ স্থান হাবাং৷ ডিফুৰ পৰা নিয়মিত কাউন্সিলৰ বাছ চলে৷
পুৱা ৫ বজাত ডিফু এৰি বিয়লি প্ৰায় ৫ বজাত হাবাং পায়গৈ৷ ডিচেম্বৰ-জানুৱাৰী মাহত সুদূৰ ছাইবেৰীয়াৰ
পৰা তালৈ এবিধ বিশেষ প্ৰজাতিৰ পক্ষী আহে৷ নামটো আমূৰ ফেল্কন্৷ শেনজাতীয় পৰিভ্ৰমী চৰাইবিধৰ আগমন
আৰু সংৰক্ষণক উদ্দেশ্য কৰি ইয়াৰ অন্যতম বিচৰণথলী নাগালেণ্ডৰ উখা জিলা, মণিপুৰৰ তামেংলং
জিলা, অসমৰ ডিমা হাচাও জিলাত পৰ্যটন উৎসৱ অনুষ্ঠিত কৰি অহা হৈছে৷ উল্লেখ্য যে
অষ্ট্ৰেলিয়াত প্ৰাপ্ত কেংগাৰুৰ দৰে পেটৰ মোনাত পোৱালি ভৰাই লৈ ফুৰা এবিধ জন্তুও হাবাঙৰ
ফালে পোৱা যায় বুলি স্থানীয় লোকে কয়৷
২০ বছৰমানৰ আগতে এ.এছ.ডি.চি. ক্ষমতাত থকাৰ সময়তে
খান্দুলিত এটা টুৰিষ্ট লজ্ সজা হৈছিল৷ বিভাগীয় অন্ধদৃষ্টিত পৰ্যটন নিবাসটোৱে পৰিগ্ৰহ
কৰা মৰণাচ্ছন্ন অৱস্থা, চোৱা-চিতাৰ অভাৱত বনৰীয়া জীৱ-জন্তু, শিয়ালৰ বাসস্থান হৈ পৰাৰ
কথা বাতৰি কাকতত পঢ়িবলৈ পাই চমকি উঠিছিলোঁ৷ অথচ খান্দুলি এখন পৰ্যটন-সম্ভাৱনাময় ঠাই
বুলি স্বীকাৰ কৰি অহা হৈছে৷ ইয়াৰ সৌন্দৰ্য সন্দৰ্ভত কোনোবাই এবাৰ এঠাইত লিখিছিল… ‘খান্দুলি বজাৰত থিয় হৈ
চৌপাশে দৃষ্টি ঘূৰালে এনে লাগে যেন ইয়াৰ পৰাই সেউজীয়া পাহাৰৰ ওপৰেৰে স্বৰ্গলৈ
যোৱাৰ পথটি সূচনা হয়৷’
আগুৱাই গৈ আছোঁমানে সেই খান্দুলিয়ে সঁচাৰ্থত এতিয়া নিজৰ শ্ৰী হেৰুৱাই
পেলোৱা যেন লাগিল মোৰ৷ সীমান্তৰ পাহাৰৰ বৰ্ণিল লেণ্ডস্কেপবোৰৰ অতীতৰ বাংময় ৰূপটো
যেন মই বিচাৰি পোৱা নাই! ঘৰবোৰৰ আগত, কাষত কাটি থোৱা পাইন গছৰ দ’ম৷ ইন্ধনৰ খৰি! দুশাৰী পাইন অৰণ্যৰ মাজে মাজে নয়নাভিৰাম দৃশ্য সন্মুখত ৰাখি আগুৱাই গৈ থকাৰ
মধুৰ অভিজ্ঞতা যেন এতিয়া সোঁৱৰণি হৈ পৰিল! বাস্তৱত সেই দৃশ্য নাই৷ কাৰ্যতঃ খান্দুলিয়ে
খুব বিমৰ্ষ কৰিলে মোক৷ গাড়ীৰ ভিতৰতে গোৱাল-গালি পাৰিলোঁ ইয়াৰ মানুহবোৰক৷ শ্বিলং মালভূমিৰ প্ৰদূষণহীন, নাতিশীতোষ্ণ,
তৃণভূমিৰ বৃহৎ অঞ্চলটোক এসময়ত পাইন গছবোৰে তুলি ধৰিছিল৷ সেই প্ৰাকৃতিক মোহনীয়তা খান্দুলিয়ে
যেন হেৰুৱাই পেলালে! কাৰ দোষত? শুনিলোঁ, খান্দুলিত এতিয়া উষ্ণতাৰো
বোলে তাৰতম্য ঘটিছে৷
খান্দুলিক কোৱা হৈছিল এখন
সুপ্ত চহৰ বুলি৷ প্ৰাকৃতিক সৌন্দৰ্য, ইক’-টুৰিজ্ম আৰু স্বাস্থ্যকৰ জলবায়ু ইয়াৰ তিনিটা প্ৰধান আকৰ্ষণ৷ এই তিনিটাই
প্ৰচুৰ সম্ভাৱনা জীয়াই ৰাখিছিল ঠাইটুকুৰাৰ৷ এতিয়া হীন-ডেঢ়ি আহি পৰিল৷
বুকুত বেদনা লৈ ভাতৰ আশাৰে আগুৱাই গৈ আছোঁ যদিও
ভাত, ভাতৰ হোটেল বিচাৰিও নিৰাশ হ’লোঁ৷ ৩ বজাত খান্দুলি বজাৰত উপস্থিত হ’লোঁ৷ সেউজীয়া
ৰঙৰ চাইনব’ৰ্ড এখনত
লিখা আছে খান্দুলি ভিলেজ৷ এখন দোকানো খোলা অৱস্থাত নাই৷ মানুহ বুলিবলৈও এজনো দেখিবলৈ নাই৷
অকণমান আগলৈ গৈ অৰুণদাৰ নিৰ্দেশত ডেকাৰজাই
গাড়ীখন ঘূৰালে৷ আৰু আগ বাঢ়িবৰ মন থাকিলেও আকৰ্ষণ কমিল৷ সময়েও ৰঙা চকু দেখুৱাই আছে৷ ৩ বাজি ১৫ মিনিট পাৰ হ’ল৷ বাউলী পাকেৰে খান্দুলি পৰিদৰ্শন কৰি আমি উভতিলোঁ হামৰেণলৈ৷
২৫) আম্-ই দলঙত আকৌ ৰ’লোঁহি
২৫) আম্-ই দলঙত আকৌ ৰ’লোঁহি
লাংহেম্ফী বজাৰ পালোঁহি৷ শাৰী শাৰীকৈ থিয় হৈ
আছে খেৰ-বাঁহেৰে সজা চালি কিছুমান৷ মানুহ-দুনুহ নাই৷ যিটো বুজিছোঁ, এইফালে আজি খাবলৈ
ভাত বিচৰাটো পৰ্বতত কাছ কণী বিচৰাৰ সমপৰ্যায়ৰে হৈছে৷ আন দিনৰ কথা ক’ব নোৱাৰোঁ৷
মুকইৰামলৈ সোমোৱা ৰাস্তাটো পালোঁ৷ নতুন
চিনাকি বাটটো দেখা পায়ে মনটো আকৌ উৰা মাৰিলে সৌন্দৰ্যথলী থাই আপ্চিৰলৈ৷ ‘হামৰেণৰ পৰা জলপ্ৰপাতলৈ দূৰত্ব কিমান
হ’ব বাৰু, ডেকাৰজা?’ চলন্ত গাড়ীত চালকজনৰ সৈতে মোৰ
গম্ভীৰ আলোচনা চলিব ধৰিলে৷ একধ্যানে আগলৈ চাই ষ্টিয়েৰিংডাল নিয়ন্ত্ৰণত ৰখাৰ লগতে চিন্তা
কৰি কৰি তেওঁ কৈ গ’ল, ‘হামৰেণৰ পৰা খান্দুলিলৈ ২৮-৩০ কিল’মিটাৰ ধৰক৷ আমি অলপতে পাৰ হৈ অহা মুকইৰাম লিংকটোলৈকে ২৫ কিল’মিটাৰমান ধৰক৷ তিনিআলিটোৰ পৰা জেগালৈ কমেও ১০ কিল’মিটাৰ হৈ যাব৷ তাৰ মানে হামৰেণৰ পৰা জলপ্ৰপাতটোলৈ মোৰ হিচাপত ৩৫ কিল’মিটাৰমান হ’ব লাগে৷ নহ’বনে ছাৰ?’
