Tuesday, 20 November 2018

পৰ্বত খনবামনত 'চাফাপানী'ৰ অন্বেষণ



No water, no life; No blue, no green. ~Dr. Sylvia Alice Earle

ভ্ৰমণ কাহিনীটো আৰম্ভ কৰাৰ পূৰ্বে পাতনি এহালিচাৰ দৰকাৰ আছে বুলি অনুভৱ হৈছে৷ দুৱাৰমুখতে তৰি লোৱা এই আমডালিৰ শিৰোনাম হডিফুৰ পানী যোগান ব্যৱস্থা৷ প্ৰয়োজনসাপেক্ষে স্থানবিশেষে তাত যোগ হব সময়ৰ গহ্বৰত হেৰাব ধৰা আনুষংগিক স্মৃতি কিছুমানো৷ নহলেবা সত্যসন্ধানপ্ৰিয় সদাশয় পাঠকে পটভূমি অনুধাৱন কৰাত অসুবিধা পাব আৰু অন্বেষণমূলক যাত্ৰাটোৰ আঁত ধৰাই মস্কিল হৈ পৰিব৷ পৰ্বত খনবামন এনেয়েও বৰ ৰহস্যময়৷ সেয়া জনাই জানে৷ সদ্যহতে পাতনিৰ অভ্যন্তৰলৈ আহিছোঁ৷

ডিফু চহৰত পানী যোগান কৰ পৰা ধৰা হয়? মনত দোলা দি থকা অনুসন্ধিৎসাধৰ্মী এই প্ৰশ্নটো এতিয়াৰ নহয়৷ বৰঞ্চ ই জাগ্ৰত হৈছিল আজিৰ পৰা বহু বছৰৰ আগতেই৷ কবলৈ গলে আমাৰ শৈশৱ-কৈশোৰৰ দেওনাতে৷ সেইটো বয়সতে আমি দেখা পাইছিলোঁ, কানাই ঘোষ নামৰ লোক এজনক৷ পিন্ধনত নীলা ৰঙৰ বহল হাফপেণ্ট৷ নতুনকৈ বহুওৱা কাষ্ট আইৰণৰ পাইপ লাইনত পঘা মেৰিয়াই, বোকামাটিৰ লেও দি, ওচৰতে কেৰাহীত পৃথকে গলাই লোৱা সীহ ঢালি ঢালি জোৰা মাৰিছিল৷

দেখোঁতে মানুহ আৰু আছিল৷ পাহৰণি ৰাক্ষসীয়ে গিলি পেলোৱাত এই মুহূৰ্তত চেহেৰাবিলাক ধূসৰ হৈ পৰিছে৷ সি যি কি নহওক, সেই তেতিয়াই শুনা পাইছিলোঁ, ৰাস্তাৰ দাঁতিত অত-তত সংস্থাপিত কলবিলাক, যৰ পৰা নিৰ্গত পানী আমি স্কুললৈ অহা-যোৱা কৰোঁতে অথবা পুৱা-আবেলি খেলা-ধূলা কৰি পিয়াহ লাগিলে দুহাতেৰে খোল পাতি চলুৱে চলুৱে পোনে পোনে পি লৈছিলোঁ, সেয়া শিলনীৰ পৰা আহে বুলি৷ ভূগোলৰ কিতাপত পঢ়িবলৈও পাইছিলোঁ, লংলিত নদীৰ ওপৰ ভাগত বান্ধ দি ডিফুলৈ পানী যোগান ধৰা হয় বুলি৷ এই 'লংলিত'ৰ পৰাই মানুহৰ মুখ বাগৰি 'লংনিত', 'লুংনিত', 'লুঙি' আদি চলতি শব্দবোৰ সৃষ্টি হল বুলি সৰ্বজনগ্ৰাহ্য ধাৰণা এটাও নথকা নহয়৷

স্মৰ্তব্য যে কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ পানী যোগানৰ উদ্দেশ্যে ডিফু ৱাটাৰ চাপ্লাই প্ৰজেক্টৰ কথা ভবা হৈছিল বিগত ষাঠিৰ দশকতে৷ অৰ্থাৎ, মোৰ জন্মৰ সমসাময়িকভাৱে! অতীতত আমি অত-তত কেঁচা-পকা কুঁৱা কিছুমান দেখা পাইছিলোঁ৷ ১৯৭৫ চনত সজা হৈছিল ৯ লাখ লিটাৰ ধাৰণ ক্ষমতাযুক্ত আৰ.চি.চি. ষ্টৰেজ ৰিজাৰ্ভাৰ৷ ডিফু অসামৰিক চিকিৎসালয়ৰ সমীপত ইতিহাসৰ সাক্ষী গোলাকাৰ টেংকিটো আজিও সোঁশৰীৰে আছে৷ হাইস্কুলত পঢ়া দিনৰে পৰাই আমি লক্ষ্য কৰি আহিছোঁ৷

সেই তেতিয়াই আৰু দুটা প্ৰশ্নৰ উদয় হৈছিল৷ ডিফুলৈ পানী অহা শিলনী নামৰ ঠাইটুকুৰা আছে কত? লংলিতখননো কোনফালেদি বৈছে? সৌভাগ্যৰ কথা যে উক্ত স্থান, পৰ্বতীয়া নৈখনৰ শিলাময় বুকু তথা স্ফটিকস্বচ্ছ জলভাগ স্পৰ্শ কৰাৰ সুযোগ আমি সৌ লৰালিতেই পাইছিলোঁ, বাৰ্ষিক বনভোজৰ অন্তৰ্গত আমাৰ গড়কাপ্তানি ক'লনিৰ আবাসীসকলৰ বাবে বৃহৎ পৰিসৰত দেউতাহঁতে আয়োজন কৰা পিক্‌নিকৰ অচিলাৰে৷ ইফালে পৰিৱহণ নিগমৰ ৰঙা বাছত মাতৃগৃহ গোলাঘাটলৈ যাওঁতে-আহোঁতে ডিফু-মাঞ্জা ৰডৰ ৭ মাইলৰ শিৱ মন্দিৰ পাৰ হৈ পোৱা ঠেক বেইলী ব্ৰীজখনৰ কাষত পানী পৰিবাহী কলা চি.আই. পাইপডালত সততে দৃষ্টিনিবদ্ধ হৈছিল৷ প্ৰতিবাৰে সেইফালে চাইছিলোঁ, গভীৰ অন্তৰ্দৃষ্টিৰে৷ কাৰণ, তাৰ মাজেৰে অহা পানীকে আমি নিতৌ খাই আছোঁ৷

অৱধাৰিতভাৱেই, উক্ত দলং কিম্বা পথ, কোনোটোৱেই আজি আৰু পূৰ্বৰ ৰূপত নাই৷ সেই পথ নতুন আৰু আহল-বহল, সেই দলঙো নতুন আৰু আৰ.চি.চি. হল৷ হ'লেও কাষতে লতাই বেৰি ৰখা পুৰণা দলংখনে আজিও আমাক নস্তালজিক কৰি তোলে৷ কালস্য কূটিল গতি৷ তাৰে ধামখুমীয়াত সিফালে শিলনী, লংলিতেও ৰূপ নসলোৱাকৈ থকা নাই৷ জনসংখ্যা বছৰি বাঢ়ি গৈ থাকিল৷ নৈৰ বুকুৰ শিলবোৰ পূৰ্বতকৈ কমি আহি থাকিল৷ শিলে শিলে ঠেকা খোৱাৰ ফলত বোঁৱতী পানীয়ে উলিওৱা ভয়ংকৰ গৰ্জনবোৰ কিবা যেন শান্ত-সমাহিত হৈ পৰিল! নিৰলে ভাবিলে এতিয়া এনেহেন লাগে৷ সৌন্দৰ্যৰ অৱনতি দেখি দুখে বেৰি ধৰে৷ কত গল সেই সোণালী সুদিন!

আমাৰ বিশেষ আকৰ্ষণৰ থলী শিলনীৰ অৱস্থান আছিল পৰ্বত খনবামনৰ পাদদেশত৷ তালৈ যাবলৈ হলে ডিফুৰ পৰা ১৬ কিলমিটাৰ গৈ মাঞ্জা তিনিআলিত নগাঁওমুখী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত উঠি, বাঁওহাতে ঘূৰি, তাৰ পৰা আৰু ৯ কিলমিটাৰ আগ বাঢ়ি লংনিত পাবগৈ লাগিছিল৷ তাৰ পৰা সোঁহাতে ফাটি, লংলিত নৈক বাঁওহাতে ৰাখি পাৰে পাৰে ৪ কিলমিটাৰমান যাব লাগিছিল৷ ৰাস্তাটো আছিল ঠেক, হাবিতলীয়া৷ ডিচেম্বৰ-জানুৱাৰী মাহত প্ৰতি বছৰেই ব্যস্ত বনভোজথলীলৈ পৰ্যবসিত হৈছিল লংলিতৰ পাৰৰ শিলনী৷ অৱস্থানটোৰ কাৰণেই অন্যান্য সময়তো প্ৰকৃতিপ্ৰেমী, এড্‌ভেন্‌চাৰপ্ৰেমী মানুহৰ আহ-যাহ কম-বেছি মাত্ৰাত হলেও আছিল৷ এই চৰিত্ৰ এতিয়াও বৰ্তি আছে৷ কিয়নো জেগাকণ সুলভ, প্ৰাকৃতিক সৌন্দৰ্যময় আৰু সহজগম্য৷

অন্যহাতে, ঠাইটুকুৰাৰ নামটোৰ বিষয়ে ভাবিলে ভাব হয়, চাগৈ নদীৰ বুকুখন প্ৰচুৰ শিলেৰে উপচি থকাৰ বাবেই শিলনী হল৷ সম্প্ৰতি কাৰবি ভাষাৰে লংচকাংথু বুলি পৰিচিতি লভিছে৷ তালৈ গলে তলৰ পৰাই দেখা পাইছিলোঁ দূৰৈত, পাহাৰৰ ওপৰত, দিয়াচলাইৰ বাকচযেন লগা ঘৰ এটা৷ সেইটো জনস্বাস্থ্য কাৰিকৰী বিভাগ, চমুকৈ পি.এইচ.ই.ৰ পাম্প হাউচ বুলি কৈছিল৷ ডাঙৰ হৈ সিমান উচ্চতালৈ বগায়ো পালোঁ৷ কাষতে ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট৷ পিক্‌নিক্‌ স্পটৰ পৰা কিছু আগলৈ নৈখনৰ বক্ষৰ পৰা পৰ্বতলৈ তোলা লংলিতৰ জলভাগ শোধন কৰা হৈছিল৷ তাৰ পাছত মহাকৰ্ষণ বলৰ সহায়ত পাইপযোগে এৰি দিয়া হৈছিল ৩৩ কিলমিটাৰ আঁতৰৰ ডিফু সদৰলৈ বুলি৷ কালক্ৰমত এই ব্যৱস্থাটো বিকল হৈ পৰে৷ জল পৰিশোধন যোজনাটোও পৰিত্যক্ত হল৷

তেনেহলে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱে সম্প্ৰতি ডিফুলৈ পানী যোগান ধৰি অহা নৈনো কোনখন? দৈনন্দিন অহা-যোৱা কৰোঁতেচোন ডিফু চিভিল হস্পিতালৰ ওচৰৰ ৯ লাখ লিটাৰ ধাৰণ ক্ষমতাৰ জলাধাৰটোৰ চৌহদত এৰিয়েশ্বন হৈ থকা দেখা পায়ে থকা হৈছে৷ বিতৰণ কাৰ্যও চালু হৈয়ে আছে৷ তেনেহলে পানী আহিছে কৰ পৰা? এই প্ৰশ্নটোৰ উত্তৰ আন নালাগে স্থানীয় অধিবাসীৰো কিমানে সঠিকভাৱে দিব পাৰিব তাত পূৰামাত্ৰাই সন্দেহ আছে৷ পুৰণা অৱধাৰণামতে, বা আন্দাজত হয়তো কব শিলনী, লুঙি, লংলিত, লুংনিত, লংনিত নৈ ইত্যাদি ইত্যাদি৷ পিছে প্ৰকৃত সত্য ই হয়জানো? অন্যহাতে নিজৰ ক্ষেত্ৰত শিলনী, লংলিত উৎস নহয় বুলি জনাৰ পাছৰে পৰা সঠিক উত্তৰটো বিচাৰি যাবলৈ মনটোৱে বৰকৈ উচপিচাই থকা হ'ল৷ সুযোগ সৃষ্টি কৰোঁতেহে দেৰি হৈ থাকিল৷

প্ৰসংগক্ৰমে, ডিফু নগৰৰ পানী যোগান নিয়মীয়া কৰিবৰ বাবে বিগত ১৩.৪.১৯৮৭ তাৰিখে অসম চৰকাৰৰ তদানীন্তন বান নিয়ন্ত্ৰণ আৰু পাৰ্বত্য এলেকা উন্নয়ন ইত্যাদি দপ্তৰৰ মন্ত্ৰী ছামছিং হাঞ্চেই গ্ৰেটাৰ ডিফু আৰবান ৱাটাৰ চাপ্লাই স্কিমৰ আধাৰশিলা স্থাপন কৰিছিল ডিফু টাউনৰ পূব প্ৰান্তত অৱস্থিত ধৰমনলাৰ সীমামূৰীয়া বীণাপাণি উচ্চ ইংৰাজী বিদ্যালয়ৰ সমীপত, টিলা এটাৰ ওপৰত৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল তেতিয়াৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ববাহী মন্ত্ৰী দ্বীগেন বৰা৷ উক্ত আঁচনিৰ অন্তৰ্গত পি.এইচ.ই. (আৰবান), ডিফু সংমণ্ডলৰ দ্বাৰা সাজি উলিওৱা হৈছিল দৈনিক ৭ মিলিয়ন লিটাৰ ক্ষমতাসম্পন্ন বীণাপাণি ট্ৰিটমেণ্ট প্লাণ্ট৷ অসমৰ ভূতপূৰ্ব ৰাজ্যপাল দেবী দাস ঠাকুৰে ১৩.১.১৯৯১ তাৰিখে যোজনাটো আনুষ্ঠানিকভাৱে মুকলি কৰিছিল৷ নৱনিৰ্মিত জলাধাৰটোলৈ পৰিবাহিত পানীৰ উৎস আছিল মাঞ্জা নামৰ ঠাইখনৰ কাষেৰে বৈ যোৱা যমুনা নদী৷ মাঞ্জা তিনিআলিৰ পৰা ২ কিলমিটাৰ পূবে ডিমাপুৰ অভিমুখী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঁওপাৰে প্ৰতিষ্ঠা কৰা হাই প্ৰেচাৰ পাম্প হাউচৰ ৰিজাৰ্ভাৰ টেংকৰ পৰা ১৮ ইঞ্চি ব্যাসৰ পাইপেৰে ডিফুলৈ নিয়মিতভাৱে পানী পঠিওৱা হয়৷ উৎস নদী যমুনাৰ অৱস্থান ইন্‌টেক্‌ প্লাণ্টৰ পৰা প্ৰায় ১ কিলমিটাৰ উত্তৰে৷ প্ৰকল্পটোৰ পাইপ লেংথ ১৭ কিলমিটাৰ৷ এই যোজনাৰ শোধিত পানী ডিফু চহৰৰ কেইবাটাও স্থানত পাইপৰ জৰিয়তে দৈনিক যোগান ধৰি অহা হৈছে৷

ইফালে শিলনীত পানী উঠোৱা ব্যৱস্থাটো বাধাগ্ৰস্ত হোৱাত লংলিত নৈৰ পৰা ডিফুলৈ পানী সৰৱৰাহ কৰাটো সমূলি বন্ধ হৈ পৰে৷ চিন্তা কৰা হয় নতুন উৎস উদ্ভাৱনৰ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ জনস্বাস্থ্য কাৰিকৰী দপ্তৰৰ দায়িত্ববাহী মাননীয় কাৰ্যবাহী সদস্য চুম ৰংহাঙৰ কাৰ্যকালত, সম্ভৱ ২০০৭ চনত, লংচকাংথু ইক-টুৰিজম পাৰ্কৰ পৰা প্ৰায় ১৪ কিলমিটাৰ আগলৈ ছিং তেৰাং গাঁৱৰ সমীপত পৰ্বতীয়া ঝৰ্ণা এটাত ৱেৰ অৰ্থাৎ বান্ধ সাজি বিকল্প ব্যৱস্থা গঢ়ি তোলাৰ সম্বন্ধে শুনা পাইছিলোঁ৷ সংগৃহীত সেই পানীভাগ গ্ৰেভিটেশ্বনেল ফৰ্চত পাইপযোগে পোনে পোনে আনি ষ্টৰেজ টেংক হিচাপে ব্যৱহৃত প্ৰাচীন ট্ৰিটমেণ্ট প্লাণ্টটোত পেলোৱা হয়৷ বান্ধটোৰ পৰা ডিফু চহৰৰ ৯ লাখ লিটাৰ জলাধাৰলৈ পৰিবাহী পাইপ লাইনৰ দৈৰ্ঘ্য ৪৩ কিলমিটাৰ৷ পাইপবোৰ ঠায়ে ঠায়ে ৬, ৮ আৰু ৯ ই্ঞ্চি ব্যাসৰ৷ অৱস্থানবিশেষে ভালভ কিছুমান সংযুক্ত কৰি পানীৰ গতি নিয়ন্ত্ৰণ কৰা হৈছে৷

জলাধাৰটোত সুমুৱা পানীৰ এই অংশটোৰ সৈতে যোগ হৈ আছে আৰু দুটা উৎসৰ পানী৷ এটা হল, আমি পঢ়া ডিফু চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয় (এতিয়া উচ্চতৰ মাধ্যমিক)ৰ খেলপথাৰৰ কাষত থকা গভীৰ নলীনাদৰ গ্ৰাউণ্ড ৱাটাৰ আৰু আনটো হল ধৰমনলাৰ ওচৰৰ বৃহত্তৰ ডিফু নগৰ পানী যোগান আঁচনিৰ অধীনস্থ বীণাপাণি ট্ৰিটমেণ্ট প্লাণ্টৰ পৰা ঠেলি পঠোৱা অতিৰিক্ত পানী৷ প্ৰৱাহিত পানীখিনি জলাধাৰৰ বাহিৰত এৰিয়েশ্বন হোৱাৰ পাছত ৯ ইঞ্চি পাইপেৰে ফিল্টাৰ ইউনিটত প্ৰৱেশ ঘটোৱা হয়৷

৯ লাখ লিটাৰ ধাৰণ ক্ষমতাযুক্ত জলাধাৰটোৰ চৌহদতে ১৬.১২.২০১৪ তাৰিখে স্বায়্ত্তশাসিত পৰিষদৰ তদানীন্তন মাননীয় কাৰ্যবাহী সদস্য বিদ্যাছিং ৰংপিয়ে ১.৭ এম.এল.ডি. কনভেনচনেল ট্ৰিটমেণ্ট প্লাণ্ট এটা মুকলি কৰিছিল৷ ইয়াত দুটা ৰেপিড চেণ্ড ফিল্টাৰ আছে৷ ক্ষমতা প্ৰতি ঘণ্টাত ১০৬.২৫ কিউবিক মিটাৰ৷ ফিল্টাৰ বেডৰ জোখ ৩৯০০ x ৩০০০ মিলিমিটাৰ৷ পৰিশোধনৰ বাবে চূণ, ব্লিচিং পাউদাৰ, ফিটকিৰি আদি ব্যৱহাৰ কৰা হয়৷ প্ৰকল্পটোৰ তত্ত্বাৱধায়ক কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিফু নগৰ পানী যোগান সংমণ্ডল৷

ইয়াত পৰিশোধিত পানী দুটা পাম্পেৰে চাপ্লাই টেংকলৈ উঠোৱা হয়৷ তাৰ পাছত বিতৰণৰ ব্যৱস্থা৷ সম্প্ৰতি ৯টা পাম্পেৰে চহৰখনৰ বিভিন্ন দিশলৈ পানী সৰৱৰাহ কৰি অহা হৈছে৷ ইয়াৰোপৰি পশ্চিম দিশৰ লৰুলাংছত থকা আন এটা গভীৰ নলীনাদে অতীতৰ পৰাই প্ৰান্তীয় চাহিদা পূৰণ কৰি আহিছে৷ তদুপৰি আছে চৰকাৰী আৰু ব্যক্তিগত উদ্যোগত ঠায়ে ঠায়ে খন্দা কুঁৱাসমূহ৷

ত আছে পি.এইচ.ই.ৰ সেই ৱেৰ বা বান্ধ যৰ পৰা মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত বৈ অহা অদেখা ঝৰ্ণাৰ পানী ৰিজাৰ্ভাৰ পাইছেহি? প্ৰশ্নটোৱে মনটোক থিৰেৰে থাকিবলৈ নিদিয়া হল৷ অনুসন্ধান কৰি উলিয়াই স্বচক্ষে পৰিদৰ্শন কৰাৰ তীব্ৰ হাবিয়াহ৷ পিছে পৰিস্থিতিয়ে বাধা আৰোপ কৰে, স্থানু হবলৈ অনিচ্ছাসত্ত্বেও বাধ্য কৰে৷ বিগত বছৰতো ভবা হৈছিল, চাবলৈ যাম বুলি৷ কোনোমতে কাৰ্যকৰী নহলগৈ৷ আনুষংগিক অপুদ্‌ঘাত ঘটনা কিছুমান আহি পৰিল যিবোৰে উৎসাহ অৱনমিত কৰাৰ উপৰি পিপাসাক দমাই ৰাখিলে৷ তথাপি আশাবাদী হৈ সাহস গোটাই ভাবি থাকোঁ, এই কথাই কথা নহয়৷ দিন ভাল হওক বা নহওক, কিবাকৈ যাবই লাগিল৷ এতিয়াই উচিত সময়৷ নহলে খোজ পৰি আহিব, চকুৱে অসহযোগ কৰিব, দেহাই নটনা হ'ব৷ এইবোৰ নেদেখাকৈয়ে বুঢ়া হৈ যাম৷ মৰিয়ে থাকিম দেখোন এদিন! প্ৰশ্নৰ উত্তৰ আৰু নাপাম৷

নিজৰ প্ৰাণৰ আৱেদন একমাত্ৰ নিজেহে শুনা পায়৷ একেদৰে, নিজৰ অনুসন্ধিৎসা নিবাৰণৰ সুযোগো নিজে সৃষ্টি নকৰিলে কৰিবজানো কোনোবাই? চাফাপানীৰ অন্বেষণত পৰ্বত খনবামনলৈ ওলাই দিলোঁ এইবাৰ৷ কোনবাটে, কেনেকৈ গলোঁ, লগত কোন কোন গল, গৈ কি দেখিলোঁ-বুজিলোঁ-শিকিলোঁ, সুদীৰ্ঘ পাতনিৰ অন্তত এতিয়াৰ পৰা দি যাম তাৰে বৰ্ণনা৷ লগত থাকে যেন৷

দুই.



