Saturday, 29 June 2019



হামায়া পাহাৰলৈ গৈছিলোঁ

('Explore Karbi Anglong' শীৰ্ষক নিজস্ব Themeৰ অন্তৰ্গত)

৷৷এক ৷৷

ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰাজু গগৈ ছাৰে গাড়ী এখন কিনিছে৷ চালক হিচাপেও তেওঁ নতুন৷ এদিন হঠাতে বাটতে মোক লগ পাই চিধাই প্ৰস্তাৱ এটা দিলে, মহামায়ালৈ যাম কাইলৈ৷ যাব নেকি? বলক৷
মোৰ অভ্যাসটো এনেকুৱা যে নোযোৱা বা নেদেখা জেগালৈ কোনোবাই লগ ধৰিলেই হল৷ ৰৈ থকাত নাই৷ কাম-ধাণ্ডা মাৰ গুলী৷ সেইবোৰ হৈ থাকিব৷ ভ্ৰমণপ্ৰসূত জ্ঞান জীৱন্ত আৰু মূল্যযুক্ত বুলি জ্ঞানীজনে কৈ থৈছে৷ ই মানুহৰ চিন্তাধাৰা গাঢ় আৰু বিচিত্ৰ কৰি তোলে৷ তত্ত্বকথাৰ সিমান ভু-ভটং নাপাওঁ যদিও এনেকুৱা সংলাপবোৰৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত, উত্তেজিত আৰু লগতে নিজৰ স্বভাৱটোৰ একান্ত বশৱৰ্তী হৈয়ে এতিয়াও গগৈ ছাৰক পজিটিভ এন্‌চাৰ দি দিলোঁ, ব, যাম৷ কেইবজাত ওলাব লাগিব কওক৷
কাইলৈ পুৱা ৮ বজাত৷
ঠিক আছে৷’ 
পিছদিনাখনৰ বাবে কথা বান্ধি দুয়ো এৰা-এৰি হলোঁ৷

৷৷দুই ৷৷

১৫ ছেপ্টেম্বৰ, চন ২০১২৷
যথাকথা, গগৈ ছাৰ হুৰমূৰাই আমাৰ ঘৰত হাজিৰ৷ চকুত চকু পৰা মাত্ৰক সুধিলোঁ, আপোনাৰ গাড়ী কত? মই ৰেডী৷
আগত আছে৷ বলক৷
সৰু কেমেৰাটো সাউতকৈ পেণ্টৰ পকেটত ভৰাই উলাহেৰে ওলাই আহিলোঁ, মুকলি আকাশৰ তললৈ৷ ওঁঠত গীতৰ শাৰী এটা৷
বগাৰঙী ইয়ন মেগনাখন চাৰিআলিত বাঁওহাতে থকা ডিফু টাউন প্ৰাইমেৰী স্কুলৰ সন্মুখত অৱস্থানৰত৷ চিৰিকেইটা বগাই তলৰ পৰা ৰাস্তালৈ উঠি অহাৰ লগে লগেই স্পষ্ট হ৷ নতুন চালক৷ গাড়ী ঘূৰোৱাত হাত এতিয়াও পকি উঠা নাই৷ হেন জানি ভাবি-চিন্তি গাড়ীখন ৰাখিছে মূল পথৰ দাঁতিত, লক্ষ্য অভিমুখীকৈ, আমাৰ ঘৰৰ পৰা এক ফাৰ্লংমান নিলগত!
ষ্টিয়েৰিং ধৰা মাহ হোৱাই নাই৷ স্থূল অবয়ৱৰ মানুহজনে তৎসত্ত্বেও সাহসযে কৰিছে, অকোৱা-পকোৱা বাটেৰে ৭০-৭৫ কিলমিটাৰ আঁতৰৰ মহামায়ালৈ নিজে চলাই যাবলৈ! এইটোহে সবাতোকৈ ডাঙৰ কথা৷ আৰু আমিও মৰসাহস গোটাইছোঁ, নতুন চালকৰ সংগী হবলৈ৷ দুৰ্ঘটনা, আঘাত, মৃত্যু আদি ভয়ংকৰ শব্দবোৰ এটাও মনলৈকে অহা নাই৷ মহামায়া পাহাৰৰ কৌতূহলত নে শ্ৰীশ্ৰীমহামায়াৰ কৃপাত নাজানো৷
দীৰ্ঘ-দূৰত্বলৈ এয়ে হব ডক্টৰ গগৈ ছাৰৰ জীৱনৰ প্ৰথম গাড়ীচালনা৷ লং ড্ৰাইভৰ জল্পনা-কল্পনাত ভিতৰি এক ধৰণৰ উত্তেজনাৰে সদ্যহতে ভীষণ সক্ৰিয় হৈ থকা যেন লাগিছে ছটফটীয়া মানুহজনক৷ লগত আৰু কোন কোন আছে গম নাপাওঁ৷ তেৱোঁ কোৱা নাই, ময়ো সোধা নাই৷ দুয়ো কথা পাতি পাতি খৰ খোজেৰে আহি আহি গাড়ীৰ কাষ চাপিলোঁ৷ দেখোঁ যে ভিতৰত এখন চিনাকি মুখ! দহেশ্বৰ দৈমাৰী৷ কলেজখনৰ উচ্চ বৰ্গৰ সহায়ক৷ তদুপৰি বহি আছে দুজন একেবাৰে অচিনাকি নৱাগত৷ ৰবীন্দ্ৰ শৰ্মা আৰু নৱ কুমাৰ দাস৷ ডিফু কলেজতে ক্ৰমে জাৰ্নেলিজম আৰু টুৰিজম বিভাগৰ নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকদ্বয়৷ যাত্ৰাৰ আৰম্ভণিতেই চিনাকি হৈ ললোঁ৷ তেতিয়াহে মন মুকলি হব, যাত্ৰাপথছোৱা আমেজভৰা হব আৰু প্ৰত্যেকৰে ভাল লাগিব৷