বিনাতৰ্কে মই মানি ল’লোঁ৷ চালকসকলে দূৰত্বৰ হিচাপ বেছি
ভালকৈ গম পায়, গণিবও জানে বুলি মোৰ বিশ্বাস৷ অসমীয়া সমাজত দূৰত্ব জোখাৰ ক্ষেত্ৰত
তামোল এখন খোৱাৰ বাট বুলি প্ৰচলিত বাক্য এষাৰি আছে৷ আনহাতে কাৰবিসকলে দুখন ঠাইৰ আনুমানিক
দূৰত্ব বুজাবলৈ চিনাকি পাহাৰ এখনৰ পৰিধি বা আকৃতিৰ উল্লেখ কৰে৷ টেৰণ আৰং পেন তিমুং
আৰং কাহেল’ ইংলং ইছি
দ’লাং বুলিলে বুজিব লাগিব যে টেৰণ
গাঁৱৰ পৰা তিমুং গাঁৱলৈ দূৰত্ব পাহাৰ এখনৰ সমান৷ বিশেষত্বপূৰ্ণ আৰু বৰ আমোদজনক বিষয় এইবোৰ৷
ডেকাৰজাৰ অভিজ্ঞ তথা পৈণত চালনাত আলু-কচুৰ খেতি, আমলখি, ঝাৰুগছ,
আদা, জুমখেতি, কলগছ, আনাৰস খেতিবোৰ পিছফালে এৰি হামৰেণলৈ ঢপলিয়াইছে আমাৰ বলেৰ’৷ যোৱাতকৈ অহাৰ গতি তীব্ৰতৰ হৈছে৷ পেটত
ভোক নিজৰো আছেযে৷
৩.৩৫ত আম্-ই দলঙত ৰ’লোঁ৷ যাওঁতেও নামিছিলোঁ, একেডোখৰ জেগাতে, একেটা উদ্দেশ্যতে৷ প্ৰকৃতিৰ আহ্বানৰ
প্ৰতি সঁহাৰি জনাবলৈ৷
গাড়ীৰ পৰা নামোঁতেই ডেকাৰজাৰ মনত প্ৰশ্ন এটাই
উখল-মাখল লগালে৷ ‘হামৰেণ মহকুমাৰ অনেক ঠাই, নদী-জুৰি ইত্যাদিৰ নামবোৰ খাচিয়া-জয়ন্তীয়া মূলৰ৷ এই
শব্দবিলাক ক’ৰ পৰা আহিল?’ গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ মই উত্তৰ দিয়াৰ যত্ন কৰিলোঁ৷ আনহাতে, হামৰেণ এতিয়া মহকুমা হৈ থকা নাই, জিলা সদৰ হ’ল পশ্চিম কাৰবি আংলঙৰ৷
অতীতলৈ উভতি চালে আমি দেখা পাওঁ যে ১৯৫১ চনৰ
১৭ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ ভূতপূৰ্ব ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তাহানি
জাৰি কৰা চৰকাৰী অধিসূচনা (নং টি.এ.ডি./আৰ./আৰ./৩১/৫০/২০৫ দিনাংক ৮.১১.১৯৫১)ৰে নৱগঠিত
সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলাখনৰ একত্ৰিত সৰ্বমুঠ মাটিকালিত ইয়াৰ পশ্চিমে
অৱস্থিত মেঘালয়ৰ সংযুক্ত খাচিয়া-জয়ন্তীয়া পাহাৰ জিলাৰ পৰা ১,৫৪৩.৬৪ বৰ্গ কিল’মিটাৰ কাটি আনি সংযোগ কৰা হৈছিল৷ উক্ত অঞ্চলবোৰত তেতিয়া খাচিয়া-জয়ন্তীয়া মানুহৰ বসতি
আছিল৷ প্ৰধান বাসিন্দা আছিল জয়ন্তীয়াসকল৷ ঠাইৰ নামবিলাক তেওঁলোকেই দিয়া৷ অনেক
স্থানত এতিয়া জয়ন্তীয়া মানুহ নাই কিম্বা নগণ্য হিচাপতহে আছে যদিও তাহানিৰ নামসমূহ আজিও একেদৰেই প্ৰচলিত হৈ আছে৷ এইটো স্বাভাৱিক কথা৷ অনুৰূপ ধৰণে, বৰাইল পৰ্বততো ঠাইৰ
নাম এনে কেতবোৰ পোৱা যায় যিবোৰ মূলতঃ কাৰবি শব্দ, কিন্তু তাত এতিয়া কোনো কাৰবি
মানুহৰ বসতি নাই৷
টাই ভাষাৰ ‘নাম’, বড়োৰ ‘দি’, কাৰবিৰ ‘লাংছ’ উপসৰ্গ পানীৰ সমাৰ্থক৷ নৈ, জান, জুৰি আৰু লগতে পানী বুজোৱা খাচি ভাষাৰ শব্দ হ’ল ‘উম্’৷ খাচি উপভাষাত ‘আম্’ শব্দৰে নৈবাচক নামবোৰ উচ্চাৰিত হয়৷ মন কৰিবলগীয়া যে কাৰবি লোক-সাহিত্যৰ অমৰ
কাব্য ‘হা-ঈ’ত উল্লেখিত ‘উম্ৰাছি’ শব্দটো খাচিমূলীয় অৰ্থাৎ অষ্ট্ৰিক্মূলীয়৷ সেইদৰে ‘আম্তাৰ্পেং’ শব্দটোও খাচি উপভাষাৰ দ্বাৰা সৃষ্ট৷
ব্যুৎপত্তি আৰু ভাষাতাত্ত্বিক বিচাৰত এই দুই শব্দ খাচি-জয়ন্তীয়া জনগোষ্ঠীৰ মন্খেমেৰ
ভাষাৰ পৰা অহা বুলি ঠাৱৰ কৰা হৈছে৷ পশ্চিম কাৰবি আংলং জিলাৰ অন্তৰ্গত, আমি এতিয়া পাৰত
ৰৈ থকা আম্-ইৰ উপৰি আম্লং, আম্ৰেং, আম্বিনং আদি নৈবাচক শব্দবোৰ মূলতঃ খাচি উপভাষাৰ
‘লাকাদং’ ভাষা-গোষ্ঠীৰ শব্দ৷ জনজীৱনৰ লগতে কাৰবি লোক-সাহিত্যত এই শব্দবোৰে
কেতিয়াবাই স্থান নিশ্চিত কৰিছে, যিবোৰে আজিও বিলাই আছে দুটা জনগোষ্ঠীৰ সাংস্কৃতিক
সমন্বয়ৰ মধুৰ বাৰ্তা৷ সমন্বয়ৰ ফুলনিত এইবোৰ একো একোটা বুটাবছা ফুল৷
অসম পুনৰ্গঠন বিধেয়ক (মেঘালয়) ১৯৬৯ৰ অধীনত সংযুক্ত
খাচিয়া-জয়ন্তীয়া পাহাৰক লৈ ২ এপ্ৰিল ১৯৭০ তাৰিখে স্বায়ত্তশাসিত মেঘালয় ৰাজ্য গঠনৰ সময়ত
সংযুক্ত মিকিৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলাক ইচ্ছা কৰিলে মেঘালয়ত যোগ দিবলৈ সুবিধা
