৪১. নোপোৱাৰ বেদনা...
গাঁও পৰিষদৰ সম্পাদকজন এইবাৰ কথা ক’বলৈ সাজু হ’ল৷
‘ৰেংমাসকল ইয়াত নৱম-দশম শতিকাৰ পৰা স্থায়ীভাৱে আছে৷ মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ, আহোমৰ দিন, ব্ৰিটিছৰ সময়ৰ কথাবোৰ বুৰঞ্জী পুথিত লিখিত ৰূপত পোৱা যায়৷ কেইহাং চেব্বে’ ৰেংমাকে ধৰি আমাৰ
কেইবাগৰাকীও পূৰ্বপুৰুষক আহোম ৰজাই ফুকন উপাধিৰে সন্মান জনাইছিল৷ পূব ৰেংমা, পশ্চিম ৰেংমা, নাগা ৰেংমা মৌজা, ৰেংমা হিল্ছ ইত্যাদি আজিৰ কথা নহয়৷ ব্ৰিটিছৰ দিনৰ পৰাই আমি মাটিৰ খাজনা দি আহিছোঁ৷ অথচ আমাৰ মানুহখিনিৰ আশানুৰূপ উন্নতি এতিয়াও নহ’ল৷ পেটে-ভাতে
খাই আছে ৰেংমা মানুহবোৰে৷
মিকিৰ পাহাৰ জিলা পৰিষদ গঠনৰ পাছত জিলাখনৰ পাহাৰ, শৃংগ, নৈ আৰু ঠাই কিছুমানক ৰেংমাসকলে আগতে দিয়া নাম সলাই কাৰবি বা অসমীয়াকৰণ কৰা হৈছে, যাৰ বাবে ৰেংমা নগাসকলৰ ইতিহাস-ঐতিহ্য, তথ্য তথা সাংস্কৃতিক প্ৰভাৱ প্ৰায় শূন্য হৈ পৰিছে৷ উদাহৰণ স্বৰূপে Rengma Hillsক Mikir Hills, Chenkenhishongক Singhason, Chambajongক Lumbajong, Thugwen Renchoক Bhalu Parbat, Keyhang Renchoক Kala Pahar, Terulashongক Tokopahar বোলা হৈছে৷ একেদৰে, নৈৰ ক্ষেত্ৰত Tekrongক Doigrung, Küliaক Kaliani, Nengbuক Nambor Nadi, Jenhenriক Deopani, Dipfuক Diphu, Chongpvuriক Lumbri,
Hiphenriক Langroso, Choterudiক Alongbeti, Dikeruক Dikharu কৰা হৈছে৷ তেনেকৈ ঠাইৰ নামৰ ক্ষেত্ৰত Nchiben-habingক Doboka আৰু Dokmoka, Pore-pongক Barpung, Nkhenlariক Khanari gaon, Guzenlanyuক Khuwani gaon, Phentseroক Bepari gaon, Kentephenক Borpathar, Kaji Kehangক Kaziranga কৰা হৈছে৷ গাঁওবুঢ়াৰ নামানুসাৰে ভোটাৰ তালিকাত চৰকাৰীভাৱে আখৈফুটাক এনৰুগা, ল’লাশ্বংন্যুক মনো গাঁও, খিৰাং গাঁও, চেগুশ্বংৰিক জামহ, বৰলাংছ’, চ’শ্বেনলাৰিক নং ২ ইংথেল্ল’ আদি নামেৰে চিহ্নিত কৰা হৈছে৷’
কথাখিনি শুনি থাকোঁতে মোৰ অনুভৱ হ’ল, এয়া আচলতে নোপোৱাৰ বেদনা৷ বিদ্ৰোহ কিম্বা ক্ষোভ নহয়৷ এটা জনগোষ্ঠীৰ বিবেকৱান প্ৰতিনিধি হিচাপে তেওঁলোকে মনৰ কথা আমাৰ আগত মুকলিমূৰীয়াকৈ ব্যক্ত কৰিছে৷ সেই অধিকাৰ তেওঁলোকৰ আছে৷ প্ৰত্যুত্তৰত নিজকে নিজে সুধি চাইছোঁ, কিনো কৰিব পাৰোঁ আমি? নগণ্য মানুহ৷ দৰাচলতে যিসকলে শুনিব লাগে, যিসকলে কৰিব পাৰে বা কৰিব লাগে, সেইসকলৰ ক’বলগীয়া, কৰণীয় কি হ’ব?
এই মানুহখিনিয়ে বিচাৰে শান্তি, সম্প্ৰীতি আৰু সহাৱস্থান৷ তৎসত্ত্বেও ২০১৩ চনত ৰেংমা আৰু কাৰবিৰ মাজত নৃগোষ্ঠীয় সংঘৰ্ষ সংঘটিত হৈ গৈছে৷ অক্টোবৰত অৰ্থনৈতিক অৱৰোধ, ডিচেম্বৰত সংঘৰ্ষ৷ ১৭জনৰ প্ৰাণহানি হোৱাৰ উপৰি হাজাৰোধিক লোক গৃহহাৰা হ’ব লগাত পৰিছিল তেতিয়া৷ অভিযোগ অনুসৰি একাংশ উন্মত্ত কাৰবি জনতাই ৰেংমাসকলৰ কমলা আৰু তামোল গছ কাটি পেলাইছিল, ভঁৰাল জ্বলাই দিছিল, ঘৰচীয়া জীৱ-জন্তু হত্যা কৰিছিল আৰু ধৰি লৈ গৈছিল৷ হত্যা-হিংসাৰ প্ৰতিবাদত ২০১৪ৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত ৰেংমা সংগঠনৰ ফালৰ পৰা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল৷ অসমৰ মুখ্য মন্ত্ৰী আৰু ৰাজ্যপালক স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছিল৷ ল’লাশ্বংন্যু, চেগুশ্বংৰি আদি গাঁৱত পুলিচ বিট অফিচ স্থাপন কৰিবৰ বাবে মেম’ৰেণ্ডামৰ জৰিয়তে দাবী জনোৱা হৈছিল৷
সাংঘাতিক বেয়া সময়, ক্ষতিকাৰক দিন আছিল সেইবোৰ৷ সকলো পাহৰি ৰেংমাসকলে এতিয়া কামনা কৰে আনৰ দৰে নিজৰ জনগোষ্ঠীটোৰ উন্নতি৷ আনহাতে, অন্য এক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে কাৰবি আৰু ৰেংমাৰ মাজত সংঘৰ্ষ কেতিয়াও কোনো কাৰণতে হ’বই নোৱাৰে৷ তাৰ ভিত্তি হিচাপে মুখে মুখে চলি অহা কাহিনী এটা আমি শুনা পাওঁ৷
কোনোৰ মতে জুমতলীত সোমোৱাক লৈ, কোনোৰ মতে কলগছৰ পৰা কল ছিঙি খোৱাক লৈ অতীতত এবাৰ ৰেংমা আৰু কাৰবিসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল৷ উভয় পক্ষৰ সহনশীল আৰু বোধসম্পন্ন লোকসকলৰ তৎপৰতাত তেতিয়া আলোচনাৰ মাধ্যমেৰে ঘটনাটোৰ মীমাংসা কৰা হ’ল৷ লগতে ভৱিষ্যতে যাতে কোনো কথাতে কাজিয়া-পেছাল নহয় আৰু শান্তি-সম্প্ৰীতি বৰ্তি থাকে তাৰ বাবে শপত খোৱা হৈছিল৷ সেই শপত গ্ৰহণ হৈছিল এটা জুৰিৰ পাৰত৷ ঘটনাক্ৰমত জুৰিটোৰ নামকৰণ কৰা হৈছিল চেমেলাংছ’৷ কাৰবি ভাষাত চেমে মানে শপত, লাংছ’ মানে জুৰি৷ চেমেলাংছ’ শব্দটো মানুহৰ মুখ বাগৰি হৈ পৰিল চামেলাংছ’৷ জংফাৰ পৰা বৰপুং, তাৰাপুং পাৰ হৈ চামেলাংছ’ নামৰ ঠাইটুকুৰা ওলাবগৈ পাৰি৷ সেই শপতৰ আলোকত চাবলৈ গ’লে অতীজৰ চিন্তা, ইচ্ছা আৰু মূল্যবোধ পৰৱৰ্তী কালৰ কুটিল ৰাজনীতিৰ প্ৰতাপত ধূলিস্যাৎ হৈ গৈছিল ২০১৩ত৷
কোনোৰ মতে জুমতলীত সোমোৱাক লৈ, কোনোৰ মতে কলগছৰ পৰা কল ছিঙি খোৱাক লৈ অতীতত এবাৰ ৰেংমা আৰু কাৰবিসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল৷ উভয় পক্ষৰ সহনশীল আৰু বোধসম্পন্ন লোকসকলৰ তৎপৰতাত তেতিয়া আলোচনাৰ মাধ্যমেৰে ঘটনাটোৰ মীমাংসা কৰা হ’ল৷ লগতে ভৱিষ্যতে যাতে কোনো কথাতে কাজিয়া-পেছাল নহয় আৰু শান্তি-সম্প্ৰীতি বৰ্তি থাকে তাৰ বাবে শপত খোৱা হৈছিল৷ সেই শপত গ্ৰহণ হৈছিল এটা জুৰিৰ পাৰত৷ ঘটনাক্ৰমত জুৰিটোৰ নামকৰণ কৰা হৈছিল চেমেলাংছ’৷ কাৰবি ভাষাত চেমে মানে শপত, লাংছ’ মানে জুৰি৷ চেমেলাংছ’ শব্দটো মানুহৰ মুখ বাগৰি হৈ পৰিল চামেলাংছ’৷ জংফাৰ পৰা বৰপুং, তাৰাপুং পাৰ হৈ চামেলাংছ’ নামৰ ঠাইটুকুৰা ওলাবগৈ পাৰি৷ সেই শপতৰ আলোকত চাবলৈ গ’লে অতীজৰ চিন্তা, ইচ্ছা আৰু মূল্যবোধ পৰৱৰ্তী কালৰ কুটিল ৰাজনীতিৰ প্ৰতাপত ধূলিস্যাৎ হৈ গৈছিল ২০১৩ত৷
মই মন কৰিলোঁ, পৌৰাণিক নগাসকলৰ চিৰ-বিদ্ৰোহী, অস্ত্ৰাধাৰী চৰিত্ৰটো এই মানুহখিনিৰ ক্ষেত্ৰত তেনেই অনুপস্থিত৷ সমৃদ্ধিৰ আশাৰে তেওঁলোক শান্তি, অগ্ৰগতি আৰু সভ্যতাৰ পোষকতাকাৰী৷ কাৰবিসকলৰ সৈতেও তেওঁলোকৰ সম্পৰ্ক মধুৰ, সদ্ভাৱ গভীৰ, পাৰিবাৰিক সম্পৰ্ক হিচাপে বিয়া-বাৰু পৰ্যন্ত হৈছে৷ এয়া ইংৰাজ উপনিৱেশ, খ্ৰিষ্টান ধৰ্মীয় শিক্ষাৰ প্ৰভাৱ, আধুনিক মননৰ প্ৰভাৱ যেন ধাৰণা হয়৷ ক্ষয়িষ্ণু তথা সমুন্নয়নৰ পৰিপন্থী দিশবোৰেহে তেওঁলোকক বাৰুকৈয়ে হতাশ কৰি আহিছে৷ বাৰ্তালাপ আৰু মন্তব্যত তাৰে স্পষ্ট উমান পালোঁ৷
নগাই যাঠীৰ ভাষাৰ বাহিৰে আন ভাষা নুবুজে বুলি কথা এষাৰ আগতে ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ৷ ৰেংমা নগাসকল পিছে অত্যন্ত পৰিশীলিত, মাৰ্জিত আৰু ব্যতিক্ৰমী৷ তেওঁলোক আজি নিৰস্ত্ৰ৷ নিৰস্ত্ৰ প্ৰভু যিশুৰ নামত, পৃথিৱীৰ নামত, মানৱ সমাজ আৰু সভ্যতাৰ নামত৷ ন্যায়-অন্যায় তেওঁলোকে জানে৷ আদিম হৈ, সংস্কাৰহীন হৈ এতিয়া আৰু কোনোৱেই থকা নাই৷ অথচ, তেনে হোৱাৰ পাছতো জনগোষ্ঠীটোৰ প্ৰতি প্ৰৱঞ্চনা! সভ্য মানুহৰ পৰাই প্ৰৱঞ্চনা!
চিন্তা কৰিবলগীয়া কথা৷ একেলেথাৰিয়ে শুনি গ’লোঁ৷ বেদনাহত অন্তৰৰ কথাখিনিয়ে আমাক গভীৰভাৱে ভবাই তুলিলে৷
৪২. ৰেংমা হিলছৰ আকৰ্ষণ
অসমৰ উত্তৰ-পূব সীমান্তৰ Governor Generalৰ মুখ্য সহকাৰী অভিকৰ্তা, Bengal Native Infantryৰ ৫৫ নং ৰেজিমেণ্টৰ Major John Butlerএ ১৮৫৫ চনত লণ্ডনৰ পৰা প্ৰকাশিত তেওঁৰ ‘Travels and Adventures in the Province of Assam during a residence of fourteen years’ নামৰ কিতাপত লিখি থৈ গৈছে যে ১৮৪৫ চনৰ ১০ ডিচেম্বৰত তেওঁ যেতিয়া আহিছিল Jenhangri অৰ্থাৎ এতিয়াৰ দেওপানীত ৰেংমা মানুহ এখিনিক লগ পাইছিল৷ সেই বিয়লি ৰেংমা নগাৰ গোটটোৱে Butlerক সাক্ষাৎ কৰি এটা কুকুৰা আৰু কিছু চাউল উপহাৰ দিছিল৷ ৰেজিমেণ্টৰ তৰফৰ পৰা সম্ভ্ৰমেৰে আগ বঢ়োৱা হৈছিল চোকা মদ এবটল, ধন বা অন্য যিকোনো বিনিময় সামগ্ৰীতকৈ তেওঁলোকে যাক অধিক মান্যতা দিছিল৷ ৰেংমা হিলছলৈ প্ৰথম প্ৰব্ৰজনকাৰী আছিল এই ৰেংমা নগাসকল৷
যুদ্ধক্ষেত্ৰত দেখুওৱা পৰাক্ৰমৰ বাবে ৰেংমাসকল বিশেষভাৱে জনাজাত আছিল৷ ইংৰাজে ৰাজহ ব্যৱস্থাৰ অধীনলৈ অনাৰ আগলৈকে ৰেংমাসকলে তেওঁলোকৰ যুঁজাৰু পৰম্পৰা তথা মনোভাব অক্ষুণ্ণ ৰাখিছিল৷ মান সেনাৰ নৃশংসতা এৰাই চলাৰ উদ্দেশ্যৰে ১৮ শতিকাৰ শেষৰ ফালে পূব কাৰবি আংলঙৰ উচ্চ স্থান ৰেংমা হিলছত ৰেংমা নগাসকলে স্থাপন কৰি লৈছিল নিজৰ সুৰক্ষিত আলয়৷
ৰেংমাসকলৰ মুখ বাগৰি অহা কাহিনীৰ মাজেৰে ‘মিকিৰ’ শব্দটোৰ উৎপত্তি আৰু ৰেংমা হিলছলৈ ঘটা প্ৰব্ৰজন সম্পৰ্কে জানিব পাৰি৷ জনশ্ৰুতি অনুসৰি, মিকিৰ অৰ্থাৎ কাৰবিসকলৰ মূল বসতিস্থল আছিল খাচিয়া আৰু জয়ন্তীয়া পাহাৰ নামৰ ভূভাগ৷ খাচিয়া হিলছত থকাৰ দিনত সেই মানুহখিনি খাচিয়াৰ তলতীয়া হৈ আছিল৷ খাচিয়া মুখিয়ালসকলে তেওঁলোকৰ ওপৰত চলাইছিল অবৰ্ণনীয় অত্যাচাৰ৷ গিৰ্মিটীয়া শ্ৰমিক কিম্বা দাসৰ সমতুল্য হৈ জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল তেওঁলোকে৷ দিনটোৰ কাম বুজি ল’বৰ কাৰণে নিতৌ পুৱা প্ৰত্যেকজন মিকিৰ লোকে খাচিয়া সামন্ত প্ৰভুৰ সন্মুখত শাৰী পতাটো আছিল বাধ্যতামূলক৷ তেনে মুহূৰ্তত খাচিয়া প্ৰভুজনে দীঘল দাৰ জোঙা আগটোৰে মিকিৰ বনুৱাৰ কপালত খোঁচ একোটা মাৰি এক, দুইকৈ গন্তি কৰি গৈছিল৷ শেষৰজন বনুৱালৈকে এনেকৈ কৰি যোৱা হৈছিল৷ চোকা দাৰ আঘাতত মিকিৰ পুৰুষৰ মুখমণ্ডল ৰাঙলী হৈ পৰিছিল৷ এনে অমানৱীয় তথা নৃশংস কাৰ্যই খাচিয়া পাহাৰত বসবাস কৰা মিকিৰসকলৰ জীৱন স্বাভাৱিকতে কৰি তুলিছিল দুৰ্বিষহ৷ তৎসত্ত্বেও, অনন্যোপায় হৈ তেওঁলোকে খাচিয়া হিলছতে বসতি কৰি থাকিবলগীয়া হৈছিল৷
