Tuesday, 6 November 2018

ডিলাই পৰ্বত বগালোঁ, চূণশিলৰ ভাণ্ডাৰ দেখিলোঁ
(দেৱালী আহিলেই মনত পৰে)

৷৷ এক ৷৷



Two roads diverged in a wood, and I—
I took the one less traveled by,
And that has made all the difference. ~Robert Frost

লংকাম টেৰণ ছাৰে ১৯৮০ চনত প্ৰণয়ন কৰা 'কাৰবি আংলং জিলাৰ ভূগোল পৰিচয়' নামৰ পাঠ্যপুথিত ভৌগোলিক সংজ্ঞা পাইছিলোঁ-- টিলাতকৈ ওখ-ডাঙৰ আৰু গছ-গছনি থকা শিলাময় ঠাইক পাহাৰ বোলে৷ যেনে- মহামায়া পাহাৰ, ডকমকা৷ ডকমকাৰ মহামায়া পাহাৰত বগোৱাৰ সৌভাগ্য হ'ল বেছ কিছু আগতেই৷ সুযোগ পাই অগা-পিছাকৈ দুবাৰ গ'লোঁ৷ সেই বিষয়ে পাছত৷ সদ্যহতে ডিলাই পৰ্বতৰ কথা কওঁ, কিয়নো, দেৱালী আহিলেই মোৰ চেৰেং চেৰেং মনত পৰে ডিলাই পৰ্বতলৈ৷

পুনৰ জেৰ টানিছোঁ টেৰণ ছাৰ প্ৰণীত পাঠ্যপুস্তকখনৰ৷ কিতাপখনত আৰু আছে-- অতি ওখ শিলাময় ঠাইক পৰ্বত বোলে৷ আকৌ আছে-- কোনো ঠাইৰ মাটিৰ তলত কোনো প্ৰাকৃতিক সম্পদ একেলগে জমা হৈ থকা ঠাইক খনি বোলে৷ প্ৰাথমিক বিদ্যালয়ত পঢ়া বয়সতে জানিবলৈ পাইছিলোঁ, কাৰবি আংলং জিলা (তেতিয়া মিকিৰ পাহাৰ)ৰ ডিলাই পৰ্বতত চূণশিলৰ খনি আছে৷ হাইস্কুলৰ মাজমানত জানিছিলোঁ, বোকাজানত প্ৰতিষ্ঠা কৰা বিলাতী মাটিৰ কাৰখানাত ডিলাই পৰ্বতৰ পৰা চূণশিলৰ যোগান ধৰা হয়৷

ডিফু-গোলাঘাট পথত থকা ডিলাইলৈ জিলা সদৰৰ পৰা দূৰত্ব বৰ বেছি নহয়৷ ৩৪ কিল'মিটাৰ মাত্ৰ৷ ডিলাই এখন পুৰণি উন্নত ঠাই৷ ইয়াৰ মাজেদিয়ে নগাঁও-ডিমাপুৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে৷ আন এটা গড়কাপ্তানি পথ সৰিয়হজানলৈ গৈছে৷ এই পথটো অতিক্ৰম কৰি বৈ গৈছে ডিলাই নৈ৷ ডিলাইত চৰকাৰী মজলীয়া আৰু প্ৰাদেশীকৃত উচ্চ ইংৰাজী বিদ্যালয়, গড়কাপ্তানি আৰু বন বিভাগৰ উপ-কাৰ্যালয়, ডাকঘৰ, উপ-আৰক্ষী চকী, ৰাজ্যিক চিকিৎসালয় আদি আছে৷ প্ৰতি শুক্ৰবাৰে ইয়াত এখন ডাঙৰ সাপ্তাহিক বজাৰ বহে৷ ইয়াৰ পৰা অলপ দূৰৈত অৱস্থিত চূণা পাহাৰত কয়লা আৰু চূণশিলৰ খনি আছে৷ ডিলাই কাৰবি আংলং জিলাত৷ ডিফু মহকুমাৰ অন্তৰ্গত৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ বৰজান সমষ্টিত পৰে৷

আমি সৰুৰে পৰাই ডিলাই পৰ্বতৰ নাম শুনি আহিছোঁ৷ দূৰৰ পৰা দেখা পাইছোঁ৷ সংখ্যাতীতবাৰ ডিলাই হৈ অহা-যোৱাও কৰিছোঁ৷ অথচ ডিলাই পৰ্বতৰ চূণশিল খনিলৈ কাহানিও যোৱাৰ অৱকাশ হোৱা নাছিল৷ অৱশেষত যোৱা ২৯.১০.২০১৬ত সৌভাগ্যই লগ দিলে৷ তাৰ ১০ দিনমানৰ আগতেই আমি কথা পাতি থৈছিলোঁ যে দীপাৱলীৰ দিনা সন্তানৰ স্কুল বন্ধ থাকিব৷ সেই বন্ধৰ সুযোগ লৈ উক্তদিনাই আমি দুয়ো মিলি এটা এড্‌ভেন্‌চাৰ কাৰ্যসূচী হাতত ল'ম৷ আমি দুয়ো মানে শ্ৰী প্ৰণৱজ্যােতি বৰা আৰু মই৷ শ্ৰী বৰা স্বাস্থ্য বিভাগৰ চাকৰিয়াল৷ তেওঁৰ কৰ্মস্থলী মোৰ মনটোৱে যাব বিচৰা ঠাইটুকুৰাতে৷ গতিকে সুবিধাজনক হ'ল৷ বয়সত সৰু-বৰ কথা নাই, মোৰ জীৱন পৰিক্ৰমাত এনে কিছুমান লোক আপোনা-আপুনি লগ পাই আহিছোঁ, যাৰ সংগত মোৰ ভ্ৰমণ-ক্ষুধা নিবাৰণ হৈ আহিছে৷ ভাবিলে ভাল লাগে, আচৰিতো লাগে৷