অৰূপদা, মানে অৰূপ কলিতা৷ ইতিমধ্যে এই ধৰণৰ কেইবাটাও জংঘল-যাত্ৰা আমি একেলগে কৰিছোঁ৷ বয়সত কেইবাবছৰৰো জ্যেষ্ঠ যদিও ৰুচি-অভিৰুচিবোৰৰ তাল-মিল থকাত দল সদায় একেটাই৷ আমাৰ আলোচনাত ইতিপূৰ্বে গৃহীত, 'ডিফু চহৰলৈ পাইপযোগে মধ্যাকৰ্ষণ বলৰ জৰিয়তে খনবামনৰ পৰা প্ৰৱাহিত পানীৰ উৎস সন্ধান'ৰ বিষয়টো আগতে কিছুমান এৰাব নোৱাৰা কাৰকৰ বাবে তল পৰি থাকিল যদিও এইবেলি অৰূপদাক টানি ধৰিলোঁ, 'গৈ আহোঁ ব'লক' বুলি৷ এনেকৈ টানি ধৰাৰ অন্তৰ্নিহিত কাৰণ অৱশ্যে নথকা নহয়৷

হাৰছিং ইংতি৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিফু নগৰ সংমণ্ডলৰ মেকানিক আছিল৷ যোৱা বছৰ অৱসৰ গ্ৰহণ কৰিলে৷ কৰ্মস্থলী আছিল শিলনী পাম্প হাউচ৷ বান্ধটো থকা অঞ্চল, সেইফালৰ বাট-ঘাট, সেইফালৰ মানুহ আৰু প্ৰকৃতি, সকলো তথ্য এই মানুহজনৰ নখ দৰ্পণত৷ জনসংযোগো চমৎকাৰ৷ মানুহজন অৰূপদাৰ চিনাকি হেনো৷ কথাটো দেৰিকৈ গম পালোঁ মই৷ আৰু গম পোৱাৰ পিছ মুহূৰ্তৰে পৰাই জ্যেষ্ঠ সদস্যজনক নিৰন্তৰ কুটুৰিবলৈ লাগি গ'লোঁ৷ এক প্ৰকাৰ খাই মাৰিব ধৰিলোঁ তেওঁক৷ 'এনেকুৱা এজন মানুহৰ সন্ধান পাই যোৱাৰ পাছত প্ৰাণে বিচৰা যাত্ৰাটো নকৰি থাকিব পাৰি নেকি? আমাৰ এড্‌ভেন্‌চাৰ সাকাৰ কৰাৰ স্বাৰ্থত ইংতিক যেনে-তেনে যথাশীঘ্ৰে এবাৰ সোঁশৰীৰে সাক্ষাৎ কৰিব লাগে৷ কথা ফাইনেল কৰিব লাগে৷ তেওঁক লগত লৈয়ে আমি আমাৰ খনবামন অভিযানলৈ ওলাম৷ যিমান খোজ কাঢ়িব লাগে কাঢ়িম, যিমান বগাব লাগে বগাম৷ মুঠতে জেগাটো দেখা পাব লাগে৷' জেগা মানে হ'ল সেই স্থান, য'ত ডেম এটা সাজি পাহাৰীয়া ঝৰ্ণা এটাক ভেটি ৰখা হৈছে বুলি বিগত কেইটামান বছৰৰ পৰাই শুনা পাই আহিছোঁ৷ সেই জেগা প্ৰেকটিকেলি দেখা মানুহহে পিছে নগণ্য৷ আচৰিত যে বিভাগীয় মানুহৰো বহুতেই নাজানে ঝৰ্ণাটোৰ নাম কি৷

২ অক্টোবৰত চৰকাৰী বন্ধ৷ সেইদিনাই যাম বুলি একপক্ষীয়ভাৱে চূড়ান্ত কৰি পেলোৱা হ'ল৷ কিয়নো, দলৰ দুজন হ'লগৈ চৰকাৰী নিমখ খোৱা জাতৰ৷ অৰূপদা আৰু মইহে নিজে নিজৰ বছ৷ মনৰ মতন চলোঁ৷ বাকীসকলৰ ক্ষেত্ৰত সেইটো নহ'ব৷ মোৰ সিদ্ধান্ত আৰু খাটনিয়ে কাম দিলে৷ হাৰছিং ইংতিৰ ফোন নন্বৰ সংগ্ৰহৰ অৰ্থে অৰূপদাৰ দৌৰা-দৌৰি আৰম্ভ হ'ল৷ ফোনতে যোগাযোগো পাই গ'ল৷ প্ৰাথমিক কথা শেষ৷ গধূলি ৬ বজাত শেষবাক্য জনাব বুলি খবৰ আহিল৷

অক্টোবৰৰ ১ তাৰিখ৷ বাৰোৱাৰী পূজা মন্দিৰত অৰূপদাৰ সৈতে বুট-কল খাই ময়ো বহি আছোঁ৷ মনত সান-মিহলি উত্তেজনা৷ কি হ'ব, কাইলৈ যোৱাটো হ'বনে নহ'ব? ইংতি মানুহজন পজিটিভ নে নিগেটিভ বা! ইফালে অৰূপদা হ'লগৈ ঐতিহ্যমণ্ডিত ডিফু বাৰোৱাৰী পূজা মন্দিৰ পৰিচালনা সমিতিৰ আগন্তুক শ্ৰী শ্ৰী দুৰ্গা পূজা উদ্‌যাপন সমিতিৰ সম্পাদক৷ পূজা সন্নিকট৷ ১৪ৰ পৰা ১৯লৈ৷ তাকে লৈ দায়িত্ব অনেক৷ এতেকে কাইলৈ নগ'লে সদ্যহতে আৰু সুযোগ নাই৷ উৎকণ্ঠিত ভাবনাৰে ক্ষণ গণি আছোঁ৷ নিৰ্দিষ্ট সময় পাৰ হৈ গ'ল৷ ফোনকলটো অহা নাই৷ খূদুৱনি ক্ৰমাৎ বাঢ়ি গৈ আছে৷ কি বা হ'ল আকৌ ইংতি বোলা মানুহজনৰ! চিন্তা-দুঃশ্চিন্তাৰ মাজত সময়বোৰ পল-অনুপলকৈ অতিবাহিত হৈ গৈ আছে৷ ৭ বাজোঁ বাজোঁ হ'ল৷ এতিয়াও ফোনৰ সাৰি-শব্দ নাই৷ নাই, আৰু ৰৈ থাকিব নোৱাৰি৷ পেঘেনিয়াই থকাত অৰূপদাই নিজেই ডায়েল কৰিলে৷ ৰক্ষা, একে বাৰতে মিলিল যেনিবা৷ সিফালৰ কথাখিনিত জানিব পৰা গ'ল যে মানুহজনৰ ঘৰুৱা সমস্যা এটা উদ্ভৱ হৈছে৷ পুত্ৰৰ অসুখ৷ কাইলৈ ডিমাপুৰলৈ নিব লাগে৷ অতএব...

খা বাপ্পেকে! ইমান উৎসাহ, ইমান ভাবনা, মুহূৰ্ততে সব চেঁচাপানী হ'ল৷ বাক্যকেইটা শুনাৰ লগে লগে মনটো মোৰ তেনেই জঁই পৰি আহিল৷ কি কৰিম? ক'ৰবালৈ যাম বুলি এবাৰ ভাবি ল'লেই মন আগে-ভাগে উৰা মাৰে৷ খুব খং উঠে কিবা কাৰণত যাত্ৰা বাতিল হোৱাৰ আশংকাই দেখা দিলে৷ ক্ষোভ উঠলি উঠে৷ বেমাৰটো এতিয়াৰ নহয়, সৰুৰে পৰাই৷ নিজকে সলাব আজিও পৰা নাই৷ এতিয়াও তাকেই হ'ল৷

অৰূপদাই কথা পাতিয়ে আছে৷ শেষত ভাল বতৰা এটা জানিলোঁ যে ইমান অসুবিধাৰ মাজতো হাৰছিং ইংতি নামৰ মানুহজনে, কিজানি আমাৰ উৎসাহৰ উমান পায়ে, লগ দিবলৈ মান্তি হৈছে৷ কিন্তু চুক্তিটো হ'ল, কাইলৈ পুৱা ডিফুৰ পৰা তেওঁ লংনিত পৰ্যন্ত আমাৰ সৈতে যাব৷ লংনিত বজাৰত অন্য দুজন স্থানীয় লোকক লগ লগাই দিব, যিয়ে আমাক লৈ যাব গন্তব্য অভিমুখে৷ আনহাতে নিজে প্ৰত্যাৱৰ্তন কৰিব ডিফুলৈ৷ শুনি মনতে অকণমান বেয়াও লাগিল৷ ভাবিলোঁ, অভিজ্ঞতাপুষ্ট মানুহজন যোৱাৰ পৰা অহালৈকে লগত থকা হ'লে বৰ ভাল আছিল৷ সি যি কি নহওক, সিমানলৈকে তেওঁ যাব আৰু সহায় কৰি দিব বুলি জানি সন্তুষ্টি কমা সত্ত্বেও আশাৰ বন্তিগছি পুনৰ উজলি উঠিল৷ সিদুজন বা কেনেকুৱা ধৰণৰ হয়, এই লৈ চৰ্চা চলিল কিছুপৰ, আমাৰ দুয়োৰে মাজত৷

পৰ্বত খনবামনলৈ 'চাফাপানী'ৰ অন্বেষণত ওলোৱা আমাৰ ৪জনীয়া অভিযাত্ৰীৰ দলটোৰ সদস্য অৰূপদা, প্ৰদীপদা (প্ৰদীপ কুমাৰ সিংহ), মই আৰু নতুন মুখ প্ৰণৱজ্যোতি বৰা৷ প্ৰণৱ চিকিৎসা সেৱাৰ সৈতে জড়িত ডেকা মানুহ৷ দৰৱ-পাতি যি পাৰে লগত লৈ ল'বলৈ ফোনতে কৈ দিয়া হ'ল তেওঁক, সিফালৰ গাঁৱৰ মানুহৰ মাজত প্ৰয়োজন অনুসাৰে বিতৰণ কৰিব পৰাকৈ৷ এইটো সুযোগতে ভিতৰুৱা অঞ্চলৰ জনসাধাৰণক কিবা অকণমান উপকাৰ সাধিব পৰাটো নিশ্চয় বেয়া কথা নহ'ব৷ প্ৰণৱে 'হৈ যাব, চিন্তা নাই দাদা' বুলি সঁহাৰি জনালে৷ মাতষাৰত স্ফূৰ্তিৰ উমান পালোঁ৷ প্ৰণৱেই মোক এবাৰ লৈ গৈছিল ডিলাই পৰ্বতলৈ, চূণশিলৰ ভাণ্ডাৰ দেখুৱাবলৈ৷

'এতিয়া কাইলৈৰ বাবে প্ৰয়োজনীয় বজাৰ-সমাৰখিনি কৰি পেলাব লাগে দাদা৷ প্ৰদীপদাক মাতো৷' 'মাতা৷' অৰূপদাই ক'লে৷ ফোনযোগে আহ্বান পাই প্ৰদীপদা ঘপৰাই ওলালহি, স্কুটী চলাই৷ মানুহ মুঠতে কেইজনমান হ'ব? আনুমানিক হিচাপ এটা উলিয়ালোঁ৷ প্ৰয়োজনীয় বয়-বস্তুৰ নাতিদীৰ্ঘ লিষ্ট এখনো মুখে মুখে তৈয়াৰ হৈয়ে গ'ল৷ অৰূপদা আৰু প্ৰদীপদা উভয়ে এই ক্ষেত্ৰত বিশাৰদ৷ ৰন্ধন কাৰ্যতো এক্সপাৰ্ট৷ ইফালে লাগিব বুলি অনুমান কৰিয়ে মই বজাৰ কৰা মোনা এটা ঘৰৰ পৰাই হাতৰ মুঠিতে লৈ গৈছিলোঁ৷ তিনিও বাৰোৱাৰীৰ সমীপৰ চিনাকি গেলামালৰ দোকান এখনত থিয় দিলোঁগৈ৷ চাউল-দাইলৰ পৰা আৰম্ভ কৰি নিমখ-চাহপাত কিনিলোঁ৷ তাৰ পাছত ওচৰৰে এ.এছ.ই.বি. বজাৰত আলু-পিঁয়াজ, আদা-নহৰু, জলকীয়া-বিলাহী আদি লোৱা হ'ল৷ এইবাৰ অৰূপদাই পইচা দি গ'ল৷ অৱধাৰিতভাৱে হিচাপ ৰক্ষকৰ ভাৰ এতিয়াও মোৰ কান্ধতে পৰিল৷ চাউল ৫ পোৱা, দাইল ১ পোৱা, আলু ১০ টকাৰ, পিঁয়াজ ১০ টকাৰ, ইত্যাদি ইত্যাদি৷ ফটা কাগজত লিখি গ'লোঁ, পইচা দিয়াৰ লগে লগে৷ প্ৰদীপদাই বন, জেলী, চকলেট আৰু ফল-মূল কিনিলে৷

'মোনাটো ক'ত থওঁ?' জীপচিৰ গৰাকীয়ে তৎক্ষণাৎ বুদ্ধি দিলে৷ চিটৰ ফাঁকত লুকুৱাই ৰখা হ'ল, নিশাটোৰ বাবে৷ এনেকুৱাতে প্ৰণৱো আহি ওলাল৷ হাঁহি-তামাচাৰে কথা চলি থকাৰ মাজতে মই এটা প্ৰস্তাৱ দিলোঁ৷ 'এইবাৰ দুটা বস্তু লগত নিয়া নহওক৷' 'কি বস্তু?' তিনিওকে অলপ সময়ৰ বাবে ৰহস্যৰ আৱৰ্তত এৰি দি শেষত ক'লোঁ, 'দিয়াচলাই আৰু বাচন-বৰ্তন৷' 'জংঘলত এই দুটাৰ অবিহনে কেনেকৈ কাম সিজে চাওঁ দিয়ক' বুলি কথা পকাইছিলোঁহে, দিয়াচলাই এটা লোৱাৰ দায়িত্বটোও আকৌ ঘূৰি-পকি মোৰ ওপৰতেই পৰিল৷ ডেক্‌চি-কেৰাহী আৰু পাত-গিলাচ নিনিয়াটো হ'লে কেউজনে মানি ল'লে৷ সিদ্ধান্ত হ'ল যে কাকবাঁহৰ চুঙাত ৰন্ধা হ'ব আৰু কলপাতত খোৱা হ'ব৷ জংঘলী কায়দা৷

কথা শেষ৷ প্ৰদীপদাই প্ৰস্তাৱ দিলে গৰম গৰম ঘুগনি, পকৰি, পিঁয়াজী খোৱাৰ৷ অৰূপদা আৰু প্ৰণৱৰ মন নাই৷ 'কাইলৈ মিটিং পইণ্টত দেখা হ'ব' বুলি কৈ অৰূপদা গুচি গ'ল জীপচিত তেল ভৰাবলৈ৷ ঘৰলৈ ঘূৰোঁতে থানাৰ ওচৰত কুকুৰাৰ মাংস কিনি থ'ব৷ প্ৰণৱো গ'লগৈ৷ প্ৰদীপদাই মোক খুৱাই-বোৱাই স্কুটীৰে নি ঘৰৰ আগত নমাই দিলে৷ পুলিচ ৰিজাৰ্ভ পাঁচআলিত নমাবলৈ কওঁতেও নেৰিলে৷ উৎফুল্লিত মনে, গদগদ কণ্ঠে কিছু ক্ষণ পাৰ কৰি তেওঁ গ'লগৈ পুৱা ৫ বজাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে৷

তিনি.



উৎকণ্ঠাপূৰ্ণ নিশাটোৰ অন্তত পুৱাৰ শুভ-মুহূৰ্তটো আহি উপস্থিত হ'ল৷ মাৰুতি জীপচিখন লৈ অৰূপদা ঘৰৰ পৰা বাজ হৈছে৷ ভনমা বৌ তেজপুৰলৈ যাব৷ দেউতাকৰ অসুখ৷ তেওঁৰ চুইফ্‌ট ডিজায়াৰখনৰ বাবে ড্ৰাইভাৰ এজন যোগাৰ কৰি দিবলগীয়া হোৱাত দাদাৰ ওলাই আহোঁতে সামান্য পলম হল৷ পৰিবাৰক বিদায় দি এতিয়া বগা জীপচিৰে মুক্ত বিহংগৰ দৰে গুণগুণাই আহি আছে অৰূপদা৷ মূৰত কাউবয় টুপী৷ গাত হাফ-পেণ্ট আৰু টি-চাৰ্ট৷

লামডিং ৰডৰ গড়কাপ্তানি কলনি চাৰিআলিত মই পায়চাৰি কৰি আছোঁ, ব্ৰহ্মপুৱাৰে পৰাই৷ ক'ৰ পানী ক'লৈ আহে দেখা যাব আজি৷ অজান পুলকত দেহা-মন ৰঞ্জিত ৰঞ্জিত৷ এই ধৰণৰ এড্‌ভেন্‌চাৰ ট্ৰিপ, যাক আমি জংঘল-যাত্ৰা বোলোঁ, এইবোৰ আমাৰ খুব প্ৰিয়৷ ম'বাইলৰ নে'টৱৰ্ক নথকা জেগা হ'লে আৰু মজা৷ কাৰো সৈতে যোগাযোগ নাই৷ বহিঃজগতৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন৷ গৈ থাকা নিজৰ মতে৷ কোনো ডিষ্টাৰ্ব নাই৷

এনেতে থানা ৰডৰ দৃশ্যমান কেঁকুৰিটোত ছায়ামূৰ্তি এটাই ভুমুকি মাৰিলে৷ খোজত ধৰা পেলালোঁ, সেয়া প্ৰণৱ৷ এখোজ-দুখোজকৈ আগ বাঢ়ি আহি আছে৷ অৰূপদাৰ ঘৰ পাৰ হৈ আহিছে৷ অথচ তাতে গাড়ীখনত উঠি আহিব পাৰিলেহেঁতেন৷ কিন্তু তাকে নকৰি আগে-ভাগে এইখিনি পালেহি, আন্তৰিক উৎসাহৰ বশৱৰ্তী হৈ৷ হাফ-পেণ্ট পিন্ধি ওলাইছে৷ পিঠিত জীয়েকৰ ভাগৰ স্কুলবেগ৷ গামোচা, অন্তৰ্বাস আদিৰ লগতে দৰব-পাতি কিছু আনিছে৷ মোৰ ৰাক্‌চেকটোতো আছে দিয়াচলাই, কটাৰী, গামোচা, অন্তৰ্বাস, চাবোন, কেমেৰা, পানীৰ বটল, প্লাষ্টিকৰ গিলাচ, চকলেট, টুকুৰা-টুকুৰ কৰি লোৱা ঘৰৰ নাৰিকল আৰু আমলখি এগালমান৷ প্ৰণৱ মোৰ কাষ পালেহি৷ 'আঃ এয়াহে আচল এড্‌ভেন্‌চাৰিষ্ট৷' সম্ভাষণ জনাই কলোঁ৷ প্ৰণৱে হাঁহিলে৷ সুখৰ হাঁহি৷ প্ৰাতঃভ্ৰমণলৈ ওলোৱা চিনাকিজনে আমাৰ বেশভূষা সচৰাচৰ দেখাতকৈ অন্য ৰকম দেখি ওচৰ চাপি বুজ ল'লেহি৷

৫.৩০ হল৷ অৰূপদা আহি পালে৷ একালত মই পঢ়া টাউন প্ৰাইমেৰী বিদ্যালয়ৰ সন্মুখত জীপচিৰ পাছফালে উঠি ললোঁ প্ৰণৱ আৰু মই৷ প্ৰদীপদাৰ বাবে আগচিটটো ৰিজাৰ্ভ ৰাখিছোঁ৷ চিনিয়'ৰ মানুহ৷ বয়স বাঢ়িছে৷ উৎসাহক কিন্তু হাৰ মনাব পৰা নাই৷ কথাটো ভাল লাগে৷ ক্ষন্তেকতে পাই গলোঁ পুলিচ ৰিজাৰ্ভ পাঁচআলি৷ প্ৰদীপদা একাষে ৰৈয়ে আছিল৷ পিন্ধনত হাফ-পেণ্ট আৰু গাত লিপিট খাই ধৰা টি-চাৰ্ট৷ উঠিয়েই কথা আৰম্ভ৷ পলম কৰা বাবে গালিও পাৰিলে আমাক৷ অৰূপদাই একো নকৈ গাড়ীৰ স্পীড বঢ়াই দিলে৷

পেট্ৰলচালিত বাহনখনত ডিজেলৰহে গোন্ধ চৰিছে! যিমানেই চকা ঘূৰিছে সিমানে নাকত ধৰি গৈছে৷ অভিযোগ কৰাত চালকজনে নিৰ্বিকাৰ ভংগীত মন্তব্য কৰিলে চাফা-তাফা কৰি থাকিলেহে! চলি আছে, চল্‌তে ৰহ৷ গৈ থাকা৷ সুযোগটো পাই প্ৰদীপদায়ো বকিলে এডৰা৷ প্ৰদীপদাৰ বকনি মানেই জমনি আৰম্ভ৷ পথক্লান্তি আৰু যাত্ৰাৰ অৱসাদ এনেয়ে আঁতৰ হৈ যায় এনে সংগীৰ উপস্থিতিত৷

আমি চাক্ষুষ দৰ্শন তথা প্ৰাসংগিক তথ্যৰ সন্ধানত ওলাইছোঁ৷ কোনো দায়বদ্ধ গৱেষণা কাৰ্য নহয় এয়া৷ চাক্ষুষ অভিজ্ঞতা নহলে কিছুমান অধ্যয়ন সম্পূৰ্ণ নহয় বুলি কোৱা হয়৷ প্ৰকৃত সত্যনো কি তাকে চোৱাই আমাৰ মূল উদ্দেশ্য৷ এতেকে কোনো ধৰা-বন্ধা কথা বা নিয়ম-নীতিৰ বশীভূত নহওঁ আমি৷ বৰ বেছি 'সত্যসন্ধানী' বুলিব পাৰোঁ নিজকে৷