তদানীন্তন সময়তে মিকিৰসকলে এবাৰ এটা বাঘ পোৱালি ধৰিলে৷ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাত পোৱালিটো খাচিয়া ৰজাক উপহাৰ স্বৰূপে অৰ্পণ কৰা হ’ল৷ অকণমানি পোৱালিটোক খুৱাবৰ বাবে গাখীৰৰ প্ৰয়োজন৷ ৰজাই নিৰ্দেশ জাৰি কৰিলে যে নিজৰ সন্তানক খুওৱাৰ আগতেই বাঘ পোৱালিৰ কাৰণে প্ৰতিদিনে পুৱা সোনকালে মিকিৰ মাতৃৰ বুকুৰ গাখীৰ সংগ্ৰহ কৰি আনিব লাগিব৷
গাখীৰ সংগ্ৰহ অভিযান চলি থাকিল৷ এদিন Bere Resebong নামৰ মানুহ এজনৰ পত্নী ৰংফাৰপীয়ে জংঘলত খৰি লুৰিবলৈ গৈছিল৷ সেই মুহূৰ্ততে গাখীৰ সংগ্ৰহকাৰীও তাত উপস্থিত হ’ল৷ ৰংফাৰপীৰ পৰা গাখীৰ সংগ্ৰহৰ বাবে তৎপৰ হৈ উঠিল ৰজাৰ প্ৰতিনিধি৷ খঙত একো নাই হৈ ৰংফাৰপীয়ে তেতিয়া হাতত থকা কুঠাৰখনেৰে টেকেলাক হত্যা কৰি পেলালে৷ লগে লগে ঘৰলৈ ঘূৰি আহি গাঁওবাসীৰ আগত আদ্যোপান্ত বিৱৰি ক’লে৷ খাচিয়া ৰজাৰ ৰোষৰ পৰা হাত সাৰিবৰ বাবে আটায়ে ততালিকে গাঁও ত্যাগ কৰাৰ সিদ্ধান্ত ল’লে৷ উত্তৰ-পূব দিশত আগুৱাই আহি কপিলী নদী পাৰ হৈ ঘন অৰণ্যত তেওঁলোক অদৃশ্য হৈ পৰিল৷
সেই কালত ৰেংমাসকলে Nchiben-habing অৰ্থাৎ বৰ্তমানৰ ডবকা অঞ্চলত বসতি কৰি আছিল৷ এদিন মিকিৰ পৰিয়াল এটাই ৰেংমা ভূমিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিলে৷ খেতিপথাৰত কৰ্মৰত ৰেংমা পৰিয়ালে আচহুৱা মানুহকেইজনৰ হঠাতে ঘটা আৱিৰ্ভাবত অবাক হৈ পৰিল৷ দলটোত পিতৃ, মাতৃ, ল’ৰা আৰু ছোৱালী সমন্বিতে সদস্য আছিল ৪জন৷ তেওঁলোকৰ মুখত টেটুৰ দৰে আঁক-বাক৷ দাঁতৰ বৰণ ক’লা৷ আঁঠুলৈকে ওলমি থকা দীঘল নেজসদৃশ কাপোৰ৷ কাণত ৰূপালী ৰঙৰ ডাঙৰ কাণফুলি৷ পুৰুষজনে এটা হাতেবোৱা চুটি জেকেট আৰু নাৰীগৰাকীয়ে হাতেবোৱা চুটি পেটিকোট এটা পিন্ধিছিল৷ তেওঁলোকৰ হয়তো ভাগৰ লাগিছিল৷ ল’ৰাটোৱে ভোকতে কান্দিব ধৰিলে৷ অচিনাকি ৰেংমা মানুহলৈ আঙুলিৰে ইংগিত কৰি ‘আন, আন’ বুলি সি মাকক খাদ্য খুজিব ধৰিলে৷ কাৰবি ভাষাত আন মানে ভাত৷ ৰেংমা পৰিয়ালটোৱে সেয়া বুজি পাই শিশুটিলৈ ভাত আগ বঢ়ালে৷ মিকিৰ পৰিয়ালটোক ৰেংমা গাঁৱলৈ লৈ যোৱা হ’ল৷ গাঁওবাসীয়ে তেওঁলোকক সন্মান সহকাৰে ৰাখিলে৷ ঘৰ এটাও নিৰ্মাণ কৰি দিয়া হ’ল৷ কাপোৰ, আহাৰ আৰু অন্যান্য গৃহ-সামগ্ৰীও যোগান ধৰা হ’ল৷ গাঁওখনে তেওঁলোকক আথে-বেথে ৰখাৰ লগতে খেতি কৰিবলৈ মাটি এডোখৰো দিলে৷
এদিন ল’ৰাটো ঢুকাই থাকিল৷ মাকে দুখতে খুব কান্দিলে৷ শোকসন্তপ্ত পৰিয়ালটোলৈ গাঁওবাসী ৰেংমাসকলে সমবেদনা আগ বঢ়ালে৷ মৃতদেহ পুতিবলৈ কবৰ এটাও খান্দিলে৷ সেয়ে হ’লেও মিকিৰ পৰিয়ালটোৰ নিজস্ব পৰম্পৰা অনুসৰি অগ্নিৰেহে শেষকৃত্য সম্পন্ন কৰা হ’ল৷ তেনে পৰিপ্ৰেক্ষিততে সেই সময়ত ৰেংমা গঞাসকলে প্ৰব্ৰজিত নতুন মানুহখিনিৰ নাম এটা দিলে৷ ‘Mikironyu’ অৰ্থাৎ মৃতকক দাহ কৰা মানুহ৷
আন এক তথ্যমতে, ১৮২৪ চনৰ মাৰ্চ মাহত ডবকাত যেতিয়া ব্ৰিটিছ অভিযানকাৰীসকল ৰেংমাসকলৰ সংস্পৰ্শলৈ আহিছিল ৰেংমাসকলক ইংৰাজ অফিচাৰে সুধিলে, ‘পৰৱৰ্তী গাঁওখনত কোন বাস কৰে?’ ৰেংমা লোকে ক’লে, ‘Mikironyu’৷ ব্ৰিটিছ অফিচাৰ Col. Alfred Richards আৰু Capt. M. C. Moraineএ নিজৰ নিজৰ ডায়েৰীত লিপিবদ্ধ কৰি ল’লে Mikir বুলি৷
ৰেংমাসকলে দিয়া Mikironyu নামটোৰ পৰা এনেকৈ মিকিৰ শব্দৰ উৎপত্তি হোৱা বুলি কোৱা হয়৷ সেই তেতিয়াৰে পৰা ব্ৰিটিছ চৰকাৰে চৰকাৰী সকলোবোৰ নথি-পত্ৰতে মিকিৰ শব্দটো প্ৰয়োগ কৰিব ধৰিলে৷ অতীতৰ মিকিৰ শব্দটো পাছলৈ কাৰবি কৰা হ’ল৷ তদনুসাৰে ১৯৭৬ চনৰ ১৪ অক্টোবৰত জিলাখনৰ নামটোও আগৰ মিকিৰ পাহাৰৰ পৰিৱৰ্তে কাৰবি আংলং কৰা হয়৷
ৰেংমা হিলছলৈ মিকিৰসকলৰ সেই প্ৰব্ৰজন ঘটিছিল ১৯ শতিকাত৷ খাচিয়া হিলছৰ পৰা অহা মিকিৰ পৰিয়ালটো ৰেংমা হিলছত স্থায়ীভাৱে ৰৈ গ’ল৷ ৰেংমাসকলৰ মতে, Bere Resebong নামৰ পুৰুষজনৰ খাচিয়া পাহাৰলৈ আহ-যাহ হৈছিল৷ তাত তেওঁ নতুন মাটিৰ উৎকৰ্ষতাৰ পৰা আৰম্ভ কৰি ভূমিপুত্ৰ ৰেংমাসকলৰ সাধাৰণ লোকজনৰ পৰা মুখিয়াললৈকে পাই থকা মৰম-চেনেহৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰিলে৷ লাহে লাহে অঞ্চলটোৰ প্ৰতি মিকিৰসকলৰ আকৰ্ষণ আৰু আগমন বাঢ়ি আহিব ধৰিলে৷ খাচিয়া-জয়ন্তীয়া পাহাৰ, উত্তৰ কাছাৰ পাহাৰ, অৰুণাচল প্ৰদেশ আদিত সিঁচৰতি হৈ বসবাস কৰি থকা মিকিৰ জনগোষ্ঠীৰ লোকসকল ৰেংমা হিলছত উঠিলহি৷ তেওঁলোক বৰ্তমানৰ ডকমকা, ৰংখাং, হামৰেণ, দুৱাৰ বাগৰি আদিকে ধৰি ৰেংমা হিলছৰ দক্ষিণ আৰু পশ্চিমৰ ভুখণ্ডত নিগাজিকৈ বহিল৷ বিপৰীতে, পশ্চিমৰ হিল ট্ৰেক্ট এৰি ৰেংমাসকল লাহে লাহে উত্তৰমুখী হ’ব ধৰিলে৷ মিকিৰসকলে ৰেংমা পূৰ্বপুৰুষে ত্যাগ কৰা জেগাবোৰত থিতাপি ল’লে৷ জনসংখ্যা বাঢ়ি আহিল৷ ১৮৫১-৫২ চনত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ মিলাই মিকিৰ লোকৰ সংখ্যা প্ৰায় ৯,২৫০ আছিল বুলি John Butlerএ লিখি থৈ গৈছে৷
ব্ৰিটিছৰ সময়ত হামৰেণক সামৰি মিকিৰ পাহাৰৰ এলেকা আছিল ১,৮১০ বৰ্গ কিল’মিটাৰ৷ উক্ত ভূখণ্ডৰ উত্তৰ আৰু পূব দিশ আগুৰি আছিল ৰেংমা পাহাৰে৷ পশ্চিমে নগাঁও৷ দক্ষিণে উত্তৰ কাছাৰ পাহাৰ আৰু খাচিয়া-জয়ন্তীয়া পাহাৰ আছিল৷
৪৩. Blessed Homeত নৈশযাপন
কথা পাতোঁতে পাতোঁতে নিশা ১১ বাজি গ’ল৷ দিনৰ দিনটো ধৰি আজি চলন-ফুৰণ কৰি থকা হৈছে৷ স্থানীয় লোককেইজনে বোধ হয় আমাৰ জাপ খাই অাহিব ধৰা চকুবোৰ দেখি অনুভৱ কৰিলে যে আলহী এতিয়া বিছনালৈ যোৱা উচিত৷ আলোচনাৰ মুখনি হিচাপে জংফাৰ চৰকাৰী গাঁওবুঢ়াজনে ডায়েৰীৰ
পাত মেলি সাৰাংশ এটা শুনালে৷ কোনে কি দৰকাৰী প্ৰসংগ অৱগত কৰিলে, কোনে কি সজ পৰামৰ্শ বা উপদেশ দিলে, ইত্যাদি ইত্যাদি৷ খুব ভাল লাগিল কথা-বতৰা সামৰাৰ কায়দাটো৷ উল্লেখ কৰা সূত্ৰসমূহ ৰেংমাসকলৰ মাজত কাৰ্যতঃ বাস্তৱায়িত হোৱাৰ কামনাৰে চাঙৰ পৰা নামিলোঁ৷ তেওঁলোক বহিয়ে থাকিল৷ উত্থাপিত বিষয়সমূহক লৈ এইবাৰ ৰেংমা দোৱানত আলাপ চলিছে৷ অলপ পাছতে ঘৰাঘৰি যাবগৈ৷
থাংচিয়ে বাট দেখুৱাই নিয়া ধৰণেই গাঁওবুঢ়াৰ ঘৰৰ পাছফাল ওলালোঁহি৷ চৌবাচ্চাত সুমুৱাই ৰখা পাইপ এডালেৰে অহৰহ পানী ওলাই পৰি আছে৷ বন্ধ কৰাৰ ব্যৱস্থা নাই৷ থাংচিয়ে ক’লে, ‘এইটো এনেকুৱাই৷ ইয়াত পানীৰ অভাৱ নাই৷’ আমি হাত-ভৰি ধুলোঁ৷ পানী অতিপাত ঠাণ্ডা৷ থাংচিয়ে অলপ আগতে কোৱা কথাষাৰ ঠিকেই৷
পৰিয়ালৰ আন সদস্যবোৰ ইতিমধ্যে শুলে৷ গাঁওবুঢ়াই সঞ্জু আৰু মোক Blessed Homeৰ ওপৰ মহলালৈ যাব কৈছে৷ আমাৰ বিছনা তাত৷ ৰাজীৱ আৰু কিৰণৰ বাবে একেলগে, পুৰণা ঘৰৰ কোঠা এটাত শয্যাৰ ব্যৱস্থা কৰা হৈছে৷ ট্ৰেকিঙলৈ যোৱাৰ আগে আগে গাড়ীৰ ভিতৰতে কাপোৰ আৰু আন বস্তু কেইপদমান এৰি থৈ যোৱা হৈছিল৷ সেইবোৰ ৰাকচেকটোত সুমুৱাই লোৱা হ’ল৷ তাৰ পাছতে ঘৰটোৰ একাষেদি থকা খটখটি বগোৱাত লাগি গ’লোঁ সঞ্জু আৰু মই৷ নিশাৰ জংফাখন চকুৰ সন্মুখত ধৰা দিলে৷ চৌদিশে শান্ত-শীতল পৰিৱেশ৷ ক’ৰ পৰাযে আহি আমি ক’ত ওলালোঁহি! দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈকে মনত পেলাই চালোঁ এবাৰ৷ ভাবনাত মজি থাকোঁতেই সমান্তৰালভাৱে, কোঠাটোতো প্ৰৱেশ ঘটিল৷
সাধাৰণ অথচ সুশৃংখলিত কোঠালি এটা৷ সঞ্জুক অনুসৰণ কৰি ভিতৰ সোমায়ে স্বভাৱবশতঃ কেনি কি আছে চোৱাত মনোনিৱেশ কৰিলোঁ৷ এটা চুকত নগা যাঠী এডাল৷ পৰিষ্কাৰ চাদৰ, গাৰু, কম্বল আদিৰে বিছনা এখন ধুনীয়াকৈ সজাই ৰখা আছে, আমাৰ বাবে৷ দুজনীয়া যদিও মোৰ নিচিনা কায়াৰ আৰু দুই-এজন শুব পাৰিব যেন ভাব হ’ল৷
আশীৰ্বাদ ভৱনৰ কোমল, আহল-বহল শেতেলিত বাগৰ দি কিছু সময়ৰ আগলৈকে চাঙত পাতি থকা কথাবোৰ নিজৰ মনৰ মাজতে ঘূৰাই-পকাই আছোঁ৷ এইটো ঠিক যে হিংসা-হত্যাৰ দ্বাৰা কাকো উন্নত কৰাব নোৱাৰি৷ লাগিব ৰাস্তা, শিক্ষা, চিকিৎসা, কৰ্মসংস্থাপন ইত্যাদি ইত্যাদি৷ এইসমূহৰ অভাৱে ৰেংমা মানুহখিনিক বৰকৈ আশাহত কৰা যেন লাগিল৷
সঞ্জুৰ নাসিকা গৰ্জনৰ আৰম্ভণি পৰ্বটো অলপ অলপ গম পাইছিলোঁ৷ মোকনো কোন মুহূৰ্তত নিদ্ৰা দেৱীয়ে টানি নিলে একো গমেই নাপালোঁ৷
১০.৩.২০১৯ ৷৷ ০১) প্ৰাতঃভ্ৰমণ, ৰেংমা গাঁৱত
অভ্যাসবশতঃ, পুৱা ৫ নৌবাজোঁতেই টোপনিৰ পৰা সাৰ পালোঁ৷ বাহিৰখন চাবলৈ খুব মন গৈছে৷ কাষতে শুই থকা সঞ্জু এতিয়াও সম্পূৰ্ণ লালকাল৷ উঠি আহি দৰজাখন মেলি দিলোঁ৷ চেঁচা বতাহ এচাটিয়ে গালে-মুখে খুন্দিয়ালে৷ যেন মোক সুপ্ৰভাতহে জনালেহি! মনটো বৰ ভাল লাগি গ’ল৷
বাহিৰৰ বাৰাণ্ডাখনত থিয় দি স্পষ্টৰূপত দেখা পাইছোঁ গাঁওবুঢ়াৰ চৌহদটো, ভাগ ভাগকৈ থকা ঘৰকেইটা, ফুল, কল, তামোল, বাঁহ গছ, গেৰেজ ইত্যাদি৷ পাছফালে ৰেংমা পাহাৰ, কালি আমি য’ত কেইহাং ৰেংমা ফুকনৰ মৈদাম বিচাৰি গৈছিলোঁ৷ চৌহদটোৰ পুৱাৰ দৃশ্যৰাজি মেম’ৰী কাৰ্ডত বন্দী কৰি ৰখাৰ অভিপ্ৰায়েৰে কেমেৰাটো ভিতৰৰ পৰা লৈ আহিলোঁগৈ৷
বাহিৰখন জনপ্ৰাণীহীন৷ কেনিও কাৰো সাৰি-শব্দ এটা নাই৷ পৰিৱেশ একেবাৰে শান্ত-সমাহিত৷ বাহিৰৰ লাইটকেইটা জ্বলন্ত অৱস্থাত আছে৷ ঘৰৰ আন কোনোৱেই এই পৰ্যন্ত উঠা নাই বুলিয়ে ধাৰণা হৈছে৷ চোতালৰ ঘাঁহনিত সঞ্জুৰ ৱাগন-আৰখন৷ বতৰটো ভাল দেখিছোঁ৷
