Friday, 1 February 2019

আকাশী গংগাত ২০ মিনিট


আজিও পৰিষ্কাৰকৈ মনত আছে, আমাৰ শৈশৱ-কৈশোৰ কালত আমি বাস কৰা গড়কাপ্তানি কলনীৰ আবাসীয়ে বাৰ্ষিক বনভোজৰ উদ্দেশ্যৰে যোৱা সৰ্বাধিক নিলগৰ থলীখন আছিল আকাশী গংগা৷ ডিফুৰ পৰা ২৯ কিলমিটাৰ দূৰৰ শিলনি, ৩৭ কিলমিটাৰ আঁতৰৰ শিলভেটা আদিবোৰ তুলনামূলকভাৱে কম দূৰত্বৰ আছিল৷ এইবোৰলৈ বাৰে বাৰে গৈ গৈ আকৰ্ষণ কমাত কোনোবাবাৰ বাছি লোৱা হৈছিল দীৰ্ঘ দূৰত্বৰ আকাশী গংগা৷ পিছে দুৰ্ভাগ্য, মোৰহে যোৱা হোৱা নাছিল তেতিয়া৷ কি কাৰণত জানো, আজি দেখোন মনত নপৰে৷ কিন্তু সেই তেতিয়াৰে পৰাই আকৰ্ষণৰ বিন্দু হিচাপে আকাশী গংগা সুস্থিৰে বৈ ৰৈছিল মোৰ মানস-পটত, চিন্তা-চেতনাত৷

যেতিয়া ডাঙৰ-দীঘল হলোঁ, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা মানেই এবাৰলৈ হলেও ডিঙি ঘূৰাই চোৱাটো অভ্যাসেই হৈ গৈছিল, আকাশী গংগালৈ সোমাই যোৱা ৰাস্তাটোৰ ফালে৷ তিনিআলিটোৰ পৰা সেই বাটে আগুৱাই যোৱাহে হোৱা নাছিল কাহানিও৷ অৱশেষত এদিন হল৷ তাকো আগতীয়াকৈ একো পৰিকল্পনা নকৰাকৈ, নিবিচৰাকৈ, আচম্বিতে৷ এনে হঠাৎ-প্ৰাপ্তিত জীৱনৰ ইতিহাস খোঁচৰি, পুৰণা অনুভূতিমূলক চেতনাক সুঁৱৰি, স্ফূৰ্তিতে গুণগুণাই যাব ধৰিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ এইকেইটা শব্দ… ‘আকাশী গংগা বিচৰা নাই

নিবিচৰাকৈয়ে ২০ মিনিট কটালোঁ আকাশী গংগাত৷ কি সুযোগত গলোঁ, কি কি দেখিলোঁ তাত, তাকে ধাৰাবাহিক ৰূপত লিখি যাম বুলি কী-বৰ্ডত বহিছোঁ৷ শিৰোনাম আকাশী গংগাত ২০ মিনিট

ভ্ৰমণবিলাসী, প্ৰকৃতিপ্ৰেমী পাঠকে আশা কৰোঁ পঢ়ি চাব আৰু নিজেও যাব৷


..................................................



৷৷ আগ-কথা ৷৷

অসম চিকিৎসা সেৱা সন্থা (আম্‌ছা)ৰ ৪১ সংখ্যক বাৰ্ষিক অধিৱেশন দুদিনীয়াকৈ ডিফুত আয়োজন কৰা হৈছে৷ দিনাংক ৮ আৰু ৯ জানুৱাৰী, ২০১৫৷ স্থান নৱনিৰ্মিত জয়ছিং দলৈ অডিটৰিয়াম৷ আয়োজক আম্‌ছাৰ কাৰবি আংলং ডিষ্ট্ৰিক্ট কমিটি৷ অধিৱেশনৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা হব স্মৃতিগ্ৰন্থ আমছাকন ২০১৫

ইয়াকে লৈ মোৰ ৱৰ্কিং টেবুলত ডাক্তৰ-ডাক্তৰণীসকলেৰে ঘেৰাও হৈ আছোঁ অলপ দিন ধৰি৷ স্মৃতিগ্ৰন্থৰ সম্পাদক, অগ্ৰজ ভ্ৰাতৃপ্ৰতিম সু-চিকিৎসক ৰাতুলদাৰ (ডা. ৰাতুল ঠাকুৰ)ৰ লগতে সম্পাদনা সমিতিৰ অধ্যক্ষ ডা. লোকেন্দ্ৰ ভট্টাচাৰ্য, সহকাৰী সম্পাদিকা ডা. জেকুলিন টেৰণপী, সদস্য ডা. নৰেন্দ্ৰনাথ ৰাজখোৱা আদিকে ধৰি চিকিৎসকসকলৰ নিয়মীয়া উপস্থিতি আৰু সঘন অহা-যোৱা চলিছে৷ এইফালে ভট্ট ছাৰৰ মৰমৰ আতিশয্যৰ বলি(!) হৈ নিজেও যোগ দিবলগীয়া হৈছে ৪ পৃষ্ঠাজোৰা তথ্যভিত্তিক অৱলোকন, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ সম্পৰ্কীয় সুদীৰ্ঘ লেখাৰে৷ নিদিওঁ, দিব নালাগে বুলিলতো নেৰিলেহে নেৰিলে৷ সি যি কি নহওক, বিভিন্ন সম্ভাৰেৰে মেটমৰা আমছাকনৰ কম্পজ একক প্ৰচেষ্টাৰেই সময়মতে সমাধা হ'লগৈ৷ পি.ডি.এফ.কেইটা মেইল কৰাৰ পাছত সাময়িক আজৰি৷ ছপা-বন্ধা গুৱাহাটীত৷

এদিন জেনেচিচ ৰ পৰা খবৰ আহিল, পেকিং ৰেডী বুলি৷ চিকিৎসকসকলে নিজৰ মাজতে কথা পাতি আলোচনীৰ টোপোলাসমূহ কঢ়িয়াই অনাৰ বাবে গাড়ী এখন দিলে মোক৷ সেই অনুসৰি, শৰীৰত ডিষ্ট্ৰিক্ট মেডিকেল ষ্টৰ, ডিফু লিখা, দৰব কঢ়িওৱা ট্ৰাক এখন পুৱাতে ঘৰৰ আগত হাজিৰ৷ ইমান ডাঙৰ গাড়ী এইটো কামৰ কাৰণে নহলেও হয় বুলি যুক্তি উত্থাপন কৰিলোঁহে কৰিলোঁ, নৰজিল৷ ৫ টনীয়া ট্ৰাকখনৰেই যথা-আজ্ঞা বুলি, ঈশ্বৰক চিন্তি যাত্ৰা আৰম্ভ কৰি দিলোঁ, ৭ তাৰিখ, বুধবাৰৰ পুৱাই পুৱাই৷

সুকলমে পালোঁগৈ নগাঁও বাইপাছ৷ গুৱাহাটীমুখী লেফট টাৰ্ণটো লৈছোঁ, এনেতে আমাৰ নীলা ৰঙৰ মেডিচিন কেৰিয়াৰখনলৈ চাই হাত দাঙি ৰবলৈ সংকেত দিলে কৰ্তব্যৰত পুলিছ ইন্সপেক্টৰ, জনৈক কলিতাই৷ সুধিলে... আপোনালোক ক’লৈ যাব?

গাড়ীখনৰ চালক অজয় চন্দই বাজি অহা গানটো আগতেই বন্ধ কৰি দিছিল, মুখৰ আগত খাকী পোছাকৰ উপস্থিতি দেখা পাই৷ খিৰিকীৰে মূৰ উলিয়াই তেওঁ বিনয়েৰে উত্তৰ দিলে... গুৱাহাটীলৈ যাম ছাৰ৷

আপোনালোক যাব নোৱাৰিব নহয়৷ আগত বন্ধ আছে৷

বন্ধ! অজয় অবাক৷ এই বিষয়ে হাতত খবৰ মুঠেই নাছিল ড্ৰাইভাৰজনৰ৷ কাষতে বহা সহায়কাৰী-সংগী তুফান গিৰিকো যথেষ্ট চিন্তিত যেন দেখা গল৷ মই বহি আছোঁ আনফালৰ খিৰিকীত৷ আজিযে মধ্য অসম বন্ধ সেইটো কিন্তু নিউজ পে’পাৰ পঢ়ি কালিয়েই মোৰ জ্ঞাত৷ হলেও যাত্ৰাটো জৰুৰী বাবেই দহোবন কাটি কৰি নিজেই আহি গ'লোঁ৷ যাত্ৰাপথতো ইচ্ছা কৰিয়ে বন্ধ সম্পৰ্কে ঘূণাক্ষৰেও উলিওৱা নাছিলোঁ৷ এতিয়াহে সন্মুখৰ পৰিস্থিতি চম্ভালাৰ দায়িত্ব আহি পৰিল৷

বন্ধ কবলিত অঞ্চলবিশেষত চলাচল কৰি ফুৰা বাহনসমূহৰ বুদ্ধিমান চালকে সদায়ে লগত দুখন কাগজ আৰু চেলটেপ লৈ ফুৰে৷ তাৰে এখনত ডাঙৰ ডাঙৰকৈ লিখা থাকে প্ৰেছ বুলি৷ আনখনত অঁকা থাকে ৰঙা যোগ চিন এটা৷ আমাৰ গাড়ীত আগে-পাছে, সোঁৱে-বাঁৱে ৰঙা যোগ চিন স্পষ্ট হৈ আছেই৷ মেডিকেলৰ গাড়ী৷ এইটো এক শতাংশও মিছা কথা নহয়৷ সাতে-পাঁচে মই উপায় পাই গলোঁ৷ এতিয়া এই চিনৰে ফইদা উঠাব লাগিল৷ নহলেবা দিনৰ দিনটো ইয়াতে ফচি থাকিম৷ সেইটো নোৱাৰি৷

ছাৰ আমাৰ মেডিকেলৰ গাড়ী...

তিৱা মানুহে বন্ধ দিছে৷ আগত গাড়ী ভাঙিছে৷ তিৱা মানে লালুং মানুহ, জানে নহয়? গতিকে আপোনালোকে ৫ বজাৰ পাছতহে যাব পাৰিব৷

জৰুৰী কামত গুৱাহাটীলৈ গৈ আকৌ ঘূৰি আহিব লাগিছিল৷ কিবা এটা কৰিব নোৱাৰেনে?

পায়চাৰি কৰি কৰি তেওঁ কিবা ভাবি থাকিল৷ এপাকত আমাৰ ওচৰলৈ আহি কলে, মই কাকো যাবলৈ দিয়া নাই৷ বাৰু, আপোনালোকক এলাউ কৰিছোঁ৷ ইয়াৰ পৰা ৫ কিলমিটাৰ গৈ আমাৰ পেট্ৰলিং পষ্ট পাব৷ তাত ৰিপৰ্ট কৰি যাব৷

ব ছাৰ৷ গৈ থাকোঁ৷ থেংক ইউ৷

ইঞ্জিন ষ্টাৰ্ট দি এক্সেলাৰেটৰত হেঁচা প্ৰয়োগ কৰাৰ লগে লগে চকা পুনৰ আগলৈ বুলি ঘূৰিব লাগিল৷ হ'লেও, বন্ধ বুলি শংকা এটা, উগুল-থুগুল ভাব এটাই তিনিওৰে মনৰ অভ্যন্তৰত ক্ৰিয়া নকৰাও নহয়৷ তথাপি গানটো আকৌ বজাই দিয়া হল৷ দুশ্চিন্তা কাটিব বুলিয়ে৷ ৫ কিলমিটাৰ আহিলোঁ৷ তেনেকুৱা একোৱেই চকুত নপৰিল যত আমি ৰিপৰ্ট কৰিম৷ গাড়ী আগুৱাই গৈ আছে৷ ১০, ১৫, ২০ কিলমিটাৰ অতিক্ৰম হৈ গল৷ চাৰিপতীয়া ৰাজমাৰ্গৰ আমাৰ ফালটোত সৰু গাড়ী দুখনমান দেখা গৈছিল৷ এতিয়া একোৱেই নাই৷ পিছফালেও ঘূৰি চালোঁ৷ চকুৱে মনালৈকে কোনো যান-বাহন নাই৷ ইমান ডাঙৰ ৰাস্তাটোত এতিয়া কেৱল আমিহে আমি৷ হৰ্নৰ প্ৰয়োজন নাই, অভাৰটেক কৰিবলৈও কোনো নাই, গুৱাহাটী অভিমুখে আমাৰ খালী ট্ৰাক দৌৰি আছে৷ প্ৰতিটো আলিদোমোজাতে, দলং-কালভাৰ্ট আদিতো অসম পুলিছ আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ উপস্থিতি প্ৰত্যক্ষ কৰিলোঁ৷ ফলস্বৰূপে সাহসটোও ক্রমাৎ বাঢ়ি আহিল৷ সিপাৰৰ লে'নটোত সন্মুখত পুলিছ এচক’ৰ্ট লৈ সিফালৰ পৰা দীঘলীয়া কনভয়ত আহি আছে ব্যক্তিগত বাহন, বাছ, পিকনিক পাৰ্টীৰ গাড়ী ইত্যাদি ইত্যাদি৷ সাহস আৰু এখোপ চৰিল আমাৰ৷ অথনি কথা প্ৰসংগত আগত গাড়ী ভঙা বুলিছিলযে কলিতা ছাৰে, চালোঁহে চালোঁ, কতা, এখনো নেদেখিলোঁচোন! আৰামছে পাৰ হৈ গলোঁ বন্ধ এলেকা৷ তাৰ পাছৰে পৰা গাড়ীৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আহিল৷