দিয়া হৈছিল৷ অন্যথা সুকীয়া স্বায়ত্তশাসিত ৰাজ্য গঠনৰ ব্যৱস্থা৷ তেতিয়াৰ নেতাসকলে কোনোটোতে
মত নিদি অসমৰ বুকুতে অসমৰে এটুকুৰা হৈ থকাটোকে পছন্দ কৰিলে৷ পাৰ্বত্য ৰাজ্য বা হিল্
ফেডাৰেচন ইউনিটৰ সৈতে যোগদান নকৰি অসমৰ সৈতে একেলগে থকাৰহে প্ৰতিশ্ৰুতি দিলে৷ অন্যথা
আজি মেঘালয়ৰেই হ’লহেঁতেন এই ঠাইবোৰো৷
পৰৱৰ্তী সময়ত, ১৯৫৪ চনত মূৰ দাঙি উঠা পৃথক পাৰ্বত্য
ৰাজ্যৰ দাবীত অল্ পাৰ্টী হিল্ লিডাৰ্ছ কনফাৰেন্সে অসমৰ জনজাতি অধ্যুষিত এলেকাৰ গাৰো
পাহাৰ, খাচি-জয়ন্তীয়া পাহাৰ, মিজো পাহাৰ, নগা পাহাৰৰ লগতে মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ
পাৰ্বত্য অঞ্চলকো সামৰিছিল৷ কিন্তু মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ পাহাৰ জিলা দুখনে
পাৰ্বত্য ৰাজ্য বা হিল্ ফেডাৰেচন ইউনিটৰ সৈতে যোগদান নকৰাৰ কথা মুক্তকণ্ঠে ঘোষণা
কৰিছিল আৰু অসমৰ সৈতে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিছিল৷
মেঘালয়ৰ লগত চামিল হোৱাৰ সুযোগ দিয়া হৈছিল৷
কিন্তু নহ’ল৷ প্ৰশ্ন হয়, জয়ন্তীয়া-বিদ্বেষ ইয়াৰ এক কাৰণ হ’ব পাৰে নেকি? প্ৰসংগক্ৰমে উল্লেখনীয় যে তাহানি জয়ন্তীয়া ৰাজ্যত বাস কৰা কাৰবিসকলৰ ওপৰত
এসময়ত শোষণ, নিষ্পেষণ, অত্যাচাৰ চলিছিল যাৰ স্মৃতি কাৰবি কিম্বদন্তীয়ে আজিও কঢ়িয়াই
আছে৷ থং নকবে’, ৰংফাৰপী ৰংবে’ৰ কাহিনী এইক্ষেত্ৰত মন কৰিবলগীয়া৷
ইফালে লংজুতৰ পৰা আৰম্ভ কৰি আমৰেং সমষ্টি, উম্পুৰ পৰা আৰম্ভ কৰি খান্দুলিলৈ, ছ’চেং সমষ্টিৰ পশ্চিম অংশক লৈ ব্লক-১ আৰু সমগ্ৰ আমৰি সমষ্টি আৰু ৰংজাংফঙৰ পশ্চিম অংশৰ পৰা আৰম্ভ কৰি চিন্থং সমষ্টিৰ পশ্চিম অঞ্চলক সামৰি ব্লক-২ সমন্বিতে হামৰেণ মহকুমাৰ অন্তৰ্গত প্ৰায় ১,০০০ বৰ্গ কিল’মিটাৰজোৰা মেঘালয় সীমান্তৰ বিস্তীৰ্ণ এলেকা, যাক লৈ অসম আৰু মেঘালয়ৰ মাজত সীমা বিবাদ আজিৰ তাৰিখতো অব্যাহত আছে৷ মাজে মাজে অপ্ৰীতিকৰ পৰিস্থিতিও বিৰাজ কৰে৷
২৬) হামৰেণ এৰি টিকা অভিমুখে
‘আহিছোঁ যেতিয়া এই সুযোগতে ইতিহাসে গৰকা ঠাই টিকা স্পৰ্শ কৰি নাযাওঁনো
কিয়?’ আওপকীয়াকৈ প্ৰকাশ কৰা মোৰ ইচ্ছাটো অৰুণদাই ঠিকেই ধৰিব পাৰিলে৷ ‘ছাৰ’ৰ তাৎক্ষণিক অনুমোদনক্ৰমে হংক্ৰামমুখী ৰাস্তাটোৰে নগৈ বৈঠালাংছ’মুখী ৰাস্তা ধৰি ডেকাৰজাৰ বলেৰ’ নামি যাব ধৰিলে টিকা পাহাৰৰ শ্যামল বুকুৰে৷ (ক্ৰমশঃ)
২৭) টিকা পাহাৰত হেঁপাহৰ এসন্ধ্যা
২৮) ৰংখাং এৰি ঘৰ পালোঁহি
.......................
সহায়ক গ্ৰন্থপঞ্জী...
২৬) হামৰেণ এৰি টিকা অভিমুখে
২০ মিনিটমানৰ পাছতে আম্লং নদীৰ দলং পালোঁহি৷
ৰংহাংৰংবং, উম্নাম নৈ পাৰ হৈ আম্বিনং পাওঁতে ৪ বাজি ১০ মিনিট গ’ল৷ জিলা কাৰাগাৰ, গড়কাপ্তানি বিভাগ
এৰি পোনেই নতুন বজাৰত ৰ’লোঁহি, ৫ মিনিটৰ ব্যৱধানত৷
যাওঁতেই অথনি অৰুণদাই শুনাইছিল যে ঘূৰি আহি হামৰেণত ভাত
খাম৷ খান্দুলিত বিমুখ হোৱাৰ পাছত ইয়াত এতিয়া গাড়ীৰ পৰা নামিয়েই ভাত বিচাৰি অভিযান
আৰম্ভ হ’ল৷ সংগীসকলৰ চিনাকি কেইবাখনো হোটেলত
চলাথ কৰিলতো উত্তৰ একেটাই পোৱা গ’ল৷ ‘ভাত নাই৷’ বিয়লি ৪ বজাত ক’তনো ভাত পায়? কোনোবা কোনোবাখন হোটেলো আকৌ বন্ধ৷ দেওবাৰযে৷ দেওবৰীয়া ভূতে
আজি বাৰুকৈয়ে পালে আমাক৷ ৰৈ থকাৰ সকাম নাই৷ সৰ্বসন্মতিক্ৰমে ডেকাৰজাই ততাতৈয়াকৈ গাড়ী ঘূৰাই ল’লে অলপ
আগত এৰি থৈ অহা পুৰণা বজাৰলৈ বুলি৷
মুহূৰ্ততে পালোঁহি পুৰণা বজাৰ৷ খৰতকীয়াভাৱে
অনুসন্ধান চলিল যদিও ইয়াতো কোনো ফালৰ পৰাই প্ৰাপ্তিৰ সুখবৰ নাহিল৷ টাউন কমিটি বিল্ডিঙৰ
বিপৰীতে পৰিৱহণ নিগমৰ আস্থানৰ সন্মুখত পথৰ দাঁতিত ৰুটী-ভাজি পোৱা যাব৷ য’ৰ গাড়ী ত’তে এৰি চাপি গ’লোঁ তালৈকে৷ কাঠৰ পুৰণা টেবুল, প্লাষ্টিকৰ চকী, ডেস্ক-বেঞ্চ কেইযোৰমান
পাৰি থোৱা আছে৷ শেষ সিদ্ধান্ত, মুকলি আকাশৰ তলত বহি ৰুটী-ভাজিকে খালোঁ আটায়ে৷ ভালো লাগিল৷ পৰিৱেশটোও
বেছ উপভোগ কৰিলোঁ৷ ভাত নাই নাই আৰু, তাতে কি হ’ল?