নিৰ্দিষ্ট দিনৰ পুৱা ৮.০০ বজাত শ্ৰী বৰাৰ হ'ণ্ডা এক্টিভাখনেৰে দুয়ো ওলালোঁ৷ মোক ঘৰৰ আগৰ পৰাই উঠাই ল'লে তেওঁ৷ আমোলাপট্টিত নতুনকৈ আৰম্ভ কৰা তেল ডিপ'টোত ২০০ টকাৰ পে'ট্ৰল ভৰাই ৩৫ মিনিটতে মাঞ্জা তিনিআলি পালোঁগৈ আমি৷ সোঁহাতে আগ বাঢ়ি ৯.২০ত ডিলাই৷ ৰাষ্ট্ৰীয় ঘাইপথৰ মাঞ্জা-ডিলাই অংশটো ঠায়ে ঠায়ে বেয়া হৈ পৰিছে৷ গাড়ী চলাবলৈ বৰ অসুবিধা৷ ভগা-ছিগাৰ ফাঁকে ফাঁকে আগুৱাইছে আমাৰ দুচকীয়া৷ ডিলাই তিনিআলিত এখন্তেক ৰোৱাৰ পাছত ৰাষ্ট্ৰীয় মাৰ্গ এৰি বাঁওহাতে সোমোৱা গড়কাপ্তানি পথেৰে যাত্ৰা পুনৰ আৰম্ভ হ'ল৷

এই ডিলাই-সৰিয়হজান পথটোতে আছে চিমেণ্ট কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড (চি.চি.আই.), বোকাজানৰ ডিলাই পৰ্বত লাইমষ্ট'ন মাইন্‌ছলৈ সোমাই যোৱা পথটো৷ বাঁওহাতে থকা ভগ্নপ্ৰায় পথটোৰ ওপৰেদি প্ৰকাণ্ড চাইনব'ৰ্ড এখন আহ-যাহ কৰোঁতে আমি দেখা পায়ে থাকোঁ৷ সেইবাটে সোমাই যোৱাহে হোৱা নাছিল কাহানিও৷ আজি দেৱালীৰ দিনা কিন্তু সৌভাগ্যই লগ দিলে৷

৷৷ দুই ৷৷



তিনিআলি সৃষ্টি হোৱা এই ঠাইটুকুৰাৰ নাম জিৰ' পইণ্ট৷ জিৰ' পইণ্ট পাই স্কুটীখনৰ চালক প্ৰণৱজ্যােতিক ৰখালোঁ৷ চাইনব'ৰ্ডখনৰ ফটো তুলি লোৱাৰ ইচ্ছা৷ বেগৰ পৰা কেমেৰাটো উলিয়াই কামফেৰা কৰি লোৱাৰ অন্তত স্কুটীয়ে আকৌ গতি ল'লে৷

আগলৈ ৰাস্তাটো ভাল নহয়৷ মেৰামতিৰ অভাৱত জহি-খহি গৈছে৷ ঠায়ে ঠায়ে দাঁত নিকটাই ৰোৱা শিলগুটিবোৰে যথেষ্ট অশান্তিৰ সৃষ্টি কৰিছে৷ আগ নিশা হোৱা বৰষুণজাকৰ পানীও জেগাই জেগাই জমা হৈ আছে৷ কেইটামান স্থানযে খুব বেয়াকৈ বোকাময়৷ প্ৰণৱে সাৱধানে চলাইছে৷ এঠাইত মই নামিয়েই দিলোঁ উপায় নাপাই৷ পথৰ দাঁতিত সেৰেঙা জনবসতি৷ সেইবোৰৰ মাজেৰেই দুয়ো অগ্ৰসৰ হৈছােঁ ডিলাই পৰ্বতলৈ৷ চিন্তা কৰিছোঁ, এইটো ৰাস্তাৰে কেনে দুৰ্ভোগ ভুগি মানুহবােৰ আহ-যাহ কৰে বাৰু! চূণশিল কঢ়িওৱা ডাম্পাৰবোৰো নিতৌ অহা-যোৱা কৰে৷ ৰাস্তাটো হ'লে ঠিক কৰি ল'ব পৰা নাই৷

আগত এখন গে'ট৷ লগতে ৰখীয়া থকা ঘৰ এটা৷ কাষতে চাইনব'ৰ্ড এখ্ন৷ এটা ৰাস্তা সোঁহাতে গুচি গৈছে৷ প্ৰণৱক সোধাত অক্‌-কেহাই আদি কাৰবি গাঁৱলৈ যায় বুলি ক'লে৷ তাৰ সিফালে জুলুকি বস্তি৷ সেইখন গাঁও নেপালী অধ্যুষিত৷ আৰু আগলৈ জাওলিয়ান, মুলখাং আদি কুকি গাঁও আছে৷ কুকি গাঁৱত থকাকৈ যোৱাৰ তাড়না এটাই তৎক্ষণাৎ লগ ল'লে যদিও সদ্যহতে আমি পোনে পােনেহে যাব লাগিব৷ ৰখীয়াক মাত এষাৰ দিলে প্ৰণৱে৷ চাকৰিৰ খাতিৰত তেওঁ আহি-গৈ থাকে৷ গতিকে ৰাস্তা চিনাত অসুবিধা নাই৷ কাকো সোধ-পোছ বা সমীহ কৰিবলগীয়াও নাই৷

পাক এটা লৈ ওপৰলৈ উঠি আছোঁ৷ আকৌ এখন চাইনব'ৰ্ড ওলাল৷ এইখন পঢ়ি জানিলোঁ যে ইয়াৰ পৰা আগলৈ পাম চিনিয়'ৰ মেনেজাৰ (মাইন্‌ছ)ৰ কাৰ্যালয়, টাইপ টু, থ্ৰি আৰু ফ'ৰ কোৱাৰ্টাৰ, চি.চি.আই. গে'ষ্ট হাউচ, মাইনিং এৰিয়া, হেল্‌থ চেণ্টাৰ, চি.আৰ.পি.এফ. কেম্প আৰু স্কুল৷ বাঁওপিনে হাতমেন ক'লনী৷ মেগাজিন এইচ.জি. কেম্প, এ' টাইপ কোৱাৰ্টাৰ, ৰাম তেৰাং গাঁও আদি ইতিমধ্যে পাছত এৰি থৈ আহিছোঁ৷

অকাই-পকাই উঠি আমি য'ত ৰ'লোঁহি তাতে পথৰ দাঁতিত বাঁওহাতে এটা মুকলি মঞ্চ৷ ইয়াত কিবা-কিবি পতা হয়৷ এলেকাটোত ওখ ওখ গছ-গছনি কিছু আছে৷ সোঁফালে অলপমান তললৈ চি.চি.আই. হেল্‌থ চেণ্টাৰ৷ হাবিতলীয়া বাটেৰে আহি আহি অৱশেষত এই জনপদ আৱিষ্কাৰ কৰিছোঁ৷ চহৰৰ চিৰাচৰিত ব্যস্ততাৰ পৰা নিলগত যেন বেলেগ এখন ৰাজ্য! এনেকুৱা অনুভৱ হ'ল৷