যোৰাবাটত ভাত খাই পালোঁগৈ গুৱাহাটী৷ বৰবাৰীত মাল উঠাই লগে লগে ৰিটাৰ্ণ৷ জাগীৰোডত পুনৰবাৰ সোমাই পৰিলোঁহি বন্ধ এলেকাত৷ এইবাৰ অৱশ্যে পূৰ্বৰ ভয়টো তিলাৰ্ধও নাই৷ লড পাই গহীন আৰু সন্তুলিত হৈ গাড়ীখনেও ঠিক ঢপলিয়াইছে৷ গানৰ পাছত গান বাজিছে অনৰ্গলভাৱে৷ মাজে মাজে হাঁহি-ধেমালিৰে জীৱনৰ অভিজ্ঞতা, উপলব্ধি, অনুভৱক মুখ্য কৰি কথা-বতৰাৰো আদান-প্ৰদান চলিব ধৰিলে তিনিওৰে মাজত৷ নিজঞ্জাল ঘাইপথটোৰে বঢ়িয়া লাগিছে আহি থাকি৷

কথাৰ মাজতে আনন্দিত ভাবত অজয়ে চিঞৰি উঠিল, গাড়ী চলাবলৈ ভালহে হৈছে আজি দাদা৷

আৰে চলাই থাকা৷ বন্ধৰ দিনত গাড়ী চলোৱাৰ মজা লোৱা৷ এনেকুৱা চান্স কত পাবা? সমৰ্থনৰ সুৰত মই কলোঁ৷ তাৰ পাছতে শুনাব ধৰিলোঁ বহিঃৰাজ্যত বন্ধত গাড়ী চলোৱাৰ অভিজ্ঞতা এটা৷ যোৱা বছৰ পূজাৰ সময়৷ শ্বিলঙৰ পৰা ওলাই মাউলিননং, তাৰ পৰা ডাউকি, তামাবিল, ভাৰত-বাংলাদেশ সীমান্ত৷ আগদিনাই থিৰাং কৰি ৰখা যাত্ৰাটো আছিল তেনেকুৱা৷ পুৱা মুকলি আকাশৰ তললৈ আহিহে গম পালোঁ বোলে কিবা কয়লা সংক্ৰান্তীয় কথাত আজি মেঘালয় বন্ধ! হলেও, আমাৰ টেক্সিখনৰ ড্ৰাইভাৰ অজয় কুমাৰৰ দুৰ্দান্ত সাহসৰ বাবেই সিদিনা সেই ট্ৰেভেল ট্ৰিপটো সফল হৈ উঠিছিল৷ ৰাষ্ট্ৰীয় পথত অন্য যান-বাহন প্ৰায় নাছিলেই৷ অকাই-পকাই, উঠি-নামি চুবুৰীয়া বিদেশ পৰ্যন্ত আৰামছে গলোঁ৷ ফুৰি-চাকি ঘূৰি-পকি পাছদিনা চেৰাপুঞ্জীলৈ যোৱাৰ সিদ্ধান্তৰে মুনি-চুনি বিয়লিত শ্বিলং সোমালোঁহি৷ ক'তো একো এটা সমস্যাই নহল৷ চাহ-ভাত খাবলৈ বাটৰে এঠাইত আৰু ডাউকিত হোটেলো উলিয়ালোঁ বিচাৰি৷ গতিকে মূল কথাটো হল সাহস৷ সাহসেই লক্ষ্মী৷ সাহসেই সিদ্ধি৷

ইমানপৰে গান শুনি শুনি, কথা পাতি পাতি, অকলে অকলেই আমি সুকলমে পাই গলোঁহি নগাঁও বাইপাছ৷ তাৰ পাছত ডিফু অভিমুখে ৰাইট টাৰ্ণ৷ এতিয়া আৰু বন্ধৰ প্ৰভাৱ নাই৷

মনে মনে গুণা-গঁথা কৰি আছোঁ, বন্ধকালীন যাত্ৰাটোত কি শিকিলোঁ৷ অজয়ে কোৱাৰ দৰে বন্ধৰ দিনত গাড়ী চলাবলৈ ভালহে৷ কেৱল অলপ দেৰিকৈ আৰম্ভ কৰিব লাগে৷ ভঙা-ছিঙা কামবোৰ পুৱাৰ ভাগতে হৈ যায়৷ পুলিছে হুৰাই দিয়াৰ পাছতে বাট-পথ হৈ পৰে একেবাৰে মুক্ত-উন্মুক্ত৷ পিকেটিংকাৰী বুলিবলৈ কতো কোনো ৰৈ নাথাকে৷ জীৱনৰ প্ৰতি মায়া সকলোৰেইতো আছে৷ তাতে সাহসীজনৰ যেনিবা জয় হয়৷ বন্ধ বুলি বাছ, ট্ৰাক, লাইনৰ নিয়মীয়া গাড়ী আদিবোৰ নোলায় বাবে ৰাস্তাত ভিৰ-ভাৰো নাথাকে৷ অলপ-ধতুৱা মানুহবোৰে নিজা বাহন উলিওৱাটোতো দূৰৈৰে কথা৷ গতিকে আৰামত ড্ৰাইভ কৰিব পাৰি৷ ডাঙৰ কথাটো হ'ল, আন দিনা নাথাকিলেও বন্ধৰ দিনা আৰক্ষীৰ পহৰা থাকেই থাকে৷ অলপ দূৰে দূৰেই কৰ্তব্যৰত পুলিছ-মেন৷ মাত্ৰ কথা হ'ল, নিজৰ অকণমান মৰ-সাহস লাগে৷ সাহসেই লক্ষ্মী৷ সাহসেই সিদ্ধি৷ মধ্য অসম বন্ধৰ নিমাওমাও পৰিৱেশত আজি এয়া, অজয়, তুফান আৰু মই তাৰ সঁচা-সচি প্ৰমাণ দি দিলোঁ৷

আহি আহি ডবকাৰ কাষ পাইছোঁ, চালকৰ আসনৰ পৰা ডাঙৰ ডাঙৰকৈ ভাহি আহিল, এনেকৈ সাহসী মানুহৰ সংখ্যাটো নিতৌ বাঢ়ি থাকিব লাগে দাদা৷ কোনেও কাৰো অহেতুক হেঁচা খাই খাই জীয়াই থকাটো উচিত নহয়৷ এইখিনি কৈ তেওঁ ৰৈ গল৷

প্ৰসংগ আকৌ চেৰাপুঞ্জী পালেগৈ৷ কথাৰ মাজতে মোলৈ চাই সুধিলে, বাৰু দাদা, আকাশী গংগালৈ গৈছেনে কেতিয়াবা আপুনি? বুজিলোঁ, অলৈ-তলৈ যোৱাক লৈ গাড়ীখনৰ ভিতৰত বৰ্তি থকা আলোচনাৰ অংশ হিচাপেই অজয়ে মোক সুধি পেলাইছে এই প্ৰশ্ন৷ মই আকৌ বন্ধক লৈহে পুনৰবাৰ ভাবনাত বিভোৰ হৈ আছিলোঁ৷

নাই, যোৱা নাই এতিয়ালৈকে৷

আজি আপোনাক লৈ যাম৷


যিটো উচ্ছ্বাসেৰে অজয়ে বাক্যটো কৈ উঠিল, মোৰ আৰু না কৰাৰ অৱকাশ কত? তাতে, শৈশৱ-কৈশোৰতে ৰৈ যোৱা আশা এটা সুপ্ত হৈ আছিলেই ইমান দিন ধৰি৷ হৃদয়ৰ অভ্যন্তৰত অত দিনে গোপনে বৈ থকা আকাশী গংগাৰ চাক্ষুষ দৰ্শন অজয় চন্দৰ কৃপাত বাস্তৱায়িত হবলৈ গৈ আছে বুলি জানি মনটো স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিল৷ থাইলেণ্ডলৈ যাওঁতে বেংককৰ আই.টি. শ্বপিং মলত কিনা ক'দাক ইজিশ্বেয়াৰ এম.৫৭৫ ডিজিটেল কেমেৰাটোও লগতে আছে৷

বিয়লি ৪ বাজি ৩০ মিনিটত আকাশী গংগালৈ সোমোৱা পথত 'শ্ৰীশ্ৰী আকাশী গংগা শিৱ থান' লিখা পকী তোৰণখন পাই গলোঁ৷ বাওঁহাতে টাৰ্ন লৈ অজয়ে মহিন্দ্ৰ ডি.আই.৩২০০ চি.আৰ.এক্স.খন যথাস্থান অভিমুখে ধীৰে ধীৰে আগুৱাই নি থাকিল৷ খিৰিকীৰে মূৰ উলিয়াই কৌতূহলী দৃষ্টি নিক্ষেপ কৰি যাব ধৰিলোঁ মই৷ ৰাস্তাটো পোন৷



এক.

A thing of beauty is a joy forever.

আকাশৰ পৰা নামি অহা গংগা৷ এতেকে আকাশী গংগা৷ নামতেই পৰিচয় যাৰ৷ স্ফটিক-স্বচ্ছ জলধাৰা এটা৷ কুলু কুলু ধ্বনি তুলি পাহাৰৰ বহু ওপৰৰ পৰা জলপ্ৰপাত হৈ নামনি অভিমুখে নামি অহা হেতুকে মানুহে আকাশৰ পৰা বৈ অহা গংগা জ্ঞান কৰিছিল৷ তেনে এক ধাৰণাৰ ফলশ্ৰুতিতে জন-মানসত এই ধাৰাটো আকাশী গংগা নামে জনাজাত হল৷ আঞ্চলিক বিশ্বাস, পৌৰাণিক আখ্যান, কিংবদন্তী, জনশ্ৰুতিৰ উপৰি মহাকাব্য ৰামায়ণ আৰু মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ, বুৰঞ্জীমূলক পুথি-পাঁজি, শিলালিপি আদিত প্ৰাচীন ঐতিহ্যই গৰকি যোৱা অৰ্বাচীন, পৱিত্ৰ গংগাৰ উল্লেখ পোৱা গৈছে৷ ধৰ্মীয় ধাৰণাৰে সম্পৃক্ত পুৰণি ঐতিহ্যমণ্ডিত পুণ্যতীৰ্থ হোৱাৰ উপৰি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে শ্ৰী শ্ৰী আকাশী গংগা মনোযোগ আকৰ্ষণীয় তথা পৰ্যটক-অনুকূল এক ক্ষেত্ৰ৷ বছৰব্যাপী ইয়াত ভক্তিপ্ৰাণ লোক আৰু প্ৰকৃতিপ্ৰেমী মানুহৰ গমনা-গমন চলিয়ে থাকে৷

আকাশী গংগাৰ অৱস্থান নগাঁও জিলাত৷ কাৰবি আংলং জিলাৰ সীমান্তত৷ ডবকা পাহাৰৰ পাদদেশত৷ ডবকা-ডিমাপুৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সামান্য নিলগত, নগাঁৱৰ পৰা দক্ষিণ-পূবে ৫০ কিলমিটাৰ আঁতৰত আছে এই পৱিত্ৰ স্থল৷ ডবকাৰ পৰা ১১ কিলমিটাৰ বুলি ধৰা হয়৷ আনহাতে কাৰবি আংলঙৰ পাৰখোৱাৰ পৰা ১.৫ কিলমিটাৰ মাত্ৰ৷ নিৰ্জন, মনোমোহা পৰিৱেশত সংৰক্ষিত বনাঞ্চলৰ গংগা পাহাৰত স্থিতি লৈ থকা আকাশী গংগা খৰালি বনভোজ খোৱাৰ বাবে জনাজাত খুব জনপ্ৰিয় এক সহজগম্য ঠাই৷