অপৰাহ্নৰ বেলিটো ক্ৰমান্বয়ে নিস্তেজ হৈ আহিছে৷
৫ বজোঁ বাজোঁ৷ আমি হামৰেণ এৰিবলৈ উদ্যত হ’লোঁ৷ হাৰছিঙকো বিদায় দিবৰ বেলি হ’ল৷ কাইলৈ ডিফুলৈ আহিব বুলি জনালে নিজৰ অফিছাৰ অৰুণদাক৷ মানুহজনে আমাক বৰ সহায়
কৰিলে৷ স্বভাৱ-সাৰল্য ভ্ৰাতৃত্বৰ বন্ধনে থাই আপ্চিৰ দৰ্শন সম্ভৱ
কৰি তুলিলে আমাৰ৷ মাত লগাওঁতে হেণ্ডশ্বেক কৰি ক’লোঁ, ‘দামপ’ দেই৷ কুৰৱাংথু৷’ (যাওঁ দেই, ধন্যবাদ)
‘দামে-জুমে৷’ (শুভ-বিদায়) যেনিয়েই যাওক তেনিয়েই আপোনালোকৰ
জয় হওক৷ মুখত এমোকোৰা হাঁহি বিৰিঙাই হাৰছিঙে কৈ উঠিল৷ গাড়ীত বহি হাতখন জোকাৰি দিলোঁ৷
বিদায় হাৰছিং, বিদায় হামৰেণ৷ আকৌ লগ পাম৷
চকা ঘূৰাৰ পাছতে সিদ্ধান্ত হ’ল যে আমি লিনচিকা,
ডংকামোকাম হৈ অৰ্থাৎ অহাবাটে নাযাওঁ৷ হংক্ৰাম হৈহে যাম৷ বৰছিং হংক্ৰামত নামি যাব৷ হংক্ৰামৰ পৰা উত্তৰ-পূব পৰিষদৰ পথ এটা টিকা পাহাৰৰ পূবফালেদি উঠি আহি পুনৰ টিকা পাহাৰতে পশ্চিমফালেদি উঠি অহা বৈঠাংলাংছ’-হামৰেণ গড়কাপ্তানি পথত সংলগ্ন হৈছে৷
চিন্থং উন্নয়ন খণ্ডৰ কাৰ্যালয় অতিক্ৰমি বাঁওহাতে হামৰেণ-বৈঠালাংছ’ পথেৰে সোমাল গাড়ী৷ পাৰ্বত্য অঞ্চলৰ আৰ্থ-সামাজিক বিকাশক মুখ্য কৰি সামগ্ৰিক
উন্নয়নৰ লক্ষ্য লৈ, মূলতঃ পাহাৰীয়া জনজাতীয় ৰাইজৰ সাংবিধানিক সা-সুবিধাবোৰ সুনিশ্চিত
কৰাৰ স্বাৰ্থ আগত ৰাখি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ১৯৫২ চনৰ ২৩ জুন তাৰিখে
ডিফুত আয়োজিত এখন জনসভাত মিকিৰ পাহাৰ জিলা পৰিষদ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল অসমৰ
তদানীন্তন মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিয়ে৷ হামৰেণস্থিত শাখা সচিবালয় তাৰে অংশস্বৰূপ৷
কাউন্সিলৰ ব্ৰাঞ্চ ছেক্ৰেটেৰিয়েটৰ আগেদি আহি টাউনখনৰ শেষত কাল্চাৰেল অফিছ৷ তাৰমানে মোৰ হাইস্কুলীয়া সহপাঠী চন্দ্ৰ তেৰাঙৰ এয়াই কৰ্মস্থলী৷ চাইনব’ৰ্ডখন পঢ়াৰ লগে লগে কথাটো মনলৈ আহিল৷
২৭) টিকা পাহাৰত হেঁপাহৰ এসন্ধ্যা
৫.৩০ বজাত আমি টিকাত উপস্থিত হ’লোঁ৷ বৈঠালাংছ’ৰ ফালৰ পৰা উঠি আহিলে ৭ কিল’মিটাৰ দূৰত্বত সমুদ্ৰপৃষ্ঠৰ পৰা
প্ৰায় ৪৮০ মিটাৰ উচ্চতাত পাহাৰৰ শিখৰত টিকা গাঁওখন৷ আকৃতিত সৰু যদিও কেইবাটাও দিশৰ
পৰা ঠাইডোখৰৰ তাৎপৰ্য অসীম৷ অতিশয় সম্বলপূৰ্ণ আছিল এই মহৎ ঐতিহ্য-ক্ষেত্ৰৰ সেউজীয়া
বুকু!
জনা মানুহৰ বহুতেই আক্ষেপ কৰে যে পশ্চিম কাৰবি
আংলঙৰ টিকা নামৰ ভিতৰুৱা ঠাইখনত খ্ৰীষ্টান পাদুৰীসকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ
কাৰবি ভাষা-সাহিত্যলৈ কি মহান অৱদান ৰাখি থৈ গ’ল, সি এতিয়াও বহুলভাৱে
চৰ্চিত হোৱা নাই৷ তাৰ প্ৰচাৰ আজিও আঞ্চলিক পৰ্যায়তে সীমাবদ্ধ৷ টিকাত বাহৰ পতা
আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল, সেইসকলৰ জীৱন-বৃত্তান্ত, জনহিতকৰ কাৰ্যাৱলী আদিৰ বিষয়ে
যথাযথ গৱেষণা আৰু তথ্যপূৰ্ণ পূৰ্ণাংগ বুৰঞ্জী এখন আজিও প্ৰস্তুত হৈ নুঠাটো সঁচাকৈয়ে
চিন্তনীয়৷ সি যি কি নহওক, আমাৰ দৃষ্টিত অতীতৰ আলম লৈ, পশ্চিম কাৰবি আংলং জিলাৰ এক বিশিষ্ট
পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ যথেষ্ট সম্ভাৱনা বৰ্তমানেও জিলিকি আছে, টিকা নামৰ
কোন-কাহানিবাতে অগ্ৰগামী এই ঠাইটুকুৰাৰ৷
কাৰবি আংলঙৰ শিক্ষাৰ সূৰ্যোদয় ক’ত হৈছিল, জিলাখনৰ প্ৰথমখন প্ৰাথমিক
বিদ্যালয় ক’ত পাতিছিল, প্ৰথমখন মধ্য ইংৰাজী বিদ্যালয় ক’ত আছিল বুলি
কোনোবাই প্ৰশ্ন কৰিলে উত্তৰ এটাই৷ টিকা পাহাৰত৷ দৰাচলতে জিলা গঠনৰো আগৰ, সেয়া বিগত ১৯১০ চনৰে কথা৷ আমেৰিকান পাদুৰীদ্বয় ক্ৰমে Penn E. Moore আৰু John Moses Carvellৰ প্ৰচেষ্টাত আৰু স্থানীয় লোক থেংকুৰছিং ইংতিৰ
সহযোগিতাত টিকাত তেতিয়া এল. পি. স্কুল এখন প্ৰতিষ্ঠা হৈছিল৷ টিকা পাহাৰতে ১৮৫৫
চনত জন্ম গ্ৰহণ কৰা, অষ্টম শ্ৰেণী উত্তীর্ণ, থেংকুৰছিং ইংতি আছিল শিক্ষানুষ্ঠানখনৰ