৷৷ তিনি ৷৷

দৈমাৰী, দাস আৰু মই পাছৰ চিটত বহিছোঁ৷ গগৈ ছাৰে ইঞ্জিন ষ্টাৰ্ট দিলে৷ সমসাময়িকভাৱে সোঁহাতখনেৰে প্ৰথমে ষ্টিয়েৰিং হুইল আৰু তাৰ পাছত নিজৰ কপালখন এবাৰ চুলে৷ লাহে লাহে আগ বাঢ়ি গল নতুন বাহন, পেটৰ ভিতৰত নতুন চালক আৰু নতুন যাত্ৰীক সামৰি৷ সাৱধানতা প্ৰথম কথা৷ ৰিয়েৰ ভিউ মিৰৰ যথাস্থানত লাগি আছে যদিও আমি প্ৰতিজনেই যৎপৰোনাস্তি অহৰহ শেনদৃষ্টি ৰাখি গৈছোঁ সোঁৱে-বাঁৱে, পাছে-আগে৷ আৰম্ভণিতে ড্ৰাইভাৰ ছাৰৰ অকণমান খকামকা নলগা নহয়৷ বহুতৰে হোৱাৰ দৰে এক্সেলাৰেটৰত পহিলা হেঁচাটো প্ৰয়োগ কৰাৰ মুহূৰ্ততে ভোঁকৈ আগুৱাই গুচি গৈছিল৷ সময়ান্তৰত ভৰি-হাতকেইটা সন্তুলিত আৰু বাহনখন নিয়ন্ত্ৰিত হল যেনিবা৷ বাকীসকলৰ কথা নাজানো, ধী-ধিনি এটা বুকুত মোৰ আদিতে লাগি আহিছিল যদিও যাত্ৰাসুখ ক্ৰমান্বয়ে বৃদ্ধি পোৱাত কোন টলকতনো সেয়া কেনি উৰি গল কব নোৱাৰোঁ৷
গতি লেহেমীয়া যদিও কতো নোৰোৱাকৈ ১৬ কিলমিটাৰ চলাই আনি গগৈ ছাৰে সুকলমে আমাক মাঞ্জা তিনিআলি পোৱাই দিলে৷ তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিলোঁ৷ এতিয়া ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাঁৱে আগ বাঢ়িছোঁ৷ ইয়াৰ পৰা ৪০ কিলমিটাৰ আগত বকলীয়াঘাট৷ শামুকীয়া অগ্ৰগতিৰে গাড়ীখন গৈ থাকিল৷ সদ্যহতে সন্মুখত পৰ্বত খনবামন আৰু সিংহাসনৰ পাদদেশৰ অকোৱা-পকোৱা উঠা-নমা পথছোৱা৷
কাৰবি লোক-গীতত পৰ্বত-পাহাৰ, নদ-নদী, গছ-গছনিৰে মনোৰম অঞ্চলটোৰ বিষয়ে অংকিত হৈ আছে৷ গীতত কৈছে... লিদ পৰ্বত খনবামন/একমজিৰ ইংলং আৰ্পং/আংবং কিকিম ৰংমাৰ্জং/জিলন্‌ তাং বলন দ অং৷ অৰ্থাৎ, আমি খনবামন পাহাৰত থাকোঁ/আমাৰ চাৰিওফালে পাহাৰে আৱৰি আছে/মাজত শাৰী শাৰীকৈ আমাৰ গাঁওবোৰ সজোৱা আছে/চোৱা, কিমান ধুনীয়া আমাৰ গাঁওবোৰ৷ আন এঠাইত পঢ়িবলৈ পাইছিলোঁ... খনবামন আংলং আংবং/নাংদ জাল কাংজাদং/ছামফ্ৰি ৱাংপেন চি আংবং/ৱতেক বাং ৱ আছং/ৱছিক তাংব’  অং৷ অৰ্থাৎ, খনবামন পাহাৰৰ মাজত থকা বিশাল হ্ৰদটো বৰ ধুনীয়া৷ ৰাতিপুৱাৰ পৰা গধূলিলৈ জাক জাক হাঁহ আৰু চৰাই-চিৰিকটিয়ে তাত জলকেলি কৰে৷ চৰাই-চিৰিকটিয়ে পানী পি খোৱাৰ দৃশ্য অতি মনোৰম৷
মন কৰিবলগীয়া যে খনবামন-সিংহাসনৰ জয়াল অভ্যন্তৰলৈ আজিও সৰহ মানুহ গৈ পোৱা নাই৷ এক কথাত কবলৈ গলে এক্সপ্লৰ হবলৈ এতিয়াও অনেক বাকী৷
ৰাজমাৰ্গেৰে লংনিত-শিলভেটাৰ কেঁকুৰিৰ পাছত কেঁকুৰি ধীৰে-সুস্থে অতিক্ৰম কৰাৰ অন্তত বকলীয়াত হোটেল এখনৰ সন্মুখত বাহনখন স্থিৰ হল৷ হাঁহি-মাতি আটায়ে চাহ-পুৰী, ৰসগোল্লা ইত্যাদি খালোঁ৷ চকা আকৌ ঘূৰিব ধৰিলে৷ চালকৰো কনফিডেন্স বাঢ়ি অহা যেন লাগিল৷
আকাশখন ডাৱৰাচ্ছন্ন৷ দুকাষ আৰু সোঁমাজত বগা আঁচ পৰা বহল মসৃণ পথ৷ দুয়ো পাৰে সেউজীয়া পথাৰ৷ দূৰলৈ পাহাৰৰ লানি৷ সুন্দৰ অৱস্থানবোৰৰ আকৰ্ষণ নেওচিব নোৱাৰি এবেলি আদবাটতে ছাৰে ব্ৰেক্‌ মাৰি দিলে৷ ফটো চেছন চলিল৷ তাৰ পাছত পুনৰ যাত্ৰা৷ প্ৰায় ১১ বজাত ডকমকাৰ সমীপ পালোঁহি৷ কিলমিটাৰ হিচাপত বকলীয়া-ডকমকাৰ দূৰত্ব ২৮ কি ২৯ হব৷ মাজত হাওৰাঘাট তিনিআলি, চেণ্টাৰ, তাৰাবাছা, ফুলনি, লাংহিন আদি নাতিবৃহৎ জেগাবোৰ৷ নামসমূহৰ উৎপত্তিৰ পৃষ্ঠপটত সামান্যকৈ হলেও কিছু কিছু কথা নথকা নহয়৷
ডকমকা টাউনত নোসোমাওঁতেই ৰাষ্ট্ৰীয় পথটোৰ দাঁতিতে বাঁওহাতে ১৬ বিঘা মাটিকালিৰে থং নক্‌বে কলেজ৷ প্ৰতিষ্ঠা ১৯৮৪ চন৷ শিক্ষানুষ্ঠানখনৰ পাছফালে থকা পাহাৰখনৰ নামেই মহামায়া পাহাৰ৷ চাৰিকোণীয়া পাহাৰখন বহুত আঁতৰৰ পৰাই দেখা গৈ থাকে৷ প্ৰায় ৩ বৰ্গ কিলমিটাৰ জুৰি থকা মহামায়া আংলঙক এটা ত্ৰিভুজাকৃতিৰ শিলাখণ্ড বুলিও কোনোৱে কয়৷ ওপৰত থান এখন আছে৷ আৰু কি ৰহস্য লুকাই আছে নিজে নুঠিলে জনা নাযায়৷ গতিকে মোৰ বাবেও সেয়া অজ্ঞাত৷ তাকে লৈ আজি পৰ্যন্ত কৌতূহল এসোপা বুকুত লৈ আছোঁ৷ আৰু তাৰে প্ৰতিক্ৰিয়াস্বৰূপে এতিয়া মহামায়াৰ যিমানেই কাষ চাপিছোঁ, সিমানেই অনুসন্ধিৎসাৰ মাত্ৰাটো অস্বাভাৱিক হাৰত বৃদ্ধি পাব লাগিছে৷
কাৰবিসকলৰ মাজত জনশ্ৰুতি প্ৰচলিত আছে যে তেওঁলোকৰ জাতীয় বীৰ থং টেৰণ অৰ্থাৎ থং নক্‌বেই মহামায়া পাহাৰত একালত বিচৰণ কৰি ফুৰিছিল৷ মহামায়াৰ শিলৰ বুকুত উদ্ধাৰ হোৱা প্ৰকাণ্ড জোখৰ বাঁওভৰিৰ চাপটো থং নক্‌বেৰ আছিল বুলি বিশ্বাস কৰা হয়৷ প্ৰতিপক্ষৰ লগত হোৱা যুদ্ধত অসামান্য বীৰত্ব দেখুওৱা উক্ত বীৰপুৰুষজন এসময়ত জয়ন্তীয়া ৰজাৰ প্ৰধান সেনাপতি হৈছিলগৈ৷ কাৰবিসকল জয়ন্তীয়া ৰজাৰ অধীনস্থ হৈ থকা কালত জয়ন্তীয়াই কাৰবিৰ ওপৰত বৰ অত্যাচাৰ চলাইছিল৷ সেই অত্যাচাৰৰ প্ৰতিবাদ কৰি বীৰ থঙে জয়ন্তীয়া বিষয়াবিশেষক হত্যা কৰিছিল৷ তেতিয়া জয়ন্তীয়া ৰজাই থঙক ধৰাই নি অজগৰৰ আগত পেলাই দিয়ে৷ থঙে অজগৰক হত্যা কৰি পেলায়৷ সাহস দেখি ৰজাই তেওঁক মুখ্য সেনাধ্যক্ষ পাতিছিল৷ প্ৰকাশ যে জয়ন্তীয়াসকলেই পাছত ষড়যন্ত্ৰ কৰি থং নক্‌বেক হত্যা কৰিছিল৷
আনহাতে, একালত মধ্য কাৰবি আংলঙৰ এই ডকমকা অঞ্চলৰ পৰা পশ্চিম কাৰবি আংলঙৰ টিকা পাহাৰলৈকে বিস্তৃত ভূখণ্ডত কাৰবি ৰজাসকলে শাসন চলাইছিল বুলি পঢ়িবলৈ পোৱা যায়৷ মুখ বাগৰি অহা কথামতে ডকমকাৰ প্ৰকৃত নাম আছিল ডংমুকাক বা মুকাক আদং৷ কাৰবি ভাষাত মুকাক মানে ৰামধেনু, দং মানে জান বা জুৰি৷ ডংমুকাকৰ অৰ্থ ৰামধেনুৰ আকৃতিৰ জান৷ মানুহৰ মুখত মূল উচ্চাৰণৰ কালক্ৰমে পৰিৱৰ্তন ঘটি ঠাইখিনি ডকমকা নামে জনাজাত হৈ পৰিল৷ আমি ডকমকা পালোঁহি৷
থং নক্‌বে মহাবিদ্যালয় অতিক্ৰম কৰাৰ পাছত চহৰাঞ্চল নুচুওঁতেই সোঁহাতে ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, খ্ৰীষ্টজ্যোতি ইংলিছ স্কুল আদি৷ বিপৰীতে, বাওঁহাতে পথাৰৰ মাজেদি সোমাই গৈছে শিলগুটি দিয়া ৰাস্তা এটা৷ মহামায়া থানলৈ এইফালেদিয়েই যায়৷ চাইনবৰ্ড অৱশ্যে নাই৷ কৌতূহলী পৰ্যটককেইজনক লৈ গাড়ীখন আগুৱাই যাব ধৰিলে, গগৈ ছাৰৰ নিয়ন্ত্ৰণত৷