আনহাতে মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হল, আকাশী গংগা কেৱল তীৰ্থক্ষেত্ৰ আৰু পিক্‌নিক্‌ স্পটেই নহয়, পৌৰাণিক ঐতিহ্য আৰু স্থাপত্য-ভাস্কৰ্যৰে মেটমৰা এয়া প্ৰত্নতাত্ত্বিক, পুৰাতাত্ত্বিক, ঐতিহাসিক গৱেষণাৰ সমলেৰে উৰ্বৰা আদৰ্শ থলী৷ কালিকা পুৰাণত বৰ্ণিত ঐতিহ্যসমৃদ্ধ প্ৰাচীন বশিষ্ঠাশ্ৰম প্ৰকৃততে এয়াহে বুলিও শক্তিশালী অভিমত আছে৷ সেই অনুসৰি, তাহানি দেৱাদিদেৱ শিৱৰ বিয়াৰ সময়ত আকাশী গংগাৰ পৰা পানী তুলি নিছিল কইনাঘৰীয়া হেমৱন্ত ৰজাৰ পক্ষৰ আয়তীসকলে৷ কইনাৰূপী পাৰ্বতীক নোৱাই-ধুৱাই বিবাহ কাৰ্য সম্পন্ন কৰা হৈছিল৷ ধাৰণা কৰা মতে এই ঠাইডোখৰেই ৰম্যভূমি হৈ পৰিছিল হৰ-পাৰ্বতীৰ৷ অৰ্বাচীন কালৰ পৰাই খ্যাতনামা, মধ্যযুগীয় মানুহৰ দিনৰ পৰাই ইয়াত পাৰ্বতীৰ যোনিসংলগ্ন শিৱলিংগৰ প্ৰতি পূজা-অৰ্চনা আগ বঢ়াই অহাটোৱে তাকে সূচায়৷

কামৰূপ নামৰ উৎপত্তি ব্যাখ্যাকাৰী জনপ্ৰিয় আখ্যান অনুযায়ী, সতী পাৰ্বতীয়ে তেওঁৰ পিতৃ দক্ষ ৰজাই তেওঁৰ স্বামীদেৱতা শিৱৰ প্ৰতি অসৌজন্যমূলক আচৰণ দেখুওৱাত ম্ৰিয়মান হৈ দেহ ত্যাগ কৰে৷ সতীৰ বিয়োগত দুখে-শোকে জৰ্জৰিত হৈ শিৱই মহা-তপস্যাৰে পত্নীৰ দেহটো মূৰত লৈ সমগ্ৰ পৃথিৱী ভ্ৰমি ফুৰিছিল৷ এই কাৰ্য দেখি শিৱক ক্ষান্ত কৰাৰ মনোভাবেৰে বিষ্ণুৱে তেওঁৰ পিছে পিছে গৈ শিৱক এইদৰে নিজকে কষ্ট নিদিবলৈ অনুৰোধ জনালে৷ তালৈ শিৱই কৰ্ণপাত নকৰাত বিষ্ণুৱে চক্ৰৰ দ্বাৰা সতীৰ দেহটো খণ্ড-বিখণ্ড কৰিবলৈ বাধ্য হয়৷ সতীৰ দেহৰ টুকুৰাবোৰ ৫১ ঠাইত সৰি পৰে৷ বিশ্বাস কৰা হয় যে সতীৰ মূৰটো আকাশী গংগাৰ আশে-পাশে পৰিছিল৷ তেতিয়াৰ পৰাই কামৰূপ ৰাজ্যৰ এই ঠাইখিনি হিন্দুসকলৰ পৱিত্ৰ তীৰ্থস্থানৰূপে পৰিগণিত হল৷ মকৰ সংক্ৰান্তি অৰ্থাৎ মাঘ বিহুত বৃহৎ হাৰত অহা ভক্তিপ্ৰাণ তীৰ্থযাত্ৰী মুনিহ-তিৰোতাই আকাশী গংগা জলপ্ৰপাতে সৃষ্টি কৰা কুণ্ডৰ সুনিৰ্মল, পৱিত্ৰ পানীত পাপ মোচনৰ অৰ্থে অৱগাহন কৰে৷ আনহাতে, আকাশী গংগাৰ আশ্ৰমত প্ৰতি বছৰে বসন্ত কালত, ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত বিৰাট শিৱৰাত্ৰি মেলা অনুষ্ঠিত হয়৷ যোনিমণ্ডলযুক্ত শিৱলিংগ দৰ্শন কৰিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন শৈৱপ্ৰাণ ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাহাৰ আৰু মুক্ত প্ৰকৃতিৰ বুকুত স্নান-তৰ্পণ আদিৰে ইয়াত ৰচনা হয় এক অলৌকিক পৰিৱেশ৷

ট্ৰাকখন লক্ষ্যস্থানৰ দিশে চাপি যোৱাৰ লগে লগে আমাৰ চকুৰ আগলৈ আহিল এক বিশাল মুক্তাংগন৷ দেখা পালোঁ অত-তত অনেক ধৰণৰ সৰু-বৰ, দুচকীয়া-চাৰিচকীয়া গাড়ী৷ জুমে জুমে বনভোজকাৰী মুনিহ-তিৰোতা, ডেকা-ডেকেৰী, লগতে শিশুও৷ অস্থায়ী দোকান-পোহাৰ কিছুমানো বহিছে দেখিছোঁ৷ অজয় চন্দই আমাৰ বাহনখন নি কৃষ্ণচূড়া এজোপাৰ দাঁতিত ৰাখিলে৷ তিনিও নামিলোঁ৷

আহল-বহল মুকলি ঠাইটুকুৰাত যেনি-তেনি সিঁচৰতি হৈ আছে দেশৰ মানে ফটা কাগজৰ টুকুৰা৷ অপৰিষ্কাৰ আৰু বিশৃংখল দৃশ্যটোৱে পৱিত্ৰ ভূখণ্ডত ভৰি দিয়াৰ সময়তে অলপ হলেও মনোকষ্ট নিদিয়াকৈ নাথাকিল৷ পৰ্যটন থলীত পিক্‌নিক্‌ খাবলৈ আৰু বজাৰ ফুৰিবলৈ অহাসকলৰ কাণ্ডজ্ঞানহীনতাৰ কথা ভাবি বিগত বছৰ চৰকাৰী পৃষ্ঠপোষকতাত ঢাক-ঢোল বাদনেৰে চৌদিশে সূচনা হোৱা স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি আমাৰ মানুহবোৰে কিবা ভেঙুচালি প্ৰদৰ্শন কৰা যেনহে অনুভৱ হল মোৰ৷ স্বভাৱৰ পৰিৱৰ্তন কেতিয়াকৈ হব বাৰু? প্ৰশ্নটো নিজে নিজেই মনলৈ আহি গ'ল৷ উত্তৰহে হাতত নাই৷




দুই.


Monuments and archaeological pieces serve as testimonies of mans greatness.

পকী পদপথেৰে এখোজ দুখোজকৈ ইফালে-সিফালে চাই চাই আগ বাঢ়িছোঁ৷ প্ৰৱেশ-দ্বাৰ এখন পালোঁহি৷ বাহিৰত, দ্বাৰৰ সোঁকাষে টেবুল-চকীসহ তিনিজন ব্যক্তি৷ বেনাৰ এখন ওলোমাই লৈ তেওঁলোকে কেলেণ্ডাৰ বিক্ৰী কৰি আছে, শ্ৰী শ্ৰী আকাশী গংগা শিৱ থানৰ সাহায্যাৰ্থে৷ আন আন থানৰ দৰে এই থানৰো মাহাত্ম্য সুগভীৰ৷ সৃষ্টি ৰহস্য আজিও আলোচ্য বিষয়৷

নগাঁও আৰু কাৰবি আংলং সীমান্তৰ পাৰখোৱাৰ সমীপত থকা গৌৰৱময় জলপ্ৰপাত আকাশী গংগা বহুতৰে চিনাকি৷ আকাশী গংগাৰ পৰিসৰত কাল গঢ় লৈ উঠা ঐতিহ্যবহনকাৰী এই আশ্ৰমসদৃশ ঠাইটুকুৰা প্ৰাচীন ক'লীয়া শৈলনিৰ্মিত মন্দিৰ আৰু স্থাপত্য-ভাস্কৰ্যৰে ভৰপূৰ৷ কেতিয়া, কাৰ হস্তস্পৰ্শত, কাৰ তত্ত্বাৱধানত সেইসমূহ গঢ় লৈ উঠিছিল, সেই বিষয়ে আধুনিক বিজ্ঞানসন্মত অধ্যয়ন কিমান হৈছে, গৱেষণামূলক আলোচনা বা তত্ত্বগধুৰ কিতাপ-পত্ৰ কিমান ওলাইছে, সবিশেষ নাজানো৷ সামান্য কথাহে ছেগা-চোৰোকাকৈ পঢ়িবলৈ পাইছিলোঁ৷

আকাশী গংগাৰ নিখুঁত, মসৃণ আৰু সুন্দৰ স্থাপত্য-ভাস্কৰ্যসমূহৰ নিৰ্মাণৰ সময় কোনো কোনোৱে দ্বিতীয়-তৃতীয় শতিকা বুলি ঠাৱৰ কৰিছে৷ কীৰ্তিসমূহৰ কাল নিৰ্ণয় কৰাটো সহজসাধ্য নহয় যদিও এই ক্ষেত্ৰত পুৰণি কামৰূপ ৰাজ্যৰ গাতে লাগি থকা প্ৰাচীন ডবাক ৰাজ্যই আমাক কিছু কথা জানিবলৈ দিয়ে৷

বুৰঞ্জীয়ে কয়, অঞ্চলটো এসময়ত কামৰূপ ৰাজ্যৰ পূব প্ৰান্তত স্থাপন হোৱা ডবাক ৰাজ্যৰ অন্তৰ্গত আছিল৷ আনুমানিক খ্ৰীষ্টপূৰ্ব ১০০০-১২০০ শতিকামানত কিৰাতবংশীয় কোনোবা নেতাই সেই স্বাধীন ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল৷ আমি উপস্থিত হোৱা, শিৱ থান অৱস্থিত এই ঠাই, এতিয়াৰ দক্ষিণ পাৰখোৱা অঞ্চলটো, ৰাজনৈতিক আৰু ভৌগোলিকভাৱে অতীজৰ সেই ডবাক ৰাজ্যৰে অংশবিশেষ আছিল৷ প্ৰাচীন ডবাক ৰাজ্যৰে নতুন সংস্কৰণ বৰ্তমানৰ নগাঁও জিলাৰ ডবকা, যাৰ সৈতে ৰাজনৈতিক দিশটো বাদ দি অৰ্থনৈতিক, শৈক্ষিক, সামাজিক আদি অন্যান্য কাৰণত কাৰবি আংলং জিলাৰ পাৰখোৱা আজিৰ তাৰিখতো ওতপ্ৰোতভাৱে বিজড়িত হৈ ৰৈছে৷ এই দুই স্থানৰ মাজত বিৰাজমান চৰকাৰীভাৱে সংৰক্ষিত ৬-৭ কিলমিটাৰ দৈৰ্ঘৰ বনাঞ্চল, ডবকা ৰিজাৰ্ভ ফৰেষ্ট৷ অলপ আগেয়ে আমি তাৰ মাজেৰেই পাৰ হৈ আহিছোঁ৷ ডবকা-পাৰখোৱাৰ মাজৰ ভাস্কৰ্য নগৰী বুলিব পৰা আকাশী গংগাক উক্ত বনাঞ্চলে প্ৰাকৃতিকভাৱে বিচ্ছিন্ন কৰি ৰাখিছে যদিও পুৰণি ঐতিহাসিক পৰম্পৰা আৰু সামাজিক-সাংস্কৃতিক বাতাবৰণেৰে মানুহৰ শান্তিপূৰ্ণ তথা প্ৰেমময় সহাৱস্থান এতিয়াও চলি নথকা নহয়৷

প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথ আৰু ৰায় বাহাদুৰ কনকলাল বৰুৱাৰ মতে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মনে কামৰূপৰ সিংহাসনত উঠিয়ে তেওঁৰ পূৰ্বৱৰ্তী কামৰূপ ৰাজনক খেদি পঠাইছিল৷ সেইজনেই পূবলৈ গুচি আহি কপিলী-যমুনা উপত্যকাৰ আজিৰ ডবকা অঞ্চলত ডবাক ৰাজ্যখন পাতিছিল৷ কোনো কোনো পণ্ডিতৰ মতে ডবাক ৰাজ্য প্ৰতিষ্ঠা হৈছিল খ্ৰীষ্টপূৰ্ব ১৫০০ শতিকাতেই৷