প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক৷ আদৰ্শবাদী, শিক্ষানুৰাগী ‘পণ্ডিত’জনে দৃঢ়তা আৰু কষ্টসহিষ্ণুতাৰে
নিজ কৰ্ম সম্পাদন কৰাৰ উপৰি ‘The account of the early history of the Mikirs’ নামৰ সৰু আকাৰৰ কিতাপ এখনো লিখি
থৈ গৈছে৷ উল্লেখযোগ্য যে কাৰবি আংলঙৰ স্বপ্নদ্ৰষ্টা ছেমছনছিং ইংতিৰ পিতৃ আছিল থেংকুৰছিং
ইংতি৷ স্কুলঘৰ স্থাপন, পাঠ্যপুথি আৰু ধৰ্মপুথি ৰচনাত তেওঁৰ বৰঙণি অনস্বীকাৰ্য৷ ছেমছনছিং ইংতিৰ জন্মও টিকা নামৰ এই ঐতিহ্যপূৰ্ণ ঠাইতে হৈছিল৷
অৱশ্যে তাৰো আগতে, ১৮৯৭ চনৰ জানুৱাৰী মাহত
টিকাত বিদ্যালয় এখন প্ৰতিষ্ঠাৰ দিশত অগ্ৰসৰ হৈছিল ৰেভাৰেণ্ড মুৰ আৰু ৰেভাৰেণ্ড কাৰৱেলৰ
সহযোগীৰূপে টিকা পাহাৰত ধৰ্মপ্ৰচাৰক হিচাপে আত্মনিয়োগ কৰা Deobar নামৰ জনৈক কাৰবি
লোক৷ শিক্ষাৰ্থীও গোট খাইছিল তেতিয়া৷ কিন্তু প্ৰাকৃতিক দুৰ্যোগকে আদি কৰি আন কেতবোৰ এৰাব
নোৱাৰা সংকটত পৰি সেই প্ৰচেষ্টা বাস্তৱায়িত নহ’লগৈ৷
টিকাত থকা আন এক ঐতিহ্যমণ্ডিত অনুষ্ঠান হ’ল টিকা বেপ্টিষ্ট চাৰ্চ৷ ডেকাৰজাক ইংগিত দিয়া মাত্ৰক গিৰ্জাৰ
নিচেই কাষতে আমাৰ বলেৰ’খন ৰখাই দিলে৷
অতীতৰ টিকা পাহাৰ আছিল বনৰীয়া হাতী, বাঘ, ঘোং,
ভালুকৰ অবাধ বিচৰণভূমি৷ ভূত-প্ৰেত, ডাইনী-যখিনীৰো ৰম্যভূমি৷ সেয়ে সৰহ মানুহে ইয়াত বসতি কৰাৰ
সাহস নকৰিছিল৷ মাজে মাজে অ’ত-ত’ত দেখা গৈছিল মাথো চাংঘৰ কেইটামান৷
ক’লীয়াপানীসদৃশ তেনেহেন ঠাইডোখৰলৈ
তেনেকুৱা দিনতে প্ৰথম মিছনেৰীৰ ৰূপত আগমন ঘটিছিল মুৰ আৰু কাৰৱেলৰ৷ তম্বু
তৰি দিন কটাইছিল তেওঁলোকে৷ অপৰিচিত বগা লোক দুজনক দেখি ইয়াৰ মানুহবোৰ দূৰতে বিদূৰ হৈছিল৷
কিন্তু লাহে লাহে, খাদ্য-বস্তু দেখুৱাই, আকাৰ-ইংগিতেৰে মনৰ ভাব প্ৰকাশ কৰি চাহাবে দুই-চাৰিজনক
আপোন কৰি পেলালে৷ এবছৰতে তেওঁলোকৰ দোৱানো আয়ত্ত কৰি ল’লে৷ টিকা পাহাৰত প্ৰাথমিক বিদ্যালয়, প্ৰাথমিক স্বাস্থ্য-কেন্দ্ৰ, গিৰ্জাঘৰ গঢ়ি তুলিলে৷
১৯১৩ চনত স্থায়ীভাৱে নিৰ্মাণ কৰা টিকা বেপ্টিষ্ট
চাৰ্চ এতিয়া আমাৰ চকুৰ সন্মুখত, ৰাস্তাৰ বাওঁ দাঁতিত৷ চাইনব’ৰ্ডখন জিলিকি আছে৷ ১৯৯৭ চনৰ ২৮ ডিচেম্বৰত
গিৰ্জাটোৰ শতবাৰ্ষিকী পালিত হৈ গৈছে৷ কাষতে আছে স্মাৰক-শিলা৷ ৰেভাৰেণ্ড মুৰ আৰু ৰেভাৰেণ্ড কাৰৱেলে
১৮৯৭ চনত মূল গিৰ্জাঘৰটো প্ৰতিষ্ঠা কৰিছিল৷ লোৰ খুঁটি আৰু টিনপাতেৰে সজা পুৰণা ঘৰৰ
নিৰ্মাণ কাৰ্যত তদানীন্তন সময়ত খ্ৰীষ্টত দীক্ষা লোৱা স্থানীয় কাৰবি ব্যক্তি মজেন্দ্ৰ
ৰংপি, ছাৰবুঢ়া ইংতি আৰু থেংকুৰছিং ইংতিয়ে মিছনেৰী দুগৰাকীক সহায় কৰিছিল৷ গৃহ-নিৰ্মাণৰ
টিনপাত আৰু লোৰ খুঁটাবোৰ নগাঁৱৰ পৰা বৈঠালাংছ’লৈকে নাৱেৰে আৰু
বৈঠালাংছ’ৰ পৰা টিকা পাহাৰলৈকে কান্ধত কঢ়িয়াই অনা হৈছিল৷
টিকা গিৰ্জাৰ ওচৰৰে পাহাৰৰ ওপৰত ৰেভাৰেণ্ড কাৰৱেল,
তেওঁৰ পত্নী Laura A. Emy আৰু ৰেভাৰেণ্ড মুৰৰ পত্নী Charlotte Persellৰ কবৰ আছে৷ কোন
কালতে পাহাৰৰ ঘোঁকটত প্ৰাকৃতিক দুৰ্যোগ, হিংস্ৰ বন্য জীৱ-জন্তু, মেলেৰিয়া-কলেৰা-হাইজা
আদি মাৰাত্মক বেমাৰ, নানানটা বাধা-বিঘিনি মূৰ পাতি লৈ অক্লান্ত পৰিশ্ৰম শক্তিৰে কাৰৱেল
আৰু মুৰ দম্পতীয়ে খ্ৰীষ্টিয় কাম-কাজ আগুৱাই নিয়াৰ লগে লগে গিৰ্জাৰ আলম লৈ মিকিৰ (কাৰবি)
ভাষাত পাঠ্যপুথি প্ৰণয়ন আৰু শিক্ষা প্ৰচাৰত মনোনিৱেশ কৰিছিল৷ পাহাৰৰ শিখৰত ১৮৯৬ চনত সাজি লোৱা মিছন বাংলোত থাকি হাতীত উঠি তেওঁলোকে ঘূৰা-ফিৰা
কৰিছিল৷ ১৯১৬ চনৰ ১৫ অক্টোবৰত বজ্ৰপাত পৰি অগ্নিদগ্ধ হোৱা সেই বাংলোৰ পকী খট্খটীৰ
অৱশেষ এতিয়াও আছে কবৰ তিনিটাৰ ওচৰতে৷ কাষতে আছে বাথটাব আৰু গা ধোৱা ঘৰৰ মজিয়াৰ ভগ্নাৱশেষ৷
পাহাৰীয়া নিৰ্জনতা, পৰিয়াল-পৰিজনহীন নিঃসংগতা, যাতায়াতৰ বাধা-বিপত্তি, বেমাৰ-আজাৰকে
ধৰি দৈনন্দিন পাৰ কৰাৰ অকথ্য যন্ত্ৰণা তথা পদে পদে মুখামুখি হোৱা প্ৰত্যাহ্বানসমূহক মূৰ পাতি