বাৰাণ্ডাখনৰ পৰা নামি খটখটিত অৱস্থান ল’লোঁ৷ তামোল গছৰ ফাঁকেৰে উজলি আছে ছবিৰ দৰে ধুনীয়া লগা প্ৰাতঃকালীন জংফা গাঁৱৰ দৃশ্য এটা৷ একা-বেঁকাকৈ গাঁৱৰ মাজৰ কেঁচা ৰাস্তাটো আগুৱাই গৈ দূৰত অদৃশ্য হৈছে৷ নাকৰ পোনে পোনে জংফাৰ পুৰণা গিৰ্জাঘৰটো৷ আখৈফুটা জংফা
বেপ্টিষ্ট চাৰ্চ৷ প্ৰতিষ্ঠা কৰা হৈছিল ১৯৪২ চনত৷ ৱেষ্টাৰ্ণ ৰেংমা বেপ্টিষ্ট এছ’চিয়েচন (ডব্লিউ.আৰ.বি.এ.) আদিতে সেইটো চৌহদতে আছিল৷ পাছত চকীহোলাৰ ওচৰলৈ স্থানান্তৰিত হ’ল৷
অলপ আগেয়ে বাৰাণ্ডাখনৰ সিটো মূৰৰ পৰা চাওঁতে ধকধককৈ বগা নতুন গিৰ্জাটো দেখা পাইছিলোঁ৷ নঙলা মুখৰ পৰা আৰম্ভ কৰি গাঁওবুঢ়াৰ ঘৰৰ আগ, বাঁহৰ বেৰাৰ সিপাৰে থকা প্ৰাথমিক বিদ্যালয়খন, আঁতৰৰ কমিউনিটি
হল, Blessed Homeৰ মুখে মুখে থকা গিৰ্জাটোৰ সন্মুখ ভাগত গোবৰেই গোবৰ৷ গৰু-গাইহে এটাও নেদেখিলোঁ৷ আচৰিত লাগিল৷ চৰিবলৈ
গ’লেই তাৰ মানে! স্বগতোক্তি এটা মুখৰ পৰা ওলাই আহিল আপোনা-আপুনি৷
সঞ্জু উঠিছে৷ গামোচা, চাবোন, টুথব্ৰাছ আদি লৈ দুয়ো পাছফাল পালোঁগৈ৷ ৰাজীৱ, কিৰণ, থাংচি বা গাঁওবুঢ়া এজনৰো এতিয়ালৈ দেখা-দেখি নাই৷ আমি দুয়ো আপোন মনে এজন এজনকৈ সম্পাদন কৰিলোঁ মুখ ধোৱা, শৌচাচাৰ আৰু স্নান কাৰ্য৷ কালি থাংচিয়ে কোৱা কথা এটাৰ এইমাত্ৰ সত্য প্ৰমাণ পাই গ’লোঁ৷ ইয়াৰ পানীত চাবোন সহজে নেফেনায়৷ গাৰ পৰা গুচাবলৈও বহুত সময় লাগে৷ পানীও বহুত লাগে৷ কেলছিয়াম আৰু মেগনেছিয়ামৰ ছালফেট, ক্ল’ৰাইড আৰু বাইকাৰ্বনেট লৱণ দ্ৰৱীভূত হৈ থকা কঠিন পানী৷ চৌবাচ্চাৰ বৰফ-শীতল পানীবোৰ গাত ঢালোঁতে সিৰসিৰণি, কঁপনি আটাইবোৰে একেলগেচোন আক্ৰমণকাৰীৰে ৰূপ লৈ ল’লে! কিবাকৈ প্ৰতিহত কৰিলোঁ যেনিবা৷ অলপ পাছৰে পৰাই কিন্তু মজা লাগিব ধৰিলে৷ গাৰ ঘাম গাতে শুকুৱা দেহাটোৰ বাবে কালিৰে পৰাই এক ধৰণৰ মানসিক অশান্তিয়ে খুঁচি-বিন্ধি আছিল৷ এতিয়া আঁতৰিল৷
ট্ৰেকচুট সামৰি পৰিষ্কাৰ কাপোৰ এযোৰ পিন্ধি লোৱাত মনটো অধিক প্ৰফুল্লিত হৈ উঠিছে৷ কেমেৰাটো হাতত লৈ জংফা গাঁৱত প্ৰাতঃভ্ৰমণ কৰাৰ মানসেৰে অকলেই নামি আহিলোঁ৷ বাতৰি সংক্ৰান্তীয় কিবা জৰুৰী কাম ওলোৱাত সঞ্জু ৰুমতে ৰ’ল৷
চেঙেলীয়া ল’ৰা কেইটামানে গিৰ্জাৰ সন্মুখত গাই-গৰুৱে ত্যাগ কৰি যোৱা গোবৰবোৰ বুটলি উঠাই নিছে৷ আজি দেওবাৰ৷ পুৱাবেলাত প্ৰাৰ্থনা পৰ্ব অনুষ্ঠিত হ’ব৷ চৌপাশ পৰিষ্কাৰ হোৱা উচিত৷ ইয়াত দেখিছোঁ গোবৰৰ অভাৱ নাই৷ গাই আছে মানে গাখীৰৰো অভাৱ নাই বুলি ক’ব লাগিব৷ বিজ্ঞানসন্মত গো-পালন এটা লাভজনক বৃত্তি হ’ব পাৰে৷
৬ বাজিবৰ হ’ল৷ চকোৱাৰ কাষদি যোৱা জংফা গাঁৱৰ মাজৰ কেঁচা ৰাস্তাটোৰে
অগ্ৰসৰ হৈছোঁ কালি যোৱা দিশেই৷ বেৰখনৰ সিপাৰে থাংচিয়ে মুখ ধুই আছিল৷ ফাঁকেৰে দেখা মাত্ৰকে ৰিঙিয়ালোঁ তাক৷ সি মোক এখন্তেক ৰ’বলৈ ক’লে৷ অলপ পাছতে দৌৰি পালেহি৷ থাংচিৰ সৈতে গাঁও ফুৰিবলৈ ওলালোঁ৷ ইফালে-সিফালে চাই চাই ঘৰবোৰ, চৌহদ আৰু বাটৰ ফটো তুলি দুয়ো কথা পাতি মন্থৰ গতিৰে গৈ আছোঁ৷ গ্ৰাম্য জীৱনৰ মধুৰ ছবিবোৰে মনটো ভাল লগাই তুলিছে৷
০২) জংফা... সম্ভাৱনা আৰু বিকাশ
ৰেংমা পাহাৰৰ পাদদেশত এখন সম্ভাৱনাময় গাঁও জংফা৷ প্ৰকৃতি আৰু স্থানীয়ভাৱে হোৱা উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি সীমিত সা-সুবিধাৰে ইয়াৰ জনসাধাৰণে সমাজ পাতি নিয়ম-শৃংখলাৰ গণ্ডীত থাকি বাস কৰি আছে৷ পাৰস্পৰিক আদান-প্ৰদান আৰু মিলা-প্ৰীতিৰে মানুহখিনি চলি আহিছে৷ এই গাঁৱত কেৱল এটা ধৰ্মৰে মানুহ আছে৷ খ্ৰিষ্টান৷ উচ্চ-নীচ, ধনী-দুখীয়াৰ ভেদ-ভাব ইয়াত নাই৷ উৎসৱ-পাৰ্বণত নিজস্ব নীতি-নিয়ম মানি শৃংখলাবদ্ধভাৱে সকলোৱে একেলগে অংশ গ্ৰহণ কৰে৷ গিৰ্জাই ইয়াত মুখ্য ভূমিকা লৈছে৷ সুদৃঢ় কৰিছে পৰিয়াল আৰু সামাজিক জীৱনৰ পৰিকাঠামো৷
থাংচিক সুধিলত জংফা গাঁওখনত বৰ্তমান থকা পৰিয়ালৰ সংখ্যা ৭০মান হ’ব বুলি ক’লে৷ অধিবাসীৰ সংখ্যা ১০০ৰ ওপৰ৷ অভাৱ-অনাটন থাকিলেও ঘৰ-বাৰীবিলাকলৈ চাই ৰেংমা মানুহখিনিক সুখী যেনেই অনুভৱ হৈছে মোৰ৷ কালি লগ দিয়া প্ৰতিজনকে আমাৰ ভাল লাগিছিল৷ আন্তৰিকতাৰে সহায় আগ বঢ়াইছিল তেওঁলোকে৷ তেওঁলোকৰ অবিহনে মৈদাম চোৱাটো কিজানি সম্ভৱপৰ নহ’লহেঁতেন৷
পথ নিৰ্মাণ নোহোৱাটো ইয়াৰ দীৰ্ঘদিনীয়া, মুখ্য সমস্যা৷ আমি খোজ কাঢ়ি থকা, গাঁওখনৰ মাজেৰে যোৱা এই প্ৰধান আলিবাটটো কেঁচা৷ বৰষুণ পৰিলে অহা-যোৱা কৰাযে ভীষণ কষ্টকৰ হৈ পৰে সেয়া বুজাত অসুবিধা হোৱা নাই৷ কালি আমি অতিক্ৰম কৰি অহা দলংকেইখনৰো অৱস্থা কাহিল আছিল৷ মুঠতে যাতায়াত ব্যৱস্থা সুচল নহয়৷ ৰাস্তা-ঘাট, দলং মেৰামতি, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, বিজুলী যোগান, শিক্ষা দান ইত্যাদি কামৰ দায়িত্ব চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ যদিও ধন থাকিলেও সদিচ্ছা কিম্বা বহল মনৰ যেন অভাৱ হৈছে৷ ক’ত গাঁঠি লাগি আছে নাজানো৷ চৰকাৰে পুঁজিৰ আৱণ্টন দিলে ৰাস্তাটো মজবুত হ’লহেঁতেন যদিও মাহী আইৰ কোপদৃষ্টি অদ্যাপি শাম কটা নাই৷ অভিযোগটো যোৱা নিশাৰ আড্ডাতে শুনা গৈছিল৷ বিপৰীতে, ৰাইজে শ্ৰমদান দিহে কিছুমান কাম সম্ভৱ কৰিছে৷ কথা হ’ল, লেহ-লাডাখৰ দৰে অতি দুৰ্গম ঠাইক দেশৰ আন আন প্ৰান্তৰ সৈতে সংযোগ স্থাপন কৰাটো সম্ভৱপৰ হৈছে৷ তেনেস্থলত ইয়াত একো টান কামেই নহয়৷ ভাল ৰাস্তা য’লৈ যায় সভ্যতাও ত’লৈ যায় বুলি সাধুবাক্য এষাৰ আছে৷ গতিকে বিকশিত নৱ-ভাৰতবৰ্ষ নিৰ্মাণৰ অৰ্থে প্ৰথমে চুকে-কোণে পথ পৰিৱহণ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধিবই লাগিব৷ আশা কৰোঁ কাৰ্য-পৰিকল্পনাৰ তালিকাত জংফা অন্যতম লক্ষ্য হিচাপে অন্তৰ্ভুক্ত হ’ব আৰু এইফালৰ মানুহৰ দুখ-দুৰ্দশাবোৰ গুচিব৷
উচ্চ শিক্ষা আৰু চিকিৎসাৰ ব্যৱস্থাও ইয়াত সমূলিকৈ নাই৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে ৰেংমা হিলছ আছিল সবাতোকৈ অধিক মেলেৰিয়া আক্ৰান্ত অঞ্চল৷ অথচ এই এলেকাতে নিৰ্ভৰযোগ্য স্বাস্থ্য কেন্দ্ৰ হৈ নুঠিল! জীৱনদায়িনী ঔষধৰ বাবে কেইবাযোজন অতিক্ৰম কৰিবলগীয়া হয়৷ ইফালে,
প্ৰাথমিক বিদ্যালয়খনৰ বাদে দ্বিতীয় এটা শিক্ষা কেন্দ্ৰ দেখা নাই পোৱা৷ চৰকাৰৰ প্ৰতি একাংশৰ গুৰুতৰ অভিযোগ আছে যে ৰেংমাসকল যিহেতু নগা সেয়ে তেওঁলোকক পিছ পৰি থাকিবলৈ দিয়া হৈছে৷ কিন্তু এইটো দেখদেখকৈ সত্য যে তেওঁলোক নাগালিমত নহয়, অসমৰ লগত আছে৷ অসমেই তেওঁলোকৰ নিজাপী ঘৰ৷
ইয়ালৈ আহি সাধাৰণ দৃষ্টিৰে চাই যি বুজিছোঁ, সকলোৱে মিলা-প্ৰীতি, সহযোগিতা-সহানুভূতি, বন্ধুত্ব-ভ্ৰাতৃত্বৰ মাজেৰে একতা তথা সংহতি বজাই ৰখা জংফা এখন আদৰ্শ গাঁও৷ গাঁওখনৰ ভূ-প্ৰাকৃতিক অৱস্থানটোলৈ চাই মোৰ দৃঢ় ধাৰণা হৈছে, এই গাঁওখনক পশ্চিম কাৰবি আংলঙত আমি চাই অহা তিৱা গাঁও শ্বিকদামাখাৰ আৰ্হিৰে অতি সহজেই পৰিষ্কাৰ গাঁৱৰ ৰূপ দিব পৰা যায়৷ উদ্যান-কৃষিৰ উপৰি জৈৱিক কৃষি-ক্ষেত্ৰ হিচাপেও গাঁওখনক গঢ়ি তুলিব পাৰি৷ বাঁহ-বেত শিল্পৰ কেন্দ্ৰ স্বৰূপেও জংফা আগুৱাই যাব পাৰে৷ কেঁচামালৰ ভাণ্ডাৰ আমি কালি দেখি আহিছোঁ৷ পৰিকল্পিত তথা যথাযথ ব্যৱহাৰে কুটিৰ শিল্পৰ প্ৰতিষ্ঠা সম্ভৱ কৰি তুলিব পাৰে৷ নিপুণ কাঠিয়ক বুলি ৰেংমা মানুহৰ এনেয়েও নাম আছে৷
ঘাঁহনি, বাঁহনি, পুখুৰী, নদী, শস্য-পথাৰ, অৰণ্য আদি হৈছে বিভিন্ন ধৰণৰ পৰিস্থিতি তন্ত্ৰ৷ এই গাঁওখনত বিৰাজমান পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা আছে যেন লাগিছে৷ প্ৰদূষণ নাই৷ তালৈ চাই জংফাৰ পাহাৰৰ বক্ষত ইক’ এডভেনচাৰ ৰিজৰ্ট নিৰ্মাণ সফলকাম হ’ব পাৰে বুলি মোৰ মনে ধৰিছে৷ উল্লেখ্য যে ভাৰতবৰ্ষৰ হস্পিতেলিটি ইণ্ডাষ্ট্ৰি অৰ্থাৎ অতিথি উদ্যোগটোৰ ভৱিষ্যৎ হৈছে ইক’ এডভেনচাৰ টুৰিজম৷ কেইহাং ৰেনচ’ আৰু কলিয়নিক ভিত্তি কৰি ট্ৰেকিং-কেম্পিং-এডভেনচাৰ স্পৰ্টছ, পৰ্যটন কেন্দ্ৰ গঢ় লৈ উঠিব পাৰে বুলি কালিৰ অভিযানটোৰ পৰা মোৰ মনত এটা ভাবনাই খুন্দিয়াই আছে৷ বন্য-জীৱন আৰু পৰ্যটন উদ্যোগৰ উন্নয়নে অঞ্চলটোৰ উৎকৰ্ষ নিশ্চয়কৈ সাধন কৰিব৷ কেইহাং ৰেংমা ফুকনৰ মৈদামক কেন্দ্ৰ কৰি কাৰবি আংলঙৰ টুৰিষ্ট মেপত জংফা অনন্য ৰূপত উজলি উঠিব পাৰে৷
কথা পাতি পাতি খোজ কাঢ়ি কাঢ়ি থাংচি আৰু মই ল’লাশ্বংন্যুৰ দিশে যাব ধৰিলোঁ৷ শিলাময় জুৰি এটা পাহাৰৰ বুকুৰে নামি আহিছে৷ থাংচিক সুধিলোঁ, ‘নামটো কি?’ সি ক’লে, ‘ল’তেনশ্বংৰি৷ গিৰ্জাৰ পিছফালেৰে আখৈফুটাৰ ফালে বৈ গৈছে৷’
‘ল’লাশ্বংন্যুলৈ কিমান দূৰ হ’ব? ব’লা দুয়ো গৈ আহোঁ৷’
‘দূৰ আছে দাদা৷ ১২ কিল’মিটাৰ৷ খোজ কাঢ়িব পাৰিলেও এই মুহূৰ্তত সম্ভৱ নহ’ব৷ ডিফুলৈ ঘূৰি যোৱাৰ কথাটো পাহৰিলে নেকি?’
ল’তেনশ্বংৰিৰ কাষৰ পৰাই আমি উভতিলোঁ৷ অৰণ্যৰ মাজত আগলৈ হেৰাই যোৱা বাটটোলৈ অসহায়ভাৱে মাথো চাবহে পাৰিলোঁ৷ আশা থাকিল, জংফাৰ মাজেদিয়েই যাম কেতিয়াবা ল’লাশ্বংন্যু, বৰপুং, তাৰাপুং৷ গৈ গৈ ওলামগৈ লাংলকছ’, চামেলাংছ’৷ ডিফু অৰ্থাৎ লুম্বাজং ব্লকৰ পৰা আৰম্ভ কৰি বোকাজান, নিলিপ, ৰংমংৱে, চামেলাংছ’, হাওৰাঘাট উন্নয়ন খণ্ডক সামৰি চাৰ্কুলাৰ ট্ৰিপ এটা মনতে কল্পনা কৰি চালোঁ৷ ইচ্ছা মজবুত হ’লে অসম্ভৱ একো নহয়৷
প্ৰকৃতি ভ্ৰমণৰ পৰা গাঁওখনৰ মাজেৰে ঘূৰি আহি আছোঁ৷ মনে মনে ভাবিছোঁ, অৰুণাচল প্ৰদেশৰ জিৰ’ত দেখি অহা বিখ্যাত আপাতানি গাঁও হং ভিলেজৰ দৰে ৰেংমা নগাৰ চিন্তা আৰু কৰ্মৰে বৈশিষ্ট্যপূৰ্ণভাৱে ন-ৰূপত সজাব নোৱাৰিনে জংফাখনক, য’ত ৰেংমাসকলৰ এ’ টু জেড্ উপলব্ধ হ’ব, ৰেংমা জীৱনশৈলী চাবলৈ দেশ-বিদেশৰ মানুহ আহিব!
