পৰ্বতে ৰিঙিয়াই…
ভাদমহীয়া উজ্জ্বল ৰ’দজাকত জল্মলাই উঠিছে
সৌৱা পৰ্বত খনবামন৷ পথ দূৰত্ব, মোৰ আন্দাজ, ডিফু-মাঞ্জা হৈ অকাই-পকাই ৩০-৩৫ কিল’মিটাৰৰ কম নহ’ব৷ এৰিয়েল ডিচটেঞ্চ
কিন্তু তাতোকৈ বহুগুণে কম হ’ব৷ ফট্ফটীয়া সৌৰৰশ্মিত জিলিকি উঠিছে পাহাৰলানিৰ বক্ষস্থল,
আকৰ্ষণীয় ৰূপত৷ প্ৰকৃতিৰ এনেকুৱা মায়াময় ৰূপ-লাৱণ্যই মনটো মুহূৰ্ততে চঞ্চল কৰি
তোলে মোৰ৷ দেখিলেই জাঁপ মাৰি উঠোঁ৷ এনেহে লাগে, যেন এইমাত্ৰ উৰি গৈ পৰিমগৈ তাত৷
আকৌ এবাৰ হেৰাই যাম, বিচৰণ কৰিম নাম নজনা অৰণ্যানীৰ মাজত৷ চাফাপানীৰ অন্বেষণত গৈছিলোঁও এবাৰ,
খনবামনৰ বুকুলৈ৷ সেয়া ইতিমধ্যে লিখি জনোৱা হৈছেই ‘অকব’ৰ দেৱালত, ফটোগ্ৰাফসহ৷
পৰ্বত খনবামন, ডিলাই পৰ্বত,
মহামায়া, নুৰাক, ৰেংমা হিল্ছ... এইবিলাক আমাৰ নিজৰ জিলা কাৰবি আংলঙৰ সৰু-বৰ পৰ্বত-পাহাৰ৷
এইবোৰলৈ গৈছোঁ, ঘূৰি আহি ‘অকব’ত উপস্থাপনো কৰিছোঁ৷ আৰু আছে কতনা পৰ্বত-পাহাৰ৷ উচ্চতাৰ লেখেৰে সিংহাসনৰ স্থান তালিকাখনৰ সবাতোকৈ ওপৰত থাকিব৷ কিতাপত পোৱা সেই ডিফু মহকুমাৰ ৰুই-ইক্পি, দেংছে, থান্আক,
ছামছিৰ, ইংলংকিৰি, ফুচিম, ধেণ্টা পাহাৰ, পাৰ্কুপ পাহাৰ, পাকলংকাম, ইংলং পাৰ্পান,
বিন্হুম, মিছ’লংজন, তিকক্ পাহাৰ৷ হামৰেণ মহকুমাৰ টিকা পাহাৰ, ছ’চেং, মিন্দাৰ, আর্হাং
লংজন, বৰপো, লেংচেং, লিন্চিকা, তিৰ্কিম, ছুমুপং, ছুমুপে, ৰংহাং ৰংবং, হামৰেণ,
তিছ’ আংলং, নক তেৰাং, ক’কা, লবংকেংতং, চেক্ছ’ পাহাৰ, মুলংফাক, লংপাই,
মুজং পৰ্বত, লামা, হিংৱ’কেক, দেংদিত, চেলেং, মাজং৷ বোকাজান মহকুমাৰ ৰুথে, বুঢ়া পাহাৰ,
ছক্ফে-এ, বিথিফাং৷ কিমানযে আছে আমাৰ জিলাখনত! কথা হ’ল, কেতিয়ানো বগামগৈ এই সকলোবোৰ? এসময়ত ভৰি
নচলা হ’ব৷ দেহাই নটনা হ’ব৷ চকুৱেও কৰিব অসহযোগ৷ সময়ে সমৰ্থন নকৰিব৷ আৰু এদিন,
জীৱনটোৱেই যাবগৈ! আশে-পাশে কি আছে তাকো চোৱাই নহ’বচোন৷ চিন্তাজনক কথা৷ হেনজানি
কাৰো নাম নোলোৱাকৈ আনকো ক’বৰ মন যায়... যোৱানা ভাই, উঠাগৈচোন যিকোনো