আনহাতে, ডবকা আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বৰ্তমানেও প্ৰচলন থকা এক জন-প্ৰবাদ অনুসৰি বসুমতীৰ পুত্ৰ নৰকে প্ৰাগজ্যোতিষপুৰৰ কিৰাতবংশীয় ৰজা ঘটকাসুৰক যুদ্ধত পৰাস্ত কৰি বধ কৰি ৰাজ-সিংহাসনত নিজে বহে৷ ৰজা হৈয়ে তেওঁ তাৰ আদিবাসী কিৰাতসকলৰ ওপৰত অত্যাচাৰ কৰিবলৈ লয়৷ নৰকৰ দমনমূলক অন্যায়-উৎপীড়নত তিষ্ঠিব নোৱাৰি কিৰাত ফৈদৰ লোকসকলে ডাবেকাসুৰ নামে স্ববংশীয় নেতা এজনৰ নেতৃত্বত প্ৰাগজ্যোতিষপুৰ ত্যাগ কৰি পূব দিশে উজাই আহে আৰু কপিলী-যমুনা উপত্যকাত নকৈ এখন ৰাজ্য পাতে৷ ডাবেকাসুৰে প্ৰতিষ্ঠা কৰা বাবে তেওঁৰ নামানুসাৰে ৰাজ্যখনৰ নাম হয় ডাবেক৷ ইয়ে পিছলৈ মানুহৰ মুখত ডবাক হয়গৈ৷ ডবাকৰ পৰা হয় ডবকা৷ ডবকালৈ ইয়াৰ পৰা ১২-১৩ কিল'মিটাৰমান হ'ব৷

ডবাক ৰাজ্যত পঞ্চম-ষষ্ঠ শতিকাৰ আগছোৱাত ৰাজত্ব কৰা ৰাজন্যবৰ্গৰ কাৰ্যকাল আৰু কৰ্মৰ খতিয়ানলৈ লক্ষ্য কৰি দেখা গৈছে যে ভালেকেইজন নৃপতি স্থাপত্য-ভাস্কৰ্যৰ প্ৰতি বিশেষ ধৰণে আগ্ৰহী আছিল৷ ১২৪০ খ্ৰীষ্টাব্দত ভদ্ৰদেব ৰজা হোৱাৰ পাছত আকাশী গংগাৰ সমীপৱৰ্তী পাৰখোৱাত নতুন ৰাজধানী পাতি ৩০ বছৰ কাল ৰাজত্ব কৰিছিল৷


কোনো কোনোৱে আকাশী গংগাৰ উৎপত্তিমূলক সম্পৰ্ক কালিকা পুৰাণত উল্লিখিত কপিলী গংগাৰ সৃষ্টি ৰহস্যৰ সৈতে নিহিত থকা বুলি কয়৷ এই অঞ্চলটোত বৰ্তমানেও প্ৰৱাহিত হৰিণা, ডিখাৰু আৰু ঊৰ্ধ্ব গংগা জুৰিকে যোগিনী তন্ত্ৰৰ অষ্টম পটলত বৰ্ণিত ত্ৰিবেণী সংগমৰ ত্ৰিধাৰা আৰু এয়াই সেই আকাশী গংগা বুলিও কোনো কোনোৱে কয়৷ তেওঁলোকৰ মতে, স্বৰ্গৰ মন্দাকিনী ধাৰাক ভোলানাথ শিৱৰ জটাৰ মাজেৰে মৰ্তলৈ বোৱাই কপিলী নদীৰ সৈতে মিলাই কপিলী গংগাৰ পৱিত্ৰ পৰশেৰে অযোধ্যাপতি সগৰৰ পৰিনাতি ভগীৰথে কপিল মুনিৰ অভিশাপত অভিশপ্ত সগৰ বংশৰ ৬০,০০০ লোকক শাপমুক্ত কৰি উদ্ধাৰ কৰিছিল৷ সেই ধাৰাটিৰে মৰ্তত থাকি যোৱা অংশই পৰৱৰ্তী কালৰ মানুহৰ বাবে হৈ ৰল আকাশী গংগা, যি গংগাই আকাশী গংগা ৰূপ লৈ কাৰবি আংলঙৰ পাহাৰ ভেদ কৰি ওলাই অহা হৰিণা, ডিখাৰু আৰু ঊৰ্ধ্ব গংগা জুৰিয়ে ৰচনা কৰা ত্ৰিবেণী সংগমত মিলিত হোৱাৰ পাছত যমুনা হৈ কপিলীত পৰি কপিলী-যমুনা উপত্যকাত তাহানিৰ কপিলী গংগাৰ ঐতিহ্য ধৰি ৰাখিছে৷




তিনি.

It is not the monuments that teach us history, it is the ruins.

পঢ়িবলৈ পোৱামতে, প্ৰাচীন ডবাক ৰাজ্যৰ অন্যতম খ্যাতিসম্পন্ন পুণ্যস্থান আছিল জলপ্ৰপাতক আৱৰি হোৱা এইখন থান৷ শ্ৰী শ্ৰী আকাশী গংগাৰ পূৰ্বপ্ৰখ্যাত নাম আছিল বশিষ্ঠাশ্ৰম৷ মুনিবৰ বশিষ্ঠই পুৰণি কালত এই ঠাইতে এখন সুন্দৰ আশ্ৰম পাতি ঈশ্বৰ প্ৰাপ্তিৰ অৰ্থে তপস্যা কৰিছিল৷ সেইবাবে ইয়াৰ নাম হৈছিল বশিষ্ঠাশ্ৰম৷ কালিকা পুৰাণত বৰ্ণিত প্ৰাচীন বশিষ্ঠাশ্ৰমখনৰ প্ৰকৃত অৱস্থান পাৰখোৱাৰ ওচৰৰ এই আকাশী গংগাৰ চৌপাশতে আছিল বুলি প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথে স্পষ্টভাৱে লিখি থৈ গৈছে৷

কালিকা পুৰাণত উল্লিখিত বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে যি ধৰণৰ বৰ্ণনা পোৱা যায়, গুৱাহাটীৰ সমীপৰ বশিষ্ঠত তাৰ ব্যতিক্ৰম পৰিলক্ষিত হয়৷ আনহাতে, পাৰখোৱাৰ আকাশী গংগাৰ বশিষ্ঠাশ্ৰমত সুউচ্চ শৈল পৰ্বতৰ পৰা নামি অহা জলপ্ৰপাত, কুণ্ড, প্ৰাচীন মন্দিৰৰ অৱশেষ, আশ্ৰমসংলগ্ন নৈ (সন্ধ্যা), পশ্চিমে বুঢ়ী গংগা (কান্তা), পূবে এঁকা-বেঁকা হৰিণা (ললিতা) নৈ ইত্যাদি ইত্যাদি উপাদানসমূহ আছে৷ উত্তৰ দিশৰ ঊৰ্ধ্ব গংগা, পশ্চিম দিশৰ নাভি গংগা আৰু মাজৰ আকাশী গংগাক লৈ হোৱা ত্ৰিবেণী সংগমো উল্লেখযোগ্য৷ এইটো বৈশিষ্ট্যপূৰ্ণ যে তিনিওখন গংগাই ওলাওঁতে একে ঠাইৰ পৰা ওলাই আহিছে৷ তাৰ পাছত তিনিফালে তিনি সুঁতি হৈ সুকীয়া সুকীয়াকৈ তিনিখন নৈৰ ৰূপত ভৈয়ামলৈ বাগৰি গৈছে৷ তাৰ পাছত পুনৰ তিনিওখন গংগা মিলিত হৈ একেমুঠে যমুনা নদীত পৰিছেগৈ৷ এনে ধৰণে একে ঠাইতে তিনিটা বেলেগ বেলেগ ত্ৰিবেণী সংগম থকাটো কেৱল অসমেই নহয়, ভাৰতৰ ভিতৰতে হেনো বিৰল৷

এতেকে বশিষ্ঠ মুনিৰ প্ৰকৃত আশ্ৰম গুৱাহাটীৰ বশিষ্ঠাশ্ৰম নহয়৷ বৰঞ্চ আমি এতিয়া উপস্থিত হোৱা পৰম পৱিত্ৰ আকাশী গংগাৰ আশ্ৰমখনহে৷ ইয়াকে লৈ প্ৰত্নতাত্ত্বিক, ইতিহাসমূলীয় বিতৰ্ক আৰু মতভেদ আজিকোপতিও নথকা নহয়৷ নিঃসন্দেহে এইবোৰে গৱেষণাৰ বাট উন্মুক্ত ৰাখিছে, যদিও কেৱে কেৱে দৃঢ়চিত্তে এনেকৈও কোৱা শুনা যায় যে পাৰখোৱাৰ আকাশী গংগাই কালিকা পুৰাণপ্ৰসিদ্ধ তাহানিৰ বশিষ্ঠাশ্ৰম, তাত সন্দেহ বুলিবলৈ নাই৷

যুক্তিৰ অন্তৰালত আছে জনশ্ৰুতিমূলক কাহিনী এটা৷ সেই অনুযায়ী আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত স্বৰ্গদেৱে প্ৰেৰণ কৰা বিশ্বস্ত বিষয়া দলৈ বৰুৱাই কালিকা পুৰাণত উল্লিখিত বশিষ্ঠাশ্ৰমখনৰ সন্ধানত আহিছিল৷ প্ৰকৃত ঠাইটুকুৰাৰ সন্ধান উলিয়াব হলে পৰা নাছিল৷ ৰাজৰোষৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গুৱাহাটীৰ শাসনকৰ্তা দশৰথ বৰফুকনৰ সৈতে আলচ চলিল৷ গুৱাহাটীৰ কাষৰীয়া পাহাৰৰ পৰা ওলাই অহা সৰু নিজৰা এটাৰ পাৰৰ ঠাইখিনিকে বশিষ্ঠাশ্ৰম বুলি ৰজাঘৰক জনোৱা হল৷ স্বৰ্গদেৱে তাত দৌল নিৰ্মাণ কৰাই বিলুপ্ত হৈ পৰা বশিষ্ঠাশ্ৰমৰ স্মৃতি ৰক্ষা কৰিলে৷

কোৱা হয়, আহোম ৰজাই দৌল সজাই দি মাজতে সৃষ্টি কৰা এখন তথাকথিত আশ্ৰমহে গুৱাহাটীৰ বশিষ্ঠাশ্ৰম৷ ভুৱা তথ্যৰে ৰজাক ভুল ঠাই দেখুৱাই দৌল নিৰ্মাণ কৰোৱা ৰাজ-বিষয়াৰ প্ৰতাৰণাৰ বাবেই পুৰাণপ্ৰসিদ্ধ এইখন আকাশী গংগাৰ পৰিসৰৰ প্ৰকৃত বশিষ্ঠাশ্ৰমখনৰ পৰিচয় গোপনে ৰৈ গল৷ আৰু এনেকৈয়ে ইতিহাসৰ বুকুৰ পৰা হেৰাই থাকিল আচল মৰ্যাদা তথা ঐতিহ্য৷ এনে তথ্যসমূহৰ ভিত্তিত পাৰখোৱাৰ আকাশী গংগাৰ বশিষ্ঠাশ্ৰমেই কালিকা পুৰাণত উল্লিখিত প্ৰকৃত বশিষ্ঠাশ্ৰম বুলি এদিন প্ৰতিপন্ন হবগৈনে? এইটো এটা গম্ভীৰ প্ৰশ্ন৷


প্ৰৱেশ দ্বাৰৰ পৰা আগলৈ ফুটপাথটো বেচ পৰিষ্কাৰ৷ দেখিয়ে মনটো ভাল লাগি গ'ল৷ পোনে পোনে গৈ থাকিলোঁ আমি৷ নাতিদূৰত জোতা-চেণ্ডেল লৈ প্ৰৱেশ নিষেধ বুলি লিখা ফলক এখন চকুৰ সন্মুখলৈ আহিল৷ সোঁহাতে নামঘৰ৷ অকণমান আগলৈ জনৈক শ্ৰীমতী কে. ৰংহাংপীয়ে তেওঁৰ প্ৰয়াত পিতৃ জীৱৰাম ৰংহাঙৰ স্মৃতিত দান হিচাপে ২০০৮ বৰ্ষত সাজি দিয়া মন্দিৰ এটা পালোঁ৷



চাৰি.

No legacy is so rich as heritage.