জংফা শান্তিৰ ঠাই৷ পিছে এলাগী জংফাৰ কৰুণ বিননি শুনিব কোনে? ৰাষ্ট্ৰীয় লক্ষ্য তথা আঞ্চলিক আশা-আকাংক্ষা... এই দুই স্বাৰ্থ পূৰণৰ সমতুল্যতা আগত ৰাখি এলেকাটোৰ সামূহিক উন্নয়ন, বিকাশ, সংস্থাপন, পৰিৱৰ্তন আদি কেনেকুৱা ধৰণৰ হয়গৈ সেয়া অনাগত সময়ে আমাক জনাব৷
০৩) গিৰ্জাত সোমালোঁ
‘ৰেংমা ছাৰৰ বোৱাৰীয়েকৰ ঘৰ এইটো৷ সৰু জোঁৱায়েকৰ ঘৰ সৌটো৷’
গাঁৱৰ মাজেৰে আহি থাকোঁতে থাংচিয়ে ডিফুত থকা মোৰ পৰিচিত মানুহৰ ঘৰকেইটা চিনাবলৈ নাপাহৰিলে৷ সন্মুখ পোৱাৰ লগে লগে উৎসাহেৰে কেমেৰা টোঁৱাই স্নেপ একোটা লৈ থ’লোঁ৷ পেটে পেটে ভাবটো এনেকুৱা যে, ঘৰলৈ ঘূৰি গৈয়ে ৰেংমা ছাৰক দেখুৱাম আৰু আচৰিত কৰি দিম৷ চকীহোলালৈ
আহিলে মোকো লগত আনিবলৈ ছাৰকো এসময়ত অনুৰোধ-বচন শুনাইছিলোঁ৷ সেয়া সম্ভৱ হৈ নুঠিল৷ গতিকে এতিয়া ময়ে বাহাদুৰি(!) এটা মাৰিমগৈ৷ কেইহাং ৰেংমা ফুকনৰ মৈদাম চাই অহাৰ বিষয়েও সবিশেষ
ক’ম৷ প্ৰমাণ স্বৰূপে ফটোবিলাক দেখুৱাম৷ মই জানো, চকুত চকু থৈ ছাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এনেকৈ… ‘বুআআআআ!’ একালত মই পঢ়া
প্ৰাথমিক বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চেপেংগা জিছিং ৰেংমা ছাৰ আমাৰ চুবুৰীয়া আৰু তেনেই ঘৰুৱা৷ জংফা নহয়, চ’শ্বেনলাৰি নং ২ত আছে
তেখেতৰ পৈতৃক ভেটি৷ মাজত কলিয়নিখন৷
এছ.জি.বি.ৰ ঘৰৰ বিপৰীতে, সামান্য আগলৈ এটা বৃহৎ চৌহদ৷ নতুনৰ উপৰি
অতি পুৰণা ঘৰ এটা আছে৷ কিছু পিছুৱাই থকা ঘৰটোৰ ধৰণ আৰু টিনপাতৰ বৰণেই কয় সেইটো কিমান প্ৰাচীন৷ জেওৰাৰ কাষতে সমাধি এটাও আছে৷ আগেদি যাওঁতে ইচ্ছাকৃতভাৱেই ৰৈ দিলোঁ৷ থাংচিয়ে ক’লে, ‘ডিফুত থকা লুচি বাইদেউ, ডুৱেল’, আগাহঁতৰ আচল ঘৰ এইটো৷ এয়া তেওঁলোকৰ দেউতাকৰ কবৰ৷’ এপিটাফত লিখিছে… When you go home tell my friends, I am here.
২০১৩ চনৰ ২৫ জুলাই তাৰিখে ৯২ বছৰ বয়সত ইহ-সংসাৰৰ পৰা বিদায় লৈ কবৰত শুই পৰা ৰেভাৰেণ্ড গিৰেন চেব্বে’ ৰেংমাৰ সৈতে মোৰ সংশ্ৰৱ হৈছিল, কিতাপৰ কামৰ সূত্ৰে৷ ২০০৫ চনত Njang Pethinyu Chali Lü (Traditional Folk Songs of the Rengma Nagas) নামৰ কিতাপ এখন ছপোৱাৰ সৌভাগ্য হৈছিল৷ ২০০৬ চনত Njang Terüpvu Nyu Rela (Rengma History) নামৰ অন্য এখন কিতাপৰ কাম কৰিবলৈ পাইছিলোঁ৷ একেটা বছৰতে তেখেতে সম্পাদনা কৰা Rengma General Baptist Nyu Song Kethü Tehjuh (Christian Marriage) নামৰ কিতাপ এখনো উলিওৱা হৈছিল৷ ৰেংমা কথাৰে লিখা সেই কিতাপবোৰৰ বৰ্ণ আছিল ৰোমান৷ উল্লেখযোগ্য যে ৰেভাৰেণ্ড গিৰেন চেব্বে’ ৰেংমাসকলৰ প্ৰথমজন Ordained Minister৷ ১৯১৪ চনত ৰেভাৰেণ্ড জন মজেছ কাৰ্ৱেলৰ দ্বাৰা খ্ৰিষ্টত দীক্ষা লোৱা চেৰিশ্বেং চেব্বে’ তেখেতৰ পিতৃ৷
সমাধিটোৰ কাষত এপলক থমকি মৃতকৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰিলোঁ৷ মনে
মনে কৈ উঠিলোঁ, ইন্না লিল্লাহি ৱাইন্না ইলাইহি ৰাজিউন৷ ঈশ্বৰ, আল্লা, গড যিয়েই যি নোবোলক, আমি তেখেতৰ দ্বাৰা সৃষ্ট জীৱ আৰু সেইজনাৰ ওচৰলৈ প্ৰত্যাৱৰ্তনকাৰী৷ প্ৰভেদ মাথো সময়ৰ৷ জীৱন নাটৰ সামৰণি কাৰোবাৰ দুদিন আগত, কাৰোবাৰ দুদিন পাছত৷ ৰেভাৰেণ্ডৰ আত্মাই চিৰশান্তি লাভ কৰক৷
গাতে লাগি থকা চৌহদটো প্ৰাক্-স্বাধীনতা কালতে স্থাপিত পুৰণা গিৰ্জাঘৰৰ৷
সামান্য গৈয়ে আৰ.চি.চি. স্তম্ভ এটা পালোঁ৷ ৱেষ্টাৰ্ণ ৰেংমা বেপ্টিষ্ট য়ুথ ইউনিয়নৰ ৰূপালী জয়ন্তী উপলক্ষে ১৯৯১ চনৰ ২৭ জানুৱাৰীত ৰেভাৰেণ্ড গিৰেন চেব্বে’ই মুকলি কৰিছিল৷ মাৰ্বলৰ ফলকত লিখা আছে Christ hath anointed us (II Cor 1:12), পৱিত্ৰ বাইবেলৰ বাক্য৷
মনলিথ-মেগালিথ সংস্কৃতি ৰেংমাসকলৰ প্ৰথা-পৰম্পৰাৰ ভিতৰুৱা এক বৈশিষ্ট্য৷ ৰেংমা অধ্যুষিত অঞ্চলসমূহত এনেকুৱা বহুতো শৈলস্তম্ভ আছে যিবোৰ আচলতে সময়ৰ দলিলস্বৰূপ৷ গৱেষণা কাৰ্যত সেইবোৰে সহায় কৰিব পাৰে৷ গতিকে সংৰক্ষণৰ প্ৰয়োজন নথকা নহয়৷ ৰেংমা সমাজৰ কোনো মানুহে যদি নিজৰ গাঁওবাসীক গৰু-গাহৰি মাৰি ধাৰাবাহিকভাৱে, থাংচিয়ে কোৱামতে
৭বাৰ একে লেথাৰিয়ে, ভালকৈ ভোজ-ভাত খুৱাব পাৰে তেনেহ’লে প্ৰচলিত পৰম্পৰা অনুযায়ী ভোজৰ সময়তে ঘৰৰ আগত বা গাঁৱৰ বাহিৰত সন্মানীয় শৈলস্তম্ভ থিয় কৰাৰ যোগ্যতা লভে৷ তেনেদৰে, মৃতদেহ পোতাৰ ১০
দিনৰ পাছত কবৰত শৈলস্তম্ভ প্ৰতিষ্ঠা কৰাটো পৰম্পৰাগত নিয়ম৷ এইটো কেৱল ৰেংমাসকলৰে নহয়, অসমৰ চহকী সংস্কৃতিৰে অভিন্ন অংগ বুলিব পাৰি৷ পিছে বৰ দুঃখজনক কথা যে ৰেংমা পাহাৰত একালত থকা
এনেকুৱা বহুতো সম্পদ ক্ষতিগ্ৰস্ত হৈ কালৰ বুকুত জাহ গ’ল৷ ভাৰতীয় সংবিধানে ৪৯ (ক) দফাৰ যোগে এইবোৰৰ সংৰক্ষণ নিশ্চিত কৰিছে৷ বিপৰীতে, চৰকাৰৰ প্ৰৰোচনাত এচাম অজ্ঞাত লোকৰ দ্বাৰা কেইহাং ৰেনচ’ত থকা শিলাস্তম্ভ ধ্বংস কৰাটো জনগোষ্ঠীটোৰ প্ৰতি পোনপটীয়া ভেঙুচালি আৰু অসমৰ ইতিহাসৰ পৰা ৰেংমাসকলৰ অস্তিত্ব শূন্য কৰাৰ অভিসন্ধি
বুলিও খেনোৱে অভিযোগ কৰে৷
আখৈফুটা জংফা বেপ্টিষ্ট চাৰ্চ নামৰ পুৰণা গিৰ্জাঘৰটোৰ মুখে মুখেই পাছত সজা আৰ.চি.চি. গিৰ্জাটো৷ বাঁহৰ গে’টখনৰ উপৰি মূল দৰজাখন খোলা আছিল৷ নিঃসংকোচে সোমাই গ’লোঁ ভিতৰলৈ৷ এজনে মজিয়াখন সাৰি আছিল৷ আজি ৰবিবাৰ৷ ৯ বজাত সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া কথা যে ৰেংমা অধ্যুষিত অঞ্চলৰ মানুহৰ নিজৰ ঘৰবোৰ খেৰ-বাঁহৰ হ’ব পাৰে, গিৰ্জাবোৰ কিন্তু পকী৷ নিঃসন্দেহে ৰেংমা গাঁৱৰ এইটো এটা বিশেষ বৈশিষ্ট্য বুলিব পাৰি৷ চৰকাৰী অনুদান কিম্বা পৃষ্ঠপোষকতা অবিহনেই গিৰ্জাবোৰ নিৰ্মাণ হৈ আহিছে৷
ভিতৰৰ হলটো প্ৰকাণ্ড৷ ৰেভাৰেণ্ড এম. কে. লৰিনে ১৯৯২ চনৰ ২২ জানুৱাৰীত আধাৰশিলা স্থাপন কৰিছিল৷ তিনিটা শাৰীত শৃংখলাবদ্ধভাৱে বেঞ্চবোৰ পতা আছে৷ গিৰ্জাৰ দেৱাল ঘড়ীটোৱে জনালে, সময় এতিয়া ৬ বাজি ৩০ মিনিট৷
পোনে পোনে মঞ্চত উঠিলোঁগৈ৷ টেবুলৰ ওপৰত কেইবাখনো বাইবেল৷ গিটাৰ ৰখা ব্যৱস্থাটো দেখি কাষ নাচাপি নোৱাৰিলোঁ৷ এই যন্ত্ৰবিধ এসময়ত মোৰ আকৰ্ষণৰ বস্তু আছিল৷ তাঁৰকেইডালত আঙুলি বুলাই সন্তুষ্টি অকণমান গোপনে লৈ মঞ্চৰ পৰা নামি আহিলোঁ৷ ড্ৰামছেট, চাউণ্ডবক্স, মাইক্ৰফোন, লাইট, ফেন আদিৰে সমৃদ্ধ গিৰ্জাটোৰ অন্তৰভাগ৷ জংফা বেপ্টিষ্ট চাৰ্চৰ বাহিৰত ৭৫ সংখ্যক বৰ্ষপূৰ্তিত স্থাপন কৰা মনলিথ দেখিলোঁ৷ End Time Harvest Ministryৰ মিছনেৰী ৰেভাৰেণ্ড চিমন চামুৱেল ৰেংমাই ২০১৭ চনৰ ৫ নৱেম্বৰত উন্মোচন কৰিছিল৷
গিৰ্জাৰ কাষেদি চকীহোলালৈ যোৱা ৰাস্তাটোৰ সমান্তৰালকৈ বৈছে অথনি ল’লাশ্বংন্যুৰ বাটত আগলিভাগ দেখি অহা ল’তেনশ্বংৰি৷ পাৰাপাৰ হ’বলৈ আই বিম দুডাল পাতি থৈছে৷ তাৰ ওপৰেদি সিপাৰলৈ নি থাংচিয়ে মোক যোৱা ৰাতি গাঁওবুঢ়াৰ ঘৰত লগ পোৱা কেভিল’ বাইদেউৰ পাহাৰৰ ওপৰত থকা ঘৰটো আঙুলিয়াই দেখুৱালে৷ ইচ্ছা থাকিলেও যোৱাৰ সময় এইটো নহয়৷ প্ৰাতঃভ্ৰমণ সামৰি সেইডোখৰৰ পৰাই আমি Blessed Homeলৈ উভতিলোঁ৷
০৪) ৰেংমা শিশুৰ সৈতে এখন্তেক
চাঙৰ ওপৰতে শাৰনে চাহ-বিস্কুট দি থৈ গৈছিল৷ ঘূৰি-পকি আহি মোৰ ভাগৰ কাপটো হাতত তুলি লওঁমানে উত্তাপ ভালেখিনিয়ে কমিল৷ পুৱাৰ প্ৰথমকাপ চাহ৷ হ’লেও বেচেৰীক আমনি দিবৰ সত নগ’ল৷ বহুত কাম কৰিছে তাই৷ কালিৰে পৰাই দেখি আছোঁ কিমান দৌৰা-দৌৰি, কিমান ব্যস্ততা৷ বিস্কুট দুটা চোবাই চেঁচা হ’ব ধৰা চাহপানীখিনিকে ঘোট-ঘোটকৈ দিলোঁ গিলি৷ অভিযোগ কৰিবলৈ নাই৷
চকী এখনত বহি সঞ্জুৱে ম’বাইলত কিবা চাই আছে৷ ৰাজীৱ আৰু কিৰণো বহিলহি৷ বিদায় লোৱাৰ আগতে জংফাৰ চৰকাৰী গাঁওবুঢ়াৰ ইণ্টাৰভিউ এটা লোৱাৰ কথা ভবা হৈছে৷ অলপ পাছতে থাংচি আৰু গাঁওবুঢ়াও আহিল৷ দুয়োৰে উপস্থিতিত প্ৰথমে আমাৰ কাৰ্যসূচী থিৰাং কৰি পেলোৱা হ’ল৷ গিৰ্জাত ৯ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰাৰ্থনাত ৰেংমা ৰাইজৰ মাজত কিছু সময় থকাৰ পাছতহে আমাক জংফাৰ পৰা বিদায় দিয়া হ’ব বুলি ক’লে৷
এতিয়া ৭ বাজিছেহে মাত্ৰ৷ হাতত ঢেৰ সময় আছে৷ শীতল পুৱাটোত মিঠা আমেজ লগোৱা জুইকুৰাক কেন্দ্ৰ কৰি বৃত্তাকাৰে বহি আমি কথা পাতি আছোঁ৷ এনেতে কলপ-ঢলপকৈ ক’ৰ পৰা জানো চোতালত টাৰ্কী এজনী ওলালহি৷ পোহনীয়া চৰাই হিচাপে বহু লোকে এতিয়া এইবিধ পুহিবলৈ লৈছে৷ জ’খেন চেব্বে’ও সেইসকলৰ মাজৰে এজন৷ ব্ৰইলাৰ কুকুৰাৰ দৰে টাৰ্কী পালনে কম সময়ৰ ভিতৰতে স্বনিয়োজনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে বুলি শুনিছোঁ৷ বজাৰত ইয়াৰ চাহিদা হেনো দিনক-দিনে বাঢ়িবলৈ লৈছে৷ টাৰ্কীৰ কণী আৰু মাংসৰ মূল্য অধিক৷ ব্যৱসায়িক ভিত্তিত পালন কৰা এই চৰাই ১২ সপ্তাহৰ পৰা ২০ সপ্তাহৰ ভিতৰত বজাৰলৈ উলিয়াই দিব পৰা যায় বুলি এঠাইত পঢ়িবলৈ পাইছিলোঁ৷ পশুপালনৰ ক্ষেত্ৰখনলৈ অহা এইটো এটা নতুন বিপ্লৱ৷ গাঁওবুঢ়াৰ অভিজ্ঞতা আৰু অনুকৰণ অৰ্থনৈতিক অগ্ৰগতিৰ দিশত জংফাবাসীৰ বাবেও আশাসঞ্চাৰী হৈ উঠিব পাৰে৷
ক্ষন্তেক বিৰতি৷ ইণ্টাৰভিউ ল’বৰ বাবে এছ.জি.বি.জনক পৰম্পৰাগত জেকেট এটা পিন্ধি আহিবলৈ ৰাজীৱে অনুৰোধ জনালে৷ তেওঁ ভিতৰচ’ৰা পালেগৈ৷ কেমেৰাটো লৈ মই এনেয়ে ওলাই আহিলোঁ৷ গিৰ্জাঘৰৰ সন্মুখত ৰ’লোঁহি৷