৷৷ চাৰি ৷৷
পাৰ্বতীৰ আন এটা নাম মহামায়া৷ জনশ্ৰুতিমতে মহামায়াই শিৱৰ ৰূপত ভোল গৈ তেওঁক পতি হিচাপে পাবৰ কাৰণে ডকমকাৰ ওচৰত থকা এই পাহাৰখনত কঠোৰ তপস্যা কৰিছিল৷ শিৱই সন্তুষ্ট হৈ পাৰ্বতীক পত্নী ৰূপে গ্ৰহণ কৰিছিল৷ তেতিয়াৰ পৰা দেৱী পাৰ্বতীৰ মহামায়া নামানুসাৰে এই পাহাৰক মহামায়া পাহাৰ বুলি জনা যায়৷ পাহাৰখনৰ শিখৰত আছে পুৰণিদিনীয়া ইটাৰে নিৰ্মিত দেৱী মহামায়াৰ মাহাত্ম্যপূৰ্ণ মন্দিৰ৷ মন্দিৰটো হেনো দেৱস্থপতি বিশ্বকৰ্মাই নিজে সাজিছিল৷ তালৈ নিয়মিত অনেক ভক্ত পূজা-সেৱা কৰিবলৈ পাহাৰ বগাই যায়, আহে৷ ভাবি আনন্দ লাগিছে যে আমিও বগাম আজি মহামায়া পাহাৰ৷
আমি যিফালেৰে উঠিম, সেইফালে পাহাৰৰ নামনিত থকা কাৰবি গাঁওখনৰ নাম হাঞ্চে আৰং৷ হাঞ্চে আৰং অৰ্থাৎ হাঞ্চে গাঁও চুই থকা কেঁচা ৰাস্তাটোৰে বাঁওফাললৈ সোমাই যাওঁতেই গছ-বিৰিখৰ লগতে চকুৰ সন্মুখলৈ আহিল শিলাময় এলেকা৷ গাড়ীখন একোপধ্যে আৰু আগলৈ নাযাব৷ ইয়াকে বুজি গগৈ ছাৰে একাষে ৰাখি ষ্টাৰ্ট বন্ধ কৰি দিলে৷ সকলোটি নামি দিলোঁ৷ জুম পাতি ৰৈ আগ-পাছ ভাবি চোৱা হল৷ যাবৰ পৰত সুবিধা হবৰ কাৰণে বাহনখন এতিয়াই ঘূৰাই থোৱা উচিত৷ নহলে পাছত অসুবিধা ব পাৰে৷ সমূহীয়া ইচ্ছা আৰু নিৰ্দেশনাত গগৈ ছাৰে কথাটো মানি ললে৷ তেওঁ পুনৰবাৰ আসনত বহিলগৈ৷ হোণ্ডে ইয়নখন পশ্চিমমুৱাকৈ থলে৷ তাকে কৰোঁতে সময় কিছু ব্যয় হল অৱশ্যে৷ নতুন চালকৰ প্ৰেক্টিকেল এটাও হল৷ স্বস্তিৰ দীৰ্ঘনিশ্বাস এৰাৰ লগতে সাফল্যৰ হাঁহি এমোকোৰা ওঁঠত বিৰিঙাই এটা সময়ত চালকজন বীৰদৰ্পে নামি আহিল৷
এতিয়া ওপৰলৈ খোজ লব লাগিব৷ ৫জনীয়া দলটোৰ পদচালনা আৰম্ভ হল৷ ডাঙৰ ডাঙৰ শিল কিছুমানৰ মাজে মাজে আনন্দ-উৎসাহেৰে সদলবলে ক্ৰমান্বয়ে উঠি গৈ আছোঁ৷
হাবিতলীয়া বাট এটা পোনে পোনে গৈছেগৈ৷ সেইফালেই শ্ৰীশ্ৰীমহামায়া থান৷ মাঘ মাহত থানখনত বিস্তৃতভাৱে আৰু ধুমধামেৰে মাঘী পূৰ্ণিমা মেলা অনুষ্ঠিত হয়৷
চিধাই থানলৈ নগৈ আমি প্ৰথমে সোঁহাতে সোমাই যাবলৈ মনস্থ কৰিলোঁ৷ ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ এইফালে, মহামায়াৰ শিলাময় পাদদেশত কাৰবি ভক্তিতম ট্ৰাষ্ট (কে.বি.টি.)ৰ উদ্যোগক্ৰমে মহামায়া কাৰচ অৰ্থাৎ মহামায়া বন্দনাৰ আয়োজন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি আজি অন্তিম তিথি৷ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে ধৰ্মীয় সংগঠনটোৰ সাধাৰণ সম্পাদক তথা ভাতৃপ্ৰতিম বন্ধু দেউৰী ৰংপি, লংকামাৰ কিলিং, দেবেন তিমুংহঁতৰ সৈতে বিগত সপ্তাহত এবাৰ অহাৰ সুবিধা পাইছিলোঁ৷ চৰজমিন ক্ষেত্ৰ-পৰিদৰ্শন কৰি গৈছোঁ৷ এতিয়া যেনি-তেনি দেখিবলৈ পাইছোঁ বতাহত দুলি থকা ভিন্নৰঙী পতাকাবোৰ, পথ নিৰ্দেশনাৰ ৰূপত বাটৰ দুকাষে বান্ধি ৰখা চূণ-সনা বাঁহবোৰ৷ মাইকত ৰিণি ৰিণি ভাহি অহা ভক্তিগীতৰ আৱাজ শুনি অনুষ্ঠান চলি থকা দিশলৈকে পোনাই দিলোঁ, ৰেহ-ৰূপ প্ৰত্যক্ষ কৰি যাওঁ বুলি৷ সৰ্বোপৰি, চিনাকি মানুহ কিছুমানকো তাত লগ পোৱা যাব বুলি নিশ্চিত
মহামায়াৰ এঢলীয়া নামনি অংশত গছ-বিৰিখৰ আৱেষ্টনিত পৰিৱেশটো  আশ্ৰমসদৃশ৷ পৰম্পৰাগত সাজত চং-নক্‌ (ঢাল-তৰোৱাল) হাতে হাতে লৈ চেং-চেংবুৰূপ (বৰঢোল-সৰুঢোল) বজাই বজাই পুৰুষ-মহিলা শোভাযাত্ৰাকাৰীসকল তলফালৰ পৰা উঠি ওপৰলৈ আগুৱাই আহিছে৷ পাই (আই) ভক্তিতম অম্বিকা টকবিপীকো তাৰ মাজতে দেখা পালোঁ৷ মঞ্চৰ সন্মুখত মুকলি ঠাই এটুকুৰাত ঢোল আৰু হাত চাপৰিৰ তালে তালে ঢাল-তৰোৱাল নচুৱাই নচুৱাই ডেকাদলৰ সমূহীয়া গীতৰ অনুশীলন চলিছে৷ অলপ পাছত মুকলি সভা অনুষ্ঠিত হব৷ আলহীসকল দুই-এজনকৈ আহিব ধৰিছেই৷ বন্ধুবৰ, লেখক-ৰাজনীতিক বিদ্যাছিং ৰংপিক পালোঁ৷ চিনাকি আৰু কেইবাজনৰো সাক্ষাৎ লাভ হল৷ সকলোৰে শৰীৰত পৰম্পৰাগত সাজ৷ বৈশিষ্ট্যপূৰ্ণ চই (দহিকটা হাতখঁৰা চোলা), ৰিকং (আঁঠুমূৰীয়া ফুলাম কৌপিন), পহ’ (পাগ)৷ কোনো কোনোৰ কান্ধত জাম্বৰং (কাপোৰৰ মোনা)৷ মহিলাসকলৰ আটাইৰে গাত স্বকীয় সাজপাৰ, আ-অলংকাৰ পিনি-পেকক-লেকসিকি ইত্যাদি৷ চুলি ঢকাকৈ গামোচা বা গামোচাজাতীয় কাপোৰ একোখনো মেৰিয়াইছে৷
প্ৰকাণ্ড বংক্ৰক (তিতালাওৰ খোলা) এটা মূৰত লৈ ধনছিং টেৰণ ওৰফে পংছি (বাঁহী) আগুৱাই গৈছে৷ আগে আগে যোৱাজনৰ দুহাতৰ তলুৱাত তুলহী (তুলসী)সহ সোণালী ৰঙৰ সৰু বংক্ৰক এটি৷ চাপৰি বজাই গীত গাই গাই পাছে-পাছে অনেক মুনিহ-তিৰোতা, ডেকা-ডেকেৰী
অলপ পাছতে দেখিলোঁ, চাৰিজন ডেকাই কাঠেৰে নিৰ্মিত সুসজ্জিত থাপনা এখন তলৰ পৰা কঢ়িয়াই আনিব ধৰিছে৷ মঞ্চৰ সোঁকাষে থাপনাখন পাতি বংক্ৰকটো সসন্মানে প্ৰতিষ্ঠা কৰিলে৷ পাই ভক্তিতমে হাতত মাইক্ৰফোন লৈ বন্দনা-গীত জুৰি উপাসনা কাৰ্য ইতিমধ্যে আৰম্ভ কৰিয়ে দিছিল৷