লৈ জীৱনৰ কি লক্ষ্য-উদ্দেশ্য সাধনৰ নিমিত্তে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা পাণ্ডৱবৰ্জিত
স্থান এখনলৈ সেই যুগতে আহি, ইয়াত থাকি, ইয়াৰ বায়ু-পানীৰ সৈতে একাত্ম হৈ পৰি, কেনেকুৱা
উৎসাহ-উদ্দীপনাৰে মানৱ কল্যাণকাৰী কৰ্মযজ্ঞত প্ৰবৃত্ত হৈছিল, কিহৰ মায়াই এই মাটিকে
সাবটি স্বৰ্গগামী হোৱাৰো ইচ্ছা জন্মালে, ভাবি চালে আজি আমাৰ আচৰিত লাগে৷
টিকা গভৰ্ণমেণ্ট এম. ই. স্কুল কাৰবি আংলং জিলাৰ
প্ৰথমখন চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়৷ ১৯৩৪ চনত Rev. William Ralph Huttonৰ অগ্ৰণী
ভূমিকাত টিকা পাহাৰত ৫জন ছাত্ৰৰে আদিতে টিকা মিছন এম. ই. স্কুল নামে ইংৰাজী মাধ্যমৰ
এই বিদ্যালয়খন শুভাৰম্ভ কৰা হৈছিল, পাহাৰৰ বুকুত যিখনৰ সাম্প্ৰতিক ৰূপটো আমি এই মুহূৰ্তত
গিৰ্জাঘৰৰ সন্মুখৰ পৰাই জল্জল্-পট্পট্কৈ দেখি আছোঁ৷ ১৯৫২ চনত চৰকাৰে দায়িত্ব লোৱাৰ
পাছত টিকা গভৰ্ণমেণ্ট এম. ই. স্কুল নাম দি বৈঠালাংছ’লৈ স্থানান্তৰ
কৰা হৈছিল৷ বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল হামৰেণৰ নিকটৱৰ্তী নংকুলাৰ
পাহাৰৰ বাসিন্দা বাছা ইংতি কাথাৰ৷ ১৯৬১ চনলৈকে স্কুলখনত শিক্ষকতা কৰি তেওঁ অৱসৰ গ্ৰহণ
কৰিছিল৷
টিকাৰ স্কুলতে পঢ়ি যোৱা গাঁওখনৰ ৭-৮জন পুৰুষ-মহিলা
ভাৰতীয় প্ৰশাসনিক সেৱা, অসম আৰু নাগালেণ্ডৰ প্ৰথম শ্ৰেণীৰ প্ৰশাসনীয় বিষয়া হৈ ওলাইছে৷
এয়া খ্ৰীষ্টান মিছনেৰীসকলে আধুনিক শিক্ষাৰ প্ৰতি আগ বঢ়োৱা কঠোৰ পৰিশ্ৰমৰ ফল, প্ৰভু
যিশুৰ কৰুণাৰ ফল বুলি বিশ্বাস কৰা হয়৷
১৮৯৩ চনত টিকাত মিনি ছপাশাল এটা প্ৰতিষ্ঠা কৰা
হৈছিল৷ দুমোন ওজনৰ, সৰু ছপাকলটো এজন মানুহে পিঠিত কঢ়িয়াই বৈঠালাংছ’ৰ পৰা টিকালৈ আনিছিল৷ পাদুৰী চাহাবৰ উদ্যোগত টিকা গিৰ্জাত প্ৰেছ মেছিন স্থাপন
হোৱাৰ পাছৰে পৰাই কিতাপ-আলোচনীৰ প্ৰকাশ আৰু প্ৰচাৰতো তৎপৰতা বাঢ়িছিল৷ বৃদ্ধি পাইছিল
অনুবাদ-কৰ্ম৷ দুৰ্ভাগ্যবশতঃ ১৯১৬ চনত মিছন বাংলোত বজ্ৰপাত পৰাৰ সময়তে অন্যান্য বয়-বস্তুৰ
লগতে ছপাশালটোও জুইত জাহ যায়৷
আধুনিক লিখিত কাৰবি ভাষা-সাহিত্যলৈ মুৰ আৰু কাৰৱেলে গুৰুত্বপূৰ্ণ বৰঙণি আগ বঢ়াই থৈ গৈছে৷ ১৮৭৫ চনত তেওঁলোকে প্ৰকাশ কৰিছিল অসমীয়া লিপিৰে
লেখা কাৰবি ভাষাৰ প্ৰথম কিতাপ ‘ধৰম আৰনাম আফ্ৰাং ইকিথান’৷ থেংকুৰছিং ইংতি আৰু ছাৰডকা ইংতিৰ সহযোগত ১৯০৩ চনত বেপ্টিষ্ট মিছনে টিকাৰ পৰাই
প্ৰকাশ কৰিছিল ‘আৰলেং আলাম (ফ্লি ফ্লি আকিতাপ)’৷ ‘মডাৰ্ণ কাৰবি লিটাৰেচাৰ’, ‘বিৰতা কেমে’, ‘বিৰতা’, ‘অৰুণ’, ‘কালাখা’ আদি কিতাপ-পত্ৰ উলিওৱা হৈছিল সেই যুগতে৷
পাহাৰৰ আকাশত সন্ধিয়াৰ আয়োজন চলিছে৷ গাড়ীৰ
পৰা নামিয়ে মুখৰ আগতে পোৱা গিৰ্জা আৰু নাতিদূৰৰ স্কুলখনৰ ফটো তোলাত লাগি গ’লোঁ৷ মোৰ পাছে পাছে বৰছিঙো আহিল৷ অৰুণদা নানামিলে৷ ডেকাৰজাই বাহনখন ঘূৰাব ধৰিছে৷
বুজি পালোঁ, তাৰ মানে আমি অহা বাটে উভতি হংক্ৰামৰ ৰাস্তাৰে যাম৷ বৈঠালাংছ’লৈ নাযাওঁ৷ বৈঠালাংছ’ৰ পৰাও হংক্ৰাম পাবগৈ পাৰি৷ কিন্তু
তেনেকৈ পকাই গ’লে দূৰত্ব
অধিক হ’ব৷ সময় বৰ বেছি লাগি যাব৷ (ক্ৰমশঃ)
২৮) ৰংখাং এৰি ঘৰ পালোঁহি
টিকাত বেছি সময় থাকিবকে নাপালোঁ৷ ইয়াৰ পৰা ডিফু পাবলৈ ১৪৯ কিল’মিটাৰ যাব লাগিব৷ দেৰি কৰিলে বাটত, লামডিং ৰ’ডত হাতী ওলাব৷ সেয়ে অৰুণদাৰ ভয়৷ হাত-বাউল দি মাতি আছে মোক৷ গৈ ছিটত বহা মাত্ৰকে গাড়ী চলিব ধৰিলে হংক্ৰাম অভিমুখে৷ ক্ষুধা-অপূৰ্ণ মনটোৱে ভাবি থাকিল, হাতত সময় লৈ আকৌ আহিব লাগিব টিকা পাহাৰলৈ৷
পাহাৰৰ সেউজীয়াৰ সুবাস ল’বৰ বাবে উন্মাদ হৈ আছিলোঁ৷ অৰণ্যৰ সংগীত শুনিবলৈ উদ্বাউল হৈ
আছিলোঁ৷ সেইবোৰ সকলো পালোঁ৷ বহুপ্ৰত্যাশিত থাই আপ্চিৰ দেখিলোঁ আজি৷ এতিয়া ওপৰৰ পৰা তললৈ চাই অভিভূত হৈছোঁ৷ সমতলত নয়নাভিৰাম
দৃশ্যাৱলী৷ ছাঁ-পোহৰৰ খেলখন সমাপ্তিৰ দিশে৷ চৌদিশে অন্ধকাৰ নামি আহিছে৷ অলপ পাছতে একোকে নেদেখা হ’লোঁ৷
