Seemonjir Children Park-cum-Picnic Spotত দুঘণ্টা...
সুযোগ পালেই ক'লৈ যাওঁ ক'লৈ যাওঁ কৰি উঠা মোৰ মনটোক আজি ৭০ সংখ্যক গণৰাজ্য দিৱসৰ পুৱাতে লৈ গ'লোঁ আগতে নোযোৱা ঠাই এটুকুৰালৈ৷ অলপ দিনৰ আগৰে পৰা অহুকাণে-পহুকাণে শুনি আছিলোঁ যে জনৈক কাৰবি লোকে ছিৰকাংনেপত সম্পূৰ্ণ ব্যক্তিগত চিন্তা আৰু উদ্যোগত সুন্দৰ উদ্যান এখন গঢ়ি তুলিছে৷ অৱস্থান আমাৰ ঘৰৰ দক্ষিণ দিশে, দূৰত্ব ৩-৪ কিল'মিটাৰমান হ'ব৷
বন্ধৰ সুযোগ পায়ে আজি পুৱাতে নিজে এবাৰ চাই অহাৰ সিদ্ধান্ত লৈ ল'লোঁ৷ প্ৰথমে ভাবিলোঁ, খোজ কাঢ়ি যাম৷ মজা লাগিব৷ পিছে সংগী হ'ব কোন? আগতে এবাৰ যোৱা ১১ বছৰীয়া ভতিজীজনীকে নিৰ্বাচন কৰিলোঁ৷ মাকক সোধাত ক'লে, 'এই ইমানদূৰ খোজ কাঢ়িব নোৱাৰিব৷ স্কুটী লৈ যোৱাই ভাল৷' মনে মনে ভাবিলোঁ, হয় কথাটো৷ পদযাত্ৰা বাদ দি পত্নীৰ স্কুটীখনকে উলিয়াই ল'লোঁগৈ৷ মৃদুৰ উপৰি লগত থাকিল কেমেৰা, পানীৰ বটল আৰু বিস্কুট এপেকেট৷
পুৱা ৮.৩০ত গতি আৰম্ভ হ'ল৷ মৃদুৱে ঠিকে ঠিকে বাট আঙুলিয়াই গ'ল৷ পুলিচ ৰিজাৰ্ভ, এগ্ৰিকালচাৰ কল'নি, চীফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ক'ৰ্ট, কৃষ্ণ নগৰ হৈ, নিৰ্মীয়মান হিল্ছ মেডিকেল কলেজৰ পাছফালেৰে ১০ কি ১২ মিনিটতে ছিৰকাংনেপ পালোঁগৈ৷
এসময়ত পকা ৰাস্তা শেষ হ'ল৷ কেঁচা ৰাস্তাৰে আগ বাঢ়ি বহুৰঙী পতাকাৰ আৱেষ্টনীত ওচৰা-উচৰিকৈ থকা খেৰৰ তোৰণ, চাইনব'ৰ্ড, বেনাৰ আৰু মাৰ্বলৰ ফলকৰ আগত ৰৈ গ'লোঁ৷ চাইনব'ৰ্ডখনে নিশ্চিত কৰিলে যে আমাৰ আজিৰ লক্ষ্যস্থান এয়াই হয়৷ মাৰ্বলৰ ফলকখনত পঢ়িবলৈ পালোঁ যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় কাৰ্যবাহী সদস্য শ্ৰী ৰতন টেৰণে চিমনজিৰ শিশু উদ্যান আৰু বনভোজ স্থলী উদ্বোধন কৰি গৈছে বিগত ২৩.১২.২০১৮ তাৰিখে৷ বেনাৰখনে জনালে যে উদ্যানখন পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে প্ৰতিদিনে খোলা থাকে৷ ইয়াত মাদক দ্ৰব্যৰ ব্যৱহাৰ, জুই ধৰা, ফুল ছিঙা, জীৱ-জন্তুক আমনি কৰা নিষিদ্ধ৷ স্কুটী এৰিলোঁ৷ বেনাৰৰ তলত অঁকা কাঁড় চিন অনুসৰণ কৰি পাহাৰৰ এঢলীয়াৰে টিকট কাউণ্টাৰলৈ দুয়ো খোজ ল'লোঁ৷ সন্মুখৰ ৰাস্তাটো লাংমিলিলৈ গৈছে৷ এলেকাটো ডিফু টাউন কমিটিৰ ৪ নং ৱাৰ্ডৰ অন্তৰ্গত৷
চাউণ্ড চিষ্টেমত নিয়ন্ত্ৰিত মাত্ৰাত বাজি থকা সুন্দৰ কাৰবি গীতটোৱে পৰিৱেশটো মধুময় কৰি ৰাখিছে৷ মনটো ৰঞ্জিত ৰঞ্জিত লাগি গ'ল৷ আজি বতৰো ভাল৷ নামি নামি পাৰ্কখনৰ সিটো মূৰ পালোঁহি৷ একোণত থিয় দি সমস্ত দৃশ্যাৱলী একত্ৰে কেমেৰাত বন্দী কৰাৰ চেষ্টা চলাই আছোঁ৷ হাতত কোৰ লৈ ডেকা এজন মূল প্ৰৱেশ দ্বাৰেৰে ওলাই আহিছে৷ মুখামুখি হওঁতেই তেওঁ মোক সম্ভ্ৰমেৰে 'গুড মৰ্ণিং' বুলি ক'লে৷ ময়ো হাঁহিৰে প্ৰত্যুত্তৰ জনালোঁ৷ 'আপুনিয়ে এই উদ্যানৰ...?' 'হয়' বুলি উত্তৰটো পোৱাৰ পাছৰে পৰা সুধিবলৈ আৰম্ভ কৰি দিলোঁ কৌতূহলে আমনি কৰি থকা ইটো-সিটো বহুতো৷