আকাশী গংগাৰ প্ৰাচীন স্থাপত্য-ভাস্কৰ্যসমূহ মানৱ সমাজৰ দৃষ্টিগোচৰলৈ আহে কুৰি শতিকাৰ আৰম্ভণি দশকত ঊৰ্ধ্ব গংগাৰ ৰাইজে চলোৱা সাধাৰণ এক খনন কাৰ্যৰ জৰিয়তে৷ তাৰ আগলৈকে সেইবোৰ আছিল প্ৰাকৃতিক দুৰ্যোগত ধ্বংসপ্ৰাপ্ত, পাহাৰৰ ভূমিস্খলনত পোত যোৱা ধ্বংসস্তুপৰ নামান্তৰ৷ প্ৰসংগক্ৰমে উল্লেখনীয় যে ঊনবিংশ শতিকাৰ শেষ ভাগলৈকে এই অঞ্চলটো অটব্য হাবি-জংঘলেৰে ভৰি আছিল৷ বনৰীয়া জীৱ-জন্তুৰ লীলাভূমি আছিল৷ মানুহৰ বসতি দূৰ-দূৰণি পৰ্যন্ত নাছিলেই৷ লাহে লাহে ঊৰ্ধ্ব গাঁও, কাৰাম গাঁও, লক্‌চ গাঁও, নিজ পাৰখোৱা গাঁও, ডেনগাঁও, চেৰাকানি আদি গ্ৰাম্যাঞ্চল সৃষ্টি হল৷ ডবকাৰ পৰা ডেনগাঁৱলৈ হাবিৰ মাজে মাজে সুৰসুৰীয়া বাট হল৷ পাহাৰৰ মাজত লুকাই থকা আকাশী গংগা মানুহৰ চকুত পৰিল৷ শ্ৰদ্ধা-ভক্তিৰে সেই সময়ৰে পৰাই মানুহে আপদে-বিপদে আকাশী গংগাত সভক্তিৰে পূজা-অৰ্চনা, নৈবেদ্য- মাননি আগ বঢ়াব ধৰিলে৷

১৯০৬-০৭ চনমানত নগাঁও জিলাৰ ফুলগুৰি অঞ্চলৰ দেৱবাবা নামৰ এজন থলুৱা অসমীয়া বৰ্ণহিন্দু সন্ন্যাসী পাৰখোৱাৰ পৰা আকাশী গংগালৈ আহি অটব্য জংঘলৰ মাজত জলপ্ৰপাতৰ কাষতে থকা প্ৰকাণ্ড শিলৰ গহ্বৰত কটাবলৈ লয়৷ এদিন ৰাতি সপোনত তেওঁ মাটিৰ তলত শিৱলিংগ আৰু আন ভালেমান দেৱ-দেৱীৰ মূৰ্তি থকাৰ কথা জানিবলৈ পায়৷ সন্ন্যাসীজনৰ আহ্বানক্ৰমে ঊৰ্ধ্ব গংগাৰ ২০-২৫জন মানুহে ৬-৭ দিন ধৰি ৪-৫ ফুট তললৈকে খন্দাৰ পাছত কলীয়া শিলৰ পুৰণি মন্দিৰৰ অৱশেষ, শিৱলিংগ, শিৱৰ বাহন বুঢ়া ঋষভৰ মূৰ্তি, বিষ্ণু, লক্ষ্মী, সৰস্বতী, দুৰ্গা, ভদ্ৰা, কাৰ্তিক, গণেশৰ মূৰ্তি, শিলত খোদিত নানান আৰ্হিৰ ফুল, লতাফুল আদি কটা শিল কিছুমান উদ্ধাৰ কৰে৷

কিছুদিনৰ পাছত ঊৰ্ধ্ব গাঁৱৰ সৎৰাম শইকীয়া, ভকতৰাম বৰা, উমাৰাম বৰা প্ৰমুখ্যে লোকসকলে মিলি আকাশী গংগাৰ জুৰিৰ পাৰত খেৰ-বাঁহেৰে সৰুকৈ ঘৰ সাজি দিয়াত দেৱবাবাই মূৰ্তিবোৰ ভাগে ভাগে সেই ঘৰটোতে যথাৰীতি সংস্থাপন কৰি শিৱস্থান এখন প্ৰতিষ্ঠা কৰে আৰু বিধি অনুসৰি পূজা-পাতল কৰিবলৈ লয়৷ এয়াই হৈছে আকাশী গংগা থানৰ উষাকালৰ কাহিনী৷

সমস্ত অঞ্চলটো এসময়ত ইংৰাজ চৰকাৰৰ নগাঁও জিলাৰ বন বিভাগৰ অধীনত সংৰক্ষিত এলেকা হিচাপে আছিল৷ বন এলেকাত ঘৰ সজাৰ কথা বিভাগীয় লোকৰ কাণত পৰাত উচ্ছেদ অভিযানৰ লক্ষ্যৰে তেওঁলোকে লগত পুলিছ লৈ আহি হাতী লগাই পূজাঘৰ ভাঙি পেলালে৷ মূৰ্তিবোৰো লণ্ডভণ্ড কৰি পেলালে৷ দেৱবাবাৰ শিষ্যত্ব গ্ৰহণ কৰি আশ্ৰমত বাস কৰি থকা উমাৰাম বাবাজীক নগাঁৱৰ জেল হাজোতলৈ প্ৰেৰণ কৰা হল৷ সেই সময়ত নগাঁৱৰ কেইজনমান অধিবক্তাই থানখনৰ পক্ষে ওকালতি কৰিছিল৷ তেওঁলোকে নগাঁও জিলাৰ উপায়ুক্তক আকাশী গংগাত ৰাইজে চলোৱা খনন কাৰ্য আৰু উদ্ধাৰ কৰা প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ, স্থাপত্য-ভাস্কৰ্য আদিৰ বিষয়ে বুজাই দিলে৷ বিষয়টোৰ গুৰুত্ব বুজি সংশ্লিষ্ট কৰ্তৃপক্ষই গোচৰটো খাৰিজ কৰি দিয়াৰ লগতে বাবাজীকো মুক্তি দিয়ে৷ সেই উকীল কেইজনেই গুৰুত্ব সহকাৰে লাগি উপায়ুক্তৰ জৰিয়তে আকাশী গংগা জলপ্ৰপাতকে সামৰি বৃহৎ অংশৰ ভূমি দেবোত্তৰ ভূমি হিচাপে চিহ্নিত কৰাই বন এলেকাৰ পৰা কটাই আকাশী গংগা আশ্ৰমৰ বাবে মাটি মুকলি কৰাত হাত উজান দিয়ে৷ তেতিয়াৰ পৰাই আকাশী গংগাই চৰকাৰী অভিলেখ লাভ কৰি এখন পৱিত্ৰ আশ্ৰমৰ স্বীকৃতি লভিলে৷ জেল হাজোতৰ পৰা মুকলি হৈ অহা উমাৰাম বাবাজীয়ে ভকতৰাম বৰা, সৎৰাম শইকীয়া প্ৰমুখ্যে ঊৰ্ধ্ব গাঁৱৰ লোকসকলৰ সহযোগত নতুনকৈ ঘৰ সাজি, শিৱলিংগ আৰু অন্যান্য দেৱ-দেৱীৰ মূৰ্তিবোৰ ৰেহা লগাই থাপি লৈ পূজা-পাতল পুনৰায় আৰম্ভ কৰে৷

নগাঁও জিলাৰ পাৰখোৱাৰ আকাশী গংগাত প্ৰাচীন শৈল মন্দিৰৰ অৱশেষ আৰু আন আন দেৱ-দেৱতাৰ মূৰ্তিকে ধৰি পুৰণি স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন কিছুমান ওলোৱাৰ বাতৰি পাই সেই সময়ৰ নগাঁও জিলাৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা তথা প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথে আকাশী গংগালৈ আহি পৰিদৰ্শন কৰিছিল৷ আশ্ৰমখনত শিৱৰাত্ৰি মেলা পাতিবলৈ তেখেতেই পৰামৰ্শ আৰু উদ্‌গণি দিছিল৷ সেইমতে ১৯১৩ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত আকাশী গংগাৰ আশ্ৰমত প্ৰথম শিৱৰাত্ৰি মেলা উদ্‌যাপন কৰা হৈছিল৷ স্থানীয় ৰাইজৰ উপৰি অভিযন্তা নাথ, উপায়ুক্ত মাৰা, অধিবক্তাকেইজনৰ দুই-একৰ লগতে আন ভালেকেইজন গণ্য-মান্য ব্যক্তিয়ে মেলাত যোগ দি সকলোকে উৎসাহিত কৰিছিল৷ ৰাজমোহন নাথে সিদিনা ৰাইজক এইবুলি জানিবলৈ দিছিল যে অঞ্চলটোত বৈ থকা হৰিণা, ডিখাৰু আৰু যমুনা নৈৰ পুৰণি নাম সন্ধ্যা, ললিতা আৰু কান্তা৷ এই তিনিখন নৈৰ সন্মিলিত ত্ৰিবেণী সংগমৰ ওচৰতে থকা আকাশী গংগাৰ পাৰত এসময়ত বশিষ্ঠ মুনিৰ আশ্ৰম আছিল৷ সেই কাৰণে এই ঠাই বশিষ্ঠাশ্ৰম নামে জনাজাত আৰু প্ৰখ্যাত৷ তদুপৰি আকাশী গংগাৰ উত্তৰে ঊৰ্ধ্ব গংগাত কৌশিক মুনিৰ আশ্ৰম আছিল৷ কথিত আছে যে পাণ্ডৱৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাই আকাশী গংগাৰ পৰা প্ৰায় ১৪ কিলমিটাৰ দূৰৰ পূবত অৱস্থিত বৰ গংগাত পানী খাই বাঘ হৈছিল৷


সেই তেতিয়াৰে পৰা আৰম্ভ কৰি আজিও আকাশী গংগাৰ এই শিৱথানত প্ৰতি বছৰে শিৱৰাত্ৰি মেলা উৎসৱ উদ্‌যাপিত হৈ আহিছে৷ প্ৰতি ফাগুন মাহৰ শিৱ চতুৰ্দশী তিথিত কৰা শিৱৰাত্ৰি ইয়াৰ প্ৰধান বাৰ্ষিক উৎসৱ৷

বাটচৰাৰে আমি প্ৰৱেশ ঘটোৱাৰ পাছত ভিতৰফালে মন্দিৰ, ঘৰ, ফুলনি, বিদ্যুৎ ব্যৱস্থাৰ উপৰি ফলক কিছুমান চকুত পৰিছে৷ পৰ্যটন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আকাশী গংগাৰ আন্তঃগাঁথনি উন্নয়নৰ নিমিত্তে বিগত ২০১০ চনতে ৪২ লাখ টকা ধাৰ্য কৰিছিল৷ বিদ্যুৎ, পেয়জল আৰু আনুষংগিক কাম-কাজ যেনে সৌন্দৰ্যবৰ্ধন, বাগিচা, সংযোগী পথ আদিৰ নিমিত্তে৷ উক্ত ধনৰাশিৰেই এতিয়া আমি দেখা এইবোৰ বিতোপনকৈ নিৰ্মাণ কৰা হৈছে নিশ্চয়৷ গছ-গছনিৰে পৰিৱেষ্টিত পৰিৱেশটো ভাল লাগিছে৷ শুনা পাইছিলোঁ, অঞ্চলটোত সময়বিশেষে বনৰীয়া হাতীৰ ডেডাউৰিও কেনিবা কেনিবা শুনা যায় হেনো৷



পাঁচ.

Speaking-rocks is the wonder of our country.