তললৈ নামি আহি তিনিআলি এটা পালোঁ৷ বাঁওহাতে গুচি গ’লে বৈঠালাংছ’৷ পুৰণা নাম ৱ’থাতলাংছ’, যাৰ অৰ্থ কুকুৰা কটা জুৰি৷ পাহাৰ-ভৈয়ামৰ সংযোগস্থল বৈঠালাংছ’ৰ বুকুৱেদিয়ে বৈ গৈছে অসম-মেঘালয় সীমান্তত ঘণ্টাদিয়েক আগেয়ে আমি দেখি অহা কাৰবি
লাংপীখন৷ সেইফালে নদীয়ে নাম সলাই বৰপানী হৈছে৷
আমি সোঁহাতে যাব ধৰিলোঁ৷ ৫.৪৫ত হংক্ৰাম পালোঁ৷
বৈঠালাংছ’-ডংকামোকাম পথৰ দাঁতিত অৱস্থিত হংক্ৰাম এখন উন্নত আদর্শ গাঁও৷ ঠাইডোখৰ প্ৰায় সমান৷ মাটি সাৰুৱা৷ ধান, তামোল, নাৰিকল আদিৰ উৎপাদন ভাল হয়৷ এই হংক্ৰামৰো ঐতিহ্য
নথকা নহয়৷
হংক্ৰামত বৰছিং নামিল৷ সিও কাইলৈ ডিফুলৈ আহিব৷
এৰা-এৰিৰ সময়ত ক’লে৷ ‘আপোনালোকে ডংকা যাব নালাগে ছাৰ৷ বৰথল-ঘিলানী হৈ যাব৷ শ্বৰ্টকাট ৰাস্তা৷ জল্দি জল্দি ডিফু পাব৷’ ধন্যবাদ জনাই বৰছিঙৰ পৰা বিদায় লৈ গাড়ী আগ বাঢ়িল৷
কেইমিনিটমানৰ অন্তৰে অন্তৰে পাই গ’লোঁ বৰথল, ঘিলানী, সাতগাঁও, টুমপ্ৰেং৷
কপিলী পাৰ হোৱাৰ লগে লগে পশ্চিম কাৰবি আংলং শেষ৷ ৰংখাং এৰিলোঁ
আমি৷ মনটোক দমাব নোৱাৰি ঘূৰি চালোঁ এবাৰ৷
কাৰবি সভ্যতাৰ উত্তৰণৰ থলী, কাৰবি জন-জীৱনৰ নৱজাগৰণৰ উন্মেষথল
বুলি কোৱা হয় ৰংখাঙক৷ কিয়নো এই ৰংখাঙতে শিক্ষা আৰু আধুনিক যুগৰ প্ৰথম সূৰ্য উদয় হৈছিল৷ ষোড়শ
শতাব্দীৰ কোনো এক মুহূৰ্তত হিন্দু মহাকাব্য ‘ৰামায়ণ’ৰ কাহিনী ‘ছাবিন আলুন’ৰ
ৰূপত কাৰবি জন-সমাজত, কাৰবি লোক-সাহিত্যত সোমাই পৰিছিল, এই ৰংখাঙতে৷ সেইদৰে, গিৰ্জাক কেন্দ্ৰ
কৰি কেৱল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাই নহয়, কাৰবি ভাষাত ৰোমান লিপিৰে ‘বাইবেল’ৰ
ভাঙনি, কাৰবি প্ৰাথমিক পাঠ্যপুথিৰ প্ৰণয়নো ৰংখাঙতেই হৈছিল৷ প্ৰাক্-স্বাধীনতা কালতে
কাৰবিসকলৰ বাবে সুকীয়া জিলা গঠনৰ কাৰণে জাগৰণ গঢ়ি তোলোঁতা তথা কাৰবি আংলং জিলাৰ
জন্মদাতা বুলি অভিহিত প্ৰয়াত ছেমছনছিং ইংতিয়েও এই ৰংখাঙতে জন্ম গ্ৰহণ কৰিছিল৷
পৰ্যটকৰ বাবে উপভোগ্য অনেকবোৰ
উপাদান সেই ভূখণ্ডত ঠাহ খাই আছে৷ গতিকে পৰ্যটনৰ পৰা জীৱিকা উপাৰ্জনৰ সম্ভাৱনাও প্ৰচুৰ৷
কেইবাটাও টুৰিষ্ট চাৰ্কিট, ট্ৰেকিং-কেম্পিং এড্ভেন্চাৰ ট্ৰিপ সৃষ্টি হ’ব পাৰে অঞ্চলটোক কেন্দ্ৰ কৰি৷
উদাহৰণ স্বৰূপে বৈঠালাংছ’ৰ পৰা টিকা পাহাৰ-হামৰেণ-আম্লং-খান্দুলি, বৈঠালাংছ’-আম্ট্ৰেং-বিচিক্ৰি-চেলেং
আথেপাই, বৈঠালাংছ’-আম্ট্ৰেং-উলুকুঞ্চি-উম্পেনাই-চাবুদা, ডংকামোকাম-আম্ৰেং-ক’কা (পানীমূৰ)-জিৰিকিন্দিং ইত্যাদি
ইত্যাদি৷ অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্তয়ো পৰ্যটক টানিব পাৰে৷ থাই আপ্ছিৰৰ
উল্লেখ নিষ্প্ৰয়োজন৷
এই অঞ্চলৰ ভূগোল-বুৰঞ্জী,
সভ্যতা-সংস্কৃতি, প্ৰকৃতি আৰু পৰিৱেশৰ বহুমাত্ৰিক অধ্যয়ন, সচেতন তথা প্ৰমাণসিদ্ধ
উপস্থাপনেৰে কোনোবাই গৱেষণা-গ্ৰন্থও লিখি উলিয়াব পাৰে৷
একেৰাহে আহি থাকি কোমোৰাকাটাৰ তেল ডিপ’ত ৰ’লোঁহি৷ ইন্ধন ভৰাই অলপ পাছতে হোজাই৷ ৬ বাজি
৩০ মিনিট পাৰ হৈছে৷ আহোঁতে অহা যোৰাপুখুৰী পথটোৰেই উভতি ফ’ৰ লে’ন হাইৱে’ত উঠিলোঁহি৷ ডিফু ৰ’ডটোৰে ফাটি নোযোৱা পৰ্যন্ত নিশা
গাড়ীৰ হে’ড লাইটৰ
পোহৰত হাইৱে’ৰ প্ৰতিফলকে সৃষ্টি কৰা আকৰ্ষণীয় তিৰবিৰণি উপভোগ কৰাৰ লগতে দৃশ্যৰাজিৰ ২০ মিনিটজোৰা ভিডিঅ’ ৰেকৰ্ডিং কৰি ফৰেষ্ট গে’ট তিনিআলি যেতিয়া পালোঁ, ঘড়ীত
৭.৩০ হ’ল৷ অৰুণদাৰ ইফালে ভোকত পেটে বেয়াকৈ কল্মলাইছে৷ পুৱা ৰুটী-ভাজি খাই যোৱা হোটেলখনৰ সন্মুখত গাড়ী ৰাখিব দিলে৷ ডেকাৰজা আৰু
তেওঁ ভাত খোৱাত লাগিল৷ মই নাখালোঁ৷ ৩৯ কিল’মিটাৰ আঁতৰতে ঘৰ৷
গতিকে ঘৰত খামগৈ বুলি৷
৮.৪৫ত মোক ঘৰৰ আগত নমাই তেওঁলোক দুয়ো
গ’লগৈ৷ পুনৰবাৰ এটা সফল যাত্ৰা সামৰি
উৎফুল্লিত মনে ঘৰ সোমালোঁ৷
.......................
পুচ্ছাংশ…
পিছদিনা পুৱাই আমাৰ শিক্ষাগুৰু ৰংবং তেৰাং ছাৰৰ ফোন…
‘আহিলা?’