ল’ৰা-ছোৱালী কিছুমান এইফালে আহিব ধৰিছে৷ তাৰে কেইটামান তেনেই সৰু৷ কাৰোবাৰ ডিঙিত ৰেংমা পৰম্পৰাগত মাফলাৰৰ মেৰ৷ ইছেনথাঙে দিয়া তেনেকুৱা গলাবান্ধ মোৰো আছে৷ ডাঙৰ ছোৱালীজনীৰ গাত ৰেংমা শ্বল৷ আটায়ে সাজি-কাচি আহিছে৷ কালি আমাৰ লগত পাহাৰ বগাবলৈ যোৱা আফিল’ও আহিল৷ মোক দেখা পায়ে অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে সি৷ সিহঁতমখাৰ সৈতে মাত-বোল আৰম্ভ হ’ল৷ ধেমালিও কৰিলোঁ৷ অসমীয়া ভাষা সকলোৱে ধুনীয়াকৈ ক’ব পাৰে৷ মোৰ ডিঙিত ওলমি থকা কেমেৰাটোৱে আকৰ্ষণ বৃদ্ধি কৰিছে৷ স্নেপ ল’ব ধৰাত মনিটৰত নিজকে চাবৰ বাবে ঘেৰি ধৰিলে মোক৷ গিৰ্জাৰ খটখটিত গোটেইসোপাকে থিয় কৰাই গ্ৰুপ ফটো তোলাত কিযে স্ফূৰ্তি! তেনেকুৱাতে সোমাই অহা লোক এজনক কেমেৰাটো দি জুমটোৰ একেবাৰে সন্মুখত, চিৰিত বহি ল’লোঁ এই মধুৰ মুহূৰ্তটো ধৰি ৰখা হওক বুলি৷
খ্ৰিষ্টত বিশ্বাস স্থাপন কৰি তেওঁকেই নিজৰ প্ৰভু আৰু ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছে ৰেংমা শিশুসকলে৷ প্ৰতিজন ৰেংমা মানুহৰে জীৱনত যিশুখ্ৰিষ্ট ইতিমধ্যেই সবাতোকৈ গুৰুত্বপূৰ্ণ, উল্লেখনীয় আৰু প্ৰভাৱশালী চৰিত্ৰ হৈ
পৰিছে৷ প্ৰভু যিশু আৰু তেওঁৰ কৰুণা সকলোতকৈ ডাঙৰ বুলি এই মানুহখিনিৰ বিশ্বাস৷ তাৰ মাজেদিয়েই সংস্কাৰিত হৈছে ৰেংমা সমাজ৷
যিশুখ্ৰিষ্টৰ লগতে তেওঁৰ সেই সপ্তসিন্ধু অৰ্থাৎ ‘মই জগতৰ পোহৰ’, ‘মই সজ ভেৰাৰখীয়া’, ‘ময়েই জীৱন’, ‘ময়েই সত্য’, ‘ময়েই বাট’, ‘মই জীৱন দিওঁতা আহাৰ’, ‘মই আৰু সেই পিতৃ এক’ক এওঁলোকে যথেষ্ট সন্মানৰ চকুৰে চায়৷ প্ৰতিটো বাণী আখৰে আখৰে পালন কৰিবৰ চেষ্টা কৰে৷ আত্মিক পোহৰেৰে এওঁলোক আজি দীপ্তিমান৷
Sunday Schoolৰ বাবে শিশুহঁত গিৰ্জাৰ ভিতৰ সোমাল৷ মই ঘূৰি আহিলোঁ৷ এইফালে জ’খেন চেব্বে’ও সাজু হৈছে৷ আছুতীয়া সাক্ষাৎকাৰ আৰম্ভ হৈ গ’ল৷
প্ৰশ্নকৰ্তা সঞ্জুৱে প্ৰশ্ন সুধি গৈছে, উত্তৰ দিওঁতা গাঁওবুঢ়াই উত্তৰ দি গৈছে৷ ৰেংমাসকলৰ অতীত, বৰ্তমান, ভৱিষ্যৎ সামৰি বিভিন্ন প্ৰসংগ৷ ধৰ্ম, সংস্কৃতি, ঐতিহ্য, ৰাজনীতি, অৰ্থনীতি, ৰেংমাসকলৰ আশা-আকাংক্ষা, প্ৰাপ্তি-অপ্ৰাপ্তি, ইচ্ছা-অনিচ্ছা ইত্যাদি ইত্যাদি৷
কাৰবি আংলঙৰ ৰাজনীতিত ৰেংমা নগাৰ প্ৰতিনিধিত্ব বুলি ক’লে প্ৰথমেই আহে জংফাৰ পৰা প্ৰায় ১২ কিল’মিটাৰ নিলগৰ ল’লাশ্বংন্যু গাঁৱত ১৯২৪ চনৰ ৮ এপ্ৰিল তাৰিখে জন্ম গ্ৰহণ কৰা খয়েনবে’ জিছিং ৰেংমা (Khwenbü Jishing Rengma)ৰ নাম৷ ১৯৪৯ চনতে তেখেতে কাৰবি আদৰবাৰৰ জিলা দাবী সমিতিত যোগদান কৰিছিল৷ গণতান্ত্ৰিক ভাৰতবৰ্ষত ১৯৫২ চনত হোৱা সাধাৰণ নিৰ্বাচনৰ সময়ত মিকিৰ পাহাৰ জিলা পৰিষদৰো নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ উক্ত নিৰ্বাচনত ৰাইজৰ দ্বাৰা নিৰ্বাচিত ১২ গৰাকী আৰু ৰাজ্যপালৰ দ্বাৰা মনোনীত ৪ গৰাকী প্ৰতিনিধিৰে জিলা পৰিষদৰ প্ৰথম কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হৈছিল৷ খৰছিং তেৰাং নেতৃত্বাধীন সেই প্ৰথম মিকিৰ পাহাৰ জিলা পৰিষদ (২৩.৬.১৯৫২ৰ পৰা ২৩.৬.১৯৫৭লৈ)ত খয়েনবে’ ৰেংমা আছিল ৰাজ্যপালৰ দ্বাৰা মনোনীত সদস্য৷ তাৰ পাছত ধনীৰাম ৰংপি নেতৃত্বাধীন চতুৰ্থ মিকিৰ পাহাৰ জিলা পৰিষদ (২৪.৩.১৯৭১ৰ পৰা ১২.১২.১৯৭২লৈ)লৈও তেখেত মনোনীত হৈছিল৷ ১৯৮৫ চনত অষ্টম বিধান সভা সাধাৰণ নিৰ্বাচনত তেখেতে ১৭-বোকাজান সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগ বঢ়াইছিল৷ ২০০৫ চনত তেখেতৰ মৃত্যু হয়৷
খয়েনবে’ জিছিং ৰেংমাৰ পাছত আন এগৰাকী বৰ্ষীয়ান নেতা ৰেশ্বুল’ হিম্বে’ ৰেংমা (Reshulo Himbü Rengma) ২৯.৩.১৯৭৪ তাৰিখৰ পৰা ১২.৬.১৯৭৮ তাৰিখলৈ কাৰবি আংলং জিলা পৰিষদৰ উপাধ্যক্ষ পদবীত আসীন আছিল৷ ১৯৭৯ চনৰ ১৮ ছেপ্টেম্বৰত ডিফুত গঠিত সুকীয়া ৰাজ্য দাবী সমিতিৰ তেখেত আছিল অন্যতম সদস্য৷ ধনীৰাম ৰংপি নেতৃত্বাধীন তৃতীয় মিকিৰ পাহাৰ জিলা পৰিষদ (২৫.৫.১৯৬২ৰ পৰা ২১.৩.১৯৭১লৈ) আৰু জয়ছিং দলৈ নেতৃত্বাধীন চতুৰ্থ মিকিৰ পাহাৰ জিলা পৰিষদ (১২.১২.১৯৭২ৰ পৰা ১১.৫.১৯৭৮লৈ)ত তেখেত ৰাজ্যপালৰ দ্বাৰা মনোনীত সদস্য আছিল৷ ১৯৮৫ চনত অনুষ্ঠিত নৱম লোকসভা সাধাৰণ নিৰ্বাচনত ৰেশ্বুল’ হিম্বে’ই ৩ নং স্বায়ত্তশাসিত জিলা (অ.জ.) সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগ বঢ়াইছিল৷ ১৯৮৯ চনত সপ্তম কাৰবি আংলং জিলা পৰিষদৰ নিৰ্বাচনত ২৫-নিলিপ সমষ্টিৰ পৰা দৰবাৰৰ প্ৰাৰ্থী হিচাপে ভাগ লৈছিল৷ ১৯৯১ চনত নৱম বিধান সভা সাধাৰণ নিৰ্বাচনত ১৯-ডিফু সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব দিছিল৷ ১৯৯৬ চনত অষ্টম কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ১৮-লুম্বাজং সমষ্টিৰ পৰা এ.এছ.ডি.চি.ৰ প্ৰাৰ্থী হিচাপে জয়যুক্ত হোৱাৰ সূত্ৰে পৰিষদৰ কাৰ্যবাহী সদস্যও হৈছিল৷
তাৰ পাছতে আছে ৰেশ্বুল’ ৰেংমাৰ জোঁৱায়েক তথা আমি আশ্ৰয় লোৱা এই গৃহটিৰ গৰাকী তথা জংফা গাঁৱৰ বৰ্তমানৰ চৰকাৰী গাঁওবুঢ়া জ’খেন চেব্বে’ ৰেংমা (Jokhen Sebü Rengma)ৰ নাম৷
এখেতৰ পাছত চকীহোলাৰ ৰাংখেন জিছিং ৰেংমা (Rangkhen Jishing Rengma)৷ মঙলছিং ইংতি নেতৃত্বাধীন ষষ্ঠ কাৰবি আংলং জিলা পৰিষদ (১১.১১.১৯৮৫ৰ পৰা ২৬.১১.১৯৮৬লৈ)ত তেখেত ৰাজ্যপালৰ দ্বাৰা মনোনীত সদস্য আছিল৷
তেখেতৰ পাছত এশ্বৱেন জিছিং ৰেংমা (Ashwen Jishing Rengma)ই ১৯৯৬ চনত ১৭-বোকাজান বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলিছিল৷ ইয়াৰ পাছৰে পৰা জিলাখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰেংমা নগা ব্যক্তিৰ অৱস্থান আৰু দেখা নাযায়৷ পৰিষদত নিজৰ জনগোষ্ঠীটোৰ ৰাজনৈতিক প্ৰতিনিধিত্ব শূন্য হৈ থকাটো ৰেংমাসকল পিছ পৰি ৰোৱাৰ কাৰণ হ’ব পাৰে বুলি মোৰ মনত ধাৰণা এটা বদ্ধমূল হৈ উঠিছে৷
০৬) বাজি উঠিল চাৰ্চ বে’ল
গাঁওবুঢ়াৰ
নিৰ্দেশ পাই শাৰণৰ দৌৰা-দৌৰি আৰম্ভ হৈ গ’ল৷ তাই আমাৰ
বাবে ভাত-পানী আনি চাঙৰ ওপৰতে টেবুলত সজাইছে৷ ঘৰখনত এতিয়া দেওবৰীয়া ব্যস্ততা৷ মানিলে’ বাইদেউ অৰ্থাৎ
গাঁওবুঢ়াৰ পত্নী বোকাজানলৈ যাব৷ বাকী সকলোটি গিৰ্জালৈ৷ আমিও উভতিম ডিফুলৈ৷
খোৱা শেষ কৰিয়ে নিজৰ নিজৰ বয়-বস্তুবোৰ সামৰি গাড়ীত ভৰাই
লোৱা হ’ল৷ কেইহাং ৰেনচ’ত কালি ৰাহ’ই কাটি দিয়া বেতৰ লাখুটিডালো লগত লৈছোঁ৷ মৈদামৰ পৰা
বুটলি অনা শিলগুটিটো যথাস্থানত আছেনে নাই? ৰাকচেকটো এবাৰ খেপিয়াই চালোঁ৷ স্মৃতিৰ সম্বলকেইটা হেৰুৱাব নোখোজোঁ৷
দূৰৰ পৰাই দেখা পালোঁ, সুন্দৰকৈ চুট-টাই পৰিহিত ভদ্ৰলোক
এজন চৌহদলৈ সোমাই আহিছে৷ পকা চুলিৰ লোকজনৰ হাতত এডাল কাঠৰ লাখুটি৷
‘এখেত হৈছে কালি আপোনালোকে লগ পোৱা কেভিল’ বাইদেউৰ স্বামী, ৰেভাৰেণ্ড চিমন চামুৱেল ৰেংমা৷’ অৰ্থাৎ, গাঁওবুঢ়াৰ ভিনিহিয়েক৷ সেউজ পৰিৱেশটোত আমি পৰস্পৰে পৰস্পৰৰ মুখামুখি হ’লো, কৰমৰ্দন আৰু পৰিচয় বিনিময় কৰিলোঁ৷
‘এখেত হৈছে কালি আপোনালোকে লগ পোৱা কেভিল’ বাইদেউৰ স্বামী, ৰেভাৰেণ্ড চিমন চামুৱেল ৰেংমা৷’ অৰ্থাৎ, গাঁওবুঢ়াৰ ভিনিহিয়েক৷ সেউজ পৰিৱেশটোত আমি পৰস্পৰে পৰস্পৰৰ মুখামুখি হ’লো, কৰমৰ্দন আৰু পৰিচয় বিনিময় কৰিলোঁ৷
১৯৪৫ চনৰ ৭ জুলাইত ৰেংমা হিলছৰ Phenjo-Lowjvu নামৰ ভিতৰুৱা
গাঁও এখনত জন্ম গ্ৰহণ কৰা চিমন ৰেংমাই বিপাৰি
চৰকাৰী প্ৰাথমিক বিদ্যালয়ত অসমীয়া মাধ্যমত বিদ্যাৰম্ভ কৰিছিল, ১৪ বছৰ বয়সত! প্ৰতিযোগিতামূলক
বিশ্বত জীয়াই থাকিবলৈ হ’লে শিশু অৱস্থাতে শিক্ষাৰ ভেটিটো সবল কৰিব লাগিব৷ এনে বোধসম্পন্ন ৰেভাৰেণ্ড ৰেংমাই
একালত ডিফু চৰকাৰী বালক বিদ্যালয়ত অধ্যয়ন কৰিছিল বুলি কোৱাত মোৰ অন্তৰংগতা স্বাভাৱিকতে
বাঢ়ি গ’ল, কাৰণ ময়ো সেইখন স্কুলৰে প্ৰাক্তন
ছাত্ৰ৷ আজি আমি লগ হৈছোঁ জংফাৰ চৰকাৰী গাঁওবুঢ়াৰ চোতালত৷ গাঁওবুঢ়া জ’খেন ৰেংমাও উক্ত বিদ্যালয়ৰে পুৰণা
বিদ্যাৰ্থী৷ এনে এক আকস্মিক সংযোগত পেটে পেটে নথৈ গৌৰৱ বোধ কৰিব ধৰিলোঁ৷
এনেকুৱাতে ইনুচ চেব্বে’ ৰেংমাও আহি ওলাল৷ দেখাত শুৱনি লগাকৈ ফিট-ফাট হৈ আহিছে৷ আহিয়ে সুপ্ৰভাত জনালে আৰু হাত মিলালে৷
কালি জংঘলত প্ৰত্যক্ষ কৰা জধলা ৰূপটো সমূলি নাই৷ মধুৰ ক্ষণটো সজীৱ কৰি ৰখাৰ আশাৰে আমি আটায়ে
একেলগে গ্ৰুপ ফটোৰ বাবে প’জ দিলোঁ, এছ.জি.বি.ৰ প্ৰাংগণত৷
টং টং, টং টং… জংফা বেপ্টিষ্ট চাৰ্চত বে’ল বাজি উঠিছে৷ গিৰ্জালৈ বুলি একেলগে আমাৰ খোজ
আৰম্ভ হ’ল৷ ইফালে মানিলে’ বাইদেৱে বিদায়
সম্ভাষণ জনাই আমাতকৈ আগতেই চৌহদ এৰিলে৷ পুত্ৰৰ সৈতে বাইকত উঠি চকীহোলালৈকে যাব৷ তাৰ পৰা
ট্ৰেকাৰত শিলনিজান৷ তাৰ পৰা বাছেৰে বোকাজান পাবগৈ৷ বোকাজানৰ পৰা বিয়লি ডিমাপুৰমুখী হ’ব৷ বৰপুত্ৰৰ ঘৰত নিশা কটাব৷ আজি ৰবিবাৰ৷ বোকাজানত ডি.ই.এল.এড.ৰ
শ্ৰেণী বহাৰ দিন৷ তেখেত এতিয়া এগৰাকী শিক্ষয়িত্ৰীয়ে নহয়, শিক্ষাৰ্থীও৷ পুৱা সোনকালে উঠি একান্তমনে কিবিকিবি লিখি থকা দেখিছিলোঁ৷
০৭) জংফাৰ উপহাৰ