খৰ বেগে জীপচি চলি আছে৷ পুৱা ৰাস্তাত খোজ কঢ়াৰ অভ্যাস থকা চিনাকি মুখ কেইখনমান ৰংনিহাঙত অতিক্ৰম কৰি আহিছোঁ৷ ডনবস্ক স্কুল ঠিক নাপাওঁতেই বাওঁফালে সোমাই যোৱা ৰাস্তাটোৰে গলে আগত ফংলাংচ৷ পোনেই সেইখিনি পালোঁগৈ৷ নিৰ্দিষ্ট এঠাইত আলি-দোমোজাত ৰ'ল অৰূপদা৷ হাৰছিং ইংতিলৈ ফোন লগালে৷ ঘৰটো এজনেও নিচিনো৷ মানুহজনকো কেৱল অৰূপদাইহে চিনি পায়৷ বাকী আমি কোনেও আনকি চেহেৰাই দেখা নাই আগতে৷ গাড়ীখন ঘূৰাই পথৰ ওপৰত কিছু বেলি থিয় দঙা দিব লগা হল৷ অলপ পাছত কাৰবি কান্ধ মোনা 'জাম্বৰং' আৰু হাতত খোলা দা লৈ ৰঙা-বগা চেহেৰাৰ লোক এজন বিপৰীত দিশৰ পৰা খোজ কাঢ়ি উঠি অাহি থকা দেখা গল৷ সৌজনেই ইংতি৷ আহিছেহে মানুহটো! অৰূপদাই তৎক্ষণাৎ হাঁহি মাৰি কৈ উঠিল৷ লৰাৰ বেমাৰ, অথচ তেওঁ আমাৰ কথা পেলোৱা নাই৷ সময়মতে ওলাইছে৷ পথ-প্ৰদৰ্শকৰূপী আগন্তুকক দেখি আমাৰো আনন্দে হিয়া নধৰা হল৷

ইংতিক উঠাই গাড়ীয়ে চেকুৰ মেলিলে মাঞ্জা তিনিআলি অভিমুখে৷ বাটে বাটে তেওঁৰ সৈতে কথা-বতৰা চলি থাকিল৷ বিভিন্ন প্ৰসংগ ওলাইছে৷ জংঘলৰ বিচিত্ৰ অভিজ্ঞতাবোৰ একান্তমনে শুনি গ'লোঁ৷ ইফালে ঘৰত কোনেও একো খাই অহা নাই৷ চলন্ত গাড়ীতে প্ৰস্তাৱ গৃহীত হল যে মাঞ্জা পালে চাহ-পুৰী খাই গহীন হৈ লব লাগিব৷ মাঞ্জালৈ এতিয়াও আৰু কেইবা কিলমিটাৰ বাকী৷ পেটে কলমলাইছে৷ বেগৰ পৰা উলিয়াই শুদা পেটত আমলখিকে চোবালোঁ আটাইকেইটাই৷

সাগৰ হোটেলত ভালকৈ পেট ভৰাই লোৱাৰ পাছত কালক্ষয় নকৰি সকলোটি আকৌ আসনত বহিলোঁহি৷ ঘড়ীত ৬ বাজি ৩০ মিনিট৷ নিয়ন্ত্ৰিত বেগত ৰাষ্ট্ৰীয় ৰাজমাৰ্গেৰে অৰূপদাই আমাক আগুৱাই নি আছে৷ লংনিতলৈ ৮-৯ কিলমিটাৰ মাত্ৰ৷ ১০ মিনিটতে পাই গলোঁ৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা আটাইতকৈ দীঘল দলংখন কেইবছৰমানৰ আগলৈকে এইখিনিতে আছিল, লংলিতৰ ওপৰত৷ কাঠৰ সেই ব্ৰীজখন এতিয়া নাই৷ আগৰ ৰাস্তাছোৱাও নাই৷ পৰিৱৰ্তনৰ ধামখুমীয়াত বহুতো সলনি হৈছে৷ অাঁৰৰ কাহিনীবোৰ নীৰৱে বুকুত সামৰি লংলিত বৈ আছে নিজস্ব গতিত৷ এই নৈৰ অগ্ৰভাগতে জনপ্ৰিয় বনভোজথলী শিলনী৷ লংচকাংথু পিক্‌নিক্‌ স্পট৷ পিকনিকৰ বতৰত দেধাৰ মানুহ আহে ইয়ালৈ৷ অফ্ চিজনতো মানুহ নহা নহয়৷ লংনিত তিনিআলিৰ পৰা আগুৱাই অলপতে আমি বজাৰখন পাম৷

ডিফু, যমুনা, লংলিত হৈছে কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ ভিতৰত থকা কেইখনমান উল্লেখযোগ্য উপনৈ৷ মাঞ্জা পাৰ হৈয়ে পাই অহা যমুনাখন সেইডোখৰতে পথটোৰ বাঁওহাতে ডিফুৰ ফালৰ পৰা বৈ অহা ডিফু নদীৰ লগ লাগিছে৷ তাৰ পৰা যমুনা হিচাপেই আগ বাঢ়িছে৷ এইখিনিৰ পৰা কিছু অাঁতৰত লংলিতখন যমুনাৰ লগ লাগিছে৷ আকৌ যমুনা নামেৰেই আগুৱাইছে৷ বকলীয়া, ডবকা আদি স্পৰ্শ কৰি যমুনামুখত কপিলীত পৰিছেগৈ৷ এই যমুনা নৈতে কেইকিলমিটাৰমান আগত আছে শিলভেটা, জিলাখনৰ ভিতৰত অন্য এক আকৰ্ষণীয় আৰু সহজগম্য পিক্‌নিক্‌ স্পট৷ ৰাষ্ট্ৰীয় ঘাইপথৰ তেনেই দাঁতিতে৷ আহোঁতে-যাওঁতে গাড়ীৰ পৰাই চাই নয়ন সাৰ্থক কৰিব পাৰি৷ শিলনী বা লংচকাংথু পিছে মূল পথৰ পৰা ভিতৰলৈ৷ লংনিতৰ পৰা তালৈ প্ৰায় ৪ কিলমিটাৰ সোমাই যাব লাগিব৷ নৈখনৰ পাৰে পাৰেই, আগৰ দৰেই আছে পি.ডব্লিউ.ডি.ৰ ৰাস্তাটো

হাইৱে এৰি অৰূপদাই গাড়ীখন সোঁহাতে সুমুৱাই নিলে আমাৰ প্ৰথম লক্ষ্যলৈ বুলি৷ কেঁকুৰি এটা ঘূৰিলেই লংনিত বজাৰখন৷ চাউল কম হ'ব বুলি আশংকা কৰি আৰু আধা কেজি কিনি লোৱা হ'ল৷ হাৰছিং ইংতিৰ নিৰ্দেশত এঠাইত জীপচিখন আকৌ ৰল৷ তেওঁ ইফালে-সিফালে কিবা লক্ষ্য কৰিলে৷ বাইক লৈ মানুহ এজনে আমাক চেৰাই অগ্ৰসৰ হৈছে৷ ইংতিৰ ইংগিতত খৰকৈ আগুৱাই অৰূপদাই তেওঁক অতিক্ৰম কৰিলে৷ পাৰ হোৱাৰ সময়তে আগন্তুকলৈ চাই চিঞৰ মৰাৰ লগতে ৰবলৈকো হাত জোকাৰিলে৷ ইংতিৰ সৈতে আগন্তুকৰ ক্ষন্তেকীয়া কথা-বাৰ্তা চলিল, কাৰবি ভাষাৰে৷ বাইকখন কাষৰে এঘৰত থৈ চুটি-চাপৰ লোকজন আমাৰ সৈতে গাড়ীত বহিলহি৷ গাড়ী আগুৱাই গল৷ আৰু অলপ আগ বাঢ়ি যাওঁতে স্কুটী চলাই মানুহ এজনক এঘৰৰ পৰা ওলাই অহা অৱস্থাত পালোঁ৷ কান্ধত মোনা আৰু দা৷ ইংতিয়ে এইবাৰ তেওঁলৈ চাই চিঞৰিলে৷ স্কুটীখন চোতালত ৰাখি তেৱোঁ জীপচিৰ পাছফালে উঠিলহি৷ বুজিলোঁ, এই দুজনেই ইংতিয়ে ঠিক কৰি ৰখা মানুহ৷ গাড়ীয়ে গতি কৰি থকা অৱস্থাতে দুয়োৰে লগত চিনাকি হৈ মোৰ পকেট-বুকত নাম-ধাম টুকি ললোঁ৷ প্ৰথমে উঠাজন সত্যছিং ৰংপি৷ ঘৰ বৰজানৰ মডেল ভিলেজত৷ আনজন লংকি ইংলেং৷ তেওঁ শিলনী অঞ্চলৰে৷ দুয়োজন স্থানীয়ভাৱে পৰিচিত আৰু ৰাস্তা চিনি পোৱা মানুহ৷ আমাৰ সৈতে ছিং তেৰাঙলৈ যাব৷ ছিং তেৰাং আমি যাব বিচৰা গাঁওখনৰ নাম৷ তাতে আছে বান্ধটো৷ লংচকাংথুৰ পৰা ১৩-১৪ কিলমিটাৰ হৈ যাব বুলি কলে তেওঁলোকে৷ পাহাৰ বগাব লাগিব৷ নদীও পাৰ হ'ব লাগিব হেনো৷ মনটো নাচি উঠিল কথাবোৰ জানি, দৃশ্যপট কল্পনা কৰি৷

চাৰি.



লংচকাংথু ইক টুৰিজম পাৰ্কৰ কেউখন গেট বন্ধ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পৰ্যটন বিভাগৰ দ্বাৰা এই সুদৃশ্য 'দন্‌ৰি' নিৰ্মাণ কৰা হৈছে৷ কাৰবি শব্দ 'দন্‌ৰি'ৰ অৰ্থ তোৰণ, দ্বাৰ৷ সেই সময়ত বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা মাননীয় কাৰ্যবাহী সদস্য প্ৰদীপ ছিংনাৰৰ উপস্থিতিত পৰ্যটন বিভাগৰ দায়িত্ববাহী মাননীয় ই.এম. প্ৰদীপ ৰংপিয়ে ২০১৬ চনৰ ৩১ ডিচেম্বৰত তোৰণখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল৷ মোৰ বন্ধু, শিল্পী, দেবেন তিমুঙে সাজিছিল বুলি শুনিছিলোঁ৷

হাৰছিং ইংতিৰ নিৰ্দেশত দুপতীয়া লোৰ গেটখন তুৰন্তে দুফাল হল৷ তাৰ সিফালে থকাখনো খুলি গ'ল৷ কিছু আগলৈ, পাহাৰৰ ওপৰত ইংতিৰ একালৰ কৰ্মস্থলী৷ নিতৌ আহ-যাহ৷ তাৰে সুবাদত গেটৰখীয়া কৰ্মচাৰীৰ সৈতে মানুহজনৰ ঘনিষ্ঠতা আছে৷ কাৰবি ভাষাৰে ইংতিয়ে দায়িত্বত থকাজনৰ সৈতে কথা পাতিলে৷ খবৰ লোৱাৰ উপৰি 'আলহী' অৰ্থাৎ আমাৰ কথাও জনালে৷

জীপচিখন নিৰ্বিবাদে সোমাই গল৷ সোঁহাতে বিশাল পাৰ্কিং এৰিয়া৷ ইংতিৰ কথামতে গাড়ী পিছে তালৈ নগৈ ৰলগৈ বাঁওহাতেহে, বন বিভাগৰ ৰে'ঞ্জ অফিচটোৰ কাষ চাপি৷ 'ডেম চাই ঘূৰি নহা পৰ্যন্ত এইখন ইয়াতে থাকিব৷ চিন্তা কৰিবলগীয়া একো নাই' বুলি ইংতিয়ে অভয় দিলে৷ মোৰ ঘড়ী পিন্ধাৰ অভ্যাস নাই৷ মাটিত ভৰি দিওঁতেই অৰূপদাক সুধিলোঁ, সময় কিমান হল বাৰু? ষ্টিয়াৰিঙত বহি থকাৰ পৰাই কলে, ৭ বাজি ১০ মিনিট গৈছে৷ ঠিকেই আছে, দেৰি হোৱা নাই৷ মনে মনে স্বগতোক্তি হ'ল৷ পাহাৰলৈ যাবলৈ হ'লে সোনকালে আৰম্ভণি কৰাটো ভাল৷

১০ হেক্টৰ ভূমি এলেকাৰে এইখন লংচকাংথু ইক টুৰিজম পাৰ্ক৷ পাহাৰীয়া নৈখনৰ বুকুত থকা দ্বীপসদৃশ অংশটোলৈ যাবৰ বাবে দুখন দলং সাজি দিয়া হৈছে৷ এখন লোৰ, আনখন বাঁহৰ৷ খাদ্য ৰন্ধা চালি, খোৱা ঠাই, জিৰণী চ'ৰা, দৰ্শন থলী, কাৰবি পৰম্পৰাগত আবাস, প্ৰসাধন গৃহ, মুকলি মঞ্চ, যান-বাহন ৰখা ঠাই ইত্যাদিবোৰ সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে গঢ়ি দিয়া হৈছে৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সিংহাসন সমষ্টিৰ অন্তৰ্গত এই এলেকা৷

পোনে পোনে গুচি গৈ অদৃশ্য হোৱা পথটোৰেই কিছু আগলৈ শিলনী, লংচকাংথুবনভোজৰ আদৰ্শ থলী৷ পিক্‌নিক্‌ পাৰ্টী অনৱৰতে থাকেই৷ জীৱনত এতিয়ালৈ কতবাৰযে আহিছোঁ ইয়ালৈ! শিলত খুন্দা খোৱা নৈখনৰ লহৰে নিৰৱচ্ছিন্ন খলকনি তুলি আছে৷ আমাৰ হেঁপাহ বা আকৰ্ষণ পিছে এই মুহূৰ্তত তাক লৈ সমূলি নহয়৷ নামিয়ে গাড়ীত অনা মোনাৰ খাদ্য-বস্তুবোৰ ভাগে ভাগে সুবিধাজনকভাৱে কঢ়িয়াব পৰাকৈ আটাইৰে মাজত ভাগ-বতৰা চলিল৷ মোৰ পিঠিত নিজৰ ৰাক্‌চেক্‌টোৰ উপৰি হাতত কালি বজাৰ কৰা মোনাটো৷ অৰূপদাই ঘৰৰ পৰা অনা পকা চেনীচম্পা কল দুআষি আৰু মোৰ পানীৰ বটলটো ভৰোৱা আছে৷ জীপচিৰ হুদটোৰ চেইনডাল টানি নম্বৰ প্লেটখনলৈ চালোঁ এবাৰ৷ এ.এছ.০৯-২৭৫৪৷ চকাকেইটাই ঠিকে-ঠাকে পোৱালেহি বাৰু এইখিনি৷ ডিজেল, মবিলৰ গোন্ধ ওলালেও কথা নাই৷ এতিয়া পিছে দুভৰিৰ কাম৷ কেউজনে ওলাই আহিলোঁ ১০০ মিটাৰমান আঁতৰত অলপ আগতে এৰি অহা প্ৰৱেশ দ্বাৰলৈ৷ তাৰ বাহিৰেদি যোৱাটোহে আমাৰ আজিৰ গতিপথ৷

৪ নেচাৰেলিষ্ট-এড্‌ভেন্‌চাৰিষ্ট(!), ২ স্থানীয় সংগী-সহচৰ৷ খনবামন অভিমুখী, চাফাপানী অন্বেষণকাৰী দলটোক হাৰছিং ইংতিয়ে শুভ-কামনা জনাই এইখিনিতে বিদায় দিলে৷ মানুহজনক এৰিবৰ মন নাছিল৷ কিন্তু উপায়ো নাই৷ ঘৰুৱা বাধা-বিপত্তিকো আওকাণ কৰি এই পৰ্যন্ত আহিছেযে! স্বাভাৱিকতে মনটো গধুৰ হৈ পৰিল৷ একেলগে ফটো কেইখনমান উঠাৰ পাছত লক্ষ্যপথলৈ খোজ বঢ়ালোঁ আমি৷ ইংতি ডিফুমুৱা হল৷ অৰূপদাই ভাৰা দিব খুজিছিল৷ নল'লে৷ তেওঁক এৰি সন্মুখৰ কেঁকুৰিত নেদেখা হৈ থকা অজান পকা ৰাস্তাটোৰে সদলবলে পদযাত্ৰা আৰম্ভ হ'ল আমাৰ, পৰ্বত খনবামনৰ অংগস্বৰূপ লংচকাংথু পাহাৰলৈ বুলি৷ মই জনাত কাৰবি ভাষাত লংচ'কাংথু মানে দেখাত একেলগে সৰহকৈ ফুল ফুলি থকাৰ দৰে লগা, দা ধাৰ কৰা শিলক বুজায়৷


অৰুণাচল প্ৰদেশৰ নেৰিষ্টত পঢ়ি থাকোঁতে পানীৰ উৎসৰ পম খেদি যোৱাৰ মিঠা অভিজ্ঞতা এটা এতিয়াও মোৰ মানস-পটত জল্‌জল্‌-পট্‌পট্‌ হৈ আছে৷ পৰিস্থিতিগত মিলে কথাটো মনলৈ আনিলে৷ আমাৰ হোষ্টেললৈ কৰ পৰানো পানী আহে? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আমি ৬ সহপাঠী অনুসন্ধানকাৰীয়ে স্থানীয় লোকৰ সহায়-সহযোগিতা অবিহনেই পাইপৰ স্থিতি লক্ষ্য কৰি পাহাৰীয়া নৈয়ে নৈয়ে আগুৱাই অৱশেষত আৱিষ্কাৰ কৰিছিলোঁগৈ লোৰ জালত আবদ্ধ ব'ল্ডাৰৰ বান্ধ এটা, যত ৬ ইঞ্চি ব্যাসৰ জি.আই. পাইপ এডাল সুমুৱাই থোৱা আছিল৷ মধ্যাকৰ্ষণ শক্তিৰ বলতে সেই উৎসৰ পৰা সৰৱৰাহ কৰা পানী বান্দৰদেৱা-ইটানগৰ নেশ্বনেল হাইৱে ৫২-এ পাৰ হৈ হোষ্টেলৰ কাষত থকা অভাৰহেড টেংকত উঠিছিলগৈ৷ তাৰ পৰা হোষ্টেলৰ বাথৰুম, লেট্ৰিন, বেচিন, পাকঘৰ ইত্যাদি ইত্যাদি৷ আবু, অপূৰ্ব, ৰথীনহঁতৰ সৈতে শিলে শিলে জুখি-মাখি দিয়া খোজবোৰ, ছাত্ৰ জীৱনৰ অমলিন মুহূৰ্তবোৰ হঠাতে মনত পৰি গল মোৰ, 'চাফাপানী'ৰ অন্বেষণত খনবামনলৈ আহি৷ অনুৰূপ কাৰ্যৰে ইয়াত পুনৰাবৃত্তি ঘটাবলৈ আগ বাঢ়িছোঁ যেন লাগিছে আজি, সুদীৰ্ঘ বছৰৰ বিৰতিত৷ মাথো এতিয়া সংগী বেলেগ, লক্ষ্যস্থান বেলেগ, দৃশ্যপট বেলেগ৷ উদ্দেশ্য পিছে একেটাই৷ ক'ৰ পানী ক'লৈ যায় তাক প্ৰত্যক্ষ কৰা৷

পাঁচ.



থাকোঁতে ৫ ফুটীয়া ৰাস্তা এটা আছে৷ ঠায়ে ঠায়ে কিন্তু অৱস্থা কাহিল৷ পাহাৰৰ পৰা বৈ অহা বৰষুণৰ পানীয়ে ক্ষত-বিক্ষত কৰি পেলাইছে৷ ধলে ওফৰাই একাষৰীয়া কৰি ৰখা শক্তিহীন শিলগুটিবোৰে দাঁত নিকটাই আধুনিক সভ্যতাক ভেঙুচালিহে যেন কৰি আছে! যন্ত্ৰ-প্ৰযুক্তিয়ে ইমান উদ্‌গতি কৰিলে, তথাপি আমি সামান্য পথ এটাকে ঠিকমতে সাজিবলৈ এতিয়াও অপাৰগ! প্ৰকৃতিয়ে পদে পদে পৰাভূত কৰি আছে দেখোন আজিৰ তাৰিখতো৷ তলত এৰি অহা শিলনীৰ অৱস্থাটো, অতীত আৰু বৰ্তমানৰ তুলনাত্মক ছবিবোৰ মনতে পাগুলি পাগুলি আকৌ ভাবিছোঁ, নাই নাই, ৰাস্তা নোহোৱাই ভাল৷ নহ'লে কাঠ, বাঁহ, পাথৰ, নৈ-নিজৰা একো নাথাকিবগৈ৷ তাৎক্ষণিক প্ৰতিক্ৰিয়া আৰু অনুভৱটো এই ধৰণৰে হ'ল মোৰ৷

ভাবনাত ডুব দি অকাই-পকাই উঠি গৈ আছোঁ ওপৰলৈ৷ প্ৰদীপদাৰ কি হ'ল? ইমান ফোঁপাইছে! উঠিবই পৰা নাইচোন! আজি অলপ দিনৰ পৰা তেওঁৰ প্ৰাতঃভ্ৰমণৰ পৰিৱৰ্তে শয্যাসুখ বঢ়াটো মন কৰি আছিলোঁ৷ কাৰ্যতঃ এতিয়া তাৰেই প্ৰতিফলন৷ থিয় অংশত দেহাই যেন নাটানিবই! বাকীবোৰ আগ বাঢ়িছে৷ লংকি ইংলেং সবাৰো আগত৷ হাতত উন্মুক্ত দা৷ তেওঁৰ কাষে কাষে মই৷ আমাৰ পৰা কেইমিটাৰমান পাছত প্ৰণৱ আৰু অৰূপদা৷ শেষত প্ৰদীপদা৷ সত্যসিং ৰংপিয়ে ধীৰে ধীৰে অনিচ্ছাসত্ত্বেও তেওঁৰ সৈতে খোজ মিলাই আছে৷ যেন ব্যক্তিগত দেহৰক্ষীহে প্ৰদীপদাৰ! তেওঁৰ হাততো দা এখন৷ সন্মুখত থকা ইংলেঙে বাটলৈ অাগ বাঢ়ি অহা গছৰ ডাল-পাত, লতা আদি ঘপিয়াই গৈ আছে৷ মই মাজে মাজে তললৈ চাইছোঁ৷ এৰি অহা সৰ্পিল ৰাস্তাটো জংঘলৰ মাজত মাজে-মধ্যে প্ৰকট হৈছে৷ তাল মিলাই কেমেৰাৰ শ্বাটাৰ টিপি গৈছোঁ৷ যিমানে ওপৰলৈ উঠি আছোঁ গছ-গছনিৰ ফাঁকেৰে বিপৰীত ফালৰ পাহাৰলানি দৃশ্যমান হ'ব ধৰিছে৷