প্ৰণৱৰ হাতঘড়ী অনুযায়ী এতিয়া সময় পুৱা ৯.৫০৷ স্কুটীখন ষ্টেণ্ড কৰাৰ পাছত তেওঁক অনুসৰণ কৰি খটখটিৰে নামি স্বাস্থ্য কেন্দ্ৰটোৰ ভিতৰলৈ গহীনাই সোমাই গ'লোঁ৷ ফাৰ্মাচিষ্ট গোঁহাই আৰু ড্ৰেচাৰ শৰ্মা কোঠাৰ ভিতৰত বহি আছিল৷ প্ৰণৱে ধ্ৰুৱ শৰ্মাক আগদিনাই ফােনেৰে জনাই থৈছিল আমি আহিম বুলি৷ আমি মানে তেওঁ আৰু মই৷

কেন্দ্ৰটিত কৰ্মৰত আটাইৰে লগত প্ৰথমে পৰিচয় হৈ ল'লোঁ৷ ক্ষন্তেক বহি কথা-বতৰা পতা হ'ল৷ তাৰ পাছতে শৰ্মাই আমাক চূণশিল ভঙা যন্ত্ৰ, ট্ৰলী লাইন, খনিক্ষেত্ৰ ইত্যাদি দেখুৱাই অনাৰ প্ৰস্তাৱ দিলে৷ ঘৰৰ পৰা পিঠিত ওলোমাই নিয়া সৰু ৰাক্‌চেক্‌টো আৰু প্ৰণৱৰ হেলমেটটো তাতে টেবুলৰ ওপৰত ৰাখি থ'বলৈ ক'লে৷ পানীৰ বটল আৰু কেমেৰা হাতত লৈ তিনিও ক্ৰমান্বয়ে ওপৰলৈ বগাব ধৰিলোঁ৷

৷৷ তিনি ৷৷



চি.আৰ.পি.এফ.ৰ কেম্প, কেণ্টিন আদি সোঁহাতে এৰি আগলৈ তালাচী চকী৷ ইউনিফৰ্ম পিন্ধা ৰখীয়া সষ্টম বেশত ৰৈ আছে৷ সেইসকলৰ সৈতে থকা মুখ চিনাকিৰ সুবাদতে শৰ্মাই আমাক বাধাহীনভাৱে আগুৱাই লৈ গৈ থাকিল৷ 'আলহী ক'ৰ' বুলি গে'টত সুধিছিল৷ শৰ্মাই তপৰাই ক'লে-- 'ডিলাই হাস্পতালৰ পৰা আহিছে, মাইন চাবলৈ৷' উপস্থিত বুদ্ধিৰ ধৰণটো দেখি মোৰ হাঁহি নুঠাকৈ নাথাকিল৷ আমি ডিফুৰ পৰা গৈছোঁ, ডিলাই হাস্পতালৰ লগত সম্পৰ্কই নাই৷ হাঁহি সম্বৰণ কৰি ল'লোঁ কিবাকৈ৷ নহ'লে ডিলাই পৰ্বত বগাবলৈ নাপাম, চূণশিলৰ ভাণ্ডাৰোযে নেদেখিম!

চিকিউৰিটি গাৰ্ড এজনৰ শেনদৃষ্টি মোৰ হাতত থকা ডিজিটেল কেমেৰাটোত৷ লাহেকৈ জনালে-- 'ইয়াত ফটো তোলা নিষেধ৷ তুলিবলৈ হ'লে কৰ্তৃপক্ষৰ অনুমতি ল'ব লাগে৷' আনুগত্যৰ সুৰত অনুচ্ছ স্বৰত মই ক'লোঁ-- 'যদি নিষেধাজ্ঞা আছে তেন্তে কেমেৰাটো ইয়াতে থৈ যাওঁ৷ উভতি আহোঁতে লৈ ল'ম৷ অন্যথা লগত নিলেও য'ত নিষেধ তাত ফটো নোতোলােঁ বাৰু৷' এনেকৈ কথা দিয়াত তেওঁৰ চাগৈ বিশ্বাস জন্মিল৷ যাবলৈ অনুমতি দিলে৷ কেমেৰাটোও লগত নিবলৈ দিলে৷ শৰ্মা লগত থকা বাবেই এইটো সম্ভৱ হ'ল চাগৈ৷ সেউজ সংকেত পাই আমি উঠি গৈ থাকিলোঁ৷ মনত অপাৰ আনন্দ৷ লগতে প্ৰবল অনুসন্ধিৎসা৷

ধ্ৰুৱ শৰ্মাৰ তৎপৰতাত প্ৰথমেই পদাৰ্পণ কৰিলোঁ ট্ৰলী ল'ডিং এৰিয়াত৷ বোকাজানস্থিত চিমেণ্ট ফেক্টৰীৰ পৰা আৰম্ভ কৰি ইয়ালৈকে সজা ওখ ওখ টাৱাৰ কিছুমানৰ ওপৰেৰে ৰখা ব্যৱস্থাৰে ট্ৰলীবোৰ আহে৷ ডিলাই পৰ্বতৰ পৰা মেশ্বিনে তুলি দিয়া চূণশিল বুকুত ভৰাই পুনৰ ফেক্টৰীত সোমাইগৈ৷ দিনে-ৰাতিয়ে অবিৰাম চলি থাকে অহা-যোৱা৷ পকা ৰাস্তাৰে গোলাঘাট, যোৰহাটলৈ আহোঁতে-যাওঁতে মনত পৰা দিনৰে পৰাই আমি এইবোৰ প্ৰত্যক্ষ কৰি আহিছোঁ৷ পিছে প্ৰকৃততে কোনটুকুৰা ঠাইৰ পৰানো আহে, কেনেকৈনো পঠায়, তাকেহে অলপ আগলৈকে হৈ আছিল ৰহস্যৰ বিষয়৷ কৌতূহল পুঞ্জীভূত হৈ আছিল নজনাক জনাৰ, নোচোৱাক চোৱাৰ প্ৰতি আগ্ৰহ জন্ম হোৱাৰে পৰাই৷ আৰু আজি, এয়া যথাস্থান পাই গ'লোঁ৷ কথাটো ভাবিয়ে আনন্দ লাগিল৷ প্ৰণৱক মনে মনে এজাউৰি ধন্যবাদ দিলোঁ৷ কাৰণ মোৰ ইচ্ছাজনিত প্ৰস্তাৱ শুনি তেওঁ সন্মত হৈছিল৷ সেই যোগাত্মক সঁহাৰিৰে ফলাফল এয়া৷