এক, দুই, তিনি, … গিৰ্জালৈ খোজ দি থকাৰ সমানে সমানে জংফাৰ আকাশ-বতাহ মুখৰিত কৰি তোলা ঘণ্টাধ্বনি মই মনে মনে গন্তি কৰি গৈ আছোঁ৷ সোনকালেই আমি শুভ্ৰৰঙী জংফা বেপ্টিষ্ট চাৰ্চৰ প্ৰাংগণত ৰ’লোঁহি৷ শিশুহঁতৰ কাৰ্যসূচী সমাপ্ত হ’ল৷ সিহঁত গিৰ্জাৰ পৰা শাৰী পাতি ওলাই আহিছে৷ আফিল’ মোৰ চকুৱে চকুৱে পৰিল৷ সি হাঁহিলে৷ হাত জোকাৰি বিদায় জনালোঁ তাক৷ আমি অলপ পাছতে যামগৈ৷ আকৌ ক’ত কেনেকৈ লগ পাম, নে জীৱনত আৰু কাহানিও কোনো কাৰো দেখাদেখিয়ে নহ’ম, নাজানো৷ ল’ৰা-ছোৱালীবিলাকে ক’ব নোৱাৰাকৈ, সিহঁত গৈ থকা অৱস্থাতে পাছফালৰ পৰা স্নেপ এটা লৈ থ’লোঁ৷ তেতিয়াহে দেখা পালোঁ, সঞ্জুৱে গাড়ীখন আনি গিৰ্জাৰ মুখে মুখে ৰাস্তাৰ দাঁতিত ৰাখিছে, যাতে ইয়াৰ পৰা বাহিৰে বাহিৰে যাত্ৰা আৰম্ভ কৰি দিব পাৰি, ডিফু অভিমুখে৷
স্থানীয় ৰেংমা
নগা পুৰুষ-মহিলা উভয়ৰে সোঁত বব ধৰিছে দেওবৰীয়া প্ৰাৰ্থনালৈ৷ কি ডেকা কি বুঢ়া প্ৰত্যেকেই
খোজ কাঢ়ি আহিছে৷ কোলাত কেঁচুৱা লৈ কেইবাগৰাকী মাতৃও আহিছে৷ ঘণ্টাৰ তীক্ষ্ণ শব্দই সকলোকে
সজাগ কৰি দিছে যে প্ৰাৰ্থনাৰ সময় সন্নিকট৷ কোন ক’ত আছা ওলোৱা,
আহা গিৰ্জাঘৰলৈ৷ যেনেকৈ ইছলামধৰ্মীৰ ক্ষেত্ৰত আজান৷
এসময়ত ‘মতা ঘণ্টা’ৰ আৱাজ বন্ধ
হ’ল৷ উখল-মাখল পৰিৱেশ৷ সৰহভাগ লোকৰে শৰীৰত
ৰেংমা পৰম্পৰাগত সাজ৷ গাঁওবুঢ়া আৰু থাংচিয়ে পুৰুষ-মহিলাসকলৰ সৈতে আমাক পৰিচয়
কৰাই দিছে৷ হেণ্ডশ্বেক মাৰি তত পোৱা নাই৷ কোনো কোনোৱে আকৌ স্বেচ্ছাই আগুৱাই আহি সম্ভাষণৰ হাত আগ বঢ়াই দিছে, অলপো
সংকোচ নোহোৱাকৈ৷
অথনি শিশুহঁতৰ
ফটো তুলিছিলোঁ, ধেমালি কৰিছিলোঁ৷ এতিয়া প্ৰাৰ্থনাৰ পূৰ্বে
গিৰ্জাৰ
সন্মুখত মণ্ডলীৰ ফটো এখন তুলিলে কেনে হয়? আগ্ৰহটো মনত জন্মাৰ লগে লগে অনুমতি আৰু ব্যৱস্থাপনাৰ
উদ্দেশ্যে গাঁওবুঢ়াৰ কাণ চোৱালোঁ৷ প্ৰকাশ কৰা মাত্ৰক সুখীমনে নিজৰ দোৱানত কথাটো তেওঁ
প্ৰচাৰ কৰি দিলে৷ লগে লগে খটখটিৰ ওপৰত অৱস্থান ল’বলৈ ৰাইজৰ মাজত
উথপথপ আৰম্ভ হৈ গ’ল৷ বাৰ্তাটো শুনা পাই গিৰ্জাৰ ভিতৰত
থকাসকলো হাঁহি-মাতি বাহিৰ ওলাই আহিল৷ এই মানুহবোৰ স্বভাৱতে হাঁহিমুখীয়া, মুকলিমূৰীয়া
আৰু শৃংখলিত৷
‘কিমানবাৰ বজালে?’ সমৱেত প্ৰতিজনৰে মুখবোৰৰ লগতে পৰিস্থিতিৰ
ৰেহ-ৰূপ লক্ষ্য কৰি থকাৰ মাজতে বে’ল টাৱাৰৰ কাষলৈ গৈ ধেমালিৰ সুৰত বে’ল বজোৱা ডেকাজনক প্ৰশ্নটো কৰিলোঁ৷
‘২ মিনিটমান বজাই দিলোঁ৷’ হাঁহি মাৰি তেওঁ উত্তৰ দিলে৷
সংখ্যাটো মই
জনাই দিলোঁ৷ ‘মই হিচাপ কৰিছোঁ,
১২৮ বাৰ৷’
‘হ’ব পাৰে৷’ তেওঁ স্বীকাৰ কৰি ল’লে৷
খ্ৰিষ্টধৰ্মীসকলৰ
প্ৰাৰ্থনা আৰম্ভ হ’ব ধৰাৰ বাৰ্তা
ৰাজহুৱাভাৱে জনাবৰ বাবে ৮ মিনিট পৰ্যন্ত ঘণ্টা বজোৱা হয়৷ এই মুহূৰ্তত মোৰ খুব মনত পৰিছে ৰমিনলৈ৷ একালৰ ৰাষ্ট্ৰীয়
পৰ্যায়ৰ ফুটবল খেলুৱৈ ৰমিন চাংমা৷ আমাৰ ঘৰৰ কাষতে থকা ৱে’ষ্ট ডিফু টাউন
বেপ্টিষ্ট চাৰ্চত সিয়ে তেতিয়া ঘণ্টা কোবাইছিল৷ কৰ্তব্যত নিয়োজিত হৈ থকা হেতুকে
দেওবৰীয়া আবেলি ফুটবল খেলখন আৰম্ভ কৰোঁতে আমাৰ পলম হৈ গৈছিল৷ ৰমিনৰ অনুপস্থিতিৰ সুযোগ
লৈ বিপক্ষই আগে-ভাগে গল দিছিল৷ কিন্তু গিৰ্জা সামৰি দ্বিতীয়াৰ্ধত ৰমিন চাংমাৰ আবিৰ্ভাৱ ঘটাৰ লগে লগে
সিহঁত হৈ পৰিছিল ভেচভেচীয়া৷ জয় হৈছিল আমাৰেই৷ ঘণ্টাৰ নিৰৱচ্ছিন্ন শব্দবোৰে অলপ সময়ৰ
বাবে মোক টানি লৈ গ’ল শৈশৱ, কৈশোৰৰ মধুময় দিনবোৰলৈ৷ ৰমিন এতিয়া আমাৰ মাজত নাই৷
চোতালত আমি উপস্থিত
হোৱাৰ পাছত ৰেভাৰেণ্ড চিমন চামুৱেল ৰেংমাই ক’ৰ পৰা জানো, সৰু কিতাপ এখন উলিয়ালে৷ The Brief
Life Story of Rev. Simon Samual Rengma নামৰ নিজৰ জীৱন কাহিনী বিষয়ক ক্ষুদ্ৰ পুথিখনৰ
ক’পী এটা মোলৈকো
আগ বঢ়ালে৷ ধন্যবাদ সহকাৰে হাত পাতি লৈ থাউকতে পাত মেলি যিটো বুজিলোঁ, এই মানুহজনে এখন দুখন নহয়, ১৭ খন কিতাপ লিখিছে৷ মিছনেৰী হিচাপে ব্যক্তিৰ পৰা ব্যক্তিলৈ,
বাসগৃহৰ পৰা বাসগৃহলৈ, হিন্দুৰ মন্দিৰ, মুছলমানৰ মছজিদ, বৌদ্ধৰ গোম্পা, খ্ৰিষ্টানৰ গিৰ্জা, সকলোতে আছিল তেওঁৰ অবাধ বিচৰণ৷ ২০০৩ চনত প্ৰথমা পত্নীৰ বিয়োগ হোৱাত কেভিল’ বাইদেউক বিয়া কৰাইছিল৷ গিৰ্জাৰ চোতালতে অলপ পাছতে বাইদেউকো পালোঁ৷ সাজি-কাচি
আহিছে দেওবৰীয়া প্ৰাৰ্থনাত চামিল হ’বলৈ৷ পাস্তৰজনকো পালোঁ আৰু পৰিচয় হ’লোঁ৷
এনেতে ৰাহ’ আহিল৷ মোক বেতৰ লাখুটি এডাল দিলে৷
ঘৰৰ পৰাই কাটি লৈ আহিছে, উপহাৰ দিবলৈ৷ যদিওবা কালি এডাল পাইছিলোঁ, স্মৰণীয় বস্তু হিচাপে
এইডালো সাদৰেৰে গ্ৰহণ কৰি ল’লোঁ৷ আৰু অলপ পাছত ফিলিপ ওলালহি৷ মস্ত মস্ত অমিতা কেইটামান মোনা এটাত ভৰাই কেঁকো-জেঁকোকৈ দাঙি আনি আমাক হস্তান্তৰ কৰিলে আৰু ভগাই ল’বলৈ অনুৰোধ জনালে৷ ‘জংফাৰ উপহাৰ দেই৷’ জ’খেন চেব্বে’ই কৈ উঠিল৷
০৮) ৰেংমা সমাজলৈ খ্ৰিষ্ট ধৰ্মৰ আগমন
গিৰ্জাৰ সন্মুখৰ খটখটিত ধৰ্মপ্ৰাণ ৰাইজ শাৰী শাৰীকৈ থিয় হৈছে৷ গ্ৰুপ ফটো লোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰা হ’ল৷ ভিউ ফাইণ্ডাৰেৰে চাই দেখিছোঁ, প্ৰায় প্ৰতিজনৰে মুখে মুখে হাঁহি বিৰিঙিছে৷ অলপ পাছতে কিৰণৰ ডিঙিত মোৰ কেমেৰাটো ওলোমাই দি সঞ্জু আৰু ৰাজীৱৰ সৈতে নিজেও মণ্ডলীৰ মাজত সোমালোঁগৈ, নিজকে সময়ৰ সাক্ষী কৰি থোৱা যাওক বুলি৷
ফটো পৰ্বৰ পাছত সকলোটি
ভিতৰ সোমাল৷ সজাই থোৱা বেঞ্চবোৰত শান্তিপূৰ্ণভাৱে আসন গ্ৰহণ কৰিলে৷ ৯.৩০ হোৱাৰ লগে লগে প্ৰাৰ্থনা আৰম্ভ হ’ল৷ মঞ্চৰ ফালে ঘূৰি একাষে বহি লৈ শব্দ নিয়ন্ত্ৰণকাৰীৰ ভূমিকাত অৱতীৰ্ণ হ’ল ইনুচ৷ মই ইনুচৰ পাছফালে বেৰৰ কাষত থকা বেঞ্চত বহিছোঁ৷ সিটো মূৰত পাস্তৰ চ’ল’ কেণ্ট ৰেংমা আৰু ৰেভাৰেণ্ড চিমন চামুৱেল ৰেংমা৷ যুৱতী এগৰাকীয়ে মঞ্চত থিয় হৈ মাইক্ৰ’ফোনত ৰেংমা দোৱানেৰে আঁত ধৰি কাৰ্যসূচী শুভাৰম্ভ কৰিলে৷ অলপ আগেয়ে শিশুসকলৰ কাৰ্যসূচীও তেৱেঁই পৰিচালনা কৰিছিল৷
ৰেংমা নগাসকল আজি আধুনিক শিক্ষাৰে শিক্ষিত হৈছে৷ ইয়াৰ মূলতে আছিল American Baptist Foreign Mission Societyৰ উৎসাহ আৰু প্ৰেৰণা৷ তেওঁলোকৰ তৎপৰতাতে গোলাঘাটত মিছন স্কুল প্ৰতিষ্ঠা হৈছিল৷ ইফালে পাহাৰত খেতি-বাতি কৰা আৰু নিজৰ কলা-কৃষ্টি বৰ্তাই ৰাখি জীৱন ধাৰণ কৰাতে এই লোকসকলৰ জীৱন সীমাবদ্ধ আছিল৷ যিশুৰ সন্ধান বা শিক্ষা গ্ৰহণ আছিল ভাবিব নোৱাৰা কথা৷ ঠিক তেনেকুৱা সময়তে দুজন ৰেংমা ডেকা ক্ৰমে চেৰিশ্বেং চেব্বে’ (Serisheng Sebü) আৰু জ’খেন চেব্বে’ (Jokhen Sebü)ই পৰিয়াল, বন্ধু-বান্ধৱ তথা গাঁৱৰ মায়া-মোহ একাষৰীয়াকৈ থৈ নিকটৱৰ্তী আগ বঢ়া ঠাই গোলাঘাটলৈ বুলি ওলাই গৈছিল৷ পঢ়া-শুনা কৰাৰ উদ্দেশ্যে দুয়ো তাৰ মিছন স্কুলত ভৰ্তি হ’ল৷ অধ্যয়নৰত অৱস্থাতে ১৯১৪ চনত গোলাঘাটত তেওঁলোকৰ শিক্ষক ৰেভাৰেণ্ড জন মজেছ কাৰ্ৱেলে দুয়োকে খ্ৰিষ্ট ধৰ্মত দীক্ষিত কৰায়৷ ঘৰলৈ উভতি আহি চেৰিশ্বেং চেব্বে’ই ৰেভাৰেণ্ড কাৰ্ৱেলৰ তত্ত্বাৱধানত ১৯১৭ চনত নিজৰ গাঁও শ্বাহোন্যুত এখন মিছনেৰী স্কুল স্থাপন কৰে৷ বিদ্যালয়খনৰ প্ৰথমগৰাকী শিক্ষক হিচাপে শিক্ষকতা কৰাৰ লগতে ৰেংমাসকলৰ মাজত খ্ৰিষ্টৰ বাণী প্ৰচাৰতো তেওঁ ব্ৰতী হয়৷
ৰেংমা সমাজৰ প্ৰথম গিৰ্জাঘৰটো নিৰ্মাণ কৰা হৈছিল ১৯৩২ চনত, ল’লাশ্বংন্যুত, সেই সময়ৰ অগ্ৰণী মিছনেৰী ৰেভাৰেণ্ড ডব্লিউ. আৰ. হাটনৰ তত্ত্বাৱধান আৰু ক্ৰমে গুৱাথাংন্যি চেব্বে’, চানথাং জিছিং (প্ৰচাৰক) আৰু উক্ত গিৰ্জাৰ পালক কেনিনল’ চেব্বে’ৰ সহযোগিতাত৷ গিৰ্জা প্ৰতিষ্ঠাৰ পাছত মিছনেৰী স্কুলখন শ্বাহোন্যুৰ পৰা ল’লাশ্বংন্যুলৈ তুলি অনা হয়৷ শিক্ষক হিচাপে নিযুক্ত কৰা হয় কান্দিৰ টেৰণক৷
ৰেংমা নগাসকল আজি আধুনিক শিক্ষাৰে শিক্ষিত হৈছে৷ ইয়াৰ মূলতে আছিল American Baptist Foreign Mission Societyৰ উৎসাহ আৰু প্ৰেৰণা৷ তেওঁলোকৰ তৎপৰতাতে গোলাঘাটত মিছন স্কুল প্ৰতিষ্ঠা হৈছিল৷ ইফালে পাহাৰত খেতি-বাতি কৰা আৰু নিজৰ কলা-কৃষ্টি বৰ্তাই ৰাখি জীৱন ধাৰণ কৰাতে এই লোকসকলৰ জীৱন সীমাবদ্ধ আছিল৷ যিশুৰ সন্ধান বা শিক্ষা গ্ৰহণ আছিল ভাবিব নোৱাৰা কথা৷ ঠিক তেনেকুৱা সময়তে দুজন ৰেংমা ডেকা ক্ৰমে চেৰিশ্বেং চেব্বে’ (Serisheng Sebü) আৰু জ’খেন চেব্বে’ (Jokhen Sebü)ই পৰিয়াল, বন্ধু-বান্ধৱ তথা গাঁৱৰ মায়া-মোহ একাষৰীয়াকৈ থৈ নিকটৱৰ্তী আগ বঢ়া ঠাই গোলাঘাটলৈ বুলি ওলাই গৈছিল৷ পঢ়া-শুনা কৰাৰ উদ্দেশ্যে দুয়ো তাৰ মিছন স্কুলত ভৰ্তি হ’ল৷ অধ্যয়নৰত অৱস্থাতে ১৯১৪ চনত গোলাঘাটত তেওঁলোকৰ শিক্ষক ৰেভাৰেণ্ড জন মজেছ কাৰ্ৱেলে দুয়োকে খ্ৰিষ্ট ধৰ্মত দীক্ষিত কৰায়৷ ঘৰলৈ উভতি আহি চেৰিশ্বেং চেব্বে’ই ৰেভাৰেণ্ড কাৰ্ৱেলৰ তত্ত্বাৱধানত ১৯১৭ চনত নিজৰ গাঁও শ্বাহোন্যুত এখন মিছনেৰী স্কুল স্থাপন কৰে৷ বিদ্যালয়খনৰ প্ৰথমগৰাকী শিক্ষক হিচাপে শিক্ষকতা কৰাৰ লগতে ৰেংমাসকলৰ মাজত খ্ৰিষ্টৰ বাণী প্ৰচাৰতো তেওঁ ব্ৰতী হয়৷
ৰেংমা সমাজৰ প্ৰথম গিৰ্জাঘৰটো নিৰ্মাণ কৰা হৈছিল ১৯৩২ চনত, ল’লাশ্বংন্যুত, সেই সময়ৰ অগ্ৰণী মিছনেৰী ৰেভাৰেণ্ড ডব্লিউ. আৰ. হাটনৰ তত্ত্বাৱধান আৰু ক্ৰমে গুৱাথাংন্যি চেব্বে’, চানথাং জিছিং (প্ৰচাৰক) আৰু উক্ত গিৰ্জাৰ পালক কেনিনল’ চেব্বে’ৰ সহযোগিতাত৷ গিৰ্জা প্ৰতিষ্ঠাৰ পাছত মিছনেৰী স্কুলখন শ্বাহোন্যুৰ পৰা ল’লাশ্বংন্যুলৈ তুলি অনা হয়৷ শিক্ষক হিচাপে নিযুক্ত কৰা হয় কান্দিৰ টেৰণক৷