অতীতৰ পাম্প হাউচলৈ যোৱা ৰাস্তাটো অথনিতে এৰি আহিলোঁ৷ তাৰ পাছত কেঁকুৰি এটাৰে কেইখোজমান সোমাই দেখিলোঁ পূৰ্বৰ ট্ৰিটমেণ্ট প্লাণ্ট, এতিয়াৰ ৰিজাৰ্ভাৰৰ ফালে পানীৰ ধাৰ এটা৷ দূৰৈৰ পৰাই শব্দ শুনা পাইছোঁ৷ ৰিজাৰ্ভাৰ টেংকি উপচি পৰাৰ ফলত বাগৰি যোৱা পানী বুলি জনালে ইংলেঙে৷ সেই পানী আহিছে আমি য'লৈ গৈ আছোঁ ত'ৰ পৰা, গ্ৰেভিটেচনেল ফ'ৰ্চত৷ তাৰ পৰাই ডিফুৰ ৯ লাখ লিটাৰ ধাৰণ ক্ষমতাৰ টেংকিলৈ সৰৱৰাহ কৰা হৈছে৷

৭.২০ত খোজ আৰম্ভ কৰিছিলোঁ৷ একেৰাহে ২৫ মিনিট উঠাৰ পাছত জিৰণি চ'ৰা এটা ওলাল৷ বহাৰ ব্যৱস্থা আছে৷ পি.ডব্লিউ.ডি.ৰ তথাকথিত পকী পথটিৰ ইমানতে ইতি পৰিল৷ এইখিনিৰ পৰা ৰঙা মাটিৰ ৰাস্তা আৰম্ভ৷ বাঁওহাতে অদূৰত তল-ওপৰকৈ অলপ দূৰে দূৰে সজা পকী চৌবাচ্চা দুটা দেখা গৈছে৷ আকাশী নীলা ৰং৷ জংঘলৰ পৰা ওলাই অহা পাইপ এডাল ওপৰৰটোত সোমাইছে৷ তাৰ পৰা ইটোলৈ আহিছে৷ দ্বিতীয়টোত বাহিৰেদি লগাই ৰখা পাইপেৰে পানী অহৰহ নিৰ্গত হৈ আছে৷ গা-কাপোৰ আৰামছে ধুব পাৰি৷ খোজ কাঢ়ি কাঢ়ি দেহা ঘামি গৈছে৷ দলৰ সকলোৱে হাত-মুখ ধুলে৷ শীতলতাখিনি ভাল লাগিল৷ তাৰ পাছত ৰঙা টিনপাতৰ দুচলীয়া ঘৰটোত বহি এখন্তেক জিৰণি৷ লগত নিয়া বটলৰ পানী খালোঁ, অৰূপদাই আগ বঢ়োৱা কল ভগালোঁ, মই অনা নাৰিকল আৰু আমলখিও দিলোঁ হাতে হাতে৷ হাস্যমধুৰ কথা-বতৰাৰ মাজতে শেষত চকলেট ডেইৰী মিল্কৰ বিতৰণো চলিল৷ এটুকুৰা মুখত লৈ ল'লে পাহাৰ উঠি থাকিব পাৰি৷

বাঁহনিৰ তলেৰে ৰাস্তাটো সোঁহাতলৈ সোমাই অদৃশ্য হৈছে৷ 'শ্বৰ্টকাট ৰাস্তা পৰা যাব নেকি ছাৰ?' ইংলেঙে সুধিলে৷ আমি হয়ভৰ দিলোঁ৷ 'বেচি খাড়া আছে কিন্তু৷ হলেভি জলদি হ'ব৷' তেওঁ পথ দেখুৱাই লৈ গ'ল৷ সৰুফুটীয়া এই মানুহটোৱেই আজি আমাৰ লিডাৰ৷ ইংলেঙক অনুসৰণ কৰি কেইবা ঠাইতো শ্বৰ্টকাট মাৰি গৈছোঁ৷ একোবাৰ মূল ৰাস্তাটোৰ কেঁকুৰিত ওলাওঁ, অলপ দূৰ গৈ আকৌ অন্য এটা শ্বৰ্টকাট৷ থিয় আৰু লুংলুঙীয়া এনে বাটেৰে যাবলৈ পাইহে ট্ৰেকিং কৰাযেন লাগিল৷ অলপ আগলৈকে পকা ৰাস্তাই ৰাস্তাই আহি থকাত অৰূপদাইতো অভিযোগেই কৰিছিল, 'এনেকৈ গৈ থাকি অকণো সুখ লগা নাই' বুলি৷ এতিয়া থিয় গৰা উঠিবলগীয়া হোৱাত তেৱোঁ মজা পাই গৈছে৷ হ'লেও উৎসাহৰ অন্ত নাই৷ ইফালে কল খাই বল বাঢ়িল প্ৰদীপদাৰো৷ এতিয়া পিক্‌-আপ্‌ লৈছে৷ অজানাক জনাৰ, নেদেখাক দেখাৰ উলাহত কষ্টক কষ্ট বুলি গণ্য কৰা নাই কোনো এজনেও৷

প্ৰথমবাৰৰ বাবে চকুৰ সন্মুখলৈ আহিল ক'লা ৰঙৰ কাষ্ট আইৰণৰ পাইপ এডাল৷ ব্যাস ৮ ইঞ্চি হ'ব৷ ইংলেঙে ক'লে, 'এইটো পাইপ পৰাই ডেম পৰা পানী আনিছে ছাৰ৷' চুই চালোঁ৷ পানী বৈ থকাৰ উমান পাইছোঁ৷ শিহৰণ এটা আপোনা-আপুনি মনলৈ আহি গ'ল৷ ভালভ এটাও আছে ওচৰতে৷ এই পাইপডালৰ অন্তিম মূৰটো বিচাৰি উলিয়াবলৈকেতো আমি আহিছোঁ আজি, ডিফুৰ পৰা৷ ডিফুখন কোনদিশে আছে বাৰু? আকাশৰ ফালে চালোঁ৷ বেলিটোৰ ফালেও চালোঁ৷

সুন্দৰ আকাশ, সুন্দৰ বতৰ৷ পুৱাৰ ৰ'দজাক গাত লাগিছে৷ বাঁহনিৰ মাজে মাজে ৰাস্তাটো৷ মাজে মাজে মুকলি৷ প্ৰায় ১ ঘণ্টা পদচালনাৰ পাছত এঠাইত ৰোৱা হ'ল৷ ওখোৰা-মোখোৰা ৰাস্তাটোৰ সোঁহাতে আকৌ এটা চৌবাচ্চা৷ ইয়াতো জংঘলৰ ভিতৰৰ পৰা পাইপ এডাল বাহিৰ কৰি অনা হৈছে৷ পৃষ্ঠপটত প্ৰকাণ্ড শিল এটা৷ ইংলেঙে অথনি তলত পোৱা চৌবাচ্চাৰ পানী খাব ধৰোঁতেই ইংগিত দি থৈছিল যে আগত এনেকুৱা ব্যৱস্থা আৰু এটা পাম৷ পানী খুব ভাল, তাত যিমান ইচ্ছা খাই ল'ব৷ সেই পানী খালে কিবা এটা গম পাব বুলিও কৈছিল৷ এইখিনি পায়ে পিঠিৰ পৰা ৰাক্‌চেক্‌ নমালোঁ আৰু পাইপডালৰ কাষ চাপি চৌবাচ্চাৰ ওপৰত বহি ল'লোঁ৷ প্ৰদীপদাই বেগৰ পৰা প্লাষ্টিকৰ গিলাচ এটা উলিয়াইছে৷ যেন পানী খোৱা প্ৰতিযোগিতাহে! এজনৰ পাছত এজনকৈ প্ৰত্যেকে গিলাচে গিলাচে পি খালোঁ হেঁপাহ পলুৱাই, পিয়াহ গুচাই, নিৰ্ভয় মনে৷ 'মিনাৰেল ৱাটাৰ কিহে', এয়া দেখােন মিনাৰেল ৱাটাৰতকৈও হাজাৰগুণ বেছিহে ভাল৷' প্ৰণৱে স্বীকাৰোক্তি দিলে৷ অৰূপদা আৰু প্ৰদীপদায়ো একে কথাই দোহাৰিলে৷ 'এই পানী বটলে বটলে ডিফু পোৱাব পৰা হ'লে!' মোৰ চিন্তাটোও ব্যক্ত নকৰি নোৱাৰিলোঁ৷

পৰীক্ষাগাৰত পেৰামিটাৰবোৰ কি ওলাব নাজানো, পানীখিনি কিন্তু সঁচাকৈয়ে ভাল লাগিছে৷ শীতল আৰু পৰিষ্কাৰ৷ ক'ৰ পৰা আহি আছে সেয়াও নাজানো৷ মুঠতে চাফা, ফট্‌ফটীয়া৷ ৰাস্তাৰ ফালে আগুৱাই ৰখা পাইপডালেৰে অনৰ্গল পৰি নষ্ট হৈ আছে৷ বন্ধ কৰাৰ কোনো ব্যৱস্থা নাই৷ তাকে দেখিহে বেয়া লাগিছে৷ ইফালে ভৈয়ামত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে আজিও হাহাকাৰ! ইয়াত পানী খাই শৰীৰটোৱে কিবা এক বল-শক্তি ঘূৰাই পোৱা যেন লাগিল৷ ঘূৰি যাওঁতে এবটল লৈ যাম বুলি ভাবি থ'লোঁ৷

ছয়.



৮.৩০ বাজিছে৷ চৌবাচ্চা থকাখিনিত ৰৈ থাকোঁতে বিপৰীতফালৰ পৰা অহা চিনাকি কাৰবি মানুহ এজনৰ সৈতে ক্ষন্তেকীয়া আলাপ চলিল ইংলেং আৰু ৰংপিৰ৷ পাহাৰীয়া খলা-বমা, কেঁচা মাটিৰ ৰাস্তাটোৰে তাৰ পৰা উঠি যাওঁতে চাৰিআলি এটা পালোঁ৷ 'এইটো মংজাং৷' ক'লে মোৰ সৈতে থকা ৰংপি বোলাজনে৷ সত্যছিং ৰংপি আৰু মই সকলোতকৈ পাছত আছোঁ৷ কেমেৰাৰ লগত লাগি থাকিয়ে পাছ পৰি গ'লোঁ৷ মই ফটো তুলি আছোঁ৷ হাতত দাখন লৈ ৰংপিয়ে মোলৈ অপেক্ষা কৰি ৰৈছে৷

সোঁহাতৰ বাটটোৰে কেইবাজনো লোক চাৰিআলি অভিমুখে গপ্‌গপাই নামি আহি আছে৷ তাৰ মাজৰে এজনক দূৰৰ পৰাই মোৰ চিনি পাওঁ চিনি পাওঁ যেন লাগিল৷ হাৰে! সৌৱাচোন চংলই৷ দীৰ্ঘদেহী থাড'-কুকি চি. এছ. চংলই আমাৰ ঘৰৰ কাষৰীয়া থাড'ভেঙৰ বাসিন্দা৷ তেওঁলোকৰ গীৰ্জাৰ ছপা কামৰ সূত্ৰে হোৱা চা-চিনাকি৷ মুখৰ আগৰ ৰাস্তাৰেই নিতৌ আহ-যাহ৷ কিন্তু তেওঁ ইয়াত কেনেকৈ? ক্ষীণকায়াৰ লোকজনেও অবাকনেত্ৰে মোলৈকে চাই চাই আহিছে৷ 'আৰে চংলই চাহাব, আপ য়হা!' কেইফুটমান থাকোঁতেই ৰিং মাৰি পঠিয়ালোঁ৷ চংলইক দেখি মই অবাক, মোক দেখি তেওঁ অবাক৷ 'আৰে...' চংলই উৎফুল্লিত হ'ল অকল্পনীয়ভাৱে মোক লগ পাই৷ চংলইৰ ঘৰ আছে ইয়াত৷ ক'লে, 'খেতি মে' জাইগা হ'৷ পাহাৰ মে' ধান মাৰনে ক' জাইগা৷' মই ক'লৈ আহিছোঁ, কিয় আহিছোঁ, কাৰ লগত আহিছোঁ সুধিলে৷ সংক্ষিপ্তভাৱে জনাই দিলোঁ৷ চংলইৰ ভৰিৰ হাণ্টিং শ্বুৰ পৰা মূৰৰ টুপীলৈকে সৈনিকৰ সদৃশ সাজ৷ কঁকালৰ খাপত দা এখনো আছে৷ সংগী এজনৰ কান্ধত চেৰা গুলী চলোৱা, হাতেসজা খাজা বন্দুক এটা৷ মোৰ ডিঙিত উদ্যত কেমেৰাটো দেখি চংলয়ে হাঁহি মাৰি ক'লে, 'জংঘলকা চব চুন্দৰ চুন্দৰ ফটো খিচ লউ৷' ক্ষন্তেক সময় কথা পতাৰ পাছত বিদায় লৈ তেওঁলোক বাঁওফালে উঠি গ'ল৷ দলটোত মাইকী মানুহো গৈছে৷ আমি পোনে পোনে যাব লাগিব৷ অৰূপদা, প্ৰদীপদাহঁতে দূৰৰ পৰাই মোক লক্ষ্য কৰি আছিল৷ ক'ত আহিযে ডিফুৰ, ঘৰৰ পাছফালৰ চিনাকি মানুহ এজনৰ সাক্ষাৎ পাই গ'লোঁ, আকস্মিকভাৱে মুখামুখি হ'লোঁ! মনটো উৎফুল্লিত হৈ উঠিল ভাবি৷ বাটে বাটে কথাবোৰ জনালোঁ সকলোকে৷

মংজাং হৈছে কুকি বস্তি৷ সোঁহাতে দূৰলৈ ঘৰ কিছুমান দেখা গৈয়ে আছে৷ বাঁৱে কেইমিটাৰমান আগত কাঠৰ চাইনব'ৰ্ড এখন৷ কাঁড় চিনেৰে নিৰ্দেশ দি ৰখা হৈছে৷ ইংৰাজীত লিখা আছে, ৱে' টু মাওকত৷ লুংলুঙীয়া বাট এটা মূল পথৰ পৰা ফাটি নিৰ্দেশিত দিশত গৰাৰ ওপৰলৈ উঠিছে৷ বগাবৰ সুবিধা হোৱাকৈ মাটিত খলপ কাটি ৰখা হৈছে৷ মাওকতলৈ ৩ কিল'মিটাৰমান হ'ব৷ সেইখনো কুকি অধ্যুষিত গাঁও৷ অলপ আগত আমি জৰ্লেনলৈ যোৱা বাটটো পাম বুলি ৰংপিয়ে জনালে৷ এইফালে দেখিছোঁ, ভালেমান কুকি গাঁও আছে৷ কাৰবি গাঁও কিন্তু এতিয়ালৈ এখনোৱে নাই পোৱা আমি৷ বোধ হয় আগত থাকিব৷ লাংৰিক ছাৰ্থে ৰংপি আৰং, লাইচন ছিংনাৰ আৰং, ৰংজংফং ৰংপি গাঁও, ৱ'ফং টকবি, ৰাম টকবি, দিৰিংলাংছ', জিৰকা ইংতি গাঁও, লংনিত লাংৰইথম আদি গাঁও কিছুমানৰ নাম শুনিছোঁ৷ অৱস্থান গম নাপাওঁ৷

কাকবাঁহৰ মাজে মাজে কেঁচা ৰাস্তাটো আগুৱাইছে৷ ডাঠ বাঁহনিয়ে সূৰ্যৰ পোহৰকো পৰাভূত কৰি মাজে মাজে জেগাবোৰ সেমেকাই তুলিছে৷ পাহাৰৰ পানী জমা হোৱাৰ ফলত কোনোবাখিনিত সন্মুখীন হৈছোঁ গেলগেলীয়া বোকাৰ৷ নলাসদৃশ কোনোবাখিনিত আকৌ জমা হৈ থকা পানী দুপিয়াই-জঁপিয়াই অতিক্ৰম কৰিবলগীয়া হৈছে৷ উঠা-নমাৰ সংমিশ্ৰণেৰে পদযাত্ৰাটো চলি আছে লক্ষ্য অভিমুখে৷ আগত পথৰ দাঁতিৰ হাবি কমি আহিল৷ জনপদ এটাই দেখা দিলে৷ ঘড়ীত ৯ বাজি ১০ মিনিট৷ কি পালোঁ এইখন? প্ৰশ্নটো মনলৈ আহিল৷

মানুহৰ ঘৰবিলাক সৰহভাগেই খেৰ-বাঁহৰ যদিও টিনপাত দিয়া, আনকি পকা ঘৰো দেখিবলৈ পালোঁ ইয়াত৷ আমাক আচৰিত কৰি সেউজ ঘাঁহনিত আপোনমনে চৰি আছে এহাল ঘোঁৰা৷ পাহাৰৰ মাজত ক'ৰ পৰা ঘোঁৰা ওলাল, ভাবি সঁচায়ে আচৰিত হ'লোঁ৷ ৪-৫টা কুকুৰে নতুন মানুহ দেখি আমাক উদ্দেশ্য কৰি ভুকনিত তাল-ফাল লগালে৷ আপদীয়া জন্তু ক'ৰবাৰ! কুকুৰলৈ এনেয়েও ভয় মোৰ বেছি৷ অৰূপদাৰ পাছফালে লুকাই সাৱধানতা অৱলম্বন কৰি এখোজ দুখোজকৈ আগ বাঢ়ি আছোঁ৷ ভিতৰুৱা এই ঠাইটুকুৰাত আৰু দেখা পালোঁ একোখনকৈ দোকান আৰু হোটেল৷ চাইনব'ৰ্ড নাই৷ দোকানখনৰ বাহিৰত সাজি থোৱা বাঁহৰ চাঙত ৰাক্‌চেকটো নমাইছোঁ৷ দোকানী মধ্য বয়সীয়া নেপালী মহিলা৷ বটলৰ পৰা পানী কেইঢোকমান পি লৈ বেগত সোমাই থকা নাৰিকলৰ ঠোঙাটো বাহিৰ কৰি পোনেই তেওঁৰ সন্মুখত মেলি ধৰিলোঁ৷ নেপালী ভাষাতে অনুৰোধৰ সুৰত ক'লোঁ, 'দিদি, লিউনুচ'৷ আমলখিও দিলোঁ কেইটামান৷ লংনিত বজাৰৰ পৰা ৫০ কেজি ওজনৰ চাউলৰ বস্তা পিঠিত লৈ আমাৰ আগে আগে এইখিনি আহি পোৱা পাহোৱাল ডেকাজনকো নাৰিকল দুডোখৰ খুৱালোঁ৷ ১৮ ঘৰ মানুহেৰে নেপালী বস্তি এইটো৷ মানুহবোৰ বৌদ্ধ ধৰ্মাৱলম্বী৷ কাষতে শান্তি পতাকা বতাহত উৰি আছে৷ বস্তিটোৰ নাম নক্‌জিৰ৷ 

পানী কেইঢোকমান গিলি, চকলেটৰ টুকুৰা মুখত লৈ, দোকানীক মাত লগাই আকৌ খোজ দিয়া আৰম্ভ হ'ল৷ ক্ৰমে অৱৰোহণ কৰি গৈ আছোঁ৷ ইমানপৰে মনে মনে থকা কুকুৰকেইটা হঠাতে সক্ৰিয় হৈ পৰিল৷ খেদি খেদি আহি আছে৷ যেন চোৰহে আমি! এনে অশান্তিদায়ক প্ৰাণী, সতকাই পাছেই নেৰা হৈছে৷ অৰূপদা আৰু প্ৰদীপদাহঁততকৈ নিজকে আগুৱাই কোনোমতে বাগি দিলোঁ৷ ৫ মিনিটো নালাগিল, নৈ এখনৰ পাৰ ওলালোঁহি৷ স্বাভাৱিকতে প্ৰশ্ন উঠিল, 'কি নৈ এইখন?' ৰংপিয়ে জনালে, 'এইটো লাংৰিক৷' লংলিতৰ উপনৈ এইখন৷ মেপ অধ্যয়ন কৰোঁতে নামটো পাইছিলোঁ৷ এতিয়া স্বচক্ষে দেখিলোঁ৷ দলং পিছে নাই৷ আমি এতিয়া নৈখন পাৰ হ'ব লাগিব৷ পাৰতে জোতা-মোজা খুলি ল'লোঁ৷ চকুৱে দেখালৈকে কোনো নৰ-মনিচ নাই৷ ডাঙৰ ডাঙৰ শিলকেইটামানৰ ওপৰেৰে সোঁফালে ক'লা চি.আই. পাইপ এডাল জিলিকিছে৷ হাণ্ড্ৰেড পাৰ্চেণ্ট খাটাং যে সেইডালেই ডিফুলৈ পানী যোৱা পাইপ৷ ভুল হ'বই নোৱাৰে৷

নৈখনত পানীৰ গভীৰতা বৰ বেছি নহয়৷ ভৰিৰ সৰু গাঁঠিৰ ২-৩ ইঞ্চি ওপৰলৈকেহে তিয়াইছে৷ সোঁমাজতে বালিচৰ এটা৷ সংগীসকলে হাফ-পেণ্ট পিন্ধি অহাত সুবিধাই হ'ল৷ মই ট্ৰেক-পেণ্ট কোঁচাই লৈছোঁ৷ এহাতে জোতাযোৰ৷ এহাতে কলৰ মোনাটো৷ এতিয়ালৈকে একাষিও শেষ হোৱা নাই৷ দায়িত্ববশতঃ কঢ়িয়াই আনি আছোঁ৷ পিঠিত ৰাক্‌চেক৷ একো অসুবিধা নোহোৱাকৈ আৰামত পাৰ হ'লোঁ আমি৷ পাৰ হোৱাৰ পাছত অাৰম্ভ হোৱা ৰাস্তাটোৰহে অৱস্থা নাইকিয়া হ'ল৷ উঠি গৈ আছোঁ৷ বাঁওহাতে অকলশৰীয়াকৈ চাংঘৰ দুটা৷ অৰ্ধনিৰ্মিত অৱস্থাত অন্য এটাও আছে৷ চাংঘৰৰ নিৰ্মাণ বৈশিষ্ট্যলৈ চাই কুকি মানুহৰ ঘৰ বুলিয়ে ধাৰণা হ'ল৷ মানুহ আছেনে নাই? নাই যেনহে লাগিছে৷

সাত.