৷৷ পাঁচ ৷৷

হেম হেম নাং নাং নাং / হেম্‌ফু নাং নাং নাং...
শৃংখলাবদ্ধভাৱে এঠাইত গছৰ তলত শাৰী পাতি অৱস্থান কৰি আমিও সুমধুৰ বন্দনা-গীত শুনিলোঁ আৰু আপ্লুত হলোঁ৷ গায়িকাৰ মধুৰ কণ্ঠস্বৰ পাহাৰৰ শিলত প্ৰতিধ্বনিত হৈ চৌপাশ ৰজনজনাই তুলিছে৷ মহামায়াৰ বুকুত বিৰাজমান সচৰাচৰ নীৰৱ প্ৰাকৃতিক পৰিৱেশটোৱে এই মুহূৰ্তত কিবা যেন ভক্তিময়, মায়াময়, বাংময় ৰূপ পৰিগ্ৰহ কৰিছে!
বংক্ৰকটোৱে বাৰে বাৰে দৃষ্টি টানি নিছে৷ বংক্ৰক হৈছে কাৰবি সমাজ-জীৱনৰ এক এৰাব নোৱাৰা সম্পদ৷ কাৰবি কৃষ্টি-সংস্কৃতিত ইয়াৰ এক বিশিষ্ট স্থান আৰু মৰ্যাদা আছে৷ পূজা-পাতল, বিয়া-বাৰু সকলোতে নিতান্তই অপৰিহাৰ্য৷ পংছিয়ে মূৰত বহন কৰি অনা মস্ত বংক্ৰকটোৰ শীৰ্ষত থকা কলপাতৰ মেৰসদৃশ অংশটোত গুজি ৰখা হৈছে তুলসীৰ আগলি কেইটামান৷  তুলসীক কাৰবিসকলে পৱিত্ৰ জ্ঞান কৰে৷ সামাজিক জীৱনচৰ্যাত প্ৰচলিত মাংগলিক ক্ৰিয়ানুষ্ঠানত তুলসী নহলে কাৰ্য সিদ্ধি নহয়, বৰং অপৰাধ বুলিহে গণ্য কৰা দেখা যায়৷
লোক-গীত আৰু লোক-কাহিনীৰ ভিত্তিত এই প্ৰাচীন জনগোষ্ঠীটোৰ পৰম্পৰাগত তথা চহকী কৃষ্টি-সংস্কৃতিৰ উৎস স্বৰূপে স্বীকৃতি পোৱা আৰু আজিও সজীৱ তথা আদৰণীয় হৈ থকা বিভিন্ন উপাদানৰ ভিতৰত বং কেমান অৰ্থাৎ তিতালাওৰ উৎপত্তি অন্যতম আৰু মন কৰিবলগীয়া৷
তাহানি কালত কুলেং নৈৰ কাষৰীয়া মুৰিং ৰংছপীত বসতি কৰাৰ সময়ত এদিন গাঁওখনৰ মুৰব্বী ৰাং মুক্ৰাং গা ধুবলৈ বুলি ঘাটলৈ গল৷ মুখ ধুই থকা অৱস্থাত হঠাতে তেওঁৰ দাঁত এটা সৰি পৰিল৷ পানীত ডুব নগৈ উপঙি উঠা দাঁতটো তেওঁ আলফুলে ঘৰলৈ লৈ আহিল আৰু বাৰীৰ চুকত পুতি থলে৷ যথাসময়ত সেই ঠাইতে পুলি এটা ওলাল৷ দিনদিয়েক যোৱাত ই লতাৰ দৰে বগাবলৈ অাৰম্ভ কৰিলে৷ চাং এখন সাজি দিয়াত লতাডালত দুটা গুটি ধৰিলে৷ অলপমান ডাঙৰ হোৱাত স্পষ্ট হল যে তলৰ অংশটো কলহৰ দৰে, ঠাৰিডাল শেষৰ পিনে কিছু জোঙা, লাওসদৃশ৷
পূৰঠ হোৱাত গৃহস্থজনৰ পৰামৰ্শমতে পত্নী ৱেলিৰবনে লাও দুটা ছিঙি ঘাটলৈ নিলে৷ ভিতৰৰ গুটিবোৰ উলিয়াই পেলাই বালিৰে ভালকৈ ঘঁহিলে৷ খোলা দুটা ধোঁৱা চাঙত শুকুৱাই থলেহি৷ নাম দিলে বংচিন আৰু বংদাম৷
নিজৰ দাঁতৰ পৰা উৎপত্তি হোৱা হেতুকে আপোন জ্ঞান কৰি লাও দুটাক ভাই অৰ্থাৎ বং সম্বোধন ধৰা হল৷ এই লাওবিধৰ সোৱাদ তিতা৷ সেয়ে তিতালাও বোলা হয়৷ দাঁতৰ পৰা বীজ উৎপত্তি হোৱা বুলি বিশ্বাস কৰি কাৰবি লোকে আজিও এই লাও নাখায় বা খোৱা নিষেধ বুলি মানি আহিছে৷

লাও দুটা কি কামৰনো ব্যৱহাৰোপযোগী হব? এই লৈ চিন্তা-ভাবনা চলিল৷ শেষত ঘৰুৱা পানীয় দ্ৰব্য ৰখা পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হল৷ এনেকৈয়ে ই দৈনন্দিনৰ অংগাংগী হৈ পৰিল৷ এয়াই তিতালাও অৰ্থাৎ বংক্ৰকৰ উৎপত্তিৰ সংক্ষিপ্ত কাহিনী৷
ইমানপৰে কব নোৱাৰা হৈ আছিলোঁ৷ হঠাতে সম্বিৎ ফিৰি অহাত ঘড়ীলৈ মন কৰি দেখোঁ যে মধ্যাহ্ন পাৰ হৈছে৷ কে.বি.টি.ৰ মুকলি সভা আৰম্ভণিৰ যো-জা তুংগত উঠিছে৷ দেউৰী, লংকামাৰহঁত ব্যস্ত৷ সভাখন নৌ আৰম্ভ হওঁতেই মাতষাৰ দি উক্ত স্থানৰ পৰা আমি বিদায় ললোঁ আৰু আমাৰ মূল লক্ষ্য শ্ৰীশ্ৰীমহামায়া থান অভিমুখে পাঁচোজনে কৌতূহলী পদচালনা সূচনা কৰি দিলোঁ৷