২০০৭ চনৰ ২০-২১ জানুৱাৰীত ল’লাশ্বংন্যু বেপ্টিষ্ট চাৰ্চৰ ৭৫ বছৰীয়া জয়ন্তী অনুষ্ঠিত হৈছিল৷ ভাবি ভাল লাগে যে স্মৃতিগ্ৰন্থখনৰ ছপাকাম কৰাৰ মোৰ সৌভাগ্য হৈছিল৷ সেই কামবিলাকৰ সুবাদতে এইফালৰ কিছু কিছু ৰেংমা নগা লোকৰ সৈতে প্ৰত্যক্ষ দেখাদেখি, আন কিছু কিছুৰ সৈতে দেখাদেখি নহ’লেও নামৰ পৰিচয় আৰু কাম-কাজৰ মাজেৰেই সদ্ভাৱ তথা আন্তৰিকতা এটা ক্ৰিয়াশীল হৈ উঠিছিল৷ তেনে কৰ্মৰ সুবাদতে ইয়ালৈ আহি যথেষ্ট মৰম-চেনেহ পাইছোঁ৷
এইটো সহজবোধ্য যে পুৰণি ধ্যান-ধাৰণা পৰিত্যাগ নকৰা তাহানি কালৰ গাঁওবোৰত মিছনেৰীৰ প্ৰৱেশ সহজসাধ্য মুঠেই নাছিল৷ ৰেভাৰেণ্ড হাটনৰ নেৰানেপেৰা চেষ্টাত সেয়া সম্ভৱ হৈছিল৷ কাৰবি ভাষাৰ সৈতে ৰেংমাসকলৰ পৰিচয় থকাত ছাম হাঞ্চে নামৰ কাৰবি লোক এজনে তেতিয়া দোভাষীৰ কাম কৰিছিল৷ মানুহে লাহে লাহে ঈশ্বৰৰ বাক্য শুনিব ধৰিলে, সেই বাণীয়ে তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিলে৷ খ্ৰিষ্টৰ প্ৰতি আকৰ্ষিত হ’ল৷
এনেকৈয়ে আমেৰিকান আৰু কাৰবি প্ৰচাৰকৰ জৰিয়তে লাহে লাহে ৰেংমা নগাসকলে খ্ৰিষ্টান বিচাৰ-ধাৰা, জীৱন-চৰ্যাক আঁকোৱালি ল’লে৷ ৰেংমা অধ্যুষিত অঞ্চলত ধৰ্ম প্ৰচাৰক হিচাপে গুৱাশ্বিং চেব্বে’, মংৱে ৰংহাং, হলিৰাম ইংলেং আদিয়ে সেই সময়ত বগা চাহাবৰ সৈতে সহযোগ কৰিছিল৷ এইদৰে ব্যাপ্তি লাভ কৰি ১৯৪৯-১৯৫১ চনৰ ভিতৰত সকলো ৰেংমা লোকেই ধৰ্মীয়ভাৱে খ্ৰিষ্টান হৈ পৰে৷
নগাসকলৰ মাজত সৌ-সিদিনালৈকে নৰমুণ্ড চিকাৰ আছিল শৌৰ্য-বীৰ্যৰ পৰিচায়ক৷ হিংস্ৰ বনৰীয়া জন্তু চিকাৰ কৰিব পৰাটোও আছিল এক বিশেষ কৃতিত্ব৷ এনে খ্যাতি লাভ কৰিব পৰা লোককহে মানুহে সন্মান কৰিছিল৷ গাভৰুসকলৰো পক্ষপাতিত্ব আছিল তেনেহেন বীৰপুৰুষৰ প্ৰতিহে৷ আংগামী চিকাৰীৰ অদ্ভুত গৃহসজ্জা খনমাত নিজ চকুৰে দেখিছোঁ৷ আমেৰিকান মিছনেৰীয়ে খ্ৰিষ্টানলৈ ধৰ্মান্তৰিত কৰাৰ পাছত মুণ্ড চিকাৰৰ প্ৰথা সমূলি লোপ পালে৷ পূৰ্বৰ সেই আদিমতা, লুটপাট আৰু উপদ্ৰৱৰ কু-অভ্যাসসমূহ এতিয়া আৰু নাই৷ উদাৰতা, সহিষ্ণুতা আৰু চুবুৰীয়াৰ লগত শান্তিপূৰ্ণ সহাৱস্থানৰ উপৰি শিক্ষা, স্বাস্থ্যবিধি, সুস্থ জীৱনধাৰাৰ মূল্য উপলব্ধিৰে শৃংখলাবদ্ধভাৱে এই মানুহখিনিয়ে জীৱন অতিবাহিত কৰি গৈছে৷ এওঁলোক প্ৰভু যিশুৰ পৰম ভক্ত৷ মুক্তিদাতা যিশুখ্ৰিষ্টৰ প্ৰতি এওঁলোকৰ অপৰিসীম আস্থা৷ খ্ৰিষ্টমাছ, বিয়া-বাৰুকে ধৰি অন্যান্য মাংগলিক অনুষ্ঠানসমূহ গিৰ্জাতে সম্পাদন কৰা হয়৷
০৯) জংফা এৰি আখৈফুটাত এভুমুকি
এইটো ঠিক যে ১৯ শতিকাত খ্ৰিষ্টান ধৰ্ম গ্ৰহণ কৰাৰ আগলৈকে ৰেংমা নগা জাতিৰ সময়ানুক্ৰমিক লিখিত বিৱৰণ তেনেকৈ নাছিলেই৷ আহোম বুৰঞ্জী, ইংৰাজ প্ৰশাসকৰ প্ৰতিবেদন, কাৰ্যবিৱৰণীৰ অনুচ্ছেদ, জৰীপৰ টোকা, খ্ৰিষ্টান মিছনেৰীৰ লেখা, গেজেটিয়াৰ, জাৰ্নাল, বিদেশী ভ্ৰমণকাৰীৰ দিনলিপি আদিত সিঁচৰতি অৱস্থাত কিছু কিছু তথ্য ছেগা-চোৰোকাকৈ উপলব্ধ হৈছিল৷ Andrew John Moffatt Mills, Major John Butler, Alexander Mackenzie, Sir James Johnstone আদিয়ে অতীতৰ কথা কিছুমান লিখি থৈ গৈছিল৷ ৰাজ্যপালৰ পৰামৰ্শদাতা তথা অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিষয়ক সচিব James Philip Millsএ লোক-কথা আৰু মৌখিক কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি ৰেংমাৰ বিষয়ে ১৯৩৭ চনত এখন স্বকীয় গ্ৰন্থ (Monograph) ৰচনা কৰি গৈছে৷
৯ বাজি ৪৫ মিনিট৷ আমি জংফা এৰিলোঁ৷ থাংচিও আমাৰ সৈতে ওলাইছে ডিফুলৈ৷ আহোঁতে চলোৱাৰ দৰেই এতিয়াও সঞ্জুৰ গাড়ীখন ড্ৰাইভ কৰিব ৰাজীৱেই৷ কালি আমাৰ সৈতে কেইহাং ৰেনচ’ত উঠিবগৈ নোৱাৰিলেও এইটো কামত তাৰ দৃঢ়তা আছে৷ আৰু পাহাৰ বগাব নোৱাৰা বাবেই যিডোখৰৰ পৰা সি ঘূৰি আহিল সেইডোখৰৰ আমি নাম দিলোঁ ৰাজীৱ পইণ্ট৷ কথাটো ওলোৱাত গাড়ীৰ ভিতৰত হাঁহিৰ ৰোল উঠিল৷ ৰাজীৱে গতি লওঁতেই এপলক ঘূৰি চালোঁ পাছফালে এৰি অহা পাহাৰখনলৈ, গাঁওবুঢ়াৰ ঘৰখনলৈ, গিৰ্জাটোলৈ৷ মনে মনে কৈ উঠিলোঁ, বিদায় জংফা, বিদায় কেইহাং পাহাৰ, বিদায় Blessed Home, আকৌ আহিম৷
১১) ঘৰ পালোঁহি
পুনৰ গতি কৰি অলপ পাছতে পালোঁহি সৰিয়হজান৷ সৰিয়হজানত ৩৯ নং ৰাষ্ট্ৰীয় ৰাজমাৰ্গ এৰিলোঁ৷ সোঁহাতে ডিফুমুখীকৈ সোমাই
কুলিগাঁও, হিদিপি, ডিলাই পাৰ হৈ ডিলাই তিনিআলিত সংযোগ হ’লোঁ ৰাষ্ট্ৰীয় ঘাইপথ নং ৩৬ত৷ কি ৩৯, কি ৩৬, দুয়োটাৰে অৱস্থা তথৈবচ৷ যাত্ৰাসুখ বাৰে বাৰে হৰি লৈ যায়৷ বহুত মানুহে, বিশেষকৈ বুধিয়ক মানুহে গাড়ী-মটৰ বাদ দি সেয়ে ৰে’লত অহা-যোৱা কৰে৷
‘আহোঁতে আহিছিলোঁ যদিও এতিয়া হাপজান হৈ নাযাওঁ দেই৷’
ৰংপ্লিমপ্লাম পোৱাৰ কিছু আগতেই ৰাজীৱে মনোভাব স্পষ্ট কৰি দিলে৷ দলং ভাল নহয়৷ গতিকে ৰাস্তা বেয়া যদিও মাঞ্জা হৈ যোৱা হ’ব৷
ভগ্নপ্ৰায় পথেৰে আগ বাঢ়ি ৩.০০ বজাত আমি মাঞ্জা ওলালোঁহি৷ হিমালয় হোটেলত চাহ, চিঙৰা, ৰসগোল্লা খাই লৈ ৩.৪৫ মিনিটত পাই গ’লোঁ ডিফু৷ পিঠিত ৰাকচেক, হাতত বেতৰ লাখুটিৰ লগতে কেঁকো-জেঁকোকৈ লাউ, ৰঙালাউ, অমিতা, বিলাহীৰ টোপোলা আৰু অন্তৰত কেইহাং পৰ্বত, জংফাৰ স্মৃতি লৈ পৰিতৃপ্ত মনেৰে আপোন ঘৰ সোমালোঁ৷ (সমাপ্ত)
পুচ্ছাংশ...
ভিন্ন ভিন্ন জনজাতীয় জীৱনক আলোকিত কৰি অসমীয়া ভাষাত ভালেকেইখন উপন্যাস পুথি বিভিন্নজন লেখকে ইতিমধ্যে প্ৰণয়ন কৰিছে৷ ৰেংমা পিছে এতিয়াও উপেক্ষিত৷ এই জনগোষ্ঠীটোক লৈ লেখা-মেলা আজিও সীমিত পৰিসৰতে আছে৷ জন্ম-মৃত্যু-বিবাহ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-পৰম্পৰা, খেতি-বাতি-চিকাৰ, গাঁও-ভূঁই আদিকে সামৰি স্বকীয় বৈশিষ্ট্য, আত্মপৰিচয় আৰু ঐতিহ্যৰে চহকী, বৃহত্তৰ তথা বৰ্ণাঢ্য অসমভূমিৰ অংগাংগী অন্যতম বংশধৰ ৰেংমা নগাসকল৷ ভাবি পাইছোঁ, ৰেংমা নগা জনজীৱনক লৈ উপন্যাস এখন লিখাৰ যথেষ্ট থল আছে৷ পাহাৰীয়া জনগোষ্ঠীটোৰ বৈশিষ্ট্যসমূহৰ অনুৰণন তুলি ৰেংমা জীৱনৰ বিচিত্ৰ ৰূপৰ কলাত্মক প্ৰকাশৰ বাবে আগ্ৰহীজন নিজগুণে আগ বাঢ়ি আহিব পাৰে৷
(abdussazid.blogspot.inত আটাইবোৰ খণ্ড একত্ৰে চিত্ৰসহ উপলব্ধ)
এইটো ঠিক যে ১৯ শতিকাত খ্ৰিষ্টান ধৰ্ম গ্ৰহণ কৰাৰ আগলৈকে ৰেংমা নগা জাতিৰ সময়ানুক্ৰমিক লিখিত বিৱৰণ তেনেকৈ নাছিলেই৷ আহোম বুৰঞ্জী, ইংৰাজ প্ৰশাসকৰ প্ৰতিবেদন, কাৰ্যবিৱৰণীৰ অনুচ্ছেদ, জৰীপৰ টোকা, খ্ৰিষ্টান মিছনেৰীৰ লেখা, গেজেটিয়াৰ, জাৰ্নাল, বিদেশী ভ্ৰমণকাৰীৰ দিনলিপি আদিত সিঁচৰতি অৱস্থাত কিছু কিছু তথ্য ছেগা-চোৰোকাকৈ উপলব্ধ হৈছিল৷ Andrew John Moffatt Mills, Major John Butler, Alexander Mackenzie, Sir James Johnstone আদিয়ে অতীতৰ কথা কিছুমান লিখি থৈ গৈছিল৷ ৰাজ্যপালৰ পৰামৰ্শদাতা তথা অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিষয়ক সচিব James Philip Millsএ লোক-কথা আৰু মৌখিক কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি ৰেংমাৰ বিষয়ে ১৯৩৭ চনত এখন স্বকীয় গ্ৰন্থ (Monograph) ৰচনা কৰি গৈছে৷
আজিৰ কাৰ্যসূচীৰ নেতৃত্ববহনকাৰী ৰেবেকা কেম্প ৰেংমাৰ আহ্বানক্ৰমে আৰম্ভণী প্ৰাৰ্থনা কৰা হ’ল৷ তাৰ পাছত আৰম্ভণী গীত পৰিৱেশন কৰা হ’ল৷ অথনি চানডে’ স্কুলৰ উপাসনা কাৰ্যসূচীও এই যুৱতীগৰাকীয়েই পৰিচালনা কৰিছিল৷ ইয়াৰ পাছত
ঘোষণা আৰু দান সংগ্ৰহ৷ তেনেকুৱাতে চৰকাৰী গাঁওবুঢ়া জ’খেন চেব্বে’ ৰেংমাই আমাক যাবৰ বাবে অনুমতি দিলে৷ গিৰ্জাৰ ভিতৰতে ৰাইজৰ পৰা বিদায়
লৈ আমি বাহিৰ ওলাই আহিলোঁ৷ দানপাত্ৰলৈ যথাসাধ্য বৰঙণিও আগ বঢ়োৱা হ’ল৷ বৰমূৰীয়া কেইজনমানে আমাক পদূলিলৈকে আগ বঢ়াই
দিলে৷ ৰাহ’ গাড়ীখনৰ কাষ
পালেহি৷ আলিংগনেৰে তেওঁৰ পৰা বিদায় লৈ নিজৰ চিটত বহিলোঁ, ভৱিষ্যতে আকৌ লগ পোৱাৰ
প্ৰতিশ্ৰুতিৰে৷
৯ বাজি ৪৫ মিনিট৷ আমি জংফা এৰিলোঁ৷ থাংচিও আমাৰ সৈতে ওলাইছে ডিফুলৈ৷ আহোঁতে চলোৱাৰ দৰেই এতিয়াও সঞ্জুৰ গাড়ীখন ড্ৰাইভ কৰিব ৰাজীৱেই৷ কালি আমাৰ সৈতে কেইহাং ৰেনচ’ত উঠিবগৈ নোৱাৰিলেও এইটো কামত তাৰ দৃঢ়তা আছে৷ আৰু পাহাৰ বগাব নোৱাৰা বাবেই যিডোখৰৰ পৰা সি ঘূৰি আহিল সেইডোখৰৰ আমি নাম দিলোঁ ৰাজীৱ পইণ্ট৷ কথাটো ওলোৱাত গাড়ীৰ ভিতৰত হাঁহিৰ ৰোল উঠিল৷ ৰাজীৱে গতি লওঁতেই এপলক ঘূৰি চালোঁ পাছফালে এৰি অহা পাহাৰখনলৈ, গাঁওবুঢ়াৰ ঘৰখনলৈ, গিৰ্জাটোলৈ৷ মনে মনে কৈ উঠিলোঁ, বিদায় জংফা, বিদায় কেইহাং পাহাৰ, বিদায় Blessed Home, আকৌ আহিম৷
জংফা বেপ্টিষ্ট চাৰ্চ এৰি ২ কিল’মিটাৰমান আহি পূব ৰেংমা মৌজাৰ পুৰণা গাঁও, ১৯২৭ চনতে গঢ়ি উঠা আখৈফুটাত সোমালোঁ৷ মোৰ ডাঙৰ মামাৰ অন্তৰংগ বন্ধু
তথা চকীহোলা অঞ্চলৰ বিশিষ্ট কমলা খেতিয়ক চিন্দু জিছিং ৰেংমাৰ ঘৰটো ঘূৰি যাওঁতে দেখুৱাই নিবলৈ থাংচিক
আগতেই কৈ থৈছিলোঁ৷ চিন্দু মামা জীয়াই থাকোঁতে এবাৰো অহা নহ’ল৷ এতিয়াহে ভাগ্যত সময় মিলিল!