ওখমুৱাকৈ আগলৈ খোজ বঢ়াই থাকোঁতে সোঁহাতে বাঁহনিৰ মাজত মস্ত মস্ত শিল দুটা চকুৰ আগলৈ আহিল৷ দাখন টোঁৱাই ইংলেঙে ক'লে, 'সেইটো নকজিৰ৷ সেই পাথৰত অতীতত ঢাল-তৰোৱাল আউজাই ৰখা হৈছিল বুলি আমাৰ মানুহৰ বিশ্বাস৷' মোৰ ভাব হৈছে, ইয়াৰ পৰাই গাঁওখনৰ নামটো হ'ল চাগৈ৷ আমোদজনক কথা যে গাঁৱৰ নামটো কাৰবি যদিও আমি দেখি অহা আবাসী মানুহবোৰ নেপালী৷ মোৰ কলেজীয়া দিনৰ শিক্ষাগুৰু ৰংবং তেৰাং ছাৰৰ মতে, 'যমুনা আদি নৈ-উপনৈৰ নামবোৰত বহুতো জাতি-উপজাতিৰ সমন্বয়ৰ সাংস্কৃতিক ৰূপ নিমজ্জিত হৈ আছে৷ A history of human civilisation as well as cultural assimilationৰ মূল আধাৰ হ'ল নদী আৰু সাগৰ৷' পিছে মোৰ এনে লাগিছে, ইয়াতো যেন ক'ৰবাত সমন্বয়ৰ কাহিনী এটা লুকাই আছে! সেয়া গৱেষক-জ্ঞানীয়ে ক'ব৷ আমি সিমানৰ মানুহ নহওঁ৷ আভিধানিক অৰ্থত 'নকজিৰ' মানে কাৰবিসকলে চ'জুন পূজাত ব্যৱহাৰ কৰা দীঘল তৰোৱাল বুলি জানো৷ আনহাতে নক্‌ শব্দই দা বুজায়৷

নকজিৰ শিলাৰ পৰা কিছু আগত শ্বৰ্টকাট এটা আছে৷ ইংলেঙৰ কথামতে মূল পথ এৰি আমি সোঁহাতে সােমাম৷ গৈ থাকোঁতে হাবিৰ মাজত দুটা পাইপ লাইন পালোঁ৷ তাৰ মানে পানী পৰিবাহী পাইপবিলাক এইফালেৰে নিয়া হৈছে৷ ঘন বাঁহনিৰ তলে তলে সেমেকা বাট৷ নামনিৰে খল্‌খল্‌ শব্দ কৰি নৈ এখন বৈছে৷ মাজে মাজে এচমকা দেখা পাওঁ৷ বাঁহনি শেষ কৰি এঠাইত নৈখনৰ কেঁকুৰি এটাত আদা গছ কিছুমান দৃষ্টিগোচৰ হ'ল৷ চেহেৰা লহপহীয়া৷ পিছে চাফা নকৰাত জংঘলে বেৰি ধৰিলে৷ সেউজীয়া আগবোৰ আকাশমুখী হৈ ওলাই আছে৷ মাটি সাৰুৱা৷

ওখ-চাপৰ বাটটোৰে ১৫ মিনিটমান যাওঁতে আগতে এৰি দিয়া মূলপথটো ওলাই গ'ল৷ মূলপথ অনুসৰণ কৰি অলপ পাছতে পালোঁ নৈ এখনৰ পাৰ৷ 'এইখন আকৌ কি ওলাল?' অৱধাৰিতভাৱে প্ৰশ্নটো জিভাৰ আগলৈ আহিয়ে গ'ল৷ 'লাংৰিক হয় ছাৰ৷' ৰংপিয়ে উত্তৰ দিলে৷ লাংৰিক? অলপ আগতে এবাৰ পাৰ হৈছিলোঁ নহয়! লক্ষ্য কৰিলোঁ, অথনি সোঁহাতৰ পৰা বাঁওহাতলৈ বৈছিল, এতিয়া বাঁওহাতৰ পৰা সোঁহাতলৈ৷ তাৰ মানে নামনিৰ দিশে যাওঁতে নৈখনে এইখিনিতে বৃহৎ পাক এটা মাৰিছে৷ জোতা-মোজা সোলোকাই দ্বিতীয়বাৰ পাৰ হ'লোঁ৷ চকুৰে দেখা পৰ্যন্ত উভয় দিশে শিল কিছু আছে৷ নদীৰ মধ্যাংশত শিলৰ ওপৰেদি দুডাল বাঁহ পাৰি থোৱা হৈছে৷ শিলে শিলে বগাই আহি সেই সাঁকোৰে পাৰ হ'ব পাৰি৷ হ'লেও পানীৰ স্পৰ্শ লাভৰ মন৷ বোঁৱতী পানীয়ে শিলে শিলে ঠেকা খোৱাৰ ফলত ওলোৱা শব্দটো খুব আপোন আপোন যেন লাগিল৷ এই শব্দই আমাৰ দৰে মানুহক সততে আকৰ্ষণ কৰে৷

সোঁহাতে পানী পৰিবাহী ক'লা পাইপ দুডালে দেখা দি আছে, শিল কিছুমানৰ ওপৰেৰে৷ অলপ আগতে এডাল দেখিছিলোঁ৷ ইয়াতচোন দুডাল! কথাটো কি ধৰিব পৰা নাই৷ সোঁতৰ জোৰটো হ'লে অথনিতকৈ এইছোৱাত বেছি পাইছোঁ৷ হ'লেও চিন্তা কৰিবলগীয়া নহয়৷ বৰষুণৰ দিনতহে বিহু দেখুৱায় চাগৈ৷ দলং ইয়াতো নাই৷ এনে পৰিস্থিতিত এইফালৰ গঞা মানুহখিনিৰ দুৰ্দশা কি পৰিমাণৰ হ'ব পাৰে সেয়া সহজে অনুমেয়৷ 'আগত আমি আৰু এবাৰ পানী পাৰ হ'ব লাগিব৷' জনালে ৰাস্তাটোৰ সম্পৰ্কে জ্ঞান থকা ৰংপি আৰু ইংলেঙে৷ 'কিমান দূৰ হ'ব?' 'বেছি নাই ছাৰ৷' এখন্তেক কিবা এটা চিন্তা কৰিলোঁ৷ তাৰ পাছত খালী ভৰিৰেই আগ বাঢ়িলোঁ৷ জোতা-মোজা হাতত৷


দূৰৈত ওখকৈ জিলিকিছে পৰ্বত খনবামনৰ ঠাল-ঠেঙুলি৷ ঘন সেউজীয়া জুমতলীও জিলিকিছে এডৰা৷ কাৰবি আংলঙৰ মাটিত ভৰি দিয়েই হওক, নিদিয়েই হওক, পুৰণা দিনবিলাকৰ কথা ভাবিলে, মই জানো, বহুতৰে স্মৃতিপটত পৰ্বত খনবামনে ভুমুকি মাৰিবই মাৰিব৷ বহুতৰ বাবে জীৱন-প্ৰেৰণাৰ উৎস এই খনবামন৷ আনকি আমাৰ শ্ৰদ্ধাৰ ৰংবং তেৰাং ছাৰৰো৷ ছাৰে এবাৰ এঠাইত লিখা মোৰ মনত পৰে, এনেকৈ... কাৰবি ভাষা-সাহিত্য-সংস্কৃতিৰ উৎসভূমি পৰ্বত খনবামনৰ সৈতে নিহিত হৈ আছে বহুজনৰে হৃদয়ৰ স্পন্দন৷ পিঠিত এখাং আদা, জলকীয়া, কচু, বাঁহগাজ লৈ কাৰবি-কুকিয়ে ক্লান্তিহীনভাৱে লংনিত, মাঞ্জা, ডিলাই, হিদিপিৰ সাপ্তাহিক হাটলৈ গিৰ্‌গিৰকৈ নামি অহাৰ অনবদ্য দৃশ্য কোনে পাহৰিব পাৰে?' সঁচাই, এনে দৃশ্য যি দেখিছে সি স্বীকাৰ কৰিব লাগিব৷

পৰ্বত খনবামনৰ সৈতে মানুহৰ সম্পৰ্ক, এটা জনগোষ্ঠীৰ সম্পৰ্ক কিমান গভীৰ হ'ব পাৰে? ছাৰে লিখিছিল... 'পৰ্বত খনবামন কেৱল মোৰ টোটেম দেৱতা ৱ' তেৰাঙ (ধনেশ পক্ষী)ৰ নীড়েই নহয়, মোৰ জীৱনৰ প্ৰেৰণাৰো উৎসভূমি৷ পৰ্বত খনবামনৰ কেঁচা মাটিত আজোককাহঁতৰ সৰি পৰা কপালৰ ঘামৰ গোন্ধ এতিয়াও মোৰ নাকত লাগেহি৷ কৰ্দৈশিৰীয়া পাহাৰবোৰৰ সাৰুৱা মাটিত গজি উঠা চুবক ধানৰ মিঠা সোৱাদ মোৰ জীৱনৰ আবেলি পৰতো মই পাহৰিব পৰা নাই৷ সেইদৰে মই পাহৰিব পৰা নাই পাহাৰৰ গাঁওবোৰক প্ৰাণচঞ্চল কৰা চমাংকানৰ গীত আৰু নৃত্যৰ লয়লাসবোৰ৷ বংলং তেৰাঙৰ কাপেৰে নিগৰি অহা ৰূকাছেনৰ সুৰবোৰ, আদাম আছাৰৰ মিঠা মিঠা হৰলাঙৰ সোৱাদবোৰ আৰু সেইদৰে হাঈমুৰ কাৰুণ্যৰে ভৰা এপিকধৰ্মী গীতবোৰজানো পৰ্বত খনবামনৰ আশিস-নিৰ্মালীৰে পৰিপুষ্ট নহয়? আৰু ছাবিনৰ গীতবোৰ? পৰ্বত খনবামনৰ নামনিৰ গাঁওবোৰত দেখোন ছাবিনৰ ৰূপকথা এতিয়াও হেৰাই যোৱা নাই৷ কাৰবিসকলৰ জীৱন-প্ৰদায়িনী নৈ-জান-জুৰিৰে পৰিপুষ্ট এই উৎসভূমি পৰ্বত খনবামন ভূখণ্ড আচলতে দেৱভূমি৷ কাৰবিসকলৰ দৃষ্টিত পৰ্বতখন ইংলংপ আৰু ইংলংপই হল কাৰবিৰ মস্তকমণি৷ এনে প্ৰসংগতেই সম্ভৱ আধুনিক দৃষ্টিত কাৰবিসকলে ইংলংপক সিংহাসন নামটোৰে পৰিচয় দি ভাল পোৱা হল৷

ইমানবোৰযে কথা আছে খনবামনৰ পৃষ্ঠপটত! 'দেৱভূমি', সেই পৰ্বত খনবামনলৈকে ওলাই আহিছোঁ আমি৷ হৃদয়ত অযুত উৎকণ্ঠা, মনত সীমাহীন কৌতূহল সামৰি৷ পৰ্বত খনবামন ৰহস্যময়৷ হলেও ওলাইছোঁ আমি, উদ্দেশ্যপ্ৰণোদিতভাৱে৷ খনবামনৰ সিফালে সুউচ্চ সিংহাসন পৰ্বত৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১,৩৫৯ মিটাৰ৷ তালৈকো যাম কেতিয়াবা৷ যাব লাগিবই৷ কিয়নো, এল. পি. স্কুলত থাকোঁতে ভূগোলৰ মেপত ৰঙা-নীলা পেন্সিলেৰে মিকিৰ পাহাৰৰ মেপ আঁকোতে, মেপত সিংহাসন, খনবামন, মহামায়া পাহাৰ, ডিলাই পৰ্বতৰ অৱস্থানসমূহ বহুৱাওঁতেই শিশুমনত দাগ কাটি ৰখা নহৈছিলজানো, সুগভীৰভাৱে৷ অতএব গৰকিব লাগিব এইটো জীৱদ্দশাতে৷  নতুবা জীৱন হ'ব বৃথা৷

কেইমিনিটমান মাত্ৰ৷ সেমেকা মাটিৰে বাটকুৰি বাই সঁচাকৈ আকৌ এখন শিলাময় নৈ আৱিষ্কাৰ কৰিলোঁ৷ হাবি ফালি ওলাই অহাৰ পাছত সোঁফালৰ পৰা বাওঁফাললৈ বৈছে৷ আমাৰ বাঁওহাতে অলপ আগত লাংৰিকত পৰিছে বুলি জনালে ৰংপি বোলাজনে৷ তাৰ মানে এইখন লাংৰিকৰ উপনৈ৷ লংলিতৰ শাখানৈ৷ গতিপথটো মনতে আঁকিবৰ চেষ্টা কৰিলোঁ৷ একো অসুবিধা নোহোৱাকৈ পাৰ হৈ গ'লোঁ আটায়ে৷ হিচাপ কৰিলোঁ, কেইবাৰ হ'ল৷ তিনিবাৰ৷ গাইডৰ মতে আৰু নৈ পাৰ হ'বলগীয়া নাই৷ জোতাযোৰ ভৰিত সুমুৱাই লোৱা হ'ল৷ নহ'লে খোজ কঢ়াত অসুবিধা হয়৷

আঠ.



মাজতে ৰাস্তাটো ঠেক হৈ পৰিছিল৷ এতিয়া অকণমান বহল৷ দলে-বলে গৈ আছোঁ৷ মূল পথ এৰি শেষবাৰলৈ সোঁহাতে সোমাব লাগিব৷ ডেমলৈ এইটো শ্বৰ্টকাট৷ অৰূপদাক সময়টো সুধিলোঁ৷ ১০ বাজি ৫ মিনিট গৈছে৷ ইংলেং সকলোৰে আগত৷ ৰংপি একেবাৰে পাছত৷ নিত্যসহচৰ দাখনেৰে ঘপাঘপ জংঘল কাটি প্ৰথমজনে বাট মোকলোৱা আৰম্ভ কৰিলেই৷ লুংলুঙীয়া লিক্‌টো আগতে সুচল আছিল যদিও বহুদিন ধৰি মানুহৰযে অাহ-যাহ নাই চলা তাক সহজেই বুজিব পাৰিছোঁ৷ হাবি-জংঘল মহতিয়াই যাবলগীয়া হৈছে৷ প্ৰণৱৰ চিন্তা এটাই৷ জোক-চোক আছে নেকি আকৌ? মাজে মাজে নিজৰ ধুনীয়া কলাফুল দুটালৈ ঘূৰি ঘূৰি চায়৷ মই ট্ৰেক-চুট পিন্ধি আহিছোঁ৷ গতিকে কেৰেপ নাই৷ লাগিলেও লাগিব৷ কিমাননো খাব? পুৰণা অভিজ্ঞতা আছে মোৰ৷ এতেকে ভয় নকৰোঁ৷ হাফ-পেণ্ট পৰিধান কৰি অহা সংগীবৃন্দক এনেয়ে মাজে মাজে জোকাই গৈছোঁ... ভৰিত জোকে খাই আছে দেই বুলি৷

আচম্বিতে এঠাইত হালধি গছ কিছুমান ওলাল৷ আগতে মানুহে খেতি কৰিছিল নিশ্চয়৷ কিয়নো ওচৰতে আছিল ছিং তেৰাং নামৰ কাৰবি গাঁওখন৷ পাছত ইয়াৰ পৰা উঠি গ'ল৷ অৰূপদাৰ তৎপৰতাত ৰংপিয়ে দাখনেৰে মাটি খান্দিব ধৰিলে৷ কেঁচা হালধি সংগ্ৰহ কৰি লোৱা হ'ল৷ কিহত দি খাব লাগিব অৰূপদাই জানে৷ ইফালে ৰং গুড়ি কালি আমি ইচ্ছা কৰিয়ে কিনাযে নাছিলোঁ সেয়া মোৰ মনত আছে৷ আদা হ'লে আনিছোঁ৷ অ'ত-ত'ত আদা গছ ইয়াতো আছে৷ খনবামন, সিংহাসন আদা খেতিৰ বাবে বিখ্যাত৷ আঁতৰত কলগছ কিছুমান দেখা পালোঁ৷ তদুপৰি বুঢ়া আম-কঁঠাল গছ কেইজোপামানো৷ জলকীয়া গছ এডালো কিন্তু নাই পোৱা৷ এনেয়ে হ'লে এনেকুৱা অৱস্থানত ফিৰিঙী জলকীয়া পোৱা যায়৷

সেইবোৰৰ পৰা ফালৰি কাটি অলপ পাছতে দলটো সোমাই পৰিলোঁ অটব্য বাঁহনিত৷ কাক বাঁহৰ তলে তলে, ফাঁকে ফাঁকে সাৱধানে খোজ পেলাই থাকি ঝৰ্ণা এটা পালোঁহি৷ পাৰ পায়েই দৃষ্টিগোচৰ হ'ল সেই দৃশ্য, যিটোৰ অন্বেষণত কাহিলি পুৱাতে ঘৰৰ পৰা ওলাইছিলোঁ৷ আমি বিচাৰি অহা জেগা এয়া পাই গ'লোঁ৷ স্ফূৰ্তিতে কিৰীলি এজাউৰি ওলাই আহিল মুখৰ পৰা৷ ধ্বনি-প্ৰতিধ্বনিৰে ৰজনজনাই গ'ল খনবামনৰ হাবি৷ ভয়-ভীত নাই৷ অথচ প্ৰথম দৃষ্টিতে জয়াল জেগা!

শিলাময় পাহাৰীয়া জুৰিটোক ভেটি পথালিকৈ পকী বান্ধ এটা এই মুহূৰ্তত আমাৰ চকুৰ সন্মুখত৷ অনুমান, দীঘলে ১০ মিটাৰমান হ'ব৷ ৪ ডাল পাইপ তাত সোমাই আছে৷ কিছু আগলৈ চৌবাচ্চাসদৃশ ৱেৰ৷ ইংলেঙে বিৱৰণী দি গ'ল৷ 'এই ডেমটো প্ৰথমে নিৰ্মাণ কৰা হৈছিল৷ কিন্তু লিক্‌ হৈ গ'ল৷ পৰৱৰ্তী সময়ত আগৰ অংশটো সজা হয়৷' আমি উপস্থিত হোৱা পাৰটোৰ ফালৰ পাইপডাল আগ বঢ়াই লৈ যোৱা হৈছে৷ ওপৰৰ পৰা নামি অহা সোঁতটোৰ তিনিফালে দেৱাল৷ ভেটা অংশটো ঠেক৷ তাৰ ভিতৰেদি পাইপডাল সুমুৱাই ৰখা হৈছে৷ পানীৰ গভীৰতা ধৰিব পৰা নাযায়৷ পাইপৰ মূৰটো কিমান তলত আছে সেয়াও নাজানো৷ খুব দ হ'ব যেন লাগিছে৷ পানীলৈ মোৰ সদায়ে ভয়৷ সাঁতোৰ শিকা নহ'ল৷ গতিকে য'তে যেতিয়াই পানীৰ কাষলৈ নাযাওঁ কিয়, সাৱধানতা অৱলম্বন কৰাটো প্ৰথম চৰ্ত৷ V-notch weirটোৰ উপচি পৰা পানীভাগ পকী নেওৰাসদৃশ নিৰ্মাণ এটাৰ ওপৰেৰে সন্মুখৰ চৌবাচ্চালৈ বাগৰিছে৷ তাৰ পৰা প্ৰৱাহিত হৈ পুৰণা ডেমটোত পৰিছে৷ 'এইডালেৰেই ডিফুলৈ এতিয়া পানী গৈ আছে ছাৰ৷ বাকীবোৰৰ কাম নাই৷' ইংলেঙে যিখিনি জানে কৈ থাকিল৷ প্ৰথমে সজা ডেমটোৰ তলেৰে পানী নিগৰি থকাটো নিজেও প্ৰত্যক্ষ কৰিলোঁ৷ সেইখিনিৰ পৰা তলফালে শিলৰ মাজে মাজে জলধাৰাটো প্ৰাকৃতিক ঝৰ্ণাৰ ৰূপত নামনি অভিমুখে পুনৰ ধাৱমান হ'বলৈ আৰম্ভ কৰিছে৷ শব্দময় হৈ আছে ঠাইখিনি৷ একমাত্ৰ বোঁৱতী পানীৰ শব্দ৷ পশু-পক্ষীৰ মাত এটাও নাই শুনা৷

ঠিক ১০ বাজি ২০ মিনিট যোৱাত আমি আমাৰ স্বনিৰ্বাচিত লক্ষ্যস্থানত উপস্থিত হৈছোঁহি৷ অৰূপদাৰ ঘড়ীয়ে নিশ্চিত কৰিলে৷ চকুৰ সন্মুখত দুই-তিনি ঠাইত জমা হৈ থকা পানীত গছৰ পাত কিছুমান ওপঙি আছিল৷ সৰহভাগেই বাঁহপাত৷ দেখি মনটো কটকটাই উঠিল৷ পানী বৈ থকা, দেখাত নেওৰাৰ দৰে অংশটোৰ ওপৰেদি একে জাঁপে পাৰ হৈ গ'লোঁ৷ গছৰ দীঘল ডাল এটাও পৰি থকা অৱস্থাত পাই গ'লোঁ ওচৰতে৷ সেইডালেৰে পাতবোৰ এখিলা এখিলাকৈ ঠেলি ঠেলি আঁতৰ কৰাত লাগিলোঁ৷ ঘৰত কুঁৱাৰ পানীৰেই চলোঁ আমি৷ পি.এইচ.ই.য়ে যোগান ধৰা পানী আগতে পাইছিলোঁ যদিও বছৰদিয়েক ধৰি এটোপালো নাই৷ পাইপ মাটিৰ তলতে পচি গ'ল চাগৈ৷ তথাপি ইয়ালৈ আহিছোঁ যেতিয়া বান্ধটোৰ আশ-পাশ আৰু পানীৰ উপৰিভাগ চাফা কৰি যোৱাটো নৈতিক দায়িত্ব বুলিয়ে ধৰি লৈছোঁ৷ কাৰণ ডিফুৰ বৃহৎসংখ্যক ৰাইজে এই পানী নিতৌ ব্যৱহাৰ কৰে৷

ইয়াত কোনো ফলক নাই৷ ৰখীয়াৰ ঘৰ নাই৷ ৰখীয়া-পৰীয়াও কোনো নাই৷ পৰিশোধন ব্যৱস্থাও শূন্য৷ মুঠতে বান্ধ এটাৰ বাহিৰে দেখাত আন একোৱেই নাই৷ জংঘলৰ মাজত ঝৰ্ণা এটাত পাইপডাল পাতি ৰখা হৈছে৷ বচ, ইমানেই৷ ছাত্ৰাৱস্থাত অৰুণাচলৰ নিৰজুলিত চলোৱা অনুসন্ধান কালত জুৰিটোৰ ঊৰ্ধাংশত দেখাৰ দৰেই নিৰ্জন, হাবিময় এই জেগা৷ ইংলেংহঁতে মাজে মাজে ইয়ালৈ আহি চাফা কৰেহি হেনো৷ বিনিময়ত অফিচৰ পৰা পইচা দিয়ে৷ পিছে বিগত এপ্ৰিল মাহৰ পৰা পাবলগীয়া ধনকেইটা পোৱা নাই৷ কথা প্ৰসংগত জনালে আমাক৷ সম্প্ৰতি পৰিয়ালটোৰ চলিবলৈকে হেনো টান হৈ পৰিছে৷ হ'লেও নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ডেমলৈ আহি চাফা কৰা কামটো নিষ্ঠাৰে সম্পাদন কৰি আছে৷ অন্যথা পাইপ ব্লক হৈ যাব৷ পানীৰ প্ৰৱাহ ৰোধ হ'লেই সিফালে ডিফুত লাগিব হাহাকাৰ৷ কথাবোৰ কৈ থাকোঁতে মই ইংলেঙৰ মুখখনলৈ চাই ৰ'লোঁ একেথিৰে৷ নিজৰ শাৰীৰিক-মানসিক কষ্ট আৰু বিনিময় পাওনাতকৈ ডিফুৰ ৰাইজৰ প্ৰতিহে মৰমটো বেছি!