যুৱকৰ নাম মণিৰাম হাঞ্চে৷ পৈতৃক গৃহ বকলীয়াঘাটৰ ফংলকপেট৷ এৱেঁই এই উদ্যানখনৰ নিৰ্মাতা, স্বত্বাধিকাৰী৷ ২০১৮ চনৰ জুলাই মাহৰ পৰা কাম আৰম্ভ কৰিছিল৷ একমাত্ৰ জীয়েকৰ নামত প্ৰতিষ্ঠা কৰিছে উদ্যানখন৷ তাৰ আগতে দোকান খুলি ব্যৱসায় কৰিছিল৷ ডিফুৰ পিৰবি মাৰ্কেটখন এৱেঁই পাতিছিল৷ উৎসাহেৰে দুয়ো বাৰ্তালাপত নিমগ্ন হ'লোঁ৷ কিছু সময়ৰ পাছত 'আহক ভিতৰলৈ' বুলি সবল-সুঠাম, উদ্যমী-মিতভাষী হাঞ্চেই আমাক আগ বঢ়াই লৈ গ'ল৷ টিকট কাউণ্টাৰত বহি থকা কিশোৰীজনীৰ পৰা এণ্ট্ৰি টিকট দুটা কিনি ল'লোঁ৷ গাইপতি ২০ টকাকৈ৷ গে'টত থকা কিশোৰ এজনে টিকট দুটা ফালি এফাল আমাক দিলে আৰু আনফাল নিজে ৰাখিলে৷
সোমায়েই বাওঁহাতে নাৰ্চাৰী৷ তাতে চালিৰ তলত ৰৈ পুনৰবাৰ দীঘলীয়া আলাপ চলিল হাঞ্চে আৰু মোৰ৷ সংগ্ৰামী ডেকাজনে ক'ৰ পৰা কেনেকৈ আহি আহি এইখিনি পালেহি নিজমুখে কৈ গ'ল জীৱনৰ সঁচা কৰ্ম-অভিজ্ঞতা৷ অতি ভাল লাগিল উৎসাহী, সাহসী, পৰিশ্ৰমী, স্বাভিমানী, স্বাৱলম্বী, শক্তিশালী দেহ-মনৰ ডেকাজনক৷ স্বভাৱৰ মিল এটাও পালোঁ নিজৰ সৈতে!
আমি কথা পাতি থাকোঁতেই কৃষ্ণ নগৰস্থিত মিনি ইংলিছ স্কুলৰ চিনাকি শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে মেৰী, লাইদাইকিম, প্ৰিয়তম, জ্যোতি, সুমিত্ৰা আৰু মেৰীৰ ৪ বছৰীয়া জী স্বস্তিৰ প্ৰৱেশ ঘটিল৷ মৃদুৱে কেমেৰাটো লৈ ফটো তোলাত ব্যস্ত হ'ল৷ স্বস্তিয়ে আপোনমনে খেলিব ধৰিলে৷ মই শিশু উদ্যান আৰু বনভোজস্থলী চোৱাত মন দিলোঁ৷
পাহাৰৰ এঢলীয়া বক্ষত আকৃতিত প্ৰায় ৫০ মিটাৰ বহল, ২০০ মিটাৰ দীঘল এলেকাটো৷ খলপ খলপকৈ ফুল, ফল আৰু পাচলিকে মুখ্য কৰি বিভিন্ন প্ৰকাৰৰ গছ-গছনি, শিশুৰ উপযোগী খেলৰ নানাবিধ সামগ্ৰী, বিভিন্ন ধৰণৰ ভাস্কৰ্য, ফুটপাথ, খটখটি, ৱাটাৰ ফাউণ্টেইন, টয়লেট, ডাষ্টবিন, মাছ, শহাপহু, চৰাই, জিৰণি চ'ৰা, পৰম্পৰাগত গৃহ, মুকলি মঞ্চ, বহা ঠাই, সেউজ ঘাঁহনিৰে পৰিৱেষ্টিত৷ বনভোজৰ থলী, ৰন্ধা-বঢ়া আৰু খোৱাৰ আহল-বহল জেগাও আছে৷ চৌদিশ খুব পৰিষ্কাৰ-পৰিচ্ছন্ন, শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ৷ টয়লেটো চাফা৷ পোহৰ আৰু পানীৰ সুব্যৱস্থা আছে৷ একক তথা অনন্য এই সমস্ত চিন্তা আৰু কৰ্মৰ গৰাকী ৩৯ বছৰীয়া প্ৰকৃতিপ্ৰেমী মণিৰাম হাঞ্চে, গতানুগতিকতাৰ পৰা ফালৰি কাটি বিশেষত্বপূৰ্ণ কাম-কাজৰ প্ৰতি সততে অনুৰক্ত যাৰ মন৷
দুঘণ্টা কটাই তললৈ নামি অহাৰ পৰত তেওঁক আকৌ পালোঁ৷ উদ্গণিমূলক দুই-চাৰিটা কথাৰে আন্তৰিক অভিনন্দন জনাই, বুকুত বুকু মিলাই, পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈ অভিভূত মনটোক এসময়ত আনন্দেৰে ঘৰ সুমুৱালোঁহি৷ (২৬ জানুৱাৰী ২০১৯)

ধুনীয়া লাগিল । ফটোখিনিয়ে বিৱৰণীক জীৱন্ত কৰি তুলিছে ।
ReplyDelete