মূল পথটো এৰি বাঁওহাতে সোমায়ে জংফাৰ পৰা আছুতীয়াকৈ
আখৈফুটাৰ ৰাইজে ২০১৭ চনৰ অক্টোবৰ মাহত কাঠ, বাঁহ, টিনপাতেৰে নিৰ্মাণ কৰা গিৰ্জাটো বাটৰ সোঁকাষে পাই গ’লোঁ৷ চাইনব’ৰ্ডত গাঁওখনৰ নামটো Enrhuga Pheng বুলি লিখা হৈছে৷ অকণমান উঠি গৈ সোঁহাতে ফলে-ফুলে জাতিষ্কাৰ চাংঘৰ এটালৈ আঙুলিয়াই থাংচিয়ে কৈ উঠিল, ‘সৌটোৱে চিন্দু ৰেংমাৰ ঘৰ৷’ চিন্দু
মামাই ৫০-৬০ বিঘাতকৈ অধিক এলেকাত সুমথিৰাৰ খেতি কৰিছিল৷ সেই টেঙা দুই-চাৰিটা হ’লেও আমাৰ ঘৰো পাইছিলগৈ৷ শুনামতে আখৈফুটা, খেনাৰিৰ ফালে কমলা গছ বুঢ়া হৈ যোৱাত নতুন প্ৰজন্মৰ গৰাকীয়ে সেইবোৰ কাটি পেলাই এতিয়া হেনো ৰবৰ গছ ৰোপণ কৰিছে৷ কথাটো চিন্তনীয়৷ সেয়া যি কি নহওক, এতিয়া ডিফুলৈ গৈ আকালে’ৰ আগত বাহাদুৰি মাৰি ক’ব পাৰিম যে চিন্দু মা্মাৰ ঘৰ চাই আহিলোঁ৷ আকালে’ জিছিং হৈছে মামাৰ ভনীয়েক, ইছেনথাঙৰ পৰিবাৰ, আমাৰ ওচৰৰ আৰু ঘনিষ্ঠতা থকা ৰেংমা পৰিয়াল৷
তামোল, নাৰিকল, তাল, টকৌ, খেজুৰ গছৰ উপৰি আন আন গছেৰে আখৈফুটা গাঁওখন শ্যামলীমাৰে পৰিপূৰ্ণ৷ গাঁৱৰ মাজৰ কেঁচা ৰাস্তাটোৰে ৰাজীৱে গাড়ীখন কিছু
আগলৈ নি ঘূৰাই আনিলে৷ ঘূৰি আহোঁতে চিন্দু মামাৰ ঘৰটো পুনৰবাৰ লক্ষ্য কৰিলোঁ৷ টিনপাতবোৰত মামৰৰ ৰহণ৷ বাৰাণ্ডাত দুজন মানুহ বহি থকা দেখিলোঁ৷ লোৰ গে’টখন খোলা৷ পিছে সময়ৰ নাটনিৰ বাবে আমি ভিতৰত নোসোমােৱাত কাকো মাত দিয়া নহ’ল৷ গুচি আহিলোঁ৷
ঘূৰি আহি মুজেং
জুৰিটো ৰাজীৱে সাৱধানে পাৰ কৰিলে৷ দলং বেয়া৷
কেতিয়া ভাল হ’ব ঈশ্বৰেহে জানে৷ উন্নত পৰিৱহণ ব্যৱস্থাই দেশ এখনৰ
অৰ্থনৈতিক উন্নতিত যথেষ্ট বৰঙণি যোগায়৷ বিভাগীয় কৰ্তৃপক্ষৰ বাবে এই কথাষাৰ ইমানেই
টান হৈ পৰিছেনে বুজিবলৈ! নিজকে নিজে কৈছিলোঁহে এনেকৈ, সংগীসকলো জঁকি উঠিল পথ-দলঙৰ দুৰৱস্থাক লৈ৷
কলিয়নিৰ পাৰে পাৰে কেঁচা ৰাস্তাৰে ধীৰে ধীৰে আগ বাঢ়িছে
আমাৰ গাড়ী৷ ৰাজীৱৰ প্ৰস্তাৱ মৰ্মে ঘাটত কিছু পৰ ৰোৱা হ’ল৷ নৈখনক পাছফালে লৈ ফটো তোলা
হ’ল৷ তাৰ পাছতে আকৌ গাড়ীত বহিলোঁহি৷
১০) কলিয়নিৰ ঘাটত মেলেঙত উঠিলোঁ
১০) কলিয়নিৰ ঘাটত মেলেঙত উঠিলোঁ
স্থানীয় বিধায়কৰ এলেকা উন্নয়ন পুঁজিৰ আবণ্টিত ধন ৩ লাখেৰে নিলিপ উন্নয়ন খণ্ডৰ অন্তৰ্গত জংফা ঘাটৰ পৰা বৰলাংছ’লৈ ২০১২-১৩ চনত নিৰ্মিত পথেৰে আমি গৈ আছোঁ৷ শিলগুটি ছটিয়াই থৈয়ে কাম সামৰিলে৷ আলকতৰাৰ নাম-নিচান নাই৷
আগলৈ আৰু এটা ঘাট আছে৷ ইয়াতো ৰখালেহি ৰাজীৱে৷ কলিয়নিৰ এই ঘাটটোত মেলেং চলে৷ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি আৰু বৰাক উপত্যকাৰ ভূমিহীন নদীয়াল মানুহৰ সংঘাতময় জীৱনৰ এটা উপ-জীৱিকা মেলেঙক লৈয়েই৷ ইয়াত তাৰ পূৰ্ণ প্ৰতিফলন দেখা নগ’লেও কলিয়নিৰ ইপাৰ-সিপাৰ হ’বলৈ কিন্তু আজিৰ তাৰিখতো ১৪ ডাল গোটা বাঁহেৰে সজা মেলেংখনেই একমাত্ৰ ভৰসা৷ পানী বাঢ়িল মানেই যোগাযোগ বন্ধ৷ পাৰত বহি বোন্দাপৰ দি এসময়ত ঘৰলৈ উভতি যোৱাৰ বাদে বেলেগ কথা নাই৷
আগলৈ আৰু এটা ঘাট আছে৷ ইয়াতো ৰখালেহি ৰাজীৱে৷ কলিয়নিৰ এই ঘাটটোত মেলেং চলে৷ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি আৰু বৰাক উপত্যকাৰ ভূমিহীন নদীয়াল মানুহৰ সংঘাতময় জীৱনৰ এটা উপ-জীৱিকা মেলেঙক লৈয়েই৷ ইয়াত তাৰ পূৰ্ণ প্ৰতিফলন দেখা নগ’লেও কলিয়নিৰ ইপাৰ-সিপাৰ হ’বলৈ কিন্তু আজিৰ তাৰিখতো ১৪ ডাল গোটা বাঁহেৰে সজা মেলেংখনেই একমাত্ৰ ভৰসা৷ পানী বাঢ়িল মানেই যোগাযোগ বন্ধ৷ পাৰত বহি বোন্দাপৰ দি এসময়ত ঘৰলৈ উভতি যোৱাৰ বাদে বেলেগ কথা নাই৷
দেশে স্বাধীনতা
লভা ৭ দশক পাৰ হ’ল৷ কাৰবি আংলং
জিলা গঠন হোৱাও ৭ দশক হওঁ হওঁ হ’লহি৷ অতি প্ৰয়োজনীয় দলং এখন হ’লে আজিলৈ হৈ নুঠিল৷ ডিফুত মাষ্টৰী কৰি অৱসৰ গ্ৰহণ কৰা আমাৰ চুবুৰীয়া চেপেংগা ৰেংমা ছাৰ মেলেঙেৰেই এদিন এই জলপথেৰে, সিপাৰৰ নিজা গাঁও চ’শ্বেনলাৰি
নং ২ৰ
পৰা ওলাই গৈছিল৷ মানুহ বুঢ়া হৈ গ’ল, দলং হ’লে নহ’ল৷ কিমান দুখৰ কথা হ’ব পাৰে, কিমান
দুৰ্দশা লৈ জীয়াই থাকিব পাৰে অঞ্চলটোৰ জনসাধাৰণে! এই দুৰ্দশাৰ অন্ত ক’ত? নাজানো৷
ওলোমা দলং
এখন থকা হ’লেও! পিকনিক স্পটৰ লগতে পৰ্যটকৰ বাবে আকৰ্ষণৰ বিন্দু হ’লহেঁতেন নিশ্চয়৷ তৎক্ষণাৎ
অৰুণাচলৰ দৃশ্য কেইটামানলৈ মনত পৰি গ’ল৷ দুৰ্গমতাক নেওচি লোৰ শকত-দীঘল তাঁৰকেইডালমান
যোগাৰ কৰি তাত ৰাইজে খৰস্ৰোতা নৈ-নিজৰাৰ ওপৰেদি নিজেই সাজি লয় হেঙিং ব্ৰীজ একোখন৷ অনুৰূপ ব্যৱস্থা এটা সহজেই ইয়াতো কৰিব পৰা গ’লহেঁতেন চাগৈ৷ কম খৰচী ৰছী-পৰিৱহণ ব্যৱস্থাৰ
প্ৰয়োগৰ কথাটো বোধ হয় কাৰো চিন্তাত দোলা দিয়া নাই৷ ক’বলৈও কোনো নাই৷ কাকনো ক’ম? থাংচিকে ক’লোঁ৷
জীৱন-জীৱিকা, প্ৰত্যাহ্বান-প্ৰতিবন্ধকতাৰ অহৰহ মুখামুখি হৈ জীৱন ডিঙা বাই থকা কলিয়নিৰ
মেলেঙীয়াল এজন৷ নামটো ধ্যেয়ং৷ মানুহ পাৰ হ’লে গাইপতি ১০
টকাকৈ লয়৷ আমাৰ আগে আগে চাইকেলৰ সৈতে গাভৰু এজনী সিপাৰত থ’লেগৈ৷ থাংচিয়ে ৰেংমা দোৱানেৰে চিঞৰি তেওঁক এইপাৰলৈ মাতিলে৷ বাম পোৱাৰ পাছত আমি পাঁচোটাই মেলেঙত উঠি ল’লোঁ৷ প্ৰথমে টুলুং-ভুটুং কৰিছিল যদিও মেলেং-বাইচাজনৰ নিৰ্দেশনামতে সন্তুলন মিলাই লোৱাত স্থিৰ হ’ল যেনিবা৷ কলিয়নিৰ বুকুত মুকলি মনে বতাহ খাই ফুৰিছোঁ৷ পেটে পেটে ভয়ো আছে মোৰ, সাঁতুৰিব মুঠেই নাজানো৷ একতীয়া হ’লেই জীৱন শেষ৷ তৎসত্ত্বেও বিপৰ্যয় পাহৰি এই সময়কণতে মনলৈ আহিল মানুহৰ মুখত শুনিবলৈ পোৱা কথাবোৰ৷ নৈখনৰ পানীৰ উপৰিভাগত আখৈ ভাজিলে ফুটাৰ দৰে শব্দ হৈছিল, বগা ৰং ওলাইছিল, পানীৰ তলত বন্দুক আকাৰৰ শিল আছিল৷ এতিয়া সেইবোৰ ক’ত? চকুকেইটাই বিচাৰি ফুৰিছে৷ কাকতালীয়ভাৱে, এই সময়তে বৰকৈ মনত পৰিল
প্ৰয়াত বসন্ত দাসদাৰ ‘মেলেং’ উপন্যাসখনলৈ৷
‘ঘাটটোত খৰি,
খেৰ, বাঁহ আদি দ’মাই থোৱা দেখা
পালোঁ৷ চাপৰিৰ পৰা সেইবোৰ কঢ়িয়াই অনা হৈছে৷ গোটা বাঁহৰ কেইবাটাও মুঠা জাপি সজা মেলেং
এখনো আছে৷ পৰিৱহণৰ খৰচ বচাবলৈ মেলেঙীয়ালহঁতে নাব্য নদীৰ ভটিয়নী সোঁতত ভূৰৰ দৰে মেলেং
মেলি দি বাঁহবোৰ সহজতে বোৱাই আনে৷’ বসন্তদাৰ ভাষা৷
‘মেলেং’ উপন্যাসখন পঢ়ি সামৰোঁতেই
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিলৈ গৈ ত্ৰিপুৰা-মিজোৰাম সীমান্তৰ জামপুই হিলছৰ পৰা ওলাই
অহা লংগাই নৈখনত মেলেঙত নিজে এবাৰ উঠি চোৱাৰ বাবে মনটোৱে খুব উচপিচ কৰিছিল৷ তদুপৰি মেহেৰ আলী, ঈৰ্ছাদ আদি মেলেং-বাইচাহঁতক লগ পোৱাৰ
দুৰন্ত ইচ্ছা এটায়ো বৰকৈ টানি আছিল৷ প্ৰয়াস নচলোৱা নহয়, চলাইছিলোঁ৷ পিছে দুৰ্ভাগ্য৷ ফলৱতী নহ’লোঁগৈ৷ ইয়াত এতিয়া চকুৰ আগত মেলেংখন দেখা পাই প্ৰয়াত ঔপন্যাসিকজনৰ
সদাচিনাকি মুখখন আৰু ভাব-ভাষ্যবোৰ স্মৃতিপটত আপোনা-আপুনি মেলেংখনৰ দৰেই ভাহি উঠিছে৷ পুৰণা হেঁপাহ এটা পূৰণ হোৱা যেন লাগিছে আজি, কলিয়নিৰ বুকুত মেলেঙত ঘূৰি-পকি৷ ইয়াকে বোলে জীৱনৰ আনন্দ! সাঁতুৰিব জনা-নজনাটো পাছৰ কথা৷১১) ঘৰ পালোঁহি
১০ বাজি ৩০ মিনিট পাৰ হৈছে৷ আমি চকীহোলাৰ নিলিপ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখ পালোঁহি৷ খুব চেষ্টা কৰিছোঁ, ৭৭ চনত আহোঁতে কোনটো ঘৰতনো আছিলোঁ সেইটো উলিয়াব পাৰোঁ নেকি বুলি৷ পিছে বৃথা প্ৰচেষ্টা৷ নোৱাৰিলোঁ৷ গাড়ী আগ বাঢ়ি গ’ল৷
১৫ মিনিটৰ পাছত বগীজান পালোঁ৷ অহাৰ দৰেই কয়লামাটিহৈ যোৱা হ’ব৷ বাটে বাটে মনত দোলা দিব ধৰিছে জংফাৰ ছবিবোৰ, মানুহৰ মুখবোৰ, তেওঁলোকৰ মৰম-আতিথ্য, আশা-আকাংক্ষাসমূহ৷ মাত-কথা বন্ধ৷
১৫ মিনিটৰ পাছত বগীজান পালোঁ৷ অহাৰ দৰেই কয়লামাটিহৈ যোৱা হ’ব৷ বাটে বাটে মনত দোলা দিব ধৰিছে জংফাৰ ছবিবোৰ, মানুহৰ মুখবোৰ, তেওঁলোকৰ মৰম-আতিথ্য, আশা-আকাংক্ষাসমূহ৷ মাত-কথা বন্ধ৷
বগীজানৰ পৰা
মূৰফুলনি হৈ ৰাষ্ট্ৰীয় পথ ওলোৱাৰ কথা মনে মনে চিন্তিছিলোঁ যদিও মুখ ফুটাই নক’লোঁ৷ তিনিআলিটো পাই ৰাজীৱে
চিধা ৰাস্তা ধৰিলে৷ ডিফু সোনকালে পাবগৈ লাগে৷ সঞ্জুৰ বাতৰি সংগ্ৰহৰ কাম এটা আছে৷ জৰুৰী৷
১১ বাজি ১০
মিনিট৷ দৈগ্ৰোং নদীৰ পুলটোৰ ওপৰতে ৰ’বলগীয়া হ’ল৷ কাৰবি ছাত্ৰৰ
দল এটা চুন টেৰণ চাংলাং আক্লামত সদ্যসমাপ্ত চকীহোলা অধিৱেশনৰ পৰা উভতিছে৷ চিনাকি সূত্ৰে সঞ্জু আৰু ৰাজীৱৰ সৈতে ৰাস্তাৰ মাজতে অলপপৰ আলাপ-আলোচনা, শেহতীয়া খবৰৰ আদান-প্ৰদান চলিল৷ ১১.৪৫ত শিলনিজান পাই চাহ খালোঁ৷
১২ বজাত শিলনিজান
এৰিলোঁ৷ শান্তিপুৰ বজাৰৰ মুখতে সঞ্জুৰ আহ্বানক্ৰমে ৰাজীৱে ব্ৰেক মাৰিলে৷ আজি ইয়াত দেওবৰীয়া
বজাৰ বহিছে৷ গাড়ীৰ পৰা নামি গৈ সঞ্জুৱে ল’কেল কণী, তেঁতেলী
আদি কিনিলে৷ ময়ো লৈ ল’লোঁ লাউ, ৰঙালাউ একোটাৰ লগতে কণ বিলাহী এগালমান৷ গৃহিণীয়ে অন্ততঃ ভাল পাব! খোজ কাঢ়ি কাঢ়ি গোটেই বজাৰখন ভ্ৰমিলোঁ৷ শান্তিপুৰ নিবাসী মাহী, ককাই-বৌ, ভনীহঁতৰ চিনাকি মুখবোৰ কেনিবা দেখোঁ নেকি চাইছোঁ৷ নাই নেদেখিলোঁ৷
শান্তিপুৰ,
দেওপানী, জপৰাজান আদি অতিক্ৰম কৰি বালিপথাৰ৷ বালিপথাৰ
পাৰ হৈ আহিলে ৰাস্তাৰ দুয়োপাৰে ভালেমান বগৰী গছ পোৱা যায়৷ পকি ৰঙা হৈ থকা বগৰীবোৰে গছৰ ওপৰত মোক খা মোক খা কৰি থকা দেখি এঠাইত গাড়ী ৰখাই আটাইকেইটা বীৰদৰ্পে নামি গ’লোঁ৷ দলিয়াই-ফৰ্মূটিয়াই বগৰী পাৰি খালোঁ৷ কিছু সময়ৰ কাৰণে উভতি গ’লোঁ শৈশৱ-কৈশোৰলৈ৷ এনেকুৱা সুযোগ সদায় নাহে৷
‘আহোঁতে আহিছিলোঁ যদিও এতিয়া হাপজান হৈ নাযাওঁ দেই৷’
ৰংপ্লিমপ্লাম পোৱাৰ কিছু আগতেই ৰাজীৱে মনোভাব স্পষ্ট কৰি দিলে৷ দলং ভাল নহয়৷ গতিকে ৰাস্তা বেয়া যদিও মাঞ্জা হৈ যোৱা হ’ব৷
ভগ্নপ্ৰায় পথেৰে আগ বাঢ়ি ৩.০০ বজাত আমি মাঞ্জা ওলালোঁহি৷ হিমালয় হোটেলত চাহ, চিঙৰা, ৰসগোল্লা খাই লৈ ৩.৪৫ মিনিটত পাই গ’লোঁ ডিফু৷ পিঠিত ৰাকচেক, হাতত বেতৰ লাখুটিৰ লগতে কেঁকো-জেঁকোকৈ লাউ, ৰঙালাউ, অমিতা, বিলাহীৰ টোপোলা আৰু অন্তৰত কেইহাং পৰ্বত, জংফাৰ স্মৃতি লৈ পৰিতৃপ্ত মনেৰে আপোন ঘৰ সোমালোঁ৷ (সমাপ্ত)
পুচ্ছাংশ...
ভিন্ন ভিন্ন জনজাতীয় জীৱনক আলোকিত কৰি অসমীয়া ভাষাত ভালেকেইখন উপন্যাস পুথি বিভিন্নজন লেখকে ইতিমধ্যে প্ৰণয়ন কৰিছে৷
(abdussazid.blogspot.inত আটাইবোৰ খণ্ড একত্ৰে চিত্ৰসহ উপলব্ধ)
No comments:
Post a Comment