ছিং তেৰাং গাঁৱৰ অন্তৰ্গত এই জেগা৷ তেৰাং বস্তি বুলিও কয়৷ এসময়ত ওপৰফালে থকা গাঁওখন এতিয়া জনবসতিশূ্ন্য৷ ২০০৩-০৪ চনত কাৰবি-কুকিৰ সংঘাতত ক্ষতিগ্ৰস্ত হোৱাৰ পাছতে বৰজানত পতা মডেল ভিলেজলৈ মানুহবোৰ উঠি গ'ল৷ এতিয়া কেৱল গাঁওবুঢ়াৰ ঘৰটোহে আছে৷ ৰংপি আৰু ইংলেঙৰ পৰা কথাটো জানিলোঁ৷ যাওঁতে চাই যোৱাৰ ইচ্ছা এটা পুহি থ'লোঁ শুনা পোৱা মাত্ৰকে৷

এসময়ত সংঘাত জৰ্জৰিত, শুনামতে বৰ্তমানেও উগ্ৰপন্থী কবলিত অঞ্চল এইটো৷ কাজেই ইয়ালৈ যেয়ে-সেয়ে নাহে৷ বিভাগীয় মানুহৰো আহ-যাহ তেনেকৈ নহয়৷ লংনিত, শিলনীৰ পৰাই উভতে বৰমূৰীয়া৷ কাৰণ গহীন জংঘলৰ মাজৰ ঠাইটুকুৰা সুবিধাজনক নহয়৷ হিংসা, হত্যা, অপহৰণজাতীয় অনাকাংক্ষিত কিবা ঘটনা অকস্মাৎ ঘটিব লাগিলে কোনেও ঘুণাক্ষৰেও গম নাপাব৷ ম'বাইলৰ নে'টৱৰ্ক নাই৷ অলপ-ধতুৱাৰ কাম নাই৷ এনেস্থলত ডিফু টাউনৰ পৰা আমি আজি এই জেগা চাবলৈ অহা দেখি, অত্যুৎসাহৰ প্ৰমাণ পাই ৰংপি আৰু ইংলেং দুয়ো আশ্চৰ্যচকিত নোহোৱাকৈ থকা নাই৷ ইফালে, এই দুজনক লগৰীয়া হিচাপে পাই আমিও নিজকে সৌভাগ্যৱান মানিছোঁ৷ লংচ'কাংথুত পুৱা এৰি থৈ অহা হাৰছিং ইংতিৰ মুখখনো মনলৈ আহিছে৷ এওঁলোকৰ কৃপাতে এইখিনি পাই গ'লোঁ, অলপ আগেয়ে৷ পুৰণা, দীৰ্ঘদিনীয়া হেঁপাহ এটা পূৰণ হ'ল আজি গান্ধী জয়ন্তীৰ দিনটোত৷

ন.



'এই ঝৰ্ণাটোৰ নাম কি?' 'লাংচিথিং৷' 'বানানটো কেনেকুৱা হ'ব?' 'এল এ এন জি লাং, চি এইচ আই টি এইচ আই এন জি চিথিং৷' ইংলেঙে ইংৰাজীতে বৰ্ণকেইটা মাতি গ'ল৷ মই লগে লগে টোকাবহীত লিখিব ধৰিলোঁ৷ বৈ থকা পানীবোৰৰ কল্‌কল্‌ খল্‌খল্‌ ধাৰাবাহিক শব্দবোৰে স্বাভাৱিকতে ব্যাঘাত জন্মালে৷ উচ্চস্বৰে কেইবাবাৰো সুধিব লগা হ'ল, বিশেষকৈ চিথিং স্পেলিংটো৷

কাৰবি ভাষাত লাং মানে পানী, চিথিং মানে চাফা বা পৰিষ্কাৰ৷ একেলগে লাংচিথিঙৰ অৰ্থ হ'ব চাফাপানী৷ এই নিৰ্মল জলৰে একাংশ ৮ ইঞ্চি পাইপ এডালৰ মাজেৰে এই স্থানৰ পৰা অধোগতি আৰম্ভ কৰি সুদূৰৰ ডিফুত অসামৰিক চিকিৎসালয়খনৰ সমীপৰ টিলাটোত অৱস্থিত ৯ লাখ লিটাৰ ধাৰণ ক্ষমতাৰ বৃহৎ জলাধাৰটোত সোমাইছেগৈ৷ কোনো যন্ত্ৰপাতি অবিহনেই৷ অথচ ডিফুৰ মানুহে ভুলক্ৰমে আজিও ভাবে লংলিতৰ পানী পি থকা বুলি৷ আন নালাগে পি.এইচ.ই.ৰ কৰ্মচাৰীয়েও মোৰ প্ৰশ্নৰ উত্তৰত লংলিত বুলিয়ে কৈছিল সিদিনা৷ প্ৰশ্ন হয়, কিমানে শুনিছে লাংচিথিঙৰ নাম? সন্দেহ আছে৷ কিমানে দেখিছেহি? নগণ্যসংখ্যক হ'ব৷ সাংবাদিককো সুধিছিলোঁ৷ সদুত্তৰ নাপালোঁ৷ আনৰ কথা কি ক'ম, মই নিজেও নাজানিছিলোঁ৷ দেখাটো বাদেই৷ জ্ঞান আছিল শূন্য৷ ইয়ালৈ আহি আজি অলপ আগতে সঁচানো কি সেইটো উদ্ঘাটন কৰিলোঁ৷ মনটোত এতিয়াহে শান্তি লাগিছে৷ এনেকৈ সত্যৰ পিছ খেদা কামবোৰ সঁচাকৈ ইমানযে শান্তিদায়ক! তাত উত্তেজনা, ৰিস্ক অলপমান থাকিবই৷ তাতেইতো এড্‌ভেন্‌চাৰ৷ কোনোবাই কৈছিল নহয়, life is a daring adventure, or nothing at all. সেয়ে বাৰে বাৰে কৰি ফুৰোঁ এইবোৰ কাম৷

ডাঙৰ-সৰু শিলবোৰৰ ফাঁকে ফাঁকে কোবাল গতিত জুৰিটো ওপৰৰ পৰা নামি আহিছে৷ বান্ধটো অতিক্ৰম কৰি তললৈ বৈ গৈছে৷ এইখনকে বাটত অথনি এবাৰ পাৰ হৈছিলোঁ৷ মনত পৰিছে৷ সেইডোখৰতে, সামান্য আগত লাংৰিকত পৰা বুলি কৈছিল ৰংপিয়ে৷ তাৰ পাছত লংলিতত৷ তাৰ পাছত যমুনা, কপিলী, ব্ৰহ্মপুত্ৰ, শেষত বংগোপসাগৰ৷ পুৰণা গীতত ঠিকেই কৈছে, 'নদী মাথো বয়, কালৈকো নৰয়, বাধা দি ৰাখিব কোনে?' সঁচাই৷ বান্ধ দিও ৰাখিব নোৱাৰি৷ আনহাতে, পৰ্বত খনবামনৰ অভ্যন্তৰৰ, অনেক ইতিহাসৰ সাক্ষী এই লাংচিথিং৷ বাঁহগছ আৰু শিলৰ আধিক্যত উজনিলৈ হওক কিম্বা নামনিলৈ হওক, বেছি দূৰলৈ এফালেও দেখা নগৈছে৷ আগলৈ গৈ কি আছে চাওঁ নেকি বুলি এবাৰ ভাবিছিলোঁ মনে মনে৷ সাহসে নুকুলালে৷ ক'ৰবাত কিবাহে চোপ লৈ থাকিলে হ'লেই আৰু! চিন্তাটো লগে লগে বাদ দিলোঁ৷ এইটোৱেইহে লক্ষ্য আছিল আমাৰ৷ ঈশ্বৰক ধন্যবাদ দিছোঁ যে দেৱভূমিৰ এই গোপন ৰূপটো স্বচক্ষে দেখিলোঁ আজি৷ তথাকথিত নগণ্যসংখ্যকৰ এজন হ'লোঁ৷

এই দূৰদৰ্শী চিন্তা আৰু কষ্টসাধ্য কৰ্মৰ অন্তৰালত জড়িত থকা শুভচিন্তক তথা কৰ্মীসকলৰো নীৰৱে শলাগ ল'লোঁ৷ বিপৰীতে ইংলেং, ৰংপিহঁতৰ দৰে সাধাৰণ মানুহে সাহসেৰে, পূৰ্ণ দায়বদ্ধতাৰে পৰিষ্কৰণৰ কামত নিযুক্ত থাকি পাবলগীয়া টকাকেইটা ইমানদিনে নোপোৱাত আচৰিতো নহৈ নোৱাৰিলোঁ৷ এই মানুহবোৰে ইমান কষ্ট, ইমান প্ৰত্যাহ্বান স্বীকাৰ কৰি নিষ্ঠাসহকাৰে কৰ্ম সম্পাদন কৰাৰ পাছতো সামান্য প্ৰাপ্যৰ পৰা বঞ্চিত হয় কিয়? ঠগ-প্ৰৱঞ্চক প্ৰকৃততে কোনবিলাক? উত্তৰ আছে, বিচাৰ নাই৷

চাফাপানীৰ অন্বেষণত ডিফুৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় ৫ ঘণ্টাৰ মূৰত পৰ্বত খনবামনৰ জংঘলৰ আৱৰ্তত সঠিকভাৱেই আৱিষ্কাৰ কৰিলোঁহি পকী দেৱালেৰে বান্ধি থোৱা শিলাময় ঝৰ্ণাটো৷ এই সফলতাত স্বাভাৱিকতে মনত অপাৰ আনন্দ জাগিছে৷ ঝৰ্ণা আৰু ৱেৰটোক লৈ ব্যস্ত হৈ থাকোঁতেই ইংলেং আৰু ৰংপি কামত লাগি গ'ল৷ পুৰণা বান্ধটোৰ ওপৰেৰে পাৰ হৈ ঝৰ্ণাৰ সিপাৰে দুয়ো ঠাই মোকলাইছে৷ তাতে চাহ-ভাত ৰন্ধা হ'ব৷ এইফালে মোৰ সমস্ত দেহা ঘৰ্মাক্ত৷ কাপোৰ-কানিবোৰ খুলি ৱেৰৰ কাষতে শিলৰ ওপৰত ৰ'দত মেলি দিলোঁ৷ গামোচাখন ৰাক্‌চেকৰ পৰা উলিয়াই কঁকালত মেৰিয়াই লৈছোঁ৷ শৰীৰ পৰীক্ষা কৰিছোঁ, জোক-চোক লাগি আছে নেকি৷ নাই৷ পেণ্টত বগাই আছিল ৩টা চেলাপেটী৷ সুবিধা এটায়ো কৰিব নোৱাৰিলে পিছে৷ অৰূপদাক কিন্তু বালে৷ প্ৰণৱৰ জোতাতো কেইবাটাও লাগি আহিছিল৷ ভাগ্যক্ৰমে বাচি গ'ল৷ দুয়ো এতিয়া নিজৰ নিজৰ দেহা চোৱা-চিতা কৰি আছে৷ প্ৰদীপদা আগে-ভাগে সিপাৰ পালেগৈ৷

খালী গাৰেই চৌপাশ তন্নতন্নকৈ নিৰীক্ষণ কৰাৰ উপৰি কেমেৰাত এফালৰ পৰা বন্দী কৰি যাব ধৰিছোঁ চাফাপানীৰ পূব-পশ্চিম, উত্তৰ-দক্ষিণ, সমস্ত৷ কল্পনা কৰি চাইছোঁ, ডাঙৰ বৰষুণ হ'লে এইখিনিৰ ৰূপটো কেনেকুৱা হ'ব পাৰে৷ ঢাহি-মুহি অহা পাহাৰীয়া ধলৰ আগত তিষ্ঠি থাকিবলৈ মুকলিত দেখা পাই থকা পাইপকেইডালে কমখন যুদ্ধ কৰিবলগীয়া হয়নে চাগৈ! উফৰিব লাগিলে ডিফুৱে পানী খোৱাৰ মুদা মৰিব৷ পাৰত এফালে পৰি থকা অৱস্থাত মামৰে নষ্ট কৰা পাইপ এডাল দেখা পালোঁ৷

ডেমৰ ওপৰেৰে পাৰ হ'বলৈ মন মেলি ময়ো কইনা খোজেৰে গতি আৰম্ভ কৰিছোঁ৷ মুখতে পোৱা, পানী বাগৰি থকাখিনি পিছল৷ হুঁচিয়াৰ হৈছোঁ, ডেমত যাতে বাগৰি নপৰোঁ৷ সোঁহাতে তলফালে পাথৰ৷ ফাঁকেৰে পানী বৈছে৷ মৰণত শৰণ দি বিপৰীত পাৰ পালোঁহি৷ ইতিমধ্যে জেগা চাফা হৈয়ে গ'ল৷ ৰংপিয়ে শুকান খৰিও গোটালে৷ অৰূপদাই চিঞৰ মাৰি সুধিছে, 'জুইশলা আনিছানে?' অঁ বুলি কৈয়ে ৰাক্‌চেকৰ পৰা উলিয়ালোঁ আৰু দলি মাৰি দিলোঁ৷ 'এইটো, ধৰক৷' দিবৰ মন নাছিল আচলতে৷

ইংলেঙে বাঁহ কাটিছে৷ ইয়াত বাঁহৰ আকাল নাই৷ কাইফ' আলাংপং মানে কাক বাঁহৰ চুঙাত খাদ্য ৰন্ধা হ'ব৷ জংঘলী তথা পৰম্পৰাগত পদ্ধতি৷ বাচন-বৰ্তন ইচ্ছা কৰিয়ে নাই অনা৷ জুইশলাটোও অনাৰ একদম মন নাছিল৷ ননা হ'লে খেল জমিলহেঁতেন৷ জংঘলত জুই ধৰাৰ কায়দা কাৰবিসকলে জানে৷ তাৰে প্ৰয়োগ হওক বুলি ভাবিছিলোঁ, কাৰ্যতঃ নহ'লগৈ৷ অৰূপদাৰ তাগিদাত জুইশলা এটা আনিবলগীয়া হ'ল৷ চাহ খাবলৈ সৰু চুঙা, পানী আনিবলৈ লাংথে অৰ্থাৎ ডাঙৰ আৰু দীঘল চুঙা, ভাত-তৰকাৰী ৰন্ধা চুঙা সকলো ভাগে ভাগে হিচাপমতে তৈয়াৰ হৈ গ'ল ইংলেঙৰ দাৰ ঘাপত৷ অলপ পাছতে কলপাতো দ'ম লাগি গ'ল৷ সত্যছিং ৰংপি আৰু লংকি ইংলেং, দুয়োজন সহচৰেই দেখিছোঁ এইবোৰ কামত পাকৈত৷ আমাক একোতে হাত লগাবলৈকে দিয়া নাই৷ নহ'লে আমাৰো ওস্তাদ সদস্য নথকা নহয় অৱশ্যে৷ হাৰছিং ইংতিয়ে ঠিক মানুহ দি পঠাইছে দেই আমাৰ লগত৷ সদ্যহতে অনুভৱটো এনেকুৱা হ'ল৷

দহ.



১০ বাজি ৪৫ মিনিট৷ বাঁহতলত জুইকুৰা দপদপাই জ্বলি উঠিছে৷ আমি প্ৰথমে লালচাহ খাম৷ কাক বাঁহৰ ডাঙৰ চুঙা এটাত পানী গৰম কৰা হৈছে৷ প্ৰদীপদাই নাতিদূৰত বহি লৈ খাদ্যবস্তুবোৰ উলিয়াই থান-থিত লগাই আছে৷ চিজিল নহ'লে, অপৰিষ্কাৰ হ'লে গালি পাৰি দিয়ে৷ এইবিলাক কথাত প্ৰদীপদা ভীষণ একাচেকা৷ সিফালে নিজৰ বেগটোৰ পৰা আলফুলে মাংসৰ টোপোলা বাহিৰ কৰি ব্যস্ত হৈ পৰিছে অৰূপদা৷ লেপেটি কাঢ়ি বহি লৈছে৷ হাতত ডাঙৰ ছুৰী এখন৷ মাজে মাজে জোকে কামোৰাখিনিলৈ চায়৷ মোক কটাৰী খোজাত ৰাক্‌চেকৰ পৰা উলিয়াই দিলোঁ৷ কৰঙাৰ নলীয়া কটাৰী৷ সেইখন লৈ প্ৰণৱ লাগি গ'ল আলু-পিঁয়াজৰ বাকলি গুচোৱাত৷ যুদ্ধকালীন তৎপৰতা৷ উদ্দেশ্য এটাই৷ জংঘলত দেৰি কৰাটো ঠিক কথা নহয়৷ পোহৰে পোহৰে উভতিব লাগিব৷

প্ৰদীপদাই প'ৰ্টেবল ব্লুটুথ স্পীকাৰ এটা লৈ আহিছে৷ নিজৰ ম'বাইল ফোন সংযোগ কৰি গান বজাই দিলে৷ নিজান অৰণ্যখনত মুহূৰ্ততে যেন নতুন প্ৰাণৰ সঞ্চাৰ হ'ল! অকণমানি যন্ত্ৰটো বাঁহগছৰ সুবিধাজনক ফেৰেঙণি এটাত ওলমাই দিয়া হ'ল৷ অদূৰৰ শিল এটাত উঠি লৈ মই আলেখ-লেখ চাই আছোঁ৷ কেমেৰাৰে ৰৈ ৰৈ ফটো তোলাৰ বাহিৰে একো কৰা নাই৷ কি কৰিম? যি দেখিছোঁ দলৰ আটাইবোৰেই ৰন্ধন বিদ্যাত বিশাৰদ৷ ইফালে অধিক ৰান্ধনি আঞ্জা সেৰেকা বুলি আমাৰ ভাষাত কথা এষাৰো নথকা নহয়৷ মাজতে আদা কেইটুকুৰামান লৈ, বাকলি গুচাই, ধুই, শিলত থেতালি, চাহৰ কাৰণে পানী গৰম হ'বলৈ দিয়া চুঙাটোত ঢালি দিলোঁগৈ৷ বচ, সিমানেই৷ প্ৰদীপদাই চালে কেৰাহিকৈ৷ 'কি দিছ, কি দিছ ঐ?' চাহ খোৱাৰ অভ্যাস নাই যদিও জেগাৰ পৰাই চিঞৰ মাৰি উঠিল তেওঁ৷

চাহ হৈ গ'ল৷ কাটি ৰখা এবেগেতীয়া চুঙাকেইটা হাতে হাতে ধৰাই ইংলেঙে ৰঙা চাহ বাকি দিলে৷ লগত বন, জেলী, বিস্কুট৷ চাহ পৰ্বৰ পাছত প্ৰদীপদা লাগি গ'ল দাইল সিজাবৰ বাবে চুঙা আওখলাত৷ ঝৰ্ণাৰ বুকুত থকা শিল এটাত বহি লৈছে৷ ৰংপিয়ে কম সময়তে মাৰিসহ বাঁহৰ খুন্দনা এটা সাজি উলিয়ালে৷ প্ৰদীপদাৰ মতে বিলাহীকেইটা চাটনি কৰা উচিত হ'ব৷ আলু কেইটামানো সিদ্ধ কৰিব তেওঁ৷ আমি দুয়ো নিৰামিষভোজী৷ গতিকে পচন্দৰ বিশেষ বিশেষ আইটেম৷ জুইকুৰাৰ পৰা অাঁতৰত শিলৰ ওপৰত উঠি প্ৰদীপদাৰ নিৰ্দেশ মানি প্ৰণৱ লাগি গৈছে খুন্দনা-মাৰি লৈ৷ কাম হৈ যোৱাত সেইযোৰ তেওঁ ধুই-ধাই সযতনে থৈছে৷ ঘৰলৈ লৈ যাব হেনো৷ কামত অহা, মৰম লগা বস্তু৷ সততে পোৱা নাযায়৷

একে লগতে ৬টা চুঙাত ভাত, দাইল পতা হৈছে৷ ইংলেং লাগি আছে চুঙাৰ পাছত৷ ইংলেং আৰু ৰংপি, ভাল মানুহ দুটা দিলে দেই ইংতিয়ে৷ জংঘলৰ কামত একদম পটু৷ আমাৰ ভাল লাগিছে তেওঁলোকক পাই৷ তেওঁলোকে আমাক কেনে পাইছেবা! মাজে মাজে এনেকুৱা কথাও ওলাইছে৷ ইংলেঙে বাঁহগাজৰ আঞ্জা খুৱাব৷ তেওঁ গ'ল গাজ বিচাৰি৷ সিপাৰৰ পৰা ৩টা বাঁহগাজ চোঁচৰাই আনিলে৷ হিচাপ কৰি আকৌ চুঙা কাটিলে৷ অৰূপদাৰ মাংসও সিজি আছে৷ কলপাতৰ ঠিলা গুচাই মাজে মাজে চায়৷ মই চিঞৰি আছোঁ গা ধুব লাগে ৰাইজ, গা ধুব লাগে৷ পাহাৰীয়া নৈত গা ধোৱাৰ মজাই বেলেগ৷ ১২.৩০ বাজিছে৷ কোনো আগ বাঢ়ি অহা নাই৷ ৰৈ থাকিব নোৱাৰি নিজেই নামিবলৈ উদ্যত হ'লোঁ ৷ নিৰাপদ স্থান বিচাৰি ফুৰোঁতে মস্ত কেঁকোৰা এটা চকুত পৰিল৷ ভয়তে বেলেগ এফালে গ'লোঁগৈ৷ একাঁঠু নিৰ্মল জলত নামি লৈ খুবমতে কৰিলোঁ জলকেলি৷ মোৰ পাছত বাকীসকল এজন এজনকৈ নামিল৷

১ বাজি গৈছে৷ গা মচি গামোচাখন জংঘলৰ ওপৰত ৰ'দ পৰা ঠাই চাই মেলি দিছোঁ৷ তেনেতে ইংলেঙে গা ধুবলৈ মোৰ পৰা চাবোন টুকুৰা খুজি নিলে৷ হাফ-পেণ্টটো পিন্ধি ৰৈ আছোঁ৷ সংগীসকল পানীত৷ তেনেতে দেখিলোঁ, ৰংপি আৰু ইংলেং দুয়ো ৱেৰটোত নামিছে৷ অলপ পাছত দেখিলোঁ, ভৰিৰে কিবা ঠেলি আছে৷ খৰখেদাকৈ ময়ো তেওঁলোকৰ ওচৰ পালোঁহি৷ পানী কিমান? এবুকু৷ পাইপৰ আগটো ইয়াতে পানীৰ তলত আছে৷ দেখি মোৰো মনটো লক্‌লকাইছে৷ অৰ্থাৎ নামিবৰ ইচ্ছা৷ যুক্তি এটাই৷ ইয়ালৈ আহি এই কামটোকে যদি নকৰোঁ, তেনেহ'লে কিডাল হ'ল আৰু! ক'বলৈকেনো থাকিব কি? ৱেৰত নামিব পাৰিলেহে ঘূৰি গৈ যুগান্তজ্যোতি চেলেং, পুলিন বৰা বা পি.এইচ.ই.ত কৰ্মৰত অন্যান্যসকলক ক'ব পাৰিম যে ...