কাঁড় চিন মাৰি জনাই থোৱা হৈছে যে এফালে মন্দিৰলৈ, এফালে জলপ্ৰপাতলৈ যাব পাৰি৷ সময় নাটনিৰ পৰিপ্ৰেক্ষিতত মন্দিৰৰ ভিতৰত নোসোমাই বাঁওহাতৰ বাটটোৰে বহুপ্ৰত্যাশিত আকাশী গংগা জলপ্ৰপাতৰ ফালে যাব ধৰিলোঁ আমি৷ খোজ পেলাই থকাৰ সমানে সমানে অ'ত-ত'ত দেখা পোৱা প্ৰত্নতাত্ত্বিক সমলসমূহে নানান ভাবনা মনলৈ কঢ়িয়াই আনিব ধৰিলে৷

জানিবলৈ পোৱামতে, কুৰি শতিকাৰ আৰম্ভণিৰ তৃতীয় দশক পৰ্যন্ত আকাশী গংগা থানত উন্নয়নমূলক একো কামেই হৈ উঠা নাছিল৷ স্থানীয় ৰাইজৰ জড়িতকৰণো নাছিল৷ মন্দিৰ হিচাপে আছিল খেৰ-বাঁহৰ জুপুৰি এটা৷ লগতে, পূজাৰী থাকিবলৈ সামান্য ঘৰ এটা৷ ঊৰ্ধ্ব গাঁৱকে ধৰি ওচৰৰ ২-৩খন গাঁৱৰ মানুহে মিলি ফাগুন মাহৰ শিৱ চতুৰ্দশী তিথিত নাম-কীৰ্তনেৰে শিৱৰাত্ৰি পালন কৰিছিল৷ ডবকা আৰু বুঢ়ী গংগাৰ কিছু লোকেও যোগদান কৰিছিলহি৷ সেয়াই আছিল আকাশী গংগাৰ একালৰ স্বৰূপ৷

১৯৩৪-৩৫ চনত নমাটি মৌজাৰ মৌজাদাৰ, ডবকা নিবাসী ৰাম বৰাই মন্দিৰ এটা সাজি দিয়ে, শাল গছৰ ৪টা খুঁটাৰে চাৰিচলীয়াকৈ, মন্দিৰৰ আকাৰত টিনপাত দি৷ ক'বলৈ গ'লে তাৰ পৰাই আৰম্ভ হয় উন্নয়নমূলক কামৰ পাতনি৷ ১৯৫৫-৫৬ চনত কঠীয়াতলী চাৰিআলি নিবাসী নেতৰাম আগৰৱালাই মন্দিৰৰ পূজাৰী থকা ঘৰটো দুচলীয়াকৈ টিনপাতেৰে সজাই দিয়ে৷ আনহাতে আশ্ৰমসদৃশ আমি আজি দেখা এই পৰিৱেশটোৰ বাট কাটিছিল তদানীন্তন কালতে পূজাৰী হিচাপে থকা বৈশাখু বাবাই, মন্দিৰৰ আশে-পাশে গজা হাবি-জংঘল কাটি, আম, কঁঠাল, অমিতা, কমলা, নেমু, পাণ আদি ফল-মূল আৰু আন আন দৰকাৰী বৃক্ষ ৰোপণেৰে৷

প্ৰাচীন স্থাপত্য-ভাস্কৰ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য-সম্পদেৰে ভৰি থকা আকাশী গংগাত আয়োজিত মেলা আৰু দেৱ-দেৱীৰ মূৰ্তিসমূহ দৰ্শন কৰিবলৈ তেতিয়াৰে পৰাই মানুহৰ সংখ্যা বাঢ়িবলৈ লয়৷ তাৰ লগে লগে প্ৰচাৰো বাঢ়িব ধৰে৷ সম্ভৱতঃ, বহিঃজগতৰ মানুহে আকাশী গংগাৰ বিষয়ে প্ৰথমবাৰ সম্ভেদ পাইছিল ১৯৫৬ চনৰ জুন মাহৰ ৩ তাৰিখে, অসম বাণী কাকতত প্ৰকাশিত আকাশী গংগাৰ প্ৰতি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আকাশী গংগাৰ নিকটৱৰ্তী মিকিৰ পাহাৰৰ পাৰখোৱাৰ ঊৰ্ধ্ব গাঁও নিবাসী, প্ৰত্নতাত্ত্বিক অনুসন্ধিৎসু ব্যক্তি খৰ্গেশ্বৰ বৰাই সম্পাদকলৈ লিখা চিঠি এখনৰ অচিলাৰে৷ এইগৰাকী লেখকেই ২০০২ বৰ্ষৰ অক্টোবৰ মাহত প্ৰকাশ কৰিছিল আকাশী গংগাৰ প্ৰত্নতাত্ত্বিক দিশৰ ওপৰত আলোকপাত কৰি বিশ্লেষণাত্মক দৃষ্টিৰে এই তীৰ্থস্থানখনিৰ প্ৰাচীনত্ব আৰু সাংস্কৃতিক মূল্য সম্পৰ্কে চিন্তাগধুৰ, তথ্যসম্বলিত নাতিবৃহৎ কিতাপ এখন৷ ডেনগাঁও বিথিলাংছ' নিবাসী মোৰ বন্ধু, শিক্ষক, সাহিত্যিক সুৰেন ক্ৰামছাৰ বদান্যতাত সেইখন মই পঢ়িবলৈ পাইছোঁ৷

১৯৫৭ চনত শিৱৰাত্ৰি উদ্‌যাপনৰ সময়তে পাৰখোৱা নিবাসী হানুৰাম মেচৰ সভাপতিত্বত স্থানীয় গ্ৰাম্যাঞ্চলৰ ৰাইজৰ অংশ গ্ৰহণত অনুষ্ঠিত মুকলি সাধাৰণ সভাত আকাশী গংগা থানৰ উন্নতি সাধনৰ লক্ষ্যৰে হানুৰাম মেচক সভাপতি, খৰ্গেশ্বৰ গায়নক সম্পাদক, বিজয় চন্দ্ৰ দেবক কোষাধ্যক্ষ হিচাপে লৈ ২১ জনীয়া সমিতি এখন গঠন হয়৷ ইয়াৰ অন্তৰ্গত কৰ্ম আঁচনি ৰূপায়ণাৰ্থে ১৯৫৭ চনত অসম চৰকাৰে আশ্ৰমখনলৈ ৬,০০০ টকা মঞ্জুৰ কৰিছিল৷ সেই অৰ্থৰ সৈতে ৰাজহুৱাভাৱে সংগৃহীত দান-বৰঙণি যোগ দি মন্দিৰৰ পূবত ৪ যোৰ কাঠৰ খুঁটাৰে দুচলীয়াকৈ টিনপাতেৰে মঞ্চসহ ৫০ ফুট দীঘল নামঘৰ নিৰ্মাণ কৰা হয়৷ ইয়াৰ পাছতে পুৰণা মন্দিৰৰ পৰিৱৰ্তে তাৰ ঠাইত সজা হয় এটা মূৰ্তিৰ সৈতে পকী মন্দিৰ৷ শৈৱসকলৰ আৰাধনাথলী এই শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য সমাপ্ত হোৱাৰ কেইবছৰমানৰ পাছতে বৃহদাকাৰৰ বিষ্ণু মন্দিৰ গঢ়ি তোলা হয় বৈষ্ণৱবাদী ভক্তবৃন্দৰ বাবে৷

পুৰাণপ্ৰসিদ্ধ, দৈৱিক পৱিত্ৰতাসম্পন্ন আকাশী গংগা শিৱ থানত কেৱল শিৱৰ প্ৰতীকি মূৰ্তি শিৱলিংগহে আছে এনে নহয়৷ ৰাইজৰ চেষ্টাত কুণ্ডৰ পাৰত ষাঠিৰ দশকত গঢ়ি উলিওৱা শিৱ মন্দিৰৰ প্ৰধান উপাস্য দেৱতা হৈছে মহাভৈৰৱী দেৱী পাৰ্বতীৰ যোনিমণ্ডলযুক্ত শিৱলিংগ৷ মন্দিৰৰ দুৱাৰমুখত ৰখা হৈছে শিৱৰ বাহন বুঢ়া ঋষভৰ শৈল মূৰ্তি৷ মন্দিৰৰ বাহিৰত, অলপ আঁতৰতে চতুৰ্ভুজ বিষ্ণু, লক্ষ্মী, সৰস্বতী, কাৰ্তিক, সিদ্ধিদাতা গণেশ, দুৰ্গা, পাৰ্বতী, ভদ্ৰা, ধনুৰ্ধাৰী শ্ৰীৰামচন্দ্ৰ আদি দেৱ-দেৱীৰ এলানি মূৰ্তি আছে৷ পুৰণা ক'লীয়া শিলৰ মন্দিৰৰ ভগ্নাৱশেষ হিচাপে শিলৰ খুঁটা, খুঁটা বহুৱাই ৰখা আধাৰ, দুৱাৰ, দুৱাৰৰ ফুলাম চৌকাঠ, শিলত কটা পদুম ফুল আৰু বিভিন্ন ধৰণৰ লতা ফুলৰ চানেকি, কলহৰ আকাৰত কটা মন্দিৰৰ শৈল চূড়া, তোৰণৰ ভগ্নাৱশেষ আদি নানাবিধ বাছকবনীয়া প্ৰাচীন নিৰ্মাণ কাৰ্য, চিত্ৰকলা আৰু স্থাপত্য-ভাস্কৰ্যৰ প্ৰাচুৰ্য তথা সুনিপুণ শিল্প নিদৰ্শনেৰে আকাশী গংগাৰ পাৰৰ ভূভাগ উপচি আছে৷ দূৰ অতীতৰ অনামী শিল্পীসকলে মানৱ সভ্যতা, শিল্প, কৃষ্টি-সংস্কৃতি, ধৰ্ম, সৌন্দৰ্যবোধ আদিৰ মননশীল প্ৰকাশেৰে আকাশী গংগাক এনেকৈয়ে যুগ-যুগান্তৰলৈ মহীয়ান আৰু গৰীয়ান কৰি থৈ গৈছে৷

একাংশ পণ্ডিতে একাদশ, দ্বাদশ শতিকাত কোনো এক অজ্ঞাত নৃপতিৰ পৃষ্ঠপোষকতাত এলেকাটো গঢ়ি উঠিছিল বুলি মত পোষণ কৰে৷ ইয়াত পোৱা কলহৰ আকাৰত কটা গোটা শৈল পাত্ৰসমূহৰ সৈতে দাক্ষিণাত্যৰ স্থাপত্য শিল্পৰ সাদৃশ্য দেখি মহাৰাষ্ট্ৰৰ খ্যাতনামা প্ৰত্নতত্ত্ববিদ পণ্ডিত ডক্টৰ ৰামচন্দ্ৰনে আকাশী গংগাৰ স্থাপত্য-ভাস্কৰ্যসমূহত দক্ষিণৰ চালুক্য স্থাপত্য-ভাস্কৰ্য ৰীতিৰ প্ৰভাৱ থকা বুলি অনুমান কৰিছিল৷ স্থাপত্য-ভাস্কৰ্যৰ বৈজ্ঞানিক দৃষ্টিভংগী নিৰ্ধাৰিত বিচাৰেৰে চাই কলিকতাৰ প্ৰত্নতত্ত্ববিদ পণ্ডিত ডক্টৰ আৰ. ডি. বেনাৰ্জীয়ে উল্লেখ কৰি থোৱামতে আকাশী গংগাৰ স্থাপত্য-ভাস্কৰ্যসমূহৰ নিৰ্মাণ কাল দ্বাদশ শতিকা৷



ছয়.

They were here first. And what they did matters.

পৰ্যটক-দৰ্শনাৰ্থীৰ ৰূপত যেনি-তেনি অনেক মানুহে পিয়াপি দি ফুৰিছে৷ পিক্‌নিক্‌ খাই, থান আৰু জলপ্ৰপাত চাই একোটা ভৰপূৰ মন লৈ ঘৰলৈ ঘূৰি যোৱাটোৱেই প্ৰচলিত নিয়ম নিশ্চয়৷ তেনেকুৱা শত-সহস্ৰজনৰ মাজতে বিলীন হৈ আমিও আগুৱাই গৈ আছোঁ৷ খোজ খৰ৷ কাৰণ কম সময়ৰ ভিতৰত যিমান পাৰোঁ চাব লাগিব৷ অন্ধকাৰ নামি আহিলে চোৱা আৰু নহবগৈ৷

প্ৰত্নতাত্ত্বিক সমলৰ পৰা বিশেষজ্ঞসকলে কৰা ধাৰণামতে কমপক্ষেও খ্ৰীষ্টীয় পঞ্চম-ষষ্ঠ শতিকাত ডবকা-যমুনা অৱবাহিকা অঞ্চলটোলৈ উত্তৰ ভাৰতৰ পৰা হিন্দু আৰ্যসকলৰ প্ৰব্ৰজন হৈছিল৷ উক্ত আগমনৰ ফলতে পাছলৈ যমুনা-কপিলী উপত্যকাত চামে চামে স্থাপত্য-ভাস্কৰ্যৰ সৃষ্টি হৈছিল৷ সৃষ্টিৰ সেই ধাৰাবাহিকতা এৰা-ধৰাকৈ শেষ মধ্যযুগলৈকে চলিছিল যদিও খ্ৰীষ্টীয় দ্বাদশ শতিকালৈকে ইয়াৰ ৰূপ স্পষ্টতৰ হৈ আছে৷