৷৷ ছয় ৷৷

প্ৰথমে গছ-গছনিৰ ফাঁকেৰে চকামকাকৈ, আৰু কিছু আগ বঢ়াৰ পাছত প্ৰকাশ্যে তলৰ ডকমকাখন দুচকুত ধৰা দিলে৷ আহ্লাদিত হোৱাৰ উপৰি মাজে-মধ্যে ৰৈ ৰৈ ফটো তুলি গৈছোঁ গগৈ ছাৰ আৰু মই৷ উচ্চতাৰ পৰা তললৈ চাই চিনিবৰ চেষ্টা চলাইছোঁ, কোনফালে কি কি আছে৷ ৰাষ্ট্ৰীয় পথটো কত? ডিখাৰু নৈখন কত? ডকমকা হাওৰাঘাট পথটো, ঘাইপথৰ পৰা আমি সোমাই অহা পথটো, জলসিঞ্চন বিভাগৰ কেনেল ইত্যাদি ইত্যাদি৷ সমতলত খেতিপথাৰবোৰ৷ সমস্ত সেউজীয়াৰ পয়োভৰ৷ দূৰত জিলিকিছে নীলা পাহাৰৰ শাৰী৷ ইংলং তেৰাং, নুৰাক দি৷ আকাশত ডাৱৰ ওলমি ৰৈছে৷ হলেও বৰষুণৰ সম্ভাৱনা সদ্যহতে নাই যেন লাগিছে৷
বিহংগম দৃষ্টিপাতে কেইটামান গহীন কথা মনলৈ আনিলে৷ মাজে মাজে কাকত-আলোচনীৰ পৃষ্ঠাত পঢ়িবলৈ পাওঁ যে আমেৰিকাকে ধৰি কেতবোৰ ৰাষ্ট্ৰ কিম্বা ভাৰতবৰ্ষৰে কোনো কোনো প্ৰদেশত আজি টুৰিজিমৰ নামত কিছুমান স্থানৰ প্ৰচাৰেই সাৰ৷ গলেহে গম পোৱা যায় যে সেইবোৰত সাংঘাতিক বুলিবলৈ একো নাই৷ চৰকাৰী সা-সুবিধাৰ প্ৰয়োগ আৰু বুদ্ধিদীপ্ত ব্যৱস্থা গ্ৰহণেৰে সিবোৰক পৰ্যটন কেন্দ্ৰৰ ৰূপ দান কৰা হয়৷ আকৌ, অভিজ্ঞ মানুহে কোৱা শুনা পাওঁ যে আমাতকৈও চাপৰ পাহাৰীয়া জেগাত খোজ কাঢ়ি ওপৰলৈ যাব পৰাকৈ ঠেক পকী ৰাস্তা, ইংৰাজীত যাক ট্ৰেইল বোলা হয়, তেনেকুৱা কিছুমান সুন্দৰকৈ সাজি থোৱা থাকে৷ বগাই গৈ ভিউ পইণ্ট বোলা অৱস্থানটো পোৱাৰ পাছত দেখা যায়, চাৰিওফালে তেনেই সাধাৰণ গছ-গছনিৰে ভৰা এলেকা এটাহেসৌন্দৰ্য বুলিবলৈ একো বিশেষ নাই৷ সেইদৰে, জলপ্ৰপাত দেখুৱাৰ নামতো অনুৰূপ৷ পানী নাই৷ মানুহৰ ঘৰৰ পাছফালে জলপ্ৰপাতৰ অৱস্থান৷ এক কথাত কবলৈ গলে বিহংগম দৃষ্টিপাত কৰি আমি এতিয়া আনন্দ লৈ থকাৰ দৰে মুক্ত দৃশ্যৰাজিৰ লগত সেইবোৰ তুলনাই নহয়৷ অথচ মানুহৰ সমাগম আকৌ তাতহে বেছি৷ আমাৰ ইয়াত জনশূন্য৷ পৰ্যটক নাহে৷ প্ৰকৃতিয়ে আমাক যিখিনি দিছে তাৰ সদ্বব্যৱহাৰযে আমি যথাযথভাৱে কৰিব পৰা নাই, পৰ্যটন উদ্যোগে পৃথিৱীজুৰি আজি পোশা মেলাৰ দিনত বিস্তৰ সম্পদ হাতৰ মুঠিত থাকিও আমিযে কাৰ্যক্ষেত্ৰত সফলকাম হব পৰা নাই, তাকে ভাবি বৰ বেজাৰ লাগে আৰু খুব খঙো উঠে৷ একমত প্ৰকাশেৰে আমাৰ আলোচনা কালত ৰাজু গগৈ ছাৰো টিকচি-বিক্‌চি উঠিল৷ টুৰিজিমৰ শিক্ষক দাস ছাৰে বিশেষজ্ঞৰ গুৰু-গম্ভীৰ মন্তব্য কিছুমান দাঙি ধৰিলে৷ কথা-বতৰাৰ সমানে সমানে খোজবোৰ আমাৰ আগুৱাই থাকিল৷
মহামায়া পাহাৰৰ ওপৰত এইডোখৰ সমান ঠাই৷ মালভূমি বুলিব পাৰি৷ আগত জোৰা পুখুৰীসদৃশ দুটা জলাশয় আছে৷ সামান্য খনন কাৰ্য চলোৱাতে তাত পানী পোৱা গৈছিল হেনো৷ সেই জলাশয়ৰ পানী নুশুকায় বুলি শুনিছিলোঁ৷ পাহাৰৰ ওপৰত, তাকো কাহানিও পানী নুশুকুৱা জলাশয়৷ চাবলৈ গলে একপ্ৰকাৰ আচৰিত কথাই৷ লাহে লাহে আমি ওচৰ চাপিব ধৰিছোঁ৷ জলাশয় দুটাৰ এটাত, বাঁওফালটোত, পানী জিলিকিছে৷ আনটোত ডাঠ মেটেকানি৷ তাৰ আগলৈ পুখুৰীৰ পাৰত গছৰ ফাঁকেদি মন্দিৰৰ স্থিতিও ধৰা পৰিছে৷ শ্ৰীশ্ৰীমহামায়া থান সেয়া৷ অলপ পাছতে সদলবলে তাত উপস্থিত হম৷ সমগ্ৰ এলেকাটো ইচ্ছামতে ঘূৰি-পকি চাম৷
১২ বাজি ৩০ মিনিট পাৰ হল৷



৷৷ সাত ৷৷

মঠ-মন্দিৰসমূহৰ স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা ইত্যাদিবোৰ আমাৰ সংস্কৃতিৰ অপৰিহাৰ্য অংগ৷ মধ্যযুগত অসমত যিবিলাক তীৰ্থস্থান গঢ়ি উঠিছিল সেইবোৰক সাধাৰণতে থান বা পীঠ আখ্যা দিয়া হৈছিল৷ মহামায়া থান কাৰবি আংলঙৰ ভাস্কৰ্য-স্থাপত্যৰ ঐতিহ্য বহনকাৰী এক মানবিশিষ্ট থলী৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাতিদূৰত, মহামায়া পাহাৰৰ ওপৰত ঐতিহাসিক কাহিনী বিজড়িত, প্ৰাচীন ভাস্কৰ্য আৰু স্থাপত্যৰ নিদৰ্শনেৰে ভৰপূৰ এই থান৷ থানখনলৈ ডকমকাৰ পৰা উভতি ২.৫০ কিলমিটাৰ৷ হাওৰাঘাটৰ পৰা ১৬ কিলমিটাৰমান পূবত, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে৷
প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ আই মহামায়াৰ বিষয়ে এক প্ৰবাদ বৰ্তমানেও প্ৰচলিত৷ সেই অনুসৰি, মহাভাৰতৰ যুগত অশ্বমেধ যজ্ঞৰ সময়ত চিত্ৰাংগদাৰ পুত্ৰ বব্ৰুবাহনে ঘোঁৰাসহিত অৰ্জুনক ডিমাপুৰত বন্দী কৰি থৈছিল৷ মণিপুৰ আৰু পাণ্ডৱৰ হস্তিনাপুৰৰ মাজত কোনো সংঘাত নাই বুলি বুজনি দিয়া সত্ত্বেও নেৰিলে৷ গুৰু দক্ষিণা স্বৰূপে তৃতীয় পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিবলৈহে প্ৰস্তুত বুলিলে৷ বাতৰি পাই শ্ৰীকৃষ্ণই প্ৰাণসখাক বব্ৰুবাহনৰ কবলৰ পৰা উদ্ধাৰৰ অৰ্থে ডিমাপুৰ অভিমুখে তুৰন্তে যাত্ৰা কৰিলে৷ শ্ৰীকৃষ্ণৰ যাত্ৰাপথটি বৰ্তমানৰ ডবকা, পাৰখোৱা, চেৰাকানি, বৰগংগা, মহামায়া হৈ আছিল বুলি কথিত আছে৷ এনেকৈ আহি থাকোঁতে শ্ৰীকৃষ্ণৰ ৰথখন হেনো মহামায়াৰ সমীপ পোৱাৰ লগে লগে হঠাতে ৰথৰ ঘোঁৰা ক্লান্ত হৈ পৰিল৷ শ্ৰীকৃষ্ণ মহা চিন্তাত পৰিল৷ ধ্যানযোগে তেওঁ জানিব পাৰিলে যে ওচৰতে আই মহামায়া থান বিদ্যমান৷ যথাৰীতিৰে তেওঁ থানখন দৰ্শন কৰিলে৷ শ্ৰীকৃষ্ণৰ প্ৰতি মহামায়া সন্তুষ্ট হল আৰু অশ্ব পুনৰ স্বাভাৱিক হৈ উঠিল৷ যাত্ৰা আকৌ আৰম্ভ হৈ গল৷ এই লোক-প্ৰবাদৰ জৰিয়তে আই মহামায়া মন্দিৰ বা থানৰ মাহাত্ম্য সম্বন্ধে মানুহৰ মনোজগতত ভক্তিভাবৰ ধাৰণা বদ্ধমূল হৈ আছে৷
স্থাপত্য আৰু ভাস্কৰ্যৰ সুন্দৰ চানেকীস্বৰূপ মহামায়া মন্দিৰত প্ৰধানকৈ দেৱ-মনুষ্যৰ মূৰ্তি, জীৱ-জন্তুৰ নক্সা, শিলামূৰ্তি, শিলৰ খলপ, শিলৰ লেখ আদি পৰিলক্ষিত হয়৷ দেৱী মহামায়াৰ শিলত কটা প্ৰতিকৃতিৰ লগতে শিৱলিংগ আৰু শিৱৰ বিগ্ৰহো আছে৷ যতেই শিৱ, ততেই দেৱী কথাষাৰ ইয়াতো সিদ্ধ হৈছে বুলিব পাৰি৷
আনহাতে সঁচা-মিছা নে মুখৰোচক কাহিনী নাজানো, মহামায়া পাহাৰত ঘটা কেতবোৰ অলৌকিক আচৰণ, ঘটনা-পৰিঘটনাৰো সম্ভেদ শুনা যায় নানাজনৰ মুখত নানা ধৰণে৷ এই পাহাৰৰ ওপৰত এসময়ত অসম আৰক্ষীৰ বেতাঁৰ কেন্দ্ৰ এটা আছিল৷ পাছত উঠাই নিয়া হয়৷
বৈদিক যুগৰ ডুখৰীয়া স্মৃতি বুকুত সাবটি মহামায়াৰ শিলবোৰ নীৰৱে থিয় হৈ আছে৷ অতীতৰ সাক্ষী হৈ থকা কাৰুকাৰ্যখচিত প্ৰতিটো শিলাখণ্ড, কীৰ্তিস্তম্ভতে নিৰ্লিপ্ত হৈ আছে সেই যুগৰ কথা৷ প্ৰতিখন শিলালিপিয়ে অব্যক্ত ভাষাৰে প্ৰকাশি আছে অনেকবোৰ বতৰা৷ সংগোপনে ৰাখিছে যুগ-যুগান্তৰৰ কেতবোৰ মেটমৰা সমল৷