‘হয় ছাৰ আহিলোঁ৷’
‘ইছ্ৰো চাক্চেচ্ নহ’লেও তোমালোক
চাক্চেচ্ হ’লা!’
‘হয় ছাৰ, থাই আপ্চিৰ চাই আহিলোঁ৷’
‘ফটো চাবলৈ যাম তেনেহ’লে৷’
‘হয় ছাৰ, আহিব৷’
৭ ছেপ্টেম্বৰ শনিবাৰে পুৱতি
নিশা প্ৰায় ২ বজাত চন্দ্ৰপৃষ্ঠ পাবলৈ ২.১০ কিল’মিটাৰ বাকী থকা অৱস্থাত ইছ্ৰোৰ গ্ৰাউণ্ড কণ্ট্ৰ’লৰ সৈতে দুৰ্ভাগ্যজনকভাৱে
সংযোগ বিচ্ছিন্ন হৈ পৰাত ভাৰতৰ বহুপ্ৰত্যাশিত চন্দ্ৰযান-১, লুনাৰ লেণ্ডাৰ বিক্ৰমে
বিজ্ঞানী মহলৰ অৱতৰণ পৰিকল্পনা অনুসাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰিব নোৱাৰিলে৷ আমাৰ থাই আপ্ছিৰ যাত্ৰাটো
কিন্তু ভবা ধৰণেই সফল হ’ল৷ উৎসাহেৰে তেৰাং ছাৰে তাকেই জনালে৷ (সমাপ্ত).......................
সহায়ক গ্ৰন্থপঞ্জী...
১.
District Handbook United Mikir and North Cachar Hills, B. N. Bordoloi, Tribal
Research Institute, Shillong, First edition July 1972
২. প্ৰগতিৰ পথত কাৰবি আংলং, দিলীপ
শর্মা, কিৰণ কুটিৰ, ডিফু, প্ৰথম প্ৰকাশ ১৯৭৩ চন
৩. ৰাংছিনা ছাৰপ’ আৰু কাৰবি সমাজ, দিলীপ কলিতা, লেখকৰ
দ্বাৰা প্ৰকাশিত, প্ৰথম প্ৰকাশ এপ্ৰিল ১৯৮২
৪. অসমৰ নদ-নদী, ডক্টৰ যোগেন্দ্ৰ নাথ শৰ্মা, অসম সাহিত্য সভা, প্ৰথম
প্ৰকাশ, জানুৱাৰী ১৯৯৩
৫. কাৰবি
লাংপিৰ গীত, দেবেন গগৈ, লেখকৰ দ্বাৰা প্ৰকাশিত, প্ৰথম প্ৰকাশ মাৰ্চ ১৯৯৪
৬. কাৰ্বি কিম্বদন্তি সংকলন, সম্পাদক
লংকাম টেৰণ, ডিফু সাহিত্য সভা, প্ৰথম প্ৰকাশ ১৯৯৮ খ্ৰীষ্টাব্দ
৭. কাৰবি আংলং – প্ৰকৃতি আৰু মানুহ, ডক্টৰ ফুকন
চন্দ্ৰ ফাংচ’, ফুকন
প্ৰকাশন, হাওৰাঘাট, প্ৰথম প্ৰকাশ আগষ্ট ১৯৯৯
৮. প্ৰবন্ধ সংকলন, ডক্টৰ ফুকন চন্দ্ৰ
ফাংচ’, ফুকন
প্ৰকাশন, হাওৰাঘাট, প্ৰথম প্ৰকাশ ছেপ্টম্বৰ ২০০০
৯. কাৰবি লাংপি, স্মৃতিগ্ৰন্থ, কাৰবি
আংলং জিলা সাহিত্য সভাৰ ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন, ২৩-২৫ এপ্ৰিল ২০০০, ছেমছনছিং ইংতি
আক্লাম, বৈঠালাংছ’, সম্পাদক
টংক কোঁৱৰ
১০.
Dr. Phukan Ch. Phangcho, Karbi Anglong and North Cachar Hills, a study on
geography and culture, Published by the author, First edition December 2001
১১.
কাৰবি ভাষা আৰু সংস্কৃতি, সময় ছেনাৰ, চন্দ্ৰছিং ছেনাৰ, প্ৰথম প্ৰকাশ অক্টোবৰ ২০০৩
১২. কাৰবি আংলং জিলাৰ ভূগোল পৰিচয়,
লংকাম টেৰণ, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী-১, দ্বাদশ সংস্কৰণ ২০০৪
১৩. জনগোষ্ঠীয় সংস্কৃতিত এভুমুকি,
মুন কুমাৰ ডেকা, কাৰবি লাম্মেত আমেই, ফেব্ৰুৱাৰী ২০০৫
১৪.
কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস, বৰছিং ৰংফাৰ, ফু ফু পাব্লিকেশ্বনছ্, ডিফু, প্ৰথম প্ৰকাশ
জানুৱাৰী ২০০৫ চন
১৫. পাৰ্বত্য বাৰ্তা, অজিত বসুমতাৰী,
ঐতিহ্য প্ৰকাশন, হাওৰাঘাট, প্ৰথম প্ৰকাশ অক্টোবৰ ২০০৬ চন
১৬. ৱ’থাতলাংছ’, স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভাৰ
ষষ্ঠ বিশেষ বাৰ্ষিক অধিৱেশন, ১-৪ ফেব্ৰুৱাৰী ২০১০, ছেৰদিহুন আক্লাম, কাৰবি আংলং, অভ্যৰ্থনা
সমিতিৰ দ্বাৰা প্ৰকাশিত, সম্পাদকদ্বয় বসন্ত দাস আৰু ছাৰএৎ হাঞ্চে
১৭. Sengkai, Silver Jubilee
Celebration, Basic Training Centre, Diphu, 20-22 December 2012, Editor Dhonsing
Timung
১৮. Mukak Alir, ৰামধেনুৰ
ৰং, 1st
Assam Ethnic Festival, 13-15 March 2015, KPH Taralangso, Diphu, Editor-in-chief
Dharamsing Teron
১৯. কাৰবি জাতিৰ উত্তৰণ, ৰেকিবুদ্দিন
আহমেদ, সুভদ্ৰা প্ৰকাশন, মঙলদৈ, প্ৰথম প্ৰকাশ মে’ ২০১৫
২০. লংকাম টেৰণ, জীৱন আৰু কৃতি,
সম্পাদক পৱিত্ৰ বৰা, ডিহুন, গুৱাহাটী-৩, প্ৰথম প্ৰকাশ ডিচেম্বৰ ২০১৫
২১. জাতিংগা আৰু অন্যান্য, মঙ্গলছিং
ৰংফাৰ, আংগিক প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ নৱেম্বৰ ২০১৬
২২. কাৰবি আংলঙৰ সম্ভাৱনাপূৰ্ণ পৰ্যটন ক্ষেত্ৰ, অজিত বসুমতাৰী,
ঐতিহ্য প্ৰকাশন, হাওৰাঘাট, প্ৰথম প্ৰকাশ নৱেম্বৰ ২০১৬ চন
২৩.
স্মৃতি ৰোমন্থন (মোৰ চাকৰি জীৱনৰ), দেৱকান্ত দলৈ, শ্ৰীমতী কুঞ্জলতা দলৈ, ৰং ক্লিৰদাপ,
ডিফু, প্ৰথম প্ৰকাশ ২০১৭ চন
২৪. কাৰবি লোককৃষ্টিত মাণিক সন্ধান,
দেবেন গগৈ, গ্ৰন্থম, ডিফু, প্ৰথম প্ৰকাশ ২০১৮
ইণ্টাৰনেটৰ সূত্ৰসমূহ…
https%++appdclxpowerxuneecopscloudxcom+sites+default+files+porlets+Summary)20Reportxpdf
No comments:
Post a Comment