সন্মুখত ট্ৰলীবোৰ৷ এই মুহূৰ্তত এখনো চলাচল কৰি থকা নাই৷ চৌপাশ শব্দহীন৷ বাকচবোৰ স্থিৰ৷ এনে অৱস্থাত সুযোগ পাই আমি বে'ল্টৰ তলে তলে সোমাই পৰিলোঁ আৰু ক'ত কি আছেনো ইচ্ছামতে নিৰীক্ষণ কৰিলোঁ৷ মন কৰিছোঁ, মেডিকেলৰ মানুহ হৈও শৰ্মাই টেকনিকেল কথাবোৰ বেচ কিছু জানে৷ ইফালে-সিফালে আঙুলি টোঁৱাই একাদিক্ৰমে তেওঁ বুজাই গৈ আছে, চূণশিল কোনফালেৰে সোমায়, কেনেকৈ ল'ডিং হয়, কেনেকৈ ওলাই যায়, ইত্যাদি ইত্যাদি৷ মনোযোগী ছাত্ৰৰ দৰে আমি শুনি গৈছোঁ৷ মাজে মাজে মুখলৈ চাইছোঁ৷ কিবাকিবি প্ৰশ্নও কৰিছোঁ৷ এনে লাগিছে, এয়া যেন আমাৰ এক শিক্ষামূলক ভ্ৰমণহে৷

ওপৰৰ পৰা তলফালৰ দৃশ্যাৱলী দেখাত সুন্দৰ৷ নিজকে কিবা উচ্চ শিখৰত উঠি থকা যেন লাগিছে৷ নামনিৰ দিশে বোকাজান অভিমুখে যোৱা ট্ৰলী লাইনটো পাৰ্বত্য বনাঞ্চলত সোমাই ক্ৰমাৎ নেদেখা হৈ পৰিছে৷ শুনামতে ইয়াৰ দৈৰ্ঘ্য ২৫ কিল'মিটাৰ৷ অতীজত বিদেশী ইঞ্জিনিয়াৰে সাজিছিল হেনো এইবোৰ৷ কাম সমাধা কৰোঁতে দুৰ্ঘটনাও নঘটা নহয়৷ টাৱাৰবোৰ এশৰীয়া যদিও ট্ৰলী অহা আৰু যোৱাৰ বাট সুকীয়া সুকীয়া৷ এফালেদি আহে, এফালেদি যায়৷ শীৰ্ষত থকা চকা চাৰিটাৰ সহায়ত ওপৰৰ চেপেটা ৰ'পৱে'ৰে বক্সবোৰ চলাচল কৰে৷ তলত থকা খাপটোত লোৰ এডাল ঘূৰণীয়া জৰী৷ শকত আৰু শক্তিশালী৷ কিবা যান্ত্ৰিক বিজুতিত ট্ৰলী বাগৰি পৰাৰ দৰে ঘটনাও নোহোৱাকৈ থকা নাই অৱশ্যে৷

বাকচবোৰ বৰ্তমান স্থবিৰ হৈ বাদুলি ওলোমাদি ওলমি ৰৈছে অৱস্থানবিশেষে৷ কাৰণ সোধাত ওপৰলৈ থকা ষ্ট'ন ক্ৰাছাৰ মেশ্বিনৰ চেইনত আহি পৰা বিসংগতিৰ বাবে কাম বন্ধ হৈ থকা বুলি জনৈক কৰ্মীয়ে জনালে৷ ঠিক কৰি আছে আৰু ঠিক কৰা হ'লেই পুনৰ চালু হ'ব বুলিও আশ্বাস দিলে৷ এনেকুৱা হৈয়েই থাকে হেনো৷ যি দেখিছোঁ, ইয়াত ব্যৱহৃত যন্ত্ৰপাতিসমূহ যথেষ্ট পুৰণা হৈছে৷ আধুনিকীকৰণৰ প্ৰয়োজন হৈ পৰিছে৷

ট্ৰলী চলিব চলিব বুলি ভাবনাত বুৰ গৈ আছিলোঁ৷ এনেকুৱাতে অনুমতি পাই নামনিৰ ফালৰ দৃশ্যকেইটামান কেমেৰাত বন্দী কৰি পেলালোঁ৷ অনুমতি নথকা বাবে ভিতৰৰ ফালে লেন্স পোনোৱাৰ পৰাই বিৰত থকা হ'ল৷ তাতে আকৌ এঠাইত দেখা পাই গ'লোঁ, ফটোগ্ৰাফী প্ৰহিবিটেড্‌ বুলি লিখা কঠোৰ জাননী এখন৷

৷৷ চাৰি ৷৷



১৯৭৭ চনত বোকাজান বিলাতী মাটিৰ কাৰখানাৰ উৎপাদন আৰম্ভ হৈছিল৷ কাৰখানাটোৰ পৰা প্ৰায় ৩৫ কিল'মিটাৰ পথ দূৰত্বত অৱস্থিত এয়া ডিলাই পৰ্বতৰ চূণশিলৰ ভাণ্ডাৰ৷ ৰছী পৰিৱহণ ব্যৱস্থাৰে আজিৰ তাৰিখতো কঢ়িয়াই থকা হৈছে চিমেণ্ট উৎপাদনৰ বাবে প্ৰয়োজনীয় এইবিধ উপাদান৷ আনহাতে ডাম্পাৰৰ সহায়তো ইয়াৰ পৰা বোকাজানলৈ চূণশিল সৰৱৰাহ কৰা হয়৷ আমি আহোঁতে বাটত ডাম্পাৰ পাই আহিছোঁ৷

চিৰি বগাই বগাই আৰোহণ কৰি আছোঁ৷ এঠাইৰ পৰা ধূলিৰ ধোঁৱা কিছুমান ওলাই আছে৷ সৌটো কি? কৌতূহলেৰে চালোঁগৈ৷ ভিতৰত সশব্দে এলিভেটৰ চলি আছে৷ তলৰ পৰা চূণশিলবোৰ এলিভেটৰৰ সহায়ত উচ্চতালৈ তুলি নিয়া হয়৷ তাৰ পৰা ল'ডিং পইণ্টত পৰেগৈ৷ শৰ্মাই চূণশিলৰ টুকুৰা কেইটামান ফ্ল'ৰৰ ওপৰত ৰাখিলে৷ চলমান এলিভেটৰে মুহূৰ্ততে সেইকেইটা নি কোনোবা ধুবুৰী পোৱালেগৈ!