৷৷ আঠ ৷৷

মন্দিৰটোৰ কাষ চপাত ভূগোলৰ শিক্ষক গগৈ ছাৰে লগত লৈ যোৱা জি.পি.এছ. ডিভাইচটো উলিয়ালে৷ ৰিডিং লোৱা আৰম্ভ হল৷ উচ্চতা জুখিলে৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১৭৫ মিটাৰ পোৱা গৈছে৷ অক্ষাংশ, দ্ৰাঘিমাংশৰে ভৌগোলিক অৱস্থানো চালে ঠাইটুকুৰাৰ৷ পোৱা গৈছে ক্ৰমে ২৬ ডিগ্ৰী ৪৬ মিনিট ৪২.০ ছেকেণ্ড উত্তৰ আৰু ৯৪ ডিগ্ৰী ১১ মিনিট ৫১.৪ ছেকেণ্ড পূব৷ সন্তুষ্টিৰ হাঁহিৰে এহাতত লৈ থকা কাগজখনত অন্তৰ্ভুক্ত কৰি নিজৰ চহী এটা মাৰিলে৷ তাৰ ঠিক তলতে তাৰিখটো লিখি সামৰিলে৷ ডক্টৰ গগৈৰ গাতে গা লগাই জুম পাতি অতিবাহিত কৰা উৎসুকতাৰে ভৰা মুহূৰ্তবোৰত নিজকো কিবা বিজ্ঞানী বিজ্ঞানী লাগি গল!
মন্দিৰৰ বাহিৰৰ সন্মুখভাগত ৭-৮ ফুটমান দীঘল আকৃতিৰ শিলৰ গাত নৰমূৰ্তি আছে৷ সৰু সৰু শিলত খোদাই কৰা অৱস্থাত গণেশৰ প্ৰতিকৃতি৷ এচটা শিলত পদুম ফুলৰ চকাৰ দৰে চক্ৰ এটি অংকিত হৈ আছে৷ শিৱ, ব্ৰহ্মা আৰু বিষ্ণুৰ কেইটিমান মূৰ্তি অত-তত সিঁচৰতি অৱস্থাত৷
মন্দিৰটোৰ সমীপতে, কীৰ্তিচিহ্নসমূহৰ সংৰক্ষিত স্থানত দুখন ফলক ওলমি আছে৷ এখন অসমীয়া আৰু আনখন ইংৰাজী ভাষাত৷ কি লিখা আছে পঢ়ি গলোঁ এই ঠাইত আনুমানিক একাদশ-দ্বাদশ শতিকাৰ এটা শিলৰ মন্দিৰ আছিল৷ মন্দিৰটো মহামায়া অৰ্থাৎ দুৰ্গাৰ আছিল৷ এসময়ত এই সমগ্ৰ অঞ্চলটো কাছাৰৰ ৰজা কৃষ্ণচন্দ্ৰৰ (১৭৯০-১৮৩১ চন) অধীনত আছিল বুলি জনা যায়৷ সেই সময়ত মহামায়াক মা চাণ্ডী আৰু এই অঞ্চলক কৃষ্ণনগৰ বোলা হৈছিল৷ ৰজা কৃষ্ণচন্দ্ৰই ১৮১২ চনত এখন চনদ যোগে বুঢ়ীগংগাৰ উৰং লস্কৰক এই মন্দিৰৰ পূজা-সেৱা আৰু ব্ৰাহ্মণসকলৰ দায়িত্ব অৰ্প্‌ণ কৰিছিল৷ উল্লেখযোগ্য যে মহামায়াৰ অৱশেষসমূহৰ মাজত এচাম কছাৰী ভাস্কৰ্যও আছে৷সিখনত একেখিনি কথাই ইংৰাজীত লিপিবদ্ধ কৰি ৰখা হৈছে৷
মন্দিৰৰ অলপ দূৰত শিলৰ খেৰঘৰ এটা আছে৷ কিছু ওপৰলৈ পাহাৰৰ শিলৰ বুকুত নৰসিংহ আৰু হিৰণ্যকশিপুৰ প্ৰতিকৃতি দেখা যায়৷ এইবোৰে বিষ্ণু দেৱতাৰ অৱতাৰী ৰূপ এটাৰে ইংগিত দিয়ে৷ জীৱ-জন্তুৰ ভিতৰত শুঁৰেৰে সৈতে হস্তীৰ চিহ্ন দেখা যায়৷ এই প্ৰতিকৃতিয়ে পালবংশীয় ৰজাসকলৰ ৰাজকীয় প্ৰতীক হাতীৰ চিত্ৰ মনলৈ আনে৷ বৰ্মনবংশীয় আৰু পালবংশীয় ৰজাসকলৰ ৰাজত্ব কালত অসমৰ শিল্পকলাই বহুখিনি অগ্ৰগতি লভিছিল৷ এইবোৰৰ সূক্ষ্মাতিসূক্ষ্ম পৰীক্ষা-নিৰীক্ষা, অধ্যয়ন-গৱেষণাৰ দ্বাৰা সোণালী অতীতক ঘূৰাই পোৱাৰ অৱকাশ আজিও নথকা নহয়৷
শিলৰ গুহা এটাৰ মাজত দুৱাৰসদৃশ নমুনা এটা দেখা পালোঁ, যাক গুহা মন্দিৰ বুলি অনুমান কৰা হয়৷ এটা শিলৰ গাত সচৰাচৰ জোখতকৈ ভালেমান ডাঙৰ ভৰিৰ চাপ এটা আছে৷ এইটো বীৰ থং নক্‌বেৰ বুলি কৈ অহা হৈছে, যি একালত এই অঞ্চলত আত্মগোপন আৰু বিচৰণ কৰিছিল বুলি কাৰবি সমাজত কথিত আছে৷ প্ৰাকৃতিক আগ্নেয় শিলৰ স্বৰূপ বুজি মহামায়া পাহাৰত একালত জ্বালামুখী থকা বুলিও কোৱা হয়, বৰ্তমানে যি সুপ্ত৷