হাইড্ৰ'লিক্স পঢ়োঁতে পাইছিলোঁ, ৱেৰৰ আশে-পাশে পানীয়ে সৃষ্টি কৰা হাইড্ৰ'লিক জাম্প বৰ বিপদজনক৷ প্ৰাণ পৰ্যন্ত কাঢ়ি নিব পাৰে৷ এইবোৰকে ভাবি পাৰৰ পৰা পানীবোৰলৈ একেথিৰে চাই আছোঁ৷ প্ৰণৱ, প্ৰদীপদা, অৰূপদাহঁতৰ এজনৰো এইখিনিলৈ অহাৰ মতলব নাই৷ মোক ৰৈ থকা দেখি ইংলেং আৰু ৰংপিয়ে অভয় দিলে৷ দুয়োৰে সাহায্যত নামিলোঁ সাৱধানে৷ পানী এবুকু৷ প্ৰকৃতিস্থ হোৱাৰ পাছত তেওঁলোকে কোৱা ধৰণে ভৰিৰে আন্দাজতে খেপিয়াই খেপিয়াই পাইপৰ আগটো বিচাৰি চালোঁ৷ পাই গ'লোঁ৷ বৰ স্ফূৰ্তি লাগিল লাংচিথিঙৰ পানী সোমোৱা মূৰটো স্পৰ্শ কৰিবলৈ পাই৷ আন্দাজতে যি বুজিলোঁ, আকৃতিটো যীশুখ্ৰীষ্টক বিদ্ধ কৰা ক্ৰুছডালৰ দৰে৷ তিনিখন মুখ আছে৷ পানী সোমাই আছে তিনিফালৰ পৰা৷ প্ৰতিখন মুখতে চেপেটা পাটি কেইচটামানকৈ লগোৱা আছে যাতে গোটা বস্তু সোমাব নোৱাৰে৷ এবাৰ চল চাই পাইপডালৰ ওপৰত উঠি দিলোঁ৷ এতিয়া পানী প্ৰায় একঁকাল৷ চিঞৰিলোঁ অৰূপদাহঁতলৈ চাই৷ পাইপডালৰ তলেৰে ফুটা এটাও আছে৷ নদীপৃষ্ঠত জমা হোৱা বালি ভৰিৰে ঠেলি ঠেলি সেই ফুটাৰেই পাৰ কৰি আছিল ৰংপি আৰু ইংলেঙে৷ এতিয়া ময়ো লাগি গ'লোঁ৷ তিনিও একেলগে ভালেমান পৰ হেঁচুকিলোঁ৷ অথনি উপৰিভাগত পৰি থকা পাত চাফা কৰিছিলোঁ, এতিয়া তলফালৰ বালি৷ প্ৰণৱে দূৰৰ পৰাই ম'বাইল ফোনৰ কেমেৰাৰ সহায়ত তিনিওৰে স্নেপ ল'ব ধৰিলে৷

মজা লাগিল আচল জেগাত নামিব পাৰি৷ ডাউনষ্ট্ৰিমত অলপ আগতে গা ধোৱা স্থানলৈ ঘূৰি গৈ আকৌ এবাৰ নিজকে পখালি পেলালোঁ৷ আজি ইয়াত মুঠতে তিনিবাৰ পানী খেলা হ'ল৷ ঝৰ্ণাটোলৈ ভয় লাহে লাহে নোহোৱা হৈ গৈছে৷ আপোনযেন লাগিছে লাংচিথিঙক৷ প্ৰাকৃতিক পৰিৱেশটোৰ সৈতেও সুন্দৰভাৱে খাপ খাই পৰিছোঁ আমি৷ কাপোৰ-কানিকেইটা পিন্ধি থকাৰ সময়তে ভাত খাবৰ চমন আহিল অৰূপদাৰ পৰা৷ গা ধুলেই তেওঁ ভোকত ৰ'ব নোৱাৰা হয়৷ গতিকে খদমদম লগাইছে ভাত বাঢ়িবলৈ৷ প্ৰদীপদা আগ বাঢ়িছে আইটেমবোৰৰ ফালে৷ খাবলৈ লাংথেত পানী ভৰাই আছে ইংলেঙে৷ (ক্ৰমশঃ)

এঘাৰ.



বৰ তৃপ্তি লাগিল চুঙাত ৰন্ধা, জুইত সিজোৱা ভাতসাজ৷ অথনি আহোঁতে লংচ'কাংথু নাপাওঁতেই স্থানীয় মানুহ এঘৰত ইংতি 'আৰাক' বিচাৰি সোমাইছিল৷ বস্তু নাই৷ আধা বটলহে পালে৷ তাকে ২০ টকা দি কিনি অনা হৈছিল ৰংপি আৰু ইংলেঙৰ বাবে৷ আমাৰ এজনৰো নচলে৷ হ'লেও অৰূপদাই জানি-বুজিয়ে লগত যাবলগীয়া সম্ভাব্য লোকৰ কাৰণে কোৱাৰ্টাৰ চাইজৰ ভাল জাতৰ মদ এবটল কালি গধূলিয়ে সংগ্ৰহ কৰি থৈছিল৷ তাকে ভাত খোৱাৰ আগে আগে ইংলেং আৰু ৰংপিক মান হিচাপে আগ বঢ়োৱা হ'ল৷ উদ্দেশ্য সফলকাম হোৱাত এই দুজনে আমাক আজি যথেষ্ট পৰিমাণে সহায় কৰিছে৷ কথাত কথা ওলোৱাত অৰূপদাইতো কৈয়ে দিলে, 'একেলগে সিংহাসনলৈ যাম ওলাব' বুলি৷ বুজিবলৈ মোৰ অসুবিধা নাই হোৱা যে পৰ্বত খনবামনৰ পাছত তাৰ মানে তলে তলে নিজকে সিংহাসন পৰ্বতৰ বাবে দেহে-মনে তৈয়াৰ কৰিব লাগিব৷ নিশ্চিতভাৱে সেই যাত্ৰা অত্যন্ত কঠিন হ'ব৷ হ'লেও বাক্যটো শুনাৰ পাছতে বুজাব নোৱৰা বিধৰ আনন্দস্ৰোত এটা বব লাগিল মোৰ শৰীৰৰ ঊধৰ পৰা মূধলৈ৷ জীৱনকালত এবাৰ যাবই লাগে সিংহাসনৰ শীৰ্ষলৈ৷ আনৰ কি নাজানো, অৰূপদাৰ, মোৰ, এটা স্বপ্ন আছে৷ হৃদয়ক মাথো সাহসী কৰি তুলিব লাগিব৷

মনটো অতীতলৈ উৰা মাৰিলে৷ ৪ সংগী ক্ৰমে ক্ষুদ্ৰ বৰা, প্ৰসিদ্ধ নাৰায়ণ কোঁৱৰ, জোনাছিং তেৰাং আৰু মোহন শৰ্মাৰ সৈতে অৰূপদাৰ দেউতাক প্ৰয়াত বালিৰাম কলিতাই কোন কেতিয়াবাতে, ষাঠিৰ দশকৰ অগ্ৰভাগতে পাইছিলগৈ সিংহাসন পৰ্বত৷ অভিনন্দন গ্ৰন্থত তেখেতে তাৰ বিৱৰণী লিখি থৈ গৈছে৷ এইবোৰ হৈছে জীৱনৰ সঁচা গল্প৷ কৃত্ৰিম কিম্বা মুখৰোচক ৰচনা নহয়৷ দুৰ্গম জংঘলত নৈশ যাপন, গছৰ ডাল-পাতেৰে সাজি লোৱা শয্যাত শয়ন, বন্যহস্তী প্ৰভৃতি হিংস্ৰ জীৱ-জন্তুৰ ভয়ংকৰ আৰাও, বিষাক্ত কীটৰ দংশন, প্ৰচণ্ড বতাহ আৰু শীত, অসমৰ প্ৰথম ৰাজ্যপাল ছাৰ মহম্মদ চালেহ আকবৰ হাইদৰীৰ নাম-ফলক, উৰি থকা ভাৰতীয় ত্ৰিৰংগা, এয়াৰ ফিল্ড আদিৰ কথা পঢ়ি, আন আন মানুহৰ মুখতো সময়ে সময়ে শুনা পাই পাই ময়ো এই বিষয়ত কাহানিবাৰ পৰাই নথৈ উত্ৰাৱল হৈ আছোঁ৷

হাতত একো নথকাত ফুলাম গামোচা এখনকে গছৰ ডালেৰে পতাকাৰ দৰে উৰাই থৈ আহিছিল অৰূপদাৰ দেউতাকে৷ সেই সিংহাসন আজিৰ তাৰিখতো সহজগম্য হৈ উঠা নাই৷ 'বাপকা বেটা'জনে কথা প্ৰসংগত বিষয়টো উলিওৱাত মোৰ তেজত পিৰ্‌পিৰণি আৰম্ভ হ'লেই! ৰংপি আৰু ইংলেঙৰ মুখলৈ চাই আছোঁ, প্ৰত্যুত্তৰত কিনো কয় বুলি৷ 'হ'ব ছাৰ৷' আশাব্যঞ্জক উত্তৰ আহিল দুয়োৰে পৰা৷ ভাল লাগি গ'ল কিবা এটা৷ তাৰ মানে সিংহাসনলৈ যোৱাটো হ'বই হ'ব৷ আমাৰ উল্লাসভৰা গতি-প্ৰকৃতিলৈ চায়ে বোধ হয়, দুয়ো আকৌ মন্তব্য কৰিলে, 'আপোনালোকে পাৰিব ছাৰ৷'

২.৩০ বাজিছে৷ লাংচিথিঙৰ আৱৰ্তৰ পৰা ঘৰলৈ উভতিবৰ বেলি হ'ল৷ জেগা এৰাৰ আগে আগে ইংলেঙৰ প্ৰস্তাৱমৰ্মে চুঙাত উতলাই চাহ খালোঁ৷ ঠাইখণ্ডও লগে-ভাগে পৰিষ্কাৰ কৰি পেলােৱা হ'ল৷ অলপীয়া চাহপাত, নিমখ আৰু এমুঠিমান কেঁচা জলকীয়া ৰৈ গৈছিল৷ ৰংপিক দি দিলোঁ৷ তেওঁ আথে-বেথে 'জাম্বৰঙ'ত সুমুৱাই ল'লে৷ ওপৰঞ্চি ভাত কেইগৰাহমানো থাকি গৈছিল৷ কলপাতৰ ওপৰত ধুনীয়াকৈ সজাই ৰাখিলোঁ, পোক-পৰুৱাৰ নিমিত্তে৷ চমু আড্ডাত এই কথাত জোৰ দিয়া হ'ল যে অাহোঁতে সোমোৱা বাটটোৰে নগৈ আমি এতিয়া ছিং তেৰাং গাঁও হৈ ওলাই যাম৷ গাঁওখন সদ্যহতে জনশূন্য৷ তথাপি আহিছোঁ যেতিয়া একেবাৰতে পাক মাৰি যোৱাটো উচিত হ'ব৷ পথ-প্ৰদৰ্শকদ্বয়ে বিনাবাক্যব্যয়ে ইচ্ছাটোৰ প্ৰতি সঁহাৰি জনালে৷ অলপ পাছতে শাৰী পাতি ডেমটো পাৰ হৈ দলটো পুনৰ হাবিত সোমাই পৰিলোঁ৷ ঝৰ্ণাটোলৈ চাই মনে মনে ক'লোঁ, বিদায় লাংচিথিং, আকৌ আহিম৷

এইখিনিৰ পৰা আৰম্ভ হৈছে ঊৰ্ধ্বমুখীকৈ হাবিতলীয়া ঠেক বাট এটা৷ সোঁহাতলৈ গতি কৰি ক্ৰমে উঠি গৈ আছোঁ৷ ঝৰ্ণাৰ পানীৰ খল্‌খল্‌ শব্দটো ক্ৰমাৎ নিস্তেজ হৈ আহিছে৷ প্ৰণৱ মোৰ আগে আগে৷ বগা কলাফুলত লাগি অহা লিক্‌লিকীয়া ক'লা জোক দুটা মোৰ চকুত ধৰা পৰিল৷ ক'বই নোৱাৰে বেচেৰাই৷ বাতৰিটো জনালোঁহে, চালে ভয়ে ভয়ে৷ ঠাইতে ৰৈয়ো দিলে৷ কাষৰ জংঘল মহতিয়াই মই পাৰ হৈ গ'লোঁ৷ সন্মুখত ইংলেং৷ বাটত বিধি-পথালি দিয়া গছ-লতিকাবোৰ ঘপিয়াই গৈছে৷ পিছে কাটিবনো কিমান? বহুত দিন ধৰি এই বাটে মানুহৰ চলাচল নাই৷ আগতে গাঁওবাসীয়ে ঝৰ্ণাটোলৈ এনেকৈয়ে অহা-যোৱা কৰিছিল৷ এতিয়া জনপ্ৰাণীহীন নীৰৱ এলেকা৷ আনহাতে, নিৰ্জন স্থানত তম্বু তৰি নিশা কটােৱাৰ মজা এটা আছে৷ পূৰ্বৰ মিঠা আৰু জীৱন্ত অভিজ্ঞতাবোৰে এই কামটোৰ প্ৰতি মোক সততে প্ৰোৎসাহিত কৰে৷ লাংচিথিঙেও নকৰা নহয়৷ আজি ইয়াত থকাৰ কোনো প্ৰস্তুতিও নাই, সম্ভাৱনাও নাই৷ আগলৈ দেখা যাব কেতিয়াবা৷

মনক প্ৰবোধ দি খোজ মিলাই আছোঁ৷ ১০ মিনিটমান উঠাৰ পাছতে ঘৰ এটা ওলাল৷ চাংঘৰ৷ ইংলেঙে ক'লে, 'এইটো গাঁওবুঢ়াৰ ঘৰ আছিল৷ গাঁও এৰি গুচি যোৱা মানুহবোৰে সময়-সুবিধা বুজি এতিয়াও মাজে মাজে আহি ইয়াত থাকে, খেতি-বাতি কৰে৷' উৎসুকতাৰে ঘৰটো নিৰীক্ষণ কৰাৰ সমানে সমানে নিজৰ গায়ে-কাপোৰে লাগি অহা তেজপিয়াকেইটা আঁতৰাবলৈ প্ৰতিজনকে ব্যস্ত হৈ পৰা দেখা গ'ল৷ মোৰ পেণ্টৰ তলফালে খেলা কৰি থকা জোক এটা ৰংপিক দেখুৱালোঁ৷ দাখনৰ আগটোৰে হেঁচুকি হেঁচুকি মাটিলৈ নমাই তাক কাটি পেলালে৷ তাহানিতে এল. পি. স্কুলত সাহিত্যৰ পাঠত পাই অহা 'আবতুন্তৰুং' শব্দটো অৱলীলাক্ৰমে মোৰ জিভালৈ আহি গ'ল৷ অভিশাপগ্ৰস্ত আবতুন্তৰুঙেই ভৱিষ্যতলৈ জোক হৈ থাকি গ'ল৷ কাহিনীটোৰ শেষকথা তেনেকুৱা ধৰণৰে আছিল৷ সবিশেষ পাহৰিলোঁ৷ সাংগীতিক ধ্বনিৰ সেই বিশেষ শব্দটো মাজে মাজে কাণত বাজে৷ এই মুহূৰ্ততো তাকে ঘটিল৷

বাঁহৰ বেৰাৰ দীঘলীয়া চাংঘৰটো৷ ওপৰত দুচলীয়া টিনপাত৷ কাষতে সৰুকৈ অন্য এটাও আছে৷ চাংঘৰ নহয়৷ টিনপাতলৈ চাব নোৱাৰি৷ মামৰেই মামৰ৷ চাৰিবেৰৰো অৱস্থা কাহিল৷ ওখ ওখ পুৰণা গছ-গছনিয়ে চৌহদটো বেৰি ৰাখিছে৷ আম, কঁঠাল, তামোল ইত্যাদিলৈ চাই অনুমান কৰিব খুজিছোঁ এই বসতি দৰাচলতে কিমান পুৰণি৷ চোতালত মধুৰি এজোপা৷ মধুৰি লাগি আছে৷ ডঁহচীয়া ফলবোৰে মোক খা মোক খা কৰি আছে৷ হঠাতে মুখৰ আগলৈ অহা ভাবিব নোৱাৰা ধৰণৰ পৰিৱেশ এটা৷ দেখি আটাইৰে স্ফূৰ্তি লাগিল৷ প্ৰতিক্ৰিয়াস্বৰূপে স্বতঃস্ফূৰ্ত কিৰীলিবোৰ ওলালেই মুখৰ পৰা৷ মই উঠোঁ উঠোঁ বুলি চিন্তা কৰি আছিলোঁ৷ ৰংপি আগে-ভাগে গুৰিত ৰ'লগৈ৷ দা খন থ'লে৷ তাৰ পাছত ওপৰ পালেগৈ৷ সকলোৰে কাৰণে ছিঙাত লাগি গ'ল৷ প্ৰত্যেকৰে হাতে-মুখে এতিয়া কেৱল মধুৰি৷ বৰ সোৱাদ লাগিছে৷ 'হ'ব, হিচাপতকৈ বেছি পাৰিব নালাগে, নামি আহক' বুলি কোৱাত ৰংপি নামিল৷

থলীতে ৰৈ মধুৰি চোবাই চোবাই আলোচনা চলিছে৷ অতীজত ইয়াত এখন গাঁও আছিল৷ নাম আছিল ছিং তেৰাং গাঁও৷ বৰ্তমান নাই৷ গোষ্ঠীগত সংঘৰ্ষৰ ফলত মানুহবোৰ গুচি যাবলগীয়া হ'ল পৈত্ৰিক মাটি-ভেটি এৰি৷ কিয়যে এনে হয়! অতীজত কুকি জনগোষ্ঠীটোৰ লগত কাৰবিসকলৰ সম্পৰ্কচোন মধুৰেই আছিল৷ কাৰবি লোক-গীত লখি কেপ্লাঙত মানুহখিনিৰ মাজত থকা সৌহাৰ্দ্যতাৰ উল্লেখ আছে৷
কুকি চীন দাইপ (পেন)
টেৰণ ৰংছ
চাৰ্ণাম চেপিন্ত
ৰেবং কাঠি ৱেছ
ল লছি দ?
লাং কুলেং ছি দ
কুলেং আবি ছ
চুপী পাম ৰুফ্ৰ
গীতৰ কথাখিনিৰ অসমীয়া ভাবাৰ্থ এনে হ
টেৰণ ৰংছ
বৃদ্ধ লোক মিকিৰৰ
পৰিচয় চিনা-চিনি
কুকি-চীন মানুহৰ৷
কৰিছিল গুণ-গান
লখিমী জননীৰ৷

পৰিতাপৰ বিষয় যে ২০০৩-২০০৪ চনত পূৰ্বৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কত অনাকাংক্ষিত হাতোৰাৰ অদৃশ্য আঁচোৰ পৰিল৷ এই সন্দৰ্ভত তথ্য-বিজ্ঞ মহলে কয়, সংঘাতৰ মূল বীজ পৰ্বত খনবামনৰ মাটিৰ প্ৰতি কুকিসকলৰ ভৱিষ্যতৰ দৃষ্টিভংগী৷ পৰ্বত খনবামনৰ মাটিত তাৰ আগলৈকে কোনো কালেই এনে ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ সংঘটিত হোৱা নাছিল৷ ইফালে কাৰবি আৰু কুকি জনগোষ্ঠীৰ বসতি সম্পৰ্কে থকা A. J. Moffatt Millsৰ Report on the Province of Assam নামৰ অতি মূল্যৱান গ্ৰন্থখনত খনবামন, সিংহাসন অঞ্চলক Mekir Hill বুলিয়েই উল্লেখ কৰিছে৷ Mekir অৰ্থাৎ কাৰবি বসতিপ্ৰধান অঞ্চলটোত কুকিসকল অনিমন্ত্ৰিত, বহিৰাগত৷ কুকি জনগোষ্ঠী সম্পৰ্কে গ্ৰন্থখনত লিখিছে The Kukis are emigrated from Tipperah of North Cachar in the region of Kishen Chunder, Rajah of Cachar, employed them to wage war with Toolaram Senaputtee. কাৰবি আংলঙৰ কাৰবিসকলৰ দৃষ্টিত কুকি জনগোষ্ঠীটো ইয়াত খিলঞ্জীয়া নহয়৷ খিলঞ্জীয়াৰ ওপৰত বহিৰাগতৰ হেঁচা প্ৰয়োগ, ভাবুকি সৃষ্টিৰ ফলতে এদিন সংঘাত গুৰুতৰ হৈ পৰিছিল৷ সহনশীলতা আৰু সহাৱস্থানৰ বিপৰীতে ক্ৰিয়াশীল হৈ পৰা হিংসা-প্ৰতিহিংসাই উভয়ৰে বিস্তৰ ক্ষতি সাধন কৰি গল৷ উদাহৰণ আমাৰ সন্মুখত থকা চাংঘৰটো, এই গাঁওখন৷

বাৰ.