আৰু এখোপ উঠি গৈ পালোঁ ক্ৰাছাৰ মেশ্বিনটো৷ চেইন নামি যোৱাত শিল ভঙা কামটোত যতি পৰিছে৷ দুজন কৰ্মচাৰী, টেকনিচিয়ানে চেষ্টা চলাই আছে বেমাৰটো যথাশীঘ্ৰে ভাল কৰিবলৈ৷ ওপৰত ডেলিভাৰী পইণ্ট৷ সেই ফালৰ ওখ দেৱালখনত দুটা গোল গোল ফুটা৷ দুয়োটা ফুটাৰে দুজন লোকে তললৈ জুপি চাই আছে৷ মুখমণ্ডলত 'কি হ'লনো' ভাব৷ মেশ্বিনৰ মস্ত মস্ত চকাকেইটা ঘৰ্‌ঘৰ্‌ শব্দ কৰি এতিয়াও ঘূৰিয়েই আছে৷ শৰ্মাই মেশ্বিনবোৰৰ কৰ্মপদ্ধতি সুন্দৰকৈ ব্যাখ্যা কৰি গ'ল৷ যেন মেডিকেলৰ মানুহ নহয়, টেকন'ক্ৰেটহে! ৰাণিং কমেণ্টেৰী সলসলীয়াকৈ দি যাব পাৰিছে৷ কথা প্ৰসংগত গম পালোঁ, ইয়াত মানুহজনৰ এবছৰ-দুবছৰ নহয়, একে লেথাৰিয়ে সুদীৰ্ঘ ১৩ বছৰ পাৰ হৈছে৷ এলা-পেচা কথানে? কম অভিজ্ঞতানে? গতিকে দেখি দেখিয়ে অভ্যস্ত হৈ পৰাটো তেনেই স্বাভাৱিক৷ কাজেই এলেকাটো পৰিভ্ৰমণ কৰোৱাত তেৱেঁই আগ্ৰহেৰে আগ-ভাগ লৈ আমাক ঘূৰাই ফুৰিছে অ'ৰ পৰা ত'লৈ৷ যেন সক্ৰিয় টুৰিষ্ট গাইডহে! মোৰো ভাল লাগিছে উৎসাহী আৰু জনা লোকজনক কাষত পাই৷

বাহিৰৰ ফালে ডাম্পাৰ এখ্ন ৰৈ আছে৷ এইটো ডেলিভাৰী পইণ্ট৷ এনেকুৱা গাড়ীবোৰে কঢ়িয়াই অনা বিভিন্ন আকাৰৰ চূণশিলবোৰ ইয়াত বাকি দিয়া হয়৷ ভাইব্ৰেচনৰ ফলত সেইবোৰ ধীৰে ধীৰে তললৈ বহি গৈ থাকে৷ ক্ৰাছাৰ মেশ্বিনে ভাঙি গৈ থাকে৷ এতিয়া মেশ্বিন স্তব্ধ হোৱাত গাড়ীবোৰ যেনে আছিল তেনেভাৱে ৰৈ গ'ল৷ আনহাতে আগেয়ে ঢালি থোৱা চূণশিলৰ দ'মটো লাহে লাহে তললৈ গৈ থকাৰ উমান পালোঁ মাজে মাজে নিৰ্গত হোৱা শব্দৰ পৰা৷ ল'ড লৈ অাহি পোৱা ডাম্পাৰকেইখনমান যেনি-তেনি অপেক্ষমান অৱস্থাত দেখা গৈছে৷ এখন ওলালে আনখন সোমোৱা নিয়ম৷

সময় ব্যয় নকৰি আমি মাইনিং ফিল্ড চাবলৈ ওলালোঁ৷ তাৰ বাবে পদব্ৰজে কিছু আগলৈ যাব লাগিব৷ এতিয়া ৰ'দ যদিও যোৱা নিশা বৰষুণ পৰাৰ ফলত ৰাস্তাৰ অৱস্থা কাহিল৷ পোনে পোনে যাব নোৱাৰি৷ আমি বুদ্ধি খটুৱাই সেইছোৱা অতিক্ৰম কৰিব ধৰিলোঁ পেলাই ৰখা চূণশিলৰ দ'মবোৰৰ ওপৰে ওপৰে, দুপিয়াই দুপিয়াই৷ অৱশ্যে এসময়ত ৰাস্তাটোলৈ নামিবলগীয়া হ'ল৷ আকৌ ঠায়ে ঠায়ে বোকা৷ উপায় নাই৷ মনৰ আশা পূৰণ হ'বলৈ হ'লে অলপ-চলপ বোকা খচকিবই লাগিব৷ এনেকৈ আগ বাঢ়ি এসময়ত প্ৰৱেশ কৰিলোঁহি ডিলাই পৰ্বতৰ সেউজীয়া অৰণ্যত৷

সন্মুখত মস্ত গে'ট এখন৷ পাৰ হৈ ট্ৰাক এখন ৰৈ আছে৷ জংঘলত গছ কটাৰ শব্দ৷ চি.আৰ.পি.এফ.ৰ জোৱানে খৰি কাটি আছে৷ মুখবোৰ শৰ্মাৰ চিনাকি কিজানি৷ তেওঁ নিঃসংকোচে মাত লগালে৷ নিৰাপত্তাৰ খাতিৰতে চাগৈ, আমাক লৈ সিফালৰ পৰা প্ৰশ্ন এটা-দুটা নোহােৱাকৈ নাথাকিল৷ ডিলাই হাস্পতালৰ পৰা খনি চাবলৈ আহিছে বুলি জনালে শৰ্মাই৷ আকৌ একে উত্তৰ৷ আকৌ এবাৰ হঁহাৰ পাল৷ তাৰ পাছত আৰু কথা নাই৷ কান্ধত বন্দুক লৈ বিপৰীত ফালৰ পৰা আহি থকা জোৱানেও প্ৰণৱ আৰু মোলৈ চাই হাঁহি মাৰি সম্ভাষণ বিনিময় কৰি গ'ল৷ আমিও সোঁহাতেৰে কপাল চুই অভিবাদন জনালোঁ, জয়হিন্দ বুলি৷ পদব্ৰজে, বীৰদৰ্পে তিনিও আগ বাঢ়ি থাকিলোঁ ক্ৰমান্বয়ে ওপৰলৈ৷