৷৷ ন ৷৷

ডিমাচা কছাৰীসকলৰ মতে, আহোমসকলৰ আগ্ৰাসনত উপায়হীন হৈ ফুলনি এলেকাত বসবাস কৰা ডিমাচাসকলে মহামায়া পাহাৰত কিছুকাল আত্মগোপন কৰিছিল৷ তেওঁলোকৰ কাহিনী গীতত থকা উল্লেখ অনুযায়ী বৃহত্তৰ অঞ্চলটোত অতীজত ডিমাচা ৰজাৰ পৃষ্ঠপোষকতাত কমেও ৬০০টা পুখুৰী আৰু ভালেসংখ্যক আলি-পদূলি নিৰ্মাণ কৰা হৈছিল৷ পাহাৰৰ ওপৰত আমি দেখা জোৰা পুখুৰীসদৃশ জলাশয় দুটা তেওঁলোকৰ দ্বাৰা নিৰ্মিত বুলি কোৱা হয়৷
আহোম ৰাজত্বৰ কালছোৱাত মহামায়া মন্দিৰ অতি মাহাত্ম্যপূৰ্ণ আছিল৷ জনজাতীয় লোকসকলৰ মাজত এনে এটা অলৌকিক বিশ্বাস আছিল যে সেই সময়ত বিবাহৰ আয়োজনত কাপোৰৰ অভাৱ ঘটিলে এই মন্দিৰত আৰাধনা কৰিলে এক নিৰ্দিষ্ট সময়ৰ বাবে প্ৰয়োজনীয় কাপোৰ, আ-অলংকাৰ আদি প্ৰাপ্ত হৈছিল৷ আনহাতে অনুষ্ঠানৰ শেষত উক্ত সম্পদ ঘূৰাই দিব লাগিছিল৷
আন এক বিশ্বাস অনুসৰি পৰ্বতীয়া কুঁৱৰী উমাই মহাদেৱক স্বামী হিচাপে পাবৰ বাবে মহামায়াত ঘোৰ তপস্যা কৰিছিল৷ তেনে অৱস্থাত এটা অসুৰে তেওঁক বলাৎকাৰ কৰাৰ চেষ্টা চলালে৷ মহাদেৱে তেতিয়া অসুৰটোক শিলৰ মূৰ্তিলৈ ৰূপান্তৰিত কৰিলে আৰু কলে যে কোনো পুণ্যাত্মাই মূৰ্তিটো স্পৰ্শ কৰিলেহে অসুৰে নিজৰ ৰূপ ঘূৰাই পাব৷ অশ্বমেধ যজ্ঞৰ ঘোঁৰা বিচাৰি আহোঁতে ঘটনাক্ৰমে অৰ্জুনে সেই মূৰ্তিটো চুলে৷ লগে লগে অসুৰে মুক্তি লভিলে৷ প্ৰসংগক্ৰমে উল্লেখ্য, কাৰবি আৰু কোচসকলৰ মাজত এনে এক বিশ্বাস বিদ্যমান যে মহাভাৰতৰ সময়ছোৱাত জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰে যেতিয়া অশ্বমেধ যজ্ঞ কৰিছিল তেতিয়া যজ্ঞৰ ঘোঁৰাটো আহি মহামায়াত ৰৈছিল৷
এনে এক বিশেষত্বপূৰ্ণ স্থান মহামায়া পাহাৰত ভূতাত্ত্বিক অধ্যয়ন চলোৱাৰ উদ্দেশ্যে বহুত বছৰৰ আগতেই ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগ আগ বাঢ়ি আহিছিল বুলি শুনিছিলোঁ৷ ফলাফল গম নাপাওঁ অৱশ্যে৷ সেয়া আছিল ১৯৪৬ চনৰ কথা৷ পাহাৰৰ উচ্চাংশত মূৰ্তি কিছুমান বিচাৰি উলিওৱা হৈছিল৷ ইফালে মহামায়াৰ সমীপৱৰ্তী স্থানীয় গঞা ৰাইজে চলোৱা নিজাববীয়া খনন কাৰ্যত দুই-চাৰিখন খোদিত শিলৰ ফলি আৰু শিলামূৰ্তি উদ্ধাৰ হৈছিল৷ সেইসমূহৰ ভিতৰত পাৰ্বতী, ৰাম, লক্ষ্মণৰ মূৰ্তি আছিল অন্যতম৷
জলাশয়ৰ দক্ষিণফালে এটা প্ৰকাণ্ড শিল মাজভাগত কটা অৱস্থাত আছে৷ মন্দিৰৰ আশে-পাশে সিঁচৰতি হৈ থকা বিভিন্ন লুপ্তপ্ৰায় কীৰ্তিচিহ্ন, পোত গৈ থকা পুখুৰী, ভগ্নাংশৰ উদ্ধাৰ কাৰ্যত কোনেও বিশেষ গুৰুত্ব আৰোপ কৰা নাই বুলি এসময়ত মানুহৰ মুখত বু-বু-বা-বা শুনা পাইছিলোঁ৷ আনহাতে সংগ্ৰহালয়ত সংৰক্ষণ কৰিবৰ উদ্দেশ্যে এই স্থানৰ পৰা ভালেখিনি সম্পদ অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে সংগ্ৰহ কৰি নিয়া বুলিও প্ৰকাশ৷
ঐতিহাসিক ভাস্কৰ্য সন্দেহজনকভাৱে সুপ্ত হৈ থকা ঠাইবিলাকত বিজ্ঞানসন্মতভাৱে খনন কাৰ্য চলাই বহুমূলীয়া সম্পদসমূহ বিনাশৰ পৰা বচাই খৰতকীয়াভাৱে উদ্ধাৰ কৰাটো অত্যাৱশ্যকীয় কাম৷ এনে সম্বলসমূহ হাতলৈ আহিলে কেতবোৰ নতুন ঐতিহাসিক সত্যৰ উৎস আৰু তথ্যৰ সন্ধান পোৱা যাব বুলি ভবাৰ থল নিশ্চয় আছে৷ প্ৰাচীন সম্পদসমূহৰ উপযুক্ত ৰক্ষণাবেক্ষণৰ প্ৰতি চৰকাৰে গুৰুদায়িত্ব লব লাগিব৷
মহামায়া পাহাৰৰ এটা একক, অনন্য আৰু আচৰিত বৈশিষ্ট্য আছে৷ সেয়া হল, এই পাহাৰখন দূৰৈত ৰৈ যিফালৰ পৰাই চোৱা যায় সেইফালৰ পৰাই আকৃতিত একে যেন লাগে৷ শিখৰলৈ উঠি আহি অনুভৱ কৰিলোঁ, মহামায়া হিল্‌ছক এটা মানবিশিষ্ট ট্ৰেকিং ডেষ্টিনেচন হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা আৰু সুযোগ আছে৷ পৰ্যটকৰ সুবিধাৰ অৰ্থে মহামায়াৰ অৰণ্য তথা পৰিৱেশ সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নত যথাযথ মনোযোগ দিব লাগিব৷ প্ৰত্যেক পৰ্যটনথলীত পৰ্যটকৰ ন্যূনতম প্ৰয়োজনখিনিৰ ব্যৱস্থা কৰাৰ দায়িত্ব চৰকাৰৰ৷ সমান্তৰালভাৱে, তাক যথোচিতভাৱে, হৰণ-ভগন নোহোৱাকৈ ৰাখিবলৈ ৰাইজেও যৎপৰোনাস্তি হাত আগ বঢ়াব লাগিব৷ চৰকাৰ আৰু ৰাইজৰ সন্মিলিত উমৈহতীয়া, যোগাত্মক, আন্তৰিক প্ৰচেষ্টা আৰু সহযোগত পৰ্যটন উদ্যোগটোৱে অদূৰ ভৱিষ্যতে শক্তিশালী ৰূপত বিকশিত হৈ থলুৱাৰ উন্নয়নত অভূতপূৰ্ব অৰিহণা যোগাব বুলি আশা পোষণ কৰি আমি পৰিভ্ৰমণ কাৰ্য অব্যাহত ৰাখিলোঁ৷