দশম শতিকাত ডবাকৰ সিংহাসনত উঠি পালবংশীয় ৰজা ৰত্নপালে হোজাইত নতুনকৈ ৰাজধানী পাতিছিল৷ হোজাইৰ ৰজাই দাক্ষিণাত্যৰ হয়হৈয়া ৰজাৰ জীয়াৰীৰ পাণি গ্ৰহণ কৰিছিল৷ তেতিয়াই দক্ষিণৰ পৰা অগণন কৰ্মকুশলী সংগ্ৰহ কৰি আনি দক্ষিণ নগাঁৱত মঠ-মন্দিৰ, কাৰুকাৰ্যখচিত শৈলস্তম্ভ, প্ৰাসাদ আদি সজাইছিল বুলি পুৰাতত্ত্ববিদ ৰাজমোহন নাথে লিখি থৈ গৈছে৷ এই সিদ্ধান্তসমূহলৈ চাই আকাশী গংগাৰ মন্দিৰ আৰু ভাস্কৰ্যসমূহৰ নিৰ্মাণ কাল দশম আৰু একাদশ শতিকাৰ মাজভাগ হব পাৰে বুলি ঠাৱৰ কৰা হৈছে৷ আনহাতে অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্‌ঘাটন বিষয়া ডক্টৰ প্ৰদীপ শৰ্মাই আকাশী গংগাৰ স্থাপত্য-ভাস্কৰ্যৰ নিৰ্মাণ কাল দ্বাদশ শতিকাৰ বুলি মত পোষণ কৰিছে৷

প্ৰাচীনত্ব নিৰূপণ বিষয়ত ঐতিহাসিক দুৰ্বোধ্যতাৰ বাবে আজিও বিতৰ্কৰ অন্ত পৰা নাই যদিও সম্পদসমূহৰ ৰক্ষণাবেক্ষণ, পৰ্যবেক্ষণ, অধ্যয়নৰ জৰিয়তে একাংশ বিজ্ঞৰ ভাষ্যত এইটো প্ৰতীয়মান হৈছে যে এসময়ত আকাশী গংগা বা বশিষ্ঠাশ্ৰমত সৰু-বৰ কেইবাটাও শৈলনিৰ্মিত মন্দিৰ আছিল৷ কুণ্ডৰ পৰা বৈ অহা জুৰিটোৰ মাজে মাজে উত্তৰা-দক্ষিণাকৈ শাৰী পাতি আনুমানিক ৪-৫টা মন্দিৰৰ অৱস্থান আছিল৷ প্ৰতিটো মন্দিৰৰ আৰ্হি বেলেগ বেলেগ আছিল বুলিও অনুমান কৰা হয়৷ আকাশী গংগাৰ পানী পৰি কুণ্ড সৃষ্টি হোৱা ঠাইৰ নিচেই ওচৰতে থকা প্ৰথমটো মন্দিৰৰ ভেটি হিচাপে আছে গহ্বৰসদৃশ এটা দ গাঁত৷ দ্বিতীয়টো মন্দিৰৰ ভগ্নাৱশেষৰ ৰূপত জুৰিৰ পানীৰ মাজত আছে শিল-বালিত আধা পোত গৈ আধা ওলাই থকা ৬ ফুট দৈৰ্ঘৰ ৪টা গোলাকাৰ শিলৰ খুঁটা৷ তৃতীয় মন্দিৰটোৰ অৱশেষ হিচাপে ঢাক খাই থকা আৰু পৰি থকা খুঁটাবোৰ ৬ ফুট ওখ আৰু চাৰিসিৰীয়া৷ চতুৰ্থটো মন্দিৰৰ খুঁটাবিলাক আঠসিৰীয়াকৈ কটা৷ এইবোৰৰ উপৰি সিঁচৰতি হৈ পৰি আছে বহুতো আধাৰ শিল যিবোৰত লোৰ গজাল ব্যৱহাৰ কৰাৰ চিন দেখা যায়৷ এইশাৰী মন্দিৰৰ পৰা ১৫-২০ মিটাৰ পূবত পাছত সজা শিৱ মন্দিৰ আৰু নামঘৰৰ মাজত, মাটিৰ তলত চাৰিওফালে শিলৰ পাতেৰে বন্ধা মন্দিৰৰ আঠকোণীয়া ভেটিয়ে উত্তৰা-দক্ষিণাকৈ অন্য এশাৰী বৃহৎ মন্দিৰৰ ভগ্নাৱশেষ পোত গৈ থকাৰ উমান দিয়ে৷ ইয়াৰ দক্ষিণলৈ একাদিক্ৰমে আৰু কেইটামান মন্দিৰৰ অৱশেষ ভূগৰ্ভত স্তুপীকৃত হৈ থকা বুলিও ধাৰণা কৰা হৈছে৷ অধ্যয়নৰ পৰা অনুমান কৰামতে আকাশী গংগাৰ বশিষ্ঠাশ্ৰমত একালত ক'লীয়া শিলেৰে নিৰ্মিত কমেও ৮-১০টামান পুৰণি মন্দিৰ আছিল৷

আনহাতে, বিগত কুৰি শতিকাৰ মাজভাগলৈকে এলেকাটোৰ যিটো ৰূপ আছিল, এতিয়া তাৰ পৰিৱৰ্তন হৈছে৷ উন্নয়নমূলক কাম-কাজৰ জৰিয়তে পৰিৱেশটো চকুত লগা কৰি পেলোৱা হৈছে৷বাটৰ আদিতে, ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হোৱা ৰাস্তাটোৰ ওপৰত পথ-নিৰ্দেশনাস্বৰূপ এখন প্ৰকাণ্ড পকী তোৰণ নিৰ্মাণ কৰা হল, যাৰ তলেৰে আমি সগৰ্বে সোমাই আহিছিলোঁ৷

১৯৮৯ চনত হোজাইৰ পুৰাতত্ত্ব উদ্‌ঘাটন বিষয়া ডক্টৰ প্ৰদীপ শৰ্মাৰ তত্ত্বাৱধানত আকাশী গংগাত ফুলনি বাগিচা স্থাপন কৰা হয়৷ অত-তত সিঁচৰতি হৈ পৰি থকা শিলত কটা দেৱ-দেৱীৰ মূৰ্তি আৰু অন্যান্য ভাস্কৰ্যসমূহ সংৰক্ষণ কৰিব পৰাকৈ সুমুৱাই ৰাখিবৰ বাবে ফুলনিৰ মাজতে পকী ঘৰ নিৰ্মাণ কৰা হৈছে৷ এইবোৰে পাৰিৱেশিক সৌন্দৰ্যবৰ্ধনৰ লগতে ঠাইটুকুৰালৈ এটা সুকীয়া মাত্ৰা আনি দিছে৷ তাহানিৰ ভাস্কৰ্য শিল্পীসকলে নিজৰ অভিজ্ঞতাৰে অপূৰ্ব শৈলীত খোদিত কৰি থৈ যোৱা ভাস্কৰ্যসমূহত আজিও নিহিত হৈ আছে তেওঁলোকৰ স্বকীয় কলা৷

প্ৰগতিমূলক চিন্তাৰে কেতবোৰ সময়োপযোগী কৰ্ম আঁচনি গ্ৰহণ কৰি আঁচনিৰ সফল ৰূপায়ণত একান্ত নিষ্ঠা, সততা তথা দৃঢ়তাৰে অগ্ৰণী ভূমিকা পালন কৰি আকাশী গংগাৰ আজি দেখা আশ্ৰমসদৃশ চৌপাশৰ উন্নয়ন বাস্তৱায়িত কৰি যোৱা ধন্যবাদাৰ্হ ব্যক্তিসকল হৈছে হানুৰাম মেচ, খৰ্গেশ্বৰ গায়ন, বিজয় চন্দ্ৰ দাস, জীৱৰাম ৰংহাং, নাৰায়ণ ৰংহাং, বাপুৰাম বৰা, লীলাকান্ত শইকীয়া, কনক চন্দ্ৰ বৰা, চাৰবুৰা ইংতি, জুমন ৰংচেহন, উমাৰাম বৰা, নিৰঞ্জন ধৰ, বলীন ৰংহাং, খৰ্গেশ্বৰ বৰা, নিৰাময় ৰংহাং, চিত্ত চন্দ, চেনাৰাম বৰা, দেবব্ৰত দেব, সত্যনাৰায়ণ সিকাৰিয়া, যুগল কিশোৰ হৰলালকা আৰু আন আন বহুতো৷



সাত.

Monumental heritage is more than financial heritage. Preserve it for the future generations.


ইয়াত উপস্থিত হ'লে যিকোনো মানুহৰে সহজে মনলৈ আহিব যে হয়, আকাশী গংগাৰ প্ৰাচীন ইতিহাস বিশেষভাৱে সমৃদ্ধ৷ এই মাটিত বিস্তৃতভাৱে দেখা গৈ থকা, শিলেৰে সজা পুৰণি কালৰ মঠ-মন্দিৰৰ ভগ্নাৱশেষ আৰু স্থাপত্য-ভাস্কৰ্যসমূহে দৃঢ়তাৰে তাকেই প্ৰতীয়মান কৰে৷ এই স্থানত চালুক্য ৰজাৰ নানান প্ৰত্নতাত্ত্বিক অৱশেষ আৰু শিলত কটা শিৱ মন্দিৰৰ ধ্বংসাৱশেষ আছে৷ মন্দিৰৰ এটুকুৰা খোদিত অংশত শিৱধ্যানী মূৰ্তি, গণ-নৰ্তকী, নৃত্যৰত গণেশৰ সৰু সৰু বিভিন্ন চিত্ৰও আছে৷ পুৰাতত্ত্ববিদৰ ভাষাত, ভগ্নাৱশেষখিনিৰ গাত পৰিলক্ষিত হৈছে আদিম মধ্যযুগৰ এক শ্ৰেষ্ঠ পৰ্যায়৷

এতিয়া আমাৰ নাকৰ পোনে পোনে ওলোৱা পাহাৰখনত দেখা গৈছে প্ৰায় ১৫০ ফুট উচ্চতাৰ এটা জলপ্ৰপাত৷ আকাশী গংগা জলপ্ৰপাত৷ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ অৱশেষসমূহৰ সৈতে এই জলপ্ৰপাতটোৰ এক অন্তৰ্নিহিত সৌন্দৰ্য আৰু তাৎপৰ্য বিৰাজমান৷ জলপ্ৰপাত নিজেই প্ৰকৃতিৰ এক সুন্দৰ আৰু সম্ভ্ৰান্ত উপাদান৷ তাৰ লগতে ডবাক ৰাজ্যৰ পৌৰাণিক ধ্বংসাৱশেষ যুক্ত হৈ সমগ্ৰ অঞ্চলটোৰ গুৰুত্ব বঢ়াই আহিছে৷ কালিকা পুৰাণৰ ১৮ অধ্যায়ত বৰ্ণিত পৱিত্ৰ শক্তিপীঠ বুলি আকাশী গংগাক গণ্য কৰা হয়৷ কোনোৱে কোৱামতে পাহাৰখনৰ ওপৰৰ পৰা হেনো ৰিণিকি ৰিণিকি ব্ৰহ্মপুত্ৰ নদ দেখা পোৱা যায়৷ হাতত সময় থকা হলে! মনে মনে ভাবি থাকিলোঁ৷

গংগাদিছা নৈত আকাশী গংগা নামৰ জলপ্ৰপাত আছে বুলি কিতাপত পঢ়িছিলোঁ৷ তাৰ মানে আকাশী গংগা জলপ্ৰপাত থকা এই ঝৰ্ণাটোৰ নাম গংগাদিছা! গংগা পাহাৰৰ পৰা নামি নামনিৰে বৈ ডিখাৰুত পৰিছেগৈ বুলি পাইছিলোঁ৷৷ তাৰ মানে পাহাৰখনৰ নাম গংগা! কুণ্ডৰ কাষত থিয় হৈ ওপৰলৈ চাই পঠিয়ালে জলধাৰাটো আকাশৰ পৰা আহি থকা যেন দেখি বাবেই ইয়াৰ নাম আকাশী গংগা৷ মানুহক পৱিত্ৰ কৰিবলৈ, উদ্ধাৰ কৰিবলৈকে যেন ব্ৰহ্মলোক, সৰগ, আকাশৰ পৰা ধাৰাটি খল্‌খল্‌ শব্দৰে নামি আহিছে৷ ওপৰমুৱাকৈ চাই কিছু পৰ বিভোৰ হ'লোঁ সকলোটি৷

হোজাই মহকুমাৰ যমুনা উপত্যকাৰ সংৰক্ষিত বনাঞ্চলৰ ওখ পাহাৰৰ পৰা আকাশী গংগা নামে জলপ্ৰপাতৰ ৰূপত তললৈ নমাৰ পাছত এই জলস্ৰোত আশ্ৰমৰ কাষেৰে দক্ষিণ পূবলৈ অকাই-পকাই বৈ গৈছে৷ এঠাইত আকৌ এইদৰে পঢ়িবলৈ পাইছিলোঁ... এই পানীয়ে নিম্নাংশত বাবলাং নামে জুৰি এটাৰ সৃষ্টি কৰিছে৷ তাৰ মানে নামনিৰ জুৰিটোৰ নাম বাবলাং! ইফালে, আকাশী গংগাৰ পানীত দ্ৰৱীভূত হৈ থকা ফ্লৰাইডৰ সমস্যাটোৰ সম্বন্ধেও বাতৰি কাকতত পঢ়া মনত আছে৷ সি যি কি নহওক, ইয়ালৈ আহি বাঁহৰ সহায়ত জলপ্ৰপাতৰ পানী পৰিৱহণ কৰা দেখা পালোঁ, মন্দিৰৰ দিশে৷