৷৷ পাঁচ ৷৷



মাইনিং ফিল্ড পালোঁহি৷ এক্সেভেটৰৰ সহায়ত ইয়াত চূণশিলৰ খনন চলোৱা হয়৷ মেশ্বিন বন্ধ হোৱাত এই সময়ত ডাম্পাৰবোৰ অহা নাই৷ সেয়ে এক্সেভেটৰো কাৰ্যহীন হৈ যথাস্থানতে ৰৈ আছে৷ বৃহৎ এলেকাজুৰি ইতিমধ্যে খনন কাৰ্য চলোৱা হৈছে৷ দেখিলে বুজা যায়, কোনোবা কোনোবাফালে এসময়ত কাটিং চলিছিল৷ পাছত এৰি দিয়া হৈছে৷ সেইবাবে নকৈ গছ-গছনি গজি উঠি পুনৰ আগৰ ৰূপ লৈছে৷

মুকলি, খলা-বমা ঠাই এছোৱা পালোঁ৷ গছ-বন এডালো দেখিবলৈ নাই৷ তাৰ মাজে মাজে অকাই-পকাই ডাম্পাৰ অহা-যোৱা কৰা ৰাস্তা৷ আমি গৈ থকা মাটিৰ ৰাস্তাটো ওপৰলৈ উঠি কেঁকুৰি এটাত অদৃশ্য হৈ পৰিছে৷ উত্তৰ দিশে বিস্তৃত এলেকা৷ আদিগন্ত দৃশ্যমান হৈ থকা সেইফালেই সুদূৰত ডিমাপুৰৰ অৱস্থান বুলি গম পালোঁ শৰ্মাৰ মুখৰ পৰা৷ চাই পঠিয়ালোঁ যদিও ভালকৈ একোকে ধৰিব পৰা নাই৷

গুণাগুণৰ দিশত মেঘালয়ৰ চূণশিল হেনো ভাৰতবৰ্ষৰ ভিতৰতে উত্তম মানৰ৷ টেলিভিছনত দেখা ষ্টাৰ চিমেণ্টৰ বিজ্ঞাপনত এনে ভাষ্য শুনি আহিছোঁ৷ সঁচা-মিছা নাজানো৷ সম্প্ৰতি আমাৰ আগ্ৰহ ডিলাই পৰ্বতৰ চূণশিল ভাণ্ডাৰৰ প্ৰতিহে৷ কাৰণ, সৰুৰে পৰা ইমানটো হ'লোঁহি, আজিলৈ দেখাকে নাই উক্ত ঠাই৷ বিপৰীতে, গুণাগুণ বিচাৰ-বিশ্লেষণ কৰিবলৈ বিজ্ঞানী কিম্বা গৱেষক এজনো নহওঁ৷ অৱশ্যে এই চূণশিলেৰে তৈয়াৰী বোকাজান চিমেণ্ট প্লেণ্টৰ অৰ্ডিনেৰী প'ৰ্টলেণ্ড চিমেণ্ট ভাল বুলি মুখে মুখে নুশুনা নহওঁ৷ ফেক্টৰীটোত অ'.পি.চি. ৩৩ আৰু অ'.পি.চি. ৪৩ গ্ৰেডৰ বিলাতী মাটি উৎপাদন কৰা হয়৷ ডিফুত তাহানিখন আমাৰ ঘৰটো সাজোঁতে বোকাজানৰ চিমেণ্ট ব্যৱহাৰ কৰা হৈছিল বুলি দেউতাহঁতে মানুহৰ আগত কৈ অহা মনত পৰে৷

এইবাটে গৈ থাকি মূৰলৈ পুনৰ সেউজ অৰণ্যানি দেখা গ'ল৷ শেষত ওলাল কেঁচা ৰাস্তা এটা৷ অৰণ্য পথেৰে শৰ্মাই আমাক সেইফালেই লৈ যাব ধৰিলে৷ পথটো ক্ৰমান্বয়ে নিম্নগামী গৈছে৷ বুজিলোঁ, তাৰ মানে আমি এতিয়া ডিলাই পৰ্বতৰ আনটো ঢালত৷ তললৈ নামি আছোঁ৷ ঘূৰি-পকি গৈ থাকি বাঁওহাতে জংঘলত লুকাই পৰা অন্য এটা কেঁচা ৰাস্তা দেখিলোঁ৷ শৰ্মাই বুজাই গ'ল৷ সেইফালে ৩ নং বস্তি৷ সেয়া নেপালী গাঁও৷ তেওঁ আগতে তাতে আছিল হেনো৷ উগ্ৰপন্থীৰ চিঠি আৰু ধন দাবীৰ প্ৰকোপত পলায়ুৰ্ধং হ'বলৈ বাধ্য হ'ল৷ বস্তি এৰি গুচি আহি তেতিয়াৰে পৰাই মাইন্‌ছৰ কোৱাৰ্টাৰত থিতাপি ল'লে৷ চি.আৰ.পি.এফ.ৰ দ্বাৰা অনৱৰতে পহৰাৰত আৱাসিক এলেকাটো নিৰাপদ৷ 'এতিয়া সেয়াই মোৰ ঘৰ, সেয়াই গৃহস্থী, সেয়াই নেপাল, সেয়াই সকলো৷' শৰ্মাই খোলাখুলিকৈ ব্যক্ত কৰি গ'ল, খোজৰ তালে তালে৷

মাজতে আমি দুখনকৈ ৱে' ব্ৰীজ পালোঁ৷ ডাম্পাৰবোৰে কিমান ওজন কঢ়িয়াইছে তাৰ হিচাপ জানিবলৈকে এইবোৰ পতা হৈছিল৷ পিছে মামৰৰ যিহে প্ৰকোপ! এতিয়া এখনো কাৰ্যক্ষম হৈ থকা যেন লগা নাই৷ অন্ততঃ প্ৰথম দৃষ্টিত এইদৰেই ধাৰণা হ'ল৷ সংলগ্ন ঘৰকেইটাৰ অৱস্থাও তথৈবচ৷ সকলো যেন এৰাবাৰী! তেনেহ'লে এই জোখ-মাখবোৰ ক'ত কৰা হয়? অৱধাৰিতভাৱে প্ৰশ্নটোৱে খূদুৱনিৰ সৃষ্টি কৰিলে৷ উত্তৰ বিচাৰি নাপালোঁ৷