৷৷ দহ ৷৷

মহামায়া পাহাৰৰ শিখৰত অনেকবোৰ জনবিশ্বাস বিজড়িত, প্ৰাচীন বৈশিষ্ট্য আৰু বৈচিত্ৰ্যৰে ভৰপূৰ দেৱী মন্দিৰটো কামৰূপ ৰাজন মহাভূত বৰ্মনে (৫৪২-৫৫৮ খ্ৰীষ্টাব্দ) নিৰ্মাণ কৰিছিল বুলি উল্লেখ পোৱা গৈছে যদিও অতীতৰ সেই উপাসনাথলীৰ অস্তিত্ব আজি আৰু নাই৷ প্ৰাকৃতিক দুৰ্যোগ যেনে ভূমিকম্পৰ ফলত ধ্বংসপ্ৰাপ্ত হোৱা বুলি ইতিমধ্যে ঠাৱৰ কৰা হৈছে৷ গুপ্তযুগীয় আৰ্হিত সজ্জিত মন্দিৰৰ তোৰণখন তেজপুৰৰ দ-পৰ্বতীয়াৰ অনুৰূপ আছিল বুলিও কোৱা হয়৷ 
মহামায়া মন্দিৰটোৰ ধ্বংস সন্দৰ্ভত কাৰবিসকলৰ মাজত প্ৰচলিত বিশ্বাস এটা আছে৷ তদনুসৰি, গাঁও আৰু গৃহৰ মংগল সাধনৰ কামনাৰে বছৰি এবাৰকৈ পূজা-সেৱা আগ বঢ়োৱা চিন্থং ৰেচৰ স্তোত্ৰ-গীতত উল্লেখ থকামতে পৱিত্ৰতাৰ প্ৰতীক আৰু সৰ্বশক্তিমান বুলি গণ্য কৰা এই ৰজাজন প্ৰজাৰ প্ৰতি ইমানেই দায়িত্বশীল আছিল যে নিজৰ বিবাহৰ প্ৰতিও তেওঁ সম্পূৰ্ণ উদাসীন হৈ পৰিছিল৷ পাছত ভায়েকৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি মহামায়া পাহাৰৰ সুন্দৰী কন্যা এগৰাকীক বিয়া কৰায়৷ কিন্তু বিয়াৰ পাছতে ন-কইনাক পিতৃগৃহতে এৰি থৈ নিজ ৰাজ্যলৈ গমন কৰে৷ সময়ত ৰাণীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে৷ সন্তানটি ডাঙৰ হৈ মাতৃৰ মুখে পিতৃৰ সম্বন্ধে সবিশেষ জানিব পাৰি এদিন গোপনে মাতৃক আনি পিতৃৰ ৰাজ্য পোৱাইহি৷ ইফালে ৰজাৰ সৈন্য-সামন্তসকলে এইবুলি ভাবি ললে যে তেওঁলোকে ৰজাক চক্ৰান্ত কৰি মহামায়া পাহাৰলৈ লৈ যাবলৈ আহিছে আৰু ৰজাৰ অপকাৰ ঘটাব৷ ৰজাক উদ্ধাৰৰ অৰ্থে সৈন্যসকল উত্তেজিত হৈ পৰিল৷ মহামায়ালৈ গৈ ৰাণীৰ প্ৰাসাদটো ভাঙি পেলালে৷ সেই সময়তে প্ৰাচীন মন্দিৰটোও ধ্বংস কৰা হল৷
জানিব পৰামতে আদিতে এবাৰ নষ্ট হোৱাৰ পাছত মন্দিৰটো পুনৰাই সাজি উলিওৱা হৈছিল৷ সময় বাগৰাৰ লগে লগে মহামায়া থান নামে এলেকাটো বহুলভাৱে জনাজাত হৈ পৰে৷ ইয়াৰ পাছত ১৯৮৩ চনত আধুনিক পদ্ধতিৰে মন্দিৰটো নকৈ নিৰ্মাণ কৰা হয়৷ লক্ষ্য কৰিলোঁ, দিনদিয়েক আগতে সনা নতুন ৰঙৰ প্ৰলেপে এতিয়া থানখন বেচ উজলাই তুলিছে৷ কাৰবি, কছাৰীকে ধৰি অঞ্চলটোৰ লোকসকলে এই থানখনক পৱিত্ৰ জ্ঞান কৰে৷ এক কথাত, এয়া যেন এখন সাংস্কৃতিক মিলনভূমি কিম্বা সমন্বয়থলীহে৷
গগৈ, শৰ্মা আৰু দাস ছাৰে এই জাগ্ৰত থানখনত থকা মন্দিৰত শ্ৰদ্ধাপূৰ্বক প্ৰৱেশ কৰিলেগৈ৷ আৰণ্যক নিৰ্জনতা ভেদি বাজি উঠিল টং টং ঘণ্টাধ্বনি৷ পূজাৰীয়ে প্ৰত্যেকৰে কপালত দীঘলীয়াকৈ চন্দ্নৰ বগা ফোঁট আঁকি দিলে৷ ভক্তিঅৰ্ঘ নিৱেদন কৰি, আশীৰ্বাদেৰে প্ৰোজ্জ্বল হৈ সানন্দে কেউজন ওলাই আহিল, মুকলি আকাশৰ তললৈ৷
দাস ছাৰে পুখুৰীৰ পৰা হাতে ঢুকি পোৱা অৱস্থাত থকা পদুম ফুল এপাহ ছিঙি আলফুলে হাতত লৈছে৷ মই পদুমৰ গুটিৰ আধাৰ, চকা এটা সংগ্ৰহ কৰিলোঁ৷ উদ্দেশ্য, ঘৰ পাই লৰা-ছোৱালীহালক দেখুৱাম৷ পদুমৰ চকাৰ ভিতৰত থকা গুটিবোৰৰ সোৱাদ নোলোৱা ভালেমান বছৰেই হলহি৷ সৰুতে খুব চোবাইছিলোঁ৷ ওচৰে-পাজৰে এতিয়া পুখুৰী, জলাধাৰ, জলাহ গুচি ঘৰেই ঘৰ হল৷ কংক্ৰিটৰ অৰণ্য, জনাৰণ্যই ছানি ধৰিলে৷ পদুম কতনো বাচি থাকিব?
২ বাজিবলৈ ১০ মিনিট বাকী৷ উভতনি খোজ আৰম্ভ কৰাৰ বেলি হল৷ বিপৰীত দিশৰ পৰা পত্নী, পত্নীৰ বান্ধৱী আৰু দুজন বন্ধুসহ পংছি আহি আছে, থান দৰ্শনৰ অভিপ্ৰায়েৰে৷ ভেটাভেটি হওঁতেই তেওঁলোকক মাত লগাই আমি নামি আহিলোঁ মহিমামণ্ডিত মহামায়া শিখৰৰ পৰা৷ মনে মনে স্বগতোক্তি, আকৌ আহিম কেতিয়াবা৷
বৃহৎ শিলেৰে পৰিপূৰ্ণ এঢলীয়া খণ্ডটি পাৰ হলোঁ৷ হাঞ্চে গাঁৱৰ সমীপত ৰাখি থৈ যোৱা গাড়ীখনৰ সমীপ পালোঁহি৷ পাহাৰখনৰ ফালে ঘূৰি চাওঁতে মোৰ মনে কৈ উঠিল... মহাবিদ্যাৰূপিনী দেৱী মহামায়াৰ কৰুণা আৰু স্পৰ্শৰে পূৰ্ণ-বিকশিত হবলৈ ইতিহাসৰ সৰা পাপৰিয়ে আজিও যেন বাট চাই আছে! 
চাইকেল লৈ দুজন মানুহ ৰৈ আছে৷ আমালৈকে অপেক্ষাৰত৷ বড়ো লোক দুজনক দৈমাৰীয়ে দেখামাত্ৰক চিনি পালে৷ তেওঁকে নিবলৈ আহিছে৷ দৈমাৰীৰ ঘৰ অক্‌ৰেঙত৷ চেৰাকানি হৈ তালৈ ওচৰ বাট আছে৷ দৈমাৰীৰ সৈতে আমাৰ এৰাএৰি হল৷ অৱশিষ্ট চাৰিজন গাড়ীত বহিলোঁ৷ ডিফুমুৱা হওঁতে ষ্টিয়েৰিং হুইলত পুনৰবাৰ গগৈ ছাৰ৷ মুখমণ্ডল আৰু শৰীৰী ভাষাৰ পৰা যি বুজিলোঁ, এইবাৰ আগতকৈ কনফিডেণ্ট৷
নিজস্ব ইচ্ছা আৰু চিন্তাধাৰাৰ বিকাশৰ লক্ষ্যৰে জাগি উঠা অনুসন্ধিৎসাৰ প্ৰতি একান্ত সঁহাৰি-সমৰ্থন জনাবলৈকে আমি ইয়ালৈ আহিছিলোঁ৷ প্ৰসিদ্ধ মহামায়া পাহাৰ, মহামায়া থান দৰ্শন কৰি, মা মহামায়াৰ বন্দনা শ্ৰৱণ কৰি পোৱা অভিজ্ঞতা, আনন্দ আৰু ভাব-অনুভূতিৰে সমুজ্জ্বল হৈ সফল অভিযানটি সামৰি সন্ধ্যাবেলা ভালে-কুশলে ডিফু পালোঁহি আৰু নিজ নিজ ঘৰত সোমালোঁ আগন্তুক দিনত নতুন কাৰ্যসূচীৰে পৰৱৰ্তী লক্ষ্য অভিমুখে একেলগ হোৱাৰ প্ৰতিশ্ৰুতিৰে৷ (সমাপ্ত)

সহায়কাৰী গ্ৰন্থসমূহ
১. স্মৃতি সংকলন, মহামায়া থান, ডিফু চৰকাৰী মহাবিদ্যালয় কলা সংস্থা, সম্পাদক বিনীতা বৰুৱা, ১৯৯১ চন
২. কাৰবি কৃষ্টিৰ উৎস, সংকলক লংকাম টেৰণ আৰু কৰেন দাস, ৰত্নপীঠ প্ৰকাশন, ধূপধৰা, ১৯৯৮ চন
৩. কাৰবি সংস্কৃতিৰ প্ৰৱাহ, শৈলেন দাস, ২০০৩ চন
৪. কাৰবি ভাষা আৰু সংস্কৃতি, সময় ছেনাৰ, ডিফু, অক্টোবৰ ২০০৩
৫. যমুনা, স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভাৰ চতুঃষষ্টিতম হাওৰাঘাট অধিৱেশন, ১৯৯৮, সম্পাদক অনিল হাজৰিকা
৬. একে অসম একে গীত, নগেন বৰা, ফেৰাংকে প্ৰকাশন, ডিফু, জুন ২০১৯

No comments:

Post a Comment