শিলে শিলে বগাই ওপৰলৈ উঠিব ধৰিছোঁ৷ পিছে বেছি দূৰ বগাবলৈ নাপালোঁ৷ বাঁহৰ জেওৰাই বাট ভেটিলে৷ পাথৰৰ ওপৰত ট ট কৰে জিলিকি আছে এখন ফলক৷ লিখা আছে... ওপৰলৈ উঠা নিষেধ৷ স্বাভাৱিকতে খোজ স্থৱিৰ হৈ গ'ল৷ থান উন্নয়ন সমিতিয়ে দৰ্শনাৰ্থীসকলৰ জ্ঞাতাৰ্থে অন্য জাননীও গছত আঁৰি ৰাখিছে৷ তেনেকুৱা জাননী-ফলকত বৰ বৰ হৰফেৰে লিখা আছে... ইয়াত শিল বগাই ওপৰলৈ উঠা আৰু গা ধোৱা নিষেধ৷ মাছ ধৰা বা মৰা নিষেধ৷ মাদক দ্ৰব্য আৰু পেকেটজাতীয় খাদ্য খোৱা নিষেধ৷ জলপ্ৰপাতৰ আশে-পাশে শৌচ-প্ৰস্ৰাব কৰা নিষেধ৷ অন্যথা সমিতিৰ বিধি অনুযায়ী দণ্ডনীয় হ


ইয়াত চাবোনেৰে গা ধোৱা আৰু লেতেৰা কাপোৰ ধোৱা নিষেধ৷’ জলপ্ৰপাতৰ নিম্নাংশত গা ধোৱা দৰ্শনাৰ্থীসকলৰ জ্ঞাতাৰ্থে ওখ গছ এজোপাত গজাল মাৰি লগোৱা আছে এই জাননী-ফলক


আকাশী গংগাৰ নামনি অংশত আনুমানিক ১০-১২ শতিকাৰ সাক্ষ্যস্বৰূপ কমেও দুটা মন্দিৰৰ ভগ্নাৱশেষ বিৰাজমান৷ এই উপাদানসমূহকে লৈ প্ৰত্নতাত্ত্বিক উদ্যান এখন গঢ়ি উঠিছে৷ সাতামপুৰুষীয়া এই ঐতিহ্য, স্তূপীকৃত এনে স্মৃতিচিহ্নবোৰ কোনো হৰণ-ভগন নোহোৱাকৈ সু-সংৰক্ষিত কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়৷ অনাদৃতভাৱে পৰি থকা একোটা শিলৰ মাজত এটা জাতিৰ বুৰঞ্জীযে ৰৈ থাকে সেয়া সৰ্বজনবিদিত৷ তাক সংৰক্ষণ কৰি অনুসন্ধিৎসু মনেৰে চাব জানিলে নতুন নতুন তথ্য পোহৰলৈ আহে৷



আঠ.

It is not the honour that you take with you, but the heritage you leave behind.

বিশাল অৰণ্য প্ৰান্তৰ, নদ-নদীৰ উৎপত্তি স্থল, জলপ্ৰপাত আৰু কুণ্ডৰ প্ৰাংগণ, পৰ্বত-পাহাৰৰ বক্ষ, সমুদ্ৰ তীৰ, হ্ৰদৰ পাৰ আদি নিৰ্জন তথা শোভিত প্ৰাকৃতিক স্থানসমূহ দেৱতাৰ প্ৰিয়৷ বৃহৎ সংহিতাত এনেকুৱা কিছু কথা আছে বুলি আগতে এঠাইত পঢ়িবলৈ পাইছিলোঁ৷ এই ধাৰণাৰ বাবেই আৰ্য ঋষি-মুনিসকলেও চাগৈ তেনেকুৱা ঠাইকে তপ-জপ, যাগ-যজ্ঞ, পূজা-অৰ্চনা সম্পাদনৰ অৰ্থে কেন্দ্ৰস্থল হিচাপে চিহ্নিত কৰিছিল৷ আনহাতে ধৰ্মপ্ৰাণ মানুহেও দেৱগৃহ, মঠ-মন্দিৰ, থান আদি সাজিবলৈ সেই ধৰণৰ অৱস্থানকে বাছি লোৱা কাৰ্যতঃ দেখা পাওঁ৷

প্ৰসংগক্ৰমে, দেৱতাৰ কথা নাজানো, নিজৰ প্ৰিয় বাবেই ময়ো আন যিকোনো ঠাইতকৈ কুমাৰী প্ৰকৃতিৰ মাজলৈ যোৱাটোকে পচন্দ কৰোঁ আৰু তেনেকুৱা ঠাইকে বাৰে বাৰে বাছিও লওঁ৷

অজয় চন্দৰ জৰিয়তে আজি হঠাতে আহি পৰা সুযোগকণ সদ্ব্য‌ৱহাৰ কৰি এয়া আকাশী গংগা জলপ্ৰপাতৰ সন্মুখত উপস্থিত হ'বলৈ পালোঁ৷ নিজৰ আকস্মিক ভাগ্যোদয়ত নিজেই আচৰিত হৈছোঁ এতিয়া৷ খোজেপতি অজয়, তুফান আৰু ট্ৰাকখনক শলাগিছোঁ৷ ভাৰতীয় লোকমনত এনে ধাৰণা আৰু বিশ্বাস এটা বদ্ধমূল হৈ আছে যে এনেবিলাক পৱিত্ৰ ঠাই ভ্ৰমণ-দৰ্শন কৰিব পাৰিলে অন্তৰত থকা সকলো পাপৰ বিনাশ ঘটি পুণ্য উপাৰ্জন হৈ জীৱই সদ্‌গতি পায়৷ অজয়ে মোক ইয়ালৈ অনাৰ পৃষ্ঠপটত এনে কাৰণো তেওঁৰ হৃদয়ত নিহিত হৈ থাকিব পাৰে৷ মোৰ পিছে মূল আকৰ্ষণ জলপ্ৰপাতটোহে, যাক লৈ শৈশৱ-কৈশোৰৰ পৰাই কৌতূহল এটা জীয়াই আছিল৷ পাপ-পুণ্যৰ কথা নাজানো, সেইটো কিন্তু আজি নিৰ্বাপন হল৷ এতিয়াহে কিবা ধন্য হ'লোঁ ধন্য হ'লোঁ যেন লাগিছে৷ বৃক্ষৰ তলে তলে ঘূৰি চৌপাশৰ সেউজীয়াত মনোনিৱেশ কৰি কথাবোৰ মনতে পাগুলি আছোঁ৷

আকাশী গংগাত পানী আগতকৈ কমিছে৷ এইটো এতিয়া চৰ্চাৰে বিষয়৷ পাহাৰৰ ওপৰত অৰণ্য কমিছে৷ পানীৰ উৎস সংকুচিত হৈছে৷ জল-ধাৰণ ক্ষমতা কমিছে৷ সেয়ে জলস্ৰোতৰ আয়তন কমিছে৷ চিন্তনীয় কথা৷ ঠাইটুকুৰাৰ নাতিশীতোষ্ণ চৰিত্ৰতো আহি পৰিছে হীন-ডেঢ়ি৷ সৌন্দৰ্য হানি হৈছে৷ এয়া নিশ্চয় শুভ-লক্ষণ নহয়৷ বিপৰীতে এচামে এইবুলিও আশা পোষণ কৰে যে অৰণ্যৰ আয়তন হ্ৰাস হলে এই ভূখণ্ডত প্ৰাচীন যমুনাপৰীয়া ঐতিহ্যবহনকাৰী বহুতো লুপ্ত নিদৰ্শন, আপুৰুগীয়া সম্পদ, কীৰ্তিচিহ্ন হয়তো আৱিষ্কৃত হবগৈ পাৰে, যিবোৰৰ গৱেষণামূলক অধ্যয়ন, গভীৰতৰ প্ৰত্নতাত্ত্বিক বিশ্লেষণৰ জৰিয়তে যমুনা-কপিলীৰ খিলঞ্জীয়া ঐতিহাসিক তথ্য কিছুমান ভৱিষ্যতে হয়তো পোহৰলৈ আহিব৷ নাজানো, সময়ে আকাশী গংগাক কোনফালে লৈ যায়!

প্ৰকৃতিৰ মনোমোহা, সুন্দৰ স্থানক কেন্দ্ৰ কৰি উঠা পৰ্যটনেই হৈছে পৰিৱেশ সম্পৰ্কীয় পৰ্যটন৷ ইয়াত তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ তাৰ বাবে প্ৰকৃতিৰ সংৰক্ষণ জৰুৰী৷

গুৰুত্বপূৰ্ণ কথা যে আকাশী গংগা আৰু ইয়াৰ বশিষ্ঠাশ্ৰমখন আজি কেৱল পাৰখোৱাবাসী ৰাইজ বা সীমান্তবাসী লোকৰে পৰিচিত বা আদৰ কিম্বা শ্ৰদ্ধা-ভক্তিৰ অনুষ্ঠান হৈ থকা নাই৷ সমগ্ৰ ভাৰতবৰ্ষৰ লোকৰ মাজতে জ্ঞাত ভক্তি-কামনাৰ এক পৱিত্ৰ তীৰ্থক্ষেত্ৰ হৈ পৰিছে৷ মানৱ মিলনৰ এক প্ৰবোধ্যকাৰী ক্ষেত্ৰতো পৰিণত হৈছে এই শ্ৰী শ্ৰী আকাশী গংগা শিৱ থান৷

বহুআকাংক্ষিত আকাশী গংগা জলপ্ৰপাতৰ লগতে থান আৰু প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ দৰ্শন সমাপ্ত কৰি মহিন্দ্ৰ ডি.আই.৩২০০ চি.আৰ.এক্স.ত বহিলোঁহি৷ সন্তুষ্টিৰ হাঁহি মুখমণ্ডলত বিৰিঙাই অজয়ে ষ্টাৰ্ট দিলে, ডিফুলৈ বুলি৷ সুযোগ পালে, সময় মিলিলে কেতিয়াবা আকৌ আহিম ভাবনাৰে ধীৰে ধীৰে বনভোজথলী এৰি উঠিলোঁহি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত৷

বকলীয়াত কেইমিনিটমানৰ বিৰতি৷ চাহ খোৱাৰ পাছত পুনৰ চকা ঘূৰিব লাগিল৷ ডিফু চহৰ নৌসোমাওঁতেই আমছাকন ২০১৫ৰ টোপোলাকেইটা ফোনে ফােনে স্মৃতিগ্ৰন্থৰ সম্পাদক ৰাতুলদাক চমজালোঁ ড্ৰাইভাৰ অজয় চন্দ আৰু তেওঁৰ সহকাৰী তুফান গিৰিৰ মাৰফতত৷ মোক ঘৰৰ আগত নমাই বোজা পিঠিত লৈ নীলা ট্ৰাকখন গুচি গ'ল নিৰ্দিষ্ট স্থানলৈ৷ এইফালে মই ঘৰ সোমালোঁ পুৰণা স্বপ্নৰ সাৰ্থকতাই ৰঙাই পেলোৱা ভৰা মনটো লৈ৷ কাণত বাজি থাকিল আকাশী গংগাৰ ৰোমাণ্টিক কল্‌কলনিবোৰ৷ (সমাপ্ত)

The best way to save historical monuments is to make sure they are officially declared as monuments. Once declared, they are legacy-protected.

সহায়কাৰী গ্ৰন্থ...
১. আকাশী গংগা বা বশিষ্ঠাশ্ৰমৰ ইতিবৃত্ত, খৰ্গেশ্বৰ বৰা, দ্বিতীয় প্ৰকাশ, জানুৱাৰী ২০০৮
২. অসমৰ নদ-নদী, ডক্টৰ যোগেন্দ্ৰ নাথ শৰ্মা, অসম সাহিত্য সভা, প্ৰথম প্ৰকাশ, জানুৱাৰী ১৯৯৩

৩. The Back-ground of Assamese Culture, R. M. Nath, Dutta Baruah & Co., Gauhati, Second Edition, 1978
৪. আছাম এণ্ড ট্ৰেভেল গাইড, ৰবীন্দ্ৰ কুমাৰ বৰা, সংগীতা এডভাৰটাইজিং চাৰ্ভিচেজ, তেজপুৰ, প্ৰথম প্ৰকাশ, নৱেম্বৰ ২০১৪

No comments:

Post a Comment