খোজ কাঢ়ি কাঢ়ি এ'ণ্ড ব্লক পালোঁহি৷ এ'ণ্ড ব্লক মানে চূণশিল ক্ষেত্ৰৰ উত্তৰ দিশৰ অন্তিম মূৰ৷ পূৰ্বতে ইয়াতেই খনন কাৰ্য চলিছিল৷ পাহাৰৰ ওপৰৰ পৰা কোনোবা জনপদৰ টিনপাতৰ চালি দিয়া ঘৰ দুটামান ৰিণিকি ৰিণিকি দেখা পাইছোঁ৷ সেয়া জিলিকি বস্তি৷ আগলৈ অক-কেহাই৷ জিলিকি বস্তিৰ বহু আগলৈ লক্ষ্য কৰি পশ্চিমফালৰ পৰ্বতৰ ওপৰলৈ আঙুলিয়াই শৰ্মাই বুজালে, 'সেইফালে জাওলিয়ান৷ তাৰ ওপৰলৈ মুলখাং৷ সেইবোৰ কুকি অধ্যুষিত এলেকা৷ জিলিকি বস্তি নেপালী আৰু অক-কেহাই কাৰবি বসতিপ্ৰধান৷ সেইফালে গৈ থাকিলে খনবামন পাহাৰ পাবগৈ৷' নাম শুনামাত্ৰক মোৰ মনটোৱে উৰা মাৰিলেই৷ ভাবি থৈছোঁ, পাছত এবাৰ কুকি বস্তিলৈ যাম৷ এৰাতি থাকিম৷ মানুহবোৰৰ জীৱন-প্ৰণালী চাম৷ পৰ্বতৰ আদা আনিম৷

এ'ণ্ড ব্লকত উপস্থিত হৈ যিটো বস্তুৱে আশ্চৰ্যচকিত কৰি তুলিলে সেয়া হ'ল, এটা সৰোবৰ! সঁচাই অবিশ্বাস্য৷ ডিলাই পৰ্বতৰ ওপৰত, অৰণ্যৰ মাজত হঠাতে দৃশ্যমান হৈ পৰা জলাশয় আৰু ইয়াৰ সৌন্দৰ্যময়ী ৰূপসুধাই একে সময়তে বিমুগ্ধ তথা আচৰিত কৰি তুলিলে প্ৰণৱ আৰু মোক৷ চূণশিলৰ বাবে আৰ্থ কাটিং কৰোঁতে এই নাতিবৃহৎ হ্ৰদটোৰ সৃষ্টি হৈছে৷ কথাটো অতি সহজেই ধৰিব পাৰি৷ পানীত সেউজ আস্তৰণ, স্ফটিকস্বচ্ছ, আকৰ্ষণীয়৷ চূণশিলে পানী ফট্‌ফটীয়া কৰে৷ দৃষ্টিনন্দন হ্ৰদটোৰ চৌপাশৰ দৃশ্য চাই আপ্লুত হ'লোঁ৷ ইমান দূৰ পদচালনাৰ দুখ-ভাগৰ যেন নিমিষতে কৰ্পূৰৰ দৰে উৰি গ'ল! পাৰত কিছু সময় শান্তিৰে বহিলোঁ, চৌপাশ পৰ্যবেক্ষণ কৰোঁ বুলি৷

বহি থাকোঁতেই মনলৈ আহিল, ডিলাই-সৰিয়হজান পথত আমি এৰি অহা জিৰ' পইণ্টৰ পৰা আৰম্ভ কৰি চূণশিল ক্ষেত্ৰৰ মাজেদি এইখিনিলৈকে, এটা দেখোন ভাল ট্ৰেকিং ৰুটেই হ'ব পাৰে! লগত যোগ দিব পাৰি কাৰবি গাঁও, নেপালী গাওঁ, কুকি গাঁৱৰ সঁচাৰূপ দৰ্শন৷ তদুপৰি উক্ত গাঁওকেইখনত পৰম্পৰাগত গৃহত হ'মষ্টে'ৰ ব্যৱস্থা কৰিব পাৰিলে পৰ্যটন ক্ষেত্ৰই হৈ পৰিলেহেঁতেন ডিলাই পৰ্বত৷ এই লে'কটোৰ ধুনীয়া নাম এটা দি সংৰক্ষণ কৰিব পাৰিলে আৰু এটা ভাল কাম হ'লহেঁতেন৷ তথাকথিত ট্যুৰ অ'পাৰেটৰে ঢুকি নোপোৱা আমাৰ এই ঘোঁকট ঠাইবোৰলৈ পৰ্যটকৰ আগমন ঘটিবনে নাই নাজানো, পৰৱৰ্তী কোনোবা দিনত নিজেযে কুকি বস্তিৰ চাঙত এৰাতি হ'লেও কটামগৈ তাৰ বাবে কিন্তু মন বান্ধি থ'লোঁ, এতিয়াই৷ কথাষাৰ ভবাৰ লগে লগে আমাৰ ঘৰৰ পাছফালে থকা থাড'ভেঙৰ বাসিন্দা মাংপু, চাচাংহঁতৰ চিনাকি মুখবোৰ মোৰ মানসপটত এখনৰ পাছত এখনকৈ উজলি উঠিল৷ উক্ত ভ্ৰমণ-বিলাস নিবৃত্তিৰ বাবে ইহঁতকেইটাক মোৰ সংগী হিচাপে বিচাৰিম৷ আশা কৰোঁ সঁহাৰি পাম৷