এখন পাহাৰত৷ নিৰ্জন জংঘলত এনিশা কটাই চোৱা৷ অৰণ্যৰ অভ্যন্তৰৰ স্বাদ লোৱা৷ জলপ্ৰপাতৰ
সৈতে কথা পাতা৷ শাৰীৰিক-মানসিকভাৱে নিজকে সবল আৰু দৃঢ় কৰি তোলা৷ (ব্ৰেণ্ডেড
কাপোৰ-জোতা, ৰজনীগন্ধা-তুলসী, ম’বাইল ফোনটোলৈ খং উঠি যায়৷ এইকেইটাই সব কিছু নহয়তো ভাই৷)
টিলাটোৰ ওপৰত উঠাৰ সময়তে ফট্ফটীয়া
দৃশ্যটো আকস্মিকভাৱে মোৰ দুচকুৰ সন্মুখলৈ অাহিল৷ স্কুটীখন লগে লগে ৰখাই দিলোঁ৷ ঠাইতে
থমকি ৰৈ প্ৰসাৰিত দৃষ্টিৰে গভীৰভাৱে মনোনিৱেশ কৰি আছোঁ, দূৰৰ পাহাৰৰ বক্ষত৷
যেনি-তেনি ডাৱৰ ওলমি ৰোৱা, এছোৱা নীলা হৈ থকা আকাশখনেও দৃষ্টি কাঢ়ি নিছে৷ পাহাৰ আৰু
আকাশৰ যুগলবন্দীয়ে দৃশ্যপট এৰি যাবলৈকেচোন নিদিয়েহে নিদিয়ে! লাগি ধৰিলোঁ তাতে৷
পাহাৰ আৰু আকাশ৷ উভয়ৰে বৰণ নীলা
দেখা গৈছে৷ চায়ান আৰু মেজেণ্টাৰ পাৰ্চেনটেজহে বেলেগ বেলেগ হ’ব৷ আকাশখনৰ ক্ষেত্ৰত য়েল্ল’ আৰু ব্লেকৰ পাৰ্চেনটেজ শূন্য হ’ব পাৰে৷ পাহাৰৰ ক্ষেত্ৰত কিন্তু এই দুই ৰঙৰো কিছু কিছু পাৰ্চেনটেজ থাকিব৷ (ফটোশ্বপ জনা মানুহে ৰঙৰ এই ধাৰণাটো সহজে হৃদয়ংগম কৰিব৷)
হাতত মোৰ কেমেৰা নাই৷ (মৰমৰ
কেমেৰাটোৰ কিবা এটা হ’ল৷ এজনে চাই-মেলি ক’লে, শ্বাটাৰ প্ৰব্লেম৷ আন এজনে ক’লে, বেটাৰী ঢুকাল৷ নাজানো৷
অন্-অফ্ বাটনটোৱে খেলিমেলি কৰা হৈছে৷ সহজে অন্ নহয়৷ কেনেবাকৈ অন্ হ’লে অফ্ নহয়৷) সেই কাৰণেই
এতিয়া কাকো মনমোহিনী দৃশ্যটোৰ স্থিৰছবি দেখুৱাব নোৱাৰোঁ৷ ফটোহীন প’ষ্ট মোৰ নিজৰে ভাল
নালাগে৷ ফটোৱে সঁচা-মিছা চব কৈ দিয়েযে৷ লেখা কথাখিনিৰ সৈতে প্ৰমাণ এটা থাকে৷ এতিয়া লগত
দিব পৰা একো প্ৰমাণ নাই৷ মানিলে ধান, নামানিলে পতান৷
ঘাই কথা, পৰ্বতৰ ৰিং শুনি যাবলৈ
মনটো লক্লকালেই নহয়৷ গৈ আছোঁ আকৌ এবাৰ৷ ক’লৈ যাম, লগত কোন, গৈ কি
পালোঁ, কি চালোঁ, কি বুজিলোঁ... গোপন যাত্ৰাটোৰ সবিশেষ উভতি আহি ক’ম৷ তেতিয়ালৈকে ৰহস্য৷
ভ্ৰমণৰ থিমটো বাৰু কৈ যাওঁ... 'এক্চপ্ল'ৰ কাৰবি আংলং'৷
No comments:
Post a Comment