ছিং তেৰাং গাঁৱৰ পৰা ওলাই আহি লংচ'কাংথু সংযোগী ৰাস্তাটো পাবলৈ সময়েই নালাগিল৷ বৰ বেছি ২ মিনিট৷ দৃষ্টিনন্দন দৃশ্য এটা চকুৰ আগলৈ আহিল ৰাস্তাটোত উপস্থিত হোৱাৰ লগে লগে৷ অগা-পিছাকৈ শাৰী পাতি ৫ গৰাকী মহিলা৷ প্ৰত্যেকৰে পিঠিত একোটাকৈ হোৰা৷ এগৰাকীৰ কোলাত কেঁচুৱা এটিও আছে৷ মুখমণ্ডল দেখি চিনি পালোঁ, কাৰবি মহিলা৷ ক'লৈ যাব সোধাত ফাংচ' আৰং বুলি ক'লে৷ লংনিত বজাৰৰ পৰা খোজেৰে আহি আছে৷ অদৃষ্টক ধিয়াই এনেকৈয়ে অহা-যোৱা কৰে এই মানুহবোৰে৷ কি কাৰবি, কি কুকি, পদযাত্ৰাৰ গত্যন্তৰ নাই৷ সুচল ৰাস্তা, সুগম বাট-পথ আজিও নহ'ল৷ ইফালে স্বাধীনতাৰ এটা-দুটা নহয়, সত্তৰটাকৈ বৰ্ষপূৰ্তি পাতি অহা হ'ল৷ দুৰ্বিষহ দৈনন্দিন৷ অনিশ্চিত ভৱিষ্যৎ৷ সৰ্বদিশ শোচনীয় হ'লেও এনেকৈয়ে চলি আছে পাৰ্বত্য জনসাধাৰণৰ অনুপম জীৱন৷

দলটো সোঁহাতে আগুৱাইছে কেঁকুৰি এটাৰ ফালে৷ আমাৰ গন্তব্য বাঁৱে৷ ১৪ কিল'মিটাৰ যাব লাগিব লংচ'কাংথু পাবলৈ৷ ওভতনি যাত্ৰা আৰম্ভ কৰি দিলোঁ৷ বিপৰীতমুখী দুয়োটা দলৰ মাজত ব্যৱধান ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল৷ ১০ মিনিটমান খোজ দিয়াৰ পাছত ৰাস্তাৰ সোঁফালে আৰ.চি.চি. ঘৰ এটাৰ টিনপাতৰ অংশ এটা দৃষ্টিগোচৰ হ'ল৷ দেৱালৰ সামান্য বাদ দি বাকী সমস্তখিনিয়ে ঘন জংঘলৰ মেৰপেঁচত৷ কৌতূহলী দৃষ্টি বুলাই থাকোঁতেই উত্তৰ আহিল৷ 'সেইটো স্বাস্থ্য উপ-কেন্দ্ৰৰ ঘৰ৷ আজিও দৰজা মুকলি নহ'ল৷ নহ'বও কিজানি৷' ভুল সিদ্ধান্ত আৰু চৰকাৰী ধন অপচয়ৰ নমুনা ইয়াতকৈ বেলেগ কি লাগিছে?

আৰু অলপ আগুৱাওঁতে বাঁওহাতে বাঁহনিৰ তলেদি অথনি যাওঁতে আমি সোমোৱা শ্বৰ্টকাটটো দেখিলোঁ৷ লগে লগে চিনিও পালোঁ৷ ৩ বাজি গৈছে৷ সন্মুখত লাংচিথিং৷ জোতা-মোজা খুলি হাতত লৈ পাৰ হ'লোঁ৷ এইখনতে ভেটা মাৰি ডিফুলৈ পানী যোগান ধৰা হৈছে৷ আজি আমি নিজ চকুৰে দেখিলোঁ৷ সত্য আৰু শুদ্ধ কথাটো এতিয়া অন্ততঃ আনক ক'বগৈ পাৰিম৷ ভ্ৰমণ-দৰ্শনৰ স্মৃতিচিহ্ন হিচাপে, প্ৰমাণ স্বৰূপে বান্ধ থকা জেগাৰ পৰা শিলগুটি এটা বুটলি আনিবলৈকো পাহৰা নাই৷ সামান্য শিলগুটি যদিও মোৰ বাবে অসামান্য৷ ৰাক্‌চেকৰ নে'টত সোমাই আছে৷

অলপ পাছত লাংৰিকখন পালোঁ৷ জোতা-মোজা অথনিতেই খোলা৷ হাঁহি-ধেমালিৰে আটায়ে পাৰ হৈছোঁ৷ অাহোঁতে নৈখনৰ পাৰত জেকা ঠাই এডোখৰত পখিলা এগালমান বহি থকা অৱস্থাত পাইছিলোঁ৷ আছে নেকি চালোঁ৷ নাই, নেদেখিলোঁ৷ আগুৱাই থাকি আকৌ পালোঁ একেখন নৈকে৷ এইখন পাৰ হ'লে নক্‌জিৰ পাম৷ এবাৰ যাওঁতেই বাটটো মুখস্থ হৈ গৈছে৷ বাকীসকলে পাৰত বহি জোতা-মোজা খোলাত লাগিছে৷ খোজ কাঢ়োঁতে অসুবিধা হয় কাৰণে আগৰবাৰ পাৰ হোৱাৰ পাছতে পিন্ধি লৈছিলোঁ৷ ভাবিলোঁ, আকৌ খোলা-পিন্ধা কৰি থকাতকৈ বুদ্ধি এটা কৰিলে কেনে হয়? সন্মুখত প্ৰদীপদা৷ অনুৰোধৰ সুৰত ক'লোঁ, 'আপুনি মোক বোকোচাত তুলি পাৰ কৰি দিয়কনা৷ জোতা নোখোলোঁ আৰু...৷' 'ককায়েৰ থাকোঁতে কি চিন্তা কৰিছ?' এইবুলি প্ৰদীপদাই নিজৰ পিঠিৰ পৰা বেগটো আস্তেকৈ নমাই প্ৰণৱক দিলে৷ প্ৰদীপদা নিয়মিত জিম কৰা, সবল পেশীৰ বলী মানুহ৷ বয়স বাঢ়িলেও দম আছে৷ পাৰলৈ আহি মোক ক'লে, 'উঠ৷' মোৰ পিঠিত ইফালে ৰাক্‌চেক্‌টো আছেই৷ এহাতে মোনা এখনো আছে৷ মোনাত অৱশিষ্ট কল কেইটামান৷ নাৰিকল অৱশ্যে শেষ৷ ৰাকচেকত আমলখি কিছু আছে৷ বাটে বাটে প্ৰত্যেককে ইটোৰ পাছত সিটোকৈ চোবাবলৈ দি ওজন কমাই আহিছোঁ৷ ইংগিত পায়ে প্ৰদীপদাৰ পিঠিত জাঁপ মাৰি উঠি ল'লোঁ৷ মোক লৈ তেওঁ হাঁহি হাঁহি আগ বাঢ়িল৷ সিমূৰৰ পৰা অৰূপদাই ফটো তুলিব ধৰিলে৷ সুকলমে পাৰ পালোঁহি আমি৷ বচ, হৈ গ'ল৷ আৰু নৈ পাৰ হ'বলৈ নাই৷ ধন্যবাদ জনালোঁ প্ৰদীপদাক৷

লাংৰিকৰ গৰাটো উঠি আছোঁ৷ এইটো উঠিলেই নকজিৰ৷ ৰাস্তাৰ দাঁতিৰ মুকলি সেউজ-কোমল ঘাঁহনিত সকলোটি বহি পৰিলোঁ৷ কিযে শান্তি! আপদীয়া কুকুৰকেইটাও এতিয়া নাই যেনিবা৷ অপৰাহ্নৰ বেলিৰ ৰাঙলী আভাত নক্‌জিৰ বস্তিৰ ঘৰবোৰ উজলি উঠিছে৷ সুন্দৰ দৃশ্য৷ উপভোগ কৰিব ধৰিছোঁ৷ ইয়াত কিছু পৰ জিৰাই লওঁ বোলোঁতেই প্ৰদীপদাৰ চিনাকি মানুহ এজন ওলাল৷ কথা-বতৰা চলি আছে৷ আমাক দেখি গাঁওখনৰে কৌতূহলী অন্য দুই-এক চাপি আহিছে৷ সকলোকে আমলখি খুৱালোঁ৷ সময় সোধাত অৰূপদাই ক'লে, '৩ বাজি ৪০ মিনিট৷' অস্তাচলত সূৰ্যটো আগতকৈ নামি গ'ল৷ আমি ইয়াত অধিক সময় ব্যয় কৰা অনুচিত৷ আকৌ সাজু হ'লোঁ বেগ পিঠিত তুলি৷ খোজৰ গতি বঢ়াই দিয়া হৈছে যাতে আন্ধাৰৰ আগতে পিক্‌নিক্‌ স্পট পাওঁগৈ৷ পাহাৰৰ মাজত বেলি সোনকালে নেদেখা হয়৷ কথাটো জানো৷

উঠা-নমাকৈ একেৰাহে ৪০ মিনিট পদচালনাৰ অন্তত মংজাং পাৰ হ'লোঁ৷ বৰ আগ্ৰহেৰে আটায়ে পানী খাবলৈ বহিলোঁ যাওঁতে পাই যোৱা চৌবাচ্চাটোৰ দেৱালত৷ ফট্‌ফটীয়া পানী পেটটোৱে ধৰেমানে পি লোৱাৰ লগতে ঘৰলৈ লৈ যাওঁ বুলিও এবটল সংগ্ৰহ কৰি লৈছোঁ৷ পুনৰ খোজ আৰম্ভ৷ ক্ৰমান্বয়ে নামি আছোঁ৷ ইংলেং আগত৷ তেওঁৰ পাছত মই৷ অনুসৰণ কৰি ইটোৰ পাছত সিটোকৈ শ্বৰ্টকাট মাৰি আছোঁ৷ সংগীসকলৰ সৈতে দুয়োৰে এটা দূৰত্ব আহি গৈছে৷ সংযোগ ৰাখিবলৈ মাজে মাজে ৰৈ দিওঁ৷ হাতত লৈ থকা বেগটোৰ পৰা কল ছিঙি সকলোকে বিলাওঁ৷ আকৌ গৈ থাকোঁ৷

৪.৪৫ত ৱেইটিং শ্বে'ড পালোঁহি৷ চৌবাচ্চাৰ পানীৰে আজলি ভৰাই মুখমণ্ডল তিয়াইছোঁ৷ আৰু বেছি নাই বনভোজ থলীলৈ৷ আটায়ে একেলগে বহি ভাগৰ পলুৱাই লৈছোঁ৷ কথা পাতিছোঁ৷ প্ৰণৱে ক'বই নোৱাৰে, ডেমৰ পৰা উঠি আহোঁতে জোতাৰ ভিতৰেদি সোমাই ভৰিৰ আঙুলিৰ ফাঁকত জোকে বাৰুকৈয়ে দিলে৷ এতিয়া তাকে উলিয়াই ইস্‌-ইস্‌-আস্‌-আস্‌ কৰি আছে৷ কলকেইটা শেষ৷ চকলেটৰো যি আছিল বিলাই সমাপ্ত৷ এতিয়া যাব লাগে৷ পুনৰবাৰ ইংলেং একেবাৰে আগত৷ তেওঁৰ সৈতে মই৷ মাজে মাজে ইংলেঙে সোধে, 'শ্বৰ্টকাট পৰা যাবনে ছাৰ?' 'যাম' বুলি কোৱাৰ লগে লগে হাবি-জংঘল মহতিয়াই চুটি-চাপৰ মানুহটো আগুৱান হয়৷ লগ নেৰাকৈ গৈ আছোঁ৷ আন্ধাৰ নামি আহিছে৷ জলপ্ৰপাতৰ পৰা পানী পৰি থকাৰ দৰে চৰ্‌চৰ্‌ শব্দ এটা কাণত পৰিল৷ ইংলেঙে ক'লে, 'ৰিজাৰ্ভাৰ পৰা পানী অ'ভাৰফ্ল' হৈছে৷' কেঁকুৰি এটাত ভিতৰ সোমাই গৈ সিফালে চালোঁ৷ জংঘলৰ ভিতৰত জলধাৰা এটা৷ মধ্যাকৰ্ষণ বলৰ ফলত উৎসৰ পৰা আহি থকা লাংচিথিঙৰ পানী সেইখিনিতে ৰিজাৰ্ভাৰত পেলোৱা হৈছে৷ তাৰে অতিৰিক্ত পানীভাগ বাগৰি পৰি আছে৷ বাকীসকল অহাই নাই৷ শ্বৰ্টকাট নিচিনি মূল পথেৰে ঘূৰি ঘূৰি আহি থকাত দূৰত্ব বাঢ়ি গ'ল৷ হ'লেও চিন্তা কৰিবলগীয়া নাই৷ পকা ৰাস্তাটো এতিয়া সকলোৰে জ্ঞাত৷ তাতে ৰংপি আছেই তেওঁলোকৰ লগত৷

ইংলেং পাছ পৰিল৷ ৫ বাজি ১০ মিনিটত মই লংচ'কাংথু ইক'-টুৰিজম পাৰ্কৰ গে'টৰ মুখত উপস্থিত হ'লোঁ৷ হিচাপ কৰি দেখিলোঁ, ওভতনি যাত্ৰাত ২ ঘণ্টা ৪০ মিনিট লাগিল৷ যাওঁতে বেছি লাগিছিল৷ জীপচিখনৰ ওচৰ পালোঁহি৷ তাৰ সোঁফালে শিলত খুন্দিয়াই থকা লংলিতৰ জলস্ৰোতৰ লেথাৰি নিছিগা আৱাজে বিয়লি বেলাৰ পৰিৱেশটো কিবা ভৌতিক ভৌতিক যেন লগা কৰি তুলিছে৷ পাৰ্কিং এৰিয়াত মাত্ৰ ২খন কাৰহে দেখি আহিছোঁ৷ মানুহ প্ৰায় নাই৷ নথকাটোৱে স্বাভাৱিক৷

উল্লেখ্য যে ১৯৫১ চনৰ ১৭ নৱেম্বৰত অসমৰ ভূতপূৰ্ব মুখ্য মন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত গঠিত সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ নামৰ নতুন পাহাৰীয়া জিলাখনৰ স্থায়ী সদৰ স্থান নিৰ্বাচনৰ অৰ্থে তালিকাভুক্ত নামবোৰৰ ভিতৰত অন্যতম আছিল লংলিতৰ পাৰৰ এই শিলনী৷ মিকিৰ পাহাৰ জিলা পৰিষদৰ প্ৰথমজন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত খৰছিং তেৰাঙেও এই ঠাই সদৰ হিচাপে উপযুক্ত হ'ব বুলি যুক্তি দৰ্শাই প্ৰস্তাৱ উত্থাপন কৰিছিল৷ তেখেতৰ পৰামৰ্শ আৰু সৰ্বসাধাৰণৰ মতামতক অগ্ৰাহ্য কৰি ১৯৫৪ চনৰ জানুৱাৰী মাহত ডিফুত সদৰ পতা হয়৷ পাইপেৰে পানী কঢ়িওৱাৰ সিদ্ধান্ত হয়, প্ৰথমে শিলনী আৰু তাৰ পাছত আজি আমি দেখি অহা তেৰাং বস্তিৰ পৰা৷

প্ৰসংগক্ৰমে, সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাত ২৯.৫.১৯৫৫ তাৰিখৰ পৰা ৮.৫.১৯৫৭ তাৰিখলৈ কাৰ্যনিৰ্বাহ কৰা পঞ্চমগৰাকী উপায়ুক্ত জি. চি. ফুকন (আই.এ.এছ.)এ উনুকিয়াই গৈছে... 'Water supply in Diphu was a very big problem. The ring-wells went either dry or gave foul water. The State Public Health Engineer (he was not designated 'Chief' then) visited Diphu, surveyed and wanted to put up a deep tube well on the bed of the Diphu river. I felt that the scheme was bound to fail as there was no perennial sub-terranean stream there and the so-called sub-terranean stream found by him was really a sub-terranean pool. Instead, I suggested piping water from the Lungnit river, the nearest perennial water source. He differed. Nothing came out as long as I was there. On my transfer (and going to Simla) the engineer had his way. The deep tube well was put up. It came a flop very soon. Ultimately government, after six years, accepted the Lungnit scheme. By then the cost has gone up by about three times to Rs. 32 lakhs.'

আকৌ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিফু সংমণ্ডলৰ একালৰ কাৰ্যবাহী অভিযন্তা এন. কে. বৰঠাকুৰে ১৯৭৭ চনত লিখিছিল... 'For water supply to Diphu town the head quarters of the district, water is brought from the river Lungi, located at a distance of 33 KM from the town through a long distance pipeline laid through the most difficult hilly terrains, above the hills and below the rivers. Water is pumped from the river to the top of Siloni hills where it is treated and then it flows by gravity to the town. Recently one 9 lakh litres capacity RCC storage reservoir has been constructed at Diphu and the water works at Siloni has been electrified to cater from the increased demand of water due to increase of population of the town, which is growing very widely and rapidly. The Diphu water supply project which is the lifeline of Diphu town is executed at a cost of more than Rs. 80.00 lakhs.'

শিলনীত সদৰ পতা হ'লে এই মুহূৰ্তত ৰূপটো কেনে হ'লহেঁতেন সেয়া কল্পনা কৰা কঠিন৷ তথাপি চিন্তা কৰি চাইছোঁ৷ ভাবি পাইছোঁ যে অন্ততঃ পানীৰ সমস্যাটো নহ'লহেঁতেন৷ অকলে অকলে এনেকৈ ১০ মিনিটমান ৰোৱাৰ অন্তত দলৰ আন আন সদস্যসকল আহি পালে৷ অৰূপদা ড্ৰাইভিং চিটত বহিল৷ আহোঁতে বহাৰ দৰেই কাষত প্ৰদীপদা৷ আমি পাছত৷ গে'টত সম্ভ্ৰমসূচক মাত এষাৰ লগাই ডিফু অভিমুখে যাত্ৰা আৰম্ভ কৰা হ'ল৷ 'ৰংপি আৰু ইংলেং, লংনিত বজাৰত একেলগে চাহ খাম দেই৷' নৈখনৰ পাৰে পাৰে গাড়ী চলাই থাকোঁতেই অৰূপদাই প্ৰস্তাৱ দিলে৷ হোটেল এখনত চাহ-মিঠাইৰ পৰ্ব সামৰাৰ পাছতে বিশ্বস্ত মানুহ দুজনক বিদায় দিয়াৰ ক্ষণ আহিল৷ 'আকৌ লগ পাম৷ সিংহাসনলৈ যাম৷' মনৰ কথাটো শেষ মুহূৰ্তত বৰ উৎসাহেৰে দোহৰাৰ উপৰি ল'বলৈ অনিচ্ছা প্ৰকাশ কৰা সত্ত্বেও অৰূপদাই দুয়োকে দিনটোৰ মজুৰি হিচাপে কিবা এটা দিহে এৰিলে৷ পৰস্পৰ হাত মিলাই ডিফু অভিমুখী আমি এৰা-এৰি হ'লোঁ৷

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জীপচি দৌৰাই সোনকালেই মাঞ্জা সোমালোঁ৷ পাছৰ আধাঘণ্টাত ডিফু৷ ৬ বাজোঁ বাজোঁ৷ প্ৰদীপদাক পুলিচ ৰিজাৰ্ভত এৰি ঘৰৰ আগ পালোঁহি৷ মোক নমাই পৰৱৰ্তী নতুন যাত্ৰাৰ প্ৰতিশ্ৰুতিৰে অৰূপদা আৰু প্ৰণৱ গৃহাভিমুখে গ'লগৈ৷

পুচ্ছাংশ ঃ
ৰাতিয়েই হিচাপ-পত্ৰ কৰি আজৰি৷ দেনা-পাওনাৰ অংক ফোনে ফোনে আন ৩ সদস্যক জনোৱাও হৈ গ'ল৷ পিছদিনা গধূলি বাৰোৱাৰী পূজা মন্দিৰত লগ হৈ নগদ ৪৪০ টকা ঘূৰাই দিয়া হ'ল অৰূপদাক৷ তহবিল শূন্য৷ গাড়ী ভাড়া, তেলৰ খৰচ, মুৰ্গী আৰু বটলৰ দাম অৰূপদাই ইচ্ছাকৃতভাৱেই নল'লে৷ নিজমুখে সেয়া নালাগে বোলাত জমা-খৰচখনৰ ইতিৰেখা টানি দিয়া হ'ল৷ অন্বেষণ যাত্ৰাটোত মুঠ ব্যয় হ'লগৈ ১,২৮০ টকা৷ গাইপতি ৩২০ টকাকৈ পৰিল৷ (সমাপ্ত)



সহায়কাৰী গ্ৰন্থ ঃ
অসমৰ নদ-নদী, ডক্টৰ যোগেন্দ্ৰ নাথ শৰ্মা, অসম সাহিত্য সভা, যোৰহাট-১, প্ৰথম প্ৰকাশ, জানুৱাৰী ১৯৯৩
. কাৰবি আংলং জিলাৰ ভূগোল পৰিচয়, লংকাম টেৰণ, ষ্টুডেণ্টচ্‌ ষ্টৰচ্‌, গুৱাহাটী-১, দ্বাদশ সংস্কৰণ, ২০০৪
. কাৰবি জনগোষ্ঠী, লংকাম টেৰণ

. অবিসম্বাদী জননেতা খৰছিং তেৰাং, সংগ্ৰাহক লংকাম টেৰণ, প্ৰথম প্ৰকাশ ১৯৯৭, প্ৰকাশক শ্ৰী ৰতন ক্ৰ', ডিফু
. বৰলীয়াৰ পৰা কাৰ্বি পাহাৰলৈ, শ্ৰী বালিৰাম কলিতা অভিনন্দন গ্ৰন্থ, সম্পাদক ডক্টৰ গৰিমা কলিতা, ২০১৭
. Report on the Province of Assam, A. J. Moffatt Mills
৭. Silver Jubilee Souvenir, Karbi Anglong District Council, Diphu, 23rd June 1977. Edited by B. N. Bordoloi, MA, CTWA. Published by the Editorial Board, Silver Jubilee Souvenir on behalf of the Karbi Anglong District Council, Diphu.

তথ্যদাতা ঃ
হাৰছিং ইংতি, ফংলাংচ', ডিফু
লংকি ইংলেং, লংনিত
সত্যছিং ৰংপি, বৰজান
যুগান্তজ্যোতি চেলেং, ডিফু
পুলিন বৰা, ডিফু
থাংগা ফাইহৰিয়েম, মাঞ্জা

No comments:

Post a Comment