৷৷ ছয় ৷৷



১১.৪০ বজাত অজ্ঞাতনামী হ্ৰদটোৰ চৌপাশৰ পৰা আৰম্ভ হ'ল আমাৰ ওভতনি যাত্ৰা৷ তেনেকুৱাতে এপাল গৰু-গাই, চেঁউৰি-দমৰাৰে সৈতে এহাল মানুহ ওলালহি জিলিকি বস্তিৰ ফালৰ পৰা৷ শৰ্মাৰ চিনাকি নেপালী মানুহ৷ কৃষি আৰু গো-পালনেই তেওঁলোকৰ জীৱিকা বুলি ক'লে৷ তাৰ মানে সেইটো বস্তিলৈ গ'লে গাখীৰ-ঘিউ, শাক-পাচলিৰ চিন্তা নাই৷ সামান্য কথা-বতৰাৰ পাছত তেওঁলোকক এৰি থৈ আমি খৰখোজে অগ্ৰগামী হ'লোঁ৷ শাৰী পাতি ধূলি উৰুৱাই আহি থকা গৰুৰ জাকটোৱে পাহাৰৰ মাজত জনসমুদ্ৰৰ পৰা শতযোজন নিলগত সুন্দৰ দৃশ্য এটা উপহাৰ দি গ'ল৷ ঠিক যেন চিনেমাৰ দৰেই এটা চিকুৱেন্স যি পুৰণি দিনৰ পাহৰিব নোৱাৰা মুহূৰ্ত কিছুমানলৈ মনত পেলাই দিলে৷

এঘণ্টা ধৰি একেৰাহে খোজ কঢ়াৰ অন্তত হেল্‌থ চেণ্টাৰৰ ওচৰ চাপিলোঁহি৷ সন্ধান চলিল শ্ৰীমতী অলকা দৈমাৰী নামৰ আশাকৰ্মী এগৰাকীৰ৷ তেওঁ প্ৰণৱৰ চিনাকি, হেল্‌থ কেম্পৰ সহকৰ্মী৷ শৰ্মাই ডিলাই পৰ্বতৰে কৰ্মচাৰী এজনক কোৱাৰ্টাৰটো আমাক দেখুৱাই দিবৰ বাবে লগ লগাই দিলে৷ ডিউটিৰ তাগিদাত নিজে স্বাস্থ্য কেন্দ্ৰ অভিমুখী হ'ল৷ নতুন মানুহজনে আমাক ঘূৰাই-পকাই নি নিৰ্দিষ্ট জেগা পোৱালেগৈ৷ চি.চি.আই. ক'লনীত থকা বাসগৃহত বহিলোঁ৷ প্ৰাৰম্ভিক সোধ-পোছৰ পাছতে আথে-বেথে আপ্যায়ন কৰোৱালে নেমুৰ চৰবত৷ ভাগৰ লগা নাছিল যদিও পিয়াহ হ'লে লাগিছিল৷ তৃষ্ণাতুৰ অৱস্থাত চৰবত দুগিলাচে যেন সঞ্জীৱনীৰহে কাম কৰিলে! বৰ ভাল লাগিল৷ মহিলাগৰাকীয়ে ভাত খাই যাবলৈ বৰকৈ ধৰিছিল যদিও সময়ৰ অজুহাতত আমি সৰহপৰ নবহি বিদায় মাগিলোঁ৷ তেওঁৰ মুখৰ পৰাই গম পালোঁ যে অলপ আগলৈকে ট্ৰলী চলি আছিল৷ ঘৰ-ঘৰ শব্দটো এতিয়া আকৌ বন্ধ হ'ল৷ আকৌবা কি কেজেং লাগিল!

হেল্‌থ চেণ্টাৰত কিছু ক্ষণ কটাই সকলোকে মাতবোল লগাই পিঠিত পুনৰ ৰাক্‌চেক্‌টো তুলি লৈছোঁ৷ ঘড়ীত ১ বাজি ২০ মিনিট৷ প্ৰণৱে স্কুটী ষ্টাৰ্ট দিলে৷ জীৱনৰ সুদীৰ্ঘ সময়জোৰা এক কৌতূহল নিৰসনৰ পাছত ডিফুমুখী যাত্ৰা আৰম্ভ হৈ গ'ল৷ ঘূৰি আহোঁতে প্ৰণৱে আগৰ পথেৰে নগৈ অলপ দূৰ অহাৰ পাছতে সোঁফালে থকা কাৰবি গাঁৱৰ মাজে মাজে ওখোৰা-মোখোৰা মাটিৰ ৰাস্তাৰে শ্বৰ্টকাট মাৰি মূলপথ উলিয়াই দিলে৷ ডিলাই পাওঁতে ২০ মিনিটো নালাগিল৷ ভোকটোৱে বৰকৈ আমনি কৰি আছিল৷ ডিলাই তিনিআলিৰ হোটেল এখনত দুয়ো বহিলোঁ৷ পৰঠা, চাহ খাই শক্তি সঞ্চয় কৰি লোৱা হ'ল৷

'আপুনি চলাওক৷' প্ৰণৱে মোক চলাবলৈ ক'লে যদিও মই মানি নল'লোঁ৷ যুক্তি দিলোঁ, 'যাৰ স্কুটী তেৱেঁই চলোৱা উচিত৷' মই আৰামছে পাছফালে বহি ল'লোঁ৷ গীত এটা গুণগুণাই মুকলিমুৰীয়াকৈ ইফালে-সিফালে চাই বতাহ খাই গৈ থকাতহে বেছি মজা৷ এই উপভোগকণ হেৰুৱাব নোৱাৰি৷

২ বজাত ডিলাই এৰি মাঞ্জা পালোঁ ২.৪০ত৷ দীপাৱলীৰ বাবে ল'ৰা-ছোৱালীহাললৈ ৰাস্তাৰ দাঁতিতে ফটকা-ফুলজাৰি গাইপতি এপেকেটকৈ আৰু কুকুৰাৰ মাংস অলপমান কিনি লৈ প্ৰণৱে পুনৰবাৰ এক্সেলাৰেটৰত হাত দিলে৷ ৩.২৫ত মোক ঘৰৰ আগত নমাই তেওঁ নিজগৃহ অভিমুখে গুচি গ'ল৷

উপসংহাৰ...
অনুজপ্ৰতিম সংগী শ্ৰী প্ৰণৱজ্যোতি বৰাৰ সাহায্যতে ইমানদিনে নোযোৱা ডিলাই পৰ্বতলৈ যোৱাটো এইবাৰ সম্ভৱ হ'ল৷ শ্ৰী ধ্ৰুৱ শৰ্মাৰ কৃপাত চূণশিলৰ ভাণ্ডাৰ দৰ্শন হ'ল৷ এনেকৈয়ে মোৰ বাবে স্মৰণীয় হৈ ৰ'ল ২০১৬ৰ দীপাৱলীৰ দিনটো৷ দেৱালী আহিলেই যাত্ৰাটোলৈ বৰকৈ মনত পৰে৷

(সমাপ্ত)

No comments:

Post a Comment